Tuesday 2 February 2021

নাম যাৰ জীৱন (৩): নামৰ ঠিকনা বিচাৰি

শুনিছোঁ, যি নামেই নহওক প্ৰায়ভাগ মানুহৰে নিজৰ নামটো লৈ কিবা নহয় কিবা এটা অসন্তুষ্টি থাকে৷ মই পিছে শৈশৱতে নিজৰ নামটোক লৈ বিশেষ একো ভৱা-চিন্তা কৰা নাছিলো৷ নিজে নামৰ ভাল-বেয়া সম্পৰ্কে সচেতন হোৱাৰ আগতেই মানুহৰ মন্তব্যইহে হয়তো ভাবিবলৈ বাধ্য কৰি দিছিল৷ প্ৰাথমিক শ্ৰেণীতে কোনোবা এদিন সহপাঠীৰ মন্তব্যই মগজুত পাকঘুৰণি খাই আহিছিল, 
’এইটো আকৌ কেনেকুৱা নাম! নামৰ অৰ্থ কি?’

সেইদিনা ভাৱ হৈছিল, মোৰ নাম দিয়াৰ ক্ষেত্ৰত যেন মা-দেউতাই কৃপণালি কৰিলে! অন্যৰ দৰে, সদ্যোজাতৰ ভাল নাম এটা বিচাৰি ’এশ এটা অসমীয়া নাম’ বুলি কিতাপ এখনৰ বা চুৰ্চুৰীয়াকৈ হ’লেও সাহিত্য চৰ্চা কৰা কোনোবা এগৰাকীৰ ওচৰ নাচাপিলে৷ ঘৰলৈ উভতি আহি তাকে লৈ আপত্তি কৰোঁতে মাই পাতল সুৰত ক’লে,

’চাচোন, সৌ লগৰে মাজনীলৈ৷ মাক-দেউতাকে নাম থ’লে ময়ুৰাক্ষী৷ অসমীয়াতে হওক-ইংৰাজীতে হওক নামটো লিখোঁতেই তাইৰ হাঁহাকাৰ লাগি যায়৷ তই ভালহে পাব লাগে-ক’বলৈ লিখিবলৈ ইমান সহজ নাম!’

শৈশৱৰ সৰল পৃথিৱী, সৰল মনাকাশ! মাৰ সেইষাৰ কথাতে বিৰাট সকাহ পালো! 

পিছে ডাঙৰ হৈ অহাৰ লগে লগে মোৰ নামটোক লৈ নানাজনৰ নানা মন্তব্য শুনিবলৈ পালোঁ৷ ’জলি নে জুলী’ ৰ পৰা ’তোমাৰ নামটো সলাই ভাল কিবা এটা লৈ ল’বা বুজিছা’ লৈকে অলেখ অজস্ৰ মন্তব্য আৰু পৰামৰ্শ৷ এবাৰ কোনোবা এজনেতো বিৰাট চিন্তিত সুৰত কৈ পেলাইছিল,

’জলি নামটোৱে পোনতেই জ্বলি-পকি থকাটোৱেই মনলৈ আনে৷ মা-দেউতাক ক’বা ভাল চাই অন্য কিবা এটালৈ সলাই দিবলৈ৷’

মোৰ নামৰ ক্ষেত্ৰত হোৱা অবিচাৰৰ কিবা এটা সুব্যৱস্থা কৰাৰ দায়িত্বই লৈ পেলাইছিল যেন চিনাকি-অচিনাকি বহুতেই!

তাৰ পিছত আৰম্ভ হ’ল এটা অন্তহীন প্ৰক্ৰিয়া৷ মোৰ নামৰ বানানটো লৈ! এবাৰো সুধি নোচোৱাকৈয়ে বহুতে পোনেই জলিৰ সলনি ’জুলী’ বা ’জ্বলী’ কৰি পেলায়৷ সাধাৰণ আবেদন পত্ৰৰ পৰা চাৰ্টিফিকেট, আইকাৰ্ডলৈকে বানান শুধৰণিৰ আবেদন কৰাটো মোৰ বাবে নিয়মমাফিক হৈ পৰিল৷ এবাৰ আনকি কিবা এটা বঁটা ল’বলৈ মঞ্চলৈ উঠি গৈয়ো ঘোষকক মই কৈছিলোগৈ,

’মোৰ নামটো জুলী নহয়, জলিহে৷’

সেই ছটফটীয়া ঘোষকগৰাকীয়ে শুনি লৈ 
সহানুভূতিৰে মুৰ দুপিয়ালে আৰু ডালিমগুটীয়া হাঁহি এটাৰে ৰাইজক উদেশ্যি পুনৰ কৈ উঠিল,

’এয়া বঁটা গ্ৰহণ কৰিছে জুলী বৰাই!’

অসম এৰি বিভিন্ন সময়ত ভাৰতৰ কেইবাখনো ৰাজ্যত থিতাপি লোৱাৰ সময়ছোৱাত অসমীয়া ’জ্বলি-পকি থকা’ৰ পৰা ইংৰাজী ’ৰাংঢালী’ হৈ পৰিলো ৷ বানানৰ সমস্যাই পিছে মোৰ লগ এৰা নিদিলে- সকলোৱে লিখিবলৈ ল’লে ’Joli’ ৰ ঠাইত ’Jolly’৷ বন্ধু-বান্ধৱে কেতিয়াবা ধেমালিতে ক’বলৈ ল’লে,

’তুমি সঁচাকৈয়ে জল্লী জল্লী গাৰ্ল!’

এইবাৰ মোৰ কৌশলো সলনি হ’ল৷ নামটো কৈয়ে অন্যই কিবা প্ৰশ্ন কৰাৰ আগতেই কৈ উঠো,
’এঞ্জেলিনা জলিৰ দৰে জলি! কিন্তু শেষৰ ’ই’ টো হে নাই৷’

সেই কৌশলেৰেই প্ৰশ্নৰ সলনি হাঁহিৰ বাট মুকলি কৰিলোঁ৷ পিছে সেই স্বস্তিও এটা সময়ত অদৃশ্য হোৱাৰ উপক্ৰম হ’ল৷ বাংগালোৰত থাকোঁতে এটা নতুন প্ৰশ্ন আৰম্ভ হ’ল৷ এইবাৰ সমস্যাটো উচ্চাৰণক লৈ! প্ৰথম প্ৰশ্নবাণ আহিল বন্ধু এজনৰ পৰা৷

’তোমাৰ নামৰ উচ্চাৰণটো আচলতে কি? জলি নে জ'লি?’

মই সততাৰেই ক’লো,
’ক’তা? দুয়োটা উচ্চাৰণেইটো মোৰ শুনাত একে যেন লাগিছে!’

তাৰপিছৰ আধাঘন্টা আমি দুয়ো যুঁজিলো মোৰ নিজেৰেই নামৰ সঠিক উচ্চাৰণটো উলিয়াবলৈ৷ অৱশেষত কামৰ অজুহাত দেখুৱাই মই আঁতৰ হ’লো৷ তাৰপিছৰ পৰা বন্ধুক দূৰৈৰ পৰা দেখিলেই মই তাৰ চকুৰ আঁৰ হওঁ৷ আশংকা এই যেন সকলোৰে সন্মুখত সি চিঞৰি মাত দিব,

’তুমি জলি নে জ’লি?’

আৰু মোৰ চাৰিওকাষে সকলোৱে একেদৰে সুধিবলৈ আৰম্ভ কৰিব,
’তুমি জলি নে জ’লি? জুলী নে জ্বলী? জলি নে জ’লি নে জুলী নে জ্বলী?’

কৰ্মসূত্ৰে আয়াৰলেণ্ডত থকাৰ সময়ত সহকৰ্মী কেনে এদিন সন্ধিয়া ফটো পঠালে- সেই অজান্তি মুলুকত ’জলি হেয়াৰ!’ ইতিমধ্যে সেই অফিচত যোগ দিয়াৰ প্ৰথম সপ্তাহতে মোৰ নামক লৈ সহকৰ্মী কেইগৰাকীমানৰ সৈতে বিশদ আলোচনা হৈ গৈছে৷


আয়াৰলেণ্ডৰ অজান্তি মুলুকত ’জলি হেয়াৰ’

পিছদিনা অফিচত লগ পাই কেনে আহল-বহল হাঁহি এটাৰে ক’লে,

’তোমাৰ নামটো তেনেকৈ আগতে কেতিয়াও শুনা নাই৷ মানে ধৰা, নামটো শুনিলে ক’ৰ, কি কথা, কি অৰ্থ একো ধৰিব নোৱাৰি৷ সেয়ে কৌতুহল হোৱাত মই আনকি ’জলি হেয়াৰ’ত সোমাই খৱৰেই কৰিলোগৈ!’

মই নাহাঁহি নোৱাৰিলো! কেৱল নামটোৰ ঠিকনা বিচাৰিয়ে কেনে তাত গৈ খৱৰ কৰিছেগৈ!!

’পিছে পালানে নাই ’জলি’ৰ ঠিকনা?’

