সৰুৰে পৰা পেৰা মোৰ প্ৰিয় মিঠাই। সুযোগ পালেই মায়ে ঘৰলৈ পেৰা আনিছিল। বহুবছৰ ধৰি আমাৰ এটা নিজা ৰুটিন আছিল, পুৱা গাখীৰ দিয়া কাঢ়া চাহ একাপৰ সৈতে পেৰা বা আন কোনো মিঠাই লৈ দুয়ো বাৰাণ্ডাত একেলগে বহোঁ। সন্মুখৰ ফুলনিখন চাই চাই মা আৰু মই সুখ-দুখৰ মালিতা মেলোঁ। সময় থমকি ৰোৱা এছোৱা সময় সেয়া। কিন্তু লাহে লাহে এই সৰু সৰু সুখবোৰ নীৰৱে আঁতৰিবলৈ ধৰিলে। প্ৰথমে মিঠাইবোৰ বাদ পৰিল। তাৰ পিছত গাখীৰ দিয়া চাহকাপৰ ঠাইত আহিল ফিকা চাহ। পচন্দৰ বাবে নহয়, বাধ্যত পৰিহে। কাৰণ মোৰ শৰীৰে এক নীৰৱ বিদ্ৰোহ আৰম্ভ কৰিলে। প্ৰতি কাপ চাহত, প্ৰতিবিধ মিঠাইত —গাখীৰ থকা সকলো খাদ্যতে।
শৰীৰৰ এই বিদ্ৰোহ প্ৰথমতে মনেৰে মানিবলৈ টান হ'ল। সৰুৰে পৰা খাই অহা এবিধ খাদ্য হঠাতে কেনেকৈ অসহ্য হ’ব পাৰে? সেই অবিশ্বাসতে বহু বছৰ কটাই দিলোঁ—মন আৰু শৰীৰত এক অদৃশ্য টনা-আজোৰা চলি থাকিল। মাজে-সময়ে হেঁপাহতে দৈ অলপ বা গাখীৰ দিয়া মিঠাইৰ এটুকুৰা খাই পাওঁ—আৰু তাৰ পিছত একেই আমনি- বদহজম, পেট ফুলা বা পেটৰ বিষ। প্ৰতি বাৰেই ভাবোঁ—“এয়া কেনেকৈ সম্ভৱ? কেনেকৈ?”
এই প্ৰশ্নৰ উত্তৰ স্পষ্ট হ’বলৈ ধৰিলে অৰুণাচলৰ পৰ্বতীয়া অৰণ্যত গৱেষণাৰ সময়ত। সেই ভিতৰুৱা ঠাইবোৰত সতেজ গাখীৰ পোৱা টান। গতিকে সকলোৰে পাকঘৰত আমুলৰ পাউডাৰ গাখীৰ। অসমৰ দৰেই সেই গাওঁবোৰতো পৰম্পৰা- আলহীক ডাঠকৈ গাখীৰ চাহ একাপ আগবঢ়োৱা। বিশেষ আলহীৰ বাবে এচামুচৰ সলনি দুচামুচ পাউডাৰ মিহলাই কৰা গাখীৰ চাহ। এদিন গাওঁ ফুৰিবলৈ গৈ তিনিঘৰত তেনে তিনিকাপ গাখীৰ চাহত চুমুক দিলোঁ। জনজাতীয় মানুহৰ সৰলতা আৰু অতিথিপৰায়ণতাই যেন চাহকাপ অস্বীকাৰ কৰিবলৈ বাধা দিলে। অৱধাৰিতভাৱেই সেই নিশা পেটৰ বিষত কাতি হৈ উজাগৰে কটালোঁ।
পিছৰবাৰ আকৌ গাওঁ ফুৰিবলৈ ওলাওঁতে সহকৰ্মী উমেশক কিছু সংকোচেৰে ক'লোঁ, “মোৰ হৈ তুমিয়ে চাহকাপ খাব পাৰিবানে? গাৱঁৰ সৰল মানুহবোৰক না ক'বলৈ বেয়া লাগে!”
