Thursday 10 March 2022

অসমীয়া ভাষাত বিজ্ঞান চৰ্চা

প্ৰাচীন কালৰে পৰা অসমত বিজ্ঞান চৰ্চাৰ ইতিহাস পোৱা যায়৷ মধ্যযুগত কোঁচৰাজ্যত মাটিৰ জোখ-মাখ আৰু ৰজাঘৰীয়া হিচাপ-পত্ৰ ৰাখিবৰ বাবে কায়স্থসকলে গণিতৰ এটা নতুন পদ্ধতিৰ বিকাশ কৰিছিল৷ এই বিশেষ ধাৰাটো কাইথেলী অংক নামেৰে জনাজাত হৈ পৰিছিল৷ এই অংকবোৰ  প্ৰায়ে সাঁথৰ, পদ্য বা সাধু একোটাৰ দৰে হোৱাত সাধাৰণ ৰাইজৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ সহজ হৈছিল৷ প্ৰথমতে এই অংকবোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহি পিছলৈ কায়স্থ পণ্ডিতসকলৰ চেষ্টাত লিখিত ৰূপ লয়৷ 

তেনে এজন পণ্ডিত বকুল কায়স্থই কোঁচৰজা নৰনাৰায়ণৰ সৌজন্যত ১৮৩৮ চনমানত ’কিতাবত মঞ্জৰী’ নামৰ কাইথলী অংকৰ কাব্য গ্ৰন্থখন ৰচনা কৰিছিল৷ এইখনেই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম বিজ্ঞান বিষয়ক গ্ৰন্থ বুলি জনা যায়৷ পৰৱৰ্ত্তী সময়ত কবিৰত্ন দ্বিজৰ ’লীলাৱতী’,  কবিৰাজ চক্ৰৱৰ্তীৰ ‘অংকৰআৰ্য্যা’, ’ভাস্বতী’, সুকুমাৰ বৰকাথৰ ‘হস্তী-বিদ্যাৰ্ণৱ-সাৰ সংগ্ৰহ’ আৰু  ‘ঘোঁৰানিদান’ আদি গ্ৰন্থই ব্যৱহাৰিক জ্ঞানৰ লগতে বিজ্ঞান বিষয়ক বিষয়বস্তুৰ লিখিত ৰূপ দিয়াত বৰঙণি যোগায়৷

ঊনবিংশ শতিকাৰ তৃতীয় দশকৰ পৰা অসমলৈ অহা খ্ৰীষ্টান মিছনেৰীসকলে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আমি সকলোৱে জানো৷ তেওঁলোকে অসমীয়া ভাষাৰ অন্য বিষয়ৰ কিতাপ-আলোচনীৰ লগতে ভালেসংখ্যক বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ কৰিছিল৷ এওঁলোকৰ ভিতৰত বিশেষকৈ নাথান ব্ৰাউনৰ অৱদান উল্লেখযোগ্য৷ তেওঁ বকুল কায়স্থৰ ‘কিতাবত মঞ্জৰী’কিতাপখন ‘পদগণিত’ আৰু ‘লীলাৱতী’ নামেৰে দুটা ভাগত বিভক্ত কৰি প্ৰকাশ কৰে। তেনেদৰে ব্ৰাউনে প্ৰকাশ কৰা ‘ভূগোল শিক্ষক’ নামৰ গ্ৰন্থখন অসমীয়া ভাষাৰ প্ৰথম ভূগোল বিষয়ক গ্ৰন্থ৷ এই সময়ছোৱাত মিছনেৰীসকলৰ উদ্যোগত সেইসময়ত প্ৰকাশ পোৱা অন্য কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল ‘সমাচাৰ চন্দ্ৰিকা’, ‘পদাৰ্থ বিদ্যাসাৰ’, ‘বিজ্ঞানৰ বাৰেমতৰা’ ইত্যাদি৷

