অসমীয়া ৱিকিমিডিয়া/Assamese wikimedia

 

অসমীয়া ৱিকিপিডিয়াত মোৰ এটা দশক

অসমীয়া ৱিকিপিডিয়াৰ সৈতে মোৰ এটা দশকজোৰাসম্পৰ্ক। আজিৰ পৰা দহবছৰ আগতে ২০১১ চনত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিছিলোঁ এটা নতুন প্ৰবন্ধ, শৈশৱৰ একাল পাৰ কৰি অহা ঢকুৱাখনাৰ বিষয়ে। পৃথিৱীৰ যিকোনো কোণৰ পৰা কোনোবা অসমীয়াই ঢকুৱাখনাৰ বিষয়ে ইণ্টাৰনেটত খুঁচৰিলে অসমীয়াতে এই প্ৰবন্ধই ধৰা দিবহি; লিখি উঠি সেই অনুভৱে মন ৰোমাঞ্চিত কৰি তুলিলে। সেই প্ৰথম অৱদানৰ অপূৰ্ব অনুভূতি, অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ সেই সন্তুষ্টিয়েই মোৰ বাবে মুকলি কৰি দিলে এটা নতুন বাট। অসমীয়া ৱিকিপিডিয়াৰ সৈতে এটা নজহা নপমা আন্তৰিক সম্পৰ্কৰ বাট!


বিগত দশকটোত জীৱনৰ বহু দিশৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে এই সম্পৰ্কয়ো নতুন ৰূপ ল’লে। সময়ৰ লগে লগে মোৰ ৱিকি আসক্তিকেৱল ৱিকিপিডিয়াতে সীমাবদ্ধ নাথাকি ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প যেনে- ৱিকিকমনছ, মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎস আদিলৈকো বিয়পিল। এই সময়ছোৱাত ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ বিভিন্ন কামত জড়িত হ’লোঁ, কেইবাখনো কৰ্মশালা, এডিটাথন আদিতো অংশ লোৱাৰ সুযোগ পালোঁ। লগতে চিনাকি হ’লোঁ অসমীয়া ভাষাৰ বাবে নিস্বাৰ্থভাৱে অক্লান্ত অৱদান আগবঢ়াই অহা অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে। দৈনন্দিন ব্যস্ততাৰ মাজতো ভিন্ন ঠাইৰ, ভিন্ন বয়সৰ এই সকলো অসমীয়াই ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে যোগ দিয়েহি এটি দুটিকৈ শব্দ আৰু তথ্যৰ; প্ৰতিদিনে কীবৰ্ডত আঙুলি বুলাই সাধনা কৰেহি অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ। ৱিকিপিডিয়াৰ জৰিয়তে ময়ো কম সময়তে এই অপূৰ্ব যাত্ৰাত সেইসকলৰ সহযাত্ৰী হৈ পৰিলোঁ।


উৎস

যোৱা দশকটোতে প্ৰথমে উচ্চশিক্ষাৰ বাবে অসম এৰি আহিলোঁ। তাৰপিছত কৰ্মসূত্ৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে বিভিন্ন ঠিকনা আদৰিব লগাত পৰিলোঁ। কিন্তু যিমানে অসমৰ পৰা ভৌগোলিক দূৰত্ব বাঢ়িল, মোৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ তাৎপৰ্য্য যেন সিমানে বেছি গভীৰ হৈ পৰিল। বৰ্তমান কানাডাৰ পশ্চিম প্ৰান্তৰ এই ভেনকুভাৰ মহানগৰীত অসমীয়া কথা এষাৰ নুশুনাকৈ-নোকোৱাকৈ কেতিয়াবা বহুদিন বাগৰি যায়। সেই অভাৱখিনি পূৰাবলৈকে হয়তো প্ৰতিদিনে ব্যস্ততাৰ মাজতো ক্ষন্তেক সময় উলিয়াই চেষ্টা কৰোঁ এটা হ’লেও পৃষ্ঠা অসমীয়াত পঢ়িবলৈ, দহমিনিটৰ বাবে হ’লেও অসমীয়া ৱিকিপিডিয়াত কিবা এটা কাম কৰিবলৈ। গতিকে সময়ৰ লগে লগে অসমীয়া ভাষাৰ সৈতে মোৰ সম্পৰ্ক জীপাল কৰি ৰখাৰ, সাৰ্মথ্য অনুসৰি মাতৃভাষাটোৰ প্ৰতি কিছু অৱদান আগবঢ়োৱাৰ মূল মাধ্যম হৈ পৰিছে অসমীয়া ৱিকিপিডিয়া।


