“ ঐ... ঐ.. মাইকী মানুহে ভান গাড়ী চলাইছে চা চা…”
বাটৰ কাষৰ পাণদোকানখনৰ
আড্ডাটোৰ পৰা ভাঁহি অহা আশ্চৰ্য্য তথা কিছু গৰিহণা মিহলি
কথাষাৰ মানুহ গৰাকীৰ কাণত ঠিকেই পৰিলহি৷ কিন্তু কথাষাৰে পূৰ্বৰ দৰে তেওঁৰ
মনত অকণো খং বা বিৰক্তিৰ ভাৱ জগাই নুতুলিলে৷ তাৰ পৰিৱৰ্ত্তে
তেওঁ কিছু আমোদহে পালে কথাষাৰৰ সুৰটোত৷ তেওঁৰ মনৰ ভাৱটোকে অবিকল প্ৰকাশ
কৰিয়েই যেন
সন্মুখৰ আসনত তেওঁৰ স’তে বহি যোৱা জীয়েক অৰুণাই কৃত্ৰিম খঙেৰে কৈ পেলালে-
“ধেৎ,অতদিনে দেখাই পোৱাই নাছিল নে!!”
মাক-জীয়েক আৰু পিছৰ আসনত বহা পুতেক পাৰ্থই প্ৰাণ খুলি হাঁহি পেলালে৷
পিছফালৰ আসনতে কোমল গাৰু এটা আওঁজাই লৈ গভীৰ টোপনিত মগ্ন বৰুৱাই এইবোৰৰ একো ভূ-ভা
নাপালে৷ চালকৰ আসনৰ পৰাই ৰিয়েৰ-ভিউ আইনাত বৰুৱালৈ এবাৰ চাই তেওঁ ল’ৰা-ছোৱালী হালক দেউতাক
শুই থকাৰ কথা ইংগিতেৰে সোঁৱৰাই দিলে৷ পুৱা চাহকাপ খায়ে তেওঁলোক আজি বোৱালগুৰিলৈ বুলি
ওলাই আহিছে - বৰুৱাৰ গাৱঁৰ ঘৰলৈ বুলি৷ কালি হঠাতে খবৰ আহিল বৰুৱাৰ দেউতাকৰ অসুখ বুলি-পুৰণি
হাই প্ৰেছাৰৰ আমনি৷ গতিকে কৰ্মস্থলীৰ পৰা কালি নিশাৰ বাছেৰে দুদিনৰ ছুটি লৈ বৰুৱা আজি
পুৱা ঘৰ ওলালেহি৷
ঘৰৰ পৰা ওলোৱাৰ সময়ত গাড়ীৰ পিছৰ আসনত আৰামেৰে বহি লৈ তেওঁ পত্নীক ক’লে, “মই
হ’লে ভাগৰহে মাৰিম৷ তোমাৰ আমনি নলগালৈকে চলোৱা দেই৷ ভাগৰ লাগিলে মই লাগিম আৰু৷”
মানুহগৰাকীয়ে হাঁহিলে মাথোঁ; মনতে ভাবিলে, ইয়াৰ পৰা বোৱালগুৰিলৈ মাথোঁ পাঁচঘন্টাৰ
বাটহে! আগতে ইমান দীঘলীয়াকৈ একেৰাহে গাড়ী চলোৱা নাই যদিও পাৰিব তেওঁ! সেইবুলি কালি
গোটেই নিশাটো বাছত এপলকো শুৱলৈ নোপোৱা মানুহজনক জিৰণি ল’বলৈ নিদি গাড়ী চলাবলৈ ক’বনে!
