ঘৰৰ পদূলিমুখ পায়ে প্ৰণামীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ চেষ্টা কৰিলে। ভৃগু অফিচৰ পৰা আহি পালেহি নেকি! সন্ধ্যা লাগিবৰ হোৱা নাই যদিও বেলি লহিয়াইছে। তাই সোনকালেই উভতাৰ কথা আছিল। কিন্তু জ্যোতিৰ সৈতে কথাৰ যেন শেষেই নহ'ব! কিমান দিনৰ মূৰত যে দুয়োজনী লগ হ'ল! জ্যোতিয়ে বহুদিনৰ পৰাই প্ৰণামীক ফোনত কৈ আছিল-
'এদিন আমাৰ ঘৰলৈ আহিবিচোন! তই আহিম আহিমকৈ থাকোঁতেই আমাৰ ৰিমলী ডাঙৰ হ'বগৈ। ইয়ালৈ কিমাননো বাট? তোৰ স্কুটিখন আছেই। ভৃগুদাৰ সময় নিমিলে যদি বাবুৰ স্কুল বন্ধ থকা দিন এটাত তয়ে বাবুক লৈ এপাক আহিবিচোন।'
তেনেকৈয়ে যাম যামকৈ থাকোঁতে ৰিমলী দুবছৰীয়া হ'লহি। সেয়ে আজি প্ৰথমবাৰৰ কাৰণে কণমানি ৰিমলীজনীক দেখি প্ৰণামীৰ দুচকু সেমেকি উঠিছিল কিজানি।
'মা, ব'লা আকৌ। ইয়াতে ৰৈ দিলা যে!' স্কুটিৰ পিছৰ আসনৰ পৰা বাবুৱে মাত দিয়াতহে প্ৰণামীৰ জড়তা ভাঙিল।
গেটখন খুলি লৈ স্কুটি ঠেলি ঠেলি সিহঁত দুয়ো সোমাই আহিল। বাহিৰত সেমেকি পৰা মেলা কাপোৰখিনি চপাই লৈ প্ৰণামীয়ে দুৱাৰ খুলিলেগৈ। তেতিয়ালৈকে মাকৰ বুকুৰ ধপ্ধপনিটো যেন বাবুৱেও শুনা পাইছে। সি নীৰৱে মাকৰ কাষতে থিয় দি ৰ'ল। চাবিপাত পকোৱাৰ আগতেই দুৱাৰখন খোল খালে।
দুৱাৰমুখত ভৃগু! তাৰ চুটি থৰঙা চুলি, শুকান মুখ, অবুজ দৃষ্টি।
'এই সন্ধিয়াখন ক'লৈ গৈছিলা?' পোনেই সি গহীন মাতেৰে প্ৰশ্ন কৰিলে।
'ক'তনো সন্ধিয়া হোৱা দেখিলা? বেলি লহিয়াইছেহে!' প্ৰণামীয়ে কথাটো পাতলাবলৈ চেষ্টা কৰিলে। 'জ্যোতিৰ ওচৰলৈ গৈছিলোঁ। আজি বাবুৰ স্কুল সোনকালে ছুটি হ'ল যে! সেয়ে এপাক মাৰি আহিলোঁ।'
সেই ছেগতে বাবুৱে দেউতাকৰ কাষেৰেই 'মোৰ যে ইমান জোৰেৰে প্ৰস্ৰাৱ কৰিব লাগিছে' বুলি দৌৰ মাৰিলে। লগে লগে ভৃগু আৰু তাইৰ মাজত থকা একমাত্ৰ ঢালখন হেৰুৱাই পেলোৱা যেন ভাৱ হ'ল প্ৰণামীৰ! বাবু চকুৰ আঁতৰ হোৱাৰ লগে লগে ভৃগু প্ৰণামীৰ কাষ চাপি আহিল। তাৰ ডিঙিৰ সিৰ কেইডাল যেন টনটনাই উঠিল। আতংকত প্ৰণামীৰ বুকুত ডবাৰ কোব পৰিল! একেকোবে তাইৰ চুলিকোঁচাত থাপ মাৰি ধৰি সি চেপা মাতেৰে ক'লে,
'স্কুল সোনকালে ছুটি হ'ল বুলিয়ে অলৌ-টলৌকৈ ঘুৰি ফুৰিবি নেকি? ইয়াত মই মানুহটোৱে অফিচৰ পৰা আহি কি খাম কি নাখামকৈ পাকঘৰত হাবাথুৰি খাইছোঁ। আৰু তাই দুনিয়াৰ হাৱা খাই ফুৰিছে! কাৰ লগত চুপতি মাৰিবলৈ গৈছিলি? ক ভালে ভালে!!'
প্ৰণামীয়ে ডিঙি বেঁকা ভাগেৰেই চুলিখিনি ভৃগুৰ হাতৰ মুঠিৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি কাবৌ কৰাদি ক'লে,
'কৈছোঁৱে দেখোন, জ্যোতিক লগ কৰিবলৈ গৈছিলোঁ- অন্য একো কৰা নাই।'
'মিছা নামাতিবি। স্কুটিখন লোৱাৰ পিছৰ পৰা তই কেনে উৰণীয়া হৈছ দেখি আছোঁ। কিন্তু মনত ৰাখিবি লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত!'