জীৱন আৰু জীৱিকাৰ প্ৰয়োজনে মানুহক অৰঙে দৰঙে লৈ যায়, জীৱন পটত ৰং বোলাবলৈ নতুন তূলিকা আৰু নতুন অভিজ্ঞতা আনি দিয়ে। যোৱা দশকটোত এনেবোৰ প্ৰয়োজনেই মোকো লৈ গৈছে বহু ঠাইলৈ, বাধ্য কৰিছে ভিন্ন ভাষা আৰু সংস্কৃতিৰে পূৰ্ণ এক গোলকীয় সম্প্ৰদায়ৰ অংশ হৈ পৰিবলৈ। কিন্তু নিজৰ শিপা এৰি সেই মিছলত বিলীন হৈ পৰাৰ সলনি দিনক দিনে মোৰ মাজত যেন দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহিছে স্বাভিমানী অসমীয়া হৈ মূৰ দাঙি জীয়াই থকাৰ হেঁপাহ। যেন এটা জেদ, এটা প্ৰত্যাহ্বান- অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যতক লৈ ক্ষণে ক্ষণে উঠা আশংকাবোৰ দেই দি যোৱাৰ, নিজা ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ বাবে দেশে দেশে খিলঞ্জীয়া জাতিবোৰে কৰা নিৰলস প্ৰচেষ্টাত গৌৰৱেৰে যোগ দিয়াৰ। অসমীয়া ৱিকিপিডিয়া মোৰ সেই প্ৰতিবাদী সত্তাৰ সমৰক্ষেত্ৰ, আকাশত উৰাৰ হেঁপাহ লৈও নিজৰ শিপাডাল নেহেৰুৱাৰ এক আলম৷


মই বিশ্বাস কৰোঁ, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে আছে। জন্মলগ্নৰ পৰা বহু বাধা নেওচিও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসই লাভ কৰা ক্ৰমাগত বিকাশ আৰু প্ৰসাৰে এই কথাকে প্ৰতিপন্ন কৰিছে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা কেনে গুৰুত্বপূৰ্ণ সেয়া অনুধাৱন কৰি হাতে-কামে লাগি পৰিছে বহুতো এনে অসমীয়াই। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ অসমীয়া ভাষাৰ এক বিশাল ডিজিটেল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বহুতৰ অজানিতে আৰম্ভ হৈছে এক বৌদ্ধিক আন্দোলন, নিৰলস এক প্ৰচেষ্টা চলিছে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ- যাৰ নাম অসমীয়া ৱিকিপিডিয়া। এই আন্দোলনৰ এটা দশকজোৰা সাক্ষী হ’বলৈ পাই, অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে একেলগে এই প্ৰয়াসত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত।


অসমীয়া ৱিকিপিডিয়াৰ এই যাত্ৰা চিৰযুগমীয়া হওক।

Thursday, 12 March 2015

ৱিকি-আসক্তি

অনলাইন বিশ্বকোষ অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ প্ৰায় দহবছৰলৈকে অন্য বহুতৰে দৰে ময়ো ইয়াৰ অস্তিত্বৰ একো উমঘামেই পোৱা নাছিলো। ইটো সিটো প্ৰয়োজনত ইংৰাজী ৱিকিপিডিয়াত খুঁচৰি চাইছিলো। অসমীয়া ভাষাটো যে এনে এখন ৱিকিপিডিয়া থাকিব পাৰে সেয়া মনলৈকে অহা নাছিল, ইয়াত লিখা বা জড়িত হোৱাৰ ইচ্ছা দূৰৰে কথা। ২০১১ চনৰ শেষৰফালে কোনোবা এটা দিনত বন্ধু এজনৰ মুখত অসমীয়া ৱিকিৰ বিষয়ে শুনিবলৈ পালো । সেইসময়ত ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য-পাতি প্ৰায় নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিত অসমীয়া ৱিকিৰ ভৱিষ্যত গুৰুত্বৰ বিষয়ে বন্ধুৱে আভাস এটা দিলে। গুগলত কিবা এটা অসমীয়াত বিচাৰিলে অসমীয়াতে সেইবিষয়ে তথ্য পাম, এই ভাৱটোৱে মন ৰোমাঞ্চিত কৰি তুলিলে! সিদিনাই ৱিকিত একাউন্ট এটা খুলিলো। ফে'চবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজতো সদস্যভুক্ত হ’লো। অসমীয়া টাইপিঙৰ সমস্যাবোৰো কেইবাজনো অভিজ্ঞ ৱিকিপিডিয়ানৰ সহায়ত নোহোৱা হ’ল।

