Thursday, 23 April 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (২)

লিভিংষ্টনৰ দেশত

ভেনকুভাৰৰ পৰা ছয়ত্ৰিছ ঘন্টীয়া বিমান যাত্ৰাৰ শেষত আমি চাৰিও অৱশেষত জাম্বিয়াত ভৰি দিলোহি৷ বিমানৰ পৰা নামিয়ে টেৰীয়ে ইচইচাই উঠিল৷ দেখিলো, তেওঁৰ শুধ বগা চাৰ্টটোৰ এফালে গোটেইখন মুগাৰঙী ঊণেৰে ভৰি আছে৷ টেৰীৰ কাষৰ আসনৰ যাত্ৰী গৰাকীয়ে হেনো নতুন ঊণৰ শ্বল এখন উৰি আহিছিল৷ তেওঁৰ অজানিতে গোটেইবোৰ টেৰীৰ চাৰ্টতো লাগিল৷ মানুহগৰাকীয়ে যোৱাৰ সময়ত হেনো দোষী দোষী ভাৱেৰে যিমান পাৰে টেৰীৰ চাৰ্টৰ পৰা আঁতৰোৱাৰ চেষ্টাও কৰিছিল! এনে দীঘলীয়া যাত্ৰাত টেৰীয়ে শুধ বগা চাৰ্ট আৰু কলা ট্ৰাউজাৰেৰে সম্পূৰ্ণ ফৰ্মেল সাজপাৰ কৰি অহাটোক লৈ ইতিমধ্যে আমি ৰগৰ কৰিছিলোৱে৷ এতিয়া ঊণৰ কাৰবাৰটো লৈ আমাৰ মাজত হাঁহিৰ ধুম উঠিল৷

লিভিংষ্ট’ন সৰু বিমানবন্দৰ ৷ মূলত: বিদেশী পৰ্য্যটকৰ ওপৰতে নিৰ্ভৰশীল এটা বিমানবন্দৰ৷ আমি সকলোৱে গৈ ইমিগ্ৰেশ্যনত ভিজাৰ বাবে ৰ’লোগৈ৷ মোৰ সন্মুখত টেৰী৷ আগবাঢ়ি গৈ ভিজাৰ বাবে আবেদনখন দিয়াৰ পিছত অফিচাৰগৰাকীয়ে সুধিলে,

’জাম্বিয়ালৈ অহাৰ উদেশ্য?’

’পৰ্য্যটন!’ টেৰীৰ তাৎক্ষণিক উত্তৰ৷ বেছি দীঘলীয়া সময়ৰ বাবে নহ’লে সাধাৰণতেই আমি গৱেষণাৰ ভিজাৰ সলনি পৰ্য্যটনৰ ভিজা আবেদন কৰোঁ৷ প্ৰক্ৰিয়াটো সহজ আৰু খৰতকীয়া হয়৷ গৱেষণাৰ ভিজা পোৱাত কেতিয়াবা যথেষ্ট জটিলতা আহি পৰে৷

দেখিলো, অফিচাৰগৰাকীয়ে অলপ সন্দেহৰ দৃষ্টিৰে টেৰীক মূৰৰ পৰা ভৰিলৈকে চাই পঠিয়ালে৷

’ক’ত থাকিব?’

’হোটেল প্ৰ’টিয়াত৷’

একো নকৈ অফিচাৰ গৰাকীয়ে এইবাৰ তেওঁৰ পাছপৰ্টত ষ্টাম্প মাৰিলে৷ বাকী আমাৰ তিনিওৰে বিশেষ প্ৰশ্নৰ মুখামুখি হ’বলগীয়া নহ’ল৷

আমালৈ বাট চাই ৰৈ থকা টেৰীৰ ওচৰলৈ আগবাঢ়ি গ’লো৷ সকলোৰে হাঁহি দেখি তেওঁ নিজেই উপযাচি কৈ উঠিল,

’জানো জানো! সকলো মোৰ এই ফৰ্মেল সাজপাৰৰে কৃতী!’

