Wednesday 23 October 2013

চিনাকি প্ৰকৃতিৰ অচিনাকি বতৰা

প্ৰকৃতিৰ বিচিত্ৰ জগতখনৰ এক অপৰিহাৰ্য অংগ হ’ল আমাৰ চৌপাশে থকা ৰং-বিৰঙী চৰাইবোৰ ৷ এই বিনন্দীয়া চৰাইবোৰৰ বিষয়ে অধিক জানিবলৈ আমাৰ সকলোৰে কম-বেছি পৰিমাণে কৌতুহল হয়৷ পুৱাতে কিচিৰ-মিচিৰ মাতেৰে ঘৰৰ চৌপাশ সৰব কৰি তোলা এনে কিছুমান চৰাই যেনে ঘৰচিৰিকা, শালিকা, টুনি; কাষৰে পুখুৰীটোলৈ খাদ্যৰ সন্ধানত ওলাই অহা বগলী, ডাউক বা পানীকাউৰী; অথবা বাঁৰীৰ জোপোহাৰ মাজে মাজে মাত দি উৰি ফুৰা টিপচী, ভদৰকলি আদি চৰাইবোৰ অলপ মন কৰিলেই আমি সিহঁতৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰোঁ৷ উদাহৰণস্বৰূপে, কিছুদিনৰ নিয়মীয়া পৰ্য্যবেক্ষণেৰেই আমি কোনবিধ চৰায়ে কি আহাৰ খায়, কেতিয়া বাহ সাঁজে বা কিমান পোৱালি জন্ম দিয়ে আদিবোৰৰ এটা সম্যক ধাৰণা পাব পাৰোঁ ৷ কিন্তু ইয়াৰ বাহিৰেও আমাৰ তেনেই চিনাকি এই চৰাইবোৰৰ সমাজত আমাৰ চকুৰ অলক্ষিতে অনেকবিধ আমোদজনক পৰিঘটনা ঘটি আছে যিবোৰৰ সম্ভেদ আমাক বৈজ্ঞানিক গৱেষণাই আমাক দিছে ৷ আহকচোন, আমি সচৰাচৰ দেখা পোৱা চিনাকি-অচিনাকি এনে চৰাই দুবিধমানৰ নিজা পৃথিৱীখনৰ কথা কিছু গম লওঁ-​ 


পাকৈত মাছুৱৈৰ পৰিয়াল পৰিকল্পনা:

পখৰা মাছোৰোকাই মাছ ধৰিবৰ বাবে পানীলৈ চো
মাৰি নামি যোৱা অৱস্থাত (ফটো- Dan Logen)
পুখুৰী বা নৈৰ আশে পাশে গছৰ ডালত বা কোনো খুঁটাত ৰৈ পানীলৈ একান্তমনে চাই থাকি মাছৰ বাবে জোপ লৈ থকা মাছোৰোকা চৰাইবিধ আমি সকলোৱে হয়তো মন কৰিছোঁ৷ মাছোৰোকা প্ৰকৃততে উজ্বল বৰণৰ সৰু বা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ বৃহৎ মূৰ, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট আৰু ছুটি নেজ এই গোষ্ঠীৰ সকলোবোৰ মাছোৰোকা প্ৰজাতিৰে মূল বৈশিষ্ট্য ৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ইয়াৰে ১৩ বিধ প্ৰজাতি ভাৰতবৰ্ষত দেখা পোৱা যায়৷ ইয়াৰে আকৌ দহ বিধমান মাছোৰোকাৰ প্ৰজাতি অসমত দেখা পোৱা যায়৷ যেনে- বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) , ৰাড্ডী মাছোৰোকা (Ruddy Kingfisher), বগা বুকুৱা মাছৰোকা (White throated Kingfisher), ঝুটিয়া মাছৰোকা (Himalayan Pied Kingfisher), পখৰা মাছৰোকা (Lesser Pied Kingfisher), নীলা মাছোৰোকা (Common Kingfisher) ইত্যাদি৷ এই প্ৰজাতিসমূহৰ ভিতৰত পখৰা মাছোৰোকা (Lesser Pied Kingfisher) হৈছে এবিধ পাকৈত মাছুৱৈ চৰাই৷ আমাৰ বিল, পুখুৰী বা নৈসমূহৰ আশে পাশে এই চৰাইবিধক প্ৰায়ে মাছৰ সন্ধানত পানীলৈ একমনে লক্ষ্য কৰি থকা দেখা যায়৷ চিকাৰ দেখিলেই ই পানীত থকা মাছটোৰ ঠিক ওপৰত পাখি মাৰি উৰি থাকি (hover) লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহুৰ্ত্ততে চো মাৰি পানীলৈ ৰকেটৰ দৰে নামি গৈ মাছটো ঠোঁটেৰে ধৰি তুলি আনে৷