অশ্লীল গালি দুটামান উচ্চাৰি ভৃগুৱে তাইক গতিয়াই দিলে। প্ৰণামী আফাল খাই বহাকোঠাৰ দেৱালখনত খুন্দা খালেগৈ। লগে লগে তাইৰ মুখেৰে বিকট চিঞৰ এটা ওলাল। চিঞৰটো ইমান জোৰেৰে ওলাল যে ভৃগুও চক্ খাই গ'ল। অন্যদিনা প্ৰণামীয়ে দাঁত-মুখ চেপি ভৃগুৰ মাৰপিট সহে। কাৰণ বাবু বা ওচৰ-চুবুৰীয়াই সেয়া কেনেবাকৈ শুনিব বা কি ভাবিব বুলি তাই লাজত মৰে। কিন্তু আজি যেন ভৃগুৰ ৰূপ অন্য দিনাতকৈ বহু ভয়ানক। অন্য দিনা বাবু নাথাকিলে বা শুৱাৰ পিছতহে চৰ-গোৰ দুটামান সোধাই ক্ষান্ত হোৱা ভৃগুৰ যেন আজি তাইক মাৰি পেলোৱাৰ পণ! সেই বাবেই কিজানি আগ-পাছ নুগুণি তাই তেনেকৈ চিৎকাৰ কৰি পালে।
ভৃগু ক্ষন্তেকৰ বাবে ৰৈ গ'ল। সেই সুবিধাতে চুলিকোঁচা তাৰ হাতৰ মুঠিৰ পৰা এৰাই তাই পলকতে গা-ধোৱা ঘৰলৈ দৌৰ মাৰিলে। গা-ধোৱা ঘৰৰ দুৱাৰ খুলি বাবু ওলাই আহিবলৈ লৈছিল। মাকৰ সেই ৰূপ দেখি সি দুৱাৰমুখতে থতমত খাই ৰৈ গ'ল। তাই কোনোমতে ভিতৰ সোমাই দুৱাৰখন ধাৰাম্কৈ বন্ধ কৰি দিলে।বহুপৰলৈ মজিয়াতে বহি প্ৰণামীয়ে নিশব্দে কান্দিলে। দিনত জ্যোতিক লগ পাই তাইৰ বুকু ভৰাই পেলোৱা ভাল লগা অনুভৱখিনিৰ একো চিন-চাব নাথাকিল।
এটা সময়ত গা-ধোৱা ঘৰৰ পৰা ওলাই আহি তাই ভাতৰ যোগাৰত লাগিলহি। মন বেয়া বুলিয়েইতো ৰোহ ঘৰত সোমাই বা বিছনাত পৰি থাকিব নোৱাৰে। তাইৰ গাত হাত উঠালে বুলিয়েইতো গিৰিয়েক আৰু নিজৰ ল'ৰাটোক ভোকে-লঘোণে থাকিবলৈ দিব নোৱাৰে। কিন্তু তাই নিজে একো এটা মুখত দিব নোৱাৰিলে। বাবু আৰু ভৃগুৰ কাৰণে ভাত উলিয়াই দি নিজে মাথোঁ পানী এগিলাচ লৈ কোট্ কোট্কৈ গিলিলে।
একোৱে যেন হোৱা নাই এনে ভাৱেৰে ভৃগুৱে বাবুক ইটো-সিটো যতনাই দি একেলগে ভাত খালে। ভাতৰ মেজত বাবু নীৰৱ হৈ ৰ'ল। অন্য দিনাৰ দৰে 'ডালি নাখাওঁ- বেঙেনাৰ ভাজি যে ইমান বেয়া পাওঁ' বুলি থেনথেনাই নাথাকিল। সিহঁতৰ কোনোৱে প্ৰণামীক ভাত খাবলৈ নামাতিলে।
এটা সময়ত ভৃগু শোৱাকোঠালৈ আহিল। তেতিয়ালৈ প্ৰণামী বিছনাত। দেৱালৰ ফালে মুখ কৰি তাই একতীয়াকৈ নিমাতে-নিসাৰে পৰি থাকিল। ভৃগুৱে বিছনাত গাটো পেলাই লাহেকৈ প্ৰণামীৰ বাহুত সোঁহাতখন থ'লে। তাই সাৰে থাকিলেও মাত নিদিলে, একো সাৰ-সুৰো নকৰিলে। ভৃগুৰ হাত নহয় যেন সেয়া তাইৰ দেহত হাজাৰটা বৰলৰ বিহ! সেই মুহূৰ্ততে যেন তাই জাঁপ মাৰি সাত মাইল আঁতৰি যাব! ভৃগুৱে কোমল মাতেৰে ক'লে,
'চাওঁ- শুলাই নেকি! খং উঠিলে কি যে হয় যায় মোৰ! জানাইচোন, ঘৰলৈ উভতি আহি তোমাক নাপালে মোৰ ভাল নালাগে। অকলে অকলে ঘৰত তোমাৰ কাৰণে বাট চাই থাকিলে খেলিমেলি চিন্তাবোৰ আহে।কিয় মোক এনে কৰিবলৈ বাধ্য কৰা তুমি?'
