Saturday, 20 September 2008

তুমি অহাৰ কথা আছিল

 
তুমি অহাৰ কথা আছিল
ব্যাকুল প্ৰতীক্ষাই ধুৱাই নিয়া বাটটোৰে
এবুকু অবুজ হাহাঁকাৰ সামৰি ল'বলৈ আলফুলে
আউসীৰ চোতালত মুঠি মুঠি জোনাক সিঁচিবলে
 
তুমি অহাৰ কথা আছিল


 
আকাশচুম্বী এপার্টমেন্টৰ সলনি
তোমাক আদৰাৰ কথা আছিল
ৰঙা কৃষ্ণচূড়াৰ ঠিকনাৰে
সুগন্ধি বাটটোৰে দুয়ো একেলগে
অলপ খোজকঢ়াৰ কথা আছিল
দুটিমান নীৰৱ মুহুর্ত্ত
মৌনতাৰে মুখৰ কৰি তোলাৰ কথা আছিল
দুয়ো একেলগে আওঁৰোৱাৰ কথা আছিল
এটা মংগলময় প্ৰার্থনা
 
তুমি অহাৰ কথা আছিল
কাৰণ আহিম বুলি তুমি কথা দিছিলা
 
এতিয়া ইয়াত উদাসী সুৰ
কৃষ্ণচূড়া বিৱর্ণ অকলশৰীয়া
মর্মাহত অপেক্ষাৰ বাট
সকলোৰে আঁৰত
শব্দময় হৃদয়ৰ সজল মৌনতা
তুমি যে নাহিলা
তুমি যে নাহিলা।