পূৰ্বৰ খণ্ডত-
জাপানী ৰিয়'কানৰ আতিথ্য
জাপানৰ অপৰূপ মহানগৰী কিয়'ট'ত আমাৰ শেষ নিশা। দিনটোৰ ঘূৰা-ফিৰাৰ অন্তত দুয়ো এখন পৰম্পৰাগত অতিথিশালাত ভৰি দিলোঁগৈ। এই অতিথিশালাবোৰক জাপানী ভাষাত ৰিয়'কান বুলি কয়।প্ৰায়ে শুনি আহিছোঁ ৰিয়'কানত থকাৰ অভিজ্ঞতা অবিহনে হেনো জাপান ভ্ৰমণ সাৰ্থক নহয়। ৰিয়'কানত থকা-খোৱাৰ সকলো ব্যৱস্থা সম্পূৰ্ণ পৰম্পৰাগতভাৱে কৰা হয়। সেয়ে জাপানী সংস্কৃতি আৰু জীৱনশৈলীৰ প্ৰকৃত সোৱাদ লোৱাৰ এনে সোণালী সুযোগ হেৰুওৱাৰ প্ৰশ্নই নুঠে!
![]() |
| ৱাটাজেন ৰিয়'কানৰ সন্মুখভাগ (উৎস: গুগল) |
প্ৰায় দুশবছৰীয়া অতিথিশালা ৱাটাজেন ৰিয়'কান (Watazen Ryokan)।মহানগৰৰ মাজমজিয়াতে জাপানী আৰ্হিৰ তিনিমহলাৰ সেই কাঠৰ ঘৰ। সন্মুখত দুয়োফালে কাঠৰ বেঁৰা আৰু তাৰ সোঁমাজত এখন গোলাপী পৰ্দাৰ আদৰণি। ৰিচেপশ্যনত থকা জাপানী যুৱকজনে ভঙা ভঙা ইংৰাজীৰে আমাক আদৰিলে। কথা-বতৰা আৰু আচৰণত তেওঁ খুউব অমায়িক। কথাৰ মাজত কেইবাবাৰো আমাৰ আগত মূৰ দুপিয়ালে। প্ৰত্যুত্তৰত কাইল আৰু ময়ো বাৰে বাৰে মূৰ দোৱালোঁ। ভাৱ হ'ল, জাপানী শিষ্টাচাৰ এনে সংক্ৰামক যে অন্য লোকো স্বাভাৱিকতে বিনম্ৰ হৈ পৰিবলৈ বাধ্য!
এইবাৰ যুৱকজনে আমাক সন্মুখৰ কোঠাটোলৈ আঙুলীয়াই দেখুৱালে, 'আপোনালোকক সততে দৰকাৰ হ'ব পৰা সকলো বয়-বস্তু সেই কোঠাটোত আছে, নিজৰ ইচ্ছা অনুসৰি লৈ ল'ব পাৰে।'
দুয়ো কোঠাটোলৈ আগবাঢ়ি গ'লোঁ। জাপানৰ অন্য হোটেলতো এনে ব্যৱস্থা দেখি আহিছোঁ। টুথব্ৰাছ, ফণিৰ পৰা আৰম্ভ কৰি চাহ-কফিৰ পেকেটলৈকে নিশাটো কটোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যুগুতাই দিয়ে। কিন্তু এই ৰিয়'কানত দিয়া প্ৰায়বোৰ বয়-বস্তুৱে আমাৰ অচিনাকি। কাইল আৰু মই কি ল'ম কি নল'মকৈ থেৰোঁগেৰোঁ কৰি থকা দেখি জাপানী যুৱকজন আগবাঢ়ি আহিল। এটা এটাকৈ সা-সামগ্ৰীবোৰ আমাক চিনাকি কৰাই দিলে।
'এয়া জাপানৰ পৰম্পৰাগত পায়জামা- য়ুকাটা (Yukata)। আপোনালোকে নিজৰ জোখৰ একোটা লৈ ল'ব পাৰে। কেনেকৈ পিন্ধিব সেইবিষয়ে ইংৰাজীত এই কাগজখনত বৰ্ণনা কৰা আছে। এয়া জাপানী জেকেট হাওৰি (Haori)। কোঠাত ঠাণ্ডা পালে য়ুকাটাৰ ওপৰতে পিন্ধিব পাৰে।'
