Friday 30 June 2023

এলবাৰ্টা ১০৮:তৈলনগৰী ফৰ্ট মেকমাৰিত

পায়ো হেৰুওৱা জীৱন

কানাডাৰ তৈল নগৰী ফৰ্ট মেকমাৰি। এয়াৰপৰ্টৰ পৰা পোনে পোনে মোৰ অফিচলৈকে ৰাওনা হ'লোঁ। টেক্সি চলিবলৈ লওঁতেই ড্ৰাইভাৰজনে স্বগতোক্তি কৰাৰ দৰে ক'লে,

'ইমান নেৰানেপেৰা বৰষুণ!'

গাড়ীৰ খিৰিকীৰে চাই পঠিয়ালোঁ ৰিমঝিম বৰষুণে ধোৱাই নিয়া চহৰখন। সঁচাই, যোৱা সপ্তাহৰ তীব্ৰ ৰ'দ, গ্ৰীষ্মৰ বাঢ়ি অহা উষ্ণতা, বনজুইৰ তাণ্ডৱ সকলো হঠাতে থমকি ৰৈছে। পুনৰ ঠাণ্ডা ঠাণ্ডা ভাৱ এটাই আমনি কৰিছে। এই এলবাৰ্টা প্ৰদেশৰ ৰাতিটোৰ ভিতৰতে ৰূপ সলোৱা বতৰে আকৌ এবাৰ মোক বিভ্ৰান্তিত পেলাই দিছে। 

প্ৰায় দুমাহমানৰ মূৰত পুনৰ ইয়ালৈ আহিছোঁ। একেবাৰে ভিন্ন পৰিস্থিতিত, ভিন্ন কামত। যোৱাবাৰৰ দৰে মোক আগবঢ়াই নিবলৈ মোৰ সহকৰ্মী এৰিন ৰৈ থকাহি নাই। ইতিমধ্যে তেওঁ ইয়াৰ বিষয়বাব এৰি অন্য এক অঞ্চললৈ ট্ৰেন্সফাৰ লৈ গৈছে। গতিকে প্ৰদেশখনৰ প্ৰায় এক পঞ্চমাংশ এলেকা জুৰি থকা এই অঞ্চলটোৰ বন্যজীৱ পৰিচালনাৰ সকলো কাম মই অকলেই গাত পাতি লৈছোঁ।

ফৰ্ট মেকমাৰিৰ প্ৰভিঞ্চিয়েল বিল্ডিং

চহৰখনৰ ডাউনটাউনত জিলিকি আছে প্ৰকাণ্ড 'প্ৰভিঞ্চিয়েল বিল্ডিং'টো। এই বিল্ডিঙতে প্ৰাদেশিক চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়। 'পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল' মন্ত্ৰালয় তৃতীয় ফ্ল'ৰত। তালৈ উঠি গৈয়ে লগ পালোঁ প্ৰশাসনিক বিভাগৰ মুৰব্বী টেমীক। টেমীৰ সৈতে অন্য এগৰাকী মহিলা। মোক সম্ভাষণ জনাই টেমীয়ে চিনাকি কৰি দিলে,

'শ্যেলী, এয়া জলি। আমাৰ অফিচৰ জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। শ্যেলী আমাৰ বিভাগৰে বিত্তীয় মুৰব্বী।জলিয়ে এতিয়া এডমণ্টনৰ পৰা কাম চম্ভালি আছে। কিন্তু এৰিন গ'লগৈ যে- সেয়ে তেওঁ এতিয়াৰ পৰা ঘনাই এই অফিচলৈ আহি থাকিব। প্ৰতিমাহে এটা সপ্তাহ ইয়াৰ পৰা কাম কৰিব।'  

মই থতমত খালোঁ অলপ! বুজিলোঁ যোৱাৰ আগতে এৰিনে তাকে কৈ গৈছে। মই ইয়ালৈ আহি কাম কৰাত যাতে একো অসুবিধা নহয় তাৰো সকলো বন্দবস্ত কৰি গৈছে। তাইৰ প্ৰতি কৃতজ্ঞ হ'লোঁ। কিন্তু চেষ্টা কৰিলোঁ ইয়াৰ কৰ্মচাৰীসকলক যাতে মিছা সপোন দেখুৱাই পিছত হতাশ কৰিব লগা নহয়। পাৰিমনে এই দূৰণিবটীয়া ঠাইখনলৈ আহোঁ বুলিলেই ইমান ঘনাই আহি থাকিবলৈ?

'তেনেকৈয়ে ভাৱি আছোঁ। যিমান দূৰ সম্ভৱ মিলাবলৈ চেষ্টা কৰিম। এইবাৰ আমাৰ প্ৰাদেশিক আৰু কেন্দ্ৰীয় চৰকাৰ আৰু তেল উদ্যোগৰ মাজৰ এখন সভা আছে। সেয়ে মিলাবলৈ সুবিধা হ'ল আৰু।' মই ক'লোঁ।

কথা সামৰি মোৰ অফিচ কোঠা পালোঁহি। আজি মোৰ প্ৰথম দিন ইয়াত! মজলীয়া জোখৰ কোঠাটোৰ একাষে চ্যুটকেছটো থ'লোঁ।  আহল-বহল ডেস্কখনেই বহুখিনি ঠাই লৈছে। দুটাকৈ চেল্ফ। চাৰিওখন দেৱালতে বন্যপ্ৰাণী সম্পৰ্কীয় কেইবাখনো প'ষ্টাৰ। বুজিলোঁ সেয়া এৰিনেই লগোৱা। এটা টাবত যথেষ্ট ডাঙৰ এজোপা জোপোহা। কি চিনিব নোৱাৰাকৈ পাতবোৰ শুকাই গৈছে। আস্‌ এৰিন যোৱাৰ পিছত অযত্নতে মৰিল কিজানি!

কম্পিউটাৰ খুলি লৈয়ো ৰৈ গ'লোঁ। এতিয়াও লান্সৰ বিৰতি চলি আছে। চকীখন ঘুৰাই লৈ কোঠাটোৰ ডাঙৰ খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালোঁ। 

অফিচৰ খিৰিকীৰে ফৰ্ট মেকমাৰিৰ একাংশ

ইতিমধ্যে বৰষুণ ক্ষন্তেক থমকি ৰৈছে। নিকা হৈ পৰা ৰঙীন পাৰ্কখন জিলিকি উঠিছে। তাৰ কাষেদিয়ে বহল ঘাইপথটো। অফিচৰ সন্মুখত বগা-নীলা বাছৰ লানি।

ইমান ভিন্ন এই ঠাই!

ইমান নতুন!

এই পদবীত যোগ দিয়াৰ আজি প্ৰায় আঠমাহ হৈ গ'ল। তথাপি আজিহে প্ৰথম নিজৰ ঠাইৰ নিজৰ অফিচত বহিলোঁ!

জানিছিলোঁ, মোৰ কাম এই ফৰ্ট মেকমাৰিত। গতিকে অফিচৰ প্ৰথম পছন্দো ইয়াতে। ইয়াত নোৱাৰিলেহে এডমণ্টন। মই দ্বিতীয় ঠাইখন বাচি ল'লোঁ। কেৱল তেল উদ্যোগৰ ভিত্তিত গঢ়ি উঠা এই দুৰ্গম ঠাইত জীৱন এটাৰ কথা ভাৱিবলৈ মোৰ অসুবিধা হ'ল। বিশেষকৈ উত্তৰৰ অতিপাত শীতৰ প্ৰকোপত এনে এখন ঠাইত ছমাহ ধৰি আৱদ্ধ হৈ থাকি স্বাভাৱিক জীৱন এটা কটাব পাৰিম বুলি মনে নামানিলে।

গতিকে এই দুৰ্গম প'ষ্টিঙৰ বাবে আগবঢ়োৱা বহু লোভনীয় ব'নাচ নাকচ কৰি মই থিতাপি ল'লোঁ ৰাজধানী এডমণ্টনত।

আঠমাহৰ পিছত আজি  ইয়াত এনেকৈ ভৰি থৈ মই যেন কিছু বিভোৰ হৈ পৰিলোঁ। 

সেই সিদ্ধান্ত নকৰা হ'লে এয়া মোৰ নিজা অফিচ হ'লহেঁতেন। মোৰ ষ্টাফ সকলো অনলাইন নহৈ একেটা অফিচতে বহিলহেঁতেন। হয়তো বহু লোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তুলিবলৈকো কিছু সহজ হ'লহেঁতেন। এনে দুৰ্গম অঞ্চলত থকাৰ বাবে চৰকাৰে দিয়া লোভনীয় ব'নাচ আদি মিলাই এটা বিলাসী জীৱন হ'লহেঁতেন।

কিন্তু সেয়া জানো এতিয়াৰ এডমণ্টনৰ জীৱনৰ দৰে হ'লহেঁতেন? জীৱনৰ প্ৰতিটো মোৰেই আমাৰ একো একোটা সিদ্ধান্তৰে ফল নহয় জানো! সমগ্ৰ জীৱন কেৱল কামৰ দায়তে বহু ঠাইৰ বহু জীৱন আকোঁৱালি লোৱাৰ পিছত এতিয়া যে মই নিজকে প্ৰথমে ৰাখিবলৈ শিকিছোঁ! মোৰ এই সিদ্ধান্তই কামত কিছু প্ৰত্যাহ্বান আনি দিছে সঁচা, কিন্তু এটা সুখী আৰু পৰিপূৰ্ণ ব্যক্তিগত জীৱনৰো বাট মুকলি কৰিছে। অন্তত: এই মুহূৰ্তত নিজকে মই তেনেদৰেই বুজনি দিলোঁ।

চিকাৰ আৰু চিকাৰী

অফিচৰ সময়খিনিত প্ৰায়ে বহু ফোন আহি থাকে। কামৰ পৰা মূৰ তুলি প্ৰতিটো ফোন তোলা মোৰ কাৰণে অসম্ভৱ। গতিকে যেতিয়া সময় পাওঁ ভইচমেইলবোৰহে শুনোঁ।

আজিও এফালৰ পৰা ভইচমেইলবোৰ শুনি যাওঁতে এঠাইত ৰৈ গ'লোঁ,

'জলি ব....বহ.বহৰা, মই বহুত দূৰৰ পৰা ফোন কৰিছোঁ। আপোনাৰ চিঠিখন পালোঁ। আপোনাৰ লগত চিকাৰৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ।'

মোৰ উপাধিটো ইমান যত্নেৰেও তেওঁ ক'ব নোৱাৰা দেখি মোৰ হাঁহি উঠি গ'ল।কিন্তু বুজিলোঁ চিকাৰ সম্পৰ্কীয় নীতি-নিয়ম সলনি হোৱাক লৈ দিয়া মোৰ চিঠিখন তেওঁ পাইছে।

এলবাৰ্টাকে ধৰি সমগ্ৰ কানাডাতে চৰকাৰীভাৱে বহনক্ষম চিকাৰ কৰাৰ অনুমতি আছে। ক'ত কি কেতিয়া চিকাৰ কৰিব পাৰি তাৰ নীতি-নিয়ম সকলো চৰকাৰেই বান্ধি দিয়ে। বছৰৰ শেষত চিকাৰীসকলে কি কি চিকাৰ কৰিলে তাৰো হিচাপ চৰকাৰৰ ওচৰত দিব লাগে। গতিকে চিকাৰ আৰু চিকাৰীৰ পৰিচালনা ইয়াৰ বন্যজীৱ পৰিচালনাৰ এটা অন্যতম অংগ।

ফোন ৰিং হওঁতেই চিকাৰীগৰাকীয়ে তুলিলে। নিজৰ চিনাকি দি লৈ ক'লোঁ,

'মেৰী, আপোনাৰ ফোন তুলিবলৈ নহ'ল, বেয়া নাপাব। কওকচোন কি কথা পাতিব খুজিছে।'

গম পালোঁ মেৰী থাকে এলবাৰ্টাৰ একেবাৰে উত্তৰৰ সীমান্তৱৰ্ত্তী অঞ্চলত। ফৰ্ট মেকমাৰিতকৈও বহু দুৰ্গম সেইবোৰ ঠাই। তাত তেওঁৰ আৰু কাষৰীয়া চিকাৰীসকলৰ চিকাৰ সম্পৰ্কীয় বিভিন্ন সমস্যাবোৰ আলোচনা কৰিব বিচাৰিছে।

ইয়াৰ খিলঞ্জীয়া লোকসকলে হাজাৰ হাজাৰ বছৰ ধৰি বহনক্ষম চিকাৰ কৰি আহিছে। আমাৰ উত্তৰ-পূবৰ জাতি-জনজাতিৰ দৰে এই লোকসকলৰ বাবেও চিকাৰ কৰাটো পৰম্পৰাগত জীৱনৰ এটা অংশ। মেৰীয়ে তেওঁৰ চিকাৰ কৰা ঠাই আৰু জ্ঞান দেউতাকৰ পৰা পাইছে। এতিয়া নিজৰ নাতিটোকো তাতে পঞ্জীভুক্ত কৰাব খুজিছে।

মেৰীৰ কথা শুনি শুনি ভাৱিলোঁ, এই বংশানুক্ৰমিক চিকাৰ আৰু চিকাৰীৰ জীৱন সম্পৰ্কে মোৰ যে এতিয়াও বহুত জানিবলৈ বাকী! 

শেষত মেৰীয়ে মোক ক'লে,

'মোৰ এটা অনুৰোধ আছে আপোনালৈ।'

'কওকচোন।'

'আপোনাক ক'লোঁৱে, মোৰ আগতে এই ঠাইতে মোৰ দেউতাই চিকাৰ কৰিছিল। বছৰে বছৰে চিকাৰৰ সকলো হিচাপ চৰকাৰৰ ওচৰত জমা কৰিছিল। কিন্তু নিজৰ জীৱনকালত দেউতাই কেতিয়াও চৰকাৰী বিষয়াগৰাকীৰ মুখেই দেখা নাপাল। আজিলৈকে ময়ো পোৱা নাই। আমাৰ এই চিকাৰ কোনেনো পৰিচালনা কৰি আছে তেওঁক মই আৰু মোৰ চুবুৰীয়া সকলোৱে লগ পাব খোজোঁ। চিকাৰৰ ইটো সিটো সমস্যাবোৰ আলোচনা কৰিব বিচাৰোঁ। আপুনি আমাক লগ কৰিব পাৰিবনে?'

মই যেন কিছু হতভম্ব হৈ পৰিলোঁ। এই চিকাৰীসকল বন্যজীৱ পৰিচালনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তোলা দূৰৈৰ কথা, জীৱনকালত যদি এবাৰ লগেই পাব নোৱাৰোঁ তেনে কেনেকৈ কিবা ভাল কাম হ'ব বুলি আশা কৰিব পাৰোঁ?

কিন্তু একেসময়তে জানোঁ, মোৰ বাবে মূৰৰ চুলিৰ সমান কাম ৰৈ আছে। কোনোপধ্যেই বহু কামত মন দিবলৈ সময় বা আহৰি নাই! 

'আপুনি কোৱা কথাটো বৰ গুৰুত্বপূৰ্ণ। মই সকলোখিনি টোকা কৰি লৈছোঁ। পিছে আমাৰ বৰ্তমান কামৰ হেঁচা বৰ বেছি। তাৰপৰা আহৰি ওলালেই লগ কৰাৰ চেষ্টা কৰিম। আপুনি কথাটো বুজিব বুলি আশা কৰিছোঁ।'

মেৰীয়ে বুজিলে। অন্তত: বুজিছে বুলি ক'লে। তেওঁৰ সৈতে কথাখিনি আলোচনা কৰাৰ কাৰণে ধন্যবাদ জনাই  তেওঁ ফোন থ'লে।

মেৰীৰ কথাখিনিয়ে, চিকাৰ আৰু চিকাৰীৰ এই পৃথিৱীখনে সিদিনা মোক বহুপৰলৈ ভাবুক কৰি ৰাখিলে।

ৱান ৱ'মেন আৰ্মি

ৱেষ্টাৰ্ন ছুইটছৰ কনফাৰেঞ্চ হ'ল। ঘুৰণীয়া মেজৰ চাৰিওফালে এগৰাকী এগৰাকীকৈ বিষয়-ববীয়া সকল গোট খাইছেহি। ময়ো সকলোকে সম্ভাষণ জনাই মেজৰ এফালে বহিলোঁগৈ।

প্ৰাদেশিক, কেন্দ্ৰীয় চৰকাৰ আৰু তেল কোম্পানীৰ মাজৰ আলোচনাচক্ৰ এয়া। মূল বিষয় তেল উদ্যোগৰ পৰা চৰাইৰ ওপৰত পৰা প্ৰভাৱ কেনেকৈ নিৰাময় কৰিব পাৰি। এৰিন যোৱাৰ পিছত এই সম্পৰ্কীয় সহযোগিতামূলক প্ৰকল্পটোত এতিয়া কেৱল ময়ে প্ৰাদেশিক চৰকাৰৰ প্ৰতিনিধি।

মনত পৰিল, এই চাকৰিত যোগ দিয়ে পিছৰ মাহত এই আলোচনাচক্ৰলৈ অহাৰ কথা। কোঠাটোত সোমায়ে সিদিনা বাঘৰ চোঙত সোমাই পৰা যেন ভাৱ হৈছিল। ইমানবোৰ বিয়াগোম তেল কোম্পানীৰ বিষয়া! সকলোৱে কৌতুহলেৰে বাট চাই আছিল প্ৰাদেশিক চৰকাৰৰ নতুন বন্যজীৱ বিজ্ঞানীগৰাকীয়েনো কি কয় চাবলৈ।

আজি তেনে ভাৱ নাহিল। সকলোকে প্ৰায় চিনি পোৱা হৈছোঁ। কামবোৰৰ সৈতেও পৰিচিত হৈছোঁ। এইবাৰ মোৰ মূল উদেশ্য প্ৰাদেশিক চৰকাৰৰ মূল বক্তব্য উপস্থাপন কৰা। অতবছৰে ৰৈ যোৱা কামবোৰ আগবঢ়োৱা। উদ্যোগ আৰু প্ৰকৃতিৰ এই যুঁজখনত প্ৰকৃতিৰ হৈ মাত মতা, দুয়োটাৰ মাজত এটা বহনক্ষম সমতা বিচৰা।

লেপটপ খোলোঁতেই দেখোঁ, জেছিকা আহি মোৰ কাষত থিয় দিছেহি।

'হাই জেছিকা, কি খৱৰ?' হাঁহি মাৰি সুধিলোঁ। জেছিকা এই মুলুকৰ আটাইতকৈ প্ৰভাৱশালী তেল কোম্পানীটোৰ প্ৰকল্প নেতৃ।  জেছিকাৰ কোম্পানীৰ এলেকাত বন্যপ্ৰাণীৰ অলেখ-অসংখ্য সমস্যা। গতিকে সেই লৈ আমাৰ মাজতো অলেখ আলোচনা চলি থাকে।

'ভাল, ভাল। তোমাৰ কেনে? তুমি এতিয়া অকলেই গোটেইবোৰ কৰি আছা নেকি?'

মই হোহোৱাই হাঁহি পেলালোঁ। কথাষাৰৰ সুৰটো শুনি ভাৱ হ'ল যেন এই যুঁজৰ দুটা ভিন্ন পক্ষৰ সেনাপতি আমি। জেছিকাই যেন জুখিহে চাব খুজিছে আমাৰ পক্ষৰ ভিতৰুৱা ৰূপটো। ময়ো হয়তো সেই ভাৱেৰেই উত্তৰ দিলোঁ,

'নাই নাই, মোৰ টিমৰ সকলোৱে সহায় কৰে। এৰিনৰ ঠাইত নতুন এগৰাকী বন্যজীৱ বিজ্ঞানীও নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।' 

ক'লোঁ যদিও মোৰ নিজকে ভিতৰি ভিতৰি ৱান ৱ'মেন আৰ্মি যেন লাগিল। কিন্তু বহু হেঁচাত দোঁ খাই হাওলি পৰিলেও যেন সেই সাহসী মুখাখন পিন্ধি থাকিবই লাগিব, যুঁজি থাকিবই লাগিব। সেয়া যেন এই যুঁজৰ প্ৰথম চৰ্ত!

পিছৰ সকলো আলোচনাতে মই নিজৰ অজানিতেই যেন 'মই'ৰ সলনি 'আমি' ক'বলৈ ধৰিলোঁ। 

ভালুকৰ দেশত দৌৰ

অৱশেষত বৰষুণজাক এৰিল। উজ্বল ৰ'দজাকে পলকতে আকৌ গৰমৰ দিনবোৰ আনি দিলে। এতিয়া দিনবোৰ বৰ দীঘল। নিশা দহমান বজাতহে চিকিমিকি আন্ধাৰ নামে।

আলোচনাচক্ৰৰ শেষত সিদিনা ভাগৰুৱা দেহ-মন লৈও দৌৰিবলৈ ওলাই আহিলোঁ। মোৰ এসপ্তাহৰ এপাৰ্টমেণ্টৰ কাষতে বাৰ্চ উড নামৰ এখন অৰণ্য। ফৰ্ট মেকমাৰিত চহৰৰ ইমান কাষতে এইখনেই একমাত্ৰ অৰণ্য।

ঘৰৰ পৰা ওলোৱাৰ আগতে কঁকালৰ বেল্টত ওলোমাই ল'লোঁ বিয়েৰ স্প্ৰেটো। ইয়ালৈ আহিম বুলি কওঁতেই সহকৰ্মী ব্ৰেটে কৈছিল, 'স্প্ৰে নোলোৱাকৈ হাবিত নোসোমাবা দেই। এতিয়া গৰম দিন- য'তে ত'তে ভালুক ওলাব পাৰে।'

তাকে কৈ ক্ষান্ত নাথাকি ব্ৰেটে স্প্ৰে দুটা কিনি লৈ ফৰ্ট মেকমাৰিৰ অফিচলৈ আগতীয়াকৈ পঠায়ো দিলে।

হাবিতলীয়া বাটেৰে ইয়াৰ আগতেও বহুত দৌৰিছোঁ। কিন্তু বিয়েৰ স্প্ৰে লৈ দৌৰাৰ আজি প্ৰথম অভিজ্ঞতা। বাটৰ দুয়োকাষৰ বাৰ্চ গছবোৰৰ সেউজীয়াই মনটো জুৰ পেলাই দিলে। যোৱা কেইদিনৰ কামৰ ভাগৰো যেন আঁতৰি গ'ল। ইমান অপৰূপ, ইমান নিজান এই ঠাই!

ফৰ্ট মেকমাৰিৰ বাৰ্চ উড ট্ৰেইল

কিন্তু যিমানেই হাবিৰ ভিতৰলৈ সোমালোঁ, সিমানেই মোৰ মনটো অৰণ্যৰ সেউজীয়া বা চৰাইৰ কাকলিৰ সলনি ভালুকৰ সৈতে হ'ব পৰা দেখা-সাক্ষাতৰ সম্ভাৱনাটোৱেহে বন্দী কৰি থ'লে। খোজ কাঢ়িলে অন্তত: লাহে লাহে সাৱধানেৰে চাই যাব পাৰি। দৌৰি যাওঁতে যেন হঠাৎ মুখতেই পৰিমগৈ।

তথাপিও দৌৰি থাকিলোঁ। মাজে মাজে বিয়েৰ স্প্ৰেটোত হাত দি থাকিলোঁ। 

এটা কেঁকুৰিত হাবিৰ মাজত কিবা এটা দেখা পাই ঘপকৈ ৰৈ গ'লোঁ!

আহ, ভালুকেই নেকি সেইটো! জোপোহাৰ মাজত যেন বহি আছে।

ভালকৈ চাই দেখোঁ, নহয়। সেইটো গছৰ মুঢ়াহে!!