খ্ৰীষ্টান মিছনেৰীসকলৰ উদ্যোগতে ১৮৪৬ চনত প্ৰকাশ পাইছিল প্ৰথম অসমীয়া আলোচনী ‘অৰুণোদই’৷ অৰণোদয়ে প্ৰথম প্ৰকাশৰ পৰাই বিজ্ঞান বিষয়ৰ লেখা প্ৰকাশত গুৰুত্ব দিছিল৷ এই লেখাবোৰত নেজাল তৰা, গ্ৰহ, প্ৰিন্টিংপ্ৰেছ, পৃথিৱী, ৰক্তপৰিসঞ্চৰণ তন্ত্ৰ আদিৰ পৰা কাকতি ফৰিঙলৈকে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হৈছিল৷ তাৰপিছত প্ৰকাশ পোৱা বিভিন্ন আলোচনী যেনে ’জোনাকী’, ’বিজুলী’, ’আৱাহন’ , ‘আসাম বন্ধু, ‘মৌ, ‘ঊষা, ‘আসাম বান্ধৱ, ‘বাঁহী’, ‘ৰামধেনু’ আদিয়েও বিজ্ঞান বিষয়ক লেখা প্ৰকাশত যথেষ্ট গুৰুত্ব দিছিল। উদাহৰণস্বৰূপে, ‘ৰামধেনু’ত ’বিজ্ঞান বিচিত্ৰা’ নামেৰে এটা শিতান নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ অৱশ্যে অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম বিজ্ঞান বিষয়ক আলোচনীখন হ’ল ’পশু পালন’৷ তেনেদৰে ৰসায়ন বিজ্ঞান বিষয়ক প্ৰথম অসমীয়া আলোচনী খন হ’ল ড৹ পবিত্ৰ কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা ’ৰসায়ন শিক্ষা’৷ 


বৰ্তমান অসমত বিজ্ঞান চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত অসম বিজ্ঞান সমিতিৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ৷ ১৯৫৩ চনত প্ৰতিষ্ঠা হোৱা অসম বিজ্ঞান সমিতিৰ বৰ্তমান সমগ্ৰ অসমত এশৰো অধিক শাখা আছে৷ এই সমিতিয়ে বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ কাৰণে বিভিন্ন প্ৰশিক্ষণ, কৰ্মশালা, সভা আদি অনুষ্ঠিত কৰি আহিছে আৰু বিজ্ঞান বিষয়ক ভালেসংখ্যক কিতাপো প্ৰকাশ কৰিছে৷ এই সমিতিয়ে ১৯৬১ চনৰ পৰা প্ৰকাশ কৰি অহা ’বিজ্ঞান জেউতি’ বৰ্তমান অসমীয়াত প্ৰকাশ পোৱা বিজ্ঞান বিষয়ক আলোচনীৰ ভিতৰত অন্যতম৷ 

সাম্প্ৰতিক সময়ত বিজ্ঞানক অসমীয়া ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বহু কেইজন বিশিষ্ট লেখকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ এওঁলোকৰ ভিতৰত ড° দীনেশ চন্দ্ৰ গোস্বামী, ড° কুলেন্দু পাঠক, ক্ষীৰধৰ বৰুৱা, ডিম্বেশ্বৰ চলিহা, ড° শ্যামাপ্ৰসাদ শৰ্মা, অভিজিত শৰ্মা বৰুৱা, জয়ন্তী চুতীয়া, ড° যজ্ঞেশ্বৰ হাতীবৰুৱা, ড° চন্দ্ৰমোহন শৰ্মা, ড° বসন্ত ডেকা, ড° ৰমেশ চন্দ্ৰ গোস্বামী আদি চিনাকি নাম৷ ড° দীনেশ চন্দ্ৰগোস্বামী, ড° বিজয়কৃষ্ণদেৱ শৰ্মা, ড° লক্ষ্ণীনন্দন বৰা, শান্তনু তামুলী, ৰথীন্দ্ৰনাথ গোস্বামী, ৰঞ্জু হাজৰিকা, চাকিল জামাল আৰু বন্দিতা ফুকনৰ লেখাসমূহে অসমীয়া কল্পবিজ্ঞানৰ সাহিত্য সমৃদ্ধ কৰিছে্৷ অসমত ‘ছাইন্টুন’ বা বিজ্ঞান কাৰ্টুন অংকনৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হ’ল ক্ষীৰধৰ বৰুৱা। তেনেদৰে ড° বিজয়কৃষ্ণ দেৱ শৰ্মাৰ ‘চন্দ্ৰলোকত প্ৰথম মানুহ’ (১৯৬৯) প্ৰথম অসমীয়া  কল্পবিজ্ঞানভিত্তিক উপন্যাস৷  

