বাংগালোৰৰ পৰা মুম্বাইলৈ এটা ইন্টাৰভিউ দিয়াৰ বাবে যাব লগাত পৰিলোঁ৷ লগৰ ল’ৰা চেতানৰ ঘৰ তাতে৷ আজি দুবছৰ ধৰি লগো পোৱা হোৱা নাই৷ সি ক’লে, “মোৰ ঘৰলৈকে আহি যা!” একেলগে পঢ়া আৰু বৰ্ত্তমান বাংগালোৰতে কাম কৰি থকা লগৰ দিব্যাও ওলাল ৷ ক’লে “উই ৱিল হেভ ফান টুগ্যেদাৰ৷’’ শেষত গৈ থৈ ইন্টাৰভিউটো মুম্বাইলৈ যোৱাৰ অজুহাত হে হৈ পৰিলগৈ৷ পৰিকল্পনা চলিল…
১) কে এছ আৰ টি চি-শ্লীপ লাইক এ বেবী
ইন্টাৰভিউলৈ কেইটামান দিন বাকী থাকোতেহে যোৱাৰ সিদ্ধান্ত লোৱাত খৰধৰকৈ যা-যোগাৰ কৰিব লগাত পৰিলোঁ৷ গতিকে ট্ৰেইনত একো সুবিধা কৰিব নোৱাৰিলো৷ লগৰবোৰে ক’লে বাছেই ভাল-ট্ৰেইনতকৈ বহুত কম সময় লয়৷ ২৪ ঘন্টাৰ ঠাইত ১৮ ঘন্টা৷ হ’ব- ঠিক আছে বুলি ভাৱিলো যদিও ১৮ ঘন্টা বাছেৰে একেৰাহে গৈ থকাৰ কথা ভাৱিয়ে চিন্তা লাগিল! উপায় নাই৷ আগতে কে এছ আৰ টি চিৰ বাছত দীঘলীয়া ভ্ৰমণ কৰাৰ মোৰ বিশেষ অভিজ্ঞতা নাই৷ দিব্যাই তাইৰ ঘৰ চেন্নাইত বাবে বাছেৰে অহা-যোৱা কৰিয়ে থাকে৷ তায়ে ক’লে, তাতে টিকেট কৰোঁ-ভাল চাৰ্ভিছ৷ হৈ গ’ল টিকেট৷

![]() |
"শ্লীপ লাইক এ বেবী" বাছ |
যথা সময়ত মেজেষ্টিকৰ কেম্পেগ’ৰা বাছ ষ্টেচন পালোগৈ৷ ম’বইলত এচ এম এচ আহিল আপুনি টিকেট বুক কৰা বাচৰ নম্বৰ অমুক, বাচ এৰাৰ সময় অমুক, আপোনাৰ চিটৰ নম্বৰ অমুক অমুক বুলি! ৰিপৰ্টিঙৰ বাবে ধাৰ্য্য সময়তে বাছ আহিল৷ বাছৰ গাত এটা টোপনিত লালকাল শিশুৰ ছবি, লিখা আছিল, “Sleep like a baby”৷ দিব্যাক আশ্চৰ্য্যৰে ক’লো, “বাহ, এনেকুৱাইনে!!” ধকধকীয়া বগা ইউনিফৰ্মেৰে কণ্ডাক্টৰ আগুৱাই আহিল৷ প্ৰত্যেকৰে টিকেট আৰু আই কাৰ্ড পৰীক্ষা কৰি এজন এজন কৈ যাত্ৰীসকলক সোমাবলৈ দিলে৷ সময়মতেই বাছ চলিল৷ লগে লগে আমাক পানীৰ বটল আৰু কম্বল একোখনকৈও দি গ’ল৷ শীত-তাপ নিয়ন্ত্ৰিত বাছ, আৰামদায়ক আসন, কানাড়া চিনেমা এখন আৰম্ভ হ’ল৷ ইংৰাজী চাবটাইটল নাথাকিলেও তেনেকৈয়ে চাই চাই টোপনি গ’লো৷ নিশা ভাত খাবলৈ এখন ৰেষ্টুৰেন্টত বাছ ৰ’ল৷ কণ্ডাক্টৰে পূৰ্বেই সকীয়াই দিয়া মতেই বিশ মিনিটতকৈ অকনমাণো পলম নকৰাকৈ বাছে গতি ল’লে৷ ট্ৰেফিক জামত ৰৈ মেলি ১৮ ঘন্টাৰ ঠাইত ২০ ঘন্টাৰ অন্তত পিছদিনা বাৰ বজাত মুম্বাইৰ মালাডত নামিলোগৈ ৷ কিন্তু ভৱাৰ দৰে অকণো ভাগৰ নালাগিল, আমনিও নালাগিল৷ I actually slept like a baby :)