এইবাৰ ঠিক কৰিলোঁ, এনেকৈ ইমান ভয়-আশংকাৰে দৌৰিব নোৱাৰি দেই! সেয়ে হাবিৰ মাজৰ পৰা ওলাই সীমাৰ ট্ৰেইলত উঠিলোঁ। সেইখিনি ঠাই যথেষ্ট মুকলি। সোঁকাষে অটব্য অৰণ্য যদিও বাওঁফালে মুকলি ঘাঁহনি। সেইপিনেই চহৰখন আৰম্ভ হৈছে। বুজিলোঁ সেইফালে ভালুকবোৰ গ'লে যাতে সহজে চকুত পৰে তাৰ বাবেই এই ব্যৱস্থা। ঘাঁহনিত সৰু ল'ৰা-ছোৱালীবোৰে খেলিছে। মাক-দেউতাকে মোৰ দৰেই ট্ৰেইলত খোজ কাঢ়িছে, কিছুমানে দৌৰিছে।

বাৰ্চ উডৰ সীমামূৰীয়া ট্ৰেইল

আগতকৈ যথেষ্ট সকাহেৰে এইবাৰ সেই বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

********************

সপ্তাহৰ শেষৰ দিনটোত টেমীয়ে মোক এয়াৰপৰ্টত নমাই গ'লহি। বিদায় দিয়াৰ পৰত ক'লে,

'তেন্তে পিছৰবাৰ অহাৰ আগেয়ে জনাবা, তুমি থাকোঁতেই আমি সমজুৱাকৈ অফিচত এসাঁজ খাম।'

'নিশ্চয়!' এইবাৰ  প্ৰথমদিনাতকৈ যথেষ্ট প্ৰত্যয়েৰে মই ক'লোঁ।

যেন এসপ্তাহৰ ভিতৰতে মোৰ বিশ্বাস এটা আহিছে। এডমণ্টন আৰু ফৰ্ট মেকমাৰি- দুয়ো ঠাইৰ দুয়োটা ভিন্ন জীৱন মই ভিন্ন উপায়েৰে আকোঁৱালি লোৱাৰ যেন এটা বাট মুকলি হৈছে। 

পূৰ্বৰ খণ্ডসমূহ:

Sunday 11 June 2023

এলবাৰ্টা ১০৭: এডমণ্টনত গ্ৰীষ্ম

 (ক) দেশ-বিদেশ

ব'নী ডুন কমিউনিটি চেণ্টাৰ। শনিবাৰৰ ৰাতিপুৱা যদিও ৰ'দজাক চোকাকৈ ওলাইছে। ইয়াত জাৰৰ প্ৰকোপ যেনে গ্ৰীষ্মৰো তেনে। হঠাতে পৰা গৰমৰ প্ৰতাপত মানুহবোৰ খপজপকৈ যেন সাজু হৈছে। পাহৰি পেলাইছে বৰফাবৃত শীতৰ দিনবোৰৰ কথা। বৰফ গলি মুকলি হৈ পৰা চোতালত ফুলনি আৰু শাকনি পাতিছে। পুৱাই বাটে বাটে দৌৰা, চাইকেল চলোৱা মানুহে ভিৰ লগাইছে। এই দিনবোৰে আনি দিয়া সজীৱতাখিনি আকোঁৱালি লৈয়ে ময়ো আজি ছুইমিং পুলত।

এডমণ্টনৰ চুবুৰীয়ে চুবুৰীয়ে থকা কমিউনিটি চেণ্টাৰবোৰৰ দৰেই এই চেণ্টাৰতো পৰিয়াল-বন্ধু বান্ধৱৰ সৈতে খেলা, ব্যায়াম বা সাঁতোৰাৰ অনেক ব্যৱস্থা। যোৱা কেইমাহমানৰ পৰা ইয়াৰ ছুইমিং পুললৈ আহিবলৈ লৈছোঁ। শিকোঁ শিকোঁ বুলিও ৰৈ যোৱা সাঁতোৰ শিকিবলৈ প্ৰতি সপ্তাহে চেষ্টা কৰিছোঁহি। 

আজিও পোনেই গৈ লেন'ত নামিলোঁ। অন্যদিনাৰ দৰে বেছি ভিৰ নাই। মোৰ গগলছ লগাই লৈ লাহে লাহে সাঁতুৰি আগবাঢ়িলোঁ। ওপৰলৈ মুখ কৰি চিত হৈ দিয়া চিলনী সাঁতোৰ ঠিকেই শিকিছোঁ। কিন্তু পুলৰ সিপাৰৰ দ' অংশলৈ যাবলৈ এতিয়াও সাহস হোৱা নাই। সেয়ে সাঁতুৰি গৈ পুলৰ ঠিক মাজ পায়ে ৰৈ গ'লোঁ। লেন ভাগ কৰা চিনটোৰ একাষে থমকি ৰৈ ভাৱিলোঁ, 

'গৈ চাওঁ নেকি আজি? লাইফগাৰ্ডবোৰতো ঘুৰিয়ে ফুৰে। সাঁতুৰিব নোৱাৰিলে ধৰিব নহয়!'

'হাই!' কাষতে মাতটো শুনি চক খাই উঠিলোঁ। 

সিমূৰৰ পৰা সাতুঁৰি আহি আহি ঠিক মোৰ কাষতে ৰৈ গৈছেহি এজন ডেকা ল'ৰা। লনী দেহৰ ল'ৰাজনৰ ৰঙচুৱা কেকুঁৰা চুলি, ৰঙচুৱা দাড়ি- যাক ইয়াত কয় আদাবৰণীয়া (জিঞ্জাৰ) বুলি।

কি ক'লে ধৰিব নোৱাৰি গগলছযোৰ খুলি লৈ মুখৰ পানীখিনি টুকি লৈ ক'লোঁ, 'ছ'ৰি, কিবা কৈছিল?'

'তুমি ফিলিপিন' নেকি?' তেওঁ কৌতুহলেৰে মোলৈ চাই থাকি সুধিলে।

'নহয়, মই ভাৰতীয়।' কৈ ভাৱিলোঁ আৰু কিবা ব্যখ্যা দিমনে! 

এই প্ৰশ্নটোৰ উত্তৰ দি দি কেতিয়াবা আমনি লাগি যায় মোৰ। মোৰ মংগোলীয় ঠাচৰ চেহেৰা বহুতে ভাৰতীয় বুলি অনুমানেই কৰিব নোৱাৰে। আনকি ভাৰতীয় মানুহেও সেই ভুল কৰে। সাধাৰণতে মই নিজে ঠিক কৰি লোৱা নিয়মটো হ'ল, ভাৰতৰ বাহিৰৰ মানুহ হ'লে ক'ম ভাৰতৰ বৈচিত্ৰ্যৰ কথা- উত্তৰ-পূব কোণত থকা মানুহবোৰৰ কথা, তাৰ থলুৱা কলা-সংস্কৃতিৰ কথা। যেন বিদেশী চিনাকি-অচিনাকি মানুহবোৰক অসমৰ বিষয়ে জনোৱাৰ সেয়া এক সোণালী সুযোগ বুলিয়ে গ্ৰহণ কৰিব খোজো।

কিন্তু ভাৰতীয় হ'লে মোৰ অসমীয়া জাতীয়তাবাদে আৰু আত্মসন্মানবোধে বাট ভেঁটা  দি ধৰে। নিজৰ দেশৰ বিষয়ে জনাটো সকলোৰে কৰ্তব্য নহয় জানো? বিচাৰিলে নিজেই ভূগোল-ইতিহাস-গুগুল চাই অসমৰ বিষয়ে শিকি ল'ব। কোনো ভাৰতীয়ক সেইবিষয়ে মই নিজে ক'বলৈ নাযাওঁ। সেইটো যেন মোৰ সন্মানত আঘাত লগা কথা।

কিন্তু এই আদাবৰণীয়াক কি কোৱা যায়? মই ঠিক কৰাৰ আগেয়ে তেওঁ ক'লে,

'তোমাৰ মা-দেউতা কোনোবা ফিলিপিন' নেকি?'

'নহয়।' ইচ্ছাকৃতভাৱেই মই তাতোকৈ বেছি একো নক'লোঁ। চাওঁচোন এওঁ কথা কিমান দূৰলৈ টানে!

'সঁচাই? তুমি ফিলিপিনছ'ত থাকিছা নেকি কেতিয়াবা?'

এইবাৰ মোৰ ধৈৰ্য্য হেৰাল! মুঠতে তেওঁ যে মোক ফিলিপিন' বুলি অনুমান কৰিলে কিবা-প্ৰকাৰে হ'লেও তাৰ প্ৰতিপাদন (ভেলিদেশ্য'ন) লাগে যেন।

'নহয়, মোৰ ফিলিপিনছ'ৰ লগত একো সম্পৰ্ক নাই। মাথোঁ দেখাত মই তেনে। মানুহে মোক প্ৰায়ে ভুল কৰে ফিলিপিন' বুলি!'

এইবাৰহে তেওঁ সন্তুষ্ট হ'ল যেন। কেৱল তেৱেঁ নহয়, বহুতে কৰে সেয়া। 

বহুতে!

পিছৰ সপ্তাহত পুনৰ সেই একেই কমিউনিটি চেণ্টাৰ। একেই ছুইমিং পুল। পানীৰ এই নতুন পৃথিৱীখনে মোৰ দেহ-মন যেন সজীৱ কৰি আনিছে। এটা নতুন নিচাৰ দৰে হৈ পৰিছে এই পানীৰ খেলা। পিছে এইবাৰো সিমূৰৰ দ' অংশলৈ যোৱাক লৈ মোৰ একেই গুণাগথা চলিল।

লাইফ জেকেট পিন্ধি যাওঁ নেকি?

নাই সাঁতুৰিব পাৰোঁৱে দেখোন। লাইফ জেকেট পিন্ধি গ'লে সাঁতোৰা যেনেই নালাগিব!

এনেতে মোৰ কাষৰ মহিলাগৰাকীয়ে কিবা এষাৰ কোৱা যেন লাগিল। ঘুৰি চাই দেখোঁ, মংগোলীয় মুখৰ দুগৰাকী মধ্যবয়সীয়া মহিলা। মই চোৱা দেখি প্ৰথমগৰাকীয়ে একেষাৰকে আকৌ দোহাৰিলে। এইবাৰ বুজিলোঁ, তেওঁ মেণ্ডেৰিন ভাষাত কথা কৈছে!মোৰ চীনা বন্ধু-বান্ধৱৰ মুখত শুনি শুনি সেয়া যে মেণ্ডেৰিন ধৰিবলৈ অসুবিধা নহ'ল।

'আপুনি কি কৈছে মই একো বুজিব পৰা নাই।' ইয়াৰ পিছৰ কথোপকথন কেনেকৈ যাব জানিও নজনাৰ দৰেই ক'লোঁ।

এইবাৰ তেওঁ আচৰিত হৈ ইংৰাজীত ক'লে,

'তুমি চাইনিজ নহয় জানো?' 

'নহয়, মই ভাৰতীয়।' শুনিয়ে তেওঁৰ দুচকু বহল হৈ পৰিল। দুয়ো মহিলাই খুকখুকাই হাঁহি পেলালে। মই হাঁহিত হাঁহি মিলাই লৈ এইবাৰ পানীত জাপ দিলোঁ।

সেইবোৰৰ পৰা মন আঁতৰাই এইবাৰ বৰ একমনে পুলৰ দ' অংশলৈ বুলি আগবাঢ়িলোঁ। 'এইবাৰ পাৰিমেই! পাৰিমেই' বুলি মনতে আওৰাই আওৰাই সাঁতুৰি গৈ থাকিলোঁ।

আৰু তেনেকৈয়ে আজি তিনিমাহৰ চেষ্টাৰ অন্তত নিজেই সাঁতুৰি পুলৰ সিপাৰ পালোঁগৈ! 

