এডমণ্টন। কানাডাৰ পশ্চিমমূৰৰ এলবাৰ্টা নামৰ প্ৰদেশখনৰ ৰাজধানী চহৰ। নতুনকৈ এই মহানগৰীত মোৰ এটা ঠিকনা হৈছে। চৰকাৰী চাকৰিয়াল হিচাপে এটা নতুন জীৱনৰ আৰম্ভণি হৈছে। ভেনকুভাৰৰ পূৰ্বৰ ঠিকনাটোৰ মায়া এতিয়াও যোৱা নাই। তাত এৰি অহা পৰিচিত জীৱনটোৰ সুগন্ধি তেতিয়াও মোৰ দেহ-মনৰ পৰা আঁতৰা নাই।
শৰতৰ আবেলি এটা। বন্ধু মেট আৰু টিগানৰ ঘৰত আড্ডা বহিছে। কথা প্ৰসংগত অন্য দিনাৰ দৰেই দুয়ো উনুকিয়ালে, শীত আহি আছে। সোনকালে সকলো গিয়েৰ কিনাৰ দৰকাৰ। অহাৰ দিনাৰে পৰা চিনাকি-অচিনাকিজনৰ পৰা এই কথাষাৰেই শুনি আহিছোঁ যেন, 'শীত আহি আছে!'
সুধিলোঁ সেয়ে। কি কি উইণ্টাৰ গিয়েৰ লাগিব?
'এটা উমাল জেকেট লাগিব।' টিগানে তপৰাই কোৱাদি ক'লে।
'আছেতো!'
'আঠুলৈকে পৰা? -৫০ ডিগ্ৰীতো উম দিব পৰা?'
-৫০ ডিগ্ৰী!! মই মূৰ জোকাৰিলোঁ। তাই কৈ গ'ল,
'বুটজোতাও লাগিব। একেই। -৫০ ডিগ্ৰীৰ কাৰণে বিশেষভাৱে নিৰ্মিত।'
মেটে যোগ দিলে, 'থাৰ্মেল ৱেৰ, ঊলৰ টুপী, মাফলাৰ, মোজা, গ্ল'ভছ, মিটেন...'
'মিটেন কিয়?'
দুয়ো হাঁহিলে। হয়তো মোৰ অনভিজ্ঞতা দেখি অকণমান পুতৌও উপজিল।
টিগানে সহানুভূতি সনা সুৰ এটাৰে ক'লে,' কেৱল হাত মোজাৰে ইয়াত ঠাণ্ডা নুগুচে। তাৰ ওপৰত আকৌ মিটেন পিন্ধিব লগা হয়। মিটেনত হাতৰ আঙুলীবোৰ একেলগে থাকে কাৰণে উমো বেছি।'
'গোটেইবোৰ ফ্লিচ লাইনড হ'ব লাগিব দেই। তাৰ পিছতো ঠাণ্ডা লাগি থাকিলে হেণ্ড আৰু ফুট ৱাৰ্মাৰো লাগিব।' মেটে তাৰ ভৰিৰ পায়জামা কোঁচাই তাৰ তলত পিন্ধি থকা ফ্লিচ লাইনড থাৰ্মেল পেণ্ট দেখুৱালে।
ভিতৰি মোৰ মনটো অলপ চমকি উঠিল। যোৱা দহ বছৰ মান ঠাণ্ডা দেশতে কটাইছোঁ। মেট আৰু টিগানৰ সৈতেই চাৰিটা বছৰ ইংলেণ্ডত আছিলোঁ। কেতিয়াও এনেদৰে শীতৰ বাবে যা-যোগাৰ কৰা মনত নপৰে।
'ইংলেণ্ডৰ লগত ইয়াৰ শীতকাল নিমিলে দেই। ভেনকুভাৰ আৰু এডমণ্টনৰ বতৰৰো আকাশ-পাতাল পাৰ্থক্য।' টিগানে যেন মোৰ মনৰ ভাৱ বুজিয়ে ক'লে।
'সেইবোৰ ঠাইত বছৰত কেইটামান দিন মাথোঁ বৰফ পৰে। এডমণ্টনত পাঁচ-ছমাহলৈ বৰফৰ দলিচা নাঁতৰে।'
মোৰ শুকাই যোৱা মুখখন দেখিয়ে কিজানি মেটে ক'লে,
'লাহে লাহে ইয়াৰ বতৰতো অভ্যস্ত হৈ পৰিবা। বৰফ থকা দিনবোৰতো বাহিৰত বহুত খেল খেলিব পাৰি। আমি আছোঁ নহয়। এইবাৰ একেলগে স্ফূৰ্ত্তি কৰিম।'
আমাৰ কথাবোৰ শুনি থকা কণমানি তিলে মাত দিলে,
'আমি একেলগে স্কেটিং কৰিম, স্কি কৰিম। তুমি মোক শ্লেডিঙ কৰাবা। কিমান স্ফূৰ্ত্তি লাগিব!'
তিল মেট আৰু টিগানৰ ছোৱালী। আঠবছৰীয়া তিলৰ মই অহাক লৈ উত্তেজনাৰ শেষ নাই। তাইৰ উৎসাহত সঁহাৰি দি হাঁহি হাঁহি ক'লোঁ, 'অঁ অঁ, কৰিম। কিয় নকৰিম!'
সিদিনা পিছে ঘৰলৈ উভতাৰ পৰত ভাৱিলোঁ, এইটো যেন সঁচাই এক নতুন জীৱন, এটা নতুন লাইফ ষ্টাইল। পাৰিমনে? জীৱনৰ এই নতুন ধৰণটো আপোন কৰি ল'ব পাৰিমনে? একো উত্তৰ নাপালো। কিন্তু সেইদিনাৰ পৰা সঁচাই শীতৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ ।
ফটো: এলবাৰ্টা প্ৰাউড গোট |
নৱেম্বৰ মাহৰ এটি সুকোমল পুৱা।
'তুমি ঠিকে আছানে? বৰফ দেখি চক খোৱা নাইতো?'
ৰাতিপুৱাই ফোনত তিলৰ উত্তেজনা ভৰা মাতটো ভাঁহি আহিল। কালি নিশা প্ৰথমবাৰৰ বাবে ইয়াত বৰফ পৰিল। শীতৰ আৰম্ভণি বুলি এডমণ্টনে যেন সকলোকে সোঁৱৰাই গ'ল।
খিৰিকীৰ পৰ্দা টানিয়ে দেখা পালোঁ, সকলো ফালে শুকুলা বৰফৰ দলিচা। লঠঙা গছৰ ডাল, বাট-পথ, আনকি মোৰ ঘৰৰ বাৰাণ্ডালৈকে বৰফ!
No comments:
Post a Comment