Sunday, 16 April 2017

এজাক ৰ’দৰ সন্ধানত (৬): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

ইউজিনিৰ চহৰত এদিন

পৰ্ট’ত আমাৰ সময় কম আছিল৷ মহানগৰখন সৰু যদিও আমাৰ তাত চাবলগীয়া ঠাইৰ তালিকা দীঘল৷ সেয়ে তিনিও আলোচনা কৰি ঠিক কৰিলোঁ, ৱাকিং ট্যুৰ এটা কৰা যাওক৷ ট্যুৰত এদিনতে মূল আকৰ্ষণবোৰ চাব পাৰিম আৰু স্থানীয় পৰ্টুগীজ গাইডৰ পৰা বহু কথা জনাও হ’ব৷ তাৰোপৰি তাৰে কোনো ঠাইলৈ আকৌ ইচ্ছা কৰিলে পিছত গৈ মনৰ জোখাৰে সময়ো কটাব পৰা হ’ব৷ 



কথামতে কাম৷ পৰ্ট’ৰ বিনামূলীয়া ৱাকিং ট্যুৰসমূহৰ বিষয়ে অনলাইন খুঁচৰি চালো৷ চকুত পৰিল, এটা বিশেষ ট্যুৰৰ ৰিভিউ খুউব ভাল৷ পূৰ্বতে এই ট্যুৰ কৰা প্ৰায়ভাগ লোকেই গাইড ইউজিনিৰ প্ৰশংসাত পঞ্চমুখ৷ ট্যুৰটো ইমানেই জনপ্ৰিয় যে বিনামূলীয়া হ’লেও আগদিনাই বুকিং কৰিলেহে পোৱা যায়৷ আমি দস্তুৰমত উৎসাহী হৈ উঠিলো৷ ঠিক হ’ল, ইউজিনিৰ এই ট্যুৰেই কৰা যাওক৷ আগনিশাই মেইল কৰি বুক কৰিলো৷ নিশা যা- যোগাৰ, ৰন্ধা-বঢ়াৰ মাজতে বীৰে আহি ক’লেহি, 



”ইউজিনি ধুনীয়া নাম, নহয়?” 

প্ৰজ্ঞাই ৰস পালে তাৰ কথাত৷ জোকাবলৈকে কৈ উঠিল, 

”এস! তোৰ মনে খাইছে নেকি বাৰু?” 
”নাই , কথাটোহে কৈছোঁ!” 
ময়ো প্ৰজ্ঞাৰ সুৰতে সুৰ মিলাই ক’লো, 



”বীৰ, এনেকৈ কাম নচলিব দেই৷ ইউজিনিক দেখুৱাবলৈ পৰ্টুগীজত দুই-এষাৰ সলসলীয়াকৈ ক’ব পাৰিবতো লাগিব৷ নহ’লে তোলৈ ঘুৰিও নাচাব৷” 



নিশা খাই বৈ শুবলৈ যোৱাৰ পৰত দেখা পালো, বীৰে সঁচাই অনলাইন পঢ়ি পঢ়ি আওৰাই আছে, 



”এক্সিউজ মি, কম লিচেন্সা৷ ছ’ৰি-ডিস্কুলপা৷ তুমি বৰ ধুনীয়া-ভ’চিএ টাও প্ৰিয়’টি............” 


পিছদিনা পুৱা সাত বজাতে আমাক নিৰ্দেশনাত কোৱাৰ দৰে পৰ্ট’ বিশ্ববিদ্যালয়ৰ সন্মুখত লায়’ন স্কুৱাৰত আমি থিয় দিলোগৈ৷ কিছুপৰৰ পিছতেই আমাক হাঁহিৰ খোৰাক যোগাই কিন্তু বীৰৰ সকলো কৌতুহল আৰু উৎসাহ নিৰ্বাপিত কৰি ইউজিনি আমাৰ কাষ চাপি আহিল৷ চুটি চুলি আৰু উজ্জল মুখেৰে এগৰাকী পঞ্চাছোৰ্ধৰ মহিলা! 

তেতিয়ালৈ সেই ঠাইত বিভিন্ন দেশৰ অন্য কেইবাজনো পৰ্য্যটক গোট খাইছিল৷ ইউজিনিয়ে আমাৰ সকলোৰে পৰিচয় ল’লে৷ তেওঁ নিজৰ বিষয়েও সংক্ষেপে ক’লে৷ আগতে ইতিহাসৰ শিক্ষক আছিল তেওঁ৷ বৰ্তমান অৱসৰ লৈ নিজৰ এই মহানগৰৰ অলিয়ে গলিয়ে পৰ্য্যটকক লৈ ফুৰি পৰ্ট’ৰ ইতিহাস সোৱঁৰাতে তেওঁ ব্যস্ত৷ এবাৰ চিনাকিতে দলৰ সকলোৰে নাম আৰু ঠিকনা ইউজিনিয়ে অকণো খেলিমেলি নকৰাকৈ মনত ৰখা দেখি আমি আচৰিতেই হ’লো৷ মানুহৰ নাম মনত ৰাখিব পৰাটো পাৰদৰ্শী যোগাযোগকাৰীৰ চিন হেনো৷ বুজিলো, কিয় এই পদযাত্ৰাৰ বিষয়ে সকলোৱে কিয় ইমান প্ৰশংসা কৰিছিল৷ মোৰ চিন্তাত যতি পেলাই ইউজিনিয়ে তেওঁৰ সৰু স্পিকাৰটোত কৈ উঠিল, 

”ৱেলকাম ট্যু মাই চিটি৷ প্ৰথমে তোমালোকক চমুকৈ পৰ্ট’ৰ ইতিহাসৰ এটা আভাস দিম৷ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত পৰ্টৰ ডউৰ’ নদীৰ পাৰত পোনপ্ৰথমে মানুহে বসতি স্থাপন কৰিছিল৷ ঠাইখনৰ নাম আছিল পৰ্টুকালে (Portucale)৷ এই নামৰ পৰাই চহৰখনৰ নাম পৰ্ট’ আৰু এই দেশৰ নাম পৰ্টুগাল হয়গৈ৷ আমাৰ ইতিহাসৰ এজন গুৰুত্বপূৰ্ণ পথপপদৰ্শক হ’ল প্ৰিন্স হেনৰি (Prince Henry the Navigator)৷ তেওঁৰ এই পৰ্ট’ চহৰতে জন্ম হয়৷ তেওঁৰ মাক লেংকেষ্টাৰৰ ৰাণী ফিলিপা আৰি পৰ্টুগালৰ ৰজা প্ৰথম জাও (Joao I) ৰ বিয়াও এই চহৰতে হৈছিল৷ এই বিয়াৰ ফলতে পৰ্টুগাল আৰু ইংলেণ্ডৰ মাজৰ খুউব ভাল সম্পৰ্ক এটা গঢ়ি উঠে৷ এই ৰাজকোঁৱৰ হেনৰীয়ে পৰ্টুগালক ইউৰোপৰ সাগৰীয় অভিযান তথা বাণিজ্যৰ কেন্দ্ৰবিন্দু কৰি তোলাত বিশেষ ভূমিকা লৈছিল৷ ১৫ শৰ পৰা ১৭ শতিকালৈ এই সময়ছোৱাত তেওঁৰ তত্ত্বাবধানত অৰ্থনৈতিক ক্ষেত্ৰত মোৰ এই চহৰখন দোপত দোপে আগুৱাই গৈছিল৷” 

মন কৰিলো, ইউজিনিয়ে পৰ্ট’ক প্ৰায় সকলো সময়তে ’মাই চিটি’ বুলিয়ে দোহাৰে আৰু শব্দ দুটাত বিশেষভাৱে জোৰ দিয়ে৷ 

”আমি আজি কেইঘন্টামান মোৰ এই চহৰৰ অলিয়ে গলিয়ে খোঁজ কাঢ়ি ইতিহাস খুঁচৰিম৷ তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মই খুবেই ভাল পাম৷ আশাকৰোঁ তোমালোকেও এই সময়খিনি উপভোগ কৰিবা৷” 

ইউজিনিৰ স’তে আমাৰ বাৰজনীয়া দলটোৱে খোঁজ দিবলৈ আৰম্ভ কৰিলে৷ দুখোঁজমান দিয়ে দোকান পোহাৰেৰে এটা ব্যস্ত এলেকাত সোমাই পৰিলো৷ ভিতৰলৈ নগৈ ইউজিনি বাটতে থমকি ৰ’ল৷ সন্মুখত দেখা পালো, ৰেষ্টুৰাঁ-দোকান বজাৰৰ লানিৰে এটা বৃহৎ ঘৰ৷ মুধচত সেউজীয়া ঘাঁহ, ঘাঁহৰ মাজে মাজে শাৰী শাৰীকৈ গছ৷ ইউজিনিয়ে ক’লে, 

Jardim das Oliveiras ৰ মুধচত অলিভ গছ 

”মুধচত এইবোৰ কি গছ ক’ব পাৰানে?” 


”অলিভ”-দলৰ কানাডাৰ পৰ্য্যটকজনে মাত দিলে৷ 


”ঠিকেই৷ এই ঠাইখনৰ নাম Jardim das Oliveiras৷ মোৰ চহৰৰ সৰ্ববৃহৎ সেউজ মুধচ (green roof)৷ মুধচৰ ওপৰত পঞ্চাছৰো অধিক অলিভ গছ আছে আৰু তলত বিভিন্ন দোকান-পোহাৰ আৰু ৰেষ্টুৰাঁ৷ এই ঠাইখন কেইবছৰমানৰ আগতেহে বনোৱা হৈছে অৱশ্যে৷



পৰ্ট’ৰ ঠেক ওখ-চাপৰ শিলৰ বাটবোৰেৰে ইউজিনিয়ে আমাক আগুৱাই লৈ গ’ল৷ ইউজিনিয়ে চিৰপৰিচিত এগৰাকীৰ দৰেই আমাক সকলোকে নামেৰে সম্বোধন কৰি ইটো সিটো দেখুৱাই আহিছে৷ নিজৰ চহৰখনৰ ঐতিহ্য সম্পৰ্কে বহিৰাগত এটা দলৰ আগত এখন ছবি আঁকিবলৈ পাই যেন ইউজিনিৰ গৌৰৱ আৰু উৎসাহৰ অন্ত নাই৷ সেয়া লুকুওৱাৰো চেষ্টা কৰা নাই তেওঁ৷



আমাৰ পদযাত্ৰা আৰম্ভ কৰাৰ পৰত কিনকিনিয়া বৰষুণ এজাক আছিল যদিও তেতিয়ালৈ বতৰ দাঙিলে৷ ইউজিনিক অনুসৰণ কৰি আহি আমি থিয় দিলোহি এটা প্ৰকাণ্ড গীৰ্জাৰ সন্মুখত৷ পটুৰ্গীজ নাম- ’Torre dos Clérigos’৷ গীৰ্জাটোৰ পশ্চিম দিশত গ্ৰেণাইটৰ এটা স্তম্ভ৷ তাৰ শীৰ্ষত এটা ঘুৰণীয়া ঘড়ী৷ এই ক্লেৰিগ’ছৰ গীৰ্জাটো পৰ্ট’ৰ এটা উল্লেখযোগ্য আকৰ্ষণ৷ ইউজিনিয়ে ক’লে,


”ওঠৰশ শাতিকাত ইটালীৰ এগৰাকী স্থাপত্যবিদ নিকলাও নাচনি (Nicolau Nasoni) য়ে এই গীৰ্জাৰ আৰ্হি তৈয়াৰ কৰিছিল৷ তোমালোকে আজি আমাৰ ট্যুৰতে দেখিবা, পৰ্ট’ৰ চুকে কোণে তেওঁ নিৰ্মাণ কৰা ভালেসংখ্যক ঘৰত তেওঁৰ চহী খোদিত আছে৷”

গ্ৰেণাইটৰ ওখ স্তম্ভটোলৈ আঙুলীয়াই আমাৰ দলৰ কেকোঁৰা চুলিৰ শ্বেতাংগ ছোৱালীজনীয়ে সুধিলে,

”সেই স্তম্ভটোৰ ওপৰলৈ যাব পাৰিনে?”

ইউজিনিয়ে যেন সেই প্ৰশ্নটোলৈকে বাট চাই আছিল৷ মিচিকিয়া হাঁহি এটাৰে তেওঁ ক’লে,

”হয় হয়-দুই ভৰি ভালকৈয়ে কামত লাগিব পৰাকৈ ওপৰলৈকে খটখটী আছে৷ ১৯১৭ চনত পোণপ্ৰথমে দুগৰাকী স্পেনিচ লোকে বাহিৰৰ পৰা এই স্তম্ভৰ শীৰ্ষলৈকে আৰোহণ কৰিছিল৷ এতিয়াহে পৰ্য্যটকৰ বাবে স্তম্ভৰ ভিতৰেদি একেবাৰে শীৰ্ষলৈ খটখটীৰ ব্যৱস্থা কৰিছে৷”

দিনটোৰ পিছৰ পৰিকল্পনাবোৰৰ কথা মনত পেলাই আমি সেই চিন্তা বাদ দিলো৷ এইবাৰ ’Rua dos Clérigos’ গলিয়েদি আমৰ দলটো ঘুৰিল৷ সেইবাটেৰে পাঁচমিনিটমান খোঁজ কাঢ়ি গৈ বাওঁহাতে ঘুৰিয়ে আমি মুখামুখি হ’লো, এক আহল-বহল কাৰুকাৰ্য্যৰে ভৰা বাটৰ৷ এয়াই পৰ্ট’ মহানগৰীৰ কেন্দ্ৰবিন্দু বিখ্যাত ’Praça da Liberdade’ বা লিবাৰ্টি স্কোৱাৰ৷ বাটৰ সিমুৰত এটা বিশালকায় অট্টালিকা- ’Monumento a Garrett’| পৰ্টুগালত ৰোমান্টিক আন্দোলনৰ উন্মেষ ঘটোৱা বিখ্যাত কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ এলমেইডা গেৰেট (Almeida Garrett) ৰ সোঁৱৰণত এই নাম দিয়া হৈছে, ইউজিনিয়ে জনালে৷ 
স্কোৱাৰৰ মাজভাগত ৰজা চতুৰ্থ পিটাৰৰ এটা বৃহৎ প্ৰতিমূৰ্ত্তি৷ এটা ঘোঁৰাৰ ওপৰত বহি এখন হাতেৰে সংবিধানখন লৈ থকা অৱস্থাত৷ এই প্ৰতিমূৰ্ত্তি ফৰাচী স্থাপত্যপিদ এনাট’লে কালমেলছ (Anatole Calmels) এ নিৰ্মাণ কৰাৰ পিছত ১৮৬৬ চনত স্থাপন কৰিছিল৷এটা ঘোঁৰাৰ ওপৰত উঠি আছে যুদ্ধংদেহি মনোভাৱেৰে৷ এখন হাতত এখন সংবিধান৷ লিবাৰেল যুদ্ধৰ সময়ত তেওঁ সংবিধান প্ৰদত্ত অধিকাৰ সমূহৰ প্ৰতিৰক্ষাৰ বাবে যুঁজ দিছিল৷ সেই বাবেই এই সংবিধান!