ৱিকিত সোমায়েই মই প্ৰথম কৰা কামটো আছিল, মোৰ জন্ম জিলা লখিমপুৰৰ বিষয়ে তথ্য যোগ দিয়া।নিজৰ জিলাখনৰ উল্লেখযোগ্য ঠাই, ব্যক্তি, অনুষ্ঠান আদিৰ বিষয়ে যি পাৰো লিখিলো। সেইখিনি কৰি উঠি ৱিকিৰ সম্পাদনা কৰাৰ ক্ষেত্ৰত মনটো অলপ আত্মবিশ্বাসী হ’ল। এইবাৰ নতুন প্ৰবন্ধ সৃষ্টিত লাগিলো। বহুতৰে দৰে মোৰো ভাৱ হৈছিল, নতুনকৈ কিনো লিখিম! কিছু চিন্তা কৰি মোৰ প্ৰিয় বিষয় কিছুমান বাচি ল’লো – মই ইতিমধ্যে জনা বা জানিব খোঁজা বিষয়বোৰ।
ইয়াৰ ভিতৰত অন্যতম আছিল, অসমৰ বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটিৰ বিষয়ে প্ৰবন্ধ সৃষ্টি। এটা নতুন প্ৰবন্ধ লিখি সম্পূৰ্ণ কৰি এক সাংঘাটিক সন্তুষ্টি বা পৰিতৃপ্তি পোৱা হ’লো। ৱিকিত কিবা এটা কৰিলেই ভাব হয়, যেন অন্ততঃ এটা ভাল কাম কৰিলো! লাহে লাহে এনে দিন আহিলগৈ যে দিনটোৰ ভিতৰত ৱিকিত অলপকৈ হ’লেও কিবা এটা নিলিখিলে বা নকৰিলে কিবা এটা আধৰুৱা হৈ ৰৈ যোৱা যেন লগা হ’ল! হয়, মোক বহুতো ৱিকিপিডিয়ানৰ দৰে ৱিকিৰ আসক্তিয়ে পালে আৰু আজিও এই আসক্তি কেতিয়াও এৰাব নোৱাৰাকৈ গভীৰলৈকে শিপাই আছে। পিছে, কেৱল ৱিকিৰ পৰা পোৱা সন্তুষ্টি বা জ্ঞানেই নহয়, ইয়াৰ লগতে অন্য কেইবাটাও কথাই এই আসক্তি গভীৰ কৰাত সাৰ-পানী যোগাই আহিছে।

প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়।  উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে!

তাৰোপৰি দৈনন্দিন ব্যস্ততাৰ মাজত ৱিকিত মই নিজৰ সুবিধা অনুসৰি যিকোনো সময়ত বা যিকোনো প্ৰকাৰে অৱদান আগবঢ়াব পাৰোঁ। সময়ৰ কোনো বাধ্যবাধকতা নাই- কেতিয়াবা পাঁচ-দহমিনিট, কেতিয়াবা কেইবা ঘন্টালৈকে সুবিধা অনুসৰি কৰোঁ। সুবিধা মতে নতুন প্ৰবন্ধ লিখোঁ, নাইবা ৱিকিত ইতিমধ্যে থকা প্ৰবন্ধত দুই এটা তথ্য যোগ দিওঁ; সেয়াও নহ’লে, নিজে তোলা ফটো আপল’ড কৰোঁ নাইবা ৱিকিউৎসত কোনোবা কিতাপৰ টাইপিঙতে অকণমান লাগি দিওঁ।


