Sunday, 1 February 2026

সূৰ্যোদয়ৰ দেশ জাপানত (১২)

পূৰ্বৰ খণ্ডত-

'মক্সি অ'ছাকালৈ আদৰণি জনাইছোঁ। এয়া আপোনালোকৰ বাবে কম্প্লিমেণ্টেৰী ককটেইল।'

কাইল আৰু মই ককটেইল গিলাচ দুটালৈ চালোঁ- তাৰ পিছত দুয়ো দুয়োলৈ। দুয়োৰে চকুত আমোদ। কিয়'ট'ৰ ৰিয়'কানৰ পৰা ওলাই আহিয়ে কেনে এক বৈপৰীত্যৰ মুখামুখি হৈছোঁহি এই হোটেলত। মক্সি অছাকাত ৰিচেপশ্যনৰ সলনি পোনেই বাৰ। বাৰত চেক ইন কৰি লৈ এয়া আমাৰ সন্মুখত সুৰাৰ গিলাচ!

অ'ছাকাৰ সৈতে আমাৰ প্ৰথম চিনাকি হ'ল এনেকৈয়ে! কিয়'ট'ৰ পৰা প্ৰায় এঘণ্টা ট্ৰেইনেৰে আহি আজি আবেলি অ'ছাকা মহানগৰীত ভৰি দিছোঁহি। প্ৰথম দৃষ্টিতে ভাৱ হৈছে, এই মহানগৰৰ আৱহাৱা ভিন্ন। ব্যস্ত ঘাইপথ, বিশাল অট্টালিকা, মানুহৰ হৈ চৈ - টকিঅ' বা কিয়'ট'ৰ দৰে একেই মহানাগৰিক ব্যতিব্যস্ততা আছে। কিন্তু ইয়াত যেন এটা মুকলি মুকলি উচ্চল ভাৱ। মানুহৰ ব্যৱহাৰ মাৰ্জিত যদিও কিয়'ট'ৰ দৰে আনুষ্ঠানিকতা নাই। কিয়'ট'ৰ পৰা কেৱল দিনটোৰ বাবেহে অ'ছাকালৈ অহাৰ পৰিকল্পনা আছিল আমাৰ। পিছে এই মহানগৰীৰ ৰঙীণ নৈশ পৃথিৱীখনৰ ৰূপ চাবলৈকে আজিৰ ৰাতিটো অ'ছাকত কটোৱাৰ সিদ্ধান্ত ল'লোঁ।  হোটেলৰ কোঠাত বয়-বস্তু থৈ সন্ধিয়া খোজেৰেই ওলাই আহিলোঁ। অ'ছাকাৰ কাৱামাৰ্চি ড'ৰী পথ। চকুত পৰিল হোটেলৰ আশে-পাশে কেইবাটাও ক্লাব। ক্লাব মানে নাইট ক্লাব নহয়- এয়া জাপানৰ হ'ষ্টেচ ক্লাব (hostess club)। বাহিৰৰ পৰা দেখাত এইবোৰ বিলাসী বাৰ যেন লাগে। কিন্তু কোনো ধৰণৰ ডাঙৰ চাইনবৰ্ড নাই। ক্লাব এ, ক্লাব আমুৰ, ডাৰলিন- নামবোৰ দেখি কথাটো টং কৰিবলৈ অলপ সময় লাগিল। আগতে শুনি অহাৰ বাবেহে বুজিলোঁ, সেই দুৱাৰৰ সিপাৰে প্ৰাপ্তবয়স্কৰ মনোৰঞ্জনৰ বাবে জাপানৰ এক গোপন জগত।

