Thursday 17 February 2022

বনৰৌৰ বিলৈ

জন্তুবিধৰ আকৃতি প্ৰকাণ্ড জেঠী এটাৰ দৰে৷ কিন্তু ই জেঠীৰ দৰে সৰীসৃপ নহয়, স্তন্যপায়ী জন্তুহে৷ পৰুৱা, উঁইহাঁফলু আদি খাই বৰ ভাল পায় ই৷ সেইবাবেই এই জন্তুবিধৰ আক্ষৰিক অৰ্থতে ইংৰাজী নাম ৰখা হৈছে, স্কেলি এন্টইটাৰ (Scaly anteater)বা পেংগ’লিন;অসমীয়াত বনৰৌ৷ বনৰৌৰ সমগ্ৰ দেহটো দেখাত মাছৰ বাকলিৰ দৰে টান বাকলিৰে আবৃত৷ অৰণ্যৰ চিকাৰী জন্তুৱে আক্ৰমণ কৰিলে ই প্ৰতিৰক্ষাৰ বাবে ঘুৰণীয়া বল এটাৰ দৰে পাক খাই লৈ টান বাকলিবোৰেৰে নিজকে ঢাকি পেলায়৷ যুগ যুগ ধৰি এই ব্যৱস্থাৰেই বনৰৌবোৰে নিজকে প্ৰতিৰক্ষা দি আহিছে অৰণ্যৰ বাঘ, বনৰীয়া কুকুৰ, শিয়াল আদিৰ পৰা৷ পিছে জীৱশ্ৰেষ্ঠ মানুহৰ নিৰ্মমতাৰ পৰা প্ৰতিৰক্ষাৰ বাবে কোনো অৱলম্বন নাই এই নিমাখিত জন্তুবিধৰ৷

অসমত দেখা পোৱা চীনা বনৰৌ; উৎস: ৱিকিকমনছ

অৰণ্যৰ কোনোবা গছৰ খোৰোঙত লুকাই থকা লাজকুৰীয়া বনৰৌবোৰ চিকাৰী মানুহে পিতপিতকৈ বিচাৰি উলিয়ায়৷ বনৰৌ থকা গছৰ তলৰ পৰা ধোঁৱা দি শ্বাসৰুদ্ধ কৰি চিকাৰীয়ে সিহঁতক বাহিৰলৈ ওলাই পৰিবলৈ বাধ্য কৰে৷ জালিকটা মোনাত সোমাই ভয়াৰ্ত বনৰৌবোৰ চিকাৰীৰ চোং পাইহি৷ তাৰ পিছত আৰম্ভ হয় অন্য এক বৰ্বৰ অধ্যায়৷ চিকাৰীয়ে উপৰ্যুপৰি মাৰ সোধাই বনৰৌবোৰ লৰচৰ কৰিব নোৱাৰা কৰি পেলায়৷ প্ৰায় অচেতন কিন্তু কেতিয়াবা জীৱিত বনৰৌবোৰক উতলা পানীত পেলাই দি হত্যা কৰা হয়৷ কেতিয়াবা জীৱন্তে অন্য ঠাইলৈ চালান দিয়া বনৰৌবোৰে অমানুষিক যন্ত্ৰণা সহি দীঘলীয়া যাত্ৰা কৰে অবৈধ বেহাৰ গন্তব্যস্থলীলৈ৷ 

