চৰাইৰ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰুৰ পৰা কুমেৰুলৈ প্ৰায় ৪০,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ তথ্য অনুসৰি অসমলৈ ২৮০ বিধ পৰিভ্ৰমী চৰাইৰ আগমণ ঘটে৷ ইয়াৰে উল্লেখযোগ্য কেইবিধমান চৰাইৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে-
ধৃতিৰাজ (Bar-headed Goose): ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ শীতকালত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনত দুই-তিনিহাজাৰ পৰ্য্যন্ত ধৃতিৰাজ দেখা পোৱা যায়৷ তথ্য অনুসৰি কাজিৰঙাত বিশ্বৰ মুঠ ধৃতিৰাজৰ প্ৰায় ৪-৫% চৰায়ে পৰিভ্ৰমণ কৰেহি৷ ইয়াৰোপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দ্বীপৰ বিল, বুঢ়াচাপৰি অভয়াৰণ্য আদিত শীতকালি এই হাঁহ দেখা পোৱা যায়৷
দীঘলনেজী (Northern Pintail): দীঘলনেজী হাঁহ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' বুলি কোৱা হয়৷এই হাঁহৰ প্ৰজাতিটোৱে প'লেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা আদি দেশত এপ্ৰিল আৰু জুন মাহত প্ৰজনন কৰে আৰু অসমকে ধৰি অন্য বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ এই হাঁহে ঘন্টাত ৪৮ মইল পৰ্য্যন্ত বেগেৰে নিশাৰ ভাগত পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷ ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷ কাজিৰঙকে ধৰি অসমৰ বিভিন্ন বনাঞ্চল, জলাশয় আদিত দীঘলনেজী দেখা পোৱা যায়৷
চাকৈ-চকোৱা (Ruddy Shelduck): চাকৈ-চকোৱা বা বামুণী হাঁহ সোণালী বৰণৰ এটা হাঁহৰ প্ৰজাতি। চাকৈ-চকোৱাই গ্ৰীষ্মকালত ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে আৰু শীতকালত অসমকে ধৰি ভাৰত মহাদেশৰ অন্যান্য অঞ্চল সমূহলৈ পৰিভ্ৰমণ কৰে৷ ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। হিন্দু আৰু বৌদ্ধ ধৰ্মত এই হাঁহক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ শীতকালি অসমৰ কাজিৰঙা, দ্বীপৰ বিল, ডিব্ৰু ছৈখোৱাকে ধৰি বিভিন্ন জলাশয়ত এই হাঁহ দেখিবলৈ পোৱা যায়৷
কলীমূৰী হাঁহ (Common Teal): কলীমূৰী হাঁহ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে মাৰ্চ মাহত নাতিশীতোষ্ণ ইউৰেছিয়া অঞ্চল প্ৰজনন কৰে আৰু শীতকালত জাপান, টাইৱান, দক্ষিণ এছিয়া আদিলৈ পৰিভ্ৰমণ কৰে৷ ক'লীমূৰী হাঁহে প্ৰধানকৈ জাক পাতি বাস কৰে৷ প্ৰজননৰ সময়ত ঘাইকৈ ইয়াক ওখ জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় সমূহত দেখিবলৈ পোৱা যায়৷ আনহাতে শীতকালত ই সাগৰীয় পানী থকা জলাশয় সমূ্হত চৰে৷ প্ৰজনন কালত ক'লীমূৰী হাঁহে প্ৰধানকৈ জলজ অমেৰুদণ্ডী প্ৰাণী যেনে- কেঁকোৰা, পোক-পতংগ, কণী আদি খাই জীয়াই থাকে৷ শীতকালত ইহঁতে জলজ উদ্ভিদৰ গুটি, ঘাঁহ আদি খাবলৈ লয়৷ শীতকালত এই হাঁহবিধে গধূলি বা নিশাৰ ভাগত খাদ্যৰ সন্ধান কৰে৷ অসমৰ কাজিৰঙা, ওৰাং, মানাহকে ধৰি বিভিন্ন বনাঞ্চল আৰু জলাশয়ত শীতকালি এই হাঁহ দেখিবলৈ পোৱা যায়৷
