Saturday, 22 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (২)

পূৰ্বৰ খণ্ডত-

টকিঅ' মহানগৰীৰ আকাশী ৰূপ

জাপানৰ টকিঅ' মহানগৰীত প্ৰথম দিন। টকিঅ'ৰ নীলিম আকাশত মুঠি মুঠি ডাৱৰৰ লুকা-ভাকু খেলা চলিছে। কিন্তু আৰ্দ্ৰতা বেছি হোৱাৰ কাৰণেই কিজানি আজি যোৱা নিশাৰ দৰে ঠাণ্ডা পৰা নাই। পাতলীয়া জেকেট এটা পিন্ধিয়ে আবেলি দুইমান বজাত শ্বিবুয়া স্কাইলৈ বুলি ওলালোঁ। ব্যস্ত ৰাজপথৰ পদপথেৰে কাইল আৰু মই খোজ দিলোঁ। 

বাটৰ দুয়োকাষে শাৰী শাৰী গছ। শৰতৰ ৰং লাগি কিছুমান হালধীয়া হৈছে। প্ৰায়বোৰ এতিয়াও সেউজীয়া। এইবিধ টকিঅ'ৰ চৰকাৰী গছ বা ট্ৰী অব টকিঅ'- গিংক'। 

টকিঅ' মহানগৰীত গিংক' গছৰ শাৰী

'জানানে, এইবিধ গিংক'ৱেলিছ বৰ্গটোৰ একমাত্ৰ জীৱিত প্ৰজাতি। বহুহাজাৰ বছৰ পুৰণি প্ৰজাতি এইটো। এই পৰিয়ালৰ অন্য সকলো উদ্ভিদ এতিয়া জীৱাশ্ম ৰূপতহে পোৱা যায়। গিংক' এবিধ জীৱিত জীৱাশ্ম!'  হালি পৰা ডাল এটাৰ ত্ৰিভুজাকাৰ পাতখিলা চুই মই কাইলক ক'লোঁ। 

আচলতে গিংক' গছ দেখা পালেই মই এই কথাটো সকলোকে বৰ উৎসাহেৰে কওঁ। এইবাবে গিংক' দেখা পালেই মই উত্তেজিত হৈ পৰোঁ। ভাৱ হয়, হাজাৰ হাজাৰ বছৰ ধৰি এই গছজোপাই কিমান কি যে দেখিছে-শুনিছে; কত ইতিহাস ইয়াৰ বুকুত কিজানি সাঁচি ৰাখিছে!

কাইলে পাতখিলা চুই চালে। ত্ৰিভুজৰ দৰে পাতখিলাৰ দাঁতিৰ ঢৌবোৰ লাহেকৈ মোহাৰি দিলে। তাৰপিছত মূৰ দাঙি গোটেই গছজোপা তলৰ পৰা ওপৰলৈ চাই লৈ ক'লে,

'এইবিধ মই সদায় খোৱা গিংক' বিল'বা নেকি?'

কাইল পেছাগতভাৱে ইঞ্জিনিয়াৰ। জোখ-মাখ আৰু যন্ত্ৰৰ পৃথিৱীখনত সি অভ্যস্ত। প্ৰকৃতি-চৰাই-চিৰিকটি বা গছ-গছনিৰ বিষয়ে মইহে অনৰ্গল কৈ থাকোঁ। সেয়ে কাইলৰ মুখত গছজোপাৰ বৈজ্ঞানিক নাম শুনি প্ৰায় আচৰিতেই হ'লোঁ। মোৰ প্ৰশ্নবোধক মুখখন দেখি সি অলপ গৌৰৱ আৰু অলপ হাঁহিৰে ক'লে,

টকিঅ'ত গ' কাৰ্ট
'আজি বহুবছৰ ধৰি মই গিংক' বিল'বা চাপ্লিমেণ্ট খাই আহিছোঁ। মগজুৰ ক্ষমতা আৰু স্মৃতিশক্তি বঢ়োৱাৰ কাৰণে। কানাডাত খুবেই জনপ্ৰিয়! পিছে সেই চাপ্লিমেণ্ট ক'ৰপৰানো আহিছে আজিহে দেখিলোঁ।'

দুয়ো হাঁহি পেলালোঁ- এই আধুনিক পৃথিৱীত প্ৰকৃতিৰ সৈতে আমাৰ সংযোগবোৰৰ স্বৰূপ যেন কেনে ভিন্ন হৈ পৰিছে! এনেতে আমাৰ কাষত তিনিখন গ' কাৰ্ট ৰৈ গ'লহি। টকিঅ' মহানগৰীত গ' কাৰ্ট চলোৱাটো হেনো পৰ্য্যটকৰ মাজত খুবেই জনপ্ৰিয়। আৰোহী কেইজনৰ স্ফূৰ্তি আৰু উত্তেজনা দেখি আমাৰো তাৰ সোৱাদ ল'বলৈ মন গ'ল। কিন্তু সময়ৰ অভাৱৰ বাবে সেই ইচ্ছা বাদ দিলোঁ।

দহমিনিটমান খোজ কাঢ়ি শ্বিবুয়া স্কাইৰ অট্টালিকাটো দেখা পালোঁ।সেই স্ক্ৰেম্বল টাৱাৰৰ ৪৭ নং মহলাত অৱস্থিত এটা পৰ্যবেক্ষণ ডেক শ্বিবুয়া স্কাই। ২২৯ মিটাৰ ওখ এই আকাশচুম্বী ছাঁদৰ পৰা টকিঅ' মহানগৰীৰ পেনোৰামিক দৃশ্য দেখা যায়। সেইবাবেই পৰ্য্যটকৰ মাজত এই স্কাইৰ জনপ্ৰিয়তা সাংঘাতিক। বিশেষকৈ শ্বিবুয়া স্কাইৰ পৰা সূৰ্যাস্তৰ সময়ত টিকেট পাবলৈকে টান। ইমানেই টান যে আমি এমাহৰ আগতেই টিকেট মুকলি কৰাৰ দিনা খাপ পিটি থাকিব লগা হৈছিল। কাৰণ অনলাইন মুকলি কৰাৰ প্ৰথম পাঁচমিনিটৰ ভিতৰতে সকলো টিকেট বিক্ৰী হৈ যায়। সেইদিনা কাইল আৰু মই দুয়ো দুটা লেপটপত জোপ লৈ থাকি কোনোমতেহে আজিৰ বাবে টিকেট পালোঁ।

মানুহৰ ভিৰৰ মাজেৰে আগবাঢ়ি গৈ লিফটেৰে চৈধ্য নম্বৰ মহলাত থকা স্কাইগেইট পালোঁগৈ। তাত এফালে টিকেট লৈ মানুহৰ দীঘলীয়া শাৰী। আনফালে লকাৰ আৰু স্মৰণিকা অৰ্থাৎ চ'ভেনিয়াৰৰ দোকান-পোহাৰ। শাৰীত থিয় দি গৈ আমাৰ টিকেট দুটা দেখুৱাই কাইলে ক'লে,

শ্বিবুয়া স্কাইৰ লিফটত

'ক'নিচুৱা (হেল্ল')!'

'কনিচুৱা!' তেনেই কমবয়সীয়া যেন লগা কৰ্মচাৰী ডেকাজনে বহল হাঁহি এটাৰে লকাৰৰ ফালে দেখুৱালে। আকাৰে-ইংগিতেৰে বুজালে, ফোনৰ বাহিৰে পিঠিৰ বা হাতৰ বেগ বা স্কাৰ্ফ একোকে ওপৰলৈ নিবলৈ দিয়া নহয়। 

মই আগেয়ে ভবাতকৈ কম লোকে ইয়াত ইংৰাজী কয় বা বুজে। জাপানী এনিমে'ৰ অনুৰাগী কাইল কিছুমান সততে ব্যৱহৃত জাপানী শব্দৰ সৈতে পৰিচিত। মইহে নতুনকৈ যিমান পাৰোঁ জাপানী শব্দ শিকাৰ চেষ্টা কৰি আছোঁ। সকলো বয়-বস্তু লকাৰত থৈ দ্বিতীয়টো লিফটলৈ আগবাঢ়োঁতে এইবাৰ মই ক'লোঁ, 'আৰিগাট' (ধন্যবাদ!)'

'আৰিগাট' গজাইমাছ' -দ্বিতীয়জন কৰ্মচাৰীয়ে হাঁহিমুখেৰে ক'লে আৰু সন্মুখলৈ হালি মূৰ দোঁৱালে। 

মই কাইলৰ মুখলৈ চালোঁ। 'তেওঁ বহুত ধন্যবাদ দিছে'- সি হাঁহি হাঁহি ক'লে। পিছৰ কেইদিনত মন কৰিলোঁ, জাপানী লোকসকল ইমানেই নম্ৰ যে কোনেও কেৱল ধন্যবাদ নজনায়! প্ৰায় সকলোৱে পোনেই 'বহুত ধন্যবাদ' বুলিহে কয়। লগতে মূৰ দোঁৱাই সন্মান জনায়। পিছলৈ আমি দুয়ো সকলোকে সেইদৰে মূৰ দোঁৱাবলৈ ল'লোঁ। যেনে দেশ তেনে ভেশ! যেন জাপানী নম্ৰতাই পৰ্য্যটককো নম্ৰ আৰু মাৰ্জিত হ'বলৈ সোঁৱৰাই দিয়ে।

দ্বিতীয়টো লিফটত উঠাৰ লগে লগে চৌদিশে অন্ধকাৰ হৈ চিলিঙৰ স্ক্ৰীণত ত্ৰিমাত্ৰিক ডিছপ্লে' আৰম্ভ হ'ল।সেই মন্ত্ৰমুগ্ধকৰ এনিমেচন চাই চায়ে আমি ৪৫ নং মহলা পালোঁগৈ। তাৰ পৰা এখন ঠেক এস্কেলেটৰেৰে অট্টালিকাৰ ছাঁদলৈ গ'ল। চৌদিশে কাঁচৰ বেঁৰা- মাজত বিশাল আকাশী মঞ্চ আৰু কৃত্ৰিম ঘাঁহৰ সেউজীয়া হেলিপেড। তাতে আৰামদায়ক চকীত পৰি কোনোবাই আকাশ চাইছে, কোনোবাই ছাঁদৰ কোণ একোটালৈ গৈ ফটোৰ বাবে প'জ দিছে, কোনোবাই ওপৰ মূৰ কৰি আকাশত ডাৱৰৰ খেলা উপভোগ কৰিছে। 


শ্বিবুয়া স্কাইৰ পৰা দেখা পোৱা টকিঅ' মহানগৰীৰ একাংশ

তেতিয়াও সূৰ্যাস্তলৈ সময় আছিল। গতিকে অন্য পৰ্য্যটকৰ লগতে আমি ছাঁদৰ প্ৰতিটো কোণৰ পৰা টকিঅ' মহানগৰীৰ ৰূপ উপভোগ কৰিলোঁ। দেখা পালোঁ, টকিঅ' মহানগৰীৰ ওখ-চাপৰ অট্টালিকা, টকিঅ’ স্কাইট্ৰি, আগেয়ে গৈ অহা মেইজি তীৰ্থভূমিৰ সেউজীয়া, আৰু শ্বিবুয়া স্ক্ৰেম্ব'ল ক্ৰছিঙত মানুহৰ সোঁত। জীৱন্ত প'ষ্টকাৰ্ডৰ দৰে অপৰূপ এক ৩৬০° পেনোৰামিক দৃশ্য। 

সূৰ্যাস্তৰ টকিঅ'

এটা সময়ত আমিও শ্বিবুয়া স্কাইৰ একোণত বহিলোঁগৈ। তাৰপৰা মোৰ প্ৰিয় দৃশ্য হৈ পৰা টকিঅ'ৰ অংশটো চাই ৰ'লোঁ। সেয়া হৈছে- কংক্ৰিটৰ মাজত জিলিকি ৰোৱা মেইজি তীৰ্থভূমিৰ আকাশচুম্বী বিস্তীৰ্ণ সেউজীয়া। মহানাগৰিক জীৱনৰ হৈ চৈৰ মাজত তেনে এক দেহ মন নিজাৰ পৰা আলমৰ যে বহু প্ৰয়োজন- মানুহৰ লগতে প্ৰকৃতিৰ প্ৰতিটো অংশৰ বাবে!

লাহে লাহে পশ্চিমৰ আকাশখন সোণালী হ'বলৈ আৰম্ভ কৰিলে। মানুহবোৰ সেইদিশে থোপ খালেগৈ। সোণালী আভাই এক যাদুকৰী তুলিকাৰে যেন কংক্ৰিটৰ অট্টালিকা, গছ-বন, বাট-পথ সকলোতে স্পৰ্শ কৰি গ'ল। আমি চাই থাকোঁতেই সমগ্ৰ মহানগৰ ৰং-বিৰঙী লাইটেৰে উদ্ভাসিত হৈ পৰিল। বিমুগ্ধ ৰূপেৰে সেই সকলো উপভোগ কৰি আমি উভতিলোঁ। 

এইবাৰৰ লক্ষ্য এই মহানগৰীৰ নৈশ ৰূপ উপভোগ কৰা। 


শ্বিবুয়া স্কাইত কাইল আৰু মই

স্ক্ৰেম্ব'ল ক্ৰছিঙৰ চমক

শ্বিবুয়া স্কাইৰ লগতে লাগি আছে স্ক্ৰেম্ব'ল ক্ৰছিং। এই ক্ৰছিং টকিঅ'ৰ আটাইতকৈ ব্যস্ত আৰু বিখ্যাত আকৰ্ষণবোৰৰ এটা। এই চাৰিআলিত চিহ্নিত কৰি থোৱা বগা চিনেৰে পদচাৰীয়ে যিকোনো দিশত বাট পাৰ হ'ব পাৰে। আমি দুয়ো আহি তাত থিয় দিওঁহি মানে সন্ধিয়া লাগি ভাঙিছে। মানুহৰ ভিৰ বাঢ়ি আহিছে। চৌদিশৰ ৰং বিৰঙী নিয়ন লাইট আৰু হৰেক ৰকমৰ বিশালকায় ডিজিটেল স্ক্ৰীণে চকু চাৎ মাৰি ধৰিছে। চৌদিশে অলেখ-অসংখ্য মানুহ।

ট্ৰেফিক সংকেত সেউজীয়া হোৱাৰ লগে লগে চাৰিওদিশৰ পৰা শ শ মানুহে চাৰিআলিটো পাৰ হ'বলৈ আৰম্ভ কৰিলে। মানুহৰ সাগৰত উটি-ভাঁহি যোৱা যেন ভাৱ হ'ল আমাৰ। আচৰিত হ'লোঁ, ইমান ভিৰ আৰু হৈ চৈৰ মাজতো কেনেকৈ ইমানবোৰ মানুহ মুখামুখিকৈ খোজ দি পাৰ হৈ গ'ল।যেন এক নিয়ন্ত্ৰিত বিশৃংখলতা! বাটৰ সিপাৰ পাই সিপাৰ পাই কাইলে ক'লে, এই ঠাইখন বৰ চিনাকি চিনাকি লগা নাইনে?'

