Saturday, 29 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৩)

পূৰ্বৰ খণ্ডত-

য়'য়'গি উদ্যানৰ প্ৰাণময় পুৱা

য়'য়'গি উদ্যানৰ একাংশ
টকিঅ'ত আমাৰ তৃতীয় দিন। জেট লেগৰ প্ৰভাৱত পুৱতি নিশাতে সাৰ পালোঁ। সেয়ে পূবত ধলফাট দিয়াৰ লগে লগে দৌৰিবলৈ ওলাই আহিলোঁ। যোৱা প্ৰায় এটা দশক ধৰি য'তে সুবিধা পাওঁ সেউজীয়াৰ মাজেৰে দৌৰাটো মোৰ প্ৰায় নিচাৰ দৰে হৈছেগৈ। আমাৰ হোটেলৰ কাষতে উদ্যান এখন থকা দেখা পাই টকিঅ'তো সেই লোভ সামৰিব নোৱাৰিলোঁ। 

শ্বিবুয়াৰ হোটেলৰ পৰা ওলাই উত্তৰদিশে দুইমিনিটমান খোজ কাঢ়িলেই য়'য়'গি উদ্যান। মেইজি তীৰ্থভূমিৰ কাষৰীয়া অন্য এক মহানাগৰিক সেউজীয়া পৃথিৱী। মূল প্ৰবেশদ্বাৰেৰে সোমোৱাৰ লগে লগে পুৱাৰ সতেজ বতাহ এছাটিয়ে মোক চুই গ'ল। তাতে ৰহণ চৰাই কোমল ৰ'দজাক শাৰী শাৰী ওখ গছৰ সেউজীয়াৰ মাজেৰে উদ্যানৰ বাটত ছিটিকি পৰিছে। সেই বাটেৰে আগবাঢ়িছে বহু পদচাৰী। কিছু লোক অকলশৰে, কিছুমানে গোট বান্ধি দৌৰিছে, কিছুমানে চাইকেল চলাইছে। বহুতে আকৌ উদ্যানৰ সেউজীয়া, পুখুৰীৰ হাঁহ আৰু বগলীৰ ৰূপ চাই চাই মৰ্ণিং ৱাক কৰিছে। প্ৰায়বোৰ মানুহেই উদ্যানৰ ঘাঁহনিত মুকলিতে থুপ খুৱাই নিজৰ বেগ আৰু অন্য বয়-বস্তু এৰি গৈছে। ভাৱ হ'ল, আগেয়ে শুনি অহাৰ দৰেই ইয়াত চুৰি বা অন্য অপৰাধ হয়তো কম। 

অন্য পদচাৰীৰ লগত যোগ দি ময়ো উদ্যানৰ সৰু-বৰ বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। ভৰিৰ গতিৰ লগে লগে দেহ-মন পাতলি আহিল- জেট লেগৰ ক্লান্তি আঁতৰি এক অবাৰ্চীন শিহৰণে জোকাৰি গ'ল। মোৰ আগে-পিছে বিভিন্ন বয়স আৰু ফিটনেছৰ লোক। কিছুমানে ভীষণ জৰুৰী ভাৱে নিজৰ স্মাৰ্টৱাট্চ‌ চাই চাই সময় মিলাই দৌৰিছে- হয়তো কোনো প্ৰশিক্ষণৰ বাবে। কোনোবাই লগৰীয়াৰ লগত কথা আৰু হাঁহিৰ মাজেৰে চৌদিশৰ শোভা উপভোগ কৰি লাহে লাহে দৌৰিছে। এই উদ্যানে যেন বয়স-ফিটনেছ নিৰ্বিশেষে সকলোকে প্ৰকৃতি আৰু নিজৰ কাষ চপাৰ সুবিধা দিছে। মহানগৰীৰ কংক্ৰিটৰ অৰণ্য আৰু নিয়ন লাইটৰ পৰা ক্ষণিক বিৰতি দিছে। এনেকৈ টকিঅ' মহানগৰীৰ সেউজ কোণ এটাত দৌৰিবলৈ পাই নিজকে বৰ ভাগ্যৱান যেন ভাৱ হ'ল। এয়া যে মাথোঁ তিনিদিন আগলৈকে মোৰ বাবে এক সপোনেই আছিল! 

টকিঅ'ৰ পৰা নিক্ক'লৈ

উভতি আহি দেখোঁ, বয়-বস্তু সকলো সামৰি কাইল ইতিমধ্যে সাজু হৈছে। গতিকে ময়ো খৰধৰকৈ সাজু হ'লোঁ। পুৱা নমান বজাত দুয়ো শ্বিবুয়া ট্ৰেইন ষ্টেচন পালোঁগৈ। আজি ষ্টেচনত আগতকৈ সহজ ভাৱ হ'ল। টকিঅ' আহি পায়ে ইয়াত প্ৰথম নিশাৰ চমকৰ কথা মনত পেলাই দুয়ো হাঁহিলোঁ। সেই নিশাৰ দৰে নহ'লেও এই পুৱাতে ষ্টেচনত যথেষ্ট ভিৰ। বিভিন্ন ৰে'লৱে লাইন-সেইমতে নিৰ্দিষ্ট ৰঙৰ চিন আৰু নিৰ্দেশনা। গুগল মেপত সেয়া চাই আমাৰ ষ্টেচন বিচাৰি উলিয়াই স্থানীয় ট্ৰেইনেৰে আছাকুছা ষ্টেচনলৈ ৰাওনা হ'লোঁ। মানুহৰ ভিৰৰ মাজেৰে কেৰি অন চ্যুটকেছ আৰু পিঠিৰ বেগ ধৰি থিয় দি থাকিয়ে দুয়ো আছাকুছা পালোঁগৈ। 

আজি আমাৰ গন্তব্যস্থান নিক্ক'। টকিঅ'ৰ পৰা উত্তৰলৈ জাপানৰ ট'চিগি প্ৰিফেকচাৰত থকা এক ঐতিহাসিক পাহাৰী চহৰ নিক্ক'। সাংস্কৃতিক সমৃদ্ধি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনন্য মিলনক্ষেত্ৰ। আছাকুছাৰ পৰা নিক্ক'লৈ যাবলৈ 'চবু নিক্ক' ট্ৰেইন লাইন ধৰিব লাগে। কিন্তু আমি ঠিক কৰিলোঁ, প্ৰথমে নিক্ক' পাছ একোখন কিনি লওঁ। সেয়ে ষ্টেচনত থকা টবু ৰে'লৱেৰ  অফিচ পালোঁগৈ। সন্মুখত মানুহৰ দীঘলীয়া লানি। পোন্ধৰ মিনিটমান শাৰী পতাৰ পিছত কাউণ্টাৰ পোৱাত সাদৰী জাপানী মহিলাগৰাকীয়ে দুখন নিক্ক' পাছ আগবঢ়াই ইংৰাজীত ক'লে,

'এয়া আপোনালোকৰ নিক্ক' পাছ। তিনিদিনৰ বাবে বৈধ। গতিকে সেইকেইদিনত নিক্ক'ৰ সকলো টবু বাছ, ৰে'লৱে আৰু ফেৰী ক্ৰুজত আপোনালোকে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। বেলেগকৈ কোনো টিকেট লোৱাৰ প্ৰয়োজন নাই। পাছৰ দাম আঠহাজাৰ য়েন- গতিকে দুজনৰ ষোল্লহাজাৰ।'

'আৰিগাট' গ'জাইমাছ!' কাইলে ক্ৰেডিট কাৰ্ডখন আগবঢ়াই দিলে। কানাডাৰ ক্ৰেডিট কাৰ্ড প্ৰায় সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰি। গতিকে অন্য উপায় ল'ব লগা নহ'ল।

তেওঁ মূৰ দোঁৱাই কাৰ্ডখন ল'লে। তাৰপিছত সুধিলে,

'নিক্ক'লৈ যাবলৈ স্থানীয় ট্ৰেইনতহে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। লিমিটেড এক্সপ্ৰেছ ট্ৰেইনখন কমসময়তে নিক্ক' পায়গৈ। কিন্তু তাৰবাবে বেলেগকৈ টিকেট কৰিব লাগিব। আপোনালোকক সেই টিকেটৰো প্ৰয়োজন নেকি?'

আমি দুয়ো দুয়োৰে চকুলৈ চালোঁ। কি কৰা যায়?

'লিমিটেড এক্সপ্ৰেছ কেইবজাত আছে বাৰু?' মই সুধিলোঁ।

'দহমিনিট পিছতে এখন ট্ৰেইন আছে। কিন্তু তাৰ সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে। পিছৰখন দুঘণ্টা পাছত মানে বাৰ বজাত আছে।'

টকিঅ'ৰ পৰা নিক্ক'লৈ প্ৰায় ১৫০ কিমি

আমি আচৰিত হ'লোঁ। আমাৰ মুখৰ ভাৱ দেখি মহিলাগৰাকীয়ে আকৌ ক'লে, 'এতিয়া শৰতৰ ৰূপ চাবলৈ নিক্ক'লৈ বহুত পৰ্য্যটক আহিছে- এয়া নিক্ক'ত পৰ্য্যটনৰ আটাইতকৈ ব্যস্ত সময়।'

'আজি তালৈ যাবলৈ অন্য কিবা ট্ৰেইন আছেনে?' কাইলৰ উৎকণ্ঠিত মাত।

'আছে!' তেওঁ যেন সাজু হৈয়ে আছিল। লিফলেট এখন আগবঢ়াই দি ক'লে, 'এয়া নিক্ক'লৈ যোৱা সকলো স্থানীয় ট্ৰেইনৰ সময়। পিছে স্থানীয় ট্ৰেইন বহুতো ষ্টেচনত ৰ'ৱ বাবে নিক্ক' গৈ পাবলৈ লিমিটেড এক্স্প্ৰেছতকৈ যথেষ্ট সময় ল'ব। ট্ৰেইন কেইবাবাৰো সলাবও লাগিব।'

কাইল আৰু মই খৰকৈ চিন্তা কৰিলোঁ। ইতিমধ্যে আমাৰ পিছত মানুহৰ লানি আগতকৈও দীঘল হৈছে। ঠিক কৰিলোঁ, ইয়াৰ পিছৰখন লিমিটেড এক্সপ্ৰেছৰ বাবে দুঘণ্টা ৰৈ থকাতকৈ স্থানীয় ট্ৰেইনত গৈ থকাই ভাল হ'ব। বয়-বস্তু বেছি নাই যেতিয়া ট্ৰেইন সলাবলৈও বিশেষ অসুবিধা নহয়।

জাপানী কৰ্চন চৰাইৰ অৰিগেমি

কাউণ্টাৰৰ মহিলাগৰাকীক ধন্যবাদ জনাই আমি ওলাই আহিলোঁ। অফিচৰ সন্মুখতে এগৰাকী মহিলাই অৰিগামি বেচি আছিল। জাপানৰ এক পৰম্পৰাগত আৰু জনপ্ৰিয় এই হস্তবিদ্যা। মই তাতে থমকি ৰোৱা দেখি মহিলাগৰাকী আগবাঢ়ি আহিল। ভঙা ভঙা ইংৰাজীৰে ক'লে,

'এয়া কৰ্চন চৰাইৰ ধাতুৰে কৰা অৰিগামি- কৰ্চন চৰাইক জাপানত কৃতজ্ঞতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি বিশ্বাস কৰে।'

'বহুত ধুনীয়া!' ক্ৰেইন মানে কৰ্চন চৰাইবোৰ চাই মই ক'লোঁ। 'ধাতুৰ অৰিগেমি মোৰ বেগত নোসোমাব- দামো বেছি!'

'এয়া কাগজৰো অৰিগেমি আছে- সেয়া বিনামূলীয়া। ইচ্ছা কৰিলে সেয়া ল'ব পাৰে!'

