’হেই হেই, স্পীড ব্ৰেকাৰ! স্পীড ব্ৰেকাৰ আছে দেই আগত৷’
গাড়ীৰ পিছৰ আসনৰ পৰা দেউতাই ঘপকৈ মাত লগালে৷ কথাত মছগুল হৈ থকা মা আৰু মই চক খাই উঠিলো৷ মোৰ ভৰিয়ে ক্লাছত হেঁচা দিয়াৰ আগতেই চালকৰ কাষৰ আসনত মাই ক’ব নোৱাৰাকৈ নিজেই ভৰি ডবাই পালে৷ বেছিভাগ সময় নিজে গাড়ী চলাই ফুৰাৰ বাবে অভ্যাসবশত:!
গাড়ীৰ গতি কমিলেও স্পীড ব্ৰেকাৰৰ থেকেচাটো অলপকৈ খাই লৈ দেউতাই মুখখন অলপ বিকটাই দিলে৷ মাই অপ্ৰস্তুত ভাৱে অলপ হাঁহি মাথোঁ ক’লে,
’পুহমাহৰ কুঁৱলী যিহে একো দেখাই নাপায়!’
একো যেন হোৱা নাই তেনে এটা ভাও ধৰি মই ঘাইপথত দৃষ্টি ৰাখিয়ে মাক উদেশ্যি ক’লো,
’তাৰ পিছত? পুখুৰীটোৰ কথা কৈ আছিলা তুমি!’
ধেমাজি চাৰিআলিৰ ভিৰৰ মাজেৰে অলপ সষ্টম হৈ গাড়ীখন চলাই নিলো৷ চাকৰি সূত্ৰে যোৱা কেইবামাহো আয়াৰলেণ্ডৰ মসৃণ শৃংখলাবদ্ধ পথত গাড়ী চলাই থাকি মোৰ এতিয়া অসমত খেলিমেলি লাগি গৈছে৷ কোনফালে কি আহিছে যেন টলকিবই নাপাওঁ! আগে-পিছে অন্য গাড়ী-মটৰ, চাইকেলবোৰে ট্ৰেফিকৰ নিয়ম মানি ঠিকেই চলাবনে নে সকলো নীতি নিয়ম ধোঁৱা ছাঙত তুলি আকস্মিক কিবা এটা ষ্টান্ট কৰি দিব সেই আশংকাই মোক লগ এৰিব খোঁজা নাই৷ বাটৰ মাজতে হঠাৎ আৱিৰ্ভাৱ হোৱা গৰু-ছাগলী, হাঁহ-কুকুৰাবোৰতো আছেই!
’হা-অঁ৷ তেলামৰ পুখুৰীটো? আগতে এইবোৰ তোক বহুবাৰ কৈছোঁৱে দেখোন৷ আকৌ সুধিছ যে৷’ মাৰ কথাৰ আঁত হেৰাল নে ৰাতিপুৱাৰ হেৰোৱা টোপনিৰ আমেজখিনিলৈ মনত পৰিল ধৰিব নোৱাৰিলো৷
’জানো, আগতেও কৈছা৷ কিন্তু আজি তালৈকে ওলাইছোঁ যেতিয়া কথাবোৰ ভালকৈ মনত পেলাই ল’ব খুজিছোঁ৷’
’তালৈ গৈ সকলো দেখিবিয়ে নহয়! তেতিয়া নিজে নিজে কথাবোৰ মনত পৰিব৷’- পিছৰ আসনৰ পৰা দুটা কমলা মাৰ হাতলৈ দি দেউতাই মোক উদেশ্যি ক’লে৷
’মোৰ মনত থকা ছৱিখন স্পষ্ট কৰি নল’লে তেতিয়াৰ আৰু এতিয়াৰ কথাবোৰ মিলি সকলো খেলিমেলি লাগি নাযাব জানো? কোৱাচোন৷’
মই কথাৰ পাক ইমান সহজে এৰি নিদিওঁ বুলি বুজিয়ে হয়তো কমলাৰ বাকলি গুচাই গুচাই মাই ক’বলৈ ধৰিলে,
’ঘৰৰ সন্মুখৰ চোতালখনৰ একাষে সেই সৰু পুখুৰীটো আছিল৷ সেইসময়ত পানীৰ বৰ অসুবিধা৷ সেয়ে পুখুৰীটো বন্ধাই লৈছিলো৷ তাৰ পানীৰেই ঘৰৰ বহুখিনি কাম চলিছিল৷’