অন্যদিনাৰ দৰে আজিও প্ৰণামীত বিবুদ্ধিত পৰিল। এই ভৃগু আজি সন্ধিয়া মাৰাত্মক ৰূপ লৈ তাইক খেদি অহা দানৱ নহয়। এই ভৃগু মৰম আকলুৱা। তাই যেন ক'বকে নোৱাৰে, কেনেকৈ যে খেলিমেলিবোৰ আৰম্ভ হৈ যায়! কেনেকৈ মৰমিয়াল ভৃগুৱে দৈত্যকায় ৰূপ লয়! ভাৱ হয় যেন, কেৱল ভাল বা বেয়াৰেই মানুহক দুটা শ্ৰেণী কৰি ৰাখিব নোৱাৰি। প্ৰত্যেক মানুহৰ ভিতৰতে যেন অনেক ৰূপ সোমাই থাকে। কিন্তু ভৃগুৰ এই বৈপৰীত্যই তাইক খেলিমেলি লগাই দিয়ে। এনে মুহূৰ্তবোৰত ভাৱ হয় যেন দোষটো তাইৰে! মৰমিয়াল ভৃগুৰ সলনি দানৱ ভৃগুক উলিয়াই অনাৰ বাবে। তাই কিয় বাৰে বাৰে ভুল কৰি পেলায়? কিয়?
প্ৰণামী বদ্ধপৰিকৰ হয়। আজিৰ পৰা তাই ভৃগুৱে বেয়া পোৱা একো কামকে নকৰে। লাগিলে বান্ধৱী জ্যোতিৰ সৈতে আৰু কেতিয়াও দেখাই নহওক, তাইৰ ঘৰলৈ এনেকৈ আৰু নাযায়। কোনো অন্য পুৰুষৰ লগত তাই পৰাপক্ষত আৰু কথা নাপাতে। সম্পৰ্কীয় পুৰুষ হ'লেও যোগাযোগ নাৰাখে। এইবোৰ কথাত যে ভৃগু বৰ সন্দেহী হৈ উঠে। কাৰোবাৰ সৈতে তাইৰ গোপন সম্পৰ্ক আছে বুলি মনতে ধৰি লয়! সি বিচৰাৰ দৰেই তাই যিমান পাৰি ঘৰতে থাকিব। ভৃগুৱে বিচাৰিলেহে অন্য মানুহৰ লগত হলি-গলি কৰিব।
প্ৰণামীয়ে সঁচাই মন বান্ধিলে। তাইৰ কথা আৰু কামেৰে ভৃগুৰো কথা আৰু কাম সলনি কৰিব বুলি এটা অদ্ভুদ জেদত লাগি পৰিল যেন। তাইৰ জেদত হাত উজান দিলে পৃথিৱীখন ছাটি ধৰা ক'ভিড মহামাৰীয়ে। কাকো আৰু অজুহাত দেখুৱাব লগা নহ'ল- কিয় আজিকালি সমজুৱা নামলৈ প্ৰণামী নহা হৈছে। কিয় মাহীয়েকৰ ল'ৰা অলকেশক তাই আগৰ দৰে হোষ্টেলৰ সিকা ভাতসাঁজৰ সলনি প্ৰতি দেওবাৰে ঘৰতে এসাঁজ খাবলৈ নমতা হ'ল। লক ডাউনে প্ৰণামীৰ পৰিকল্পনা একেবাৰে সহজ কৰি পেলালে যেন! কিন্তু সহজ নকৰিলে তাইৰ জীৱন!
আগৰ দৰে কামলৈ যোৱাৰ সলনি ভৃগু বেছিভাগ সময় ঘৰতে শুই-বহি থকা হ'ল। আগতকৈ বেছি খিংখিঙীয়া হ'ল। প্ৰণামীৰ ভুলবোৰ তাৰ চকুত বেছিকৈ পৰা হ'ল। সিদিনা তাইৰ ভনীয়েকৰ লগত ফোনত কথা পাতি থকাৰ পৰত সি ভেকাহি মাৰি সুধিলেহি,
'কাৰ লগত ইমান সময় ধৰি কথা পাতি আছা?' মোক যে চাহ একাপ লাগে বুলি কেতিয়াবাই কৈছিলোঁ, খৱৰেই নাই!'
প্ৰণামী অলপ হতভম্ব হ'ল। সিফালে নৱমীয়ে সেয়া শুনিলেই নেকি বুলি অসহজ হ'ল। লৰালৰিকৈ ফোন থৈ চাহকাপ যতনাই দিলেগৈ।
গোমোঠা মুখেৰেই ভৃগুৱে ক'লে, 'নৱমী আৰু তোমাৰ মা-দেউতাহঁতৰ লগত যে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থাকা, মোৰ মা-দেউতাৰ কি হৈছে খৱৰ কৰিছানে? দিন-কাল বেয়া। মানুহবোৰ কেনেকৈ মাখি মৰাদি মৰিব লাগিছে, এতিয়াতো মোৰ পৰিয়ালৰ অলপ খেয়াল ৰাখিবলৈ চেষ্টা কৰা।'