দুয়ো হেঁপাহেৰে কাগজৰ দুটি কৰ্চন চৰাই একোটা লৈ আৰু তেওঁক বহুত ধন্যবাদ জনাই  ষ্টেচনতে এখন কেফেত বহিলোঁহি।কফি একোকাপ খাই লৈ স্থানীয় ট্ৰেইনত উঠাৰ কথা। কিন্তু কফিৰ মাজতে লিফলেটত স্থানীয় ট্ৰেইনৰ সময় চাই মোৰ চকু কপালত উঠিল। অন্তত: তিনি বা চাৰিবাৰ ট্ৰেইন সলাব লাগিব। তাৰে কেইখনমানৰ সময়ৰ মাজৰ বিৰতি মাথোঁ পাঁচমিনিট। কেফেৰ চকীৰ পৰা ঘপকৈ উঠি কাইলক ক'লোঁ,

'যিমান খৰধৰ কৰিলেও ইয়াৰ বিশাল ষ্টেচনবোৰত মানুহৰ ভিৰৰ মাজেদি প্লেটফৰ্ম সলাই পাঁচমিনিটত অন্য ট্ৰেইন ধৰা সম্ভৱ নহয়। সেয়া যদি নাপাওঁগৈ লিমিটেড এস্কপ্ৰেছতকৈ বহুত পলমকৈ আমি নিক্ক' পামগৈ।'

দুয়োৰে বুজিবলৈ বাকী নৰ'ল যে দুঘণ্টা পিছৰ ট্ৰেইনখনেই আমাৰ একমাত্ৰ ভৰসা। এইবাৰ আকৌ মানুহৰ ভিৰৰ মাজেৰে প্ৰায় দৌৰি যোৱাদি টবু ৰে'লৱেৰ অফিচ পালোঁগৈ। আকৌ দীঘলীয়া লানিত থিয় দিব লগা হ'ল। আধাঘণ্টামান পিছত সেই ট্ৰেইনৰ দুটা টিকেট পাইহে স্বস্তিৰ নিশ্বাস পেলালোঁ।

এক মিনিটৰো হেৰফেৰ নকৰাকৈ চাৰে বাৰ বজাৰ লিমিটেড এক্সপ্ৰেছ ট্ৰেইনে শ্বিবুয়া এৰিলে। স্থানীয় ট্ৰেইনতকৈ টিকেটৰ দাম বেছি যদিও এইখন যথেষ্ট আৰামদায়ক ট্ৰেইন। আসনৰ সন্মুখত সৰু ফল্ডিং টেবুল আৰু কোট বা জেকেট ওলমোৱাৰ ব্যৱস্থা। মূৰৰ ওপৰত সৰু বেগ আৰু প্ৰতিখন কাৰৰ একাষে ডাঙৰ বয়-বস্তু লক কৰি থোৱাৰ ব্যৱস্থা আছে।

দুঘণ্টীয়া যাত্ৰাৰ সমগ্ৰ বাটছোৱা ৰ' লাগি খিৰিকীৰে জাপানৰ ৰূপ উপভোগ কৰিলোঁ। দুয়োকাষে সঘনে চিত্ৰপট সলনি হ'ল। টকিঅ' মহানগৰীৰ আকাশচুম্বী অট্টালিকা আঁতৰি ন-ভূঁই ৰোৱা পথাৰ, সৰু সৰু জুৰি আৰু গাওঁ দেখা দিলে। বহু ঘৰৰ চৌহদত দেখা পালোঁ প্ৰায় পাতবিহীন গছ কিছুমানত ভৰি ভৰি কমলাৰ দৰে এবিধ ফল। পিছতহে গম পালোঁ, সেয়া য়ুজু ফল। নিক্ক'ৰ দিশে যিমানেই ট্ৰেইন আগবাঢ়িল, সিমানেই খৰকৈ দিগন্তৰ শাৰী শাৰী পাহাৰবোৰ কাষ চাপি আহিল। মোৰ উত্তেজনাও বাঢ়িল। ভাৱ হ'ল যেন, মহানাগৰিক হৈ চৈৰ পৰা ওলাই ক্ৰমান্বয়ে নিৰিবিলি প্ৰকৃতিৰ বুকুলৈ আগবাঢ়ি গৈছোঁ। 

ট্ৰেইনৰ পৰা দেখা পোৱা জাপানী শইচৰ পথাৰ

পাহাৰী নগৰী নিক্ক'ৰ আদৰণি

টবু-নিক্ক' ষ্টেচন
আবেলি চাৰে তিনিবজাত টবু-নিক্ক' ষ্টেচনত নামিলোঁগৈ। মাথোঁ দুটা প্লেটফৰ্মেৰে তেনেই কণমানি সেই ষ্টেচন। ষ্টেচনৰ পৰা ওলোৱাৰ লগে লগে চেঁচা বতাহ এজাকে আমাক নিক্ক'লৈ আদৰিলে।

'ইয়াত টকিঅ'তকৈ যথেষ্ট ঠাণ্ডাচোন!' কাইলে কোটৰ বুটাম মাৰি ল'লে।

'পাহাৰীয়া ঠাই যে! আমাৰ এয়াৰ বি এনবি ওচৰতে। গৈ পাইহে বাকী গৰম কাপোৰ উলিয়াম আৰু।' মই ক'লোঁ।

দুয়ো ষ্টেচনৰ পৰা ওলাই মূল পথেৰে খোজ দিলোঁ। তাৰ পৰা পোনে পোনে এলানি ওখ গছৰ শেষত এয়াৰ বি এন বিটো বিচাৰি উলিয়াবলৈ কোনো অসুবিধা নহ'ল। ইতিমধ্যে জাপানী গৃহস্থই পঠাই থোৱা নিৰ্দেশাৱলী চাই লৈ লকাৰৰ পৰা ঘৰৰ চাবি উলিয়ালোঁ।

'এয়াই চাৰিদিনৰ কাৰণে আমাৰ ঘৰ!' চাবি পকাই মূল দুৱাৰখন খুলি কাইলক ক'লোঁ। সি হাঁহিলে। 

মূল দুৱাৰৰ সিপাৰে কিছু মুকলি ঠাই। একাষে চেলফত বহুকেইযোৰ শ্লিপাৰ চেণ্ডেল। লগতে এটা খৰাহীত চাৰি-পাঁচটা ছাতি। তাৰ পৰা আগলৈ কিছু ওখ মজিয়া। বুজিলোঁ, সেইখিনিৰ পৰা আগলৈ বাহিৰৰ জোতা-চেণ্ডেল নিব নোৱাৰি। দুয়ো বুটজোতা খুলি শ্লিপাৰ এযোৰ পিন্ধি ল'লোঁ। দুয়ো বয়-বস্তু তাতে থৈ এফালৰ পৰা কৌতুহলেৰে ঘৰটো চাই গ'লোঁ। সোঁফালে বহা কোঠা আৰু পাকঘৰ। বাওঁকাষে দুটা শোৱাকোঠা আৰু গা ধোৱা ঘৰ। সকলো পৰিপাটিকৈ সজাই ৰাখিছে। মন কৰিলোঁ, বাথৰুমত টয়লেট লিখি থোৱা অন্য এযোৰ শ্লিপাৰ। শৌচাগাৰত সকলোতে দেখি অহা অত্যাধুনিক ৱাছলেট। আনকি বাথ টাবৰ কাষতো এখন চুইচবৰ্ড। কিমান উষঞতাৰ পানী লাগে ইত্যাদি চুইচ টিপিয়ে কৰিব পাৰি। 

'ধুনীয়া!' ঘুৰি পকি চাই কাইলে সন্তুষ্টিৰে মাত দিলে। দুয়ো গৈ এইবাৰ গৈ এখিনি ঠেক চিৰিৰ সন্মুখত থিয় দিলোঁগৈ। সি অলপ আচৰিত ভাৱেৰে ক'লে, 'ইমান ডাঙৰ ঘৰ! ওপৰত আৰু আছে?' 

নিক্ক' চহৰৰ এয়াৰ বি এনবি

'চাৰপ্ৰাইজ!'  বহল হাঁহি এটাৰে মই ক'লোঁ। নিক্ক'ৰ সকলো পৰিকল্পনা মোৰ। জাপানৰ প্ৰায়বোৰ হোটেলৰ কোঠা সৰু বুলি জানিয়ে নিক্ক'ত এই ঘৰ বুক কৰিছিলোঁ। মহানগৰৰ পৰা দূৰৈৰ এই পাহাৰীয়া টাউনত আহল-বহলকৈ দুদিনমান থাকিম বুলি। এইবাৰ দুয়ো উৎসাহেৰে চিৰিয়েদি ওপৰ পালোঁগৈ। 

ওপৰ মহলাত সৰু বেলকনি এখনেৰে জাপানৰ পৰম্পৰাগত কোমল বাঁহৰঙী টাটামি মেটৰ এটা কোঠা। প্ৰথম দেখাত আমি দুয়ো অলপ আচৰিত হ'লোঁ। কাৰণ কোঠাটো সম্পূৰ্ণ মুকলি। কণমানি এখন জাপানী টেবুলৰ বাহিৰে একো আচবাব পত্ৰ নাই! 
 
'অঁ, এইটোচোন জাপানৰ পৰম্পৰাগত শোৱা কোঠা!' কৈ কাইলে আগবাঢ়ি গৈ খিৰিকীৰ পৰ্দা কোঁচাই দিলে। খিৰিকীৰ বাওঁকাষে দিগন্তৰ ধৰা দিলে শাৰী শাৰী সেউজীয়া পাহাৰে। মই অভিভূত হৈ পৰিলোঁ। নিক্ক'ত থকা দিনকেইটাত প্ৰতি পুৱা তাৰ টাটামি মেটত যোগা কৰিবলৈ পাই এই কোঠাটো মোৰ প্ৰিয় কোঠা হৈ পৰিল!

নিক্ক'ৰ জাপানী পৰম্পৰাগত কোঠা

Saturday, 22 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (২)

পূৰ্বৰ খণ্ডত-

টকিঅ' মহানগৰীৰ আকাশী ৰূপ

জাপানৰ টকিঅ' মহানগৰীত প্ৰথম দিন। টকিঅ'ৰ নীলিম আকাশত মুঠি মুঠি ডাৱৰৰ লুকা-ভাকু খেলা চলিছে। কিন্তু আৰ্দ্ৰতা বেছি হোৱাৰ কাৰণেই কিজানি আজি যোৱা নিশাৰ দৰে ঠাণ্ডা পৰা নাই। পাতলীয়া জেকেট এটা পিন্ধিয়ে আবেলি দুইমান বজাত শ্বিবুয়া স্কাইলৈ বুলি ওলালোঁ। ব্যস্ত ৰাজপথৰ পদপথেৰে কাইল আৰু মই খোজ দিলোঁ। 

বাটৰ দুয়োকাষে শাৰী শাৰী গছ। শৰতৰ ৰং লাগি কিছুমান হালধীয়া হৈছে। প্ৰায়বোৰ এতিয়াও সেউজীয়া। এইবিধ টকিঅ'ৰ চৰকাৰী গছ বা ট্ৰী অব টকিঅ'- গিংক'। 

টকিঅ' মহানগৰীত গিংক' গছৰ শাৰী

'জানানে, এইবিধ গিংক'ৱেলিছ বৰ্গটোৰ একমাত্ৰ জীৱিত প্ৰজাতি। বহুহাজাৰ বছৰ পুৰণি প্ৰজাতি এইটো। এই পৰিয়ালৰ অন্য সকলো উদ্ভিদ এতিয়া জীৱাশ্ম ৰূপতহে পোৱা যায়। গিংক' এবিধ জীৱিত জীৱাশ্ম!'  হালি পৰা ডাল এটাৰ ত্ৰিভুজাকাৰ পাতখিলা চুই মই কাইলক ক'লোঁ। 

আচলতে গিংক' গছ দেখা পালেই মই এই কথাটো সকলোকে বৰ উৎসাহেৰে কওঁ। এইবাবে গিংক' দেখা পালেই মই উত্তেজিত হৈ পৰোঁ। ভাৱ হয়, হাজাৰ হাজাৰ বছৰ ধৰি এই গছজোপাই কিমান কি যে দেখিছে-শুনিছে; কত ইতিহাস ইয়াৰ বুকুত কিজানি সাঁচি ৰাখিছে!

কাইলে পাতখিলা চুই চালে। ত্ৰিভুজৰ দৰে পাতখিলাৰ দাঁতিৰ ঢৌবোৰ লাহেকৈ মোহাৰি দিলে। তাৰপিছত মূৰ দাঙি গোটেই গছজোপা তলৰ পৰা ওপৰলৈ চাই লৈ ক'লে,

'এইবিধ মই সদায় খোৱা গিংক' বিল'বা নেকি?'