’এনে সাজ পাৰেৰে পৰ্য্যটনৰ বাবে আহিছে বুলি ক’লে কোনে বিশ্বাস কৰিব বাৰু!’- এলাইডাই মাত দিলে৷ জেমছে আমাৰ আশে পাশে থকা কেইটামান বিদেশী দললৈ ইংগিতেৰে দেখুৱাই ক’লে,

’চাওক, পৰ্য্যটক মানে সেই মানুহবোৰ- আফ্ৰিকালৈ আহিছে বুলি বিমানযাত্ৰাতে হেট, কেম’ফ্লেজ চৰ্টছ আদিৰে একেবাৰে ছাফাৰীৰ সাজপাৰেৰে ইয়াত নামিছেহি!’

দেখিলো সঁচাই, বহুখিনি যাত্ৰীৰ সাজপাৰ তেনে৷ এই যেন বিমানৰ পৰা নামিয়ে পোনে পোনে সোমাই পৰিবগৈ আফ্ৰিকাৰ অপৰূপ অৰণ্যত! 
বিমানৰ পৰা দেখা পোৱা জাম্বেজি নদী

বাহিৰত তেতিয়া তীব্ৰ ৰ’দত জলমলাই আছে লিভিংষ্ট’ন নগৰী৷ জাম্বিয়াৰ দক্ষিণ প্ৰভিঞ্চৰ এটা কোণত জিম্বাবোৱে, বটছ’ৱানা আৰু নামিবিয়াৰ সীমাকাষৰীয়া এখন সৰু নগৰ৷ এই দেশত প্ৰথম ভৰি থোৱা ইউৰোপীয়ান অভিযাত্ৰী ডেভিদ লিভিংষ্টনলৈ সন্মান জনাই যাৰ নাম ’লিভিংষ্টন’৷ নীল নদীৰ উৎস বিচাৰিবলৈ ওলাই ওঠৰশ শতিকাত জাম্বিয়া পাইছিলহি প্ৰসিদ্ধ মিছনাৰী লিভিংষ্টন৷ ৰহস্যময় ব্যক্তিত্বৰ এই লিভিংষ্টনে দাস প্ৰথা দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, তেৱে পৰ্টুগীজসকলক ৰুধিবলৈ ব্ৰিটিছৰ বাবে দুৱাৰ মুকলি কৰি দিছিল৷ লিভিংষ্টনৰ মৃত্যু হৈছিল ১৮৭৩ চনত বাংগুৱেলু (Bangweulu Swamp) নামৰ অঞ্চলটোত অভিযান চলাই থকাৰ সময়ত- যি অঞ্চল এতিয়াৰ জাম্বিয়াত পৰে৷

আমাৰ সহযোগী প্ৰতিষ্ঠান চিফ’ৰ (চেন্টাৰ ফৰ ইন্টেৰনেশ্যনেল ফৰেষ্ট্ৰি ৰিচাৰ্ছ)ৰ গাড়ীয়ে আগবঢ়াই নিলেহি প্ৰ’টিয়া হোটেললৈ৷ গোটেই বাটছোৱা খিৰিকীৰে অপলক নেত্ৰেৰে মই চাই গ’লো, দূৰ দূৰণিলৈকে বিয়পি থকা মিঅ’ম্ব’ গছৰ সেৰেঙা লানি, তাৰ মাজে মাজে নীল আকাশলৈ মূৰ দাঙি চাব খোঁজা সেউজ বননি, তাত আপোন-মনে চৰি ফুৰা গৰুবোৰ! জাম্বিয়াৰ মাটিত প্ৰথম ভৰি থোৱাৰ উত্তেজনাই মোক উন্মনা কৰি তুলিলে৷ বিশ্বাস নহ’ল, এয়াই সেই আফ্ৰিকান ৰিফ্ট উপত্যকা য’ত পোনপ্ৰথমবাৰৰ বাবে মানৱ সভ্যতাই জন্ম লৈছিল! 

