Saturday 12 March 2022

চিন্তাৰ ফান্দ

’মোৰ আজি পৰীক্ষা বেয়া হোৱাটো খাটাং!’

’এই পৃথিৱীৰ সকলো মানুহেই স্বাৰ্থপৰ৷’

’যিমানেই চেষ্টা নকৰোঁ, মই কেতিয়াও ভৱামতে ফল নাপাওঁ৷’

’সবেই মোৰ বেয়া হোৱাটোৱে বিচাৰে৷’


’সি পৰীক্ষাত ফেইল কৰিলে৷ তাৰ দ্বাৰা আৰু জীৱনত একো নহব৷’

আপোনাৰ মনলৈ যদি 
প্ৰায়ে এনে ভাৱ কিছুমান আহে, তেনে এই লেখাটো আপোনাৰ কাৰণে! অবিশ্বাস্য হ’লেও আচলতে এই সকলোবোৰ একো একোটা চিন্তাৰ ফান্দ (Thinking trap)! সেই ফান্দত পোনেই ভৰি নথৈ ক্ষন্তেক থমকি ৰৈ যদি আপুনি ভাৱি চায়, দেখিব যে এনে চিন্তাবোৰ বহুসময়ত কেৱল আপোনাৰ নিজা অনুভৱ, সেয়া প্ৰকৃতাৰ্থত সঁচা নহবও পাৰে৷ এই এটা মাত্ৰ উপলব্ধিয়েই আপোনাৰ জীৱনৰ গতি সম্পূৰ্ণ সলনি কৰি দিব পাৰে৷ আহকচোন চাওঁ কেনেকৈ!

চিন্তাৰ ফান্দ হ’ল আমাৰ মনত অভ্যাসবশত: উপজা নেতিবাচক চিন্তাৰ সোঁত৷ আমি যি পৰিৱেশত ডাঙৰ হৈছোঁ বা দৈনন্দিন জীৱন পাৰ কৰিছোঁ সেই সকলোবোৰে এনে ফান্দবোৰ সৃষ্টি কৰাত আৰু অব্যাহত ৰখাত সহায় কৰে৷ এই ফান্দত পৰিলে আপোনাৰ মগজুৱে বাস্তৱতনো সেই চিন্তাৰ কিমান সত্যতা আছে তাৰ বিচাৰ কৰাৰ অৱকাশ নোপোৱা হয়৷ প্ৰতিটো কথাৰে যে ভাল-বেয়া দুয়োটা দিশ থাকিব পাৰে সেয়া বাচ-বিচাৰ নকৰাকৈ আপোনাক চিন্তাৰ ফান্দে পোনেই লৈ যায় আবেগিক সিদ্ধান্তলৈ৷ বহুসময়ত এনে চিন্তাৰ ফান্দে নিৰন্তৰ পিষ্ট কৰি থাকি আপোনাক বিষণ্ণতাৰ মাজলৈকো ঠেলি দিব পাৰে৷

উৎস


এনে কিছুমান চিন্তাৰ ফান্দ আৰু সেই ফান্দবোৰ এৰাই চলাৰ উপায় এনেধৰণৰ-

(১) ক’লা-বগা চিন্তা (All-or-nothing thinking)

আশা কৰাৰ দৰে আপোনাৰ কামটো নহ’ল, চাকৰিটো নাপালে, পৰীক্ষাত ভাল নম্বৰ নাপালে৷ লগে লগে আপোনাৰ মনলৈ আহিল, ’মই একোৰে লায়ক নহয়’ বা ’মোৰ ভাগ্যই বেয়া’৷ কিন্তু ক্ষন্তেক ৰৈ দকৈ ভাৱি চালে দেখিব, প্ৰত্যেকৰ জীৱনলৈ সৰু-বৰ বিফলতা আহেই৷ কেতিয়াবা বিফলতাই নতুন বাটৰ, অন্য সফলতাৰ সুযোগো লৈ আনে৷ গতিকে বহুসময়ত এনে ’সকলো বহুত ভাল বা সকলো বহুত বেয়া’ ধৰণৰ চিন্তাৰ ফান্দৰ পৰা ওলাবলৈ নিজকে সোঁৱৰাই দিব পাৰে, ’বেয়াৰ মাজতো ভাল থাকে, সেয়া চিনিব পৰাটোহে ডাঙৰ কথা৷’

(২) ভিত্তিহীন ধাৰণা (Mind-reading)


