Thursday, 11 October 2007

কবিতা

কোনে জানিছিল 
সৰাপাতৰ খচমচনিত যে
লুকাই থাকিব পাৰে
কিমান বিষাদৰ হুমুনিয়াহ
য’ত টগবগাই উঠে
গছে এলাগী কৰাৰ অপাৰ যন্ত্ৰণা

অথবা কিহৰ মায়াত
নিজৰ আলসুৱা বাহটোলৈ
ব্যাকুল হৈ উভতি আহে
আকাশৰ সীমা চুব খোজা চৰাইটো

কোনে জানিছিল 
হাজাৰ বাধা নেওচিও একা বেঁকা বাটেৰে
কিয় নিৰবধি বৈ যায় নৈখন
কোনোবা সাগৰৰ বুকুত একাকাৰ হ’বলৈ

কোনে জানিছিল 
এই যাযাবৰী ব্যর্থ কবিও যে
এদিন সৰাপাতৰ দৰে
বিচ্ছেদৰ যন্ত্ৰণাত ডুব যাব

বাহলৈ উভতা চৰাইটোৰ দৰে
গৈ গৈ ক’ৰবাত ৰৈ যাব
এখন ঘৰৰ মায়াত
আৰু নিৰবধি নৈ খনৰ দৰে
বৈ যাব মৰমৰ সাগৰলৈ

হ্য়তো প্ৰত্যেকেই সন্ধান কৰে
সংগোপনে এক নিশ্চিন্ত আশ্ৰয়
যাৰ বুকুত নিৰলে উজাৰি দিব পাৰি
ক্লান্ত হৃদয়ৰ সকলো ব্যথা
যাত্ৰাৰ শেষত উভতি অহাকৈ
বুকুয়ে বুকুয়ে যি মেলি থয় 
ভালপোৱাৰ অজস্ৰ শিপা
কোনেও নজনাকৈ।


ৰচনাকাল- অক্টোবৰ, ২০০

Friday, 3 August 2007

এছ এম এছত বৰষুণ



তোমাৰ এছ এম এছৰ
বৰষুণৰ এটা টোপালেই মাতি আনিলে
এজাক ধাৰাসাৰ বৰষুণ


নোকোৱাকৈয়ে জানিলা তুমি
ঠিক তোমাৰ দৰেই
বৰষুণ যে খুবেই প্ৰিয় মোৰ

অথচ নুবুজিলা যে
একেখন আকাশৰে
একেখিনি ডাৱৰে নমোৱা
একেজাক বৰষুণতে তিতি বুৰি
জুৰুলি জুপুৰি হওঁ আমি
পৃথকে পৃথকে


ৰচনাকাল-আগষ্ট, ২০০৭

Friday, 27 July 2007

মাজৰাতিৰ নৈশব্দত


মাজৰাতিৰ নৈশব্দত
বিষাদৰ সুৰ এটা বাজে
সেই সুৰে গিলি থয় মোৰ
দিবাস্বপ্নৰ আকাশখন
বহুদিন নীৰৱ হৈ ৰোৱা
স্মৃতিবোৰ সাৰ পায় মাজৰাতি
ধুলি-মাকতি জোকাৰি
মনৰ চোতালত ওমলে
বিষাদৰ গীত জুৰি
ওৰে ৰাতি অনাদৰত পৰি ৰয় টোপনি।

ৰচনাকাল-২০০৭

Thursday, 27 July 2006

হঠাৎ এদিন

আবেলিৰ ব্যস্ত পথ৷ অহা আহিছে-যোৱা গৈছে৷ হকে বিহকে বাজি উঠা হৰ্ণৰ শব্দই নিৰীহ বাটৰুৱাক ব্যতিব্যস্ত কৰি তুলিছে৷ বিলাসী গাড়ীখন ড্ৰাইভিং কৰিছে অনুপম বৰুৱাই নিজে৷ এটা প্ৰতিষ্ঠিত এডভাৰটাইজিং কোম্পানীৰ চি ই অ’ অনুপম বৰুৱা৷ অনুপমৰ বিশেষ মন নাছিল এই সৰু চহৰখনলৈ আহিবলৈ৷ পত্নী ৰীমাইতো বহুদিনৰ পৰা অভিযোগ কৰিয়ে আছে চি ই অ’ হোৱাৰে পৰা অনুপমে হেনো তাইৰ বাবে অকণো সময় দিব নোৱাৰা হৈছে৷ অনবৰতে কামৰ ব্যস্ততা, তাৰ উপৰিও হোৱাই নোহোৱাই অফিচিয়েল ট্যুৰবোৰটো আছেই৷ বিশেষ বন্ধৰ দিনবোৰৰ বাহিৰে ৰাণী আৰু বাবুৱে দেউতাকক লগেই নাপায়৷ ৰাতিপুৱা সিহঁত শুই উঠাৰ আগেয়ে অনুপম অফিচলৈ ওলাই যায়৷ নিশা এঘাৰ বজাত ফ্লেটলৈ উভতি আহে মানে সিহঁত শুই পৰে৷ ৰীমাও প্ৰায়ে ব্যস্ত হৈ থাকে উইমেনছ ক্লাৱত৷ অনুপমৰ মুখৰ পৰা এটা হুমুনিয়াহ ওলাই আহিল৷ অনুপমে জানে, সি ৰীমাক সময় দিব লাগে মাৰ্কেটং, ছছিয়েল ভিজিট, ক্লাৱৰ মিটিং, য়েৰলী ট্যুৰ আদিত৷ এইবাৰ উভতি যাওঁতে ৰীমালৈ ডায়মণ্ডৰ গহণা এক ছেট লৈ যাব লাগিব-সি ভাবিলে৷

এটা চিগাৰেটৰ প্ৰয়োজন অনুভৱ কৰিলে অনুপমে৷ এইমাত্ৰ সি এজন প্ৰভাৱশালী এজেন্টক লগ কৰি আহিছে৷ সফলতাৰে আলোচনা শেষ কৰাৰ পিছত এটা আনন্দমিহলি অৱসাদ অনুভৱ কৰিলে সি৷ নাই, এতিয়াই নোৱাৰি৷ ৰাস্তাত ইমান ভিৰ! হৌটেললৈ গৈ একাপ কফি খাই ল’ব লাগিব৷ হোটেলৰ কথা মনত পৰোতেই হাৰামী ডিভান খনত এবাগৰ মাৰিবলৈ তাৰ মনটো ব্যাকুল হৈ পৰিল৷ আজি পুৱাই ওলাই আহি দিনটো কামৰ ব্যস্ততাতে পাৰ হ’ল তাৰ৷ এতিয়াহে যেন সুৰুঙা পাই চুপে চাপে লুকাই থকা ভাগৰৰ ভাৱটোৱে তাৰ মনত তীব্ৰভাৱে আঘাত কৰিলেহি৷ নিজৰ অজ্ঞাতেই গাড়ীৰ এক্সিলেটৰত ভৰিৰ হেঁচাটোও তীব্ৰ হৈ পৰিল৷ হঠাৎ এখন ট্ৰাক সন্মুখত দেখি অনুপম চক খাই উঠিল৷ কিংকৰ্তব্যবিমুঢ় হৈ সি গাড়ীৰ হেণ্ডেলডাল অলপ বেছিকৈয়ে ঘুৰাই দিলে নেকি! বাটৰ কাষেদি গৈ থকা ৰিক্সা এখনত গাড়ীখনে খুন্দা এটা মাৰিলে৷ অৱশ্যে অনুপমে গাড়ীখন প্ৰায় নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱাত খুন্দাটো জোৰেৰে নালাগিল৷ ৰিক্সাচালকজনে তৎক্ষণাত ৰিক্সাখন চম্ভালি ল’লে৷ নিজৰ চাঞ্চ্যলতাক ধিক্কাৰ দি অনুপমে গাড়ী ৰখালে৷ ইতিমধ্যে দুই এজন মানুহ কৌতুহলৰ বশৱৰ্তী হৈয়ে গোট খালে৷ ভদ্ৰতাৰ খাতিৰতে খৱৰ এটা কৰা উচিত বুলি ভাৱি অনুপম নামিল৷ ৰিক্সাখনত তেতিয়াও বহি থকা আৰোহী গৰাকীক মাত লগাবলৈ আগবঢ়াবও অনুপম হঠাৎ ৰৈ গ’ল……..৷

দীঘল চুলিকোঁছা ঢিলাকৈ বান্ধি আগফালে আনি থোৱা, সৰিয়হ বুলিয়া শাৰী পৰিহিতা, অনুপমলৈকে এপলকৰ বাবে আচৰিত হৈ চাই থকা-এইয়া কোন? ইমান চিনাকি তাৰ এই চুলি, এই চকুযুৰি, এই বিষাদ মিহলি অথচ কৌতুক ভৰা মুখ! ন….য়….না৷ নয়না নহয়নে? হয়-হয়েই৷ তাৰ ভুল হ’ব নোৱাৰে৷ কিমান সময় তন্ময় হৈ আছিল অনুপমে ক’ব নোৱাৰে৷ নয়নাৰ উচ্চাসপূৰ্ণ মাতত সি যেন টোপনিৰ পৰা সাৰ পালে৷

“আৰে, অনুপম নহয়নে? কি হ’ল-চিনিবই পৰা নাই মোক?”
“নয়না”-ফুটো নুফোটোকৈ অনুপমৰ মাতষাৰ ওলালে৷
“ওঁ৷ মনত পৰিল এতিয়া! কেনে আছা?”

