সংগীত বুলিলে আমাৰ মনলৈ সাধাৰণতে মানুহে সৃষ্টি কৰা সংগীতৰ কথাই আহে৷ আমাৰ বহুতৰে অগোচৰেই হয়তো ৰৈ যায় সংগীতৰ অন্য এখন পৃথিৱী- প্ৰকৃতিৰ অপূৰ্ব সংগীতময় জগতখন৷ মানৱ সমাজৰ হিংসা-দ্বেষ, খাম-খেয়ালিৰ পৰা আঁতৰত প্ৰকৃতিৰ কোলাত বসবাস কৰা ক্ষুদ্ৰাকাৰ জীৱৰ পৰা আদি কৰি সকলো পশু-পক্ষীৰ মাজত সংগীতৰ গুৰুত্ব অপৰিসীম৷ কেৱল শ্ৰুতিমধুৰ বাবেই নহয়, সংগীত বহু জীৱ-জন্তু তথা চৰাই চিৰিকটিৰ জীয়াই থকাৰ বাবে এক অতি আৱশ্যকীয় যোগাযোগৰ মাধ্যমো! আহকচোন, প্ৰকৃতিৰ এই বিচিত্ৰ জগতখনৰ সংগীতৰো কিছু আমেজ লওঁ৷
প্ৰকৃতিৰ বহুতো নিৰ্জীৱ মাধ্যমৰ মাজেৰেও সংগীতৰ সৃষ্টি হয় স্বতৰ্স্ফূতভাৱে৷ উদাহৰণস্বৰূপে, কুলু কুলু সুৰেৰে বৈ যোৱা পাহাৰীয়া জুৰিৰ প্ৰাণোচ্ছল গীত, শীতৰ সেমেকা ৰাতি টোপ টোপকৈ গছৰ পাতৰ পৰা সৰি পৰা নিয়ৰৰ টোপালৰ শব্দ, ফাগুণী পছোৱাৰ হো-হোৱনি, সৰাপাতৰ খচমচনি, মেঘৰ গাঁজনি সকলো যেন প্ৰকৃতিৰ অমিয়া গীতৰ একো একোটা কলি! তেনেদৰে প্ৰকৃতিৰ কোলাত বাস কৰা পশু-পক্ষীয়েও এনে সংগীতত তাল নিমিলোৱাকৈ ৰৈ নাথাকে৷ সৰু কীট-পতংগয়ো নিজৰ সাৰ্মথ্যৰে গীতৰ সম্ভাৰ মেলে৷ অৱশ্যে এই সংগীত কেৱল মাত্ৰ মনোৰঞ্জনৰ আহিলা নহৈ পশু-পক্ষীৰ বহুতো প্ৰয়োজনীয় কাৰ্য্য সমাধা কৰাতো ই সহায় কৰে৷ প্ৰায়বোৰ জীৱ-জন্তু তথা চৰাই-চিৰিকটিয়ে এই সুৰীয়া সংগীতেৰে কোনো এলেকাত নিজৰ অধিকাৰ সাব্যস্ত কৰে, বহুতো প্ৰতিযোগীৰ মাজত নিজৰ শ্ৰুতিমধুৰ গীতেৰে লগৰীক আকৰ্ষিত কৰিবলৈ গীত জুৰে৷ বহুতে আকৌ খাদ্যৰ সন্ধান পোৱাৰ কথা বা চিকাৰী জন্তুৰ আগমণৰ বিষয়ে গোটৰ অন্যবোৰক সাৱধান কৰি দিবলৈও বেলেগ বেলেগ সুৰত গীত জুৰে৷
কণমাণি কীট-পতংগ কিছুমানে খুউব তীক্ষ্ন সুৰেৰে গীত গাব পাৰে৷ যেনে গধূলিপৰত আমাৰ সকলোৰে চিনাকী সহস্ৰ জিলি (Cicada)ৰ তীক্ষ্ন মাতে অন্য সকলো কোলাহল থাম কটাই দিবলৈ সক্ষম হয়৷ উইচিৰিঙাই আকৌ মুখেৰে নহয়, পাখিৰ গুৰিত থকা এবিধ বিশেষ ধৰণৰ অংগ (stridulatory organ)ত পাখিৰ ঘঁহনি খুৱাইহে তীব্ৰ শব্দৰ সৃষ্টি কৰে (শুনিবৰ বাবে ইয়াত চাব পাৰে)৷ তেনেদৰে ভেকুলীৰ টোৰটোৰণিয়ে চৌপাশলৈ বৰষাৰ বতৰা আনি দিয়ে৷ এনেধৰণৰ গীতবোৰ প্ৰকৃততে সমস্বৰে গোৱা বাবেহে এনে তীক্ষ্ন হৈ উঠে৷