বহুসময়ত আমি নিজৰ অজানিতেই অন্য লোকে কি ভাৱিছে তাৰ ধাৰণা কৰি লওঁ৷ ’মই বিপদত পৰিলে সিহঁতে ভালেই পায়’, ’তাই মোৰ বদনাম গাইহে ফুৰিব’, ’মোৰ কথা শুনি সকলোৱে কিজানি মনতে হাঁহিছে’, ’মই জানো তেওঁ মোক দেখিবই নোৱাৰে’ আদি এনেধৰণৰ চিন্তাৰ ফান্দ৷ তাৰ সলনি এবাৰ নিজকে মনত পেলাই দিয়কচোন, অন্যৰ মনত কি আছে সেয়া নোকোৱাকৈ আপুনি জনাৰ কোনো উপায় নাই৷

(৩) ভৱিষ্যত দ্ৰষ্টা (Fortune-telling)

কোনো বাস্তৱ ভিত্তি নথকাকৈয়ে আমি বহু কথা বা কামৰ নেতিবাচক ফল হ’ব বুলি ধৰি লওঁ৷ ’আজি পৰীক্ষা বেয়া হ’বই’, ’ফুৰিবলৈ যোৱাৰ আগতে গা বেয়া হ’বই’, ’চাকৰিটো নাপাওঁ বুলি জানোৱে’ -এই সকলোবোৰ চিন্তা এনে ফান্দৰ উদাহৰণ৷ অথচ আমি সকলোৱে জানো, ভৱিষ্যতে কি হ’ব সেয়া আচলতে কোনেও ডাঠি ক’ব নোৱাৰে৷

(৪) সাধাৰণীকৰণ (Overgeneralisation)

আমাৰ প্ৰত্যেকৰে জীৱনলৈ ভাল-বেয়া সময় আহে৷ কিন্তু এবাৰ কিবা এটা বেয়া হ’লে আমি কেতিয়াবা ধাৰণা কৰি লওঁ, ’মোৰ লগত সদায় এনেকুৱাই হয়’৷ চিন্তাৰ সোঁতত যেতিয়াই ’সদায়’, ’সকলোৱে’, ’কেতিয়াও’ আদি শব্দ সোমাব, তেতিয়াই সাৱধান হওক৷ কাৰণ প্ৰায়ে এই কথা বা কামবোৰৰ ইটোৰ লগত সিটোৰ সম্পৰ্ক নাই৷ এটা বেয়া অভিজ্ঞতাই সকলোবোৰ অভিজ্ঞতা বেয়া হোৱাৰ সম্ভাৱনা আনি নিদিয়ে৷

(৫) আপদ চিন্তা (Catastrophising)

প্ৰায়বোৰ পৰিস্থিতিতে আপুনি আটাইতকৈ বেয়া ফলটো কল্পনা কৰি লয় নেকি? ’যদি এই চাকৰিটো নাপাওঁ মই গোটেই জীৱন নিবনুৱা হৈ থাকিম, সমাজে মোক হাঁহিব’, ’মেডিকেল কলেজত ছিট এটা নাপালে মোৰ জীৱন বিফল’ -এইবোৰ আপদ চিন্তাৰ ফান্দ৷ প্ৰকৃতাৰ্থত পৰিস্থিতিয়ে তেনেকুৱা ৰূপ নল’বও পাৰে৷ কেৱল এটা কাৰকেই আপোনাৰ সমগ্ৰ জীৱন অৰ্থহীন কৰি নুতুলিবও পাৰে৷ গতিকে এনে চিন্তাৰ ফান্দত পৰিলে অন্য সম্ভাৱনা বা বাটবোৰৰ বিষয়ে নিজকে সোঁৱৰাওক৷

(৬) ব্যক্তিগতকৰণ (Personalization)

’সকলো মোৰেই ভুল’, ’তাই আঁতৰি থকা যেন লাগিছে, ময়ে কিবা কৈ বা কৰি তাইক দুখ দিলো চাগৈ’ -আপোনাৰ চাৰিওফালে অন্যই যি কয় বা কৰে সকলোৰে বাবে আপুনি নিজকে এনেকৈ দোষী সাব্যস্ত কৰে নেকি? বাস্তৱত অন্যৰ কথা বা কামৰ আঁৰত আন হাজাৰটা কাৰণ থাকিব পাৰে৷ তাৰে এটা আপুনি নহবও পাৰে৷ এই চিন্তাৰ ফান্দত পৰা যেন দেখিলে বাকীবোৰ সম্ভাৱনা চালি-জাৰি চোৱাৰ চেষ্টা কৰক৷

(৭) উচিত-অনুচিতৰ ফান্দ (Should Statement)