এই পাকৈত মাছুৱৈবিধে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে আৰু পোৱালি জগায়৷ পখৰা মাছোৰোকাই সাধাৰণতে পুখুৰী বা নৈৰ পাৰৰ থিয় পাৰত গাঁত খান্দি বাহ সাঁজে৷ ই এবাৰত ৩-৬ টাকৈ কণী পাৰে৷ পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত এই চৰাইবিধে আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছোৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও অন্য ওচৰ সম্পৰ্কীয় চৰায়ে থাকি পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এই প্ৰাণীবোৰক সহায়কাৰী (helper) বুলি আখ্যা দিয়া হয়৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা প্ৰজননৰ ধাৰণাটোক জীৱবিজ্ঞানৰ ভাষাৰে সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ পূৰ্বতে বিজ্ঞানী সকলে প্ৰায় বিৰল বুলি গণ্য কৰা এই আচৰণ চৰাই চিৰিকটিৰ লগতে শেহতীয়াকৈ বহুতো জীৱ-জন্তুয়েও দেখুৱায় বুলি প্ৰমাণিত হৈছে৷ বৰ্ত্তমানলৈকে গৱেষণাত পোৱা তথ্য অনুসৰি বিশ্বৰ সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ প্ৰজাতিত আৰু কেইবিধমান স্তন্যপায়ী প্ৰাণী তথা মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ বুলি জীৱবিজ্ঞানীসকলে ধাৰণা কৰিছে৷

চৰাইৰ সমাজত স্বয়ম্বৰ প্ৰথা:

