Tuesday 14 July 2015

অসমৰ জৈৱবৈচিত্ৰ্য ৪: বনৌষধি আৰু সুগন্ধি উদ্ভিদ

আধুনিক চিকিৎসা বিজ্ঞানৰ সংস্পৰ্শ পোৱাৰ বহু আগৰে পৰা মানৱ সমাজে প্ৰকৃতিৰ বিভিন্ন তৰু-লতাৰ নানা অংশ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰি আহিছে৷ ৰোগ নিৰাময়ৰ এই পৰম্পৰাগত প্ৰথা ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে৷ আধুনিক বিশ্বতো বৰ্তমান এই বনৌষধি সমূহৰ বহুল ব্যৱহাৰ হৈছে আৰু এইবোৰৰ ঔষধি গুণাগুণ সম্পৰ্কে নিত্য নতুন তথ্য পোৱা গৈছে৷ ফলত ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান বিশ্বত বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ এক ক্ৰমবৰ্ধমান বাণিজ্য গা কৰি উঠিছে৷


ভাৰতত পোৱা বনৌষধিৰ সংখ্যা সঠিককৈ জনা নাযায় যদিও পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হৈ অহা বনৌষধি ৩০০০-৮০০০ বিধ প্ৰজাতি বুলি ঠাৱৰ কৰা হয়৷ ভাৰতৰ ছটা পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে, আয়ুৰ্বেদ, হোমিঅ’পেথি অদিকে ধৰি অন্যান্য প্ৰকাশিত গৱেষণাপত্ৰৰ পৰা যুগুতোৱা ভাৰতীয় বনৌষধিৰ তথ্যভাণ্ডাৰত বৰ্তমানলৈ ৭২৬৩ বিধ বনৌষধিৰ উল্লেখ আছে৷ অৱশ্যে ভাৰতবৰ্ষত পোৱা প্ৰায় ৪৫,০০০ উদ্ভিদৰ ভিতৰত ৩৫,০০০ ত কৈও অধিক উদ্ভিদ ঔষধি গুণসম্পন্ন বুলি দাবী কৰা হয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ৰোগ নিৰাময়ৰ বাবে এনে বনৌষধিৰ ব্যৱহাৰ হয়৷

জৈব-বৈচিত্ৰ্যৰ এক ’হট স্পট’ উত্তৰ-পূৰ্বাঞ্চলৰ বনৌষধি তথা সুগন্ধি উদ্ভিদ সম্পৰ্কে বৈজ্ঞানিক তথ্য সীমিত ৷ কিন্তু প্ৰাচীন কালৰে পৰা অসমৰ থলুৱা ৰাইজে পৰম্পৰাগতভাৱে নানা বনৌষধিৰ ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰে কিছু সংখ্যকৰ ঔষধি গুণাগুণ বৈজ্ঞানিকভাৱে প্ৰমাণিত যদিও অনেক উদ্ভিদ সম্পৰ্কে বৰ্তমানো বৈজ্ঞানিক তথ্য তেনেই সীমিত৷

এবিধ উল্লেখযোগ্য বনৌষধি-ব্ৰাহ্মীশাক
অসমীয়া নিত্যনৈমিত্তিক খাদ্যৰ অন্তৰ্ভুক্ত প্ৰায়বোৰ শাক-পাচলি ঔষধি গুণসম্পন্ন বুলি তথ্য পোৱা যায়৷ উদাহৰণস্বৰূপে, পিয়াঁজ (Allium ascalonicum) দাঁতৰ বিষত, নহৰু (Allium sativum) উচ্চ ৰক্তচাপ, বহুমূত্ৰ, গেষ্ট্ৰিক আদিৰ নিয়ন্ত্ৰণত  ভোট জলকীয়া (Capsicum chinense) পেটৰ নানা সমস্যা নিৰাময়ত ব্যৱহাৰ হয়৷ তেনেদৰে, বৰ-কচু (Alocasia macrorrhiza) আঁঠুৰ যোৰাৰ বিষত, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ (infections), বৃক্কৰ পাথৰ, বদহজমৰ সমস্যাত,অমিতা (Carica papaya) অজীৰ্ণতা, কৌষ্ঠকাঠিন্য, ছালৰ ৰোগ আদিত, ঔটেঙা (Dillenia indica) গ্ৰহণী, জ্বৰ, চুলিৰ নানা সমস্যা আদিত, জাতি লাউ (Lagenaria vulgare) হৃদৰোগ, কৌষ্ঠকাঠিন্য, বৃক্কৰ ৰোগত, তিতা কেৰেলা (Momordica charantia) গ্ৰহণী, জ্বৰ, পেটৰ অন্যান্য ৰোগ নিৰাময়ত আৰু ভাত কেৰেলা (Momordica cochinchinensis) বৃক্কৰ পাথৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ সেউজীয়া শাকৰ ঔষধি গুণ সৰ্বজনবিদিত অসমীয়া খাদ্যত সহজলভ্য এনে বনৌষধি শাক কিছুমানৰ উল্লেখযোগ্য ব্যৱহাৰ হ’ল, বৰ মানিমুনি (Centella asiatica) তেজৰ বিশুদ্ধিকৰণত, জিলমিল শাক (Chenopodium album) পেটত বিষ নিৰাময়ত, ব্ৰাহ্মীশাক (Bacopa monnieri) মৃগীৰোগ, কাহ, জ্বৰ, বহুমূত্ৰ আদি ৰোগ নিৰাময় আৰু সঞ্জীৱনীদায়ক (rejuvinative), মছন্দৰী (Houttuynia cordata) এলাৰ্জী উপশমত, দোৰোণ (Leucas aspera) যকৃতৰ ৰোগ, মূৰৰ বিষ, আভোক আদিত আৰু পদিনা (Mentha viridis) গ্ৰহণী নিৰাময়ত সহায় হয় বুলি জনা যায়৷ অন্যান্য শাক-পাচলি ৰূপে অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত বনৌষধি কিছুমান হৈছে, তেজপাত (Cinnamomum tamala), চজিনা (Moringa oleifera), আদা (Zingiber officinale) , জালুক (Piper nigrum), ডালচেনি (Cinnamomum zeylanicum), কোটাহী বেঙেনা ( Solanum phasianum) আদি৷ 