মোৰো তেনে এটা ভাৱ হৈ আছিলেই। এতিয়া কাইলৰ কথা শুনি আকৌ এবাৰ চাৰিওফালে চালোঁ। মই কিবা ক'বলৈ পোৱাৰ আগতে সি কৈ উঠিল, 'যোৱা নিশা আমি এইফালেদিয়ে হোটেললৈ গৈছিলোঁ!'

মোৰো তেতিয়াহে খেয়াল হ'ল, ষ্টেচনৰ পৰা ওলাই মানুহৰ সোঁতত পৰি আমি অজ্ঞাতে এই ক্ৰছিঙেই পাইছিলোঁহি। জাপানত ভৰি দিয়েই যোৱা নিশা তেনে আমাক স্ক্ৰেম্ব'ল ক্ৰছিঙেই চমক খুৱালে!

শ্বিবুয়াৰ স্ক্ৰেম্ব'ল ক্ৰছিং পাৰ হোৱাৰ দৃশ্য

হাচিকো নামৰ কুকুৰটো 

শ্বিবুয়াৰ স্ক্ৰেম্ব'ল ক্ৰছিঙৰ ওচৰতে মানুহৰ অন্য এটা দীঘলীয়া শাৰী দেখি আমি সেইদিশে আগবাঢ়ি গ'লোঁ। এটা সৰু কুকুৰৰ ব্ৰ'ঞ্জৰ প্ৰতিমূৰ্ত্তি। গম পালোঁ, সেয়া শ্বিবুয়াৰ জনপ্ৰিয় কুকুৰ হাচিকোৰ প্ৰতিমূৰ্ত্তি। এই হাচিকো নামৰ কুকুৰটো এক জনপ্ৰিয় কিংবদন্তী হৈ পৰাৰ কাহিনীও জানিবলৈ পালোঁ।

হাচিকোৰ প্ৰতিমূৰ্ত্তিত ফটোৰ বাবে মানুহৰ লানি

টকিঅ'ত দেখা পোৱা আকিতা জাতিৰ কুকুৰ এটা
হাচিকো আকিতা জাতিৰ কুকুৰ। উনৈছৰ দশকত অধ্যাপক উৱেন'ৰ বৰ মৰমৰ কুকুৰ আছিল হাচিকো। প্ৰতিদিনে হাচিকোই উৱেনক শ্বিবুয়া ষ্টেচনলৈ আগবঢ়াই দিয়ে। তাৰপিছত তেওঁ কৰ্মস্থলীৰ পৰা উভতি অহালৈকে তাতে বাট চাই ৰয়। দুৰ্ভাগ্যক্ৰমে এদিন উৱেন' উভতি নাহিল। কৰ্মস্থলীতে তেওঁৰ আকস্মিকভাৱে মৃত্যু হ'ল। প্ৰভুভক্ত হাচিকো তাতে ৰৈ থাকিল- এদিন, দুদিন নহয় পিছৰ ন বছৰলৈকে
প্ৰতিদিনে নিজৰ মালিকৰ বাবে ষ্টেচনত অপেক্ষা কৰি ৰ'ল। তেতিয়াৰ পৰা হাচিকো দেশজুৰি চিৰস্থায়ী আনুগত্য আৰু বিশ্বাসৰ প্ৰতীক হৈ পৰিল।

টকিঅ'ত মদাহীৰ গলি

সেই নিশা খাদ্যৰ সন্ধানত আমি শ্বিবুয়াৰ প্ৰখ্যাত ড্ৰাংকাৰ্ড'ছ এলী বা মদাহীৰ গলিত ভৰি দিলোঁগৈ। স্থানীয় ভাষাত এই ঠাইৰ নাম ননবেই যোকোচোক (Nonbei Yokocho)। শ্বিবুয়া ক্ৰছিঙৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত থকা ঠেক গলিটো বিভিন্ন সাজ-সজ্জা আৰু লাইটেৰে আটকধুনীয়া। তাতে শাৰী শাৰী সৰু ইজাকায়া বা পৰম্পৰাগত জাপানী পাব। প্ৰতিখনৰ সন্মুখত কেইখনমান টেবুল আৰু চকী। পঞ্চাছৰ দশকৰ পৰাই এই ঠাইখন খাদ্য আৰু পানীয়ৰ বাবে জনাজাত হৈ আহিছে। সেই সন্ধিয়াও সমগ্ৰ ঠাইখন মানুহেৰে গিজগিজাই আছে।

মদাহীৰ গলিত আমি

আমি গৈ এখন ইজাকায়াৰ খালী টেবুলত বহিলোঁগৈ। ৱেইটাৰে বেগ থ'বলৈ দুটা বাস্কেট আৰু দুখন মেন্যু আগবঢ়াই দিলে। খাদ্যৰ নাম সকলো জাপানী ভাষাত। দুই এখন ফটো আছে যদিও একোৱে আমাৰ পৰিচিত খাদ্য নহয়। 

'গুগল ট্ৰেন্সলেটৰত চোৱাচোন!' কাইলে ক'লে। 

কথামতেই কাম। গুগল ট্ৰেন্সলেটৰত ফটো তুলি অনুবাদৰ বাবে টিপাৰ লগে লগে পৃষ্ঠাটো ইংৰাজীত দেখুৱালে। আমি দুয়ো সকাহ পালোঁ। দীঘলীয়া তলিকাৰ পৰা চাই মেলি অমু ৰাইচ বা অমলেট ভাত আৰু জাপানী বীয়েৰ ল'লোঁ। অমুৰাইচ জাপানৰ এক জনপ্ৰিয় কমফৰ্ট খাদ্য। কুকুৰা মাংস আৰু বিভিন্ন পাচলি মিহলাই ভজা ভাতৰ ওপৰত পাতল অমলেট দি বিলাহীৰ চচ বাকি দিলে। দেখাত সাধাৰণ যেন লগা সেই খাদ্যৰ অপূৰ্ব সোৱাদ পাই আমি প্ৰায় বিস্মিতই হ'লোঁ।

জাপানৰ অমু ৰাইচ
সেইনিশা খোজেৰে উভতাৰ পৰত বাটৰ একাষে এখন বিশাল হৰ্ডিং দেখি মই থমকি ৰ'লোঁ। সাতগৰাকী কিশোৰৰ বেণ্ড যেন লগা ভংগীমা। হৰ্ডিঙতকৈ সেই হৰ্ডিঙৰ ফটো লৈ থকা মানুহেহে মোক কৌতুহলী কৰিলে। ময়ো কেমেৰা টোৱালোঁ- যেন জনাই নজনাই সকলো স্মৃতিত ধৰি ৰখাৰ এক উদ্বাউল চেষ্টা!

'আপোনালোকে সেয়া কিহৰ ফটো লৈছে বাৰু?' ইংৰাজীত প্ৰশ্নটো শুনি ঘুৰি চালোঁ। হাতত কেমেৰা লৈ এগৰাকী শ্বেতাংগ যুৱক। পিঠিত বেগ আৰু মুখত হাজাৰ উৎসাহ থুপ খাই থকা আমাৰ দৰেই এগৰাকী পৰ্য্যটক! বুজিলোঁ হৰ্ডিঙৰ ফটো লোৱা মানুহবোৰ দেখি তেওঁ নিজেও কৌতুহলী হৈ পৰিছে।

'সেই হৰ্ডিংখনৰ।' মই অলপ অসহজ ভাৱেৰে ক'লোঁ। কাইলে মিচিক মাচাককৈ হাঁহি থাকিল। এইবাৰ তেওঁ মই নিবিচৰা প্ৰশ্নটো কৰিলে,

'কোননো তেওঁলোক?' 

কাইলে এইবাৰ হোহোৱাই হাঁহি উঠিল। উপায়ন্তৰ হৈ মই ক'লোঁ,

'আচলতে মই নিজেও নাজানোঁ। আনে লোৱা দেখি ময়ো লৈছোঁ যাতে পিছত বিচাৰি উলিয়াব পাৰোঁ।' 

এইবাৰ সেই অচিনাকি লোকজনেও কাইলৰ হাঁহিত যোগ দিলে। পিছত মই সঁচাই খুঁচৰি চালোঁগৈ আৰু গম পালোঁ সেয়া জাপানী বয় বেণ্ড বি ফাৰ্ষ্টৰ তাৰকা কেইগৰাকীৰ ফটো। শেহতীয়াকৈ আত্মপ্ৰকাশ কৰিলেও টকিঅ'ত তেওঁলোকৰ জনপ্ৰিয়তাৰ আভাস আমি নিজেই পালোঁ।


টকিঅ'ত জাপানী বয় বেণ্ড বি ফাৰ্ষ্টৰ বিশাল হৰ্ডিং

পিছৰ খণ্ডত-


Monday, 17 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (১)

জাপানৰ প্ৰথম আদৰণি: অত্যাধুনিক ৱাছ্লেট

সূৰ্য উঠা দেশ জাপানৰ নাৰিটা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ। বহুদিনৰ হেঁপাহ আৰু জল্পনা-কল্পনাৰ অন্তত জাপানৰ মাটিত আমি ভৰি দিছোঁহি। আমি মানে পাৰ্টনাৰ কাইল আৰু মই। তেতিয়া জাপানৰ আকাশত মুঠি মুঠি ডাৱৰে আবেলিৰ বেলিটো ঢাকি থৈছে। জেটলেগ আৰু অৱসাদে আমাৰ দেহ-মনতো এই নতুন দেশত আহি পোৱাৰ উত্তেজনাখিনি  প্ৰকাশৰ সুযোগ দিয়া নাই।

'কাষ্টম্ছ‌ত শাৰী পতাৰ আগেয়ে ৱাছৰুমলৈ গৈ চকু-মুখ ধুই আহোঁ দিয়া- টোপনিৰ জাল কাটিব।' কাইলক ক'লোঁ।

সি মূৰ দুপিয়ালে। দুয়ো দুফালে ৱাছৰুমলৈ সোমাই গ'লোঁ। সোমায়ে এইবাৰ মোৰ টোপনিৰ জাল কাটিল। বহুদিনৰে পৰা শুনি আছিলোঁ কিন্তু আজি প্ৰথম জাপানৰ অত্যাধুনিক শৌচাগাৰ নিজ চকুৰে দেখা পালোঁ। পশ্চিমীয়া আৰ্হিৰ টয়লেট কিন্তু ম'শ্যন চেন্সৰ সংযুক্ত- গতিকে মই সোমোৱাৰ লগে লগে আসনখন নিজে দাং খালে। আসনৰ কাষতে এখন ব'ৰ্ডত বিভিন্ন ছৱি আৰু বিকল্পৰ তালিকা।নিজৰ পছন্দ অনুসৰি আসনখন উমাল কৰি ল'ব পাৰি। বা চুইছ টিপি পানীৰ স্প্ৰে আৰু ড্ৰায়াৰ ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিব পাৰি। তাৰোপৰি প্ৰাইভেচি ম'ড অন কৰি গান বা পানীৰ নৈপথ্য শব্দ বজোৱাৰো ব্যৱস্থা আছে। গতিকে ৰাজহুৱা শৌচালয়তো কোনো অস্বস্তি নোপোৱাকৈ নিত্য নৈমিত্তিক কামফেৰা কৰাৰ সুবিধা। আনকি ৰাজহুৱা ঠাইত আনে ব্যৱহাৰ কৰাৰ পিছত টয়লেটৰ আসনখন পৰিষ্কাৰ কৰি লোৱাৰো নিৰ্দেশাৱলী দেখা পালোঁ।

জাপানিজ ৱাছলেটৰ বিভিন্ন বিকল্প

পিছত গম পালোঁ, এই অত্যাধুনিক শৌচাগাৰসমূহক প্ৰকৃততে ৱাছলেট বুলি কোৱা হয়। প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চুইজাৰলেণ্ডৰ চিকিৎসালয়সমূহত ব্যৱহাৰৰ বাবে এই ৱাছলেট সজা হৈছিল। ষাঠিৰ দশকত জাপানী শৌচাগাৰ কোম্পানী ট'ট' (Toto) আৰু লিক্সিল (Lixil)- এ এই আৰ্হি জাপানলৈ আমদানি কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ইয়াৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি কোম্পানীসমূহে জাপানী গ্ৰাহকৰ বাবে সেই দেশতে এই শৌচাগাৰসমূহ প্ৰস্তুত কৰিবলৈ লয়। শেহতীয়া তথ্য অনুসৰি বৰ্তমান প্ৰায় ৮০% জাপানী ঘৰৰ শৌচালয় এই আৰ্হিৰ। 

জাপানৰ মাটিত ভৰি দিয়েই যেন তেওঁলোকৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু অত্যাধুনিকতাৰ এক প্ৰতিচ্ছৱি দেখা পালোঁ। এই দেশৰ জনজীৱন, কলা-কৃষ্টি আৰু সংস্কৃতিৰ সোৱাদ ল'বলৈ আমি দুয়ো এইবাৰ সঁচায়ে উদগ্ৰীৱ হৈ পৰিলোঁ।

নাৰিটা বিমানবন্দৰত পিকাচ্চু জেট বিমান

টকিঅ'ৰ উত্তাল এসন্ধ্যা

টকিঅ'খন চাবলৈ উত্তেজিত হৈ পৰিলেও বিমানবন্দৰৰ পৰা ওলাবলৈ আমাৰ সময় লাগিল।তাতে প্ৰথম ভেণ্ডিং মেচিনত  'ৱেলকাম ছুইকা (Welcome Suica)' কাৰ্ড কিনিলোঁ। এই কাৰ্ড আমাৰ ক্ৰেডিট কাৰ্ডৰ দৰে। জাপানলৈ ফুৰিবলৈ অহা বিদেশী পৰ্যটকৰ সুবিধাৰ বাবে এই কাৰ্ড প্ৰস্তুত কৰা হৈছে। কাৰ্ডখনত ৰিচাৰ্জ কৰি ল'লে বাছ-ট্ৰেইনৰ লগতে প্ৰায়বোৰ দোকানত একেখন কাৰ্ড ব্যৱহাৰ কৰিব পাৰি। আমি দুয়ো দুখন কাৰ্ড কিনি দহহাজাৰকৈ জাপনীজ য়েন ভৰাই ল'লোঁ। ১০০ জাপানীজ য়েন বৰ্তমান প্ৰায় ৫৭ টকাৰ সমান। কানাডিয়ান ডলাৰৰ হিচাপত প্ৰায় এক ডলাৰ। ইতিমধ্যে আমি যোগাযোগৰ বাবে অনলাইন ই-ছিমো কিনি লৈছোঁ। এই ছিমৰ বিভিন্ন পেকেজ অনলাইন ইনষ্টল কৰিব পাৰি। বিমানবন্দৰতে সেয়া সক্ৰিয় কৰি ল'লোঁ যাতে প্ৰয়োজন অনুসৰি সকলোতে ইণ্টাৰনেট পাওঁ। এই নতুন দেশত যে ইণ্টাৰনেটেই আমাৰ শেষ ভৰসা!