শিশুসকলৰ বাবে অসমীয়াত বিজ্ঞান বিষয়ক লেখা বা কিতাপ-আলোচনী আদি এতিয়াও যথেষ্ট  সীমিত৷ ১৯৯৩ চনত ৰোহিণী কুমাৰ বৰুৱাৰ ’বিজ্ঞানৰ সাধু’ খনেই প্ৰথম শিশু বিজ্ঞানৰ গ্ৰন্থ বুলি জনা যায়৷ অৱশ্যে বিভিন্ন সময়ত প্ৰকাশ পোৱা শিশু আলোচনী যেনে পখিলা (১৯৩৩) আৰু পাৰিজাত (১৯৪০) আদিত সৰু ল’ৰা ছোৱালীৰ উপযোগীকৈ বিজ্ঞানৰ বহু লেখা নিয়মীয়াকৈ প্ৰকাশ পাইছিল৷ পৰৱৰ্ত্তী সময়ত দীনেশ চন্দ্ৰ গোস্বামীৰ উদ্যোগত শিশু উপযোগী ভালেসংখ্যক কল্পবিজ্ঞান বিষয়ক অনুবাদ গ্ৰন্থ যেনে ’পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান’, ’সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ’, ’মহাকাশচাৰী’, ’এখন মহাকাশ অডিছি’ আদিয়ে শিশু বিজ্ঞান সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷

ইন্টাৰনেটত অসমীয়া ভাষাত বিজ্ঞান চৰ্চা অন্য ভাষাৰ তুলনাত এতিয়াও সীমিত যদিও তাৰ মাজতো বহুকেইটা ভাল প্ৰচেষ্টা দেখা পাইছোঁ৷ উদহৰণস্বৰূপে গণিত চ’ৰা, ৰিচাৰ্ছ মেটাৰ্ছ আদি ৱেবছাইটত বিজ্ঞানৰ নতুন নতুন ধাৰণা আৰু বাতৰিবোৰৰ চৰ্চা হৈ আহিছে৷ তেনদৰে বহুতো অসমীয়া ব্লগতো বিজ্ঞান বিষয়ক লেখা প্ৰকাশ পায়৷ উদাহৰণস্বৰূপে ’বিজ্ঞানৰ বিচিত্ৰ কথা’, ’এই সময়ত’, ’মুক্ত চিন্তা’, ’সাহিত্য ডট অৰ্গ’, ’নীলা চৰাই’, ’এজাক ৰ’দ’ আদি ব্লগসমূহত অন্য লেখাৰ লগতে বিজ্ঞান বিষয়ক লেখা প্ৰকাশ পাই আহিছে৷

মই কিয় লিখোঁ?

