Friday, 31 January 2025

ৱিকিসংযোগ: মাতৃভাষাৰ হকে এদল নতুন যুঁজাৰু


কানাডাৰ এলবাৰ্টা প্ৰদেশৰ পশ্চিমীয়া চহৰ এডমন্টন। শৰতৰ ৰ’দঘাই ৰাতিপুৱা এটাত মই কফিৰ কাপ লৈ বহিছোঁ। মোৰ সন্মুখত ঘৰৰ চৌহদ পাৰ হৈ চুবুৰীৰ মূল পথটো। পথৰ দুয়োকাষে সুউচ্চ চেষ্টনাট গছৰ শাৰী। গছৰ পাতবোৰে লাহে লাহে সোণ-হালধীয়া বৰণ ল'বলৈ আৰম্ভ কৰিছে। কানাডাৰ এই প্ৰদেশত এতিয়া ৰূপান্তৰৰ অপূৰ্ব ঋতু আৰম্ভ হৈছে। বহাকোঠাৰ প্ৰকাণ্ড খিৰিকীৰে প্ৰকৃতিৰ সেই ৰূপ উপভোগ কৰি কৰি মই ফোনত চকু দিলোঁ। অন্যদিনাৰ দৰে প্ৰথমেই অসমীয়া ৱিকিমিডিয়া সমাজৰ হুৱাট্ছ‌চএপ গোটলৈকে চকু গ'ল। যোৱা কেইবছৰমান ধৰি এই গোটটোৱে অসমীয়া ৱিকি সমাজৰ সকলো ধৰণৰ সংযোগ ৰক্ষাৰ বাবে এক কেন্দ্ৰীয় মাধ্যমৰ ভূমিকা লৈছে। এই গোটতে সদস্যসকলে অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰে আৰু ৱিকিৰ বিভিন্ন কামত ইজনে সিজনৰ সৈতে সহযোগিতা কৰে। অসমৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰে মোৰ বাবেও অসমীয়া ৱিকি সমাজৰ সক্ৰিয় সদস্যা হৈ ৰোৱাৰ বাবে গোটটো এক অপৰিহাৰ্য মাধ্যমত পৰিণত হৈছে।

সেই ৰাতিপুৱা দেখা পালোঁ, গোটত অসমীয়া ৱিকিৰ সীমিত সক্ৰিয় সদস্যৰ বিষয়ে এটা আলোচনা চলি আছে। যোৱা কেইবছৰত অসমীয়া ৱিকি সমাজত সক্ৰিয়তা যথেষ্ট বাঢ়িছে- সেইমতে বিভিন্ন প্ৰকল্প আৰু আঁচনিও হাতত লোৱা হৈছে। ৱিকিৰ এই বিভিন্ন প্ৰকল্পসমূহ যেনে ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিমিডিয়া কমন্স, আৰু ৱিকিডাটা - ত সমল বঢ়োৱাৰ বাবে আমি অহৰহ চেষ্টা চলাই আহিছোঁ। তাৰোপৰি প্ৰতিমাহে মাহটোৰ অগ্ৰগতিৰ খতিয়ানেৰে ৱিকিপত্ৰিকা নামেৰে এখন মাহেকীয়া পত্ৰিকা প্ৰকাশ কৰা হৈছে আৰু প্ৰতিমাহৰ প্ৰথম দেওবাৰটোত  অনলাইন মাহিলী সভা নিয়মীয়াকৈ অনুষ্ঠিত হৈ আহিছে। ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন অনলাইন আৰু অফলাইন অনুষ্ঠান আৰু কৰ্মশালাৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানসমূহে নতুন সদস্যক ৱিকিৰ প্ৰতি আগ্ৰহী কৰাত সহায় কৰিছে যদিও উদ্যমেৰে অৱদান আগবঢ়োৱা সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি হ'বলৈ এতিয়াও বহু বাকী। 