’অঁ, মনত আছেতো! তুমি পটে নদীতো প্ৰায়ে কাপোৰ ধুবলৈ গৈছিলা নহয়? আমি লগতে গৈ পানীত খেলিছিলো৷’ মোৰ ধুঁৱলী কুঁৱলী স্মৃতিৰ পটত যেন কিছুমান ৰঙৰ আঁচোৰ পৰিল৷
’অঁ, ওচৰ চুবুৰীয়াৰ লগ পালে পটে নদীলৈকে গৈছিলো৷ কিন্তু সদায় তালৈ যাবলৈ আহৰি নোলায়৷ সেয়ে পুখুৰীতে ঢেৰ কাম৷’
’বুজিছোঁ৷ তাৰ পিছত?’ ঘাইপথত চকু দি থাকিয়েই মই মাত লগালো৷ এইখিনিত ভিৰ কম৷ গাড়ীৰ কাষেৰে মাথোঁ পাৰ হৈ গ’ল, শুধ বগা চাৰ্ট আৰু সেউজীয়া স্কাৰ্টৰ ইউনিফৰ্মেৰে কথাত মছগুল দুজনী কিশোৰীৰ চাইকেল, যাত্ৰী আৰু বয়-বস্তুৰে ঠাহ খোৱা এখন হালধীয়া টাটা ছুম’৷ বাটৰ একাষে দাই নিয়া ধাননি পথাৰত বগা-কজলা গৰুৰ দল৷ সোঁফালে এটা কেঁচা আলিৰ দুয়োপাৰে কেইবালানি বাঁৰী আৰু ঘৰ৷ হয়তো এখন গাওঁ৷
মোলৈ দুফোঁটা কমলা আগবঢ়াই দি মাই ক’লে,
’এদিন দুপৰীয়া মই পাছচোতালত কিবা কামত লাগি আছিলো৷ তোৰ বয়স দুবছৰ হোৱাই নাই কিজানি! এনেতে শুনা পালো ’জুপুং’কৈ শব্দ এটা৷ বুুকুখন চিৰিংকৈ গ’ল মোৰ৷ কিনো হ’ল বুলি ধপলিয়াই আগচোতাললৈ আহিলো৷ ক’তো একো নাই৷ কিন্তু মুহুৰ্ত্ততে চকু গ’ল পুখুৰীটোলৈ৷ দেখিলো, তই পুখুৰীৰ পানীৰ মাজত ককবকাই আছ!’
’পানী কিমান আছিল?’ আগতে এই কাহিনী বহুবাৰ শুনিছোঁ যদিও প্ৰতিবাৰেই মোৰ একেই উৎকন্ঠা!
’বেছি নাছিল, এআঁঠু মানহে হ’ব৷ কিন্তু দেৰ-দুবছৰীয়া ছোৱালী এজনী ডুবিবৰ কাৰণে সেয়াই যথেষ্ট! ভাল যে মাৰে দেখিলে বুলিহে!’ দেউতাই কৈ উঠিল৷
তেলামমুখী ঘাইপথৰ একাষে |
কিছুপৰ নীৰৱেই গাড়ী আগবাঢ়িল৷ আমি তিনিও যেন সোঁৱৰণীৰ নৈখনক বাট এৰি দিলো৷ অসম-অৰুণাচল সীমান্তৰ তেলাম নামৰ এসময়ৰ সেই দুৰ্গম আৰু পিছপৰা কণমানি ঠাইখনলৈ প্ৰায় দুটা দশকৰ পিছত আজি উভতিছোঁ আমি৷ এটা সময়ত এই ঠাইত আমাৰ এটা আপোন ঘৰ আছিল- ভলুকা, তামোল, জেতুলীপকাৰে ভৰা এখন বাঁৰী আছিল আৰু ইয়াতে আছিল সেই সকলোবোৰ লৈ গঢ় লোৱা এখন পৃথিৱী! সেই একেই সময়, একেই ঠাই, কিন্তু আমাৰ তিনিওৰে নিজস্ব সুকীয়া সোঁৱৰণী!
চিমেন চাপৰিত শৈশৱৰ বান্ধৱী ৰেখাৰ লগ ল’লো৷ এইবাৰ আমি সকলো ৰেখাৰ গাড়ীত৷ তাই দেখুৱাই গ’ল পৰিচিত ঠাইবোৰ৷ বিস্তীৰ্ণ ধাননি পথাৰৰ সিপাৰে অৰুণাচল সীমান্ত- ছিয়াঙৰ সেউজ-নীলা পাহাৰ৷ দেউতাই ক’লে,
’আগৰ ভঙা-ছিঙা বাটৰ চিনমোকামেই নাই৷ ঘাইপথটো হোৱাৰ পৰা একালৰ এই দুৰ্গম ঠাইবোৰৰ ৰূপেই সলনি হৈ গ’লচোন!’