স্কোৱাৰৰ দক্ষিণদিশত কাৰ্দ’ছাছ মহল (Palácio das Cardosas) আটাইতকৈ প্ৰাচীন ঘৰ৷ ১৭৭৮ চনত ছেইন্ট এলিজিয়াছৰ নিৰ্দেশমতে এই মহলটো নিৰ্মাণ কৰা হৈছিল৷ লিবাৰ্টি স্কোৱাৰৰ কেইবাটাও বৃহদাকাৰ অট্টালিকা বেংক, হোটেল আদিয়ে অধিকাৰ কৰি আছে৷

স্কোৱাৰৰ প্ৰতিমূৰ্ত্তিবোৰৰ আগত আমাৰ ফটো তোলা কাৰবাৰ শেষ হোৱাৰ পিছত আমি সেইবাটেৰেই পোনে পোনে আগবাঢ়িলো৷ পাঁচমিনিটৰ পিছতে আমাৰ দলটো থিয় দিলেহি এখন মেকড’নাল্ডৰ সন্মুখত৷ ইউজিনিয়ে মাইক্ৰফোনটো ওচৰলৈ আনি কৈ উঠিল,

”তোমালোকে চাগৈ ভাবিছা, পৰ্ট’ মহানগৰ দেখুৱাবলৈ আনি মই মেকড’নাল্ডৰ সন্মুখহে পোৱালোহি বুলি! কিন্তু নহয়৷ এইখন মেকড’নাল্ড অন্যবোৰৰ দৰে সাধাৰণ এখন মেকড’নাল্ড নহয়! এইখন বিশ্বৰ ভিতৰতে সবাতোকৈ ধুনীয়া মেকড’নাল্ড বুলি মানুহে কয়৷ কিন্তু এই ঠাইখনৰ এক ইতিহাস আছে৷ সন্মুখৰ এই ঈগলটো মন কৰাচোন৷” আমাৰ চকুত পৰিল, সোণালী আখৰেৰে লিখা মেকড’নাল্ডৰ নাম- তাৰ ঠিক ওপৰতে পাখি মেলি ৰৈ থকা ঈগল চৰাই এটাৰ প্ৰতিমূৰ্ত্তি ৷ দেখাতেই প্ৰাচীনতাৰ উমান পোৱা যায়৷

ইউজিনিয়ে ক’লে,
”তোমালোকে সকলো মেকড’নাল্ডখনৰ ভিতৰলৈ গৈ এবাৰ ভালকৈ চাই আহাগৈ- ইয়াৰ মুধচ আৰু চাৰিবেৰৰ কাৰুকাৰ্য্য আদি সকলোখিনি৷ চাই আহি এই ঠাইৰ ইতিহাসৰ বিষয়ে তোমালোকে কি অনুমান কৰা শুনোচোন৷”

আমি সকলো উৎসুকতাৰে ভিতৰলৈ সোমাই গ’লো৷ ইউজিনি বাহিৰতে থিয় দি ৰ’ল৷ তেওঁ হয়তো প্ৰতিদিনৰ ট্যুৰত ইয়ালৈ কিমানবাৰ আহিছে তাৰ লেখ-জোখ নাই৷ মেকড’নাল্ডৰ কৰ্মকতাসকলে হয়তো এনেকৈ দলে দলে পৰ্য্যটকৰ আমনি পোৱাত অভ্যস্ত৷ সেয়ে একোকে খাবলৈ অৰ্ডাৰ নকৰি গোটেইখন পিটপিটাই ফুৰা স্বত্বেও আমাক কোনেও বিৰক্তিভাৱ নেদেখুৱালে৷

ভিতৰৰ কাৰুকাৰ্য্যবোৰ সঁচাই চকুতলগা৷ স্ফটিকৰ আইনাত কফিৰ প্ৰস্তুতিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ ৰঙীণ ছবি, বেৰত বিভিন্ন নৃত্যৰ মুদ্ৰাৰ খোদাই কৰা সোণালী প্ৰতিমূৰ্ত্তি, মনোমোহা চেণ্ডেলিয়াৰ৷ আমি ওলাই আহি ইউজিনিৰ লগ লোৱাৰ পিছত তেওঁ ক’লে, এইখন প্ৰকৃততে ১৯৪০ চনৰ এখন ঐতিহাসিক কেফে যাৰ নাম আছিল ইম্পেৰিয়েল কেফে৷ কেইবামহলীয়া এই কেফেত এটা ডাঙৰ হলঘৰৰ সৈতে পৃথক বিলিয়াৰ্ডছৰ কোঠা, বেলকনি, লাউঞ্জ আদি আছিল৷ মেকড’নাল্ডে অধিগ্ৰহণ কৰাৰ পিছতো অৱশ্যে ঐতিহাসিক কেফেখনৰ সৌন্দয্য হানি নোহোৱাকৈ প্ৰাচীন আৰু আধুনিক কাৰুকাৰ্য্যৰ এক সমতা ৰাখিছে৷ 

Saturday, 25 March 2017

এজাক ৰ’দৰ সন্ধানত (৫): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন


বাৰ্চিলোনাৰ পৰা প’ৰ্ট’লৈ দুঘন্টাৰ ফ্লাইট৷ পুৱাতে ফ্লাইট আছিল৷ যোৱাৰ আগনিশা৷ আমি তিনিও বাৰ্চিলোনাৰ এপাৰ্টমেন্টত বস্তু সামৰা আৰু পিছদিনাৰ যাত্ৰাৰ যা-যোগাৰত ব্যস্ত৷ মই প’ৰ্ট’ত বুক কৰি থোৱা এপাৰ্টমেন্টৰ গৰাকীলৈ মেইল কৰিবলৈ বহিলো৷ এপাৰ্টমেন্টটো পৰ্ট’ৰ চিটি চেন্টাৰতে আছে৷ গৰাকীক জনালো যে আমি পিছদিনা পুৱাতে পামগৈ৷ তেনেকুৱাতে বীৰে আহি মাত দিলেহি,



”এপাৰ্টমেন্টৰ ঠিকনাটো আকৌ এবাৰ গুগুল মেপত চাই লওঁ দেচোন৷”



লেপটপটো আগবঢ়াই দিলো৷

সি ঠিকনাটো দি ষ্ট্ৰীট ভিউ উলিয়ালে৷ ক’লো,

”কাইলৈ গৈ এনেও দেখিমেই৷ এতিয়া ঠিকনাটো এবাৰ ভালকৈ চাই লৈ বস্তু সামৰাৰ কামত লাগচোন৷”

বীৰে এবাৰ মোৰ ফালে চাই ক’লে,

”নাই নাই, মই মাথোঁ আশে-পাশে ঠাইখন যাতে খেলিমেলি ধৰণৰ নহয় থাকে চাই ল’ব খুজিছোঁ৷!”

মোৰ খোঁকোজা লাগি গ’ল৷ কি কয় সি! মোৰ মুখৰ বিব্ৰত দৃষ্টি দেখি সি ক’লে,

”তই এতিয়াও গম নাপাৱ!”

শোৱাকোঠাৰ পৰা প্ৰজ্ঞা ওলাই আহিল৷ হয়তো আমাৰ কথা-বতৰা শুনিয়ে৷ আহি তাই মোৰ সন্মুখৰ চকীখন টানি বহি ল’লে,

”আচলতে এইটো কথা কোৱাই হোৱা নাছিল তোক৷ অহাৰ দুদিনমান আগতে মোৰ পৰ্টুগীজ বন্ধু ৰুইৰ লগত কথা পাতিছিলো৷ তেতিয়াহে গম পালো, আমি প’ৰ্ট’ত বুক কৰা এপাৰ্টমেন্টটো থকা ঠাইখন হেনো পাঁচবছৰমান আগলৈকে ৰেড লাইট এৰিয়া আছিল!”

মই কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো যেন৷ মোৰ কি প্ৰতিক্ৰিয়া হ’ব যেন ঠিৰাং কৰিবই নোৱাৰিলো৷ এতিয়াও তেনে ঠাই হৈ থকা হ’লে দস্তুৰমত আপত্তি কৰিলোঁহেতেন৷ কিন্তু সেয়া যদি সঁচাই অতীত তেনে সংকোচৰ থল নেদেখিলো৷ যি হ’ব দেখা যাব বুলিয়ে ধৰি ল’লো৷ 

পৰ্ট’ এয়াৰপৰ্টৰ পৰা আমি থাকিবলগীয়া ঠাইখনলৈ প্ৰায় চল্লিশমিনিটমানৰ মেট্ৰ’ৰ যাত্ৰা৷ এটা ৰ’দোজ্জল দিন৷ মেট্ৰ’ মাটিৰ তলৰ সুৰংগৰে নগৈ বেছিভাগ দুৰত্ব ওপৰেৰে গ’ল বাবে দু্য়োকাষৰ ঠাইখন চাই যাবলৈ সুবিধা হ’ল৷ বাটৰ দুয়োকাষেৰে পাৰ হৈ গ’ল শাৰী শাৰী পৰম্পৰাগত ৰঙা টাইলেৰে সজোৱা ঘৰবোৰ ৷ বাৰ্চিলোনাৰ দৰে পৰ্য্যটকৰ ভিৰ চকুত নপৰিল৷ মেট্ৰ’ৰ বাহিৰে-ভিতৰে সুগঢ়ী পৰ্টুগীজসকলেই গিজগিজাই আছিল৷ অৱশেষত নামিলোগৈ ট্ৰিনিডাড নামৰ মেট্ৰ’ ষ্টেচনটোত৷ নামিয়েই প্ৰজ্ঞাই ক’লে,

”পৰ্ট’ আমাৰ ভাল লাগিব, এইকণ বাট আহিয়ে গম পাই গ’লো!”

মই সন্মত নোহোৱাকৈ নোৱাৰিলো৷ প্ৰথম দেখাতেই ভাল লাগি যোৱা সৰু আটোমটোকাৰী এখন চহৰ! এপাৰ্টমেন্টৰ এজেন্ট গৰাকীয়ে মেট্ৰ’ষ্টেচনৰ পৰা এপাৰ্টমেন্ট উলিয়াবলৈ সকলো পথ নিৰ্দেশনা সুন্দৰকৈ মেইলকত দি থৈছিল৷ গতিকে অকণো অসুবিধা নোহোৱাকৈ খোঁজেৰেই গৈ ওলালোগৈ৷ ঘৰতকৈ বেছিকৈ আমাৰ মনত দোলা দি আছিল এই এলেকাৰ শুনি অহা ইতিহাসে৷ পিছে এলেকাটোৰ চাৰিওকাষে চকু ফুৰাই একো আপত্তিজনক নেদেখিলো! বৰং আচৰিতহে হ’লো, চিটি চেন্টাৰৰ ইমান কাষতে ৰেড লাইট এৰিয়া কেনেকৈ চলি আছিল সেয়া ভাবি৷ 

ঘৰটোৰ নাম-”অ’ পৰ্ট’ নাও”৷ মূল পথৰ লগতে লাগি থকা তিনি মহলাৰ এটা ঘৰ৷ এজেন্টজনে আমালৈকে বাট চাই আছিল৷ একেবাৰে ওপৰৰ মহলালৈ লৈ গৈ ক’লে, 

’দ্য এনটায়াৰ ফ্ল’ৰ ইজ ইয়ৰছ!’

সোমায়েই মন জুৰাই গ’ল৷ সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধা থকা আটোমটোকাৰি এটা এপাৰ্টমেন্ট৷ এজেন্ট গৰাকীয়ে নেদেখাকৈ আমি তিনিও ইটোৱে সিটোৰ সৈতে দৃষ্টি বিনিময় কৰিলোঁ৷ চকুৰ ভাব,

”ইমান কম দামতে এনে সুবিধাজনক ধুনীয়া এপাৰ্টমেন্ট!”

অ’ পৰ্ট’ নাউৰ একাংশ
আমাক সকলো চমজাই, দৰকাৰী কথাখিনি বুজাই এজেন্টজন গ’লগৈ৷ তেওঁ যোৱাৰ পিছত ধুৰি পকি এপাৰ্টমেন্টটো চালো৷ শোৱাকোঠা আৰু পাকঘৰ দুয়োটাতে আহল-বহল বেলকনি৷ দুয়োটা দিশতে বেলকনিৰ পৰা সন্মুখৰ মূল পথ দেখা পোৱা যায়৷ মোৰ উজ্বলি উঠা মুখখন দেখিয়ে হ’বলা প্ৰজ্ঞাই জোকাবলৈকে মাত দিলে,

”এটা সময়ত চাগৈ কিমান ব্যস্ত আছিল এই এপাৰ্টমেন্ট! এইটোৱে কিমান ৰঙীণ সময়ৰ সাক্ষী হৈ ৰৈছে কোনে জানে, নহয়?”

হাঁহি উঠি গ’ল আমাৰ৷ বীৰে যোগ দিলে,

” ইমানকৈ বেলকনি কিয় বুজিছই নহয়?”

মই বোলো,

”ঠিকেই, মেৰিলিন মনৰোৰ ”উ-হো” মুহূৰ্ত্তবোৰৰ কাৰণেই নহয়?”

(এই ’উ-হো’ মুহূৰ্ত্তৰ কথা মনত নপৰিলে পূৰ্বৰ বাৰ্চিলোনাৰ খণ্ডত চকু ফৰাই চাওক-লা ৰাম্বালাত এটি সন্ধিয়াৰ চমক)

তিনিও হো-হোৱাই হাঁহি উঠিলো৷ এই কথাটোৱে ঘুৰি পকি আহি আহি অ’পৰ্ট’ত থকা গোটেই সময়খিনি আমাৰ আড্ডা ৰসাল কৰি দিলেহি৷

ট্ৰিপেৰ’ৰ দেশত প্ৰথম দিন :

পৰ্ট’ত প্ৰথম দিনাই স্থানীয় খাদ্যৰ জুতি লোৱাৰ ইচ্ছা হ’ল৷ এপাৰ্টমেন্টৰ এজেন্ট গৰাকীকে বীৰে সুধিলে ওচৰত এনে খাদ্য পোৱা ৰেষ্টোৰাঁৰ ঠিকনা৷ তেওঁৰ পৰামৰ্শ মতে আমি ওলাই গ’লো৷ 'Restaurante Abadia do Porto'

এখন সৰু ৰেষ্টোৰাঁ প্ৰায় সকলোবোৰ অভ্যগতই পৰ্টুগীজ লোক৷ বুজিলো, স্থানীয় লোকসকলৰ মাজত জনপ্ৰিয় এই ৰেষ্টোৰাঁ৷ বয়সস্থ ৱেইটাৰ এগৰাকীয়ে আথেবেথে আমাক এচুকত বহিবলৈ দিলে৷ 

খাদ্যৰ মেন্যুখন হাতত লৈ আমি ইটোৱে সিটোৰ মুখলৈ চোৱাচোৱিহে কৰিবলৈ বাধ্য হ’লো৷ খাদ্যৰ তালিকাৰ এটা নামো পৰিচিত নহয়৷ পৰ্টুগীজ খাদ্যৰ বিষয়ে আমাৰ তৰাং জ্ঞানৰ বুজ পায়ে হবলা ৱেইটাৰ গৰাকী আগবাঢ়ি আহিল৷ মানুহজন তেজগোৰাঁ মুখ-জোঙা নাকেৰে প্ৰথম দেখাতে পৰ্টুগীজ বুলি ধৰিব পাৰি৷ সুন্দৰ ইংৰাজীৰে তেওঁ ক’লে,

”মই কিবা সহায় কৰিব পাৰোঁনে?”

