Sunday, 21 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৬)

পূৰ্বৰ খণ্ডত-

নিক্ক'ত শৰতৰ ৰং

ইৰোহাজাকা বক্ৰ পথ
নিক্ক' পৰিবহণ বিভাগৰ এখন সৰু বাছ। দেখাত আমাৰ মিনিবাছৰ দৰে। নিক্ক' টাউনৰ মাজেৰে বাছখনে পশ্চিমলৈ গতি লৈছে। আজি বতৰ মুকলি। খিৰিকীৰ কাষৰ আসনৰ পৰা মই টাউনৰ শাৰী শাৰী ঘৰ, তাৰ সিপাৰৰ শাৰদী পাহাৰ আৰু নীলিম আকাশৰ ৰূপ চাই গৈছোঁ। পুৱাৰ কোমল ৰ'দজাকে নিক্ক'ক এক অপূৰ্ব সোণালী ৰূপেৰে উদ্ভাসিত কৰি তুলিছে।কাইলে কাষৰ আসনত মূৰ পেলাই দুচকু মুদি আছে- হয়তো তেতিয়াও পুৱাৰ টোপনিৰ আমেজকণ এৰাৰ চেষ্টা কৰি আছে।আমাৰ বাহিৰে বাছত মাথোঁ কেইগৰাকীমানহে যাত্ৰী। পৰ্যটকৰ ভিৰৰ পৰা বাচিবলৈ আজি দুয়ো ধলপুৱাতে ওলাই আহিছোঁ ছুজেঞ্জি হ্ৰদলৈ বুলি। নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত আকাশ চুম্বী পৰ্বতৰ মাজত থকা এটি মনোৰম হ্ৰদ ছুজেঞ্জি। সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহত এই পথত হেনো পৰ্যটকৰ ভিৰৰ বাবে দীঘলীয়া যানজঁটৰ সৃষ্টি হয়। সকলোৰে এটাই উদেশ্য নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত শৰতৰ বিনন্দীয়া ৰং উপভোগ কৰা।

টাউনৰ সীমা পাৰ হৈ বাছখন সৰ্পিল গতিৰে লাহে লাহে পাহাৰৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিলে। কাইল এইবাৰ সষ্টম হৈ বহিল। দুয়ো কেমেৰা সাজু কৰি ল'লোঁ। অকোঁৱা-পকোৱা বাটটো ইমানেই ঠেক যে বাছখন কোনোমতেহে ঘুৰে। এই ইৰোহাজাকা বক্ৰ পথ (Irohazaka Winding Road)-এ ৪৮ টা কেঁকুৰি (hairpin turn) পাৰ কৰি সাগৰ পৃষ্ঠৰ পৰা ৪৪০ মিটাৰ উচ্চতা পায়গৈ।  বাটৰ দুয়োকাষে শাৰদী ৰাণীৰ অপূৰ্ব ৰূপৰ সমাহাৰ- সেউজীয়াৰ মাজে মাজে সুমথিৰা, হালধীয়া আৰু ৰঙা ৰঙৰ পয়োভৰ। অৰণ্যৰ প্ৰতিজোপা গছ, জোপোহা আৰু সৰা পাতে যেন শৰতক হাত মেলি আদৰিছে। 

প্ৰায় আধাঘণ্টাৰ যাত্ৰাৰ শেষত ইৰোহাজাকা বক্ৰ পথৰ শীৰ্ষৰ এটা বাছ ষ্টেচনত নামিলোঁ। তাতে আকেচিদাইৰা ৰ'পৱে মালভূমি (Akechidaira Plateau)। চুঞ্জেঞ্জি হ্ৰদলৈ তেতিয়াও কিছু বাট বাকী। কিন্তু ইয়াৰ পৰা ৰজ্জুপথ বা ৰ'পৱেৰে গৈ ছুজেঞ্জি হ্ৰদৰ লগতে তলৰ উপত্যকাৰ অপৰূপ দৃশ্য দেখা পোৱা যায়। ইমান পুৱাতে তাত ইতিমধ্যে মানুহৰ দীঘল লানি আৰম্ভ হ'লেই। গম পালোঁ, আমাৰ নিক্ক' পাছ ইয়াত ব্যৱহাৰ কৰিব নোৱাৰি, সেয়ে ৰ'পৱেৰ বাবে বেলেগকৈ টিকেট ল'ব লাগিব। তেতিয়াও টিকেট অফিচ খোলাই নাই। গতিকে উপায় নাপাই দুয়ো মানুহৰ দীঘলীয়া শাৰীটোৰ শেষত থিয় দিলোঁগৈ।

আকেচিদাইৰা ৰ'পৱে


পাহাৰীয়া বাবে সেই ঠাইত শীতৰ প্ৰকোপো বেছি। ইমানবোৰ গৰম কাপোৰ পিন্ধি উৰিও দুয়োৰে ঠাণ্ডাত ঠেঁটুৱৈ ধৰা অৱস্থা! ৰ'পৱেৰ অফিচৰ সন্মুখত ভেণ্ডিং মেচিন এটা দেখি কাইল আগবাঢ়ি গ'ল। উভতি আহি মোৰ হাতত এটা কফিৰ সৰু বটল দি ক'লে,

'ভেণ্ডিং মেচিনত গৰম কফিও আছিল! অলপ খোৱা- গা গৰম হ'ব!'

দুঢোকমান কফি খাই সঁচাই যথেষ্ট সকাহ পালোঁ। মাজে মাজে বটলটো দুয়োহাতেৰে মেৰিয়াই ধৰি থাকি দুয়ো হাত গৰম কৰিলোঁ।

এটা সময়ত অফিচৰ দুৱাৰ খোল খালে। শাৰীৰ শেষত গৈ আমিও ৰ'পৱেত উঠিলোঁগৈ। মাথোঁ তিনিমিনিটৰ বাটেৰে সেই ৰ'পৱেই আমাক পাহাৰৰ শীৰ্ষত থকা পৰ্যবেক্ষণ ক্ষেত্ৰলৈ লৈ গ'ল। তাত নমাৰ লগে লগে চকুৰ আগত ভাঁহি উঠিল শাৰী শাৰী পৰ্বতৰ মাজত চুজেঞ্জি হ্ৰদৰ নীলিম পানী। তাৰ সন্মুখত সুউচ্চ শিলাময় খাদেৰে নামিছে কেগন জলপ্ৰপাতৰ ঢল। এক চালে চকু-ৰোৱা মনোৰম প্ৰাকৃতিক দৃশ্য।

আকেচিদাইৰাৰ পৰা কেগন জলপ্ৰপাত আৰু চুজেঞ্জি হ্ৰদৰ দৃশ্য

সুখৰ সাগৰ চুজেঞ্জি হ্ৰদ

এইবাৰ আকৌ বাছত উঠিলোঁ। প্ৰায় দহমিনিটৰ বাটতে চুজেঞ্জি টাউন। বাছ ষ্টেচনৰ পৰা কেইখোজমান গৈয়ে আমি কেগন জলপ্ৰপাত ওলালোঁগৈ। খটখটীৰে নামি গৈ পৰ্যবেক্ষণ ক্ষেত্ৰৰ পৰা যথেষ্ট ওচৰৰ পৰা জলপ্ৰপাতৰ শোভা চাব পাৰি। তাত থিয় দি মুগ্ধ ৰূপেৰে চালোঁ, শাৰদীয় অৰণ্যৰ মাজেৰে বৈ আহি প্ৰায় এশমিটাৰ তললৈ ঢলঢলাই পৰি থকা বগা ৰিবন হেন পানীৰ ফোৱাৰা। সেই পানীৰ গৰ্জন আৰু অহৰহ উজাই যোৱা ভাপৰ খেলাই যেন এখন জীৱন্ত ছৱি আঁকিছে। প্ৰকৃতিৰ এক নাটকীয় কিন্তু প্ৰশান্তিময় ছৱি। 

কেগন জলপ্ৰপাত

ছুজেঞ্জি হ্ৰদ কেগন জলপ্ৰপাতৰ ওচৰতে। নীলিম আকাশ আৰু ঢৌ খেলা নীলিম পানীৰ হ্ৰদটো চকুত পৰাৰ লগে লগে মই উত্তেজিত হৈ পৰিলোঁ। হ্ৰদৰ চৌদিশে সুউচ্চ পৰ্বতমালা। সকলোতে যেন শাৰদী ৰাণীয়ে চকু চাৎ মাৰি যোৱাকৈ বাৰেৰহণীয়া ৰঙৰ তুলিকা বোলাই গৈছে। ইমান সুন্দৰ! 

'সৌৱা পানীকাউৰী নহয়নে?' কাইলে আঙুলীয়াই দিয়া দিশে বাইন'কুলাৰ টোৱালোঁ। সঁচাই! হ্ৰদৰ পাৰৰ জেটিত পানীকাউৰীৰ এটা শাৰী। সকলোৱে পাখি মেলি ৰ'দ লৈছে! সিহঁতৰ কিচকিচীয়া কলা দেহৰ পাখিবোৰ ৰ'দত জলমলাই উঠিছে। ডিঙিৰ বগা দাগ আৰু ঠোঁটৰ গুৰিত থকা হালধীয়া দেখি বুজিলোঁ সেয়া বৃহৎ পানীকাউৰী (Great Cormorant)। আমাৰ অসমতো সচৰাচৰ এইবিধ চৰাই দেখা পোৱা যায়। ইয়াৰ অন্য এবিধ প্ৰজাতি জাপানী পানীকাউৰী এইদেশত পৰম্পৰাগতভাৱে মাছ ধৰাৰ সহায়ক হিচাপে মাছুৱৈসকলে ব্যৱহাৰ কৰে। পোৱালি অৱস্থাৰ পৰাই পোহ মনাই এই চৰাইবোৰক হেনো প্ৰশিক্ষণ দিয়া হয়। পিছে এইবিধ চৰাই সাধাৰণতে সাগৰীয় অঞ্চলতহে পোৱা যায়।

ছুজেঞ্জি হ্ৰদৰ পাৰত বিশাল ফেৰী টাৰ্মিনেল। তাতে আমাৰ ক্ৰুজৰ বাবে শাৰী পাতিলোঁগৈ।

'তোমাৰ স্কাৰ্ফখন বৰ ধুনীয়া দেই। চাৰিওফালৰ পৰিৱেশৰ সৈতে মিলি পৰিছে!' মানুহৰ শাৰীটোৰ পৰা আদহীয়া মানুহগৰাকীয়ে ইংৰাজীতে মাত দিলে।

মোৰ মুখত হাঁহি বিৰিঙিল। সৰাপাতৰ ৰং বোলোৱা কমলা স্কাৰ্ফখন মূৰত মেৰিয়াই লৈ কাইলক ইংগিতেৰে ক'লোঁ,

'চোৱা, মোৰ প্ৰকৃতিৰ অনুপ্ৰাণিত ফেশ্বন (nature-inspired fashion) কেনে জনপ্ৰিয়!'