এই হ'ষ্টেছ ক্লাববোৰ ঐতিহাসিক গেইছা সংস্কৃতিৰ এক আধুনিক ৰূপ যেন। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত জাপানে নতুনকৈ জীৱন আৰম্ভ কৰাৰ সময়তে হেনো এই সংস্কৃতিৰ জন্ম। দিনটোৰ হাড়ভঙা পৰিশ্ৰমৰ অন্তত বহু চাকৰিয়ালে সন্ধিয়া কাৰোৱাৰ সহমৰ্মী সংগ বিচাৰিছিল।এগিলাচ পানীয়ৰ সৈতে নিজৰ কথা ক’ব পৰা, মুকলি মনেৰে দৈনন্দিন সুখ-দুখ ভগাই ল'ব পৰা এটা নিৰাপদ আশ্ৰয়ৰ সন্ধান কৰিছিল। সেই প্ৰয়োজনৰ সমিধান হিচাপে উত্থান হ'ল এই হ'ষ্টেচ ক্লাবসমূহৰ। নিৰ্দিষ্ট সময়ৰ হাৰৰ বিনিময়ত এগৰাকী হ'ষ্টেচ বা গৃহিণীয়ে আপোনাক আদৰি নিব। সাদৰেৰে বহা কোঠাত বহুৱাই এগিলাচ পানীয় আগবঢ়াব আৰু কৌতুহলেৰে সুধিব আপোনাৰ জীৱনৰ সুখ-দুখৰ কথা। বহুতে ভৱাৰ দৰে এই ক্লাববোৰত আইনীভাৱে যৌন ব্যৱসায় নচলে। কিন্তু ঠাই-বিশেষে সেই সীমাও হেনো ধুঁৱলী কুঁৱলী হৈ পৰিব পাৰে। মূলত: বাস্তৱ পৃথিৱীৰ ৰোমাণ্টিক সম্পৰ্কৰ যেন বিকল্প এয়া।  

'ভিতৰখননো কেনে এবাৰ চাবলৈ মন আছিল, কিন্তু সাহসহে নাই!' ইউৰোপীয়ান ক্লাব এটাৰ কাষেৰে পাৰ হৈ গৈ থাকোঁতে কাইলক ক'লোঁ। মোৰ কৌতুহল সামৰিবলৈ টান হ'ল যেন!

'অকলশৰীয়া মানুহে হ'ষ্টেচৰ সংগ উপভোগ কৰাটোহে মূল উদেশ্য! আমি দুয়ো সোমালে কেৱল পৰ্যটনৰ অভিজ্ঞতা ল'বলৈ গৈছোঁ বুলি দেখিয়ে গম পাব। ফেইক কাষ্ট'মাৰ বুলি লগে লগে ধৰা পৰি যাম!' কাইলে হোহোৱাই হাঁহি ক'লে।

সেই অভিজ্ঞতা নোলোৱাকৈয়ে উপলব্ধি হ'ল, এইখন দেশত মানুহে দৈনন্দিন কেনে পৰিশ্ৰম কৰে, কিমান কথা হয়তো মনৰ ভিতৰত ৰাখে, একাকী নিশাবোৰত কিমানে হয়তো এনে ক্লাবত সোমায়গৈ টকাৰ বিনিময়ত এক সৰল মানৱীয় উষ্ণতা বিচাৰি! এয়া জানো এক প্ৰাথমিক মানৱীয় প্ৰয়োজনৰ সুযোগ লৈ কৰা শোষণ নহয়? নে এক আদিম বিনিময় ব্যৱস্থা? সেই নিসংগ মানুহবোৰলৈ মোৰ বৰ দুখ লাগিল।

ডটনব'ৰীৰ ৰঙীণ সন্ধিয়া

খোজেৰেই নাম্বা অঞ্চলৰ বিভিন্ন বাৰ, লাউঞ্জ আৰু ৰেস্তোৰাঁ পাৰ হৈ টন্বৰী (Tonbori) নদীৰ পাৰ পালোঁগৈ।চকুত পৰিল নিয়ন লাইটৰ জকমকীয়া এখন আদৰণি -ডটনব'ৰী (Dōtonbori)। এয়া অ’ছাকাৰ বিনোদন আৰু খাদ্য-সংস্কৃতিৰ কেন্দ্ৰ ডটনব'ৰী। বাটৰ দুয়োকাষে চকু চাৎ মৰাকৈ ভিন্ন ৰঙী নিয়ন লাইট। তাৰ মাজে মাজে উজ্জ্বল বিলব’ৰ্ডত হৰেক ৰকমৰ বিজ্ঞাপন। চকুত পৰিল জনপ্ৰিয় গ্লিকো দৌৰবিদৰ ছৱিখনো। এজাকি গ্লিকো (Ezaki Glico) নামৰ এটা কোম্পেনীয়ে প্ৰতিষ্ঠা কৰা এই চিহ্নটো যেন অ'ছাকাৰ উচ্চলতা আৰু শক্তিৰ এক প্ৰতীক। সেইবাবেই কিজানি এই চিন বৰ্তমান অ'ছাকাৰ এক চিনাকি হৈ পৰিছে। তাৰ তলত অলেখ অসংখ্য মানুহৰ ভিৰ। কোনোবাই ছবি তুলিছে। কোনোবাই টন্বৰী নৈৰ পানীত নিয়ন লাইটৰ খেলা চাইছে। সকলো মিলি ইয়াত ডট'নব'ৰীৰ নিশা চঞ্চল হৈ উঠিছে।