মতা ময়ুৰে মাইকীজনীৰ সন্মুখত পেখম ধৰাৰ দৃশ্য
ময়ুৰে পেখম ধৰাৰ কথা আমি সকলোৱে জানো৷ কিন্তু ইয়াৰ আঁৰৰ ৰহস্যটো কি? অন্য কোনো চৰায়ে এনেকৈ পেখম ধৰেনে? আহকচোন, এইবিষয়ে কিছু গম লওঁ৷ অলপ মন কৰিলেই দেখা যায় যে কেৱল মতা ময়ুৰেহে পেখম ধৰে৷ প্ৰকৃততে ময়ুৰ চৰাইৰ এই পেখম ধৰা আচৰণটোৰ মূল উদেশ্য মাইকী ময়ুৰজনীক আকৃষ্ট কৰি নিজৰ বংশবৃদ্ধি কৰাহে৷ মাইকী আৰু মতা ময়ুৰ চৰাইৰ মাজত পাৰ্থক্য চিনাৰ আটাইতকৈ সহজ উপায়টো হৈছে ইয়াৰ ডিঙি অংশৰ বৰণ- মতা ময়ুৰৰ ডিঙি অংশ ডাঠ নীলা ৰঙৰ হোৱাৰ বিপৰীতে মাইকীজনীৰ সেউজীয়া হয়৷ মাইকী ময়ুৰজনীক আকৃষ্ট কৰিবলৈ মতা ময়ুৰবোৰৰ মাজত এক স্বয়ম্বৰ হোৱা দেখা যায়৷ এই প্ৰথাটোক জীৱবিজ্ঞানৰ ভাষাত লেকিং (lekking) বোলা হয়৷ ময়ুৰৰ দৰে অন্য চৰাই, স্তন্যপায়ী জন্তু আৰু সৰীসৃপ কিছুমানেও এনে স্বয়ম্বৰ পতাৰ কথা জনা যায়৷ বিশেষকৈ ‘Pheasants’ গোত্ৰৰ প্ৰায়ভাগ চৰাইৰ ক্ষেত্ৰতে এনে ব্যৱস্থাৰে সংগী নিৰ্বাচন হয়৷ এইক্ষেত্ৰত মতা জন্তু বা চৰাই কিছুমানে এখন বিশেষ ঠাই বাচি লৈ তাত একগোট হয়৷ ইহঁতে বিভিন্ন উপায়েৰে মাইকীজনীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে; কিছুমানে সুমধুৰ গীত জুৰে, কিছুমানে ময়ুৰৰ দৰে পেখম ধৰি প্ৰদৰ্শন কৰে আৰু অন্য কিছুমানে বিশেষ ৰাসায়নিক পদাৰ্থ কিছুমান ক্ষৰণ কৰে ৷ ময়ুৰ চৰাইৰ ক্ষেত্ৰত মতা ময়ুৰে এক নিৰপেক্ষ স্থানত গোট হৈ প্ৰথমে মাইকী ময়ুৰক মাত দি সেই ঠাইলৈ নিমন্ত্ৰণ কৰে৷ মাইকী ময়ুৰজনী আহি পোৱাৰ পিছত ইহঁতে মাত মতা বন্ধ কৰে আৰু পেখম ধৰি নিজৰ দেহৰ সৌষ্ঠব প্ৰদৰ্শন কৰে৷ এনে প্ৰদৰ্শনক ইংৰাজীত ‘courtship display’ বুলি কোৱা হয়৷ মাইকী ময়ুৰবোৰে এনে প্ৰদৰ্শনৰ ভিত্তিতে আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক নিজৰ সংগী হিচাপে নিৰ্বাচন কৰে৷ গতিকে আটাইতকৈ সুন্দৰ মতা ময়ুৰটোৱে সকলোতকৈ বেছিকৈ সংগী লাভ কৰে যাৰ ফলত ইয়াৰ উত্তৰাধিকাৰীও অধিক হয়৷ এনে স্বয়ম্বৰ প্ৰথা ময়ুৰ চৰাইৰ বাহিৰেও অন্য বহুতো চৰাই আৰু কিছুসংখ্যক জন্তুৰ ক্ষেত্ৰত দেখা পোৱা যায়৷

ময়ুৰৰ লগতে অন্য কিছুমান চৰাই তথা জীৱজন্তুৱে এনেদৰে স্বয়ম্বৰ প্ৰথাৰে নিজৰ সংগী বাচি লোৱাৰ মূলতে উৎকৃষ্ট জিন বহনকাৰী সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ উদেশ্য নিহিত হৈ আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

যুঁজাৰু ফেঁচু:

যুঁজাৰু ফেঁচু চৰাই (ফটো- Ram Thakur)
ফেঁচু (Black Drongo,বৈজ্ঞানিক নাম-Dicrurus macrocercus) 'Dicruridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ক'লা বৰণৰ আৰু নেজডাল দকৈ দুভাগ কৈ খাঁজকটা (forked) হয়৷ মতা আৰু মাইকী ফেঁচু দেখাত প্ৰায় একে৷ অৱশ্যে পূণৰ্বয়স্ক নোহোৱা ( Juvenile) ফেঁচুৰ বৰণ সাধাৰণতে মুগা বৰণীয়া হোৱা দেখা যায়৷ সমগ্ৰ ভাৰততে ই এবিধ স্থানীয় চৰাই৷ ফেঁচু চৰায়ে সাধাৰণতে মুকলি ঠাইত চৰে আৰু ই নগৰীয়া পৰিবেশত বসবাস কৰাতো খুবেই অভ্যস্ত৷ এই চৰাইবিধে প্ৰধানকৈ পোক-পতংগ খাই জীয়াই থাকে বাবে খেতি-পথাৰৰ আশে পাশে পৰ্য্যাপ্ত পৰিমাণে ফেঁচু চৰাই দেখা পোৱা যায়৷