আধাঘন্টাৰ ভিতৰতে তিনিআলি এটাৰ ওচৰ পাই গাড়ীৰ গতি লেহেমীয়া হ’ল৷ ৰেখাই ক’লে,
’এইটোৱে তেলাম তিনিআলি! আপোনালোকৰ ঘৰটো কোনফালে আছিল?’
আমি তিনিও যেন চক খাই উঠিলো৷ মাই ক’লে,
’অহ, আমাৰ ঘৰটো এৰি আহিলো তেনে, তিনিআলি পোৱাৰ আগতেই গামচুকত বাটৰ কাষত পাব লাগে৷’
এইবাৰ আগতকৈও লাহে লাহে একেটা বাটেৰে গাড়ী উভটিল৷ একান্তমনেৰে আমি বাওঁকাষে চাই গ’লো৷ বাট-পথ, ঘৰ-দুৱাৰ সকলো ইমান অচিনাকি! সন্দেহ হ’ল, আমাৰ ঘৰটোও জানো চিনি পাম? তেতিয়াৰ ঘৰৰ এখন ফটোওতো নাই! সকলো কেৱল স্মৃতিৰ মায়াজাল যেন!
তেলামৰ ঘৰৰ পদূলি |
’অঁ, আমি ৰুৱা তামোল গছবোৰেই আছে চোন৷’ মাৰ মাতত অলপ আশ্চৰ্য্য, অলপ আনন্দ!
এখন্তেক পদূলিমুখতে থিয় দি চাৰিওফালে চালো৷
’এই নঙলামুখৰ বাওঁহাতে বাটৰ কাষতে এখন সৰু চাং দিয়া দোকান নাছিলনে?’ মোৰ হঠাৎ মনত পৰিল৷
’অঁ ঠিকেই, পাণদোকান আছিল সেইখন৷’ কৈয়ে দেউতা আগবাঢ়িল পদূলিৰে৷
এখন্তেকৰ বাবে মই ৰৈ গ’লো সেই পদূলিমুখতে৷ চকুৰ আগত ভাঁহি উঠিল এখন ছৱি; বাইদেউ আৰু মই নঙলামুখেৰে ওলাই আহিছোঁ কিবা কিনিবলৈ৷ দুয়োজনীৰ পিন্ধনত মাই ক্ৰছে কৰা দুটা কণমান চোলা৷ সিমূৰে বাটৰ কুকুৰৰ তীব্ৰ গেঙণি কিছুমান শুনি দুয়ো হঠাৎ জিকাৰ খাই উঠিছোঁ৷ এটা পলকৰ ভিতৰতে তিনিটামান কুকুৰে ধুমুহাৰ গতিৰে আহি সেই ক্ৰছেৰ চোলাত কামুৰি টানি লৈ গৈছে বাইদেউক৷ মোৰ চকুৰ সন্মুখতে সিহঁতে তাইক সেই পাণদোকানৰ চাংখনৰ তল পোৱাইছেগৈ৷ ভয় আৰু আতংকত মই জলকা লাগিছোঁ সেইখিনিতে! মুখৰ মাত ওলোৱা নাই- সমগ্ৰ শক্তিৰেও দেহটো লৰচৰ কৰিব পৰা নাই৷ মাথোঁ দেখিছোঁ চাঙৰ তলত এক ভয়ানক যুঁজ বাগৰ- দোকানী আৰু বাটৰুৱাৰ চিঞৰ-বাখৰ আৰু দৌৰ!
সেই আতংকই এক মুহুৰ্ত্তৰ বাবে এতিয়াও এটা শিহৰণ এৰি গ’ল যেন৷ তেতিয়াই কুকুৰলৈ সোমোৱা ভয়টো আঁতৰিবলৈকে কেইবাটাও দশক লাগিল৷ চকু-মুখ জোঁকাৰি লৈ বাস্তৱলৈ উভতি অহাৰ চেষ্টা কৰিলো৷ সকলো ইতিমধ্যে পদূলি পাৰ হৈছিলেই৷ নঙলা খুলি ময়ো সোমাই গ’লো সেই পৌৰাণিক ঘৰলৈ বুলি৷ সপোন সপোন যেন লগা কিছুমান সময়ৰ, কিছুমান স্মৃতিৰ আঁত বিচাৰি৷
আগৰ লিৰলিৰীয়া বাটৰ সলনি আহল বহল মুকলি পদূলি কিন্তু এতিয়াও দুয়োফালে তামোল আৰু ভলুকা বাঁহৰ বাঁৰী৷ চোতালখন পাৰ হৈ সেই একেই বাটামী ঘৰটো৷ যেন ঠিক এইখিনিতে যোৱা দুটা দশক ধৰি সময় স্থৱিৰ হৈ গ’ল!