বহুসময়ত আমি উচিত-অনুচিতৰ বান্ধোনেৰে নিজকে বা আনক আঁটি আঁটি বান্ধি ৰাখিবৰ চেষ্টা কৰোঁ৷ ’এইটো কৰা উচিত’, ’তেনেকৈ কোৱা অনুচিত’ আদিবোৰৰ অলপো ইফাল সিফাল হ’লে আমি হতাশ হওঁ, দুখ, ক্ষোভ বা খঙে আৱৰি ধৰে৷ কিন্তু সেইসময়ত মনত পেলাওকচোন, এই উচিত অনুচিতৰ নিয়মবোৰ আমাৰে সৃষ্ট৷ জীৱনৰ বোঁৱতী নৈক বহুসময়ত উচিত-অনুচিতৰ এনে শিকলিৰে বান্ধি ৰাখিব পৰা নাযায়৷

(৮) নেতিবাচক ছেকনী (Filtering)

বহু পৰিস্থিতিত আমাৰ মনোযোগ স্থিৰ হৈ ৰয়গৈ নেতিবাচক কথা বা কামত৷ আপোনাৰ কামৰ তিনিজনে যদি প্ৰশংসা কৰিলে কিন্তু এজনে সমালোচনা কৰিলে, আপোনাৰ চিন্তাত মধ্যমণি হৈ ৰৈ যাব সেই সমালোচনাখিনি৷ মেট্ৰিক পৰীক্ষাত এটাৰ বাহিৰে আপোনাৰ ছোৱালীজনীয়ে সকলোতে লেটাৰ মাৰ্ক পালে৷ কিন্তু আশানুৰূপ নম্বৰ নোপোৱা সেই এটা বিষয়ক লৈ আপুনি উচপিচাই উঠিব৷ এইবিষয়ে সচেতন নহ’লে এই নেতিবাচক ছেকনীয়ে আপোনাৰ জীৱনটো নিৰন্তৰ ছেকি ছেকি ’নাই নাই’ৰ ফান্দতে বন্দী কৰি ৰখাৰ সম্ভাৱনা৷

চিন্তাৰ ফান্দৰ পৰা মুক্তি পোৱাৰ প্ৰথম পদক্ষেপটো হ’ল আপোনাৰ মনত চলি থকা এই ফান্দবোৰনো কি সেয়া চিনাক্ত কৰা৷ এইবিষয়ে সচেতন হ’লে আপুনি পোনেই তাত জাঁপ নিদি পৰিস্থিতি এটা বাস্তৱসন্মতভাৱে চালি-জাৰি চোৱাৰ চেষ্টা কৰিবলৈ ল’ব৷ এটা চিন্তাৰ আলম লৈয়ে সুখ-দুখ-খং-ক্ষোভৰ আবেগে এখন সাগৰৰ জোৱাৰ আনি দিব পাৰে৷ গতিকে এনে চিন্তাৰ ফান্দৰ কালচক্ৰটো আৰম্ভণিতেই ভঙাৰ চেষ্টা কৰাৰ দৰকাৰ৷
চিন্তাৰ ফান্দত জাঁপ দিয়াৰ আগতে এটা ছেকেণ্ডৰ বাবে থমকি ৰওক৷ নিজকে এবাৰ সুধি চাওক, আপোনাৰ চিন্তা কিমানদূৰ সত্য৷ পৰিস্থিতিটো মই ভৱাৰ দৰেই হয়নে? আজি পৰীক্ষা বেয়া হ’বই বুলি কি প্ৰমাণ আছে? তেওঁ মোৰ কথা মনতে কি ভাৱিছে সেয়া মই কেনেকৈ জানো? এই এটা কাম কৰিব নোৱাৰিলো কাৰণে মই যে একো কামৰেই যোগ্য নহওঁ তাৰ কি প্ৰমাণ আছে?

প্ৰতিদিনে আমাৰ মনলৈ অহা প্ৰতিটো চিন্তাকে সঁচা বুলি ধৰি নলৈ মাথোঁ নিজা এটা অনুভৱ বুলি ল’বলৈ অভ্যাস কৰিলেই বহুতো চিন্তাৰ ফান্দত পৰাৰ পৰা হাত সাৰিব পাৰি৷ এনে চিন্তাৰ ফান্দবোৰ যিমানেই চিনিব আৰু ফান্দত ভৰি পৰাৰ আগতেই সাৱধান হ’ব সিমানেই আপুনি জীৱনটো সুখ আৰু পৰিপূৰ্ণতাৰে কটোৱাৰ বাবে ন ন বাট মুকলি হ’ব৷ 


এইবিষয়ে অধিক জানিবলৈ:

1 comment:

  1. কম বেছি পৰিমাণে প্ৰত্যেক গৰাকী পঢ়ুৱৈ প্ৰৱন্ধ টো পঢ়ি উপকৃত হ'ব।

    ReplyDelete