কাইল পেছাগতভাৱে ইঞ্জিনিয়াৰ। জোখ-মাখ আৰু যন্ত্ৰৰ পৃথিৱীখনত সি অভ্যস্ত। প্ৰকৃতি-চৰাই-চিৰিকটি বা গছ-গছনিৰ বিষয়ে মইহে অনৰ্গল কৈ থাকোঁ। সেয়ে কাইলৰ মুখত গছজোপাৰ বৈজ্ঞানিক নাম শুনি প্ৰায় আচৰিতেই হ'লোঁ। মোৰ প্ৰশ্নবোধক মুখখন দেখি সি অলপ গৌৰৱ আৰু অলপ হাঁহিৰে ক'লে,

টকিঅ'ত গ' কাৰ্ট
'আজি বহুবছৰ ধৰি মই গিংক' বিল'বা চাপ্লিমেণ্ট খাই আহিছোঁ। মগজুৰ ক্ষমতা আৰু স্মৃতিশক্তি বঢ়োৱাৰ কাৰণে। কানাডাত খুবেই জনপ্ৰিয়! পিছে সেই চাপ্লিমেণ্ট ক'ৰপৰানো আহিছে আজিহে দেখিলোঁ।'

দুয়ো হাঁহি পেলালোঁ- এই আধুনিক পৃথিৱীত প্ৰকৃতিৰ সৈতে আমাৰ সংযোগবোৰৰ স্বৰূপ যেন কেনে ভিন্ন হৈ পৰিছে! এনেতে আমাৰ কাষত তিনিখন গ' কাৰ্ট ৰৈ গ'লহি। টকিঅ' মহানগৰীত গ' কাৰ্ট চলোৱাটো হেনো পৰ্য্যটকৰ মাজত খুবেই জনপ্ৰিয়। আৰোহী কেইজনৰ স্ফূৰ্তি আৰু উত্তেজনা দেখি আমাৰো তাৰ সোৱাদ ল'বলৈ মন গ'ল। কিন্তু সময়ৰ অভাৱৰ বাবে সেই ইচ্ছা বাদ দিলোঁ।

দহমিনিটমান খোজ কাঢ়ি শ্বিবুয়া স্কাইৰ অট্টালিকাটো দেখা পালোঁ।সেই স্ক্ৰেম্বল টাৱাৰৰ ৪৭ নং মহলাত অৱস্থিত এটা পৰ্যবেক্ষণ ডেক শ্বিবুয়া স্কাই। ২২৯ মিটাৰ ওখ এই আকাশচুম্বী ছাঁদৰ পৰা টকিঅ' মহানগৰীৰ পেনোৰামিক দৃশ্য দেখা যায়। সেইবাবেই পৰ্য্যটকৰ মাজত এই স্কাইৰ জনপ্ৰিয়তা সাংঘাতিক। বিশেষকৈ শ্বিবুয়া স্কাইৰ পৰা সূৰ্যাস্তৰ সময়ত টিকেট পাবলৈকে টান। ইমানেই টান যে আমি এমাহৰ আগতেই টিকেট মুকলি কৰাৰ দিনা খাপ পিটি থাকিব লগা হৈছিল। কাৰণ অনলাইন মুকলি কৰাৰ প্ৰথম পাঁচমিনিটৰ ভিতৰতে সকলো টিকেট বিক্ৰী হৈ যায়। সেইদিনা কাইল আৰু মই দুয়ো দুটা লেপটপত জোপ লৈ থাকি কোনোমতেহে আজিৰ বাবে টিকেট পালোঁ।

মানুহৰ ভিৰৰ মাজেৰে আগবাঢ়ি গৈ লিফটেৰে চৈধ্য নম্বৰ মহলাত থকা স্কাইগেইট পালোঁগৈ। তাত এফালে টিকেট লৈ মানুহৰ দীঘলীয়া শাৰী। আনফালে লকাৰ আৰু স্মৰণিকা অৰ্থাৎ চ'ভেনিয়াৰৰ দোকান-পোহাৰ। শাৰীত থিয় দি গৈ আমাৰ টিকেট দুটা দেখুৱাই কাইলে ক'লে,

শ্বিবুয়া স্কাইৰ লিফটত

'ক'নিচুৱা (হেল্ল')!'

'কনিচুৱা!' তেনেই কমবয়সীয়া যেন লগা কৰ্মচাৰী ডেকাজনে বহল হাঁহি এটাৰে লকাৰৰ ফালে দেখুৱালে। আকাৰে-ইংগিতেৰে বুজালে, ফোনৰ বাহিৰে পিঠিৰ বা হাতৰ বেগ বা স্কাৰ্ফ একোকে ওপৰলৈ নিবলৈ দিয়া নহয়। 

মই আগেয়ে ভবাতকৈ কম লোকে ইয়াত ইংৰাজী কয় বা বুজে। জাপানী এনিমে'ৰ অনুৰাগী কাইল কিছুমান সততে ব্যৱহৃত জাপানী শব্দৰ সৈতে পৰিচিত। মইহে নতুনকৈ যিমান পাৰোঁ জাপানী শব্দ শিকাৰ চেষ্টা কৰি আছোঁ। সকলো বয়-বস্তু লকাৰত থৈ দ্বিতীয়টো লিফটলৈ আগবাঢ়োঁতে এইবাৰ মই ক'লোঁ, 'আৰিগাট' (ধন্যবাদ!)'

'আৰিগাট' গজাইমাছ' -দ্বিতীয়জন কৰ্মচাৰীয়ে হাঁহিমুখেৰে ক'লে আৰু সন্মুখলৈ হালি মূৰ দোঁৱালে। 

মই কাইলৰ মুখলৈ চালোঁ। 'তেওঁ বহুত ধন্যবাদ দিছে'- সি হাঁহি হাঁহি ক'লে। পিছৰ কেইদিনত মন কৰিলোঁ, জাপানী লোকসকল ইমানেই নম্ৰ যে কোনেও কেৱল ধন্যবাদ নজনায়! প্ৰায় সকলোৱে পোনেই 'বহুত ধন্যবাদ' বুলিহে কয়। লগতে মূৰ দোঁৱাই সন্মান জনায়। পিছলৈ আমি দুয়ো সকলোকে সেইদৰে মূৰ দোঁৱাবলৈ ল'লোঁ। যেনে দেশ তেনে ভেশ! যেন জাপানী নম্ৰতাই পৰ্য্যটককো নম্ৰ আৰু মাৰ্জিত হ'বলৈ সোঁৱৰাই দিয়ে।

দ্বিতীয়টো লিফটত উঠাৰ লগে লগে চৌদিশে অন্ধকাৰ হৈ চিলিঙৰ স্ক্ৰীণত ত্ৰিমাত্ৰিক ডিছপ্লে' আৰম্ভ হ'ল।সেই মন্ত্ৰমুগ্ধকৰ এনিমেচন চাই চায়ে আমি ৪৫ নং মহলা পালোঁগৈ। তাৰ পৰা এখন ঠেক এস্কেলেটৰেৰে অট্টালিকাৰ ছাঁদলৈ গ'ল। চৌদিশে কাঁচৰ বেঁৰা- মাজত বিশাল আকাশী মঞ্চ আৰু কৃত্ৰিম ঘাঁহৰ সেউজীয়া হেলিপেড। তাতে আৰামদায়ক চকীত পৰি কোনোবাই আকাশ চাইছে, কোনোবাই ছাঁদৰ কোণ একোটালৈ গৈ ফটোৰ বাবে প'জ দিছে, কোনোবাই ওপৰ মূৰ কৰি আকাশত ডাৱৰৰ খেলা উপভোগ কৰিছে। 


শ্বিবুয়া স্কাইৰ পৰা দেখা পোৱা টকিঅ' মহানগৰীৰ একাংশ

তেতিয়াও সূৰ্যাস্তলৈ সময় আছিল। গতিকে অন্য পৰ্য্যটকৰ লগতে আমি ছাঁদৰ প্ৰতিটো কোণৰ পৰা টকিঅ' মহানগৰীৰ ৰূপ উপভোগ কৰিলোঁ। দেখা পালোঁ, টকিঅ' মহানগৰীৰ ওখ-চাপৰ অট্টালিকা, টকিঅ’ স্কাইট্ৰি, আগেয়ে গৈ অহা মেইজি তীৰ্থভূমিৰ সেউজীয়া, আৰু শ্বিবুয়া স্ক্ৰেম্ব'ল ক্ৰছিঙত মানুহৰ সোঁত। জীৱন্ত প'ষ্টকাৰ্ডৰ দৰে অপৰূপ এক ৩৬০° পেনোৰামিক দৃশ্য। 

সূৰ্যাস্তৰ টকিঅ'

এটা সময়ত আমিও শ্বিবুয়া স্কাইৰ একোণত বহিলোঁগৈ। তাৰপৰা মোৰ প্ৰিয় দৃশ্য হৈ পৰা টকিঅ'ৰ অংশটো চাই ৰ'লোঁ। সেয়া হৈছে- কংক্ৰিটৰ মাজত জিলিকি ৰোৱা মেইজি তীৰ্থভূমিৰ আকাশচুম্বী বিস্তীৰ্ণ সেউজীয়া। মহানাগৰিক জীৱনৰ হৈ চৈৰ মাজত তেনে এক দেহ মন নিজাৰ পৰা আলমৰ যে বহু প্ৰয়োজন- মানুহৰ লগতে প্ৰকৃতিৰ প্ৰতিটো অংশৰ বাবে!

লাহে লাহে পশ্চিমৰ আকাশখন সোণালী হ'বলৈ আৰম্ভ কৰিলে। মানুহবোৰ সেইদিশে থোপ খালেগৈ। সোণালী আভাই এক যাদুকৰী তুলিকাৰে যেন কংক্ৰিটৰ অট্টালিকা, গছ-বন, বাট-পথ সকলোতে স্পৰ্শ কৰি গ'ল। আমি চাই থাকোঁতেই সমগ্ৰ মহানগৰ ৰং-বিৰঙী লাইটেৰে উদ্ভাসিত হৈ পৰিল। বিমুগ্ধ ৰূপেৰে সেই সকলো উপভোগ কৰি আমি উভতিলোঁ। 

এইবাৰৰ লক্ষ্য এই মহানগৰীৰ নৈশ ৰূপ উপভোগ কৰা। 


শ্বিবুয়া স্কাইত কাইল আৰু মই

স্ক্ৰেম্ব'ল ক্ৰছিঙৰ চমক

শ্বিবুয়া স্কাইৰ লগতে লাগি আছে স্ক্ৰেম্ব'ল ক্ৰছিং। এই ক্ৰছিং টকিঅ'ৰ আটাইতকৈ ব্যস্ত আৰু বিখ্যাত আকৰ্ষণবোৰৰ এটা। এই চাৰিআলিত চিহ্নিত কৰি থোৱা বগা চিনেৰে পদচাৰীয়ে যিকোনো দিশত বাট পাৰ হ'ব পাৰে। আমি দুয়ো আহি তাত থিয় দিওঁহি মানে সন্ধিয়া লাগি ভাঙিছে। মানুহৰ ভিৰ বাঢ়ি আহিছে। চৌদিশৰ ৰং বিৰঙী নিয়ন লাইট আৰু হৰেক ৰকমৰ বিশালকায় ডিজিটেল স্ক্ৰীণে চকু চাৎ মাৰি ধৰিছে। চৌদিশে অলেখ-অসংখ্য মানুহ।

ট্ৰেফিক সংকেত সেউজীয়া হোৱাৰ লগে লগে চাৰিওদিশৰ পৰা শ শ মানুহে চাৰিআলিটো পাৰ হ'বলৈ আৰম্ভ কৰিলে। মানুহৰ সাগৰত উটি-ভাঁহি যোৱা যেন ভাৱ হ'ল আমাৰ। আচৰিত হ'লোঁ, ইমান ভিৰ আৰু হৈ চৈৰ মাজতো কেনেকৈ ইমানবোৰ মানুহ মুখামুখিকৈ খোজ দি পাৰ হৈ গ'ল।যেন এক নিয়ন্ত্ৰিত বিশৃংখলতা! বাটৰ সিপাৰ পাই সিপাৰ পাই কাইলে ক'লে, এই ঠাইখন বৰ চিনাকি চিনাকি লগা নাইনে?'

মোৰো তেনে এটা ভাৱ হৈ আছিলেই। এতিয়া কাইলৰ কথা শুনি আকৌ এবাৰ চাৰিওফালে চালোঁ। মই কিবা ক'বলৈ পোৱাৰ আগতে সি কৈ উঠিল, 'যোৱা নিশা আমি এইফালেদিয়ে হোটেললৈ গৈছিলোঁ!'

মোৰো তেতিয়াহে খেয়াল হ'ল, ষ্টেচনৰ পৰা ওলাই মানুহৰ সোঁতত পৰি আমি অজ্ঞাতে এই ক্ৰছিঙেই পাইছিলোঁহি। জাপানত ভৰি দিয়েই যোৱা নিশা তেনে আমাক স্ক্ৰেম্ব'ল ক্ৰছিঙেই চমক খুৱালে!

শ্বিবুয়াৰ স্ক্ৰেম্ব'ল ক্ৰছিং পাৰ হোৱাৰ দৃশ্য

হাচিকো নামৰ কুকুৰটো 

শ্বিবুয়াৰ স্ক্ৰেম্ব'ল ক্ৰছিঙৰ ওচৰতে মানুহৰ অন্য এটা দীঘলীয়া শাৰী দেখি আমি সেইদিশে আগবাঢ়ি গ'লোঁ। এটা সৰু কুকুৰৰ ব্ৰ'ঞ্জৰ প্ৰতিমূৰ্ত্তি। গম পালোঁ, সেয়া শ্বিবুয়াৰ জনপ্ৰিয় কুকুৰ হাচিকোৰ প্ৰতিমূৰ্ত্তি। এই হাচিকো নামৰ কুকুৰটো এক জনপ্ৰিয় কিংবদন্তী হৈ পৰাৰ কাহিনীও জানিবলৈ পালোঁ।

হাচিকোৰ প্ৰতিমূৰ্ত্তিত ফটোৰ বাবে মানুহৰ লানি

টকিঅ'ত দেখা পোৱা আকিতা জাতিৰ কুকুৰ এটা
হাচিকো আকিতা জাতিৰ কুকুৰ। উনৈছৰ দশকত অধ্যাপক উৱেন'ৰ বৰ মৰমৰ কুকুৰ আছিল হাচিকো। প্ৰতিদিনে হাচিকোই উৱেনক শ্বিবুয়া ষ্টেচনলৈ আগবঢ়াই দিয়ে। তাৰপিছত তেওঁ কৰ্মস্থলীৰ পৰা উভতি অহালৈকে তাতে বাট চাই ৰয়। দুৰ্ভাগ্যক্ৰমে এদিন উৱেন' উভতি নাহিল। কৰ্মস্থলীতে তেওঁৰ আকস্মিকভাৱে মৃত্যু হ'ল। প্ৰভুভক্ত হাচিকো তাতে ৰৈ থাকিল- এদিন, দুদিন নহয় পিছৰ ন বছৰলৈকে
প্ৰতিদিনে নিজৰ মালিকৰ বাবে ষ্টেচনত অপেক্ষা কৰি ৰ'ল। তেতিয়াৰ পৰা হাচিকো দেশজুৰি চিৰস্থায়ী আনুগত্য আৰু বিশ্বাসৰ প্ৰতীক হৈ পৰিল।

টকিঅ'ত মদাহীৰ গলি

সেই নিশা খাদ্যৰ সন্ধানত আমি শ্বিবুয়াৰ প্ৰখ্যাত ড্ৰাংকাৰ্ড'ছ এলী বা মদাহীৰ গলিত ভৰি দিলোঁগৈ। স্থানীয় ভাষাত এই ঠাইৰ নাম ননবেই যোকোচোক (Nonbei Yokocho)। শ্বিবুয়া ক্ৰছিঙৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত থকা ঠেক গলিটো বিভিন্ন সাজ-সজ্জা আৰু লাইটেৰে আটকধুনীয়া। তাতে শাৰী শাৰী সৰু ইজাকায়া বা পৰম্পৰাগত জাপানী পাব। প্ৰতিখনৰ সন্মুখত কেইখনমান টেবুল আৰু চকী। পঞ্চাছৰ দশকৰ পৰাই এই ঠাইখন খাদ্য আৰু পানীয়ৰ বাবে জনাজাত হৈ আহিছে। সেই সন্ধিয়াও সমগ্ৰ ঠাইখন মানুহেৰে গিজগিজাই আছে।

মদাহীৰ গলিত আমি

আমি গৈ এখন ইজাকায়াৰ খালী টেবুলত বহিলোঁগৈ। ৱেইটাৰে বেগ থ'বলৈ দুটা বাস্কেট আৰু দুখন মেন্যু আগবঢ়াই দিলে। খাদ্যৰ নাম সকলো জাপানী ভাষাত। দুই এখন ফটো আছে যদিও একোৱে আমাৰ পৰিচিত খাদ্য নহয়। 

'গুগল ট্ৰেন্সলেটৰত চোৱাচোন!' কাইলে ক'লে। 

কথামতেই কাম। গুগল ট্ৰেন্সলেটৰত ফটো তুলি অনুবাদৰ বাবে টিপাৰ লগে লগে পৃষ্ঠাটো ইংৰাজীত দেখুৱালে। আমি দুয়ো সকাহ পালোঁ। দীঘলীয়া তলিকাৰ পৰা চাই মেলি অমু ৰাইচ বা অমলেট ভাত আৰু জাপানী বীয়েৰ ল'লোঁ। অমুৰাইচ জাপানৰ এক জনপ্ৰিয় কমফৰ্ট খাদ্য। কুকুৰা মাংস আৰু বিভিন্ন পাচলি মিহলাই ভজা ভাতৰ ওপৰত পাতল অমলেট দি বিলাহীৰ চচ বাকি দিলে। দেখাত সাধাৰণ যেন লগা সেই খাদ্যৰ অপূৰ্ব সোৱাদ পাই আমি প্ৰায় বিস্মিতই হ'লোঁ।

জাপানৰ অমু ৰাইচ
সেইনিশা খোজেৰে উভতাৰ পৰত বাটৰ একাষে এখন বিশাল হৰ্ডিং দেখি মই থমকি ৰ'লোঁ। সাতগৰাকী কিশোৰৰ বেণ্ড যেন লগা ভংগীমা। হৰ্ডিঙতকৈ সেই হৰ্ডিঙৰ ফটো লৈ থকা মানুহেহে মোক কৌতুহলী কৰিলে। ময়ো কেমেৰা টোৱালোঁ- যেন জনাই নজনাই সকলো স্মৃতিত ধৰি ৰখাৰ এক উদ্বাউল চেষ্টা!

'আপোনালোকে সেয়া কিহৰ ফটো লৈছে বাৰু?' ইংৰাজীত প্ৰশ্নটো শুনি ঘুৰি চালোঁ। হাতত কেমেৰা লৈ এগৰাকী শ্বেতাংগ যুৱক। পিঠিত বেগ আৰু মুখত হাজাৰ উৎসাহ থুপ খাই থকা আমাৰ দৰেই এগৰাকী পৰ্য্যটক! বুজিলোঁ হৰ্ডিঙৰ ফটো লোৱা মানুহবোৰ দেখি তেওঁ নিজেও কৌতুহলী হৈ পৰিছে।

'সেই হৰ্ডিংখনৰ।' মই অলপ অসহজ ভাৱেৰে ক'লোঁ। কাইলে মিচিক মাচাককৈ হাঁহি থাকিল। এইবাৰ তেওঁ মই নিবিচৰা প্ৰশ্নটো কৰিলে,

'কোননো তেওঁলোক?' 

কাইলে এইবাৰ হোহোৱাই হাঁহি উঠিল। উপায়ন্তৰ হৈ মই ক'লোঁ,

'আচলতে মই নিজেও নাজানোঁ। আনে লোৱা দেখি ময়ো লৈছোঁ যাতে পিছত বিচাৰি উলিয়াব পাৰোঁ।' 

এইবাৰ সেই অচিনাকি লোকজনেও কাইলৰ হাঁহিত যোগ দিলে। পিছত মই সঁচাই খুঁচৰি চালোঁগৈ আৰু গম পালোঁ সেয়া জাপানী বয় বেণ্ড বি ফাৰ্ষ্টৰ তাৰকা কেইগৰাকীৰ ফটো। শেহতীয়াকৈ আত্মপ্ৰকাশ কৰিলেও টকিঅ'ত তেওঁলোকৰ জনপ্ৰিয়তাৰ আভাস আমি নিজেই পালোঁ।


টকিঅ'ত জাপানী বয় বেণ্ড বি ফাৰ্ষ্টৰ বিশাল হৰ্ডিং

পিছৰ খণ্ডত-


Monday, 17 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (১)

জাপানৰ প্ৰথম আদৰণি: অত্যাধুনিক ৱাছ্লেট

সূৰ্য উঠা দেশ জাপানৰ নাৰিটা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ। বহুদিনৰ হেঁপাহ আৰু জল্পনা-কল্পনাৰ অন্তত জাপানৰ মাটিত আমি ভৰি দিছোঁহি। আমি মানে পাৰ্টনাৰ কাইল আৰু মই। তেতিয়া জাপানৰ আকাশত মুঠি মুঠি ডাৱৰে আবেলিৰ বেলিটো ঢাকি থৈছে। জেটলেগ আৰু অৱসাদে আমাৰ দেহ-মনতো এই নতুন দেশত আহি পোৱাৰ উত্তেজনাখিনি  প্ৰকাশৰ সুযোগ দিয়া নাই।

'কাষ্টম্ছ‌ত শাৰী পতাৰ আগেয়ে ৱাছৰুমলৈ গৈ চকু-মুখ ধুই আহোঁ দিয়া- টোপনিৰ জাল কাটিব।' কাইলক ক'লোঁ।

সি মূৰ দুপিয়ালে। দুয়ো দুফালে ৱাছৰুমলৈ সোমাই গ'লোঁ। সোমায়ে এইবাৰ মোৰ টোপনিৰ জাল কাটিল। বহুদিনৰে পৰা শুনি আছিলোঁ কিন্তু আজি প্ৰথম জাপানৰ অত্যাধুনিক শৌচাগাৰ নিজ চকুৰে দেখা পালোঁ। পশ্চিমীয়া আৰ্হিৰ টয়লেট কিন্তু ম'শ্যন চেন্সৰ সংযুক্ত- গতিকে মই সোমোৱাৰ লগে লগে আসনখন নিজে দাং খালে। আসনৰ কাষতে এখন ব'ৰ্ডত বিভিন্ন ছৱি আৰু বিকল্পৰ তালিকা।নিজৰ পছন্দ অনুসৰি আসনখন উমাল কৰি ল'ব পাৰি। বা চুইছ টিপি পানীৰ স্প্ৰে আৰু ড্ৰায়াৰ ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিব পাৰি। তাৰোপৰি প্ৰাইভেচি ম'ড অন কৰি গান বা পানীৰ নৈপথ্য শব্দ বজোৱাৰো ব্যৱস্থা আছে। গতিকে ৰাজহুৱা শৌচালয়তো কোনো অস্বস্তি নোপোৱাকৈ নিত্য নৈমিত্তিক কামফেৰা কৰাৰ সুবিধা। আনকি ৰাজহুৱা ঠাইত আনে ব্যৱহাৰ কৰাৰ পিছত টয়লেটৰ আসনখন পৰিষ্কাৰ কৰি লোৱাৰো নিৰ্দেশাৱলী দেখা পালোঁ।

জাপানিজ ৱাছলেটৰ বিভিন্ন বিকল্প

পিছত গম পালোঁ, এই অত্যাধুনিক শৌচাগাৰসমূহক প্ৰকৃততে ৱাছলেট বুলি কোৱা হয়। প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চুইজাৰলেণ্ডৰ চিকিৎসালয়সমূহত ব্যৱহাৰৰ বাবে এই ৱাছলেট সজা হৈছিল। ষাঠিৰ দশকত জাপানী শৌচাগাৰ কোম্পানী ট'ট' (Toto) আৰু লিক্সিল (Lixil)- এ এই আৰ্হি জাপানলৈ আমদানি কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ইয়াৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি কোম্পানীসমূহে জাপানী গ্ৰাহকৰ বাবে সেই দেশতে এই শৌচাগাৰসমূহ প্ৰস্তুত কৰিবলৈ লয়। শেহতীয়া তথ্য অনুসৰি বৰ্তমান প্ৰায় ৮০% জাপানী ঘৰৰ শৌচালয় এই আৰ্হিৰ। 

জাপানৰ মাটিত ভৰি দিয়েই যেন তেওঁলোকৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু অত্যাধুনিকতাৰ এক প্ৰতিচ্ছৱি দেখা পালোঁ। এই দেশৰ জনজীৱন, কলা-কৃষ্টি আৰু সংস্কৃতিৰ সোৱাদ ল'বলৈ আমি দুয়ো এইবাৰ সঁচায়ে উদগ্ৰীৱ হৈ পৰিলোঁ।

নাৰিটা বিমানবন্দৰত পিকাচ্চু জেট বিমান

টকিঅ'ৰ উত্তাল এসন্ধ্যা

টকিঅ'খন চাবলৈ উত্তেজিত হৈ পৰিলেও বিমানবন্দৰৰ পৰা ওলাবলৈ আমাৰ সময় লাগিল।তাতে প্ৰথম ভেণ্ডিং মেচিনত  'ৱেলকাম ছুইকা (Welcome Suica)' কাৰ্ড কিনিলোঁ। এই কাৰ্ড আমাৰ ক্ৰেডিট কাৰ্ডৰ দৰে। জাপানলৈ ফুৰিবলৈ অহা বিদেশী পৰ্যটকৰ সুবিধাৰ বাবে এই কাৰ্ড প্ৰস্তুত কৰা হৈছে। কাৰ্ডখনত ৰিচাৰ্জ কৰি ল'লে বাছ-ট্ৰেইনৰ লগতে প্ৰায়বোৰ দোকানত একেখন কাৰ্ড ব্যৱহাৰ কৰিব পাৰি। আমি দুয়ো দুখন কাৰ্ড কিনি দহহাজাৰকৈ জাপনীজ য়েন ভৰাই ল'লোঁ। ১০০ জাপানীজ য়েন বৰ্তমান প্ৰায় ৫৭ টকাৰ সমান। কানাডিয়ান ডলাৰৰ হিচাপত প্ৰায় এক ডলাৰ। ইতিমধ্যে আমি যোগাযোগৰ বাবে অনলাইন ই-ছিমো কিনি লৈছোঁ। এই ছিমৰ বিভিন্ন পেকেজ অনলাইন ইনষ্টল কৰিব পাৰি। বিমানবন্দৰতে সেয়া সক্ৰিয় কৰি ল'লোঁ যাতে প্ৰয়োজন অনুসৰি সকলোতে ইণ্টাৰনেট পাওঁ। এই নতুন দেশত যে ইণ্টাৰনেটেই আমাৰ শেষ ভৰসা!