”আমি স্থানীয় পৰ্টুগীজ খাদ্য খাব খুজিছোঁ৷ কোনবিধ ভাল হ’ব বাৰু?”-মই মাত দিলো৷

মিঠা হাঁহি এটাৰে মেন্যুখন মোৰ হাতৰ পৰা লৈ তেওঁ ক’লে,

”আমিষ নে নিৰামিষ খোৱাৰ ইচ্ছা?”

”আমিষ”

”তেনে মোৰ পৰামৰ্শ হ’ব তুমি ’ট্ৰাইপ’ৰ সোৱাদ লৈ চোৱা৷ এইবিধ খুবেই জনপ্ৰিয় পৰ্টুগীজ খাদ্য৷”

তেনেদৰে তেওঁ বীৰ আৰু প্ৰজ্ঞাকো নিৰামিষ আহাৰৰ পৰামৰ্শ দিলে৷ আমি বিনাপ্ৰশ্নৰে তেওঁৰ উপদেশ মানি ল’লো৷ অৰ্ডাৰ কৰা মতে খাদ্য আহিল৷ মোৰ ’ট্ৰাইপ’ আহিল মজলীয়া আকাৰৰ বাতি এটাত৷ কুকুৰাৰ মাংস আৰু কিবা বীন এবিধৰ জোল৷ বৰ হেপাঁহেৰে মুখত দিলো৷ পিছে সেই হেপাঁহ বেছিপৰ নাথাকিল৷ অতি সোনকালেই বুজি পালো, কুকুৰাৰ মাংসবোৰ সকলো নাড়ী-ভুৰুহে৷ চোবাবলৈকে বৰ কষ্ট পালো৷ কিছুপৰ যত্ন কৰিয়ে বাদ দিবলৈ বাধ্য হ’লো৷ নষ্ট কৰিবলৈ বেয়া পাই গোটেইখিনি ট্ৰাইপ এপাৰ্টমেন্টলৈ কঢ়িয়ালো৷ পৰ্ট’ত থকা গোটেইকেইটা দিন যুঁজিহে যুঁজিহে এবাতি ট্ৰাইপ শেষ কৰিব পাৰিলো৷

সেই বিখ্যাত ট্ৰাইপ বাতি 

পিছতহে গম পালো, এই খাদ্যৰ আঁৰৰ প্ৰকৃত ইতিহাস ৷ কিংবদন্তী মতে ১৪১৫ চনত উত্তৰ আফ্ৰিকাত সাগৰৰ পাৰত কা চেওটা (Ceuta) নগৰী জয় কৰিবলৈ অভিযানত ওলোৱা বিশাল পৰ্টুগীজ সৈন্যবাহিনীৰ বাবে সমগ্ৰ পৰ্ট’ নগৰবাসীয়ে সকলো মাংস দান কৰিলে৷ ফলত নগৰবাসীৰ বাবে মাথোঁ ৰৈ গ’ল পেটত নাড়ী-ভুৰুবোৰ৷ অভাৱেই আৱিষ্কাৰৰ মূল, এই আপ্তবাক্যষাৰিকে সৰোগত কৰি নগৰবাসীৰে নাড়ী-ভুৰুৰেই সৃষ্টি কৰিলে ’ট্ৰাইপ’ৰ ৰন্ধন প্ৰকৰণ৷ চেওটাৰ বিজয়ে পৰ্টুগীজসকললৈ কঢ়িয়াই আনিলে আফ্ৰিকাত উপনিবেশ স্থাপনৰ সোণালী সুযোগ৷ সেই তাহানিৰে পৰা প’ৰ্ট’বাসীৰ বাবে ’ট্ৰাইপ’ এক দেশপ্ৰেম আৰু গৌৰৱৰ ইতিহাসেৰে মহিমামণ্ডিত সুস্বাদু খাদ্য হৈ পৰিল৷ এই ট্ৰাইপ’ৰ বাবেই পৰ্ট’বাসীৰ অন্য এক নাম হ’লগৈ-ট্ৰিপেৰ’৷

Thursday, 2 March 2017

স্কটলেণ্ডত এসপ্তাহ: এখন ঠাই, এজাক মানুহ আৰু এটা অঘটন

এটা ক’ৰ্ছৰ বাবে ষ্টাৰলিঙলৈ যাবলৈ ওলালো৷ কৰ্ছ এসপ্তাহৰ৷ মোৰ বৰ্তমানৰ কৰ্মস্থলী শ্বেফিল্ডৰ পৰা ষ্টাৰলিঙলৈ পাঁচঘন্টাৰ ট্ৰেইন৷ আমাৰ ভাৰতত এনে এটা যাত্ৰা চমু যাত্ৰাৰ শাৰীতে পৰিব যদিও ইংলেণ্ডৰ ভিতৰত কৰিব পৰা যাত্ৰাবোৰৰ তুলনাত এইটো দীঘলীয়া যাত্ৰা৷ যিমান আৰামদায়ক হ’লেও ইয়াত ট্ৰেইনত পাঁচ-ছঘন্টা যোৱাতকৈ বহুতেই ফ্লাইটতহে যাবলৈ খুঁজিব কিজানি৷ 



ক’ৰ্ছ আৰম্ভ হোৱাৰ আগদিনাই এনে এটা দীঘলীয়া যাত্ৰা কৰি আবেলি ষ্টাৰলিঙ পালোগৈ৷ মোৰ বাবে নতুন ঠাই৷ ট্ৰেইন ষ্টেচনৰ পৰা ওলায়ে আমাৰ বাবে আয়োজকে ঠিক কৰি থোৱা যুৱ হোষ্টেল (Youth hostel)টো বিচাৰি উলিয়ালোগৈ৷ 

ৰিচেপশ্যনত এগৰাকী সত্তৰৰ উৰ্দ্ধৰ ব্যক্তি ৷ তেজগোড়া মুখ৷ মিঠা হাঁহি এটাৰে সম্ভাষণ জনালে৷ তেওঁৰ হাতত ইতিমধ্যে আজি আহি পাবলগীয়া কৰ্ছৰ অংশগ্ৰহণকাৰীসকলৰ নামৰ তালিকা এখন আছিলেই৷ মোৰ নামটোৰ বিপৰীতে থকা কোঠাৰ নম্বৰ আৰু প্ৰয়োজনীয় ইলেকট্ৰনিক কাৰ্ড ইত্যাদি দিয়াৰ মাজতে তেওঁ সুধিলে,

’ক’ৰ পৰা আহিলা?’
’শ্বেফিল্ডৰ পৰা৷ বহুত দূৰ ইয়াৰ পৰা! (ইতিমধ্যে ইয়াত থাকি থাকি মোৰ দূৰত্বৰ ধাৰণাত ব্ৰিটিছৰ প্ৰভাৱ পৰিছে কিজানি৷)
’সেয়াটো একোৱে নহয়৷ ইয়ালৈ ইউ এছ-কানাডাৰ দৰে দূৰৰ ঠাইৰ পৰাও কিমান মনুহ আহে৷’-কৈয়ে তেওঁ হো-হোৱাই হাঁহি উঠিল৷
ভুলটো ভাঙিল৷ ঠিকেইটো এয়া একোৱে নহয়! 

কোঠালৈ খোঁজ দিয়াৰ পৰত তেওঁ কৈ উঠিল,
’তোমালোকৰ বাহিৰে এইসপ্তাহ অন্য কোনো নাই হোষ্টেলত৷ একেবাৰে নিজৰ ঘৰৰ দৰে ভাবিবা দেই৷’
ভাল লাগিল আন্তৰিকতাৰ পৰশকণ পাই৷ 

ষ্টাৰলিঙ ঠাইখন
হোষ্টেলৰ পৰা ষ্টাৰলিং বিশ্ববিদ্যালয়লৈ অহা-যোৱা, পুৱাৰ পৰা গধুলিলৈকে ওপৰা-ওপৰি ক্লাছ, আলোচনা, প্ৰেক্টিকেলৰ মাজত ডুবি থাকোতেই সপ্তাহটো কেনেকৈ পাৰ হ’ল গমেই নাপালো৷ তাৰ মাজত থাউকতে সময় উলিয়াই ষ্টাৰলিঙৰ বাটে-পথে অলপ তহল দিয়াৰহে সময় উলিয়াব পাৰিলো৷ 

পাহাৰীয়া ওখ-চাপৰ বাটবোৰ৷ গাড়ীৰ সংখ্যা কম৷ অনুমান কৰিব পাৰি, ঠাইখন সৰু; মহানগৰ নুবুলি নগৰ বোলাহে সঠিক হ’ব কিজানি৷ মই থকা হোষ্টেলৰ এলেকাটো পুৰণি টাউনৰ অংশ৷ হোষ্টেলৰ পৰা মাথোঁ পাঁচমিনিট দূৰৈত ষ্টাৰলিং দুৰ্গ৷ স্কটলেণ্ডৰ আটাইতকৈ ধুনীয়া দুৰ্গবোৰৰ ভিতৰত এটা বুলি গণ্য কৰা হয়৷ এই দূৰ্গৰ বাবেই ১৩১১ চনত ইংৰাজ আৰু স্কষ্টিছসকলৰ মাজৰ প্ৰথম স্বাধীনতাৰ সংগ্ৰামৰ অন্যতম ৰণ বেন’কবাৰ্ণৰ যুদ্ধ সংঘটিত হৈছিল৷ 

সেই অংশ সাগৰপৃষ্ঠৰ পৰা কিছু উচ্চতাত বাবে ষ্টাৰলিঙৰ পেনেৰ’মিক দৃশ্যও তাৰ পৰা দেখা পোৱা যায়৷ তাৰপৰা দেখা পোৱা ষ্টাৰলিঙৰ স্কাইলাইনৰ মূল আকৰ্ষণ হ’ল নেশ্যনেল ৱালেছ মনুমেন্ট (National Wallace Monument) ৷ এই স্থানতে ১২৯৭ চনত ৱিলিয়াম ৱালেচ নামৰ এগৰাকী স্কটিছ বীৰে সামৰিক কৌশলেৰে বৃহৎ এক ইংৰাজ সৈন্যবাহিনীক অৱৰুদ্ধ কৰি পেলাইছিল৷ 

মহানগৰৰ মাজেৰে একা-বেঁকা পথেৰে বৈ গৈছে শান্ত-সৌম্য ফৰ্থ নৈ ( River Forth)৷ মহানগৰীৰ অলিয়ে-গলিয়ে সিচঁৰতি হৈ আছে দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ অনেক স্মৃতিচিহ্ন৷ ওখ-চাপৰ ঠেক বাটবোৰত সন্ধিয়া খোঁজ কাঢ়ি ফুৰোঁতে বাৰে বাৰে মনলৈ আহিল, শৈশৱৰ শান্ত সৰু গাওঁ আৰু নগৰৰ বাটবোৰলৈ৷ মহানগৰীৰ হাই-হুৰুমি, কৃত্ৰিমতাৰ পৰা বহু দূৰৈৰ শান্ত-সৌম্য নিভাঁজ পৃথিৱীখনলৈ৷ এই পৃথিৱীত মায়া আছে, আপোনত্ব আছে, আৰু আছে সীমাহীন প্ৰশান্তি৷ ষ্টাৰলিঙে বহুদিনৰ মূৰত সেই পৃথিৱীখনৰ অনুভৱখিনি জীপাল কৰি দিলেহি৷

এজাক মানুহ
ইংলেণ্ডৰ বিভিন্ন ঠাইৰ পৰা অহা এজাক মানুহ৷ ওখ-পাখ, সোণালী ঢৌ খেলোৱা চুলিটাৰিৰে ৰাছিয়াৰ টাটছিয়ানা৷ লণ্ডনত পি এইচ ডি কৰি আছে৷ গম পালো, তাই বিয়া হৈছে পাঞ্জাৱী ল’ৰা এজনৰ সৈতে৷ কেতিয়াও নেদেখা ভাৰতখনৰ প্ৰতি তাইৰ কৌতুহলৰ সীমা নাই৷ অবাৰডিনৰ কেজাহ, সকলোৰে প্ৰতি তাইৰ নিভাঁজ আন্তৰিকতা, একেই বন্ধুত্বপূৰ্ণ৷ তাই কম্বোডিয়াত এটা আন্ত:ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে স্থানীয় জনজাতিৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা কমাই আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰে৷ এক্সেটাৰৰ ৰবাৰ্টে আকৌ সমুদ্ৰৰ প্ৰবাল প্ৰাচীৰৰ ওপৰত গৱেষণা কৰি আছে৷ ল’ৰাজনৰ হাঁহিটো সংক্ৰামক হৈ পৰিবলৈ বেছি সময় নালাগে৷ পুখুৰীৰ শান্ত পানীখিনিত শিল এটা পৰিলে ঢৌবোৰ চাৰিওদিশে বিয়পি পৰাৰ দৰে ৰবাৰ্টৰ হাঁহিৰো অৱশেষ আমাৰ সকলোলৈকে বিয়পি পৰে৷ নিৰাময় কৰিবলৈ কিবা ৰোগ নাথাকিলে কি কৰিব ভাবি নোপোৱা লিভাৰপুলৰ এলেক্স পশুবিজ্ঞানী৷ জীৱ-জন্তুৰ বিভিন্ন ৰোগসমূহ কি গতিত বিয়পে, কেনেকৈ তাৰ প্ৰতিৰোধ কৰিব পাৰি তাৰেই গৱেষণা তাইৰ৷ তাইৰ ভাষাত -"I have to have something that needs to be fixed"৷ চুইডেনৰ জ’ ভূবিজ্ঞানী৷ চুইডেনৰ জিঅ’ল’জিকেল ছ’ছাইটিত কেইবাবছৰো চাকৰি কৰি পুনৰ ঘৰি আহিছে পি এইচ ডি গৱষণালৈ৷ সকলো বিষয়তে তাইৰ আগ্ৰহৰ শেষ নাই৷ তাইৰ মাজত জনাৰ এক অনন্ত হেঁপাহ দেখা পাই  অনুপ্ৰেৰণা পালো৷ সঁচাই জনাৰ হেঁপাহ থাকিলে এই পৃথিৱীৰ সকলো বাটৰে দুৱাৰ মুকলি৷ স্কটলেণ্ডৰে জিম আমাৰ সকলোৰে মাজত আটাইতকৈ বয়সত ডাঙৰ৷ বহুবছৰ প্ৰাইভেট কোম্পানীৰ কাম কৰি জীৱনৰ মধ্যাহ্ন বেলা উভতি আহিছে গৱেষণালৈ৷ তেওঁ অৰ্থনীতিবিদ৷ খাদ্য উৎপাদন আৰু কৃষি প্ৰসাৰণৰ সৈতে জড়িত অৰ্থনীতিৰ  গৱেষণাত ব্যস্ত তেওঁ৷ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা এনে অন্য বহুতক লগ পালো৷ এদল উদ্যমী বিজ্ঞানীৰ মাজত থাকি জানিবলৈ পালোঁ সকলোৱে কৰি থকা উত্তেজনাপূৰ্ণ কামবোৰৰ বিষয়ে ৷ বহুতে মনৰ চোতালত আঁকি গ’ল একো একোডাল আঁচ-নিজৰ কামেৰে, আকৰ্ষণীয় ব্যক্তিত্বৰে৷

আনকি হোষ্টেলৰ ৰান্ধনি ৰ’জাৰো বাদ নপৰিল এইসকলৰ মাজৰ পৰা৷   ৰ’জাৰ সত্তৰৰ উৰ্দ্ধৰ এগৰাকী ব্যক্তি৷ তেওঁ ডুবাইত থকাৰ সময়ত দক্ষিণ ভাৰতৰ বহুতো সহকৰ্মী আছিল বাবেই নেকি ভাৰতৰ প্ৰতি এক অবুজ আকৰ্ষণ তেওঁৰ৷ এবাৰ নিজ চকুৰে চাবলৈ, ভাৰতৰ মাটিত এবাৰ ভৰি দিবলৈ খুবেই ইচ্ছা৷ নিশাৰ আহাৰৰ পৰত সদায়ে ৰ’জাৰে মোৰ লগত দুষাৰ নপতাকৈ নাথাকে৷ এনিশা ক’লে, তেওঁৰ কেৰেলালৈ যাবলৈ বিৰাট ইচ্ছা৷ উৎসাহ দিলো, এতিয়া নগ’লে কেতিয়া যাবনো! গৈ আহকগৈ-মনৰ হেঁপাহটো পূৰ হ’ব৷ উভতাৰ আগদিনা কেৱল মোৰ বাবেই ৰ’জাৰে বজাৰলৈ গৈ নান বিচাৰি আনি ভাৰতীয় ষ্টাইলত কাৰি ৰান্ধি তাৰ সৈতে আমাক সকলোকে ৰাতিৰ সাঁজ খুৱালে৷ এনে আন্তৰিক আতিথ্য পাই নিজকে সৌভাগ্যৱতী বুলি নামানি নোৱাৰিলো৷

ঘৰমুৱা যাত্ৰাত অঘটন
ষ্টাৰলিঙৰ পৰা উভতাৰ ট্ৰেইন আছিল আবেলি ৩:৩৭ বজাত ৷ কিন্তু তাৰ পৰা শ্বেফিল্ডলৈ পোনপটীয়া ট্ৰেইন নাই৷ প্ৰথমে এডিনব’ৰা (স্কটলেণ্ডৰ ৰাজধানী) লৈ গৈ তাৰ পৰা তিনিঘন্টা য়ৰ্কলৈ৷ য়ৰ্কৰ পৰা শ্বেফিল্ডলৈ আকৌ অন্য এখন ট্ৰেইনত শ্বেফিল্ডলৈ৷ সময়তকৈ আগতেই ষ্টেচন পালোগৈ৷ সৰু চিটিৰ সৰু ষ্টেচন৷ চালো, ৩:৩৭ বজাৰ ট্ৰেইন প্লেটফৰ্ম দুইৰ পৰা যাব৷ স্কট ৰেইল৷ যথা সময়ত ট্ৰেইন আহিল৷ তেতিয়ালৈ সম্পূৰ্ণ ঘৰমুৱা মন মোৰ৷ ফুৰি চাকি ঘৰমুৱা হোৱাৰ সময়ত নিজৰ কোঠাটোৰ, নিজৰ বিছনাখনৰ আকৰ্ষণে টানি নিয়ে যেন৷ সেইবাবেই উভটনি যাত্ৰাবোৰত ঘড়ীৰ কাঁটাবোৰ জোখতকৈ লাহেকৈ ঘুৰা যেন লাগে কিজানি৷

ট্ৰেইন এৰাৰ পিছত কিছুসময় বাহিৰৰ বৰফাবৃত ঘাঁহনিবোৰ, ঘাঁহনিৰ সিপাৰৰ গছ-লতা বিহীন মুকলি পাহাৰবোৰ আগ্ৰহেৰে চাই গ’লো৷ লগতে দুই-এখন ফটো তোলাৰ বৃথা চেষ্টা ৷ পাহাৰৰ সেউজীয়া আৰু বৰফৰ শুভ্ৰতা চাই চাই এটা সময়ত চকু মুদ খাই আহিল৷ দিনটোৰ ব্যস্ততাৰ শেষত দেহ-মন ভাগৰি আহিছিল কিজানি৷ কিমান সময় টোপনি গ’লো ক’ব নোৱাৰোঁ৷ এবাৰ চকামকাকৈ সাৰ পাই খেলিমেলি লাগি গ’ল৷ এডিনব’ৰা পাৰ হৈ আহিলো নেকি টোপনিত থাকোতেই! সময় চাই দেখিলো, ৪:২০ বাজিছে৷ অহ, ঠিকেই আছে৷ তাৰ পৰা পাঁচবজাতহে য়ৰ্কলৈ ট্ৰেইন৷ ৪:৩৪ মানত য়ৰ্ক গৈ পাবগৈয়ে লাগে৷ কিছুপৰ যোৱাৰ পিছত কিন্তু একেটা সন্দেহে আকৌ বিন্ধিলে৷ বাহিৰলৈ চাই দেখিলো, বৰফে ঢকা পাহাৰবোৰ, পামবোৰ, ইফালে সিফালে বৈ যোৱা সৰু-বৰ জুৰিবোৰ যেন ক্ৰমান্বয়ে বাঢ়ি আহিছে আৰু সেই অনুপাতে কমি গৈছে ঘৰ-দুৱাৰবোৰ৷ অহাৰ সময়ত ইমান মন জুৰুৱা প্ৰাকৃতিক পৰিবেশ দেখা হ’লেতো মনত থাকিলহেঁতেন মোৰ!

ট্ৰেইনত ঘোষণা কৰিলে, ডাংকেল্ড পাইছোঁহি! অচিনাকি নাম৷ কিছুপৰ যোৱাৰ পিছত ঘোষণা হ’ল, পিটল’ক্ৰি পাবৰ হৈছে৷ এইবাৰ মনটো ইচ-ইচাই উঠিল৷ এইখন ঠাইৰ নাম জীৱনত শুনা নাই! ল’ৰাল’ৰিকৈ ফোনটো উলিয়াই নেটত চাবলৈ চেষ্টা কৰিলো৷ যুঁজিব লগা হ’ল নেটৱৰ্ক পাবলৈ৷ এইবাৰ সন্দেহটো যেন দৃঢ় হৈ গ’ল৷ এইটো ষ্টাৰলিং-এডিনব’ৰাৰ বাট হ’বই নোৱাৰে৷ স্কটিছ হাইলেণ্ডৰ দূৰণিবটীয়া ঠাইবিলাকতহে নেটৱৰ্ক পাবলৈ টান! কিন্তু কেনেকৈ সম্ভৱ সেইটো!!

কিছুপৰ যুঁজাৰ পিছত ফোনত গুগল মেপে উত্তৰটো দিলে৷ এডিনব’ৰালৈ নগৈ তাৰ সম্পূৰ্ণ বিপৰীত দিশে স্কটিছ হাইলেণ্ডৰ একেবাৰে উত্তৰৰ ইনভাৰনেছ নামৰ ঠাইখনলৈ যোৱা ট্ৰেইন এইখন! বিস্ময়ত হতবাক হৈ গ’লো! তাৰমানে ৩:৩৭ বজাতে একেটা ষ্টেচনৰ পৰাই দুখন বেলেগ বেলেগ ট্ৰেইন আছিল! আৰু মই বিপৰীত দিশৰ ট্ৰেইনখনত উঠিলো! বাহিৰলৈ চাই দেখিলো, ক’তো এটাও ঘৰ বা মানুহৰ বসবাস দেখিবলৈ নাই৷ দূৰ-দূৰণিলৈকে কেৱল মুকলি বৰফাবৃত ঘাঁহনি৷ তাৰ সিপাৰে শাৰী শাৰী পাহাৰ আৰু পাহাৰ!! ট্ৰেইনৰ মানুহবোৰলৈ চালো৷ এখন ন’ মেনছ লেণ্ডৰ মাজেদি যেন জীৱন্ত ট্ৰেইন এখনহে গৈ আছে, এনে লাগিল৷ একমুহুৰ্তৰ বাবে ভাবিলো, ট্ৰেইনৰ ইমানবোৰ মানুহৰ মাজত থাকি কিবা উপায় উলিওৱাটো ভাল হ’ব নে নামি লৈ অচিন ঠাইত কি কৰিব পাৰি চোৱা ভাল হ’ব৷ ঠিক কৰিলো, আৰু আগুৱাই যাব নোৱাৰি৷ আগলৈ আৰু একোৰে সংযোগ নোপোৱাও হৈ যাব পাৰোঁ৷ যি হয় হ’ব, পিছৰ ষ্টেচনটোতে নামি দিম৷ কাকো নাপালেও অন্তত: ষ্টেচনৰ টিকেট কাউন্টাৰত কথাটো বুজাই ক’ব পৰা হ’ব৷

পাঁচমিনিট পিছতে জীৱনত কেতিয়াও নাম নুশুনা পিটল’ক্ৰি নামৰ সৰু ঠাইখনত নামি পৰিলো৷ তেনেই সৰু ষ্টেচন ঘৰ এটা, কাষেৰে সৰু জুৰি এটা পাৰ হৈ গৈছে৷ একেবাৰে প’ষ্টকাৰ্ডৰ ছবিৰ দৰে ধুনীয়া ঠাই৷ নামি লৈ মনটো যেন অলপ সলনি হৈ গ’ল! ভাবিলো, মইতো ইংলেণ্ডত থাকিবলৈ লোৱাৰ পৰা সদায়ে স্কটলেণ্ডৰ এই হাইলেণ্ডৰ ফালে আহিবলৈ বিচাৰি আছিলো৷ যেনেকৈয়ে নহওক আজি ইয়াৰ পাই গ’লোহি৷ সন্মুখত শনি আৰু দেওবাৰ-ৰৈয়ে দিওঁ নেকি! উত্তেজিত চিন্তাটো আধাবাটতে ৰখাই বিবেকে কৈ উঠিল, নাই এনেকৈ নহয়৷ ইমান সৰু ঠাই এখনত আগতীয়াকৈ বুকিং নকৰাকৈ এনেকৈ হঠাত আহি থাকিবলৈ ঠাই পোৱা সম্ভৱ নহয়৷ আৰু উভতাৰ ট্ৰেইনৰ টিকেট ইয়াৰ পৰা দুদিন আগত কৰা মানে সাঁচতীয়া প্ৰায়খিনি টকা পানীত পেলোৱা হ’ব৷ নাই নাই, যিমানদূৰ পাৰি আজিয়ে শ্বেফিল্ড পোৱাৰ চেষ্টা কৰিবই লাগিব৷ অৱশ্যে ঘড়ীৰ কাঁটাই পাঁচবজাৰ সংকেত দিয়া দেখি সেই আশাটো অলপ ক্ষীণ হৈ অহা যেনহে লাগিল৷

বাহিৰত ক’তো এজনো মানুহ নেদেখিলো৷ টিকেট কাউন্টাৰৰ ভিতৰলৈ গৈ এগৰাকী যাত্ৰী দেখিলো-অলপ সকাহ পালো৷ কাউন্টাৰত এগৰাকী প্ৰায় ষাঠীৰ উৰ্ধৰ ব্যক্তি৷ হাঁহিমুখেৰে মোক মাত লগালে৷

অলপ লাজ আৰু অস্বস্তিৰে ক’লো,
”মই আচলতে এডিনব’ৰালৈহে যাব লাগিছিল৷ ভুল ট্ৰেইনত উঠি ইয়াৰ পালোহি! এডিনব’ৰা বা ষ্টাৰলিঙলৈ ইয়াৰ পৰা এতিয়া কিবা ট্ৰেইন পামনে বাৰু?

মানুহজনে একো ক’বই নাপালে, কোঠাৰ ভিতৰত বহি থকা মহিলাগৰাকীয়ে ইচ-ইচাই কৈ উঠিল,
”অহ, ইউ প’ৰ থিং!”

মই হাঁহি দিলো৷ কাউন্টাৰৰ মানুহজনে ক’লে,

”একো নাই, আধাঘন্টা পিছতে এডিনব’ৰালৈ যোৱা ট্ৰেইনখন আহিব৷ তাতে উঠি দিবা৷”

”কিন্তু টিকেট?" মই আচলতে আকৌ নতুনকৈ টিকেট কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হৈছিলোৱে৷

”নাই, কেতিয়াবা বিচাৰে, কেতিয়াবা নিবিচাৰে৷ তুমি যিহেতু ভুলতেহে উঠিলা, একো দিগদাৰ হ’ব নালাগে৷”

তেওঁৰ ভৰসা পাই মুখলৈ পানী আহিল৷ অন্তত: ইয়াত ৰাতিটো কটাবলৈ ঠাই বিচাৰি হাহাঁকাৰ কৰিব নালাগে৷ এডিনব’ৰা ডাঙৰ চিটি-তাৰ পৰা শ্বেফিল্ডলৈ আগবাঢ়ি যোৱাৰ উপায় নাপালেও তাতে থাকিবলৈ হোটেল পোৱা যাব৷

ষ্টাৰলিঙৰ পৰা এডিনব’ৰা নহৈ সম্পূৰ্ণ বিপৰীত দিশৰ ট্ৰেইনেৰে পিটল’ক্ৰি পোৱাৰ বাটটো
সন্ধিয়া ৫:৩৫ বজাত ট্ৰেইন আহিল৷ মাথোঁ তিনিটা চুটি ডবা৷ সোমাবলৈ লৈয়ে টিকেট পৰীক্ষকৰ মুখামুখি হ’লো ! আস, যেতিয়া টিকেট থাকে, কোনেও আহি চাব নোখোঁজে৷ আৰু কাচিৎ এনেকুৱা পৰিস্থিতি হ’লে আকৌ তেওঁৰ মুখতে পৰোঁ! ইচ্ছাকৃতভাৱেই তেওঁৰ পৰা আটাইতকৈ দূৰৰ খালী চিটটোত বহি পৰিলো৷ কিন্তু সকলো চেষ্টা ফুটুকাৰ ফেন হ’ল৷ টিকেট পৰীক্ষকজন যেন মোৰ পিছে পিছেই লাগি আহিল! ভালকৈ বহিবলৈ নাপালোৱে, আহিয়ে মোৰ পৰাই প্ৰথম টিকেট বিচাৰিলে!