খন্তীয়া হাঁহ (Northern Shoveller): খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে আৰু উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত খন্তীৰ দৰে ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। অসমৰ কাজিৰঙা, পবিতৰা, মাজুলী, দ্বীপৰ বিল আদিৰ মুকলি জলাশয়সমূহত শীতকালি এই হাঁহ দেখা পোৱা যায়৷
বগা বালিমাহী (White Wagtail): বগা বালিমাহী এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ বালিমাহী চৰায়ে সকলো সময়তে নেজডাল লৰাই থাকে (tail wagging) বাবে ইয়াৰ ইংৰাজী নাম ৱেগটেইল৷ ই এপ্ৰিল মাহৰ পৰা আগষ্টৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷ শীতকালি অসমৰ প্ৰায়বোৰ পথাৰ, নৈকাষৰীয়া অঞ্চল আৰু জলাশয়ৰ আশে পাশে বগা বালিমাহী দেখা পোৱা যায়৷
বৰবালি বগুৱা (Wood Sandpiper): বৰবালি বগুৱা এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে৷ ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ পৰিভ্ৰমণ কৰে বুলিও জনা যায়৷ বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়৷ পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য৷ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়৷ অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলকে ধৰি অন্যান্য জলাশয়সমূহত শীতকালি বৰবালি বগুৱা দেখা পোৱা যায়৷
লৰীয়তী (Marsh Sandpiper): এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়। লৰীয়তী চৰায়ে আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে। লৰীয়তী চৰাই অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলত দেখা পোৱা যায়৷
ৰামপাৰ (Brown-headed Gull): ৰামপাৰ এবিধ জলচৰ চৰাই৷ ই তাজিকিস্তান, মংগোলিয়া আদি কেন্দ্ৰীয় এচিয়াৰ দেশসমূহত প্ৰজনন কৰি শীতকালি ভাৰত উপমহাদেশলৈ পৰিভ্ৰমণ কৰে৷ ৰামপাৰ সাধাৰণতে সাগৰীয় অঞ্চলত আৰু বিশাল নদী বা জলাশয়ত চৰে৷ ৰামপাৰই শীতকালত প্ৰধানকৈ মাছ আৰু প্ৰজননৰ সময়ত এন্দুৰ, কেঁচু আদিকে ধৰি কীট-পটংগ খায়৷ অসমৰ দ্বীপৰ বিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বৰদৈবাম বিলমুখ পক্ষী উদ্যান, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, মাজুলী আদিত দেখা পোৱা যায়৷
গলমণিকা নাচনী (Red-throated Flycatcher): গলমণিকা নাচনী এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷ ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷
তথ্যউৎস:
· BirdLife International (2020) Species factsheet
· India Biodiversity Portal
· অসমীয়া ৱিকিপিডিয়া