অসমীয়া ৱিকিমিডিয়া সমাজৰ হোৱাট্ছ‌এপ গোটত হোৱা আলোচনাই মোৰ মনত এটা ধাৰণা জগাই তুলিলে। আমি জানোঁ যে অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্প আৰু অসমীয়া ভাষাৰ বাবে এই প্ৰকল্পসমূহৰ গুৰুত্বৰ বিষয়ে বহুতে এতিয়াও ভালদৰে গম নাপায়। অসমীয়া ৱিকিৰ বিষয়ে জানিলেও বা এই প্ৰকল্পবোৰত কাম কৰিবলৈ আগ্ৰহী হ'লেও কেনেকৈ আগবাঢ়িব সেইবিষয়ে বহুতে নাজানে। লগতে দৈনন্দিন ব্যস্ততাত এইক্ষেত্ৰত নিজা উদ্যোগ লৈ কিবা এটা কৰিবলৈ হয়তো বহুতৰে সময়-সুবিধা নহয়গৈ। এইক্ষেত্ৰত নতুন সদস্যসকলক প্ৰয়োজন অনুসাৰে পথ প্ৰদৰ্শন কৰিবলৈ আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ এক সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ দৰকাৰ।  এদিনীয়া কৰ্মশালা বা অনুষ্ঠান সমূহ ৱিকিৰ সৈতে পৰিচিত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু নতুন আৰু আগ্ৰহী সদস্যসকলে  নিসংকোচে ৱিকি সম্পৰ্কীয় প্ৰশ্ন বা অসুবিধাবোৰ সুধি-বুজি ল'বলৈ কিছু দীঘলীয়া সময় আৰু অধিক সহায়-সহযোগিতাৰ প্ৰয়োজন।

শেহতীয়াকৈ  কেইবাগৰাকী অভিজ্ঞ সদস্যই ব্যক্তিগত উদ্যোগত নতুন সদস্যক শিকাই-বুজাই ৱিকিৰ বিভিন্ন প্ৰকল্পত সক্ৰিয় কৰি তোলা দেখি মোৰ বাবে এই ধাৰণাটো অধিক দৃঢ় হৈ পৰিল। এই প্ৰক্ৰিয়াটোকে কিছু পৰিকল্পনাৰে এটা প্ৰণালীবদ্ধ আৰু দলীয় ৰূপ দিব নোৱাৰিনে? কেৱল ৱিকিৰ প্ৰকল্পৰ সৈতে চিনাকি কৰাতেই সীমাবদ্ধ নাথাকি  অভিজ্ঞ সদস্যই নতুন সদস্যৰ বাবে ৱিকিত পথ-প্ৰদৰ্শকৰ ভূমিকা ল'ব পাৰে। এই প্ৰক্ৰিয়াই নতুন আৰু অভিজ্ঞ সদস্যৰ মাজত এক সহযোগিতাৰ বাতাবৰণ সৃষ্টি কৰাতো বৰঙণি যোগাব। 

সেই উৎসাহতে অসমীয়া ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত অসমীয়া ৱিকিৰ মেণ্টৰশ্বিপ প্ৰকল্প ৱিকিসংযোগৰ প্ৰস্তাৱ দিলোঁ।এই পদক্ষেপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ অভিজ্ঞ আৰু সক্ৰিয় সদস্যসকলে নতুন সদস্যক দিহা-পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দি ৱিকিত সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিব।  ইয়াৰ দ্বাৰা নতুন আৰু অভিজ্ঞ সদস্যৰ পাৰস্পৰিক সহায়-সহযোগিতাকে ভেঁটি কৰি অসমীয়া ৱিকিৰ প্ৰকল্পসমূহত সক্ৰিয়তা বৃদ্ধি কৰা আৰু অসমীয়া ৱিকি সমাজক অধিক শক্তিশালী কৰি তোলাৰ চেষ্টা কৰা হ'ব।