ভৃগুৱে কি কৈছে এইবোৰ! বিয়াৰ দিন ধৰি চোন তাই ভৃগুৰ পৰিয়ালকে আপোন বুলি সকলো কৰি আহিছে। আজি মাত্ৰ দুবছৰ আগতে সিহঁতে ঘাই ঘৰৰ পৰা আছুতীয়াকৈ এইটো চুবুৰীত ঘৰ কৰিছে। ভৃগুৰ মাক-দেউতাক ইয়াৰ পৰা খোজেৰে মাথোঁ পোন্ধৰ মিনিট দূৰৈত। গতিকে সকলো সময়তে আহ-যাহ চলিয়ে থাকে। লক ডাউনৰ সময়ত যেনিবা সেয়া আগতকৈ কমিছে। কিন্তু তাইৰ ভনীয়েক নৱমী গুৱাহাটীত, মাক-দেউতাক যোৰহাটত। সেইবাবে প্ৰণামীয়ে যাওঁ বুলিলেও যাব নোৱাৰে। তাই এদিনৰ বাবেও ঘৰ এৰি গ'লে যে ভৃগুৰ ইমান অসুবিধা হয়! ঘৰখনত ইটো-সিটো বিচাৰি ঘূৰ্মুটিয়াই ফুৰে। তাৰ খোৱা-শুৱা সকলোবোৰ খেলিমেলি হৈ যায়। সেই বাবেই তাই মাক-দেউতাকক চাই অহাৰ কথা নাভাৱেই। তেনে ক'ৰ পৰা এই ওজৰ-আপত্তিৰ বোজাবোৰ গোট খাইছেহি? কিজানি প্ৰণামীৰ চেষ্টাত সুৰুঙা ৰৈ গৈছে। সেইবাবেই তেনে কথাবোৰে ভৃগুৰ মনত বিষ সিঁচিছে।
লাহে লাহে যেন প্ৰণামীৰ পৃথিৱীখন ঠেক হৈ আহিল। আগতকৈও অবুজ হৈ আহিল। প্ৰতিদিনে পুৱা সাৰ পাই তাই বিব্ৰত হৈ ৰোৱা হ'ল, কণীৰ খোলাৰ ওপৰেদি খোজ দিব লগা হ'ল। আজি বা ভৃগুৰ মন কেনে হৈ থাকিব, কেতিয়া কোন পলকত খঙৰ ভমক উঠিব কোনে জানে! কৰবাত কথা আৰু কামৰ অকণমান হেৰফেৰ হ'লেও সেই কণীৰ খোলাত ফাঁট মেলিব- সিহঁতে তত ধৰিবলৈ পোৱাৰ আগেয়ে খোলাটো ফালি চিৰাচিৰ হ'ব। মাথোঁ তাৰ দাগ ৰৈ যাব তাইৰ দেহত!
![]() |
উৎস |
প্ৰণামীৰ বুকুৰ কঁপনিটো যেন বন্ধ নোহোৱা হ'ল। বাবুৱেও দেউতাকৰ মুড চাইহে ওচৰ চপা হ'ল। আগতে বাবু থাকিলে যিমান পাৰি নিজকে ক্ষান্ত ৰখা ভৃগুৱে আজিকালি একোলৈকে ভ্ৰুক্ষেপ নকৰা হ'ল। ইমান সাৱধানেৰে চলিলেও যেন প্ৰণামীৰ খোজে প্ৰতি ভুল হোৱা হ'ল। সিদিনা নিমখ কম হ'ল বুলিয়ে ভৃগুৱে ভাতৰ কাঁহীখন তাইৰ ফালে দলি মাৰি দিলে। তাৰ লগে লগে তাইৰ কঁকালত এটা প্ৰচণ্ড ভুকু! নিশালৈ আকৌ কোমল মাতেৰে সি ক'লে,
'আচলতে তোমাৰ ফোনটো ইমানকৈ বাজি আছিল, সেইটো খঙতে কিবা কৰি পেলালোঁ। সেইবোৰ ধৰি নাথাকিবাচোন!'
তাই খপ্জপ্কৈ বিছনাৰ পৰা উঠি গ'ল।গাধোৱা ঘৰত সোমাই ফোনটো চাই দেখিলে, জ্যোতিৰ তিনিটা মিছড কল। এটা মেচেজ- 'ঠিকে আছনে, প্ৰণামী? সিদিনা অলকেশক লগ পালোঁ। বহুদিন তোৰ খৱৰ পোৱা নাই বুলি ক'লে। সেয়ে চিন্তাই লাগিল। খা-খৱৰ জনাবিচোন!'
আস্, লাজ আৰু বেজাৰৰ ভৰত তাই আপোন বান্ধৱীকনো কি ক'ব ভাৱিকে নাপালে। কেনেকৈ ক'ব অলকেশে দেওবাৰে হোষ্টেলৰ ভাতসাঁজ এৰি সিহঁতৰ ঘৰত এসাঁজ খোৱাটোক লৈ ভৃগুৱে তাইক সন্দেহ কৰিবলৈ লৈছে। কেনেকৈ ক'ব সিদিনা যে অলকেশ সিহঁতৰ দুৱাৰমুখত ৰৈ থাকোঁতে ভিতৰত ভৃগুৰ কি তাণ্ডৱ! বাবু ঘৰতে আছিল সেইদিনা। বহাকোঠাৰ খিৰিকীৰে অলকেশক জপনা খুলি সোমাই অহা দেখিয়ে ভৃগুৱে চামৰাৰ বেল্ট এডাল জোকাৰি গুজৰি গুমৰি উঠিল,
'অলকেশৰ লগত তোৰ কিহৰ লেটিপেটি? কিয় সি ইয়ালৈ ইমান ঘনাই আহে? আজি যদি সি এই ঘৰৰ ভিতৰত ভৰি দিয়ে, মই কি কৰিম ঠিক নাই কিন্তু।'
প্ৰণামী থৰ লাগিল। দুদিনৰ আগৰ এছাৰিৰ কোব এতিয়াও তাইৰ পিঠিত সেৰ পাতি আছে। তাই একো ক'ব নোৱাৰে- কৰিব নোৱাৰে। ইফালে দুৱাৰত অলকেশৰ টোকৰ!