সৰু মফচলীয় অঞ্চলটোৰ পুৱাৰ ভিৰৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ঘাইপথেদি গাড়ীখন
আগবাঢ়িল৷ সেই আড্ডাস্থলীৰ পৰা অহা মন্তব্যটোৱে মানুহগৰাকীৰ হৃদয়ত একো আঁচোৰ নেপেলালেও
কিছু আনমনা কৰি তুলিলে৷ বৰ্তমান মানুহগৰাকীয়ে এনেকৈ ভান এখন চলাই ফুৰা কথাটো চহৰখনত
নতুন দৃশ্য হৈ ৰোৱা নাই৷ কিন্তু বহুদিনৰ বিৰতিৰ অন্তত এনে এটা মন্তব্য শুনি তেওঁৰ মনটো
যেন অতীতলৈ ঘুৰি গ’ল৷

গাড়ীখন কিনাৰ সময়ত ৰ’দে বৰষুণে বিপদে-আপদে ইফাল সিফাল কৰিবলৈ সুবিধা হ’ল বুলি
সকলোৰে লগতে তেওঁৰো আনন্দ লাগিছিল৷ সেইসময়ত বাট-পথত ব্যক্তিগত বাহন বুলিলে কেইখনমান মাৰুতী ৮০০ হে দেখিবলৈ পোৱা গৈছিল। তথাপিও ভানখনৰ আহল-বহল ভিতৰখন আৰু বেয়া বাটতো সুচাৰুকৈ চলাবলৈ ভাল হ’ব
বুলি ভাবিয়ে তেওঁলোকে ভান এখন কিনাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু কিনাৰ সময়ত আজিৰ দৰে পৰিস্থিতি
এটা তেওঁৰ বাবে সপোনৰো অগোচৰ আছিল৷ সময়ে হঠাতে
পৰিয়ালটোলৈ যেন পৰিবৰ্তনৰ ঢৌজাক লৈ আনিছিল৷ ল’ৰা-ছোৱালীৰ স’তে মানুহজনীক গাড়ীত তুলি
ফুৰোৱাৰ হেঁপাহ পুৰ নৌ-হওঁতেই বৰুৱাৰ চাকৰিৰ বদলিৰ খৱৰ আহিছিল৷ তাকো নতুন কৰ্মস্থলী ঘৰৰ
পৰা দহ-বাৰঘন্টীয়া যাত্ৰাৰ দুৰত্বত হ’ল৷ আগৰ দৰে পুনৰ স্কুল বদলি কৰি পাৰ্থ-অৰুণাৰ
পঢ়া-শুনাৰ খেলি-মেলি নহওক বুলিয়ে বৰুৱাই অকলশৰেই থাকি লৈ কাম চলোৱাৰ সিদ্ধান্ত ল’লে৷
আৰু তাৰ পিছৰ পৰা মাহত এবাৰ-দুবাৰ হে ঘৰলৈ আহিবলৈ মিলাব পৰা হ’ল তেওঁ৷
পাৰ্থ আৰু অৰুণাৰ পঢ়া-শুনাৰ পৰা আদি কৰি সংসাৰখনৰ এশ এবুৰি দায়িত্ব মানুহগৰাকীয়ে
অকলশৰে মূৰ পাতি ল’বলৈ বাধ্য হ’ল৷ প্ৰথমে তেওঁ
কিংকৰ্তব্যবিমুঢ় হ’ল-কিন্তু লাহে লাহে কথাবোৰ তেওঁ আয়ত্বলৈ আনি ল’লে৷ দিনে দিনে তেওঁ
সকলোবোৰ কামতে অভ্যস্ত হৈ পৰিল, আত্মবিশ্বাসেও কমসময়ৰ ভিতৰতে লগ দিলেহি৷ তেওঁৰ কৰ্মদক্ষতা