পেটে পেটে খং উঠিল, ষ্টাৰলিঙৰ পৰা ইয়ালৈ ভুল ট্ৰেইনত উঠোতে এনেকৈ লগে লগে টিকেট বিচৰা হ’লেতো এইবোৰ হ’বলৈকে নাপায়!

আকৌ একেই কাহিনীৰ পুনৰাবৃত্তি কৰিলো তেওঁৰ আগতো৷ তেওঁ সহানুভূতিৰে ক’লে,

”একো নাই, ইয়াৰ পৰা ষ্টাৰলিঙলৈ টিকেটটো লৈ লোৱা৷ পিছৰখিনি আগৰ টিকেটেৰেই হ’ব৷”

বাৰ পাউণ্ড দি নতুনকৈ টিকেট ল’লো৷ এডিনব’ৰালৈ দুঘন্টা এতিয়াৰ পৰা৷ বুজিলো, এডিনব’ৰা আৰু য়ৰ্কলৈ দুয়োখন সংযোগী ট্ৰেইনলৈ মই সময়মতে গৈ পোৱাৰ কোনো সম্ভাৱনা নাই৷ ইয়াত সাধাৰণতে ট্ৰেইন পলম নহয়ে কাৰণে সংযোগী ট্ৰেইনবোৰো পাঁচ-দহমিনিটৰ ব্যৱধানতে কৰা হয়৷ গতিকে এডিনব’ৰা পোৱাৰ পিছত কি কৰিম ঠিক কৰিব লাগিল৷ অনলাইন চাই দেখিলো, মই তাৰ পোৱাৰ পাঁচমিনিট পিছতেই লণ্ডনলৈ এখন ট্ৰেইন আছে৷ সেইখনত গৈ ডংকেষ্টাৰ নামৰ সৰু চিটিখনত নামিলে তাৰ পৰা শ্বেফিল্ডলৈ শেষ ট্ৰেইনখন পাম৷ সকলো ঠিকে ঠাকে গ’লে মাজৰাতি ১২:০৫ ত শ্বেফিল্ড পামগৈ৷

ভাবিলো, আকৌ সেই দুখনতে টিকেট কৰি দিওঁ নেকি! চাই দেখোঁ টিকেটৰ দাম এশ দহ পাউণ্ড! আমাৰ হিচাপত কমেও দহহাজাৰ টকা (ইমানদিন হ’ল যদিও পাউণ্ডৰ পৰা লগে লগে টকালৈ হিচাপ কৰিহে সিদ্ধান্ত লোৱাৰ অভ্যাসটো যোৱাই নাই!) নাই, ইমান টকা খৰচ কৰিব নোৱাৰোঁ৷ গোটেই ক’ৰ্ছটোৰ খৰচ-পাতিৰ বন্দবস্ত আয়োজকে কৰাৰ কাৰণে মই ইতিমধ্যেই তাতে টিকেটৰ কপি দি আহিছোঁ৷ নিজৰ পকেটৰ পৰা এনেকুৱা কাৰণত ইমান খৰচ কৰিবলৈ মোৰ গা বেজবেজাই যাব৷ মনটো অলপ বিদ্ৰোহী হৈ উঠিল৷ বেপৰোৱা ভাব এটাই যেন আৱৰি ধৰিলেহি৷ চাই থকা টিকেট বুকিঙৰ ৱেবছাইটটো বন্ধ কৰিলো৷ ভাবিলো, টিকেটেই নকৰোঁচোন এইবাৰ! চাওঁ কি হয়! কিছুমান ষ্টেচনত অট’মেটেট টিকেট বেৰিয়াৰ থাকে, টিকেট দিলেহে পাৰ হৈ ওলাব বা সোমাব পাৰি, কিছুমানত নাথাকে৷ নথকাবোৰত কেতিয়াবা টিকেট পৰীক্ষক আহে, কেতিয়াবা নাহে৷ আগতে ভাবিছিলো, ইয়াত টিকেট লৈ ইমান কঠোৰ নহয় কিজানি৷ কিন্তু বন্ধুবৰ্গৰ পৰা শুনিছোঁ, কেনেবাকৈ ধৰা পেলালে বৰ দামত ট্ৰেইনতে টিকেট ল’বলৈ বাধ্য কৰায়৷ ভাবিলো, দেখা যাওকচোন যাব পাৰোঁ নে নোৱাৰোঁ, নোৱাৰিলে ৰৈ দিম নাইবা ট্ৰেইনতে দামত কিনিম৷ এনেকৈয়োতো কম খৰচ নহয় (ট্ৰেইনত পিছে কিমান ভৰাব মোৰ একো ধাৰণা নাই, তথাপিও ’হু কেয়াৰছ’ ভাব মনতে)৷

চিন্তা-চৰ্চাৰ মাজতে দেখিলো, মোৰ ডবাতে কেইজনমানে সমবেত সংগীত আৰম্ভ কৰিছে৷ গোটেইকেইজনৰ পিন্ধনত পৰম্পৰাগত স্কটিছ স্কাৰ্ট৷ গান গাই গাই উৎসাহ দিছে বাকীবোৰকো,
”কাম অন, ইউ কেন ডু ইট!”
ডবাৰ বাকীবোৰ মানুহেও এজন দুজনকৈ যোগ দিছে৷ হাত-চাপৰি বজাইছে৷ কি পৰিবেশ! শুনিছিলো, স্কটিছ মানুহবোৰ খুউব ৰঙীয়াল হয় হেনো৷ তেওঁলোকে পিছে মোক নাগালেণ্ডৰ ঘাটে-বাটে বিভিন্ন সময়ত লগ পোৱা ৰঙীয়াল সহযাত্ৰীবোৰলৈহে মনত পেলাই দিলে৷

মনটো ভাল লাগিল৷ সদ্যহতে পৰিকল্পনা হ’ল, এডিনব’ৰাত প্লেটফৰ্মৰ পৰা নোলাওঁৱে যেতিয়া টিকেট বেৰিয়াৰ পাৰ হ’ব নালাগে৷ এটাৰ পৰা অন্য এটালৈ গৈ পিছৰ ট্ৰেইনখনত উঠিবহে লাগে৷ সেয়াই কৰিম আৰু ট্ৰেইনত টিকেট পৰীক্ষকে ধৰিলে সময়ত দেখা যাব৷

পিছে ভবাৰ দৰে নহ’ল! নামিয়ে দেখোঁ ভয় কৰি থকা টিকেট বেৰিয়াৰ সন্মুখতে! মাথোঁ মই নমা প্লেটফৰ্মৰ দুয়োপাৰে থকা দুটাৰ বাবে! বেপৰোৱা ভাবটোৱে চিঞঁৰিলে, ’হুৱাট দা হ্যেল!’ আজি ময়ো নেৰিছোঁ যা:৷

লাহেকৈ ষ্টাৰলিঙৰ পৰা শ্বেফিল্ডলৈ যোৱাৰ টিকেটটো বেৰিয়াৰৰ মেচিনত ভৰাই দিলো৷ মনতে প্ৰতিটো ছেকেণ্ড গণিবলৈ লোৱাৰ সময়তে টিকেটটো লাহেকৈ মেচিনৰ পৰা ওলাই আহিল আৰু বেৰিয়াৰত জিলিকি উঠিল সেউজীয়া সংকেত!

অহ ৰক্ষা! কিন্তু তাৰ পৰা ওলায়ে সময় দেখি দৌৰিবলৈ বাধ্য হ’লো৷ দৌৰাদৌৰিৰ মজতে পৰম্পৰাগত স্কাৰ্ট পিন্ধি বিপৰীতফালৰ পৰা খৰখেদাকৈ অহা এজন স্কটিছক মোৰ ট্ৰলীত জোঁটপোঁট লগাবলৈও নেৰিলো পিছে৷ দ্বিতীয় ট্ৰেইনখনলৈ খুউব কম সময়৷ ভাগ্যক্ৰমে সেইটো প্লেটফৰ্মত বেৰিয়াৰ নাছিল৷ ট্ৰেইনত সোমায়ে পৰীক্ষকে নোপোৱা ধৰণৰ চিট বিচাৰিলো, নাই প্ৰায়ভাগতে মানুহ আছেই৷ শেষত সেইবোৰ চিন্তা বাদ দি এজন মানুহৰ কাষতে খালী চিট এটাত বহি পৰিলো৷
পিছে আজি মোক পৰীক্ষকে নেৰিবই যেন৷ ট্ৰেইন এৰাৰ পাঁচমিনিটৰ পিছতে মাত শুনিলো,
”পেছেঞ্জাৰছ ফ্ৰম এডিনব’ৰা, প্লিজ লেট মি হেভ এ লুক এট ইয়’ৰ টিকেটছ!”

তেওঁলোকে সাধাৰণতে প্ৰতিটো ষ্টেচনৰ পিছতে নতুনকৈ উঠা যাত্ৰীবোৰকহে টিকেট দেখুৱাবলৈ কয়৷ মই যেন বহু আগৰে আহি আছোঁ এনে এটা ভাব দেখুৱাই গহীনত বহি থাকিলো৷ মোৰ সহযাত্ৰীয়ে আকৌ নিজৰ টিকেট উলিয়াই দাঙি ধৰিলে৷ পেটে পেটে মানুহজনলৈ খং উঠিল৷ কিন্তু যেতিয়া পৰীক্ষক আহি মোৰ সন্মুখত থিয় হৈ একেষাৰ কথাকে দোহাৰিলে, বুজিলো এতিয়া আৰু কৰিব পৰা একো নাই!

আহল-বহল হাঁহি এটা উলিয়াই যিমান পাৰি বিনয়ী হৈ তেওঁৰ আগতো একেটা ঘটনাকে বৰ্ণনা কৰিলোঁ৷

ভাগ্যক্ৰমে এডিনব’ৰাৰ পৰা ধৰিব নোৱাৰা আগৰ ট্ৰেইনখনৰ সৈতে এইখন একেটা কোম্পেনীৰ ট্ৰেইন আছিল (ইয়াত প্ৰাইভেট কোম্পানী কিছুমানে নিজা ট্ৰেইন চলায় আৰু প্ৰত্যেকৰ নীতি-নিয়ম অলপ বেলেগ হয়)৷ তেওঁৰ আগত বাৰে বাৰে দোহাৰিলো,
”দু্যোখন ভাৰ্জিন ট্ৰেইনছ কাৰণেহে মই ভাবিলো এইখনতে আহিব পাৰিম বুলি”
”অ’কে”
-কৈয়ে মোৰ পিছৰ যাত্ৰীগৰাকীৰ ফালে আগবাঢ়িল৷ এইবাৰ সঁচাই খুউব সকাহ পালো৷ অন্তত: ডংকেষ্টাৰ পামগৈ৷ তাৰপৰা মাথোঁ আধাঘন্টাৰ বাট যেতিয়া কিবা নহয় কিবা উপায় উলিয়াব পৰা হ’ব! বয়-বস্তুবোৰ চিজিল কৰি ল’লো৷ অভাৰকোটৰ ভিতৰত চিন্তাতে নে এচিৰ বাবে নাজানো, ঘামিবলৈ লাগিছিলো হ’বলা! উঠি লৈ খুলি পেলালো, দেখিলো মোৰ কৰ্ছত লগাই লোৱা নামৰ বেজটো তেতিয়াও চাৰ্টত লাগি আছে৷ এৰুৱাই সামৰি থ’লো৷ পুনৰ বহাৰ লগে লগে সহযাত্ৰীয়ে মাত লগালে,

”আৰ ইউ ফ্ৰম শ্বেফিল্ড?”

প্ৰথমে আচৰিত হৈ গ’লো, কিন্তু মুহুৰ্ত্ততে বুজিলো, মোৰ আৰু ইউনিভাৰ্ছিটিৰ নাম বেজটোত তেওঁ দেখা পালে কিজানি৷ উৎসাহেৰে ক’লে,
”মই জ্যাষ্ট পি এইচ ডি শেষ কৰিছোঁ শ্বেফিল্ডতে৷”
মই আগ্ৰহী হৈ উঠিলো, দুষাৰমান পতাৰ পিছতে আমাৰ দুয়োৰে চিনাকি মানুহো ওলাল৷ কথাৰ পাগ উঠিল৷ মানুহজনৰ নাম জন৷ নিউ কেছ’লত ঘৰ৷ যোৱামাহত পি এইচ ডি শেষ হৈছে তেওঁৰ৷ আজি এডিনব’ৰা ইউনিভাৰ্ছিটিত প’ষ্ট ডকৰ ইন্টাৰভিউ এটা দি ঘৰলৈ উভতিছে৷ গম পালো, ক্ৰ’ম’জ’মৰ টেল’মিয়েৰ অংশৰ আৱিস্কাৰৰ বাবে ন’বেল বঁটা পোৱা বিজ্ঞানীগৰাকীৰ ছাত্ৰৰ লেব সেইটো৷ সেইটো বিভাগৰ পৰাই অন্য এজনেও কেইবছৰমানৰ আগতে ন’বেল বঁটা পাইছে৷ সুধিলো,
”কেনে গ’ল?”
” আচলতে মই পজিশ্যনটো পাইছোৱে৷ ইন্টাৰভিউ শেষ হোৱাৰ পিছতে মোক জনায়ে দিলে৷”
তেওঁৰ মুখত সন্তুষ্টিৰ হাঁহি৷ দেখি ভাল লাগি গ’ল৷
”আহিলে সকলো লগতে আহে নহয়নে? পিএইচডি শেষ কৰি লগে লগেই ইমান ভাল লেব এটাত কাম কৰাৰ সুযোগ পাইছে!”
”সঁচাই, এইবছৰটো খুউব ভালেৰেই আগবাঢ়িছে মোৰ কাৰণে৷ এতিয়া ঘৰলৈ গৈ দেউতাক লগ পামগৈ কাৰণেও মনটো ভাল লাগি আছে৷ মোৰ মেট ( খুউব ভাল বন্ধুক ইয়াত সকলোৱে মেট বুলি উল্লেখ কৰে) এজনৰ দুসপ্তাহ আগতে কেচুঁৱা এটা হ’ল-সিহঁতকো লগ পামগৈ৷ মই সুখী!” -জনে কোৱা কথাকেইষাৰত একো ভাঁজ নাছিল৷ ভাল লাগিল এজন সুখী মানুহ লগ পাই বহুদিনৰ মূৰত- যি গৱেষণা কৰি সুখী, নতুন কাম কৰি সুখী, নিজৰ পৰিয়ালৰ সৈতে সুখী! আমি বহুত পায়ো কেতিয়াবা মাথোঁ কিবা এটা নোপোৱাৰ কাৰণে হাঁহাকাৰ কৰোঁ, অসংখ্য প্ৰাপ্তিক উলাই কৰি এটা মাথোঁ অপ্ৰাপ্তিক কেন্দ্ৰ কৰি দুখক আদৰোঁ৷ হয়তো জনৰো দুখ আছে-বিচৰাটো নোপোৱাৰ বা পায়ো হেৰুওৱাৰ৷ কিন্তু পোৱাখিনিক প্ৰাপ্য স্বীকৃতি দি সঁচা অৰ্থত তেওঁৰ দৰে কেইজননো সুখী হ’ব পাৰিছে!