আজি প্ৰায় এটা দশক জুৰি মই বৈজ্ঞানিক গৱেষণাত জড়িত হৈ আছোঁ৷ এই সময়ছোৱাত প্ৰায়ে অনুভৱ কৰিছোঁ যে আমাৰ প্ৰায়ভাগ গৱেষণা কেৱল ইংৰাজী গৱেষণা পত্ৰ বা থেছিছ আদিতে সীমাবদ্ধ হৈ ৰয়৷ বৈজ্ঞানিক গৱেষণাৰ মূল উদেশ্যই হ’ল নতুন তথ্য-পাতি, আৱিস্কাৰেৰে সমাজখনক সহায় কৰা৷ বিশেষকৈ মই নিজে পৰিৱেশ সংৰক্ষণৰ গৱেষণাত জড়িত বাবে এনে গৱেষণাৰ ফলসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা খুবেই গুৰুত্বপূৰ্ণ৷ গতিকে সেই প্ৰয়োজন পূৰাবলৈকে মই প্ৰথমে অসমীয়া ভাষাত বিজ্ঞান বিষয়ক প্ৰবন্ধ পাতি লিখিবলৈ আৰম্ভ কৰিলো৷ আৰম্ভণিতে শেহতীয়াকৈ গৱেষণাত প্ৰকাশ পোৱা তথ্যপাতিক লৈ সহজ-সৰল ভাষাত প্ৰবন্ধ লিখাৰ চেষ্টা কৰিছিলো৷ লাহে লাহে অনুভৱ কৰিলো যে, অসমীয়া ভাষাত সামগ্ৰিকভাৱেই বিজ্ঞান চৰ্চা যথেষ্ট সীমিত৷ এইক্ষেত্ৰত আনে কিবা কৰিব বুলি আশা কৰি থকাতকৈ মই নিজেই যি পাৰোঁ কৰিবলৈ আৰম্ভ কৰিলো৷ গতিকে মোৰ লিখনিবোৰো কেৱল গৱেষণাৰ বিষয়তে সীমাবদ্ধ হৈ নাথকিল৷  এই লেখাসমূহ বিবিন্ন সময়ত অসমৰ দৈনিক বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাই আহিছে৷

অসমীয়া ভাষাত বৈজ্ঞানিক সমল বৃদ্ধি কৰিবলৈ মই বাছি লোৱা অন্য এটা মাধ্যম হ’ল অসমীয়া ৱিকিপিডয়া৷ ২০০২ চনতে আৰম্ভ হোৱা অসমীয়া ৱিকিপিডিয়াত বৰ্তমান দহহাজাৰ প্ৰবন্ধ হৈছেগৈ৷ ইয়াৰে বহুতো বিজ্ঞান বিষয়ক৷ ইন্টাৰনেটত যিকোনো বিষয় এটাৰ বিষয়ে কোনোবাই  খুঁচৰি চালে সেইবিষয়ে অসমীয়াতে তথ্য পাব, এই কথাটোৱে প্ৰায় এটা দশক ধৰি মোক ৱিকিপিডিয়াত লিখি থাকিবলৈ প্ৰেৰণা যোগাই আহিছে৷ অসমীয়া ৱিকিপিডিয়াত বৈজ্ঞানিক সমল বৃদ্ধি কৰিলে বিজ্ঞানৰ জনপ্ৰিয়কৰণত বহুখিনি সহায় হ’ব বুলি মই বিশ্বাস কৰোঁ৷ সেই আপাহতে বৰ্তমানলৈকে মই অসমীয়া ৱিকিপিডিয়াত অসমৰ গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিৰ বিষয়ে পাঁচশৰো অধিক প্ৰবন্ধ যোগ দিছোঁ৷

সময়ৰ লগে লগে মই উপলব্ধি কৰিলো বিজ্ঞান স্কুল-কলেজৰ পাঠ্যপুথিতে আবদ্ধ এটা বিষয় বা আমাৰ শিক্ষা ব্যৱস্থাত কৰা কলা, বিজ্ঞান বা বাণিজ্যৰ দৰে এটা পৃথক বিভাগ নহয়৷ বিজ্ঞান প্ৰকৃততে আমাৰ দৈনন্দিন জীৱনৰ এটা অংগ৷ এটা সুস্থ আৰু সুখী জীৱনৰ কাৰণে বৈজ্ঞানিক মানসিকতা গঢ় দিয়াটো আমাৰ প্ৰত্যেকৰে বাবেই খুবেই প্ৰয়োজনীয়৷ উদাহৰণস্বৰূপে, জলবায়ু পৰিৱৰ্ত্তনে আমাৰ ভৱিষ্যত কেনেকৈ অনিশ্চিত কৰি পেলাইছে বা এই পৰিৱৰ্ত্তন ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ সেইবিষয়ে অসমীয়া ভাষাত তথ্য থকাৰ দৰকাৰ আৰু আমি সকলোৱে জনাৰ দৰকাৰী৷ তেনেকৈ কৰ’না ভাইৰাছ ৰোগৰ সময়ত কেনেকৈ নিজকে বা পৰিয়ালৰ সকলোকে বচাই ৰাখি নিৰাপদে থাকিব পাৰি সেই বিষয়ে জনাটো আমাৰ কাৰণে এতিয়া জীৱন-মৰণৰ প্ৰশ্ন! গতিকে বিজ্ঞানক কেৱল পাঠ্যক্ৰম বা গৱেষণাৰ মাজতে আৱদ্ধ নাৰাখি অসমীয়া ৰাইজৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে চেষ্টা চলোৱাটো আমাৰ সমাজখনৰ উত্তৰণৰ বাবেই অতীব গুৰুত্বপূৰ্ণ৷

