Tuesday 14 July 2015

অসমৰ জৈৱবৈচিত্ৰ্য ৫: অৰ্কিড

জৈব-বৈচিত্ৰ্যৰ আকৰ অসমৰ গাঁৱে-ভূঞে তথা বনাঞ্চলসমূহত অনেক প্ৰজাতিৰ অৰ্কিড দেখা পোৱা যায় ৷ ইয়াৰে কিছুসংখ্যক অৰ্কিডে অসমৰ লোকসংস্কৃতিতো বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ উদাহৰণস্বৰূপে, কপৌফুল ৰঙালী বিহুৰ এক অপৰিহাৰ্য অংগ৷ কপৌ ফুল অবিহনে বিহুৱতীৰ সাজ-সজ্জাই, বিহুৰ উদযাপনে পৰিপূৰ্ণতা নাপায়৷ তেনেদৰে ভাটৌফুলৰো অসমীয়া সমাজত সমাদৰ আৰু চাহিদা যথেষ্ট৷ 



অৰ্কিড ’অৰ্কিডেচি’ নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ একবীজপত্ৰী উদ্ভিদ ৷ ৰং বিৰঙী মনোমোহা ফুলবোৰৰ একক সজ্জাৰ বাবেই এইবোৰক পৃথক শ্ৰেণীৰ মৰ্য্যদা দিয়া হৈছে৷ অৰ্কিড ফুলৰ তিনিটাকৈ বেটুপাত আৰু পাহি থাকে; বেটুপাত তিনিটা সমান আকৃতিৰ কিন্তু এটা পাহি ৰূপান্তৰিত যাক ওঁঠ বুলি কোৱা হয়৷ এই বেটুপাত আৰু পাহিকেইটা এনেদৰে একান্তৰভাৱে সজ্জিত হৈ থাকে যে দেখাত ছটা পাহিৰ ফুল যেন ধাৰণা হয়৷ বেছিভাগ অৰ্কিডেই পৰাশ্ৰয়ী (Epiphyte) অৰ্থাৎ অন্য গছত আশ্ৰয় লৈ থাকে যদিও কিছুমান স্থলজ (Terrestrial) অৰ্কিডো পোৱা যায়৷ তেনেদৰে মৃত বা পচা গছত আশ্ৰয় লোৱা অৰ্কিডো (Saprophye) থাকে৷ পৰাশ্ৰয়ী অৰ্কিডসমূহে শিপাত থকা ’ভেলামেন’ নামৰ বিশেষ তন্তুৰ সহায়ত বতাহৰ পৰা জলীয় বাষ্প আহৰণ কৰে ৷ 

ভাৰতত পোৱা ১৩০০ মান প্ৰজাতিৰ ভিতৰত অসমত ৭১ গণৰ অন্তৰ্গত ১৯৩ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা গৈছে ৷ ইয়াৰে ২৭ বিধ প্ৰজাতি কেৱল অসমতহে পোৱা যায় (endemic) ৷ তেনে কেইবিধমান অৰ্কিড প্ৰজাতি হ’ল- ফেলেন’পছিছ মাষ্টাৰছি (Phalaemopsis Mastersii), ডেনড্ৰবিয়াম মিছেৰাম (Dendrobium Miserum), এৰিয়া পুমিলা (Eria Pumila), ইউল’ফিয়া কেনডিডা (Eulophia Candida), ফলিডটা কেলচিয়েটা (Pholidata Calceata), পেফিঅ’পেডিয়াম স্পাইচেৰিয়েনাম (Paphiopedium Spicerianum), টাইনিয়া বাৰবাটা (Tainia Barbata), বাল্ব’ফাইলাম অবেৰিয়েনাম (Bulbophyllum Oberienianum) আদি ৷ অসমৰ কাছাৰ ,কাৰ্বি আংলং, দিহিং পাটকাই, নামবৰ আদি অঞ্চল অৰ্কিডত চহকী বুলি জনা যায়৷ 

