Wednesday 2 January 2019

মালয়েছিয়াত দুসপ্তাহ (প্ৰথম খণ্ড)

যাত্ৰাৰ বাৰ্তা

শ্বেফিল্ড বিশ্ববিদ্যালয়, ইংলেণ্ড৷ চতুৰ্থ মহলাৰ এটা অফিচ৷ কীবৰ্ডৰ খট খট শব্দৰ সন্মিলিত সুৰে কোঠাটোৰ নীৰৱতাখিনি আঁতৰোৱাৰ চেষ্টাত অহৰহ লাগি পৰিছে৷  অৱশ্যে বেছি সময় তাৰ বাবে অপেক্ষা লগা নহ’ল!

’We are going to Kuching this July!' 

অফিচলৈ সোমায়ে কাকো বিশেষভাৱে উদেশ্য নকৰাকৈ ডেভে ঘোষণা কৰিলেহি৷ কম্পিউটাৰৰ স্ক্ৰীণৰ পৰা দৃষ্টি আতঁৰাই কেইবাযোৰা চকুৱে প্ৰশ্নবোধক চিন এটা লৈ ডেভলৈ চাই পঠিয়ালে৷ অৱশ্যে কোনো বিশেষ আচৰিত নহ’ল৷ ডেভ এনেকুৱাই! 

ডেভ মানে ডেভিদ আমাৰ গৱেষণাৰ গাইড৷ এনেকৈয়ে মাজে সময়ে আমি সকলোৱে কাম কৰা কোঠাটোলৈ আহি ডেভে একো একোটা ঘোষণা কৰেহি, কৌতুক কৰে নাইবা একো কথা নাথাকিলে আমাৰ ’ফুড টেবুল’ (যিখন সকলোৱে অনা হৰেক ৰকমৰ খাদ্যৰে প্ৰায়ে উপচি থাকে)-ৰ বস্তুবোৰকে চাই নতুন দুই এটাৰ সোৱাদ লৈ যায়হি৷ বিশেষ প্ৰয়োজন নাথাকিলে ডেভে এনে সময়ত কামৰ কথা সাধাৰণতে নুলিয়ায়৷

আমি কোনেও একো মাত নমতা দেখি ডেভে নিজেই ভেদ ভাঙিলে-

’কুচিঙত এখন কনফেৰেঞ্চ আছে৷ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত৷’
’অ ইয়েছ৷ এ টি বি চি!’ বন্ধু ফিলিক্সে মাত দিলে৷

ডেভে উৎসাহহে পাই গ’ল যেন৷ ক’লে-
’আমাৰ লেবৰ পৰা এখন চিম্প’জিয়া কৰা যাওক৷’

বাচ্, লগে লগেই ঠিক হৈ গ’ল৷ সকলোৱে আগ্ৰহেৰে চিম্প’জিয়াৰ আয়োজনত লাগি পৰিলো৷ চিম্প’জিয়াত আমাৰ গৱেষণাৰ থীম অনুসৰি এটা বিষয় লৈ সেইবিষয়ত জড়িত অন্য বিজ্ঞানীসকলক বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিলো৷ আমাৰ লগ দিলে একেধৰণৰ গৱেষণা কৰি থকা চিংগাপুৰৰ নেশ্যনেল ইউনিভাৰ্ছিটিৰ এটা দলে৷  বিষয় ঠিক হ’ল- পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য বিপন্ন নকৰাকৈ বিশ্বৰ আঠ বিলিয়ন লোকৰ বাবে কেনেকৈ খাদ্যৰ যোগান ধৰিব পাৰি? 

আমাৰ বৃহৎ লেবটোৰ পৰা ক্ৰান্তীয় অঞ্চলৰ জৈৱবৈচিত্ৰ্যৰ ওপৰত গৱেষণা কৰি থকা  মুঠতে পাঁচজন ওলালো কুচিঙলৈ বুলি- চিণ্ডি, পেট্ৰিক (পেডী), ফিলিক্স, ৰেবেকা আৰু মই৷ সাংগঠনিক কামত সদায়ে আগৰণুৱা চিণ্ডিয়ে দুমাহ পূৰ্বেই এয়াৰ বি এন বিত বিচাৰি-খুঁচৰি আমি সকলো একেলগে থাকিব পৰাকৈ এটা এপাৰ্টমেন্ট বুক কৰিলে৷ 

যোৱাৰ পৰত পিছে সকলো কামৰ বাবে বেলেগ বেলেগ ঠাইত থকাৰ বাবে ভাগে ভাগে যাব লগীয়াত পৰিলো৷  মই অকলশৰেই ওলালো লণ্ডনৰ পৰা৷ মালয়েছিয়ান এয়াৰলাইনছত কুৱালালমপুৰলৈ প্ৰায় বাৰঘন্টীয়া যাত্ৰা৷ কুৱালালামপুৰত এঘন্টাৰ বিৰতিৰ পিছত অন্য এখন ঘৰুৱা বিমানেৰে কুচিঙলৈ ডেৰঘন্টাৰ বাট৷ কুৱালালামপুৰত এঘন্টাৰ ভিতৰতে ইমিগ্ৰেশ্যনৰ কাম শেষ কৰি দ্বিতীয়খন বিমান সময়মতে ধৰিবলৈ যে টনাটনি হ’ব, সেইটো পিছতহে উপলব্ধি কৰিলো৷ দুয়োখন বিমান মালয়েছিয়ান এয়াৰলাইনছ বাবে যেনিবা অলপ সকাহ পালো৷ 

দুখন চিনেমা, কেইঘন্টামানৰ টোপনি আৰু কনফাৰেঞ্চত দিবলগীয়া মোৰ বক্তৃতাৰ ওপৰত কাম কৰাৰ বৃথা চেষ্টাৰ শেষত  কুৱালালামপুৰত অৱতৰণ কৰাৰ সময়ত দেখোঁ মই যাবলগীয়া বিমানখন উৰা মাৰিবলৈ মাথোঁ পোন্ধৰ মিনিট বাকী!

