Wednesday 12 May 2021

পৰিৱেশ দিৱস হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প

বিদ্যালয়ত পঢ়ি থকা দিনবোৰত প্ৰতিবছৰে পাঁচ জুন তাৰিখটো কেৱল এটা কাৰণতে আমাৰ বাবে বিশেষ হৈ ৰৈছিল৷ বছৰৰ সেই দিনটোত বন বিভাগৰ স্থানীয় কাৰ্য্যালয়ৰ উদ্যোগত বিতৰণ কৰা বিভিন্ন গছপুলি ৰুইছিলো ঘৰ আৰু বিদ্যালয়ৰ চৌহদত৷ বিদ্যালয় বা স্থানীয় কোনো মঞ্চই আয়োজন কৰা ৰচনা বা চিত্ৰ প্ৰতিযোগিতা কিছুমানতো যোগ দিছিলো৷ এতিয়াও শিক্ষানুষ্ঠান আৰু অন্য প্ৰতিষ্ঠানবোৰত তেনেদৰেই বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰা হয়নে নহয় নাজানো৷ কিন্তু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত যোৱা এটা দশক ধৰি জড়িত হৈ থাকি অনুভৱ কৰিছোঁঁ, মাথোঁ এই এটা দিনতে সজাগতা অনাৰ চেষ্টাসমূহ সীমিত হৈ থাকিলে বৰ্ত্তমানৰ পৰিৱেশ সংকটৰ পৰা ৰক্ষা পোৱাৰ আশা নিচেই কম৷ প্ৰগতিৰ শীৰ্ষত আৰোহণ কৰাৰ যুঁজত মগ্ন হৈ থাকোতে মানৱ সমাজে নিজৰ অস্তিত্বৰ মূল ভেঁটি প্ৰকৃতিৰ ভাৰসাম্যতাকে বিনষ্ট কৰি বৰ্তমান এক সংকটময় সময়ত উপস্থিত হৈছেহি৷ ইয়াৰ সাক্ষ্য দিছে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা গোলকীয় উষ্ণতা, প্ৰদূষণ, দৰিদ্ৰতা, মহামাৰী আদিয়ে৷ গতিকে বৰ্তমান প্ৰয়োজন হৈ পৰিছে সামগ্ৰিকভাৱে সমাজৰ সকলো স্তৰতে আৰু গাইগুটিয়াকৈ প্ৰতিজন সচেতন নাগৰিকেই পৰিৱেশ সংৰক্ষণৰ বাবে সময়োচিত ব্যৱস্থা লোৱাৰ আৰু মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কক এক নতুন সংজ্ঞা দিয়াৰ৷ আমি মৰ্মে মৰ্মে উপলব্ধি কৰাৰ প্ৰয়োজন হৈছে যে মানৱজাতিৰ অস্তিত্ব ৰক্ষা নিৰ্ভৰ কৰিছে পৰিৱেশ সংৰক্ষণৰ ওপৰত৷ 

প্ৰকৃতিয়ে মানৱ সমাজৰ কল্যানৰ বাবে আগবঢ়োৱা অমূল্য অৱদান আৰু বৰ্তমান পৰিৱেশৰ প্ৰতি আহি পৰা ভাবুকিবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাষ্ট্ৰসংঘই ২০২১-২০৩০ দশকটো পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ (ecosystem restoration)ৰ দশক হিচাপে ঘোষণা কৰিছে৷ এইটোকে মূল বিষয় হিচাপে লৈ দেশে-বিদেশে এইবৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ’ব৷ এই দিৱসত ৰাষ্ট্ৰসংঘই সকলোকে আহ্বান জনাইছে মানুহ আৰু প্ৰকৃতিৰ উভয়ৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ আৰু প্ৰতিৰক্ষাৰ বাবে #GenerationRestoration নামৰ বিশ্বজুৰা আন্দোলনত যোগ দিবলৈ ৷ এই সুযোগতে আহকচোন বুজ লওঁ কিয় আৰু কেনেকৈ এই পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিব পৰা যায়?

পৰিস্থিতিতন্ত্ৰনো কি?