২) মুম্বাই-ট্ৰেফিক
আমি গৈ পোৱাৰ দিনাই চেতানে সকীয়াই দিলে মুম্বাইৰ ট্ৰেফিকৰ সমস্যাৰ বিষয়ে৷ গতিকে ইন্টাৰভিউৰ দিনা সোনকালে ওলোৱাৰ সিদ্ধান্ত ল’লো৷ ইন্টাৰভিউ আছিল পুৱা দহ বজাত, ফৰ্ট অঞ্চল মানে দক্ষিণ মুম্বাইত৷ চেতানৰ ঘৰ পশ্চিম মালাডৰ পৰা তালৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট৷ সেয়ে সিহঁতৰ গাড়ীৰে পুৱা আঠ বজাতে ওলালো৷ ইমানকৈ শুনি অহা মুম্বাই ট্ৰেফিক জামৰ পৰা পিছে ৰক্ষা নপৰিলো৷ বান্দ্ৰা-ৱৰলী চি লিংকতে ট্ৰেফিক জামত বহু সময় ৰৈ থাকিব লগাত পৰিলো আমি৷ দিব্যাই ইফালে সিফালে ফটো ল’লে৷ ইন্টাৰভিউ বুলি থকা অৱশিষ্ট অসহজবোধ খিনি আঁতৰাবলৈকে ময়ো ফটো লোৱাত লাগিলো৷ কিন্তু ঘড়ীৰ কাঁটাই যেতিয়া ন-পঞ্চলিছ বুলি সময় দেখুৱালে, মই কিছু চিন্তিত হৈ উঠিলো৷ চেতানক সুধিলো, “আৰু কিমান দূৰ?” সি বোলে, “উই আৰ জ্যাষ্ট দেয়াৰ!” ঘড়ীৰ কাঁটাৰ লগে লগে মোৰ টেনছনো বাঢ়ি গ’ল কিন্তু চেতানৰ উত্তৰ একেটাই থাকিল- “উই আৰ জ্যাষ্ট দেয়াৰ!” দহ বাজি গ’ল-এক দুই মিনিটকৈ সময় গৈ থাকিল৷ আমাৰ গাড়ী মাজে মাজে চলিল, মাজে মাজে জামত আকৌ ৰৈ গ’ল৷

চেতানে সন্মুখৰ গাড়ীবোৰক দুটামান গুৱাল-গালি পাৰিলে৷ সাধাৰণতে সকলো সময়তে একেবাৰে টেনছন ফ্ৰী হৈ থকা ধৰণৰ ছোৱালী দিব্যাইয়ো মাজতে এবাৰ সুধিলে মোক, “ তেওঁলোকে জানেতো তই ইন্টাৰভিউ দিবলৈ আহি আছ বুলি?” মই ‘অ’ বুলি কয়েই মনতে নিজক সান্তনা দি থাকিলো৷ কাৰণ ইয়াৰ আগতে সকলো ইন্টাৰভিউতে মই কমেও এঘন্টাৰ আগতেই উপস্থিত হোৱাৰহে অভ্যাস৷ এনেকৈ পলম হ’লে কি কৰা উচিত মোৰ একো ধাৰণাই নাই৷ গতিকে মই নীৰৱে ৰ’লো৷ আমি যেতিয়া এশ বছৰীয়া ঐতিহাসিক মুল্লা হাউচ অৰ্থাৎ মোৰ গন্তব্যস্থান পালোগৈ তেতিয়া দহ বাজি বিশ মিনিট৷ দিব্যা-চেতানে আগবঢ়াই থৈ গুচি গ’ল৷ ইমান ততাতৈয়াৰ মাজতো সিহঁতক ক’বলৈ নাপাহৰিলো, “মোলৈ ৰৈ থাকোতে যিমান ঘুৰিবলৈ মন যায় ঘুৰিবি, কিন্তু বাড়াপাও নাখাবি, মই ওলোৱাৰ পিছত একেলগে খাম!”