ভৱিষ্যত পদক্ষেপ

অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কিছুমান কাৰ্য্যকৰী পদক্ষেপ লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ প্ৰথমেই মই ভাৱোঁ, নতুন প্ৰজন্মই অসমীয়া ভাষাত বিজ্ঞান চৰ্চাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সন্মুখীন হয়৷ বিশেষকৈ অসমীয়াৰ সলনি ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা সকলৰ বাবে বিজ্ঞান বিষয়ক লেখা অসমীয়াত পঢ়া বা লেখাৰ চেষ্টা কৰাটো টান কাম৷ অসমীয়া ভাষাত বহুতো বৈজ্ঞানিক পৰিভাষা বিচাৰি মই নিজেও উজুটি খাওঁ৷ কিন্তু এনে অসুবিধাৰ সন্মুখীন হোৱা সকলোকে মই ক’ব খোজো যে এইক্ষেত্ৰত আগ্ৰহেই মূল৷ আগ্ৰহ থাকিলেই সমস্যা সমাধানৰ বাটো ওলায়৷ উদাহৰণস্বৰূপে, শেহতীয়াকৈ ক্ষীৰধৰ বৰুৱাই বিজ্ঞানৰ সকলো ক্ষেত্ৰ সামৰি ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’ প্ৰকাশ কৰাটো আমাৰ সকলোৰে কাৰণে খুবেই ভাল খৱৰ৷ অৱশ্যে ইয়াৰ লগতে এনে পৰিভাষাসমূহৰ নিয়মীয়াকৈ উন্নীতকৰণ (update) কৰাৰ দৰকাৰ৷ কাৰণ, বিজ্ঞান প্রযুক্তিৰ ক্ষেত্রখনত নিতৌ নতুন নতুন শব্দ আৰু ধাৰণাৰ সংযোজন ঘটি আছে আৰু নিৰন্তৰ উন্নীতকৰণ অবিহনে এইক্ষেত্ৰত স্থবিৰতা আহি পৰাৰ সম্ভাৱনা৷  তাৰোপৰি অনুবাদেই হওঁক বা মৌলিক লেখাই হওক, বিজ্ঞানৰ কথাবোৰ সহজ সৰল আৰু মনোগ্ৰাহীকৈ লিখিবলৈ বিশেষ কৌশলৰ দৰকাৰ৷ নতুন বা আগ্ৰহী লেখক-লেখিকাৰ বাবে এইসম্পৰ্কে কৰ্মশালা বা প্ৰশিক্ষণৰ ব্যৱস্থা থাকিলে যথেষ্ট সহায় হ’ব পাৰে৷ 