নাৰিটা বিমানবন্দৰৰ পৰা টকিঅ' মহানগৰীলৈ প্ৰায় দেৰঘণ্টা বাট। তালৈ যাবলৈ বিমানবন্দৰৰ পৰা বহুকেইখন ট্ৰেইন আছে যদিও নাৰিটা এক্সপ্ৰেছ পোনে পোনে টকিঅ' মহানগৰলৈ যায়। ট্ৰেইনৰ টিকেট লৈ মেলি প্লেটফৰ্মত থিয় দিওঁগৈ মানে পাঁচ বাজিল। প্লেটফৰ্মত ভাগে ভাগে ট্ৰেইনৰ প্ৰতিখন কাৰৰ নম্বৰ লিখা আছে। সেইমতে সকলো যাত্ৰীয়ে শৃংখলাবদ্ধভাৱে শাৰী পাতিলে। আমি সাত নম্বৰ কাৰৰ আসনত বহিলোঁগৈ। 

চৌদিশে ইতিমধ্যে অন্ধকাৰ নামিছে। গতিকে ট্ৰেইনৰ পৰা  ৰং-বিৰঙী লাইটৰ খেলাৰ বাহিৰে বিশেষ একো দেখা নাপালোঁ। এঘণ্টামানৰ পিছত নাৰিটা এক্সপ্ৰেছৰ ডিজিটেল স্ক্ৰীণত জাননী দিলে, ট্ৰেইনৰ প্ৰথম ছখন কাৰ টকিঅ' ষ্টেচনত ৰৈ গৈছে। আমি বহা সাত নম্বৰ কাৰখন গন্তব্যস্থান চিবুয়ালৈ ৰাওনা হ'ল। চিবুয়া টকিঅ'ৰ ২৩ টা ৱাৰ্ডৰ এটা ৱাৰ্ড। লগতে মহানগৰীৰ আটাইতকৈ ব্যস্ত কেন্দ্ৰীয় অঞ্চলসমুহৰ এটা। আমাৰ হোটেল চিবুয়াত লোৱাৰো কাৰণ সেয়ে। মহানগৰীৰ মাজমজিয়াৰ পৰা সকলো ঠাই চোৱাৰ সুবিধা হ'ব, এই আশা।

চিবুয়া ষ্টেচনত নামোঁগৈ মানে সন্ধিয়া সাত বাজিবৰ হৈছে। ইতিমধ্যে এজাক ডবালপিটা বৰষুণ আৰম্ভ হৈছে। বাহিৰ ওলায়ে খেয়াল হ'ল, আজি অক্টোবৰৰ ৩১ তাৰিখ। হাল'ৱিনৰ দিন। আগেয়ে জানিছিলোঁ, জাপানত এই পশ্চিমীয়া উৎসৱে অন্য এক ৰূপ পাইছে। চিবুয়া অঞ্চলতে তাৰ প্ৰভাৱ আটাইতকৈ বেছি। গতিকে আজিৰ দিনটোত ভিৰ-ভাৰ বেছি হ'ব বুলি সাজু হৈ আহিছোঁ। কিন্তু চিবুয়াৰ সেই ৰূপৰ বাবে যেন আমি অকণোৱে প্ৰস্তুত নাছিলোঁ! ষ্টেচনৰ পৰা ওলায়ে বিৰ দি বাট নোপোৱা অৱস্থা। হাল'ৱিনৰ নানা বেশ-ভূষাৰে জাপানৰ দেশী-বিদেশী সকলো মানুহ ওলাই আহিছে। ডবালপিটা বৰষুণ নেওচি মানুহৰ এখন সাগৰ সৃষ্টি হৈছে। বহু ঠাইত পুলিচৰ বেৰিকেড- মাইকত অহৰহ ঘোষণা কৰি মানুহৰ ভিৰ চম্ভালাৰ চেষ্টা। আমাৰ দূৰ্গাপূজাত মানুহৰ ঠেলাতে গৈ থকাৰ দৰে আমি দুয়ো আগবাঢ়িব লগাত পৰিলোঁ।এনে ভিৰত মই অভ্যস্ত-  কানাডাত ডাঙৰ হোৱা কাইলৰ বাবে মানুহৰ এনে সমাগম অভূতপূৰ্ব। 

'টেক্সি ল'লেই ভাল হ'ব নেকি?' বিব্ৰত ভাৱ এটাৰে কাইলে মোক ক'লে।

'এই ভিৰত টেক্সিনো কেনি আহিব? খোজেৰেই ভিৰ ফালি ওলাব লাগিব বুজিছা।'

দুয়ো মানুহৰ ভিৰত এৰা-এৰি নহ'বলৈকে একেটা ছাতিৰ তলত সোমাই পৰিলোঁ। আমাৰ হোটেল মানুহৰ সোঁতৰ বিপৰীতদিশে। ষ্টেচনৰ পৰা খোজেৰে মাথোঁ দহমিনিটৰ বাট।পিছে প্ৰথমবাৰ মানুহৰ ঠেলা-হেঁচাত গৈ ষ্টেচনতহে সোমাই পৰিলোঁ।  সোঁতৰ বিপৰীতে যোৱাৰ একো  উপাই নাপাই ঠিক কৰিলোঁ, প্ৰথম লক্ষ্য মানুহৰ ভিৰৰ পৰা ওলোৱা। তাৰপিছতহে হোটেলৰ ঠিকনা ওলোৱাৰ চেষ্টা কৰা ভাল হ'ব। 

কোনোমতে মানুহৰ ভিৰ আৰু বৰষুণ নেওচি আকৌ ওলাই আহিলোঁ। ষ্টেচনৰ পৰা যিমানে আগলৈ খোজ দিলোঁ, মানুহৰ ভিৰ সিমানে কমিবলৈ আৰম্ভ কৰিলে। তথাপি হোটেল পাবলৈ দহমিনিটৰ ঠাইত আধাঘণ্টা লাগিল। দুয়ো তেতিয়ালৈ বৰষুণত জুৰুলি-জুপুৰি। ভাগ্যক্ৰমে জাপানৰ বাছ আৰু ট্ৰেইনত ঘুৰিবলৈ অসুবিধা হ'ব বুলিয়ে বয়-বস্তু পাতলীয়াকৈ আনিছোঁ। গতিকে কেৰি অন চ্যুটকেছ আৰু পিঠিত লোৱা বেগ দুটা কঢ়িওৱাত কষ্ট নহ'ল, কিন্তু সকলোবোৰ বৰষুণত বাৰুকৈয়ে তিতিল। 

হোটেলৰ কোঠা পাওঁগৈ মানে দুয়ো ভোকত অস্থিৰ। হোটেলৰ লবীতে তিনিখনকৈ ৰেষ্টোৰা। কিন্তু তিনিওখনতে হেমবাৰ্গাৰ, পাষ্টা আদি পশ্চিমীয়া খাদ্য। পিছে মোৰ দৃঢ সিদ্ধান্ত,

'জাপানৰ এই প্ৰথম নিশা কোনো কাৰণতে পশ্চিমীয়া খাদ্য নাখাওঁ! এই যাত্ৰাৰ আৰম্ভণি খাঁটি জাপানিজ খাদ্যৰেহে কৰিম।'

কাইল মান্তি হ'ল। গুগল মেপত দুইমিনিটৰ বাটতে এখন ছুছি ৰেস্তোৰাঁ দেখা পাই দুয়ো পুনৰ বৰষুণ নেওচি ওলাই গ'লোঁ। পিছে তাত গ্ৰাহকৰ দীঘলীয়া লানি। উপায়ন্তৰ হৈ তাতে আধাঘণ্টামান বাট চাই অৱশেষত এখন টেবুল পালোঁ। জাপানৰ প্ৰথম নিশা মনৰ হেঁপাহেৰে ছুছি আৰু ল'বষ্টাৰ চুপেৰে এসাজ খালোঁ।

টকিঅ'ত নিশাৰ প্ৰথম সাজ

'আমি সঁচাই আজি জাপানত, নহয়?'  অবিশ্বাসৰ সুৰেৰে মই ক'লোঁ।

'এতিয়াও বিশ্বাস হোৱা নাই?' কাইলে হাঁহি পেলালে।

'কাইলৈ বাহিৰ ওলাই টকিঅ' দেখিলেহে এয়া দিঠক যেন লাগিব কিজানি।'

'আজিৰ দৰে বৰষুণ নিদিলেই হ'ল আৰু!'

মেইজি তীৰ্থভূমিত অসমীয়া

পিছদিনা পুৱা সঁচাই ৰ'দৰ উজ্বল ৰেঙনিয়ে আমাক টকিঅ'লৈ আদৰিলে। প্ৰথমেই ওলালোঁ চিবুয়াৰ মেইজি তীৰ্থভুমিলৈ। হোটেলৰ পৰা ওলায়ে উত্তৰদিশে য়'য়গি অলিম্পিক ষ্টেডিয়াম। সেই বিশাল ষ্টেডিয়ামৰ কাষেৰে পদপথেৰে খোজ দিলোঁ। যোৱা নিশাৰ ঠাণ্ডা নাই- কিন্তু সেমেকা ভাৱটো এতিয়াও আছে। টকিঅ'ৰ মূল পথবোৰত ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে। কিন্তু তাৰপৰা মেইজি তীৰ্থভূমিলৈ সোমোৱাৰ লগে লগে অন্য এক পৃথিৱীত ভৰি দিয়া যেন ভৱ হ'ল।

মেইজি তীৰ্থভূমিত কাইল আৰু মই

টকিঅ'ৰ কংক্ৰিটৰ মাজত এক বিশাল এলেকা জুৰি এখন সেউজীয়া অৰণ্য। আধুনিক জাপানৰ প্ৰথম সম্ৰাট মেইজি (Emperor Meiji) আৰু সম্ৰাজ্ঞী শ্ব'কান (Empress Shoken) ৰ উৎসৰ্গিত এই তীৰ্থভূমি। ষ্টেডিয়ামটো পাৰ হৈয়েই বাওঁহাতে বিশাল ট'ৰী তোৰণখন দেখা পালোঁ। জাপানৰ সকলো শ্বিণ্টো মন্দিৰতে এই পৰম্পৰাগত  ট'ৰী প্ৰৱেশদ্বাৰে মানুহক আদৰণি জনায়। জাপানীজ সকলৰ বিশ্বাস এই প্ৰৱেশদ্বাৰেই পাৰ্থিৱ আৰু পৱিত্ৰ ঠাইৰ মাজৰ দুৱাৰ। মেইজিৰ প্ৰৱেশদ্বাৰৰ দুয়োকাষে আকাশ চুব খোজা কেম্ফৰ আৰু অ'ক গছৰ শাৰী।


মেইজি তীৰ্থভূমিৰ ট'ৰী প্ৰৱেশদ্বাৰ

ব্যস্ত চহৰখনৰ দৃশ্য আৰু শব্দৰ ঠাইত এখন সেউজীয়া অৰণ্যৰ মায়াই আৱৰি পেলালে আমাক। গম পালোঁ, মেইজি জিংগুৰ এই মন্দিৰ নিৰ্মাণৰ সময়ত সমগ্ৰ দেশৰ বিভিন্ন অঞ্চলৰ পৰা দান কৰা প্ৰায় এক লাখ গছ ৰোপণ কৰা হৈছিল। বাটৰ একাষে জাপানত বহু প্ৰচলিত চাউলৰ মদ চাকেৰ বেৰেল এখিনিও সজাই থোৱা হৈছে।  সিদিনা সাংস্কৃতিক দিৱস উপলক্ষে পৰম্পৰাগত অনুষ্ঠান কিছুমানো চলি আছিল। গতিকে তীৰ্থভূমিৰ মঞ্চত শ্বিণ্ট' পূৰোহিতৰ কিছু অনুষ্ঠান চোৱাৰো সৌভাগ্য হ'ল।

তীৰ্থভূমিৰ মঞ্চত অনুষ্ঠান

মেইজিৰ মূল মন্দিৰত প্ৰাৰ্থনা কৰি আহি দেখিলোঁ তাতে ভটিভ টেবলেটৰ ব্যৱস্থাও আছে। এইবোৰক এমা (ema) বুলি কোৱা হয়। কাঠৰ এই ইচ্ছাপত্ৰবোৰত দৰ্শনাৰ্থীয়ে নিজৰ ইচ্ছা বা প্ৰাৰ্থনা লিখি আঁৰি দিছে। এই এমা জাপানীসকলৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ।  দেখিলোঁ বহুতে, নিজৰ পৰিয়াল, আপোন মানুহৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে। কোনোবাই পেলেষ্টাইনৰ হিংসাৰ অন্ত পৰিবলৈ আনকি বিশ্বত শান্তিৰ বাবেও প্ৰাৰ্থনা কৰিছে। 

সেয়া দেখি মোৰো অসমৰ বাবে অসমীয়াতে কিবা এটা লিখিবলৈ মন গ'ল। মনত পৰিল, বহুবছৰ আগতে ইংলেণ্ডৰ ঘৰত মই ওলমাই ৰখা আনন্দৰাম ঢেকীয়াল ফুকনৰ কথাষাৰি। ৱিকিউৎসত বিচাৰি লৈ তাকে মোৰ ভ'টিভ টেবলেটত লিখি পেলালোঁ-

'হে কৃপাময় জগদীশ্বৰ, এই অসম দেশৰ লোকসকলক সভ্য, গিয়ানী আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য কৰা। …যি সময়ত অসম হাবি গুচি ফুলবাৰী হ’ব, ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ’ব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালি হ’ব, গিয়ানৰ সভা, চিকিৎসালয়, দুখীয়া-দৰিদ্ৰ পৰিত্ৰাণৰ আলয় হ’ব আৰু যি কালত লোকসকলে পৰস্পৰে হিংসা-হিংসি নকৰি আটাইকে ভ্ৰাতৃবৎ চেনেহ কৰিব, … সেই সময়, হে পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা।'

কথাখিনি বিচাৰি লৈ লিখিবলৈ মোৰ সময় লাগিল। কাইলে বনছাই প্ৰদৰ্শনীখন চাই উভতি আহি মোক সুধিলে,

'কি লিখিছা সেয়া?'

অন্য বহুতো দৰ্শনাৰ্থীৰ সৈতে একেলগে ভ'টিভ টেবলেটটো ওলমাই দি মই গৌৰৱেৰে ক'লোঁ, 'বহুবছৰৰ আগতে এগৰাকী আদৰ্শ অসমীয়াই অসমৰ বাবে কৰা এটা প্ৰাৰ্থনা।জাপানৰ এই তীৰ্থভূমিত অসমীয়াৰ চিন এটা!'