কেৱল অসমত পোৱা অৰ্কিড- ফেলেন’পছিছ মাষ্টাৰছি,
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অসমত পোৱা অন্যান্য দুষ্প্ৰাপ্য পৰাশ্ৰয়ী অৰ্কিডৰ ভিতৰত উল্লেখযোগ্য হৈছে বাল্ব’ফাইলাম এপ’ডাম (Bulbophyllum apodum), ক্ৰিছ’গ্লছাম আৰনেটাম (Chrysoglossum ornatum), ক্লেইছ’ষ্টমা লিনেৰিল’বেটাম (Cleisostoma linearilobatum), ক্লেইছ’ষ্টমা ছিমণ্ডি (Cleisostoma simondii), চাৰকান্থাছ টেৰেটিফ’লিয়াছ (Sarcanthus teretifolius), ক্লেইছ’ষ্টমা চেইডেনফাডেনি (Cleisostoma seidenfadenii), কটন চেম্পিয়নি (Cotton championii), ডিপ্ল’প্ৰৰা চেম্পিয়নি (Diploprora championii), এৰিয়া ক’নেটা (Eria connata), এৰিয়া ফেৰুজিনিয়া (Eria ferruginea), চাৰক’কিলাছ ক্ৰেপিডিফ’ৰমিছ (Sarcochilus crepidiformis), ইউপ্ৰব’ছিছ পিগমিয়া (Euproboscis pygmaea) থ্ৰিকছস্পাৰনাম ন’টেবাইল (Thrixspermum notabile), থ্ৰিকছস্পাৰনাম পিগমিয়াম (Thrixspermum pygmaeum) ইত্যাদি৷ আপুৰুগীয়া স্থলজ অৰ্কিডৰ ভিতৰত ক’লাবিয়াম চাইনেনছ (Collabium chinense), ইপছিয়া ৰায়ানা (Ipsea wrayana), বাঁহ অৰ্কিড (Arundina graminifolia), কেলেন্থে মাচুকা (Calanthe masuca) আদিয়ে প্ৰধান ৷

অসমত পোৱা এবিধ স্থলজ অৰ্কিড কেলেন্থে মাচুকা
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অপৰূপ সৌন্দৰ্য তথা বৈচিত্ৰ্যৰ উপৰিও বহুতো অৰ্কিড প্ৰজাতিৰ বনৌষধি হিচাপেও সমাদৰ আছে৷ অৰ্কিডত থকা ঔষধিগুণ সম্পন্ন এলকালয়ড (alkaloids), ট্ৰিটাৰপেনইডছ (triterpenoids), ফ্লেভনয়ড (flavonoids) আৰু ষ্টিলবেন’ইডছ (stilbenoids) আদি ৰাসায়নিক উপাদানে নানা ৰোগ নিৰাময়ত সহায় কৰে বুলি তথ্য পোৱা গৈছে ৷ উদাহৰণস্বৰূপে, অসমীয়া সমাজত সকলোৰে প্ৰিয় অৰ্কিড কপৌফুলৰ শিপা আৰু ফুল উভয়ৰে ঔষধি গুণ আছে৷ ইয়াৰ শিপা হাড়ৰ বিভিন্ন ৰোগ নিৰাময়ত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে ৷ তাৰোপৰি কপৌফুলৰ ৰসে জণ্ডিচ, শ্বাসতন্ত্ৰৰ সমস্যা, পেটৰ অসুখ, কাহ, জ্বৰ, বিষ, বাতৰোগ নিৰাময়ত সহায় কৰে বুলিও জনা যায়৷ তেনেদৰে ডেন্দ্ৰ’বিয়াম ক্ৰুমেনেটিভ (Dendrobium crumenative), ইউল’ফিয়া কেম্পেছট্ৰিছ (Eulophia campestris), অৰ্কিছ লেটিফ’লিয়া (Orchis latifolia), ভেণ্ডা ৰক্সবাৰ্ঘি (Vanda roxburghii) আৰু ভেণ্ডা টেছেলাটা (Vanda tessellata) ৰ ঔষধি গুণ সম্পৰ্কেও বৈজ্ঞানিক তথ্য পোৱা গৈছে৷

শেহতীয়াকৈ বহুসংখ্যক অৰ্কিডেই প্ৰাকৃতিক পৰিবেশ ধ্বংস, ঔদ্যোগিকৰণ, প্ৰদূষণ আদিৰ বাবে বিপন্ন হোৱাৰ পথত৷ আই ইউ চি এনৰ ৰঙা তালিকাত বিলুপ্তপ্ৰায় (Endangered) ৰূপে চিহ্নিত কৰা অসমৰ অৰ্কিড প্ৰজাতিসমূহ হ’ল -এপ্লেট’নছ পাফিঅ’পেডিলাম (Appleton’s Paphiopedilum), চাৰ্লছৱৰ্থ পাফিঅ’পেডিলাম (Charlesworth Paphiopedilum), স্পাইচাৰছ পাফিঅ’পেডিলাম (Spicer’s Paphiopedilum) আৰু চাৰ্মিং পাফিঅ’পেডিলাম (Charming Paphiopedilum)৷ তাৰোপৰি এই তালিকাত ৱিল’জ পাফিঅ’পেডিলাম (Villose Paphiopedilum) নামৰ অৰ্কিড বিধকো অসুৰক্ষিত (Vulnerable) ৰূপে গণ্য কৰা হৈছে৷ এই আপুৰুগীয়া অৰ্কিডসমূহৰ স্থিতিৰ সঠিক তথ্য সংগ্ৰহ তথা ইয়াৰ ভাবুকিসমূহৰ নিয়ন্ত্ৰণ কৰি সংৰক্ষণ কৰাটো অতীব প্ৰয়োজনীয় ৷

No comments:

Post a Comment