এই ক্ষুদ্ৰ কীট-পতংগ তথা নিম্নবৰ্গৰ প্ৰাণীসমূহৰ উপৰিও স্তন্যপায়ী জন্তুৱেও গীতৰ ভাষা বুজি পায় আৰু নিজৰ সামৰ্থ্যৰে অংশগ্ৰহণ কৰে৷ পশুৰ মাজত আটাইতকৈ পাকৈত গায়কবোৰৰ ভিতৰত তিমি মাছ অন্যতম৷ ভাৰত মহাসাগৰত দেখা পোৱা
চৰাই-চিৰিকটিৰ সমাজতো সংগীতৰ গুৰুত্ব অপাৰ৷ সকলো পশু-পক্ষীৰ ভিতৰতে চৰাই চিৰিকটিৰ গীত জনপ্ৰিয়৷ দোকমোকালিতে ঘৰচিৰিকাৰ ‘কিচিৰ-মিচিৰ’ মাতে টোপনিৰ পৰা জগাই দিয়াৰ পৰা কুলিৰ ‘কুউ কুউ’ মাতে ব’হাগৰ বতৰা অনা, হুদুৰ ‘নিউ নিউ’ মাতে আমাৰ মনলৈ এক অজান আশংকা আনি দিয়ালৈকে সততে দেখা বা শুনা পোৱা কিছুমান চৰাইৰ সংগীতৰ সৈতে আমি কম-বেছি পৰিমাণে পৰিচিত৷ বেলেগ বেলেগ চৰাইৰ মাত বেলেগ বেলেগ হয় বুলি আমি সকলোৱে জানো৷ বহুতো চৰাইৰ আকৌ মাত আৰু গানো বেলেগ বেলেগ হয়৷ এনে চৰাইৰ গান সাধাৰণতে মাততকৈ দীঘলীয়া আৰু জটিল হয়৷ চৰাইৰ পেছ্ছেৰিফৰমিছ (Passeriformes) নামৰ বৰ্গটোত গান গোৱা চৰাইৰ পয়োভৰ আটাইতকৈ বেছি৷

![]() |
হাম্পবেক তিমি-সুদক্ষ গায়ক |
হাম্পবেক তিমি (humpback whale) য়ে বেলগ বেলেগ কম্পনাংক বিশিষ্ট এনে কিছুমান শব্দ কৰে যাক তিমিৰ গীত (whale song) বুলি জনা যায়৷ সাগৰীয় জীৱবিজ্ঞানী সকলে এই গীতক প্ৰাণীজগতৰ আটাইতকৈ জটিল গীত সমূহৰ ভিতৰত এটা বুলি স্বীকৃতি দিছে৷ অতীজৰে পৰা নাৱিক সকলে এই গীত শুনি আহিছিল যদিও পোনপ্ৰথমবাৰৰ বাবে ইয়াক ৰেকৰ্ডিং কৰা হয় পঞ্চাছৰ দশকত৷ তাৰো এটা দশকৰ পিছতহে বিজ্ঞানীসকলে এই গীত হাম্পবেক তিমিয়ে গায় বুলি প্ৰমাণ কৰিবলৈ সক্ষম হয়৷ এই গীত বিশেষকৈ প্ৰজনন কালত শুনিবলৈ পোৱা যায়৷ ইহঁতে একো একোটা গান ৮-১৫ মিনিট পৰ্যন্ত গায়৷ এই গানবোৰৰ বিষয় (theme) তথা কথাংশ (phrase) বেলেগ বেলেগ হয়৷ মাইকী তিমিক আকৰ্ষিত কৰিবলৈকে মতা তিমিয়ে এনেদৰে গান গায় বুলি বিজ্ঞানীসকলে ধাৰণা কৰে৷ আশ্চৰ্য্যজনক ভাৱে, এই গীতৰ ধৰণ সময়ৰ লগে লগে পৰিৱৰ্তিত হৈ আহিছে বুলিও তথ্য পোৱা গৈছে৷ (শুনিবৰ বাবে ইয়াত চাওক)