সহজ ভাষাত পৰিস্থিতিতন্ত্ৰ হৈছ জীৱ-জন্তুৱে ইটোৱে সিটোৰ লগত আৰু চাৰিওদিশৰ পৰিৱেশৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ থাকি জীৱন অতিবাহিত কৰা যিকোনো ঠাই৷ পৰিস্থিতিতন্ত্ৰ এটাত সকলো জৈৱিক কাৰক অৰ্থাৎ সৰু-বৰ সকলোবোৰ জীৱ চাৰিওদিশৰ পৰিৱেশৰ অজৈৱিক কাৰক যেনে উষ্ণতা, আৰ্দ্ৰতা আদিৰ সৈতে পাৰস্পৰিকভাৱে নিৰ্ভৰশীল হৈ জীয়াই থাকে৷ জৈৱিক বা অজৈৱিক কোনো এটা অংশৰ সালসলনি হ’লে পৰিস্থিতিতন্ত্ৰৰ বাকী অংশবোৰতো ইয়াৰ প্ৰভাৱ পৰে৷ উদাহৰণস্বৰূপে, এটা পৰিস্থিতিতন্ত্ৰত উষ্ণতা বাঢ়িলে তাত থকা উদ্ভিদবোৰৰ বৃদ্ধি আৰু প্ৰজননত প্ৰভাৱ পৰে৷ ইয়ে আকৌ গৈ তেনে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল প্ৰাণীবোৰক প্ৰভাৱান্বিত কৰে৷ পৰিস্থিতিতন্ত্ৰ এখন অৰণ্যৰ দৰে বিশাল হ’ব পাৰে নাইবা এটা কণমাণি পুখুৰীৰ দৰে সৰুও হ’ব পাৰে৷ পৃথিৱীৰ সকলো ঠাই প্ৰকৃততে ইটোৱে সিটোৰ লগত সংযোজিত হৈ থকা অলেখ-অসংখ্য পৰিস্থিতিতন্ত্ৰৰ সমষ্টি৷ 

অসমত সচৰাচৰ দেখা পোৱা এক পৰিস্থিতিতন্ত্ৰ

পৰিস্থিতিতন্ত্ৰবোৰ মানুহৰ বাবে অপৰিহাৰ্য্য কাৰণ প্ৰতিটো পৰিস্থিতিতন্ত্ৰই বিভিন্ন উপায়েৰে মানৱ সমাজক উপকৃত কৰে৷ আমি খোৱা পানী আৰু খাদ্য, উশাহত টানি লোৱা বায়ুৰ লগতে পৃথিৱীখন মানুহৰ বাবে বাসযোগ্য কৰি ৰখা সকলোখিনি পৰিস্থিতিতন্ত্ৰৰে অৱদান৷ 

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ কিয়?

শেহতীয়াকৈ মানুহৰ ধ্বংসাত্মক কাৰ্য্য কলাপৰ ফলত পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা বিনষ্ট হৈছে৷ মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন , জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ,জলবায়ু পৰিৱৰ্ত্তন , প্ৰদূষণ আদিয়ে বহুতো পৰিস্থিতিতন্ত্ৰক ধ্বংসৰ মুখলৈ ঠেলি দিছে৷ শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন ত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভুতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি আগবঢ়োৱা এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণত প্ৰকাশ পাইছে যে মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ তেনেদৰে ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পাইছে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আদি বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zone) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)৷ বিশ্লেষণটোত লগতে ধৰা পৰিছে যে যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে পৃথিৱীৰ গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷ পৰিস্থিতিতন্ত্ৰৰ এই সংকটৰ ফলতেই প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে৷

পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ হ’ব কেনেকৈ?

পৰিস্থিতিতন্ত্ৰবোৰ জটিল, ঠাইবিশেষে পৰিস্থিতিতন্ত্ৰও ভিন্ন৷ গতিকে পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াও ঠাই আৰু সেই ঠাইৰ প্ৰত্যাহ্বান লৈ বেলেগ বেলেগ হ’ব পাৰে৷ এইবাবেই ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ সকলো পৰ্য্যায়ৰ সচেতন নাগৰিক, সংগঠন তথা চৰকাৰৰ বাবে বিশেষভাৱে সহায়ক হোৱাকৈ বিভিন্ন পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ এক নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছে ৷ এই নিৰ্দেশনাত পৰিস্থিতিতন্ত্ৰৰ ক্ষতি ৰোধ কৰিবলৈ দৰকাৰী পদক্ষেপসমূহৰ বিশদ আলোচনা কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনাত  উল্লিখিত মূল পৰিস্থিতিতন্ত্ৰবোৰ হৈছে- অৰণ্য, পৰ্বত, তৃণভূমি, জলাশয়, কৃষিভূমি আৰু নগৰ অঞ্চল৷

