Saturday, 13 August 2016

আহা আমি কথা পাতোঁ

আহা আমি কথা পাতোঁ
Source:artbp.com

এবাৰ কাণ পাতি শুনি চাওঁ
কথাৰ শেষৰ মৌনতাৰ কোৰ্হাল
বুকু পাতি আদৰি লওঁ
ইজনে সিজনৰ অযুত হাহাঁকাৰ
আহা এবাৰ সঁচা অৰ্থত মুখামুখি হওঁ
ইজনে সিজনৰ, নিজে নিজৰ


একো নাই যদিহে 
তোমাৰ কথাত ৰুঢ় বাস্তৱে
উদাসীনতাৰ সুৰ তোলোতে
মই মাতাল হৈ থাকো
জীয়াই থকাৰ ৰঙীন নিচাত
অথবা সপোনৰ ৰামধেনু ৰচাত


তথাপিও কোঁৱা
তোমাৰ বুকুত কিহে ঘৰ পাতিছে
কিহে আজুঁৰি নিছে স্নিগ্ধ হাঁহি
সোধা মোৰ উচ্ছল জুৰিটোৰ
কোন গহ্বৰত সাঁচি থৈছোঁ
যন্ত্ৰণাৰ অপাৰ সাগৰ


ধুমুহা আহে আৰু যায়
তাৰ মাজেদিয়েতো জীৱন
সময়-দু:সময়ৰ ৰছীৰে 
খেলোৱা পুতলা আমিবোৰ
সেইবুলিয়েই তুমি নীৰৱ হৈ ৰ’ৱানে
সকলো আঁটি আঁটি বান্ধি
বুকুখন শিল কৰি লৈ 
অপেক্ষা কৰিবানে ধুমুহা শাম কটালৈ?


নপতা কথাবোৰেইতো গঢ়ে
শূন্যতা আৰু অপ্ৰেমৰ বৰঘৰ
আবতৰীয়া বা-মাৰলিজাকে কঁপাই দিয়েহি
ভালপোৱাৰ অখণ্ড চাকিগছি 
সহমৰ্মিতাৰ পৰশে ঢ়ুকি নোপোৱাকৈ
হৃদয়ৰ মাজত গঢ়ে
উদাসীনতাৰ অভেদ্য দেৱাল

সেয়েতো মই এইপাৰে আকুল হৈ
ৰৈ আছোঁহি বুকু পাতি
উবুৰিয়াই দিয়াহিচোন তোমাৰ
উদাসীনতাৰ আঁৰৰ অনুভৱী নৈ
কেনে আছোঁ মই এবাৰ সোধা

আহা আমি কথা পাতোঁ
এবাৰ কাণ পাতি শুনি চাওঁ
কথাৰ শেষৰ মৌনতাৰ কোৰ্হাল
বুকু পাতি আদৰি লওঁ
ইজনে সিজনৰ অযুত হাহাঁকাৰ
আহা এবাৰ সঁচা অৰ্থত মুখামুখি হওঁ
ইজনে সিজনৰ, নিজে নিজৰ
আৰু আকৌ এবাৰ জুৰুলি-জুপুৰি হওঁ 
ভালপোৱাৰ হেপেহুৱা বৰষুণজাকত৷

No comments:

Post a Comment