Saturday, 11 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (২)

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

প'বলে ছেকৰ পৰা জৰ্জ ক্লুনীলৈ তামোল এখন খোৱাৰ বাট!

বাৰ্চিলোনাত আমাৰ প্ৰথম দিন৷ আমি আগতীয়াকৈ এপাৰ্টমেন্ট এটা ঠিক কৰি থৈছিলো৷ মূল চিটি চেন্টাৰৰ ওচৰতে ৰিকাৰ্ট নামৰ ঐতিহাসিক অঞ্চল এটাত৷ সুসজ্জিত এটা শোৱাকোঠাৰ সৈতে যাবতীয় সকলো বয়-বস্তু হাততে পোৱাকৈ থকা পাকঘৰ আৰু বহাকোঠা৷ বহাকোঠাতে প্ৰয়োজনত বিছনালৈ ৰূপান্তৰিত কৰি পেলাব পৰা কোমল চোফা ৷ তিনিজনৰ বাবে আৰামদায়ক এপাৰ্টমেন্ট৷

ৰিকাৰ্টৰ পৰা আটাইতকৈ ওচৰৰ মেট্ৰ’ ষ্টেচনটোৰ নাম প’বলে ছেক ৷ সন্ধিয়া গুগুল মেপত চাই আমি প’বলে ছেকৰ ওচৰতে থকা বিখ্যাত ব্লাই গলি (Blai street)ত ভৰি দিলোগৈ৷ পৰ্য্যটকেৰে গিজগিজাই থকা এখন ঠাই৷ আমিও অনায়াসে যেন সেই ভিৰৰ এটা অংশ হৈ পৰিলো৷



ব্লাই গলিৰ একাংশ

বাটৰ দুয়োকাষে পৰম্পৰাগত স্পেনিছ খাদ্যৰ শাৰী শাৰী ৰেষ্টুৰেন্ট৷ মাজতে ধুনীয়াকৈ সজাই থোৱা টেন্টৰ ভিতৰত চকী-টেবুল দি খোৱাৰ ব্যৱস্থা কৰি দিছে৷ কোনো কোনো টেন্টৰ মাজত জুই একুৰাও ধৰি থৈছে৷ সন্ধিয়াৰ পাতলীয়া ঠাণ্ডা, ৰঙীণ লাইট আৰু জুইৰ শিখাৰ মাজেৰে ছাঁ-পোহৰৰ খেলা, দেশী-বিদেশী পৰ্য্যটকৰ আহ-যাহ, উচ্ছাসপূৰ্ণ কথা-বতৰা- সকলো মিলি ব্লাই গলিয়ে এটা মোহনীয় ৰূপ লৈছে৷ 



দেখিলো, প্ৰায়বিলাক ৰেষ্ট্যুৰেন্টৰ সন্মুখত একোজন মানুহ থিয় দি ৰৈছে৷ হাতত একোখনকৈ মেন্যু৷ স্পেনিছ/ইংৰাজী মিহলি ভাষাত ৰেষ্ট্যুৰেন্টৰ জুতিলগা খাদ্য আৰু কম দামৰ কথা কৈ কৈ বাটৰ মানুহক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে৷ আমাকো তেনেকৈ এজনে সুবিধা বুজি ৰখাই লৈ বিভিন্ন স্পেনিছ খাদ্যৰ বৰ্ণনা দিবলৈ লাগিল৷ মানুহজনৰ ব্যৱসায় বুদ্ধিয়ে কাম দিলে (নে আমাৰ ’বুদ্ধিহীনতা’ (cluelessness)ই!), কি পাওঁ চাওঁচোন বুলিয়ে তিনিও সোমাই গ’লো৷ হৰেক ৰকমৰ ’টাপাজ’ৰ মাজৰ পৰা বীৰ আৰু প্ৰজ্ঞাই নিৰামিষবিধ বিচাৰিব লগা হ’ল৷ মই চকু মুদি শুনি ভাল লগা নাম এটাকে অৰ্ডাৰ কৰিলো৷


টাপাজ 
টাপাজ দেখিবলৈ সৰু কেক এটুকুৰাৰ দৰে, কিন্তু কেইবাতৰপীয়া৷ ধৰণ অনুসৰি প্ৰতিবিধৰ তৰপবোৰ বেলেগ বেলেগ হয়৷ অৱশ্যে তৰপবোৰৰ একেবাৰে ওপৰত অলিভ একোটা দিয়াটো নিয়মৰ দৰে৷ তৃপ্তিৰে টাপাজটো শেষ কৰি ৰেষ্টুৰেন্টৰ ব্যৱসায় বুদ্ধিৰ দ্বিতীয়বাৰ প্ৰয়োগ হোৱাৰ আগতেই অন্য এখনত নতুন কিবা পাওঁ নেকি চাওঁগৈ বুলি উঠিলো৷ 

পিছে ইমানবোৰৰ মাজৰ পৰা ক’ত খাঁটি স্পেনিছ খাদ্য পাম উলিয়াবলৈ ভাবিব লগা হ’ল৷ প্ৰজ্ঞাৰ থিয়ৰী-”ৰেষ্টুৰেন্টৰ মূল মানুহজন স্পেনিছ হ’লে তাৰ খাদ্যও স্পেনিছ হ’ব৷ কেইবাখনতো মিড’ল-ইষ্টৰ মানুহ দেখিলো৷ গতিকে সেইবোৰত নোসোমাই ভালকৈ চাই লৈ আচল স্পেনিছ ৰেষ্টুৰেন্টত সোমাম৷” 

শুনাত একেবাৰে পোনপটীয়া যেন লগা এই থিয়ৰীটোৱে পিছে কাম নিদিলে৷ অসুবিধা বহুত- ৰেষ্টুৰেন্টৰ কৰ্মকতাক বাহিৰৰ পৰা এনেকৈ দেখা পোৱাটো সহজ নহয়, দেখা পালেও মূল মুৰব্বী কোন কোৱা টান, ক’ব পাৰিলেও স্পেনিছ হয় নে নহয় বুজা টান৷ গতিকে প্ৰায় অসম্ভৱ৷ 

এইবাৰ মই চেষ্টা এটা চলালো, 
”ইমানবোৰ ৰেষ্টুৰেন্টৰ মাজতো কিছুমান প্ৰায় খালী, কিছুমানত ভৰি থ’বলৈ ঠাই নাই৷ ইয়াৰ মানুহ বা খা-খৱৰ লৈ অহা ট্যুৰিষ্টে জানে, কোনবোৰত ভাল খাদ্য পোৱা যায়-গতিকে তাতে ভিৰ কৰেগৈ৷ আমি ভিৰৰ মাজত সোমালেই হৈ যাব কিজানি৷” 

এইবাৰ কাম সিজিল৷ ভিৰৰ মাজতে এখন ৰেষ্ট্যুৰেন্টত টেবুল এখন অধিকাৰ কৰিলোগৈ৷ ৱেইটাৰজনে সলসলীয়া ইংৰাজী কয়৷ আমাক মেন্যুখন দেখুৱাই সুন্দৰকৈ বুজাই দিলে কি কি পোৱা যায়৷ 

স্পেনিছ পায়াৰ জুতি লৈ 
খন্তেক পিছতে লৈ আহিল ধোঁৱাই থকা ’পায়া’ (Paella)- স্পেইনৰ জাতীয় খাদ্য৷ দেখাত আমাৰ বিৰিয়ানিৰ দৰে৷ এবিধ ডাঙৰ চাউলৰ সৈতে বহু কেইবিধ পাচলি আৰু পছন্দৰ মাংস তেলত ভজা৷ জুতি অনুসৰি পায়াৰ উপকৰণ আৰু ৰন্ধন-প্ৰকৰণ বেলেগ বেলেগ হ’ব পাৰে৷ কিন্তু, চাউল, নহৰু, ছেফ্ৰ’ন আৰু নিমখ যিকোনো পায়াৰে মূল উপকৰণ৷  পায়া ৰন্ধা তাৱাৰ দৰে চেপেটা বাচনটোতে পৰিবেশনো কৰে৷ তৃপ্তিৰে খাই উঠি ঘৰলৈ বুলি খোঁজ দিওঁ মানে নিশা দহমান বাজিছে৷ 

উভতাৰ বাটত, এঠাইত এটা বিজ্ঞাপনত জৰ্জ ক্লুনীক দেখি মোৰ মনলৈ হঠাতে ভাব আহিল, 
”জৰ্জ ক্লুনীক কিয় ইমান আকৰ্ষণীয় বুলি কোৱা হয়!” প্ৰশ্নটো মুখলৈ আনিবলৈহে পালো, প্ৰজ্ঞা আৰু বীৰৰ মাজত লানি নিছিগা যুক্তি-তৰ্কৰ এখন ৰেলগাড়ীহে চলিল যেন! 

বীৰৰ মতে, ”জৰ্জ ক্লুনীৰ ব্যক্তিত্ব কৰিস্মেটিক৷ খুউব কম মানুহৰ মাজতেইটো বিউটি এণ্ড ব্ৰেইন একেলগে পোৱা যায়!” 

প্ৰজ্ঞাৰ যুক্তি, ”নাই, তেনেকুৱা বিউটি এণ্ড ব্ৰেইন দুয়োটাই থকা চেলিব্ৰিটী যথেষ্ট আছে৷ জৰ্জ ক্লুনীৰ আকৰ্ষণ পাৱাৰ কাপ’ল হিচাপেহে৷ তেওঁৰ পত্নী অমল সাংঘাতিক সফল আইনজ্ঞ হিচাপে ৷” 

-দুয়ো জৰ্জ ক্লুনী ভাৰছাছ অমল ক্লুনী নামৰ মেটছখনত সফলতাৰ স্ক’ৰ হিচাপ কৰিবলৈ লাগিল৷ মেটছখন অনিৰ্দিষ্ট কাললৈ স্থগিত কৰিবলৈ (সেইখন মেটছ এতিয়াও চলি আছে!) মই ৰুলিং দিব লগা হ’ল, যেতিয়া হঠাতে উপলব্ধি কৰিলো যে কথাৰ লাচত আমি এপাৰ্টমেন্ট ক’ৰবাতে এৰি আহিলো৷ প’বলে ছেক মেট্ৰ’ ষ্টেচন পোৱাৰ পিছত বাওঁহাতে ঘুৰি ঘৰলৈ যোৱাৰ সলনি আমি পোনেই পোনেই আহি থাকিলো৷ 

বাৰ্চিলোনাত থকা পিছৰ কেইদিন জৰ্জ ক্লুনীয়ে পাহৰোৱা সেই প’বলে ছেক ষ্টেচনটোক আমি জৰ্জ ক্লুনী মেট্ৰ’ ষ্টেচন বুলিহে ক’বলৈ ল’লো৷ 

কাটালানসকলৰ প্ৰতি এমুঠি সহমৰ্মিতা 
দৈনন্দিন জীৱনত কিমান নিয়মানুৱৰ্তী হৈ থাকোঁ ক’ব নোৱাৰোঁ, কিন্তু বাৰ্চিলোনাত আমি আগতীয়াকৈ নিজৰ নিজৰ দায়িত্ব পালন কৰাত সচেষ্ট হ’লো৷ 

নিশা বীৰৰ মেপ অধ্যয়ন 
প্ৰতিনিশাই পিছদিনাৰ দিনটোৰ কাৰ্য্যসূচী ঠিক কৰা, ক’লৈ কেনেকৈ যাম ইত্যাদি গুগুল ককাইদেউৰ পৰা আগতীয়াকৈ জানি লোৱা, খৰচৰ হিচাপ-নিকাচ সকলোখিনি সাংঘাটিক তৎপৰতাৰে প্ৰত্যেকেই কৰি গ’লো৷ পিছে ইমানখিনিৰ পিছতো কিছু বিসংগতিয়ে দেখা নিদিয়াকৈ নাথাকিল৷ উদাহৰণ?Museu Nacional d'Art de Catalunya- কাটাল’নিয়াৰ এটা বিখ্যাত সংগ্ৰহালয়৷ আমি যোৱাৰ দিনা সোমবাৰ আছিল৷ গৈ পাইহে গম পালো সপ্তাহটোৰ মাথোঁ সেই বাৰতে প্ৰায়বিলাক অনুষ্ঠান বন্ধ থাকে৷ গতিকে আমাৰ আৰু বাৰ্চিলোনাত সংগ্ৰহালয় চোৱা নহ’ল৷ 

সংগ্ৰহালয়টো বাহিৰৰ পৰা 
অলিম্পিক ষ্টেডিয়ামত
তাৰ কাষতে থকা Estadi Olímpic Lluís Companys লৈকে পাক এটা মাৰিলো৷ ১৯২৭ চনতে সজা এই ষ্টেডিয়ামটো ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ মূল ষ্টেডিয়াম আছিল৷ অলিম্পিকৰ আৰম্ভণি আৰু সামৰণি দুয়োটা অনুষ্ঠানেই এই ষ্টেডিয়ামত আয়োজন কৰা হৈছিল৷ প্ৰকৃততে এই অলিম্পিকৰ পিছতে পৰ্য্যটনৰ ক্ষেত্ৰখনত বাৰ্চিলোনাই নিগাজিকৈ খোপনি পুতি ল’লে৷ 

তাৰপৰা মন্টজুইক দূৰ্গলৈ যোৱাৰ হেঁপাহ হ’ল৷ খোঁজেৰেই অলপ দূৰ গৈ এঠাইত একো উৱাদিহ নোপোৱা হৈ ৰৈ গ’লো৷ চাৰিআলি এটা- গুগুল মেপত দূৰ্গটো পাবলৈ যি দিশে যাবলৈ উপদেশ দিছে, বীৰৰ হাতত থকা ট্যুৰিষ্ট মেপৰ দিশ সম্পূৰ্ণ বিপৰীত৷ প্ৰজ্ঞাই আকৌ বাটৰ চাইনবোৰ্ড চাই লৈ তৃতীয় বাট এটাৰেহে যাব লাগে বুলি ধৰিলে৷ বীৰে ক’লে, 

”নাই, এনেকৈ নহ’ব৷ স্পেইনৰ কিবা চৰকাৰী মেপিং এপ আছে নেকি বিচাৰি ইনষ্টল কৰি ল’ব লাগিব৷ সাধাৰণতে প্ৰায়বোৰ ইউৰোপীয়ান মহানগৰৰ নিজা এপ আছে- আৰু নিজৰটো চলাবলৈকে গুগুলক সেইবোৰে একো ইনফ’ নিদিয়ে৷ সেইকাৰণে গুগল মেপে ইয়াত কাম কৰা নাই চাগৈ৷” 

”সেয়া বাৰু পিছত হ’ব৷ এতিয়া কি কৰা যায়?”- মই কৈ উঠিলো৷

প্ৰজ্ঞাই ইফালে সিফালে চাই এজন বাটৰুৱাক মাত দিলেগৈ৷ ইংৰাজীত দুই এষাৰ কৈয়ে তাই বুজি পালে, তেওঁ কেৱল স্পেনিছ হে বুজি পায়৷ তাই আকাৰে ইংগিতে বাটৰ কথা সুধিবলৈ আৰম্ভ কৰোঁতেই মই ট্যুৰিষ্ট মেপত দূৰ্গটো দেখুৱাই সুধিলো, 

” ডিৰেকশ্যন প্লিজ? ন’ স্পেনিছ! অ’নলি ইংলিছ!” 
মানুহজনে বুজিলে৷ হাঁহি এটা মাৰি হাতেৰে ইংগিত কৰি ক’লে, 

”লি...টিল ইংলিছ! ফ’ল’ মি৷”-কৈয়ে তেওঁ দীঘল দীঘল খোঁজ দি আগবাঢ়িল৷ আমি প্ৰায় দৌৰিব লগা হ’ল তেওঁৰ সমানে সমানে আগবাঢ়িবলৈ৷ ভঙা ইংৰাজীতে তেওঁ যি পাৰে কথা ক’বলৈ লাগিল৷ আমি একোৱে বুজি নাপাই ’অ, অ’কে অ’কে’ তে সামৰি খোঁজ দিলো৷ কিছুদুৰ যোৱাৰ পিছত তেওঁ কেইটামান শব্দ আৰু অসংখ্য আকাৰে ইংগিতে আমাক কিবা দৰকাৰী কথা এটা বুজাবলৈ চেষ্টা কৰা যেন লাগিল৷ মই মাথোঁ দুটা শব্দ বুজিলো,

