Saturday 20 March 2021

ঘৰচিৰিকাৰ বাবে এটা দিন

ৰ'দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া,
ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া


শৈশৱৰ পৰাই ঘৰচিৰিকা চৰাইটিৰ ৰং-ৰূপ আৰু কিচিৰ মিচিৰ মাতৰ সৈতে আমি সকলোৱে পৰিচিত ৷ ঘৰৰ মুধচৰ চুকে-কোণে কণমাণ বাহ একোটা, বাহৰ পৰা ঘনে ঘনে ওলোৱা-সোমোৱা কৰা ঘৰচিৰিকাহালি, সিহঁতৰ মোটোহা ঠোঁটটোত কঢ়িওৱা কণ কণ কুটাবোৰ চোৱাৰ আমেজ বহুতৰ বাবেই কিজানি সোণালী সোঁৱৰণী৷ পিছে কালৰ কুটিল গতিত এই আদৰুৱা চৰাইবিধেই বৰ্তমান অস্তিত্ব সংকটত! অনতি পলমে আমি সচেতন নহ’লে আৰু যথাযোগ্য পদক্ষেপ নল’লে এই পৃথিৱীৰ পৰা ঘৰচিৰিকাবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে৷ আৰু দুখৰ কথাটো হ’ল, ইয়াৰ বাবে বহুলাংশে দায়ী আমি! ঘৰচিৰিকাৰ এই সংকট সম্পৰ্কে জনসচেতনতা আনিবৰ বাবে আজিৰ দিনটো অৰ্থাৎ প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখটো বিশ্ব ঘৰচিৰিকা দিৱস হিচাপে পালন কৰা হয়৷ ভাৰতৰে নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত ৷ এই দিৱসৰ মূল উদেশ্য হ’ল ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা৷ এই সুযোগতে আহকচোন, এই চিৰ চিনাকি অথচ অচিনাকি চৰাইবিধৰ বিষয়ে কিছু কথাৰ গম লওঁ৷

চিনাকি-অচিনাকি ঘৰচিৰিকাবোৰ

মতা ঘৰচিৰিকা (ফটো: ৱিকিকমনছ)
আমাৰ সকলোৰে চিনাকি ঘৰচিৰকাবিধৰ বাহিৰেও বিশ্বত অন্য বহু প্ৰজাতিৰ ঘৰচিৰিকা দেখা পোৱা যায়৷ ইয়াৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে৷ অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায়৷ ঘৰৰ চোতালে-পদূলিয়ে কিচিৰ মিচিৰ মাতেৰে ব্যতিব্যস্ত হৈ থকা জাকটো হ’ল আমাৰ চিনাকি ঘৰচিৰিকা (House Sparrow)৷ অন্য দুবিধ ঘৰচিৰিকাৰ প্ৰজাতি ইউৰেছিয়ান ট্ৰী স্পেৰ’ (Eurasian Tree Sparrow) আৰু ৰাছেট স্পেৰ’ (Russet Sparrow) সাধাৰণতে অসমৰ বনাঞ্চল আৰু খেতি-পথাৰৰ আশে পাশেহে দেখিবলৈ পোৱা যায়৷

আমাৰ সকলোৰে পৰিচিত ঘৰচিৰিকাবিধৰ মতা আৰু মাইকী দেখাত কিছু বেলেগ৷ ভালকৈ মন কৰিলে দেখিব মতা চৰাইটোৰ পিঠিভাগ ডাঠ মটীয়া বৰণৰ, মূৰৰ ওপৰত মুগা, গাল দুখন বগা আৰু গলধনত দীঘলীয়াকৈ কলা আঁচ আছে৷ ইয়াৰ বিপৰীতে মাইকীজনীৰ দেহটো পাতল মুগা বৰণীয়া৷ মতাটোৰ দৰে গলধনত কলা আঁচ নাই৷

মাইকী ঘৰচিৰিকা (ফটো: ৱিকিকমনছ)

ঘৰচিৰিকা স্থানীয় চৰাই যদিও ঋতু অনুযায়ী খাদ্যৰ সন্ধানত দাঁতি-কাষৰীয়া ঠাইলৈ ই পৰিভ্ৰমণো কৰিব পাৰে৷ ঘৰচিৰিকাৰ আয়ুস সাধাৰণতে চাৰি বা পাঁচবছৰ৷ ইহঁতে বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়৷ ঘৰচিৰিকাই জাক পাতি চৰি ভাল পায়৷ মতা ঘৰচিৰিকাই মাইকীজনীক আকৰ্ষণ কৰিবলৈ সুন্দৰকৈ বাহ সজাৰ চেষ্টা কৰে৷