নাগালেণ্ডৰ ফাকিম সংৰক্ষিত বনাঞ্চলৰ সেউজ অৰণ্য


অৰণ্য: অৰণ্যই আমাৰ বাবে পৰিস্কাৰ পানী আৰু বায়ু যোগান ধৰে আৰু জলবায়ু নিয়ন্ত্ৰণ কৰি পৃথিৱীখন মানুহৰ বসবাসৰ উপযোগী কৰি ৰাখে৷ অলেখ অসংখ্য উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হ’ল অৰণ্যবোৰ৷ তেনেদৰে দেশে-বিদেশে বহুতো স্থানীয় জাতি-জনজাতিৰ জীৱন নিৰ্বাহৰ থলো অৰণ্য৷

জনসংখ্যা বাঢ়ি অহাৰ লগে লগে বৃদ্ধি পোৱা খাদ্য আৰু বাসস্থানৰ প্ৰয়োজন পূৰাবলৈ বহুতো অৰণ্য মোকলাই মানুহে খেতি-বাতি কৰিবলৈ লৈছে আৰু ঘৰ সাঁজি বাস কৰিবলৈও লৈছে৷ তাৰ লগে লগে বাঢ়ি গৈছে কুণ্ডা কটা, প্ৰদূষণ আৰু বনজুইৰ বিভীষিকা৷ অৰণ্যৰ পুনৰুদ্ধাৰৰ বাবে এই বনাঞ্চলসমূহত ওপৰত পৰা হেঁচা কমাই আনি ক্ষতিগ্ৰস্ত অঞ্চলবোৰত পুনৰীজ্জীৱিত কৰাত সহায় কৰাৰ প্ৰয়োজন৷ লগতে খেতিৰ বাবে অনুপযোগী হৈ পৰা বহুতো অঞ্চলত স্থানীয় গছৰোপণৰ জড়িয়তে অৰণ্যৰ উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰি৷ 

নাগালেণ্ডৰ সেউজ নাগা পৰ্বতশ্ৰেণী

পৰ্বত: পৃথিৱীৰ প্ৰায় এক চতুৰ্থাংশ ভূমি অধিকাৰ কৰি আছে পৰ্বতীয়া অঞ্চলে৷ এই পাহাৰ-পৰ্বতসমূহ বিশ্বৰ প্ৰায় আধা জনসংখ্যাৰ বাবে পৰিষ্কাৰ পানীৰো উৎস৷ বিশ্বৰ বহুতো আপুৰুগীয়া জীৱ-জন্তুৰ আবাসস্থল এই পৰ্বতবোৰত মানুহৰ সাংস্কৃতিক বৈচিত্ৰ্যতাও অদ্বিতীয়৷

পৰ্বতসমূহ মানুহৰ অদুৰদৰ্শী কাৰ্য্যকলাপ আৰু জলবায়ু পৰিৱৰ্তন দুয়ো দিশৰ পৰাই স্পৰ্শকাতৰ অঞ্চল৷ বহুতো পৰ্বতীয়া অঞ্চলত খেতি বা বসবাসৰ বাবে এঢলীয়া ঠাই মোকলালে তেনে ঠাইৰ মাটিত খহনীয়া হ’বলৈ আৰম্ভ কৰে৷ খহনীয়া আৰু প্ৰদূষণে পাহাৰৰ পৰা বৈ যোৱা নৈ-জুৰি আদিৰ পানীতো প্ৰভাৱ পেলায়৷ তেনেদৰে গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাই স্থানীয় জীৱ-জন্তু বা জাতি-জনজাতিকো স্থানান্তৰিত কৰিব পাৰে৷ এনে ঠাইৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ সংৰক্ষণ কৰি খহনীয়া আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ খেতিৰ সৈতে উপকাৰী গছৰ ৰোপন আৰু প্ৰতিপালৰ পদ্ধতি যেনে এগ্ৰ’ফৰেষ্টিৰ প্ৰয়োগেৰে এনে পৰিস্থিতিতন্ত্ৰৰ স্থিতিস্থাপকতা (resilience) বঢ়াব পাৰি৷ এইক্ষেত্ৰত স্থানীয়া জাতি-জনজতিৰ পৰম্পৰাগত জ্ঞান (Indigenous knowledge) বিশেষভাৱে সহায়ক হ’ব পাৰে৷