লক্ষ্য কৰি বৰুৱাও ঘৰখনৰ বাবে নিশ্চিত হৈ থাকিব পৰা হ’ল৷
এবাৰ দুদিনীয়া ছুটিত ঘৰলৈ আহোতে নিত্যনৈমিত্তিক ভাৱে গেৰেজলৈ গৈ বৰুৱাই গাড়ীখন ষ্টাৰ্ট দি চালে৷ বহুদিন একেৰাহে নচলোৱাকৈ
পৰি থকা গাড়ীৰ বেটেৰীয়ে কাম নকৰা হোৱাৰ কেইবাটাও ঘটনা তেওঁ জানে, সেয়ে৷ অলপ সময় চালকৰ
আসনতে বহি থাকি খুঁটি নাটিবোৰ পৰীক্ষা কৰি মেলি তেওঁ ওলাই আহিল৷ বাৰাণ্ডাতে আবেলিৰ ফিকা
চাহ কাপ লৈ ৰৈ থকা অৱস্থাত তেওঁ পত্নীক দেখিলেহি৷ দুয়ো বাৰাণ্ডাৰ বেটৰ চকীদুখনতে বহি
চাহত চুমুক দিলে৷ চাহকাপত এসোহা মাৰিয়ে বৰুৱাই পত্নীক ক’লে,
“হেৰা, নতুন গাড়ীখন গেৰেজত এনেকৈ পেলাই থোৱাতকৈ তুমিয়ে চলাবলৈ শিকি নোলোৱানো
কিয়? বহুত কামত সময় বাচিব-সুবিধাও হ’ব৷”
গৰম চাহে মানুহগৰাকীক জিভাত অকণমান পুৰি গ’ল৷ ধেমালি কৰা বুলি তেওঁ বৰুৱাৰ মুখলৈ
চালে৷ নাই, তেওঁৰ ভাগৰে ক্লান্ত কৰি থোৱা মুখখনত ধেমালিৰ ৰেশ এটাও নাই! তেওঁ আশ্চৰ্য্যৰ
ভাৱটো লুকুৱাই শান্তভাৱে ক’লে,
“মই পাৰিম জানো? মানুহে বা কি ভাবিব? আৰু চলাবলৈনো কোনে শিকাব?"
আধুনিকতাৰ বতাহজাকে মাথোঁ চেলেকা চুবীয়াকৈহে স্পৰ্শ কৰা এই সৰু ঠাইখনত মহিলাই এইদৰে গাড়ী চলোৱাতো নাভূত নাশ্ৰুত কথাই। তাৰোপৰি মহিলাৰ বাবে আচুতীয়াকৈ সংৰক্ষিত স্কুটী, ট্ৰেণ্ডী আদি চেৰাই গৈ গাড়ী এখন চলাবলৈ লোৱাতো প্ৰায় দুঃসাহসী প্ৰচেষ্টা হ'ব যেন ভাৱ হ'ল তেওঁৰ।
কিন্তু বৰুৱাৰ মুখৰ ক্লান্তিখিনি যেন নিমিষতে উৎসাহৰ তিৰবিৰণিয়ে ঢাকি পেলালে।
“পাৰিবা! ইমানবোৰ কাম অকলশৰেই চম্ভালিছা যদি গাড়ীখন নো কিয় চলাব নোৱাৰিবা? আনে কি ভাবিব বা কি ক'ব ভাবিবলৈ হ'লে জীৱনত পদূলি মূৰলৈ ওলাই যোৱাটোয়ে নহ'বগৈ। আৰু
শিকাবলৈ মই আছোৱে চোন! ব’লা, আজিয়ে আৰম্ভ কৰোঁ৷”
বৰুৱাৰ মনৰ উৎসাহখিনি মুহুৰ্ততে মানুহগৰাকীৰ হৃদয়ৰ চুকে কোণে বিয়পি পৰিল৷ প্ৰথমবাৰ