গৈ দেখিলো ইন্টাৰভিউ আৰম্ভ হৈছে কিন্তু মোৰ পাল পৰা নাই৷ মোৰ কাগজ-পত্ৰ দেখুৱাই মেলি শান্তিৰ নিশ্বাস লৈ বহিলোগৈ৷ পোন্ধৰ মিনিট মানৰ পিছতেই মোক ভিতৰলৈ মতা হ’ল৷ সময়খিনি ভালদৰেই পাৰ হৈ গ’ল যেনিবা ৷ তাৰ পৰা ওলায়েই দিব্যা আৰু চেতানক খৱৰ দিলো৷ সিহঁত ওচৰতে আছিল, লগে লগেই আহিল৷ এই পঞ্চলিছ মিনিট কি কৰিলে সুধিলো৷ দিব্যাই পৰম সন্তুষ্টিৰে ক’লে বোলে কিনো কৰিব ভাবি নাপাই বড়াপাও খাই আহিল৷ এনেয়ে ইন্টাৰভিউলৈ পলম হোৱাৰ খংটো সামৰি থোৱা আছিলেই৷ এইটোৱে তাকে উলিয়াবলৈ সুবিধা কৰি দিলে৷ জাৰি দিলো দুয়োটাকে৷ পিছত কালাঘোঁৰাৰ অতিকায় আকাৰৰ গিলাচত ফ্ৰেছ কুঁহিয়াৰৰ ৰস খুৱাইহে সিহঁতে মোক শান্ত কৰিলে৷
৩) এদিনৰ বাবে মেৰী ক'ম
দিব্যা আৰু চেতানৰ লগত এদিন লোকেল ট্ৰেইনত মালাডৰ পৰা চাৰ্চগেটলৈ বুলি উঠিলো৷ চেতান চিধাই গৈ দুৱাৰমুখত থিয় দিলেগৈ, তাত ৰৈ বতাহ খাই খাই গৈ হেনো তাৰ বিৰাট আৰম লাগে! ভিৰৰ বাবে দিব্যা আৰু মই দুয়ো থিয় হৈয়ে গৈ আছিলো৷ ট্ৰেইন চলি থকাৰ মাজতে বহা আসনৰ পৰা এজন বয়সস্থ লোকে দিব্যাক মাত লগাই কিবা সুধিলে৷ দিব্যাই মাত্ৰ হাঁহি লৈ ‘ন’’ বুলি কৈ থ’লে৷ ষ্টেচনৰ কথা সুধিছে বুলি ময়ো বিশেষ গুৰুত্ব নিদিলো৷ পিছত মানুহৰ ভিৰ কমাত আমি দুয়োজনীয়ে যেতিয়া শান্তিৰে এচুকত বহিলোগৈ দিব্যাই ক’লে, মানুহজনে সুধিছিল, “এওঁ মেৰী ক'ম নেকি?” এওঁ মানে দিব্যাৰ কাষত থিয় দি থকা মই! মোৰ আশ্চৰ্য্যৰ সীমা নোহোৱা হ’ল! কিন্তু দিব্যাই ক’লে এইটো ইমানো অস্বাভাৱিক কথা নহয়৷ তাই যুক্তি দিলে যে প্ৰথম দেখিলে আমাৰ উত্তৰ-পূবৰ মংগোলীয় সাঁচৰ সকলো মানুহকে সিহঁতৰ দৰে বাহিৰৰ মানুহৰ একে যেন লাগে৷ কিছুদিন ওচৰৰ পৰা পালেহে হেনো পাৰ্থক্যবোৰ দেখা পায়৷ গতিকে মোৰ মংগোলীয় চেহেৰা দেখি মেৰী কম বুলি ভুল