’এহ, ৰিচেপশ্যনিষ্ট গৰাকীয়ে মাথোঁ ক’লে, সেই হেয়াৰ ড্ৰেছাৰখনৰ মালিকজনৰ ছোৱালীৰ নাম জলি৷ তাৰ বাহিৰে একো উলিয়াব নোৱাৰিলো৷’

কেনক ওলোটাই মইহে সান্তনা দিলো, ’একো নাই৷ কিছুমান নাম এনেকুৱাই- ঠিকনাবিহীন’! এইটোকে এটা চিৰন্তন সত্য বুলি প্ৰায় গ্ৰহণ কৰি লৈছিলো৷ কিন্তু এদিন ফৰাচী বন্ধু ৰোমেইনে হঠাতে কোনো প্ৰসংগ নোহোৱাকৈয়ে ক’লে,

’তোমাৰ নামটোৰ ফৰাচী ভাষাত অৰ্থ কি জানানে?’
মোৰ আচৰিত হোৱাৰ পাল৷ মোৰ নামৰ অৰ্থ! তাকো ফৰাচীত!! অতদিনেতো অৰ্থহীন নামটোকে আপোন কৰি লৈছোঁ!

সি ক’লে, ’
ফৰাচী ভাষাত জলিৰ অৰ্থ সুন্দৰ-pretty!'

পৰম কৌতুহলেৰে অভিধান চাই দেখোঁ হয়, এয়াটো মোৰেই নাম-অবিকল বানান৷ সেইমুহুৰ্ত্তত মনত যেন বাজি উঠিল ’ইউৰেকা ইউৰেকা’ৰ ছন্দ ৷ ৰোমেইনক সেই আৱিষ্কাৰটোৰ বাবে ভুৰি ভুৰি কৃতজ্ঞতা যাচিলোঁ৷

বহুবছৰৰ মূৰত যেন মই এটা উত্তৰ পালো৷ মোৰ 
নামক লৈ চিনাকি অচিনাকিৰ প্ৰশ্ন-দোমোজা-বিভ্ৰান্তি সকলোবোৰ ভেঁটা দিব পৰাকৈ এটা সহজ-সৰল উত্তৰ৷ ভাৱ হ’ল, হয়তো সেই উত্তৰ নিজৰ মাজতে আছিল- মাথোঁ গ্ৰহণ কৰিব পৰা নাছিলো অতদিনে৷ সেয়ে বাহিৰৰ পৃথিৱীৰ একোটা সাধাৰণ প্ৰশ্নই, সাধাৰণ  বিভ্ৰান্তিয়ে মোৰ অনুভৱৰ আকাশত আউল লগাই দিছিল৷ বিদেশৰ সেই নতুন অৰ্থই যেন এটা বাট মুকলি কৰি দিলে, নামৰ আঁৰত লুকাই থকা নিজৰেই প্ৰকৃত সত্ত্বাক চিনাৰ! নামৰ বিভ্ৰান্তিবোৰত খলকনি লগোৱা ঢৌবোৰৰ আঁৰৰ প্ৰশান্তিময় নৈখনৰ গতি-প্ৰকৃতি বুজাৰ৷ 

তাৰপিছৰ পৰা মোৰ নামক লৈ হোৱা কোনো বিভ্ৰাটেই আগৰ দৰে বিৰক্ত কৰিব নোৱাৰা হ’ল৷ আগৰ দৰে ৰণকৌশল ঠিক কৰাৰো প্ৰয়োজনবোধ নকৰা হৈ আহিলো৷ কোনোবাই সুধিলে বিশেষ নভৱাকৈ কওঁ, ’মই এঞ্জেলিনা জলিৰ জলি’, কেতিয়াবা ’জে ফৰ জেছমিন’, নাইবা মাথোঁ কওঁ ’যেনেকৈ সহজ হয়, তেনেকৈয়ে মাতিব পাৰা!মই অকণো বেয়া নাপাওঁ!’ আনকি বন্ধুবৰ্গৰ ধেমালিত কোনোবা পাবত হঠাত বাজি উঠা ডলী পাৰ্টনৰ গানৰ সৈতে হাঁহি হাঁহি সুৰ মিলাবও পৰা হ’লো৷

Jolene, Jolene, Jolene, Jolene
I'm begging of you please don't take my man
Jolene, Jolene, Jolene, Jolene
Please don't take him just because you can



কানাডাত থাকিবলৈ লোৱাৰ পৰা নামক লৈ বিভ্ৰান্তিবোৰো কমি আহিল৷ ইয়াত ইংৰাজীৰ লগতে ফৰাচীও চৰকাৰী ভাষা৷ গতিকে প্ৰায়বোৰ মানুহেই ফৰাচীৰ সৈতে কম-বেছি পৰিমাণে পৰিচিত- সেয়ে নোকোৱাকৈয়ে প্ৰায়ে কিজানি বুজি লয় জলিৰ ফৰাচী অৰ্থ৷ অসমৰ পৰা অৰঙে দৰঙে ঘুৰি পকি আহি অৱশেষত মোৰ নামটোৱে বিশ্বৰ আনটো প্ৰান্তত নিজৰ ঠিকনা বিচাৰি পালে৷ লগতে হয়তো মোৰ এটা অংশইয়ো!