Sunday 31 December 2017

২০১৭ চনৰ মোৰ প্ৰিয় দহটা অসমীয়া গীত

সাধাৰণ শ্ৰোতা হিচাপে গান শুনো, শুনি ভাল পাওঁ৷  কথা, সুৰ, কন্ঠ বা গান এটাই কঢ়িয়াই অনা সুন্দৰ অনুভৱখিনিৰ বাবেও মোৰ প্ৰিয় হৈ পৰে৷ অসমীয়া চিৰসেউজ গীতসমূহে দৈনন্দিন জীৱনৰ প্ৰায়বোৰ মুহুৰ্ত জীপাল কৰি ৰখাৰ মাজত সময়-সুবিধা অনুযায়ী ইউটিউবত উপলব্ধ দুই-এটি নতুন গীতো শুনাৰ বা চোৱাৰো অৱকাশ ওলায়৷ বিশেষকৈ অসমীয়া গীতৰ আগ্ৰহী শ্ৰোতা বন্ধুৱে ভাল লগা নতুন গানবোৰৰ নিয়মীয়াকৈ খৱৰ ৰাখে বাবে মোৰো এবাৰ শুনি চাবলৈ সুবিধা ওলায়৷ এনে কিছুমান গীতৰ মাজৰ পৰা ২০১৭ চনৰ বিদায়ৰ সন্দিক্ষণত বছৰটোৰ প্ৰিয় দহটা গানৰ তালিকা এখন কৰাৰ ইচ্ছা হ’ল৷ সস্তীয়া জনপ্ৰিয়তাৰ বাবে হিন্দী গানৰ অন্ধ অনুকৰণ কৰি তৰল কথা বা দৃশ্যকটু ভিডিঅ’ৰে চকু-কাণক কষ্ট দিয়া ইউটিউবত উপলব্ধ অলেখ অসংখ্য বেসুৰা অসমীয়া গীতৰ মাজত  এনে মন পৰশা গীতবোৰ সঁচাই আশাৰ এটাকৈ উজ্বল ৰেঙণি যেন৷ আশাকৰোঁ, অনাগত বছৰটোত এনে বহুতো হৃদয়স্পৰ্শী নতুন গীত দেখিবলৈ পাম৷

১) মাজুলী
কন্ঠ আৰু সুৰ: নীলোৎপল বৰা
কথা: শান্তনু  ৰৌমুৰীয়া

নীলোৎপল বৰাৰ সুমধুৰ কন্ঠত মাজুলীৰ ৰং-ৰূপৰ অপূৰ্ব চিত্ৰণেৰে মন পৰশা এটি গীত ’মাজুলী’৷ অসমৰ কলা-সংস্কৃতি, বিনন্দীয়া প্ৰকৃতিৰ সৈতে সংপৃক্ত অসমীয়াৰ সুখ-দুখৰ মনোমোহা প্ৰতিচ্ছবি দাঙি ধৰা গীতটোৰ প্ৰতিটো দৃশ্য হৃদয় জুৰুৱা৷ কথা-সুৰ-কেমেৰাই পলকতে যিকোনো অসমীয়াক ভাববিলাসী কৰি তুলিব পাৰে৷ বাৰে বাৰে শুনি থাকিবলৈ মন যোৱা এই গীতটো মোৰ দৃষ্টিত নিসন্দেহে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ মাজৰ এটা৷


২) কবিতা কেনেকৈ লিখে
কন্ঠ: জুবিন গাৰ্গ আৰু সুবাসনা দত্ত
কথা: ইবছন লাল বৰুৱা

ৰোমান্টিক গীতটোৰ কবিতাময় ভাষা মন পৰশা৷ কন্ঠ আৰু সুৰ অপূৰ্ব৷ গীতৰ মূল থীমত নতুনত্ব নাই যদিও ভাষা আৰু বুদ্ধিদ্বীপ্ত দৃশ্যগ্ৰহণে ভিডিঅ’টোও উপভোগ্য কৰি তুলিছে৷ গীতটো অন্তৰ্ভুক্ত কৰা ’কোঁৱৰপুৰৰ কোঁৱৰ’ মই এতিয়াও চোৱা নাই পিছে৷ 
৩) তুহু দীন তাৰণ
কন্ঠ: অভিশ্ৰুতি বেজবৰুৱা
কথা:স্বৰ্গীয় ৰাধানাথ ফুকন
সুৰ: পংকজ শৰ্মা