’ন’ মানি!’ 
পাহাৰলৈ উঠি যোৱা নিজান বাট এটা দেখুৱাই তেওঁ নিজলৈকে টোঁৱাই কিবা কিবি ঢেৰ কথা ক’লে৷ সকলো স্পেনিছত৷ মানুহজনে সেই বাটেৰে যাব খুঁজিছে? নে আমাক যাবলৈ কৈছে? টকাৰ কথা কিয় কৈছে?নিজৰ নাই বুলি কৈ আমাক খুঁজিছে নে আমি একো টকা দিব নালাগে বুলি কৈছে! একো বুজিব নোৱাৰি অৱশেষত আমি ঠিক কৰিলোঁ, যথেষ্ট দুৰ আহিলো৷ এওঁক এতিয়া বিদায় দিয়াই ভাল হ’ব- বাট দেখুৱাই দিয়া বুলি কৈয়ে হয়তো টকা খুঁজিছে ! আমি সন্মুখৰ ৰেষ্টু্ৰেন্ট এখনলৈ দেখুৱাই বুজালো,

”আমি আগেয়ে খাই লওঁ৷ অলপ লাহে ধীৰে যাম৷” 

তেওঁক ধন্যবাদ এটাৰে বিদায় দিলো৷ পাহাৰীয়া বাটটোৰে তেওঁ দীঘল দীধল খোঁজ পেলাই গ’লগৈ৷ এইবাৰ আমি নিজেই বিচাৰিলো৷ ট্যুৰিষ্ট ইনফৰমেশ্যন চেন্টাৰ এটা দেখি বীৰ আগবাঢ়ি গ’ল৷ সি এটাও চেন্টাৰ বাদ নিদিয়ে৷ য’তেই দেখে আগবাঢ়ি গৈ কথা পাতেগৈ, সুধিবলৈ তাৰ কিবা নহয় কিবা এটা থাকেই! এইবাৰো সুধি লৈ সি ক’লেহি, 

”দূৰ্গটো মন্টজুইক পাহাৰৰ ওপৰত৷ যাবলৈ ইয়াৰ পৰাই কেব’ল কাৰ আছে৷ বাছো যায়৷ খোঁজকাঢ়ি গ’লেও খুউব বেছি দহ-পোন্ধৰ মিনিট৷” 

কোনটো বাটেৰে বুলি সোধাত অফিচাৰগৰাকীয়ে যেতিয়া পাহাৰীয়া বাটটোলৈ আঙুলীয়াই দিলে, তেতিয়াহে বুজিলো বাটৰুৱাজনে ইমানকৈ কি বুজাব খুঁজিছিল৷ হয়তো তেওঁ ক’ব খুজিছিল, কেব’ল কাৰ বা বাছেৰে যোৱাতকৈ সেই বাটেৰে খোঁজকাঢ়ি গ’লে একো খৰচ নকৰাকৈয়ে আমি মন্টজুইক দূৰ্গ পামগৈ৷ বীৰে দুখেই কৰিলে, ভাল মানুহ এজনক মিছাতে সন্দেহ কৰিলোঁ বুলি! 

এটা সেউজীয়া নিৰিবিলি বাট পাহাৰৰ ওপৰলৈ! বেছিভাগ পৰ্য্যটকে কেবল কাৰ বা বাছত যোৱাৰ বাবেই কিজানি সিমান ভিৰো নাই৷ দহমিনিটমান পিছতেই পালোগৈ কাটালনীয়ান সকলৰ ইতিহাসৰ এটা অধ্যায় সাঁচি থোৱা এই সুউচ্চ মন্টজুইক দূৰ্গ৷ 

দূৰ্গৰ পৰা আক্ৰমণকাৰী সাগৰীয় জাহাজক বাধা দিয়াৰ ব্যৱস্থা 
এই দূৰ্গটো পূৰ্বৰ ১৬৪০ চনতে সজা এটা মধ্যযুগীয় দূৰ্গৰ আৰ্হিতে একে ঠাইতে পিছত নিৰ্মাণ কৰা হৈছিল৷ ত্ৰিছ বছৰীয়া ফৰাচী-স্পেনিছ যুদ্ধৰ পিছতেই কাটালনীয়াৰ ৰজা চতুৰ্থ ফিলিপৰ দুৰ্নীতিৰ বিৰুদ্ধে স্পেইনৰ কৃষক সকলে বিদ্ৰোহ (Reapers' War) আৰম্ভ কৰিছিল৷ এই বিদ্ৰোহ প্ৰতিহত কৰাটোৱে পূৰ্বৰ দূৰ্গটোৰ নিৰ্মাণৰ মূখ্য কাৰণ আছিল৷ 


দূৰ্গত থকা ঐতিহাসিক কাৰাগাৰৰ ১৬ নম্বৰ কোঠা
ইয়াৰ পিছৰ কেইবাবছৰটো দূৰ্গটোৰ পুনৰ নিৰ্মাণ হৈছে আৰু এই দুৰ্গই প্ৰতিটো দশকতে বিভিন্ন যুদ্ধৰ সাক্ষী হৈ ৰৈছে৷ ১৯৩৬-৩৯ -ৰ স্পেইনৰ গৃহযুদ্ধৰ বহুতো মৃত্যদণ্ডৰ নিৰ্মম ইতিহাস বন্দী হৈ আছে এই দূৰ্গৰ দেৱালবোৰত৷ ১৯৬০ চনলৈকে এই দূৰ্গ সামৰিক কাৰাগাৰ হিচাপে ব্যৱহাৰ হৈ আছিল৷ ১৭৫১ চনত পুৰণি দূৰ্গটো সম্পূৰ্ণকৈ ভাঙি তাৰ ঠাইত বৰ্তমানৰ মন্টজুইক দূৰ্গ নিৰ্মাণ হয়৷ অলিম্পিকৰ সময়ৰ পৰাহে দূৰ্গটো জনসাধাৰণৰ বাবে সম্পুৰ্ণকৈ মুকলি কৰি দিছে৷ 

মন্টজুইক দূৰ্গৰ পৰা এটা দিশে বাৰ্চিলোনাৰ সম্পূৰ্ণ মহানগৰৰ দৃশ্য, বিপৰীত দিশে সীমাহীন নীলা সাগৰ৷ আমি যোৱাৰ দিনা উজ্বল ৰ’দ৷ দূৰ্গৰ একেবাৰে ওপৰৰ মহলাৰ পৰা দুয়োদিশেই সাংঘাটিক সুন্দৰ দৃশ্য দেখা পোৱা যায়৷ 

মন্টজুইক দূৰ্গৰ পৰা সাগৰৰ দৃশ্য 
ৰ’দৰ উম লৈ লৈ ভাবি ৰ’লো, ইতিহাসৰ কিমান মুহুৰ্ত হয়তো সকলোৰে অদেখা অজানা হৈ ৰৈ গৈছে এই দূৰ্গৰ বুকুত! কিমানবাৰ সময়ৰ চকৰি ঘুৰি ঘুৰি একেবোৰ খেলাকে খেলিছে-জীৱন দিয়া আৰু লোৱাৰ ! এখন ঠাইৰ মাটিত শিপা গঁজা মানুহবোৰে যে কেনেকৈ সেই আপোন ঠাইৰ ৰক্ষাৰ বাবে জীৱন আহুতি দিয়েহি! 

অহাৰ দিনাৰে পৰা জানিছোঁ আৰু অনুভৱ কৰিছোঁ, এক সংগ্ৰামত সমগ্ৰ কাটালুনীয়া এতিয়াও উমি উমি জ্বলি আছে৷ কাটালানসকলে এতিয়াও যুঁজি আছে নিজৰ স্বাধীনতাৰ বাবে-স্পেইনৰ পৰা পৃথক হৈ সুকীয়াকৈ নিজা এখন দেশ প্ৰতিষ্ঠাৰ বাবে৷ বাৰ্চিলোনাক ৰাজধানী হিচাপে লৈ এখন সুকীয়া কাটালুনীয়া৷ কাৰণ, কাটালানসকলৰ ক্ষোভ- স্পেইনৰ আটাইতকৈ সমৃদ্ধ এই অঞ্চলৰ শোষণ হৈছে৷ সেই সমৃদ্ধিৰ বহুলাংশই এই ঠাইৰ উন্নতিৰ বাবে ব্যৱহাৰ হোৱা নাই৷ বাৰ্চিলোনাৰ অলিয়ে গলিয়ে ঘুৰি ফুৰাৰ সময়ত সঁচাই অনুভৱ কৰিলোঁ, এই মহানগৰৰ নিজা সংস্কৃতি-কলা-কৃষ্টি-ইতিহাস আছে৷ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, এই ঠাইৰ নিজা এটা সুকীয়া সত্বা আছে৷ সেইবাবেই আমাৰ দৰে এই ঠাইৰ দুদিনীয়া আলহীয়েও কাটালানসকলৰ প্ৰতি হৃদয় খুলি আগবঢ়াব পাৰোঁ এমুঠি সহমৰ্মিতা৷ 

পৰৱৰ্ত্তী খণ্ডসমূহত



Sunday, 5 February 2017

এজাক ৰ’দৰ সন্ধানত: স্পেইন আৰু পৰ্টুগালত এসপ্তাহ (১)

খ্ৰীষ্টমাছৰ বন্ধত ফুৰিবলৈ যোৱাৰ কথা ঘুনুক ঘানাককৈ ওলাই আছিল৷ ক’লৈ  যোৱা যায়  তাৰ ক্ষন্তেকীয়া আলোচনা, অনলাইন অ’লৈ-তলৈ এনেয়ে টিকেট চোৱা ইত্যাদিবোৰে গতানুগতিক দিনবোৰৰ ফাঁকে ফাঁকে ভুমুকি মাৰি থাকিল৷ কাৰ্য্যত: পিছে একো হৈ নুঠিল৷ নৱেম্বৰৰ শীতৰ প্ৰকোপত অভ্যস্ত হ’বলৈ চেষ্টা কৰি থকা দিনতে এদিন বান্ধবী প্ৰজ্ঞাই নিশাৰ ভাত সাঁজলৈ মাতিলে৷ বন্ধু বীৰ আৰু মোক৷ সকলো লগ হোৱাৰ পিছত তাই পাতনি জুৰিলে,

” খ্ৰীষ্টমাছলৈ এমাহো নাই৷ আমি এতিয়াই কেতিয়া ক’লৈ যাওঁ ঠিক কৰি টিকেট নকৰিলে সোনকালেই দাম বহুত বাঢ়ি যাব৷  গতিকে আজিয়ে কিবা এটা কৰা যাওক৷ তহঁতে ক’লৈ যোৱা যায় পাতি লৈ ঠিক কৰ, মই আছোঁ!”


কৈয়ে তাই পাকঘৰত লাগিলগৈ৷ বীৰ আৰু মই লেপটপৰ সন্মুখত বহি ল’লো৷ ক’লৈ যোৱা যায়?বীৰৰ কথা, সস্তাত য’লৈকে পোৱা যায়৷ মোৰ কথা, হাড়কপোৱা ঠাণ্ডাৰ অত্যাচাৰ নথকা যিকোনো ৰ’দাল ঠাইলৈ যোৱা যাওক! ইংলেণ্ডৰ দৰে এচেৰেঙা ৰ’দকো বাট এৰি নিদিয়া আকোঁৰগোজ ডাৱৰৰ ঠাই নহ’লেই হ’ল৷ আস! কিমানদিন যে এজাক উমাল ৰ’দৰ মুখ দেখা নাই৷ সকলো সময়তে ঠেঁহ লাগি থকাৰ দৰে থকা গোমা আকাশখনে মুকলি নীলা আকাশ এখনৰ সপোনটো দুৰলৈ লৈ গৈ থাকে ৷ কোনোবা দিনত বিৰলভাৱে এচেৰেঙা ৰ’দ জিলিকিলে গোটেই শ্বেফিল্ড চহৰখনেই যেন হঠাৎ প্ৰাণ পাই উঠে! বতৰৰ আকৌ হঠাতে ঠেঁহ লগাৰ আগতেই মানুহবোৰে হেপাঁহেৰে ৰ’দৰ উমকন ভিতৰলৈকে টানি ল’বলৈ সচেষ্ট হৈ উঠে৷ কোনোৱে সকলো কাম এৰি থৈ পাৰ্কৰ মিহি ঘাঁহনিবোৰত বহেগৈ, সৰু ল’ৰা-ছোৱালীবোৰে পাহৰি যোৱা কিবা এটা হঠাৎ মনত পৰাৰ দৰে আকৌ ল’ৰা ঢপৰা কৰিবলৈ লয়, কোনোৱে অনাদৰত এচুকত পৰি ৰোৱা ফেব্ৰিক সাঁজযোৰ উলিয়াই এপাক দৌৰিবলৈকে ওলাই যায়৷  সিদিনাৰ আটাইতকৈ আলোচ্য বিষয়টো হৈ পৰে,  ’আজিৰ উমাল ৰ’দজাক’! মুঠতে সকলো ফালেই যেন এটা উৎসৱ- ৰ’দৰ উৎসৱ!


মোৰ চিন্তাত যতি পেলাই বীৰে কৈ উঠিল,

”আটাইতকৈ দৰকাৰী কথাটো হৈছে খৰচ-পাতিহে কিন্তু৷ বাজেটৰ ভিতৰত নপৰিলে ৰ’দ এজাকৰ কাৰণেই বহুত খৰচী কৰ’বালৈ যাব নোৱাৰি দেই!”

হয় কথাটো! সেয়ে টিকেটৰ দামৰ হিচাপত UK to anywhere ফ্লাইট চাবলৈ লাগিলো আমি৷ দেখিলোঁ বন্ধুবৰ্গৰ উপদেশ সঁচা৷ ইউ কেৰ পৰা বহু ইউৰোপীয়ান দেশলৈ যথেষ্ট সস্তাতে ফ্লাইট পোৱা যায়৷ বিশেষকে পটুৰ্গীজ এয়াৰলাইনছ ৰায়ানএয়াৰত৷ বিভিন্ন লক্ষ্যস্থানৰ দীঘলীয়া তালিকাখনত পাউণ্ডৰ একক সংখ্যাবোৰ দেখি দস্তুৰমত উত্তেজিত হৈ উঠিলো! ক’লৈ যাওঁ- জাৰ্মেনী?-নাই, তাত ঠাণ্ডা! ৰোম?-নাই, বীৰ আৰু প্ৰজ্ঞা ইতিমধ্যে তালৈ গৈ আহিছে৷ পেৰিছ?-নাই, ইমান ওচৰ! তালৈতো এনেয়েও যোৱা হৈ থাকিব! এনেকৈ নগ’লেও চলিব!

বহুতো ঠাই ঘুৰি পকি অৱশেষত আমি বাৰ্চিলোনাত থমকি ৰ’লো৷ তালৈ এপাক যাবলৈ মোৰ  বহুদিনীয়া হেপাঁহ৷ ইংলেণ্ডতকৈ অলপ গৰমো হ’ব৷ একো নহ’লেও অন্তত: ৰ’দৰ মুখ দেখিবলৈ পাম৷ প্ৰজ্ঞাই আমি ইখনৰ পিছত সিখন ঠাইৰ নাম বল দলিওৱা দি তাইলৈ দলিয়াই থকা বন্ধ হোৱা দেখি  পাকঘৰৰ পৰা মাত লগালে,

”যিয়ে ঠিক নকৰ, তাৰ কাষৰীয়া আৰু এখনলৈ যাব পৰাকৈও আমাৰ সময় হ’ব৷ এসপ্তাহ আছে যেতিয়া৷ গতিকে দুখন ঠাই চাব পাৰি”

আমি দুয়ো ভাবিলো, ঠিকেইতো৷


লগে লগে ঠিক হৈ গ’ল, দ্বিতীয় লক্ষ্যস্থান পৰ্ট’-পৰ্টুগাল নামৰ উৎপত্তিস্থান৷ সাগৰৰ পাৰৰ এখন সৰু ধুনীয়া মহানগৰী৷ লগালগ টিকেট হৈ গ’ল৷ ৰাতিৰ ভাতসাঁজ জুতি লগাকৈ খাই উঠিহে মোৰ খেয়াল হ’ল৷ সিহঁতক লাহেকৈ সুধিলো,

”মোৰ ভিজা হ’বগৈ নাই পিছে তিনি সপ্তাহত?”