সকলোৰে অজানিতেই ঘৰচিৰিকাই মানুহৰ বাবে বহুতো উপকাৰো কৰে৷ বিশেষকৈ মহৰ কণী আদি খাই ইহঁতে বিভিন্ন ৰোগ যেন মেলেৰিয়া আৰু ডেংগু আদি নিয়ন্ত্ৰণ কৰিব পাৰে৷ তাৰোপৰি ইহঁতে গছে গছে উৰি ফুৰি পৰাগ ৰেণু কঢ়িয়াই পৰাগযোগতো সহায় কৰে৷ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি ঘৰচিৰিকা খুবেই সংবেদনশীল৷ গতিকে এই চৰাইবিধক নগৰীয়া পৰিৱেশৰ স্বাস্থ্যৰ পৰিচায়ক (Bioindicator) বুলিও গণ্য কৰা হয়৷


ভাৰতত দেখা পোৱা ঘৰচিৰিকাৰ প্ৰজাতিবোৰ


ঘৰচিৰিকাবোৰ ক’লৈ গ’ল?

শেহতীয়া গৱেষণাত ধৰা পৰিছে যে অন্ধ্ৰপ্ৰদেশ, কেৰেলাৰ দৰে ভাৰতৰ কিছু ৰাজ্যত ঘৰচিৰিকাৰ সংখ্যা ৮০% পৰ্য্যন্ত হ্ৰাস পাইছে৷ তেনেকৈ গুজৰাট আৰু ৰাজস্থানত ২০% লৈ কমিছে৷ একেদৰে উত্তৰ প্ৰদেশ, পশ্চিমবংগ, পাঞ্জাব, বাংগালোৰ, মুম্বাই, হায়দৰাবাদ আদিত ঘৰচিৰিকাৰ সংখ্যা বহুলাংশে কমি আহিছে৷ আনকি তিৰুভন্থপুৰম, লক্ষ্নৌৰ কোনো কোনো অঞ্চলৰ পৰা ঘৰচিৰিকা সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰিল বুলি তথ্য পোৱা গৈছে৷

ঘৰচিৰিকাৰ দৰে এবিধ চিৰ পৰিচিত চৰাই কেনেকৈনো হেৰাই যোৱাৰ উপক্ৰম হৈছে? ঘৰচিৰিকাৰ সংখ্যা কমি অহাটো বেছ কিছুদিনলৈ ৰহস্য হৈয়ে আছিল৷ ইয়াৰ কাৰণ বিচাৰি ভাৰতকে ধৰি বিশ্বৰ বহুতো ঠাইত গৱেষণা চলিল৷ ইয়াৰ অন্তত ধৰা পৰিল মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনে ঘৰচিৰিকাৰ জীৱনলৈ মাতি অনা বিভীষিকাৰ কথা৷

ঘৰচিৰিকা কমি অহাৰ প্ৰথম কাৰণ হ’ল, ইহঁতৰ থকা ঠাইৰ সংকট৷ ইহঁতে পৰম্পৰাগত ঘৰৰ মুধচ বা বেঁৰৰ সুৰুঙাবোৰত বাহ সাজি পোৱালি জগায়৷ মানুহে আধুনিক আৰ্হিৰ ঘৰ সাজি থাকিবলৈ লোৱাৰ পৰা সেইবোৰত ঘৰচিৰিকাৰ বাবে ঠাই নোহোৱা হৈ পৰিল৷ মানুহৰ ঘৰ-চৌহদকে নিজৰো ঘৰ বুলি আঁকোৱালি লোৱা ঘৰচিৰিকাই আধুনিক অট্টালিকাবোৰত বাহ সজাৰ সুৰুঙা নাপাই আশ্ৰয়বিহীন হৈ পৰিল৷ তেনেদৰে নগৰীকৰণ (urbanization), বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে৷