উমেশে হাঁহি হাঁহি মূৰ দুপিয়ালে। মানুহঘৰত আথেবেথে চিনামাটিৰ ফুলকটা কাপত গাখীৰ চাহ দুকাপ উলিয়াই আনিলে। বিনা প্ৰতিবাদে মই চাহকাপ হাতত ল'লোঁ, কিন্তু মুখত নিদিলোঁ। দুয়োযোৰ কাপ-প্লেট একেলগে থোৱাৰ সুযোগ লৈ উমেশেই যিমান পাৰে চাহ খালে। মোৰ সেই কাৰবাৰ ভাগ্যে গৃহস্থৰ চকুত নপৰিল।সেইদিনাহে যেন প্ৰথমবাৰৰ বাবে মোৰ শৰীৰৰ সীমাবদ্ধতা স্বীকাৰ কৰিলোঁ। মানি ল'লোঁ বহুদিন ধৰি অস্বীকাৰ কৰি অহা সত্যটো—মই লেক্ট'জ অসহিষ্ণুতা (lactose intolerance)ত ভুগি আছোঁ।
লেক্ট’জ অসহিষ্ণুতাৰ অৰ্থ হ’ল—গাখীৰ বা গাখীৰেৰে তৈয়াৰী খাদ্য হজম কৰিব নোৱাৰা। ডাক্টৰে মোক জনালে, মোৰ শৰীৰত লেক্টেইজ (lactase) নামৰ এনজাইম বা উৎসেচকৰ অভাৱ। এই উৎসেচকবিধে গাখীৰত থকা লেক্ট’জ ভাঙি শৰীৰে শোষণ কৰিব পৰা ৰূপলৈ পৰিণত কৰে। এই উৎসেচকৰ পৰিমাণ কমি গ'লে অপাচ্য লেক্ট’জ বৃহদান্ত্ৰলৈ গৈ বেক্টেৰিয়াৰ সৈতে ক্ৰিয়া কৰে। তাৰ ফলত গেছ, পেট ফুলা বা বিষৰ দৰে লক্ষণ দেখা দিয়ে।
জানি আচৰিত হ’লোঁ যে বয়স বঢ়াৰ লগে লগে বহু মানুহৰ শৰীৰত স্বাভাৱিকতেই লেক্টেইজৰ পৰিমাণ কমি আহে। সেয়ে জীৱনৰ এটা সময়ৰ পিছত হঠাতে গাখীৰ অসহ্য লাগিবলৈ আৰম্ভ কৰে। কিছুমান ক্ষেত্ৰত অন্ত্ৰৰ অসুখ বা সংক্ৰমণেও এই সমস্যা বঢ়াব পাৰে। পিছত গম পালোঁ—এই সমস্যা কেৱল মোৰ নহয়, বিশ্বজুৰি অসংখ্য মানুহৰ এয়া দৈনন্দিন অভিজ্ঞতা। বিশেষকৈ আফ্ৰিকা, এছিয়াৰ লোক আৰু আমেৰিকাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ মাজত হেনো লেক্ট'জ অসহিষ্ণুতাৰ প্ৰবণতা অধিক।
লেক্ট'জ অসহিষ্ণুতাৰ বিষয়ে সম্যক জ্ঞানে মোৰ মনলৈ যথেষ্ট স্বস্তি আনি দিলে যেন। নিজৰ শৰীৰক দোষ দিয়াৰ সলনি বুজিবলৈ শিকিলোঁ। প্ৰয়োজন হ’লে সহায় হিচাপে ল'বলৈ আৰম্ভ কৰিলোঁ লেক্টাচিড (Lactaid) জাতীয় টেবলেট। এই টেবলেটে গাখীৰৰ লেক্ট’জ ভাঙিবলৈ সহায় কৰে। কেনেবাকৈ ভুলতে গাখীৰ জাতীয় খাদ্য খাই পালে টেবলেট এটাও মুখত দিওঁ। লোভ সামৰিব নোৱাৰি গাখীৰেৰে কৰা মিঠাই বা অন্য খাদ্য জানি- বুজিয়ে খালে আগতীয়াকৈ এটাৰ সলনি দুটাকৈ টেবলেট খাই লওঁ।
পিছে এই সমস্যা কেৱল শাৰীৰিকেই নহয়— সামাজিকো। অসম বা ভাৰতৰ বহু ঠাইত বহুবাৰ সামাজিক পৰিৱেশত অস্বস্তিত পৰিছোঁ। সেই পৰ্ববোৰত গাখীৰৰ মিঠাই, পায়স, পনীৰৰ পৰা আৰম্ভ কৰি বহু খাদ্যই মোৰ জীভাৰ পানী আনে। তাৰ মাজত নিজৰ বাবে বিকল্প বিচাৰিবলৈ অসহজ লাগে। কাৰোবাৰ সেয়া চকুত পৰিলেতো কথাই নাই- “কিয় খোৱা নাই? এয়া লোৱা” বুলি একপ্ৰকাৰ জোৰ কৰিবলৈ আৰম্ভ কৰে। এয়াও আমাৰ অতিথিপৰায়ণতাৰে চিন। কিন্তু তাত যেন এতিয়াও লেক্ট'জ অসহিষ্ণুতাৰ দৰে বহু শাৰীৰিক সীমাবদ্ধতাৰ কোনো ঠাই নাই। সেয়ে প্ৰায়ে সেই কথা এৰাই চলাৰ চেষ্টা কৰোঁ। পিছে কেতিয়াবা বাধ্যত পৰি অস্ফুটভাৱে কৈ পালে লগে লগে শ্ৰোতাগৰাকীৰ দুচকু ডাঙৰ হৈ পৰে। আশ্চৰ্যচকিত মাতেৰে কয়,
“হেই, কি কোৱা! এইবোৰ শ্বেতাংগ মানুহৰহে সমস্যা। ভাৰতীয় মানুহৰ এনে ৰোগ নহয়তো!”
ঠিকেই! আমাৰ সমাজত এতিয়াও এনে খাদ্য-সম্পৰ্কীয় সমস্যা প্ৰায়ে এক ফেশ্বন বুলিহে ধৰা হয়। ডেইৰী ফ্ৰী, গ্লুটেন ফ্ৰী, নাট ফ্ৰী, ভিগান- এইবোৰ সেই ফেশ্বনৰে অংশ নহয় জানো? তেনে ধাৰণাই খাদ্যক লৈ বাচ-বিচাৰ যে বহুসময়ত এক বাস্তৱ বাধ্যবাধকতা সেই কথা ভাৱি চাবলৈ আহৰি নিদিয়ে।
আপোন ঠাই আৰু দেশ এৰি আহি বিদেশত থিতাপি লোৱাৰে পৰা পিছে অন্য এক পৰিৱেশৰ সন্মুখীন হৈছোঁ। সামাজিক নিমন্ত্ৰণ বা ৰেষ্টোৰাঁত এসাজ খাবলৈ গ'লে প্ৰায়ে সোধে, “খাদ্য-সম্পৰ্কীয় সীমাবদ্ধতা (dietary restriction) কিবা আছে নেকি?” সেই এটা প্ৰশ্নই যেন এটা স্বস্তি আনি দিয়ে! গৃহস্থ বা আলহী কোনো অসুবিধাত নপৰাকৈ সামাজিক পৰ্ব ৰক্ষা কৰাৰ বাট এটা মুকলি কৰে।
প্ৰথমবাৰ মোৰ জীৱনসংগী কাইলৰ পৰিয়ালক লগ পাবলৈ ওলাইছোঁ। ককাক-আইতাকৰ ঘৰত বৰদিন উপলক্ষে পৰিয়ালৰ সকলোবোৰ লগ হৈছে। কেনেডিয়ান পৰিয়াল- গতিকে স্বাভাৱিকতে প্ৰায়বোৰ খাদ্যত চীজৰ পয়োভৰ। কিন্তু গম পালোঁ- সকলো খাদ্য লেক্ট'জ ফ্ৰী।কাইলে হেনো আগতীয়াকৈ পৰিয়ালৰ সকলোকে জনাই থৈছিল। সেয়ে সকলো খাদ্যত গাখীৰৰ সলনি দিব পৰা বিকল্প উপাদান যোগ দি ৰান্ধিছে। সেই মুহূৰ্তত ভাৱ হৈছিল, খাদ্যৰ যোগেদিয়ে যেন পৰিয়ালটোৱে মোক গ্ৰহণ কৰি লৈছে- মোৰ সকলো সীমাবদ্ধতা মানি লৈছে। সেইদিনা নিমিষতে আপোন যেন হৈ পৰিছিল সেই বিদেশী পৰিয়ালটো!