কৰাটো একো ডাঙৰ কথা নহয়৷ মোৰ প্ৰতিক্ৰিয়া কেনে হোৱা উচিত ভাৱি নাপালো৷ কিন্তু পিছত কাৰৱাৰ নামৰ কৰ্ণাটকৰ সীমান্তৱৰ্তী ঠাই এখনত মেৰী ক'মৰ বিশাল হৰ্ডিং এখন দেখি দিব্যাই কৰা অন্যায় (?) অনুৰোধ ৰাখি মই ফটোৰ বাবে প’জ দিব লগা হ’ল৷
৪) জুহু বীচ্চত এটা প্ৰাণোচ্ছল গধূলি
এনিশা বাইদেউ দুগৰাকীৰ লগত অন্ধেৰীত থাকিলো৷ নিশা সিহঁতে জুহু বীচ্চলৈ লগ ধৰিলে- ওলালো৷ অট’ৰে গৈ বীচ্চত নামিলোগৈ৷ দেখিলো দিনটোৰ আমনিদায়ক গৰমৰ আতিশয্যৰ পৰা সকাহ পাবলৈকে নেকি সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিচে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ বীচ্চৰ একাষে শাৰী শাৰী ফাষ্ট ফুড ষ্টলত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আমি বহুপৰ সাগৰৰ চেঁচা বতাহৰ আমেজ লৈ লৈ বালিৰ ওপৰেদি খোজ কাঢ়িলো৷ প্ৰচণ্ড গৰমৰ পৰা আহি মন শাঁত পৰি গ’ল৷ কণমাণি বোৰে সাগৰৰ ঢৌবোৰৰ স’তে কৰা খেলাবোৰ চাই তবধ মানিলো৷ ভয় বা আশংকাৰ যেন চিন চাবেই নাই৷ মাক-দেউতাকেও ল’ৰা-ছোৱালীক ইচ্ছামতে স্ফূৰ্তি কৰিবলৈ দি বালিত বহি আৰাম কৰিছে, আড্ডা দিছে৷ দিব্যাই ক’লে, চেন্নাইত সাগৰৰ পাৰত এনে দৃশ্য এতিয়া দুৰ্লভ৷ নিশা বাৰ বজাৰ পিছত কাকো বীচ্চত থকাৰ অনুমতি দিয়া নহয়৷ কেইবাটাও দুৰ্ভাগ্যজনক ঘটনাৰ পিছত শেহতীয়াকৈ এনে পদক্ষেপ লোৱা হৈছে হেনো৷
গৈ দেখিলো ইন্টাৰভিউ আৰম্ভ হৈছে কিন্তু মোৰ পাল পৰা নাই৷ মোৰ কাগজ-পত্ৰ দেখুৱাই মেলি শান্তিৰ নিশ্বাস লৈ বহিলোগৈ৷ পোন্ধৰ মিনিট মানৰ পিছতেই মোক ভিতৰলৈ মতা হ’ল৷ সময়খিনি ভালদৰেই পাৰ হৈ গ’ল যেনিবা ৷ তাৰ পৰা ওলায়েই দিব্যা আৰু চেতানক খৱৰ দিলো৷ সিহঁত ওচৰতে আছিল, লগে লগেই আহিল৷ এই পঞ্চলিছ মিনিট কি কৰিলে সুধিলো৷ দিব্যাই পৰম সন্তুষ্টিৰে ক’লে বোলে কিনো