এটা এটাকৈ সকলো সামগ্ৰী তেওঁ দিয়া কাপোৰৰ মোনাত ভৰাই ল'লোঁ। তাৰপিছত চিৰিৰে উঠি আমাৰ বাবে ঠিক কৰি দিয়া কোঠাটো পালোঁগৈ। বাহিৰৰ পৰা দেখাত অন্য হোটেলৰ কোঠাৰ দৰে। কিন্তু চাবি পকাই সোমায়ে চকুত পৰিল কোঠাৰ সাজ-সজ্জা ভিন্ন। দুৱাৰমুখৰ একাষে জোতা-চেণ্ডেলৰ বাবে আছুতীয়াকৈ এটা চেল্ফ। তাৰ বিপৰীতে গা-ধোৱা ঘৰ আৰু শৌচাগাৰ। তাত পিন্ধিবলৈ এযোৰ পৃথক চেণ্ডেল। প্ৰথমেই সেয়ে জোতা খুলি চেল্ফৰ পৰা এযোৰ চেণ্ডেল পিন্ধি ল'লোঁ।
তাৰ পৰা আগলৈ এখন দুৱাৰৰ সিপাৰে মূল কোঠাটো। তাত ভৰি দিয়ে মই হাঁহি পেলালোঁ, 'ইমান মুকলি!'
'নিক্ক'ৰ ঘৰটোৰ দৰেই নহয়নে?' কাইলে ক'লে।
ঠিকেই, নিক্ক'ত লোৱা এয়াৰবিএনবিৰ দৰে এই কোঠাটোতো আচবাব পত্ৰ বিশেষ নাই। কুঁহিপাত বৰণীয়া টাটামি মেটৰ মজিয়াৰ ওপৰত কোঠাৰ সোঁমাজতে মাথোঁ জাপানী আৰ্হিৰ মেজ এখন আৰু চকী এযোৰা।মেজখন সচৰাচৰ মেজৰ তুলনাত যথেষ্ট চাপৰ। তাৰ লগতে মিলাই দিয়া চকী দুখনো খুঁটা বিহীন। কোঠাটোৰ লগতে সৰু বেলকনি- তাত অন্য় এযোৰ চকী মেজ। সিমানেই!
কোঠাত একোণত বয়-বস্তুবোৰ থৈ দুয়ো য়ুকাটা পিন্ধি ল'লোঁ। কিম'ন'ৰ দৰেই কিন্তু ৰেচমৰ সলনি কপাহী কাপোৰৰ অনাড়ম্বৰ। দুয়োৰে নীলা য়ুকাটাত নক্সা আৰু জাপানী আখৰ কিছুমান। আহল বহল শ্লিভেৰে বৰ আৰামদায়ক। নিৰ্দেশনা চাই কাঁকালত ওবি অৰ্থাৎ বেল্টডাল গাঁথি দি ল'লোঁ। ঠাণ্ডা বিশেষ নাই বাবে জেকেটৰ প্ৰয়োজন নহ'ল।
![]() |
| পৰম্পৰাগত য়ুকাটাৰে ৰিয়'কানত কাইল আৰু মই |
মই হয়ভৰ দি মূৰ দোৱালোঁ। কিন্তু কোঠাৰ ভিতৰলৈ দুখোজ দিয়ে তেওঁ থমকি ৰ'ল। তেওঁৰ চকু মোৰ চেণ্ডেলযোৰত। মুখত যেন এক বিচলিত ভাৱ। ভঙা ভঙা ইংৰাজীত ক'লে,
'সেয়া ইয়াত পিন্ধিবৰ বাবে নহয়।'
'হয়, বুজিছোঁ! সেয়ে ভিতৰত পিন্ধিছোঁ।' তেওঁক দেখুৱাই মই মূলকোঠাত ভৰি দিলোঁ। আগতকৈও বিচলিত দৃষ্টিৰে মহিলাগৰাকীয়ে কৈ উঠিল, 'নহয় নহয়, এইখিনি বাহিৰ- সৌখিনি ভিতৰচ'ৰা'
বুজাৰ চেষ্টা কৰি মই এইবাৰ প্ৰথম দুৱাৰখনৰ বাহিৰফালে আঙুলীয়াই ক'লোঁ, 'আউটছাইড?'