মোৰ তন্ময়তা ভাঙি এলাইডাই কৈ উঠিল,
’এতিয়া বাৰিষা ঋতু কাৰণেহে ইমান সেউজ দেখিছা৷ অন্য সময়ত এই ঠাইবোৰৰ ৰূপ একেবাৰে বেলেগ হৈ থাকে৷’
টেৰী আৰু এলাইডাই ইটো সিটো দেখুৱাই গ’ল৷

জাম্বিয়াৰ মাটিত ভৰি দিয়াৰ উত্তেজনা কিছু শাম কটাৰ লগে লগে ভাগৰ আৰু টোপনিয়ে হেঁচা মাৰি ধৰিলে৷ মোক কলমটিওৱা দেখি সন্মুখৰ আসনৰ পৰা টেৰীয়ে কৈ উঠিল,

’এতিয়া গৈ পাই কোনেও শুব নোৱাৰিব দেই৷ গৈ পাই শুই পৰিলে জেটলেগৰ প্ৰকোপ বাঢ়িবহে৷ ভেনকুভাৰৰ সৈতে ইয়াত দহঘন্টাৰ সময়ৰ পাৰ্থক্য৷ গতিকে যিমান দেৰিলৈ পাৰি জোৰ কৰি সাৰে থাকি শৰীৰটো ইয়াৰ সময়ৰ লগত অভ্যস্ত কৰাটোহে ভাল৷’

’সেইটো আজি দুসাধ্যই হ’ব যেন পাইছোঁ৷’ মই লাহেকৈ আপত্তি কৰিলো৷

’পাৰিবা, আমি ভিক্টোৰিয়া ফলছ্ চাবলৈ যাম আজিয়ে৷ সকলো ওলাবা৷’

বাকী সকলোৱে উপায় নাপাইহে যেন টেৰীৰ প্ৰস্তাৱত সন্মতি দিলে৷ টেৰীৰ যুক্তি হ’ল এনেকৈ সময় নুলিয়ালে কেতিয়াও কৰাই নহয়৷ আগতে বহুবাৰ তেওঁ কামৰ বাবে জাম্বিয়ালৈ আহিছে কিন্তু আজিলৈকে ভিক্টোৰিয়া ফলছ্লৈ যোৱাৰ আহৰি ওলোৱা নাই৷

প্ৰ’টিয়া হোটেলত আমাৰ বাবে অপেক্ষা কৰি আছিল চিফৰৰ জাম্বিয়া দলৰ মূল সোঁতা ডেভিছনে৷ টেৰীৰ পৰা শুনিছিলো, ডেভিছনে যোৱা বিছ বছৰ ধৰি এই দেশত বিভিন্ন গৱেষণাত জড়িত হৈ আছে৷ ডেভিছনৰ বয়স প্ৰায় সত্তৰৰ ঘৰত, মিহিকৈ কথাবোৰ কয়৷ টেৰী আৰু জেমছৰ সৈতে তেওঁৰ ব্যৱহাৰ দেখি বুজিলো, বহুদিনীয়া পুৰণি বন্ধুত্ব তেওঁলোকৰ৷ ডেভিছনে টেৰীৰ কথাতে হয়ভৰ দি ক’লে,

’যোৱা যোৱা চাই আহাগৈ৷ জাম্বিয়া ভ্ৰমণৰ সেইটো এটা ভাল আৰম্ভণি হ’ব!’