ডটনব'ৰীৰ ৰঙীণ নিশা
ভিৰ ফালি কাইল আৰু মই লাহে লাহে খোজ দিলোঁ। অলেখ-অসংখ্য খাদ্যৰ গোন্ধই আমাক আদৰি নিলে যেন। বাটৰ কাষৰ দোকান-পোহাৰত বিভিন্ন খাদ্য। টাক'য়াকি, অক'ন'মিয়াকি, কাটছু, গিয়'জা- কিছুমান চিনাকি, কিছুমান অচিনাকি জাপানী খাদ্য। প্ৰায়বোৰ দোকানৰ সন্মুখত একোজন কৰ্মচাৰী। হাতত মেন্যু লৈ তেওঁলোকে অহৰহ বাটৰুৱাক মাতিছে। কিছুলোক সোমাই গৈছে। বহুতে বাটৰ কাষতে থিয় দি বিভিন্ন খাদ্যৰ জুতি লৈছে। যেন এক খাদ্য আৰু বিনোদনৰ মহোৎসৱ চলিছে! এইবাবেইতো অ'ছাকা জাপানৰ পাকঘৰ বুলি জনাজাত। ইয়াৰ অলিয়ে-গলিয়ে প্ৰতিদিনে খাদ্যৰ উৎসৱ, প্ৰতিনিশা নিয়ন লাইটৰ চমক!

গ্লিকোৰ দৌৰবিদৰ সন্মুখত

'ক'ত খাবা আজি?' কাইলে সুধিলে। মোৰ দৰে তাৰো কিজানি জীভাৰ পানী পৰিবলৈ আৰম্ভ কৰিছে।

'ইমানবোৰ বেলেগ বেলেগ খাদ্য! আজি একে ঠাইতে বহি খোৱা নহ'ব আৰু- ষ্ট্ৰীট ফুডৰ ৰাতি আজি!'  মই ক'লোঁ।

কথামতেই কাম! প্ৰথমে টাক'য়াকিৰ দোকান এখনৰ সন্মুখত শাৰী পাতিলোঁ। মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে মেচিনৰ পৰা কুপন লোৱাৰ ব্যৱস্থা কৰিছে। ৰৈ থাকোঁতেই টাক'য়াকিৰ প্ৰস্তুতিও চাই থাকিব পাৰি।এই টাক'য়াকি জাপানৰ এক অতি জনপ্ৰিয় খাদ্য- বাহিৰে কচকচীয়া, ভিতৰি একেবাৰে কোমল একোটা লাৰু। লাৰুৰ ভিতৰত থকা অক্টোপাছ (জাপানী ভাষাত 'টাক'')ৰ বাবে এই নাম। 

আমাৰ চকুৰ সন্মুখতে কাৰিকৰে ময়দা, কণী, মাছৰ চচ আৰু মচলা একেলগে মিহলালে। তাৰপিছত জুলীয়া মিশ্ৰণটো টাক'য়াকিৰ বাবে গোল গাঁত থকা লোহাৰ তাৱাখনত ঢালি দিলে। প্ৰতিটো গাঁতত যোগ দিলে সৰু সৰু অক্টোপাছৰ টুকুৰা, কেঁচা পিঁয়াজ আৰু আদা। তাৰ পাছত খৰকৈ চপষ্টিকেৰে আধা সিজা লাৰুবোৰ লৰাই লৰাই সম্পূৰ্ণ গোলাকাৰ কৰি গ'ল। সেয়া মন্ত্ৰমুগ্ধৰ দৰে চাই থাকোঁতেই আমাৰ হাতত পৰিলহি ছটা টাক'য়াকিৰ লাৰুৰ সৈতে পেকেট একোটা।