দৌৰাদৌৰিকৈ ওলায়ে দেখোঁ এয়াৰলাইনৰ ষ্টাফ ৰৈ আছে৷ হাতত প্লেকাৰ্ড৷ লিখা আছে,  'Passengers to Kuching, this way'

মোৰ চকুৰ দৃষ্টি অনুসৰণ কৰি ল’ৰাজনে সুধিলে, ’Connecting flight to Kuching?'
খৰধৰকৈ ক’লো, ’হয় হয়, আছে জানো এতিয়াও?’

’হয়, আপোনালোকৰ কাৰণেই ৰৈ আছে৷ বাওঁহাতে পোনে পোনে গৈ থাকক আৰু অলপ আগৰ পৰা ডমেষ্টিক টাৰমিনেললৈ ট্ৰেইনত যাব পাৰিব৷’

মোৰ আশে পাশে থকা কেইবাগৰাকী যাত্ৰীৰো মোৰ দৰেই থৰকাছুটি হেৰাল৷ অগাপিছাকৈ আমি সকলোৱে দৌৰিলো ৷ ট্ৰেইনত পাঁচমিনিটৰ বাট৷ তেতিয়ালৈ বিমানৰ নিৰ্দ্বাৰিত সময় পাৰ হৈছে৷

বিমানৰ পৰা দেখা পোৱা দক্ষিণ চীন সাগৰৰ একাংশ
কুৱালালমপুৰ এয়াৰপৰ্টটো ইমান বিশাল বুলি উপলব্ধিয়ে কৰা নাছিলো৷ টাৰ্মিনেল সলাবলৈকে আমি ট্ৰেইনেৰে যাবলগীয়াত পৰিলো৷ গৈ দেখোঁ তাৰ ইমিগ্ৰেশ্যনতো মানুহৰ দীঘলীয়া শাৰী৷ উপায়বিহীন হৈ শান্তভাৱেই থিয় দি ৰ’লো৷ শাৰীত মোৰ সন্মুখৰ আটাইকেইজন যাত্ৰীৰো গন্তব্যস্থান কুচিং ৷ ৰক্ষা যে ভিজাৰ প্ৰয়োজন নহ’ল এইবাৰ৷ মালয়েছিয়াৰ চৰকাৰে ভাৰতীয় সকলক কেইবছৰমান ধৰি ই-এন্ট্ৰিৰ সুবিধা দিছে৷ ই-এন্ট্ৰি কৰিলে নিজৰ ফটো আৰু অন্য তথ্য-পাতিবোৰ দি মাথোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে৷ ৰেজিষ্ট্ৰেশ্যনৰ তথ্যখিনিৰ পৰীক্ষা একেবাৰে ইমিগ্ৰেশ্যনতহে হয়৷ অৱশ্যে এই সুবিধা ল’লে খুউব বেছি পোন্ধৰ দিনহে থাকিব পাৰি৷

ইমিগ্ৰেশ্যনৰ কামখিনি সামৰি এইবাৰ  নিৰ্দিষ্ট গেটখন বিচাৰি দৌৰাদৌৰি আৰম্ভ হ’ল৷ পাঁচ-ছয়জনীয়া আমাৰ দলটোৱে অগা পিছাকৈ দৌৰিবলৈ আৰম্ভ কৰিলে৷ ফাইনেল কলত বাৰে বাৰে শুনিবলৈ পালো মোৰ নামটো৷  মোৰ দৌৰৰ গতি বাঢ়িল৷  কোনোমতে শেষমুহুৰ্ত্তত গৈ পাইহে স্বস্তিৰ নিশ্বাস পেলালো৷

এঘন্টাৰ ভিতৰতে আমাৰ বিমান গৈ কুচিং এয়াৰপৰ্টত নামিলগৈ৷ কুচিঙত দিনৰ দহ বাজিছে তেতিয়া৷ বিমানৰ পৰা ওলায়ে মোৰ চকু ছাট মাৰি ধৰিলে  উজ্জল ৰ’দজাকে! কিমানদিন যে হৈ গ’ল এনে ৰ’দ নেদেখাৰ৷ ব্ৰিটিছ আকাশত বছৰৰ বেছিভাগ দিনেই ওন্দোলা ডাৱৰৰহে লুকাভাকু৷  মালয়েছিয়াত অনাগত ৰ’দোজ্জল দুসপ্তাহৰ কথা ভৱিয়ে উচ্ছসিত হৈ উঠিলো৷ 

 চাৰাৱাক নদীৰ পাৰত ৰৌদ্ৰোজ্জল  কুচিং মহানগৰী

2 comments: