![]() |
© Pam Blackstone |
Sunday, 26 March 2023
প্ৰজাপতি (চুটিগল্প)
Monday, 20 March 2023
অসমৰ মাছৰোকা চৰাইবোৰ
অসমৰ খাল, বিল বা নৈৰ আশে পাশে গছৰ ডালত বা জেওৰা খুঁটিত বহি পানীলৈ একান্তমনে চাই জোপ লৈ থকা মাছৰোকা চৰাইটোলৈ কেতিয়াবা মন কৰিছেনে? চিকাৰ চকুত পৰিলে ই পানীৰ ঠিক ওপৰতে উৰি থাকি লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহূৰ্ততে ৰকেটৰ দৰে ছোঁ মাৰি পানীলৈ নামি যায়। মাছৰোকাৰ এই বিশেষ উৰণ (hovering) অসমৰ বহু জলাশয়ত চিনাকি দৃশ্য। কিন্তু আপুনি জানেনে, ভাৰতত থকা ১৩ বিধ মাছৰোকাৰ ভিতৰত দহটা প্ৰজাতি আমাৰ অসমতে দেখা পোৱা যায়? আহকচোন, এই ৰং বিৰঙী চৰাইবিধৰ বৈচিত্ৰ্যময় জগতখনত এভুমুকি মাৰি চাওঁ।
মাছৰোকা চৰাই কেনেকৈ চিনিব? আটাইতকৈ সহজ উপায় হৈছে, চৰাইটোৰ ৰঙকে ধৰি অন্য শাৰীৰিক বৈশিষ্ট্যবোৰ মন কৰা।প্ৰায়বোৰ মাছৰোকাৰ দেহত উজ্জ্বল সেউজীয়া, নীলা আৰু কমলা ৰঙৰ সমাহাৰ দেখা পাব। মাছৰোকা চৰাইৰ মূৰটো ডাঙৰ।নেজ প্ৰায়ে চুটি।ঠোঁটটো ডেগাৰৰ দৰে দীঘল আৰু জোঙা। ইয়াৰ ঠোঁটটো চিকাৰৰ বাবে বিশেষভাৱে নিৰ্মিত। ঠোঁটটোৰ আকাৰ বায়ুগতিবিদ্যাৰ ফালৰ পৰা এনে এৰ'ডাইনেমিক যে ই জোপ লৈ থকা ঠাইৰ পৰা চিকাৰৰ ফালে তীব্ৰ গতিৰে যাব পাৰে। ডুব দিয়াৰ সময়তো এই আকাৰে পানীৰ ছিটিকনি কমোৱাত সহায় কৰে। এইবাবেই মাছৰোকাৰ ঠোঁটৰ আৰ্হি জাপানৰ বুলেট ট্ৰেইনতো অনুকৰণ কৰিছে।
![]() |
বগা-কণীয়া মাছৰোকা (Credit-Nejib Ahmed) |
চিকাৰ কৰিবৰ বাবে মাছৰোকাৰ দুচকুৰ বিশেষভাৱে অভিযোজন হৈছে। ইহঁতৰ দৃষ্টিত দূৰবীক্ষণ ক্ষমতা আছে। ইয়াৰ উপৰিও চকুত নিচিটেটিং মেমব্ৰেন (nictitating membrane) নামৰ এবিধ পতা থাকে যি পানীৰ তলত আমি পিন্ধা চছমাৰ দৰে কাম কৰি দুচকুক সুৰক্ষা দিয়ে।
মেৰু অঞ্চল আৰু কিছুমান শুকান মৰুভূমিৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ ঠাইতে মাছৰোকা চৰাই আছে। সমগ্ৰ বিশ্বত মুঠ ৯৩ টা ৰং-বিৰঙী মাছোৰোকাৰ প্ৰজাতি পোৱা যায়৷ অসমত পোৱা প্ৰজাতি কেইটাৰ আকাৰ, দেহৰ বৰণ আৰু সিহঁতৰ বাসস্থান লক্ষ্য কৰিলে সহজে চিনিব পাৰি। সাধাৰণতে নৈ, বিল-পুখুৰীৰ পাৰৰ কোনো গছৰ ডালত দেখা পোৱা সৰু নীল-সেউজীয়া মাছোৰোকাবিধৰ নাম নীলা মাছৰোকা (Common Kingfisher)। সততে দেখিবলৈ পোৱা অন্য এবিধ ডাঙৰ আকাৰৰ মাছৰোকা হ'ল বগা-বুকুৱা মাছৰোকা (White-throated Kingfisher)। নামটোৰ দৰেই ইহঁতৰ মূগা দেহত বুকুৰ বগা দাগটো জিলিকি থাকে।বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) আকৌ তাতোকৈ ডাঙৰ। ইয়াৰ উজ্জ্বল ৰঙা ঠোঁট আৰু মূগাবৰণীয়া মূৰটো সহজে চকুত পৰে। এই চৰাইটো সাধাৰণতে নদী বা ডাঙৰ পুখুৰীৰ পাৰত দেখা পোৱা যায়।
![]() |
বগা-বুকুৱা মাছৰোকা (Credit- Ali Arsh) |
নীল-সেউজীয়া ৰঙৰ সলনি কেৱল ক'লা আৰু বগা ৰঙ থকা মাছৰোকাবিধ হ'ল পখৰা মাছৰোকা (Pied Kingfisher)। ইয়াৰ মূৰত অকণমানকৈ মুকুট বা চূড়া এটি থাকে। ইয়াৰ দৰে দেখিবলৈ সাইলাখ একে অন্য এবিধ মাছৰোকা হ'ল ক্ৰেষ্টেড মাছৰোকা (Crested Kingfisher)। এইবিধ চৰাই পখৰা মাছৰোকাতকৈ আকাৰত কিছু ডাঙৰ। এই দুয়োবিধ মাছৰোকাই সাধাৰণতে খৰস্ৰোতা জুৰি বা নৈৰ পাৰত বাস কৰে। অসমত দেখা পোৱা অন্য প্ৰজাতিবোৰ হ'ল ব্লাইথ মাছৰোকা (Blyth's Kingfisher), বগা-কণীয়া মাছৰোকা (Blue-eared Kingfisher), বাওনা মাছৰোকা (Black-backed Dwarf Kingfisher), ক'লা-টুপীৰ মাছৰোকা (Black-capped Kingfisher) আৰু ৰঙচুৱা মাছৰোকা (Ruddy Kingfisher)। ইহঁতৰ প্ৰায়বোৰকে মূলত: ডাঙৰ গছ থকা হাবিতলীয়া জান-জুৰিৰ কাষত বা অৰণ্যত দেখিবলৈ পোৱা যায়।
মাছৰোকাই পিছে মাছৰ বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। জলাশয়ৰ কাষত পোৱা জিঞাঁ, পোক-পৰুৱা, গুবৰুৱা, কেঁকোৰা, বেং, মকৰা আদি ইহঁতৰ প্ৰিয় খাদ্য। মাছৰোকা প্ৰায়ে অকলশৰে থাকে। ইহঁতে নিজৰ থকা ঠাইখন অন্য চৰাইৰ পৰা জোৰদাৰ ৰক্ষা কৰি চলে।বসন্তৰ এনে দিনবোৰত পিছে মাছৰোকাই সংগীৰ সন্ধান কৰে। মতা মাছৰোকাই প্ৰায়ে ঠোঁটত মাছ লৈ মাইকী চৰাইজনীৰ কাষ চাপে। যোৰ পাতিলে দুয়ো মিলি জলাশয়ৰ কাষৰ বালিয়া মাটিত বা গছৰ খোৰোঙত বাহ পাতে। মাইকী মাছৰোকাই বাহত ৩-৬ টা শুভ্ৰ কণী পাৰে আৰু দুয়ো পাল পাতি কণীবোৰ উমনী দিয়ে। পোৱালীবোৰ তিনি-চাৰি মাহ ধৰি খুৱাই দুয়ো মিলি ডাঙৰ কৰে।
পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত পখৰা মাছৰোকাই আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও ওচৰ সম্পৰ্কীয় চৰায়ে পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা পৰিঘটনাটোক সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ গৱেষণাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ চৰাইৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ।
মাছৰোকাৰ এই বৈচিত্ৰ্যময় জীৱনৰ বিভিন্ন দিশকলৈ বৈজ্ঞানিক গৱেষণা চলি আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অসমৰ থলুৱা মাছৰোকা চৰাইবোৰ পৰ্য্যবেক্ষণ কৰি আমি প্ৰকৃতিৰ এই বিনন্দীয়া জগতখন সুবাস ল'ব পাৰোঁ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এখোঁজ আগবঢ়াব পাৰোঁ।
![]() |
পখৰা মাছৰোকা (Credit- Saumitra Newalkar) |
Sunday, 19 March 2023
এলবাৰ্টা ১০২
নৱেম্বৰ, ২০২২
ইতিমধ্যে কানাডাৰ এই এডমণ্টন মহানগৰ বৰফে ঢাকি পেলাইছে। যিফালেই চকু দিওঁ মাথোঁ বৰফৰ শুকুলা দলিচা। অন্য ঠাইৰ দৰে শীতে যেন লাহে লাহে মহানগৰখন গিলিব খোজা নাই। তাতনো কিহৰ মজা! তাৰ সলনি এনিশাতে তাপমাত্ৰা -২০ ডিগ্ৰীলৈ নামিছে। 'ঠাণ্ডা আহি আছে' বুলি কৈ কৈ সাজু হৈ থকা মানুহবোৰো চক খাই উঠিছে।আকৌ পিছদিনাই -৫ ডিগ্ৰী। যেন বতৰটোৱে আমাক জোকাইছে। তাপমাত্ৰাৰ সঘনাই উঠা-নমা কৰি ৰং চাইছে!
অৱশ্যে সেই যে শূন্যৰ তললৈ নামিল তাৰ পৰা পিছে তাপমাত্ৰা আৰু ওপৰলৈ নুঠিল। এবাৰ যি বৰফ পৰিল, সেই বৰফেও গলাৰ নাম নল'লে। তাৰ ওপৰতে পুনৰ বৰফ পৰিল। চৌপাশৰ শুকুলা দলিচাখন ক্ৰমান্বয়ে ডাঠ হৈ গৈ থাকিল।
চুটি হৈ অহা দিনবোৰত দিনৰ পোহৰ দেখা পোৱাই টান হৈ আহিল। মোৰ নতুন অফিচত পুৱা আঠ বাজি পোন্ধৰ মিনিটতে কাম আৰম্ভ হয়। গতিকে আন্ধাৰতে ঘৰৰ পৰা ওলাই বাছ ধৰোঁগৈ। কেতিয়াবা বাহিৰত ধাৰাসাৰ বৰফৰ বৰষুণ দেখি থমকি ৰওঁ। ভাৱোঁ, আজি এই পৰিৱেশত মানুহ কেনেকৈ বাহিৰ ওলাব? গাড়ী-মটৰ কেনেকৈ চলিব? অফিচ কেনেকৈ হ'ব?