কাইলে হাঁহিলে। সি জানে, সুযোগ পালেই মই কেৱল প্ৰকৃতিৰ মাজত থাকিব খোজোঁ, প্ৰকৃতিৰ ৰং আৰু ৰূপেৰে নিজকে সজাব খোজোঁ।

বিশাল ক্ৰুল্খন আহি ঘাটত লগাৰ লগে লগে এদল পৰ্যটক নামিল। ঘাটত বাট চাই থকাসকলৰ সৈতে আমি দুয়ো উঠি গ'লোঁ। দুখলপীয়া ফেৰীখনৰ আসনবোৰ বাদ দি সকলোৱে পোনেই ওপৰৰ ডেকলৈহে উঠি গ'ল। যাত্ৰা আৰম্ভ কৰাৰ লগে লগে মাইকত এগৰাকী মহিলাৰ মাত ভাঁহি আহিল। তেওঁ ইংৰাজীতে ক'লে,

'আপোনালোকক ছুজেঞ্জি হ্ৰদৰ ক্ৰুজলৈ আদৰিছোঁ। এই এঘণ্টীয়া নৌ যাত্ৰাত আপোনালোকে হ্ৰদৰ লগতে চৌদিশৰ ৰূপ চোৱাৰ সুবিধা পাব।'

তেওঁৰ কথা শুনি উত্তৰৰ শঙ্কু আকৃতিৰ পৰ্বতটোলৈ আমাৰ চকু গ'ল। এয়াই সেই পবিত্ৰ মাউণ্ট নাণ্টাই (Mount Nantai)। বিছহাজাৰ বছৰ পূৰ্বে এই পৰ্বতৰ আগ্নেয়গিৰি উদগীৰণ হৈ ছুজেঞ্জি নদী ৰুদ্ধ কৰি দিয়াৰ ফলতেই হেনো এই হ্ৰদ সৃষ্টি হৈছিল। সেই পৰ্বতৰ কলা ঢালবোৰে যেন এতিয়াও সেই ইতিহাসৰ ভাৰ বৈ আছে, এনে ভাৱ হ'ল।

হ্ৰদৰ পানীত ঢৌ তুলি ক্ৰুজ যিমানেই আগবাঢ়িল, বতাহৰ কোবো বাঢ়িল। 

'ইমান চেঁচা বতাহ! মই ভিতৰত বহোঁগৈ দেই!' কাইল তলৰ খলপলৈ নামি গ'ল। 

মই স্কাৰ্ফখনেৰে কাণ-মূৰ মেৰিয়াই আপোন-পাহৰা হৈ চাই ৰ'লোঁ হ্ৰদৰ ৰূপ। শুনি গ'লোঁ গাইডৰ মুখত এই হ্ৰদৰ বৰ্তমান আৰু ইতিহাসৰ বিষয়ে। ক্ৰুজৰ গতিৰে লগে লগে চৌদিশৰ ছৱিখনো সলনি হৈ গৈ থাকিল। ইটোৰ পিছত সিটোকৈ পৰ্বতৰ শিখৰ উদ্ভাসিত হ'ল। মাজে মাজে সৰু একোটা দ্বীপ।  বতাহত ঢৌ খেলা হ্ৰদৰ পানী, চৌদিশৰ বিনন্দীয়া প্ৰকৃতি সকলো মিলি এয়া যেন সঁচাই এক সুখৰ সাগৰ (Sea of Happiness)।

ছুজেঞ্জি হ্ৰদৰ পাৰত পানীকাউৰী

গম পালোঁ, এই হ্ৰদৰ পাৰতে আছিল ইটালী আৰু ব্ৰিটিছ দূতাবাসৰ গ্ৰীষ্মকালীন ভিলা। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১২৭০ মিটাৰ উচ্চতাত অৱস্থিত ছুজেঞ্জি হ্ৰদটোৱে টকিঅ’ৰ গৰমৰ পৰা এক বিৰতি দিছিল। গতিকে   ১৯ শতিকাৰ শেষৰ ফালে এয়া হৈ পৰিছিল বিদেশী কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক আদৰ্শ গ্ৰীষ্মকালীন আশ্ৰয়স্থল। এতিয়া তাৰ সোঁৱৰণি লৈ আছে সেই প্ৰকাণ্ড ভিলাসমূহ আৰু তাৰ চৌদিশৰ উদ্যান। দুয়ো ঠাই পৰ্যটনৰ এক বিশেষ আকৰ্ষণ।  

ছুজেঞ্জি হ্ৰদৰ পাৰত মই

ছুজেঞ্জি হ্ৰদৰ ক্ৰুজৰ পৰা উভতো মানে দুপৰ হ'ল। সেই পাৰতে ছুজেঞ্জি মন্দিৰ আছে বুলি গম পাই তালৈ খোজ দিলোঁ। নিক্ক'ত দৰ্শন কৰা অপূৰ্ব কাৰুকাৰ্য খচিত মন্দিৰবোৰৰ তুলনাত এই মন্দিৰৰ স্থাপত্য আৰু সজ্জা যথেষ্ট সৰল। এই সকলো মন্দিৰ পিছে একেগৰাকী বৌদ্ধ সন্যাসী শ্বোডো শ্বোনিনেই  প্ৰতিষ্ঠা কৰিছিল। ছুজেঞ্জি মন্দিৰৰ চাৰিওফালে দেৱদাৰু আৰু মেপল গছৰ শাৰী। তাৰ সিপাৰে স্বয়ং মাউণ্ট নাণ্টাইৰ শিখৰ। সেই দৃশ্য আৰু মন্দিৰৰ নিৰিবিলি পৰিৱেটোৱে মনটো যেন নিজাৰ পেলাই দিলে। 


মাউণ্ট নাণ্টাইৰ সন্মুখৰ ছুজেঞ্জি মন্দিৰ
মন্দিৰৰ ভিতৰত ফটো তোলা নিষিদ্ধ বাবে ফোনটো সামৰি থ'লোঁ। দুয়ো লাহে লাহে খোজ দি মূল কক্ষত থিয় দিলোঁগৈ। তাৰ সোঁমাজতে আছে বোধিসত্ত্ব কাননৰ প্ৰতিমূৰ্তি। ছয় মিটাৰ ওখ এই আকৰ্ষণীয় মূৰ্তিটোক চেঞ্জু (হাজাৰ অস্ত্ৰধাৰী) কানন বুলি কোৱা হয়। সেই হাজাৰ বাহুৰ ৪২ টা বাহুহে সন্মুখৰ পৰা দেখা পোৱা যায়। প্ৰতিখন হাতে চকা, পদুম, ৰছী আদিকৈ বিভিন্ন অস্ত্ৰ (?) ধাৰণ কৰি আছে।  এই কানন দেৱতাৰ প্ৰতিমূৰ্তিটো হেনো নাণ্টাই পৰ্বতৰ এজোপা পবিত্ৰ কাটছুৰা গছৰ কাঠ খোদাই কৰি সজা হৈছিল। এই মন্দিৰৰ উপাসক দেৱতাও মাউণ্ট নাণ্টাই পৰ্বত। এয়া যেন বৌদ্ধ ধৰ্ম আৰু পৰ্বত পূজাৰ মাজত অন্য এক গভীৰ সংযোগৰ প্ৰতিফলন।

ছুজেঞ্জি হ্ৰদৰ পাৰত ক'কানী ট্ৰাউটৰ সোৱাদ
এইবাৰ দুয়ো হ্ৰদৰ পাৰৰে এখন ৰেষ্টোৰাঁত সোমালোঁগৈ। আহল-বহল ৰেষ্টোৰাঁৰ প্ৰতিখন দেৱালতে বিভিন্ন মাছৰ ছৱি। গতিকে তেনে এবিধ মাছ খাই চোৱাৰ ইচ্ছা হ'ল। কথা মতেই কাম! কাঠৰ প্লেট এখনত এটা গোটে গোটে ভজা মাছৰ সৈতে ভাত, শাক, আচাৰ আৰু মিছ' চুপ পৰিৱেশন কৰিলে। দুয়ো বৰ তৃপ্তিৰে প্ৰথমবাৰৰ বাবে ছুজেঞ্জি হ্ৰদৰ ক'কানী ট্ৰাউট (Kokanee Trout) মাছৰ সোৱাদ ল'লোঁ।

নিক্ক' ৰাষ্ট্ৰীয় উদ্যান

ৰিয়ুজু জলপ্ৰপাত
আবেলি বাছেৰে নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ অন্য এক আকৰ্ষণ পালোঁগৈ। মূল পথৰ পৰা ইউকাৱা নদীৰ পাৰেৰে পাহাৰৰ ওপৰলৈ যিমানেই বগালোঁ সিমানেই তীব্ৰতাৰে ধৰা দিলে ৰিয়ুজু জলপ্ৰপাত (Ryūzu Falls)। কিন্তু কেগনৰ দৰে সুউচ্চ জলধাৰাৰ সলনি এয়া নদীৰে এক অংশৰূপে বৈ যোৱা দীঘলীয়া কেছকেড (Cascade)। জাপানী ভাষাত “ৰিয়ুজু”ৰ অৰ্থ  অজগৰৰ মূৰ। মূল সুঁতিত শিলৰ কাষে কাষে বাগৰি যোৱা পানীৰ সোঁতে জলপ্ৰপাতটোক হেনো অজগৰৰ মূৰৰ দৰে ৰূপ দিয়ে। সেইবাবেই এই নাম। 

নদীৰ পাৰে পাৰে আগবাঢ়ি গৈ থাকি এটা সময়ত ঘন অৰণ্যত সোমাই পৰিলোঁ। চৌদিশে ওখ ওখ অ'ক গছ আৰু জোপোহা বাঁহৰ হাবি। চৰাইৰ কিচিৰ-মিচিৰ মাতে মোক ব্যতিব্যস্ত কৰি পেলালে। কাইলে  জাপানী বান্দৰৰ সন্ধানত বাটৰ দুয়োকাষে চকু দি গ'ল। আমাৰ দুয়োৰে চকুত পৰিল তিনিখনমান চাইনবৰ্ড- 'ভালুকৰ পৰা সাৱধান'! কানাডাত হাবিলৈ ওলালেই ভালুকৰ পৰা সাৱধান হ'বলৈ স্প্ৰে, টিলিঙা আদি কঢ়িয়াই ফুৰোঁ। এইবাৰ পিছে সেইবোৰ একোৰে প্ৰস্তুতি নাই। গতিকে দুয়ো ভালুকৰ সলনি বান্দৰেই দেখা পাম বুলি পেটে পেটে আশা কৰি থাকিলোঁ।  