নাৰিটা বিমানবন্দৰৰ পৰা টকিঅ' মহানগৰীলৈ প্ৰায় দেৰঘণ্টা বাট। তালৈ যাবলৈ বিমানবন্দৰৰ পৰা বহুকেইখন ট্ৰেইন আছে যদিও নাৰিটা এক্সপ্ৰেছ পোনে পোনে টকিঅ' মহানগৰলৈ যায়। ট্ৰেইনৰ টিকেট লৈ মেলি প্লেটফৰ্মত থিয় দিওঁগৈ মানে পাঁচ বাজিল। প্লেটফৰ্মত ভাগে ভাগে ট্ৰেইনৰ প্ৰতিখন কাৰৰ নম্বৰ লিখা আছে। সেইমতে সকলো যাত্ৰীয়ে শৃংখলাবদ্ধভাৱে শাৰী পাতিলে। আমি সাত নম্বৰ কাৰৰ আসনত বহিলোঁগৈ। 

চৌদিশে ইতিমধ্যে অন্ধকাৰ নামিছে। গতিকে ট্ৰেইনৰ পৰা  ৰং-বিৰঙী লাইটৰ খেলাৰ বাহিৰে বিশেষ একো দেখা নাপালোঁ। এঘণ্টামানৰ পিছত নাৰিটা এক্সপ্ৰেছৰ ডিজিটেল স্ক্ৰীণত জাননী দিলে, ট্ৰেইনৰ প্ৰথম ছখন কাৰ টকিঅ' ষ্টেচনত ৰৈ গৈছে। আমি বহা সাত নম্বৰ কাৰখন গন্তব্যস্থান চিবুয়ালৈ ৰাওনা হ'ল। চিবুয়া টকিঅ'ৰ ২৩ টা ৱাৰ্ডৰ এটা ৱাৰ্ড। লগতে মহানগৰীৰ আটাইতকৈ ব্যস্ত কেন্দ্ৰীয় অঞ্চলসমুহৰ এটা। আমাৰ হোটেল চিবুয়াত লোৱাৰো কাৰণ সেয়ে। মহানগৰীৰ মাজমজিয়াৰ পৰা সকলো ঠাই চোৱাৰ সুবিধা হ'ব, এই আশা।

চিবুয়া ষ্টেচনত নামোঁগৈ মানে সন্ধিয়া সাত বাজিবৰ হৈছে। ইতিমধ্যে এজাক ডবালপিটা বৰষুণ আৰম্ভ হৈছে। বাহিৰ ওলায়ে খেয়াল হ'ল, আজি অক্টোবৰৰ ৩১ তাৰিখ। হাল'ৱিনৰ দিন। আগেয়ে জানিছিলোঁ, জাপানত এই পশ্চিমীয়া উৎসৱে অন্য এক ৰূপ পাইছে। চিবুয়া অঞ্চলতে তাৰ প্ৰভাৱ আটাইতকৈ বেছি। গতিকে আজিৰ দিনটোত ভিৰ-ভাৰ বেছি হ'ব বুলি সাজু হৈ আহিছোঁ। কিন্তু চিবুয়াৰ সেই ৰূপৰ বাবে যেন আমি অকণোৱে প্ৰস্তুত নাছিলোঁ! ষ্টেচনৰ পৰা ওলায়ে বিৰ দি বাট নোপোৱা অৱস্থা। হাল'ৱিনৰ নানা বেশ-ভূষাৰে জাপানৰ দেশী-বিদেশী সকলো মানুহ ওলাই আহিছে। ডবালপিটা বৰষুণ নেওচি মানুহৰ এখন সাগৰ সৃষ্টি হৈছে। বহু ঠাইত পুলিচৰ বেৰিকেড- মাইকত অহৰহ ঘোষণা কৰি মানুহৰ ভিৰ চম্ভালাৰ চেষ্টা। আমাৰ দূৰ্গাপূজাত মানুহৰ ঠেলাতে গৈ থকাৰ দৰে আমি দুয়ো আগবাঢ়িব লগাত পৰিলোঁ।এনে ভিৰত মই অভ্যস্ত-  কানাডাত ডাঙৰ হোৱা কাইলৰ বাবে মানুহৰ এনে সমাগম অভূতপূৰ্ব। 

'টেক্সি ল'লেই ভাল হ'ব নেকি?' বিব্ৰত ভাৱ এটাৰে কাইলে মোক ক'লে।

'এই ভিৰত টেক্সিনো কেনি আহিব? খোজেৰেই ভিৰ ফালি ওলাব লাগিব বুজিছা।'

দুয়ো মানুহৰ ভিৰত এৰা-এৰি নহ'বলৈকে একেটা ছাতিৰ তলত সোমাই পৰিলোঁ। আমাৰ হোটেল মানুহৰ সোঁতৰ বিপৰীতদিশে। ষ্টেচনৰ পৰা খোজেৰে মাথোঁ দহমিনিটৰ বাট।পিছে প্ৰথমবাৰ মানুহৰ ঠেলা-হেঁচাত গৈ ষ্টেচনতহে সোমাই পৰিলোঁ।  সোঁতৰ বিপৰীতে যোৱাৰ একো  উপাই নাপাই ঠিক কৰিলোঁ, প্ৰথম লক্ষ্য মানুহৰ ভিৰৰ পৰা ওলোৱা। তাৰপিছতহে হোটেলৰ ঠিকনা ওলোৱাৰ চেষ্টা কৰা ভাল হ'ব। 

কোনোমতে মানুহৰ ভিৰ আৰু বৰষুণ নেওচি আকৌ ওলাই আহিলোঁ। ষ্টেচনৰ পৰা যিমানে আগলৈ খোজ দিলোঁ, মানুহৰ ভিৰ সিমানে কমিবলৈ আৰম্ভ কৰিলে। তথাপি হোটেল পাবলৈ দহমিনিটৰ ঠাইত আধাঘণ্টা লাগিল। দুয়ো তেতিয়ালৈ বৰষুণত জুৰুলি-জুপুৰি। ভাগ্যক্ৰমে জাপানৰ বাছ আৰু ট্ৰেইনত ঘুৰিবলৈ অসুবিধা হ'ব বুলিয়ে বয়-বস্তু পাতলীয়াকৈ আনিছোঁ। গতিকে কেৰি অন চ্যুটকেছ আৰু পিঠিত লোৱা বেগ দুটা কঢ়িওৱাত কষ্ট নহ'ল, কিন্তু সকলোবোৰ বৰষুণত বাৰুকৈয়ে তিতিল। 

হোটেলৰ কোঠা পাওঁগৈ মানে দুয়ো ভোকত অস্থিৰ। হোটেলৰ লবীতে তিনিখনকৈ ৰেষ্টোৰা। কিন্তু তিনিওখনতে হেমবাৰ্গাৰ, পাষ্টা আদি পশ্চিমীয়া খাদ্য। পিছে মোৰ দৃঢ সিদ্ধান্ত,

'জাপানৰ এই প্ৰথম নিশা কোনো কাৰণতে পশ্চিমীয়া খাদ্য নাখাওঁ! এই যাত্ৰাৰ আৰম্ভণি খাঁটি জাপানিজ খাদ্যৰেহে কৰিম।'

কাইল মান্তি হ'ল। গুগল মেপত দুইমিনিটৰ বাটতে এখন ছুছি ৰেস্তোৰাঁ দেখা পাই দুয়ো পুনৰ বৰষুণ নেওচি ওলাই গ'লোঁ। পিছে তাত গ্ৰাহকৰ দীঘলীয়া লানি। উপায়ন্তৰ হৈ তাতে আধাঘণ্টামান বাট চাই অৱশেষত এখন টেবুল পালোঁ। জাপানৰ প্ৰথম নিশা মনৰ হেঁপাহেৰে ছুছি আৰু ল'বষ্টাৰ চুপেৰে এসাজ খালোঁ।

টকিঅ'ত নিশাৰ প্ৰথম সাজ

'আমি সঁচাই আজি জাপানত, নহয়?'  অবিশ্বাসৰ সুৰেৰে মই ক'লোঁ।

'এতিয়াও বিশ্বাস হোৱা নাই?' কাইলে হাঁহি পেলালে।

'কাইলৈ বাহিৰ ওলাই টকিঅ' দেখিলেহে এয়া দিঠক যেন লাগিব কিজানি।'

'আজিৰ দৰে বৰষুণ নিদিলেই হ'ল আৰু!'

মেইজি তীৰ্থভূমিত অসমীয়া

পিছদিনা পুৱা সঁচাই ৰ'দৰ উজ্বল ৰেঙনিয়ে আমাক টকিঅ'লৈ আদৰিলে। প্ৰথমেই ওলালোঁ চিবুয়াৰ মেইজি তীৰ্থভুমিলৈ। হোটেলৰ পৰা ওলায়ে উত্তৰদিশে য়'য়গি অলিম্পিক ষ্টেডিয়াম। সেই বিশাল ষ্টেডিয়ামৰ কাষেৰে পদপথেৰে খোজ দিলোঁ। যোৱা নিশাৰ ঠাণ্ডা নাই- কিন্তু সেমেকা ভাৱটো এতিয়াও আছে। টকিঅ'ৰ মূল পথবোৰত ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে। কিন্তু তাৰপৰা মেইজি তীৰ্থভূমিলৈ সোমোৱাৰ লগে লগে অন্য এক পৃথিৱীত ভৰি দিয়া যেন ভৱ হ'ল।

মেইজি তীৰ্থভূমিত কাইল আৰু মই

টকিঅ'ৰ কংক্ৰিটৰ মাজত এক বিশাল এলেকা জুৰি এখন সেউজীয়া অৰণ্য। আধুনিক জাপানৰ প্ৰথম সম্ৰাট মেইজি (Emperor Meiji) আৰু সম্ৰাজ্ঞী শ্ব'কান (Empress Shoken) ৰ উৎসৰ্গিত এই তীৰ্থভূমি। ষ্টেডিয়ামটো পাৰ হৈয়েই বাওঁহাতে বিশাল ট'ৰী তোৰণখন দেখা পালোঁ। জাপানৰ সকলো শ্বিণ্টো মন্দিৰতে এই পৰম্পৰাগত  ট'ৰী প্ৰৱেশদ্বাৰে মানুহক আদৰণি জনায়। জাপানীজ সকলৰ বিশ্বাস এই প্ৰৱেশদ্বাৰেই পাৰ্থিৱ আৰু পৱিত্ৰ ঠাইৰ মাজৰ দুৱাৰ। মেইজিৰ প্ৰৱেশদ্বাৰৰ দুয়োকাষে আকাশ চুব খোজা কেম্ফৰ আৰু অ'ক গছৰ শাৰী।


মেইজি তীৰ্থভূমিৰ ট'ৰী প্ৰৱেশদ্বাৰ

ব্যস্ত চহৰখনৰ দৃশ্য আৰু শব্দৰ ঠাইত এখন সেউজীয়া অৰণ্যৰ মায়াই আৱৰি পেলালে আমাক। গম পালোঁ, মেইজি জিংগুৰ এই মন্দিৰ নিৰ্মাণৰ সময়ত সমগ্ৰ দেশৰ বিভিন্ন অঞ্চলৰ পৰা দান কৰা প্ৰায় এক লাখ গছ ৰোপণ কৰা হৈছিল। বাটৰ একাষে জাপানত বহু প্ৰচলিত চাউলৰ মদ চাকেৰ বেৰেল এখিনিও সজাই থোৱা হৈছে।  সিদিনা সাংস্কৃতিক দিৱস উপলক্ষে পৰম্পৰাগত অনুষ্ঠান কিছুমানো চলি আছিল। গতিকে তীৰ্থভূমিৰ মঞ্চত শ্বিণ্ট' পূৰোহিতৰ কিছু অনুষ্ঠান চোৱাৰো সৌভাগ্য হ'ল।

তীৰ্থভূমিৰ মঞ্চত অনুষ্ঠান

মেইজিৰ মূল মন্দিৰত প্ৰাৰ্থনা কৰি আহি দেখিলোঁ তাতে ভটিভ টেবলেটৰ ব্যৱস্থাও আছে। এইবোৰক এমা (ema) বুলি কোৱা হয়। কাঠৰ এই ইচ্ছাপত্ৰবোৰত দৰ্শনাৰ্থীয়ে নিজৰ ইচ্ছা বা প্ৰাৰ্থনা লিখি আঁৰি দিছে। এই এমা জাপানীসকলৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ।  দেখিলোঁ বহুতে, নিজৰ পৰিয়াল, আপোন মানুহৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে। কোনোবাই পেলেষ্টাইনৰ হিংসাৰ অন্ত পৰিবলৈ আনকি বিশ্বত শান্তিৰ বাবেও প্ৰাৰ্থনা কৰিছে। 

সেয়া দেখি মোৰো অসমৰ বাবে অসমীয়াতে কিবা এটা লিখিবলৈ মন গ'ল। মনত পৰিল, বহুবছৰ আগতে ইংলেণ্ডৰ ঘৰত মই ওলমাই ৰখা আনন্দৰাম ঢেকীয়াল ফুকনৰ কথাষাৰি। ৱিকিউৎসত বিচাৰি লৈ তাকে মোৰ ভ'টিভ টেবলেটত লিখি পেলালোঁ-

'হে কৃপাময় জগদীশ্বৰ, এই অসম দেশৰ লোকসকলক সভ্য, গিয়ানী আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য কৰা। …যি সময়ত অসম হাবি গুচি ফুলবাৰী হ’ব, ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ’ব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালি হ’ব, গিয়ানৰ সভা, চিকিৎসালয়, দুখীয়া-দৰিদ্ৰ পৰিত্ৰাণৰ আলয় হ’ব আৰু যি কালত লোকসকলে পৰস্পৰে হিংসা-হিংসি নকৰি আটাইকে ভ্ৰাতৃবৎ চেনেহ কৰিব, … সেই সময়, হে পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা।'

কথাখিনি বিচাৰি লৈ লিখিবলৈ মোৰ সময় লাগিল। কাইলে বনছাই প্ৰদৰ্শনীখন চাই উভতি আহি মোক সুধিলে,

'কি লিখিছা সেয়া?'

অন্য বহুতো দৰ্শনাৰ্থীৰ সৈতে একেলগে ভ'টিভ টেবলেটটো ওলমাই দি মই গৌৰৱেৰে ক'লোঁ, 'বহুবছৰৰ আগতে এগৰাকী আদৰ্শ অসমীয়াই অসমৰ বাবে কৰা এটা প্ৰাৰ্থনা।জাপানৰ এই তীৰ্থভূমিত অসমীয়াৰ চিন এটা!'

মেইজি তীৰ্থভূমিত মোৰ প্ৰাৰ্থনা

Saturday, 20 September 2025

বিজ্ঞানৰ দৃষ্টিত লোকবিশ্বাস

'সৌৱা গংগাচিলনীয়ে মাতিছে, এইবাৰ বানপানী হ'বই হ'ব'- শৈশৱতে বাৰিষাৰ আকাশেদি টি-টিয়াই উৰি যোৱা গঙাচিলনী এহাললৈ আঙুলীয়াই সমনীয়াই কৈছিল।  

'আজি কাউৰীয়ে বৰকৈ ৰমলিয়াইছে দেই- আলহী আহিব কিজানি!'- পেহীয়ে খদমদমকৈ পাকঘৰত যা-যোগাৰত লাগিছিল। 

'ক'লা মেকুৰীয়ে বাট কাটিলে, আজি ক'লৈকো নাযাওঁ আৰু।' -দেউতা আধা বাটৰ পৰাই ঘৰলৈ উভতিছিল। 

স্মৃতিয়ে ঢুকি পোৱা প্ৰথম দিনটোৰ পৰাই এনেকৈ আমি সকলোৱে পৰিয়াল আৰু সমাজৰ পৰা লোকবিশ্বাসৰ শিক্ষা লৈ আহিছোঁ। যুগ যুগ ধৰি প্ৰচলিত হৈ অহা এই লোকবিশ্বাসবোৰ আমাৰ বাবে জীৱনটো আৰু এই পৃথিৱীখন বুজি পোৱাৰ এক আধাৰ হৈ আহিছে। সময়ৰ পৰিক্ৰমাত তাৰে কিছুমান হয়তো দৃঢ় হৈছে, কিছুমান পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিন্তু কেতিয়াবা সুধি চাইছেনে, এই লোকবিশ্বাসবোৰৰ আঁৰত বৈজ্ঞানিক যুক্তিযুক্ততা কিমান? বা কেনেকৈনো এই বিশ্বাসবোৰ গঢ় লৈ উঠিব পাৰে? আহকচোন, এনে কিছু লোকবিশ্বাসৰ আঁত বিচাৰি যাওঁ আৰু বিজ্ঞানে কি কয় জানো-

১) কাউৰীয়ে ৰমলিয়ালে আলহী আহে

এয়া হয়তো অসমত বহুলভাৱে প্ৰচলিত লোকবিশ্বাসবোৰৰ এটা। প্ৰকৃততে কাউৰীৰ সৈতে জড়িত এনে বহু লোকবিশ্বাস কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে প্ৰচলিত হৈ আহিছে। ভাৰতীয় লোকগাথাত কাউৰীক পূৰ্বপুৰুষৰ দূত বুলি গণ্য কৰা হয়। জাপানৰ শ্বিন্টো পৌৰাণিক কাহিনীতো কাউৰীক এক ঐশ্বৰিক দূত হিচাপে উল্লেখ কৰিছে। সেয়ে হয়তো ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ালে পূৰ্বপুৰুষৰ আত্মাই ভ্ৰমণ কৰিছে বা কোনোবা আহি আছে বুলি বহুতে ধাৰণা কৰে।


উৎস: ৱিকিকমন্স

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে কাউৰী অতি বুদ্ধিমান আৰু সামাজিক চৰাই। কাউৰীয়ে ৰমলিউৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সাধাৰণতে ই মানুহ বা অন্য জন্তু দেখিলে আগন্তুক বিপদৰ বিষয়ে অন্য কাউৰীক সতৰ্ক কৰি দিবলৈ (alarm call), নিজৰ ঠাই বা ভুখণ্ড প্ৰতিপন্ন কৰিবলৈ (Territorial call), ইটোৱে সিটোৰ সৈতে যোগাযোগ কৰিবলৈ (communication call) ৰমলিয়ায়। ভালকৈ মন কৰিলে এই বিভিন্ন মাতবোৰৰ পাৰ্থক্য আপুনিও শুনা পাব। গতিকে, যেতিয়াই আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ায়, প্ৰায়ে তাৰ আঁৰত এই কাৰণবোৰ লুকাই থাকে। কেতিয়াবা হয়তো পথচাৰীক দেখি মাত দিয়াৰ পিছত কাকতালীয় ভাৱে সেই পথচাৰী আপোনাৰ আলহী হৈছেহি। কিন্তু বিজ্ঞানৰ দৃষ্টিত এই দুয়োটা ঘটনা কাকতালীয়হে, কাউৰীয়ে ৰমলিউৱাৰ লগত আলহী অহাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। 

২) এযোৰা শালিকা দেখিলে দিনটো শুভ হয়

উৎস: ৱিকিকমন্স
শৈশৱতে স্কুললৈ যোৱাৰ পৰত প্ৰায়ে ঘৰৰ চৌহদত বা আলিবাটত দুচকুৱে যুৰীয়া শালিকাৰ সন্ধান কৰিছিল। কেনেবাকৈ কেৱল এটা শালিকা দেখা পালে তৎক্ষণাৎ ওচৰে-পাজৰে দ্বিতীয়টো শালিকা বিচাৰিছিলোঁ। কাৰণ এটাই, এযোৰা শালিকা একেলগে দেখা মানেই দিনটো ভালেৰে যাব। পিছত গম পালোঁ,  কেৱল অসমতে নহয়, ভাৰত আৰু শ্ৰীলংকাৰ বহু ঠাইত এই লোকবিশ্বাস বহুলভাৱে প্ৰচলিত।  

শালিকা সামাজিক চৰাই। ইহঁতে প্ৰায়ে যোৰা পাতি বা গোট বান্ধি চৰে। তাতে শালিকা মানুহৰ আশে পাশেই থাকে। গতিকে আমি প্ৰায়ে ইহঁতক যুৰীয়াকৈ দেখাৰ সম্ভাৱনাই বেছি। বন্যজীৱ বিজ্ঞানে দেখুৱাইছেো যে ইহঁতে প্ৰায়ে জীৱনলৈ যোৰা পাতে- অৰ্থাৎ মতা আৰু মাইকী শালিকাবোৰ একপত্নিক (Monogamous)। হয়তো আমাৰ পূৰ্বপুৰুষে প্ৰকৃতিৰ দৈনন্দিন পৰ্য্যবেক্ষণৰ পৰা  এইবিষয়ে জানিছিল আৰু সেয়ে হয়তো এযোৰা শালিকা শুভ লক্ষণ বুলি বিশ্বাস উপজিছিল। বিজ্ঞানৰ দৃষ্টিত এযোৰা শালিকা দেখা পোৱাটো চৰাইৰ প্ৰাকৃতিক আচৰণৰ প্ৰতিফলন, কোনো আলৌকিক চিন নহয়। যদিও ই ভাগ্য বা ভৱিষ্যতৰ পৰিঘটনাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, সাংস্কৃতিক ভাৱে ইয়াৰ অৰ্থ ইতিবাচক আৰু বহু লোকগাথাত এনে যোৰা সমন্বয়, প্ৰেম আৰু সম্পূৰ্ণতাৰ সূচক।

৩) ক'লা মেকুৰীয়ে বাট কটিলে যাত্ৰা ভংগ হয়

উৎস: ৱিকিকমন্স
ক'লা মেকুৰীক লৈ বহুতো লোকবিশ্বাস অসমকে ধৰি বিশ্বৰ প্ৰায়বোৰ অঞ্চলত প্ৰচলিত হৈ আহিছে। মধ্যযুগীয় ইউৰোপত ক’লা মেকুৰীক ডাইনী আৰু দুষ্ট আত্মাৰ প্ৰতীক বুলি ভৱা হৈছিল। সময়ৰ লগে লগে ক'লা মেকুৰীয়ে দুৰ্ভাগ্য মাতে বুলি বিশ্বাস গঢ় লৈ উঠিল। কিন্তু অন্য কিছুমান সংস্কৃতিত ক’লা মেকুৰীৰ স্থান তাৰ বিপৰীত। উদাহৰণস্বৰূপে, জাপানী লোকগাথাত ক’লা মেকুৰীয়ে বিশেষকৈ মহিলাৰ বাবে সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। তেনেকৈ, স্কটিছ পৰম্পৰাত কাৰোবাৰ ঘৰলৈ ক’লা মেকুৰী এটা অহা মানে সমৃদ্ধিৰ চিন বুলি ধৰা হয়। 

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মেকুৰীৰ ক’লা ৰংটো জিনগত উৎপৰিৱৰ্ত্তন (genetic mutation) ৰ ফলত ইউমেলানিন নামৰ ৰঞ্জক উৎপন্ন কৰাৰ বাবে হয়। এই ৰঞ্জকে মেকুৰীৰ গাৰ নোম ক'লা কৰে। ক'লা মেকুৰীৰ আচৰণ অন্য যিকোনো ৰঙৰ সাধাৰণ মেকুৰীৰ দৰেই। ইহঁতৰ মাজত ৰহস্যময় একো নাই। 

মেকুৰী এটাই বিভিন্ন কাৰণত বাট পাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে চিকাৰ বা সংগীৰ সন্ধানত বা ইয়াৰ থকা ঠাইলৈ যাবলৈ বা বিপদ আৰু অন্য জন্তুৰ পৰা পলাবলৈ।প্ৰকৃততে মানুহে বন্ধা আলিবাট মেকুৰীৰ যাত্ৰাত এক বাধাহে। গতিকে ক’লা বা যিকোনো ৰঙৰ মেকুৰী এটাই আপোনাৰ আগেদি বাট পাৰ হ'লে আপোনাৰ জীৱনত ভাল বা বেয়া কিবা এটা ঘটাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায়। আনকি এঢাপ আগবাঢ়ি ক'ব পাৰি যে, মানুহে বাট কাটিলে ক'লা মেকুৰীৰ বাবেহে অমংগল হ'ব পাৰে। কাৰণ ক'লা হোৱাৰ বাবে চকুত নপৰিলে গাড়ী-মটৰৰ চেপাত সিহতঁৰহে অপমৃত্যুৰ আশংকা বেছি!

৪) আপোনাৰ দেহত পখিলা পৰিলে শুভ

পখিলা বা প্ৰজাপতিক লৈ অসমত বহুধৰণৰ লোকবিশ্বাস আছে। ইয়াৰ বেছিভাগেই ইতিবাচক। বিশেষকৈ কাৰোবাৰ দেহত পখিলা পৰিলে শুভ বুলি প্ৰায়ে শুনোঁ। ক'ৰৱাত আকস্মিকভাৱে পখিলা এটা আহি আপোনাৰ হাত, মুখ বা কান্ধত ৰং-বিৰঙী পখিলা এটা আহি পৰিলে এনেয়ে ভাল লাগিব, নহয়নে? গতিকে সেই ভাল লগা মুহূৰ্তটোৱেই শুভ। কাৰণ বিজ্ঞানৰ দৃষ্টিত এয়া এক প্ৰাকৃতিক পৰিঘটনা, কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

বৈজ্ঞানিক তথ্য অনুসৰি পখিলাক বিভিন্ন প্ৰাকৃতিক কাৰকে আকৰ্ষণ কৰিব পাৰে। আপোনাৰ দেহত পৰিবলৈ আকৰ্ষিত কৰা এনে কিছুমান কাৰক হ'ল, আপোনাৰ কাপোৰৰ উজ্জ্বল ৰং, শৰীৰৰ উষ্ণতা, আপুনি লৈ যোৱা কোনো সুগন্ধিময় ক্ৰীম বা পাৰফিউম, আনকি আপোনাৰ ঘামত থকা নিমখ আৰু খনিজ পদাৰ্থ৷ এই কাৰকসমূহ পখিলা এটিৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব পাৰে। গতিকে আপোনাৰ দেহত পখিলা এটা আহি পৰাটো পৰিৱেশৰ কাৰকৰ ফলত হোৱা এক যাদৃচ্ছিক, স্বাভাৱিক পৰিঘটনা — কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

উৎস: https://depositphotos.com

৫) ফেঁচাৰ নিউ নিউ মাত মৃত্যুৰ ভৱিষ্যতবাণী

ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিয়ৰি উঠে। ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷ 

অসমত বিছ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ বহুতে ভাবে, ইয়াৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ফেঁচাই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ইয়াৰ সৈতে মানুহৰ ভাগ্য বা অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই।

প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷ 

লোকবিশ্বাসৰ আধাৰ হৈছে চাৰিওকাষৰ পৰিঘটনাৰ পৰ্যবেক্ষণ আৰু সেইবোৰ ব্যাখ্যা কৰাৰ বাবে মানুহৰ চিৰন্তন প্ৰচেষ্টা। অতীজৰে পৰা মানুহে প্ৰকৃতিৰ বিভিন্ন ঘটনা বা পৰিৱৰ্তন লক্ষ্য কৰিছে আৰু তাৰ কাৰণ বা মানুহৰ জীৱনত তাৰ পৰা পৰিব পৰা প্ৰভাৱ বিচাৰ কৰি চাইছে। গতিকে কাকতালীয়ভাৱে ঘটা দুটা ঘটনাৰ এনে সংযোগ উলিয়াই মানুহে নিজৰ জীৱন সুৰক্ষিত কৰাৰ চেষ্টা কৰে- অপায়-অমংগলৰ পৰা হাত সাৰি থকাৰ চেষ্টা কৰে।

মনোবিজ্ঞানৰ মতে লোকবিশ্বাসৰ অন্য এক কাৰণ হ'ল, নিশ্চিতকৰণ পক্ষপাতিত্ব (Confirmation bias)। নিশ্চিতকৰণ পক্ষপাতিত্ব সৃষ্টি হয় যেতিয়া মানুহে নিজৰ ইতিমধ্যে থকা এটা বিশ্বাসক নিশ্চিত কৰা পৰিঘটনাবোৰ লক্ষ্য কৰে আৰু মনত ৰাখে, কিন্তু সেই বিশ্বাসৰ সৈতে সামঞ্জস্য নথকা যিকোনো কথা আওকাণ কৰে। উদাহৰণস্বৰূপে, ক’লা মেকুৰী এটাই আপোনাৰ বাট কটাৰ পিছত যদি কিবা বেয়া হয় তেন্তে সেইটো আপোনাৰ মনত থাকে। কিন্তু যদি একো নহয় (বা ভাল কিবা এটা হয়), তেন্তে সেইটো পাহৰি যায় — কাৰণ সেইটোৱে ইতিমধ্যে থকা আপোনাৰ বিশ্বাসটোক সমৰ্থন নকৰে। তেনেদৰে কাউৰীয়ে ৰমলিয়ালে, সেইদিনাই আলহী আহিল- আপোনাৰ বিশ্বাসটো দৃঢ় হৈ পৰিল। কিন্তু যদি কাউৰীয়ে ৰমলিয়ালে কিন্তু কোনো নাহিল- গতিকে আপুনিও হয়তো সেই কথা পাহৰি পেলালে। শৈশৱৰে পৰা লৈ অহা এনে যিকোনো লোকবিশ্বাসৰ আঁত বিচাৰি চাবচোন- ইয়াৰ সাংস্কৃতিক আৰু বৈজ্ঞানিক সূত্ৰই নিজকে আৰু এই পৃথিৱীকো নতুনকৈ চিনাৰ বাট মুকলি কৰিব পাৰে।

প্ৰকৃতিৰ সৈতে জড়িত এনে কোনো লোকবিশ্বাস আপুনিও লৈ আহিছে নেকি? তলত মন্তব্য দি জনাব পাৰে। তেনে যিকোনো লোকবিশ্বাসৰ বৈজ্ঞানিক সূত্ৰ বিচৰাৰ চেষ্টা কৰি চাম!

Sunday, 7 September 2025

ঠিকনা

শ্বেফিল্ড, ইংলেণ্ড; ২০১৪

প্ৰথমবাৰৰ বাবে আপোন ঠাই আৰু জীৱন এৰি আহি সাত সাগৰ তেৰ নদীৰ সিপাৰে থিতাপি লৈছোঁ। ইংলেণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ত ডক্টৰেট গৱেষণা আৰম্ভ হৈছে। বিদেশৰ মাটিত এক নতুন জীৱন আৰম্ভ কৰাৰ উত্তেজনা, অচিনাকি পৰিৱেশ-অচিনাকি মানুহৰ মাজত নিজকে হেৰুওৱাৰ আশংকা সকলো মিলি এক আবেগ-উদ্বাউল সময়। প্ৰথম মাহটো বেড এণ্ড ব্ৰেকফাষ্ট ঘৰ এটাতে কটাই নিগাজীকৈ থাকিবলৈ ভাড়াঘৰ বিচৰাৰ সিদ্ধান্ত লৈছোঁ।

বেড এণ্ড ব্ৰেকফাষ্টৰ গৃহিণী গ্ৰেচ দেখাতেই সাদৰী মহিলা। প্ৰতিনিশা খোৱাৰ মেজত বিধে বিধে খাদ্য যতনাই দিছে। আগ্ৰহেৰে মোৰ সৈতে কথা-বতৰা হৈছে। এনে এটা দিনতে নিশাৰ সাজ খোৱাৰ পৰত গ্ৰেচে ঘপকৈ ক'লে, 'তুমি ইমান সুন্দৰ ইংৰাজী কোৱা! প্ৰথমতে মই আচৰিতেই হৈ গৈছিলোঁ।'

প্লেটৰ পৰা চালাড অলপ মুখলৈ নিবলৈ লৈও মোৰ হাতৰ চামুচখন থমকি ৰ'ল, 'কিয়?'

'নহয় মানে ভাৰতৰ মানুহে এনে সলসলীয়াকৈ ইংৰাজী ক'ব পাৰে বুলি জনা নাছিলোঁ। তাতে প্ৰথমে তুমি ভিয়েটনামৰ পৰা অহা বুলিহে ভাবিছিলোঁ।' গ্ৰেচে অলপ সংকোচেৰে ক'লে। যেন মোৰ অনুভৱক আহত কৰাৰ সংশয়!

মোৰ মাতটো অলপ কুমলিল। মোৰ মংগোলীয় চেহেৰা দেখি তেনে ধাৰণা হোৱাটোৱে স্বাভাৱিক। হাঁহি মাৰি গ্ৰেচক বুজালোঁ, 'মই উত্তৰ-পূব ভাৰতৰ- অসমৰ। উত্তৰ-পূবৰ বহুতো লোক দেখাত মংগোলীয় ঠাচৰ। ইংলেণ্ডত ভাৰতীয় বুলি ক'লে সকলোৱে হয়তো অন্য ঠাইৰ ভাৰতীয়ৰ কথাই সচৰাচৰ ভাবে। কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ চেহেৰা-ভাষা-সংস্কৃতি-খাদ্যাভাস সকলো ভিন্ন।'

গ্ৰেচৰ মুখখন কিছু পোহৰ হ'ল। সৰু ফুলকটা বাটি এটাত মোলৈ পুডিং অলপ আগবঢ়াই দি ক'লে,

'মই আকৌ ভাৰতৰ চৰকাৰী ভাষা হিন্দী বুলিয়ে ভাবি আছিলোঁ।'

'আচলতে ভাৰতৰ সংবিধানত ২২ টা আঞ্চলিক ভাষাৰ স্বীকৃতি দিছে। চৰকাৰী ভাষা হিচাপে ইংৰাজী আৰু হিন্দী সমানেই প্ৰচলিত।'

গ্ৰেচে দুচকু বহল কৰি শুনিলে, ভাৰতৰ ঐতিহ্য-ভাষা-সংস্কৃতিৰ বিষয়ে বহু কথা সুধিলে। অসম আৰু ভাৰতৰ বিষয়ে মই আগ্ৰহেৰে যিমান পাৰোঁ বুজালোঁ। সেইনিশা কথা সামৰি বিছনালৈ যাওঁ মানে বহু পৰ হ'ল।

সেই যে আৰম্ভ হ'ল, তাৰ পিছত ইংলেণ্ডত থকা চাৰিটা বছৰত বহুবাৰ একেবোৰ প্ৰশ্নৰ মুখামুখি হ'লোঁ। বহুতক বহুবাৰ বুজাব লগা হ'ল- মই ক'ৰ, কিয় দেখিবলৈ অন্য ভাৰতীয়ৰ দৰে নহয়। পিছলৈ পোনেই গুগল মেপলৈ গৈ উত্তৰ-পূব দেখুৱাবলৈ ল'লোঁ। মানুহে সোধাৰ আগতেই ভাৰতত ইংৰাজ উপনিৱেশীকৰণৰ ইতিহাস আৰু তাৰ প্ৰভাৱৰ কথা ক'বলৈ ল'লোঁ। ভাৰতৰ অন্য অংশৰ তুলনাত যে উত্তৰ-পূবে কিমান দিনলৈ ইংৰাজক ভেদি ৰাখিছিল, আহোম ৰাজবংশই কেনেকৈ বৰ অসম গঢ়িছিল তাৰ গৌৰৱময় বৰ্ণনা দিবলৈ ল'লোঁ। মানুহৰ আশ্চৰ্য্য-বিভ্ৰান্তি ভৰা মুখবোৰে যেন মোক আমোদ দিবলৈ ল'লে। নিজকে প্ৰতিশ্ৰুতি দিলোঁ, মই ক'ৰ আৰু কিয় দেখাত এনে চেহেৰাৰ সেয়া যদি ক'বই লাগে তেনে মই বিচৰাৰ দৰেই ক'ম। 

পিছে সেই আমোদ বিৰক্তি আৰু তিক্ততালৈ ৰূপান্তৰ হ'বলৈ বেছি দিন নালাগিল!

জেদাহ, চৌদি আৰব; ২০১৬

ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা বাংগালোৰলৈ চৌদিয়া এয়াৰৱেইজৰ বিমান। চৌদি আৰৱৰ জেদ্দাহ বিমান বন্দৰত আঠঘণ্টা লে' অভাৰ। দীঘলীয়া বিমান যাত্ৰাৰ বিৰতিত বিমানবন্দৰত হাত-ভৰিবোৰ পোনাইছোঁ। একেসময়তে চকুত পৰিছে, মোৰ চাৰিওকাষে প্ৰায়ভাগ মহিলাই মূৰৰ পৰা ভৰিলৈকে ক’লা বোৰ্খাৰে আবৃত। চৌদি আৰৱ ৰক্ষণশীল বুলি জানোঁ- গতিকে মোৰ দেহৰ জিনছ আৰু টিচাৰ্টক লৈও কিছু সন্দিহান হৈ পৰিছোঁ!

ডিউটি ফ্ৰী অংশটোতে দোকানৰ বয়-বস্তুবোৰত চকু ফুৰাই খোজ দিবলৈ আৰম্ভ কৰিলোঁ। আকৌ কেতিয়াবা চৌদি আৰৱলৈ অহাৰ সম্ভাৱনা কম। এই সুযোগতে চৌদি আৰৱৰ স্মৃতিচিহ্ন বুলি কিবা এটা কিনাৰ হেঁপাহ হ'ল।

এখন দোকানৰ হৰেক ৰকমৰ বস্তুবোৰ চাই থাকোঁতে দোকানীজন আগবাঢ়ি আহিল। গাঢ় নীলা চ্যুট পৰিহিত এজন ওখ-পাখ যুৱক।

'হাউ কেন আই হেল্প ইউ? আপোনাক কিবা সহায়ৰ দৰকাৰ?' তেওঁ সুধিলে।

'নাই, মই বস্তুবোৰ চকুহে ফুৰাইছোঁ! ফ্লাইটলৈ বহুত সময় আছে।' মই ক'লোঁ।

'অঁ, একো নাই। ক'লৈ যাব আপুনি?

'ভাৰতলৈ।' মোৰ নিৰ্বিকাৰ উত্তৰ।

'ফুৰিবলৈ?' এইবাৰ যেন মানুহজন আগ্ৰহী হৈ উঠিল। 'মই ভাৰতৰ আচলতে!'

'অঁ হয় নেকি? ময়ো ভাৰতৰে- অসমৰ।'

দোকানীজনৰ চকু বহল হৈ পৰিল, 'আপুনি ভাৰতৰ??'

তেওঁৰ আশ্চৰ্য্যচকিত দুচকুৱে আকৌ এবাৰ মোক সোঁৱৰাই দিলে, মোৰ মংগোলীয় চেহেৰাই এওঁকো বিভ্ৰান্তিত পেলাইছে। উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয় বৈচত্ৰ্যতা যেন ভাৰতৰ অন্য ঠাইৰ মানুহৰ সাধাৰণ জ্ঞানৰ পৰিধিত নপৰেই!

কিন্তু যুৱকজন তাৰ পৰাও আৰু এঢাপ আগুৱাই গ'ল। 'আপুনি সঁচাই ভাৰতৰ? আপুনি নিশ্চিতনে?'

কি কয় এওঁ! ভাৰতীয় বুলি মই নিজে নিশ্চিত হয়নে নহয়! মোৰ ভৰিৰ পৰা মুখলৈ তেজ এসোঁতা উজাই অহা যেন ভাৱ হ'ল।

'হয়, মই নিশ্চিত।'

'নহয় মানে, আপোনাৰ মা-দেউতাও ভাৰতীয় নে?'

বুজিলোঁ, তেওঁ অজ্ঞানতাৰ গহ্বৰত মোৰ মংগোলীয় ঠাচৰ সূত্ৰ উদ্ধাৰৰ চেষ্টা কৰিছে। মনৰ তিক্ততাখিনি সামৰি ৰাখিবলৈ কষ্ট হ'ল!

'আপুনি আগতে কেতিয়াও ভাৰতৰ উত্তৰ-পূবৰ মানুহ লগ পোৱা নাই নেকি?'