মেইজি তীৰ্থভূমিত মোৰ প্ৰাৰ্থনা

Saturday, 20 September 2025

বিজ্ঞানৰ দৃষ্টিত লোকবিশ্বাস

'সৌৱা গংগাচিলনীয়ে মাতিছে, এইবাৰ বানপানী হ'বই হ'ব'- শৈশৱতে বাৰিষাৰ আকাশেদি টি-টিয়াই উৰি যোৱা গঙাচিলনী এহাললৈ আঙুলীয়াই সমনীয়াই কৈছিল।  

'আজি কাউৰীয়ে বৰকৈ ৰমলিয়াইছে দেই- আলহী আহিব কিজানি!'- পেহীয়ে খদমদমকৈ পাকঘৰত যা-যোগাৰত লাগিছিল। 

'ক'লা মেকুৰীয়ে বাট কাটিলে, আজি ক'লৈকো নাযাওঁ আৰু।' -দেউতা আধা বাটৰ পৰাই ঘৰলৈ উভতিছিল। 

স্মৃতিয়ে ঢুকি পোৱা প্ৰথম দিনটোৰ পৰাই এনেকৈ আমি সকলোৱে পৰিয়াল আৰু সমাজৰ পৰা লোকবিশ্বাসৰ শিক্ষা লৈ আহিছোঁ। যুগ যুগ ধৰি প্ৰচলিত হৈ অহা এই লোকবিশ্বাসবোৰ আমাৰ বাবে জীৱনটো আৰু এই পৃথিৱীখন বুজি পোৱাৰ এক আধাৰ হৈ আহিছে। সময়ৰ পৰিক্ৰমাত তাৰে কিছুমান হয়তো দৃঢ় হৈছে, কিছুমান পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিন্তু কেতিয়াবা সুধি চাইছেনে, এই লোকবিশ্বাসবোৰৰ আঁৰত বৈজ্ঞানিক যুক্তিযুক্ততা কিমান? বা কেনেকৈনো এই বিশ্বাসবোৰ গঢ় লৈ উঠিব পাৰে? আহকচোন, এনে কিছু লোকবিশ্বাসৰ আঁত বিচাৰি যাওঁ আৰু বিজ্ঞানে কি কয় জানো-

১) কাউৰীয়ে ৰমলিয়ালে আলহী আহে

এয়া হয়তো অসমত বহুলভাৱে প্ৰচলিত লোকবিশ্বাসবোৰৰ এটা। প্ৰকৃততে কাউৰীৰ সৈতে জড়িত এনে বহু লোকবিশ্বাস কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে প্ৰচলিত হৈ আহিছে। ভাৰতীয় লোকগাথাত কাউৰীক পূৰ্বপুৰুষৰ দূত বুলি গণ্য কৰা হয়। জাপানৰ শ্বিন্টো পৌৰাণিক কাহিনীতো কাউৰীক এক ঐশ্বৰিক দূত হিচাপে উল্লেখ কৰিছে। সেয়ে হয়তো ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ালে পূৰ্বপুৰুষৰ আত্মাই ভ্ৰমণ কৰিছে বা কোনোবা আহি আছে বুলি বহুতে ধাৰণা কৰে।


উৎস: ৱিকিকমন্স

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে কাউৰী অতি বুদ্ধিমান আৰু সামাজিক চৰাই। কাউৰীয়ে ৰমলিউৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সাধাৰণতে ই মানুহ বা অন্য জন্তু দেখিলে আগন্তুক বিপদৰ বিষয়ে অন্য কাউৰীক সতৰ্ক কৰি দিবলৈ (alarm call), নিজৰ ঠাই বা ভুখণ্ড প্ৰতিপন্ন কৰিবলৈ (Territorial call), ইটোৱে সিটোৰ সৈতে যোগাযোগ কৰিবলৈ (communication call) ৰমলিয়ায়। ভালকৈ মন কৰিলে এই বিভিন্ন মাতবোৰৰ পাৰ্থক্য আপুনিও শুনা পাব। গতিকে, যেতিয়াই আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ায়, প্ৰায়ে তাৰ আঁৰত এই কাৰণবোৰ লুকাই থাকে। কেতিয়াবা হয়তো পথচাৰীক দেখি মাত দিয়াৰ পিছত কাকতালীয় ভাৱে সেই পথচাৰী আপোনাৰ আলহী হৈছেহি। কিন্তু বিজ্ঞানৰ দৃষ্টিত এই দুয়োটা ঘটনা কাকতালীয়হে, কাউৰীয়ে ৰমলিউৱাৰ লগত আলহী অহাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। 

২) এযোৰা শালিকা দেখিলে দিনটো শুভ হয়

উৎস: ৱিকিকমন্স
শৈশৱতে স্কুললৈ যোৱাৰ পৰত প্ৰায়ে ঘৰৰ চৌহদত বা আলিবাটত দুচকুৱে যুৰীয়া শালিকাৰ সন্ধান কৰিছিল। কেনেবাকৈ কেৱল এটা শালিকা দেখা পালে তৎক্ষণাৎ ওচৰে-পাজৰে দ্বিতীয়টো শালিকা বিচাৰিছিলোঁ। কাৰণ এটাই, এযোৰা শালিকা একেলগে দেখা মানেই দিনটো ভালেৰে যাব। পিছত গম পালোঁ,  কেৱল অসমতে নহয়, ভাৰত আৰু শ্ৰীলংকাৰ বহু ঠাইত এই লোকবিশ্বাস বহুলভাৱে প্ৰচলিত।  

শালিকা সামাজিক চৰাই। ইহঁতে প্ৰায়ে যোৰা পাতি বা গোট বান্ধি চৰে। তাতে শালিকা মানুহৰ আশে পাশেই থাকে। গতিকে আমি প্ৰায়ে ইহঁতক যুৰীয়াকৈ দেখাৰ সম্ভাৱনাই বেছি। বন্যজীৱ বিজ্ঞানে দেখুৱাইছেো যে ইহঁতে প্ৰায়ে জীৱনলৈ যোৰা পাতে- অৰ্থাৎ মতা আৰু মাইকী শালিকাবোৰ একপত্নিক (Monogamous)। হয়তো আমাৰ পূৰ্বপুৰুষে প্ৰকৃতিৰ দৈনন্দিন পৰ্য্যবেক্ষণৰ পৰা  এইবিষয়ে জানিছিল আৰু সেয়ে হয়তো এযোৰা শালিকা শুভ লক্ষণ বুলি বিশ্বাস উপজিছিল। বিজ্ঞানৰ দৃষ্টিত এযোৰা শালিকা দেখা পোৱাটো চৰাইৰ প্ৰাকৃতিক আচৰণৰ প্ৰতিফলন, কোনো আলৌকিক চিন নহয়। যদিও ই ভাগ্য বা ভৱিষ্যতৰ পৰিঘটনাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, সাংস্কৃতিক ভাৱে ইয়াৰ অৰ্থ ইতিবাচক আৰু বহু লোকগাথাত এনে যোৰা সমন্বয়, প্ৰেম আৰু সম্পূৰ্ণতাৰ সূচক।

৩) ক'লা মেকুৰীয়ে বাট কটিলে যাত্ৰা ভংগ হয়

উৎস: ৱিকিকমন্স
ক'লা মেকুৰীক লৈ বহুতো লোকবিশ্বাস অসমকে ধৰি বিশ্বৰ প্ৰায়বোৰ অঞ্চলত প্ৰচলিত হৈ আহিছে। মধ্যযুগীয় ইউৰোপত ক’লা মেকুৰীক ডাইনী আৰু দুষ্ট আত্মাৰ প্ৰতীক বুলি ভৱা হৈছিল। সময়ৰ লগে লগে ক'লা মেকুৰীয়ে দুৰ্ভাগ্য মাতে বুলি বিশ্বাস গঢ় লৈ উঠিল। কিন্তু অন্য কিছুমান সংস্কৃতিত ক’লা মেকুৰীৰ স্থান তাৰ বিপৰীত। উদাহৰণস্বৰূপে, জাপানী লোকগাথাত ক’লা মেকুৰীয়ে বিশেষকৈ মহিলাৰ বাবে সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। তেনেকৈ, স্কটিছ পৰম্পৰাত কাৰোবাৰ ঘৰলৈ ক’লা মেকুৰী এটা অহা মানে সমৃদ্ধিৰ চিন বুলি ধৰা হয়। 

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মেকুৰীৰ ক’লা ৰংটো জিনগত উৎপৰিৱৰ্ত্তন (genetic mutation) ৰ ফলত ইউমেলানিন নামৰ ৰঞ্জক উৎপন্ন কৰাৰ বাবে হয়। এই ৰঞ্জকে মেকুৰীৰ গাৰ নোম ক'লা কৰে। ক'লা মেকুৰীৰ আচৰণ অন্য যিকোনো ৰঙৰ সাধাৰণ মেকুৰীৰ দৰেই। ইহঁতৰ মাজত ৰহস্যময় একো নাই। 

মেকুৰী এটাই বিভিন্ন কাৰণত বাট পাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে চিকাৰ বা সংগীৰ সন্ধানত বা ইয়াৰ থকা ঠাইলৈ যাবলৈ বা বিপদ আৰু অন্য জন্তুৰ পৰা পলাবলৈ।প্ৰকৃততে মানুহে বন্ধা আলিবাট মেকুৰীৰ যাত্ৰাত এক বাধাহে। গতিকে ক’লা বা যিকোনো ৰঙৰ মেকুৰী এটাই আপোনাৰ আগেদি বাট পাৰ হ'লে আপোনাৰ জীৱনত ভাল বা বেয়া কিবা এটা ঘটাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায়। আনকি এঢাপ আগবাঢ়ি ক'ব পাৰি যে, মানুহে বাট কাটিলে ক'লা মেকুৰীৰ বাবেহে অমংগল হ'ব পাৰে। কাৰণ ক'লা হোৱাৰ বাবে চকুত নপৰিলে গাড়ী-মটৰৰ চেপাত সিহতঁৰহে অপমৃত্যুৰ আশংকা বেছি!

৪) আপোনাৰ দেহত পখিলা পৰিলে শুভ

পখিলা বা প্ৰজাপতিক লৈ অসমত বহুধৰণৰ লোকবিশ্বাস আছে। ইয়াৰ বেছিভাগেই ইতিবাচক। বিশেষকৈ কাৰোবাৰ দেহত পখিলা পৰিলে শুভ বুলি প্ৰায়ে শুনোঁ। ক'ৰৱাত আকস্মিকভাৱে পখিলা এটা আহি আপোনাৰ হাত, মুখ বা কান্ধত ৰং-বিৰঙী পখিলা এটা আহি পৰিলে এনেয়ে ভাল লাগিব, নহয়নে? গতিকে সেই ভাল লগা মুহূৰ্তটোৱেই শুভ। কাৰণ বিজ্ঞানৰ দৃষ্টিত এয়া এক প্ৰাকৃতিক পৰিঘটনা, কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

বৈজ্ঞানিক তথ্য অনুসৰি পখিলাক বিভিন্ন প্ৰাকৃতিক কাৰকে আকৰ্ষণ কৰিব পাৰে। আপোনাৰ দেহত পৰিবলৈ আকৰ্ষিত কৰা এনে কিছুমান কাৰক হ'ল, আপোনাৰ কাপোৰৰ উজ্জ্বল ৰং, শৰীৰৰ উষ্ণতা, আপুনি লৈ যোৱা কোনো সুগন্ধিময় ক্ৰীম বা পাৰফিউম, আনকি আপোনাৰ ঘামত থকা নিমখ আৰু খনিজ পদাৰ্থ৷ এই কাৰকসমূহ পখিলা এটিৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব পাৰে। গতিকে আপোনাৰ দেহত পখিলা এটা আহি পৰাটো পৰিৱেশৰ কাৰকৰ ফলত হোৱা এক যাদৃচ্ছিক, স্বাভাৱিক পৰিঘটনা — কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

উৎস: https://depositphotos.com

৫) ফেঁচাৰ নিউ নিউ মাত মৃত্যুৰ ভৱিষ্যতবাণী

ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিয়ৰি উঠে। ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷ 

অসমত বিছ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ বহুতে ভাবে, ইয়াৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ফেঁচাই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ইয়াৰ সৈতে মানুহৰ ভাগ্য বা অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই।

প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷ 

লোকবিশ্বাসৰ আধাৰ হৈছে চাৰিওকাষৰ পৰিঘটনাৰ পৰ্যবেক্ষণ আৰু সেইবোৰ ব্যাখ্যা কৰাৰ বাবে মানুহৰ চিৰন্তন প্ৰচেষ্টা। অতীজৰে পৰা মানুহে প্ৰকৃতিৰ বিভিন্ন ঘটনা বা পৰিৱৰ্তন লক্ষ্য কৰিছে আৰু তাৰ কাৰণ বা মানুহৰ জীৱনত তাৰ পৰা পৰিব পৰা প্ৰভাৱ বিচাৰ কৰি চাইছে। গতিকে কাকতালীয়ভাৱে ঘটা দুটা ঘটনাৰ এনে সংযোগ উলিয়াই মানুহে নিজৰ জীৱন সুৰক্ষিত কৰাৰ চেষ্টা কৰে- অপায়-অমংগলৰ পৰা হাত সাৰি থকাৰ চেষ্টা কৰে।

মনোবিজ্ঞানৰ মতে লোকবিশ্বাসৰ অন্য এক কাৰণ হ'ল, নিশ্চিতকৰণ পক্ষপাতিত্ব (Confirmation bias)। নিশ্চিতকৰণ পক্ষপাতিত্ব সৃষ্টি হয় যেতিয়া মানুহে নিজৰ ইতিমধ্যে থকা এটা বিশ্বাসক নিশ্চিত কৰা পৰিঘটনাবোৰ লক্ষ্য কৰে আৰু মনত ৰাখে, কিন্তু সেই বিশ্বাসৰ সৈতে সামঞ্জস্য নথকা যিকোনো কথা আওকাণ কৰে। উদাহৰণস্বৰূপে, ক’লা মেকুৰী এটাই আপোনাৰ বাট কটাৰ পিছত যদি কিবা বেয়া হয় তেন্তে সেইটো আপোনাৰ মনত থাকে। কিন্তু যদি একো নহয় (বা ভাল কিবা এটা হয়), তেন্তে সেইটো পাহৰি যায় — কাৰণ সেইটোৱে ইতিমধ্যে থকা আপোনাৰ বিশ্বাসটোক সমৰ্থন নকৰে। তেনেদৰে কাউৰীয়ে ৰমলিয়ালে, সেইদিনাই আলহী আহিল- আপোনাৰ বিশ্বাসটো দৃঢ় হৈ পৰিল। কিন্তু যদি কাউৰীয়ে ৰমলিয়ালে কিন্তু কোনো নাহিল- গতিকে আপুনিও হয়তো সেই কথা পাহৰি পেলালে। শৈশৱৰে পৰা লৈ অহা এনে যিকোনো লোকবিশ্বাসৰ আঁত বিচাৰি চাবচোন- ইয়াৰ সাংস্কৃতিক আৰু বৈজ্ঞানিক সূত্ৰই নিজকে আৰু এই পৃথিৱীকো নতুনকৈ চিনাৰ বাট মুকলি কৰিব পাৰে।

প্ৰকৃতিৰ সৈতে জড়িত এনে কোনো লোকবিশ্বাস আপুনিও লৈ আহিছে নেকি? তলত মন্তব্য দি জনাব পাৰে। তেনে যিকোনো লোকবিশ্বাসৰ বৈজ্ঞানিক সূত্ৰ বিচৰাৰ চেষ্টা কৰি চাম!