সেই অৰণ্যৰ মাজেৰে প্ৰায় দহ কিলোমিটাৰ মান খোজেৰে গৈ চেঞ্জোগাহাৰা জলাহভূমি পালোঁগৈ। কিন্তু সেই বাটৰ যেন শেষ নাই। তাৰ পৰা আগলৈ গৈ ৰাষ্ট্ৰীয় উদ্যানৰ বহু ভিতৰ পাবগৈ পাৰি। এইবাৰ কাইলেই মুখ খুলিলে,

'উভতাই ভাল হ'ব নেকি! সন্ধিয়া লাগিবলৈ বেছি পৰ নাই। ভালুক আৰু ঠাণ্ডাৰ মুখামুখি হ'ব পৰাকৈ আমাৰ একো প্ৰস্তুতি নাই আজি।'

চৰাইৰ সন্ধানত নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত 

'দুইমিনিট!' কৈ মই তাতে বহি পৰিলোঁ। 

আমাৰ সন্মুখত শুকান জলাহৰ ঘাঁহনি পাৰ হৈ মাউণ্ট নাণ্টাই। নীলিম আকাশত দুচপৰা শুকুলা ডাৱৰ। দুচকু মুদি সেই প্ৰতিচ্ছৱি হৃদয়ৰ কোণত যেন চিৰদিনলৈ বন্দী কৰি ল'লোঁ। টানি ল'লোঁ আৰণ্যক সুগন্ধি আৰু চৰাইৰ কাকলি। 

আজি নিক্ক'ত আমাৰ শেষ দিন! জাপানত হেনো এটা প্ৰবাদ আছে-  'নিক্ক' নেদেখালৈকে কেতিয়াও কেক্ক' বুলি নক'বা' (Never say kekkō until you've seen Nikkō)। জাপানী শব্দ 'কেক্ক'ৰ অৰ্থ- অপূৰ্ব (splendid)। সঁচাই, এই ঠাইৰ মায়াময় ইতিহাস, প্ৰকৃতি আৰু সংস্কৃতিৰ ৰূপে যেন অপূৰ্বৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে। যেন এক নতুন ৰূপত পূৰ্ণ কৰি তুলিলে মোৰ হৃদয়!  

এটা কৃতজ্ঞ আৰু পৰিপূৰ্ণ মন লৈ আমি দুয়ো উভতনিৰ বাটত খোজ দিলোঁ।

নিক্ক'ৰ বিখ্যাত চীজ কেক আৰু ছাকে মদ

পিছৰ খণ্ডত-

Friday, 12 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৫)

জাপানৰ ধাৰ্মিক সমন্বয়

নিক্ক'ৰ ট'শ্ব'গু মন্দিৰত ঘুৰি-পকি ওলাই আহোঁ মানে সিদিনা আবেলিয়ে হ'ল। এইবাৰ আগবাঢ়িলোঁ তাৰ কাষতে থকা ফুটাৰাছান মন্দিৰ (Futarasan Jinja)লৈ।ফুটাৰাছান মন্দিৰ নিক্ক'ৰ তিনিটা মূল পৰ্বত- নাণ্টাই, নিওহো আৰু টাৰ' পৰ্বতৰ দেৱতাসকলৰ প্ৰতি উৎসৰ্গিত এক মন্দিৰ। ট'শ্ব'গুৰ তুলনাত ফুটাৰাছান মন্দিৰ বহু প্ৰাচীন।৭৮২ চনত একেগৰাকী বৌদ্ধ ভিক্ষু শোদো শোনিনে স্থাপন কৰিছিল। গম পালোঁ, এই মন্দিৰৰ তিনিভাগ আচলতে তিনিঠাইত আছে। মূল মন্দিৰটো এই ট'শ্বগুৰ কাষত, মধ্যম মন্দিৰটো হ্ৰদ ছুজেঞ্জিৰ পাৰত আৰু তৃতীয় অভ্যন্তৰীণ মন্দিৰটো আছে মাউণ্ট নাণ্টাইৰ শিখৰত। আমি দৰ্শন কৰা মূল মন্দিৰৰ সন্মুখতে এটা শহাৰ সোণালী  প্ৰতিমূৰ্তি আছে। জাপানী সংস্কৃতিত শহাক হেনো সৌভাগ্য, সফলতা আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেইবাবে এই মন্দিৰ প্ৰতিষ্ঠাৰ ১২৪০ বৰ্ষপূৰ্তিত এই প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছিল।

ফুটাৰাছান মন্দিৰৰ সন্মুখভাগ

নিক্ক'ৰ বিশ্ব ঐতিহ্যস্থান এই সকলো মন্দিৰত শ্বিণ্ট' আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে উপাদান চকুত পৰিল। ট'শ্ব'গু মূলত: শ্বিণ্ট' মন্দিৰ। কিন্তু তাৰ লগতে বৌদ্ধ পেগোডা আৰু সকলো ভৱনত বৌদ্ধ স্থাপত্যশৈলী চকুত লগা। ফুটাৰাছান মন্দিৰতো এনে বহু উপাদান দেখা পালোঁ। ভাৱ হ'ল যেন, ধৰ্মীয় সহাৱস্থান বা Syncretism-ৰ এক অপূৰ্ব নিদৰ্শন এই মন্দিৰসমূহ।  

ইতিমধ্যে ভোকত আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিলে। মন্দিৰ এলেকাৰ পৰা ওলাই আহি ওচৰতে এখন ৰেষ্টোৰাঁ দেখা পাই সোমাই গ'লোঁ। এশ বছৰীয়া পুৰণি সেই ৰেষ্টোঁৰাৰ নাম নিক্ক' মাৰুহাইড শ্বকুডু। এগৰাকী আদহীয়া মহিলাই আমাক আদৰি নিলে। আহল-বহল ৰেষ্টোৰাঁ। ভাৱ হ'ল, কেৱল পতি-পত্নীয়ে মিলি এই ঠাই চলাইছে। মেন্যুৰ ফটো চাই লৈ য়ুবা ডন (ভাত আৰু শাক মিহলি খাদ্য) আৰু য়ুবা ৰামিন অৰ্ডাৰ কৰিলোঁ। য়ুবা মানে টফুৰ ছাল। মই প্ৰায়ে ঘৰত চালাড আদিত টফু মিহলি কৰি খাওঁ। কিন্তু কাইলে ভুলতো সেয়া মুখত নিদিয়ে। টফুত একো সা-সোৱাদ নাপায় হেনো সি। মোৰ দৃষ্টিত সেয়া এলবাৰ্টাৰ যিকোনো মানুহৰ দৰে দৰে কেৱল মাংস আৰু চীজতহে জুতি পোৱা জীভাৰ নিদৰ্শন! এতিয়া জাপানলৈ আহি সেই কাইলে তৃপ্তিৰে টফু খোৱা দেখি মোৰ হাঁহি উঠিল। ইয়াকে কয়, যেনে দেশ তেনে ভেশ!

টফুৰ ছালেৰে কৰা য়ুবা ৰামিন

কানমান্‌গাফুচি খাদৰ বুদ্ধ

খাদলৈ যোৱাৰ বাটত
এইবাৰ আমি খোজ দিলোঁ অন্য এক পৰ্য্যটনৰ আকৰ্ষণ কানমান্‌গাফুচি খাদ (Kanmangafuchi Abyss) লৈ। ইতিমধ্যে নিক্ক'ৰ আকাশ মুকলি হৈছে। আবেলিৰ ৰ'দজাক মূৰত লৈ পকী দলং এখনেৰে দায়া নদী পাৰ হ'লোঁ। সাধাৰণতে পৰ্যটক যোৱা বাটেৰে পোনেই নগৈ হ'ঞ্চ' গাঁৱৰ মাজেৰে নৈৰ দক্ষিণ পাৰলৈ খোজ দিলোঁ। ঠেক পৰিস্কাৰ বাটৰ দুয়োপাৰে সৰু সৰু ঘৰ আৰু বাঁৰী। চৌদিশে শৰতৰ ৰং। মানুহৰ  ভিৰৰ পৰা ওলাই আহি সেই নিৰিবিলি পৰিৱেশে মনটো নিজাৰ পেলাই দিলে। প্ৰায় বিছ মিনিটমান খোজ কঢ়াৰ পিছত ঘৰ-দুৱাৰ আঁতৰি আমাৰ সন্মুখত এক আৰণ্যক পৰিৱেশে ধৰা দিলে। কংক্ৰিটৰ বাটৰ শেষত এটা ঠেক পথৰুৱা আলি আৰম্ভ হ'ল। দুয়োপাৰে কঁহুৱাৰ দৰে এবিধ ওখ ঘাঁহ।সোঁকাষে জিৰি জিৰি সুৰেৰে বৈ গৈছে দায়া নদী। সেই বাটেৰে কিছুদূৰ আগবঢ়াৰ পিছতে দেখা পালোঁ বাটৰ বাওঁকাষে এটা শিলৰ বৌদ্ধ মূৰ্তি। মূৰ আৰু ডিঙিত ৰঙা কাপোৰ। বুজিলোঁ, সেইখিনিতে আৰম্ভ হৈছে বিখ্যাত কানমান্‌গাফুচি খাদ!

যিমানেই আগবাঢ়িলোঁ সিমানে তেনে অলেখ অসংখ্য বৌদ্ধ মূৰ্তিয়ে আমাক আদৰিলে। চৌদিশৰ সেউজীয়াৰ মাজত যেন ট ট কৈ জিলিকি উঠিল ৰঙা টুপীৰ মূৰ্তিবোৰ। বহুতো মূৰ্তিৰ দেহৰ শেলুয়ৈ। কিছুমান মূৰবিহীন মূৰ্তিও চকুত পৰিল। সেই বৌদ্ধ মূৰ্তি আৰু চৌদিশৰ পৰিৱেশে মনলৈ যেন কিবা এক অজান শিহৰণ আনি দিলে। 

কানমান্‌গাফুচি খাদত আমি
এই কানমান্‌গাফুচি খাদ প্ৰকৃততে সাতহাজাৰ পূৰ্বে নাণ্টাই পৰ্বতৰ এটা বিস্ফোৰণৰ ফলত সৃষ্টি হৈছিল। খাদৰ পৰা নদীৰ ফালে মুখ কৰি থকা এই বৌদ্ধ মূৰ্তিবোৰক জিজ' (jizo) দেৱতা বুলি কোৱা হয়। এইবোৰে হেনো মৃতসকলক প্ৰতিৰক্ষা দিয়ে। ধাৰণা মতে ইয়াত প্ৰায় ৭০টা মূৰ্তি আছে। কিন্তু কিম্বদন্তী মতে,এই মূৰ্তিৰ মুঠ সংখ্যা কোনেও সঠিকভাৱে গণনা কৰিব নোৱাৰে—প্ৰতিবাৰে গণনা কৰিলে সেই সংখ্যা সলনি হৈ পৰে। লাহে লাহে নদী কাষৰীয়া আলিবাটটো ঠেক হৈ আহিল শৰতৰ অৰণ্যই ছাটি ধৰিলে। গুগল মেপৰ মতে কানমান্‌গাফুচি খাদৰ বাট সিমানতে শেষ। কিন্তু তাতে এখন সৰু চাইনবৰ্ড দেখি গম পালোঁ, সেই বাটেৰেই নিক্ক' ৱান'শ্বিৰ' অনছেন (Nikko Wanoshiro Onsen) ওলাবগৈ পাৰি। সেয়া আজি আমাৰ শেষ গন্তব্যস্থান। কিন্তু লগতে দেখা পালোঁ অন্য এখন চাইনবৰ্ড- ভালুকৰ পৰা সাৱধান! সিদিনা পুৱাৰ বাতৰিত দেখিছিলোঁ, বিভিন্ন ঠাইত মানুহ আৰু ভালুকৰ সংঘাতৰ বিষয়ে। গতিকে ইয়াতো ভালুকৰ সক্ৰিয়তা দেখি আচৰিত নহ'লোঁ।

'আগবাঢ়ি গৈ চাওঁ ব'লা। এই বাটেৰেই অনছেন ওলাবগৈ লাগে!' কাইলে ক'লে।


কানমান্‌গাফুচি খাদৰ পৰা অনছেনলৈ 

'এইফালে মানুহ যোৱাৰ কোনো চিন-মোকাম নাই। গতিকে ভালুকৰ পৰা সাৱধান হ'ব লাগিব!' মই ক'লোঁ। কিন্তু বাটটোক লৈ মোৰ কৌতুহল আৰু উত্তেজনাও দমাই ৰাখিব নোৱাৰিলোঁ। নজনা-নিচিনা বাটৰ প্ৰতি মোৰ যে এক চিৰদিনীয়া কৌতুহল!

আমি যিমানেই আগবাঢ়িলোঁ বাটটো নিজান হৈ আহিল। মাথোঁ শুনা পালোঁ বিভিন্ন চৰাইৰ কাকলি। খোজৰ লগে লগে বাইন'কুলাৰ লৈ সেই মাতৰ আঁৰৰ জাপানী চৰাইৰ সন্ধান কৰিলোঁ। চকুত পৰিল, গছৰ ডালে ডালে খাদ্য বিচাৰি থকা ভদৰকলিৰ দৰে এটা চৰাই। নাম ভেৰিড টিট। গছৰ মুধচত কলকলাই উঠিল এজাক জাপানী বুলবুলি চৰায়ে (Brown-eared Bulbul)। সেই বাটৰ পৰাই চকুত পৰিল, আকাশত প্ৰায় ৩০-৪০ টা চিলনীৰ এটা জাকে প্ৰায় বৃত্তাকাৰে উৰি চিকাৰৰ সন্ধান কৰিছে। জাপানত হেনো চিলনীৰ এনে জাকৰুৱা চিকাৰৰ ৰূপ এক পৰিচিত দৃশ্য। বিশেষকৈ উপকূলীয় আৰু নদী–হ্ৰদৰ চাৰিওফালে প্ৰায়ে এনেকৈ চিলনীৰ জাক দেখা পোৱা যায়। 

এঠাইত বাটৰ কাষত কাঠৰ এখন সৰু পৰম্পৰাগত তোৰণ দেখা পাই কাইল আগবাঢ়ি গ'ল। তাৰ পৰা আগলৈ পাহাৰৰ ওপৰত এটা পুৰণি সৰু মন্দিৰ। মুদ্ৰা এটা দি কাইলে মন্দিৰৰ টিলিঙা বজাই দিলে। গোটেই অৰণ্যখন ৰজনজনাই গ'ল। মোৰ ভৰিৰ পৰা মূৰলৈ এটা অদ্ভুদ শিহৰণ বৈ গ'ল। ভাৱ হ'ল যেন সেই ঠাইত সেই মুহূৰ্তটোৱে জাপানৰ প্ৰকৃতি আৰু সংস্কৃতিৰ এক অবাৰ্চীন ৰূপৰ সৈতে একাত্ম হোৱাৰ সুযোগ আনি দিলে।

দায়া নদীৰ ওপৰত এখন দলং

জাপানৰ ৰাজহুৱা স্নানাগাৰ 

খাদৰ অৰণ্যৰ মাজেৰে গৈ ৱান'শ্বিৰ' অনছেন  (Nikko Wanoshiro Onsen Yashio-no-yu) পাওঁগৈ মানে সন্ধিয়া নামিছে। মনত কিছু উত্তেজনা, কিছু উদ্বিগ্নতা। জাপানৰ ৰাজহুৱা স্নানাগাৰ বা অনছেনৰ বিষয়ে শুনি আহিছোঁ, কিন্তু আজিয়ে প্ৰথম ভৰি থ'লোঁহি। ৰাজহুৱা স্নানাগাৰ জাপানী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ঐতিহাসিকভাৱে জাপানত ব্যক্তিগতভাৱে ক'তো স্নানাগাৰ নাছিল। সকলো লোকে এই ৰাজহুৱা স্নানাগাৰত গা ধুইছিলহি। এতিয়াও এই পৰম্পৰা স্থানীয় আৰু দেশ-বিদেশৰ পৰ্যটকৰ মাজত অতিকে জনপ্ৰিয়। জাপানত এই ৰাজহুৱা স্নানাগাৰসমূহ সুস্বাস্থ্য আৰু সামাজিক সংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম বুলি গণ্য কৰা হয়।  

অনছেনৰ দুৱাৰমুখতে ভেণ্ডিং মেচিনত টিকেট লৈ দুয়ো দুফালে সোমাই গ'লোঁ। প্ৰায়বোৰ অনছেনত পুৰুষ আৰু মহিলাৰ ঠাই পৃথক। মহিলাৰ অংশটোত দেখিলোঁ প্ৰথমে এটা আহল-বহল কোঠাত বয়-বস্তু থ'বলৈ লকাৰ আৰু কাপোৰ সলোৱাৰ ব্যৱস্থা। তাতে সকলো থানথিত লগাই থৈ টাৱেল এখন মেৰিয়াই আগবাঢ়ি গ'লোঁ।

নিক্ক' ৱান'শ্বিৰ' অনছেনৰ সন্মুখভাগ

সেইদিশে এক বিশাল মুকলি এলেকা। এফালে অনছেনৰ গৰম পানীৰ দুটা উঁহ। কিন্তু তাত নমাৰ আগতে বিপৰীত মূৰত থকা মুকলি শ্বাৱাৰত ভালদৰে গা-পা ধোৱাৰ নিয়ম। উঁহৰ পানীত কাপোৰ পিন্ধি নমা নিষেধ। সন্ধিয়াৰ সময় বাবেই কিজানি যথেষ্ট মানুহ তেতিয়াও। শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন বয়সৰ মহিলা। কোনোবাই ভিতৰৰ অংশটোত পানীত নামিছে। কিছু ওলাই গৈছে আছুতীয়াকৈ ৰখা বাহিৰৰ অংশটোত। আলৰ বৃদ্ধাৰ পৰা মাকৰ হাতত ধৰি আগবঢ়া শিশুলৈকে সকলো যেন তেনেই সহজ- সংকোচবিহীন সেই পৰিৱেশত। ভাৱ হ'ল যেন জাপানীসকলৰ নিজৰ শৰীৰক সন্মান কৰা মানসিকতা (body positivity) গঢ় দিয়াৰো মূলকেন্দ্ৰ এই অনছেনসমূহ। 

অনছেনৰ বাহিৰৰ উঁহ
(ভিতৰত ফটো তোলা নিষেধ বাবে অনছেনৰ ৱেবছাইটৰ পৰা সংগৃহীত ফটো)

সকলোকে দেখি লাহে লাহে মোৰো অসহজ ভাৱটো নোহোৱা হৈ আহিল। শ্বাৱাৰত গা-পা ধুই পোনেই বাহিৰৰ উঁহটোলৈ গ'লোঁ। পানীত নমাৰ আগেয়ে বাকী মহিলাসকলৰ দৰে শুভ্ৰ টাৱেলখন মূৰত ল'লো।সেইখিনিত তিনিওফালে বেঁৰা দি আছুতীয়াকৈ উঁহটো সৃষ্টি কৰা হৈছে। সন্মুখত কেইবাজোপা জাপানী মেপলৰ গছ। উঁহৰ দুছটা বিশাল শিলৰ মাজত আৰামকৈ বহিলোঁগৈ। সন্ধিয়াৰ লগে লগে জাৰ পৰিবলৈ আৰম্ভ কৰিছে। কিন্তু উঁহৰ উমাল পানীয়ে দেহ-মন শাঁত পেলাই দিলে। দিনৰ দিনটো খোজ কঢ়াৰ অন্তত ভৰি দুখনেও যেন বৰ আৰাম পালে।শিলত মূৰ পেলাই জাপানী মেপলৰ ৰং বিৰঙী পাতবোৰ চাই ৰ'লোঁ- বহুপৰলৈ!


নিশা জাপানী চুছিৰ সোৱাদ

পিছৰ খণ্ডত-

Friday, 5 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৪)

পূৰ্বৰ খণ্ডত-

নিক্ক'ত প্ৰথম পুৱা

জাপানৰ ড্ৰিপ কফি
আগনিশা নমান বজাতে টোপনিত পৰাৰ কাৰণে কিজানি পুৱা পাঁচ নাবাজোঁতেই সাৰ পালোঁ। নিক্ক'ৰ নতুন ঘৰৰ বহা কোঠাত পৰ্দা কোঁচাই দেখোঁ পূবে ধলফাট্‌ দিছেই। ভাৱ হ'ল, জাপানক সূৰ্যোদয়ৰ দেশ বুলি এনেয়ে নকয়! পাকঘৰলৈ আহি দুকাপ ড্ৰিপ কফি কৰিলোঁ। এই ড্ৰিপ কফিৰ সৈতে জাপানলৈ আহিহে মোৰ পৰিচয় হৈছে। আমাৰ ফিল্টাৰ কফিৰ দৰেই কিন্তু তাতোকৈ বেছি সুবিধাজনক। টি বেগৰ দৰে পেকেট খুলি ড্ৰিপ কফিৰ বেগ দুটা কাপত বহাই দিলোঁ। কাপত খাপ খাই পৰাকৈ বেগত কাগজৰ হেণ্ডেল। লাহে লাহে ইলেকট্ৰিক কেটলৰ পৰা উতলা পানী কফি বেগত ঢালি দিলোঁ। নিমিষতে কফি সাজু!