দ্বিতীয়তে, ঘৰচিৰিকাৰ বাবে খাদ্যৰ অভাৱ৷ চহৰে-নগৰে স্থানীয় গছ-বনৰ সলনি বহিৰাগত উদ্ভিদ ৰোৱাৰ প্ৰতি আগ্ৰহ বাঢ়ি আহিছে৷ এই উদ্ভিদবোৰে ঘৰচিৰিকাৰ বাবে যথেষ্ট কীট-পতংগৰ যোগান ধৰিব নোৱাৰে৷ বিশেষকৈ পোৱালী ডাঙৰ কৰাৰ সময়ত ঘৰচিৰিকাৰ বাবে এনে কীট-পতংগৰ অতীব প্ৰয়োজন৷ খাদ্যৰ আকালৰ বাবে ঘৰচিৰিকাই মানুহৰ আৱাসিক অঞ্চলৰ সলনি খেতি-পথাৰৰ আশে পাশে থাকিবলৈ লৈছে৷ কিন্তু তেনে ঠাইতো ইহঁতক বিপদে লগ এৰা দিয়া নাই৷ খেতি-পথাৰত কীটনাশক (insecticide) আৰু পতংগনাশকৰ বহুল ব্যৱহাৰে ঘৰচিৰিকাৰ খাদ্য নোহোৱা কৰিছে, ৰাসায়নিক পদাৰ্থই ইহঁতৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ 

তাৰোপৰি নগৰীয়া পৰিৱেশত অভ্যস্ত অন্য প্ৰজাতি যেনে পাৰ-কপৌ, বুলবুলি আদি চৰায়ে খাদ্য আৰু বাসস্থানৰ বাবে ঘৰচিৰিকাৰ সৈতে প্ৰতিযোগিতা কৰে৷ খৰতকীয়াকৈ বংশবৃদ্ধি কৰি ইহঁতে ঘৰচিৰিকাৰ বাহ সাজিব পৰা ঠাইবোৰ অধিকাৰ কৰি লৈছে৷ ফলত ঘৰচিৰিকা চৰাইবোৰে আশানুৰূপ বংশবৃদ্ধি কৰাত বাধা পৰিছে৷

শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ঘৰচিৰিকাৰ জীৱনলৈ সংকট মানি অনা অন্য এক উল্লেখযোগ্য কাৰক হ’ল বিদ্যুৎ-চুম্বকীয় বিকিৰণ (electromagnetic radiation, EMR) ৷ ভাৰত আৰু বিদেশৰ বিভিন্ন অঞ্চলত ঘৰচিৰিকাৰ জাকৰ ওপৰত কৰা অধ্যয়নত ধৰা পৰিছে যে অধিক তীব্ৰতাৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ হোৱা অঞ্চলসমূহত অন্য অঞ্চলৰ তুলনাত ঘৰচিৰিকাৰ সংখ্যা দ্ৰুত গতিত কমি আহিছে৷ যোৱা শতিকাটোৰ ম’বাইল ফোনৰ জালে প্ৰায় সকলো নগৰীয়া অঞ্চল ছাটি পেলাইছে৷ ইয়াৰ বাবে স্থাপন কৰা ষ্টেচন (GSM base station) সমূহৰ পৰা বিকিৰিত হোৱা বিদ্যুৎ চুম্বকীয় ঢৌয়ে ঘৰচিৰিকাৰ প্ৰজনন আৰু আচৰণত ক্ষতিকৰ প্ৰভাৱ পেলায় বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷

আমি কি কৰিব পাৰোঁ

ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈববৈচিত্ৰ্য সংৰক্ষণৰ বাবে চৰকাৰ আৰু বিভিন্ন সংগঠনে আন্ত:ৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছে৷ এই সময়ত আমাৰ আদৰুৱা চৰাইবিধৰ বাবে নিজৰ সামৰ্থ্য অনুসৰি আমিও কিছু সহায় কৰিব নোৱাৰোঁনে? নিশ্চয় পাৰোঁ! এনে কিছুমান উপায় হ’ল-
  • আধুনিক ঘৰ বা অট্টালিকাত বাহ সজাৰ ঠাই বিচাৰি হাঁহাকাৰ কৰা ঘৰচিৰিকাটোৰ বাবে আমি কিছু ঠাই উলিয়াই দিব পাৰোঁ৷ ঘৰৰ বেলকনি বা চোতালত কৃত্ৰিম বাহ (artificial bird nest) দুটামান ওলোমাই ৰাখিলেও সিহঁতে ঘৰ ল’ব পাৰে (আমাজনত কিনিব পৰা এনে এটা কৃত্ৰিম বাহৰ আৰ্হি)৷