'বাবু! ঘৰত কোনো নাই বুলি ক!' ভৃগু গৰজি উঠিল।
বাবুৱে এবাৰ ভৃগুৰ ফালে চালে, এবাৰ চালে ভয়ত কাতৰ প্ৰণামীৰ ফালে। তাৰপিছত দুচকু জোৰেৰে মুদি কান্দি পেলালে আৰু তাৰ কোঠালৈ দৌৰ মাৰিলে। ৰৈ ৰৈ এটা সময়ত অলকেশ গ'লগৈ।
বহুদিনলৈ প্ৰণামী মূক হৈ ৰ'ল, কিংকৰ্তব্যবিমূঢ় হৈ ৰ'ল। জ্যোতিৰ ফোন কল আহি আহি এটা সময়ত নহা হৈ গ'ল।
সিদিনা আবেলি তাই পিছচোতালত মেলা কাপোৰ চপাই আছিল। এনেতে জেওৰাৰ সিপাৰেদি ৰিনী বাইদেৱে মাত দিলে,
'হেৰা প্ৰণামী, ভালে আছানে?'
তাই চক খাই উঠিল। ব্লাউজৰ হাতখনৰ সীমা পাৰ হৈ জিলিকি থকা এছাৰিৰ চিন দুটা খপজপকৈ চাদৰখনেৰে ঢাকি পেলালে। তাৰপিছত হাহোঁ নাহাহোঁকৈ ক'লে,
'ভালেই। আপোনালোকৰ ভালনে?'
'ভৃগু কেনিবা গ'ল নেকি?' ৰিনী বাইদেউৰ মাতটো ফুচফুচনিৰ দৰে শুনা গ'ল!
'অঁ। শাক-পাচলিৰ বজাৰলৈ ওলাই গৈছে।'
'অঁ তাকে ভাবিলোঁ; ঘৰখন নিতাল মাৰি আছে!' ৰিনী বাইদেৱে কথাষাৰ কৈয়ে যেন দাঁত কামুৰিলে। প্ৰণামীয়ে বুজিও নুবুজাৰ ভাও ধৰাৰ চেষ্টা কৰিলে।
দুয়ো যেন নীৰৱেই বহু কথা পাতিলে। হুমুনিয়াহ এটা কাঢ়ি ৰিনী বাইদেৱে ক'লে,
'কি কৰিবা, মাইকী মানুহৰ ভাগ্যই এনেকুৱা! দুখ আৰু কষ্টত লেটি লোৱা জীৱন! আমাৰ দীপুৰ দেউতাকো এনে আছিল বুজিছা- কিন্তু দীপু আৰু মানু ডাঙৰ হোৱাৰ লগে লগে মানুহটো নিজে নিজেই শান্ত হৈ পৰিল! তোমাক কিবা ঔষধ-পাতি লাগিলে ক'বা।'
প্ৰণামী লাজে-দুখে জয় পৰি গ'ল! বহুদিনৰ পিছত আকৌ এবাৰ ৰঙা তেজ এসোঁতা ভৰিৰ আঙুলীৰ পৰা তাইৰ চকু-মুখলৈ উজাই অহা যেন ভাৱ হ'ল। এইবোৰ মানি লোৱাটো ইমান সহজ নে? ইমান সহজ নে ভাল দিনবোৰৰ আশাত বন্দী হৈ সকলো সহি যোৱাটো? কিন্তু তায়ো জানো ৰিনী বাইদেউৰ দৰেই ভাগ্যক ধিয়াই ৰৈ যোৱা নাই?
কথাবোৰ এনে নাছিল- এনে হোৱাৰ কথাও নাছিল! ভাগ্যক ধিয়াই সকলো সহি যোৱাৰ সপোন লৈ তাই বিয়াত বহা নাছিল। সিহঁতৰ বিয়াখনত প্ৰণামীৰ মাক-দেউতাকৰ মত নাছিল। তাৰবাবে ভৃগুৱে দিনৰ পিছত দিন প্ৰায় ডকা-হকা কৰাৰ দৰে মাক-দেউতাকৰ সৈতে যুঁজিছিল। তাইক বিয়া পাতিব নোৱাৰিলে যেন তাৰ জীৱনেই অথলে যাব। ভৃগুৰ জোৰতে এটা সময়ত মাক-দেউতাক মান্তি হ'বলৈ বাধ্য হৈছিল। তেতিয়া প্ৰণামীৰ ভাৱ হৈছিল, তাই ভাগ্যশালী। তাইক ইমান আকুলতাৰে বিচৰা কাৰোবাক জীৱন-সংগী হিচাপে পাইছে।
কিন্তু বিয়াৰ এমাহ নহওঁতেই ভৃগুৱে এদিন তালৈ অনা চাহৰ কাপটো হাত পিছলি পৰি যোৱাৰ কাৰণে তাইৰ গালত থাপ থাপ কৈ দুটা চৰ সোধাই দিছিল। সিদিনা তাই থৰ হৈ গৈছিল। অপমানত ক'লা পৰি গৈছিল। সিদিনাই ঘৰ এৰি গুচি যাব যেন ভাব হৈছিল। কিন্তু মাক-দেউতাকৰ ঘৰলৈ উভতি যোৱাৰ বাটো যে বন্ধ হৈ গৈছিল! ভৃগুৰ আঙুলীৰ সাঁচ বহি যোৱা গালখন আইনাত চাই সিদিনা প্ৰণামীয়ে ফেঁকুৰি ফেঁকুৰি কান্ধিছিল। প্ৰথমবাৰৰ বাবে অনুশোচনাৰ জাল এখনে তাইক আৱৰি ধৰিছিল। কিন্তু ভৃগুৰ অনুতপ্ত চকুযুৰি, তাৰ কাবৌ-কোকালিয়ে তাইৰ সান্তনা হৈ থিয় দিলে। তাই পাহৰিবলৈ চেষ্টা কৰিলে। মানুহ মাত্ৰেইতো ভুল হয়। তাই ভৃগুৰ খং তোলা কথা বা কামবোৰ নকৰিলেইতো সকলো ঠিক হৈ যাব!