ধৃতিৰাজ (Bar-headed Goose): ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ শীতকালত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনত দুই-তিনিহাজাৰ পৰ্য্যন্ত ধৃতিৰাজ দেখা পোৱা যায়৷ তথ্য অনুসৰি কাজিৰঙাত বিশ্বৰ মুঠ ধৃতিৰাজৰ প্ৰায় ৪-৫% চৰায়ে পৰিভ্ৰমণ কৰেহি৷ ইয়াৰোপৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দ্বীপৰ বিল, বুঢ়াচাপৰি অভয়াৰণ্য আদিত শীতকালি এই হাঁহ দেখা পোৱা যায়৷
![]() |
ধৃতিৰাজ হাঁহ (ফটো: ৱিকিমিডিয়া কমনছ) |
দীঘলনেজী (Northern Pintail): দীঘলনেজী হাঁহ সমগ্ৰ বিশ্বতে বহুলভাৱে বিস্তৃত হৈ থকা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াৰ মতা হাঁহটোৰ দীঘল আৰু জোঙা নেজডালৰ বাবে অসমীয়াত 'দীঘলনেজী' বুলি কোৱা হয়৷এই হাঁহৰ প্ৰজাতিটোৱে প'লেণ্ড, মংগোলিয়া,কানাডা, আলাস্কা, আমেৰিকা আদি দেশত এপ্ৰিল আৰু জুন মাহত প্ৰজনন কৰে আৰু অসমকে ধৰি অন্য বিষুৱীয় অঞ্চল যেনে পানামা, আফ্ৰিকা আৰু দক্ষিণ এছিয়া লৈ শীতকালত পৰিভ্ৰমণ কৰে৷ এই হাঁহে ঘন্টাত ৪৮ মইল পৰ্য্যন্ত বেগেৰে নিশাৰ ভাগত পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ দীঘলনেজীয়ে সাধাৰণতে মুকলি জলাশয় যেনে, পানীপূৰ্ণ ঘাঁহনি, হ্ৰদ আদিত বাস কৰে৷ দীঘলনেজীয়ে অগভীৰ পানীত আন্ধাৰ হোৱাৰ পিছত ডুব দি দি খাদ্যৰ সন্ধান কৰে৷ সেয়ে ই দিনৰ বেছিভাগ সময় জিৰণি লৈ থাকে৷ ই প্ৰধানকৈ জলজ উদ্ভিদৰ বিভিন্ন অংশ যেনে শিপা, গুটি আদি খাই জীয়াই থাকে৷ কাজিৰঙকে ধৰি অসমৰ বিভিন্ন বনাঞ্চল, জলাশয় আদিত দীঘলনেজী দেখা পোৱা যায়৷
![]() |
দীঘলনেজী (ফটো: ৱিকিমিডিয়া কমনছ) |
চাকৈ-চকোৱা (Ruddy Shelduck): চাকৈ-চকোৱা বা বামুণী হাঁহ সোণালী বৰণৰ এটা হাঁহৰ প্ৰজাতি। চাকৈ-চকোৱাই গ্ৰীষ্মকালত ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে আৰু শীতকালত অসমকে ধৰি ভাৰত মহাদেশৰ অন্যান্য অঞ্চল সমূহলৈ পৰিভ্ৰমণ কৰে৷ ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে। হিন্দু আৰু বৌদ্ধ ধৰ্মত এই হাঁহক পৱিত্ৰ বুলি গণ্য কৰা হয়৷ শীতকালি অসমৰ কাজিৰঙা, দ্বীপৰ বিল, ডিব্ৰু ছৈখোৱাকে ধৰি বিভিন্ন জলাশয়ত এই হাঁহ দেখিবলৈ পোৱা যায়৷
![]() |
চাকৈ-চকোৱা (ফটো: ৱিকিমিডিয়া কমনছ) |
![]() |
কলীমূৰী হাঁহ (ফটো: ৱিকিমিডিয়া কমনছ) |
খন্তীয়া হাঁহ (Northern Shoveller): খন্তীয়া হাঁহ এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে আৰু শীতকালত দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ , দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে। খন্তীয়া হাঁহে প্ৰধানকৈ মুকলি জলাশয়ত বসবাস কৰে আৰু উদ্ভিদৰ বিভিন্ন অংশ খাদ্য হিচাপে গ্ৰহণ কৰে। তদুপৰি ই দীঘল আৰু বিশেষভাৱে অভিযোজিত খন্তীৰ দৰে ঠোঁটটো ব্যৱহাৰ কৰি পানীৰ পৰা বিভিন্ন জলজ কীট-পতংগ আদিও খায়। অসমৰ কাজিৰঙা, পবিতৰা, মাজুলী, দ্বীপৰ বিল আদিৰ মুকলি জলাশয়সমূহত শীতকালি এই হাঁহ দেখা পোৱা যায়৷