ভাব হ’ল, এওঁৰ লগত কথা পাতিব পৰা যায়, পাতি নিজেও কিছু সুখী হ’ব পৰা যায়৷ মোৰ ট্ৰেইন যাত্ৰাৰ কাহিনী শুনি জনে ক’লে,
”তুমি যে এডিনব’ৰা বা হাইলেণ্ডৰ কোনোবা অচিন ঠাইত ৰৈ যাব লগা নহ’ল সেয়াইটো ডাঙৰ কথা৷”
ক’লো, ”ঠিকেই, It could have been worse!”
শুনিলো, কালি এইফালে সাংঘাটিক ধুমুহা- Storm Doris- ৰ দপদপনি৷ সকলো ট্ৰেইন বন্ধ হৈ গৈছিল৷ ভাল যে কালি নাহিলোঁ!

ভাব হ’ল, হয়তো অন্য সময়ত এনেকৈ চিন্তা নকৰিলোহেঁতেন৷ কিন্তু ইটোৰ পিছত সিটো বেয়া খৱৰে মনবোৰ গধুৰ কৰি তোলা সময় এতিয়া৷ এইসময়ত জনৰ দৰে অকণমান যোগাত্মক মনোভাৱৰ বৰ দৰকাৰ৷ কালি মাথোঁ কানজাছত হাইদৰাবাদৰ শ্ৰীনিবাসক গুলীয়াই থৈ গ’ল সুবিধাবদীয়ে জাতি-বৰ্ণৰ প্ৰতি ঘৃণাৰে বিষাক্ত কৰি তোলা মনৰ কোনোবা গৰাকীয়ে৷ কেনে মানসিক বিভ্ৰান্তিত ভুগিলে মানুহে কাৰোবাক গুলীয়াই চিঁঞৰিব পাৰে, ’Get out of my country!’ আজি পুৱাতে মোৰ লগৰ ভাৰতীয় বন্ধুবোৰে ইটোৱে সিটোৰ সৈতে বিনিময় কৰিছে ইমাৰজেন্সি কনটেক্ট নাম্বাৰ আৰু ব্লাড গ্ৰুপ! কোন মুহুৰ্তত কাৰোবাৰ দেশ বা বৰ্ণৰ বাবে ভিত্তিহীন ঘৃণাই কাৰ মন বিষাক্ত কৰি তোলে কোনে জানে!

কিছুসময়ৰ আগতে মাথোঁ লগ পোৱা জনক মুকলিকৈ ক’লো, এই ভয়াবহতাই কেনেকৈ শেলি যায় আমাক৷ তেওঁ ক’লে, ব্ৰেক্সিটৰ পিছত শ্বেফিল্ডতো পৰিস্থিতি খুবেই বেয়া হৈছিল৷ আশে পাশে ঘটা ঘটনা কিছুমানে এই বিষবাষ্পৰ ৰং শ্বেফিল্ডতো সানি গৈছিল৷ কিন্তু লাহে লাহে পৰিস্থিতি ঠিক হ’লগৈ৷

”সকলো পৰিস্থিতি এটা সময়ত ঠিক হয়গৈ!”-জনৰ আশাৰ অকণমাণ ৰেঙণি মোলৈও বিয়পিল৷

ডংকেষ্টাৰৰ শেষ ট্ৰেইনখন যেনেতেন হ’লেও ধৰিবলৈ কৈ জন নিউ কেছ’লত নামি গ’ল৷

প্ৰায় খালী হৈ পৰা ট্ৰেইনখনে ডংকেষ্টাৰত ৰওঁতে নিশা ১০:৪৫ বাজিছে ৷ ভবাৰ দৰে জনপ্ৰাণীবিহীন হৈ থকা নাছিল ষ্টেচনটো৷ শেষ ট্ৰেইনখন মই ঠিকেই ধৰিলো৷ শুক্ৰবাৰ কাৰণেই নেকি যথেষ্ট মানুহ উঠিল, অন্য দিনা এনে সময়ৰ ট্ৰেইনবোৰ প্ৰায় খালী পৰে৷ চাৰি-পাঁচবাৰমান টিকেট পৰীক্ষক মোৰ কাষেৰে পাৰ হৈ গ’ল৷ আশে পাশে থকা যাত্ৰীবোৰৰ টিকেট পৰীক্ষা কৰিলে৷ প্ৰথমবাৰ আহোঁতে মোক সুধিব খোঁজাৰ দৰে কৰিও তেওঁ আঁতৰি গ’ল৷ বুজি পালো, মই লেপটপ উলিয়াই গহীন মুখেৰে কাম কৰি থকা দেখি তেওঁ আমনি কৰিবলৈ টান পালে৷ তাৰপিছত প্ৰতিবাৰেই তেওঁক অহা দেখিলেই মই তেনে এখন মুখেৰেই টাইপ কৰি থাকিলো৷ ব্ৰিটিছসকলৰ সহজাত ভদ্ৰতা আৰু শিষ্টাচাৰৰ ইচ্ছাকৃতভাৱেই লাভ উঠালো আজি৷ ঘৰ গৈ পোৱাৰ বাবেই যেন সকলো কৰিম!

অৱশেষত টেক্সিৰ পৰা ঘৰৰ সন্মুখত নমাৰ মুহুৰ্তলৈ দিনটোৰ ব্যস্ততা উৎকন্ঠা আৰু নঘন্টীয়া ট্ৰেইন যাত্ৰাৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰিলেহি৷ কিন্তু মনৰ একোণত এটা নতুন সুৰৰ সৃষ্টি কৰি গ’ল এই এটা দিনে! এবুকু প্ৰাণচঞ্চল অনুভৱে দোলা দি গ’ল৷ ইটো-সিটো নানা ৰঙী অভিজ্ঞতাৰ সমষ্টিয়েতো জীৱন! এইবাবেইটো জীৱন জীৱন বৰ অনুপম৷

Tuesday, 28 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (৪)


গৰমকালি বাৰ্চিলোনাৰ সমুদ্ৰতীৰৰ আবেদন সুকীয়া৷
বাৰ্চিলোনাৰ সাগৰৰ পাৰত

এতিয়া শীতৰ সময়ত সাগৰৰ পানী হিমচেঁচা হৈ থাকিব বুলি জানিও এপাক মৰাৰ লোভ সামৰিব নোৱাৰিলো৷ এদিন পুৱাতে ওলালো-খোঁজেৰেই৷ কুকুৰ ফুৰাবলৈ বা জগিং কৰিবলৈ অহা কেইগৰাকীমান মানুহৰ বাহিৰে অন্য কাকো দেখা নাপালো৷ একোকাপকৈ হট চকলেট লৈ বালিতে বহিলোগৈ আমি৷ যিমানবাৰ দেখিলেও সাগৰ সদায়ে নিত্য-নতুন; প্ৰত্যেক সাগৰৰেতো ৰং-ৰূপ সকলো ভিন্ন৷ এইখন ভূমধ্য সাগৰ৷ ঢৌৰ গৰ্জন, গাল চৰাইৰ খেলা, সাগৰৰ সিপাৰে ডাৱৰ ফালি ওলাই অহা বেলিটোৰ ৰাঙলী মুখ- দিনটোৰ সুভাৰম্ভণি হ’বলৈ এয়াই যথেষ্ট আছিল৷

মোৰ প’জ দিয়াৰ চেষ্টা


পিকাছো ইন দ্য মেকিং

বাৰ্চিলোনালৈ অহা কোনো ব্যক্তিয়েই পিকাছোৰ সংগ্ৰহালয়ত ভৰি নিদিয়াকৈ এই ঠাই এৰি নাযায়৷ আমিও সেই আকৰ্ষণ এৰিব নোৱাৰিলো৷ স্পেইনৰ সুযোগ্য সন্তান বিশ্ববিখ্যাত চিত্ৰকৰ পাবলো পিকাছোৰ সৃষ্টিসমূহ লৈ সগৌৰৱে থিয় দি আছে মিউজিঅ’ পিকাছো (Museu Picasso)৷ পিকাছোৱে জীৱনৰ উৰ্বৰ সময় এখিনি বাৰ্চিলোনাত পাৰ কৰিছিল৷ তেওঁ নিজেই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁৰ ছবিৰ সংগ্ৰহালয়টো বাৰ্চিলোনাত হওক৷



সংগ্ৰহালয়ত ছাত্ৰ-ছাত্ৰীৰ টিকেট বিনামূলীয়া ৷ যথেষ্ট ডাঙৰ বাবে দৰ্শকে নিজৰ পছন্দ অনুসৰি কেৱল মূল সৃষ্টি (masterpiece) সমূহ চাব পৰাকৈ চমূ ট্যুৰ বা সকলো খুঁটি নাটি মাৰি চাবলৈ দীঘলীয়া ট্যুৰ ল’ব পাৰে৷ সেইমতে বিভিন্ন উল্লেখযোগ্য ছবিবোৰৰ বিষয়ে জানিবলৈ অ’ডিঅ’ গাইডো ল’ব পাৰি৷ আমি মাষ্টাৰপিচ কেইখনৰ কাৰণে এটা ল’লো৷

মন কৰিলোঁ, পিকাছোৰ সৰুকালৰ পৰা শেষবয়সলৈকে বিভিন্ন সময়ত অঁকা ছবিবোৰ ক্ৰমান্বয়ে বেলেগ বেলেগ কোঠাত সজাই ৰাখিছে৷ প্ৰথম মাষ্টাৰপিচখন ’ দ্য ফাৰ্ষ্ট কমিউনিয়ন’- ছবিখনৰ কাষতে থকা বৰ্ডত দিয়া মতে মাইক্ৰফোনৰ নম্বৰ টিপিলো৷ ইংৰাজীতে এটা গহীন মাতে আমাক কৈ গ’ল,
পিকাছোৰ ’ফাৰ্ষ্ট কমিউনিয়ন’
”এইখন অঁকাৰ সময়ত পিকাছোৰ বয়স আছিল মাথোঁ পোন্ধৰ বছৰ৷ দেউতাকৰ উৎসাহতে পিকাছোৱে ১৮৯৬ চনত বাৰ্চিলোনাত ফাইন আৰ্টছৰ প্ৰদৰ্শনীৰ বাবে এই ছবিখন আঁকিছিল৷ ছবিখনে সেইসময়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল৷ বহুতে কয়, ছবিখনৰ কেথ’লিক ছোৱালীজনী পিকাছোৰ বায়েক ল’লা.......৷” ছবিখনৰ আঁৰৰ কাহিনীবোৰ সহজ-সৰলকৈ কৈ গ’ল গহীন মাতটোৱে৷ সেইবয়সতে অঁকা অন্য এখন মাষ্টাৰপিচ ”চায়েন্স এণ্ড চেৰিটি”ৰ আঁৰতো পিকাছোৰ দেউতাকৰ উৎসাহ-উদ্দীপনাই মূল হেনো৷ প্ৰথমখন ছবিৰ সফলতাৰ পিছতেই দেউতাকে কিশোৰ পিকাছোৰ বাবে বাৰ্চিলোনাত এটা গাইগুটীয়া ষ্টুডিঅ’ ভাৰালৈ লৈ দিয়ে-সেইটোৱে পিকাছোৰ জীৱনৰ প্ৰথম ষ্টুডিঅ’৷ ইয়াতেই পিকাছোৱে ’চায়েন্স এণ্ড চেৰিটি’ আঁকে৷ ছবিখনৰ বিভিন্ন দিশসমূহ অ’ডিঅ’ গাইডে আঙুলীয়াই দিয়াৰ বাবেই নেকি আমিও সুক্ষ্মকৈ চাবলৈ বাধ্য হ’লো৷ সেইসময়ৰ চিকিৎসাবিজ্ঞানৰ গুৰুত্বও ছবিখনত দেখা যায়৷
পিকাছোৰ অন্য এখন মাষ্টাৰপিচ, ’চায়েন্স এণ্ড ছ’ছাইটি’
কিছুপৰ থৰ লাগি চোৱাৰ পিছত প্ৰজ্ঞাই ক’লে,
”মন কৰিছনে? ছবিখনত অলপ ভুল আছে! জ্যামিতিৰ!”
মই বোলো, পিকাছোৰ ছবিৰ ভুল উলিয়ালেনে এই৷ মোৰ মুখত ব্যংগ দেখি তাই ক’লে,
”ভালকৈ চাচোন৷ ৰুমটোৰ দুইখন বেৰ কেনেকৈ ইখনে সিখনৰ লগত লগ লাগিছে-বাকী সকলো নোহোৱা কৰি লৈ কেৱল বেৰদুখন চাচোন৷ অকণমান বেকাঁ হৈ থকা নাইনে?”

চালো-ঠিকেই৷ বেৰদুখন লগ হোৱা কোণটো যেন সমকোণতকৈ ডাঙৰ!

”ল’জিকেলীও, ৰুমটোৰ বাকী সকলোবোৰ চালে দৰিদ্ৰ মানুহৰ ঘৰ যেন নালাগেনে? তাত এই বিলাসী শ্ব’-পিচটো খাপ খাইছে জানো!”