নহ'ল! তাৰ সলনি দিনে দিনে কথাই প্ৰতি ভৃগুৰ চৰ-ভুকু বাঢ়িহে গ'ল। এটা সময়ত প্ৰণামীৰ মায়াৰ জাল ফাঁটিল। বিয়াৰ এবছৰ পিছতে তাই লাজ-মান কাটি কৰি মাক-দেউতাকৰ ওচৰ পালেগৈ। সকলো শুনি লৈ মাকে ক'লে,
'মতা মানুহবোৰ এনেকুৱাই! খং- দুখ সকলো নিজৰ ঘৈণীৰ ওপৰত উলিয়ায়। সংসাৰ কৰিছ যেতিয়া সেইবোৰো সামৰিবলৈ শিকিব লাগিব। সেইটোও তোৰে দায়িত্ব।'
মাকৰ কথাই প্ৰণামীৰ দেহ-মন বিছাই ডকাদি ডাকিলে। মাকে মুখ ফুটাই নোকোৱা কথাখিনিও তাই ঠিকেই বুজিলে। বিয়া দি উলিয়াই দিয়া জীয়ৰীৰ এই ঘৰত ঠাই নাই। তাইক ৰাখি লৈ মাক-দেউতাকে সমাজৰ লাঞ্ছনা সহিব নোৱাৰে। দেউতাকৰ পেন্সনৰ টকাৰে আৰু এখন মুখ খুৱাব নোৱাৰে। পিছদিনা পুৱাতে ভৃগু গৈ ওলোৱাত মাকে উৎসাহেৰে আদৰিলে। প্ৰণামীয়ে যেন সেইদিনা প্ৰথম উপলব্ধি কৰিলে, তাইৰ ভাগ্যৰ লিখন লিখা হৈ গৈছে। তাইৰ সুখ-দুখৰ বিধান কেতিয়াবাই দিয়া হৈ গৈছে। এইবাৰ ভৃগুৰ কাকুতি-মিনতিৰ দৰকাৰেই নহ'ল। নীৰৱে বেগটো সাজু কৰি লৈ তাই অহা বাটেৰে উভতিল।
উভতি আহি প্ৰণামীয়ে নিজাকৈ চাকৰি এটা যোগাৰ কৰিবলৈ টঙালি বান্ধিলে। স্কুল এখনত সোমাই ল'ব পাৰিলেও যেন তাই কিছু সাহস পাব- নিজাকৈ উপাৰ্জন এটা থাকিব, নিজৰ এটা ভৰষা থাকিব। কিন্তু কথাবোৰ ভবাৰ দৰে নহ'ল। একলা-দুকলাকৈ তাইৰ গৰ্ভত বাঢ়ি অহা বাবুয়ে তাইৰ হিচাপ-নিকাচবোৰ সলাই পেলালে- চিৰদিনলৈ! বাবুৰ মৰমে যেন ভৃগুকো গলাই পেলালে। প্ৰণামী আৰু ভৃগু দুয়ো বাবুৰ মাজতে আপোন-পাহৰা যেন হ'ল। অৱশেষত উত্তাল ধুমুহাবোৰ ক্ষান্ত হোৱা যেন প্ৰণামীৰ ভাৱ হ'ল। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে জীৱনে এছাটি স্বস্তি আৰু প্ৰশান্তিৰ বা লৈ অহা যেন ভাৱ হ'ল।
কিন্তু খুউব সোনকালে জীৱনে সোঁৱৰাই দিলে এই গঞ্জনাৰ বাট সদায়ে বৃত্তাকাৰ। বৃত্তৰ পৰিধি সলনি হ'ব পাৰে, সময়ৰ দীঘ বাঢ়িব পাৰে কিন্তু সেই পথ কেতিয়াও সলনি নহয়। চিৰন্তন একেই বাটেৰে ঘুৰি ঘুৰি গঞ্জনা আৰু হাঁহাকাৰে যে একেখিনি ঠাইকে সামৰি লয়! বাবু একলা দুকলাকৈ ডাঙৰ হ'ল। কেঁচুৱাৰ যত্ন লোৱাৰ পৰা ঘৰ চম্ভালালৈকে সকলো সামৰি প্ৰণামী ব্যতিব্যস্ত হৈ ৰোৱা হ'ল। আৰু তাৰ লগে লগে ক'ৰৱাত অকণমান ইফাল- সিফাল হ'লেই ভৃগুৱে হাত তুলিবলৈ ল'লে।আকৌ এবাৰ প্ৰণামী কিংকৰ্তব্যবিমুঢ় হ'ল। অসহায় যেন হ'ল! কথাবোৰ সলনি কৰাৰ আগৰ সেই শক্তি আৰু সাহসৰ খুদমানো নোহোৱা যেন ভাৱ হ'ল। অথচ এতিয়া যে কেৱল তাই নহয়, এই কণমাণি ল'ৰাটোৰ জীৱনো সেই মেৰপাকত সোমাই পৰিল!