দুয়ো একেলগে কৈ উঠিল,

”হৈ যাব, হৈ যাব৷ ইয়াৰ পৰা ভিজা পোৱাটো একেবাৰে সহজ৷”

প্ৰজ্ঞা আৰু বীৰে আগতে  ইউৰোপৰ কেইবাখনো দেশলৈ গৈছে বাবে  ছমাহৰ ভিজা লগত আছে৷ মইহে নতুনকৈ এপ্লাই কৰিব লগাত পৰিলো৷ লণ্ডনলৈ দুঘন্টাৰ ট্ৰেইনত  গোটেইকেইখন ফ্লাইটত হোৱা মুঠ খৰচতকৈ দুগুণ খৰচ কৰি গৈ ভিজা এপ্লাই কৰিলোগৈ৷ ভাগ্যে সময়মতে পালো৷ পোৱাৰ পিচত আৰু কোনে পায়! এই যেন আপডেট এটাই দি দিওঁ- বাৰ্চিলোনা ক’লিং! (পিছে নিদিলো 😁)

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক


যোৱাৰ দিনা পুঁৱতিনিশা তিনি বজাতে শুই উঠি প্ৰজ্ঞা, বীৰ আৰু মই এয়াৰপোৰ্ট পালোগৈ ৷ ৰায়ানএয়াৰৰ ফ্লাইট ৷ ইউৰোপৰ প্ৰায় সকলোবোৰ ঠাইলৈকে যোৱা এই এয়াৰলাইনছটো খুউব সস্তা৷ কেতিয়াবা অবিশ্বাস্যভাৱেও৷ অৱশ্যে কমখৰচী বাজেট এয়াৰলাইনছ মানে বীৰৰ ভাষাত ক’বলৈ গ’লে ’এক বৰ্গফুটীয়া ছিটটো’ হে পোৱা যায়- তাতকৈ বেছি একো নহয়৷ যোৱাৰ চাৰিদিন আগতে অনলাইন চেক ইন আৰম্ভ হয় আৰু ফ্লাইটৰ সময়ৰ পৰা দুঘন্টা আগত বন্ধ হয়৷ সেইখিনি সময়ৰ ভিতৰত অনলাইন চেক ইন নকৰি এয়াৰপৰ্টত চেক-ইন কৰিব খুঁজিলে এজনৰ ৪৫ পাউণ্ডকৈ চাৰ্জ লয়৷ অনলাইন চেক-ইনৰ সময়তো আকৌ নিজৰ পছন্দমতে চিট বিচাৰিলে উপৰুৱাকৈ চাৰ্জ৷ সৰু কেবিন বেগ একোটাৰ বাহিৰে অন্য বেগ কঢ়িয়ালে তাতো বেলেগকৈ চাৰ্জ৷

চিকিউৰিটি চেক ইনৰ সময়ত A1 জোখৰ একোটাকৈ জিপ ল’ক বেগ আগবঢ়াই দিলে৷ গম পালো, তাতে সকলো প্ৰসাধন সামগ্ৰী (চেম্পু-মইশ্বুৰাইজাৰ ইত্যাদি) ভৰাই বাহিৰত বেলেগকৈ দিব লাগে৷ তাৰ বাহিৰে অন্য একো পানীয় নিবলৈ দিয়া নহয়৷ বৰ্ডিং হৈ যোৱাৰ পিছত এৰ’ব্ৰীডজ থকা স্বত্বেও আমাক আকৌ চিৰিৰে তললৈ নামি ফ্লাইটৰ ফাললৈ আগবাঢ়িবলৈ ক’লে৷ মোৰ কৌতুহলী চাৱনী দেখি প্ৰজ্ঞাই হাঁহিলে,

”এৰ’ব্ৰীডজ কামত লগালেও খৰচ আহে  ন! ইতনে ম্যে ইতনা হী মিলতা হ্যায়!”


বীৰৰ কথা, ”অন্য একো থাকক নাথাকক, ৰায়ানএয়াৰৰ লয়েল্টি প্ৰগ্ৰাম এটা থাকিব লাগিছিল!”

কাৰণ?ৰায়ানএয়াৰৰ জহতে অন্তত: সি কেইবাখনো দেশ সস্তাতে ফুৰি আহিছেগৈ৷ সি এইটো এয়াৰলাইনছৰ ল’য়েল কাষ্ট’মাৰ!

আমাৰ ফ্লাইটে পৃথিৱীৰ স্পৰ্শ এৰাৰ প্ৰায় লগে লগেই বীৰ আৰু প্ৰজ্ঞা টোপনিত ধলি পৰিল৷ মই উলিয়াই ল’লো নবেল বঁটা বিজয়ী সাহিত্যিক জন ষ্টেইনবেকৰ ’Travels with Charley' ৷ চাৰ্লি নামৰ ফৰাচী পুডল কুকুৰটো লৈ এখন  ট্ৰাকেৰে ষাঠি বছৰ বয়সত কৰা আমেৰিকা ভ্ৰমণৰ কাহিনী৷ আৰম্ভণিতে তেওঁৰ কেইষাৰীমান বাক্য পঢ়ি ৰৈ গ’লো-
”...A journey is a person in itself; no two are alike. And all plans, safeguards, policing, and coercion are fruitless. We find after years of struggle that we do not take a trip; a trip takes us.Only when this is recognized can the blown-in the glass bum relax and go along with it. .....Only those who have experienced it will understand it."
চকুৰ পচাৰতে মানসপটত ভাঁহি উঠিল, মোৰ ইটো সিটো বহুতো যাত্ৰাৰ খণ্ড খণ্ড ছবি! যি উদেশ্যতে যি ঠাইলৈকে নহওক,  প্ৰতিটো যাত্ৰাই সঁচাই স্বকীয়৷ প্ৰতিটো যাত্ৰাৰ স্মৃতিৰ ৰং ভিন্ন, সুবাস ভিন্ন৷ প্ৰতিবাৰেই যাত্ৰাৰ শেষত অনুভৱ কৰোঁ, জীৱনৰ কলাজখনত আৰু এটা ৰঙীণ আঁক যোগ হ’ল ৷ এইবাবেইটো ক’তোৱে মোৰ দুভৰি থমকি ৰ’ৱ নুখুঁজে, নতুন ঠাই বুলিলেই মনটো হেঁপেহুৱা হৈ উঠে ৷


এটা সতেজ নতুন ৰঙৰ বাবে মনৰ দুৱাৰ যেন আপোনা-আপুনি খোল খাই গ’ল!মনতে কৈ উঠিলো, বাৰ্চিলোনা-এয়া মই আহিছো!

পাইৰিনিছ (Pyrenees)পৰ্বতমালাৰ আদৰণি


কিমান সময় দিবাস্বপ্নৰ ৰাজ্যত হেৰাই আছিলোঁ ক’ব নোৱাৰো, বীৰৰ মাতত চক খাই চকু মেলিলো,

”লুক -লুক আউটছাইড! সেয়া তলত পাইৰিনিছ পৰ্বত!”

খিৰিকীৰে বাহিৰলৈ চাই দেখা পালো, বৰফে ঢকা শাৰী শাৰী পৰ্বত৷ কি সুন্দৰ! আপ্লুত হৈ পৰিলোঁ৷

”জাননে, এই পাইৰিনিছেই ফ্ৰান্স আৰু স্পেইনৰ প্ৰাকৃতিক সীমা৷” প্ৰজ্ঞাই ক’লে৷

”অহ, বাৰ্চিলোনা পাইছোহিয়ে তাৰমানে!”

ফ্লাইটৰ পৰা পাইৰিনিছ পৰ্বতমালাৰ একাংশ
ঠিকেই, কিছুসময়ৰ পিছতে বাৰ্চিলোনাত নামিলোগৈ৷ বাহিৰলৈ ওলোৱাৰ লগে লগে এখন ৰ’দোজ্বল আকাশে আমাক সম্ভাষণ জনালে৷ আস! কি সুখ!


বীৰ যোৱাবছৰ ইয়ালৈ আহি গৈছে৷ পূৰ্বৰ অভিজ্ঞতাৰে সি ক’লে, ট্ৰেভেল পাছ কিনি ল’লে কম-খৰচতে সুবিধাজনকভাৱে ঘুৰা-ফিৰা কৰিব পাৰিম৷ কথা মতেই কাম৷ ট্ৰেভেল অফিচত টি-১০ টিকেট একোটাকৈ কিনি ল’লো- এইটো পাছেৰে ট্ৰেইন-মেট্ৰ’-বাছ সকলোতে মুঠ দহবাৰ অহা-যোৱা কৰিব পাৰি৷ কাউন্টাৰৰ মহিলাগৰাকীয়ে  পাছ তিনিখন আগবঢ়াই দি মিঠা হাঁহি এটাৰে ক’লে,

”বিয়েনভেনিগ’ আ বাৰ্চিলোনা” (বাৰ্চিলোনালৈ স্বাগতম!)

”গ্ৰেছিয়াছ !”- প্ৰজ্ঞাৰ লগালগ উত্তৰ! পিছত গম পালো, তাই লগৰ স্পেনিচ বন্ধুবৰ্গৰ পৰা দুই এটা স্পেনিচ শব্দ শিকা৷ মই মনতে আওৰালো , ”গ্ৰেছিয়াছ-গ্ৰেছিয়াছ- ধন্যবাদ!”


বাৰ্চিলোনা এয়াৰপোৰ্টত বীৰৰ সৈতে


পৰৱৰ্ত্তী খণ্ডসমূহত


Sunday, 20 November 2016

হৃদয়ত খৰাং

এসময়ত ইয়াতে এডৰা সেউজীয়া আছিল
অনুভৱৰ বা-মাৰলিয়ে ঘনে ঘনে
শব্দৰ বৰষুণ নমাইছিল
ৰ’দ-বৰষুণৰ লুকাভাকুৱে
সপোনৰ ৰানধেনু আঁকিছিল
উছাহৰ ফেনে-ফোটোকাৰে ভৰা নৈখনত
সৰু-বৰ অজস্ৰ ঢৌ তুলিছিল

এতিয়া ইয়াত ৰাশি ৰাশি বালি
এক অনুৰ্বৰা নিৰ্দয় মৰুভূমি
ইপাৰ-সিপাৰ নমনা শূন্যতা

এজাক বৰষুণৰ আশাত বন্দী
মোৰ হৃদয়ত এতিয়া খৰাং


ৰচনাকাল: ০২/০৭/২০১৬

Thursday, 3 November 2016

এটি অজুহাত পালেই

এটি অজুহাত পালেই মই গুচি যাব পাৰোঁ
কোনেও নোযোৱা বাট এটিৰে
সিপাৰে কি নজনা সুঁতি এটাৰে
গৈ গৈ নিৰুদ্দেশ হৈ যাব পাৰোঁ
কোনোবা অচিন-অজান কেকুঁৰিত

একোৱেইতো নাই যি
আঁটি আঁটি বান্ধি ৰাখিব মৰমৰ জৰীৰে
যি জীৱনৰ মৰিশালিত সেউজ ৰহণ বোলাব
যি সহমৰ্মিতাৰ হাতখন মেলি দিব আৰু
আৱৰি ধৰিব এবুকু ভালপোৱাৰে

নাজানো কোন বাটে কেনি আহি
পালোহি এইখিনি
য’ত হেপাঁহবোৰ এলাগী হয়
সপোনবোৰ তচনচ হয়
সুখ হৈ পৰে মায়াবী হৰিণী
য’ত বাৰিষাৰ কোবাল নৈ হয় জীৱন
ঠেলি-হেঁচুকি লৈ যায় পকনীয়াৰ গহ্বৰলৈ
কেতিয়াও উভতি আহিব নোৱাৰাকৈ

এটি অজুহাত পালেই মই গুচি যাব পাৰোঁ
কোনেও নোযোৱা বাট এটিৰে
সিপাৰে কি নজনা সুঁতি এটাৰে
গৈ গৈ নিৰুদ্দেশ হৈ যাব পাৰোঁ
কোনোবা অচিন-অজান কেকুঁৰিত৷

Sunday, 11 September 2016

অসমত চলি অহা তোলনি বিয়া বন্ধ হোৱা উচিত:পাঁচটা যুক্তি

তোলনি বা শান্তি বিয়া অসমত প্ৰচলিত এটা সামাজিক পৰম্পৰা য’ত প্ৰথমবাৰ ঋতুমতী হোৱা কিশোৰীক সাতদিনলৈ নানা নীতি নিয়মেৰে আছুতীয়াকৈ ৰাখি শেষত নোৱাই-ধোৱাই বিয়া তোলা হয়৷ পূৰ্বতে এই অনুষ্ঠানত পুৰুষৰ কোনো ভূমিকা নাছিল৷ প্ৰায় সকলো জনগোষ্ঠীতে কেৱল গাঁৱৰ মহিলাসকলে কিছু ৰং-ধেমালি কৰি এই পৰম্পৰা পালন কৰিছিল ৷ কিন্তু সাম্প্ৰতিককালত ’দেখাক দেখি উঠক গা’ ৰ অনুগামী অসমীয়াৰ মাজত তোলনি বিয়াক দিনক দিনে জাকজমককৈ উৎসৱৰ দৰে পালন কৰাৰ প্ৰবণতা দেখিছোঁ৷ যি ৰূপতে নহওক, এই তোলনি বিয়া আজিৰ যুগত সকলো দিশৰ পৰাই কুসংষ্কাৰপূৰ্ণ, মহিলাৰ বাবে অপমানজনক আৰু নিতান্তই অপ্ৰয়োজনীয় ৷ বহুতৰ বাবে বিতৰ্কিত এই উক্তিৰ সমৰ্থনত মোৰ পাঁচটা যুক্তি আগবঢ়ালো৷ এইসম্পৰ্কে আপোনাৰ কোনো দ্বিমত থাকিলে যুক্তিপূৰ্ণভাৱে উনুকিয়ালে সুখী হ’ম৷


১) অবৈজ্ঞানিক কুসংষ্কাৰ : ঋতুস্ৰাৱ নাৰীৰ শৰীৰৰ এটা অতি স্বাভাৱিক পৰিঘটনা৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, কিশোৰী এগৰাকীৰ জীৱনৰ ই একান্তই ব্যক্তিগত বিষয়৷ ইয়াকে লৈ সমাজ মাতি ভোজ-ভাত খাই ৰং-ৰহইচ কৰাৰ যেনেকৈ কোনো অৰ্থ নাই, তেনেকৈ কিশোৰীগৰাকীক গোপনীয়তা ৰক্ষাৰ হেতু সকলোৰে পৰা আঁতৰত ঘৰৰ এচুকত বন্দী কৰি ৰখাৰো যুক্তি নাই৷ এই পৰম্পৰাৰ সৈতে জড়িত চাৰিদিন উপবাসে ঘৰৰ চুকত নিলগাই ৰখা, সেই সময়ত ৰ’দৰ কিৰণ এছাটিও সোমাব নোৱাৰাকৈ ৰখা বা কোনো পুৰুষৰ মুখ নোচোৱা ইত্যাদি সকলোবোৰ কুসংষ্কাৰ৷ তাৰ সলনি, কিশোৰীগৰাকীক যিমান পাৰি সহজভাৱে এই স্বাভাৱিক প্ৰক্ৰিয়া গ্ৰহণ কৰি স্বাস্থ্যসন্মত ভাৱে থাকিবলৈ অভিভাৱকে শিকোৱা উচিত৷