Sunday, 7 September 2025

ঠিকনা

শ্বেফিল্ড, ইংলেণ্ড; ২০১৪

প্ৰথমবাৰৰ বাবে আপোন ঠাই আৰু জীৱন এৰি আহি সাত সাগৰ তেৰ নদীৰ সিপাৰে থিতাপি লৈছোঁ। ইংলেণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ত ডক্টৰেট গৱেষণা আৰম্ভ হৈছে। বিদেশৰ মাটিত এক নতুন জীৱন আৰম্ভ কৰাৰ উত্তেজনা, অচিনাকি পৰিৱেশ-অচিনাকি মানুহৰ মাজত নিজকে হেৰুওৱাৰ আশংকা সকলো মিলি এক আবেগ-উদ্বাউল সময়। প্ৰথম মাহটো বেড এণ্ড ব্ৰেকফাষ্ট ঘৰ এটাতে কটাই নিগাজীকৈ থাকিবলৈ ভাড়াঘৰ বিচৰাৰ সিদ্ধান্ত লৈছোঁ।

বেড এণ্ড ব্ৰেকফাষ্টৰ গৃহিণী গ্ৰেচ দেখাতেই সাদৰী মহিলা। প্ৰতিনিশা খোৱাৰ মেজত বিধে বিধে খাদ্য যতনাই দিছে। আগ্ৰহেৰে মোৰ সৈতে কথা-বতৰা হৈছে। এনে এটা দিনতে নিশাৰ সাজ খোৱাৰ পৰত গ্ৰেচে ঘপকৈ ক'লে, 'তুমি ইমান সুন্দৰ ইংৰাজী কোৱা! প্ৰথমতে মই আচৰিতেই হৈ গৈছিলোঁ।'

প্লেটৰ পৰা চালাড অলপ মুখলৈ নিবলৈ লৈও মোৰ হাতৰ চামুচখন থমকি ৰ'ল, 'কিয়?'

'নহয় মানে ভাৰতৰ মানুহে এনে সলসলীয়াকৈ ইংৰাজী ক'ব পাৰে বুলি জনা নাছিলোঁ। তাতে প্ৰথমে তুমি ভিয়েটনামৰ পৰা অহা বুলিহে ভাবিছিলোঁ।' গ্ৰেচে অলপ সংকোচেৰে ক'লে। যেন মোৰ অনুভৱক আহত কৰাৰ সংশয়!

মোৰ মাতটো অলপ কুমলিল। মোৰ মংগোলীয় চেহেৰা দেখি তেনে ধাৰণা হোৱাটোৱে স্বাভাৱিক। হাঁহি মাৰি গ্ৰেচক বুজালোঁ, 'মই উত্তৰ-পূব ভাৰতৰ- অসমৰ। উত্তৰ-পূবৰ বহুতো লোক দেখাত মংগোলীয় ঠাচৰ। ইংলেণ্ডত ভাৰতীয় বুলি ক'লে সকলোৱে হয়তো অন্য ঠাইৰ ভাৰতীয়ৰ কথাই সচৰাচৰ ভাবে। কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ চেহেৰা-ভাষা-সংস্কৃতি-খাদ্যাভাস সকলো ভিন্ন।'

গ্ৰেচৰ মুখখন কিছু পোহৰ হ'ল। সৰু ফুলকটা বাটি এটাত মোলৈ পুডিং অলপ আগবঢ়াই দি ক'লে,

'মই আকৌ ভাৰতৰ চৰকাৰী ভাষা হিন্দী বুলিয়ে ভাবি আছিলোঁ।'

'আচলতে ভাৰতৰ সংবিধানত ২২ টা আঞ্চলিক ভাষাৰ স্বীকৃতি দিছে। চৰকাৰী ভাষা হিচাপে ইংৰাজী আৰু হিন্দী সমানেই প্ৰচলিত।'

গ্ৰেচে দুচকু বহল কৰি শুনিলে, ভাৰতৰ ঐতিহ্য-ভাষা-সংস্কৃতিৰ বিষয়ে বহু কথা সুধিলে। অসম আৰু ভাৰতৰ বিষয়ে মই আগ্ৰহেৰে যিমান পাৰোঁ বুজালোঁ। সেইনিশা কথা সামৰি বিছনালৈ যাওঁ মানে বহু পৰ হ'ল।

সেই যে আৰম্ভ হ'ল, তাৰ পিছত ইংলেণ্ডত থকা চাৰিটা বছৰত বহুবাৰ একেবোৰ প্ৰশ্নৰ মুখামুখি হ'লোঁ। বহুতক বহুবাৰ বুজাব লগা হ'ল- মই ক'ৰ, কিয় দেখিবলৈ অন্য ভাৰতীয়ৰ দৰে নহয়। পিছলৈ পোনেই গুগল মেপলৈ গৈ উত্তৰ-পূব দেখুৱাবলৈ ল'লোঁ। মানুহে সোধাৰ আগতেই ভাৰতত ইংৰাজ উপনিৱেশীকৰণৰ ইতিহাস আৰু তাৰ প্ৰভাৱৰ কথা ক'বলৈ ল'লোঁ। ভাৰতৰ অন্য অংশৰ তুলনাত যে উত্তৰ-পূবে কিমান দিনলৈ ইংৰাজক ভেদি ৰাখিছিল, আহোম ৰাজবংশই কেনেকৈ বৰ অসম গঢ়িছিল তাৰ গৌৰৱময় বৰ্ণনা দিবলৈ ল'লোঁ। মানুহৰ আশ্চৰ্য্য-বিভ্ৰান্তি ভৰা মুখবোৰে যেন মোক আমোদ দিবলৈ ল'লে। নিজকে প্ৰতিশ্ৰুতি দিলোঁ, মই ক'ৰ আৰু কিয় দেখাত এনে চেহেৰাৰ সেয়া যদি ক'বই লাগে তেনে মই বিচৰাৰ দৰেই ক'ম। 

পিছে সেই আমোদ বিৰক্তি আৰু তিক্ততালৈ ৰূপান্তৰ হ'বলৈ বেছি দিন নালাগিল!

জেদাহ, চৌদি আৰব; ২০১৬

ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা বাংগালোৰলৈ চৌদিয়া এয়াৰৱেইজৰ বিমান। চৌদি আৰৱৰ জেদ্দাহ বিমান বন্দৰত আঠঘণ্টা লে' অভাৰ। দীঘলীয়া বিমান যাত্ৰাৰ বিৰতিত বিমানবন্দৰত হাত-ভৰিবোৰ পোনাইছোঁ। একেসময়তে চকুত পৰিছে, মোৰ চাৰিওকাষে প্ৰায়ভাগ মহিলাই মূৰৰ পৰা ভৰিলৈকে ক’লা বোৰ্খাৰে আবৃত। চৌদি আৰৱ ৰক্ষণশীল বুলি জানোঁ- গতিকে মোৰ দেহৰ জিনছ আৰু টিচাৰ্টক লৈও কিছু সন্দিহান হৈ পৰিছোঁ!

ডিউটি ফ্ৰী অংশটোতে দোকানৰ বয়-বস্তুবোৰত চকু ফুৰাই খোজ দিবলৈ আৰম্ভ কৰিলোঁ। আকৌ কেতিয়াবা চৌদি আৰৱলৈ অহাৰ সম্ভাৱনা কম। এই সুযোগতে চৌদি আৰৱৰ স্মৃতিচিহ্ন বুলি কিবা এটা কিনাৰ হেঁপাহ হ'ল।

এখন দোকানৰ হৰেক ৰকমৰ বস্তুবোৰ চাই থাকোঁতে দোকানীজন আগবাঢ়ি আহিল। গাঢ় নীলা চ্যুট পৰিহিত এজন ওখ-পাখ যুৱক।

'হাউ কেন আই হেল্প ইউ? আপোনাক কিবা সহায়ৰ দৰকাৰ?' তেওঁ সুধিলে।

'নাই, মই বস্তুবোৰ চকুহে ফুৰাইছোঁ! ফ্লাইটলৈ বহুত সময় আছে।' মই ক'লোঁ।

'অঁ, একো নাই। ক'লৈ যাব আপুনি?

'ভাৰতলৈ।' মোৰ নিৰ্বিকাৰ উত্তৰ।

'ফুৰিবলৈ?' এইবাৰ যেন মানুহজন আগ্ৰহী হৈ উঠিল। 'মই ভাৰতৰ আচলতে!'

'অঁ হয় নেকি? ময়ো ভাৰতৰে- অসমৰ।'

দোকানীজনৰ চকু বহল হৈ পৰিল, 'আপুনি ভাৰতৰ??'

তেওঁৰ আশ্চৰ্য্যচকিত দুচকুৱে আকৌ এবাৰ মোক সোঁৱৰাই দিলে, মোৰ মংগোলীয় চেহেৰাই এওঁকো বিভ্ৰান্তিত পেলাইছে। উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয় বৈচত্ৰ্যতা যেন ভাৰতৰ অন্য ঠাইৰ মানুহৰ সাধাৰণ জ্ঞানৰ পৰিধিত নপৰেই!

কিন্তু যুৱকজন তাৰ পৰাও আৰু এঢাপ আগুৱাই গ'ল। 'আপুনি সঁচাই ভাৰতৰ? আপুনি নিশ্চিতনে?'

কি কয় এওঁ! ভাৰতীয় বুলি মই নিজে নিশ্চিত হয়নে নহয়! মোৰ ভৰিৰ পৰা মুখলৈ তেজ এসোঁতা উজাই অহা যেন ভাৱ হ'ল।

'হয়, মই নিশ্চিত।'

'নহয় মানে, আপোনাৰ মা-দেউতাও ভাৰতীয় নে?'

বুজিলোঁ, তেওঁ অজ্ঞানতাৰ গহ্বৰত মোৰ মংগোলীয় ঠাচৰ সূত্ৰ উদ্ধাৰৰ চেষ্টা কৰিছে। মনৰ তিক্ততাখিনি সামৰি ৰাখিবলৈ কষ্ট হ'ল!

'আপুনি আগতে কেতিয়াও ভাৰতৰ উত্তৰ-পূবৰ মানুহ লগ পোৱা নাই নেকি?'

মোৰ মাতটো হয়তো কঠোৰ হৈ ওলাল। নিমিষতে সংকুচিত হৈ পৰি তেওঁ ক'লে,
'অহ বেয়া নাপাব দেই! আপোনাক থাইলেণ্ডৰ বুলিহে ভাৱিছিলোঁ।'

সেই মুহূৰ্তত সিদ্ধান্ত ল'লোঁ, বিদেশী মানুহক মোৰ শিপাৰ কথা ক'ম; আমাৰ ইতিহাস, কলা-সংস্কৃতিৰ বৈচিত্ৰ্যতাৰ কথা বুজাম। কিন্তু অন্য ভাৰতীয়ক মই বুজাবলৈ নাযাওঁ। নিজৰ দেশৰ বিষয়ে জনাৰ কৰ্তব্য তেওঁলোকৰ নিজৰ। সেই অজ্ঞানতা আৰু ধৃষ্টতা আঁতৰোৱাৰ দায়িত্ব মোৰ নহয়।


এনিছকিলেন, আয়াৰলেণ্ড; ২০১৯

উত্তৰ আয়াৰলেণ্ডৰ এনিছকিলেন নামৰ সৰু চহৰখনত চাকৰিৰ প্ৰথম সপ্তাহ। অজান্তি মুলুকত এটা নতুন জীৱন আৰম্ভ কৰিছোঁ। সেইদিনা পুৱা সকলোতকৈ আগেয়ে মই প্ৰথম অফিচ সোমালোঁ।

আইৰিছ শীতৰ দিন। বেলি মূৰ দাঙিবলৈ তেতিয়াও বাকী। মোৰ ডেস্কত কম্পিউটাৰ অন কৰি কাম আৰম্ভ কৰিবলৈ লওঁতেই দুৱাৰত টোকৰ পৰিল। 

'গুড মৰ্ণিং, হুৱাটছ দ্য ক্ৰেক?' (আইৰিছ ঠাঁচত কি খৱৰ?)
'গুড মৰ্ণিং, মোৰ ভালেই। আপোনাৰ কেনে?' 
'মোৰ নাম এলেন। অফিচ ঘৰটো চাফা কৰিবলৈ আহিছোঁ। সোমাব পাৰোঁনে?'
'হয়, আহক।' হাঁহি মাৰি ক'লোঁ।

চুটি চাপৰ এজন মানুহ। তপা মূৰ, শীৰ্ণ দেহেৰে এলেনৰ চকুৱে-মুখে সময়ৰ আচোঁৰ। তেওঁ অফিচৰ এমূৰৰ পৰা ভেকুৱাম চলাবলৈ আৰম্ভ কৰিলে। মই ইমেইলত চকু ফুৰালোঁ। 

ভেকুৱামিং সামৰি এইবাৰ এলেনে দীঘল ব্ৰাছডালেৰে মজিয়াখন মচিবলৈ লাগিল। মোৰ ডেস্ক পাই মানে মই উঠি আহি একাষে থিয় দিলোঁহি।

'চীনত কি হৈ আছে বাৰু এতিয়া?' মোলৈ চাই এলেনে অজলা হাঁহি এটাৰে ঘপকৈ সুধিলে।

অলপ থতমত খালোঁ। কিন্তু পলকতে বুজিলোঁ, তেওঁ মই চীনৰ পৰা অহা বুলি ভাৱিছে! মনত পৰিল, ইংলেণ্ড এৰি ইয়ালৈ আহিবলৈ ওলোৱাৰ পৰত বন্ধু লুকে কৈছিল, 'সেইখন যে ইমান ভিতৰুৱা ঠাই- তাত মানুহে কিজানি কোনো ভাৰতীয়ক দেখিয়ে পোৱা নাই।'

'অঁ হে হে, মই চীনৰ নহয়, ভাৰতৰহে!'

এইবাৰ তেওঁ থতমত খালে। আকৌ এবাৰ মোক যেন ভালকৈ চালে। তাৰপিছত সুধিলে,

'তুমি সকলো কাৰীয়ে ৰান্ধিব জানা তেন্তে?'