অসমৰ জীয়াভৰলী নৈ এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ

জলাশয়: নদ-নদীয়ে বহু লোকৰ বাবে খাদ্য, পানী আৰু শক্তিৰ যোগান ধৰে৷ অসমৰ দৰে নদ-নদী আৰু খাল-বিলেৰে পৰিপূৰ্ণ ৰাজ্যত এই পৰিস্থিতিতন্ত্ৰসমূহ পুনৰুদ্ধাৰৰ গুৰুত্ব অসীম৷ জলাশয়ৰ আশে পাশে চলা বিভিন্ন কাৰ্য্যকলাপে ইয়াৰ পৰিৱেশ বিনষ্ট কৰে, প্ৰদূষিত পানীয়ে জলাশয়ৰ জীৱ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ মানুহৰ জীৱনতো প্ৰভাৱ পেলায়৷ 

জলাশয়ৰ পুনৰুদ্ধাৰৰ বাবে পানীৰ গুণাগুণ ৰক্ষা আৰু প্ৰদূষণ ৰোধ কৰাৰ দৰকাৰ৷ তেনেদৰে বান্ধ নিৰ্মাণৰ সময়ত ইয়াৰ ফলত জলাশয়ৰ বিভিন্ন স্তৰত আৰু আশে পাশে জৈৱবৈচিত্ৰ্য আৰু মানুহৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিশদ আৰু নিৰপেক্ষ বিশ্লেষণৰ প্ৰয়োজন৷ 

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ তৃণভূমি

তৃণভূমি: তৃণভূমি মানুহ আৰু বহু জীৱ-জন্তুৰ বাবে এক গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ এনে অঞ্চলসমূহৰ সঠিক পৰিচালনা নকৰাৰ বাবেই বহু ঠাইত তৃণভূমিসমূহ ক্ষতিগ্ৰস্ত হৈছে৷ তৃণভূমিৰ গুৰুত্ব নুবুজি বিস্তৰ অঞ্চল খেতি-পথাৰলৈ ৰূপান্তৰ কৰা হৈছে৷ ইয়াৰ ফলত এই অঞ্চলবোৰৰ মাটি অনুৰ্বৰা হৈ পৰিছে আৰু স্থানীয় উদ্ভিদৰ সলনি অপকাৰী বহিৰাগত উদ্ভিদ (invasive alien species) থন ধৰি উঠিছে৷

তৃণভূমিৰ পুনৰুদ্ধাৰৰ বাবে এই অঞ্চলসমূহৰ ব্যৱহাৰ বহনক্ষম (sustainable) কৰাৰ প্ৰচেষ্টা চলোৱা উচিত৷ এইক্ষেত্ৰত স্থানীয় লোকসকলৰ সৈতে সহমতত উপনীত হৈ দীৰ্ঘম্যাদী পৰিকল্পনা কৰাৰ দৰকাৰ৷ 

অসমৰ এখন ধাননি পথাৰ


কৃষিভূমি: বৰ্তমান পৃথিৱীৰ এক-তৃতীয়াংশ ভূমি কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়৷ গতিকে এই অঞ্চলবোৰ মানুহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ পৰিস্থিতিতন্ত্ৰ৷ আমাৰ বাবে খাদ্য যোগান ধৰাৰ উপৰিও বহু খেতি-পথাৰ বাদুলী, চৰাই-চিৰিকটিকে ধৰি নানা জৈৱবৈচিত্ৰ্যৰেও চহকী৷ গতিকে অৰ্থনৈতিক আৰু প্ৰাকৃতিক দুয়োটা দিশৰ পৰাই এই পৰিস্থিতিতন্ত্ৰৰ প্ৰতিৰক্ষা অতিকৈ প্ৰয়োজনীয়৷

 মাটিৰ খহনীয়া, অত্যাধিক ৰাসায়নিক সাৰ-প্ৰয়োগ, অপকাৰী কীট-পতংগ আদিয়ে কৃষিভূমিৰ ক্ষতিসাধন কৰি উৎপাদন কমাই আনিছে৷ এনে অঞ্চলৰ পুনৰুদ্ধাৰৰ বাবে জৈৱিক সাৰ প্ৰয়োগ, জৈৱিক পদ্ধতিৰে কীট-পতংগৰ প্ৰতিৰোধ, একেবিধ খেতিৰ সলনি মিশ্ৰিত খেতি আৰু প্ৰয়োজন সাপেক্ষে উপকাৰী গছৰোপণ কৰি সহায় কৰিব পাৰি৷ এনে পদক্ষেপবোৰে খেতিৰ মাটি উৰ্বৰা কৰে আৰু কম মাটিতে অধিক উৎপাদনতো সহায় কৰিব পাৰে৷ 