অগ্যতা এঘন্টামানৰ ভিতৰতে সাজু হৈ আমি ওলাই আহিলো৷


ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্

লিভিংষ্ট’নৰ পৰা ভিক্টোৰিয়া ফলছ্লৈ গাড়ীৰে মাথোঁ আধাঘন্টামানৰ বাট৷ যোৱাৰ বাটত চিফ’ৰৰ গাড়ীৰ চালক মিঅ’বাৰ সৈতে দুই এষাৰ পাতি গ’লো৷ এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ হোৱাৰ সুবাদতে এই দেশৰ চৰকাৰী ভাষা ইংৰাজী- ভাৰতৰ দৰেই প্ৰায় সকলোৱে ইংৰাজী ক’ব পাৰে৷ স্থানীয় ভাষাবোৰৰ ভিতৰত বেম্বা (Bemba), ল’জি (Lozi), লুৱাণ্ডা (Luanda), টংগা (Tonga) আদি প্ৰধান৷ টংগাত দুই এষাৰ শিকাৰ চেষ্টা কৰি আছিলো- কিন্তু মিঅ’বাৰ সলসলীয়া ইংৰাজী শুনি ইংৰাজীতে আমাৰ কথা-বতৰা চলিল৷

গাড়ীত টেৰী, জেমছ, এলাইডাৰ লগত আমাক লগ দিলে ফ্ৰান্সৰ ক’লাই৷ ক’লা তাৰে এটা প্ৰতিষ্ঠানত অৰ্থনীতিবিদ আৰু আমাৰ এই প্ৰকল্পৰ অংশীদাৰ৷ আমাৰ দৰেই ক’লাও আজি আগবেলাহে আহি পাইছে৷ প্ৰায় সমবয়সীয়া- ওখ-পাশ, অবিন্যস্ত কেকুঁৰা চুলিৰে এটা আকৰ্ষণীয় ৰসিক ব্যক্তিত্বৰ ক’লাৰ সৈতে সহজ হৈ পৰিবলৈ বিশেষ সময় নালাগিল৷

পৰ্য্যটনৰ অফিচটোত টিকেট লৈ আমি খোঁজ দিলো জলপ্ৰপাতটোলৈ বুলি৷ ভিক্টোৰয়া ফলছ্ ৰ প্ৰায় সোঁমাজেৰে পাৰ হৈ গৈছে জিম্বাবোৱে আৰু জাম্বিয়াৰ আন্তৰ্জাতিক সীমা৷ জলপ্ৰপাতৰ পূবৰ অংশখিনি জাম্বিয়াত আৰু পশ্চিমৰ অংশ জিম্বাবোৱেত পৰে৷ 

মিঅ’বাই ক’লে,

’ভিক্টোৰিয়া ফলছৰ জাম্বিয়াত স্থানীয় নাম ম’ছি অ’ টুন্যা (Mosi-oa-Tunya), যাৰ অৰ্থ গৰজি থকা ধোঁৱা (the smoke that thunders)৷ জাম্বেজি নদীখন জাম্বিয়াৰ পশ্চিম আৰু দক্ষিণ সীমাৰে বৈ গৈ একেবাৰে পশ্চিমে ভিক্টোৰিয়া জলপ্ৰপাত আৰু কৰিবা হ্ৰদ সৃষ্টি কৰি ভাৰত মহাসাগৰত পৰিছেগৈ৷ এই নদীৰ পৰাই জাম্বিয়াৰ নাম হৈছে৷’ 

অৰণ্যৰ ঠেক বাটটোৰে আমাৰ দলটো আগবাঢ়ি গৈ থাকোঁতেই দূৰৈৰ পৰা দেখা পালো আকাশলৈ ছিটিকি পৰা পানী আৰু বাস্পৰ শুভ্ৰ মায়াজাল! আৰু শুনা পালো গা-মন ৰোমাঞ্চিত কৰি তোলা পানীৰ গৰ্জন!