মোৰ মুখ মেল খাই গ'ল। ক'বৰ মন গ'ল, কাৰী কেৱল এবিধ খাদ্য নাহয়। যিকোনো শাক-পাচলিৰে কাৰী ৰান্ধিব পাৰি। অসমত পিছে আমি বহু সময়ত ভাজিহে খাওঁ। 

'নাই, কিছুমানহে পাৰোঁ।' সকলো মনতে সামৰি থৈ মোৰ সংক্ষিপ্ত উত্তৰ।

কেইবামাহৰ পিছত সেই অফিচৰ সহকৰ্মী সকলক এই ঘটনাটোৰ কথা ক'লোঁ। শুনি তেওঁলোক সচকিত হ'ল, লজ্জিত হ'ল। তেওঁলোকৰ দোষী মুখবোৰ চাই আশ্বাস দিবলৈ বাধ্য হ'লোঁ, 'একো নাই, মোৰ চেহেৰা দেখি প্ৰায়ে মানুহে ভুল ধাৰণা কৰে। এলেনে নাজানে বাবেহে তেনেকৈ কৈছিল!'

এডমণ্টন, কানাডা; ২০২৩

ব'নি ডুন ছুইমিং পুলত সাঁতুৰি আহি চ'নাৰ দুৱাৰখন খুলিলোঁ। এইখিনি মহিলাৰ বাবে আছুতীয়াকৈ থোৱা অংশ। গতিকে গা-পা ধুই আহি পোনেই চ'নাৰ ভিতৰৰ উম লৈ আৰাম লাগে। বিশেষকৈ বৰফৰ দলিচা পৰা জাৰৰ দিনত। পিছে আজি  দুৱাৰখন খুলি থমকি ৰ'লোঁ। 

কণমানি চ'নাটোৰ ভিতৰত গেলেৰীৰ দৰে ইখনৰ ওপৰত সিখনকৈ তিনিখন কাঠৰ বেঞ্চ। তাৰে মাজৰ খনত এগৰাকী মহিলা। শুভ্ৰ টাৱেলখন দীঘলীয়াকৈ পাৰি তেওঁ নগ্ন দেহেৰে ওপৰমুৱাকৈ পৰি আছে। দুৱাৰখন খোলা দেখি তেওঁ মূৰ বেঁকা কৰি চালে কিন্তু বিশেষ লৰচৰ কৰাৰ লক্ষণ নেদেখিলোঁ। উপায় নাপাই মই একেবাৰে তলৰ বেঞ্চখনতে বহি পৰিলোঁ। 

অহ্‌, চ'নাৰ ভিতৰখন অন্য দিনৰ দৰে উমাল হৈ থকা নাইচোন। উঠি গৈ দুৱাৰৰ বাহিৰফালে থকা সেউজীয়া চুইচটো ৰ্টিপি দিলোঁগৈ। ঘুৰণীয়া লাইটো এইবাৰ জিলিকি উঠিল। 

'চুইচটো মইহে বন্ধ কৰিছিলোঁ। বৰ গৰম হৈ পৰিছিল!' মানুহগৰাকীয়ে শুই থকাৰ পৰাই মাত দিলে।

'অঁ হয় নেকি! বেয়া নাপাব। মই এইমাত্ৰ সাতুৰি আহিছো- সেয়ে গাটো অলপ গৰম কৰি ল'ব বিচাৰিছোঁ।' মানুহগৰাকীলৈ পোনপটীয়াকৈ নাচাবলৈ চেষ্টা কৰি ক'লোঁ।

'একো নাই। মই উঠিমেই আৰু।' কৈয়ে তেওঁ উঠি বহিল। টাৱেলেৰে ভৰি দুখন মোহাৰি মোহাৰি ক'লে, 'তোমাৰ কথাৰ ঠাঁচটো বৰ ধুনীয়া। কোন ঠাইৰ বাৰু? হুৱেৰ ইজ দ্যেট বিউটিফুল একচেণ্ট ফ্ৰম?'

মোৰ মনটো অলপ ৰেঙালে, কাৰণ অভিজ্ঞতাই ইতিমধ্যে শিকাইছে ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি কেনেদৰে আগবাঢ়িব। কিন্তু ইতিমধ্যে পলম হৈ গৈছে।

'বহু ঠাইৰ পৰা!' মোৰ সংক্ষিপ্ত উত্তৰ।

'হয় নেকি? অলপ আইৰিছ শুনিছোঁ- বাকী কোন ঠাইৰ পৰা?' তেওঁ সহজে এৰি দিয়া বিধৰ নহয়।

আজি প্ৰথমবাৰ আয়াৰলেণ্ডৰ নাম শুনি কিছু আচৰিত, কিছু পুলকিত হ'লোঁ। তেওঁলৈ চাব খুজিও মুখ ঘুৰাই দিবলৈ বাধ্য হ'লোঁ। তেওঁ ভৰি দুখন এইবাৰ মোৰ দিশে!

'ঠিকেই অনুমান কৰিছে। অলপ আয়াৰলেণ্ডৰ সুৰ আছে কিজানি, বাকী ভাৰতৰ বিভিন্ন ঠাই, অলপ হয়তো ইংলেণ্ডৰ পৰাও আহিছে।'


মানুহগৰাকী এইবাৰ আৰু আগ্ৰহী হ'ল। কৈ গ'ল তেওঁৰ পৰিয়ালৰ কিছু লোক ইংলেণ্ডৰ।তেওঁলোকেও বহু ঠাই ফুৰিছে। মই হয়ভৰ দি গ'লোঁ। তেতিয়ালৈ এই বিষয়ত বিশদ আলোচনা কৰাৰ আগ্ৰহ নোহোৱা হৈছে- তাতে এই মুহূৰ্তত মই 
যে কেৱল দুচকু মুদি চ'নাৰ উম অলপ ল'ব খুজিছোঁ!

এটা সময়ত তেওঁ টাৱেলখন গাত মেৰিয়াই লৈ চ'নাৰ দুৱাৰখন মেলিলে। বাহিৰলৈ খোজ দিয়াৰ আগতে হাঁহি এটাৰে মোলৈ চাই ক'লে, 'গুড নাইট এণ্ড ৱেলকাম ট্যু কানাডা!'

মই যেন বাকৰুদ্ধ হৈ পৰিলোঁ। কোৱা নহ'ল, মই কানাডাৰ নিবাসী হোৱাৰ আধা দশক হৈ গ'ল। কোৱা নহ'ল, তেওঁৰ দৰেই ময়ো ইয়াৰ এগৰাকী নাগৰিক। পাৰ্থক্য মাথোঁ এটাই, মই এগৰাকী অসমীয়া কানাডিয়ান।

উত্তৰ লখিমপুৰ, অসম; ২০২৪

বহুদিনৰ মূৰত অসমলৈ আহিছোঁ। সকলোবোৰ যে ইমান সলনি হৈ গৈছে! লখিমপুৰ চহৰখন আগতকৈও ব্যতিব্যস্ত হৈ পৰিছে- বাটৰ দুয়োকাষে বহু নতুন ঘৰ-দালান উঠিছে। কিন্তু সেই বিশৃংখল হৈ-চৈৰ মাজতো মোৰ দেহ-মন যেন নিজাৰ পৰি গৈছে। এইখন মোৰ নিজা ঠাই; য'ত মই কাকো বুজাব নালাগে মই ক'ৰ পৰা আহিছোঁ; ভাৰতৰ কোনটো চুকত আমাৰ অসমখন। বুজাব নালাগে আমাৰ ভাষা-সংস্কৃতি-ইতিহাসৰ কথা। এই ঠাইৰ আকাশে-বতাহে-মাটিয়ে মোৰ নিজা পৰিচয়, মোৰ আজন্ম শিপা! 

মাৰ সৈতে গাড়ীখন মেকানিকৰ ওচৰলৈ আনিছোঁ। দুদিনমানৰ পৰা মাই চলাওঁতে অলপ অসুবিধা পাইছে হেনো। মেকানিকৰ কৰ্মশালালৈ সোমোৱাৰ লগে লগে কেইবাযোৰ চকুৱে আমাক তীক্ষ্ণভাৱে অনুসৰণ কৰিছে। ভিতৰি মোৰ হাঁহি উঠি গৈছে। আজি প্ৰায় দুটা দশক ধৰি এই চহৰত মাই গাড়ী চলাই আহিলেও যেন মানুহৰ চকুবোৰ এতিয়াও সহজ হোৱা নাই। যেন 
মহিলা এগৰাকীয়ে নিজৰ গাড়ীৰ মেৰামতি নিজে কৰাটোও এক পৰিচিত দৃশ্য নহয়! মাৰ মুখ নিৰ্বিকাৰ। এনে প্ৰতিক্ৰিয়াৰ সৈতে মা হয়তো তেনেই পৰিচিত।  

কৰ্মশালাৰ একাষে থকা মেজৰ পৰা এগৰাকী লোক উঠি আহিল। হয়তো কৰ্মশালাৰ মেনেজাৰ। আমাক দুয়োকে বহিবলৈ দুখন চকী উলিয়াই দিলে। 

'বহকচোন। গাড়ীৰ কিবা দিগদাৰ দিছে?'

কৈয়ে তেওঁ মুখ ঘুৰাই আমাক দুয়োকে যেন আকৌ এবাৰ চাই ল'লে। তেওঁৰ মুখৰ ৰং সলনি হ'ল। আমি কিবা ক'বলৈ লোৱাৰ আগতেই তেওঁ খপজপকৈ কৈ উঠিল,

'আপল'গ ক্যা অৰুণাচল সে হ্যে?'

মোৰ 'অসমীয়া' মিনি কুপাৰৰ সৈতে কানাডাৰ এডমণ্টনত 

Sunday, 15 June 2025

স্বতঃসিদ্ধ (চুটিগল্প)

বাছৰ পৰা নামি জুমিয়ে দীঘলকৈ উশাহ এটা টানি ল'লে। নাইট চুপাৰৰ দহঘণ্টীয়া যাত্ৰাৰ অন্তত তাইৰ হাত-ভৰিবোৰ প্ৰায় জঠৰ হৈ পৰা যেন লাগিল। দুচকুত এতিয়াও চিলমিল টোপনিৰ জাল। অঁকোৱা-পকোঁৱা পাহাৰীয়া বাটটোত বাছৰ প্ৰতিটো জোকাৰণিতে যোৱা নিশা তাই বাৰে বাৰে সাৰ পাই থাকিল। কাইলৈ আকৌ ট্ৰেইনত উঠাৰ আগেয়ে টোপনি পূৰাই ল'ব লাগিব- ভাৱি ভাৱি তাই যাত্ৰীৰ উখল-মাখলৰ মাজত বাছৰ পৰা নিজৰ বয়-বস্তু নমালে। বাটৰ ধূলিৰ পৰা ৰক্ষা পাবলৈ নীলা স্কাৰ্ফখন কেইবাটাও পাক দি মুখত মেৰিয়াই ল'লে। তাৰপিছত বেকপেকটো পিঠিত লৈ সোঁহাতেৰে প্ৰকাণ্ড চ্যুটকেছটোৰ চকা টানি জুমিয়ে হোটেললৈ বাট বুলিলে। 

এই বোৱাৰী পুৱাতে ডিমাপুৰত গাড়ী আৰু মানুহৰ খদমদম আৰম্ভ হৈছে। অন্য সীমামূৰীয়া চহৰৰ দৰেই ইয়াৰ জীৱন ব্যতিব্যস্ত আৰু বিশৃংখল। চৌদিশে জীৱনটো চলাই নিয়াৰ অহৰহ যুঁজ-বাগৰ। ডিমাপুৰৰ এই ধুলি আৰু যান্ত্ৰিক কোলাহলে যেন জুমিক এটা ধুনীয়া সপোনৰ পৰাহে হঠাৎ জগাই দিলে। যোৱা তিনিমাহ ধৰি আৰণ্যক নিৰ্জনতাৰ মাজত সঁচাই এক সপোনপুৰীত থকাৰ দৰেই ভাব হৈছিল। শাৰী শাৰী সেউজ পাহাৰৰ মাজত পেনকিম নামৰ নগা গাওঁখন। পুৱা-গধুলি মৰুং ঘৰৰ পৰা ভাঁহি অহা ডবাৰ কোব, চৰাইৰ কাকলি, বনৰীয়া ফুলৰ গোন্ধৰ মাজত এক অজটিল জীৱন। দিল্লীৰ মহানাগৰিক জীৱনৰ পৰা গৈ জুমিৰ ভাব হৈছিল যেন পেনকিম গাঁৱৰ অপূৰ্ব প্ৰাকৃতিক শোভাই তাইৰ দুচকু নিজাৰ পেলাই দিছে। সেই নিৰ্মলতাই যেন মগজুৰ আহ-পাহত জঁট লাগি ধৰা গাঁঠি কিছুমান মুকলি কৰি দিছে। বহুদিনৰ মূৰত যেন তাইৰ দেহ-মনক এক সজীৱতা আৰু মুক্তিৰ অনুভূতিৰে আৱৰি পেলাইছিল। পেনকিম গাওঁ এৰি আহি এতিয়া ডিমাপুৰৰ বৈপৰীত্যই তাইক ৰুক্ষ বাস্তৱৰ মুখামুখি কৰাই দিয়া যেন ভাৱ হৈছে। 

বাছ ষ্টেচনৰ পৰা খোজেৰে দহমিনিটৰ বাটতে হোটেল একেচিয়া। তাৰ পাইগৈ মানে বয়-বস্তু কঢ়িয়াই জুমিৰ ফোঁপনি উঠিছে। চেহ্‌ অ'ট'ৰিক্সা এখনকে ল'ব পাৰিলেহেঁতেন!

'গুড মৰ্ণিং মেম। আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?' হোটেলৰ ৰিচেপশ্যনত কোট-টাই পৰিহিত এজন যুৱক। মিচিকিয়া হাঁহিটোতে মুদ খাই পৰিব খোজা চকুহালত এতিয়াও যেন কৈশোৰৰ মায়া। 

'মুই লাগা ৰুম একটা বুক কৰি কিনে ৰাখিছে।' জুমিয়ে নাগামিজত ক'লে। যোৱা তিনিমাহে নাগামিজ কৈ কৈ এতিয়া হঠাতে যেন অভ্যাসটো এৰি দিব খোজা নাই তাই। 

যুৱকজনৰ চকুৱে-মুখে কৌতুক বিৰিঙিল। তেৱোঁ নাগমিজতে ক'লে, তাইৰ কোঠা দ্বিতীয় মহলাত। হোটেলৰ লগতে ৰেস্তোঁৰা। কিন্তু কোঠাতে কিবা খাব বিচাৰিলে ৰুম চাৰ্ভিছো আছে।

জুমিয়ে মূৰ দুপিয়াই কোঠাৰ কাৰ্ডখন ল'লে আৰু লিফটত উঠিলগৈ। কোঠাটোত সোমাই তাই স্বস্তিৰ নিশ্বাস এটা এৰিলে। কত দিনৰ মূৰত যে বাথৰুমৰ শ্বাৱাৰত গা ধোৱাৰ, মেট্ৰেছ পৰা বিছনাত শুৱাৰ বা টিভি চোৱাৰ সুযোগ পাইছে! পেনকিম গাৱঁৰ হোমষ্টে'ত গৃহিণী আলেই বৰ আন্তৰিকতাৰে তাইক ৰাখিলে, ৰান্ধি-বাঢ়ি খুৱালে। কিন্তু সেই পৰ্বতীয়া গাৱঁত ইমানদিন থাকি মাজে মাজে জুমিৰ হাবিয়াস জাগিবলৈ আৰম্ভ কৰিছিল- শ্লিপিং বেগৰ সলনি এখন কোমল বিছনাত শুৱাৰ, প্ৰতিদিনে সিজোৱা মাংস আৰু আখুনিৰ খোৱাৰ সলনি হেঁপাহেৰে অসমীয়া ভাত এসাঁজ খোৱাৰ। চৌকাৰ জুই আৰু ধোঁৱাৰ সেই পৰিচিত গোন্ধটোৰ সলনি অকণমান পাৰফিউমৰ গোন্ধ লোৱাৰ। কি যে মিশ্ৰিত অনুভূতি! এফালে এক অপৰূপ অভিজ্ঞতা সামৰি তাইৰ গৱেষণাৰ ক্ষেত্ৰ এৰি অহাৰ দুখ, আনহাতে বহুদিনৰ মূৰত আধুনিক বিলাসৰ সোৱাদ পোৱাৰ মোহ!