পশ্চিমীয়া ধাৰাৰ কফি মেইজী যুগৰ শেষৰফালেহে জাপানলৈ আহিছিল কিন্তু কিছাটান (Kissaten) নামৰ পৰম্পৰাগত কেফেবোৰে কফিক জাপানী সমাজত জনপ্ৰিয় কৰি তুলিলে। এতিয়া জাপানত চাহৰ দৰেই কফিও পৰম্পৰাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। জাপানৰ সকলোতে পোৱা দোকান (convenience store) যেনে, ল'ছন বা ফেমিলি মাৰ্ট আদিত এই ড্ৰিপ কফিৰ পয়োভৰ দেখা পালোঁ। সুবিধা আৰু সোৱাদ দুয়োটাৰ বাবে জাপানত থকা কেইদিনতে ড্ৰিপ কফি আমাৰো প্ৰিয় হৈ পৰিল।

'ইমান ঠাণ্ডা পৰিছে!' কাইলৰ মাত শুনি মূৰ তুলি চালোঁ। গায়ে-মূৰে ডাঠ ব্লেংকেটখন মেৰিয়াই লৈ কোনোমতে খোজ কাঢ়িছে সি। ঘৰটোৰ প্ৰতিটো কোঠাত স্পেচ হিটাৰ আছে যদিও ঠাণ্ডাৰ প্ৰকোপ কমাব পৰা নাই।

'এয়া ড্ৰিপ কফি খোৱা- গা গৰম হৈ যাব।' হাঁহি হাঁহি মই ক'লোঁ। 

যি পাৰোঁ গৰম কাপোৰ পিন্ধি দুয়ো সাতমান বজাতে ওলাই আহিলোঁ। নিক্ক'ৰ আকাশত ঘন ডাৱৰ। মাজে মাজে কিনকিনিয়া এজাক বৰষুণ। ঘৰৰ গৃহস্থই যুগুতাই থোৱা খৰাহীৰ পৰা স্বচ্ছ বগা ছাতি একোটা হাতত ল'লোঁ। জাপানত ঘনাই বৰষুণ হয়। সেইবাবেই কিজানি সকলো ঠাইত এনেদৰে ছাতি সাজু কৰি থোৱা থাকে। আনকি প্ৰায়বোৰ দোকান-পোহাৰ আৰু ৰেষ্টোৰাঁত বৰষুণৰ বতৰত তিতা ছাতি ভিতৰলৈ নিবলৈ দুৱাৰমুখতে প্লাষ্টিকৰ মোনাও দেখা পালোঁ। সকলোৱে ছাতি সেই মোনাত ভৰাইহে সোমায় যাতে ছাতিৰ পানীৰে ভিতৰৰ মজিয়া তিয়াই নেপেলায়। জাপানীসকলৰ সৌজন্যতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অন্য এক নিদৰ্শন এয়া।

নিক্ক' টাউনৰ পুৱা

নিক্ক' টাউনৰ মূল পথটোৰে পশ্চিমদিশলৈ বিশ্ব ঐতিহ্য স্থানসমূহৰ আৰম্ভণি হৈছে। সেইদিশে খোজ ল'লোঁ। আমাৰ দুয়োকাষে ঠেক নগৰীয়া সীমাৰ সিপাৰে শাৰী শাৰী সেউজ পাহাৰ। ধলপুৱা বাবে প্ৰায়বোৰ দোকান-পোহাৰ তেতিয়াও খোলা নাই। বাট-পথো নিমাও মাও। মাজে মাজে মাথোঁ দুই এখন গাড়ী চলিছে। ইয়াৰ ভোটোকা মুখৰ সৰু সৰু গাড়ীবোৰ দেখিও আমোদ পালোঁ। কিনকিনীয়া বৰষুণৰ মাজেৰে আধাঘণ্টামান খোজেৰে যাওঁ মানে ভোক লাগিলগৈ। বৰষুণজাকৰ পৰা অলপ বিৰতি লোৱাৰো ইচ্ছা হ'ল। সেইখিনিতে এখন কেফে চকুত পৰিল- নাম 'শ্বিনকিঅ' ইন'। ভাগ্যক্ৰমে সেইখন খোলা দেখা পাই দুয়ো সোমাই গ'লোঁ।  
জাপানৰ জনপ্ৰিয় স্বচ্ছ ছাতি লৈ নিক্ক' টাউনত

কেফেখন নিক্ক' টাউনেৰে বৈ যোৱা দায়া নদীৰ পাৰত। জাপানৰ প্ৰায়বোৰ কেফে- ৰেষ্টোঁৰাৰ দৰে এইখনো তেনেই সৰু- মাথোঁ দহজন মান মানুহহে বহিব পাৰে। দুৱাৰমুখতে আমাক শ্বেতাংগ লোক এজনে আদৰিলে।

'গুড মৰ্ণিং। ব্ৰেকফাষ্ট কৰিব নেকি?'

মূৰ দুপিয়ালোঁ। তেওঁ খিৰিকীৰ কাষৰ টেবুলখনত আমাক বহুৱালেগৈ। সেইদিশে কাঁচৰ বিশাল দেৱাল- গতিকে নিচেই কাষেৰে বৈ যোৱা দায়া নদীৰ পাৰতে বহা যেন ভাৱ হ'ল। নদীৰ দুয়োপাৰে সেউজীয়াৰ মাজে মাজে শৰতৰ ৰং- হালধীয়া, সুমথিৰা আৰু ৰঙা ৰঙৰ সমাহাৰ। পানীত সৰু-বৰ মাছ। সিপাৰে ধলধলাই সৰু জলপ্ৰপাত এটাৰ পানী নৈত পৰিছেহি। কেনে অপৰূপ- মোৰ মনটো পুলকিত হৈ পৰিল।

'কফি বা চাহ সৌ তাত উলিয়াই থোৱা আছে- নিজৰ ইচ্ছামতে ল'ব পাৰে। পুৱাৰ সাজ অলপ পিছতে আনিম।' 

মানুহজনে ব্ৰিটিছ সুৰত কথা কোৱা দেখি অলপ কৌতুহলী হ'লোঁ। কিন্তু সম্ভ্ৰম ৰাখি সেই কৌতুহল দমাই ৰাখিলোঁ। ব্যতিব্যস্ত ভাৱে তেওঁ পাকঘৰলৈ সোমাই গ'ল। তাত ৰান্ধি থকা জাপানী মহিলাগৰাকীক অৰ্ডাৰসমূহ দিলেগৈ। অনুমান কৰিলোঁ, সেই ৰেষ্টোৰাঁ আৰু ওপৰ মহলাৰ হোটেল কিজানি এই পতি-পত্নীয়েই মিলি চলায়।

ক্ষন্তেক পিছতে টেবুললৈ খাদ্য আহিল- অ'ট মিল, ঘৰুৱা জামেৰে ব্ৰেড ট'ষ্ট, বেক'ন আৰু প'চড কণী। লগতে সৰুকৈ চালাডৰ বাটি একোটা। খোৱাৰ প্লেটত যেন সেয়া জাপানী আৰু ব্ৰিটিছ সংস্কৃতিৰ এক সংমিশ্ৰণ! দায়া নৈৰ শোভা চাই চাই হেঁপাহেৰে সেয়া মুখত দিলোঁ।

কেফেৰ পৰা দায়া নদীৰ মনোমোহা ৰূপ

শ্বিনকিঅ' সেঁতু

কেফেৰ পৰা ওলাওঁ মানে বৰষুণ জাক ৰৈছে। ডাৱৰ ফালি এচেৰেঙা ৰ'দ ওলাইছে। দুখোজমান দিয়ে আমাৰ চকুৰ সন্মুখত ভাঁহি উঠিল দায়া নদীৰ ওপৰৰ শ্বিনকিঅ' সেঁতু (Shinkyō Bridge)। চৌদিশৰ শাৰদী প্ৰকৃতিৰ যেন এক অংগ হৈও অদ্বিতীয় ৰূপত জিলিকি আছে ৰঙা সেঁতুখন। এই পবিত্ৰ সেঁতু জাপানৰ আটাইতকৈ সুন্দৰ আৰু বিখ্যাত সেঁতুসমূহৰ এখন। কিম্বদন্তী অনুসৰি, নিক্ক'ৰ প্ৰথম বৌদ্ধ ধৰ্মগুৰু শ্ব'দ'ৱে হেনো দায়া নদী পাৰ হ'বলৈ দৈৱ সহায় বিচাৰোঁতে দুটা সাপ দেখা দি এই সেঁতুৰ ৰূপ ধাৰণ কৰিছিল।

নিক্ক'ৰ খ্যাতনামা শ্বিনকিঅ' সেঁতু

ইতিমধ্যে সেইখিনিত পৰ্যটকৰ জুম বান্ধিছে। বহুতে টিকেট লৈ সেঁতুত উঠিছেগৈ। ১৯৭৩ চনলৈকে এই সেঁতুত জনসাধাৰণৰ প্ৰৱেশ নিষেধ আছিল। ১৯৯৯ চনত সেঁতুখন বিশ্ব ঐতিহ্য স্থান হিচাপে মনোনীত কৰা হয়। পৰৱৰ্ত্তী সময়ত বহু বছৰজোৰা পুনৰুদ্ধাৰৰ  পিছত সেঁতুখন পৰ্য্যটকৰ বাবে মুকলি কৰা হয়। পিছে সেইখিনিত দায়া নদী পাৰ হ'বলৈ মূল দলং এখনো আছে। আমি তাৰ পৰাই সেঁতুৰ ৰূপ উপভোগ কৰিলোঁ।  

বিশ্ব ঐতিহ্য স্থান নিক্ক'

শ্বিনকিঅ' সেঁতুৰ সিপাৰে মূল পথৰ পৰা পাহাৰলৈ থিয় চিৰি। সেইফালে মানুহৰ সোঁত আৰম্ভ হৈছে। আমিও কৌতুহলেৰে চিৰি বগাই আগবাঢ়িলোঁ। প্ৰথমেই চকুত পৰিল, বৌদ্ধ সাধু  শ্ব'দ' (Shōdō)ৰ এক প্ৰতিমূৰ্ত্তি। তাত উল্লেখ কৰা মতে ৭৬৬ খ্ৰীষ্টাব্দত নিক্ক'লৈ অহা এই বৌদ্ধ সাধু গৰাকী নিক্ক' অঞ্চলত ভৰি থোৱা প্ৰথম লোক। তেঁৱে ইয়াত প্ৰথম মঠ স্থাপন কৰিছিল আৰু বৌদ্ধ ধৰ্মৰ বিস্তাৰ কৰিছিল। 

নিক্ক'ৰ প্ৰথম মানুহ বৌদ্ধ সাধু শ্ব'দ'
তাৰ পিছতে নিক্ক' জাপানৰ এক অন্যতম ধৰ্মীয় আৰু আধ্যাত্মিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ পৰে।  ১৯৯৯ চনত শ্বিনকিঅ' সেঁতুৰ লগতে নিক্ক'ৰ সমূহ মঠ-মন্দিৰ (Shrines and Temples of Nikko)ক আনুষ্ঠানিকভাৱে UNESCO–ৰ বিশ্ব ঐতিহ্য (World Heritage) তালিকাত অন্তর্ভুক্ত কৰা হয়। লক্ষ্য কৰিলোঁ, ইয়াত বিদেশী পৰ্য্যটকতকৈও জাপানী পৰ্য্যটকৰ সংখ্যা বেছি। হয়তো জাপানীসকলৰ মাজত এই তীৰ্থভূমি আধ্যাত্মিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। 

নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত সেই বিশাল এলেকা জুৰি কেইবাটাও খ্যাতনামা মন্দিৰ আছে। প্ৰথমেই আমি ৰিন্‌নোজি (Rinnōji) মন্দিৰ দৰ্শন কৰিলোঁ। বৌদ্ধ সাধু  শ্ব'দ'ই প্ৰতিষ্ঠা কৰা এইটো প্ৰথম মন্দিৰ। ৰঙাত সোণৰ কাৰুকাৰ্যৰে মন্দিৰৰ মূল ভৱনটো চকুত লগা। সেই ভৱনৰ ভিতৰত তিনিটা বিশাল সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। এই তিনি দেৱতাৰ নাম হ'ল আমিদা (Amida), শেঞ্জু-কানন (Senju-Kannon) আৰু বাট'-কানন (Bato-Kannon)। তেওঁলোকক নিক্ক'ৰ তিনিজনা পাহাৰী দেৱতাৰ বৌদ্ধ ৰূপ হিচাপে গণ্য কৰা হয়। দেৱতাৰ মূৰ্ত্তিৰ সন্মুখত মুদ্ৰা একোটা দি সেৱা কৰাৰ ব্যৱস্থা আছে। কেইবাগৰাকী জাপানী লোকে তাত দুবাৰকৈ হাত চাপৰি মাৰি মুৰ দোঁৱাই সেৱা কৰা দেখা পালোঁ। গতিকে আমিও তেওঁলোকক অনুকৰণ কৰি অঞ্জলি আগবঢ়ালোঁ।

ৰিন্নোজি মন্দিৰৰ একাংশ

মন্দিৰৰ লগতে লাগি আছে এটা সংগ্ৰহালয় আৰু শ্ব'য়'য়েন (Shoyoen) নামৰ এখন সৰু জাপানী শৈলীৰ উদ্যান। উদ্যানৰ মাজত এটা কণমানি হ্ৰদ। শিলপৰা ঠেক বাটটোৰে হ্ৰদৰ পাৰে পাৰে আমি আগবাঢ়িলোঁ। চৌদিশে জাপানীসকলৰ উদ্যান শিল্পৰ এক অপূৰ্ব নিদৰ্শন হৈ ধৰা দিলে বহু ৰং বিৰঙী জোপোহা আৰু জাপানী মেপলৰ গছ। ইমান সূক্ষ্মভাৱে আৰু যত্নেৰে উদ্যানখন গঢ়ি তুলিছে যে প্ৰতিটো কোণৰ পৰাই উদ্যানৰ এক ভিন্ন আৰু মনোমোহা দেখা পোৱা যায়। 

শ্ব'য়'য়েন উদ্যানত শৰতৰ ৰং

তিনিটা জ্ঞানী বান্দৰৰ আদিস্থান 

এইবাৰ আমি পুনৰ মানুহৰ লানিত যোগ দিলোঁ। ৰিন্নোজি মন্দিৰৰ পৰা অলপ আগবাঢ়ি গ'লেই বিশ্ববিখ্যাত ট'শ্ব'গু মন্দিৰ (Tōshōgū shrine)। কিন্তু তাৰ গৈ নাপাওঁতেই চকুত পৰিল বাটৰ সোঁমাজত এগৰাকী কৰ্মকৰ্তা। হাতত চাইনবৰ্ড- জাপানী আৰু ইংৰাজীত লিখা আছে, 'ট'শ্ব'গু মন্দিৰৰ টিকেটৰ বাবে ইয়াত থিয় হওক'। বুজিলোঁ, মন্দিৰৰ টিকেটৰ বাবে বহু দীঘল শাৰী। উপায়ন্তৰ হৈ তাতে ৰ'লোঁগৈ। ভাগ্য ভাল যে সেই সমগ্ৰ বাটছোৱাত অনেক দোকান -পোহাৰ। গতিকে দোকান-পোহাৰ আৰু অন্য পৰ্য্যটকৰ ৰেহ-ৰূপ চাই সময়খিনি ভালকৈয়ে কাটিল।

ট'শ্ব'গু মন্দিৰৰ পেগোডা

মূল প্ৰৱেশদ্বাৰ পাৰ হৈ প্ৰথমেই দেখা পালোঁ অপূৰ্ব কাৰুকাৰ্য্যৰে ভৰা এক পাঁচতলাৰ পেগোডা। ৰঙাত সোণালী কাম কৰা পেগোডাটো চালে চকুৰোৱা। সেইখিনিতে মূল মন্দিৰৰ বাবে টিকেটৰ বাবে ভেণ্ডিং মেচিনৰ ব্যৱস্থা আছে। আগবাঢ়ি গৈ দেখিলোঁ, মেচিনৰ স্ক্ৰীণৰ সকলো জাপানীজ ভাষাতহে দেখায়। প্ৰথমে অনুমানতে স্ক্ৰীণত দেখা সেউজীয়া বাটনত টিপিলোঁ। এইবাৰ সমগ্ৰ স্ক্ৰীণ ভৰাই জাপানী ভাষাত উত্তৰ আহিল। কি কৰোঁ-কি নকৰোঁকৈ সহায়ৰ বাবে ইফালে-সিফালে চালোঁ। কাইল আগবাঢ়ি আহিল। অ'ত ত'ত টিপি নোটকেইখন ভৰাই দিলে। আমাক দুয়োকে আচৰিত কৰি ভেণ্ডিং মেচিনৰ ফুটাৰে সৰি পৰিল দুটা টিকেট!

'কেনেকৈ টিকেট ওলালহে?' মই আচৰিত হৈ ক'লোঁ।

'অনুমানত!' কাইলে হোহোৱাই হাঁহি পেলালে।

চাৰিশ বছৰীয়া ট'শ্ব'গু মন্দিৰৰ আদৰণী তোৰণখনেৰে সোমাই গৈ তবধ মানিলোঁ। অপৰূপ সোণালী কাৰুকাৰ্যৰে চকু চাৎ মৰা এক তোৰণ। সেইখিনিতে জাপানী লোক এজনৰ পৰা অডিঅ' গাইডো কিনি ল'লোঁ। পাঁচশ য়েনৰ বিনিময়ত তেওঁ ইয়েৰফোন এটাৰে সৈতে সৰু যন্ত্ৰ বিধ দি ট'শ্ব'গু মন্দিৰৰ মেপখন দেখুৱালে। গম পালোঁ, এয়া কেৱল এটা মন্দিৰ নহয়। এক বিশাল অঞ্চলজুৰি প্ৰায় ডজনৰো অধিক ভৱন আছে। আকাৰে-ইংগিতে তেওঁ বুজালে, প্ৰতিটো মন্দিৰৰ সন্মুখত থিয় হৈ মেপৰ সেই ঠাইত স্কেন কৰিলে মাতটো ভাঁহি আহিব আৰু সেই স্থাপত্যৰ বিষয়ে চমূকৈ ইংৰাজীত ক'ব।  

ট'শ্ব'গু মন্দিৰৰ আদৰণী তোৰণ
ইয়াৰফোনৰ দুটি মূৰ দুফালে লৈ আমি খোজ দিলোঁ। কাইলৰ হাতত মেপখন। অডিঅ' গাইডে কৈ গ'ল, ট'শ্ব'গু মন্দিৰ এক শ্বিণ্ট' মন্দিৰ। জাপানী ছামুৰাই ট'কোগাৱা ইয়েয়াছু (Tokugawa Ieyasu)ৰ স্মৃতিত এই মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ ষোল্ল শতিকাৰ পৰা ওঠৰ শতিকালৈ জাপান শাসন কৰিছিল আৰু সেই সময়ছোৱাতে সমগ্ৰ জাপান একত্ৰিত কৰিছিল। ইটোৰ পিছত সিটোকৈ ভৱনৰ সন্মুখত ৰৈ অডিঅ' গাইডৰ পৰা সেইবিষয়ে শুনি গ'লোঁ, কাঠত সোণ খোদাই অপৰূপ কাৰুকাৰ্যৰ ভৱনবোৰ অভিভূত হৈ চালোঁ। কিন্তু আমাক আটাইতকৈ আচৰিত কৰিলে সেই মন্দিৰৰ গুদামঘৰটোৱে।

নিপুণ শিল্পকলাৰে নিৰ্মিত গুদামঘৰৰ কাঠৰ দেৱালত আঠখন ছবি খোদাই কৰা আছে। প্ৰতিখন ছৱিত জাপানত দেখা পোৱা জাপানীজ মাকাক প্ৰজাতিৰ বান্দৰে জীৱনৰ আঠটা স্তৰক লৈ আধ্যাত্মিক নিৰ্দেশনা দিছে। অডিঅ' গাইডৰ কণ্ঠ অনুসৰণ কৰি সেই স্তৰ সন্নিবিষ্ট ছৱিবোৰ এখন এখনকৈ চাই গৈ থমকি ৰ'লোঁগৈ তিনিটা বান্দৰ থকা ছৱিখনৰ সন্মুখত। গাইডে ক'লে, 

'এয়াই বিশ্ববিখ্যাত তিনি জ্ঞানী বান্দৰ-  মিজাৰু, যিয়ে নিজৰ চকু ঢাকি বেয়া নাচায়; কিকিজাৰু, যিয়ে নিজৰ কাণ ঢাকি বেয়া নুশুনে; আৰু ইৱাজাৰু যিয়ে নিজৰ মুখ ঢাকি বেয়া নকয়। এই প্ৰতীকটি মেইজি যুগত (১৮৬৮–১৯১২) পশ্চিমীয়া দেশত পৰিচিত হয়, আৰু তাৰ ফলত ইংৰাজীত “see no evil, hear no evil, speak no evil” প্ৰবাদটোৰ সৃষ্টি হয়।'

অতদিনে তিনি জ্ঞানী বান্দৰৰ নৈতিক শিক্ষা পঢ়ি-শুনি আহিছোঁ। কিন্তু আজিহে সেই তিনি বান্দৰৰ আদিস্থান দেখাৰ সুযোগ পালোঁ। ভাৱ হ'ল যেন এক ৰহস্য মুকলি হৈ গ'ল আমাৰ চকুৰ সন্মুখতে!