গাড়ীখনৰ ষ্টিয়েৰিঙত হাত থৈ তেওঁৰ হাতখন কঁপিল-তাতোকৈ জোৰেৰে মনটো কঁপিল৷ শিহঁৰিত হৈ
উঠা দেহ-মনক শান্ত কৰি তেওঁ চাবিকোঁচা পকালে৷ বৰুৱাই কাষৰ আসনত বহি দেখুৱাই গ’ল৷ পিছদিনাৰ
পৰা ওচৰৰ খেলপথাৰখনত দোকমোকালিতে কাউৰীয়ে কাঁ কৰাৰ আগতেই তেওঁৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ
আৰম্ভ হ’ল৷ লাহে লাহে আত্মবিশ্বাস বাঢ়িল৷ ল’ৰা-ছোৱালী
হালৰ যত্নত অসুবিধা নহওক বুলিয়ে শিক্ষয়িত্ৰীৰ চাকৰি এৰি আজি দহটা বছৰে ঘৰৰ চাৰিবেৰৰ
মাজতে নিজৰ পৃথিৱীখন সামৰি ৰখা মানুহগৰাকীৰ দক্ষতা বৰুৱাই যেন নতুনকৈহে আৱিস্কাৰ কৰিলে৷
অৰুণা আৰু পাৰ্থইয়ো মাকক উৎসাহ দিলে৷ বৰুৱা নথকা দিনকেইটাত ঘৰৰ চোতালতে তেওঁ ভান খন
অগা পিছা কৰিবলৈ ল’লে৷ মাহেকৰ মূৰত বৰুৱাৰ ছুটিৰ দিনকেইটালৈ আগ্ৰহেৰে বাট চাবলৈ যেন
পৰিয়ালটোৰ বাবে আৰু এটা কাৰণ যোগ হ’ল৷
দুমাহ এনেকৈয়ে পাৰ হ’ল৷ এবাৰ বৰুৱা নথকা অৱস্থাতে আচম্বিতে এটা ঘটনা ঘটিল৷ দুপৰীয়া
অসময়ত মানুহগৰাকীলৈ অৰুণাৰ স্কুলৰ পৰা আহিল, ক’লে, অৰুণাৰ হঠাতে খুউব পেটৰ বিষ আৰম্ভ
হৈছে৷ ডাক্তৰক খৱৰ দিয়া হৈছে৷ মাক নৰ’লেই৷ এখন্তেকো নভৱাকৈ তেওঁ ঘৰত পিন্ধা সাঁজেৰেই
গাড়ীৰ চাবিকোঁচা লৈ ওলাই আহিল৷ তাইৰ স্কুললৈ পাঁচ কি:মি: তেওঁ পাঁচ মিনিটতে পাৰ হ’ল৷
সেই বাটছোৱা বাটৰ কাষৰ চিনাকী বাটৰুৱা- দোকানী মানুহবোৰে যেন নিজৰ চকুকে বিশ্বাস
কৰিব নোৱাৰিলে৷ বাটতে ৰৈ ইজনে সিজনৰ লগত কথাটো আলচি থাকোতে সেই বগা ভানখন পুনৰ তেওঁলোকৰ
সন্মুখেদিয়ে পাৰ হৈ গ’ল হস্পিটেল অভিমুখে৷ এইবাৰ মানুহবোৰে ভালকৈ দেখিলে, বুজিলে; হয়,
সেয়া চালকৰ আসনত বৰুৱাদাৰ বাইদেউৱেই!!
মানুহগৰাকীয়ে এইবোৰ লক্ষ্য নকৰিলে৷ তেওঁ সেই মুহুৰ্তত অৰুণাৰ চিন্তাত বিতত৷
হস্পিতেলত ডাক্তৰে ক’লে, তাইৰ এপেণ্ডিছাইছিটছৰ অপাৰেশ্যন কৰাব লাগিব, বিশেষ চিন্তাৰ
কাৰণ নাই৷ ৷ বৰুৱা সিদিনা ৰাতিৰ বাছেৰে আহি পোৱাৰ পিছত পিছদিনা পুৱাতে তাইৰ অপাৰেশ্যন