…..একেবাৰে একে আছে নয়না৷ আজি সাত-আঠ বছৰ পিছতো৷ অনুপমক লগ পাই তাই তাৰ দৰে ইমান আবেগ বিহ্বল হোৱা নাই৷ অনুপমে প্ৰকৃতিস্থ হ’বলৈ চেষ্টা কৰিলে৷ নাই, ইমান আবেগিক হোৱা উচিত নহয়৷ বয়সৰ লগে লগে সি দেখো চঞ্চলহে হৈ পৰিছে৷ ছেঃ৷

“ভালে আছো৷ তোমাৰ কেনে? এতিয়ানো ক’ৰ পৰা ওলালহি?

নয়নাই হাঁহিলে৷ নয়নাৰ হাঁহিটোও একেই আছে৷ হৃদয়ৰ সমস্ত আন্তৰিকতা ঢালি তাই হাঁহে, অনুপমে ভাবিলে৷ নয়নাই হাঁহি হাঁহিয়েই ক’লে৷

“সেইটো প্ৰশ্ন মইহে তোমাক কৰিব লাগে৷ মইতো ইয়াতেই থাকো৷ বাৰু, খৱৰবোৰ লাহে ধীৰে ল’ম৷ তোমাৰ এতিয়া বিশেষ কিবা কাম আছে নেকি?”

অনুপমে সোঁৱে বাঁওৱে মূৰ জোকাৰিলে৷ তাৰ বিশেষ কিবা কাম থাকিলেও সি হয়তো নগ’লহেঁতেন৷ সি নিজে বৰ আচৰিত হ’ল৷ কোম্পানীৰ কামৰ বাবে সকলো এৰিব পৰা তাৰ দৰে যন্ত্ৰবৎ মানুহ এটায়ো এনেকৈ ভাবিব পাৰেনে?

নয়নাই তাৰ ইচ্ছা অনিচ্ছাক একপ্ৰকাৰ উপেক্ষা কৰিয়ে ক’লে, “তেন্তে গাড়ীত বহা আৰু মোৰ ৰিক্সাৰ পিছে পিছে আহি থাকা৷ এয়া অলপ দূৰ মোৰ ঘৰলৈ৷”

তাৰ উত্তৰলৈ বাট নাচাই তাই ল’ৰালৰিকৈ ৰিক্সাত উঠিলগৈ৷ ৰিক্সা আগবাঢ়িল৷ হঠাৎ শক্তিহীন হৈ পৰা মানুহৰ দৰে দুৰ্বল খোজেৰে অনুপম অনুপম গাড়ীৰ ড্ৰাইভিং চিটত বহিলগৈ৷ চাবিটো পকাওঁতেহে তাৰ মনলৈ আহিল, সিটো নয়নাক তাৰ গাড়ীতে লৈ যাব পাৰিলহেঁতেন৷ ছেহ! আজি তাৰ কিযে হৈছে! এতিয়াতো উপায় নাই৷ ৰিক্সাখন কিছুদুৰ আগবাঢ়ি গ’লেই৷ সিও গাড়ীৰে পিছ ল’লে৷

নয়না! আজিৰ পৰা আঠ বছৰ আজেয়ে কলেজীয়া জীৱনৰ মধুৰ সুবাসত এই নয়না আৰু অনুপমৰ হৃদয়ৰ পাৰ ভঙা নৈ দুখন একেলগ হৈ কোনোবা সাগৰৰ বুকুত মিলনৰ জয়গান গাবলৈ আগবাঢ়িছিল৷ কিন্তু নানান কাৰণত অনুপমৰ হৃদয়ৰ নৈখনে গতি সলাই ইখন নৈৰ পৰা বিছিন্ন হৈ কোনোবা বাটেদি গুচি গ’ল৷ নয়নাৰ হৃদয়ৰ নৈখনে অকলশৰেই সাগৰ পালেগৈনে মাজবাটতে অসহায় হৈ বানপানী, গৰাখহনীয়াৰ সৃষ্টি কৰিলেগৈ সেয়া অনুপমে নাজানে৷


বেছি দূৰ যাব লগা নহ’ল৷ অসম আৰ্হিৰ এটা দীঘলীয়া ঘৰৰ সন্মুখত ৰিক্সা ৰ’ল৷ নয়নাই ৰিক্সাচালকক ভাড়া দি নামোতেহে অনুপমে মন কৰিলৈ, তাইৰ এহাতে চামৰাৰ মজলীয়া জোখৰ ক’লা মণিবেগটো আৰু আনহাতে এটা গধুৰ বস্তু ভৰ্ত্তি বেগ৷

“কি হ’ল, তাতে ৰ’লা যে! আহা আকৌ৷” নয়নাই হাঁহি মাৰি ক”লে৷ গেটখন খুলি দিওঁতেও অনুপমে আঁৰ চকুৰে হাঁহি থকা নয়নালৈ চাই ল’লে৷ যেন সি খুটি খুটি কিবা এটা পৰীক্ষাহে কৰিব খুজিছে৷ ঠিকেই! আাঠ বছৰৰ আগৰ আৰু এতিয়াৰ নয়নাজনীৰ হাঁহিৰ মাজত সি যেন কিবা এটা পাৰ্থক্য আশা কৰিছিল৷ যেন অকণমান বিষাদৰ ছিটিকণি থকা হ’লে সি সুখী হ’লহেঁতেন৷ নাই নাই-অনুপমে প্ৰবোধ দিলে নিজকে৷ সি কিয় তেনে আশা কৰিব! কিন্তু নয়নাৰ পিছ পিছে গৈ বাৰাণ্ডাৰ লগত থকা ষ্টেপ কেইটাত ভৰি দিওঁতেই অনুপমে মানি ল’বলৈ বাধ্য হ’ল যে নয়নাৰ হা্ঁহিটোৰ উজ্জলতা আৰু আন্তৰিকতাই যেন তাৰ বুকুৰ কোনোবা এঠাইত বিষৰ ভাব এটা সৃষ্টি কৰিছে৷

ভিতৰৰ পৰা কোনোবা এগৰাকী ওলাই আহিল৷ চুৰিদাৰ পৰিহিতা বাইশ পঁচিশ বছৰীয়া এজনী ছোৱালী৷ ছোৱালীজনীয়ে অনুপমলৈ এবাৰ চাই নয়নাক ক’লে,
“আজি অলপ পলম কৰিলে যে! বেগটো দিয়ক-ময়ে লৈ যাওঁ৷”

নয়নাই হাঁহিলে আৰু বেগটো আগবঢ়াই দিলে৷ তাৰ পিছত অনুপমক কোঠা এটালৈ নি ক্ষন্তেক বহিবলৈ কৈয়ে ভিতৰলৈ সোমাই গ’ল

অনুপমে কোঠাটো এবাৰ চকু ফুৰাই চালে৷ বিলাসী নহয় যদিও সুসজ্জিত৷ এচুকত ষ্টীল আলমিৰা এটাত কিতাপ দেখি তাৰ মনত পৰিল কলেজীয়া দিনতো নয়নাৰ বাবে কিতাপ নিত্য সংগী আছিল৷ অফ পিৰিডত ঘন্টাৰ পিছত ঘন্টা ৰিডিং ৰুমত সোমাই থকাৰ বাবে নয়নাৰ প্ৰতি সি কিছু ক্ষুন্নও হৈছিল৷ পিছলৈ অৱশ্যে তাইৰ লগতে কিতাপৰ পাত লুটিয়াই থাকোতে তাৰো এটা অভ্যাস হৈ গৈছিল পঢ়াতো৷ এতিয়া যে কিমান দিন সি সাহিত্যৰ কোনো খৱৰেই ৰখা নাই৷ নিয়মিত বাতৰি-কাকত খন আৰু দুই এখন কোম্পানীৰ মেগাজিন; তাৰ বাহিৰেতো অন্য একো কিতাপলৈ তাৰ চকুৱে নাযায়৷ আগতে নয়নাৰ প্ৰিয় বুলি জানি হীৰুদাৰ কবিতা খুইব পঢ়িছিল সি৷ সাৰমৰ্ম একো নুবুজিলেও, শব্দৰ মায়াজালৰ মাজত হৃদয় কোনোদিন বিচাৰি নাপালেও সি গভীৰ আবেগেৰে সেইবোৰ নয়নাক আবৃত্তি কৰি শুনাইছিল৷ সি বাৰু অভিনয় কৰিছিল নেকি নয়নাৰ আগত? নাই-নয়নাৰ প্ৰিয় বুলি জানিহে………….৷

দেৱাল ঘড়ীৰ সংকেতত সি বাস্তৱলৈ উভতি আহিল৷ বৰ সকাহ পোৱা যেন লাগিল তাৰ৷ ভাৱৰ মেৰপাকত যে কেনেকৈ সোমাই পৰিছিল৷ অনুপমৰ মনত পৰিল নয়নাৰ সৈতে কথা পতা ছোৱালীজনীলৈ৷ কোন বাৰু-নয়নাৰ ননদ? হবও পাৰেল কিন্তু নয়নাইটো সিনাকি কৰাই দিলেহেঁতেন!