বনৰৌৰ এই বিলৈৰ কাৰণ হ’ল সিহঁতৰ মাংস আৰু বাকলিক লৈ চলি অহা আন্তৰ্জাতিক বেহা৷ বনৰৌৰ বাকলিৰ মূল চাহিদা মূলত: চীন দেশত৷ এই দেশৰ পৰম্পৰাগত বিশ্বাস অনুসৰি বনৰৌৰ বাকলিয়ে শালমইনাৰ পৰা কৰ্কটৰোগলৈকে বহুতো ৰোগ নিবাৰণ কৰে৷ তেনেদৰে পশ্চিম আৰু কেন্দ্ৰীয় আফ্ৰিকাৰ বিভিন্ন দেশতো পৰম্পৰাগত ঔষধ তৈয়াৰ কৰাত বনৰৌৰ বাকলি ব্যৱহাৰ কৰা হয়৷  বনৰৌৰ বাকলি গঠনকাৰী কেৰাটিনেই আমাৰ আঙুলীৰ নখো তৈয়াৰ কৰিছে৷ গতিকে সেই বাকলি আৰু মানুহৰ নখৰ গঠনগত পাৰ্থক্য নাই৷ কোনো বৈজ্ঞানিক ভিত্তি নথকা স্বত্বেও এই দেশসমূহতত পৰম্পৰাগতভাৱে নানা ৰোগৰ ঔষধ হিচাপে বনৰৌৰ বাকলি আৰু মাংসৰ বিধান দিয়া হৈ আহিছে আৰু তেনেদৰেই চাহিদা ক্ৰমাৎ বৃদ্ধি পাই আহিছে ৷ তাৰোপৰি চীন আৰু ভিয়েটনামৰ বহু ঠাইত ঔষধি গুণৰ বাবে আৰু দুষ্প্ৰাপ্য খাদ্যৰূপে বনৰৌৰ মাংস পৰিৱেশন কৰা হয়৷ বিশেষকৈ বিলাসী ৰেষ্টোৰাত জুই ছাই দামৰ বনৰৌৰ মাংস পৰিৱেশন কৰাটো আঢ্যবন্ত গ্ৰাহকৰ বাবে ’ষ্টেটাছ চিম্বল’ যেন হৈ পৰিছে৷ এই আন্তৰ্জাতিক বেহাই এনে ৰূপ লৈছেগৈ যে বৰ্তমান সমগ্ৰ বিশ্বতে সৰ্বাধিক হাৰত চোৰাংচিকাৰ আৰু অবৈধ বেহাৰ বলি হোৱা স্তন্যপায়ী জন্তু হিচাপে পৰিগণিত হৈ পৰিছে এই বনৰৌ৷

সমগ্ৰ বিশ্বত ২০০০ ৰ পৰা ২০১৯ চনৰ ভিতৰত ৮৯৫,০০০ বনৰৌৰ চালান দিয়া বুলি তথ্য প্ৰকাশ পাইছে৷ ভাৰতত ২০০৬ ৰ পৰা ২০১৭ চনৰ ভিতৰত ৬০০০ টা বনৰৌ চালানীৰ সময়ত জব্দ কৰা হৈছে৷ অসমতো শেহতীয়াকৈ বিভিন্ন ঠাইত অবৈধ বেহাত সৰবৰাহ কৰাৰ সময়ত বনৰৌ উদ্ধাৰ কৰাৰ ঘনাই বাতৰি ওলাবলৈ লৈছে৷ গৱেষণাৰ তথ্য অনুসৰি যোৱা দহটা বছৰত মণিপুৰত সৰ্বাধিক পৰিমাণে বনৰৌ জব্দ হৈছে৷ তাৰ পিছতেই স্থান মিজোৰাম আৰু অসমৰ৷ তথ্য মতে এই বেহাৰ দালালবোৰে উত্তৰ-পূবৰ বিভিন্ন অঞ্চলৰ পৰা বনৰৌৰ বাকলি কিনি মণিপুৰ ৰাজ্যলৈ চালান দিয়ে৷ তাৰ পৰা বনৰৌৰ সৰবৰাহ হয় ম্যানমাৰ আৰু চীনদেশৰ য়ুনান প্ৰভিন্সলৈ৷ এই সমগ্ৰ সৰবৰাহত গুৱাহাটী আৰু কলকাতা  ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বেহাৰ বিশেষ সংযোগ বুলি ধৰা পৰিছে৷  

চীনা বনৰৌৰ বিস্তৃতি; উৎস: ৱিকিকমনছ


এছিয়া আৰু আফ্ৰিকা মহাদেশত বনৰৌৰ মুঠ আঠটা প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভাৰতত পোৱা  প্ৰজাতি দুটা হৈছে ভাৰতীয় বনৰৌ (Manis crassicaudata) আৰু চীনা বনৰৌ (Manis pentadactyla)। অসমৰ বনৰৌবিধ হৈছে চীনা বনৰৌ৷ চীনা বনৰৌ উত্তৰ-পূব ভাৰতকে ধৰি চীন, ম্যানমাৰ, নেপাললৈকে দেখা পোৱা যায়৷ বৰ্তমানলৈকে ইহঁতৰ বিস্তৃতি বা সংখ্যা সম্পৰ্কে বিশদ কোনো তথ্য উপলব্ধ হোৱা নাই৷ আই ইউ চি এনৰ ৰঙা তালিকা অনুসৰি চীনা বনৰৌক ঘোৰ সংকটজনক ( Critically Endangered), আৰু ভাৰতীয় বনৰৌক বিলুপ্তপ্ৰায় (Endangered) আখ্যা দিয়া হৈছে৷ বনৰৌৰ আঠবিধ প্ৰজাতিকে চাইটিছ (Convention on International Trade in Endangered Species, CITES)ৰ প্ৰথম পৰিশিষ্ট (Appendix I) ত স্থান দিয়া হৈছে৷ গতিকে এই আন্তৰ্জাতিক আইন অনুসৰি বনৰৌ সংৰক্ষিত আৰু ইহঁতৰ চোৰাং চিকাৰ আৰু বেহা অবৈধ৷ কিন্তু আইনমতে সৰ্বাধিক প্ৰতিৰক্ষা লাভ কৰা স্বত্বেও আন্ত:ৰাষ্ট্ৰীয় চাহিদাৰ বাবে বনৰৌৰ চিকাৰ আৰু বেহা অবাধ গতিত চলি আছে৷ এই গতি অব্যাহত থাকিলে অনতিপলমেই এই আপুৰুগীয়া জন্তুবিধ এই পৃথিৱীৰ পৰা হেৰাই যোৱাৰ সম্ভাৱনা আহি পৰিছে৷  