![]() |
খন্তীয়া হাঁহ (ফটো: ৱিকিমিডিয়া কমনছ) |
বগা বালিমাহী (White Wagtail): বগা বালিমাহী এটা সৰু আকাৰৰ বালিমাহী চৰাইৰ প্ৰজাতি৷ বালিমাহী চৰায়ে সকলো সময়তে নেজডাল লৰাই থাকে (tail wagging) বাবে ইয়াৰ ইংৰাজী নাম ৱেগটেইল৷ ই এপ্ৰিল মাহৰ পৰা আগষ্টৰ সময়ছোৱাত ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাত প্ৰজনন কৰে৷ বগা বালিমাহী পতংগভোজী৷ ইহঁতে প্ৰধানকৈ জলাশয় বা পানীৰ অন্যান্য উৎসৰ আশে পাশে চৰে৷ শীতকালি অসমৰ প্ৰায়বোৰ পথাৰ, নৈকাষৰীয়া অঞ্চল আৰু জলাশয়ৰ আশে পাশে বগা বালিমাহী দেখা পোৱা যায়৷
![]() |
বগা বালিমাহী (ফটো: ৱিকিমিডিয়া কমনছ) |
বৰবালি বগুৱা (Wood Sandpiper): বৰবালি বগুৱা এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ বৰবালি বগুৱাই প্ৰধানত: ইউৰোপ আৰু এছিয়াৰ বিভিন্ন জলাশয় সমূহত প্ৰজনন কৰে৷ ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়ালৈ পৰিভ্ৰমণ কৰে বুলিও জনা যায়৷ বৰবালি বগুৱাই অগভীৰ পানী বা বোকাত ঠোঁট গুজি খাদ্যবস্তু বিচাৰি খায়৷ পোক-পতংগ আৰু অন্যান্য সৰু জলজ প্ৰাণীয়েই ইয়াৰ প্ৰধান খাদ্য৷ই পানীৰ কাষৰ গছত বা কেতিয়াবা মাটিত বাহ সাজি পোৱালি জগায়৷ অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলকে ধৰি অন্যান্য জলাশয়সমূহত শীতকালি বৰবালি বগুৱা দেখা পোৱা যায়৷
![]() |
বৰবালি বগুৱা (ফটো: ৱিকিমিডিয়া কমনছ) |
লৰীয়তী (Marsh Sandpiper): এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়। লৰীয়তী চৰায়ে আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে। লৰীয়তী চৰাই অসমৰ কাজিৰঙা, ডিব্ৰু-ছৈখোৱা আদি বনাঞ্চলত দেখা পোৱা যায়৷
![]() |
লৰীয়তী (ফটো: ৱিকিমিডিয়া কমনছ) |
ৰামপাৰ (Brown-headed Gull): ৰামপাৰ এবিধ জলচৰ চৰাই৷ ই তাজিকিস্তান, মংগোলিয়া আদি কেন্দ্ৰীয় এচিয়াৰ দেশসমূহত প্ৰজনন কৰি শীতকালি ভাৰত উপমহাদেশলৈ পৰিভ্ৰমণ কৰে৷ ৰামপাৰ সাধাৰণতে সাগৰীয় অঞ্চলত আৰু বিশাল নদী বা জলাশয়ত চৰে৷ ৰামপাৰই শীতকালত প্ৰধানকৈ মাছ আৰু প্ৰজননৰ সময়ত এন্দুৰ, কেঁচু আদিকে ধৰি কীট-পটংগ খায়৷ অসমৰ দ্বীপৰ বিল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বৰদৈবাম বিলমুখ পক্ষী উদ্যান, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, মাজুলী আদিত দেখা পোৱা যায়৷
![]() |
ৰামপাৰ (ফটো: ৱিকিমিডিয়া কমনছ) |
গলমণিকা নাচনী (Red-throated Flycatcher): গলমণিকা নাচনী এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে৷ শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে৷গলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়৷ ইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে৷
![]() |
গলমণিকা নাচনী (ফটো: ৱিকিমিডিয়া কমনছ) |