তৰপে তৰপে উমাল কাপোৰৰ মাজত সোমাই বাছত দুলি দুলি গৈ থকা মানুহবোৰে মোৰ আশংকা নোহোৱা কৰি দিয়ে। অহৰহ বাট ভেটি ধৰা বৰফবোৰ স্ন' থ্ৰ'ৱাৰ মেচিনে ঠেলি লৈ যায়। ৰাতিটোৰ ভিতৰতে পোত যাব খোজা গাড়ীৰ খিৰিকী-হুডৰ পৰা বৰফৰ লেপ আঁতৰাই মানুহবোৰ দিহাদিহি ওলায়।
বাচ্ আৰম্ভ হৈ যায় এটা নতুন দিনৰ। প্ৰতিকুল বতৰৰ বাবেতো জীৱন ৰৈ নাথাকে। এই ঠাই, ইয়াৰ মানুহৰ বাবে এয়া যেন কেৱল এক প্ৰাত্যহিকতা। প্ৰত্যেকৰে ধমনীয়ে ধমনীয়ে যেন প্ৰৱাহিত হৈ আছে ঠেঁটুৱৈ লগা জাৰৰ সৈতে সহাৱস্থান কৰাৰ মনোবল আৰু সাহস। তাকে ভৰসা কৰি এডমণ্টনত আৰম্ভ হ'ল মোৰ প্ৰথমটো কেনেডিয়ান শীতৰ ঋতু।
![]() |
বৰফৰ দলিচাখন |
ডাক্তৰৰ ক্লিনিক। ভিতৰ সোমালোঁ যদিও মোৰ গাত তেতিয়াও আঁঠুলৈকে পৰা উমাল কোট। মূৰত শকত ঊলৰ টুপী, মাফলাৰ। ভৰিত উমাল দুযোৰকৈ মোজা আৰু নোমাল বুটজোতা। হাতত গ্ল'ভছৰ ওপৰতো আকৌ মিটেন। সকলো -৫০ ডিগ্ৰীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা। এই হাড় কঁপোৱা শীতৰ বতৰত মোৰ ইউনিফৰ্মৰ দৰে হৈ পৰা সাজবিধ।
ডাক্তৰ টাৰিকে খুঁটি-নাতি মাৰি মোৰ আৰু পৰিয়ালৰ ৰোগৰ ইতিহাস টাইপ কৰি গৈছে। মনত পেলাই পেলাই ককা-আইতালৈকে সকলোৰে ৰোগৰ খতিয়ান দিয়াৰ চেষ্টা কৰিছোঁ।
তেওঁৰ মনোযোগ আৰু নম্ৰ কথা-বতৰাই মোক যথেষ্ট আশ্বস্ত কৰিছে। লগতে মোৰ ফেমিলি ডাক্তৰ হ'বলৈ মান্তি হোৱা বাবেও তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছোঁ। সমগ্ৰ কানাডাতে নতুন ৰোগীৰ দায়িত্ব চমজি ল'বলৈ ডাক্তৰৰ নাটনি এতিয়া। আজি কেইবামাহ বিচাৰি বিচাৰি কোনোমতে এই এগৰাকী ফেমিলি ডাক্তৰ পাইছোঁ। তাতে সকাহবোধ। কিন্তু এতিয়াও এইগৰাকী ডাক্তৰৰ বিষয়ে বিশেষ একোৱে নাজানোঁ।
সকলো সামৰি উঠিবৰ পৰত তেওঁ হঠাতে সুধিলে,
'আজি গৰম পৰিছে নেকি বাৰু?'
'নাইতো, কিয় সুধিলে?'
'মোৰ আগৰ কেইবাজনো ৰোগীয়ে জেকেট- টুপী একো নলগোৱাকৈ অহা দেখিলোঁ। আজি কামৰ ব্যস্ততাত বাহিৰ ওলাবলৈকে সুযোগ পোৱা নাই। সেয়ে ভাৱিলোঁ বতৰৰ আজি ৰূপেই বেলেগ বা। তোমাক দেখিহে খেলিমেলি লাগি গ'ল!'
মোৰ সাঁথৰ ভাঙিল। আচৰিত নহ'লোঁ। বিশেষ নভৱাকৈয়ে ক'লোঁ,
'অঁ, সেইটো কথা। তেওঁলোক সকলো এলবাৰ্টান। মই নহয়!'