অন্য বহু লোকৰ দৰে আমিও বাটৰ কাষত থিয় দি পেকেট খুলিলোঁ। টাক'য়াকি চচ, মেয়'নেজ আৰু ব'নিট' ফ্লেকছ (শুকান মাছৰ পাতল টুকুৰা)ৰ তলত তপত টাক'য়াকি কেইটা। ইমানেই তপত যে ফুঁকি ফুঁকিহে মুখত দিলোঁ- টাক'য়াকি যে গৰমে গৰমে খোৱাৰ নিয়ম! মুখত পৰাৰ লগে লগে তৃপ্তিত মোৰ দুচকু মুদ খাই গ'ল। জীভাত দিয়ে গলি যোৱাকৈ কোমল টাক'য়াকিৰ মাজত অক্টোপাছৰ টুকুৰাৰ অপূৰ্ব স্বাদ।

টাক'য়াকিৰ সোৱাদ লৈ

টাক'য়াকিৰ সোৱাদ লৈ এইবাৰ এখন কণমানি ৰেস্তোৰাঁত সোমালোঁ। জাপানৰ অন্য সৰু ৰেস্তোৰাঁৰ দৰে ইয়াতো এবিধেই খাদ্য পোৱা যায়- জাপানী পেনকেক অক'ন'মিয়াকি। এই শব্দটোৰ জাপানী অৰ্থই এই খাদ্যবিধৰ সংজ্ঞা- অক'ন'মি মানে “নিজৰ পছন্দমতে”, আৰু ইয়াকি মানে “ভজা”। অৰ্থাৎ, নিজৰ পছন্দ মতে ভজা খাদ্য। ৱেইট্ৰেছগৰাকী আগবাঢ়ি আহি সুধিলে,

'অ'ছাকাৰ সোঁৱৰণী বিশেষ অক'ন'মিয়াকি খাব নেকি?'

অ'ছাকাৰ সোঁৱৰণী বিশেষ! সেই সুযোগ হেৰুওৱাৰতো প্ৰশ্নই নুঠে। কাইল আৰু মই প্ৰায় একেলগে কৈ উঠিলোঁ, 'হয় হয়- সেইটোৱেই খাম!'

অ'ছাকাৰ সোঁৱৰণী বিশেষ অক'ন'মিয়াকি
লগে লগে আমাৰ খোৱা মেজতে থকা গৰম লোহাৰ তাৱা(টেপ্পান)ৰ ওপৰত তেওঁ জুলীয়া মিশ্ৰণ এটা ঢালি দিলে। এটা এটাকৈ যোগ দি গ'ল- বন্ধাকবি, মাংস, অক্টোপাছ, পিয়াঁজ ইত্যাদি। নিখুঁত হাতৰ কৌশলেৰে লাহে লাহে ভাজি হৃদয়ৰ আকাৰ দিলে। প্ৰায় সম্পূৰ্ণ উঠাৰ পৰত অক'ন'মিয়াকি চচ আৰু মেয়'নেজৰ ৰেখা আঁকি লিখি দিলে, 'Osaka Memory 10.11.2025'

ডটনব'ৰীৰ অলিয়ে গলিয়ে সেই নিশা বহুপৰলৈ কাইল আৰু মই ঘুৰি ফুৰিলোঁ। য'তেই কিবা এটাই ভৰিৰ খোজ থমকাই পেলালে, সেইদিশেই আগবাঢ়ি গ'লোঁ- নতুন এক আকৰ্ষণৰ আমেজ ল'বলৈ, ডট'নব'ৰীৰ ৰঙীণ নিশাৰ গভীৰতালৈ। ভাৱ হ'ল যেন সেই নিশা ডট'নব'ৰীয়ে অ'ছাকা মহানগৰীৰ মায়াময় ৰূপ এটাৰ সৈতে চিনাকি কৰি দিলে। অ'ছাকাৰ প্ৰাণচাঞ্চল্যৰ এটা পাহৰিব নোৱাৰা পৰশ দি গ'ল। 

অ'ছাকা দূৰ্গৰ সেউজীয়া

পিছদিনা পুৱাতে আমাৰ হোটেলৰ সন্মুখত টেক্সি ৰ'লহি। জাপানৰ জনপ্ৰিয় গ' এপৰ টেক্সি। খিৰিকীত লেইচ দিয়া বগা পৰ্দা। আনকি টেক্সিৰ আসনতো কোমল বগা কভাৰ। সেয়া দেখি মোৰ চাৎকৈ অতীজৰ অসমত চলা বগা এম্বেছাদবোৰলৈ মনত পৰি গ'ল। 

