নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ তাৰ বাবে মাথোঁ লাগে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ বিষয়ে কিছু কৌতুহল আৰু পৰ্য্যবেক্ষণৰ আগ্ৰহ আৰু সময়৷
নাগৰিক বিজ্ঞান অৰ্থাৎ ’citizen science’ অভিধা (term)টোৰ প্ৰথম ব্যৱহাৰ কৰিছিল ১৯৯৪ চনত কপেনহেগ’নৰ এগৰাকী সমাজ বিজ্ঞানী এলেন আৰৱিন (Alan Irwin)-এ৷ তেওঁৰ মতে নাগৰিক বিজ্ঞান হ’ল ৰাইজে গঠন কৰা আৰু অৱদান আগবঢ়োৱা এক বিজ্ঞান (a form of science developed and enacted by the citizens themselves)৷ এই অভিধা শেহতীয়াকৈ যোগ হ’লেও সমূহীয়া তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি জনসাধাৰণে বহু শতিকা ধৰি বিজ্ঞানলৈ অৱদান আগবঢ়াই আহিছে৷ নাগৰিক বিজ্ঞানৰ ইতিহাস এতিয়াৰ পৰা দুহেজাৰ বছৰ পুৰণি৷ ১৮০০ ৰ দশকতে ৱেলছ্ কুক (Wells Cooke) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী পক্ষীবিজ্ঞানীয়ে চৰাইৰ পৰিভ্ৰমণৰ গৱেষণাত ৰাইজৰ সহায় লৈছিল৷ এই গৱেষণাত স্বেচ্ছাসেৱকসকলে পৰিভ্ৰমী চৰাইৰ স্থান আৰু সময়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি অৱদান আগবঢ়াইছিল৷
![]() |
বৰদিনৰ পক্ষী জৰীপ ফটো: https://wa.audubon.org/christmas-bird-count-1 |
নাগৰিক বিজ্ঞানী কেনেকৈ হ’ব? আপোনাৰ আগ্ৰহ অনুসৰি যিকোনো বিষয় বাছি লওক, লাগিলে সেয়া বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ যিয়েই নহওক৷ নাগৰিক বিজ্ঞানৰ পৰিসৰ যথেষ্ট বিশাল আৰু সময়ৰ লগে লগে ইয়াৰ বিস্তাৰ অধিক দ্ৰুতগামী হৈছে৷ আপুনি যদি প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায় তেনে আইনেচাৰেলিষ্ট, ইবাৰ্ড আদি এপ আপোনাৰ ফোনত ইনষ্টল কৰি ল’ব পাৰে৷ এই জৈববৈচিত্ৰ বিষয়ক নেটৱৰ্ক বোৰত সুবিধা আৰু সাৰ্মথ্য অনুসৰি আপুনি লক্ষ্য কৰা যিকোনো গছ-লতা বা জীৱ-জন্তুৰ ফটো, মাত আদিকে ধৰি নানা তথ্য যোগ দিব পাৰে৷ তেনেদৰে আপোনাক যদি মহাকাশৰ অসীম ৰহস্যইহে বেছিকৈ আকৰ্ষণ কৰে তেনে স্পেইচহেক, গেলেক্সি জু আদি প্ৰকল্পই আপোনাক সুযোগ দিব ঘৰতে বহি মঙ্গল গ্ৰহৰ পৃষ্ঠ অন্বেষণ কৰা বা সুদুৰ কোনো তাৰকাপুঞ্জ বিচৰাত!
![]() |
নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ কেইটামান উদাহৰণ |
ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি (সম্পূৰ্ণ তালিকাৰ বাবে তথ্যসূত্ৰ চাব পাৰে)৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷
![]() |
নিউয়ৰ্কৰ সোণপোক বিধ ফটো:https://bugguide.net/node/view/1466799 |
অন্য এটা অনন্য উদাহৰণ হ’ল ফ’ল্ডইট! বিজ্ঞানীসকলে এইডছ্ গৱেষণাৰ বাবে অতিকৈ দৰকাৰী এবিধ উৎসেচক (enzyme) ৰ আৰ্হি (model) প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছিল৷ পোন্ধৰ বছৰৰ নিৰলস প্ৰচেষ্টাৰ অন্ততো সফলতা লাভ কৰিব নোৱাৰি তেওঁলোকে এই সমস্যা জনসাধাৰণৰ বাবে মুকলি কৰি দিলে৷ তেওঁলোকে ’ফ’ল্ডইট’ নামৰ এবিধ অনলাইন খেলৰ জড়িয়তে জনসাধাৰণক আহ্বান জনালে এই আৰ্হি তৈয়াৰ কৰাত সহায় কৰিবলৈ৷ দুইলাখৰো অধিক লোকে এই অনলাইন খেলবিধত অংশ ল’লে আৰু তিনিসপ্তাহৰ ভিতৰতে ৰহস্যৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল!
