ফাকিম গাঁৱৰ দৰেই উত্তৰ-পূবৰ জীৱনধাৰা ঘড়ীৰ সময়তকৈ সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে অধিক সংযোজিত হৈ আহিছে। ভাৰতৰ অন্য ঠাইতকৈ বহু আগতেই সাধাৰণতে উত্তৰ-পূবত দৈনন্দিন জীৱন আৰম্ভ হয়। কাৰণ উত্তৰ-পূব আৰু পশ্চিম ভাৰতৰ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ যথেষ্ট পাৰ্থক্য আছে। তথাপি সমগ্ৰ দেশখনে একে সময় অৰ্থাৎ ভাৰতীয় মান সময় (Indian Standard Time) অনুসৰণ কৰে। এইখিনিতে মনলৈ আহে সময়-মণ্ডলী বা টাইম জ'নৰ প্ৰসংগটো।
সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে দৈনন্দিন জীৱন খাপ খুৱাই লোৱাৰ উদেশ্যেৰেই সময়-মণ্ডলীৰ ধাৰণাটো সৃষ্টি হৈছে। আমি সকলোৱে জানোঁ, পৃথিৱীৰ আৱৰ্তনৰ লগে লগে ভিন্ন ঠাইত ভিন্ন সময়ত সূৰ্যৰ পোহৰ পৰে। সেইবাবেই অসমৰ পুৱা পৃথিৱীৰ সিমূৰত থকা আমেৰিকাত নিশা হয়। সমগ্ৰ পৃথিৱীখনক ৩৬০ ডিগ্ৰী ৰেখাংশৰে বিভক্ত কৰি সময় মণ্ডলীৰ হিচাপ কৰা হয়।পৃথিৱীয়ে যিহেতু ২৪ ঘণ্টাত এটা আৱৰ্তন সম্পূৰ্ণ কৰে, সেয়ে প্ৰতি ১৫ ডিগ্ৰী ৰেখাংশই প্ৰায় এক ঘণ্টা সময়ৰ পাৰ্থক্য সৃষ্টি কৰে। যিমান পূৱলৈ যাব, সময় আগবাঢ়ে আৰু পশ্চিমলৈ গ’লে সময় সিমানে পিছলৈ যায়।
![]() |
| সমন্বিত সাৰ্বজনীন সময় (Coordinated Universal Time – UTC)ৰ তুলনাত পৃথিৱীৰ বিভিন্ন দেশৰ সময়-মণ্ডলী। মানচিত্ৰৰ তলত দিয়া সংখ্যাবোৰে প্ৰতিটো অঞ্চল সমন্বিত সাৰ্বজনীন সময়তকৈ কিমান ঘণ্টা আগত (ঋণাত্মক চিহ্ন) বা পিছত (ধনাত্মক চিহ্ন) অৱস্থিত সেয়া দেখুৱাইছে। (উৎস) |
ভাৰতীয় মান সময় (Indian Standard Time, IST) ৮২.৫ ডিগ্ৰী পূৱ ৰেখাংশৰ ওপৰত নিৰ্ধাৰিত (UTC + 5:30)। এই ৰেখাংশ উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজৰ মাজেদি গৈছে। কিন্তু ভাৰতৰ পূৱ-পশ্চিম দিশৰ বিস্তৃতি প্ৰায় ৩ হাজাৰ কিলোমিটাৰৰো অধিক। সময়-মণ্ডলীৰ হিচাপত এই পাৰ্থক্য প্ৰায় ৩০ ডিগ্ৰী ৰেখাংশ। সেইবাবেই উত্তৰ-পূবৰ নাগালেণ্ড আৰু গুজৰাটৰ সূৰ্যোদয়ৰ সময়ৰ মাজত প্ৰায় দুঘণ্টাৰ পাৰ্থক্য।তেন্তে সমগ্ৰ দেশখনে এটা মাত্ৰ সময় অনুসৰণ কৰাটো কিমান যুক্তিপূৰ্ণ?
উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত এই প্ৰশ্নটো বহুদিনৰ পৰা উত্থাপিত হৈ আহিছে। সেই প্ৰশ্নৰ পৰাই জন্ম লৈছে উত্তৰ-পূব ভাৰতৰ বাবে এক বিশেষ সময় মণ্ডলী পাটকাই সময়ৰ প্ৰস্তাৱ।পোনপ্ৰথমে পাটকাই সময়ৰ প্ৰস্তাৱ উত্থাপন কৰা ব্যক্তিগৰাকী হ'ল প্ৰসিদ্ধ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা। ১৯৭৬ চনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) ত বিজ্ঞানীৰূপে কৰ্মৰত হৈ থকা কালতে তেওঁ এই প্ৰস্তাৱ দিছিল। ইয়াৰ সপক্ষে তেওঁ চাহ বাগান সময়ৰ উদাহৰণ দাঙি ধৰিছিল। স্থানীয় জীৱনৰ সৈতে খাপ খুৱাই ল'বলৈ ব্ৰিটিছ শাসনকালতে অসমৰ চাহ বাগিচাসমূহত এই চাহ বাগান সময় (Chai Bagan Time) ব্যৱহাৰ কৰা হৈছিল। এই সময় ভাৰতীয় মান সময়তকৈ প্ৰায় এঘণ্টা আগবঢ়া আছিল। সেই ব্যৱস্থা ব্যৱহাৰিকভাৱে সফল হৈছিল কিন্তু এই প্ৰথা স্বাধীনতাৰ পিছত লুপ্ত হৈ পৰিল। লগতে দশকজোৰা প্ৰচেষ্টাৰ পিছতো জাহ্নু বৰুৱাৰ পাটকাই সময়ৰ প্ৰস্তাৱ এতিয়াও এক অলীক সপোন হৈয়ে ৰৈছে।
![]() |
| জাহ্নু বৰুৱা; ফটো: বিষ্ণু শইকীয়া |
পাটকাই সময় কেৱল জীৱনধাৰাৰ দাবী নহয়—এইটো শক্তি সংৰক্ষণ আৰু অৰ্থনৈতিক দক্ষতাৰ প্ৰশ্ন। বৰ্তমান সময় অনুসৰি ভাৰতৰ বাকী অংশত মানুহ শুই থকা সময়তেই উত্তৰ পূবত ধলফাট দিয়ে। কিন্তু ভাৰতীয় মান সময়মতে কাৰ্যালয় আৰম্ভ হয় পুৱা দহ বজাত—তেতিয়া স্থানীয় সময় অনুসাৰে প্ৰায় দুপৰ হয়গৈ।ফলত মূল্যবান প্ৰাকৃতিক পোহৰৰ সদ্ব্যৱহাৰ নহয়। আনহাতে সন্ধিয়া পাঁচ বা ছয়বজাতে আন্ধাৰ নামি আহে। ফলত বিদ্যুৎ আৰু শক্তিৰ অপচয় হয়। বহুতে আনকি উত্তৰ-পূবৰ দুৰ্বল কৰ্মসংস্কৃতিৰো গুৰিতে এই সময়ৰ পাৰ্থক্যই হ্ৰাস কৰা উৎপাদনশীলতা বা কৰ্মক্ষমতা বুলি ক'ব খোজে।
আমাৰ অজানিতেই সময়-মণ্ডলীৰ অসমতাই স্বাস্থ্যতো প্ৰভাৱ পেলায়। কাৰণ আমাৰ দেহঘড়ী (Body Clock) সূৰ্যৰ প্ৰাকৃতিক গতিৰ সৈতে ওত:প্ৰোতভাৱে সংযোজিত। গৱেষণাই দেখুৱাইছে যে ঘড়ীৰ সময় আৰু প্ৰাকৃতিক সময়ৰ সামঞ্জস্য নাথাকিলে মানুহৰ টোপনি ভাল নহয়। উত্তৰ-পূবৰ স্থানীয় সময় ভাৰতীয় মান সময়তকৈ প্ৰায় দুঘণ্টা আগবঢ়া হ'লেও আমি ভাৰতীয় মান সময় মানি দৈনন্দিন কাম-কাজ চলাই নিওঁ। অফিচ-কাৰ্যালয় পুৱা দহ বজাত আৰম্ভ হোৱাৰ বাবে আমি যদি নবজাত ৰাতিপুৱাৰ আহাৰ খাওঁ, সেয়া প্ৰকৃততে স্থানীয় সময় অনুসাৰে প্ৰায় দুপৰ হ’বৰ হয়। তেনেদৰে নিশা দহবজাত ৰাতিৰ ভাতসাঁজ খোৱা মানে উত্তৰ-পূবত প্ৰায় মাজনিশা। এনে দীর্ঘদিনীয়া অসামঞ্জস্যতাই শাৰীৰিক আৰু মানসিক দুয়ো দিশতে হানি কৰিব পাৰে।