হৈ গ’ল৷ তাইক তিনিদিনৰ অন্তত ঘৰলৈ অনাৰ পিছত বৰুৱাই প্ৰথমে কথাটো উলিয়ালে৷ ইতিমধ্যে
অৰুণাৰ খৱৰ ল’বলৈ অহা প্ৰতিবেশী তথা চিনাকী প্ৰতিজন মানুহৰ মুখত তাইৰ অসুখতকৈ মানুহগৰাকীয়ে
ভান খন কেনেকৈ চলাই গ’ল সেইটোৱে বেলেগ বেলেগ
কাহিনীৰ ৰূপ লৈ বৰুৱাৰ কাণতো পৰিছিলগৈ৷
লাইচেন্স নোহোৱাকৈ আৰু বৰুৱা নথকা অৱস্থাত তেনেদৰে হঠাতে প্ৰথমবাৰৰ বাবে গাড়ীখন
লৈ ওলাই যোৱাৰ বাবে বৰুৱাই তেওঁক মৃদু ককৰ্থনা কৰিলে৷ ক’লে, পুলিচে ধৰা হ’লে কি খন
যে হ’লগৈ হেঁতেন! মানুহগৰাকীয়ে নীৱৱে শুনি ৰ’ল৷ কিন্তু বৰুৱা নীৰৱে বহি নাথাকিল৷ অতি
সোনকালেই পত্নীৰ বাবে লাইচেন্স উলিওৱাৰ ব্যৱস্থা কৰিলে তেওঁ৷ এমাহৰ তাতবাদি আৰু বিভাগীয়া
কামবোৰৰ অন্তত লাইচেন্স ওলাল৷
লাইচেন্সখন হাতত লৈ মানুহগৰাকীৰ দুচকু তিৰবিৰাই উঠিল৷ এইবাৰ তেওঁৰ লগতে বৰুৱা
আৰু ল’ৰা-ছোৱালী হালৰো আত্মবিশ্বাস বাঢ়িল৷ সকলো কামতে গাড়ীখন নহ’লেই নোহোৱা হৈ পৰিল৷
বজাৰ-সমাৰ, পাৰ্থ-অৰুণাক স্কুলৰ পৰা অনা-নিয়া,
চিলিণ্ডাৰ অনা, বিজুলী, টেলিফোনৰ বিল পৰিশোধ কৰা আদি নৈমিত্তিক কামবোৰৰ বাহিৰেও
গাড়ীখনৰ কাগজ-পত্ৰ আপডে'ট কৰা, মাজে মাজে গেৰেজলৈ নি সৰু-সুৰা ওজৰ আপত্তি বোৰ নোহোৱা
কৰা আদি অনেক কামত তেওঁ ব্যস্ত হৈ পৰিল৷ কম সময়ৰ ভিতৰতে চহৰখনত মহিলা এগৰাকীয়ে এনেকৈ
ভান চলাই ফুৰাৰ কথাটো ৰজনজনাই গ’ল৷ বাটৰ কাষত ৰৈ তেওঁলৈ তধা লাগি চোৱা মানুহবোৰৰ আশ্চৰ্য্য
দৃষ্টি, কিছুমানৰ তীৰ্য্যক মন্তব্যবোৰে মানুহগৰাকীক শেলে বিন্ধাদি বিন্ধিবলৈ ধৰিলে!
কিন্তু লাহে লাহে তেওঁ সেইবোৰলৈ মন-কাণ নিদিয়া হৈ পৰিল৷ তেনে স্থুল দৃষ্টি বা কটু মন্তব্যই
ঢুকি পোৱাৰ পৰা তেওঁ যেন বহু যোজন আঁতৰলৈ গুচি গ’ল! পুৰ্বতে কেৱল ঘৰুৱা কাম কাজতে সীমাবদ্ধ
তেওঁৰ পৃথিৱীখন হঠাতে বহু মুকলি হৈ যোৱা যেন ভাৱ হ’ল তেওঁৰ!