প্ৰায় দৌৰি যোৱাৰ দৰেই গৈ থিয় দিলোগৈ পৃথিৱীৰ বৃহত্তম জলপ্ৰপাতটোৰ সন্মুখত! পৃথিৱীৰ সাতোটা প্ৰাকৃতিক আশ্চৰ্য্যৰো এটা এই ভিক্টোৰিয়া ফলছ্৷  চকুৰে মনালৈকে মাথোঁ দেখা পালো হিলদল ভাঙি ধলধলাই পৰা পানীৰ ফোৱাৰা! কোনোবা এজনে ক’লে, প্ৰায় দুই কিলোমিটাৰ দূৰলৈকে বিয়পি আছে এই জলপ্ৰপাাত৷ বেছাল্টৰ শিখৰৰ পৰা শ মিটাৰ তললৈ অবিৰাম পৰি ৰোৱা পানী তলৰ জাম্বেজি নদীৰ ঢৌৰ সৈতে মিলিবলৈ নাপাওঁতেই বাষ্প  হৈ পুনৰ উঠি গৈছে আকাশলৈ বুলি! প্ৰকৃতিৰ অদমনীয় শক্তি আৰু সৌন্দৰ্য্যৰ, বাস্তৱ আৰু কল্পনাৰ এক অপূৰ্ব সংমিশ্ৰণ যেন এই জলপ্ৰপাত! কি এক শিহৰণ জগাই তোলা পৰিৱেশ! নিজ চকুৰে নেদেখিলে, অনুভৱ নকৰিলে যেন অবিশ্বাস্য এই ঠাই, এই অভিজ্ঞতা! 

আজিৰ পৰা প্ৰায় দেৰশ বছৰ পূৰ্বে এই জলপ্ৰপাতৰ সন্ধানত আহি ডেভিড লিভিংষ্ট’নে প্ৰথমবাৰৰ বাবে অপূৰ্ব ৰূপ দেখা পাই লিখিছিল, 

’Creeping with awe to the verge, I peered down into a large rent which had been made from bank to bank of the broad Zambezi, and saw that a stream of a thousand yards broad leaped down a hundred feet and then became suddenly compressed into a space of fifteen to twenty yards....the most wonderful sight I had witnessed in Africa.’
ভিক্টোৰিয়া ফলছ্ ৰ একাংশ

ক’লাই বাটতে ৰেইনকোট কিনি লৈছিল- বাকী আমাৰ দলৰ কোনেও বিশেষ নাভাৱিলো৷ ভিক্টোৰয়াৰ পানীৰ ফোৱাৰাই নিমিষতে জুৰুলি জুপুৰিকৈ তিয়াই পেলালে আমাক৷ মোৰ কাষতে থকা টেৰী দুখোঁজ পিছুৱাই গ’ল পানীৰ সেই উত্তাল খেলাৰ পৰা- মই পিছে দুখোঁজ আগবাঢ়ি গৈ লোহাৰ ৰেলিঙত হাত থ’লোগৈ৷ হৃদয়ৰ সমস্ত আকুলতাৰে টানি লোৱাৰ চেষ্টা কৰিলোঁ সেই সতেজতা! সেই অপূৰ্ব দৃশ্য, সেই গৰ্জন, সেই আবেগৰ তীব্ৰতা সকলো নিভৃত একোণত বন্দী হৈ ৰ’ল চিৰদিনৰ বাবে৷ 


ইতিমধ্যে আমাৰ দেহ-মনৰ ভাগৰ বহুখিনি আঁতৰিছে৷ গতিকে জলপ্ৰপাতৰ সমান্তৰালভাৱে বৰ্ষাৰণ্যৰ কাষেৰে যোৱা বাটটোৰে বহুদূৰলৈকে খোঁজ দিলো৷  জলপ্ৰপাতৰ বিভিন্ন অংশৰ পৰা বহুতো দু:সাহসিক ক্ৰীড়াৰ ব্যৱস্থা আছে৷ তাৰ ভিতৰত জলপ্ৰপাতৰ একেবাৰে কাষলৈকে গৈ ডেভিলছ্ পুলত পানীত ডুব মৰা, দলঙৰ পৰা শফুট তললৈ জাঁপ দিয়া (বাঞ্জি জাম্পিং), মাইক্ৰ’লাইটেৰে আকাশৰ পৰা জলপ্ৰপাতৰ ৰূপ চোৱা, ৰাফটিং আদি খুবেই জনপ্ৰিয়৷ কিন্তু এতিয়া বাৰিষা বাবে প্ৰায়বোৰ পৰ্য্যটকৰ বাবে বন্ধ কৰি থোৱা আছে৷