কৰিব ভাবি নাপাই বড়াপাও খাই আহিল৷ এনেয়ে ইন্টাৰভিউলৈ পলম হোৱাৰ খংটো সামৰি থোৱা আছিলেই৷ এইটোৱে তাকে উলিয়াবলৈ সুবিধা কৰি দিলে৷ জাৰি দিলো দুয়োটাকে৷ পিছত কালাঘোঁৰাৰ অতিকায় আকাৰৰ গিলাচত ফ্ৰেছ কুঁহিয়াৰৰ ৰস খুৱাইহে সিহঁতে মোক শান্ত কৰিলে৷
৩) এদিনৰ বাবে মেৰী ক'ম
![]() |
দিব্যাই তোলা সেই ফটোখন |
৪) জুহু বীচ্চত এটা প্ৰাণোচ্ছল গধূলি
এনিশা বাইদেউ দুগৰাকীৰ লগত অন্ধেৰীত থাকিলো৷ নিশা সিহঁতে জুহু বীচ্চলৈ লগ ধৰিলে- ওলালো৷ অট’ৰে গৈ বীচ্চত নামিলোগৈ৷ দেখিলো দিনটোৰ আমনিদায়ক গৰমৰ আতিশয্যৰ পৰা সকাহ পাবলৈকে নেকি সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিচে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ বীচ্চৰ একাষে শাৰী শাৰী ফাষ্ট ফুড ষ্টলত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ আমি বহুপৰ সাগৰৰ চেঁচা বতাহৰ আমেজ লৈ লৈ বালিৰ ওপৰেদি খোজ কাঢ়িলো৷ প্ৰচণ্ড গৰমৰ পৰা আহি মন শাঁত পৰি গ’ল৷ কণমাণি বোৰে সাগৰৰ ঢৌবোৰৰ স’তে কৰা খেলাবোৰ চাই তবধ মানিলো৷ ভয় বা আশংকাৰ যেন চিন চাবেই নাই৷ মাক-দেউতাকেও ল’ৰা-ছোৱালীক ইচ্ছামতে স্ফূৰ্তি কৰিবলৈ দি বালিত বহি আৰাম কৰিছে, আড্ডা দিছে৷ দিব্যাই ক’লে, চেন্নাইত সাগৰৰ পাৰত এনে দৃশ্য এতিয়া দুৰ্লভ৷ নিশা বাৰ বজাৰ পিছত কাকো বীচ্চত থকাৰ অনুমতি দিয়া নহয়৷ কেইবাটাও দুৰ্ভাগ্যজনক ঘটনাৰ পিছত শেহতীয়াকৈ এনে পদক্ষেপ লোৱা হৈছে হেনো৷
জুহুৰ বীচ্চৰ গধুলি |
যি নহওক গা-মন শীতল কৰি ফাষ্ট ফুডৰ দোকানবোৰলৈ গ’লো৷ সোমায়েই মূৰ ঘুৰাই গ’ল৷ সীমা-সংখ্যা নোহোৱা দোকান, অলেখ অজস্ৰ খোৱাবস্তু, কেনি যাম-কি খাম যেন অৱস্থা হ’ল৷ তাতে প্ৰতিখন দোকানৰ পৰা একোজন প্ৰতিনিধি আগুৱাই আহি নিজৰ নিজৰ দোকানৰ গুণ বখানি আমাক খাবলৈ নিমন্ত্ৰণ কৰিবলৈ লাগিল৷ নিমন্ত্ৰণ নহয় যেন টনা-আজোৰাহে! অৱশেষত খালো- বাটাৰত ডুবাই ডুবাই ৰন্ধা পাওভাজি, মুখখন যিমান পাৰি ডাঙৰকৈ মেলিলেও সুমুৱাব নোৱাৰা আকাৰৰ বড়াপাও, বেনাৰসী বুলি মিছাকৈ দিয়া অতি মিঠা চুপাৰিবিহীন পান সকলো খালো৷
সিদিনালৈ আৰু একো খাবলৈ পেটত ঠাই নাথাকিল৷
৫) কাৰৱাৰৰ সাগৰ
মুম্বাইৰ পৰা উভতি আহোতে আমি কৰ্ণাটকৰ সীমান্তৱৰ্ত্তী এখন সৰু ঠাই কাৰৱাৰত এটা দিন কটাবলৈ ঠিক কৰিলো৷ চেতানৰ মাকৰ মূল ঘৰ এই ঠাইত৷ সেয়ে আমাৰ স’তে চেতানো আহিল৷ মুম্বাইৰ পৰা ট্ৰেইনেৰে বাৰ ঘন্টা আহি আমি কাৰৱাৰৰ সৰু ৰেলৱে ষ্টেচনটোত নামিলোহি৷ তেতিয়া দিনৰ এঘাৰ বাজিছে৷ আমাৰ প্ৰত্যেকৰে হাতত মজলীয়া আকাৰৰ একোটা পিঠিত লোৱা বেগ৷ চেতানে ক’লে তাৰ মামাকৰ ঘৰ মাজালী নামৰ গাওঁখনত আৰু কাৰৱাৰ টাউনৰ পৰা তালৈ দহ কিল’মিটাৰ মান৷ গতিকে তালৈ যোৱাৰ আগতে আমি কাৰৱাৰৰ বীচ্চ চাই যোৱাৰ সিদ্ধান্ত ল’লো৷
মই প্ৰথম সাগৰ দেখা পোৱাৰ বেছি দিন হোৱা নাই৷ অৱশ্যে তাৰ পিছত সাগৰৰ পাৰৰ মেনগ্ৰুভ অৰণ্যত একেৰাহে পাঁচমাহ থাকি কাম কৰাৰ অভিজ্ঞতা হ’ল৷ তথাপিও শৈশৱৰে পৰা সাগৰৰ পানীত খেলি ডাঙৰ হোৱা চেতান, দিব্যা হঁতৰ দৃষ্টিত মই সাগৰ নেদেখা ছোৱালীজনীয়ে হৈ থাকিলো! গতিকে প্ৰতিবাৰেই এনেকুৱা সুবিধা পালে সিহঁতে মোক সাগৰখন দেখুওৱাৰ দায়িত্বটো উৎসাহেৰে পালন কৰে! এইবাৰ অৱশ্যে দিব্যাও খুউব উৎসাহী হৈ আছিল৷ অতদিনে তাই হেনো পশ্চিমৰ বীচ্চ দেখাৰ সুবিধা পোৱা নাছিল৷ ময়ো বেয়া নাপালো-জুহুৰ মানুহেৰে পূৰ্ণ বীচ্চৰ পিছত কাৰৱাৰৰ নীৰৱ বীচ্চৰ ৰূপো চাই যোৱা হব বুলি৷ কিন্তু আমাৰ মুম্বাই ভ্ৰমণৰ গাইড জনৰে মানে চেতানৰে অকণো উৎসাহ নাই৷ আমি টানি লৈ ফুৰাৰ দৰে হ’ল তাক৷ সি বোলে, সৰুৰে পৰা দেখি অহা একেবোৰ ঠাইকে সি কি উৎসাহেৰেনো বাৰে বাৰে চাব!