“এতিয়া কোৱা, তোমাৰ খৱৰ৷” নয়নাই কোঠাটোলৈ সোমায়েই ক’লে আৰু অনুপমৰ সন্মুখতে থকা ডিভানখনত বহি পৰিল৷ তাইৰ পিন্ধনত এতিয়া পাতল সেউজীয়া ৰঙৰ শাৰী এখন৷ দুচকুত শান্ত-সমাহিত স্থিৰ দৃষ্টি৷ অনুপমে অলপ লাহেকৈ সুধিলে,

“ক’ৰ পৰা ক’ম?”

নয়নাই আকৌ হাঁহিলে৷ এই হাঁহিটোৰ বাবেই প্ৰথম চিনাকিৰ পৰাই অনুপম আকৃষ্ট হৈছিল নয়নাৰ প্ৰতি৷ আজীৱন এই হাঁহিটো তাৰ কাষে কাষে থকাটো বিচাৰিছিল সি৷ কেৱল অনুপমেই নহয়, প্ৰথম চিনাকিটেই যিকোনো মানুহক আপোন কৰি ল’ব পৰা ক্ষমতা নয়নাৰ আছিল৷ তাৰোপৰি সহানুভূতিশীল শ্ৰোতা হোৱাৰ বাবে নয়নাৰ বন্ধু-বান্ধৱী, শুভাকাংক্ষী অসংখ্য আছিল৷ আস! যিটো হাঁহিয়ে অনুপমৰ হৃদয়ত গুঞ্জন তুলিছিল সেই একেটি হাঁহিয়াই বিষাক্ত কীট হৈ দংশন কৰিবলৈ ধৰিলে এটা সময়ত৷ নয়নাই অন্য কাৰোবাৰ সৈতে আন্তৰিকতাৰে কথা পাতিলেই সি ভীষণ ঈৰ্ষান্বিত হৈ পৰিছিল৷ সকলো সময়তে সি সন্ত্ৰস্ত্ৰ হৈ থাকিবলৈ ধৰিছিল নয়নাৰ মধুৰ আচৰণ, সহানুভূতি আৰু আন্তৰিকতাই অন্য কাৰোবাৰ হৃদয়ত তুলিব পৰা কঁপনিৰ কথা কল্পনা কৰি৷ চাৰিওফালৰ মানুহবোৰক তাৰ প্ৰতিদ্বন্দ্বী যেন লাগিছিল৷ অথচ নয়নাৰ বাবে সিহঁতৰ সম্পৰ্কৰগভীৰতা কিমান সেয়াও সি জানিছিল৷ জানি শুনিয়েই নানা কাল্পনিক অভিযোগেৰে অভিযুক্ত কৰিছিল তাইক৷ তাইৰ শুভাকাংক্ষী সমপৰ্কত বিৰূপ মন্তব্য কৰিছীল৷ নয়না ক্ষোভিত হৈছিল তাৰ তেনে মনোবৃত্তই দেখি, কিন্তু সকলো সহ্য কৰি বুজাবলৈ চেষ্টা কৰিছিল তাক৷ তথাপিও হৃদয়ত খোপনি পোতা বিষাক্ত কীটটোৰ দংশনৰ বাবেই সি নয়নাৰ কাষত থাকিব নোৱাৰিলে৷ কলেজৰ পৰা ওলাই কোনোদিন সি নয়নাৰ খৱৰ নকৰিলে৷

“কি ভাৱিছা ইমানকৈ? তুমি এম বি এ কৰিবলৈ যোৱাৰ কথা জানো৷ তাৰ পিছত কোম্পানীৰ চাকৰি-তোমাৰ বিয়া, সকলো গম পাওঁ৷ এতিয়া কোৱা, এইখিনি কেনেকৈ পালাহি?”

অনুপমে আচৰিত হৈ সুধিলে, “কেনেকৈ জানিলা ইমান কথা?”

“পৰাণে ক’লে৷ তোমাৰ খৱৰবোৰ তেওঁ জানে৷ কিন্তু তুমি তেওঁক লগ নোপোৱা বেছিকৈ, নহয় জানো?”

পৰাণ সেই একেখন চহৰতে থাকে৷ গতিকে তাৰ খৱৰ জনাটো স্বাভাৱিক৷ অনুপমেহে সময়ৰ অভাৱত তাৰ খৱৰ ল’ব পৰা নাই৷-----নে ইচ্ছাৰ অভাৱ? হ’বও পাৰে৷ অনুপমৰ মনৰ অটল গভীৰৰ পৰা অতীতৰ বিষাক্ত কীটটোৱে তাৰ অস্তিত্ব প্ৰমাণ কৰিবলৈকে যেন আকৌ এবাৰ লৰচৰ কৰি উঠিল৷ নয়নাৰ এতিয়াও সকলোৰে লগত যোগাযোগ আছে! নয়নাৰ শিৰত যে সেন্দুৰ নাই৷ তাইৰ সংসাৰত কোন কোন আছে তেন্তে!

প্ৰথম দেখা ছোৱালীজনী কোঠাটোলৈ সোমাই আহিল৷ হাতত আহল-বহল ট্ৰে এখন৷ চাহ একোকাপ আৰু বহল প্লেট একোখনত কেক আৰু দুবিধমান মিঠাই দি তাই মিঠাকৈ হাঁহি ক’লে, “চাহ খাওকচোন৷”

নয়নাই চিনাকি কৰি দিলে,

“অনুপম, এয়া মণি-মোৰ নিজৰ ভনীৰ দৰে৷…….আৰু মণি, এওঁ মোৰ বন্ধু৷”

মণিয়ে নমস্কাৰ দিলে৷ অনুপমৰ হাত দুখন যন্ত্ৰবৎ নমস্কাৰৰ ভংগীত ৰ’ল৷ নয়নাই কিবা এটা ক’বলৈ লওঁতেই কোঠাটোৰ দুৱাৰমুখত এজনী তিনি-চাৰি বছৰীয়া ছোৱালী ৰ’লহি৷ হাতত তাইতকৈ অকণমানহে সৰু ৰঙচুৱা পুতলা এজনী৷ তাই কোঠাত সোমাব খুজিও অনুপমক দেখি ৰৈ গ’ল৷ নয়নাই মাতিলৈ,

“আহা তৰা, মোৰ কাষলৈ আহা৷”

তৰা সোমাই আহিল৷ তাইৰ গাত এটা নীলা ফুটুকীয়া ফ্ৰক৷ অনুপমে তাইৰ মৰমলগা মুখখনলৈ চাই মনতে ভাৱিলে, নয়নাৰ ছোৱালীজনী ৰাণীৰ প্ৰায় সমবয়সীয়াই হ’ব৷ কিন্তু ৰাণীৰ দৰে একেবাৰে ৰঙা বগা নহয়৷ তৰা মিঠা বৰণৰ৷ নয়নাৰ কোলাত বহি দুহাতেৰে সাবটি তৰাই বৰ মৰম লগাকৈ সুধিলে,

“মা, তুমি ক’ত আছিলা? মই যে বিচাৰি ফুৰিছিলো৷”

নয়নাই তাইৰ গালত আলফুলকৈ চিকুট এটা মাৰি ক’লে,

“মই বজাৰলৈ গৈছিলো আক’৷ বাৰু এয়া চোৱা, তোমাৰ মামা৷”
তৰাই মুখখন ঘুৰাই অনুপমলৈ এনেকৈ ৰ’ লাগি চালে যে অনুপম আৰু নয়না দুয়ো একেলগে হাঁহি উঠিল৷ অনুপমে হাঁহি হাঁহিয়ে ক’লে,--

“ইমানকৈ ৰ’ লাগি চাবলৈ কি হ’ল? আহা, মোৰ কোলাত বহিবা৷”

তৰা তাৰ কাষলৈ গ’ল কিন্তু কোলাত নিজৰ সলনি পুতলাজনী বহুৱাই তাৰ হাত এখনত ধৰি ক’লে,

“ইমানদিননো তুমি ক’ত আছিলা? আজিহে আহিছা যে!”