তাইৰ মূৰৰ ওপৰেদি হাজাৰ ধুমুহা যাওক, তাই সহি থাকিব। তাইৰ সকলো শক্তি আৰু চেষ্টাৰে কেৱল বাবুক মানুহ কৰাৰ বাবে যুঁজিব। কেৱল বাবুৰ বাবেই এইবাৰ তাই ভাগ্যৰ এই লিখনকে মানি লোৱাৰ অংগীকাৰ ল'লে। কোনে জানে, ৰিনী বাইদেৱে কোৱাৰ দৰে এদিন হয়তো বাবুৰ মুখলৈ চায়ে ভৃগু সলনি হ'ব! সেই আশা মৰুভূমিৰ মৰীচিকা হ'লেও যেন তাই বুকুত সযতনে পালি থাকিব। নহ'লে যে এই জীৱন দু:সহ, এই সময় বিধস্ত আৰু পৰিশ্ৰান্ত!
সমগ্ৰ বিশ্ব স্তব্ধ কৰি দিয়া লকডাউন লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। ভৃগু পুনৰ কামলৈ যাবলৈ আৰম্ভ কৰিছে। বাবুৱেও অংগনবাদীত দিনটোৰ কিছু সময় কটাবলৈ লৈছে। প্ৰণামীৰ পৃথিৱীখনত অকণমান আহৰি ওলাইছে। আকৌ এবাৰ চাকৰি এটা বিচৰাৰ হেঁপাহটোৱে তাইৰ মাজত ভৰ কৰিবলৈ লৈছে। এনেকুৱা এটা দিনতে তাই বাতৰি-কাকতত চাকৰিৰ বিজ্ঞাপন খুঁচৰি আছিল। এনেতে কলিংবেল বজাত তাই উচপ খাই উঠিল। আজিকালি সিহঁতৰ ঘৰলৈ তেনেকৈ কোনো মানুহ নাহেই চোন! আকৌ অলকেশ ওলালহি বুলি তাই অলপ ভয় খালে। তথাপিও কিছু সংকোচেৰে গৈ দুৱাৰখন খুলি দি প্ৰণামী আচৰিত হৈ গ'ল।
দুৱাৰ মুখত বান্ধৱী জ্যোতি আৰু কণমানি ৰিমলী!
তাই কিবা ক'বলৈ পোৱাৰ আগেয়ে ৰিমলীয়ে আগবাঢ়ি আহি প্ৰণামীৰ কঁকালতে মেৰিয়াই ধৰিলেহি। প্ৰণামীৰ বুকুখন মোচৰ খাই উঠিল। এই কণমানিজনীৰ হেঁপাহখিনি যে তাই ক'ত কেনেকৈ সামৰি থ'ব!
'ইমানদিন তোৰ একো খৱৰ পোৱা নাই। সেয়ে ভাৱিলোঁ এবাৰ চায়ে আহোঁ!!' এমুখ হাঁহিৰে জ্যোতিয়ে ক'লে।
আবেগৰ জোৱাৰজাক নীৰৱে সামৰি প্ৰণামীয়ে দুয়োকে আথে-বেথে ভিতৰলৈ লৈ গ'ল। বাবুয়ে ৰিমলীক তাৰ খেলাঘৰ দেখুৱালেগৈ। প্ৰণামী আৰু জ্যোতি দুয়ো চাহ একোকাপ লৈ বহিল।
'কেনে আছ প্ৰণামী? আজি এবছৰেই হ'বৰ হ'ল তোৰ খৱৰ নোপোৱা! মোৰ সদায়ে চিন্তা লাগি থাকে বুজিছনে!' জ্যোতিয়ে ক'লে।
প্ৰণামীয়ে একোকে ক'ব নোৱাৰিলে। মাথোঁ এখন হাতেৰে জ্যোতিৰ হাতখন খামুচি ধৰি থাকিল। নোকোৱা-নপতা কথাবোৰে যেন সকলো গৰা খহাই বানপানী আনিব খুজিলে।
'সঁচাই ক'চোন কি হৈছে? মই জানো, ফোনত ক'ব নোৱাৰ কাৰণেই তই মোৰ ফোন তোলা নাই!'
এইবাৰ প্ৰণামীৰ চকুলোৱে বাধা নামানিলে। জ্যোতিৰ দুয়োহাতত খামুচি ধৰি থাকি তাই হেঁপাহ পলুৱাই কান্দিলে। জ্যোতিয়ে একো নকৈ আলফুলে তাইৰ পিঠিত হাত ফুৰাই থাকিল। তাইৰ পিঠিত সেৰ পাতি থকা দাগবোৰে জ্যোতিক সকলো কৈ গ'ল।
'কিয় এনেকৈ কষ্ট খাই আছ প্ৰণামী? এনেকৈ সংসাৰ কৰাৰ কি অৰ্থ আছে ক'চোন!'
উচুপনি ৰখাই প্ৰণামীয়ে ক'লে, 'বাবুৰ কাৰণে, জ্যোতি। ভৃগুৱে বাবুৰ খুউব যত্ন লয়, মৰম কৰে- বাবুকো দেউতাকৰ বহুত দৰকাৰ। মই কেৱল নিজৰ কথা ভাৱি বাবুৰ প্ৰতি সেই অন্যায় কৰিব নোৱাৰোঁ!'