বৰ্তমান অসমীয়া ভাষাত প্ৰকাশ পোৱা বাতৰি কাকত আৰু আলোচনীসমূহে বিজ্ঞান বিষয়ক লেখা প্ৰকাশত গুৰুত্ব দিয়াৰ প্ৰয়োজন৷ বৰ্তমান প্ৰান্তিক বা সাতসৰীৰ দৰে দুই এখন আলোচনীৰ বাহিৰে অন্য কাকত আলোচনীত বিজ্ঞান বিষয়ক আলোচনা বিশেষ হোৱা দেখা নাযায়৷ লগতে মই ভাৱোঁ, বিজ্ঞানী সকলৰো এইক্ষেত্ৰত বহুখিনি দায়িত্ব আছে৷ উদাহৰণস্বৰূপে, অসমত চলা যিকোনো বৈজ্ঞানিক গৱেষণাৰ বিষয়ে প্ৰকাশ হোৱা গৱেষণা পত্ৰত অন্তত: এবষ্ট্ৰেক্ট বা সাৰাংশটো অসমীয়া ভাষাত প্ৰকাশ কৰিব পাৰে৷ তেতিয়া সংবাদ মাধ্যমেও এনে বাতৰি প্ৰকাশ কৰিবলৈ সুবিধা হয়৷ 

বিজ্ঞানৰ প্ৰচাৰ বা প্ৰসাৰ বুলি ক’লে আমি প্ৰায়ে পশ্চিমীয়া বিজ্ঞানৰ কথাই ভাৱোঁ৷ কিন্তু খিলঞ্জীয়া লোকসকলে পৰম্পৰাগত পদ্ধতিৰে আহৰণ কৰা জ্ঞান বহুসময়ত পশ্চিমীয়া বিজ্ঞানতকৈ গভীৰ হয়৷ কাৰণ এই জ্ঞানৰ উৎস হ’ল শ শ বছৰ জোৰা পৰ্য্যবেক্ষণ, বিভিন্ন পৰীক্ষা-নীৰিক্ষা আৰু পৰিৱেশৰ লগত খাপ খুৱাই চলাৰ অহৰহ চেষ্টা৷ এই পৰম্পৰাগত জ্ঞান (Indigenous Traditional Knowledge) ৰ গুৰুত্ব বৰ্তমান আন্তৰ্জাতিকভাৱে স্বীকৃত কিন্তু অসমীয়া ভাষাত এইবিষয়ে সিমান চৰ্চা হোৱা দেখা নাই৷ বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ কেৱল একপক্ষীয় অৰ্থাৎ বিজ্ঞানীৰ পৰা জনসাধাৰণলৈ নহৈ পাৰস্পৰিক হোৱাৰ প্ৰয়োজন৷ তাৰোপৰি ইংৰাজীৰ বাহিৰেও অসমৰ অন্য আঞ্চলিক ভাষাসমূহৰ পৰাও বিজ্ঞান বিষয়ক লেখাৰ অনুবাদৰ প্ৰচেষ্টা হাতত লোৱা উচিত৷

বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত নাগৰিক বিজ্ঞান বা চিটিজেন চায়েন্সে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে৷ নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ নাগৰিক বিজ্ঞানৰ সহায়ত আগ্ৰহ অনুসৰি যিকোনো বিষয় যেনে বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ আদি যিকোনো বিষয় বাচি লৈ সেইসম্পৰ্কে তথ্য আহৰণত জনসাধাৰণে অৱদান আগবঢ়াব পাৰে৷ ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷ নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ 

শেষত কওঁ, অসমীয়া ভাষাত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমীয়া ন-পুৰণি লেখক-লেখিকাৰ মাজত সহযোগিতাৰ দৰকাৰ৷ তাৰোপৰি  ভাৰতৰ অন্য আঞ্চলিক ভাষাত বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত জড়িত হৈ থকা লোকসকলৰ সৈতে সহযোগিতাৰে আগবাঢ়িলে অসমত বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নতুন দিগন্তৰ উন্মোচন হ’ব৷

3 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. তথ্যসমৃদ্ধ লেখা। বিশেষকৈ ছিটিজেন ছায়েন্সৰ বিষয়ে জানি ভাল পালোঁ। বৈজ্ঞানিক মানসিকতাৰ বাবে বিজ্ঞানভিত্তিক লেখা-মেলা সৰল ভাষাত লিখি ৰাইজৰ ওচৰলৈ লৈ যোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ।

    ReplyDelete
    Replies
    1. মন্তব্য জনোৱাৰ বাবে অশেষ ধন্যবাদ ঈশান৷

      Delete