মই তাইক বাহ বাহ নিদি নোৱাৰিলো৷ তেতিয়াহে মন কৰিলো, আমি কিজানি বহুপৰ ছবিখনৰ সন্মুখতে থিয় দি আছোঁ৷ আশে পাশে অন্য পৰ্য্যটককেইজনমান ৰৈ থকা দেখিহে সম্ভিত আহিল, সাংঘাটিক কলা বিশেষজ্ঞৰ দৰে কিমানপৰ যে ছবিখন সমালোচনা কৰি আছোঁ! তৎক্ষণাত তাৰ পৰা আঁতৰিলো৷

ইটো কোঠাৰ পৰা সিটোলৈ আমি পিকাছোৰ শৈশৱৰ পৰা বিশ্ববিখ্যাত খ্যাতি লাভলৈকে ছবিবোৰ চাই গ’লো৷ চাই চাই বহুদিনীয়া ভুল ধাৰণা এটা ভাঙিল৷ যিমান প্ৰতিভাধৰ হ’লেও নিৰলস চেষ্টা আৰু সাধনা অবিহনে কোনো সফল হ’ব যে নোৱাৰে সেয়া যেন আকৌ এবাৰ উপলব্ধি কৰিলোঁ৷ আইনষ্টাইনে কোৱা কথাষাৰ মনত পৰিল, ”জিনিয়াছসকলৰ মাথোঁ ১% জন্মগত প্ৰতিভা, বাকী ৯৯% কঠোৰ পৰিশ্ৰম৷” জীৱনৰ প্ৰতিটো খোঁজতে পিকাছোৱে কঠোৰ পৰিশ্ৰম কৰিছে, নানা সমকালীন চিত্ৰকৰৰ সান্নিধ্যলৈ আহি নতুন ধ্যান-ধাৰণাৰে নিজৰ প্ৰতিভাৰ বিকাশ কৰিছে৷ বিভিন্ন ধৰণৰ কৌশল লৈ পৰীক্ষা-নিৰীক্ষা কৰিছে৷ কেইবাটাও কোঠাত দেখা পালো, কেইবাখনো অমৰ সৃষ্টিৰ কাম প্ৰকৃততে আৰম্ভ কৰাৰ আগতে পিকাছোৱে নিজৰ বহীত আকঁ-বাঁক কৰি পৰীক্ষা কৰি চাইছে, বাৰে বাৰে সলাইছে, পুনৰ আঁকিছে৷

বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী চিত্ৰকৰ সকলৰ এজন এই পিকাছোৱে জীৱনৰ প্ৰতিখোঁজতে নিজকে কেনেকৈ গঢ় দিছিল তাৰ যেন এটা চাক্ষুস অভিজ্ঞতা হ’ল! বাৰ্চিলোনাৰ সকলোবোৰ অভিজ্ঞতাৰ ভিতৰতে পিকাছো সংগ্ৰহালয়লৈ যোৱাৰ অভিজ্ঞতা মোৰ বাবে সকলোতকৈ স্মৰণীয় হৈ ৰ’ল৷ সঁচা অৰ্থতে ’পিকাছো ইন দ্য মেকিং’ অভিজ্ঞতা!

গউডিৰ অপূৰ্ব শিল্প
স্পেইনৰ অন্য এগৰাকী সুযোগ্য সন্তান বিশ্ববিখ্যাত স্থপত্যবিদ এন্ট’নি গউ’ডি৷ বাৰ্চিলোনাৰ চুকে-কোণে সিঁচৰিত হৈ আছে তেওঁৰ অপূৰ্ব সৃষ্টিবোৰ৷ বাছেৰে ইফালে সিফালে অলপ ঘুৰা-ফিৰা কৰিলেই বহু ঠাইত চকু পৰিব, ঘাইপথৰ ট্ৰেফিক, দোকান-বজাৰ সকলোৰে মাজতে জুমে জুমে মানুহ ৰৈ থৰ হৈ আছে অসাধাৰণভাৱে সুন্দৰ গউডিৰ কীৰ্তিচিহ্ন এটালৈ! আমি সীমিত সময়লৈ চাই প্ৰথমে গউডিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি (magnum opus) বুলি গণ্য কৰা চাগ্ৰাডা ফেমিলিয়া (Sagrada Família) নামৰ ৰোমান কেথ’লিক গীৰ্জা এটাকে চাবলৈ ওলালো৷ মেট্ৰ’ৰে গ’লে ষ্টেচনৰ পৰা ওলায়ে এই গীৰ্জাটো চকুত পৰে৷ যোৱাৰ পূৰ্বে ফটো দেখিছিলো, এইসম্পৰ্কে বিভিন্ন কিংবদন্তিবোৰ শুনিছিলো৷ কিন্তু মেট্ৰ’ ষ্টেচনৰ খটখটীৰে ওপৰলৈ উঠি আহি প্ৰথমবাৰৰ বাবে যেতিয়া চাগ্ৰাডা ফেমিলিয়াত চকু পৰিল, আশ্চৰ্য্যত মুখৰ মাত হেৰাই গ’লো মোৰ! কাৰ কল্পনাই এনে এটা বিশাল অপুৰ্ব কাৰুকাৰ্য্যখচিত গীৰ্জাঘৰৰ ছবি আঁকিব পাৰে আৰু সেই কল্পনাক বাস্তৱ ৰূপ দিব পাৰে, ভাবি সঁচাই আশ্চৰ্য্যান্বিত হ’লো!
চাগ্ৰাডা ফেমিলিয়াৰ একাংশ

এনিমেশ্যনৰ জগততহে খাপ খোৱা এটা অতি প্ৰকাণ্ড গীৰ্জা৷ সহজ-সৰল ভাষাত ক’বলৈ গ’লে, ’out of the world!' আশে-পাশে থকা আধুনিক অট্টালিকাবোৰৰ মাজত এই চাগ্ৰাডা ফেমিলিয়া যেন কোনোমতেই খাপ নাখায়৷ গীৰ্জাটো মূলপথৰ কাষতে৷ পথৰ দুয়োকাষে অসংখ্য মানুহৰ ভিৰ৷ আমিও মনুহৰ জুমত মিলি গ’লো৷ সকলোৱে থৰ হৈ চাই ৰৈছে চাগ্ৰাডা ফেমিলিয়ালৈ৷ বৃহৎ চীনা দল এটাৰ গাইডজনে অবিৰাম মেণ্ডেৰিনত কৈ গৈছে চাগ্ৰাডা ফেমিলিয়াৰ মহত্বৰ কথা, দলৰ প্ৰত্যেকৰে কাণত একোটাকৈ ৱায়াৰলেছ হেডফোন৷ একান্তমনে তেওঁৰ কথা শুনি আশ্চৰ্য্যৰ দৃষ্টিৰে চাই ৰৈছে৷ গ’থিক স্থাপত্যৰ আটাইতকৈ প্ৰশংসৃত কীৰ্তিস্তম্ভ এই চাগ্ৰাডা ফেমিলিয়া৷ কলা সমালোচকৰ মতে আৰ্টৰ ইতিহাসতে এনে এটা গীৰ্জাঘৰৰ কোনো চানেকি নাই৷ গউডিৰ সময়ত এক নতুন কলাৰ উন্মেষ ঘটিছিল, যাক কোৱা হয় নোভ’ বুলি৷ এই কলাই প্ৰকৃতিৰ বিভিন্ন অংগৰ আকাৰ আৰু আকৃতিৰ পৰা অনুপ্ৰেৰণা লৈছিল ৷ সেইবাবেই গউডিৰ প্ৰায়বোৰ স্থাপত্যশিল্পতে প্ৰকৃতিৰ বিভিন্ন অংশই স্থান পাইছিল৷

চাগ্ৰাডা ফেমিলিয়াৰ তলৰ পৰা ওপৰলৈ সকলোতে সুক্ষ্ম গথিক কাৰুকাৰ্য্য৷ মানুহৰ সৃষ্টি বুলিবলৈকে টান হয় যেন৷ গউডিয়ে সম্পূৰ্ণ ডিজাইন কৰিছিল যদিও তেওঁৰ মৃত্যুপৰ্য্যন্ত চাগ্ৰাডা ফেমিলিয়াৰ এক চতুৰ্থাংশ কামো সম্পূৰ্ণ নহ’লগৈ৷ অতি ব্যয়বহুল আৰু ব্যক্তিগত দান-বৰঙণিৰ ওপৰত মূলত: নিৰ্ভৰশীল হোৱাৰ বাবেও ইয়াৰ কাম বৰ লেহেমগতিৰে আগবাছিল বুলি কোৱা হয়৷ স্পেইনৰ গৃহযুদ্ধয়ো নিৰ্মাণৰ কাম ব্যাহত কৰিছিল৷ পৰৱৰ্ত্তী কালত এই অত্যন্ত লেহেম নিৰ্মাণৰ সম্পৰ্কত প্ৰশ্ন কৰোঁতে গউডিয়ে হেনো কৈছিল, "My client is not in a hurry" ৷ গম পালো, ১৮৯২ চনৰ পৰা আজি এটা শতিকাৰো ওপৰ হৈ গ’ল এই গীৰ্জাৰ নিৰ্মাণকাৰ্য্য চলি আছে৷ ২০৩০ চনতহে গীৰ্জাটো সম্পূৰ্ণ হোৱাৰ কথা৷ ইতিমধ্যেই গীৰ্জাটোৱে ইউনেস্ক’ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্বৃকীতি পাইছে৷ 

ওচৰতে থকা অন্য এটা কীৰ্তিস্তম্ভ কাছা বেটলো (Casa Batlló)-লৈকো খোঁজেৰেই গ’লো৷ ১৯০৪ চনত এটা প্ৰাচীন অট্টালিকাৰ ১৯০৪ চনত পূনৰনিৰ্মাণ কৰি গউডিয়ে সৃষ্টি কৰিছিল কাছা বেটলোৰ ৷ এই অট্টালিকাত গউডিৰ কল্পনাৰ সৰ্বশ্ৰষ্ঠ উত্তৰণ ঘটিছে বুলি কোৱা হয়৷ কাছা বেটলো নামৰ ইংৰাজীত অৰ্থ হ’ল- house of bone, হাড়ৰ ঘৰ৷ সেইসময়ত বিখ্যাত হৈ পৰা কাটালান কলা নোভ’ওৰ অবিচ্ছেদ্য অংগ চেৰামিক, শিল আৰু লোহাৰে এই অট্টালিকা নিৰ্মাণ কৰা হৈছিল৷ এই অট্টালিকাটোত কোনো কোণ বা পোণ বেৰ নাই, সকলোবোৰ অনিয়মিত আকৃতিৰ৷ ঘৰটোৰ ছালখন দেখাত মাছৰ বাকলিৰ দৰে৷ তিনিওটা ফ্ল’ৰ’ৰ বেলকনিবোৰ কিহবাৰ চকু যেন লাগে৷ চাগ্ৰাডা ফেমিলিয়াৰ দৰে বৃহদাকাৰ নহ’লেও কাছা বেটলোৰ স্থাপত্য কলা কোনোগুণে কম নহয়৷
কাছা বেটলো বাহিৰৰ পৰা

গউডিৰ অন্য এক সৃষ্টি পাৰ্ক গোৱেল (Parc Güell) লৈও যোৱাৰ মন আছিল আমাৰ৷ বাৰ্চিলোনা মহানগৰৰ উত্তৰে কাৰমেল পাহাৰৰ টিঙত আছে৷ বাছেৰে যাওঁতে আধাঘন্টাতকৈ বেছি সময় লাগিল৷ আমাৰ পৰিকল্পনা আছিল তাৰপৰা সূৰ্য্যস্ত উপভোগ কৰাৰ৷ এটা বিশাল এলেকা- উদ্যানৰ লগতে তাত গউডিয়ে নানা শৈলীৰ ঘৰ কিছুমান নিৰ্মাণ কৰিছিল৷ গউডিৰ প্ৰতিটো সৃস্টিৰ সন্মুখত থিয় দি হোৱা একেটা ভাবেই এই উদ্যানতো মনলৈ আহিল-out of this world! কোনো প্ৰচলিত ধাৰা অনুকৰণ নকৰি কল্পনাৰ প্ৰাচুৰ্য্যৰে সজা এনে ঠাইত সপোণৰ পৃথিৱী এখনত সোমাই পৰা যেন লাগে৷ উদ্যানখনৰ পাহাৰীয়া অকোঁৱা-পকোঁৱা বাটেৰে আটাইতকৈ ওখ ঠাইটুকুৰালৈ গ’লো৷ যাওঁতে দেখি গ’লো, গউডিয়ে সঁজা চৰাইৰ বাঁহৰ দৰে টেৰেচ ৱালবোৰ৷ প্ৰায়বিলাকৰ বেৰবোৰ অনিয়মিত আকৃতিৰ চেৰামিক প্লেটেৰে সঁজা৷ সকলোতেই প্ৰকৃতিৰ বিভিন্ন অংশৰ প্ৰভাৱ বিদ্যমান৷
চৰাইৰ বাঁহৰ দৰে টেৰেচ ৱালবোৰ
ওপৰৰ পৰা সমগ্ৰ বাৰ্চিলোনা চহৰৰ পেনেৰ’মিক দৃশ্য দেখিবলৈ পোৱা যায়৷ আমি গৈ পাওঁগৈ মানে পশ্চিমৰ আকাশ ৰাঙলী৷
পাৰ্ক গোৱেলৰ পৰা বাৰ্চিলোনা মহানগৰীৰ সিপাৰে সূৰ্য্যাস্ত চাই
তাতে বহি লৈ হেঁপাহ পলুৱাই সেই সূৰ্য্যাস্ত উপভোগ কৰিলো৷ বহি থকাৰ পৰত বীৰে এজন মানুহক দেখুৱাই ক’লে,

”সেই মানুহজন দেখিছনে? গীটাৰ বজাই আছে যে৷ সেই একেজন মানুহ একেডোখৰ ঠাইতে যোৱাবছৰ ইয়ালৈ আহোঁতে দেখিছিলো৷ একেই আছে-একোৱে সলনি হোৱা নাই৷”

শুনি মনটো কেনেবা লাগি গ’ল৷ বছৰৰ পিছত বছৰ ধৰি প্ৰতিদিনে তেওঁ পৰ্য্যটকৰ বাবে গীটাৰ বজাই আহিছে! ভাগ্যৰ একো পট পৰিৱৰ্তনে তেওঁৰ জীৱনক সঁচাই কি স্পৰ্শ কৰিব পৰা নাই! পিছমূহুৰ্ততে ভাব হ’ল, হয়তো এইটোৱে একমাত্ৰ কাম যিটো কৰি তেওঁ অনাবিল আনন্দ পায়, সন্তুষ্টি পায়৷ কোনে জানে- হয়তো ইচ্ছা কৰিয়ে তেওঁ এয়া কৰি আহিছে৷ গউডিৰ দৰেইতো তেওঁ হ’ব পাৰে অন্য এক শিল্পী৷ 