সময় একে হৈ নাথাকিল৷ খুউব কম দিনৰ ভিতৰতে তেওঁ দক্ষতা দেখি মানুহবোৰৰ শেলে বিন্ধা
চাৱনিলৈ শ্ৰদ্ধা আহিল, কটু মন্তব্যবোৰ প্ৰশংসালৈ ৰূপান্তৰিত হ’ল৷ কিছুদিনৰ ভিতৰতে তেওঁক
সকলোৱে ভান চলোৱা বাইদেউ বুলি জনা হ’ল৷ বিয়াৰ পিছত গাৱঁত প্ৰথমে ন-বোৱাৰী, অৰুণাৰ জন্মৰ
পিছত অৰুণাৰ মাক নামবোৰ সাদৰেৰে গ্ৰহণ কৰাৰ দৰে এই নামটোও তেওঁ আনন্দেৰে আকোঁৱালী ল’লে৷
প্ৰতিবেশী ঘৰৰ অসুখীয়া লোকক হঠাতে হস্পিতেললৈ নিবলৈ, বৰষুণৰ বতৰত ল’ৰা- ছোৱালীক স্কুলৰ
পৰা অনা-নিয়া কৰিবলৈ, বিয়া-বাৰুত দৰা বা কইনাৰ স’তে যাবলৈ মানুহে তেওঁকে পাচিবলৈ ভালপোৱা হ’ল৷ ভান চলোৱা
বাইদেৱে কাম ল’লে ঠিককৈ আৰু সময়মতে কৰিবই, তাত একো সন্দেহেই নাই৷ তেওঁক পূৰ্বতে সমালোচনা
কৰা মানুহবোৰেই তেওঁৰ প্ৰশংসাত পঞ্চমুখ হ’বলৈ ধৰিলে৷
এই সকলোবোৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত হৈ ৰ’ল মানুহগৰাকী৷
“মা, ভোক লাগিছে! ইয়াতে খাই লওঁ ব’লা!”- পাৰ্থৰ মাতত মানুহগৰাকী বাস্তৱলৈ ঘুৰি
আহিল৷ দেখিলে, বৰুৱাইও সাৰ পাইছে৷ চাহবাগানৰ কাষৰ ছাঁ পৰি থকা ঠাইকণতে ৰৈ তেওঁলোকে
ঘৰৰ পৰা কৰি অনা ৰুটী-ভাজি খাই ল’লে৷ বৰুৱাই খাই উঠি পিছৰ আসনত গাৰুটো ঠিক-ঠাক কৰি
লৈ তেওঁক এবাৰ সুধিলে,
“পাৰিবা নহয় এইখিনি?”
তেওঁ মূৰ দুপিয়ালে৷ এইবাৰ মাকৰ স’তে সন্মুখত পাৰ্থ বহিল৷ অৰুণাই দেউতাকৰ স’তে
শুবলৈ পিছলৈ গৈ ল’লে!
বোৱালগুৰি পোৱাৰ আগে আগে তেওঁ বৰুৱাক ক’লে,
“হেৰি, আপুনিয়ে এইকণ চলাওক নেকি! আমি ঘৰ পাবহিৰে হ’ল!”
তেওঁৰ কথাখিনিত অন্তৰ্নিহিত সংকোচৰ ভাৱটো বৰুৱাই ঠিকেই ধৰিব পাৰিলে৷ গাঁৱৰ বোৱাৰী
এজনীয়ে এনেকৈ ভানত পৰিয়ালক উঠাই নিজে চলাই অনাৰ গুজবটো আকৌ নোলাওক বুলিয়ে তেওঁৰ এই
সাবধানতা৷ বৰুৱাই তেওঁক সহজভাৱে ক’লে,
“নাই, চলোৱা তুমিয়ে!”
বৰুৱাই জানে, তেওঁৰ পত্নীক এনে সংকোচে, এনে সীমাবদ্ধতাই বান্ধি ৰাখিব নোৱাৰে৷
সেয়ে ইছ্ছাকৃতভাৱে তেওঁ মানুহগৰাকীক ভুৱা আৱৰণেৰে ঢকাৰ চেষ্টা নকৰিলে৷
গাওঁৰ সীমামূৰীয়া পথাৰখন পাওঁতেই মানুহগৰাকীয়ে ওৰণিখন ভালকৈ টানি লৈ ল’লে৷ অৰুণা
আৰু পাৰ্থই মাকৰ কাৰবাৰ দেখি মুখটিপি হাঁহিলে৷ গাৱঁৰ মানুহবোৰৰ আশ্চৰ্য্য দৃষ্টি প্ৰায়
আওকাণ কৰিয়ে তেওঁলোকৰ ঘাইঘৰৰ সন্মুখত গাড়ীখন ৰ’লগৈ৷ চোতালতে চকী এখনত বহি থকা ককাকৰ
ওচৰলৈ পাৰ্থ আৰু অৰুণাই দৌৰ দিলে৷
সিহঁতৰ পিছতে তেওঁৰ ভৰি চুই সেৱা কৰিব খোজা মানুহগৰাকীক তেওঁ ক’লে,
“ আও! বোৱাৰীয়েই চলাই আহিলা যেন পাওঁ!”