কেতিয়াবা অৱশ্যে তেনে সহমৰ্মিতাৰ মাত্ৰাধিক্যই অস্বস্তিতো পেলায়। এবাৰ সহকৰ্মীৰ এটা দলৰ সৈতে এখন ৰেষ্টোৰাঁত দুপৰীয়াৰ আহাৰৰ বাবে বহিছিলোঁগৈ। ৱেইট্ৰেছে অৰ্ডাৰ লোৱাৰ পৰত লাহেকৈ সুধিলোঁ, মোৰ খাদ্যত গাখীৰৰ কিবা সামগ্ৰী আছে নেকি? লগে লগে যুৱতীগৰাকীৰ চকুৰ ভ্ৰু কোঁচ খালে। ক'লে, তেওঁ পাকঘৰলৈ গৈ ৰান্ধনিক এবাৰ সুধি জনাব। তাৰপিছত তেওঁ এবাৰ নহয়, দুবাৰ মোৰ সৈতে খাদ্যৰ উপাদান পৰীক্ষা কৰিলেহি। শেষত মোৰ সন্মুখত থ'লেহি—শুকান ব্ৰেড আৰু মৰমৰীয়া চালাডৰ বাতিটো। গম পালোঁ, মোৰ খাদ্যৰ পৰা গাখীৰৰ কণা এটাও থকা বুলি সন্দেহ হোৱা সকলো উপাদান আঁতৰাই দিছে। মোৰ খাদ্যৰসিক মনটো যেন জয় পৰি গ'ল। তাৰপিছৰে পৰা যিকোনো ৰেষ্টোৰাঁলৈ গ'লে বুজাই ক'বলৈ লৈছোঁ, ডিঙি ফুলি উশাহ ল'ব নোৱাৰা হৈ পৰা ধৰণৰ মাৰাত্মক এলাৰ্জী নহয়, গাখীৰ সহ্যহে কৰিব নোৱাৰোঁ। ভয় খাবলগীয়া একো নাই।
বিদেশৰ প্ৰায়বোৰ ঠাইতে গাখীৰৰ বিকল্প বহু সামগ্ৰী পাবলৈকো সহজ। অ'ট বা এলমণ্ডৰ গাখীৰ, লেক্ট'জ ফ্ৰী চীজ বা গাখীৰৰ সলনি নাৰিকলৰ ক্ৰীম আদিৰে কৰা সামগ্ৰী প্ৰায় সকলো দোকানতে কিনিবলৈ পোৱা যায়। গতিকে কানাডাত থিতাপি লোৱাৰে পৰা গাখীৰৰ বহু খাদ্য গাখীৰ অবিহনেই ৰান্ধিব পৰা হৈছোঁ। তথাপি আজিও মই দৈ, মিঠাই, পনীৰৰ সোৱাদক লৈ নষ্টালজিয়াত ভোগোঁ। কিন্তু এতিয়া অন্ততঃ নিজৰ শৰীৰৰ কথা শুনিবলৈ শিকিছোঁ—লাজ-সংকোচ নকৰাকৈ মুখ ফুটাই ক’ব পৰা হৈছোঁ—“মই সেয়া খাব নোৱাৰোঁ, বেয়া নাপাব।”
বাৰাণ্ডাত বহি মাই এতিয়াও গাখীৰ চাহ একাপ লৈ দিনটোৰ আৰম্ভণি কৰে। মই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ফোনত কথা হওঁ —সন্মুখৰ চোতাল আৰু ফুলনিৰ সেই স্নিগ্ধ ৰাতিপুৱাবোৰ সোঁৱৰণিৰ পটত জিলিকি উঠে। এনে এটা দিনতে মাই ক'লে, দেউতাৰ পেটৰ অসুখ। কিয়, কি খাইছিল? বিহুৰ সময় যেতিয়া প্ৰায় প্ৰতিদিনেই ম'হৰ এঠা দৈৰে জা-জলপান খাইছে। আৰু বেলেগ একোতো খোৱা নাই। বেকাঁ হাঁহি এটাৰে মই ক'লোঁ,
“দেউতাৰো লেক্ট'জ অসহিষ্ণুতা কিজানি!”

No comments:
Post a Comment