তৃতীয় কাৰকটো হ'ল, অন্য ভাষাসমূ্হৰ তুলনাত অসমীয়া ভাষাৰ সীমিত ডিজিটেল তথ্যভাণ্ডাৰ। অসমীয়াৰ সচেতনতাৰ এক উল্লেখযোগ্য নিদৰ্শনৰূপে মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া আছিল ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷আজিৰ তাৰিখত পৰিসাংখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা তিনি কোটি আৰু মালায়ালম ৱিকিপিডিয়াৰ এক লাখ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল তিনিহাজাৰটা৷ এই পৰিসংখ্যাটোৱে  প্ৰতিযোগিতাৰ বা প্ৰত্যাহ্বানৰ ভাৱ এটা মোৰ মনলৈ আনি দিয়ে। বাংগালোৰত থকাৰ সময়ছোৱাত ৱিকিৰ প্ৰতি আগ্ৰহী সহকৰ্মী কেইজনমানৰ সৈতে সপ্তাহত এবাৰকৈ আমি একেলগ হৈছিলো। প্ৰত্যেকেই নিজৰ মাতৃভাষাৰ বা ইংৰাজী ৱিকিৰ কাম কৰোঁ। সেই সুযোগতে তামিল, ইংৰাজী আদি ৱিকিৰ কাম-কাজৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ ভাৱে দেখিছিলো। তাৰবাবেই কিজানি জ্ঞানৰ মুক্ত বিতৰণ আৰু প্ৰসাৰৰ দৌৰত আমাতকৈ বহুযোজন আগবাঢ়ি যোৱা এই ৱিকিসমূহৰ সমকক্ষ হোৱাৰ সংকল্প এটাই মনত ঠাই ল’লে।



এই আভিজ্ঞতাসমূহৰ বাহিৰেও ৱিকিৰ লগত জড়িত বহুতো প্ৰেৰণাদায়ক অভিজ্ঞতাইও মোক সদায়ে উৎসাহ যোগাই আহিছে। উদাহৰণস্বৰূপে, ২০১৩-ৰ শেষৰফালে বাংগালোৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ এখনৰ এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলো। বিষয় আছিল-স্থানীয় ভাষাত প্ৰকৃতি বা পৰিস্থিতিবিজ্ঞানৰ জ্ঞানৰ প্ৰসাৰৰ গুৰুত্ব আৰু বৰ্তমানলৈকে বিভিন্ন ভাষাত ইয়াৰ অগ্ৰগতিৰ বুজ লোৱা। তাতে কেইবাগৰাকী ব্যক্তিৰ তেলুগু, মাৰাঠী আদি ভাষাত প্ৰকৃতি সম্পৰ্কীয় লিখা-মেলাৰ কথা শুনিলো। ময়ো অন্যান্য মাধ্যমত চৰ্চাৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃতি সম্পৰ্কীয় তথ্য বিস্তাৰৰ বিষয়ে দুআষাৰ ক’লো।সকলোৱে কিছু আশ্চৰ্য্য প্ৰকাশ কৰিলে অসমীয়া ভাষাত এনে অগ্ৰগতিৰ সম্পৰ্কে জানি। বহুতে মন্তব্য কৰিলে, নিজৰ মাতৃভাষাত এনে ধৰণৰ প্ৰকল্প আৰম্ভ কৰিবলৈ উদ্যোগ ল’ব বুলি। আনৰ বাবে অসমীয়া ৱিকিৰ চানেকি দেখুৱাবলৈ পাই গৌৰৱত মোৰ বুকুখন ফুলি উঠিল!

অন্য এটা ভাল লগা অভিজ্ঞতা; সেইবছৰতে নতুনকৈ আৱিস্কৃত স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি অলিংগুইট'ৰ বিষয়ে বাতৰিত পোৱাৰ পিছদিনাই অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো৷নিশাৰ ভাগলৈ ৱিকিৰ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷ তেওঁ লিখিছিল, তেওঁ অসমীয়া ভাষা বুজি নাপায়। কিন্তু তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই বিষয়ে প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল- “I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success”. অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এক হতাশাজনক পৰিস্থিতিত তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰবাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্য পৃষ্ঠাটোত চকু ফুৰালো৷দেখিলো, তেওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ জ্যেষ্ঠ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷ বিশ্বৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷

এইসমূ্‌হৰ উপৰিও মোৰ ৱিকিৰ আসক্তি স্থায়ী কৰাৰ অন্যতম কাৰণ হ’ল অসমীয়া ৱিকিপিডিয়া সমাজখন। অসম আৰু বাহিৰৰো বহু ঠাইত কাম কৰি থকা বা পঢ়ি থকা এই সকল লোকে কোনো ব্যক্তিগত লাভ নিবিচৰাকৈ অসমীয়া ভাষাৰ কাৰণে যেনেকৈ কাম কৰি আছে সেয়া মোৰ কাৰণে এটা ডাঙৰ প্ৰেৰণা৷ দুই এজনৰ বাহিৰে আমি প্ৰায়ভাগেই মুখামুখিকৈ কেতিয়াও লগ পোৱা নাই । কিন্তু আজি ইমানবছৰ ধৰি আমি একেলগে ৱিকিৰ কাম কৰি আহিছোঁ। আমাৰ ভাষাৰ বা জাতিটোৰ কাৰণে কিবা কৰাৰ কথা প্ৰায় সকলোৱে কয়, কিন্তু আবেগ বাদ দি সঁচা অৰ্থত হাতে কামে লগা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। এইক্ষেত্ৰত মই সদায়ে অসমীয়া ৱিকিপিডিয়ান সকলক লৈ গৌৰৱ কৰোঁ৷ প্ৰতিদিনে অলপ অলপকৈ তথ্য যোগ দি আজি বছৰ বছৰ ধৰি এইখিনি মানুহে নিস্বাৰ্থভাৱে নিজৰ ভাষাৰ হকে কাম কৰি আহিছে।ৱিকিৰ জৰিয়তে এইখিনি মানুহক লগ পাই আৰু এই বৌদ্বিক আন্দোলনৰ অংশীদাৰ হ’ব পাৰি মই নিজকে বহুত ভাগ্যবান বুলি গণ্য কৰোঁ৷

শেষত কওঁ, বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন চাৰ্ছ ইঞ্জিনসমূ্হত অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এঢাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এইপ্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

বি:দ্ৰ: অসমীয়া ৱিকিৰ কেইটামান দৰকাৰী লিংক
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিত মই সৃষ্টি কৰা প্ৰৱন্ধসমূহ
অসমীয়া ৱিকিত প্ৰবন্ধ সৃষ্টিৰ সহায়
অসমীয়া ৱিকিউৎসত কেনেকৈ কি কৰিব

Saturday, 15 March 2014

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক

ৱিকিপিডিয়া “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এক মুক্ত অনলাইন বিশ্বকোষ৷ পৃথিৱীৰ যিকোনো ঠাইৰ আগ্ৰহী লোকে নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত জ্ঞান সংগ্ৰহ কৰি ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াব পাৰে৷ ২০১১ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ইংৰাজী ৱিকিপিডিয়া আৰম্ভ কৰাৰ পৰা বিশ্বত মুক্ত জ্ঞানৰ ব্যৱহাৰ আৰু বিতৰণৰ ক্ষেত্ৰত এক আন্দোলনৰ সূচনা হৈছে৷ এই প্ৰকল্পৰ অধীনত সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ২৮৭ টা ভাষাৰ ৱিকিপিডিয়া আৰম্ভ হৈছে৷ বৰ্তমান ইয়াৰ জৰিয়তেই যিকোনো বিষয়ৰ জ্ঞান বিনামূল্যে বিশ্বৰ সকলো লোকৰ বাবে নিজ ভাষাতো উপলব্ধ হৈ উঠিছে৷  


মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷ পৰিসাখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৪৪ লাখ আৰু মালায়ালম ৱিকিপিডিয়াৰ ৩৪ হাজাৰ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল আঢ়ৈহাজাৰটা৷ এই ৱিকিপিডিয়াত পঞ্জীভূত সদস্য ৮,৪০৭ গৰাকী যদিও নিয়মীয়াকৈ অৱদান আগবঢ়োৱা সক্ৰিয় সদস্য সংখ্যা তেনেই কম৷ 


ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়া ৰ তত্বাৱধানত অসমীয়া ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প ৱিকিউৎস আৰম্ভ কৰা হৈছে৷ এই ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত মুক্ত প্ৰকাশনসমূহ ডিজিটেল ৰূপত সংগ্ৰহ কৰি ৰখা হয়৷ শেহতীয়াকৈ কেইগৰাকীমান অসমীয়া স্বেছ্ছাসেৱকৰ আশাসুধীয়া আৰু নিৰলস প্ৰচেষ্টাত ইয়াত লেখাৰ সংখ্যা এহাজাৰ হৈছেগৈ৷ শংকৰ-মাধৱৰ প্ৰায়ভাগ বৰগীত তথা ৰচনাকে ধৰি ভালেসংখ্যক প্ৰসিদ্ধ লেখকৰ সাহিত্য কৰ্মসমূহ এই ৱিকিউৎসত উপলব্ধ কৰা হৈছে ৷