'অ'ছাকা কেছ'ল?' আদহীয়া টেক্সিচালকজনে মূৰ বেঁকা কৰি সুধিলে।

'হয়! আৰিগাট' গজাইমাছ!' কাইলে ক'লে।

প্ৰায় দহমিনিটৰ পিছতে টেক্সি চালকে আমাক নমাই দিলেহি অ'ছাকা দূৰ্গৰ প্ৰৱেশদ্বাৰত।

অ'ছাকা দূৰ্গৰ দেৱাল

বতৰ কিছু ডাৱৰীয়া। দূৰ্গৰ প্ৰৱেশদ্বাৰ কেইবাখনো- কিন্তু যিকোনো দিশৰ পৰা সোমালে প্ৰথমেই আদৰে বিশাল খাল বা মোট সমূহে। এইবোৰ দূৰ্গৰ প্ৰাকৃতিক সুৰক্ষাৰ বাবে গঢ়া হৈছিল হেনো। খালৰ সিপাৰে চকুত পৰিল, ওখ শিলৰ দেৱাল। তাৰপিছতেই আৰম্ভ হৈছে অ'ছাকা দূৰ্গৰ উদ্যান- শাৰী শাৰীকৈ বিভিন্ন গছ-গছনি। একোণত কেৱল চেৰীফুলৰ গছ। সেই গছবোৰৰ মাজে মাজে খোজ কাঢ়ি কল্পনা কৰিলোঁ, বসন্তত এই গছবোৰত ভৰি ভৰি ফুলা চেৰীফুলে কি যে এক অপৰূপ কৰি তুলিব এই উদ্যান!

অ'ছাকা দূৰ্গ
উদ্যানৰ পৰাই মূল দূৰ্গটোৰ ৰূপো উপভোগ কৰিলোঁ। বাহিৰৰ পৰা পাঁচ তলা যেন লাগে, কিন্তু ভিতৰৰ গঠনত হেনো মুঠ আঠটা তলা আছে। দূৰৈৰ পৰাই প্ৰতিটো মহলাৰ সোণালী কাৰুকাৰ্য জিলিকি আছে। এই দূৰ্গৰ নিৰ্মাণকাৰ্য ১৫৮৩ চনতে আৰম্ভ হৈছিল। সেই সময়ৰ প্ৰখ্যাত ছামুৰাই শাসক টয়োট'মি হিদেয়োশ্বি (Toyotomi Hideyoshi)ৰ উদ্দেশ্য আছিল তেওঁৰ শাসনৰ অধীনত একত্ৰিত হোৱা নতুন জাপানৰ কেন্দ্ৰ হিচাপে এই দূৰ্গ গঢ়ি তোলা। সেইসময়ত অ'ছাকা দূৰ্গ জাপানৰ সৰ্ববৃহৎ দূৰ্গ আছিল। কিন্তু হিদেয়োশ্বিৰ মৃত্যুৰ কেইবছৰ পিছতেই বিৰোধী টকুগাৱা ইয়াছু (Tokugawa Ieyasu) ৰ সেনাই আক্ৰমণ কৰি এই দূৰ্গ ধ্বংস কৰে আৰু টয়োট'মি বংশৰ শাসনৰ অন্ত পেলায়। পৰৱৰ্তী সময়ত ইডো যুগৰ অন্য এক শাসক ট'কুগাৱা হিদেতাদা (Tokugawa Hidetada)ই এই দূৰ্গৰ পুনৰ নিৰ্মাণ কৰায়। জাপান একত্ৰিত কৰাৰ সপোন আৰু শক্তিৰ প্ৰতীক হিচাপে যেন আজিও সদৰ্পে থিয় দি আছে এই অ'ছাকা দূৰ্গ।  

জাপানী বুলেট ট্ৰেইনৰ গতি

দূৰ্গৰ পৰা পোনে পোনেই শ্বিন অ'ছাকা ষ্টেচন ওলালোঁগৈ। আজি অ'ছাকাৰ পৰা টকিঅ'লৈ আমাৰ উভতনি যাত্ৰা। এইবাৰ বুলেট ট্ৰেইনত প্ৰথম যাত্ৰা! অ'ছাকাৰ পৰা ট'কিঅ’লৈ যাত্ৰা কৰিবলৈ বহু পথ আছে, কিন্তু অন্য ট্ৰেইনত এয়া আঠঘণ্টীয়া দীঘলীয়া যাত্ৰা। বিমানেৰে নগ'লে একমাত্ৰ গত্যন্তৰ বুলেট ট্ৰেইন। এই দীঘলীয়া বাট বুলেট ট্ৰেইনেৰে মাথোঁ তিনিঘণ্টাতে পাৰ হ'ব পাৰি।