মা-দেউতাই চোতালতে ৰৈ ইফালে সিফালে চালে৷ মোলৈ ঘুৰি চাই মাই ক’লে,
’এই পদূলিৰেই প্ৰতিদিনে ৰাতিপুৱা ’ডেৰলিটাৰ’ আহিছিল গাখীৰ দিবলৈ, মনত আছে?’
হাঁহি উঠিল মোৰ৷
’আছে আছে৷ ডেৰলিটাৰ গাখীৰ লওঁ বুলিয়ে আমি তেওঁৰ নামটোৱে ’ডেৰলিটাৰ’ কৰি পেলাইছিলো!’
’এবাৰ বাৰিষা সেই ডেৰলিটাৰৰ গাখীৰ লৈ থুপুক থাপাককৈ খোঁজ দি পদূলিৰে উভতি আহোতে তই বোকাত পিছল খাই পৰি গৈছিলি!’ দেউতাই হাঁহি হাঁহি ক’লে৷ ’হয়তো ঠিক এইখিনিতে৷’ আমি থিয় দি থকা ঠাইখিনিৰে একাষে দেখুৱালে দেউতাই৷
ইমান সাধাৰণ অথচ সময়ে মচিব নোৱাৰা ইমান অসাধাৰণ এই শৈশৱৰ স্মৃতিবোৰ! জীৱন নদীৰ সোঁতে য’লৈকে লৈ নাযাওক শৈশৱৰ এনে সৰু-বৰ মুহুৰ্ত্তবোৰ যেন গভীৰৰ পৰা গভীৰতৰলৈ বৈ থাকে অন্য এখন নৈ হৈ- একোৱে আঁচোৰ পেলাব নোৱাৰাকৈ- একোৱে সলনি কৰিব নোৱাৰাকৈ! প্ৰতিজন মানুহেই হয়তো হৃদয়ত সযতনে আৰু সংগোপনে কঢ়িয়াই ফুৰে সেই অতলস্পৰ্শী নৈ৷ জীৱন নদীৰ দিশ সলনি কৰি দিব পৰাকৈ শক্তিশালী সেই নৈৰ তলৰ নৈ৷ সেই নৈয়ে পেলোৱা পলসতে মানুহে সাজে আশা-নিৰাশাৰ সৌধ৷ নাইবা শৈশৱতে থিতাপি লোৱা একোটা অযাচিত পকনীয়াই সময়ে অসময়ে আনি দিয়ে বিধ্বংসী বানপানী৷
সময় স্থৱিৰ হৈ ৰোৱা তেলামৰ ঘৰখন |
’অঁ, তোমালোক ডেকাপাম কলেজতে পঢ়া নেকি? ছাৰক আমাৰ নাম ক’লেই চিনি পাব!’ - ঘুৰি চাই দেখোঁ দেউতাই কথা পাতিছে৷ ঘৰৰ দুৱাৰমুখত কৈশোৰ-যৌৱনৰ দেওনাত থমকি ৰ’ৱ খোজা দুজন ল’ৰা৷ থুঁতৰিত দেখা নেদেখা দাড়িৰ আৰু দুচকুত ৰামধেনু চুব খোজা সপোনৰ আভাস৷
মোৰ পাঁচবছৰ বয়সত দেউতাৰ চাকৰিৰ আকৌ বদলি হৈ আমি তেলাম এৰি গুচি গৈছিলো অন্য এক প্ৰান্তলৈ৷ এই ঘৰ-বাঁৰী নিজৰ কৰি লৈছিল ডেকাপাম কলেজৰ সেই সময়ৰ অধ্যক্ষই৷ এতিয়া তেনে এই ঘৰ এক ছাত্ৰাবাস৷
দেউতাই সিহঁতক থুলমুলকৈ আমাৰ সেই ইতিহাসৰ আভাস দিলে৷ অলপ সংকোচ আৰু অলপ অপ্ৰস্তুত ভাৱেৰে সঁহাৰি দি সিহঁত উভতি গ’ল নিজৰ নিজৰ কোঠালৈ৷