বহুলোকে ভৱাৰ দৰে অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাটো মুঠেই টান কাম নহয়৷ ইয়াত নিজৰ অৰ্হতা বা আগ্ৰহ অনুসাৰে বিষয়বস্তু বাচি লৈ যিকোনো লোকে ইতিমধ্যে থকা প্ৰবন্ধৰ যথাযথ সম্পাদনা কৰিব পাৰে নাইবা প্ৰয়োজনীয় বুলি ভবা বিষয়ৰ ওপৰত নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে৷ তাৰোপৰি, ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ দীঘলীয়া সময়ৰো প্ৰয়োজন নাই৷ নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসাৰে সময় উলিয়াই সম্পাদনা কৰিব পৰা যায়৷ সম্পাদনাত অসুবিধাৰ মুখামুখি হোৱা নতুন সদস্যসকলক অভিজ্ঞ ৱিকিপিডিয়ানসকলে বন্ধুত্বপূৰ্ণভাৱে সহায় কৰে৷ এই সদস্যসকলৰ মাজত ৱিকিপিডিয়া সম্পৰ্কীয় আলোচনা তথা যোগাযোগৰ বাবে ফে’চবুকত Assamese Wikipedia Community নামৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া- Assamese Wikipedia নামৰ এখন পৃষ্ঠাও আছে৷ 

বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ছাৰ্ছ ইঞ্জিনসমূ্হত বাংলাৰ পৰিৱৰ্ত্তে অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এধাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এই প্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

Friday, 16 August 2013

এজন অসমীয়াপ্ৰেমী তামিলৰ কথাৰে!

যোৱা ১৫ আগষ্টৰ দিনা নতুনকৈ ঘোষণা কৰা স্তন্যপাণী প্ৰাণী ওলিঙ্গোইটোৰ বিষয়ে কালি অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো (ইয়াত চাব পাৰে)৷ নিশাৰ ভাগলৈ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar  নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷  পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ তেওঁ লিখিছিল যে, তেওঁ অসমীয়া ভাষা বুজি নাপায় যদিও তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই একেটা প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ (ইয়াত চাব পাৰে)

কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল-
“Greetings!I contribute to Tamil Wikipedia and my user page can be seen at செல்வா (C.R.Selvakumar). I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success-Regards,செல்வா (C.R.Selvakumar)”(তেওঁৰ সদস্য পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এই হতাশাজনক পৰিস্থিতিত  তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰ বাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্যপৃষ্ঠাটোত চকু ফুৰালো৷ তামিল আখৰৰ মাজত দুটা ইংৰাজী ভাষাত থকা লিংক দেখা পালো (তেওঁৰ ইউনিভাৰ্ছিটিৰ প্ৰফাইল)৷ লিংকত গৈ দেখিলো, এওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷

বিশ্বৰ  শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷ এনে সততাৰে লগা লোকৰ বাবেই হয়তো তামিল ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা  বৰ্ত্তমান ৫৫,১৩৬ টা আৰু ভাৰতৰ সকলো ভাষাৰ ভিতৰত দ্বিতীয়তে সৃষ্টি হোৱা স্বত্বেও অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা পুতৌজনকভাৱে ২,৩৩৮ টা ৷ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে যদি বিদেশত থাকিও তেওঁৰ শৈক্ষিক ব্যস্ততাৰ মাজতে নিজ ভাষা(তামিল)ৰ লগতে আনৰ ভাষা(অসমীয়া)ৰ বাবে সময় উলিয়াব পাৰে আমাৰ অসমীয়াসকলে নিজৰ ভাষাৰ বাবে দিনে ১০-১৫ মিনিট সময় উলিয়াব নোৱাৰেনে! কেৱল "জয় আই অসম" বা "চিৰ চেনেহী মোৰ ভাষা জননী" ধ্বনি  তুলি থাকিলে আমাৰ ভাষাটো বাচি নাথাকে (সকলোকে কোৱা নাই)। তাতকৈ হাতে কামে লগাটোহে  বেছি প্ৰয়োজনীয়। এনে দহজনো ব্যক্তি আমাৰ মাজৰ পৰা ওলালে আমি আৰু কেতিয়াও ‘আমি অসমীয়া, নহওঁ দুখীয়া’ বুলিয়েই সান্তনা লভি হা-হুমুনিয়াহ কাঢ়ি থাকিব নালাগিব৷

No comments:

Post a Comment