অনুপম অপ্ৰস্তুত হ’ল-ক’ত আছিল ইমান দিনে সি! ক’ত আছিল! আজিয়ে বা কিয় আহিল! নয়নাই তাৰ অৱস্থাটো লক্ষ্য কৰি তৰাক ক’লে,

“তৰা , যোৱাচোন, মামাৰ লগত চিনাকি হ’বলৈ ডাঙৰদাদাক মাতি আনাগৈ৷”

তৰা ওলাই গ’ল৷ নয়নাই ক’লে,

“মই ইয়াৰে কলেজখনত বুৰঞ্জী বিভাগত কৰোঁ৷ ওচৰতে দেউতাই মোৰ নামত থৈ যোৱা তিনিবিঘা মাটিত কুকুৰাৰ ফাৰ্ম এখন খুলিলো পাঁচ বছৰ আগেয়ে৷ এতিয়া ভালদৰেই চলি আছে৷ লাভৰ ঘৰত৷”

নয়নাক বহু কথা একেলগে সুধি দিবৰ মন গ’ল অনুপমৰ৷ জানিবৰ মন গ’ল নয়নাৰ স্মৃতিৰ মণিকোঠাত তাৰ স্থান ক’ত! কিন্তু সেইবোৰ একোকে নুসুধি সি কৈ গ’ল এই চহৰলৈ অহাৰ কাৰণ-তাৰ বৰ্তমান জীৱনৰ কথা৷ কিয় জানো, কিবা এক অজান ভয়ে তাক বৰ্তমানকে খামুচি ধৰি থাকিবলৈ সোঁৱৰাই দিলে৷ হয়তো অতীত ৰোমন্থনত ধৰা পৰি যোৱাৰ ভয়!
“মা, তুমি মোক মাতিছিলা নেকি?” বগা, ক্ষীণ কিশোৰ এটি দুৱাৰ মুখত৷
“ও, আহাচোন৷”

ল’ৰাজন সোমাই আহিল৷ অনুপম অলপ আচৰিত হ’ল৷ নয়নাৰ ল’ৰা ইমান ডাঙৰ! এই ল’ৰাজন বাৰ-তেৰ বছৰীয়া হ’ব৷
“এওঁ মোৰ ডাঙৰ ল’ৰা মণীষ৷ ঘৰত মাতো বিতু বুলি৷ বিতু, এয়া তোমাৰ অনুপম মামা৷” নয়নাৰ চিনাকি পৰ্বৰ মাজে মাজে ৰহস্যৰ ধুঁৱলী-কুৱঁলী আৱৰণে অনুপমক বেৰি ধৰিলে৷ সৌজন্যৰ খাতিৰতে সি সুধিলে,
“কোন ক্লাছত পঢ়া তুমি বিতু?”
“ক্লাছ ছেভেনত৷”
অনুপমৰ খেলিমেলি লাগি গ’ল৷ নয়নাৰ ল’ৰা ইমান ডাঙৰ! নে নয়না স্বামীৰ দ্বিতীয়া পত্নী! হবও পাৰে……কিন্তু কেনেকৈ! মণি সোমাই আহিল তেনেতে৷ অনুপমলৈ চাই ক’লে,

“দাদা, ভিতৰলৈকে আহক৷”

নয়না আৰু বিতুৰ পিছে পিছে গৈ এটা দীঘলীয়া কোঠাত সোমাল অনুপম৷ সোঁমাজত এখন ডাঙৰ টেবুল-প্ৰায় দহ-বাৰ জনে বহি একেলগে খাব পৰা৷ নয়নাৰ ঘৰত ইমান মানুহ থাকেনে? হয়তো যৌথ পৰিয়াল৷ কিন্তু এতিয়ালৈকে দেখোন মণি, বিতু আৰু তৰাৰ বাহিৰে সি কাকো দেখা নাই৷

টেবুলত লুচী-ভজিৰ প্লেট কেইখন মান৷ তৰা বহি আছিলেই নিজৰ প্লেটখন সন্মুখত লৈ৷ অনুপমলৈ চাই মিচিকিয়াই হাঁহি তাই ক’লে,

“জানা মামা, মই আজিকালি নিজেই খাব পৰা হ’লো৷”

“মাত্ৰ টেবুলৰ তলে-ওপৰে পেলাই মেলি খাওঁ৷” মণিয়ে দুষ্টালিৰ হাঁহি মাৰি ক’লে৷ তৰাই লাজ পাই সেমেনা-সেমেনি কৰিবলৈ ধৰলে৷ সকলোৱে হাঁহি পেলালে তাইৰ অংগী-ভংগী দেখি৷

বিতু, তৰা আৰু নয়নাৰ স’তে সি খাবলৈ বহিল৷ নয়নাই মাজে-মাজে ইটো-সিটো দিলে-মণিৰ ৰন্ধা-বঢ়াৰ প্ৰশংসা কৰিলে৷ মণিয়ে তৰাক খোৱাত সহায় কৰিলে৷অনুপম নিৰ্বিকাৰ- কি খালে, কি নাখালে একো যেন গমেই নাপালে সি৷ নয়না যেন ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে তাৰ দৃষ্টিত৷ তীব্ৰ ইচ্ছা হ’ল তাৰ পোনপটীয়াকৈ সুধিবলৈ-সকলো কথা স্পষ্ট কৰি ল’বলৈ৷ কিন্তু কিবা এটা অসহজ ভাৱে তাক মূক কৰি ৰাখিলে সমগ্ৰ সময়খিনিত৷ শেষত খাই উঠি গামোচাত যেতিয়া সি হাত মোহাৰিলে, মণিয়ে চফদানীটো আগবঢ়াই দি সুধিলে,

“দাদাই মই ৰন্ধা বস্তুবোৰ খাই ভাল নাপালে নহয়নে? নাখালেই যে বিশেষ!”

অনুপম সন্ত্ৰস্ত্ৰ হৈ উঠিল৷ তাৰ মানসিক অৱস্থা যিয়েই নহওঁক মণি, তৰা, বিতুহঁতৰ নিষ্কলুষ আদৰক অৱমাননা কৰা উচিত৷ সি লৰা লৰিকৈ কৈ উঠিল,

“নহয় মানে আজি অলপ আগতে মই হোটেলত খাই মেলি আহিলো বাবেহে৷ তোমাৰ ৰন্ধা-বঢ়া খুব ভাল হৈছে৷”

নয়নাই ক’লে, “আচলতে আমাৰ ঘৰত আবেলি এনেকুৱা সময়ত সকলোৱে এঘন্টামান সময় শুৱে৷ তৰাক আকৌ মইহে শুৱাই দিব লাগে৷ নহ’লে নুশুৱে৷ আজি দুপৰীয়াতে ফাৰ্মলৈ যাব লগা হ’ল মোৰ৷ সেইবাবে তাই নুশুলেই৷ বিতু এয়া শুৱাৰ পৰা উঠিছেহে৷ মণি, সকলোকে উঠিবলৈ কোৱাগৈ যোৱা৷”

অনুপমে স্বস্তিৰ নিশ্বাস এৰিলে৷ তাৰমানে ৰহস্য সেইটোহে৷ সি মিছাতে কিবাকিবিবোৰ ভাবি আছে৷ একেবাৰে মুক্তমনেৰে গৈ সি ড্ৰয়িং ৰুমত বহিলগৈ৷ তাৰ কোলাত তৰা, কাষত বিতু৷ নয়নাই হাঁহি হাঁহি সিহঁতলৈ চাই থাকিল৷ অনুপমে ৰীমা আৰু ল’ৰা ছোৱালী হালক এবাৰ নয়নাৰ ওচৰলৈ অনাৰ কথা ভাবিলে৷ যেনেকৈয়ে নহওক নয়নাই যে তাৰ সেই বঞ্চনাক ক্ষমা কৰি দিছে-এই ভাবটোৱে তাক সকাহ দিলে৷ তাইৰ আচাৰ-ব্যৱহাৰ আৰু আন্তৰিকতাত সি এই বতৰাটোকে পালে৷

কৰিডৰটোৱেদি দৌৰি অহাৰ দুপ দুপ শব্দ শুনি অনুপমৰ তন্ময়তা ভাগিল৷ শব্দবোৰ ক্ৰমাৎ ওচৰ চাপি আহি দুৱাৰ মুখত ৰৈ গ’ল৷ সি মূৰ তুলি চালে৷ এটি এটিকৈ পাঁচোটা ল’ৰা ছোৱালী সোমাই আহিল৷ তিনিজনী ছোৱালী, দুটা ল’ৰা৷ আটাইকেইটা পাঁচৰ পৰা দহমান বছৰ বয়সৰ ভিতৰত৷ নয়না উঠি আহি প্ৰত্যেককে ধৰি ধৰি চিনাকি কৰি দিলে,-নীতা, ৰুবুল, দীপ, চিমি আৰু পূজা৷ আটাইকে দুয়োহাতে আঁকোৱালি লোৱাৰ দৰে কৰি অনুপমৰ ফালে চাই নয়নাই ক’লে,