মিজোৰামৰ আইজ’ল চহৰ


নগৰ অঞ্চল: পৃথিৱীৰ প্ৰায় এক শতাংশ নগৰ অঞ্চল কিন্তু এই নগৰসমূহতে বৰ্তমান মুঠ জনসংখ্যাৰ অৰ্ধাংশ লোকে বসবাস কৰে৷ বৃহৎ নগৰ আৰু টাউন এলেকাবোৰক বহুতে প্ৰাকৃতিক মৰুভূমি (ecological deserts) বুলি আখ্যা দিয়ে কিন্তু এনে অঞ্চলৰো পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ থল আছে৷ কংক্ৰীটৰ অৰণ্য, যান-বাহনৰ ভিৰৰ মাজতো নগৰীয়া অঞ্চলবোৰে আমাৰ জীৱন-ধাৰণ স্বাস্থ্যকৰ কৰি তুলিব পাৰে৷

নগৰসমূহ মূলত ক্ষতিগ্ৰস্ত হৈছে প্ৰদূষণ আৰু অস্বাস্থ্যকৰ- অপৰিষ্কাৰ পৰিৱেশেৰে৷ ইয়াৰ পুনৰুদ্ধাৰৰ বাবে পথৰ আশে পাশে স্থানীয় উদ্ভিদ ৰোপন আৰু প্ৰতিপালন কৰি আৰু সৰু-বৰ সেউজ উদ্যান আদি গঢ়ি তুলি এটা সুস্থ পৰিৱেশ গঢ়াত অৰিহণা যোগাব পাৰে৷ তেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰি চলিলে এনে আৱৰ্জনাই প্ৰদূষণ কৰাৰো সম্ভাৱনা কমি যায়৷ তাৰোপৰি স্থানীয় সচেতন মহলে পৌৰনিগমৰ সৈতে লগ লাগি নলা-নৰ্দমাবোৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে৷ 


আমাৰ চাৰিওকাষৰ বিভিন্ন পৰিস্থিতিতন্ত্ৰই বহুতো উপায়েৰে আমাৰ দৈনন্দিন জীৱন সুচল কৰি তুলিছে, আমাৰ স্বাস্থ্য আৰু কল্যান সুনিশ্চিত কৰি ৰাখিছে৷ গতিকে মানৱ জাতি তিষ্ঠি থাকিবৰ বাবেই মানুহে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱকুলৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ অতিকৈ প্ৰয়োজন৷ কিন্তু এই সকলোবোৰ উপযোগীতা বিনামূল্যেই বা অযাচিতেই পাই অহাৰ বাবেই হয়তো মানুহে প্ৰকৃতি বিনষ্ট কৰাৰ আগতে এবাৰ ভাৱি চোৱাৰ অৱকাশ নোলায়৷ এইপথতে একেগতিৰে আগবাঢ়ি গৈ থাকিলে মানৱজাতিয়ে নিজৰে কৃতকৰ্মৰ ফল বৰ্তমানতকৈও ভয়াবহভাৱে ভুগিবলৈ সাজু হ’ব লাগিব৷ আমাৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য্য খাদ্য আৰু স্বাস্থ্যৰ ওপৰতে ইয়াৰ সকলোতকৈ গম্ভীৰ প্ৰভাৱ পৰিব৷ ক’ৰনা ভাইৰাছ ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু ইয়াৰ পৰা হোৱা ব্যাপক ক্ষতিয়ে পুনৰবাৰ আমাক সোঁৱৰাই গৈছে যে, প্ৰাকৃতিক পৰিৱেশ ধবংসই মানৱজাতিৰ অস্তিত্ব ৰক্ষা কৰি থকা প্ৰক্ৰিয়াটোকে ধবংস কৰে৷ প্ৰকৃতিয়ে মানৱসমাজলৈ প্ৰেৰণ কৰা এই বাৰ্তাই আমাক সকলোকে জাগ্ৰত কৰি তোলক৷ বিশ্ব পৰিৱেশ দিৱস মাথোঁ এটা দিৱস নহওক, ই হওক পৰিৱেশ পুনৰুদ্ধাৰৰ এক দৃঢ় সংকল্প৷ এয়াই সকলোৰে প্ৰতি সময়ৰ আহ্বান৷ 

No comments:

Post a Comment