কিন্তু বাবুক জানো মাকৰো দৰকাৰ নাই? এটা সুখী পৰিয়ালৰ দৰকাৰ নাই? এনে এটা পৰিৱেশত বাবু ডাঙৰ হোৱাটোও জানো তাৰ প্ৰতি অন্যায় নহয়? ক'ব খুজিও জ্যোতি নীৰৱ হৈ ৰ'ল। কাৰণ তাই জানে, সেইবোৰ প্ৰশ্নই প্ৰণামীৰ যন্ত্ৰণাত মাথোঁ ঘিউ ঢালিব। কেতিয়াবা কিছুমান সত্য ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিলেও যে সেয়া সত্য বুলি মানি ল'বলৈ বহুত টান!
এনেতে কথাৰ মাজতে হঠাৎ ৰিমলীৰ চিৎকাৰ শুনি জ্যোতি আৰু প্ৰণামী জাঁপ মাৰি উঠিল। কি হৈছে? কি হৈছে??
প্ৰণামীয়ে লগে লগে বাবুৰ কোঠাৰ ফালে ঢাপলি মেলিলে। তাইৰ পিছে পিছে জ্যোতি। বাবুৰ কোঠাৰ সোঁমাজতে মজিয়াত লেগ'ৰ বহুতো টুকুৰা। আধাসজা লেগ'ৰ ঘৰটোৰ কাষতে গম্বুজৰ দৰে ৰৈ আছে বাবু। তাৰ দুচকু ৰঙা, ডিঙিৰ সিৰ টনটনাইছে! জ্যোতিক দেখিয়ে ৰিমলী দৌৰি আহি মাকৰ পিছফালে থিয় দিলেহি। চাদৰৰ আচলত মুখ লুকুৱাই কান্দি কান্দি ক'লে,
'মা,মোক বাবুৱে চৰ মাৰি দিলে! ইমান জোৰেৰে!!' কৈ তাই সোঁ গালখন দেখুৱালে।
জ্যোতিয়ে দেখিলে সঁচাই তাইৰ সোঁ গাল খনতে মুখৰ সকলো তেজ গোট খাইছেহি! প্ৰণামী থৰ লাগিল! কি হৈছে এইবোৰ? কিয় হৈছে?
'বাবু, কিয় এনে কৰিছা? ৰিমলীক কিয় মাৰিছা?' তাই বাবুৰ গাত হাত দিয়া মাত্ৰকে সি হাত উফৰাই পেলালে। লেগ'ৰ ঘৰটো ভৰিৰে গুৰিয়াই দি সি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে,
'মোৰ লেগ'ৰ ঘৰটো তাই কি কৰিলে চোৱা।নালাগে ৰিমলীয়ে মোৰ সৈতে খেলিব। লেগ'ও নালাগে মোক। এইবোৰ চব ভাঙি পেলাম!'
সেয়া কৈয়ে সি সিঁচৰতি হৈ পৰা টুকুৰাবোৰ উন্মাদৰ দৰে ভৰিৰে মোহাৰি ভাঙিবলৈ চেষ্টা কৰিলে। সেয়া দেখি ৰিমলীয়ে হাও হাওকৈ কান্দিবলৈ আৰম্ভ কৰিলে। জ্যোতিয়ে তাইক কোলাত লৈ কোঠাটোৰ পৰা উলিয়াই নিলে।
বাবুৰ সেই ৰূপ দেখি যেন প্ৰণামী থৰ হৈ গ'ল। লাহে লাহে তাইৰ দুচকু বহল হৈ আহিল। প্ৰথমবাৰৰ কাৰণে তাইৰ বিশ্বাস হ'ল, মাৰাত্মক ভুল কৰি পেলাইছে তাই। যাৰ ভৱিষ্যতৰ দোহাই দি তাই অতদিনে সকলো সহি-সামৰি অছিল, আচলতে তাৰ বিপৰীতহে হৈ আছিল। নোৱাৰে, তাইৰ ল'ৰাক অন্য এক ভৃগু হ'বলৈ এৰি দিব নোৱাৰে। তাই কোঠাৰ সোঁমাজতে আঁঠু কাঢ়ি বহি হাও হাওকৈ কান্ধি পেলালে।
তাইৰ কান্দোন শুনি বাবু ৰৈ গ'ল। একেবাৰে শান্ত হৈ আহি সি মাকৰ গাতে গা লগাই মজিয়াতে বহিলহি। যেন সিয়ো বিধস্ত, কিংকৰ্তব্যবিমূঢ়! ৰিমলীক বহা কোঠাতে এৰি জ্যোতিও পুনৰ সোমাই আহিল। প্ৰণামীক এহাতেৰে মেৰিয়াই ধৰি তাই এসোঁতা কান্দিলে। তাৰপিছত লাহেকৈ ক'লে,
'মই আৰু ৰিমলী যাওঁগৈ দে, প্ৰণামী!'
প্ৰণামীৰ কান্দোন ৰৈ গ'ল। চাদৰৰ আচলেৰে তাই চকু-মুখ মচি ল'লে। তাৰপিছত বাবুক এহাতেৰে সাৱটি লৈ তাই আকূতি ভৰা মাতেৰে ক'লে,
'অলপ সময় ৰৈ দে, জ্যোতি। আমিও ওলাই যাওঁ। দুদিনমান তহঁতৰ ঘৰতে ৰাখিব পাৰিবিনে?'