“ইহঁতেই মোৰ সংসাৰ-মোৰ সকলো৷”

তাইৰ মাতটোত ক’ৰবাৰ অচিনাকি আবেগৰ সুৱাস এটাও যেন মিহলি হৈ আশিল৷ দুটামান অস্বস্তিকৰ মুহূৰ্তৰ মাজতেই মণিয়ে সকলোকে মাতি লৈ গ’ল পঢ়াৰ সময় হ’ল বাবে৷ কোঠাটোৰ গধুৰ বতাহখিনিৰ মাজত স্তব্ধ হৈ ৰোৱা মূৰ্তি দুটা দেখি দেখিয়েই হয়তো মণিয়ে কিবা এটা বুজিলে৷ তায়ো একো নকৈ সিহঁতৰ লগতে নীৰৱে ওলাই গ’ল৷

নিস্তব্ধতা ভাঙি নয়নাই শান্ত কন্ঠেৰে কৈ গ’ল,

“বিয়াৰ কথা মই নাভাৱিলো অনুপম৷ তুমিতো জানা, সৰু ল’ৰা-ছোৱালী মই কিমান ভাল পাওঁ৷ ঠিক কৰিলো-মোৰ আশে পাশে কোনো শিশুকে অৱহেলিত হ’বলৈ নিদিওঁ৷ চাকৰিত জইন কৰাৰ পিছত অকস্মাত এদিন বিতুক পালো-তিনি বছৰৰ আগতে৷ কনফাৰ্মেশ্যনৰ কামত গুৱাহাটীলৈ যাওঁতে দেখা পালো তাক৷ হোটেল এখনত কাম কৰিছিল সি৷ এটুকুৰা ৰুটী চুৰকৈ খোৱাৰ বাবে মালিকে তাক সকলোৰে সন্মুখত উৰাই ঘুৰাই পিটিছিল৷ এতিয়াও মোৰ বুকু কঁপি উঠে- দুচকু পানীৰে ভৰি পৰে সেই দৃশ্যটো মনত পৰিলে৷ সি কাউ বাউকৈ তেওঁৰ ভৰিত ধৰিছিল, ৰাউচি জুৰি কান্দিছিল৷ অন্য সকলো মানুহ নিৰ্বিকাৰ৷ যেন একোৱে হোৱা নাই৷ মই নোৱাৰিলো অনুপম৷ হৃদয়ত বৈ ফুৰা মানৱীয় অনুভূতিখিনিৰ বাবেই নোৱাৰিলো৷ লৈ আহিলো তাক৷ বানাক্ৰান্ত গাওঁ এখনৰ সৰ্বস্বান্ত হোৱা পৰিয়াল এটাৰ ল’ৰা সি৷ নিজৰ গাওঁখনৰ নামটোও ক’ব নোৱাৰিলে৷ গাঁৱত দ্বিতীয় শ্ৰেণীলৈ পঢ়িছিল৷ মই অলপ দিন পঢ়াই চতুৰ্থ শ্ৰেণীত নাম লগাই দিলো৷

তৰাক পাইছিলো বস্তি এটাত৷ মোক সদায়ে কলেজলৈ অনা নিয়া কৰা ৰিক্সাচালকজন এসপ্তাহমান নহাত খৱৰ কৱিবলৈ গৈ গম পালো তেওঁ ঢুকাল৷ বহুদিনৰ পৰা খাব পৰা নাছিল ভালকৈ৷ শেষ মুহৰ্তত ডাক্তৰ আনি দেখুওৱাত তেওঁ অনুমান কৰিলে খাদ্যনলীত কেন্সাৰ৷ ইমানদিন তেওঁৰ ৰিক্সাতে অহা-যোৱা কৰিও মই একো গমেই নাপালো৷ গৈ দেখিলো তেওঁৰ পত্নীৰ কোলাত ছমহীয়া কেচুৱা এটি৷ ওপৰত এমা-ডিমা ল’ৰা-ছোৱালী আছিলেই৷ মাকৰ শোচনীয় অৱস্থাৰ বাবে কেচুৱাটোৰ কান্দিবলৈকো মাত নোলোৱা হৈছিল৷ সেই তৰাকো মই লৈ আহিলো৷ মাকক কথা দিলো-মই তাইক মানুহ কৰিম-প্ৰকৃত মানুহ৷……এই যে দীপ, সি কি কৰিছিল জানা? পাগলী মাকৰ লগত ভিক্ষা কৰিছিল৷

…………..এনেকৈয়ে মোৰ প্ৰত্যেকটো সন্তানেই একো একোটা কাহিনীৰ পৰিণতিত মোৰ কাষলৈ আহিছে৷ প্ৰথমতে খুউব কষ্ট হৈছিল৷ মণি অহাত মোৰ কষ্টবোৰ দুভাগ হ’ল৷ মণি কোন জান? পৰাণৰ খুড়াকৰ ছোৱালী৷ বিয়াৰ আগতেই গৰ্ভপাত কৰিব লগা হ’ল তাই৷ তাইৰ বৰ হেঁপাহ আছিল এটা সন্তানৰ বাবে৷ এতিয়া ইঁহতৰ মাজতেই তাই পৃথিৱীৰ পোহৰ নেদেখাকৈয়ে মানুহৰ নিষ্ঠুৰতাৰ বলি হোৱা সন্তানটিক বিচাৰি পায়৷ ভাৱিছো, অতি সোনকালে ঘৰটোৰ কাষতে আৰু দুটামান কোঠা সজাম অনাগত অতিথিৰ বাবে৷”

নয়না নীৰৱ হ’ল৷ অনুপম-অনুপম একেবাৰে নিথৰ হৈ বহি আছে৷ তাৰ যেন একো ক’বলৈ নোহোৱা হৈ গ’ল৷ নয়নালৈ এবাৰ চালে সি৷ তাইৰ দুচকুৰ উজ্জলতা যেন সি সহিব পৰা নাই৷ দুচকু বন্ধ কৰি দিলে সি জোৰেৰে৷ বেছ কিছু সময় তেনেদৰেই থকাৰ পিছত চকু মেলিয়েই সি অস্ফুটভাৱে কৈ উঠিল,

“তুমি জানো মোক কেতিয়াও ক্ষমা নকৰিবা নয়না?”

নয়নাই মিঠাকৈ হাঁহিলে আৰু ক’লে,

“তুমি একে আছা অনুপম৷ প্ৰত্যেক ব্যক্তিৰ বাবেইতো জীৱনৰ সংজ্ঞা বেলেগ-লক্ষ্য, মূল্যবোধ, অনুভৱ সকলো বেলেগ৷ এইবাবেইটো জীৱন ইমান বৈচিত্ৰ্যময় ৷ নিজস্ব মূল্যবোধেৰে নিজস্ব অনুভৱেৰে জীয়াই থকাৰ অধিকাৰ প্ৰত্যেকৰে আছে অনুপম৷ তোমাৰ প্ৰতি মোৰ কোনো বিৰূপ মনোভাৱ নাই৷ গতিকে ক্ষমা খোজাৰ প্ৰশ্নই নুঠে৷”

“তুমিও একেই আছা নয়না৷”

অনুপমে আবেগেৰে ক’লে৷

দুয়ো একেলগে হাঁহিলে৷ গধুৰ বতা্খিনিয়ে হাঁহিৰ সুবাসতে সহজ হৈ লোৱাৰ চেষ্টা কৰিলে৷ মনত এজাক জোনাক লৈ বাহিৰৰ আন্ধাৰখিনিলৈ চাই চাই অনুপমে ভাবিলে, তাৰো যাবৰ হ’ল৷

Thursday, 28 July 2005

সংগ্ৰামৰ অন্য এক পৰিচ্ছেদ

কালি নিশা এক মূহূৰ্তৰ বাবেও টোপনি নাহিল মোৰ৷ এক অসহায় অস্থিৰতাৰ কোলাত হৃদয়খন গুঁজি দি উজাগৰী নিশাটো পাৰ কৰি দিবলৈ বাধ্য হ’লো৷ ডিম লাইটৰ কোমল সেউজী আভাত টোপনিত লালকাল হৈ থকা অৰুণাৰ শৰীৰটো ধুমুহাত উভাল খাই পৰা লেহুকা গছ এডাল যেন লাগিছিল মোৰ৷ অথচ বাস্তৱত কোমল সেউজীয়া বৰণৰ এই লেহুকা গছ ডালতে বিশাল বট বৃক্ষৰ সমস্ত শক্তি থুপ খাইছেহি৷ কেনেকৈ এয়া সম্ভৱপৰ হ’ল মই নাজানো৷ কিন্তু এটা কথা ভালদৰেই জানো যে এই ৰহস্যময় শক্তিৰ আধাৰতেই লেহুকা গছডালে সকলো ধুমুহা নীৰৱে পাৰ হৈ যাবলৈ দি অলৰ অচৰ হৈ ৰ’ব পৰিছে৷