সিপাৰৰ সীমা চুই সন্তুষ্টি আৰু গৌৰৱেৰে যেন মনটো ভৰি পৰিল। ইয়ালৈ প্ৰথম অহাৰ দিনা একঁকাল পানীতে ডুবিম বুলি ভয় খাইছিলোঁ! শৈশৱৰে পৰা মোক কাবু কৰি ৰখা সেই অহেতুক ভয়ে আজিৰ পৰা সঁচাই মোৰ পাছ এৰিব! কি এক মুকলি বিজয়ীৰ অনুভৱে যেন মোক বুৰাই পেলালে। অকলে অকলেই হাঁহি পেলালোঁ।

'তুমি ক'ল'ম্বিয়ান নেকি?' 

আহ্‌ আজি কিহে পালে মোক? এইবাৰ আকৌ কোন ওলাল? চাই দেখোঁ সীমাৰ এটা কোণত মোৰ ফালে থৰ লাগি চাই আছে এজন মংগোলীয় ঠাচৰ ব্যক্তিয়ে।

মনটো অলপ ৰেঙালে। তথাপিও ক'লোঁ, 'নহয়, মই ভাৰতীয়।'

'আহ, তুমি মোক বাৰুকৈয়ে মূৰ্খ সাজিলা দেই!'

'যি দেখিছোঁ, মই বহুত মানুহকেই এইটো কথাত মূৰ্খ সাজোঁ।' মোৰ মাতত কিছু তিক্ততা।

'ঠিকেই ঠিকেই, ভাৰত বহুত ডাঙৰ আৰু বৈচিত্ৰ্যময় নহয় জানো! তুমি কিজানি উত্তৰ-পূবৰ পৰা আহিছা?'

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। ক'লোঁ, 

'হয়, মই অসমৰ। উত্তৰ-পূবৰ বুলি আপুনি কেনেকৈ জানিলে?'

'মই মোৰ ভূগোল জানো।' তেওঁ হাঁহি হাঁহি ক'লে।

'মই ইম্প্ৰেছড! আজিলৈকে কিমান মানুহে যে মোক এই প্ৰশ্নটো সুধিছে। কোনেও কিন্তু ভাৰত বুলি কোৱাৰ পিছতো এনেকৈ ক'ব পৰা নাই।'

এইবাৰ তেওঁ কিছু গহীনভাৱে ক'লে, 'তাত ইম্প্ৰেছড হ'বলগীয়া একো কথা নাই। মই ভিয়েটনামিজ, আমেৰিকান নহয়। আমেৰিকানবোৰহে ভূগোলত কেঁচা। সিহঁতে নিজৰ দেশখন আৰু বন্ধুকৰ বাহিৰে বাকী একো চিনি নাপায়!'

মোৰ মুখ মেল খাই গ'ল। কথাষাৰত বৰ্ণবাদৰ সুৰ নিহিত হৈ থাকিলেও তাৰ সততাখিনিও যেন নুই কৰিব নোৱাৰিলোঁ। 

তেওঁৰ কথাত হয়ভৰ দিয়ে মই আকৌ পুনৰ পুলৰ সিটো পাৰলৈ বুলি পানীত হাত-ভৰি মেলি দিলোঁ।

এডমণ্টনত গ্ৰীষ্ম

(খ) বিদেশত আপোন মানুহ 

এডমণ্টনত শীতে মেলানি মগাৰ পৰতে এদিন ফে'চবুকত এটা প'ষ্ট দেখা পালোঁ। 

এডমণ্টনত ৰঙালী বিহু! 

লগে লগে কোনে ক'ত পাতিছে খুঁচৰিলোঁ। যোৱাৰ ইচ্ছা আছে বুলি কোৱাৰ লগে লগে এডমণ্টনৰ এগৰাকী অসমীয়াই ফোন কৰিলে। 

বাচ্‌ তেনেকৈয়ে সকলো ঠিক হৈ গ'ল! ব'হাগৰ প্ৰথম দিনটোত গৈ লগ পালোঁ এডমণ্টনত থিতাপি লোৱা বহু ন-পুৰণি অসমীয়া। পিঠা-পনা-জলপানেৰে বিহু খালোঁ। সকলোৰে লগত থিয় দি 'অ' মোৰ আপোনাৰ দেশ' গালোঁ, দুপাকমান বিহুও নাচিলোঁ। দিনটোৰ শেষত ভাৱেই নহ'ল যে সকলোকে সেইদিনাহে প্ৰথম লগ পাইছোঁ, ভাৱেই নহ'ল সেই দিনটো অসমত নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰে কানাডাত আছোঁ!

তাৰপিছৰে পৰা যেন এডমণ্টনত মোৰ জীৱনৰ সুঁতিত এটা নতুন জোৱাৰ আহি পৰিল। প্ৰায়ে অসমীয়া সমাজৰ ইজন-সিজনৰ সৈতে লগ কৰা হ'লোঁ। ইফালে-সিফালে যোৱা হ'লোঁ। বহুদিনীয়া চিনাকিৰ দৰেই ময়ো সোনকালেই যেন সকলোৰে মাজৰ এজন হৈ পৰিলোঁ।

কৰ্মসূত্ৰে আজি প্ৰায় পোন্ধৰ বছৰ অসমৰ বাহিৰত আছোঁহি। ভাৰত বা বিদেশতো ক'তো কেতিয়াও এনেকৈ অসমীয়া সমাজ এখন পোৱা নাছিলোঁ। পোৱাৰ আশাও কৰা নাছিলোঁ। যেন লাহে লাহে গ্ৰহণ কৰি লৈছিলোঁ অসমৰ সৈতে মোৰ সম্পৰ্ক কেৱল অনলাইন কথা-কাম  আৰু বছৰেকীয়া 'ঘৰলৈ যোৱা' পৰ্বতে সীমাবদ্ধ।

এডমণ্টনৰ অসমীয়া সমাজে হঠাতে সেই বদ্ধমূল ধাৰণাবোৰ যেন মোহাৰি পেলালে! বিভিন্ন সময়ত অসমৰ পৰা আহি ইয়াত থিতাপি লোৱা ভিন্ন বয়সৰ অসমীয়া সকল যেন এক সমন্বয় আৰু বিবৰ্তনৰ চানেকি হৈ ধৰা দিলেহি মোৰ আগত। আমি সকলোৱেই হয়তো সাত সাগৰ তেৰ নদীৰ সিপাৰে এই নতুন জীৱনত ভিন্ন ৰূপত বিবৰ্তনৰ  বাট বুলিছোঁ। কিন্তু দুয়ো ঠাইৰ জীৱন-ধাৰা আৰু সংস্কৃতিৰ সমন্বয়ৰ মাজতো আমাৰ সকলোৰে সিৰাই সিৰাই বৈ আছে অসমীয়াৰ তেজ।

সেইবাবেই মোৰ এডমণ্টনৰ দৈনন্দিন জীৱনত নতুনকৈ যোগ হ'ল সৰু সৰু সুখবোৰ। 

অসমীয়াত কথা পতাৰ সুখ। 

অসমৰ কথা পতাৰ সুখ। 

অসমীয়া খাদ্যক লৈ, গানক লৈ নষ্টালজিক হৈ পৰাৰ সুখ। 

বিদেশী বন্ধু-বান্ধৱৰ সৈতে পাতিলে বহু কথাত কৰি অহাৰ দৰে কোনো ব্যখ্যাৰ প্ৰয়োজন নোহোৱাকৈ ভাল লগাবোৰত হঁহাৰ, বেয়া লগাবোৰক লৈ বিষাদগাৰ কৰিব পৰাৰ সুখ। ঘড়ীৰ কাঁটাৰ লগত চলাত অভ্যস্ত হৈ পৰা জীৱনটোত 'আহা এনেয়ে আড্ডা মাৰোঁ' বুলিলেই গৈ ওলোৱাৰ সুখ।

জীৱনত প্ৰথমবাৰৰ বাবে মোৰ প্ৰিয় দুখন ঠাই কানাডা আৰু অসম একেলগে পোৱাৰ সুখ!

বিহুত এডমণ্টনৰ অসমীয়া (ফটো: মণীষ)

(গ) লেখকৰ আড্ডা

ৰিমেডী কেফে। অন্যদিনাৰ দৰেই কেফেখনৰ একোণত দীঘল টেবুলখনত সকলোৱে নিজৰ নিজৰ লেপটপ উলিয়াই লৈছে। দহগৰাকীমান চিনাকি-অচিনাকি মানুহৰ মুখ। নতুন কেইগৰাকীমানে সোমায়ে কিছু ইতস্ততভাৱে সুধিছেহি,

'এইটোৱে লেখকৰ মীট আপ নহয় জানোঁ?

'হয়, হয়। সোমাই আহা।'পুৰণি সদস্য এগৰাকীয়ে মাত দিছে।

চাহ-কফিৰ পিয়লাবোৰ লৈ সকলো বহে মানে আয়োজক ডায়েনাই চিনাকি দিবলৈ আৰম্ভ কৰিছে,

'মই ডায়েনা। এই মীট আপৰ আয়োজক। আমি দেওবাৰে এনেকৈ লগ হওঁ, চমূকৈ চা-চিনাকি দিওঁ আৰু দুঘণ্টা লিখোঁ। সেইকাৰণে আমাৰ আড্ডাৰ নাম- 'জাষ্ট ৰাইট'। এতিয়া এজন এজনকৈ আপোনালোকৰ চিনাকিও দিয়কচোন।'

নতুন-পুৰণি মুখবোৰে চিনাকি দিবলৈ আৰম্ভ কৰিলে। কোনোবাই কল্পবিজ্ঞানৰ কাহিনী লিখিছে, কোনাবাই কবিতা, কোনোবাই আকৌ পূৰ্বে প্ৰকাশিত নিজৰ গ্ৰন্থখনৰ পুনৰ সংকলনৰ কাম কৰিছে। সকলোৱে বিচাৰি আহিছে, দুঘণ্টা ধৰি কিবা এটা লিখাৰ বাবে কিছু প্ৰেৰণা।

মোৰ পালো পৰিল। ক'লোঁ,

'মই এই এলবাৰ্টা প্ৰদেশত নতুন। গতিকে শেহতীয়াকৈ ইয়ালৈ আহি হোৱা অভিজ্ঞতাবোৰকে লিখি আছোঁ।'

'তুমি আমাৰ এই লেখকৰ আড্ডাৰ কথাও লিখিবা নেকি তেনে?' আগতে কেইবাবাৰো লগ পাই চিনাকি হৈ পৰা শ্বেনে হাঁহি হাঁহি মোক সুধিলে।

'হয়, লিখিম। মই এই লেখকৰ আড্ডাতে বহি লেখকৰ আড্ডাৰ কাহিনী লিখিম এদিন।' 

গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ডায়েনাই তাৰ মাজতে ক'লে,

'কিন্তু নতুন কেইগৰাকীয়ে হয়তো নাজানে, জলিয়ে অসমীয়াতহে লিখে। গতিকে আমাৰ দাবী হ'ল, তুমি এদিন অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি শুনাবা কিনো লিখিছা।'

মই হাঁহি হাঁহি মুৰ দুপিয়ালোঁ। কিন্তু প্ৰতিশ্ৰুতি নিদিলোঁ। সেয়া যে ভৱিষ্যতৰ কথা! বৰ্তমান মোৰ কাহিনীৰ পাঠক কেৱল অসমীয়া!

(ঘ) ডাক্তৰ টাৰিক 

ডাক্তৰ টাৰিকৰ চেম্বাৰত। মোৰ ফেমিলি ডাক্তৰ। মোৰ সকলো অসুখ-বিসুখ, স্বাস্থ্যসম্পৰ্কীয় কথাৰ ভৰসা! মোক দেখিয়ে তেওঁ স্বভাৱসূলভ হাঁহিটো মাৰি ক'লে,

'আৰে, বহুদিনৰ মূৰত তোমাক দেখা পালোঁ। কি খৱৰ?'

'ভাল ভাল। আপোনাৰ কেনে? খুউব ব্যস্ত যেন দেখিছোঁ।'

'মোৰো ভাল। ডাক্তৰ মানুহৰ জানো ব্যস্ততা কমিব!'

ডাক্তৰ টাৰিক মূলত: মধ্য-পূব দেশীয়। মানুহজনক প্ৰথম লগপোৱাৰে পৰা মোৰ সহৃদয়তা গঢ়ি উঠিছে। আজিও তেওঁ বৰ আন্তৰিকতাৰে খা-খৱৰ ল'লে। 

মোৰ নৈমিত্তিক ঔষধখিনি প্ৰেছক্ৰিপশ্যনত লিখি থকাৰ মাজতে তেওঁ সুধিলে,

'কেনে পাইছা এডমণ্টন? গৰমদিন বোৰ কেনে হয় জানো ইয়াত?

'ময়ো তাকে চাবলৈ ৰৈ আছোঁ। এডমণ্টনত মোৰ এয়াই প্ৰথম গ্ৰীষ্ম। আমি দুয়ো একেসময়তে এডমণ্টনলৈ আহিছিলোঁ, মনত আছেনে আপোনাৰ?'

তেওঁ হাঁহি হাঁহি ক'লে, 'আছে আছে। কিয় নাথাকিব। জাৰৰ প্ৰকোপত কি অৱস্থা হৈছিল সেইয়াও মনত আছে।'

ঠিকেই, শেষৰবাৰ এডমণ্টন বৰফে ঢাকি থোৱাৰ পৰত এবোজা উমাল কাপোৰ মেৰিয়াই মই তেওঁক লগ কৰিবলৈ আহিছিলোঁ। দুয়ো মিলি ইয়াৰ অতিপাত ঠাণ্ডাক লৈ বিষাদগাৰ কৰিছিলোঁ। মোৰ ঠিকেই মনত পৰিল।

যোৱাৰ পৰত দুৱাৰলৈকে আগবঢ়াই থৈ ডাক্তৰ টাৰিকে ক'লে,

'তোমাক আগতকৈ বহুত ভাল দেখিছোঁ জলি। সুখী দেখিছোঁ।'

'থেংক ইউ।' মোক যেন এছাটি সুকোমল বতাহে জোকাৰি গ'ল। ডাক্তৰ টাৰিক যেন হঠাতে মোৰ জীৱনৰ এটা প্ৰসংগ বিন্দু হৈ দুচকুত ধৰা দিলে!

যোৱাবাৰ তেওঁক লগ কৰিবলৈ আহোঁতে কি এক যুঁজত ব্যতিব্যস্ত হৈ আছিলোঁ ! ভেনকুভাৰত এৰি অহা জীৱনটোৰ স্মৃতিয়ে ম্ৰিয়মাণ কৰি থৈছিল মোক। এই নতুন চহৰৰ শীতৰ তাণ্ডৱ আৰু নতুন চাকৰিৰ প্ৰত্যাহ্বানবোৰে চেপি ধৰিছিল যেন। যোৱাবাৰ ডাক্তৰ টাৰিকক লগ কৰিবলৈ আহিছিল মোৰ ঠাইত এক ক্লান্ত যুঁজাৰু!

মাথোঁ কেইটামান মাহৰ পিছতে জীৱনে যেন পুনৰ খোপনি পুতিছে এই নতুন চহৰত। হেঁপাহৰ এখন ঘৰ হৈছে। এই চহৰৰ চুকে কোণে ভালপোৱা বহু নতুন ঠাই হৈছে। ভালপোৱা বহু কাম আৰম্ভ হৈছে। ভালপোৱা এখিনি মানুহ হৈছে। ভেনকুভাৰক বুকুৰ একোণত লৈও এডমণ্টনৰ এই জীৱন ভাল পাবলৈ, মনৰ হেঁপাহেৰে উপভোগ কৰিবলৈ শিকিছোঁ -নতুনকৈ!

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়। বাট দেখুৱাই লৈ যায়- নতুন আপোনত্বৰ, নতুন সপোনৰ, সুখ আৰু পৰিপূৰ্ণতাৰ।

পূৰ্বৰ খণ্ডসমূহ:

Thursday 1 June 2023

উপন্যাস: ফাৰমানা (সপ্তম খণ্ড)

বগা ৰঙৰ কাঠৰ জপনাখন খুলি লৈ তুলিকা সোমাই গ’ল। সন্ধিয়া সাত বাজিছে যদিও এতিয়াও বেলি ডুবা নাই। আয়াৰলেণ্ডলৈ গ্ৰীষ্ম নামিছে। তাৰ লগে লগে বেলি ডুবাৰ সময়ো প্ৰতিদিনে অলপ অলপকৈ পিছুৱাই গৈ আছে। প্ৰথম লণ্ডনলৈ আহি এই কথাটো লৈ তুলিকাৰ আশ্চৰ্য্যৰ সীমা নাছিল। গ্ৰীষ্মৰ দিনকেইটাত প্ৰায় প্ৰতিদিনেই তাই ৰ’ লাগি চাইছিল নিশা দহমান বজালৈকে পশ্চিমৰ আকাশত জিলিকি ৰোৱা বেলিটোলৈ। তাকে লৈ বিদ্যুতে যে কিমান ৰগৰ কৰিছিল!

দুৱাৰত টোকৰ মাৰি তুলিকাই মুগ্ধ দৃষ্টিৰে চাৰিওফালে চালে। সন্মুখৰ চোতালখনত এথোপা হালধীয়া ডেফ’ডিল ফুল জকমকাই ফুলিছে। তাৰ কাষতে ভায়’লা ফুলৰ বেঙুণীয়া আৰু ডেইজীৰ সৰু সৰু বগা ফুলৰ দলিচা। ঘৰটোৰ বাওঁকাষে চোতালখন বহল হৈ গৈ পাছচোতালৰ লগত মিলিছেগৈ। সেইখিনিতে এটা আহল বহল গ্ৰীন হাউচ। ঘৰৰ সীমাৰ সিপাৰে শাৰী শাৰী মুকলি পথাৰ। দিগন্তত এলানি নীলিম পাহাৰ। আয়াৰলেণ্ডৰ এই অপূৰ্ব গ্ৰামীণ ৰূপটোৱে যেন তাইৰ মনলৈ অসমীয়া গাঁৱৰ প্ৰতিচ্ছ্বৱিখনকে আনি দিলে। পৃথিৱীৰ দুটা ভিন্ন প্ৰান্তত দুখন ঠাই। অথচ সেই একেই স্নিগ্ধ আৰু প্ৰশান্তিময় ৰূপ।

‘হেল্ল’! তুলিকা! আহা আহা, সোমাই আহা। তোমাৰ কাৰণেই বাট চাই আছোঁ।’ দুৱাৰ খুলিয়ে লিছাই মাত দিলে। লিছাৰ লগে লগে মেকুৰী এটাৰ এযুৰি সেউজীয়া চকুৱে দুৱাৰমুখত ধৰা দিলেহি।

‘এয়া অলিভ!’ লিছাই চিনাকি কৰি দিলে।

‘হাই অলিভ!’

তুলিকাই হাউলি লৈ লাহেকৈ অলিভৰ কিচকিচিয়া ক’লা নোমাল গাটোত হাত বুলাই দিলে। লগে লগে অলিভৰ কোমল চকুযুৰি মুদ খাই আহিল।

‘বৰ মৰমলগা মেকুৰী!’ লিছালৈ চাই তাই ক’লে।

লিছাৰ পিছে পিছে তুলিকা আৰু অলিভ দুয়ো সোমাই গ’ল। বহাকোঠাৰ একাষে থকা ষ্টেণ্ডত উমাল কোটটো ওলোমাই দি দুয়ো এইবাৰ আৰামী চোফাখনত বহি পৰিল।

আটোমটোকাৰীকৈ ৰখা এখন ঘৰ। বহা কোঠাটোৰ চুকে কোণে সিঁচৰতি হৈ আছে প্ৰকৃতিৰ সৈতে সম্পৰ্ক থকা অনেক সাজসজ্জা৷ চোফাৰ গাৰুৰ গিলিপৰ পখিলা কেইটাৰ পৰা দেৱালত ওলোমাই থোৱা প্লাষ্টাৰ অব পেৰিছৰ চৰাইকেইটালৈকে৷

‘কি সুন্দৰ তোমালোকৰ ঘৰখন!’ তুলিকাই নকৈ নোৱৰিলে।

লিছাই সন্তুষ্টিৰ হাঁহি এটা মাৰি ক’লে,

‘থেংক ইউ! আচলতে আমি এই ঘৰটো কিনা এবছৰহে হৈছে৷ প্ৰথম কেইমাহমান ডেনিয়েল আৰু মই প্ৰতিটো দেওবাৰ ঘৰৰ মেৰামতি-সাজসজ্জাত লাগি থাকোতেই পাৰ হৈছিল জানা৷ আমাৰ বহুত কষ্টৰ মূৰতহে এতিয়াৰ এই ৰূপটো পাইছেহি।’

‘অঁ, দেখিয়েই বুজিব পাৰি। ইমান ধুনীয়া! পিছে ডেনিয়েল ক’ত?’

‘আ: তাৰ কাম ওলাল হঠাতে! অ’মা টাউনত এই সপ্তাহতে গ্ৰীণহাউচ এটা সাজি দিব লাগে হেনো । এতিয়া ঠাণ্ডা কমি অহাৰ লগে লগে তাৰ কামৰ হেঁচাও বাঢ়ে। পিছে লগ পাবা তাক। অলপ পিছতে সি আহি পোৱাৰ কথা।‘

লিছাই এইবাৰ উৎসাহেৰে তুলিকাক বহা কোঠাত সজাই থোৱা ডেনিয়েলৰ কাঠৰ কাৰুকাৰ্য্যবোৰ দেখুৱাবলৈ ধৰিলে। সঁচাই নিপুণ বাঢ়ৈ ডেনিয়েল। সাগৰৰ পানীত উটি অহা কাঠবোৰ সংগ্ৰহ কৰি সি অপূৰ্ব দক্ষতাৰে ৰূপ দিছে গছ, চাহৰ পিয়লা,টেবুল লেম্প আদিৰ। মাজে-সময়ে ডেনিয়েলে এইবোৰ প্ৰদৰ্শনীতো দেখুৱাবলৈ নিয়ে, লিছাই গৌৰৱেৰে ক’লে।

লিছা আৰু ডেনিয়েলৰ সংসাৰখন, আটোমটোকাৰী ঘৰখন চাই চাই তুলিকা কিছু আনমনা হৈ পৰিল যেন। তাইৰোতো এনে এটা সপোন আছিল! জীৱনসংগীৰ সৈতে মিলি এখন আপোন ঘৰ সজাৰ। এখন সুখৰ সংসাৰ কৰাৰ!

নিজকে তাই সুধি চালে- কোনখন তাইৰ আপোন ঘৰ? অসমত এৰি অহা মাক-দেউতাকৰ ঘৰ? লণ্ডনৰ হেৰুৱা ঘৰখন নে আয়াৰলেণ্ডৰ এই এজনীয়া এপাৰ্টমেন্ট? প্ৰতিখন ঘৰৰ অস্থায়ী থুনুকা ৰূপটোৱে যেন তাইক যেন সোঁৱৰাই দিছে, কঙ্ক্ৰিটৰ দেৱালৰ ভিতৰত সুদৃশ্য আচবাব পত্ৰ আৰু সাজসজ্জাৰে ভৰাই পেলালেই সেই আপোন ঘৰখন গঢ় লৈ নুঠে। পূৰ নহয় সুখী সংসাৰৰ সপোনটো। সেই সপোনে আচলতে দিঠকৰ বাট বুলে ঘৰৰ চাৰিবেৰৰ মাজত অহৰহ উশাহ- নিশাহ লৈ চলি ফুৰা মানুহবোৰৰ হৃদয়ৰ মাজেৰেহে৷ সেই ঘৰৰ ভেঁটি গঢ়ে মানুহবোৰৰ মাজৰ পাৰস্পৰিক বিশ্বাস আৰু আন্তৰিকতাই৷

আছিলনে সেয়া বিদ্যুৎ আৰু তাইৰ মাজত? নাজানে তাই! সেই অভিশপ্ত দিনটোৰ এটা মুহূৰ্তই যেন তাৰ আগৰ বহুদিনৰ বহু পল-অনুপল নিশ্চিহ্ন কৰি দিলে৷ এতিয়া যেন সকলোবোৰ ধুঁৱলী কুঁৱলী হৈ পৰিছে তাইৰ বাবে৷ সন্দেহ হ’বলৈ লৈছে, সিহঁতৰ মাজত কি সঁচা আছিল, কি মিছা অছিল!