'ময়ো নহয়!' তেওঁ হোহোৱাই হাঁহি উঠিল।
গম পালোঁ ডাক্তৰ টাৰিক মূলত মধ্যপূব দেশীয়। মোৰ দৰে একে সময়তে আহি এলবাৰ্টাত নতুনকৈ থিতাপি লৈছেহি। আহিয়ে ঠাণ্ডাৰ প্ৰতাপত মোৰ দৰেই তেৱোঁ হাবু ডুবু খাইছে।
ক্ষন্তেকতে যেন আমাৰ মাজত এক সৌহাৰ্দ্য গঢ়ি উঠিল। একো নোকোৱাকৈয়ে দুয়ো বুজি পালোঁ এই ঠাইৰ শীতৰ দিনবোৰত নতুন আবাসীৰ সংগ্ৰাম। বুজি পালোঁ বতৰক লৈ, সেই বতৰৰ প্ৰতি স্থানীয়সকলৰ প্ৰতিক্ৰিয়া দেখি হোৱা খেলিমেলিবোৰ।
'আকৌ লগ পাম তেনে। গুড লাক!' তেওঁ হাঁহি হাঁহিয়ে ক'লে।
'আপোনালৈকো!' হাঁহিমুখেৰে মই বাহিৰ ওলালোঁ।
![]() |
এলবাৰ্টাত মোৰ নতুন ইউনিফৰ্ম |
![]() |
তিলৰ খেলাৰ অপূৰ্ব ঠাই |
Sunday, 5 March 2023
এলবাৰ্টা ১০১
এডমণ্টন। কানাডাৰ পশ্চিমমূৰৰ এলবাৰ্টা নামৰ প্ৰদেশখনৰ ৰাজধানী চহৰ। নতুনকৈ এই মহানগৰীত মোৰ এটা ঠিকনা হৈছে। চৰকাৰী চাকৰিয়াল হিচাপে এটা নতুন জীৱনৰ আৰম্ভণি হৈছে। ভেনকুভাৰৰ পূৰ্বৰ ঠিকনাটোৰ মায়া এতিয়াও যোৱা নাই। তাত এৰি অহা পৰিচিত জীৱনটোৰ সুগন্ধি তেতিয়াও মোৰ দেহ-মনৰ পৰা আঁতৰা নাই।
শৰতৰ আবেলি এটা। বন্ধু মেট আৰু টিগানৰ ঘৰত আড্ডা বহিছে। কথা প্ৰসংগত অন্য দিনাৰ দৰেই দুয়ো উনুকিয়ালে, শীত আহি আছে। সোনকালে সকলো গিয়েৰ কিনাৰ দৰকাৰ। অহাৰ দিনাৰে পৰা চিনাকি-অচিনাকিজনৰ পৰা এই কথাষাৰেই শুনি আহিছোঁ যেন, 'শীত আহি আছে!'
সুধিলোঁ সেয়ে। কি কি উইণ্টাৰ গিয়েৰ লাগিব?
'এটা উমাল জেকেট লাগিব।' টিগানে তপৰাই কোৱাদি ক'লে।
'আছেতো!'
'আঠুলৈকে পৰা? -৫০ ডিগ্ৰীতো উম দিব পৰা?'
-৫০ ডিগ্ৰী!! মই মূৰ জোকাৰিলোঁ। তাই কৈ গ'ল,
'বুটজোতাও লাগিব। একেই। -৫০ ডিগ্ৰীৰ কাৰণে বিশেষভাৱে নিৰ্মিত।'
মেটে যোগ দিলে, 'থাৰ্মেল ৱেৰ, ঊলৰ টুপী, মাফলাৰ, মোজা, গ্ল'ভছ, মিটেন...'
'মিটেন কিয়?'