কিন্তু বনৰৌৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ লগতে অন্য এক সংকটে বনৰৌৰ বেহা ৰোধ কৰাটো মানৱ সমাজৰ বাবেই কিমান জৰুৰী আৰু গুৰুত্বপূৰ্ণ সেয়া পোহৰলৈ আনিলে৷ গৱেষণাৰ তথ্য মতে ভৱিষ্যতে কৰ'না ভাইৰাছ ৰোগৰ দৰে মহামাৰী ৰোধ কৰিবলৈকো বনৰৌৰ চিকাৰ আৰু অবৈধ বেহা অনতিপলমে বন্ধ কৰাৰ প্ৰয়োজন৷ আমি সকলোৱে ইতিমধ্যেই গম পাইছোঁ যে কৰ'না ভাইৰাছ ৰোগৰ আৰম্ভ হৈছিল চীন দেশৰ ৱ’হান প্ৰদেশত বন্য জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ভাইৰাছৰ জড়িয়তে৷ এই ভাইৰাাছ বাদুলীৰ পৰা বনৰৌলৈ আৰু তাৰ পিছত মানুহলৈ সংক্ৰমণ হ’ল বুলি গৱেষণাই দেখুৱাইছে৷ ইয়াৰ পূৰ্বেও কেইবাটাও মহামাৰীৰ উৎপত্তি হৈছিল একেই প্ৰক্ৰিয়াৰে৷ উদাহৰণস্বৰূপে, বিংশ শতাব্দীত এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ হৈছিল চিম্পাঞ্জী আৰু গৰিলাৰ পৰা মানুহলৈ ৰোগৰ বীজাণু বিয়পি৷ তেনেদৰে ছোৱাইন ফ্লু , ইব’লা, জিকা  আৰু নিপা ভাইৰাছ আদিৰ মহামাৰী বন্য জন্তুৰ পৰাই মানুহলৈ বিয়পিল৷  যেন মানুহৰ বৰ্বৰতাৰ উত্তৰ দিবলৈ প্ৰকৃতি বাধ্য হৈছে! প্ৰকৃতিৰ এই শিকনি লৈ জীৱ-জন্তুৰ চোৰাংচিকাৰ আৰু বেহা বন্ধ কৰাৰ বাবে সকলো ব্যৱস্থা লোৱাটো মানৱ সমাজৰ কল্যানৰ বাবেই অতিকৈ জৰুৰী৷

ভাৰতীয় বনৰৌ B হাতৰ খাৰু হিচাপে বনৰৌৰ বাকলি C বেহাৰ বাবে সাজু কৰা বনৰৌৰ বাকলি D অসমৰ ডিমা হাছাওৰ ডিঙিৰ অলংকাৰ হিচাপে পিন্ধা বনৰৌৰ বাকলি আৰু নখ
উৎস: গৱেষণা


বনৰৌৰ চোৰাং চিকাৰ আৰু অবৈধ বেহা বন্ধ কৰিবলৈ ইয়াৰ চিকাৰ, সৰবৰাহ আৰু ব্যৱসায়িক চাহিদা নিবাৰণৰ বাবে সৰ্বাংগীন উপায়েৰে পৰিকল্পনা কৰাৰ প্ৰয়োজন৷ পৰম্পৰাগত ঔষধত বনৰৌৰ মাংস বা বাকলিৰ ব্যৱহাৰ বন্ধ কৰিবলৈ চীন দেশৰ পৰম্পৰাগত ঔষধৰ হাতপুথি ফাৰ্মাক’পিয়া (Pharmacopoeia) ৰ পৰা বনৰৌৰ উল্লেখ আঁতৰাই দিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰি আহিছে৷ বৈজ্ঞানিক মানসিকতাই এই অন্ধবিশ্বাসবোৰ নোহোৱা কৰাত সহায় কৰিব৷