২) নাৰীৰ মৰ্যদাহানিকৰ: নাৰীৰ দেহৰ অতি স্বাভাৱিক পৰিৱৰ্ত্তন এটাক লৈ সামাজিকভাৱে আনুষ্ঠানিকতা পালন কৰিবলৈ এইটো নাৰীৰ এটা নিতান্তই ব্যক্তিগত বিষয়৷ এই শাৰীৰিক প্ৰক্ৰিয়াটোকে লৈ ধুমধামেৰে বিয়া এখন পাতি ৰং ৰহইচ কৰাতো কিশোৰী এগৰাকীয়ে সেই সময়ত মৰ্যদা হানিকৰ বুলি নুবুজিব পাৰে৷ কিন্তু মাক-দেউতাকে সেই কথা অনুধাবন নকৰাটো সঁচাই আশ্চৰ্য্যকৰ৷ বহু যুগৰে পৰা চলি অহা পৰম্পৰা বুলিয়ে সকলো কুসংষ্কাৰপূৰ্ণ নীতি নিয়ম আধুনিক অসমীয়া সমাজে অন্ধ হৈ পালন কৰিবলৈ হ’লে সমাজৰ বিকাশৰ বাটেই হেৰোৱাৰ উপক্ৰম হ’ব৷ বহু মাক-দেউতাকে ’পলাই যোৱা’ৰ সম্ভাবনাটোৰ অজুহাতত কিশোৰীগৰাকীৰ তোলনি বিয়াখন পাতি আগতীয়াকৈয়ে মাঙ্গলিক বিধিখিনি পালন কৰি মনোকামনা পূৰণ কৰাৰ এটা উদ্ভত যুক্তি কেতিয়াবা শুনা পাওঁ৷ বয়সন্ধিৰ সময়ত কিশোৰীগৰাকীক সেই যুক্তিত যদি তোলনি বিয়া পতা হয়, তেনে তাৰ মূলভাবটো এনে হয়গৈ যে, ‘আমি ছোৱালীজনীৰ এই এঘাৰ-বাৰ বছৰতে মাংগলিক কামখিনি কৰি আজৰি৷ এতিয়া আজিৰ পৰা দহ-পোন্ধৰ বছৰৰ পিছত তাই পলাই গ’লেও আমাৰ একো আপত্তি নাই!’ সন্তানৰ ভৱিষ্যত গঢ় দিয়াৰ চিন্তাৰ সলনি অভিভাবকে যদি এনে ঋণাত্মক মনোবৃত্তি দেখুৱায় সেয়া পৰিতাপৰ কথা৷ মোৰ মা-দেউতাই যদি এনে ভাবেৰে মোৰ তোলনি বিয়া এখন ধুমধামেৰে পাতিলেহেঁতেন (ৰক্ষা যে নাপাতিলে!), মোৰ আত্মসন্মানত আঘাত লগা যেন পালোহঁতেন আৰু অন্তৰেৰে সঁচা অৰ্থত কেতিয়াও তেওঁলোকক সন্মান কৰিব নোৱাৰিলোঁহেঁতেন৷ ল’ৰা বা ছোৱালীয়ে পলাই গৈ বিয়া পতাটো তেওঁলোকৰ ব্যক্তিগত কথা, তাত মোৰ একো ক’বলগীয়া নাই৷ কিন্তু সেইটোৰ অজুহাত দেখুৱাই অভিভাবকে এগৰাকী কিশোৰীক দহ-পোন্ধৰ বছৰ আগতীয়াকৈ মাংগলিক কাৰ্য্য পালন কৰি দায়িত্ব সাৰিব বিচৰাটো অপমানজনক!

৩) অৰ্থনৈতিক: বৰ্তমান  অন্য বহুতো কাৰবাৰৰ দৰে তোলনি বিয়া জাকজমকতাৰে পতাটোও বহতৰ বাবে সমাজত নিজৰ প্ৰতিপত্তি দেখুওৱাৰ এটা মাধ্যম হৈ পৰিছে৷ কোনে নিজৰ জীয়েকৰ বিয়াত কি কি খুৱালে, কিমানযোৰ কাপোৰ-গহণা পিন্ধালে, কিমান ডাঙৰকৈ ৰভা দিলে আদি এই প্ৰতিযোগিতাৰ মাপকাঠি হৈ পৰিছে৷ এই দৌৰত ছোৱালীৰ তোলনি বিয়াৰ নামত নিজৰ সাঁচতীয়া সকলোখিনি উদং কৰি সৰ্বস্বান্ত হৈ পৰা বহুতো লোক নিজেও ওচৰৰ পৰা পাইছোঁ৷ আনকি ছোৱালীৰ জন্মৰ সময়ৰে পৰা এই উদেশ্যেই টকা একাষৰীয়াকৈ ৰাখিবলৈ লোৱা অভিভাৱকো আছে৷ ইয়াৰ সলনি যদি মাক-দেউতাকে ছোৱালীজনীৰ ভৱিষ্যতৰ বাবে বা পঢ়া-শুনাৰ বাবে সেই খৰচখিনি একাষৰীয়াকৈ ৰাখে ছোৱালীজনীৰ কিমান উপকাৰ কৰা হ’ব! যি গতিত আৰু যি ৰূপত এই পৰম্পৰাই অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ মাজত শিপাইছে, সঁচাকৈয়ে ই ভৱিষ্যতে বব নোৱাৰা বোজা হ'বগৈ৷


৪) কৈশোৰ মনত বিৰূপ প্ৰভাৱ: আকৌ কওঁ প্ৰথম ঋতুস্ৰাৱ এটা স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া ৷ পৰিয়ালৰ বা সমাজৰ সকলোৰে বাবে যিমানেই আনন্দদায়ক নহওক সেইবোৰৰ পৰা এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু কিশোৰীগৰাকীৰ মনত বিৰূপ প্ৰভাব পৰাটো ধুৰুপ৷ উদাহৰণস্বৰূপে, কিশোৰীগৰাকীক এনে শাৰীৰিক পৰিৱৰ্তনসমূহ স্বাভাৱিকভাৱে গ্ৰহণ কৰিবলৈ নিশিকাই আছুতীয়াকৈ ৰাখি ’চুৱা’ হোৱাৰ সময়ত পালিবলগীয়া এশ এটা নীতি-নিয়মৰ শিক্ষা দিয়া হয়৷ সমগ্ৰ জীৱনলৈ প্ৰতিমাহৰ সেই এটা সপ্তাহ দৈনন্দিন জীৱনটো স্তব্ধ কৰি ঘৰৰ এচুকত পৰি থাকিবলৈ শিকোৱা হয় (যিটো সম্পূৰ্ণ অবৈজ্ঞানিক আৰু ব্যৱহাৰিক দিশৰ পৰা নিতান্তই অযুক্তিকৰ)৷ এই নীতি-নিয়ম, শিক্ষাসমূহে কিশোৰীগৰাকীৰ মনত নিজৰ সম্পৰ্কেই বহুতো ঋণাত্মক ধাৰণা আনি দিব পাৰে৷ এইবোৰে ভৱিষ্যত জীৱনত আত্মবিশ্বাস গঢ় লোৱাতো বাধা দিব পাৰে৷ মোৰ বোধেৰে, অবৈজ্ঞানিক আৰু কুসংস্কাৰপূৰ্ণ পৰম্পৰা এটাই অসমীয়া কৃষ্টি-সংস্কৃতি কোনো প্ৰকাৰে সমৃদ্ধতো নকৰেই, বৰং সেই দোদোল্যমান বয়স:ন্ধিৰ সময়ছোৱাত কিশোৰী এগৰাকীৰ মনত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়৷


৫) সহযোগী কুসংষ্কাৰসমূহ: এই পৰম্পৰা যেতিয়ালৈকে থাকিব ইয়াৰ ভিত্তিতে নানা যুক্তিহীন আৰু অপমানজনক কথা-কাণ্ডও ঠায়ে বিশেষে বৰ্তি থাকিব বা নতুনকৈ যোগ দিয়াও হৈ থাকিব৷ উদাহৰণস্বৰূপে, আজিৰ পৰা বিশবছৰ মানৰ আগলৈকে ঢকুৱাখনাৰ এখন প্ৰতিষ্ঠিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত পুস্পিতা হোৱা ছোৱালীৰ ইউনিফৰ্ম চাদৰ-মেখেলা আৰু বাকীবোৰৰ স্কাৰ্ট আছিল৷ পুস্পিতা হোৱা নোহোৱাক লৈ এনেকৈ পৃথক কৰাটোৱে ছাত্ৰীৰ মানসিকতাত কেনেকৈ প্ৰভাব পেলাব পাৰে সেয়া সহজেই অনুমেয়৷ পিছত সচেতন অভিভাৱকৰ প্ৰচেষ্টাতে হয়তো এই নিয়ম উঠি গৈছিল৷ এনে 'নিয়ম-পৰম্পৰা'ৰ কথাও শুনো য'ত বহুতে সেই দিনা কলগছৰ সৈতে 'প্ৰতিকী অৰ্থ'ত ছোৱালীজনীক বিয়া দিয়াৰ ৰীতিখিনি পালন কৰে, আকৌ কাপোৰৰ 'প্ৰতিকী' কেঁচুৱাক নিঁচুকাবলৈ দিয়ে!

ব্যক্তিগত একাষাৰ:
মই নিজে প্ৰতিমাহে হোৱা এটা তেনেই স্বাভাৱিক পৰিঘটনাক লৈ পঢ়াশালি বা কৰ্মস্থানত নৰম মনোভাৱ বা কামৰ পৰা বিৰতি লোৱা আদিৰো সমৰ্থন নকৰোঁ৷ নিজৰ ক্ষেত্ৰতে কওঁ, গাঁৱত অন্য সকলোৰে দৰে অন্তত: ‘তিনিদিনলৈকে ক’লৈকো ওলাব নোৱাৰি, ক’তো বহিব নোৱাৰি, পাকঘৰত-প্ৰাৰ্থনাঘৰত সোমাব নোৱাৰি , একো এটা কাম কৰিব নোৱাৰি’ ধৰণৰ পৰিবেশ এটাৰ পৰা ওলাই আহি দেখিলোঁ, অসমৰ বাহিৰত এনে সময়ছোৱাতো লগৰ সকলোৱে স্বাভাৱিকভাৱে কাম-কাজ কৰে, দৈনন্দিন দৌৰা-দৌৰি, খেলা-ধূলা, নিয়মিত ব্যায়াম- একোতে কোনো পৰিৱৰ্ত্তন নাই৷ তেতিয়া বুজিলোঁ, এই যে প্ৰতিমাহে তিনিৰ পৰা সাতদিন পৰ্যন্ত তেনেই অবলাৰ দৰে ঘৰৰ এচুকত সোমাই থকা কাৰবাৰটো আমাৰ মানসিক বাধা (mental barrier)ৰ পৰাহে হোৱা, শাৰীৰিক নহয়৷ কিছুমান ব্যতিক্ৰম বাদ দি (যাৰ বাবে কোনো কাৰণত এই সময়খিনি খুবেই পীড়াদায়ক হয়), প্ৰায় সকলো নাৰীয়ে স্বাস্থ্যসন্মত বিধিখিনি পালন কৰিও স্বাভাৱিকভাৱে কাম-কাজ কৰিব পৰা অৱস্থাত থাকে৷ এনে নোহোৱা হ’লে আজিৰ দিনত শাৰীৰিক দক্ষতা প্ৰয়োজন হোৱা বহু ক্ষেত্ৰত মহিলাই খোঁজেই পেলাব নোৱাৰিলেহেঁতেন৷ মই নিজে এনে এক ক্ষেত্ৰত জড়িত বাবে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কথাখিনি ক’লো৷ সেয়ে মই ভাৱো, তোলনি বিয়া সকলো দিশৰ পৰাই কুসংস্কাৰপূৰ্ণ, নাৰীৰ মৰ্যদা হানিকৰ আৰু আজিৰ দিনত তেনেই অপ্ৰাসংগিক৷

Thursday, 8 September 2016

অপেক্ষা

তোমাৰ পৰা হাজাৰ মাইল দূৰত
মৌনতাৰে মুখৰ এটি নিশা
দুলি আছেহি
মোৰ চোতালত সোঁৱৰণীৰ ঢৌ  তুলিছেহি
মিলনৰ আকলুৱা পল গণিছেহি

তোমাৰ অবিহনে
হৃদয়ত ওলোমা বাদুলি হৈ ৰয়
টুকুৰা-টুকুৰি অস্থিৰতা
নিশাবোৰৰ উচপিচনিত
বগুৱা বাই আহে অনিদ্ৰা
শূন্যতাই ভাৰাক্ৰান্ত কৰি তোলেহি
মোৰ ইপাৰ সিপাৰ

এই কংক্ৰীটৰ মহানগৰীত
নিজম নিশাবোৰ জয়াল হৈ নুঠে
ফেঁচাৰ উৰুলিত
বিজুলী-ঢেৰেকনিৰে মুখৰিত হৈ
বাৰিষাও নাহে এই নগৰীলৈ

তুমি আহিলেই ইয়াত যে বসন্ত নামিব
প্ৰাণহীন নগৰী জীপাল হৈ উঠিব
চঞ্চল সময় ৰৈ যাবহি
ভালপোৱাৰ কেঁকুৰিত
দুয়ো এক হৈ যোৱাৰ গান এটি আওৰাব

তুমি অহাৰ দিনা
বিৰহী শীতৰ পুৱাও
হিয়াখন উমাল হৈ ৰ’ৱ
গোমোঠা আকাশৰ ডাৱৰ ফালি
এছাটি ৰ’দ উজ্বলিব
এই বিদেশী মাটি আৰু বতাহ
আপোনত্বৰ গোন্ধত আমোলমোলাব

তুমি অহাৰ দিনা
মই পাখিলাহী পখিলা হ’ম
অতদিনে গোঁজ মাৰি থোৱা
হাঁহিবোৰ এৰি দিম
আৰু চকুপানীবোৰকো
তোমাৰ বুকুত ঠাই উলিয়াই দিম

তুমি অহাৰ দিনা
মই সুখী হ’ম
সকলো হাঁহাকাৰ দলিয়াই
পৰিপূৰ্ণ হ’ম

তুমি আহিবানে?
তুমি আহিবানে?

Saturday, 13 August 2016

আহা আমি কথা পাতোঁ

আহা আমি কথা পাতোঁ
Source:artbp.com

এবাৰ কাণ পাতি শুনি চাওঁ
কথাৰ শেষৰ মৌনতাৰ কোৰ্হাল
বুকু পাতি আদৰি লওঁ
ইজনে সিজনৰ অযুত হাহাঁকাৰ
আহা এবাৰ সঁচা অৰ্থত মুখামুখি হওঁ
ইজনে সিজনৰ, নিজে নিজৰ


একো নাই যদিহে 
তোমাৰ কথাত ৰুঢ় বাস্তৱে
উদাসীনতাৰ সুৰ তোলোতে
মই মাতাল হৈ থাকো
জীয়াই থকাৰ ৰঙীন নিচাত
অথবা সপোনৰ ৰামধেনু ৰচাত


তথাপিও কোঁৱা
তোমাৰ বুকুত কিহে ঘৰ পাতিছে
কিহে আজুঁৰি নিছে স্নিগ্ধ হাঁহি
সোধা মোৰ উচ্ছল জুৰিটোৰ
কোন গহ্বৰত সাঁচি থৈছোঁ
যন্ত্ৰণাৰ অপাৰ সাগৰ


ধুমুহা আহে আৰু যায়
তাৰ মাজেদিয়েতো জীৱন
সময়-দু:সময়ৰ ৰছীৰে 
খেলোৱা পুতলা আমিবোৰ
সেইবুলিয়েই তুমি নীৰৱ হৈ ৰ’ৱানে
সকলো আঁটি আঁটি বান্ধি
বুকুখন শিল কৰি লৈ 
অপেক্ষা কৰিবানে ধুমুহা শাম কটালৈ?