কাৰৱাৰৰ দুপৰীয়াৰ সাগৰ |
ভৰ-দুপৰীয়া চোকা ৰ’দ জাক মূৰত লৈ জনপ্ৰাণীশূন্য ৰৱীন্দ্ৰনাথ ঠাকুৰ বীচ্চলৈ গ’লো আমি তিনিওটা৷ চেতানে বালিত বহি দুঘন্টামান সময় ধৰি আমাৰ বেগ আৰু চেন্দেল-জোতাৰ পহৰা দিলে৷ দিব্যা আৰু মই গোটেই পাৰটোত এপাক মাৰিলো, সাগৰৰ ঢৌৰ লগে লগে জাপ মাৰিবলৈ চেষ্টা কৰিলো, সৰু ৰং-বিৰঙী শংখ বুটলিলো৷ তেতিয়া অনুভৱ কৰিলো, সদায় দেখিলেও এই সাগৰৰ ৰূপ কেতিয়াও নতুনত্ব বিহীন হৈ নাযায়, তেনে হৈছে বুলি ভৱাটো আচলতে চেতানৰ ভুল ধাৰণাহে৷
৬)মাজালী-সাগৰৰ পাৰৰ এখন শান্ত গাওঁ
৬)মাজালী-সাগৰৰ পাৰৰ এখন শান্ত গাওঁ
অৱশেষত একমান বজাত মাজালীৰ গাঁৱৰ ঘৰ পালোগৈ আমি৷ চেতানৰ ককাক-আইতাক ঢুকুৱাৰ পিছত বৰ্ত্তমান দুজন মামাকে ঘৰখন চলাই আছে৷ ডাঙৰ জনে বিয়া কৰালে-দুজনী ছোৱালী, ৰুচি আৰু অনুস্কা৷ ৰুচি পঞ্চম শ্ৰেণীত, অনুস্কা সপ্তম শ্ৰেণীত৷ দুয়োজন মামাকে পৈতৃক সূত্ৰে পোৱা কাপোৰৰ ব্যৱসায় চম্ভালে৷ সেই অঞ্চলত সেইখনেই আটাইতকৈ ডাঙৰ আৰু পুৰণি কাপোৰৰ দোকান৷ তাতে এইসময়তো বিয়াৰ বতৰ৷ গতিকে দুয়োৰে খাৱন-শুৱন বাদ দিয়াৰ দৰে অৱস্থা৷
মাজালীৰ ঘৰটো পুৰণি, দেখাত বাহিৰৰ পৰা ইমান ডাঙৰ যেন নেদেখায় কিন্তু এবাৰ ভিতৰত সোমালে ইটোৰ পিছত সিটো কোঠা, তলৰ পৰা ওপৰলৈ উঠা-নম কৰা খটখটিৰ মাজত নিজকে হেৰুওৱাৰ উপক্ৰম হয়৷ তাতে দোকানৰ গুডামত বস্তুৰ বাবে ঠাইৰ নাটনি হোৱাত ঘৰৰ অন্য কোঠাবোৰতো শাৰীৰ পেকেটৰ দ’ম লাগি আছে৷ আনকি খটখটিৰো আধা মানুহক অহাযোৱা কৰিবলৈ এৰি দি বাকী অংশত শাৰীৰ পেকেটেৰে ভৰাই থোৱা৷ এই সকলোবোৰৰ মাজেৰে নি চেতানে আমাক প্ৰকৃততে মানুহ থকা কোঠা যেন লগা এটা কোঠাত সুমুৱালেগৈ৷ জিৰণি ল’লো তাতে৷