অৰুণা ওলাই গ’ল মই বিচনাত থাকোতেই৷ চিৰাচৰিত অভ্যাস অনুসৰি যাওঁতে মোক জগাই থৈ গ’ল কুম্ভকৰ্ণ হোৱাৰ আখৰা কৰিব নালাগে বুলি কৈ৷ শেষ নিশাৰ চিলমিলিয়া টোপনিৰ আবেশতো অবচেতনভাৱে মই তাইৰ মুখলৈকে চালো৷ এয়া সেই একেজনী অৰুণাই৷ প্ৰাণোচ্ছল আৰু ফূৰ্তিবাজ অৰুণা৷ মাছ কমিউনিকেশ্যনৰ ক’ৰ্ছ শেষ কৰি আগশাৰীৰ টেলিভিশ্যন চেনেলত কাম কৰিব বিচৰা অৰুণা৷ আৰু…আৰু অবৈধভাৱে গজালি মেলি তিলতিলকৈ জীৱনীশক্তি শুহি অনা এলানি অস্থিৰ কোষ বুকুত কঢ়িয়াই ফুৰা অৰুণাও এইজনীয়ে৷

কোঠাৰ একমাত্ৰ খিৰিকীখনৰ কাষত মই থিয় দি ৰ’লোগৈ৷ একো নেদেখি কাষতে থকা ওখ ফ্লেট কেইটাৰ বাহিৰে৷ গুৱাহাটী মহানগৰ এইখন৷ সঁচাকৈয়ে বৰ সংকীৰ্ণ হৈ পৰে ইয়াত দৃষ্টিৰ পৰিসীমা৷ একোটা নিৰ্দিষ্ট বৃত্তৰ ভিতৰতে মনবোৰ চপাই কোঁচাই থব লগা হয় প্ৰত্যেকেই৷…আমি ভৱাতকৈও বাস্তৱ হয়তো বেছি নিষ্ঠুৰ৷ সেইবাবেই বাস্তৱক একাষে এৰি আমি দেও দি যাব খোজোঁ আশাৰ জগতখনলৈ৷ এতিয়াও জানি বুজিয়ে মোৰ মন গ’ল হৃদয়ৰ সমস্ত ক্লান্তি অৱসাদ নেদেখা আকাশখনৰ উদেশ্যে মুক্ত কৰি দিবলৈ৷ নোৱাৰিলো৷ কাৰণ মই জানো, কংক্ৰিটৰ বেৰত ঠেকা খাই আহি সেইবোৰে দুগুণ জোৰেৰেহে আঘাত হানিবহি মোক৷

বিমোৰ হৈ মই একেঠাইতে থিয় দি ৰ’লো৷ হঠাৎ যেন পৰিৱৰ্তনৰ আচহুৱা উকমুকনি এটাই মোক বেৰি ধৰিলেহি৷ আশ্চৰ্য্যজনকভাৱে মোৰ দৃষ্টিৰ পৰা আঁতৰি গ’ল কাঠফুলাৰ দৰে গজি উঠা কংক্ৰিটৰ বিশৃংখল অবয়ৱবোৰ৷ চাৰিওদিশৰ বেসুৰা চিঞৰ-বাখৰ, যান্ত্ৰিক শব্দবোৰো যেন নিমিষতে কোনোবাই স্তব্ধ কৰি দিলে৷ মোৰ দৃষ্টিশক্তিৰ পৰিসীমাত ভাঁহি থাকিল কেৱল কুঁৱলী আৰু কুঁৱলী৷ লাহে লাহে কুঁৱলীৰ আৱৰণ আঁতৰি দৃশ্যপটত দেখা গ’ল এখন সমভূমি৷ কিন্তু সমগ্ৰ অঞ্চলটোত সেউজীয়াৰ আঁক এটাও বিচাৰি নাপালো মই৷ গছ-লতা, আকাশ, মাটি-পানী ধূসৰ- সকলো৷ সেই নিৰ্মম ধূসৰতাৰ মাজত এজাক গাভৰু দৌৰি ফুৰিছে লক্ষ্যহীনভাৱে৷ আৰু নিশব্দতা ভংগ হৈছে সিহঁতৰ খিলখিলনিৰে৷ বৰ আচৰিতভাৱে মই আৱিস্কাৰ কৰিলো সিহঁতৰ প্ৰত্যেকেই একো একোজনী অৰুণা৷

‘আস!’ মই থাউনি বিচাৰি খিৰিকীৰ গ্ৰীলত খামুচি ধৰিলো৷ তেতিয়াও মোৰ কাণত খিলখিলনিৰ শব্দই ভাঁহি থাকিল৷ ডিঙিটো শুকাই যোৱা যেন লাগিল৷ পানী বটলতে পালো-নিশ্চয় অৰুণাই ভৰাই থৈ গৈছে৷ অলপ সুস্থ অনুভৱ কৰিলো৷ খিৰিকীৰ কাষৰ পৰা আহি মই বিছনাত পৰিলোহি৷ কাষতে নোটবুকখন আৰু কলম এটা৷ কিছুসময় আঁকবাঁক কৰি ল’লো তাতে৷ হয়তো হৃদয়ত ভিৰ কৰা অস্থিৰতাবোৰ বাহিৰ কৰাৰ পথ বিচাৰি৷

অৰুণাৰ স’তে বৃহৎ ফ্লেটটোৰ গ্ৰাউণ্ড ফ্লৰৰ এই কোঠাটৌত থকা প্ৰায় এবছৰেই হ’ল মোৰ৷ এই এটা বছৰে গঢ়ি উঠা ঘনিষ্ঠতা সূত্ৰে মই জানো অৰুণা ঘৰৰ জেষ্ঠা আৰু একমাত্ৰ কন্যা সন্তান৷ তাতে তাইৰ প্ৰাণোচ্ছল স্বভাৱটোৰ বাবেও খুড়াক, পেহীয়েক, ককাক-আইতাক আৰু ভায়েক-ভনীয়েকেৰে পৰিবেষ্টিত যৌথ পৰয়ালটোৰ বাবে অৰুণা হৃদপিণ্ড স্বৰূপ৷ এইজনী অৰুণাই কালি শুবৰ পৰত বৰ স্বাভাৱিক ভাৱে কৈ পেলালে মোক-তাই কৰ্কট ৰোগী৷ এলানি কোষে বুকুত খোপনি পুতি অবিৰত বিভাজনেৰে কুটি কুটি শেষ কৰি আনিছে তাইৰ জীৱন৷ ডাক্তৰে নিশ্চিত কৰাই দুটা বছৰ হ’ল৷ ডাক্তৰে বাৰে বাৰে পৰামৰ্শ দিয়া স্বত্বেও দুই এটা টেবলেট খোৱাৰ বাহিৰে একো চিকিৎসাই কৰা নাই তাই…………..আনকি আনকি নিজৰ যিখন ঘৰৰ বাবে তাই প্ৰাণতকৈও আপোন, এইখন ঘৰকো অৰুণাই বঞ্চিত কৰি ৰাখিছে এই নিৰ্মম সত্যৰ পৰা৷ এই প্ৰত্যেকেটো কথাৰ অন্ততে মোক প্ৰশ্নবোধক চিনটোৱে আমনি কৰিলে৷ কিন্তু মই এটা প্ৰশ্নও কৰিব নোৱাৰিলো ইমানবোৰ অস্বাভাৱিকতাৰে স্বাভাৱিক হৈ মোৰ সমুখত কৌতুকবোধৰ আঁৰত ক্ষণিক তাইৰ দুচকুত জিলিকি উঠা ব্যাকুলতাখিনিও অস্বীকাৰ কৰিব নোৱাৰিলো৷ তাই কোৱা প্ৰত্যেকটো কথাই যে সঁচা সেয়া মৰ্মে মৰ্মে অনুভৱ কৰি হয়তো মই স্থৱিৰ হৈ পৰিছিলো৷