জীৱনৰ শেষৰ সময়ছোৱাত গউডিও সৰ্বশ্ৰেষ্ঠ কীৰ্তি চাগ্ৰাডা ফেমিলিয়াৰ নিৰ্মাণত এনেকৈ মজি গৈছিল যে দিনে দিনে তেওঁ সমাজৰ পৰা বিছিন্ন হৈ পৰিছিল৷ এখন বাছে বাৰ্চিলোনাৰ পথত মহতিয়াই থৈ গৈছিল তেওঁক৷ সৰ্বশ্ৰান্ত যেন লগা সেই বাটৰুৱাক কোনেও লগে লগে হস্পিতেল পোওঁৱাগৈ নাছিল৷ পলমকৈ চিকিৎসা আৰম্ভ হোৱাৰ বাবেই সেই ঘটনাৰ কেইসপ্তাহৰ পিছত গউডি হেৰাই গৈছিল অসীমত৷ মৃত্যুৰ বহুদিন পিছলৈকে গউডিৰ সৃষ্টিসমূহে স্বীকৃতি পোৱা নাছিল৷ প্ৰায়বোৰ সমসাময়িক কলা সমালোচকে গউডিৰ প্ৰায়বোৰ শিল্পকে অতি কাল্পনিক আৰু অনিয়মিত আকৃতিৰ বাবে সমালোচনা কৰিছিল৷ আনকি গৃহযুদ্ধৰ সময়ত তেওঁৰ চাগ্ৰাডা ফেমিলিয়াৰ কৰ্মশালা লণ্ডভণ্ড কৰি থৈ গৈছিল, বহুতো দৰকাৰী কাগজ-পত্ৰ, ডিজাইন, আৰ্হি আদি ধ্বংস কৰি থৈ গৈছিল৷ ১৯৫০-ৰ দশকৰ পিছত অন্য এগৰাকী বিশ্ববিখ্যাত স্থপত্যবিদ চালভাদৰ দালিয়েহে তেওঁৰ সৃষ্টিসমূহক স্বীকৃতি দিয়ে আৰু বিশ্বৰ দৰবাৰত পুনৰবাৰ যথাযোগ্য স্থান দিবলৈ সক্ষম হয়৷ তাৰপিছৰ পৰাহে কাটালানসকলে তেওঁৰ কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰিবলৈ লয়৷ মৃত্যুৰ প্ৰায় পঞ্চাছ বছৰৰ পিছত গউডিৰ সৃষ্টিসমূহে প্ৰকৃতাৰ্থত বিশ্বজুৰা খ্যাতি লাভ কৰিবলৈ সক্ষম হয়৷ 

ভাব হ’ল, এইবাবেইতো শিল্পীসকল সময়তকৈ আগবঢ়া৷ জীৱনকালত সামাজিক স্বীকৃতি বা স্বচ্ছলতাই জীয়াই থকাৰ সংগ্ৰাম কিছু সহজ কৰি নিদিলে বুলিয়েইতো শিল্পীয়ে নিজৰ চিনাকি এৰি নেপেলায়৷  সকলো কঠোৰ পৰিস্থিতি আওকাণ কৰি তেওঁলোকে প্ৰচলিত চিন্তাধাৰা আৰু সামাজিক প্ৰমূল্যৰ পৰিধি ভাঙি সমাজক সদায়ে এখোঁজ আগবঢ়াই নিয়ে৷ সেইবাবেইটো শিল্পীয়ে জীৱনকালৰ সীমিত সময় ভাঙি অমৰত্ব লাভ কৰিবলৈ সক্ষম হয়৷ সময়ে ধোৱাই নিব নোৱাৰে তেওঁলোকৰ অস্তিত্ব আৰু প্ৰভাৱক৷ তেওঁলোকক দিক-দৰ্শক কৰিয়েই সমাজ আগবাঢ়ে এখোঁজ-দুখোঁজকৈ পৰিৱৰ্তনৰ বাটেৰে৷

কলাৰ নগৰী বাৰ্চিলোনাই এই সত্যকে মোৰ হৃদয়ত নতুনকৈ প্ৰতিষ্ঠা কৰি গ’ল যেন!

পৰৱৰ্ত্তী খণ্ডসমূহত

Sunday, 19 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (৩)

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

লা-ৰাম্বলাত এটি সন্ধিয়াৰ চমক

এদিন আবেলি ওলালো, বাৰ্চিলোনাৰ বিখ্যাত ’লা-ৰাম্বালা’ নামৰ ঠাইখনলৈ৷ লা-ৰাম্বলা প্ৰকৃততে কেইবাটাও চমূ বাটৰ সমষ্টিহে৷ স্থানীয় লোক আৰু পৰ্য্যটকসকলৰ মাজত সমানে জনপ্ৰিয় এই বাট৷ বাটৰ দুয়োকাষে অলেখ অসংখ্য দোকান-পোহাৰ৷ বাৰ্চিলোনাৰ স্মৃতি হিচাপে লৈ যাব পৰা অসংখ্য সা-সামগ্ৰীৰে ভৰপুৰ দোকানবোৰ৷ আশে পাশে স্পেনিছ খাদ্যৰ সোৱাদ ল’বলৈ ৰেষ্টুৰেন্টৰ লানি৷ বহুতো ষ্ৰীট আৰ্টিষ্টৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চও এই লা-ৰাম্বলা৷ কোনোবাই বাদ্য-যন্ত্ৰ পাতি বজায়, কোনোৱে যাদু দেখুৱায়, কোনোৱে গান গায়, কোনোৱে বাটৰ কাষতে বহি ছবিকে আঁকে৷ সকলো মিলি লা-ৰাম্বলা বাৰ্চিলোনাৰ মহানগৰীয়া জীৱনৰ প্ৰাণকেন্দ্ৰ যেন৷ সেয়েই কিজানি স্পেনিছ কবি ফেডেৰিক’ গাৰ্চিয়া ল’ৰকা (Federico García Lorca) ই কৈছিল, ”পৃথিৱীৰ এইটোৱে একমাত্ৰ এটা বাট য’ত তেওঁ বিচাৰে যেন এই বাটৰ কেতিয়াও শেষ নহওক!” 


লা-ৰাম্বলাত চকলেটৰ বাহাৰ
লা-ৰাম্বলাৰ খাদ্যৰ বজাৰ
আমি তিনিও লাহে লাহে খোঁজ দি চাই গ’লো লা-ৰাম্বলাৰ জাক-জমকতা! ইমান ৰঙীণ-ইমান আলোকময়!  জীৱনটোৱে যেন এটা উৎসৱলৈ পৰিণত হৈ গৈছে ইয়াত৷ একো দুখ নাই-যন্ত্ৰণা নাই-কেৱল পোহৰ, কেৱল সুখ আৰু বিলাস! কিছুসময়ৰ বাবে হ’লেও এই মায়াবী পৃথিৱীখনৰ সুবাস ল’বলৈ পাই বেয়া নালাগিল৷ চ’ভেনিয়াৰৰ দোকানবোৰত আমি পিত-পিতাই ফুৰিলো এই দিনকেইটাৰ, এই মায়াবী ৰাগীৰ সোঁৱৰণিক জীপাল কৰিব পৰা বস্তু বিচাৰি৷ গম পালো, আমাৰ তিনিওৰে চ’ভেনিয়াৰৰ  প্ৰথা সম্পূৰ্ণ ভিন্ন৷ নতুন ঠাইলৈ গ’লে মই সাধাৰণতে সেই ঠাইৰ ফ্ৰিজ মেগনেট বা স্থানীয় লেখকৰ কিতাপ একোখন কিনো৷ ফ্ৰীজত এটা এটাকৈ গোটখোৱা মেগনেটবোৰ চালে সেই ঠাইবোৰৰ স্মৃতিবোৰ চাটকৈ আহি পৰে মনৰ দাপোণলৈ৷ বীৰৰ হেনো নতুন ঠাইৰ উল্লেখযোগ্য কিবা প্ৰিন্ট থকা টি-চাৰ্ট কিনাৰ চখ৷ প্ৰজ্ঞাই আকৌ শ্ব’-পিচ কিনি ভাল পায়৷ মনৰ সন্তুষ্টিৰে বিচৰা সকলোখিনিয়ে তিনিও পালো৷ 



দোকানৰ পৰা ওলাই বাটত আকৌ খোঁজ পেলাওঁতেই বীৰে হঠাত কৈ উঠিল,



”হেই, হেভ এ লুক! কি হে এইবোৰ!!”

সি আঙুলীয়াই দিয়াৰ ফালে চাই দেখিলো, এটা বিল্ডিঙৰ বেলকনিত এগৰাকী মহিলা৷ সাঁজ-পোছাক, চুলিৰ ষ্টাইল, প্ৰসাধন সকলো মিলি সাইলাখ মেৰিলিন মনৰো যেন! উৰি থকা শুধ বগা ফ্ৰকটো নচুৱাই নচুৱাই বাটৰুৱাক হাতবাউলি দি আছে,

”উ....হো, উ....হো”- বিজ্ঞাপনজাতীয় আহ্বান এটা যেন!

মানুহগৰাকীৰ পিছফালে ৰঙীণ লাইটেৰে জকমকাই থকা এটা নাম৷ লিখা আছিল, ’Museu de l'Erotica’ ৷ আচৰিত হ’লো খুবেই৷ মিউজিয়ামত ৰাখিব পৰাকৈ কি ইৰ’টিক সম্পদ থাকিব পাৰে! গৈ চোৱাৰ সাহস হোৱাটো দূৰৈৰ কথা, বেছি সময় সেইফালে পোনপটীয়াকৈ চাবলৈকে মোৰ অস্বস্তি লাগিল! 

”ইমান সংকোচ যে! আমাৰ তাতো চোন আছে খাজোৰাহো, কোনাৰক! এইবোৰো মিউজিয়ামেই দেচোন!”-প্ৰজ্ঞাই হাঁহি হাঁহি ক’লে৷ 

আমি কৌতুহলেৰে দুই-এবাৰ চায়ে নিজৰ বাট ল’লো৷ অলপপৰ আলোচনা হ’ল, মেৰিলিন মনৰোৰ এইটোৰ লগত সঁচাই কিবা যোগাযোগ আছেনে!  গুগুলক সুধিও উলিয়াব নোৱাৰিলো৷ ভাব হ’ল, লা-ৰাম্বলাৰ সকলো ৰূপ দেখা পালো-এতিয়া উভতাৰহে কথা! পিছে সেই ধাৰণা ভুল বুলি প্ৰতিপন্ন হ’বলৈ বেছি সময় নালাগিল৷

উভতি খোঁজ দিওঁ মানে নিশা আঠমান বাজিছে৷ আন্ধাৰ-পোহৰৰ খেলাৰ লগে লগে লা-ৰাম্বালাতো নিশাটো উপভোগৰ নিচাত মাতাল হ’বলৈ লৈছে৷ বাটৰুৱাৰ ভিৰৰ মাজতে এঠাইত এজন চিত্ৰকৰে আপোনমনে ছবি অঁকা চাই চাই মই ৰৈ গ’লো৷ সকলো হাই-উৰুমি আওকাণ কৰি চিত্ৰকৰজনে একাগ্ৰভাৱে আঁকি গৈছে মানুহৰ পৰ্টেইট কিছুমান ৷ 
সেই চিত্ৰকৰজন
”হেইইইই!”-হঠাত বীৰৰ চিৎকাৰ!

মই তাৰফালে পিঠি দি ছবিবোৰ চাই আছিলো৷ ঘুৰি চাই দেখোঁ, সি কাৰোৱাৰ হাতত থাপ মাৰি ধৰিছে৷ ত্ৰিছ-পইত্ৰিছ বয়সীয়া ক্ষীণকায় ল’ৰা এজন৷ মাথোঁ এপলকৰ বাবেহে দেখা পালোঁ৷ বীৰৰ পৰা লাহেকৈ হাত এৰুৱাই একোৱে নোহোৱাৰ দৰে ভাব দেখুৱাই টু শব্দ এটাও নকৰাকৈ ল’ৰাজন মানুহৰ মাজত হেৰাই গ’ল৷ উদ্বিগ্নতাৰে সুধিলো,

”কি হ’ল এইমাত্ৰ? মই একো ধৰিব নোৱাৰিলো!”

বীৰে তাৰ হাতৰ ৱালেটটো দেখুৱাই ক’লে,

”নিছিলেই এইটো! ছেকেণ্ডতে থাপ মাৰি ধৰিলো বুলিহে!”
-হতভম্ব হৈ গ’লো কিছু সময়ৰ বাবে৷ বন্ধুবৰ্গৰ মুখত ইমানকৈ শুনি আছিলো, ”বাৰ্চিলোনা বিশ্বৰ ভিতৰতে পকেটমাৰৰ ৰম্যভূমি (সিহঁতৰ ভাষাত mugging capital of the world)! আজি আমাৰো অভিজ্ঞতা হৈ গ’ল৷

বীৰক সুধিলো, কি ক’ত কেনেকৈ! বীৰে হাতৰ লিফলেট এখন দেখুৱাই ক’লে,

”এইখন দেখুৱাই মোক আভুঁৱা ভাৰিছিল! চাৰ্কাছ ৰয়েলিৰ বিজ্ঞাপন৷ তাত কি কি দেখুৱায় সেইবোৰৰ বৰ্ণনা দি দি এখন হাতেৰে মোৰ জিনছৰ বেক পকেটৰ পৰা ৱালেটটো উলিয়াই নিছিল!”

”সাংঘাটিক প্ৰফেশ্যনেল! ধৰা পৰিও টিঙৰ পৰাই নানমিল৷ কিমান সহজকৈ আঁতৰি গ’ল দেখিলিনে!”

”আমি চিঁঞৰি জপটিয়াই ধৰিব লাগিছিল জাননে৷ পুলিচত দি দিব পাৰিলোঁহেতেন!”-মই তেতিয়াও ঘটনাৰ আকস্মিকতাত স্তম্ভিত!

”নাই, পুলিচত দিলেও কিবা যে হ’ব আশা ক’ম বুজিছ৷ মোৰ লগৰ গেব্ৰিয়েলাই নিজৰ ঠাই মাদ্ৰিদতে এবছৰত সাতটা স্মাৰ্টফোন পকেটমাৰক দান দিছে হেনো! এবাৰ হাতেলোটে ধৰাৰ পিছতো পুলিচে একো নকৰিলে৷”-প্ৰজ্ঞাই ক’লে৷

এইবাৰ পিঠিৰ বেগ তিনিও সন্মুখলৈ আনি ল’লো৷ বীৰক ক’লো, কোনো কাৰণতে যাতে ৱালেট বেকপকেটত নভৰায় সি৷ অৱশ্যে ছেকেণ্ডৰ ভিতৰতে পকেটমাৰৰ হাতৰ পৰা ৱালেট উভতাই লোৱাৰ বাবে বীৰৰ বীৰত্বক প্ৰশংসা নকৰাকৈও নাথাকিলো৷
পৰৱৰ্ত্তী খণ্ডসমূহত