বৈজ্ঞানিক গৱেষণাত ঘৰচিৰিকাৰ উপযুক্ত বুলি বিবেচিত কৃত্ৰিম বাহ
  • গৰমৰ দিনত চোতালতে বহল পাত্ৰ এটাত পানী আৰু কিছু খাদ্য উলিয়াই ৰাখিলে ঘৰচিৰিকাৰ লগতে অন্য চৰায়েও পিয়াহ পলুৱাব পাৰে৷ পানীত গা জুবুৰিয়ায়ো দেহটো শান্ত (rehydrate) কৰিব পাৰে৷
গৰমৰ দিনত অলপ সকাহ (ফটো: টাইমছ অব ইণ্ডিয়া)
  • ঘৰচিৰিকাই সহজে খাদ্য বিচাৰি পাব পৰাকৈ আমি ঘৰত বহিৰাগত উদ্ভিদৰ সলনি যিমানদূৰ পৰা যায় স্থানীয় উদ্ভিদ আৰু হেজজাতীয় জোপোহা ৰুব পাৰোঁ ৷
  • আমাৰ নিজৰ নিজৰ অঞ্চলৰ ঘৰচিৰিকাবোৰনো কেনে আছে তাৰ বুজ ল’ব পাৰোঁ, সিহঁতৰ বিষয়ে তথ্য যোগান ধৰি অধিক গৱেষণা আৰু সময়োচিত পদক্ষেপ লোৱাত সহায় কৰিব পাৰোঁ৷ আনকি আমি নিজেই একো একোজন নাগৰিক বিজ্ঞানী হ’ব পাৰোঁ৷ এইবিষয়ে অধিক জানিবলৈ ইয়াত চাওক৷
ঘৰচিৰিকাক বহুসময়ত নগৰীয়া জৈববৈচিত্ৰ্যৰ এক প্ৰতীক বা প্ৰতিনিধি (ambassador) বুলি কোৱা হয় কাৰণ ইহঁতৰ অৱস্থাই নগৰীয়া জীৱনত তাল মিলাই চলা বহু চৰাই-চিৰিকটি, জীৱ-জন্তুৰ অৱস্থাৰো বুজ দিয়ে৷ গতিকে এই চৰাইবিধৰ সংৰক্ষণে তেনে বহুতো চৰাই আৰু জীৱ-জন্তুৰ সংৰক্ষণৰ বাটো মুকলি কৰিব৷ আজিৰ এই ঘৰচিৰিকা দিৱসৰ দিনটোত আহকচোন, আমি সকলোৱে তাৰ বাবে ইজনে সিজনক অনুপ্ৰেৰণা যোগাওঁ আৰু সকলোৰে মিলি এই আদৰুৱা চৰাইবিধক সংকটৰ গৰাহৰ পৰা উভতাই অনাৰ বাবে বদ্ধপৰিকৰ হওঁ৷

তথ্যউৎস:
  • ঘৰচিৰিকাৰ বিষয়ে অসমীয়া ৱিকিপিডিয়াত পঢ়ক
  • https://www.worldsparrowday.org
  • Sharma, P., & Binner, M. (2020). The decline of population of house sparrow in India. International Journal of Agricultural Science, 5.
  • Jhajhria, A. (2020). A review on the need for conserving the house sparrow in India.
  • Nath, A., Singha, H., Haque, M., & Lahkar, B. P. (2019). Sparrows in urban complexity: macro and micro-scale habitat use of sympatric sparrows in Guwahati City, India. Urban Ecosystems, 22(6), 1047-1060.
  • Mahesh, Veera, and Suseela Lanka. "Global scenario and Conservation Status of House Sparrow (Passer domesticus)."
  • Everaert J, Bauwens D. 2007. A possible effect of electromagnetic radiation from mobile phone base stations on the number of breeding house sparrows (Passer domesticus). Electromagn Biol Med. 26(1):63-72. 
  • Pradha L. 2015. Impact of Electromagnetic Radiations on House Sparrows (Passer Domesticus). International Journal of Engineering Research & Technology (IJERT). ISSN: 2278-0181 Vol. 4 Issue 07

No comments:

Post a Comment