তেওঁ মূৰ জোকাৰিলে, 'নহয় নহয়, এয়া বাহিৰ- সৌখিনিৰ পৰাহে ভিতৰ চ'ৰা।'
কাইল আৰু মই সমানেই বিব্ৰত! আমিচোন ভিতৰতে আছোঁ। ইয়াৰ কোনখিনি ঠাই বাহিৰ আৰু কোনখিনি ভিতৰ। ক'ত কোনযোৰ চেণ্ডেল পিন্ধিব লাগে?
তেওঁ এইবাৰ হয়তো হাতে-কামে বুজোৱাৰ সিদ্ধান্ত ল'লে। প্ৰথমে মূল দুৱাৰেদি সোমায়ে পোৱা ঠাইখিনিত থিয় দি আঙুলীয়াই ক'লে, 'এয়া বাহিৰ!'
তাৰপিছত তেওঁৰ চেণ্ডেলযোৰ খুলি লৈ দ্বিতীয় দুৱাৰখনেৰে আমাৰ কোঠালৈ সোমাই ক'লে, 'এয়া ভিতৰ! ইয়াত চেণ্ডেল পিন্ধিব নালাগে।'
তেতিয়াহে মোৰ মগজুত বাল্ব এটা উজ্বলি উঠাৰ দৰে উঠিল। মূল দুৱাৰৰ পৰা সোমাই জোতা-চেণ্ডেল থোৱা চেল্ফ আৰু গা ধোৱা ঘৰলৈ যোৱা ঠাইখিনি আচলতে বাহিৰত পৰে। তাত তেওঁলোকে দিয়া চেণ্ডেল পিন্ধিব লাগে। কিন্তু মূল কোঠাৰ টাটামি মেটৰ মজিয়াত চেণ্ডেলৰ প্ৰয়োজন নাই। সেইবাবেহে মোজা পিন্ধি ঘুৰি ফুৰা কাইল মোৰ দৰে বিপাঙত নপৰিল।
সেই ভুল বুজাবুজিৰ অন্ত পৰাত তিনিও যেন একেলগে স্বস্তিৰ নিশ্বাস পেলালোঁ। কাইল আৰু মই এইবাৰ মেজৰ দুয়োকাষে বহিলোঁ- তেওঁ আমাৰ সন্মুখত আঠুঁ লৈ বহিলে। ট্ৰেৰ পৰা চাহৰ পিয়লা আৰু কাপ-প্লেট মেজত নমাই থ'লে। আকৌ এবাৰ আমালৈ মূৰ দোৱাই ক'লে,
'জাপানী পৰম্পৰাত অতিথিক আদৰিবলৈ আমি আদৰণি পৰ্ব্ব কৰোঁ। এই প্ৰথাক 'ওমোটেনাছি' (omotenashi) বুলি কোৱা হয়। প্ৰথমেই এই সেমেকা টাৱেলেৰে আপোনালোকে হাত মোহাৰি ল'ব পাৰে।'
তেওঁ আগবঢ়াই দিয়া টিছ্যুৰে হাত মোহাৰি ল'লোঁ। তাৰপিছতেই তেওঁ পিয়লাৰ পৰা গ্ৰীণ টি বাকি দিলে। লগতে এবিধ মাচ্চাৰে কৰা সেউজীয়া মিঠাই। জাপানী পৰম্পৰাত গ্ৰীণ টিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে তেওঁ কিছু কথা ক'লে। সেয়া শুনি শুনি দুয়ো তৃপ্তিৰে চাহ আৰু মিঠাই খালোঁ। শেষত তেওঁ ক'লে,
'আপোনালোকক এই অতিথিশালালৈ আদৰণি জনাইছোঁ। কিবা প্ৰয়োজন হ'লে আমাক জনাব।'
তেওঁ যোৱাৰ আগে আগে কাইলে মোৰ মনৰ কথাটোকে সুধি পেলালে, 'আমি নিশা ক'ত শুম?'
'সন্ধিয়া আমাৰ কৰ্মচাৰীয়ে আহি আপোনালোকৰ বিছনাপত্ৰ ঠিক কৰি যাব।'
সেইদিনা আবেলি কাইল আৰু মই ওচৰতে থকা গিয়ন কৰ্ণাৰ (Gion corner) লৈ ওলাই গ'লোঁ। প্ৰাচীন কিয়'ট'ৰ এই ঠাই গেইছা সংস্কৃতিৰ কেন্দ্ৰ হিচাপে জনাজাত। গেইছা বুলি ক'লেই ৰঙীণ কিম'ন' আৰু অপূৰ্ব কেশবিন্যাস আৰু প্ৰসাধনেৰে মহিলা এগৰাকীৰ ছৱিখন ভাঁহি উঠে। বহুতে গেইছাক যৌনকৰ্মী বুলি ভুল ধাৰণা কৰে, কিন্তু জাপানী সংস্কৃতিত তেওঁলোকৰ মূল পৰিচয় হ’ল—শিল্পী আৰু সংস্কৃতিৰ বাহক। তেওঁলোক নৃত্য, সংগীত, কবিতা, কথোপকথন আৰু অতিথি আপ্যায়নৰ কলাত প্ৰশিক্ষিত মহিলা। ১৭–১৮ শতিকাত, এডো যুগত জাপানত গেইছা সংস্কৃতিৰ আৰম্ভণি হয়। এই গেইছাসকলে বহু বছৰ ধৰি নৃত্য, সংগীত, আচৰণ, আৰু সামাজিক শিষ্টাচাৰৰ কঠোৰ প্ৰশিক্ষণ লয়। তেওঁলোক গেইছা ঘৰ বা ওকিয়াত থাকে আৰু প্ৰতি সন্ধিয়া পৰম্পৰাগত চাহঘৰ বা ওচায়াৰ অনুষ্ঠানত অংশ লয়।
![]() |
| গিয়ন কৰ্ণাৰ: গেইছাৰ পৃথিৱীত এভুমুকি |
আজিও গিয়'ন কৰ্ণাৰত জাপানৰ এই ঐতিহ্যময় গেইছা সংস্কৃতি সজীৱভাৱে সংৰক্ষিত হৈ আছে। গিয়নৰ সৰু সৰু গলি, কাঠেৰে নিৰ্মিত পৰম্পৰাগত ঘৰ ওকিয়া, কাগজৰ লণ্ঠন আৰু শিলৰ বাটবোৰে অতীতৰ গেইছাৰ পৃথিৱীত এভুমুকি মৰা যেন অনুভৱ হ'ল। বৰ্তমান চাহঘৰ (ওচায়া), মন্দিৰ আৰু ঐতিহ্যময় দোকানেৰে এই অঞ্চল এক সাংস্কৃতিক পৰ্যটনস্থলী।
উভতি আহি দেখোঁ সঁচাকৈয়ে টাটামি মেটৰ মজিয়াতে আমাৰ বিছনা-পত্ৰ ঠিক কৰি দিয়া হৈছে। ৰিয়'কানৰ পৰিৱেশ, দেহত য়ুকাটাৰ আৰাম সকলো মিলি আধুনিকতাৰ কোলাহল এৰি এক শান্ত, ধীৰ জীৱনলৈ লৈ যোৱা যেন অনুভৱ হ'ল। সেই নিৰিবিলি প্ৰশান্তিয়ে নিমিষতে মোৰ টোপনি আনি দিলে।
পিছদিনা ধলপুৱাতে সাৰ পাই মই ওলাই গ'লোঁ অনছেনলৈ। এই ৰিয়'কানৰ ভিতৰতে ৰাজহুৱা স্নানাগাৰ বা অনছেন। বহুতো ৰিয়'কানত হেনো ব্যক্তিগত স্নানাগাৰ নাথাকেই। সকলো অতিথি ৰাজহুৱা অনছেনলৈকে সকলো। ভাগ্যক্ৰমে আমাৰ কোঠাত আহল-বহল ব্যক্তিগত স্নানাগাৰো আছে। কাইল তেতিয়াও বিছনাত। যোৱানিশা জ্বৰৰ প্ৰকোপত হেনো বেচেৰাই চকুৰ টিপকে মাৰিব নোৱাৰিলে।