অন্য এটা কোণৰ পৰা ভিক্টোৰিয়া ফলছ্

জাম্বিয়াৰ প্ৰথম দিনটোতে ভিক্টোৰিয়া জলপ্ৰপাতৰ অভিজ্ঞতাই যেন মনৰ দুৱাৰ মুকলি কৰি পেলালে নতুন অভিযান আৰু নতুন অভিজ্ঞতাৰ বাবে! সন্ধিয়া ডেভিছনৰ সৈতে সকলোৱে বহি আলোচনা কৰিলো আমাৰ ভৱিষ্যত কাৰ্য্যপন্থা৷ ডেভিছনে ক’লে,

’আমি কাইলৈকে ৰাওনা হ’ম আমাৰ গৱেষণাৰ ক্ষেত্ৰ ক’ল’ম’ জিলালৈ৷ আমাৰ অনুষ্ঠানৰ বাকীবোৰ ইতিমধ্যে তাৰ পাইছেহি৷ ক’ল’ম’ জিলাৰ প্ৰশাসন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু স্থানীয় জনজাতিৰ মুৰব্বীসকলৰ সৈতে কাইলৈ আবেলি আমি প্ৰাৰম্ভিক আলোচনাত বহিম৷’

অনাগত দুটা সপ্তাহৰ অভিজ্ঞতাৰ বাবে অধীৰ আগ্ৰহ লৈ নিজৰ কোঠালৈ বুলি আগবাঢ়িলো৷ তেতিয়া কল্পনাও কৰা নাছিলো, জাম্বিয়াৰ এই ভ্ৰমণে আৰু কিমান আশ্চৰ্য্য লৈ ৰৈ আছিল! 

এই ভ্ৰমণকাহিনীৰ প্ৰথম খণ্ড: ভিজা, কৰ’না আৰু ধুমুহা

Friday, 13 March 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (১)

ভিজা, ক’ৰ’না আৰু ধুমুহা

ভেনকুভাৰৰ এটা ব্যস্ত দুপৰীয়া৷ অন্যদিনাৰ দৰেই টেৰী আহি আমাৰ অফিচত বহিলহি৷ টেৰী আমাৰ গৱেষণাৰ গাইড৷ এলাইডা আৰু মোৰ স’তে কামৰ নানা কথাৰ মাজতে ওলাল জাম্বিয়াত এখন কৰ্মশালাৰ কথা৷ আমি দুয়োজনীয়ে কাম কৰি থকা প্ৰকল্পটোৰ এটা অংশ হিচাপে কৰা হৈছে এই কৰ্মশালা৷ দুয়ো এই প্ৰকল্পত যোগ দিয়াৰ কেইমাহমানহে হৈছে৷ গতিকে উৎসুকতাৰে টেৰীক সুধিবলৈ লাগিলো; কি হ’ব, কেনেকৈ হ’ব, কোন কোন থাকিব ইত্যাদি৷ টেৰীয়ে যিমান পাৰে আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিলে আৰু এটা সময়ত স্নাতকোত্তৰ মহলাৰ ক্লাছ ল’বলৈ উঠি গ’ল৷