ঠক্ ঠক্ ঠক্। পুনৰ টোকৰৰ শব্দত লিছা আৰু তুলিকা দুয়ো প্ৰায় উচপ খাই উঠিল।

‘ফিয়নাই হ’ব কিজানি!’

কথাষাৰ কৈয়ে লিছাই অলপ খপজপাই গৈ দুৱাৰখন খুলি দিলেগৈ। এইবাৰো লিছাৰ পিছে পিছে অলিভ ল’ৰি গ’ল।

‘হাই লিছা, হাই অলিভ! অহ, তুলিকাও পালাহি!’ ফিয়নাৰ উচ্ছাস ভৰা মাত।

তাইৰ লগে লগে কোঠাটোলৈ যেন এজাক প্ৰাণচাঞ্চল্যৰ জোৱাৰহে সোমাই আহিল! তাইৰ খোজৰ লগে লগে আদা বৰণীয়া কেঁকুৰা চুলিটাৰী বান্ধি ৰখা ৰঙা চিল্কৰ স্কাৰ্ফখন দুলি দুলি আহিল। সেই স্কাৰ্ফৰ পৰা ৰঙা ফুটুকীয়া লিপিট খোৱা চোলাটো আৰু ভৰিৰ ক’লা লেগিঙছলৈকে ফিয়নাৰ চৌখিন মনৰ প্ৰকাশ সুস্পষ্ট।

কোমল চোফাখনত তুলিকাৰ কাষতে বহি লৈ তাই কৈ উঠিল,

‘মোৰ কথাতেই ইমানখিনি আয়োজন কৰাৰ বাবে বহুত ধন্যবাদ লিছা! তোমাৰ এই আহল-বহল হোম থিয়েটাৰৰ তুলনাত ক’ত আৰু মোৰ এজনীয়া এপাৰ্টমেণ্টৰ টিভিয়ে ঠাই পাব!’

‘কিয় নকৰিম ফিয়না! তাতে আমাৰ ঘৰত ডেনিয়েলে ঘৰতে কৰা আইৰিছ বীয়েৰৰ সোৱাদো আছে দিয়াচোন।’ এইবাৰ তাই তুলিকালৈ চাই বুজোৱাৰ সুৰেৰে ক’লে,

‘ডেনিয়েলে আজি কেইবাবছৰ ধৰি ঘৰতে বীয়েৰ তৈয়াৰ কৰি আহিছে। গতিকে আমাৰ ঘৰত সেইবিধৰ কেতিয়াও অভাৱ নহয় বুজিছা।’

তিনিও হাঁহি পেলালে।

‘পিছে সি ক’ত? অফিচৰ পৰা ডেৰেন আৰু মাৰ্কো অহাৰ কথা নাছিল জানো?’ ফিয়নাই সুধিলে।

লিছাই দোহাৰিলে, ডেনিয়েলৰ আজি দীঘলীয়া কাম। ফাৰমানাত বাঢ়ৈৰ কামৰ আজৰি নাই। ডেৰেনে আজি নিশা লাষ্টিম’ৰ দ্বীপত কেম্প কৰিছে কাৰলিউ চৰাইৰ আচৰণ অধ্যয়ন কৰিবলৈ। মাৰ্ক হয়তো নাহিব- ব্যক্তিগত কাৰণত।

‘কিয়? মাৰ্ক আৰু এলছাৰ মাজত সকলো ঠিকে আছেনে?’ ফিয়নাই স্বতস্ফুৰ্ত্ত ভাৱে কথাষাৰ কৈ লগে লগে অলপ অপ্ৰস্তুত হৈ ৰৈ গ’ল।

তুলিকাই একো নুশুনাৰ ভাও ধৰি অলিভৰ সৈতে খেলাত মন দিলে। অফিচৰ ৰটনাত সোমাবলৈ তাইৰ সংকোচ হ’ল। তাতে তাইৰ লাইন মেনেজাৰ মাৰ্কৰ ব্যক্তিগত জীৱনৰ বিষয়ে। কিন্তু একেসময়তে কিছু উৎসুকতায়ো আমনি কৰিলেহি তাইক।

‘হয়তো ঠিকে নাই! মাৰ্কে মাথোঁ পৰিয়ালৰ লেঠা বুলিয়ে সামৰি থ’লে ফোনত।’

তিনিটা পিয়লাত গাঢ় গিনিছ বীয়েৰখিনি ঢালি দি লিছাই উত্তৰ দিলে। তাৰপিছত কথাৰ প্ৰসংগ সলাবলৈকে যেন তুলিকালৈ চাই সুধিলে,

‘গিনিছেৰে আৰম্ভ কৰোঁ, নহয় জানো? আয়াৰলেণ্ডত গিনিছ নহ’লে একো উদ্‌যাপন কৰা নহয়, জানা নহয় তুলিকা?

তুলিকা আৰু ফিয়নাই মৃদু হাঁহিৰে বীয়েৰৰ পিয়লা কেইটা ল’লে। অন্য একো নুসুধিলেও লিছাৰ সেই কথাষাৰতে দুয়ো যেন এজাক ধুমুহাৰ উকমুকনিৰ উমান পালে। তুলিকাই জানে, লিছাই আজি দহবছৰ ধৰি মাৰ্কৰ লগত কাম কৰি আহিছে। লিছাই এদিন কৈছিল, তাহানিতে স্কুলৰ গৰমবন্ধৰ দিনত স্বেচ্ছাসেৱিকা হিচাপে নেচাৰৰ জৰীপৰ কামত সহায় কৰি দিছিল। তেতিয়াৰ পৰা আজি ফাৰমানাৰ লখ আৰ্ণ ৰিজাৰ্ভৰ ৱাৰ্ডেন হোৱালৈকে লিছাৰ কাৰণে মাৰ্ক পথপ্ৰদৰ্শক হৈ ৰৈছে। গতিকে মাৰ্কৰ সংসাৰত আউল লগাৰ ভূ প্ৰথম লিছাই পোৱাটোৱে স্বাভাৱিক।

তুলিকাৰ মনত পৰিল সিদিনা দৌৰিবলৈ যাওঁতে আৰ্ণ নৈৰ পাৰত দেখা দৃশ্যটোৰ কথা। কি হৈছে মাৰ্ক আৰু তেওঁৰ পত্নী এলছাৰ! কিহৰ জোৱাৰে বুদবুদনি তুলিছে তেওঁলোকৰ জীৱনত? তাই নীৰৱে সেই কৌতুহলখিনি সামৰি থ’লে। সেয়া যে এনেকৈ সোধাৰ কথা নহয়, সহকৰ্মীৰ লগত পতাৰ কথা নহয়!

লিছাই পপ্‌কৰ্ণেৰে উপচি থকা পৰ্চেলিনৰ নীলা ফুল কটা বাতিটো দুয়োলৈ আগবঢ়াই দিলে।

‘এতিয়াই আৰম্ভ কৰিমনে?’ তুলিকাই হাঁহি হাঁহি ক’লে।

‘কিয় নকৰিম! গেইম অব থ্ৰ'নছ্‌ আৰম্ভ হ’বই এতিয়া! লোৱা লোৱা!’

‘তুমি পিছে আগৰখিনি চালানে নাই তুলিকা?’ 

ফিয়নাই এই কথাটো সুধিব বুলি তুলিকা যেন প্ৰস্তুত হৈয়ে আহিছিল। চালে তাই। যৌনতা আৰু হিংসাৰে বুৰাই ৰখা দৃশ্যবোৰ দেও দি হ’লেও এফালৰ পৰা সকলোখিনি চালে। তাতে ফিয়নাই তাত অভিনয় কৰিছে বুলি জনাৰ পিছত নোচোৱাৰ প্ৰশ্নই নুঠে!

তুলিকাৰ উত্তৰটোৱে লিছা আৰু ফিয়না দুয়োকো সন্তুষ্ট কৰা যেন ভাৱ হ’ল। ফিয়নাই কিছু লাজ আৰু গৌৰৱ মিহলি সুৰেৰে ক’লে,

‘উপৰুৱা চৰিত্ৰতহে দেই। মানে এক্সট্ৰা। অভিনয়-সংলাপ বুলিবলৈ একো নাই তেনেকৈ। চখতে কৰা কামহে এইটো। কিন্তু তাৰ ছেটত মূল অভিনেতাকেইগৰাকীৰ আশেপাশে থাকি কাম কৰাৰ মজাই বেলেগ বুজিছা।‘

লিছাই সেই সুযোগতে ফিয়নাক সুধিবলৈ লাগিল গেইম অব থ্ৰ'নছ্‌ৰ বিভিন্ন চৰিত্ৰৰ আঁৰত থকা অভিনেতা সকলৰ কথা। জন স্ন’ৰ কথা বতৰা সঁচাকৈ বীৰোচিত নেকি? নাই নাই, তেওঁৰ চৰিত্ৰ আৰু আচল মানুহজনৰ সিমান মিল নাই বুলিয়ে ক’ব পাৰি। অঁ হয় নেকি! টিৰিয়ন মানুহজন কেনে? ডেনিৰিছ একা?

সিহঁতৰ আলোচনাবোৰ ক্ৰমাৎ ধূসৰিত হৈ তুলিকাৰ দুচকুত ভাঁহি উঠিল বিদ্যুতৰ হাঁহি ভৰা মুখখন। মাথোঁ দুটা বছৰৰ আগৰ কিংবদন্তী হেন হৈ পৰা মায়াময় এটি আবেলি। ট্যুৰিষ্ট বাছখনৰ পৰা নামিয়ে সি উত্তেজিত হৈ পৰিছিল।

‘চোৱা, এয়াই গেইম অব থ্ৰ'নছ্‌ৰ সেই বিখ্যাত কিংছ ৰ’ড!’ সি যেন নিজৰ দুচকুকে বিশ্বাস কৰিব পৰা নাছিল।

বীচ্চ গছৰ অকোঁৱা পকোৱা ডালেৰে ছাটি ধৰা আয়াৰলেণ্ডৰ এটি বাট। দ্য ডাৰ্ক হে'জ। সিদিনা সেই বাটত ভিৰ লগাইছিলহি গেইম অব থ্ৰনছ্‌ৰ অলেখ অসংখ্য অনুৰাগীয়ে। তাৰ মাজৰে এজন হৈ বিদ্যুতে বাটৰ সোমাজতে ডালিমগুটিয়া হাঁহিৰে ফটোৰ বাবে প’জ দিছিল।

ফেণ্টাচীৰ জগতখনত তুলিকাই তেতিয়াও ভৰি থোৱাই নাছিল। তেতিয়া তাইক আছ্ন্ন কৰি থৈছিল বিদ্যুতৰ সৈতে প্ৰথম বিদেশত একেলগে ফুৰাৰ উত্তেজনাই, যুগ্ম জীৱনৰ সপোন সপোন লগা মুহূৰ্তবোৰে।

‘এই ডাৰ্ক হে'জত সৰি পৰা দুডালমান গছৰ কাঠেৰে দুৱাৰ সাজি উত্তৰ আয়াৰলেণ্ডৰ দহটা পাবত ৰখা হৈছে। প্ৰতিখন দুৱাৰতে আটকধুনীয়া কাৰুকাৰ্য্য। গেইম অব থ্ৰ'নছ্‌ৰ পাছপৰ্ট ল’ব নেকি? সেইখন ল’লে প্ৰতিটো পাবতে দুৱাৰবোৰ চাবগৈ পাৰিব। পাছপৰ্টত একোটা ষ্টাম্পো মৰাই ল’ব পাৰিব।’ ট্যুৰ গাইডে যেন টোপহে দিছিল।

বিদ্যুতে সেই পাছপৰ্ট কিনি অনা দেখি তুলিকাই কান্ধ জোকাৰি হাঁহিছিল।

‘কি যে এক ট্যুৰিষ্ট গিমিক এইবোৰ!’