এনেতে ফোনৰ ৰিংটোৱে তাইক বাস্তৱলৈ উভতাই আনিলে। নিয়ৰৰ হাঁহি থকা মুখখন ফোনৰ স্ক্ৰীণত জিলিকি উঠিল।
'কোৱা নিয়ৰ!'
'পালাহি তেন্তে?' সি পোনেই ক'লে। কিছু উৎকণ্ঠাৰে।
'অ' পালোঁহি। তুমি চিন্তা কৰি আছিলা নেকি? ডিমাপুৰ পোৱাৰ আগত ফোনৰ নেটৱৰ্ক নাপাওঁ বুলি কৈছিলোঁ নহয়!'
'অঁ ঠিকেই! মই পাহৰি গৈছিলোঁ। কেইবাবাৰো ফোন কৰি মাহঁতে তোমাক পোৱা নাই। সেয়ে মোক  সুধি আছিল।'

জুমিয়ে ফোনটো চাই দেখিলে, মাকৰ কেইবাটাও মিছ্ড‌ কল। সেয়া দেখি পলকতে তাইৰ কপাল কোঁচ খালে। আজি দুবছৰ ধৰি তাই দিল্লীত আৰু ভায়েক জোন পুনে'ত আছে। কিন্তু মাক-দেউতাকে যেন এতিয়াও দুয়োকে পাখিৰে আৱৰি ৰাখিব খোজে। য'লৈকে নাযাৱক, যিয়ে নকৰক মাক দেউতাকৰ সেই এটাই চিন্তা, ঠিকে-ঠাকে ঘৰ পালেহিনে সিহঁত? ক'ৰবালৈ ফুৰিবলৈ গৈ হুৱাট্ছ‌ এপত ধুনীয়া ফটো এখন পঠালে মাকে প্ৰথমেই সোধে, কেতিয়া ঘৰ পাবিহি? যেন বাহিৰত থকা মানেই সিহঁত নিৰাপদ নহয়। যিকোনো যাত্ৰাৰ আগতে দেউতাকে বাৰে বাৰে সোঁৱৰায়, 'দিন কাল বৰ বেয়া আজিকালি। কোনো অচিনাকি মানুহক বিশ্বাসত নল'বি। নিজৰ নাম-ঠিকনা নজনাবি। টোপনি ধৰিলে বেগটো ছিটৰ সৈতে বান্ধি থ'বি।......' কেতিয়াবা ভাব হয়, ঘৰৰ চাৰিবেৰৰ মাজত কেৱল টিভি আৰু সামাজিক মাধ্যমৰ বাতৰিৰে পৃথিৱীখন চাই চাই যেন মাক-দেউতাক অহৰহ আতংকিত হৈ ৰয় সিহঁতৰ নিৰাপত্তাৰ চিন্তাত! 

মাকলৈ তাই মেচেজ লিখিলে, 'এইমাত্ৰ হেটেল পাইছোঁহি। ৰ'ৱা- গা-পা ধুই ফোন কৰিম।'

শ্বাৱাৰৰ পানীয়ে চুলি পাৰ হৈ সমগ্ৰ শৰীৰ তিয়াই নিওঁতে জুমিৰ মন পুনৰ সেই নগা গাওঁ পেনকিমলৈ ঘুৰি গ'ল। প্ৰথমবাৰ ভৰি দিওঁতে যে মানুহবোৰে কেনেকৈ তাইলৈ থৰ লাগি চাইছিল! তাই ভঙা ভঙা নাগামিজত গৈছিল, 'মই আপোনালোকৰ গাৱঁলৈ গৱেষণাৰ কাৰণে আহিছোঁ। জুম খেতি কেনেকৈ কৰে, জলবায়ু পৰিৱৰ্ত্তনৰ লগে লগে কেনেকৈ ইয়াৰ ৰূপ সলনি হৈছে সেয়া জানিব খুজিছোঁ।'

মানুহবোৰ আচৰিত হৈছিল।এগৰাকী বৃদ্ধই কৈছিল, 'আজিলৈকে কোনো বাহিৰা মানুহ এই গাৱঁলৈ অহা নাই! সেয়ে তুমি কোনোবা চৰকাৰী বিষয়া বুলিহে ভাৱিছিলোঁ।'

গাৱঁৰ গাওঁবুঢ়া কিউচাং। চুটি-চাপৰ কিন্তু আটিল দেহৰ এগৰাকী আদহীয়া ইমচুংগাৰ নগা। তেৱেঁ জুমিৰ বাবে নিজৰ ঘৰত এটা কোঠা খালী কৰি দিছিল। তেওঁৰ আহল-বহল পাকঘৰৰ জুহালত গোটখোৱা মানুহবোৰক গলগলীয়া কণ্ঠেৰে কৈছিল,
'জুমিয়ে এইবছৰ জংঘলত জুই দিয়াৰ পৰা খেতি চপোৱালৈকে গোটেই সময় খিনি ইয়াতে থাকিব, খেতিৰ কথা শিকিব। আপুনিখান মৰম পৰা তাইক হেল্প কৰি দিবি দেই!'

তেতিয়াৰ পৰা বহুজনৰ লগত থিয় পাহাৰবোৰ বগাই জুম খেতিলৈ গ'ল; বহুজনৰ সৈতে বহু কথা পাতিলে; শিকিলে কেনে কঠিন এই জীৱনযাত্ৰা। কেনেকৈ বিজ্ঞানে আজিও বুজি নোপোৱা এই পৰম্পৰাগত খেতিত খেতিয়কে যুগ যুগ ধৰি শিকি অহা কথাবোৰ কামত লগাইছে। কেনেকৈ জুম খেতিয়কে প্ৰতিদিনে পৰিৱৰ্ত্তিত পৰিৱেশ আৰু জীৱন ধাৰাৰ সৈতে নিজকে খাপ খোৱাৰ যুঁজখন যুঁজিছে। কিমান দেখিলে আৰু কিমান শিকিলে তাই!

আহ্‌, আকৌ ফোনৰ ৰিং! তাই খপজপাই তিতা চুলিখিনি টাৱেলেৰে মেৰিয়াই ওলাই আহিল। টিচাৰ্ট আৰু পেণ্ট এটা পিন্ধি লৈ ফোনটো তুলি ল'লে। ভিডিঅ' কলত প্ৰথমে মাকৰ মূৰৰ চুলি আৰু সেন্দুৰৰ সেঁওতা ওলাল। জুমিয়ে খিলখিলাই হাঁহি ক'লে, 'মা, ফোনটো অলপ দূৰলৈ নিয়া- অলপ বেঁকা কৰা। তোমালোকৰ মুখখনকে দেখা নাই।'

মাকে ফোনটো হাত মেলি দূৰলৈ ধৰিলে। এইবাৰ তাই মাকৰ মুখখন সম্পূৰ্ণকৈ দেখিলে। কিন্তু দেউতাকক আকৌ বুজাব লগা হ'ল, 'দেউতা তুমি কলটো কাটা- মাৰ কাষত ৰোৱাহি। একেঠাইৰ পৰা দুইজনে কল কৰিলে মাতবোৰ ওপৰা-ওপৰি হ'ব নহয়!'

'বহুত দিনৰ মূৰত ভিডিঅ' কল কৰিছোঁ। সেয়ে খেলিমেলি লাগি গৈছে দেই!' দোষী দোষীভাৱে কথাষাৰ কৈ মাকে হাঁহিলে। জুমিয়ে বুজিলে, যোৱা তিনিমাহত ভায়েক জোনে কিজানি মাক-দেউতাকলৈ এবাৰো ভিডিঅ' কল কৰা নাই। ভায়েকে মাক-দেউতাকৰ চিৰাচৰিত আবদাৰবোৰলৈ বৰকৈ কেৰেপ নকৰে। জুমিয়ে পিছে এতিয়াও প্ৰতিদিনে এবাৰ কল কৰাৰ নিয়মটো যিমান পাৰি মানি চলাৰ চেষ্টা কৰে। মাকৰ কথা হ'ল, 'একো খবৰ নাথাকিলেও ভাত খালিনে নাই, ঘৰ পালিহিনে নাই তাকে মেচেজ এটা কৰি হ'লেও আমাক জনাবি- নহ'লে ৰাতি সেই চিন্তাতে টোপনি নধৰে।' 

জোনৰ দৰে কেতিয়াবা জুমিৰো বিৰক্তি ওপজে। কিন্তু তাই ভায়েকৰ দৰে সেইবোৰ আওকাণ কৰিব নোৱাৰে। কাৰণ তাই জানে, অনাহক বা মাত্ৰাধিক হ'লেও এই দাবীবোৰ মাক-দেউতাকৰ মৰমৰে এক প্ৰতিৰূপ।

মাক-দেউতাকৰ সৈতে কথা পাতি থাকোঁতেই জুমিয়ে দেখা পালে, ৰাঘৱ মাথুৰৰ ফোন। 
'তোমালোকৰ ফোন ৰাখাচোন, ইয়াৰ ডি এফ অ'ই কল কৰিছে চোন!'
'হেল্ল' চাৰ, কওকচোন।'
'হাই জুমি, কি খৱৰ?' ফোনৰ সিপাৰৰ পৰা মাথুৰৰ গলগলীয়া মাতটো ভাঁহি আহিল।
'ভালেই, আপোনাৰ?'
'মোৰো ভাল। আমাৰ ৰেঞ্জাৰ লিমথুৰেই এইমাত্ৰ জনালে, আজি তুমি ডিমাপুৰ পাবাহি বুলি। সেয়ে কল কৰিলোঁ। কামবোৰ ঠিকে ঠাকে হৈ গ'লনে?'

জুমিয়ে ওঁঠ কামুৰিলে। ছেহ্‌, সেইটো খবৰ আচলতে তাই নিজে মাথুৰক দিব লাগিছিল। গৱেষণাৰ কামত তেওঁ যে কিমান সহায় কৰি দিলে! প্ৰথম তেঁৱেই তাইক পেনকিম গাঁৱৰ কথা জনাইছিল। কৈছিল, জুম খেতি এতিয়াও তাত পৰম্পৰাগত পদ্ধতিৰে কৰা হয়। অন্য বহু ঠাইৰ দৰে অন্য স্থায়ী খেতিয়ে সেয়া সলাই পেলোৱা নাই। গতিকে সেই গাঁৱেই তাইৰ ক্ষেত্ৰ অধ্যয়নৰ কাৰণে উপযুক্ত ঠাই হ'ব। পেনকিমত ফোনৰ নেটৱৰ্ক নাই বাবে তেঁৱেই কাৰোবাৰ হাতত গাওঁবুঢ়া কিউচাঙলৈ বাৰ্তা দি পঠাইছিল। আনকি তাই গৱেষণা কৰি থকা সময়তে এদিন তেওঁ দেখাও দিছিলগৈ। 

'অঁ, হয় ছাৰ। এই এঘণ্টা মান আগতেহে পাইছোঁহি।'
'তোমাৰ সকলো কাম হৈ গ'লনে?
'হয়। যিমান পাৰোঁ তথ্য গোটাই আনিছোঁ। বাকী বিশ্লেষণ কৰিলেহে ফলাফল ওলাব আৰু!'
'ঠিকেই ওলাব। তুমি ইমান কষ্টৰে গৱেষণা কৰিছা, ফলো ঠিকেই হ'ব। পিছে আজিৰ কি প্লেন?'
'আজি মানে তেনে একো প্লেন নাই! কাইলৈ পুৱাই ইয়াৰ পৰা ট্ৰেইন আছে ঘৰলৈ।'
'ঠিক আছে। সন্ধিয়া ওলাবা তেনে- ডিনাৰ একেলগে কৰিম!'

জুমিয়ে অলপ থতমত খালে। মাথুৰে তেনেকৈ ৰাতিৰ সাজৰ কাৰণে নিমন্ত্ৰণ জনাব বুলি যেন তাই আশাই কৰা নাছিল। তাই কিবা কোৱাৰ আগতে তেওঁ আকৌ সুধিলে, 'কোন হোটেলত আছা তুমি?'
'হোটেল একেচিয়াত।' বাধ্য ছাত্ৰীৰ দৰে তাই উত্তৰ দিলে।
'ঠিক আছে। সন্ধিয়া সাত বজাত সাজু হৈ থাকিবা। মই নিবলৈ আহিম!'

ফোন ৰাখি জুমিয়ে কিছুপৰ ভাৱিলে। মাথুৰৰ সৈতে ডিনাৰ! অৱশ্যে এইটো তেনে একো নতুন কথা নহয়! তেওঁ পেনকিম গাঁৱত থকা তিনিওটা নিশাই দুয়ো একেলগে জুহালৰ কাষত বহি ৰাতিৰ সাজ খাইছিল। প্ৰতি নিশা গাৱঁৰ অন্য মানুহেও সিহঁতৰ সৈতে যোগ দি মেল মাৰিছিল। পেনকিমৰ লগতে ওচৰৰ পুংৰ' আৰু ছালুমী গাৱঁৰ মানুহক গোট খুৱাই পতা ৰাজহুৱা সভাত তেওঁ জুমিৰ চিনাকি দিছিল, 
'স্কুল-কলেজত যিমানলৈকে পঢ়িব পাৰি, তাৰ একেবাৰে ওপৰত এই জুমি। এই গৱেষণা শেষ কৰিলেই তেওঁ ডক্টৰেট ডিগ্ৰী পাব।'

সকলোৰে হাত-চাপৰি আৰু প্ৰশংসা শুনি জুমিৰ গাল দুখন ৰঙচুৱা হৈ পৰিছিল! সেই সভাতে মাথুৰে তিনিওখন গাৱঁত আৰম্ভ কৰিব বিচৰা কৃষিউদ্যানৰ চৰকাৰী যোজনাখন ব্যাখ্যা কৰিছিল। ৰাইজৰ মতামত বিচাৰিছিল। তেওঁৰ কৰ্মদক্ষতা আৰু সলসলীয়া নাগামিজে যেন সকলো গঞাকে মুগ্ধ কৰি পেলাইছিল।

ফোনত আকৌ মাকৰ মুখখন জিলিকিল। দেউতাক হয়তো আবেলিৰ বজাৰলৈ ওলাই গ'ল।
'কিয় ফোন কৰিছিল ডি এফ অ'অই, জুমি?'
'অঁ, খবৰ ল'বলৈ।'
'খবৰ ল'বলৈ?' 
'অঁ লগতে আজি একেলগে ডিনাৰ কৰাৰ কথা ক'লে।'
'একেলগে ডিনাৰ!'
'অঁ আজি ইয়াত মোৰ শেষ দিন যে!'