পিছদিনা পুৱাতে আমাৰ অফিচৰ দুৱাৰত পৰিচিত টোকৰ৷ উৎসাহেৰে সোমাই আহি টেৰীয়ে ক’লে,

’কালি মই ভাৱি চালো বুজিছা৷ তোমালোক দুয়োজনীয়ে নতুনকৈ কাম আৰম্ভ কৰিছা যেতিয়া এবাৰ গৈ নিজে ঠাইবোৰ চালে আৰু আমাৰ প্ৰকল্পৰ সহযোগী গৱেষক সকলক লগ পালে বহুখিনি জানিব পাৰিবা৷ গতিকে মোৰ লগতে তোমালোকো ওলোৱা জাম্বিয়ালৈ৷’

দুয়োজনী খুবেই উৎসাহিত হৈ পৰিলো৷ টেৰীৰ সৈতে কাম কৰিবলৈ লোৱাৰ পৰা এইকেইদিনতে বুজি উঠিছোঁ, বহুতো সুযোগ-সুবিধা এনেকৈয়ে হঠাতে আহে৷ আমি সেয়ে ভৱিষ্যতৰ বেছি দূৰলৈ নিজা একো পৰিকল্পনা নকৰোঁৱে-কেতিয়া ক’লৈ হঠাতে যাব লগাত পৰোঁ, কি কামত জড়িত হৈ পৰিম নাজানো বাবে৷ কেতিয়াবা এইটোৱে গতানুগতিক জীৱনত অসুবিধাত পেলায় কিন্তু আজিকালি নিজৰ অজানিতেই এই অনিশ্চয়তাখিনি যেন উপভোগ কৰিবলৈ লৈছোঁ৷ প্ৰতিটো দিনেই লৈ আহে একোটা নতুন আশ্চৰ্য্য বা জীৱনৰ গতি সলনি কৰি দিব পৰা কোনো বতৰাৰ সম্ভাৱনা- এনে একোটা সম্ভাৱনাৰ বাবে সকলো সময়তে নিজকে সাজু কৰি ৰখাৰ মাদকতাখিনি লাহে লাহে অনুভৱ কৰিবলৈ লৈছোঁ যেন!

মাথোঁ দুসপ্তাহ আছে কৰ্মশালালৈ৷ গতিকে লৰালৰিকৈ টিকেট কৰিলো- আটাইতকৈ চমু পথেৰে বিমানেৰে ছয়ত্ৰিছ ঘন্টাৰ যাত্ৰা! তিনিখন বিমান সলাইহে জাম্বিয়াত ভৰি থ’মগৈ৷ উপায় নাপাই তাকে কৰিবলৈ বাধ্য হ’লো৷ এলাইডাৰ কেনেডিয়ান আৰু টেৰীৰ ব্ৰিটিছ পাছপৰ্ট- গতিকে কোনো সমস্যা নোহোৱাকৈ জাম্বিয়া গৈ পাই ভিজা পাব পাৰে৷ লেঠা লাগিল মোৰ-ভাৰতীয়ৰ বাবে সেই সুবিধা নাই৷ লগে লগে অনলাইন ভিজাৰ বাবে আবেদন কৰিলোঁ যদিও সময় কমি অহাৰ লগে লগে মোৰ উৎকন্ঠা বাঢ়ি গ’ল৷ জাম্বিয়াৰ সময় ভেনকুভাৰৰ তুলনাত দহঘন্টা আগবঢ়া৷ গতিকে প্ৰতিদিনে শুই উঠিয়ে মই জাম্বিয়ান এম্বেছিৰ অনলাইন পৰ্টেল খুলি চাওঁ- ভিজাৰ চিঠিখন আহিল নেকি বুলি! প্ৰতিদিনে অফিচত ভৰি থোৱাৰ লগে লগে এলাইডাই সোধে,

’কিবা খৱৰ?’