ঘৰটোৰ চাৰিওকাষে এপাক মাৰিলো৷ অযত্নপালিত বাঁৰীখনৰ সিপাৰে এতিয়া চুবুৰীয়া মানুহঘৰ দেখা নাপায়৷ তেতিয়াৰ দিনত বাওঁকাষেৰে এটা বাট আছিল আমাৰ চুবুৰীয়া তায়েৰ ঘৰলৈ৷ মনত ভাঁহি উঠিল তায়েৰ ৰুগীয়া ছোৱালীজনী! কৈশোৰতে এনকেফেলাইটিছ হৈছিল তাইৰ৷ তেতিয়া তেলামৰ দৰে পিছপৰা ঠাইত প্ৰাথমিক চিকিৎসাৰে অভাৱ৷ হোমিঅ’ ঔষধ দিবলৈ যোৱা দেউতাৰ সৈতে কেতিয়াবা ময়ো সেই বাঁৰীৰ মাজৰ বাটটোৰে তায়েৰ ঘৰলৈ গৈছিলো৷ ঘৰখনৰ ওখ কাঠৰ দুৱাৰদলি পাৰ হৈ মাটিৰ মজিয়াখনত ভৰি দিয়াৰ লগে লগেই এটা বিষাদ কৰুণ সুৰে আছন্ন কৰি তুলিছিল দেহ-মন৷ যিমানেই দিন গৈছিল সিমানেই তীব্ৰ হৈ আহিছিল সেই সুৰ৷
এদিন সেই সুৰে হিয়াভঙা কান্দোনৰ ৰূপ লৈছিল৷ মৃত্যুৰ পদধ্বনি ইমান কাষৰ পৰা শুনিছিলো যে মোৰ বুকু কঁপি গৈছিল৷ তাই হেৰাই যোৱাৰ পিছত আমাৰ বাঁৰীৰ কাষতে তায়েৰ বাঁহনিত এটা ঢিপ উঠিছিল৷ তাৰ চাৰিওকাষে বাঁহৰ জেওৰাত ঘৰৰ মানুহে তাইৰ কাপোৰ-কানি আঁৰি দিছিল৷ প্ৰতিদিনে সেই ঢিপটোৰ দৃশ্য দেখি মোৰ হৃদয়ত ৰি ৰি কৈ বাজি ৰৈছিল সেই বিষাদ কৰুণ সুৰ৷ বিষণ্ণতাৰ সৈতে মোৰ প্ৰথম চিনাকি হয়তো সেই দিনবোৰতেই!
এটা সময়ত আমি ওলাই আহিলো৷ সৰু বৰ দোকান-পোহাৰ কিছুমান, গাড়ী-মটৰৰ লানি আৰু যান্ত্ৰিক কোলাহলেৰে ব্যস্ততাৰ আখৰা কৰা তেলাম তিনিআলি৷ তাতে সোধাসুধি কৰি ওলালোগৈ মোৰ জীৱনৰ প্ৰথম স্কুল- তেলাম গামচুক প্ৰাথমিক বিদ্যালয়৷ তেতিয়ালৈ স্কুলৰ ছুটি হৈছে হয়তো৷ নিজম বাৰাণ্ডাখনেৰে শাৰী শাৰী শ্ৰেণীকোঠাৰ দুৱাৰবোৰ পাৰ হৈ গ’লো লাহে লাহে৷ ইয়াতেইতো আৰম্ভ হৈছিল মোৰ জীৱনৰ আদিপাঠ! একপ্ৰকাৰ জেদ ধৰিয়ে সময়তকৈ আগত আৰম্ভ কৰিছিলো সেই আদিপাঠ৷
মোতকৈ এবছৰ ডাঙৰ বাইদেউ স্কুললৈ যোৱা দেখি ময়ো লগতে যাব খুজিছিলো৷ মাহঁতে বুজাইছিল,
’এতিয়া তোৰ বয়স কম হৈ আছে যে- অহাবাৰ পাঁচ বছৰ হ’লে তোৰো নাম লিখাই দিম দেই৷’
কাৰো বুজনিয়ে কাম কৰা নাছিল৷ কেইবাদিনো কান্দি কাটি গছৰ পাত সৰোৱালো৷ মাৰ ভাষাত মই হেনো ’অকৰা-মৈ’ত উঠিছিলো! অৱশেষত মোৰ জেদ কমাৰ একো লক্ষণ নেদেখি একপ্ৰকাৰ উপায়ন্তৰ হৈয়ে মাই মোক লৈ আহিছিল এই স্কুললৈ৷
তেলাম গামচুক প্ৰাথমিক বিদ্যালয় |