জীৱন সম্পৰ্কে আমি কৰা ধাৰণাবোৰ হয়তো তেনেই আপেক্ষিক আৰু অস্থায়ী৷ সময়, পৰিস্থতি আৰু আবেগ অনুসৰি এই ধাৰণাবোৰৰ পৰিৱৰ্তন ঘটি থাকে কিজানি৷ অৰুণাৰ কথাবোৰ শুনি শুনি তন্ময় হৈ মই এনেদৰেই ভাৱিবলৈ আৰম্ভ কৰিছিলো৷ তাই কৈ গৈছিল ৰোগৰ কথা, সেই ৰোগে নিয়ন্ত্ৰণ কৰি পেলোৱা কিছু পৰিস্থিতি, কিছু আবেগৰ কথা৷…দুটা বছৰৰ সান্নিধ্যৰে সমীৰ নামৰ কোনো এক সত্তাৰ সতে এক সুগভীৰ আবেগিব সম্পৰ্ক গঢ়ি উঠিছিল অৰুণাৰ৷ মেডিকেল ৰিপৰ্টৰ কথা জানিব পাৰি সমীৰে সহানুভূতি আগবঢ়াইছিল তাইৰ প্ৰতি৷ ঘৰত খৱৰ দিয়াৰ কথা কৈছিল৷ আৰু তাৰ দুমাহমানৰ পিছত তাইৰ হাতত পৰিছিলহি এখন বিয়াৰ কাৰ্ড৷ লগত এখন সৰু কাগজত সমীৰৰ দুশাৰী হাতৰ আখৰ৷ মাকে পছন্দ কৰি হঠাতে সকলো বন্দবস্ত কৰি পেলালে হেনো৷

নোটবুকৰ মসৃণ পৃষ্ঠাটোত মোৰ বিশৃংখল আঁকবাঁকবোৰে কিবা এটা নিৰ্দিষ্ট ৰূপ ল’বলৈ বিচৰা যেন লাগিল৷ ভিন্ন আকৃতিৰ অসংখ্য কণাৰ মাজত অস্পষ্টকৈ এটা কুণ্ডলী৷ কণাবোৰৰ আবেষ্টনীৰ পৰা কুণ্ডলীটোৰ এটা মূৰ অকণমানকৈ ওলাই আছে মুক্তভাৱে৷ মোৰ কলম তেতিয়াও ব্যস্ত কণাৰ ক্ষুদ্ৰ পাহাৰটোত৷ হঠাৎ মোৰ ভাৱ হ’ল, এইবোৰ যেন অন্য একো নহয় অৰুণাৰ বুকুত ক্ৰমান্বয়ে বেদখল কৰি অহা কোষবোৰহে৷ আৰু কুণ্ডলীটো! সেইটো তেন্তে তাইৰ জীৱন কুণ্ডলী! মই উচপ খাই নোটবুকখন জোৰেৰে বন্ধ কৰি দিলো৷ কলমটো উফৰি মজিয়াত পৰিলগৈ৷

অৰুণাৰ কথাবোৰ পুনৰ মোৰ কাণত বাজি উঠিল৷ তাই কোনো প্ৰামাণ্য স্বাক্ষৰ ৰখা নাই ৰোগৰ৷ মেডিকেল ৰিপৰ্ট, ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন সকলো নষ্ট কৰি পেলাইছে কেতিয়াবাই৷ তাইৰ যুক্তি, প্ৰয়োজন নাই তাইক মৃত্যুৰ পদধ্বনি কিমান ওচৰ পাইছেহি সেয়া ক্ষণে ক্ষণে জানি থকাৰ৷ তাইৰ জীৱনৰ মোহত বন্দী হৈ ৰ’ব খোজে৷ জীৱন-ৰাগিণী উপভোগ কৰিব খোজে পূৰ্ণতাৰে৷

“তই ঘৰৰ মানুহক খৱৰ দিয়া হ’লে ভাল আছিল অৰু!” স্বতস্ফূত ভাৱে মোৰ মুখৰ পৰা ওলাই আহিছিল কথাষাৰ৷

মোৰ কাষ চাপি আহি দুয়ো হাতেৰে হাত এখন তুলি তাই কৈছিল, “জানো মই৷ কিন্তু তই ভাৱি চাছোন মাত্ৰ এজনৰ স্থায়ী উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল এটা যৌথ পৰিয়ালৰ কথা৷ মই জানো ভালদৰেই, মোৰ চিকিৎসাৰ বাবে ঘৰখনে সকলো ত্যাগ কৰিব৷ কিন্তু মই নিবিচাৰো, মোৰ জীৱনৰ আয়ুস ৰেখাডালত দুটামান বছৰ যোগ দিবলৈ গৈ অন্য কেইবাটাও জীৱন আৰম্ভণিতে কোঙা হৈ পৰক৷ যিমান দিন সম্ভৱ, এই সত্যৰ পৰা বঞ্চিত হৈয়ে থাককছোন৷ মা-দেউতাৰ বেদনাক্লিষ্ট মুখবোৰ চাবলৈ বৰ কষ্ট হ’ব মোৰ৷”

…কোনো কথাই গভীৰভাৱে ভাবিব নোখোজা অৰুণাৰ হৃদয়ৰ সাগৰ সম গভীৰতাত মই যেন ডুবিব ধৰিছিলো৷ তাই কৈ গৈছিল- “আচলতে কি জান নমি, এই কথাটোৱে মোক এটা নিৰ্দিষ্ট দিশত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছে৷ অনৰ্থক বিলাস কিছুমান বাদ দিবলৈ মই সাহস পাইছোঁ৷ কোনো মানুহেই অমৰ নহয়৷ মৃত্যু আছে বাবেইতো জীৱন ইমান মধুৰ৷ তেন্তে এই ক্ষন্তেকীয়া সময়কণ মানুহে কিয় মৃত্যুৰ আশংকা কটাই দিব খোজে? যি বাবেই নহওক, মই তেনে মানুহৰ শাৰীত নাই৷ জীয়াই থকা দিনকেইটা সুখত থাকিব খোজো মই, বুজিছ?”

অৰুণাৰ মুখত কৌতুক হাঁহি এটাই ঢৌ খেলিছিল৷ মোলৈ চাই তাই কৈছিল, “আহাহা—৷ এইবোৰ ক’বলৈ মইনো তোকহে পাব লাগেনে! এনে ছিৰিয়াছ হৈছ যেন তোৰ ওপৰতে সমগ্ৰ পৃথিৱীৰ বোজাটো কোনোবাই জাপি দিলে৷ বাদ দে এইবোৰ৷ শুই থাক৷ ৰাতি বহুত হ’ল৷”

……ইমান সহজনে! সঁচাকৈয়ে ইমান সহজনে কথাবোৰ!...ম’বাইলত মিহি সুৰ এটা বাজি উঠিল৷ -অৰুণাৰ ফোন! এনে সময়ত তাই ফোন কৰাৰ কোনো কাৰণ বিচাৰি নাপালো৷

“হেল্ল’ ”

“হেল্ল’ নমি৷ তই ক’ত আছ এতিয়া?” অৰুণাৰ উচ্চাসিত মাত

“ৰুমত৷ তই?”

“ভালেই হ’ল৷ শুন, তোৰ সৈতে চিনাকী কৰি দিবলৈ মানুহ এজনক নি আছো৷ এই দহমিনিটৰ ভিতৰতে পামগৈ৷ বুজিছ?”

“কিন্তু---”

“কোনো কিন্তু নাই, তই থাকিবি হা৷ বাই৷”

মোৰ খেলিমেলি লাগি গ’ল৷ কোনবা আহিব! তাকো মোৰ সৈতে চিনাকী হ’বলৈ! তথাপিও কোঠাটো খৰধৰকৈ ঠিকঠাক কৰিলো৷ শেষত চকু পৰিল অৰুণাৰ টেবুলখনত৷ কি যে কৰি থৈ গৈছে তাই৷ এখন দীঘল আকাৰৰ বহী মেলা অৱস্থাতে৷ কাষতে দুই-তিনিখন শকত ভলিউমৰ কিতাপ ওপৰা-ওপৰিকৈ৷ অলপ চিজিল কৰি থওঁ বুলি মই সেইবোৰ সামৰাত লাগিলো৷ তেনেতে টেবুলৰ কাষৰ ফালে থকা কিতাপ এখন সৰি পৰিল মজিয়াত৷ আৰু তাৰ পৰা তিনি চাৰিটামান কাগজৰ টুকুৰা ওলাই সিঁচৰিত হৈ পৰিল৷

মোৰ নিজৰ ওপৰতে অলপ খং উঠিল৷ ইমান অন্যমনস্ক হৈছো কিয় বাৰু? কাগজবোৰ তুলি কিতাপখনৰ মাজত ভৰাব খোজোতে হঠাৎ এটা সৰু টুকুৰাত চকু পৰিল মোৰ! কবিতা! অৰুণাই কবিতাও পঢ়েনে! মইতো ইমানদিনে অৰুণা আৰু কবিতাৰ সম্পৰ্কটো দুবোৰ্ধ্যতাৰ পৰা ওপজা একধৰণৰ অহি-নকুলৰ সম্পৰ্ক বুলিয়ে ভাৱি আছিলো৷ আগ্ৰহেৰে চকু ফুৰালো মই—

“I wish I had the voice of Homer
To sing of rectal carcinoma,
Which kills a lot more chaps, in fact,
Than were bumped off when Troy was sacked.…………………………
I know that cancer often kills,
But so do cars and sleeping pills;”