১৯০৫-০৬ চনত ৰাধানাথ ফুকনে লিখা এটি আধ্যাত্মিক ধৰ্মী গীত তুহু দীন তাৰণ৷ অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠত গীতটিৰ ভাব-ভাষা জীপাল হৈ উঠিছে৷ ওজাপালিৰ জৰিয়তে অসমৰ সত্ৰীয়া সংস্কৃতি, দৌল মহোৎসৱৰ এনে চিত্ৰণ অন্য অসমীয়া গীতত পূৰ্বতে দেখা মনত নপৰে৷ অভিশ্ৰুতি বেজবৰুৱাৰ পূৰ্বৰ এছাটি বতাহে, ৰৈ ৰৈ ৰতি আদিৰ দৰেই এই গীতটিয়েও অসমৰ নিভাঁজ ৰূপ এটা শ্ৰোতাৰ হৃদয়ত আঁকি থৈ যাবলৈ সক্ষম হৈছে৷


৪) ন যুঁজৰ ৰণুৱা

কন্ঠ আৰু সুৰ: জয় বৰুৱা
কথা: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনা জগোৱা কথা-সুৰৰ এটি মনোমোহা গীত৷ জয় বৰুৱাৰ শক্তিশালী কন্ঠই গীতটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  শিলালিপি-সাঁচিপাতত সিঁচৰতি হৈ থকা কমতাপুৰৰ কোঁচ ৰাজত্বৰ গৌৰৱময় ইতিহাস সুঁৱৰি অসমীয়াৰ একতাৰ হকে যুঁজাৰ বাৰ্তা বহন কৰিছে গীতটোৱে৷ শিপাৰ সন্ধানত ওলোৱা অসমীয়া বিভেদকামী শক্তিক লাই নিদিয়ে, বৰং ইতিহাসে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে ঐক্য-সংহতি আৰু অহিংস পথৰ শক্তি, কৰ্মনিষ্ঠা আৰু যুক্তিৰ শক্তি৷ গীতটো আজিৰ দিনত প্ৰত্যেক অসমীয়াৰ বাবেই সময়োপযোগী আৰু প্ৰেৰণাদায়ক ৷

৫) ভাটিয়ালী সপোন
কথা, কন্ঠ আৰু সুৰ: মৈত্ৰেয়ী পাটৰ

মোৰ বাবে নতুন গায়িকা তথা গীতিকাৰ৷ মৈত্ৰেয়ী পাটৰৰ কন্ঠ সুমধুৰ, গীতৰ কথা-সুৰো মন চুই যোৱা৷  গীতটোৰ দৃশ্যগ্ৰহণ অগতানুগতিক -ৰং-তুলিকা আৰু ছাঁ-পোহৰৰ খেলাৰ মাজেৰে আবেগৰ এক বিমূৰ্ত ৰূপ দিয়াৰ চেষ্টা কৰিছে যেন ভাব হয়৷ বুজা নুবুজাৰ মাজতে গীতৰ কথা-সুৰ-দৃশ্য সকলো মিলি এক অনিৰ্বচনীয় অনুভৱ আনি দিয়ে, অচিনাকি এখন জগতলৈ মোক টানি লৈ যায়৷ 