“হয় দেউতা! অৰুণাৰ দেউতাকৰ গোটেই ৰাতি বাছত টোপনি ক্ষতি!”
দেউতাকে একো নক’লে৷ বৰুৱালৈ চাই মাথোঁ
নীৰৱে হাঁহিলে৷ সেই হাঁহিত শ্লেষ বা খঙৰ কোনো
আভাস নেদেখি মানুহগৰাকী আশস্ত হ’ল! দেউতা ইমান ঠেক-মনোবৃত্তিৰ মানুহ নহয়, ভাৱিলে তেওঁ৷
ভায়েকৰ পৰিয়ালটোৰ স’তে ভাত-পানী খাই সকলোৱে ভাল-বেয়া খৱৰ আলচিলে৷ তেওঁ ভানখন চলাই অহাৰ
কথাটো মুকলিকৈ কোনেও নাপাতিলে৷ অৱশ্যে ভাইবোৱাৰী জনীয়ে নিশা ভাত ৰন্ধাৰ পৰত ক’লে, “বৌ,
আপুনি হেনো টাউনত এনেকৈয়ে চলাই ফুৰে! মোকো শিকাই দিবনে বাৰু?”
‘’কিয় নিদিম আকৌ? আমাৰ তালৈকে গৰমৰ বন্ধত দীঘলীবাকৈ থকাকৈ আহিবা-ওচৰৰ পথাৰখনতে
শিকিব পাৰিবা!”- তেওঁ হাঁহি লৈ ক’লে!
দেউতাকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰুৱাই ভায়েকৰ সৈতে আলচি তেওঁক চহৰৰ ঘৰলৈ
দুদিনমানৰ বাবে লৈ অনাৰ সিদ্ধান্তকে ল’লে৷ অন্তত: প্ৰয়োজনৰ সময়ত ডাক্তৰ বা অন্য সুবিধা
সমূহ পাবলৈ অসুবিধা নহ’ব৷ পিছদিনাই দেউতাকক লৈ উভতিবলৈ ওলাল তেওঁলোক৷
বয়-বস্তুবোৰ তুলি লৈ বৰুৱাই জোকাৰণি নাখাওক বুলিয়ে দেউতাকক সন্মুখৰ আসনত বহুৱালে
৷ তাৰপিছত নিজে চালকৰ আসনত বহিবলৈ লওঁতেই দেউতাকে ক’লে,
“বোপাই তই পিছত বহগৈ যা! বোৱাৰীয়েই অলপ চলাওক৷ ময়ো চাওঁ আকৌ বোৱাৰীয়ে কিমান
ভালকৈ চলায়! এইখন গাৱঁত বোৱাৰীয়েকে চলোৱা ভানত উঠা ময়েই প্ৰথম মানুহ হ’ম কিজানি, নহয়?”
কথাষাৰ কৈয়ে ককাকে হোহোৱাই হাঁহি উঠিল৷ বৰুৱায়ো দেউতাকৰ স’তে হাঁহিত যোগ দিলে৷
মানুহগৰাকীয়ে
লাজ ভাবটো কোনোমতে লুকুৱাই ওৰণিখন পুনৰ এবাৰ পৰীক্ষা কৰি ল’লে ৷ সংকোচ বা অসহজ
ভাৱৰ শেষ কণিকাটোলৈকে মনৰ পৰা চিৰদিনলৈ জোকাৰি দি তেওঁ গাড়ীখনৰ ষ্টাৰ্ট দিলে৷
-----------------------------------------------------------
১ ডিচেম্বৰ, ২০১৩ ৰ আজিৰ দৈনিক বাতৰি কাকতৰ দেওবৰীয়া পৰিপুৰিকা 'সুৰভি'ত প্ৰকাশিত৷http://www.ajirdainikbatori.com/surabhi/main/special2.htm