অসমীয়া ৱিকিমিডিয়া সমাজে অতি উৎসাহেৰে এই প্ৰস্তাৱক আঁকোৱালি ল'লে। কেইবাগৰাকী অভিজ্ঞ ৱিকিমিডিয়ান মেণ্টৰৰ ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিল আৰু পৰৱৰ্ত্তী দিনবোৰত এই তালিকাত অধিক নাম যোগ হ'বলৈ ধৰিলে। মই এই প্ৰকল্পৰ পৰিচালক হিচাপে নেতৃত্ব ল'লোঁ আৰু দুগৰাকী সক্ৰিয় ৱিকিমিডিয়ান দিব্য দত্ত আৰু ঈশান জ্যোতি বৰাই সমন্বয়কৰ গুৰু দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈকে মেণ্টৰশ্বিপৰ সময়সীমা বান্ধি দিয়া হ'ল, যাতে সময়ে সময়ে এই প্ৰকল্পৰ কাৰ্যকাৰিতা নিৰ্ধাৰণ কৰিব পৰা যায়। ছেপ্টেম্বৰ মাহত বিভিন্ন মাধ্যমৰ জৰিয়তে এই প্ৰকল্পৰ প্ৰচাৰ কৰি অসমীয়া ৱিকিত কাম কৰিবলৈ আগ্ৰহী যিকোনো অসমীয়াক মেণ্টিৰূপে অংশ ল'বলৈ আহ্বান জনোৱা হ'ল। এই প্ৰকল্পত অংশগ্ৰহণৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই বা কোনোধৰণৰ শিক্ষাগত অৰ্হতা, বয়স, ঠাই বা সময়ৰো বাধ্যবাধকতা নাই। পৃথিৱীৰ যিকোনো ঠাইৰ পৰা যিকোনো অসমীয়াই এই প্ৰকল্পত অংশ লৈ নিজৰ সময়-সুবিধা অনুযায়ী ৱিকিৰ কাম শিকিব পাৰে।মাথোঁ প্ৰয়োজন অসমীয়া ভাষাৰ বাবে স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ আগ্ৰহ। যিহেতু মেণ্টৰ আৰু মেণ্টিৰ সম্পৰ্কই এই প্ৰকল্পৰ সফলতা নিৰ্ণয় কৰিব, সেয়ে সকলো মেণ্টৰক মেণ্টি নিৰ্বাচন কৰাৰ আগেয়ে ব্যক্তিগতভাৱে চা-চিনাকি হৈ কথা-বতৰা পাতিবলৈ অনুৰোধ কৰিলোঁ। সম্ভাব্য মেণ্টিগৰাকী ৱিকিৰ কামত কিয় আগ্ৰহী, কোন প্ৰকল্পত আগ্ৰহী, কিমান সময় দিব পাৰিব বা কেনে সহায়ৰ দৰকাৰ সকলোখিনি জানি ল'লে মেণ্টৰে সেইমতে সহায়-দিহা-পৰামৰ্শ আগবঢ়াবলৈ সক্ষম হ'ব।

ৱিকিসংযোগ প্ৰকল্পই অসমীয়া ৰাইজৰ পৰাও বিপুল সঁহাৰি পালে।  ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ শেষলৈ মুঠ ১৮ গৰাকী মেণ্টৰ আৰু ৫৮ গৰাকী নতুন মেণ্টিয়ে এই প্ৰকল্পত যোগ দিলে। অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰত আৰু বিদেশ (কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ)ৰ পৰাও কেইবাগৰাকী মেণ্টৰ আৰু মেণ্টিয়ে অংশগ্ৰহণ কৰিলে। ইয়াৰে কেইবাগৰাকী মেণ্টৰে অন্য অভিজ্ঞ মেণ্টৰৰ মেণ্টি হিচাপেও নিজৰ নাম যোগ দিলে। সেয়া দেখি আকৌ এবাৰ মোৰ উপলব্ধি হ'ল, ৱিকিত সঁচায়ে শিকাৰ শেষ নাই, পাৰস্পৰিক সহায়-সহযোগিতাৰো সীমা নাই!

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত এখন অনলাইন উদ্বোধনী সভাৰে ৱিকিসংযোগ প্ৰকল্পৰ শুভাৰম্ভণি হ'ল। সেই সভাত নতুন সদস্য সকলৰ নিভাঁজ বক্তব্যই আমাৰ মন চুই গ'ল।  ডিজিটেল পৃথিৱীত মাতৃভাষাটো প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ আগ্ৰহ আৰু আন্তৰিকতাই সকলোকে নতুনকৈ প্ৰেৰণা যোগালে।  