ট'শ্ব'গু মন্দিৰৰ তিনিটা জ্ঞানী বান্দৰ

পিছৰ খণ্ডত-

Saturday, 29 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৩)

পূৰ্বৰ খণ্ডত-

য়'য়'গি উদ্যানৰ প্ৰাণময় পুৱা

য়'য়'গি উদ্যানৰ একাংশ
টকিঅ'ত আমাৰ তৃতীয় দিন। জেট লেগৰ প্ৰভাৱত পুৱতি নিশাতে সাৰ পালোঁ। সেয়ে পূবত ধলফাট দিয়াৰ লগে লগে দৌৰিবলৈ ওলাই আহিলোঁ। যোৱা প্ৰায় এটা দশক ধৰি য'তে সুবিধা পাওঁ সেউজীয়াৰ মাজেৰে দৌৰাটো মোৰ প্ৰায় নিচাৰ দৰে হৈছেগৈ। আমাৰ হোটেলৰ কাষতে উদ্যান এখন থকা দেখা পাই টকিঅ'তো সেই লোভ সামৰিব নোৱাৰিলোঁ। 

শ্বিবুয়াৰ হোটেলৰ পৰা ওলাই উত্তৰদিশে দুইমিনিটমান খোজ কাঢ়িলেই য়'য়'গি উদ্যান। মেইজি তীৰ্থভূমিৰ কাষৰীয়া অন্য এক মহানাগৰিক সেউজীয়া পৃথিৱী। মূল প্ৰবেশদ্বাৰেৰে সোমোৱাৰ লগে লগে পুৱাৰ সতেজ বতাহ এছাটিয়ে মোক চুই গ'ল। তাতে ৰহণ চৰাই কোমল ৰ'দজাক শাৰী শাৰী ওখ গছৰ সেউজীয়াৰ মাজেৰে উদ্যানৰ বাটত ছিটিকি পৰিছে। সেই বাটেৰে আগবাঢ়িছে বহু পদচাৰী। কিছু লোক অকলশৰে, কিছুমানে গোট বান্ধি দৌৰিছে, কিছুমানে চাইকেল চলাইছে। বহুতে আকৌ উদ্যানৰ সেউজীয়া, পুখুৰীৰ হাঁহ আৰু বগলীৰ ৰূপ চাই চাই মৰ্ণিং ৱাক কৰিছে। প্ৰায়বোৰ মানুহেই উদ্যানৰ ঘাঁহনিত মুকলিতে থুপ খুৱাই নিজৰ বেগ আৰু অন্য বয়-বস্তু এৰি গৈছে। ভাৱ হ'ল, আগেয়ে শুনি অহাৰ দৰেই ইয়াত চুৰি বা অন্য অপৰাধ হয়তো কম। 

অন্য পদচাৰীৰ লগত যোগ দি ময়ো উদ্যানৰ সৰু-বৰ বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। ভৰিৰ গতিৰ লগে লগে দেহ-মন পাতলি আহিল- জেট লেগৰ ক্লান্তি আঁতৰি এক অবাৰ্চীন শিহৰণে জোকাৰি গ'ল। মোৰ আগে-পিছে বিভিন্ন বয়স আৰু ফিটনেছৰ লোক। কিছুমানে ভীষণ জৰুৰী ভাৱে নিজৰ স্মাৰ্টৱাট্চ‌ চাই চাই সময় মিলাই দৌৰিছে- হয়তো কোনো প্ৰশিক্ষণৰ বাবে। কোনোবাই লগৰীয়াৰ লগত কথা আৰু হাঁহিৰ মাজেৰে চৌদিশৰ শোভা উপভোগ কৰি লাহে লাহে দৌৰিছে। এই উদ্যানে যেন বয়স-ফিটনেছ নিৰ্বিশেষে সকলোকে প্ৰকৃতি আৰু নিজৰ কাষ চপাৰ সুবিধা দিছে। মহানগৰীৰ কংক্ৰিটৰ অৰণ্য আৰু নিয়ন লাইটৰ পৰা ক্ষণিক বিৰতি দিছে। এনেকৈ টকিঅ' মহানগৰীৰ সেউজ কোণ এটাত দৌৰিবলৈ পাই নিজকে বৰ ভাগ্যৱান যেন ভাৱ হ'ল। এয়া যে মাথোঁ তিনিদিন আগলৈকে মোৰ বাবে এক সপোনেই আছিল! 

টকিঅ'ৰ পৰা নিক্ক'লৈ

উভতি আহি দেখোঁ, বয়-বস্তু সকলো সামৰি কাইল ইতিমধ্যে সাজু হৈছে। গতিকে ময়ো খৰধৰকৈ সাজু হ'লোঁ। পুৱা নমান বজাত দুয়ো শ্বিবুয়া ট্ৰেইন ষ্টেচন পালোঁগৈ। আজি ষ্টেচনত আগতকৈ সহজ ভাৱ হ'ল। টকিঅ' আহি পায়ে ইয়াত প্ৰথম নিশাৰ চমকৰ কথা মনত পেলাই দুয়ো হাঁহিলোঁ। সেই নিশাৰ দৰে নহ'লেও এই পুৱাতে ষ্টেচনত যথেষ্ট ভিৰ। বিভিন্ন ৰে'লৱে লাইন-সেইমতে নিৰ্দিষ্ট ৰঙৰ চিন আৰু নিৰ্দেশনা। গুগল মেপত সেয়া চাই আমাৰ ষ্টেচন বিচাৰি উলিয়াই স্থানীয় ট্ৰেইনেৰে আছাকুছা ষ্টেচনলৈ ৰাওনা হ'লোঁ। মানুহৰ ভিৰৰ মাজেৰে কেৰি অন চ্যুটকেছ আৰু পিঠিৰ বেগ ধৰি থিয় দি থাকিয়ে দুয়ো আছাকুছা পালোঁগৈ। 

আজি আমাৰ গন্তব্যস্থান নিক্ক'। টকিঅ'ৰ পৰা উত্তৰলৈ জাপানৰ ট'চিগি প্ৰিফেকচাৰত থকা এক ঐতিহাসিক পাহাৰী চহৰ নিক্ক'। সাংস্কৃতিক সমৃদ্ধি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনন্য মিলনক্ষেত্ৰ। আছাকুছাৰ পৰা নিক্ক'লৈ যাবলৈ 'চবু নিক্ক' ট্ৰেইন লাইন ধৰিব লাগে। কিন্তু আমি ঠিক কৰিলোঁ, প্ৰথমে নিক্ক' পাছ একোখন কিনি লওঁ। সেয়ে ষ্টেচনত থকা টবু ৰে'লৱেৰ  অফিচ পালোঁগৈ। সন্মুখত মানুহৰ দীঘলীয়া লানি। পোন্ধৰ মিনিটমান শাৰী পতাৰ পিছত কাউণ্টাৰ পোৱাত সাদৰী জাপানী মহিলাগৰাকীয়ে দুখন নিক্ক' পাছ আগবঢ়াই ইংৰাজীত ক'লে,

'এয়া আপোনালোকৰ নিক্ক' পাছ। তিনিদিনৰ বাবে বৈধ। গতিকে সেইকেইদিনত নিক্ক'ৰ সকলো টবু বাছ, ৰে'লৱে আৰু ফেৰী ক্ৰুজত আপোনালোকে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। বেলেগকৈ কোনো টিকেট লোৱাৰ প্ৰয়োজন নাই। পাছৰ দাম আঠহাজাৰ য়েন- গতিকে দুজনৰ ষোল্লহাজাৰ।'

'আৰিগাট' গ'জাইমাছ!' কাইলে ক্ৰেডিট কাৰ্ডখন আগবঢ়াই দিলে। কানাডাৰ ক্ৰেডিট কাৰ্ড প্ৰায় সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰি। গতিকে অন্য উপায় ল'ব লগা নহ'ল।

তেওঁ মূৰ দোঁৱাই কাৰ্ডখন ল'লে। তাৰপিছত সুধিলে,

'নিক্ক'লৈ যাবলৈ স্থানীয় ট্ৰেইনতহে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। লিমিটেড এক্সপ্ৰেছ ট্ৰেইনখন কমসময়তে নিক্ক' পায়গৈ। কিন্তু তাৰবাবে বেলেগকৈ টিকেট কৰিব লাগিব। আপোনালোকক সেই টিকেটৰো প্ৰয়োজন নেকি?'

আমি দুয়ো দুয়োৰে চকুলৈ চালোঁ। কি কৰা যায়?

'লিমিটেড এক্সপ্ৰেছ কেইবজাত আছে বাৰু?' মই সুধিলোঁ।

'দহমিনিট পিছতে এখন ট্ৰেইন আছে। কিন্তু তাৰ সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে। পিছৰখন দুঘণ্টা পাছত মানে বাৰ বজাত আছে।'

টকিঅ'ৰ পৰা নিক্ক'লৈ প্ৰায় ১৫০ কিমি

আমি আচৰিত হ'লোঁ। আমাৰ মুখৰ ভাৱ দেখি মহিলাগৰাকীয়ে আকৌ ক'লে, 'এতিয়া শৰতৰ ৰূপ চাবলৈ নিক্ক'লৈ বহুত পৰ্য্যটক আহিছে- এয়া নিক্ক'ত পৰ্য্যটনৰ আটাইতকৈ ব্যস্ত সময়।'

'আজি তালৈ যাবলৈ অন্য কিবা ট্ৰেইন আছেনে?' কাইলৰ উৎকণ্ঠিত মাত।

'আছে!' তেওঁ যেন সাজু হৈয়ে আছিল। লিফলেট এখন আগবঢ়াই দি ক'লে, 'এয়া নিক্ক'লৈ যোৱা সকলো স্থানীয় ট্ৰেইনৰ সময়। পিছে স্থানীয় ট্ৰেইন বহুতো ষ্টেচনত ৰ'ৱ বাবে নিক্ক' গৈ পাবলৈ লিমিটেড এক্স্প্ৰেছতকৈ যথেষ্ট সময় ল'ব। ট্ৰেইন কেইবাবাৰো সলাবও লাগিব।'

কাইল আৰু মই খৰকৈ চিন্তা কৰিলোঁ। ইতিমধ্যে আমাৰ পিছত মানুহৰ লানি আগতকৈও দীঘল হৈছে। ঠিক কৰিলোঁ, ইয়াৰ পিছৰখন লিমিটেড এক্সপ্ৰেছৰ বাবে দুঘণ্টা ৰৈ থকাতকৈ স্থানীয় ট্ৰেইনত গৈ থকাই ভাল হ'ব। বয়-বস্তু বেছি নাই যেতিয়া ট্ৰেইন সলাবলৈও বিশেষ অসুবিধা নহয়।

জাপানী কৰ্চন চৰাইৰ অৰিগেমি

কাউণ্টাৰৰ মহিলাগৰাকীক ধন্যবাদ জনাই আমি ওলাই আহিলোঁ। অফিচৰ সন্মুখতে এগৰাকী মহিলাই অৰিগামি বেচি আছিল। জাপানৰ এক পৰম্পৰাগত আৰু জনপ্ৰিয় এই হস্তবিদ্যা। মই তাতে থমকি ৰোৱা দেখি মহিলাগৰাকী আগবাঢ়ি আহিল। ভঙা ভঙা ইংৰাজীৰে ক'লে,

'এয়া কৰ্চন চৰাইৰ ধাতুৰে কৰা অৰিগামি- কৰ্চন চৰাইক জাপানত কৃতজ্ঞতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি বিশ্বাস কৰে।'

'বহুত ধুনীয়া!' ক্ৰেইন মানে কৰ্চন চৰাইবোৰ চাই মই ক'লোঁ। 'ধাতুৰ অৰিগেমি মোৰ বেগত নোসোমাব- দামো বেছি!'