চেতানৰ মামীয়েকে ৰন্ধা সুস্বাদু কেকোঁৰা আৰু অইষ্টাৰেৰে ভাত খাই এবাগৰ নিদিয়াকৈ ৰ’ব নোৱাৰিলো৷ কিন্তু বেছি সময় নহ’লেই, ৰুচি, অনুস্কাই আমাৰ কোঠাৰ দুৱাৰেদি জুমি জুমি চাবলৈ লাগিল৷ হাত-বাউলি দি মাতিলো৷ দুয়ো উৎসাহেৰে সোমাই আহি কথা পাতিবলৈ আৰম্ভ কৰিলে৷ সিহঁতৰ নিজৰ নিজৰ মেকুৰী পোৱালী দুটা দেখুৱালে, গম পালো ইজনীয়ে সিজনীৰ মেকুৰী চুই চোৱাৰো অধিকাৰ নাই, তেনে হ’লেই তামাম কাজিয়া হৈ যায়৷ ৰুচিয়ে তাইৰ ৰিম’ট কন্ট্ৰলৰ গাড়ী খন দেখুৱালে৷ অনুস্কাই ডিস্ক’ভাৰী চেনেলে প্ৰকাশ কৰা বিশ্বৰ জীৱ-জন্তু, চৰাই আদিৰ ৰং বিৰঙৰ অতিকায় কিতাপখন আনি দেখুৱালেহি৷ মই চৰাইৰ ওপৰত গৱেষণা বুলি জানি ইটো সিটো প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিলেহি৷
গধূলি আমি গাওঁখনতে এপাক মাৰোগৈ বুলি ওলাই গ’লো৷ গাৱঁৰ বাটেৰে পোনে পোনে এক কিল’মিটাৰ মান গ’লেই সাগৰ৷ সেইখিনিতে কেইবাখনো মাছমৰীয়া গাওঁ৷ সাগৰৰ পাৰত বহুতো মাছমৰীয়া নাওঁ৷ এফালে শিলৰ এটা সৰু পাহাৰ৷ শান্ত ঠাইৰ শান্ত সাগৰ৷ তাতে বহি ৰ’লো বহুপৰ৷
মাজালীৰ দুভাগ দুৱাৰ |
***********
সিদিনা নিশাই কাৰৱাৰৰ পৰা বাংগালোৰলৈ বুলি বাছত উঠিলো৷ এইবাৰ প্ৰাইভেট বাছ৷ আমাৰ চিটত বহি আৰামত টোপনি যোৱা মানুহক জগাই আমি নিজে উঠিবলৈ ক’লো৷ মাজনিশালৈকে চিনেমা চলিল৷ লেতেৰা কম্বল দিয়াৰ বাবে নোলোৱাকৈয়ে ৰাতিটো শুই আহিলো৷ কে এছ আৰ টি চি কিয় ভাল তেতিয়াহে বুজিলো৷
পঢ়ি ভাল লাগিল।
ReplyDeleteবৰ ধুনীয়াকৈ লিখিছে, ভাল লাগিল পঢ়ি। বাংগালোৰৰ পৰা ক'ৰবালৈ গ'লে কে.এচ.আৰ.টি.চি.-ৰ বাছৰ বাহিৰে বেলেগ বাছত টিকেট নকৰিবই, আপুনি কোৱা অৱস্থাটো মোৰো হৈছে বহুবাৰ। যিমানেই দক্ষিন ভাৰতত প্ৰাইভেট বাছত যাত্ৰা কৰিছো, সিমানেই মোৰ কে.এচ.আৰ.টি.চি-ৰ প্ৰতি শ্ৰদ্ধা বাঢ়ি গৈছে.. হেঃ হেঃ..
ReplyDeleteআৰু ভাল লাগিল মেৰী ক'ম-অৰ ঘটনাটি। কিন্তু কাৰৱাৰত হাৰ্ডিং খনৰ সমুখত আপোনাৰ লগত কি অন্যায় হ'ল নিলিখিলে দেখোন!! :P
পঢ়ি ভাল পোৱা বুলি জানি সুখী হ'লো৷ হৰ্ডিঙৰ সন্মুখত তোলা সেই বিখ্যাত ফটোখন দিব্যাৰ পৰা পালে ব্লগতে দিম ৰ'ব :)আপোনাৰ পৰামৰ্শৰ বাবেও অশেষ ধন্যবাদ দেই৷
Delete