অসমৰ দৰে বহু ঠাইত স্থানীয় লোকসকল কেৱল জীৱিকাৰ প্ৰয়োজনত বনৰৌৰ এই আন্ত:ৰাষ্ট্ৰীয় বেহাৰ জালত সোমাই পৰে আৰু বনৰৌৰ চিকাৰ কৰি বহিৰাগত দালালৈ চালান দিয়ে৷ শেহতীয়াকৈ অসমৰ ডিমা হাছাও জিলাত কৰা এক গৱেষণাৰ সময়ত ডিমাছা, কাৰ্বি আৰু বিয়াটে জনজাতিৰ ১৪০ গৰাকী স্থানীয় চিকাৰীৰ সাক্ষাৎকাৰত এই তথ্য প্ৰকাশ পাইছে৷ এই গৱেষণাৰ মূল উদেশ্য আছিল বনৰৌৰ চিকাৰ আৰু বেহাত স্থানীয় লোকসকল কিয় আৰু কেনেদৰে জড়িত হৈ পৰিছে তাৰ বুজ লোৱা৷ পূৰ্বতে অৰণ্যৰ ওচৰে পাজৰে থকা অধিবাসীসকলে কেৱল ব্যক্তিগত প্ৰয়োজনত সীমিতভাৱে বনৰৌৰ চিকাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰ বাকলিৰ উচ্চ দাম আৰু চাহিদাৰ বাবে পোৱা ব্যৱসায়িক লাভে পৰম্পৰাগত ব্যৱহাৰ সলাই পেলালে৷ এই গৱেষণাত প্ৰকাশ কৰা মতে মাথোঁ এটা বনৰৌৰ বাকলি বিক্ৰী কৰি ডিমা হাছাওৰ এগৰাকী স্থানীয় চিকাৰীয়ে চাৰি মাহৰ আয়ৰ সমান টকা ঘটিব পাৰে৷ গতিকে এই সমস্যা দূৰ কৰিবলৈ দৰিদ্ৰতা নিবাৰণ আৰু স্থানীয় চিকাৰীৰ বিকল্প সংস্থাপন গুৰুত্বপূৰ্ণ৷ কিন্তু কেৱল এই ব্যৱস্থাসমূহে বনৰৌৰ চিকাৰ আৰু বেহা সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰে৷ এই সম্প্ৰদায়সমূহৰ মাজত বনৰৌৰ সংৰক্ষণ সম্পৰ্কে সচেতনতা অনাটোও দৰকাৰী৷ তেনেদৰে স্থানীয় সম্প্ৰদায়সমূহে বনৰৌৰ সংৰক্ষণৰ বাবে আগভাগ লোৱাৰ সুবিধা পাবলৈ সম্প্ৰদায় কেন্দ্ৰিক সংৰক্ষণ (community-based conservation)ৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন৷

বনৰৌবোৰে আমাৰ পৰিস্থিতিতন্ত্ৰত এক বিশেষ ভূমিকা লৈ আহিছে৷ ইহঁতে পোক-পৰুৱা খাই  কীট-নিয়ন্ত্ৰণ (pest control) কৰে আৰু খাদ্যৰ সন্ধানত মাটি খুঁচৰি মাটিৰ সমতাও বজাই ৰাখে৷ এই আপুৰুগীয়া জন্তুবিধৰ বাসস্থান, বিস্তৃতি, আচৰণ আদিৰ বিষয়ে বিশদ অধ্যয়ন কৰাৰ প্ৰয়োজন৷ চোৰাং চিকাৰ আৰু অবৈধ বেহাৰ বৰ্বৰতা বন্ধ কৰি বনৰৌক বিলুপ্তিৰ গৰাহৰ পৰা উভতাই অনাটো মানৱ সমাজৰ কল্যাণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷


তথ্যউৎস

  • D’Cruze, N., Singh, B., Mookerjee, A., Harrington, L. A., & Macdonald, D. W. (2018). A socio-economic survey of pangolin hunting in Assam, Northeast India. Nature Conservation, 30, 83
  • Challender, D. W., Heinrich, S., Shepherd, C. R., & Katsis, L. K. (2020). International trade and trafficking in pangolins, 1900–2019. In Pangolins (pp. 259-276). Academic Press.
  • Aisher A. (2016). Scarcity, Alterity and Value: Decline of the Pangolin, the World’s Most Trafficked Mammal. Conservation & Society. 14(4): pp 317-329

No comments:

Post a Comment