নাগৰিক বিজ্ঞান বহু দিশৰ পৰা আজিৰ পৃথিৱীত অপৰিহাৰ্য্য আৰু অৱধাৰিত হৈ পৰিছে৷ ৰাইজে সংগ্ৰহ কৰা তথ্যই জীৱ-জন্তুৰ সংখ্যা, বিস্তৃতি, ব্যৱহাৰ আদিৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰিছে৷ বিশেষকৈ কম সময়তে বিশাল একোটা অঞ্চলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে নাগৰিক বিজ্ঞানৰ বিকল্প নাই৷ তাৰোপৰি অৰ্থনৈতিক বাধাৰ বাবে থমকি ৰোৱা বহু দৰকাৰী গৱেষণাৰ কাৰণে নাগৰিক বিজ্ঞান এক অতিকৈ আৱশ্যকীয় আৰু প্ৰাসংগিক মাধ্যম হৈ পৰিছে৷
নাগৰিক বিজ্ঞান বহু দিশৰ পৰা আজিৰ পৃথিৱীত অপৰিহাৰ্য্য আৰু অৱধাৰিত হৈ পৰিছে৷ ৰাইজে সংগ্ৰহ কৰা তথ্যই জীৱ-জন্তুৰ সংখ্যা, বিস্তৃতি, ব্যৱহাৰ আদিৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰিছে৷ বিশেষকৈ কম সময়তে বিশাল একোটা অঞ্চলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে নাগৰিক বিজ্ঞানৰ বিকল্প নাই৷ তাৰোপৰি অৰ্থনৈতিক বাধাৰ বাবে থমকি ৰোৱা বহু দৰকাৰী গৱেষণাৰ কাৰণে নাগৰিক বিজ্ঞান এক অতিকৈ আৱশ্যকীয় আৰু প্ৰাসংগিক মাধ্যম হৈ পৰিছে৷
নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ প্ৰকৃতি বিষয়ক প্ৰকল্প সমূহে বিনন্দীয়া প্ৰকৃতিৰ ৰং-ৰূপ উপভোগ কৰাত আৰু মানুহক প্ৰকৃতিৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে৷ তাৰোপৰি নাগৰিক বিজ্ঞানে আনি দিয়া সচেতনতাই আমাক বিজ্ঞানৰ বিভিন্ন বিষয়ত মতামত প্ৰকাশ কৰা আৰু সময়োপযোগী পদক্ষেপ লোৱাতো উদগণি যোগাইছে৷
সময়ৰ লগে লগে বিজ্ঞানীসকলেও উপলব্ধি কৰিছে যে বৰ্তমানৰ পৃথিৱীৰ বহু ৰহস্য সমাধান কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে কৰা বিজ্ঞানেই যথেষ্ট নহয়৷ নাগৰিক বিজ্ঞানে বন্ধ কোঠাৰ পৰা বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ গতিকে এই প্ৰকল্পই বহু ক্ষেত্ৰত বিজ্ঞানক অধিক গণতান্ত্ৰিক কৰি তুলিছে৷ নাগৰিক বিজ্ঞান প্ৰকৃতাৰ্থতে হৈ পৰিছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান!
![]() |
Illustration and text Frits Ahlefeldt https://hiking.org/portfolio/giving-a-hand-to-science/ |
- The Field Guide to Citizen Science: How You Can Contribute to Scientific Research and Make a Difference
- Michael A. Peters & Tina Besley (2019) Citizen science and post-normal science in a post-truth era: Democratising knowledge; socialising responsibility, Educational Philosophy and Theory, 51:13, 1293-1303,
- Bowser, A, Cooper, C, de Sherbinin, A, Wiggins, A, Brenton, P, Chuang, T-R, Faustman, E, Haklay, MM and Meloche, M. (2020). Still in Need of Norms: The State of the Data in Citizen Science. Citizen Science: Theory and Practice, 5(1): 18 pp. 1–16.
- MacPhail, V, Colla, S, R. (2020). Power of the people: A review of citizen science programs for conservation. Biological Conservation Volume 249, 108739
- Fraisl, D., Campbell, J., See, L. et al. Mapping citizen science contributions to the UN sustainable development goals. Sustain Sci (2020). https://doi.org/10.1007/s11625-020-00833-7
- ভাৰতৰ নাগৰিক বিজ্ঞান প্ৰকল্পসমূহ