মোৰ মাতটো হয়তো কঠোৰ হৈ ওলাল। নিমিষতে সংকুচিত হৈ পৰি তেওঁ ক'লে,
'অহ বেয়া নাপাব দেই! আপোনাক থাইলেণ্ডৰ বুলিহে ভাৱিছিলোঁ।'

সেই মুহূৰ্তত সিদ্ধান্ত ল'লোঁ, বিদেশী মানুহক মোৰ শিপাৰ কথা ক'ম; আমাৰ ইতিহাস, কলা-সংস্কৃতিৰ বৈচিত্ৰ্যতাৰ কথা বুজাম। কিন্তু অন্য ভাৰতীয়ক মই বুজাবলৈ নাযাওঁ। নিজৰ দেশৰ বিষয়ে জনাৰ কৰ্তব্য তেওঁলোকৰ নিজৰ। সেই অজ্ঞানতা আৰু ধৃষ্টতা আঁতৰোৱাৰ দায়িত্ব মোৰ নহয়।


এনিছকিলেন, আয়াৰলেণ্ড; ২০১৯

উত্তৰ আয়াৰলেণ্ডৰ এনিছকিলেন নামৰ সৰু চহৰখনত চাকৰিৰ প্ৰথম সপ্তাহ। অজান্তি মুলুকত এটা নতুন জীৱন আৰম্ভ কৰিছোঁ। সেইদিনা পুৱা সকলোতকৈ আগেয়ে মই প্ৰথম অফিচ সোমালোঁ।

আইৰিছ শীতৰ দিন। বেলি মূৰ দাঙিবলৈ তেতিয়াও বাকী। মোৰ ডেস্কত কম্পিউটাৰ অন কৰি কাম আৰম্ভ কৰিবলৈ লওঁতেই দুৱাৰত টোকৰ পৰিল। 

'গুড মৰ্ণিং, হুৱাটছ দ্য ক্ৰেক?' (আইৰিছ ঠাঁচত কি খৱৰ?)
'গুড মৰ্ণিং, মোৰ ভালেই। আপোনাৰ কেনে?' 
'মোৰ নাম এলেন। অফিচ ঘৰটো চাফা কৰিবলৈ আহিছোঁ। সোমাব পাৰোঁনে?'
'হয়, আহক।' হাঁহি মাৰি ক'লোঁ।

চুটি চাপৰ এজন মানুহ। তপা মূৰ, শীৰ্ণ দেহেৰে এলেনৰ চকুৱে-মুখে সময়ৰ আচোঁৰ। তেওঁ অফিচৰ এমূৰৰ পৰা ভেকুৱাম চলাবলৈ আৰম্ভ কৰিলে। মই ইমেইলত চকু ফুৰালোঁ। 

ভেকুৱামিং সামৰি এইবাৰ এলেনে দীঘল ব্ৰাছডালেৰে মজিয়াখন মচিবলৈ লাগিল। মোৰ ডেস্ক পাই মানে মই উঠি আহি একাষে থিয় দিলোঁহি।

'চীনত কি হৈ আছে বাৰু এতিয়া?' মোলৈ চাই এলেনে অজলা হাঁহি এটাৰে ঘপকৈ সুধিলে।

অলপ থতমত খালোঁ। কিন্তু পলকতে বুজিলোঁ, তেওঁ মই চীনৰ পৰা অহা বুলি ভাৱিছে! মনত পৰিল, ইংলেণ্ড এৰি ইয়ালৈ আহিবলৈ ওলোৱাৰ পৰত বন্ধু লুকে কৈছিল, 'সেইখন যে ইমান ভিতৰুৱা ঠাই- তাত মানুহে কিজানি কোনো ভাৰতীয়ক দেখিয়ে পোৱা নাই।'

'অঁ হে হে, মই চীনৰ নহয়, ভাৰতৰহে!'

এইবাৰ তেওঁ থতমত খালে। আকৌ এবাৰ মোক যেন ভালকৈ চালে। তাৰপিছত সুধিলে,

'তুমি সকলো কাৰীয়ে ৰান্ধিব জানা তেন্তে?'

মোৰ মুখ মেল খাই গ'ল। ক'বৰ মন গ'ল, কাৰী কেৱল এবিধ খাদ্য নাহয়। যিকোনো শাক-পাচলিৰে কাৰী ৰান্ধিব পাৰি। অসমত পিছে আমি বহু সময়ত ভাজিহে খাওঁ। 

'নাই, কিছুমানহে পাৰোঁ।' সকলো মনতে সামৰি থৈ মোৰ সংক্ষিপ্ত উত্তৰ।

কেইবামাহৰ পিছত সেই অফিচৰ সহকৰ্মী সকলক এই ঘটনাটোৰ কথা ক'লোঁ। শুনি তেওঁলোক সচকিত হ'ল, লজ্জিত হ'ল। তেওঁলোকৰ দোষী মুখবোৰ চাই আশ্বাস দিবলৈ বাধ্য হ'লোঁ, 'একো নাই, মোৰ চেহেৰা দেখি প্ৰায়ে মানুহে ভুল ধাৰণা কৰে। এলেনে নাজানে বাবেহে তেনেকৈ কৈছিল!'

এডমণ্টন, কানাডা; ২০২৩

ব'নি ডুন ছুইমিং পুলত সাঁতুৰি আহি চ'নাৰ দুৱাৰখন খুলিলোঁ। এইখিনি মহিলাৰ বাবে আছুতীয়াকৈ থোৱা অংশ। গতিকে গা-পা ধুই আহি পোনেই চ'নাৰ ভিতৰৰ উম লৈ আৰাম লাগে। বিশেষকৈ বৰফৰ দলিচা পৰা জাৰৰ দিনত। পিছে আজি  দুৱাৰখন খুলি থমকি ৰ'লোঁ। 

কণমানি চ'নাটোৰ ভিতৰত গেলেৰীৰ দৰে ইখনৰ ওপৰত সিখনকৈ তিনিখন কাঠৰ বেঞ্চ। তাৰে মাজৰ খনত এগৰাকী মহিলা। শুভ্ৰ টাৱেলখন দীঘলীয়াকৈ পাৰি তেওঁ নগ্ন দেহেৰে ওপৰমুৱাকৈ পৰি আছে। দুৱাৰখন খোলা দেখি তেওঁ মূৰ বেঁকা কৰি চালে কিন্তু বিশেষ লৰচৰ কৰাৰ লক্ষণ নেদেখিলোঁ। উপায় নাপাই মই একেবাৰে তলৰ বেঞ্চখনতে বহি পৰিলোঁ। 

অহ্‌, চ'নাৰ ভিতৰখন অন্য দিনৰ দৰে উমাল হৈ থকা নাইচোন। উঠি গৈ দুৱাৰৰ বাহিৰফালে থকা সেউজীয়া চুইচটো ৰ্টিপি দিলোঁগৈ। ঘুৰণীয়া লাইটো এইবাৰ জিলিকি উঠিল। 

'চুইচটো মইহে বন্ধ কৰিছিলোঁ। বৰ গৰম হৈ পৰিছিল!' মানুহগৰাকীয়ে শুই থকাৰ পৰাই মাত দিলে।

'অঁ হয় নেকি! বেয়া নাপাব। মই এইমাত্ৰ সাতুৰি আহিছো- সেয়ে গাটো অলপ গৰম কৰি ল'ব বিচাৰিছোঁ।' মানুহগৰাকীলৈ পোনপটীয়াকৈ নাচাবলৈ চেষ্টা কৰি ক'লোঁ।

'একো নাই। মই উঠিমেই আৰু।' কৈয়ে তেওঁ উঠি বহিল। টাৱেলেৰে ভৰি দুখন মোহাৰি মোহাৰি ক'লে, 'তোমাৰ কথাৰ ঠাঁচটো বৰ ধুনীয়া। কোন ঠাইৰ বাৰু? হুৱেৰ ইজ দ্যেট বিউটিফুল একচেণ্ট ফ্ৰম?'

মোৰ মনটো অলপ ৰেঙালে, কাৰণ অভিজ্ঞতাই ইতিমধ্যে শিকাইছে ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি কেনেদৰে আগবাঢ়িব। কিন্তু ইতিমধ্যে পলম হৈ গৈছে।

'বহু ঠাইৰ পৰা!' মোৰ সংক্ষিপ্ত উত্তৰ।

'হয় নেকি? অলপ আইৰিছ শুনিছোঁ- বাকী কোন ঠাইৰ পৰা?' তেওঁ সহজে এৰি দিয়া বিধৰ নহয়।

আজি প্ৰথমবাৰ আয়াৰলেণ্ডৰ নাম শুনি কিছু আচৰিত, কিছু পুলকিত হ'লোঁ। তেওঁলৈ চাব খুজিও মুখ ঘুৰাই দিবলৈ বাধ্য হ'লোঁ। তেওঁ ভৰি দুখন এইবাৰ মোৰ দিশে!

'ঠিকেই অনুমান কৰিছে। অলপ আয়াৰলেণ্ডৰ সুৰ আছে কিজানি, বাকী ভাৰতৰ বিভিন্ন ঠাই, অলপ হয়তো ইংলেণ্ডৰ পৰাও আহিছে।'


মানুহগৰাকী এইবাৰ আৰু আগ্ৰহী হ'ল। কৈ গ'ল তেওঁৰ পৰিয়ালৰ কিছু লোক ইংলেণ্ডৰ।তেওঁলোকেও বহু ঠাই ফুৰিছে। মই হয়ভৰ দি গ'লোঁ। তেতিয়ালৈ এই বিষয়ত বিশদ আলোচনা কৰাৰ আগ্ৰহ নোহোৱা হৈছে- তাতে এই মুহূৰ্তত মই 
যে কেৱল দুচকু মুদি চ'নাৰ উম অলপ ল'ব খুজিছোঁ!

এটা সময়ত তেওঁ টাৱেলখন গাত মেৰিয়াই লৈ চ'নাৰ দুৱাৰখন মেলিলে। বাহিৰলৈ খোজ দিয়াৰ আগতে হাঁহি এটাৰে মোলৈ চাই ক'লে, 'গুড নাইট এণ্ড ৱেলকাম ট্যু কানাডা!'

মই যেন বাকৰুদ্ধ হৈ পৰিলোঁ। কোৱা নহ'ল, মই কানাডাৰ নিবাসী হোৱাৰ আধা দশক হৈ গ'ল। কোৱা নহ'ল, তেওঁৰ দৰেই ময়ো ইয়াৰ এগৰাকী নাগৰিক। পাৰ্থক্য মাথোঁ এটাই, মই এগৰাকী অসমীয়া কানাডিয়ান।

উত্তৰ লখিমপুৰ, অসম; ২০২৪

বহুদিনৰ মূৰত অসমলৈ আহিছোঁ। সকলোবোৰ যে ইমান সলনি হৈ গৈছে! লখিমপুৰ চহৰখন আগতকৈও ব্যতিব্যস্ত হৈ পৰিছে- বাটৰ দুয়োকাষে বহু নতুন ঘৰ-দালান উঠিছে। কিন্তু সেই বিশৃংখল হৈ-চৈৰ মাজতো মোৰ দেহ-মন যেন নিজাৰ পৰি গৈছে। এইখন মোৰ নিজা ঠাই; য'ত মই কাকো বুজাব নালাগে মই ক'ৰ পৰা আহিছোঁ; ভাৰতৰ কোনটো চুকত আমাৰ অসমখন। বুজাব নালাগে আমাৰ ভাষা-সংস্কৃতি-ইতিহাসৰ কথা। এই ঠাইৰ আকাশে-বতাহে-মাটিয়ে মোৰ নিজা পৰিচয়, মোৰ আজন্ম শিপা! 

মাৰ সৈতে গাড়ীখন মেকানিকৰ ওচৰলৈ আনিছোঁ। দুদিনমানৰ পৰা মাই চলাওঁতে অলপ অসুবিধা পাইছে হেনো। মেকানিকৰ কৰ্মশালালৈ সোমোৱাৰ লগে লগে কেইবাযোৰ চকুৱে আমাক তীক্ষ্ণভাৱে অনুসৰণ কৰিছে। ভিতৰি মোৰ হাঁহি উঠি গৈছে। আজি প্ৰায় দুটা দশক ধৰি এই চহৰত মাই গাড়ী চলাই আহিলেও যেন মানুহৰ চকুবোৰ এতিয়াও সহজ হোৱা নাই। যেন 
মহিলা এগৰাকীয়ে নিজৰ গাড়ীৰ মেৰামতি নিজে কৰাটোও এক পৰিচিত দৃশ্য নহয়! মাৰ মুখ নিৰ্বিকাৰ। এনে প্ৰতিক্ৰিয়াৰ সৈতে মা হয়তো তেনেই পৰিচিত।  

কৰ্মশালাৰ একাষে থকা মেজৰ পৰা এগৰাকী লোক উঠি আহিল। হয়তো কৰ্মশালাৰ মেনেজাৰ। আমাক দুয়োকে বহিবলৈ দুখন চকী উলিয়াই দিলে। 

'বহকচোন। গাড়ীৰ কিবা দিগদাৰ দিছে?'

কৈয়ে তেওঁ মুখ ঘুৰাই আমাক দুয়োকে যেন আকৌ এবাৰ চাই ল'লে। তেওঁৰ মুখৰ ৰং সলনি হ'ল। আমি কিবা ক'বলৈ লোৱাৰ আগতেই তেওঁ খপজপকৈ কৈ উঠিল,

'আপল'গ ক্যা অৰুণাচল সে হ্যে?'

মোৰ 'অসমীয়া' মিনি কুপাৰৰ সৈতে কানাডাৰ এডমণ্টনত