নপতা কথাবোৰেইতো গঢ়ে
শূন্যতা আৰু অপ্ৰেমৰ বৰঘৰ
আবতৰীয়া বা-মাৰলিজাকে কঁপাই দিয়েহি
ভালপোৱাৰ অখণ্ড চাকিগছি 
সহমৰ্মিতাৰ পৰশে ঢ়ুকি নোপোৱাকৈ
হৃদয়ৰ মাজত গঢ়ে
উদাসীনতাৰ অভেদ্য দেৱাল

সেয়েতো মই এইপাৰে আকুল হৈ
ৰৈ আছোঁহি বুকু পাতি
উবুৰিয়াই দিয়াহিচোন তোমাৰ
উদাসীনতাৰ আঁৰৰ অনুভৱী নৈ
কেনে আছোঁ মই এবাৰ সোধা

আহা আমি কথা পাতোঁ
এবাৰ কাণ পাতি শুনি চাওঁ
কথাৰ শেষৰ মৌনতাৰ কোৰ্হাল
বুকু পাতি আদৰি লওঁ
ইজনে সিজনৰ অযুত হাহাঁকাৰ
আহা এবাৰ সঁচা অৰ্থত মুখামুখি হওঁ
ইজনে সিজনৰ, নিজে নিজৰ
আৰু আকৌ এবাৰ জুৰুলি-জুপুৰি হওঁ 
ভালপোৱাৰ হেপেহুৱা বৰষুণজাকত৷

Saturday, 1 August 2015

আত্মিক

নন্দিনীয়ে হেণ্ডবেগত যাবতীয় বস্তু কেইপদ ভৰাই বেগটো হাতত লৈয়ে ঘৰৰ পদূলিমূখলৈ ওলাই আহিল৷ লোহাৰ প্ৰকাণ্ড গেটখন অলপকৈ খুলি তাই বাটলৈ চাই পঠিয়ালে ৷ তাৰপিছত আকৌ উভতি ঘৰলৈ সোমাই আহিল৷ যাওঁতে মেখেলাখন অলপকৈ দাঙি কোঁচবোৰ বেয়া নোহোৱাকৈ সাৱধানে খোঁজ দিয়াৰ দৰে নহৈ এইবাৰ তাই দপদপাই সোমাই আহিল৷ পাকঘৰৰ পৰা আলঙে আলঙে তাইৰ কাৰবাৰ চাই থকা মাকে তাইৰ খং উঠাৰ উমান পাই ওলাই আহিল৷ মাকক দেখিয়ে তাই অভিযোগৰ সুৰত ক’লে,

"মা, দেখিছানে! ই অৰ্ণৱ এতিয়াও আহি নাপালে৷ এইবোৰৰ লগত যে একো মিলাব নাপাই দেই ৷ বুঢ়া হ’বৰ হ’ল-সময়ৰ মূল্য বুজিবলৈ নিশিকিলে! ৰ’ৱা, মই ফোন কৰোঁ ৷"

মাকে ক’লে, "ৰ’চোন৷ সি চাগৈ বাটতে আছে,ফোন উঠাবলৈ ৰৈ আৰুহে দেৰি হ’ব ! তোৰ ওলাই হ’লেই নেকি ?"

"হৈ গ’ল মোৰ! আজি আহক ৰ’ৱা সি, পাব এজাউৰি!"

"ৰ’ৱলৈ ইমান টান পাৱ যদি মই কৈছিলোৱে দেখোন, গাড়ীখন লৈ যা৷" মাকে ক’লে, ”লখিমপুৰৰ পৰা পানীগাওঁ কেই কিলোমিটাৰনো!"

"নাই নাই, এই চাদৰ-মেখেলাৰে সাজোন কাচোন কৰি লৈ গাড়ী চলোৱাৰ অভ্যাস নাই মোৰ- গোটেইখন জোটপোঁট লাগিব, ৰিস্কি কাৰবাৰ৷ আৰু সি নিজেই ক’লে, বোলে মোৰ স্কুটাৰ লৈ আহিম-ওলাবি লগতে যাম! সেই কাৰণেহে মই গাড়ী নিয়াৰ কথা নাভাৱিলোৱে৷ সময়ত ওলাই আহিব নোৱাৰে যদি সি ক’লেই হ’ল! ই বৰ অপদাৰ্থ দেই!"

নন্দিনীয়ে আৰু দুটামান বিশেষণ লগাই ভোৰভোৰাই ভোৰভোৰাই ভিতৰৰ কোঠালৈ গ’ল৷

মাকে ভাবিলে, হ’ল আৰু, এইৰ অকৰা খং টো উঠিল যেতিয়া অতদিনৰ মূৰত অহা ল’ৰাটোৱেও ৰক্ষা নাপাব৷

তেওঁ ভিতৰলৈ গৈ দেখিলে, নন্দিনী আইনাৰ সন্মুখত৷ ভনীয়েকে ব্ৰাছডাল লৈ পাকৈত বিউটিচিয়ানৰ দৰে তাইৰ মুখত চলাব লাগিছে৷ তেওঁৰ মুখৰ প্ৰশ্নবোধক ভাৱটো দেখি ভনীয়েকে ক’লে,

"বিয়ালৈনো মানুহ এনেকৈ যায়নে! বায়ে সাজোন-কাচোন একো নিশিকিলে অ’ মা!"

"হেই থ', চাদৰ-মেখেলা পিন্ধি উৰি ওলাইছোঁৱে চোন! ফেশ্বন শ্ব’ত ভাগ ল’বলৈ নাযাওঁ নহয়৷ এনেয়ে মই বিয়া-বাৰুলৈ নাযাওঁ নেকি- মানুহবোৰৰ দামী কাপোৰ, অলংকাৰ, গাড়ী দেখুৱাই ফটা ঢোল বজাবলৈ অকল অজুহাত এটাহে লাগে আৰু!”

তাই ভেকাহিটো মাৰিহে দেখুৱালে, কিন্তু ভনীয়েকক শান্তভাৱে মুখখন পাতি দি বহি থাকিল৷ মাকৰ মনে মনে হাঁহি উঠিল৷ ৰীমাৰ বিয়া বুলিয়ে আজি দুদিনমানৰ পৰা তাই চাদৰ-মেখেলা, লোকাপাৰ-ধানসিৰা, বিয়াৰ নীতি-নিয়ম আদিক লৈ যেনে উথপথপখন লগাইছে যে ঘৰৰ সকলো আচৰিতেই হৈ পৰিছে ৷

কলিংবেলৰ শব্দ শুনি নন্দিনীয়ে খপজপকৈ সকলো সামৰি দুৱাৰ খুলিবলৈ গ’ল৷ হাঁহিমুখে থিয় দি থকা অৰ্ণৱক দেখিয়ে তাই চিঞৰি উঠিল,

"ঐ, সময় বুলি যে বস্তু এটা আছে জাননে নাজান? ঘড়ীটো চাল দিবলৈকে পিন্ধ’ নে কেতিয়াবা কিমান বাজিছে চাবলৈ শিকিছও?"

অৰ্ণৱে "হুহ, কথা কয় শুনা" বুলি কৈয়ে তাইক সম্পূৰ্ণ অৱজ্ঞা কৰি মাকক মাত লগালে৷

"খুড়ী ভাল নে আপোনালোকৰ? বহুদিনৰ মূৰত দেখা পালো৷"

"অ, আমাৰ ভালেই দিয়া ৷ তোমালোকক কাকোৱে আজিকালি লগ নোপোৱাই হ’লো৷ ঘৰলৈ কেতিয়া আহিলা?"

"কালি ৰাতিহে পাইছোঁহি৷ মোৰ ডিব্ৰুগড়ত ফিল্ডৱৰ্ক চলি আছে নহয়, কাম বেছিদিন ক্ষতিও কৰিব নোৱাৰি৷ কালি তাৰ পৰা ঘাটেৰে অকলে বাইক লৈ ঘৰ পাইগৈছোঁহি৷"- কৈ কৈ সি চোফাখনত বহিব ওলাইছিলহে, নন্দিনীয়ে ডবিয়ালে ৷

"বহিবলৈ সময় নাই এতিয়া, উঠ ৷ ইমান দেৰিকৈ ওলাইছহি, সিফালে ৰীমাই চাগৈ বাট চাই আছে৷"

মাকে অৰ্ণৱক চাহ একাপ খাই যাবলৈ ক’লে, কিন্তু সি নন্দিনীৰ ফালে এবাৰ চাই সেই আশা বাদ দিলে৷ "এইজনীৰ পৰা ক’তো শান্তি নাই আৰু" বুলি স্বগতোক্তি কৰি সি ওলাই আহিল ৷

মাকে সিহঁত যোৱাৰ ফালে চাই ভাবিলে, ইমান বছৰৰ পিছতো ইহঁত যে সঁচাই অকণো সলনি নহ’ল! আজি কিমানদিনৰ মূৰত যে অৰ্ণৱ আহিল ! সেই তাহানিতে কলেজত পঢ়োতেই তাক দেখা৷ কলেজৰ ওচৰতে বুলিয়ে নেকি নন্দিনীৰ বন্ধুবোৰৰ বাবে এই ঘৰখন ভাতঘৰেই হৈ পৰিছিল৷ কলেজ শেষ কৰি নন্দিনী দিল্লীলৈ পঢ়িবলৈ গ’ল৷ তাইৰ লগৰবোৰো ক’ত ক’ত যে সিঁচৰতি হৈ পৰিল! আজি অতবছৰৰ মূৰত লগৰ ৰীমাৰ বিয়া বুলিয়ে সিঁহতবোৰ এটা এটাকৈ ওলাইছেহি৷

সিহঁত গৈ বৰমূৰীয়া তিনিআলিটো পাৰ হৈছিলহে, চিপচিপকৈ বৰষুণ পৰিবলৈ ধৰিলে৷ নন্দিনীয়ে কিবা কোৱাৰ আগতেই অৰ্ণৱে ডাঙৰ গছ এজোপাৰ তলত স্কুটাৰখন ৰখাই দিলেগৈ৷ ক’লে,

"ছাতিটো তোৰ উৎপাতত অনাই নহ’ল নহয়! যিসোপাহে মুখত লগাই মেলি আহিছ, বৰষুণে চব ধুই নিব এতিয়া৷ যিমান ঘঁহিলে পিহিলেও কাউৰী সদায় কাউৰীয়ে, বগলী নহয়গৈ, জান’ নাই?" নিজৰ কথাতে ৰস পাই সি খুকখুকাই হাঁহি উঠিল৷

নন্দিনীয়ে তালৈ "মোক জোকাই লাভ নাই" জাতীয় চাৱনি এটা দি চাদৰৰ আগটো মূৰত লৈ থমথমকৈ বহি থাকিল৷ অৰ্ণৱে চেষ্টা নেৰিলে৷

"মোলৈ চা ৷ একো আৰ্টিফিচিয়েল বস্তুৰ দৰকাৰ নাই ৷ এসোপামান ঘঁহি মেলি নুফুৰিলেও এই হাজৰিকা সদায় সতেজ, চিৰসেউজ -কেতিয়াও সলনি নহয়৷"

"হৈছে, এই ঘেগেলা স্কুটাৰখন চলাই যিমান চিৰসেউজটো হৈ গ’লেও তোলৈ কোনেও নাচায় দে!"

"ঐ, স্কুটাৰখনক একো নক’বি দেই৷ দেউতাৰ পৰা পোৱা এইখন৷ ক’তো অকণো দাগ এটা নল’গাকৈ দেউতাই কিমান যত্নৰে ৰাখিছে দেখিছ নাই?চলাই ভাল পাওঁ কাৰণেইটো বাইক খন এৰি এইখন আনিছোঁ৷"

"ভালেই কৰিলি৷ এনেকৈ স্কুটাৰত উঠি গ’লে অন্তত: গাৱঁত কোনেও আমাক বেলেগকৈ নাচাব ৷ আজিকালিৰ দিনত কোনো ছোৱালীয়ে বয়ফ্ৰেণ্ডৰ লগত স্কুটাৰত উঠি নাযায় আৰু ৷”

"অ, ভাল মনত পৰিল৷ মোলৈ তহঁতে ছোৱালী চোৱাৰ দায়িত্ব লৈছিলি নহয় কেতিয়াবাতে, অতদিনে একো নকৰিলি৷ এইবাৰ ৰীমাৰ বিয়াত কিবা এটা কৰিবিয়ে কিন্তু৷"

"অ' অ', আমি ভাবি থৈছোঁৱে, তোক এইবাৰ গতি লগাবই লাগিব ৰ'৷ তোৰ আকৌ যিহে কঁকাললৈকে বৈ পৰা চুলিৰ ৰাজকুমাৰীত মন, পাবলৈকে টান নহয়৷ দীঘলচুলি ইমানেই পছন্দ যদি নিজে তেনেকৈ দীঘল কৰি ৰাখি নলৱ কিয়?"

তাৰ সেই ৰূপটো কল্পনা কৰিয়ে নেকি দুয়োটাই একেলগে হাঁহি উঠিল৷ অৰ্ণৱে আকাশলৈ মূৰ তুলি চাই ক’লে,

"অকণমান কমিছে, গৈ থাকো ব’ল৷ অলপ তিতিলেও একো নাই৷ দৰকাৰ হ’লে সলাই লৈ মোৰ ইযোৰ চাৰ্ট-পেন্ট পিন্ধি ল’মগৈ৷"

নন্দিনী আচৰিত হ’ল,

"ইযোৰ মানে? তই আৰু এযোৰ আনিছ? কিয়?"

"কিয়, দৰা অহাৰ আগে আগে মাজৰাতি কাপোৰ সলাই ইযোৰ পিন্ধিম আকৌ৷ এতিয়া ৰাতিপুৱাৰে পৰা কামত লাগি থকা যোৰকে তেতিয়াও পিন্ধি থাকিম নেকি?"

তাইৰ আকৌ খং উঠিল৷

"আগেয়ে নকৱ কিয় কথাবোৰ? মইতো একো কাপোৰ অনা নাই৷ ইমানকৈ চবকে সুধি লৈ প্লেন কৰিছোঁ৷ এইটো কথাকে কোনেও নক’লে যা:"

"ধেইত, এইবোৰ নিজে জানিবলগীয়া কথা আৰু৷ প্ৰাণজিৎ আহিব নহয় অলপ দেৰিকৈ, তাক ফোন কৰি দে নহ’লে৷"

তাই ফোন লগালে৷ প্ৰাণজিতে সোনকালে শুই উঠাৰ এলাহতে অলপ দেৰিকৈ আহিম বুলি কৈছিল৷ এতিয়া নন্দিনীৰ কঢ়া নিৰ্দেশ পালে, সি আহোতে তাইৰ ঘৰলৈ গৈ মাকৰ পৰা কাপোৰ এযোৰ লৈ আহিব লাগে৷

কেঁচা টোপনি ভঙাৰ কাৰণে সি গেঙেৰি দুটামান মাৰি ’হব যা:’ বুলি কৈ ফোন কাটি দিলে৷

চিপচিপিয়া বৰষুণৰ মাজতে সিহঁত গৈ বিয়াঘৰ পালেগৈ৷ ৰীমা শুৱাকোঠাত এজাক মহিলাৰ মাজত বহি আছিল ৷ নন্দিনীৰ পিছে পিছে সোমাই যোৱা অৰ্ণৱক ড্ৰয়িংৰূমতে বহাই তাই ৰীমাৰ কাষ পালেগৈ৷ আহোতে খাবলৈ কিবা এটা লৈ আহিবিচোন বুলি সি ক’বলৈ নাপাহৰিলে পিছে৷ নন্দিনীহঁতৰ ঘৰত খুড়ীয়ে তালৈ মালপোৱা কৰি থৈছিল বুলি কৈছিল, তাইৰ জহতে মুখত দিবলৈকে নাপালে সি!

"ইমান দেৰি কৰিলি" বুলি কৈ ৰীমায়ে তাই বহিবলৈ ঠাই উলিয়াই দিলে৷

"এই অৰ্ণৱৰ কাৰণে অ’৷ ইমান দেৰিকৈ ওলাইছেহি সি!"

"অ’, এতিয়া ক’ত আছে সি?"

"বাহিৰত বহাই আহিছো৷ ইয়ালৈ ল’ৰা সোমাবলৈ দিব জানো?"

"হেই, মাতি আন তাক৷ সি আহিলে একো নহয়৷"

অৰ্ণৱ আহিল৷ আহিয়েই ৰীমাৰ শেঁতা পৰা মুখখন দেখি ক’লে,

"কি ঐ! মৰিবলৈ ওলোৱাৰ দৰে আছ’ যে? তোক জোৰ কৰি ধৰি বান্ধি বিয়া দিয়া নাই নহয়৷ দহ বছৰীয়া প্ৰেম কৰি নীলিমৰ লগতে বিয়া হ’বলৈ ওলাইছ ৷ এতিয়া এইবোৰ এক্টিং নচলিব দেই৷"

বহি থকা মানুহখিনিৰ কথা-বতৰা তাৰ গলগলীয়া কথা-কেইষাৰে তভক লগালে৷ অলপ আচৰিত হৈ 'কোন ঔ এইটো’ ধৰণে তেওঁলোকে তালৈ চাই পঠিয়ালে৷

ৰীমাই সকলো পাহৰি স্বভাৱসুলভ বলিষ্ঠ মাতটোৰে ক’লে,

"হেই এইটো! আহিয়েই কি কথাবোৰ কৈছহি বাৰু!"