'এয়া কাগজৰো অৰিগেমি আছে- সেয়া বিনামূলীয়া। ইচ্ছা কৰিলে সেয়া ল'ব পাৰে!'

দুয়ো হেঁপাহেৰে কাগজৰ দুটি কৰ্চন চৰাই একোটা লৈ আৰু তেওঁক বহুত ধন্যবাদ জনাই  ষ্টেচনতে এখন কেফেত বহিলোঁহি।কফি একোকাপ খাই লৈ স্থানীয় ট্ৰেইনত উঠাৰ কথা। কিন্তু কফিৰ মাজতে লিফলেটত স্থানীয় ট্ৰেইনৰ সময় চাই মোৰ চকু কপালত উঠিল। অন্তত: তিনি বা চাৰিবাৰ ট্ৰেইন সলাব লাগিব। তাৰে কেইখনমানৰ সময়ৰ মাজৰ বিৰতি মাথোঁ পাঁচমিনিট। কেফেৰ চকীৰ পৰা ঘপকৈ উঠি কাইলক ক'লোঁ,

'যিমান খৰধৰ কৰিলেও ইয়াৰ বিশাল ষ্টেচনবোৰত মানুহৰ ভিৰৰ মাজেদি প্লেটফৰ্ম সলাই পাঁচমিনিটত অন্য ট্ৰেইন ধৰা সম্ভৱ নহয়। সেয়া যদি নাপাওঁগৈ লিমিটেড এস্কপ্ৰেছতকৈ বহুত পলমকৈ আমি নিক্ক' পামগৈ।'

দুয়োৰে বুজিবলৈ বাকী নৰ'ল যে দুঘণ্টা পিছৰ ট্ৰেইনখনেই আমাৰ একমাত্ৰ ভৰসা। এইবাৰ আকৌ মানুহৰ ভিৰৰ মাজেৰে প্ৰায় দৌৰি যোৱাদি টবু ৰে'লৱেৰ অফিচ পালোঁগৈ। আকৌ দীঘলীয়া লানিত থিয় দিব লগা হ'ল। আধাঘণ্টামান পিছত সেই ট্ৰেইনৰ দুটা টিকেট পাইহে স্বস্তিৰ নিশ্বাস পেলালোঁ।

এক মিনিটৰো হেৰফেৰ নকৰাকৈ চাৰে বাৰ বজাৰ লিমিটেড এক্সপ্ৰেছ ট্ৰেইনে শ্বিবুয়া এৰিলে। স্থানীয় ট্ৰেইনতকৈ টিকেটৰ দাম বেছি যদিও এইখন যথেষ্ট আৰামদায়ক ট্ৰেইন। আসনৰ সন্মুখত সৰু ফল্ডিং টেবুল আৰু কোট বা জেকেট ওলমোৱাৰ ব্যৱস্থা। মূৰৰ ওপৰত সৰু বেগ আৰু প্ৰতিখন কাৰৰ একাষে ডাঙৰ বয়-বস্তু লক কৰি থোৱাৰ ব্যৱস্থা আছে।

দুঘণ্টীয়া যাত্ৰাৰ সমগ্ৰ বাটছোৱা ৰ' লাগি খিৰিকীৰে জাপানৰ ৰূপ উপভোগ কৰিলোঁ। দুয়োকাষে সঘনে চিত্ৰপট সলনি হ'ল। টকিঅ' মহানগৰীৰ আকাশচুম্বী অট্টালিকা আঁতৰি ন-ভূঁই ৰোৱা পথাৰ, সৰু সৰু জুৰি আৰু গাওঁ দেখা দিলে। বহু ঘৰৰ চৌহদত দেখা পালোঁ প্ৰায় পাতবিহীন গছ কিছুমানত ভৰি ভৰি কমলাৰ দৰে এবিধ ফল। পিছতহে গম পালোঁ, সেয়া য়ুজু ফল। নিক্ক'ৰ দিশে যিমানেই ট্ৰেইন আগবাঢ়িল, সিমানেই খৰকৈ দিগন্তৰ শাৰী শাৰী পাহাৰবোৰ কাষ চাপি আহিল। মোৰ উত্তেজনাও বাঢ়িল। ভাৱ হ'ল যেন, মহানাগৰিক হৈ চৈৰ পৰা ওলাই ক্ৰমান্বয়ে নিৰিবিলি প্ৰকৃতিৰ বুকুলৈ আগবাঢ়ি গৈছোঁ। 

ট্ৰেইনৰ পৰা দেখা পোৱা জাপানী শইচৰ পথাৰ

পাহাৰী নগৰী নিক্ক'ৰ আদৰণি

টবু-নিক্ক' ষ্টেচন
আবেলি চাৰে তিনিবজাত টবু-নিক্ক' ষ্টেচনত নামিলোঁগৈ। মাথোঁ দুটা প্লেটফৰ্মেৰে তেনেই কণমানি সেই ষ্টেচন। ষ্টেচনৰ পৰা ওলোৱাৰ লগে লগে চেঁচা বতাহ এজাকে আমাক নিক্ক'লৈ আদৰিলে।

'ইয়াত টকিঅ'তকৈ যথেষ্ট ঠাণ্ডাচোন!' কাইলে কোটৰ বুটাম মাৰি ল'লে।

'পাহাৰীয়া ঠাই যে! আমাৰ এয়াৰ বি এনবি ওচৰতে। গৈ পাইহে বাকী গৰম কাপোৰ উলিয়াম আৰু।' মই ক'লোঁ।

দুয়ো ষ্টেচনৰ পৰা ওলাই মূল পথেৰে খোজ দিলোঁ। তাৰ পৰা পোনে পোনে এলানি ওখ গছৰ শেষত এয়াৰ বি এন বিটো বিচাৰি উলিয়াবলৈ কোনো অসুবিধা নহ'ল। ইতিমধ্যে জাপানী গৃহস্থই পঠাই থোৱা নিৰ্দেশাৱলী চাই লৈ লকাৰৰ পৰা ঘৰৰ চাবি উলিয়ালোঁ।

'এয়াই চাৰিদিনৰ কাৰণে আমাৰ ঘৰ!' চাবি পকাই মূল দুৱাৰখন খুলি কাইলক ক'লোঁ। সি হাঁহিলে। 

মূল দুৱাৰৰ সিপাৰে কিছু মুকলি ঠাই। একাষে চেলফত বহুকেইযোৰ শ্লিপাৰ চেণ্ডেল। লগতে এটা খৰাহীত চাৰি-পাঁচটা ছাতি। তাৰ পৰা আগলৈ কিছু ওখ মজিয়া। বুজিলোঁ, সেইখিনিৰ পৰা আগলৈ বাহিৰৰ জোতা-চেণ্ডেল নিব নোৱাৰি। দুয়ো বুটজোতা খুলি শ্লিপাৰ এযোৰ পিন্ধি ল'লোঁ। দুয়ো বয়-বস্তু তাতে থৈ এফালৰ পৰা কৌতুহলেৰে ঘৰটো চাই গ'লোঁ। সোঁফালে বহা কোঠা আৰু পাকঘৰ। বাওঁকাষে দুটা শোৱাকোঠা আৰু গা ধোৱা ঘৰ। সকলো পৰিপাটিকৈ সজাই ৰাখিছে। মন কৰিলোঁ, বাথৰুমত টয়লেট লিখি থোৱা অন্য এযোৰ শ্লিপাৰ। শৌচাগাৰত সকলোতে দেখি অহা অত্যাধুনিক ৱাছলেট। আনকি বাথ টাবৰ কাষতো এখন চুইচবৰ্ড। কিমান উষঞতাৰ পানী লাগে ইত্যাদি চুইচ টিপিয়ে কৰিব পাৰি। 

'ধুনীয়া!' ঘুৰি পকি চাই কাইলে সন্তুষ্টিৰে মাত দিলে। দুয়ো গৈ এইবাৰ গৈ এখিনি ঠেক চিৰিৰ সন্মুখত থিয় দিলোঁগৈ। সি অলপ আচৰিত ভাৱেৰে ক'লে, 'ইমান ডাঙৰ ঘৰ! ওপৰত আৰু আছে?' 

নিক্ক' চহৰৰ এয়াৰ বি এনবি

'চাৰপ্ৰাইজ!'  বহল হাঁহি এটাৰে মই ক'লোঁ। নিক্ক'ৰ সকলো পৰিকল্পনা মোৰ। জাপানৰ প্ৰায়বোৰ হোটেলৰ কোঠা সৰু বুলি জানিয়ে নিক্ক'ত এই ঘৰ বুক কৰিছিলোঁ। মহানগৰৰ পৰা দূৰৈৰ এই পাহাৰীয়া টাউনত আহল-বহলকৈ দুদিনমান থাকিম বুলি। এইবাৰ দুয়ো উৎসাহেৰে চিৰিয়েদি ওপৰ পালোঁগৈ। 

ওপৰ মহলাত সৰু বেলকনি এখনেৰে জাপানৰ পৰম্পৰাগত কোমল বাঁহৰঙী টাটামি মেটৰ এটা কোঠা। প্ৰথম দেখাত আমি দুয়ো অলপ আচৰিত হ'লোঁ। কাৰণ কোঠাটো সম্পূৰ্ণ মুকলি। কণমানি এখন জাপানী টেবুলৰ বাহিৰে একো আচবাব পত্ৰ নাই! 
 
'অঁ, এইটোচোন জাপানৰ পৰম্পৰাগত শোৱা কোঠা!' কৈ কাইলে আগবাঢ়ি গৈ খিৰিকীৰ পৰ্দা কোঁচাই দিলে। খিৰিকীৰ বাওঁকাষে দিগন্তৰ ধৰা দিলে শাৰী শাৰী সেউজীয়া পাহাৰে। মই অভিভূত হৈ পৰিলোঁ। নিক্ক'ত থকা দিনকেইটাত প্ৰতি পুৱা তাৰ টাটামি মেটত যোগা কৰিবলৈ পাই এই কোঠাটো মোৰ প্ৰিয় কোঠা হৈ পৰিল!

নিক্ক'ৰ জাপানী পৰম্পৰাগত কোঠা