অন্য কিছুমান উদ্ভিদ মূলত: ঔষধি গুণৰ বাবেই অসমত খাদ্য হিচাপে গ্ৰহণ কৰা হয় ৷ উদাহৰণস্বৰূপে, বগা বাহক (Adhatoda vasica) কাহ আৰু এলাৰ্জীৰ সমস্যাত, চালকুৱঁৰী (Aloe barbadensis) জুয়েপোৰা আঘাত উপশম আৰু পেটৰ সমস্যাত, দূপৰ টেঙা (Kalanchoe pinnata) বৃক্কৰ পাথৰ, গ্ৰহণীকে ধৰি পেটত অসুখ, জণ্ডিচ, জ্বৰ আদিত আৰু মহানিম (Azadirachta indica) ছাল আৰু পেটৰ ৰোগ আদিত ব্যৱহাৰ হয় ৷ তাৰোপৰি শুকলতি (Perilla ocimoides), বিয়নীসাবটা (Desmodium laxiforum) , বন্দৰ কেকোঁৱা (Mucuna prurita), বচ গছ (Acoras calamus), চতিয়না (Alstonia scholaris), দূবৰি বন (Cynodon dactylon), যমলাখুটি (Clerodendron siphonanthus), নিলাজীবন (Mimosa pudica) আদিও অসমত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা বনৌষধি৷ এই বনৌষধি সমূহৰ বিভিন্ন অংশ যেনে, শিপা, পাত, কাণ্ড, ফল আদি ৰোগ নিৰাময়ত ব্যৱহাৰ হয়৷ 

তেনেদৰে অসমত থলুৱাভাৱে পোৱা ফল-মূলসমূহেও নানা ৰোগ নিৰাময়ত সহায় কৰে৷ বেল (Aegle Marmelos) গ্ৰহনী, অৰ্শ, জ্বৰ, জণ্ডিচ আদিত , মাটিকঁঠাল (Ananas comosus) জুয়েপোৰা আঘাত উপশমত, আতলচ (Annona squamosa) তেজত শৰ্কৰাৰ পৰিমাণ কমাবলৈ , কঁঠাল (Artocarpus integrifolia) মূৰৰ বিষ, বহুমূত্ৰ, এজমা, জ্বৰ, মৃগীৰোগ আদিত , কৰ্দৈ (Averrhoa carambola) হজমশক্তি বৃদ্ধি কৰিবলৈ, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ, বৃক্কৰ পাথৰ, অজীৰ্ণতা আদিৰ নিৰাময়ত, কলা-জামু (Eugenia jambolana) বহুমূত্ৰ, অজীৰ্নতা, উচ্চ ৰক্তচাপ আদি নিয়ন্ত্ৰণত, ডিমৰু (Ficus glomerata) যকৃতৰ সমস্যাত , আখৰুট (Juglans regia) আঘাত, আঁঠুৰ যোৰাত বিষ আদিত ব্যৱহাৰ কৰা হয়৷ অন্যান্য ঔষধি গুণসম্পন্ন ফল-মূল হৈছে, জুতুলীপকা (Rubus moluccanus) , কেঁহৰাজ (Eclipta alba), শিলিখা (Teminalia chebula), আমলখি (Phyllanthus emblica) ইত্যাদি ৷