জাহ্নু বৰুৱাৰ মতে ভাৰতৰ অন্য ঠাইৰ তুলনাত উত্তৰ-পূবৰ প্ৰাকৃতিক সময়ৰ দুঘণ্টা পাৰ্থক্যৰ প্ৰভাৱ সুদুৰপ্ৰসাৰী। কাৰণ প্ৰতিদিনে যদি আমি কেৱল ছঘণ্টা উৎপাদনশীল সময় পাওঁ, তেন্তে স্বাধীনতাৰ পিছৰে পৰা ভাৰতীয় মান সময় অনুসৰণ কৰাৰ ফলত উত্তৰ-পূবে উৎপাদনশীলতাৰ ক্ষেত্ৰত ইতিমধ্যে ২৫ বছৰৰো অধিক সময় হেৰুৱাইছে। তাৰ পৰিৱৰ্তে, পশ্চিম ভাৰতৰ মানুহে দিনৰ পোহৰ অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰে। ফলত এই অঞ্চলসমূহ অধিক উৎপাদনশীল আৰু সমৃদ্ধ হয়। এয়াও উত্তৰ-পূবৰ ক্ষেত্ৰত এক “অদৃশ্য অসমতা” নহয়নে?
পাটকাই সময়ৰ প্ৰস্তাৱ মাজে সময়ে উত্থাপিত হৈ আহিছে যদিও এয়া এতিয়াও এক অলীক সপোন হৈ ৰৈছে। ২০১৪ চনত অসমৰ সেইসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উত্তৰ-পূবৰ বাবে পৃথক সময়-মণ্ডলীৰ প্ৰস্তাৱ আগবঢ়াইছিল। গগৈৰ সমৰ্থন জনাইছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডয়েও। পৰৱৰ্তী সময়ত অসমৰ বিজেপি চৰকাৰে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আগত উত্থাপন কৰিছিল।কেন্দ্ৰীয় চৰকাৰে পৃথক সময়-মণ্ডলীৰ সম্ভাৱনা পৰ্যালোচনাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (Department of Science and Technology)ৰ নেতৃত্বত এটা অধ্যয়ন সম্পন্ন কৰিছিল। এই অধ্যয়নৰ লক্ষ্য আছিল দেশত দুটা পৃথক সময়-মণ্ডলী থাকিলে শক্তি সঞ্চয়ৰ সম্ভাৱনা কেনে সেয়া বিচাৰি কৰি চোৱা। কিন্তু এই অধ্যয়নৰ পূৰ্বেই ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উত্তৰ-পূবৰ বাবে পৃথক সময়-মণ্ডলী স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ দাবীত দাখিল কৰা এক জনস্বাৰ্থ জড়িত আবেদন (PIL) খাৰিজ কৰে। কেন্দ্ৰীয় চৰকাৰে আদালতত জনায় যে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ এখন উচ্চস্তৰীয় সমিতিয়ে এই বিষয়টো ইতিমধ্যে পৰ্যালোচনা কৰিছে, আৰু সমিতিয়ে সমগ্ৰ দেশত একক আৰু অভিন্ন মান সময় অব্যাহত ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে।