মুহুৰ্ততে পেহী-বৰমা-জেঠাইৰ হাজাৰটা নীতি-নিৰ্দেশনাৰ মাজত নিস্তেজ হৈ থকা ৰীমাজনী সপ্ৰতিভ হৈ উঠিল৷ তাই মন মাৰি আমন জীমনকৈ বহি থকা ৰূপটো দেখি বিমোৰ হোৱা নন্দিনীয়েও স্বস্তিৰ নিশ্বাস পেলালে ৷ কিছুপৰ কথা পতাৰ পিছতে ৰীমাক চোতালত নাম-প্ৰসংগত সেৱা কৰিবলৈ উলিয়াই লৈ গ’ল৷ সিহঁতেও বিয়াঘৰৰ ইটো-সিটো কামত লাগি ভাগি দিলেগৈ৷ আগচোতাল-ঘৰ-পাছচোতাল কৰি থাকোতেই কিমান সময় পাৰ হৈ গ’ল গমকে নাপালে৷

অসুখীয়া দেউতাকক অযথা সমস্যা নিদি বিয়াৰ আয়োজনৰ সকলো দায়িত্ব ৰীমাৰ ভনীয়েকে মূৰ পাতি লৈছে ৷ মাক-দেউতাক দুয়ো কেৱল অভ্যাগতৰ সোধ-পোচত ব্যস্ত আছে ৷ ঘৰৰ ডাঙৰ ছোৱালীজনীৰ বিয়া! গৱেষণাৰ কামত যতি পৰিব বুলি ৰীমাৰ দাবীতে পিছুৱাই ৰখা বিয়াখন অৱশেষত হৈ উঠাৰ স্বস্তি, ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ যন্ত্ৰণা, অথচ নীলিমৰ দৰে সঁচা অৰ্থত তাইক বুজা ল’ৰা এজন পোৱাৰ গৌৰৱ -সকলো আবেগ মিলি যেন দুয়োকে কাবু কৰি পেলাইছে ৷ নন্দিনীয়ে গৈ এবাৰ ক’লেগৈ, " আপোনালোকে মিছাতে একো চিন্তা কৰি থাকিব নালাগে দেই৷ আমি আছোঁ নহয়!"

ৰীমাৰ মাকে একো নকৈ মাথোঁ তাইৰ মূৰত হাত ফুৰাই দিলে ৷

নন্দিনী নিজেই আবেগিক হৈ পৰিল যেন! তাই সাউতকৈ তেওঁলোকলৈ কৰি অনা গ্লুক’জ দুগিলাচ দি খোৱাঘৰত সোমালগৈ ৷ দুপৰীয়া অগা-পিচাকৈ শিখা আৰু প্ৰাণজিৎ ওলালহি ৷ প্ৰাণজিতে তাইক কাপোৰসাঁজ দি সেইটো কামত তাক খটুওৱাৰ কাৰণে আকৌ ডবিয়ালে৷ কিন্তু লগতে সিহঁতৰ ঘৰত অৰ্ণৱৰ ভাগৰ মালোপোৱা খাই অহাৰ কথাও পৰম তৃপ্তিৰে ঘোষণা কৰিলে৷

শিখাই ইমান দেৰিকৈ অহাৰ কাৰণে সকলোৰে গালিখিনি হজম কৰি লৈ অলপ অভিমান কৰি ক’লে,

"তহঁতে কি বুজিবি মই কিমান মিলাই লৈ আহিছোঁ! স্কুলত গৰমৰ বন্ধ হ’লে কি হ’ব, টেটৰ ট্ৰেইনিং চলি আছে৷ মই মিলাই মেলি হাফছুটি লৈ আহিছোঁ৷ বাছ সলাই মেলি থাকোতে দেৰি হ’ব বুলি ঘিলামৰাৰ পৰা স্কুটি চলাই আহিছোঁ, ভাব!"

তাইৰ কথা শেষ হ’বলৈকে নাপালে প্ৰাণজিতে টপকৈ ক’লে,

"হেৰৌ, জহাবলৈ আহিছ! মই গাইডক ফাঁকি দি দুদিন আগতেই শ্বিলঙৰ পৰা আহিছোঁ জাননে? অৰ্ণৱেও ফিল্ডৰ কাম বন্ধ কৰি থৈ আহিছে দে!"

নন্দিনীয়ে ৰীমালৈ চাই ক’লে,

"মইহে ৰীমাৰ বিয়া বুলি আজি এসপ্তাহৰ পৰা লখিমপুৰত আছোঁহি! ভাবি আছিলো, এইবাৰ সময় পাইছোঁ যেতিয়া সীমান্তৰ তাত দুদিনমান থাকি আহোঁ, তাৰ ঠাইখন চাবলৈ ইমান মাতি থাকে ৷ টিকট কৰিবলৈ লওঁতেই ৰীমাই গম পাই হুলস্থুলখন লগালে মিছামিছি৷ যোৱাই নহ’ল মোৰ!"

ৰীমাই আলহীক মাত লগাই ইটো সিটো কথা পাতি আছিল৷ কিন্তু নন্দিনীৰ অভিযোগ তাই ঠিকেই শুনিলে৷ ঘুৰি চাই ক’লে,

"কিয় নলগাম! তোৰ একো ঠিকনা নাই-আজি অ’ত, কাইলৈ ত’ত৷ চাচোন, সীমান্তক লগ কৰিবলৈ তাই ছত্তিছগড়লৈ গৈ ঘুৰি আহি এসপ্তাহতে মোৰ বিয়া পায়হি বোলে, সম্ভৱ নেকি?"

নন্দিনীৰ বাহিৰে বাকী গোটেইকেইটাই ’ভালেই কৰিলি’ ধৰণে মূৰ দুপিয়ালে! শিখাই কৈ উঠিল,

"অহ, ভাল মনত পেলাই দিলি দেই, সীমান্তই ৰীমালৈ ফোন লগাই আছিল ৷ মোক আহি পাই ৰীমাৰ লগত তাৰ এবাৰ কথা পতাই দিবলৈ কৈছিল৷"

"হয় নেকি? লগাচোন লগা-মানুহৰ ভিৰ নহওঁতেই শান্তিৰে পাতি লওঁ৷"-ৰীমাই ক’লে৷

ফোন লগে লগে লাগিল৷ লাউডস্পিকাৰত সীমান্তৰ দুষ্টালিভৰা মাতটো ভাঁহি আহিল৷

"ৰীমা ঐ! তই ইমান দুখ দিবি বুলি ভবা নাছিলো দেই ৷ এই মাওবাদীসোপাৰ মাজত সোমালোহি বুলিয়ে মোক ঠগি দিলি নহয়?"

গোটেইকেইটাই গিৰ্জনি মাৰি হাঁহি উঠিল৷ ওচৰত অন্য কোনোবাই শুনিলে নেকি বুলি সচকিত হৈ ৰীমাই ইফালে-সিফালে চালে৷ নিশ্চিত হৈ লৈ এইবাৰ তাইৰ ধমকিটো ডাঙৰকৈয়ে ওলাল৷

"ঐ গৰু! বিয়ালৈতো আহিব নোৱাৰিলি, তাৰ পৰা বৰ বৰ মাত মাতিছ?"

"তেনেকৈ নক’বি ঐ, খেতিৰ বতৰত কাম-বন এৰি মই ইমান দূৰলৈ কেনেকৈ যাওঁ, জানই দেখোন!” সীমান্ত দুখীয়া খেতিয়কক আৰ্থিকভাৱে স্বাৱলম্বী কৰাত সহায় কৰা এটা এন জি অ’ৰ মূখ্য বিষয়া৷ খেতিৰ বতৰ তাৰ বাবে খাৱন শোৱন নোহোৱাকৈ কৰা কামৰ বতৰ!

সুবিধা পাই গোটেইকেইটাই সীমান্তক জাৰিবলৈ লাগিল৷ ৰীমাই সকলোকে তেনেকৈয়ে এৰি বহাঘৰ, খোৱাঘৰত ভুমুকি মাৰিলেগৈ৷ ঘুৰি আহি তাই সিহঁতক আলহী বেছি নহওঁতেই খাই বৈ ল’বলৈ ক’লে৷ আবেলিলৈ সকলো ব্যস্ত হৈ পৰিব৷ তাইৰ কথা মানি সকলো খোৱাঘৰত বহিলগৈ ৷ দেউতাকে ক’লে, "ৰীমাকো তোমালোকৰ লগতে বহুৱাই কিবা এটা খাবলৈ দিয়াচোন৷ পুৱাৰে পৰা একো এটা মুখত দিয়া নাই তাই ৷"

ৰীমা দেউতাকৰ বৰ আদৰৰ ছোৱালী৷ এতিয়াও দেউতাকে নিজে খোৱা লোৱাতকৈ তাই যাতে একো কষ্ট নাপাই সেয়াহে মন কৰি আছে ৷ দেউতাকৰ কথা পেলাব নোৱাৰি তায়ো লগতে বহিলগৈ ৷ এইবাৰ খোৱাৰ টেবুলত শিখাক ’কামোৰ’ দিয়াৰ পৰ্ব৷ বাকীকেইটাই মাজে সময়ে ফোনত বা অনলাইন কথা-বতৰা পাতি থাকিলেও শিখা প্ৰায়ে একেবাৰে নিৰুদ্দেশ হৈ থাকে৷ ’শিখা মৰিল নেকি ঔ’ বুলি সুধিলেহে ইটোৱে সিটোৰ পৰা তাইৰ খৱৰ একোটা পায়৷ সেয়ে আজি প্ৰাণজিৎ আৰু অৰ্ণৱে বেয়াকৈ ধৰিছে তাইক ৷

নন্দিনী কিছু নষ্টালজিক হৈ পৰিল যেন! কিমান বছৰৰ মূৰত এনেকৈ গোটেইকেইটা লগ হৈছে, তাকো কেনে এটা পৰিৱেশত ৷ বিশ্বাসেই হোৱা নাই যে সাতটা বছৰ পাৰ হৈ গ’ল! কলেজত কেনেকৈ যে এজন এজনকৈ লগ লাগি সিহঁতৰ দলটো গোট খাইছিল! প্ৰত্যকেই ভিন্ন ব্যক্তিত্বৰ, কিন্তু ইটোৱে সিটোৰ পৰিপূৰকৰূপে কাম কৰিছিল যেন! তিনিটা বছৰতে বৰ আপোন হৈ পৰিছিল সিহঁত ৷ ইটোৱে সিটোৰ হাঁহি-কান্দোনবোৰ ভগাই লোৱাৰ কিমান যে স্মৃতি গঢ় ল’লে সেই তিনিটা বছৰতে!

তাইৰ আজিও মনত আছে, কোনোবা এটা পৰীক্ষা দি গুৱাহাটীৰ পৰা নিশাৰ বাছেৰে আহোতে এইটো প্ৰাণজিতৰ লগতে এখুন্দা লাগিছিল তাই ৷ আচলতে লগ হ’লেই সিহঁতৰ কেৱল কাজিয়াই লাগিছিল ৷ তাইৰ আগত সি অনবৰতে ’থেকেচি পেলাম’ ধৰণৰ মুড এটা লৈ থাকিছিল আৰু তাই ’তোকো সুদাই নেৰোঁ’ ধৰণৰ ভাৱ এটাৰে ফেপেৰি পাতি আহিছিল ৷ কাৰো একো বুজনিয়ে কাম দিয়া নাছিল৷ প্ৰাণজিতৰ মাকে আনকি ছোৱালীক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয় বুলি বুজাবলৈ চেষ্টা কৰোঁতে সি ওলোটাই কৈছিল, "তাই ছোৱালী নেকি!"

সিদিনাও গুৱাহাটীত অন্য এটা পৰীক্ষাৰ কাৰণে ৰৈ দিবলগীয়া হোৱাত সীমান্ত আৰু শিখাই সিহঁত দুয়োটাকে বেলেগে বেলেগে বুজাইছিল, বাছত কাজিয়া নকৰিবলৈ৷ সকলো শান্তভাৱে শুনি লৈও বাছত উঠিয়ে দুয়োটাই মাজৰ ঠাইকণত হাত থোৱাক লৈ কাজিয়া আৰম্ভ কৰি দিছিল৷ অৱশ্যে সেই কাজিয়া মাজনিশালৈ প্ৰাণজিতৰ সকলোৰে লগত এৰাএৰি হোৱাৰ আবেগৰ ধলে উটুৱাই নিছিল৷ আৰু তাৰ সেই ’পেনপেননি’ আঁতৰাবলৈ নন্দিনীয়ে গান এটাকে গাবলৈ আনুৰোধ কৰাত শেষনিশালৈকে সি এটাৰ পিছত এটাকৈ প্ৰিয় গানবোৰ গাই গৈছিল ৷ আৰু তাই! কেঁচা টোপনি ভঙা বাছৰ মানুহৰ খং উঠিব বুলি ভয়তে তাই তাপ মাৰি আছিল৷

সকলোৰে গিৰ্জনি মৰা হাঁহিত তাইৰ তন্ময়তা ভাগিল৷ ইংগিতপূৰ্ণ কথাবতৰা বোৰ দেখি তাই চকুৰ ইংগিতেৰে কি হৈছে সুধিলে৷ গম পালে, শিখাৰ পৰা এতিয়া ফ’কাছ অৰ্ণৱলৈ গৈছে ৷ ইতিমধ্যে কোনোবা কঁকালৈকে বৈ পৰা চুলিৰ গৰাকী হেনো তাৰ চকুত পৰিছেই ৷ একেবাৰে তাৰ সপোনৰ শ্ৰীমতী হাজৰিকাৰ সৈতে মিলি পৰিছে হেনো ৷ কিন্তু কেণাটো লাগিল, এতিয়া কাষৰ টেবুলতে বহি থকা দেখি তাইৰ পৰিচয় ৰীমাক সোধাতহে ৷ ৰীমাই হাঁহি হাঁহি ফুচফুচাই ক’লে, "লাভ নাই, তাইৰ অহামাহত বিয়াৰ তাৰিখ ঠিক হৈয়ে আছে আকৌ, আমাৰ ওচৰৰ গাওঁখনৰ ছোৱালী৷"

এইবাৰ অৰ্ণৱ চিৰসেউজ নহৈ চিৰকুমাৰ হ’বলৈ গৈ আছে নেকি সেই সম্পৰ্কে বিশদ আলোচনা চলিল ৷ মানুহ আহিবলৈ লোৱাত ৰীমা ওলাই গ’ল৷ নন্দিনীহঁতো কামত ব্যস্ত হ’ল৷ প্ৰাণজিতে মানুহক আদৰি সাদৰি বহুৱালে, অৰ্ণৱ থাকিল খোৱাঘৰৰ পৰিচালনাৰ দায়িত্বত ৷ নন্দিনী আৰু শিখাই কইনাৰ ছাপৰ্ট চিষ্টেমৰ দায়িত্বত থাকিল!

গাঁৱৰ বিয়া, নিশালৈ মানুহ কমি আহিল ৷ দৰা আদৰাৰ প্ৰস্তুতি আৰম্ভ হ’ল৷ কইনাক আকৌ নতুনকৈ সজাবলৈ লৈ আয়তীসকলে জাক জাক নামেৰে উপচাই পেলালে ৷ দিনটোৰ দৌৰাদৌৰিৰ পিছত নন্দিনীহঁতেও অকণমান আহৰি পালে ৷ গোটেইকেইটাই বাহিৰত বহিলহি৷ পুৰণি কথাবোৰকে ওলাল৷ তেনেতে কথা-প্ৰসংগত প্ৰাণজিতে ক’লে,

"ঐ, পৰাগৰ কি হ’লহে? এতিয়ালৈকে দেখাদেখি নাই যে!"

"সি চাগৈ বেংকৰ ফাইলৰ মাজত মূৰ গুঁজি আছে এতিয়াও ৷ বেংকত সোমোৱাৰে পৰা সি অতিপাত ব্যস্ত পৰিছে অ’ ৷"-শিখাই ক’লে ৷

"এহ, যিমান কাম হ’লেও ইয়াতে থাকিও ৰীমাৰ বিয়ালৈ নাহিব নেকি আৰু সি! ৰ, মই ফোন কৰোঁ, সি যিহে, পাহৰিবও পাৰে!"