তেতিয়া এই স্কুলৰ নামত মাথোঁ চাৰিটা কাঠৰ খুঁটাৰে চাৰিওকাষ মুকলি এখন কণমান ছালি৷ কেইটামান ল’ৰা-ছোৱালীৰে সকলোবোৰ শ্ৰেণীক একেলগে বহুৱাই পঢ়ুৱাইছিল এজন শিক্ষকে৷ মাই প্ৰতিদিনে বাইদেউক অলপ সময় পঢ়াই-লিখাই স্কুললৈ যাবলৈ সাজু কৰাইছিল৷ মই কিজানি ক-ৰ চুক কেইটাও চিনি নোপোৱাকৈ ভৰি থৈছিলোহি এই চৌহদত৷ ঢাৰি-পাটী পাৰি লৈ মাটিৰ মজিয়াত বহিবলৈ পায়ে মোৰ চকুপানী শুকাই হাঁহি ওলাইছিল৷ শিক্ষকে ধেমেলীয়া সুৰত কৈছিল,
’ইমান কম বয়সতে স্কুল আৰম্ভ কৰিবলৈ দিয়াৰ নিয়ম নাই নহয়৷ গতিকে তোমাৰ নাম এতিয়াই নিলিখোঁ৷ বছৰেকীয়া পৰীক্ষাত প্ৰথম হ’ব পাৰিলেহে নাম ভৰ্ত্তি হ’ব দেই৷ সেয়ে ভালকৈ পঢ়িব লাগিব৷’
মই হয়তো একো উত্তৰ দিয়া নাছিলো৷ হয়তো নীৰৱে কলা চিলেটখনত মাটি পেঞ্চিলেৰে আঁক-বাক কৰিছিলো- আৰু নিমিষতে মোহাৰি পেলাইছিলো তলসৰা বহতৰ হালধীয়া গুটিৰে৷ প্ৰথম শ্ৰেণীৰ প্ৰথম পৰীক্ষাত কিন্তু ময়ে প্ৰথম হৈছিলো৷
’আচৰিত নহয়নে?’
ৰেখাৰ মাতত মোৰ সম্বিত ঘুৰি আহিল৷
’হুহ?’ সোঁৱৰণীৰ পৃথিৱীখনৰ পৰা ওলাই আহি কিছু বিবুদ্ধিৰে চালো তাইলৈ৷
মোৰ কাষ চাপি আহি তাই লাহেকৈ ক’লে,
’আচৰিত নহয়নে এনে এখন স্কুলৰ পৰাই পঢ়ি গৈ তই ইংলেণ্ডৰ পৰা পি এইচ ডি কৰিলিগৈ?’
তাইৰ কথাত একো নকৈ হাঁহি সামৰি থ’লো৷ মাথোঁ মনতে ভাৱিলো- নহয়, অন্তত: মোৰ বাবে একো আচৰিত নহয়৷ কাৰণ সেই যাত্ৰাৰ প্ৰতিটো কেঁকুৰি, প্ৰতিটো সংগ্ৰামৰ ৰং-ৰূপ মই চিনো! এই বিনম্ৰ আৰম্ভণিয়েই মোক সপোন দেখাৰ সাহস দিছে, হাজাৰ বাধা-বিঘিনি নেওচিও আগবাঢ়ি যোৱাৰ সংকল্প দিছে৷ সেই বাবেইতো আকাশ চুব খোজাৰ হেঁপাহ লৈয়ো মোৰ সিৰাই প্ৰতিসিৰাই বিয়পি থকা এই শিপাডাল পাহৰিব নোৱাৰোঁ৷ সূতা ছিঙা চিলা হৈ উটি ভাহি যাব নোৱাৰোঁ৷ অজস্ৰ শাখা প্ৰশাখাৰে এই মাটি, এই আকাশ বতাহ ছাটি ধৰি থকা শিপাৰ বাবেই অহৰহ লতাৰ সলনি এজোপা গছ হোৱাৰ সপোন দেখিব পাৰোঁ৷ সেই শিপাৰ মূল যে ইয়াতেই৷ চিৰদিন ইয়াতেই৷
তেলামৰ পটে নদীত: তেতিয়া আৰু এতিয়া |
অবিকল।
ReplyDelete