বহুতে একাধিক সময়-মণ্ডলী থাকিলে বিভ্ৰান্তি বা ৰাষ্ট্ৰীয় একতাৰ ক্ষতি হোৱাৰ আশংকা প্ৰকাশ কৰে। কিন্তু আজিৰ এই আধুনিক প্ৰযুক্তিৰ এয়া কোনো অসাধ্য পদক্ষেপ নহয়। ৰেল, বিমান আৰু প্ৰশাসনিক ব্যৱস্থাত মান সময় মানি অন্য ক্ষেত্ৰত আঞ্চলিক সময় প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ প্ৰমাণ দিছে ভাৰততকৈও ভৌগোলিকভাৱে অধিক বিস্তৃত বিশ্বৰ বহু দেশে। উদাহৰণস্বৰূপে আমেৰিকাত বাৰটা আৰু ৰাছিয়াত এঘাৰটাকৈ পৃথক সময়-মণ্ডলী ব্যৱহাৰ হয়। গতিকে দেশৰ ভিন্ন অংশৰ লোকে সূৰ্যৰ প্ৰাকৃতিক সময় অনুসৰি নিজৰ দিন আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত পোহৰৰ সদ্ব্যৱহাৰ ভাল হয়, শক্তি সঞ্চয় হয় আৰু উৎপাদনশীলতাও বৃদ্ধি পায়। একাধিক সময় মণ্ডলী ব্যৱহাৰ কৰা বাবে এই দেশবোৰৰ বিমান সেৱা বা ৰাষ্ট্ৰীয় একতাৰ কোনো ঋণাত্মক প্ৰভাৱ পৰা নাই।
![]() |
| সময় মণ্ডলী- ঘড়ীৰ কাঁটা আৰু সূৰ্যৰ প্ৰাকৃতিক গতি |
আজি প্ৰায় এটা দশক ধৰি মই কানাডাৰ নিবাসী। ইয়াৰ গ্ৰীষ্মকালত দিন দীঘলীয়া (সোতৰ ঘণ্টা পৰ্যন্ত) আৰু শীতকালত দিন অতি চুটি।প্ৰতিবছৰে বসন্ত আহিলেই কানাডাত ঘড়ী আগুৱাই দিয়া হয়, আৰু শৰৎ কালত পুনৰ পিছুৱাই অনা হয়। এই ব্যৱস্থাক কোৱা হয় Daylight Saving Time (DST)। DSTৰ ফলত সন্ধিয়াত বেছি পোহৰ পোৱা যায়, মানুহে বাহিৰৰ কাম, খেলা-ধূলা, সামাজিক জীৱন উপভোগ কৰিব পাৰে। বিদ্যুৎ ব্যৱহাৰ অলপ হ’লেও কমে। গতিকে বছৰত দুবাৰ ঘড়ীৰ কাঁটা এঘণ্টা সলাই দি অনুভৱ কৰোঁ, সময় ব্যৱস্থা কঠোৰ হ’ব নালাগে। অঞ্চলভিত্তিক প্ৰয়োজন অনুসৰি সেয়া সলনি হ’ব পাৰে। সলনি কৰা টান আমাৰ কৌটিকলীয়া ধ্যান ধাৰণাবোৰহে।
পাটকাই পৰ্বতমালাৰ ফাকিম গাঁৱত এতিয়াও ঘড়ীৰ কাঁটাৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰি আৱৰ্তিত হয় দৈনন্দিন জীৱন। কিন্তু উত্তৰ-পূব ভাৰতৰ অন্য বহু ঠাইৰ দৈনন্দিন জীৱনৰ গুণগত মান ভাৰতীয় মান সময়ৰ ওপৰতে নিৰ্ভৰশীল। পাটকাই সময় কোনো আঞ্চলিক আবেগৰ ফল নহয়। এয়া এক ভৌগোলিক বাস্তৱ, বৈজ্ঞানিক আৰু ন্যায়সংগত দাবী।গতিকে পাটকাই সময় সম্ভৱ হয়নে নহয় সেয়া প্ৰশ্ন হৈ ৰোৱা নাই। মূল প্ৰশ্নটো হ’ল—অতবছৰে চলি অহা এই সময় বৈষম্য আৰু কিমান দিনলৈ উপেক্ষিত হৈ ৰ’ব? ভাৰতত কেতিয়ালৈ আধুনিক সময় বোধৰ উন্মেষ হ’ব?