মাক খন্তেক নীৰৱ হৈ ৰ'ল। কিন্তু সেই চিন্তাক্লিষ্ট মুখ দেখিয়ে জুমিয়ে বুজি পালে, মাকৰ মমতা আৰু প্ৰতিৰক্ষাৰ দুয়োপাখি মেল খাইছে। তাইক আৱৰি পেলাব খুজিছে কিন্তু তাইৰ সহজ আৰু আত্মবিশ্বাসী সুৰটোৱে যেন কিছু দোমোজাত পেলাইছে। সেই যুঁজ বেছিপৰ নিটিকিল। 

'জুমি, অচিনাকি মতা মানুহ এজনৰ সৈতে ৰাতিখন এনেকৈ ওলাই যোৱাটো ভাল কথা জানো?'
'তুমি কিয় তেনেকৈ ভাৱিছা, মা? তেওঁ অচিনাকি নহয়- বহুবাৰ লগ পাইছোঁ। এতিয়ালৈকে মোক বহুত সহায় কৰিছে গৱেষণাৰ কামত।'
'কিয় বা সহায় কৰিছিল!'

মাকৰ কথাৰ সুৰটোৱে জুমিৰ চকুৱে-মুখে এসোঁতা তেজ বোৱাই আনিলে। সেই ইংগিতেৰে মাকে কেৱল মাথুৰকে নহয়, তাইৰো আত্মসন্মানত আঘাত কৰা যেন ভাব হ'ল। আজি কতদিন গৱেষণাৰ বাবে তাই ঘুৰি ফুৰিছে। কতবাৰ কিমান অচিনাকি মানুহৰ সৈতে একেলগে ঘুৰিছে, চাহ-ভাত খাইছে তাই হিচাপ ৰখা নাই। মাকেতো এবাৰ দুজন খেতিয়কৰ সৈতে জুম খেতিলৈ যোৱাৰ কথা শুনিয়ে জাঁপ মাৰি উঠিছিল,
'তই অকলে অকলে তেনেকৈ হাবিতলীয়া বাটেৰে খেতি চাবলৈকে গৈছ?
'নাই, মোৰ সৈতে দুজন নগা খেতিয়ক আছিল।'
'চিনি-জানি নোপোৱা মানুহ। তাতে তাৰ মানুহে হাতত খামতি দা লৈ নুফুৰে জানো!'

কেতিয়াবা জুমিৰ ভাব হয়, অহৰহ বাতৰিৰ ঘটনাবোৰ দেখি-শুনি মাক-দেউতাকৰ মন যেন বহু অনাহক ভয় আৰু শংকাই ভৰাই পেলাইছে। অন্যদিনাৰ দৰে আজিও মাকে নিজৰ সেই ভয় আৰু আশংকাবোৰ জুমিলৈ ঠেলি দিছে। হয়তো ৰক্ষণশীল সমাজ আৰু পৰিয়ালৰ আৱেষ্টনীৰ মাজত ডাঙৰ হোৱা মাকৰ বাবে ছোৱালী এজনী এনেকৈ ঘুৰি ফুৰাটোও আজব কথা। সেয়ে কিজানি প্ৰতিৰক্ষাৰ কবচেৰে তাইকো আৱৰি ৰাখিব খোজে। কিন্তু সেই আশংকাই যদি মানুহক জীৱনৰ বাটত আগবঢ়াতে পদে পদে বাধা দিয়ে, তেনে তাত জানো এডাল ৰেখা টনা নাযায়? কিমান দূৰলৈ মাক-দেউতাকে সিহঁতক মমতাৰে আৱাৰি ৰাখিব আৰু কিমানৰ পিছত প্ৰাপ্তবয়স্ক সন্তানে নিজৰ জীৱনৰ দায়িত্ব নিজে ল'ব!

মাকক কোনোমতে আশ্বস্ত কৰি জুমিয়ে ফোন সামৰিলে। আবেলি বিছনাতে এবাগৰ দিবৰ চেষ্টা কৰিলে। কিন্তু চিলমিলকৈ টোপনি আহোঁতেই আকৌ ফোনৰ ৰিঙে তাইক সাৰ পোৱাই দিলে। মামাৰ ফোন!

'মামা, কোৱা। ভালনে তোমালোকৰ?'

'অঁ আমাৰ ভালেই। তয়ো ঠিকে-ঠাকে ওলাই আহিলি নহয়? বাইদেৱে ক'লে আজি হেনো অফিচাৰে ডিনাৰত মাতিছে!'

জুমিয়ে ভীষণ অস্বস্তি পালে। এইটো কথা মাকে মামাককো ক'ব লাগেনে!

তাই একো ক'বলৈ সুযোগ নিদি মামাকেই কৈ গ'ল, 'চা জুমি, মই আজি বাৰ বছৰে চৰকাৰী অফিচৰ চাকৰিয়াল। গোটেই জীৱন এনে কাৰবাৰ দেখিছোঁ। পুৰুষৰ মনত কি চলি থাকে সেয়া আমিহে ভালদৰে জানো! ভুলতো ৰাতিখন ওলাই নাযাবি দেই!'

এইবাৰ জুমিয়ে কিছু বিৰক্তি আৰু ক্ষোভেৰে মাকলৈ ফোন কৰিলে, 'মা, মামাকো কিয় এইবোৰত লগাইছা বাৰু!'
'নাই নাই, মই নিজে কোৱা নাছিলোঁ। সন্ধিয়া ভাইটি আহিছিল। মই আৰু দেউতাৰে পাতি থাকোঁতেহে সি শুনিলে। সি আমাক দঢ়াই দঢ়াই কৈ গৈছে, কোনো কাৰণতে তোক যাবলৈ নিদিবলৈ।'

এইবাৰ মাকৰ মাতটো কাতৰ হৈ ওলাল, 'চা জুমি, আমি জানো, তই নিজেই চাই-চিতি চলিবলৈ জান। আজিৰ পৃথিৱীখন বহুত বেলেগ হ'ল-সেয়াও বুজোঁ। কিন্তু অতদিনে বিপদ-আপদ নোহোৱাকৈ সেই অজান্তি মুলিকত কাম কৰিলি। আজি শেষৰ দিনটোত আকৌ কিয়নো বিপদ চপাই ল'ব লাগে, ক'চোন!'

এইবাৰ জুমি যেন সঁচাই বিবুদ্ধিত পৰিল। সকলোৰে কথা শুনি শুনি তাইৰ নিজৰ ওপৰতে সন্দেহ হ'বলৈ ধৰিলে-তাইহে মানুহক সহজে বিশ্বাস কৰে নেকি! ক'তা, মাথুৰৰ কথা বা কামত কোনো সময়তে একো অসহজ ভাব তাইৰ হোৱা নাই। বৰঞ্চ পেনকিম গাৱঁৰ মানুহবোৰৰ তাই মুগ্ধ হৈছে তেওঁৰ কৰ্মদক্ষতা আৰু আন্তৰিকতাত। উত্তৰ প্ৰদেশৰ পৰা এনেকৈ এই অজান্তি মুলুকত থিতাপি লৈ তেওঁ ভাষা-সংস্কৃতি শিকিছে। গ্ৰামীণ জীৱন উন্নত কৰাৰ চেষ্টা কৰিছে।ত্তেনে এজন মানুহৰ তাইৰ প্ৰতি অসৎ উদেশ্য থকা বুলি কেনেকৈ ধৰি লয় বাৰু?

এইবাৰ তাই নিয়ৰলৈ ফোন লগালে, 'নিয়ৰ, মা-দেউতাই বৰকৈ কৈছে মাথুৰৰ সৈতে ডিনাৰলৈ নাযাবলৈ। এই এঘণ্টা পিছতে তেওঁ মোক নিবলৈ অহাৰ কথা- কি যে লেঠা!'
নিয়ৰ কিছুপৰ নীৰৱে ৰ'ল। তাৰ পিছত গম্ভীৰ স্বৰেৰে ক'লে, 'মাই মোলৈকো ফোন কৰিছিল, জুমি! ঘৰত সকলোৱে খুউব ভয় খাইছে। এনেকুৱা কত কিমান বাতৰি কাকতে পত্ৰই বা টিভিত দেখা পাই থাকে ভাবাচোন। ভয় খোৱাৰে কথা! 

নিয়ৰৰ কথাখিনিয়ে এইবাৰ যেন জুমিয়ে বিচাৰি থকা সেই আঁচডাল টানি দিলে। সকলোৰে বাধা উলাই কৰি মাথোঁ মাথুৰৰ কথা ৰাখিবলৈকে তাই ডিনাৰ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তাই খৰধৰকৈ কাপোৰসাজ সলালে। তাৰপিছত হোটেলৰ কোঠাৰ আইনাৰ সন্মুখত থিয় দি মুখৰ ভিতৰতে ক'লে,
'ছাৰ- বেয়া নাপাব। মোৰ হঠাতে খুউব মূৰৰ বিষ আৰম্ভ হৈছে। পোনেই বিছনালৈহে যাব খুজিছোঁ। আজি আৰু বাহিৰত ডিনাৰ কৰাৰ সাধ্য নাই!'

কেইবাবাৰো মনতে সেই কথাখিনিকে দোহাৰি তাই বাহিৰ ওলাল। বুকুখন কিছু কঁপিল। তাই যে মানুহক না ক'বলৈ অসুবিধা পায়। তাৰ মাজতে মাকৰ মেচেজ, 'হোটেলৰ ৰুম সোমালিনে? আহ্‌, নাগালেণ্ডৰ এই শেষৰ নিশাটোত কিয় যে এইবোৰ জঁট লাগিল- আশা কৰি থকাৰ দৰে তাই ভালদৰে উপভোগ কৰিবলৈকে আহৰি নাপালে!

তাই নামি আহি হোটেলৰ লবীত থিয় দিলেহি। ইযোৰাৰ পিছত সিযোৰা মানুহ আহিল আৰু গ'ল। তাই উদাস দৃষ্টিৰে বাটলৈ চাই ৰ'ল। এনেতে মাথুৰৰ ফোন আহিল। 
'ছাৰ!' ফোনৰ সিপাৰে সন্ধিয়াৰ যান-জঁটৰ হুলস্থুল।
'জুমি, এয়া পাইছোঁহি দেই। তুমি পাৰিলে হোটেলৰ সন্মুখলৈকে ওলাই আহাচোন।'
তাই একো ক'বলৈকে নাপালে। তেওঁ ফোন কাটি দিলে। 

অহ্ তাই কি কৰে এতিয়া? উপায়ন্তৰ হৈ জুমি ওলাই আহিল। সেয়া মাথুৰৰ গাঢ় নীলা জীপ গাড়ীখন একেচিয়াৰ সন্মুখ পাইছে। চালকৰ আসনৰ পৰাই মাথুৰে সোঁহাতখন জোঁকাৰিছে। অঁ, সেয়া তেওঁৰ কাষৰ আসনতচোন এগৰাকী মহিলা। গাড়ীৰ পিছৰ আসনৰ খিৰিকীৰেও কণমানি মুখ এখনে তাইক সম্ভাষণ জনাইছে।

জুমি যেন থৰ হৈ ৰ'ল! গাড়ীখন তাইৰ ঠিক সন্মুখতে ৰোৱাৰ লগে লগে মহিলাগৰাকী নামি আহিল। তেওঁৰ মুখত এটি কোমল হাঁহি। দেহত বগা কূৰ্টা আৰু আকাশী নীলা জিনছ।

'হাই জুমি, মোৰ নাম আৰাধ্যা- ৰাঘৱৰ পৰিবাৰ। এয়া আমাৰ ছোৱালী ঈশা। তুমি তাইৰ লগত পিছৰ আসনতে বহা দেই!' তেওঁ গাড়ীৰ পিছ দুৱাৰখন খুলি দিলে।

জুমিয়ে কোনোমতে মূৰ দুপিয়াই পিছৰ আসনত বহি পৰিল। লগে লগে গাড়ীখন সন্ধিয়াৰ যানজঁটৰ লানিত সোমাই পৰিল।

'হাই জুমি!' কণমানি ঈশাই তাইৰ কেকুঁৰা চুলিৰ বেণী লৰাই লৰাই মাত দিলে। তাইৰ বয়স খুউব সম্ভৱ ছয়-সাত বছৰ। দুচকুত নিষ্পাপ শৈশৱৰ কৌতুহল। মুখত লাজ লাজ হাঁহি।

এইবাৰ জুমিয়ে যথাসম্ভৱ সহজ হ'বলৈ চেষ্টা কৰিলে। 'হাই ঈশা, ইমান ধুনীয়া তোমাৰ নামটো!' ঈশাই খিলখিলাই হাঁহি পেলালে।

'তোমাৰ নামটোও বৰ ধুনীয়া!' দুচকুত তিৰবিৰণি তুলি তাই উত্তৰ দিলে।

মাথুৰৰ পৰিবাৰে মুখ ঘুৰাই ক'লে, 'ঈশাই তোমাক লগ পাবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিল বুজিছা। তোমাৰ কথা এখেতে আমাক খুউব কৈ থাকে। আজিৰ দিনৰ ছোৱালী কিমানদূৰ আগবাঢ়ি গৈছে সেয়া শুনি বৰ ভাল লাগে জানা। সেয়ে ঈশায়ো বৰকৈ লগ পাব খুজিছিল!'

'আৰাধ্যা আৰু ঈশাক আজি নাগালেণ্ডৰ গাঁৱত থাকি কেনেকৈ গৱেষণা কৰিছা, জুম খেতিৰ কথা শিকিছা সকলো ক'বা দেই! ঈশাৰো তোমাৰ দৰেই কাম কৰিবলৈ মন, নহয় ঈশা?' মাথুৰে গাড়ী চলাই থকাৰ পৰা মাত দিলে।

'অঁ অঁ। ডাঙৰ হ'লে ময়ো তোমাৰ দৰে ৰিচাৰ্ছাৰ হ'ম! গোটেই পৃথিৱী ঘুৰিম!' ঈশাৰ কথাত তিনিও একেলগে হাঁহিলে।

জীপ গাড়ীখন ৰেষ্টোৰাঁ অভিমূখে আগবাঢ়িল। ৰেষ্টোৰাঁ পোৱাৰ আগেয়ে জুমিয়ে লাহেকৈ ফোনৰ বাওঁকাষৰ বাটনটো টিপি 'চাইলেণ্ট' কৰি থ'লে।