কিন্তু সৰু ল’ৰা এটাৰ দৰে বিদ্যুতৰ উল্লাস দেখি তাই আমোদো পাইছিল। পিছদিনা বিদ্যুতৰ সৈতে তায়ো বেলফাষ্টত বিচাৰি ফুৰিছিল সেই দুৱাৰবোৰ।

ফিয়নাৰ সুহুৰিৰ শব্দই তুলিকাক বাস্তৱলৈ উভতাই আনিলে। সিহঁতৰ সন্মুখৰ টিভিৰ স্ক্ৰীণত বাজি উঠিছে গেইম অব থ্ৰ'নছ্‌ৰ চিনাকি সুৰটো। তিনিও কিছু পোন হৈ বহি ল’লে। আজিৰ শেষ খণ্ডটো লৈ অনুৰাগীৰ অনেক জল্পনা কল্পনা। ইতিমধ্যে লিছাই ফিয়নাক কেইবাবাৰো সুধিছে কি হ’ব এই সামৰণি। প্ৰতিবাৰতে ফিয়নাই দোহাৰিছে, শেষৰ খণ্ডটোৰ কাহিনীৰ বিষয়ে সিহঁতকো কোনো উমান দিয়া হোৱা নাই। খুউব সংগোপনে কৰা হৈছিল এই ফিল্মিং।

গিনিছত চুমুক দি সিহঁতে গোটেই সময়ছোৱা প্ৰায় নীৰৱেই উপভোগ কৰিলে। মাথোঁ ফিয়নাই ভুমুকি মৰা দৃশ্যকেইটাত তাই উৎসাহেৰে স্ক্ৰীণৰ অলপ ওচৰলৈ উঠি গৈ আঙুলীয়াই দেখুৱালে। সৌৱা ৰাজকীয় ভোজত তাই মাটিৰ কলহটোৰ পৰা সকলোকে পানীয় বাকি দিছে৷ মলিয়ন বাদামী ৰঙৰ গাউন আৰু স্কাৰ্ফেৰে ফিয়নাক সঁচাই সেই প্ৰসাদৰ এগৰাকী ভৃত্য যেনেই দেখা গৈছে৷ অন্য এটা দৃশ্যত আকৌ তাই টিৰিয়ন লেনিষ্টাৰক গধুৰ কোটটো পিন্ধাই দিছেহি। এই অত্যাধুনিকা ফিয়নাৰ এক বিপৰীত ৰূপ সেয়া।

খণ্ডটো শেষ হয় মানে ফিয়নাৰ দুচকুৰ অযুত উৎকন্ঠা যেন কিছু হতাশালৈ পৰিৱৰ্ত্তন হ’ল৷

‘এনেকৈ শেষ হ’ব বুলি একেবাৰেই আশা কৰা নাছিলোঁ জানা৷’

ফিয়নাই নিজেও সামৰণিৰ একো ভূ পোৱা নাছিল বুলি এইবাৰহে যেন লিছা আৰু তুলিকাই সঁচাই বিশ্বাস কৰিলে।

নিশাৰ সাঁজ খাবলৈ বহিও তিনিওৰে মাজত সেই সামৰণিক লৈ আলোচনা চলি থাকিল। তাৰ মাজতে তুলিকাই অভেনত পোৰা আলু আৰু মাংসৰ চুপখিনিৰ বাবে লিছাৰ শলাগ ল’লে। লিছাই পুনৰ গিনিছ বীয়েৰ বাকিবলৈ লোৱাত ফিয়নাই নিজৰ গিলাচটো ধৰি লৈ ক’লে,

‘মোক কমকৈ দিয়া। গাড়ী চলাই ঘৰ পাবগৈ লাগিব। তুলিকা, তোমাকো ঘৰত নমাই থৈ যাব পাৰিম দেই।’

তুলিকাই জানে, আয়াৰলেণ্ডত বীয়েৰৰ জনপ্ৰিয়তা যিমান, সিমানেই কঠোৰ সুৰাক লৈ আইনো। ট্ৰেফিক পুলিচৰ পৰীক্ষাত আইনী সীমাতকৈ বেছি সুৰাৰ পৰিমাণ ধৰা পৰিলে বৃহৎ জৰিমণা আৰু দণ্ডৰ ভয়। গতিকে ফিয়নাৰ সতৰ্কতাক লৈ তাই আচৰিত নহ’ল।

‘অঁ, খাই উঠি ‘বায়াৰ’ত বহিমগৈ বুলি ভাৱিছোঁ আকৌ! তুমি চাইডাৰ ল’বা তেনে। এলকহলৰ পৰিমাণ কম যেতিয়া সীমাৰ ভিতৰতে থাকিব।’ লিছাই ক’লে।

‘বায়াৰ মানে?’ মাংসৰ চুপ এচামুচ তুলি লৈ তুলিকাই সুধিলে।

‘দেখিবাগৈ ৰ’ৱা।’ লিছাই ৰহস্য সানি কৈ থ’লে।

সঁচাকৈ খোৱা বোৱা সামৰি দুয়োকে লৈ গৈ লিছাই পাছচোতাল পোৱালেগৈ। শাৰী শাৰীকৈ লগোৱা বিলাহী আৰু কেইল শাকৰ মাজেৰে গৈ সিহঁতে গ্ৰীণ হাউচটোৰ একাষে এটা কণমানি কাঠৰ ঘৰ পালেগৈ। ঘৰটোৰ সন্মুখত এখন কাঠৰ ফলক। তাতে বগা আখৰেৰে ইংৰাজীত লিখা আছে- দ্য বায়াৰ (the byre), অৰ্থাৎ- গোহালি। নামটোৱে আমোদ দিলে তুলিকাক।

‘আয়াৰলেণ্ডৰ গাঁৱৰ ঘৰ যেতিয়া গৰু থাকক বা নাথাকক গোহালি এখনতো থাকিবই লাগে, নহয় জানো?’ 
লিছাই হাঁহি মাৰি বায়াৰৰ দুৱাৰখন খুলি দিলে।

নামতহে গোহালি যদিও একোঠলীয়া ঘৰটোৰ ভিতৰখন সুসজ্জিত। কোঠাটোৰ বেঁৰৰ ইমূৰৰ পৰা সিমূৰলৈকে সৰু সৰু নীলা লাইটৰ লানি। একাষে ব্যৱসায়িক পাব বা বাৰৰ আৰ্হিত কাঠৰ এখন ওখ দীঘলীয়া টেবুল। তাৰ ভিতৰফালে বীয়েৰৰ বাবে তিনিটাকৈ পৃথক টেপ। এচুকত এখন ঘুৰণীয়া কাঠৰ টেবুলৰ চাৰিওফালে কেইবাযোৰো আৰামী চকী। সকলো হেনো ডেনিয়েলে নিজেই সজা। বায়াৰৰ একোণৰ দেৱালত কণমানি দুটা অসমীয়া জাপিও সজাই থোৱা আছে। যোৱামাহত বিহুৰ সময়ত তুলিকাই সিহঁতক উপহাৰ দিয়া। তাকে দেখি তাই সুখী হৈ পৰিল।

‘ইয়াতে আমি প্ৰায়ে বন্ধু বান্ধৱৰ সৈতে সন্ধিয়াবোৰ কটাওঁ। আড্ডা, গান আৰু বীয়েৰ একেঠাইতে পালে আইৰিছ মানুহক আৰু কি লাগে!’

লিছাৰ কথা শুনি তুলিকাৰ মনত পৰিল, প্ৰথম লণ্ডনলৈ অহাৰ পিছত এদিন তাৰে জনপ্ৰিয় পাব এখনলৈ বিদ্যুতে তাইক লৈ গৈছিল। সি কৈছিল, আচলতে ব্ৰিটেইনত এই পাবৰ ধাৰণাটো আহিছে ‘পাব্লিক হাউছ’ৰ পৰা। ব্ৰিটিছ সমাজৰ প্ৰাণকেন্দ্ৰ এই পাববোৰ। আড্ডা মৰা, খা-খৱৰ লোৱা, কামৰ আলোচনা, ফুটবল খেল চোৱা, ব্যস্ত এটা দিনৰ শেষত অলপ আৰাম কৰা- সকলোৰে বাবে মুকলি এই পাব। সিদিনা বিদ্যুতৰ বিদেশী বন্ধুবোৰক লগ পাই, মাজনিশালৈকে আড্ডা দি তুলিকাই সেয়া ঠিকেই বুজিছিল।

লিছাৰ ফোনত মিহি সুৰ এটা বাজি উঠিল। ডেনিয়েলৰ ফোন। আধাঘণ্টামানৰ পিছতে পাবহি হেনো। লিছাই তাৰ কথামতে এইবাৰ এটা টেপৰ পৰা নতুনকৈ বীয়েৰ বাকিলে।

‘এইবিধ ডেনিয়েলৰ নতুন বেৰীৰ বীয়েৰ। খাই চোৱাচোন।’

কাঠৰ চকী এখনৰ কোমল গাদীত আউজি আৰামকৈ বহি লৈ ফিয়নাই সুধিলে,

‘তোমালোকৰ বিয়াখন কেতিয়াকৈ লিছা?’

‘এইবছৰেই শেষৰফালে পতাৰ কথা ভাৱিছোঁ । কিন্তু জানাই নহয়, কেথ’লিক আৰু প্ৰটেষ্টাণ্টৰ মাজত বিয়া মানেই খোৱা-কামোৰা।’ এই প্ৰথমবাৰ লিছাৰ মাতত তুলিকাই উদাসী সুৰ শুনা পালে যেন।

‘কিন্তু তোমালোকেচোন আজি পাঁচবছৰ ধৰি একেলগে ঘৰ-সংসাৰ কৰিয়ে আছা। বিয়াত কি সমস্যা?’ ফিয়নাই যেন নুবুজিলে।

‘যোৱা পাঁচবছৰেই নহয়, মই আচলতে ডেনিয়লক সৰুৰে পৰা পোৱা। বাৰ-তেৰ বছৰ বয়সৰ পৰা আমি খেলৰ লগৰীয়া৷ গতিকে ধৰ্ম বা ৰাজনীতিয়ে মনত খোপনি পোতাৰ আগতেই ভালপোৱাই খোপনি পুতি ল’লে বুজিছা। এতিয়া বিয়াখন কোনটো গীৰ্জাত হ’ব তাকে লৈ লেঠা। কেথ’লিক গীৰ্জাত হ’লে ডেনিয়েলৰ পৰিয়ালৰ মানুহবোৰ নাহে। প্ৰ’টেষ্টাণ্ট গীৰ্জাত আকৌ মোৰ পৰিয়ালে ভৰি নিদিয়ে।’

তুলিকাই এই বিদেশী মাটিত ভৰি থোৱাৰ দিনাৰে পৰা আয়াৰলেণ্ডত কেথ’লিক-প্ৰটেষ্টাণ্টৰ ঐতিহাসিক বিৰোধৰ কথা শুনি আহিছে। আগৰদৰে তীব্ৰ বিভাজন নাথাকিলেও এতিয়াও এটা অলিখিত ব্যৱধান আছে বুলি তাই জানে৷ তাৰে প্ৰতীক স্বৰূপে কেথলিক আৰু প্ৰ’টেষ্টান্টৰ ঠাইবোৰ পৃথক কৰি এতিয়াও ৰাজধানী বেলফাষ্টত থিয় দি আছে বিশাল শান্তিৰ দেৱালখন। কিন্তু সেই বিৰোধে জীৱনবোৰ কেনেকৈ জটিল কৰি পেলাব পাৰে তাৰ যেন প্ৰথম সাক্ষ্য এয়া।

‘তোমালোকৰ খৱৰ কোৱাচোন।’ লিছাই হয়তো প্ৰসংগ সলাব খুজিলে।

‘মোৰতো জানাই। এতিয়াও সেই বিশেষজনৰ সন্ধানত।’ ফিয়নাৰ নাটকীয় সুৰত তুলিকা আৰু লিছাই হাঁহি পেলালে। পৰিৱেশটো পাতল হোৱাত তুলিকাই কিছু সকাহবোধ কৰিলে যেন।

‘কিয়, তোমাৰ অনলাইন ডেটিঙত কাকো লগ পোৱা নাই?’