কিছুসংখ্যক ফুলৰ প্ৰজাতিও অসমত বনৌষধি হিচাপে ব্যৱহৃত হয়৷ উদাহৰণস্বৰূপে, শেৱালি (Nyctanthes arbortristis) কাহ, মেলেৰিয়া, পেলু, জ্বৰ, বহুমূত্ৰ ৰোগ নিৰাময়ত, সোণাৰু (Cassia fistula) মুখৰ ঘাঁ, গ্ৰহণী, কাহ, পেটৰ বিষত, বকুল (Mimusops elengi) জ্বৰ, দাঁতৰ বিষত উপশমৰ বাবে অসমীয়াই ব্যৱহাৰ কৰে৷ অন্যান্য বনৌষধি ফুলৰ ভিতৰত শতমূল (Asparagus racemoses), জবা (Hibiscus rosa sinensis), মদাৰ (Erythrina indica), নয়নতৰা (Vinca rosea), ধঁতুৰা (Datura stragmonium) আদি প্ৰধান৷ 

প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা সুগন্ধি উদ্ভিদ পাছাউলি
প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা সম্পন্ন অসমৰ সুগন্ধি উদ্ভিদসমূহৰ ভিতৰত অৰ্জুন গছ , পাছাউলি,গান্ধ বিৰিণা, অগৰ, নেমু ঘাঁহ আদি উল্লেখযোগ্য ৷ পাছাউলি (Patchouli) এবিধ জোপোহা তৃণজাতীয় সুগন্ধি উদ্ভিদ (aromatic herb) য’ৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰা হয়৷ ইয়াৰ সুগন্ধৰ বাবে পাৰফিউম, চাবোন, প্ৰসাধন সামগ্ৰী আৰু অন্যান্য সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰাত ইয়াৰ বহুল ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই তেলে হতাশাৰোধক (anti depressent) হিচাপে আৰু আঘাত উপশমতো সহায় কৰে৷ সমগ্ৰ বিশ্বতে পাছাউলিৰ উৎপাদন বাৰ্ষিক প্ৰায় ২০০০ টন বুলি জনা যায় ৷ তেনেদৰে চিত্ৰনেলা (Cymbopogon winterianus)-ৰ পৰা নিষ্কাষিত তেলত চিত্ৰনেলেল (citronellal), জেৰানিয়ল (geraniol), হাইড্ৰক্সি চিত্ৰনেলল (hydroxy citronellol) আদিয়ে সুগন্ধ প্ৰদান কৰে৷ সেয়ে ইয়াৰ তেল চাবোন, ডিটাৰজেন্ট, প্ৰসাধন সামগ্ৰী, ধূপ আদি সুগন্ধি কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়৷ নেমু ঘাঁহ (Cymbopogon flexuosus) অসমত পোৱা অন্য এবিধ সুগন্ধি ঘাঁহ৷ ইয়াত চাইত্ৰেল (citral ) নামৰ এক চাইক্লিক ম’ন’টাৰপিন (cyclic monoterpene) থাকে যি ঘাঁহবিধক নেমুৰ দৰে এক সুগন্ধি প্ৰদান কৰে৷ এই নেমু ঘাঁহৰ পৰা প্ৰস্তুত কৰা নেমু ঘাঁহ তেল প্ৰসাধন সামগ্ৰী, পাৰফিউম আৰু পানীয়ত সুগন্ধ আনিবলৈ ব্যৱহাৰ কৰা হয়৷ সমগ্ৰ বিশ্বতে বছৰি প্ৰায় ১৩০০ মেট্ৰিকটন নেমু ঘাঁহ ব্যৱহৃত হয়৷ অসমত পোৱা অন্যান্য সুগন্ধি উদ্ভিদৰ ভিতৰত গান্ধ বিৰিণা (Vetiveria zizanioides)-ৰ শিপাৰ তেল আৰু সুগন্ধমন্ত্ৰী (Homalomena aromatica) ৰ সুগন্ধি ৰাইজ’ম চাবোন, প্ৰসাধন সামগ্ৰী, পান মছলা, ধূপ আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হয়৷ গান্ধ বিৰিণাৰ শামক গুণ (cooling properties) থকা বুলিও জনা যায়৷ অসমৰ বৰাক উপত্যকাৰ পৰা প্ৰতিবছৰে প্ৰায় ৪০০ মেট্ৰিক টন সুগন্ধমন্ত্ৰীৰ ৰাইজ’ম ভাৰতৰ বিভিন্ন অঞ্চললৈ যায় ৷ অসমৰ অগৰ (Aquilaria agallocha) তেলৰো ব্যৱহাৰ আৰু বিনিয়োগৰ সম্ভাৱনা অনেক৷ ইয়াৰ দীৰ্ঘসময় অক্ষুণ্ণ থকা সুগন্ধৰ বাবে অগৰ অত্যাধিক মূল্যৰ পাৰফিউমত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ 

1 comment:

  1. এবাৰ ফল দি মৰা গছক কিয় "ঔষধি" বুলি কোৱা হয়?

    ReplyDelete