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত ৱিকিসংযোগৰ উদ্বোধনী সভাত অংশগ্ৰহণকাৰীসকলৰ একাংশ
চিত্ৰ: ঈশান জ্যোতি বৰা

তাৰ পিছৰ তিনিমাহত নতুন সদস্যসকলে যেন অসমীয়া ৱিকিমিডিয়া সমাজলৈ এক অপূৰ্ব জোৱাৰ আনি দিলে! এডমন্টনত মোৰ বাবে বেছিভাগ ৰাতিপুৱা আৰম্ভ হ'ল মেণ্টৰ আৰু মেণ্টিৰ ৱিকিৰ কাম-কাজ সম্পৰ্কীয় বিভিন্ন বাৰ্তাৰে। প্ৰতিগৰাকী মেণ্টৰে নিজা পদ্ধতিৰে মেণ্টিসকলক ৱিকিৰ আদি পাঠ দিলে। কিছু মেণ্টৰে অনলাইন পাঠ কৰি হাতে-কামে বিভিন্ন প্ৰকল্পৰ কাম দেখুৱাই দিলে, অন্য কিছুৱে মেণ্টিৰ প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়ালে। আৰম্ভ হ'ল মেণ্টৰ-মেণ্টিৰ বিভিন্ন প্ৰশিক্ষণ গোট-  যেনে ‘লগে ভাগে ৱিকি’ আৰু ‘ৱিকি আড্ডা’ ইত্যাদি। লগতে আমি ৱিকিসংযোগৰ বাবে পৃথককৈ এটা হোৱাট্ছ‌এপ গঠন কৰিলোঁ যাতে সকলোৱে তাত গুৰুত্বপূৰ্ণ তথ্য ভাগ-বতৰা কৰিব পাৰে আৰু নিয়মীয়াকৈ মুকলি অনলাইন পাঠ অনুষ্ঠিত কৰিব পাৰে।

ৱিকিসংযোগ প্ৰকল্পৰ সময়ছোৱাত অসমীয়া ৱিকিমিডিয়া সমাজৰ উদ্যোগত বিভিন্ন সম্পাদনা মেলাও অনুষ্ঠিত হ'ল, যেনে- ৱিকিপিডিয়াত এছিয়া সম্পৰ্কীয় প্ৰবন্ধ আৰু তথ্য বৃদ্ধি কৰিবলৈ এছিয়ান মাহ ২০২৪ এডিটাথন, ৱিকিপিডিয়াৰ চমূ প্ৰবন্ধসমূহ উন্নত কৰিবলৈ পোখালি বিস্তাৰ মেলা আৰু মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎসত কপিৰাইটমুক্ত গ্ৰন্থৰ বৈধকৰণৰ বাবে  প্ৰুফৰিডাথন আদি। এই সকলোবোৰ প্ৰতিযোগিতাত মেণ্টিসকলে উদ্যমেৰে যোগদান কৰিলে আৰু বিভিন্ন প্ৰকল্পত সক্ৰিয় অৱদান আগবঢ়ালে। তাৰোপৰি ৱিকিসংযোগৰ প্ৰথম মাহতে এগৰাকী মেণ্টিয়ে এহেজাৰৰ অধিক সম্পাদনাৰে এক নতুন অভিলেখ গঢ়িলে। 

প্ৰকল্পৰ সামৰণিত  মুঠ ৫৮ গৰাকী নতুন সদস্যৰ ভিতৰত ছগৰাকী মেণ্টিয়ে ১০০০+, আঠগৰাকীয়ে ১০০+, ১৩ গৰাকীয়ে ১০+ আৰু বাকী ১১ গৰাকীয়ে ১+ টা সম্পাদনা কৰি ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ালে। প্ৰকল্পৰ শেষ দিনটোলৈকে সকলো মেণ্টিৰ সৰ্বমুঠ সম্পাদনা হ'লগৈ ১৯,৭৬৭ টা। ইয়াৰ ভিতৰত সৰ্বোচ্চ সম্পাদনাৰে প্ৰথম তিনিটা স্থান পোৱা মেণ্টিসকল হৈছে কুমুদ ঘোষ (৪,৯৭৬ টা সম্পাদনা; মেণ্টৰ: প্ৰণামিকা অধিকাৰী), পাপৰি বৰা (৩,৯৫২ টা; মেণ্টৰ: জলি ৰুমী) আৰু নৰুনা বৰুৱা (২,৭৮৩ টা; মেণ্টৰ: ৰুমী বৰা)। তাৰোপৰি এই প্ৰকল্পৰ অধীনত অসমীয়া ৱিকিপিডিয়াত কুমুদ ঘোষে সৰ্বমুঠ ৯১ টা, নৰুনা বৰুৱাই ৭০ টা আৰু দীপাংকৰ দাস (মেণ্টৰ: বাবুল বৈশ্য)-এ ৪৬ টা নতুন প্ৰবন্ধ সৃষ্টি কৰে। তেনেদৰে ৱিকিউৎসত সৰ্বোচ্চ সম্পাদনা কৰা প্ৰথম তিনিগৰাকী মেণ্টি হৈছে হিমাশ্ৰী বৰা (৭৯৪ টা; মেণ্টৰ: দিব্য দত্ত), সুস্মিতা লেখাৰু (৬৪৬ টা; মেণ্টৰ: ৰুমী বৰা) আৰু অঞ্জুমণি শইকীয়া (৩৭০ টা; মেণ্টৰ: জলি ৰুমী)। এই পৰিসংখ্যাই আমাক আকৌ এবাৰ সোঁৱৰাই গ'ল- ৰাইজে নখ জোকাৰিলে সঁচায়ে নৈ বয়!

ৱিকিসংযোগ প্ৰকল্পৰ খতিয়ান

তিনিমাহৰ এই প্ৰেৰণাময় যাত্ৰাৰ শেষত ২০২৫ চনৰ ৫ জানুৱাৰীত অসমৰ গুৱাহাটীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্টত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনত ৱিকিসংযোগ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিল। অসমীয়া ৱিকিমিডিয়া সমাজ আৰু CIS-A2Kৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰিলে সক্ৰিয় ৱিকিমিডিয়ান আৰু মেণ্টৰ ঈশান জ্যোতি বৰা আৰু নয়ন জ্যোতি নাথে। এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মেণ্টৰ আৰু মেণ্টি সকলে মুখামুখিকৈ লগ হ'ল আৰু ৱিকিসংযোগৰ অভিজ্ঞতাৰ ভাগ-বতৰা কৰাৰ সুযোগ পালে। এই সন্মিলনতে অসমীয়া ৱিকিউৎস আৰু অসমীয়া ৱিকিউদ্ধৃতিৰ বৰ্ষপূৰ্তিও উদযাপন কৰা হ'ল৷ 

প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনত মেণ্টৰ আৰু মেণ্টিৰ হাতে-কামে ৱিকি
চিত্ৰ: নয়ন জ্যোতি নাথ

প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন বিপুল উৎসাহ-উদ্যম আৰু সফলতাৰে সম্পন্ন হৈ গ'ল। মেণ্টৰ আৰু মেণ্টিসকলে অসমীয়া ৱিকিত তেওঁলোকৰ কাম আৰু অভিজ্ঞতাৰ কথা পাতিলে, হাতে-কামে ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ালে। তাৰোপৰি ৱিকিসংযোগৰ বিভিন্ন প্ৰকল্পত অৱদানৰ ভিত্তিত মেণ্টিসকলক পদক প্ৰদান কৰা হ'ল। এই অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল প্ৰথমবাৰৰ বাবে আগবঢ়োৱা 'বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা'। ২০২৪ বৰ্ষত অসমীয়া ৱিকিলৈ আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ অৱদানৰ বাবে এই বঁটা লাভ কৰে সক্ৰিয় ৱিকিমিডিয়ান জ্যোতি চিৰিঙে। 

২০২৫ বৰ্ষত ৫ জানুৱাৰীত গুৱাহাটিত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনৰ অংশগ্ৰহণকাৰী সকল
চিত্ৰ: গীতাৰ্থ বৰদলৈ

ৱিকিসংযোগ প্ৰকল্পৰ যোগেদি যোৱা তিনিটা মাহত ৱিকিৰ প্ৰতি আগ্ৰহী ভালেসংখ্যক অসমীয়াৰ সৈতে আমি কথা পাতিলোঁ, লগে-ভাগে বহু কাম কৰিলোঁ আৰু মাতৃভাষাৰ হকে হাতে-কামে লাগিবলৈ সাজু এদল নতুন যুঁজাৰুক অসমীয়া ৱিকি পৰিয়াললৈ আদৰি আনিলোঁ। দৈনন্দিন ব্যস্ততাৰ মাজতো মেণ্টৰসকলে প্ৰতিটো খোজতে মেণ্টিসকলক সহায় কৰিবলৈ যেনেদৰে নিজৰ সময় আৰু প্ৰচেষ্টা আগবঢ়ালে আৰু মেণ্টিসকলে যি নিষ্ঠা আৰু উদ্যমেৰে ৱিকিৰ বিভিন্ন কাম শিকিলে- সেয়া সঁচাই প্ৰেৰণাদায়ক আছিল। মেণ্টি আৰু মেণ্টৰৰ যোগাযোগৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আমি 'ৱিকি মুকলি পাঠ' নামেৰে প্ৰতিমাহে এক নিয়মীয়া অনলাইন প্ৰশিক্ষণৰো আয়োজন কৰিছোঁ।

ব্যক্তিগতভাৱে, এই প্ৰকল্পই মোক পুনৰ এবাৰ সোঁৱৰাই গ'ল বয়স, ঠাই, কৰ্মক্ষেত্ৰ সকলো দেও দি কেনেকৈ অসমীয়া ৱিকিয়ে আমাক সকলোকে এডাল একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এই ডোলদাল হ'ল মাতৃভাষাটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ হেঁপাহটো। ৱিকিসংযোগৰ সময়ছোৱাত সেই হেঁপাহৰ বহুতো সৰু-বৰ চানেকিয়ে মোক অনুপ্ৰাণিত কৰি গ'ল। মোৰ মেণ্টি পাপৰি বৰাই এদিন অনলাইন পাঠত যোগ দিলে ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা এক ভিতৰুৱা গাঁৱৰ পৰা; মেণ্টি কুমুদ ঘোষে চিকিৎসালয়ৰ পৰা ৱিকিৰ মাহেকীয়া সভাৰ আলোচনাত ভাগ ল'লে; মেণ্টি সুস্মিতা লেখাৰু আৰু তেওঁৰ মেণ্টৰ ৰুমী বৰা (আৰু লগতে মোৰ মা!) মাজনিশালৈকে ৱিকিৰ কাম-কাজ শিকি থকাৰ কথা শুনিলোঁ- এই সকলোবোৰ কোনো ব্যক্তিগত লাভালাভ আশা নকৰাকৈ কেৱল নিজৰ মাতৃভাষাটোৰ বাবে হাতে-কামে লাগিব বিচৰা প্ৰকৃত অসমীয়াৰ আবেগৰ চিন!

ৱিকিসংযোগ প্ৰকল্পৰ এই যাত্ৰাই মোক অসমীয়া ৱিকিমিডিয়া সমাজৰ সদস্য আৰু অসমীয়া ৱিকিমিডিয়ান হিচাপে আকৌ এবাৰ গৌৰৱান্বিত কৰি গ'ল। এই ছেগতে প্ৰকল্পটোত জড়িত থকা সকলো মেণ্টৰ আৰু মেণ্টিলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া এডমণ্টনক বৰফৰ শুধ বগা চাদৰ এখনে আৱৰি পেলাইছে। প্ৰতিটো ৰাতিপুৱা মই একেদৰেই কফি কাপ লৈ  অসমীয়া ৱিকি গোটৰ আলোচনা চাইছোঁ আৰু আগতকৈও আশাবাদী হৈ উঠিছোঁ। মোৰ আশা, অসমীয়া ৱিকিমিডিয়া সমাজ চিৰসেউজ হৈ ৰ'ৱ—  নতুন আৰু অভিজ্ঞ ৱিকিমিডিয়ান সকলোৱে ভৱিষ্যতেও লগে-ভাগে আৰু একেই উদ্যম আৰু আন্তৰিকতাৰে মাতৃভাষাৰ হকে অৱদান আগবঢ়াই যাব।

To read the article in English, click here.