বুলেট ট্ৰেইনৰ সন্মুখত মই
বুলেট ট্ৰেইনৰ বাবে ষ্টেচনত আছুতীয়া প্লেটফৰ্ম। ইয়াত পিছে কোনেও বুলেট ট্ৰেইন বুলি নকয়। এই ট্ৰেইনৰ জাপানী নাম শ্বিনকানছেন (Shinkansen)। স্বয়ংক্ৰিয় টিকেট পৰীক্ষক গেইট পাৰ হৈ গৈ প্লেটফৰ্মত ভৰি দিলোঁ। প্লেটফৰ্মত কোনো হুলস্থুল নাই, কোনো চিঞৰ-বাখৰ নাই। কোনো খৰখেদা নাই।মানুহবোৰে নিজৰ নিজৰ ঠাইত শান্তভাৱে শাৰী পাতি আছে। ভাগে ভাগে ট্ৰেইনৰ প্ৰতিটো কম্পাৰ্টমেণ্টৰ সংখ্যাৰ চিন মতে মিলাই যাত্ৰীসকলে শাৰী পাতিছে।

'শ্বিনকানছেন মাত্ৰ একমিনিট সময়হে ৰ'ৱচোন!' প্লেটফৰ্মৰ ডিজিটেল জাননী দেখি মোৰ যেন চকু কপালত উঠিল।

কাইলেও আচৰিত হৈ টিকেট চাই ক'লে, 'ঠিকেই, তেন্তে আমিও সাতনম্বৰ কম্পাৰ্টমেণ্টৰ শাৰীত সাজু হৈ থকা ভাল হ'ব!'

কাৰবাৰটো মোৰ কিছু অবিশ্বাস্য যেন লাগিল। ইমানবোৰ যাত্ৰী একমিনিটৰ ভিতৰত ট্ৰেইনত উঠাতো কেনেকৈ সম্ভৱ হ'ব পাৰে! এনেতে হঠাৎ দূৰৰ পৰা এটা শব্দ শুনিলোঁ। মানুহবোৰক দেখি আমিও সতৰ্ক হৈ ৰ'লোঁ। চকুৰ পলকতে হোহোৱাই আহি আমাৰ সন্মুখত উপস্থিত হ'লহি চিকুণ বগা ৰঙী শ্বিনকানছেন। মুখখন হাঁহৰ ঠোঁটৰ দৰে। সেই আকৃতিয়ে হেনো বতাহৰ সৈতে ঘৰ্ষণ কমাই ৰাখে আৰু গতি লোৱাতো সহায় কৰে। পিছে সেইপৰত কেনেবাকৈ ট্ৰেইনত সোমোৱাতে মনোযোগ দিলোঁ। আৰু আচৰিতভাৱে আমি সকলো যাত্ৰী সঁচাকৈয়ে একমিনিটৰ ভিতৰতে ট্ৰেইনত উঠিলোঁ।

ট্ৰেইনৰ ভিতৰখন ট্ৰেইনতকৈ বিমানৰ কেবিন যেন ভাৱ হয়। বয়-বস্তুৰ বাবে আছুতীয়াকৈ চেল্ফ আছে। তাতে লক কৰি থোৱাৰো ব্যৱস্থা। সকলো থানথিত লগাই আৰামী আসনত বহোঁতেই ট্ৰেইনে গতি ল'লে।কোনো জোকাৰনি নাই, কোনো শব্দ নাই। কেৱল খিৰিকীৰ বাহিৰৰ দৃশ্যবোৰে হঠাৎ দ্ৰুতগতিত সলনি হ’বলৈ ধৰিলে। তাৰপৰাহে অনুমান কৰিলোঁ, এয়া ঘণ্টাত ২৫০–৩০০ কিলোমিটাৰ গতি! জাপানী শ্বিনকানছেনৰ ধুমুহাৰ গতি! জাপান ভ্ৰমণৰ এয়াও এক বিস্ময়কৰ অভিজ্ঞতা।

ষ্টেচনত জাপানী শৃংখলা