অৰ্ণৱে ফোন কৰিলে৷ পৰাগ বেংকৰ পৰা আহি ঘৰ সোমাইছিলহে হেনো৷ তাৰ দহমিনিট পিছত সি বিয়াঘৰত হাজিৰ! আহিয়ে ক’লেহি,

"ভাল ফোন কৰিলি দেই! মই তাৰিখটো একেবাৰে পাহৰিছিলোঁ৷" ক্লান্ত মুখখনত হাঁহি বিৰিঙাই সি ক’লে৷

"হ’ব দে, একো নহয়৷ বিবাহিত মানুহৰ সেইটো এনেও প্ৰধান লক্ষণ"- অৰ্ণৱে খোঁচ এটা মাৰিলে৷

আটাইকেইটাৰ লগতে পৰাগেও খোলাকৈ হাঁহি পেলালে৷

এইবাৰ আড্ডা ভালকৈ জমি উঠিল৷ ইমান দিনৰ চেগা-চোৰোকা যোগাযোগৰ মাজত ৰৈ যোৱা সুখ-দুখৰ কথাবোৰ, হাঁহিবোৰ বাধাহীন জুৰি হৈ বৈ আহিল যেন! মাজতে এবাৰ সুবিধা পাই নন্দিনীয়ে প্ৰাণজিতক সুধি পেলালে,

"ঐ, কথা এটা ক’চোন৷ তই যে কলেজৰ শেষৰ দিনবোৰত আমিবোৰ এৰাএৰি হৈ পৰিম, নিজৰ নিজৰ জীৱনত হেৰাই যাম বুলি ইমান ট্ৰেজেদি ফালিছিলি, মনত আছে?"

"এহ, এইবোৰ বেছিভাগ সঁচা বন্ধুত্ব কি নুবুজা বা ভুল বুজা মানুহৰ কথা-কাণ্ড দেখি-শুনি মনলৈ অহা ভয় আছিল জান’ ৷ "

"এতিয়া তেন্তে নাভাব তেনেকৈ?”

"সময়ৰ আঁচোৰ নপৰাটোৱে সঁচা বন্ধুত্ব অ’৷ আমিচোন চবেই সেইখন দেওনা পাৰ কৰি আহিলো ৷ এতিয়া ভালকৈয়ে জানো, আমিবোৰ য’তেই নাথাকো, যিমান দিনৰ মূৰতেই লগ নাপাওঁ কিয়-আমি এনেকৈয়ে থাকি যাম, কলেজীয়া মনবোৰ লৈ!"

নন্দিনীয়ে একো নক’লে৷ প্ৰথমবাৰৰ কাৰণে প্ৰাণজিতৰ লগত তৰ্ক কৰিবলৈ তাইৰ একো শব্দ নাছিল৷ সিফালে বিয়াৰ উৰুলি ভাঁহি আহিল৷ দৰা অহাৰ সময় হ’ল-ৰীমাক উলিয়াই দিবৰ হ’ল
৷
( লী পৰিয়ালৰ হাতত)


Tuesday, 14 July 2015

অসমৰ জৈৱবৈচিত্ৰ্য ৫: অৰ্কিড

জৈব-বৈচিত্ৰ্যৰ আকৰ অসমৰ গাঁৱে-ভূঞে তথা বনাঞ্চলসমূহত অনেক প্ৰজাতিৰ অৰ্কিড দেখা পোৱা যায় ৷ ইয়াৰে কিছুসংখ্যক অৰ্কিডে অসমৰ লোকসংস্কৃতিতো বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ উদাহৰণস্বৰূপে, কপৌফুল ৰঙালী বিহুৰ এক অপৰিহাৰ্য অংগ৷ কপৌ ফুল অবিহনে বিহুৱতীৰ সাজ-সজ্জাই, বিহুৰ উদযাপনে পৰিপূৰ্ণতা নাপায়৷ তেনেদৰে ভাটৌফুলৰো অসমীয়া সমাজত সমাদৰ আৰু চাহিদা যথেষ্ট৷ 



অৰ্কিড ’অৰ্কিডেচি’ নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ একবীজপত্ৰী উদ্ভিদ ৷ ৰং বিৰঙী মনোমোহা ফুলবোৰৰ একক সজ্জাৰ বাবেই এইবোৰক পৃথক শ্ৰেণীৰ মৰ্য্যদা দিয়া হৈছে৷ অৰ্কিড ফুলৰ তিনিটাকৈ বেটুপাত আৰু পাহি থাকে; বেটুপাত তিনিটা সমান আকৃতিৰ কিন্তু এটা পাহি ৰূপান্তৰিত যাক ওঁঠ বুলি কোৱা হয়৷ এই বেটুপাত আৰু পাহিকেইটা এনেদৰে একান্তৰভাৱে সজ্জিত হৈ থাকে যে দেখাত ছটা পাহিৰ ফুল যেন ধাৰণা হয়৷ বেছিভাগ অৰ্কিডেই পৰাশ্ৰয়ী (Epiphyte) অৰ্থাৎ অন্য গছত আশ্ৰয় লৈ থাকে যদিও কিছুমান স্থলজ (Terrestrial) অৰ্কিডো পোৱা যায়৷ তেনেদৰে মৃত বা পচা গছত আশ্ৰয় লোৱা অৰ্কিডো (Saprophye) থাকে৷ পৰাশ্ৰয়ী অৰ্কিডসমূহে শিপাত থকা ’ভেলামেন’ নামৰ বিশেষ তন্তুৰ সহায়ত বতাহৰ পৰা জলীয় বাষ্প আহৰণ কৰে ৷ 

ভাৰতত পোৱা ১৩০০ মান প্ৰজাতিৰ ভিতৰত অসমত ৭১ গণৰ অন্তৰ্গত ১৯৩ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা গৈছে ৷ ইয়াৰে ২৭ বিধ প্ৰজাতি কেৱল অসমতহে পোৱা যায় (endemic) ৷ তেনে কেইবিধমান অৰ্কিড প্ৰজাতি হ’ল- ফেলেন’পছিছ মাষ্টাৰছি (Phalaemopsis Mastersii), ডেনড্ৰবিয়াম মিছেৰাম (Dendrobium Miserum), এৰিয়া পুমিলা (Eria Pumila), ইউল’ফিয়া কেনডিডা (Eulophia Candida), ফলিডটা কেলচিয়েটা (Pholidata Calceata), পেফিঅ’পেডিয়াম স্পাইচেৰিয়েনাম (Paphiopedium Spicerianum), টাইনিয়া বাৰবাটা (Tainia Barbata), বাল্ব’ফাইলাম অবেৰিয়েনাম (Bulbophyllum Oberienianum) আদি ৷ অসমৰ কাছাৰ ,কাৰ্বি আংলং, দিহিং পাটকাই, নামবৰ আদি অঞ্চল অৰ্কিডত চহকী বুলি জনা যায়৷ 

কেৱল অসমত পোৱা অৰ্কিড- ফেলেন’পছিছ মাষ্টাৰছি,
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অসমত পোৱা অন্যান্য দুষ্প্ৰাপ্য পৰাশ্ৰয়ী অৰ্কিডৰ ভিতৰত উল্লেখযোগ্য হৈছে বাল্ব’ফাইলাম এপ’ডাম (Bulbophyllum apodum), ক্ৰিছ’গ্লছাম আৰনেটাম (Chrysoglossum ornatum), ক্লেইছ’ষ্টমা লিনেৰিল’বেটাম (Cleisostoma linearilobatum), ক্লেইছ’ষ্টমা ছিমণ্ডি (Cleisostoma simondii), চাৰকান্থাছ টেৰেটিফ’লিয়াছ (Sarcanthus teretifolius), ক্লেইছ’ষ্টমা চেইডেনফাডেনি (Cleisostoma seidenfadenii), কটন চেম্পিয়নি (Cotton championii), ডিপ্ল’প্ৰৰা চেম্পিয়নি (Diploprora championii), এৰিয়া ক’নেটা (Eria connata), এৰিয়া ফেৰুজিনিয়া (Eria ferruginea), চাৰক’কিলাছ ক্ৰেপিডিফ’ৰমিছ (Sarcochilus crepidiformis), ইউপ্ৰব’ছিছ পিগমিয়া (Euproboscis pygmaea) থ্ৰিকছস্পাৰনাম ন’টেবাইল (Thrixspermum notabile), থ্ৰিকছস্পাৰনাম পিগমিয়াম (Thrixspermum pygmaeum) ইত্যাদি৷ আপুৰুগীয়া স্থলজ অৰ্কিডৰ ভিতৰত ক’লাবিয়াম চাইনেনছ (Collabium chinense), ইপছিয়া ৰায়ানা (Ipsea wrayana), বাঁহ অৰ্কিড (Arundina graminifolia), কেলেন্থে মাচুকা (Calanthe masuca) আদিয়ে প্ৰধান ৷

অসমত পোৱা এবিধ স্থলজ অৰ্কিড কেলেন্থে মাচুকা
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অপৰূপ সৌন্দৰ্য তথা বৈচিত্ৰ্যৰ উপৰিও বহুতো অৰ্কিড প্ৰজাতিৰ বনৌষধি হিচাপেও সমাদৰ আছে৷ অৰ্কিডত থকা ঔষধিগুণ সম্পন্ন এলকালয়ড (alkaloids), ট্ৰিটাৰপেনইডছ (triterpenoids), ফ্লেভনয়ড (flavonoids) আৰু ষ্টিলবেন’ইডছ (stilbenoids) আদি ৰাসায়নিক উপাদানে নানা ৰোগ নিৰাময়ত সহায় কৰে বুলি তথ্য পোৱা গৈছে ৷ উদাহৰণস্বৰূপে, অসমীয়া সমাজত সকলোৰে প্ৰিয় অৰ্কিড কপৌফুলৰ শিপা আৰু ফুল উভয়ৰে ঔষধি গুণ আছে৷ ইয়াৰ শিপা হাড়ৰ বিভিন্ন ৰোগ নিৰাময়ত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে ৷ তাৰোপৰি কপৌফুলৰ ৰসে জণ্ডিচ, শ্বাসতন্ত্ৰৰ সমস্যা, পেটৰ অসুখ, কাহ, জ্বৰ, বিষ, বাতৰোগ নিৰাময়ত সহায় কৰে বুলিও জনা যায়৷ তেনেদৰে ডেন্দ্ৰ’বিয়াম ক্ৰুমেনেটিভ (Dendrobium crumenative), ইউল’ফিয়া কেম্পেছট্ৰিছ (Eulophia campestris), অৰ্কিছ লেটিফ’লিয়া (Orchis latifolia), ভেণ্ডা ৰক্সবাৰ্ঘি (Vanda roxburghii) আৰু ভেণ্ডা টেছেলাটা (Vanda tessellata) ৰ ঔষধি গুণ সম্পৰ্কেও বৈজ্ঞানিক তথ্য পোৱা গৈছে৷

শেহতীয়াকৈ বহুসংখ্যক অৰ্কিডেই প্ৰাকৃতিক পৰিবেশ ধ্বংস, ঔদ্যোগিকৰণ, প্ৰদূষণ আদিৰ বাবে বিপন্ন হোৱাৰ পথত৷ আই ইউ চি এনৰ ৰঙা তালিকাত বিলুপ্তপ্ৰায় (Endangered) ৰূপে চিহ্নিত কৰা অসমৰ অৰ্কিড প্ৰজাতিসমূহ হ’ল -এপ্লেট’নছ পাফিঅ’পেডিলাম (Appleton’s Paphiopedilum), চাৰ্লছৱৰ্থ পাফিঅ’পেডিলাম (Charlesworth Paphiopedilum), স্পাইচাৰছ পাফিঅ’পেডিলাম (Spicer’s Paphiopedilum) আৰু চাৰ্মিং পাফিঅ’পেডিলাম (Charming Paphiopedilum)৷ তাৰোপৰি এই তালিকাত ৱিল’জ পাফিঅ’পেডিলাম (Villose Paphiopedilum) নামৰ অৰ্কিড বিধকো অসুৰক্ষিত (Vulnerable) ৰূপে গণ্য কৰা হৈছে৷ এই আপুৰুগীয়া অৰ্কিডসমূহৰ স্থিতিৰ সঠিক তথ্য সংগ্ৰহ তথা ইয়াৰ ভাবুকিসমূহৰ নিয়ন্ত্ৰণ কৰি সংৰক্ষণ কৰাটো অতীব প্ৰয়োজনীয় ৷

অসমৰ জৈৱবৈচিত্ৰ্য ৪: বনৌষধি আৰু সুগন্ধি উদ্ভিদ

আধুনিক চিকিৎসা বিজ্ঞানৰ সংস্পৰ্শ পোৱাৰ বহু আগৰে পৰা মানৱ সমাজে প্ৰকৃতিৰ বিভিন্ন তৰু-লতাৰ নানা অংশ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰি আহিছে৷ ৰোগ নিৰাময়ৰ এই পৰম্পৰাগত প্ৰথা ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে৷ আধুনিক বিশ্বতো বৰ্তমান এই বনৌষধি সমূহৰ বহুল ব্যৱহাৰ হৈছে আৰু এইবোৰৰ ঔষধি গুণাগুণ সম্পৰ্কে নিত্য নতুন তথ্য পোৱা গৈছে৷ ফলত ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান বিশ্বত বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ এক ক্ৰমবৰ্ধমান বাণিজ্য গা কৰি উঠিছে৷


ভাৰতত পোৱা বনৌষধিৰ সংখ্যা সঠিককৈ জনা নাযায় যদিও পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হৈ অহা বনৌষধি ৩০০০-৮০০০ বিধ প্ৰজাতি বুলি ঠাৱৰ কৰা হয়৷ ভাৰতৰ ছটা পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে, আয়ুৰ্বেদ, হোমিঅ’পেথি অদিকে ধৰি অন্যান্য প্ৰকাশিত গৱেষণাপত্ৰৰ পৰা যুগুতোৱা ভাৰতীয় বনৌষধিৰ তথ্যভাণ্ডাৰত বৰ্তমানলৈ ৭২৬৩ বিধ বনৌষধিৰ উল্লেখ আছে৷ অৱশ্যে ভাৰতবৰ্ষত পোৱা প্ৰায় ৪৫,০০০ উদ্ভিদৰ ভিতৰত ৩৫,০০০ ত কৈও অধিক উদ্ভিদ ঔষধি গুণসম্পন্ন বুলি দাবী কৰা হয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ৰোগ নিৰাময়ৰ বাবে এনে বনৌষধিৰ ব্যৱহাৰ হয়৷

জৈব-বৈচিত্ৰ্যৰ এক ’হট স্পট’ উত্তৰ-পূৰ্বাঞ্চলৰ বনৌষধি তথা সুগন্ধি উদ্ভিদ সম্পৰ্কে বৈজ্ঞানিক তথ্য সীমিত ৷ কিন্তু প্ৰাচীন কালৰে পৰা অসমৰ থলুৱা ৰাইজে পৰম্পৰাগতভাৱে নানা বনৌষধিৰ ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰে কিছু সংখ্যকৰ ঔষধি গুণাগুণ বৈজ্ঞানিকভাৱে প্ৰমাণিত যদিও অনেক উদ্ভিদ সম্পৰ্কে বৰ্তমানো বৈজ্ঞানিক তথ্য তেনেই সীমিত৷