![]() |
মতা আৰু মাইকী গিবন বান্দৰ |
তেনেদৰে অসমৰ গিবন অভয়াৰণ্য আৰু অন্যান্য অঞ্চলত বসবাস কৰা গিবন বান্দৰ (Western hoolock gibbon)ৰ মাজত আকৌ প্ৰজননৰ সময়ছোৱাত মতা আৰু মাইকী বান্দৰে মিলি বিশেষ এবিধ প্ৰেমৰ গীত গায়, যাক দ্বৈত সংগীত (duet) বুলি কোৱা হয়৷ মতা গিবন বান্দৰে চুটি কিন্তু উচ্চ নোট(high notes) ত এই গীত আৰম্ভ কৰে আৰু তাৰ পিছতেই মাইকীজনীয়ে যোগ দিয়ে৷ ই প্ৰজনন কালত নিজৰ এলেকা (territory) ৰক্ষাত তথা মতা-মাইকীৰ যোৰ পতাত সহায় কৰে(শুনিবৰ বাবে ইয়াত চাওক)৷
চৰাই-চিৰিকটিৰ সমাজতো সংগীতৰ গুৰুত্ব অপাৰ৷ সকলো পশু-পক্ষীৰ ভিতৰতে চৰাই চিৰিকটিৰ গীত জনপ্ৰিয়৷ দোকমোকালিতে ঘৰচিৰিকাৰ ‘কিচিৰ-মিচিৰ’ মাতে টোপনিৰ পৰা জগাই দিয়াৰ পৰা কুলিৰ ‘কুউ কুউ’ মাতে ব’হাগৰ বতৰা অনা, হুদুৰ ‘নিউ নিউ’ মাতে আমাৰ মনলৈ এক অজান আশংকা আনি দিয়ালৈকে সততে দেখা বা শুনা পোৱা কিছুমান চৰাইৰ সংগীতৰ সৈতে আমি কম-বেছি পৰিমাণে পৰিচিত৷ বেলেগ বেলেগ চৰাইৰ মাত বেলেগ বেলেগ হয় বুলি আমি সকলোৱে জানো৷ বহুতো চৰাইৰ আকৌ মাত আৰু গানো বেলেগ বেলেগ হয়৷ এনে চৰাইৰ গান সাধাৰণতে মাততকৈ দীঘলীয়া আৰু জটিল হয়৷ চৰাইৰ পেছ্ছেৰিফৰমিছ (Passeriformes) নামৰ বৰ্গটোত গান গোৱা চৰাইৰ পয়োভৰ আটাইতকৈ বেছি৷
![]() |
অষ্ট্ৰেলিয়াত পোৱা লায়াৰ চৰাই, যি শুনা পোৱা প্ৰায়বোৰ মাতৰে নকল কৰিব পাৰে |
গিবন বান্দৰৰ দৰে বহুতো চৰাইৰ মাজতো দ্বৈত গান গোৱাৰ প্ৰবৃত্তি আছে৷ মতা আৰু মাইকী চৰায়ে তাল মিলাই এনেদৰে গীত জুৰে যে শুনিলে একেটা চৰায়ে গোৱা যেনেই ভাৱ হয়৷ উদাহৰণস্বৰূপে, ‘Puff-throated babbler’ নামৰ সৰু আকাৰৰ চৰাইবিধে একেলগে গীত জুৰিলে ইমানেই সমকালিকভাৱে সংঘটন (synchronise) ঘটাই যে দুটা