এই ফেঁচু চৰাইবিধ আকৌ ইয়াৰ অতিমাত্ৰা আক্ৰমণাত্মক আচৰণৰ বাবে চৰাইৰ সমাজত প্ৰখ্যাত৷ কাউৰী, ঈগলকে ধৰি নিজৰ বাহ থকা এলেকা (টেৰিটৰী)ৰ ভিতৰত সোমোৱা অন্য যিকোনো সৰু-বৰ চৰাইকে ই দলবদ্ধভাৱে আক্ৰমণ কৰি (mob) খেদি পঠিয়ায়৷ সেইবাবে অন্য সৰু আৰু শান্তিপ্ৰিয় চৰাই যেনে কপৌ, বুলবুলি, সখিয়তী আদিয়ে ফেঁচুৰ বাহৰ আশে পাশে বাহ সাঁজে যাতে ফেঁচুৰ দ্বাৰা পৰোক্ষভাৱে ডাঙৰ চিকাৰী চৰাইবোৰৰ পৰা প্ৰতিৰক্ষা পায়৷ নিজৰ সুৰক্ষাকো আওকাণ কৰি এনেকৈ বিপদজনকভাৱে ডাঙৰ বা মাংসাহাৰী চৰাইক আক্ৰমণ কৰাৰ কাৰণ বহুদিন ধৰি বিজ্ঞানীসকলৰ বাবে ৰহস্য হৈয়ে আছিল৷ কিয়নো ফেঁচুৰ দৰে চৰায়ে অন্য মাংসাহাৰী চৰাইক খেদোতে নিজে আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনাও নঘটা নহয়৷ এই প্ৰশ্নৰ উত্তৰ পাবলৈ বিজ্ঞানীসকলে এনে আক্ৰমণাত্মক আচৰণ দেখুউৱা চৰাইৰ বাহৰ আশে পাশে চিকাৰী(predator) চৰাইৰ পুতলা ৰাখি বা তেনে চৰাইৰ মাতৰ ৰেকৰ্ডিং বজাই আক্ৰমণকাৰী চৰাইবিধৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰে৷ ইন্দোনেছিয়াৰ জাভাৰ বৰ্ষাৰণ্যত ফেঁচুৰ ওপৰত কৰা এনে এলানি পৰীক্ষাত পোৱা গৈছে যে ফেঁচুৱে পোৱালি জগোৱাৰ সময়ত অধিক আক্ৰমণাত্মক হৈ উঠে৷ গতিকে এনে আক্ৰমণাত্মক আচৰণ বিশেষকৈ প্ৰজননৰ সময়ত বাহ আৰু পোৱালিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে উদ্ভৱ বুলি ধাৰণা কৰা হয়৷

আমাৰ তেনেই চিনাকি চৰাইবোৰৰ সমাজত এনে বহুতো অচিনাকি আৰু আমোদজনক পৰিঘটনা দেখা পোৱা যায়৷ এই তথ্যসমূহে প্ৰকৃতিৰ ৰহস্যময় জগতখনৰ সম্পৰ্কে কিছু কৌতুহল নিবাৰণ কৰিছে যদিও হাজাৰটা নতুন দিশত অধিক প্ৰশ্নৰো অৱতাৰণা কৰিছে৷

No comments:

Post a Comment