ৱাটাজেন ৰিয়'কানৰ অনছেন নিজান। হয়তো সকলো অতিথি এতিয়াও টোপনিৰ কোলাত। নিক্ক'ৰ আৰ্হিতে এফালে শাৰী পাতি বহি লৈ প্ৰথমে গা ধুৱাৰ ব্যৱস্থা। তাৰপিছতহে অনছেনৰ মুকলি পানীত নামিব পাৰি। অকলশৰে অনছেনৰ পানীত বেছ কিছুপৰ পৰি থাকি এটা সময়ত কোঠালৈ উভতিলোঁ। কাইল ইতিমধ্যে সাৰ পাইছে। দুয়ো একেলগে পুৱাৰ আহাৰৰ বাবে ৰিয়'কানৰ পাকঘৰলৈ খোজ দিলোঁ।
![]() |
| ৰিয়'কানত পৰম্পৰাগত পুৱাৰ আহাৰ |
আহল বহল ডাইনিং ৰুম। কেইবাখনো খোৱা মেজত ৰিয়'কানৰ অতিথিয়ে খাবলৈ আৰম্ভ কৰিছে। ৰিয়'কানৰ এগৰাকী কৰ্মচাৰীয়ে আমাক আগবঢ়াই নি একোণৰ মেজৰ বহিবলৈ দিলে। মেজত বিভিন্ন আকৃতিৰ চিনামাটিৰ প্লেট আৰু বাতি। এখন সজাই থোৱা আছে বিভিন্ন প্ৰকাৰৰ খাদ্য। সোঁমাজত দুটা সৰু ষ্টভ। আমি বহাৰ লগে লগেই অন্য এগৰাকী কৰ্মচাৰী আহি ভাগে ভাগে খাদ্য সজাই দিলেহি। ষ্ট'ভ সাজু কৰি টফুৰ দুটাকৈ টুকুৰা উতলিবলৈ দিলে। লগতে ক'ত কি যোগ দি খাব লাগে সেইবিষয়ে ইংৰাজী নিৰ্দেশনাসহ এখন কাগজ দিলে। জাপানী অমলেট, সাগৰীয় শেলাই, টফু, ভাত, মাচ্চা মিঠাই আদি কেইবিধমান খাদ্য চিনি পালোঁ। কিন্তু বাকী সকলো অচিনাকি। সেয়ে নিৰ্দেশনা চাই চাই এটা এটাকৈ সামগ্ৰী যোগ কৰি গ'লোঁ। ষ্ট'ভৰ পৰা নমাই পোনে পোনে সোৱাদ লৈ চালোঁ। প্ৰতিবিধ খাদ্যৰ কি অপূৰ্ব জুতি! জাপানত খোৱা সকলোবোৰ খাদ্যৰ ভিতৰত এই পৰম্পৰাগত পুৱাৰ সাজ মোৰ হৃদয়ত স্মৰণীয় হৈ ৰ'ল।
কাইলৰ মুখখনো যথেষ্ট উজ্বল হৈ আহিল। পৰম্পৰাগত জাপানী খাদ্যই যেন তাৰ অসুখীয়া দেহক যথেষ্ট সকাহ দিলে।
'এনে খাদ্য জীৱনলৈ পাহৰিব নোৱাৰি!' কোঠালৈ উভতাৰ বাটত সি ক'লে।
'কিয়'ট'ৰ অভিজ্ঞতাকে কেতিয়াও পাহৰিব নোৱাৰিম!' মই ক'লোঁ। কিছু তৃপ্তিৰে, কিছু দুখেৰে। আজি যে আমি কিয়'ট' এৰাৰ কথা!
পিছৰ খণ্ডত-







.jpg)


.jpg)


.jpg)








.jpg)
.jpg)

.jpg)
.jpg)



.jpg)
.jpg)
.jpg)