এবিধ উল্লেখযোগ্য বনৌষধি-ব্ৰাহ্মীশাক
অসমীয়া নিত্যনৈমিত্তিক খাদ্যৰ অন্তৰ্ভুক্ত প্ৰায়বোৰ শাক-পাচলি ঔষধি গুণসম্পন্ন বুলি তথ্য পোৱা যায়৷ উদাহৰণস্বৰূপে, পিয়াঁজ (Allium ascalonicum) দাঁতৰ বিষত, নহৰু (Allium sativum) উচ্চ ৰক্তচাপ, বহুমূত্ৰ, গেষ্ট্ৰিক আদিৰ নিয়ন্ত্ৰণত  ভোট জলকীয়া (Capsicum chinense) পেটৰ নানা সমস্যা নিৰাময়ত ব্যৱহাৰ হয়৷ তেনেদৰে, বৰ-কচু (Alocasia macrorrhiza) আঁঠুৰ যোৰাৰ বিষত, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ (infections), বৃক্কৰ পাথৰ, বদহজমৰ সমস্যাত,অমিতা (Carica papaya) অজীৰ্ণতা, কৌষ্ঠকাঠিন্য, ছালৰ ৰোগ আদিত, ঔটেঙা (Dillenia indica) গ্ৰহণী, জ্বৰ, চুলিৰ নানা সমস্যা আদিত, জাতি লাউ (Lagenaria vulgare) হৃদৰোগ, কৌষ্ঠকাঠিন্য, বৃক্কৰ ৰোগত, তিতা কেৰেলা (Momordica charantia) গ্ৰহণী, জ্বৰ, পেটৰ অন্যান্য ৰোগ নিৰাময়ত আৰু ভাত কেৰেলা (Momordica cochinchinensis) বৃক্কৰ পাথৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ সেউজীয়া শাকৰ ঔষধি গুণ সৰ্বজনবিদিত অসমীয়া খাদ্যত সহজলভ্য এনে বনৌষধি শাক কিছুমানৰ উল্লেখযোগ্য ব্যৱহাৰ হ’ল, বৰ মানিমুনি (Centella asiatica) তেজৰ বিশুদ্ধিকৰণত, জিলমিল শাক (Chenopodium album) পেটত বিষ নিৰাময়ত, ব্ৰাহ্মীশাক (Bacopa monnieri) মৃগীৰোগ, কাহ, জ্বৰ, বহুমূত্ৰ আদি ৰোগ নিৰাময় আৰু সঞ্জীৱনীদায়ক (rejuvinative), মছন্দৰী (Houttuynia cordata) এলাৰ্জী উপশমত, দোৰোণ (Leucas aspera) যকৃতৰ ৰোগ, মূৰৰ বিষ, আভোক আদিত আৰু পদিনা (Mentha viridis) গ্ৰহণী নিৰাময়ত সহায় হয় বুলি জনা যায়৷ অন্যান্য শাক-পাচলি ৰূপে অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত বনৌষধি কিছুমান হৈছে, তেজপাত (Cinnamomum tamala), চজিনা (Moringa oleifera), আদা (Zingiber officinale) , জালুক (Piper nigrum), ডালচেনি (Cinnamomum zeylanicum), কোটাহী বেঙেনা ( Solanum phasianum) আদি৷ 

অন্য কিছুমান উদ্ভিদ মূলত: ঔষধি গুণৰ বাবেই অসমত খাদ্য হিচাপে গ্ৰহণ কৰা হয় ৷ উদাহৰণস্বৰূপে, বগা বাহক (Adhatoda vasica) কাহ আৰু এলাৰ্জীৰ সমস্যাত, চালকুৱঁৰী (Aloe barbadensis) জুয়েপোৰা আঘাত উপশম আৰু পেটৰ সমস্যাত, দূপৰ টেঙা (Kalanchoe pinnata) বৃক্কৰ পাথৰ, গ্ৰহণীকে ধৰি পেটত অসুখ, জণ্ডিচ, জ্বৰ আদিত আৰু মহানিম (Azadirachta indica) ছাল আৰু পেটৰ ৰোগ আদিত ব্যৱহাৰ হয় ৷ তাৰোপৰি শুকলতি (Perilla ocimoides), বিয়নীসাবটা (Desmodium laxiforum) , বন্দৰ কেকোঁৱা (Mucuna prurita), বচ গছ (Acoras calamus), চতিয়না (Alstonia scholaris), দূবৰি বন (Cynodon dactylon), যমলাখুটি (Clerodendron siphonanthus), নিলাজীবন (Mimosa pudica) আদিও অসমত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা বনৌষধি৷ এই বনৌষধি সমূহৰ বিভিন্ন অংশ যেনে, শিপা, পাত, কাণ্ড, ফল আদি ৰোগ নিৰাময়ত ব্যৱহাৰ হয়৷ 

তেনেদৰে অসমত থলুৱাভাৱে পোৱা ফল-মূলসমূহেও নানা ৰোগ নিৰাময়ত সহায় কৰে৷ বেল (Aegle Marmelos) গ্ৰহনী, অৰ্শ, জ্বৰ, জণ্ডিচ আদিত , মাটিকঁঠাল (Ananas comosus) জুয়েপোৰা আঘাত উপশমত, আতলচ (Annona squamosa) তেজত শৰ্কৰাৰ পৰিমাণ কমাবলৈ , কঁঠাল (Artocarpus integrifolia) মূৰৰ বিষ, বহুমূত্ৰ, এজমা, জ্বৰ, মৃগীৰোগ আদিত , কৰ্দৈ (Averrhoa carambola) হজমশক্তি বৃদ্ধি কৰিবলৈ, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ, বৃক্কৰ পাথৰ, অজীৰ্ণতা আদিৰ নিৰাময়ত, কলা-জামু (Eugenia jambolana) বহুমূত্ৰ, অজীৰ্নতা, উচ্চ ৰক্তচাপ আদি নিয়ন্ত্ৰণত, ডিমৰু (Ficus glomerata) যকৃতৰ সমস্যাত , আখৰুট (Juglans regia) আঘাত, আঁঠুৰ যোৰাত বিষ আদিত ব্যৱহাৰ কৰা হয়৷ অন্যান্য ঔষধি গুণসম্পন্ন ফল-মূল হৈছে, জুতুলীপকা (Rubus moluccanus) , কেঁহৰাজ (Eclipta alba), শিলিখা (Teminalia chebula), আমলখি (Phyllanthus emblica) ইত্যাদি ৷

কিছুসংখ্যক ফুলৰ প্ৰজাতিও অসমত বনৌষধি হিচাপে ব্যৱহৃত হয়৷ উদাহৰণস্বৰূপে, শেৱালি (Nyctanthes arbortristis) কাহ, মেলেৰিয়া, পেলু, জ্বৰ, বহুমূত্ৰ ৰোগ নিৰাময়ত, সোণাৰু (Cassia fistula) মুখৰ ঘাঁ, গ্ৰহণী, কাহ, পেটৰ বিষত, বকুল (Mimusops elengi) জ্বৰ, দাঁতৰ বিষত উপশমৰ বাবে অসমীয়াই ব্যৱহাৰ কৰে৷ অন্যান্য বনৌষধি ফুলৰ ভিতৰত শতমূল (Asparagus racemoses), জবা (Hibiscus rosa sinensis), মদাৰ (Erythrina indica), নয়নতৰা (Vinca rosea), ধঁতুৰা (Datura stragmonium) আদি প্ৰধান৷ 

প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা সুগন্ধি উদ্ভিদ পাছাউলি
প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা সম্পন্ন অসমৰ সুগন্ধি উদ্ভিদসমূহৰ ভিতৰত অৰ্জুন গছ , পাছাউলি,গান্ধ বিৰিণা, অগৰ, নেমু ঘাঁহ আদি উল্লেখযোগ্য ৷ পাছাউলি (Patchouli) এবিধ জোপোহা তৃণজাতীয় সুগন্ধি উদ্ভিদ (aromatic herb) য’ৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰা হয়৷ ইয়াৰ সুগন্ধৰ বাবে পাৰফিউম, চাবোন, প্ৰসাধন সামগ্ৰী আৰু অন্যান্য সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰাত ইয়াৰ বহুল ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই তেলে হতাশাৰোধক (anti depressent) হিচাপে আৰু আঘাত উপশমতো সহায় কৰে৷ সমগ্ৰ বিশ্বতে পাছাউলিৰ উৎপাদন বাৰ্ষিক প্ৰায় ২০০০ টন বুলি জনা যায় ৷ তেনেদৰে চিত্ৰনেলা (Cymbopogon winterianus)-ৰ পৰা নিষ্কাষিত তেলত চিত্ৰনেলেল (citronellal), জেৰানিয়ল (geraniol), হাইড্ৰক্সি চিত্ৰনেলল (hydroxy citronellol) আদিয়ে সুগন্ধ প্ৰদান কৰে৷ সেয়ে ইয়াৰ তেল চাবোন, ডিটাৰজেন্ট, প্ৰসাধন সামগ্ৰী, ধূপ আদি সুগন্ধি কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়৷ নেমু ঘাঁহ (Cymbopogon flexuosus) অসমত পোৱা অন্য এবিধ সুগন্ধি ঘাঁহ৷ ইয়াত চাইত্ৰেল (citral ) নামৰ এক চাইক্লিক ম’ন’টাৰপিন (cyclic monoterpene) থাকে যি ঘাঁহবিধক নেমুৰ দৰে এক সুগন্ধি প্ৰদান কৰে৷ এই নেমু ঘাঁহৰ পৰা প্ৰস্তুত কৰা নেমু ঘাঁহ তেল প্ৰসাধন সামগ্ৰী, পাৰফিউম আৰু পানীয়ত সুগন্ধ আনিবলৈ ব্যৱহাৰ কৰা হয়৷ সমগ্ৰ বিশ্বতে বছৰি প্ৰায় ১৩০০ মেট্ৰিকটন নেমু ঘাঁহ ব্যৱহৃত হয়৷ অসমত পোৱা অন্যান্য সুগন্ধি উদ্ভিদৰ ভিতৰত গান্ধ বিৰিণা (Vetiveria zizanioides)-ৰ শিপাৰ তেল আৰু সুগন্ধমন্ত্ৰী (Homalomena aromatica) ৰ সুগন্ধি ৰাইজ’ম চাবোন, প্ৰসাধন সামগ্ৰী, পান মছলা, ধূপ আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হয়৷ গান্ধ বিৰিণাৰ শামক গুণ (cooling properties) থকা বুলিও জনা যায়৷ অসমৰ বৰাক উপত্যকাৰ পৰা প্ৰতিবছৰে প্ৰায় ৪০০ মেট্ৰিক টন সুগন্ধমন্ত্ৰীৰ ৰাইজ’ম ভাৰতৰ বিভিন্ন অঞ্চললৈ যায় ৷ অসমৰ অগৰ (Aquilaria agallocha) তেলৰো ব্যৱহাৰ আৰু বিনিয়োগৰ সম্ভাৱনা অনেক৷ ইয়াৰ দীৰ্ঘসময় অক্ষুণ্ণ থকা সুগন্ধৰ বাবে অগৰ অত্যাধিক মূল্যৰ পাৰফিউমত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ 

অসমৰ জৈৱবৈচিত্ৰ্য ৩: কীট-পতংগৰ বৈচিত্ৰ্য আৰু ব্যৱহাৰ

বাৰিষা অ’ত ত’ত দীঘলীয়া বাট গঢ়া পৰুৱাৰ লানিৰ পৰা, তীক্ষ্ণ মাতেৰে সন্ধিয়াবোৰ মুখৰ কৰি তোলা জিলিটো, কণমান পোহৰ কঢ়িয়াই অন্ধকাৰ আঁতৰাব খোঁজা জোনাকী পৰুৱাবোৰ, ফুলৰ মৌ চুহি উৰি ফুৰা ৰং-বিৰঙী পখিলা, খেতি-পথাৰত উপদ্ৰৱ কৰা অনিষ্টকাৰী পতংগবোৰলৈকে অসমীয়াৰ নিত্যনৈমিত্তিক জীৱনত সৰু-বৰ ভালেসংখ্যক কীট-পতংগ ওত:প্ৰোতভাৱে জড়িত হৈ আছে ৷ এনে উপকাৰী কীট-পতংগ অসমীয়া ৰাইজে বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰি লাভৱান হৈছে ৷ তেনেদৰে অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণৰো বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷

কীট-পতংগবোৰ অমেৰুদণ্ডী সন্ধিপদী প্ৰাণী ৷ ইহঁতৰ মূল বৈশিষ্ট হৈছে, তিনিটা অংশত বিভক্ত দেহ (মূৰ, বক্ষ আৰু পেট), তিনিযোৰ ঠেং আৰু এযোৰ এন্টিনা (antennae) ৷ বৈচিত্ৰ্যতাৰ ফালৰ পৰা সমগ্ৰ বিশ্বৰে মুঠ জীৱৰ আধাতকৈ অধিক প্ৰজাতি কীট-পতংগ৷ কীট-পতংগৰ ২৪ টা বৰ্গৰ ভিতৰত আটাইতকৈ বেছি প্ৰজাতি থকা বৰ্গসমূহ হৈছে- গুবৰুৱাজাতীয় পতংগ (Beetles, বৰ্গ- Coleoptera), মাখিজাতীয় পতংগ (Fly, বৰ্গ-Diptera) , বৰল (wasps), মৌমাখি (bees) আৰু পৰুৱা (ants) (বৰ্গ-Hymenoptera) আৰু সকলো পখিলা ( বৰ্গ- Lepidoptera) ৷ ১৯৯১ চনৰ জুল’জিকেল চাৰ্ভে অব ইণ্ডিয়াৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ৯৮,৩৭৪৪ টা কীট-পতংগৰ প্ৰজাতিৰ ভিতৰত ভাৰতত ৬০,৩৮৩ টা প্ৰজাতি অৰ্থাৎ বিশ্বৰ প্ৰায় ৬.১৩% বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে৷ ইয়াৰে কিমান সংখ্যক অসমত পোৱা যায় সেয়া সঠিককৈ ক’ব পৰা নাযায়৷ 

উত্তৰ-পূৰ্বাঞ্চৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমতো কীট-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰা হয়৷ সমগ্ৰ বিশ্বতে প্ৰায় ২০০০ বিধমান কীট-পতংগৰ প্ৰজাতি খাদ্য হিচাপে গ্ৰহণ কৰা হয়৷ অসমৰ বিভিন্ন জনজাতিৰ লোকে পানীত থকা জায়েন্ট ৱাটাৰ বাগ (Lethocercus indicus), জিলি (House cricket), মৌমাখি (honey bee brood), ফৰিং (grasshopper) আদি খায়৷ এৰী (Eri silkworm) আৰু মুগা (Muga Silkworm) পলু মিচিং জনজাতীয় লোকৰ প্ৰিয় খাদ্যৰ অন্তৰ্ভুক্ত৷ আহোম সম্প্ৰদায়ৰ লোকে বিহুৰ সময়ত আমৰলি পৰুৱা (Red tree ants, বৈজ্ঞানিক নাম-Oecophylla smargdina) খোৱাৰ নিয়ম৷ তেনেদৰে অসমৰ বিভিন্ন অঞ্চলত পৰম্পৰাগতভাৱে খাদ্য হিচাপে গ্ৰহণ কৰি অহা অন্যান্য কীট-পতংগ হৈছে, Dorylus orientalis, Acheta domestica, Lethocercus indicus, Odontotermes obesus, Apis indica, Vespa orientalis, Hydrochara rickseckeri, Heiroglyphus bannian, Neoconocephalus palustris, Philosomia ricini, Anthera assama , Bombyx mori ইত্যাদি ৷ 

অসমত খোৱা এবিধ পতংগ-জায়েন্ট ৱাটাৰ বাগ
খাদ্য হিচাপে গ্ৰহণ কৰা এই কীট-পতংগসমূহ ঔষধি গুণসম্পন্ন বুলি জনা যায়৷ কীট-পতংগসমূহ প্ৰটিন, শৰ্কৰা, লোণ আৰু ভিটামিনেৰে সমৃদ্ধ হৈ থাকে৷ লেটাসমূহত পটেছিয়াম, জিংক আদিকে ধৰি ভালেসংখ্যক ৰাসায়নিক উপাদান থাকে৷ অসমত খোৱা বৰল (Vespa orientalis) কাহ,পানীলগা, পেটৰ বিভিন্ন ৰোগত, Eumenes petiolatus নামৰ পোকবিধ মূৰৰ বিষ আৰু জুয়েপোৰা আঘাত উপশমত ব্যৱহাৰ হয়৷ তেনেদৰে আমৰলি পৰুৱাত থকা ফ’ৰমিক এচিডে সৰু আই, দাঁতৰ বিষ, পেটৰ সমস্যা, ৰক্তচাপৰ সমস্যা আদি নিৰাময়ত সহায় কৰে বুলি ধাৰণা কৰা হয়৷ 

খাদ্যৰ উপৰিও কীট-পতংগৰ অন্য ব্যৱহাৰো আছে৷ উদাহৰণস্বৰূপে, উইঁহাফলু (Termite) অসমীয়া ৰাইজে মাছৰ খাদ্য হিচাপে ফিছাৰি সমূহত ব্যৱহাৰ কৰে৷ মুগা, পাট আৰু এৰীপলু ৰ পৰা সূতা উলিয়াই অসমীয়া পৰম্পৰাগত সাঁজ তৈয়াৰ কৰা হয়৷