চৰায়ে মিলি একেলগে গাইছে বুলি বিশ্বাস কৰাই টান হৈ পৰে (শুনিবৰ বাবে ইয়াত চাব পাৰে)৷ এই দীঘলীয়া মাতটোৰ দুটা অংশ থাকে, এটা অংশ মতা চৰায়ে গাই শেষ কৰাৰ লগে লগে মাইকী চৰাইজনীয়ে পিছৰ অংশ গাবলৈ আৰম্ভ কৰে আৰু এনেদৰে দুয়ো মিলি বাৰে বাৰে গোৱা বাবে গীতটো সম্পূৰ্ণ হৈ উঠে৷ বহুতো চৰায়ে আকৌ অন্য বহুতৰ, আনকি মানুহৰো মাতৰ সুবহু নকল কৰিব পাৰে৷ অষ্ট্ৰেলিয়াৰ লায়াৰ চৰাই (Lyrebird)য়ে নিজে শুনিবলৈ পোৱা বিছ টাতকৈও অধিক চৰাইৰ মাতৰ উপৰিও অন্যান্য শব্দ যেনে গাড়ীৰ ইঞ্জিন, কুকুৰৰ ভুকভুকনি, কেচুৱাৰ কান্দোন, অগ্নি নিৰ্বাপক এলাৰ্ম আদিৰ হুবহু নকল কৰিব পাৰে(লায়াৰ চৰাইৰ গীত) তেনেদৰে আমাৰ অসমত দেখা পোৱা ভীমৰাজ (Greater Racket-tailed Drongo), দহিকতৰা (Oriental Magpie Robin) আদি চৰায়েও অন্য চৰাইৰ গীত নকল কৰাত খুবেই পাকৈত৷
চৰাইৰ গানে চৰাইটোৰ যোগ্যতা(fitness) তথা সুস্বাস্থ্যৰ ইংগিত বহন কৰে বুলি জনা যায়৷ সেয়ে ভালকৈ গান গাব জনা মতা চৰায়ে যোগ্য মাইকী চৰাইক আকৰ্ষিত কৰি প্ৰজননতো সফল হয়৷ তাৰোপৰি চৰায়ে চিকাৰীৰ অৱস্থিতি সম্পৰ্কে অন্য চৰাইক সতৰ্ক কৰিবলৈ (alarm calls), চিকাৰীক জুম পাতি খেদিবলৈ (Mobbing calls) অথবা মাক-দেউতাকে নিজৰ পোৱালি চৰাই চিনাক্ত কৰিবলৈও মাত দিয়ে৷
এনেদৰেই আমাৰ বহুতৰে অলক্ষিতেই প্ৰকৃতিৰ এই অমিয়া জগতখন সংগীতময় হৈ আছে৷ আৰু আপাত দৃষ্টিত বিশেষ অৰ্থপূৰ্ণ যেন নালাগিলেও এই সংগীতেই পশু-পক্ষীৰ সমাজত জীয়াই থকাৰ সংগ্ৰামৰ স’তেও ওত:প্ৰোতভাৱে জড়িত হৈ আছে৷
সহায়ক সূত্ৰ:
http://www.xeno-canto.org/browse.php?dir=0&order=xc
http://www.whaletrust.org/whales/whale_song.shtml
http://www.gibbons.de/main2/08teachtext/facthoolock/hoolockfact.html
http://www.theprimata.com/hylobates_hoolock.html
জুলাই, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গ ত প্ৰকাশিত

তথ্যপূৰ্ণ।
ReplyDeleteধন্যবাদ :)
Delete