…..কিমান সময় থৰ হৈ ৰ’লো ক’ব নোৱাৰো, কলিং বেলৰ শব্দত সম্বিত ঘুৰাই পালো মই৷ খপজপকৈ কিতাপখন সামৰি থৈ দুৱাৰ খুলি দিলো৷ অৰুণাৰ সৈতে বয়সস্থ ব্যক্তি এগৰাকী৷ মোৰ বিধ্বস্ত চেহেৰা দেখিয়েই হয়তো অৰুণাই সুধিলে৷,

“শুই আছিলি নেকি? মই ফোন কৰা পোন্ধৰ মিনিটো হোৱা নাই দেখোন৷”

হাঁহিবলৈ আপ্ৰাণ চেষ্টা কৰি মই উত্তৰ দিলো,

“ নাই নাই৷ এনেয়ে পৰি আছিলো৷….আহক৷”

মোৰ শেষৰ শব্দটোৰ লক্ষ্য অনুধাৱন কৰি অৰুণাই ক’লে,

“আংকল, এয়াই নমি৷ আৰু নমি, এখেতক তই চিনি পোৱা নাই নিশ্চয়৷ এখেতেই মোৰ ডাক্তৰ আংকল৷ এঠাইত হঠাতে লগ পাই লৈয়ে আহিলো৷ ভাবিলো তই জানিলিয়ে সকলো৷ আজি চিনাকিও কৰাই দিওঁ৷”

ডাক্তৰ জনে ঈষৎ হাঁহিৰে অথচ আন্তৰিকতাৰে কৈ উঠিল,

“তোমাৰ কথা অৰুণাই মোক প্ৰায়ে কয়৷ গতিকে আজিয়ে প্ৰথম দেখিছোঁ যদিও পুৰণি চিনাকি যেনেই লাগিছে বুজিছা৷”

তাইক ইমানদিনে চাই অহা ডাক্তৰজনৰ সৈতে একধৰণৰ আত্মীয়তা গঢ়ি উঠা বুলি অৰুণাই কোৱা কথাষাৰ মনত পৰিল৷ অৰুণাই আমাক দুয়োকে কথা পাতিবলৈ দি চাহ কৰাত লাগিল৷ ঘৰুৱা দুই এটা কথা-বাৰ্তা, মোৰ ভৱিষ্যত পৰিকল্পনা, মহানগৰীৰ জলন্ত সমস্যা আদি কথাৰ শেষত আমাৰ মাজলৈ আহিল অৰুণাৰ ৰোগৰ কথা৷ এই সুযোগতে মই কালি নিশাৰ পৰা আমনি দি থকা ভাৱবোৰ ডাক্তৰ আংকলৰ আগত প্ৰকাশ কৰিলো৷ দীঘল হুমুনিয়াহ এটা কাঢ়ি তেওঁ ক’লে,

“জীৱনত বহুত ৰোগী পালো৷ কিন্তু অৰুণা একেবাৰে ব্যতিক্ৰম৷ মই আজি দুবছৰে এটা দিনো তাইক ভাগি পৰা নেদেখিলো৷ মোৰ ডাঙৰ ল’ৰাটোৱে ‘এইমছ’ত কৰে৷ সিও বহুত বুজালে বাহিৰত চিকিৎসা কৰিবলৈ৷ তাই কোনো দিনেই মান্তি নহ’ল৷…এতিয়া ভাবিছো তাইক এনেকৈয়ে থাকিবলৈ দিয়া উচিত৷ তাই অকলেই যেনেকৈ যুঁজিছে, আত্মীয়-স্বজন, তুমি-মই সকলো মিলিও তেনেকৈ যুঁজ দিব নোৱাৰো৷ তথাপিও তাইক বুজাও ঘৰত খৱৰ দিবলৈ৷ ভাবাচোন অন্তিম মুহূৰ্তত গম পালে ঘৰৰ মানুহৰ অৱস্থা কেনেকুৱা হ’ব৷”

ক্ষন্তেক তভক মাৰি তেওঁ অস্ফুট কন্ঠেৰে শুনা-নুশুনাকৈ ক’লে,

“অৰুণাক মই নিজৰ ছোৱালীৰ দৰে ভাৱো৷”

……ইয়াৰ পিছতো প্ৰায় এঘন্টামান সময় তেওঁ বহিল৷ অৰুণাৰ হাতৰ বিভিন্ন আইটেম আৰু মিঠাইৰে আমাৰ সৰু মেজখন ভৰি পৰিল৷ ভদ্ৰতা ৰক্ষা কৰিবলৈকে কষ্টেৰে দুই-এবিধ খালো৷ অৰুণাৰ অবিৰাম খিলখিলনিৰ লগত সুৰ মিলাবলৈকো মই ব্যৰ্থ হ’লো৷ আঁৰ চকুৰে হাঁহি হাঁহি ভাগৰি পৰা আংকলৰ মুখখনলৈ চালো৷ তেওঁৰ হৃদয়ত জানো সঁচাকৈয়ে আনন্দৰ নিজৰা বৈছে? মোৰ সন্দেহ হ’ল৷

আংকলক বিদায় দি মই ৰন্ধা বঢ়াত লাগিলো৷ অৰুণাই বিচনাত পেট পেলাই নীৰৱে পৰি থাকিল৷ ভাত খোৱাৰ সময়তো তাই নীৰৱ হৈয়ে ৰ’ল৷ তাইৰ এনে নীৰৱতাত সামান্য কৌতুহল অনুভৱ কৰিলো যদিও একো নক’লো৷ শুবৰ পৰত তাই লাহেকৈ ক’ল,

“ডাক্তৰ আংকল কোন জাননে নমি?”

“কোন মানে?”

কিছুসময় পুনৰ নীৰৱে থাকি মোৰ ফালে নোচোৱাকৈয়ে তাই ক’লে,

“আংকল সমীৰৰ দেউতাক!”

“কি?” মই উচপ খাই উঠিলো৷

“অ’! সমীৰ তেওঁৰ ডাঙৰ ল’ৰা! এইমছত কৰে৷”

অৰুণাই লাহেকৈ মোৰ ফালে মুখখন ঘুৰালে৷ তাইৰ মুখত এটা উজ্জল হাঁহি বিৰিঙি উঠিল৷ জয়ৰ এক বিনম্ৰ অহংকাৰ যোগ হৈ সেই হাঁহিক যেন অধিক উজ্জল কৰি তুলিছে-মোৰ এনে লাগিল৷ কিন্তু এই একে সময়তে সমান উজ্জলতাৰে মোৰ দৃষ্টিত ধৰা পৰিল তাইৰ দুচকুত ভৰ বাৰিষাৰ বান৷ সেই বানত কিহৰ ঢৌ উঠিছিল মই নাজানো৷

Wednesday, 27 July 2005

আপোনাক কৈছো

যথেষ্ট বাস্তৱবাদী আপুনি
আবেগৰ টুলুঙা নাৱত উঠি
জীৱন নৈত উটি ভাঁহি ফুৰাৰ
কোনো দুৰাকাঙ্ক্ষা নাই আপোনাৰ
গতিকে সঠিক সিদ্ধান্তই ল'লে আপুনি
নীৰৱে আঁতৰি গৈ

ঠিকেই, কি দৰকাৰ আপোনাৰ
কাৰোৱাৰ বিষাদৰ অন্ধকাৰ অৰণ্যত
জোনাক সিঁচিবলৈ
বিবৰ্ণ লঠঙা গছবোৰত কুঁহিপাতৰ সন্ধান কৰিবলৈ 
নাইবা কাৰোৱাৰ তপত হুমুনিয়াহেৰে 
বুকুখন ওপচাই পেলাবলৈ৷

যথেষ্ট বাস্তৱবাদী আপুনি
কাৰোৱাৰ জীৱনৰ বাট ভেঁটি ৰোৱা
কেকটাছ উঘালি কিয়ইবা
ৰাঙলী কৰিব নিজৰ হাত
যদিও আপোনাৰ বহু দুঃসময়ৰ নিশা
মতলীয়া ধুমুহাই বাট বুলিছিল তেওঁৰ বুকুৱেদি
তেওঁ কাঁজলিয়ে কাঁজলিয়ে
সুখৰ সম্ভাৰ গোটাইছিল আপোনাৰ বাবে
নিজৰ সকলো হতাশা আৰু বেদনা 
সামৰি থৈ তেওঁ হাঁহিছিল প্ৰাণখুলি
গাইছিল বসন্তৰ গান
কেৱল আপোনাৰ বাবেই

যথেষ্ট বাস্তৱবাদী আপুনি
আপোন সত্বাক বিস্মৃতিৰ গৰ্ভলৈ দলিয়াই
সঠিক সিদ্ধান্তই ল'লে আপুনি৷

ৰচনাকাল-২০০৫