দুয়ো হাঁহিলে। হয়তো মোৰ অনভিজ্ঞতা দেখি অকণমান পুতৌও উপজিল।
টিগানে সহানুভূতি সনা সুৰ এটাৰে ক'লে,' কেৱল হাত মোজাৰে ইয়াত ঠাণ্ডা নুগুচে। তাৰ ওপৰত আকৌ মিটেন পিন্ধিব লগা হয়। মিটেনত হাতৰ আঙুলীবোৰ একেলগে থাকে কাৰণে উমো বেছি।'
'গোটেইবোৰ ফ্লিচ লাইনড হ'ব লাগিব দেই। তাৰ পিছতো ঠাণ্ডা লাগি থাকিলে হেণ্ড আৰু ফুট ৱাৰ্মাৰো লাগিব।' মেটে তাৰ ভৰিৰ পায়জামা কোঁচাই তাৰ তলত পিন্ধি থকা ফ্লিচ লাইনড থাৰ্মেল পেণ্ট দেখুৱালে।
ভিতৰি মোৰ মনটো অলপ চমকি উঠিল। যোৱা দহ বছৰ মান ঠাণ্ডা দেশতে কটাইছোঁ। মেট আৰু টিগানৰ সৈতেই চাৰিটা বছৰ ইংলেণ্ডত আছিলোঁ। কেতিয়াও এনেদৰে শীতৰ বাবে যা-যোগাৰ কৰা মনত নপৰে।
'ইংলেণ্ডৰ লগত ইয়াৰ শীতকাল নিমিলে দেই। ভেনকুভাৰ আৰু এডমণ্টনৰ বতৰৰো আকাশ-পাতাল পাৰ্থক্য।' টিগানে যেন মোৰ মনৰ ভাৱ বুজিয়ে ক'লে।
'সেইবোৰ ঠাইত বছৰত কেইটামান দিন মাথোঁ বৰফ পৰে। এডমণ্টনত পাঁচ-ছমাহলৈ বৰফৰ দলিচা নাঁতৰে।'
মোৰ শুকাই যোৱা মুখখন দেখিয়ে কিজানি মেটে ক'লে,
'লাহে লাহে ইয়াৰ বতৰতো অভ্যস্ত হৈ পৰিবা। বৰফ থকা দিনবোৰতো বাহিৰত বহুত খেল খেলিব পাৰি। আমি আছোঁ নহয়। এইবাৰ একেলগে স্ফূৰ্ত্তি কৰিম।'
আমাৰ কথাবোৰ শুনি থকা কণমানি তিলে মাত দিলে,
'আমি একেলগে স্কেটিং কৰিম, স্কি কৰিম। তুমি মোক শ্লেডিঙ কৰাবা। কিমান স্ফূৰ্ত্তি লাগিব!'
তিল মেট আৰু টিগানৰ ছোৱালী। আঠবছৰীয়া তিলৰ মই অহাক লৈ উত্তেজনাৰ শেষ নাই। তাইৰ উৎসাহত সঁহাৰি দি হাঁহি হাঁহি ক'লোঁ, 'অঁ অঁ, কৰিম। কিয় নকৰিম!'
সিদিনা পিছে ঘৰলৈ উভতাৰ পৰত ভাৱিলোঁ, এইটো যেন সঁচাই এক নতুন জীৱন, এটা নতুন লাইফ ষ্টাইল। পাৰিমনে? জীৱনৰ এই নতুন ধৰণটো আপোন কৰি ল'ব পাৰিমনে? একো উত্তৰ নাপালো। কিন্তু সেইদিনাৰ পৰা সঁচাই শীতৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ ।
![]() |
ফটো: এলবাৰ্টা প্ৰাউড গোট |
নৱেম্বৰ মাহৰ এটি সুকোমল পুৱা।
'তুমি ঠিকে আছানে? বৰফ দেখি চক খোৱা নাইতো?'
ৰাতিপুৱাই ফোনত তিলৰ উত্তেজনা ভৰা মাতটো ভাঁহি আহিল। কালি নিশা প্ৰথমবাৰৰ বাবে ইয়াত বৰফ পৰিল। শীতৰ আৰম্ভণি বুলি এডমণ্টনে যেন সকলোকে সোঁৱৰাই গ'ল।
খিৰিকীৰ পৰ্দা টানিয়ে দেখা পালোঁ, সকলো ফালে শুকুলা বৰফৰ দলিচা। লঠঙা গছৰ ডাল, বাট-পথ, আনকি মোৰ ঘৰৰ বাৰাণ্ডালৈকে বৰফ!![]() |