৬) জলপ্ৰপাত
কন্ঠ: অভি শইকীয়া
কথা: শংকুৰাজ কোঁৱৰ

আকৰ্ষণীয় কথা আৰু সুৰৰ এটা আধুনিক গীত৷ ব্যতিক্ৰমী হিচাপে ধৰা দিছে গীতটিৰ ইলেক্ট্ৰনিক মিউজিকে; হয়তো এই ধাৰাত প্ৰথম অসমীয়া গীত৷ কিন্তু গীতটিত কন্ঠ মিউজিকৰ তুলনাত কিছু অৱদমিত হৈ ৰ’ল (বেকগ্ৰাউণ্ডত থকাৰ দৰে) যেন ভাব হ’ল ৷ লগতে ভিডিঅ’টোত গীতৰ কথাবোৰ অসমীয়া ইউনিক’ডেৰে দিয়া হ’লে বেছি ভাল লাগিলহেঁতেন৷


৭) জীৱনে ওমলে জামলে
কন্ঠ: সিদ্ধাৰ্থ হাজৰিকা
কথা: শান্তনু ৰৌমুৰীয়া

২০১৮-ত মুক্তি পাবলগীয়া ’কেলেণ্ডাৰ’ কথাছবিৰ এটি গীত ’জীৱনে ওমলে জামলে’৷ গীতটোৰ শব্দচয়ন খুবেই মনোগ্ৰাহী৷ দৈনন্দিন সৰু সৰু মুহুৰ্ত্তবোৰ, মান-অভিমান, সুখ-দুখৰ সমষ্টি এই জীৱনৰ এটা বাংময় ৰূপ দাঙি ধৰাৰ সুন্দৰ প্ৰচেষ্টা৷ গীতটোৱে দৰ্শকক কথাছবিখনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈও সক্ষম হ’ব৷


৮) লাচিতে কৈছোঁ মই
কন্ঠ: নীল আকাশ আৰু কুসুম কৈলাশ

অন্য এটা জাতীয়তাবাদী চেতনা জগোৱা গীত৷ কুসুম কৈলাশৰ কন্ঠত অসমীয়াৰ মানসিকতাত লাচিতৰ সৈতে সংপৃক্ত হৈ থকা দুৰ্বাৰ সাহস আৰু পৰাক্ৰম সুন্দৰকৈ প্ৰতিফলিত হৈছে বুলি মোৰ ধাৰণা৷ এই দুয়োগৰাকী গায়কৰ বলিষ্ঠ কন্ঠ আৰু প্ৰচেষ্টা প্ৰশংসনীয়৷ ’ৰেপ’ৰ মাজেদি এনে এটা বাৰ্তা কঢ়িওৱাৰ বাবে গীতটো মোৰ দৃষ্টিত অধিক আকৰ্ষণীয় হৈ উঠিছে৷

৯) অ’ মা
কন্ঠ: জুবিন গাৰ্গ, পাপৰি গগৈ

আৱাহন থিয়েটাৰৰ গীতটোৰ কথাত বিশেষ নতুনত্ব-আকৰ্ষণ নাথাকিলেও (’তাৰে জমিন পৰ’ৰ মেৰি মা-ৰ সৈতে যথেষ্ট সাদৃশ্য চকুত পৰিল!) সুৰ আৰু জুবিনৰ অপূৰ্ব কন্ঠই শ্ৰেষ্ঠ দহটা গীতৰ তালিকাত স্থান পোৱাৰ যোগ্য কৰি তুলিছে৷

১০) শুদ্ধ চিন্তা কন্ঠ: নবন্তিকা কলিতা
কথা আৰু সুৰ: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনাবোধ জাগ্ৰত কৰাৰ প্ৰচেষ্টাৰে অন্য এটা গীত৷ গীতটোৱে বহন কৰা শক্তিশালী বাৰ্তা আৰু সুৱলা কন্ঠ প্ৰশংসনীয়৷ ’শুদ্ধ চিন্তা কৰা অসমীয়া, ক্ষুদ্ৰ চিন্তা এৰা, হাতে কামে ধৰা.. দুচকু মেলি চোৱা অসমীয়া, জাগি উঠা জাতি অসমীয়া..’ -অসমীয়া জাতিৰ এই সন্ধিক্ষণত ইয়াতকৈ সময়োপযোগী গীতৰ কথা কি হ’ব পাৰে!

No comments:

Post a Comment