‘লগ পাইছোঁ। পিছে মনে-মানুহে মিলা নাই বুজিছা। তাতে এই সৰু ঠাইত মন মিলা ডঙুৱা ডেকা কেইজননো ওলাব কোৱাচোন। তুমি কি ভাৱিছা তুলিকা?’

ফিয়নাৰ প্ৰশ্নটোত তুলিকাই থতমত খাই গ’ল।

কি ভাৱিছে তাই? এতিয়াওচোন তাইক সেই হেৰুৱা অতীতেই দিনে-নিশাই খেদি ফুৰিছে । সেই সকলোবোৰ শেষ হৈ গৈছে বুলি হৃদয়ে মানি ল’ব নোৱাৰিলে কেনেকৈ নতুন আৰম্ভণিৰ কথা ভাৱিব পাৰে?

‘নাজানো! এই এটা সম্পৰ্কৰ পৰাইচোন ওলাব পৰা নাই।’ কোনোমতে কথাষাৰ কৈ নীৰৱ হৈ ৰ’ল তুলিকা।

লিছা আৰু ফিয়নাই জানে তাই বিদ্যুতৰ সৈতে পৃথক হোৱাৰ কথা। কিন্তু সেই সম্পৰ্কই কি এক অতল যন্ত্ৰণাৰ খাৱৈ খান্দি থৈ গ’ল সেয়া জানো সিহঁতে বুজিব!

‘কেতিয়াবা এটা যাত্ৰাৰ শেষৰ পৰাই অন্য এটা নতুন যাত্ৰাৰ আৰম্ভণি হয় তুলিকা!’ লিছাই তুলিকাৰ হাতখন নিজৰ হাতত লৈ ক’লে।

তুলিকাই জানে, তাই বাস্তৱৰ মুখামুখি হোৱাৰ দৰকাৰ। এই সম্পৰ্কক অতীতৰ বুকুলৈ এৰি দিয়াৰ দৰকাৰ। আজি ছমাহ হৈ গ’ল বিদ্যুতৰ কোনো খৱৰ নোহোৱা। ঘৰৰ মানুহবোৰে তাইক সুধি সুধি এতিয়া ভাগৰি পৰিছে। সৌ সিদিনা মাথোঁ মাকে সুধিছে ডিভৰ্চ ফাইল কৰাৰ কথা। কিন্তু তাই যেন এতিয়াও এৰি দিব পৰা নাই সেই বান্ধোন। যেন এতিয়াও এক মৰীচিকাৰ মায়াত বন্দী তাই। সকলো এদিন ঠিক হৈ পৰিব। বিদ্যুত উভতি আহিব। সকলো পাহৰি তাই আকোঁৱালি ল’ব তাক।

বাহিৰত গাড়ীৰ শব্দ। লগে লগে হেডলাইটৰ পোহৰে গোটেই চোতালখন পোহৰাই পেলালে। লিছাই বায়াৰৰ দুৱাৰখন মেলি ভুমুকিয়াই চালে।

‘ডেনিয়েল পালেহি!’

ক্ষন্তেক পিছতে বায়াৰৰ সৰু দুৱাৰখনেৰে সোমাই আহিল ডেনিয়েল।তুলিকাই তেওঁক আগতে মাথোঁ এবাৰহে লগ পাইছে। কিন্তু লিছাৰ মুখত শুনি শুনি তাইৰ বাবে যেন তেনেই চিনাকি হৈ পৰিছে ডেনিয়েল। ডেনিয়েলৰ পিছে পিছে সোমাই আহিল অন্য এজন যুৱক। ডেনিয়েলৰ পৰিপাটী ক’লা টি-চাৰ্ট আৰু মুগা বৰণীয়া ট্ৰাউজাৰ। তাৰ বিপৰীতে সেই যুৱকৰ মুখত কেইবাদিনো নুখুৰুৱা দাঢ়ি, অবিন্যস্ত বেশভূষা।

ডেনিয়েলে তেওঁক দেখুৱাই দুৱাৰমুখৰ পৰাই ক’লে, ‘চোৱা, কাক লগ পালো!’

তেওঁক দেখামাত্ৰকেই লিছাৰ দুচকু জিলিকি উঠিল। ডেনিয়েলৰ ওঁঠত টপ্‌কৈ চুমা এটা দি তাই আগবাঢ়ি গৈ সেই যুৱকক সাৱটি ধৰিলেগৈ।

‘চ’ন! তুমিতো কাইলৈহে অহাৰ কথা আছিল? বেলফাষ্টত প্ৰগ্ৰেম কেনে হ’ল?’ লিছাই ওপৰাওপৰিকৈ প্ৰশ্নকেইটা কৰিলে।

‘আ:, আমাৰ দৰে মিউজিচিয়ানৰ য’তে ৰাতি ততে কাতি, জানাই চোন। বেলফাষ্টত গানৰ প্ৰগ্ৰেম অলপ আগতীয়াকৈ শেষ হ’ল। ডেনিয়েলে ক’লে, আজি ‘বায়াৰ’ত গেইম অব থ্ৰনছ্‌ৰ পাৰ্টি। গতিকে নাহি পাৰোঁনে?’ চ’নে দীঘল অবিন্যস্ত চুলিখিনি পিছলৈ ঠেলি দি হাঁহি হাঁহি ক’লে।

‘নে ‘বায়াৰ’ৰ বীয়েৰলৈ মনত পৰিল?’ ডেনিয়েলে তেওঁক জোকালে।

লিছাই চকু ঘোপা কৰি কৃত্ৰিম খঙেৰে চ’নলৈ চালে আৰু হঠাৎ মনত পৰাৰ দৰে ক’লে,

‘অহ, চিনাকি কৰাই দিওঁ ৰ’ৱা, তুলিকা, ফিয়’না- এয়া মোৰ দাদা চ’ন। আৰু চ’ন, এয়া তুলিকা আৰু ফিয়না। মোৰ লগতে নেচাৰত কাম কৰে।’

সি সৌজন্যসূচকভাৱে ক’লে, ‘হাই! হুৱাটছ দ্য ক্ৰেইক?’

হুৱাটছ দ্য ক্ৰেইক! প্ৰথমদিনা লাষ্টিৰ পথাৰত গেৰি জনষ্টনে এইষাৰ কথা কওঁতে তুলিকাই একো বুজি পোৱা নাছিল। এতিয়া সকলোৰে মুখত শুনি শুনি সহজ হৈ পৰিছে। এইয়া এক চিৰাচৰিত আইৰিছ সম্ভাষণ। অসমীয়াত খৱৰ ভালনে বুলি সোধাৰ দৰেই।

ডেনিয়েলৰ ‘বেৰি পান্স’ বীয়েৰ লৈ চ’ন ফিয়নাৰ সন্মুখৰ চকীখনতে বহি পৰিল। সিহঁতৰ মুখত গেইম অব থ্ৰনছ্‌ৰ কথা শুনি সি পোনেই গীটাৰত সেই সুৰ তুলিলে। তাৰ কাষতে বহি আছিল ফিয়না। সিদিনাৰ খণ্ডটোৰ সামৰণিক লৈ দুয়োৰে মাজত যেন পোনেই বিতৰ্ক হোৱাৰে উপক্ৰম হ’ল! তাকে দেখি লিছাই তুলিকাৰ সৈতে দৃষ্টি বিনিময় কৰিলে। অৰ্থপূৰ্ণভাৱে। তুলিকাই হাঁহিলে।

লাহে লাহে আড্ডা জমি উঠিল সিহঁতৰ। ফিয়না যেন আগতকৈও অধিক প্ৰাণচঞ্চল হৈ উঠিল। কোনে জানো কৈছিল, আইৰিছসকলে স্ফূৰ্তি কৰিব জানে। এতিয়া মাজনিশাৰ আড্ডা আৰু বীয়েৰ আৰু গানৰ মজলিচৰ মাজত তুলিকাৰ সেইটো কথাকে মনলৈ আহিল। লাহে লাহে গানৰ তালে তালে নাচ আৰম্ভ হ’ল। লিছাই চাব খোজাত তুলিকাই সিহঁতক দুপাকমান বিহু নাচি দেখুৱালে। ডেনিয়েলে দেৱালত সজাই থোৱা জাপি দুটা আনি চ’ন আৰু ফিয়নাক পিন্ধাই দিলেহি। এইবাৰ আৰু সিহঁতক কোনে পায়। হুঁচৰিৰ ভিডিঅ’টোকে চাই চাই দুয়ো পাৰ্য্যমানে চেষ্টা কৰিলে বিহুৰ মুদ্ৰাবোৰ আয়ত্ত্ব কৰিবলৈ। ফিয়না আৰু চ’নৰ বিহু নচাৰ ঢং দেখি সকলোৱে হাঁহি পেলালে।

এটা সময়ত আইৰিছ লোকগীতো শুনি চোৱা বুলি তুলিকাক কৈ লিছাই বজালে এটা জনপ্ৰিয় গান- ‘ৰটলিন বগ’।

‘হ’ হ’, দ্য ৰটলিন বগ
দ্য বগ ডাউন ইন দ্য ভ্যেলী-অ’
ৰিয়েল বগ, দ্য ৰটলিন বগ
দ্য বগ ডাউন ইন দ্য ভ্যেলী-অ’

আয়াৰলেণ্ডত ভৰি দিয়াৰ আগলৈকে তুলিকাই এই ‘বগ’ নামৰ বিশেষধৰণৰ পিটনিবোৰৰ কথা কেতিয়াও শুনি পোৱা নাছিল। এতিয়া সেই পিটনিক লৈ ৰচা লোকগীতটো শুনি তাই উপলব্ধি কৰিলে, আইৰিছ জীৱনৰ এক চিৰন্তন অংগ এই বগ।



‘এভৰিব’ডি!’ ইতিমধ্যে ঘুৰি ঘুৰি নাচিবলৈ আৰম্ভ কৰা লিছাই চিৎকাৰ কৰি উঠিল।

গানৰ গতি ক্ৰমাৎ খৰ হ’বলৈ আৰম্ভ কৰিলে। তাৰ লগে লগে সকলোৱে উশাহ নসলোৱাকৈ ইমান পটুতাৰে গাবলৈ ধৰিলে যে তুলিকা আচৰিত হৈ গ’ল।

ইতিমধ্যে চ’ন আৰু ফিয়নাই যোৰ পাতি নাচিবলৈ আৰম্ভ কৰিছে৷ লিছা আৰু ডেনিয়েলে হাতত ধৰি টানি লৈ গ’ল তুলিকাকো। বাধ্যত পৰি তাই উঠি গ’ল। সিহঁতৰ নাচৰ তালে তালে হাত চাপৰি মাৰিবলৈ আৰম্ভ কৰিলে। গানৰ গতি যিমানেই খৰ হ’ল সিমানেই খৰকৈ সিহঁতে ঘুৰি ঘুৰি নাচিবলৈ ধৰিলে।সেই মুহূৰ্তৰ বাবে যেন তুলিকাই পাহৰি গ’ল সকলো৷ পাহৰি গ’ল তাইক চেপা মাৰি ধৰি থকা সকলো অস্থিৰতা আৰু যন্ত্ৰণা৷ নিজৰ অজানিতেই এটা সময়ত তাই সকলোৰে লগত আপোনমনে নাচিবলৈ ধৰিলে৷ সেই অচিন দেশত, সেই অচিন গানৰ তালে তালে।