মোৰ মুখখন দেখিয়ে তাই উত্তৰ পাই যায়৷

শুক্ৰবাৰে সন্ধিয়া ভেনকুভাৰৰ পৰা ওলোৱাৰ কথা৷ কিন্তু মঙলবাৰেও মোৰ ভিজা নাহিল৷ সিদিনাই সন্ধিয়া এলাইডা আৰু মোৰ আলোচনা বহিল- কি কৰা যায়! দুয়োজনীয়ে যিমান পাৰোঁ খুঁচৰিলো, আগতে ভাৰতীয়ই কৰা ভিজাৰ আবেদন কিমান সফল হৈছে জানিবলৈ৷ কিন্তু বহুত বিচাৰি খুঁচৰিও শেহতীয়া একো তথ্য নাপালো৷ বেছিভাগ তথ্যই দহবছৰমান পুৰণি- যি পালো তাৰ পৰা এনে লাগিল, জাম্বিয়াৰ এম্বেছিয়ে সময়মতে সঁহাৰিও নিদিয়ে৷ উপায়ন্তৰ হৈ জাম্বিয়াৰ ৰাজধানী লুছাকাত থকা ভাৰতীয় এম্বেছিলৈ ইমেইল কৰিলোঁ- কেইবাবছৰ পুৰণি এটা প্ৰেছ বিজ্ঞপ্তিত তেওঁলোকে প্ৰকাশ কৰিছিল, ভাৰতীয়ৰ বাবে তাৎক্ষণিক ভিজাৰ বাবে অনুমোদন জনোৱা হৈছে বুলি৷ সুধিলো, এইটো এতিয়া মোৰ ক্ষেত্ৰত খাটিব নে নাই৷ এলাইডাক ক’লো,

’কাইলৈ লৈকে বাট চাওঁ, নাপালে জোহানেছবাৰ্গৰ পৰা মোৰ শেষৰ বিমানখন সলাই জাম্বিয়াৰ চুবুৰীয়া জিম্বাবোৱেলৈকে গুচি যাম নেকি! জিম্বাবোৱেত ভাৰতীয় পাছপৰ্টেৰে প্ৰৱেশ কৰাৰ অনুমতি আছে আৰু তাত আমাৰ অন্য এটা প্ৰকল্পৰ সহযোগী গৱেষক এজনো আছে৷ গতিকে তাতে দুদিনমান ৰৈ দিলেই জাম্বিয়াৰ ভিজা আহি যায়েবা? নাহিলেও জাম্বিয়াৰ সীমাত অনুৰোধ কৰি চাব পাৰোঁ৷ অন্তত: টিকেটৰ ইমানবোৰ খৰচ পানীত নপৰিব৷’

এলাইডাই ক’লে, ’সেইটো শেষ উপায়৷ তাৰ আগতে কি কৰিব পৰা যায় ভাৱোচোন! ইয়াৰ পৰা জাম্বিয়া গৈ পাওঁতেও দুদিন লাগে৷ গতিকে কেনেবাকৈ ইয়াৰ পৰা বিমানত যাত্ৰা আৰম্ভ কৰিব পাৰিলে তাৰ গৈ পাওঁগৈ মানে ভিজা আহি যাবওতো পাৰে৷’

’নাই নাই, ইমান ৰিস্ক ল’ব নোৱাৰি! এবাৰ পাছপৰ্টত খেলিমেলিৰ চাব এটা পৰিলে গোটেই জীৱনলৈ মোৰ বিদেশ যাত্ৰা বিভীষিকাময় হৈ পৰাৰ সম্ভাৱনা৷’

’যিয়েই নহওক, আমি তোমাক এৰি ইয়াৰ পৰা বিমানত নুঠো- চিন্তা নকৰিবা৷’- এলাইডাই সাহস দিয়াৰ চেষ্টা কৰিলে৷

সিদিনা আবেলি লেবৰ মিটিঙত সকলোৰে আগত হাঁহি মুখেৰেই ক’লো, 

’যদি মোৰ যোৱাটো হয়গৈ তেনে উভতি আহি এলাইডা আৰু মই এটা প্ৰেজেন্টেশ্যন দিম জাম্বিয়াৰ অভিজ্ঞতাৰে৷’ 

সকলোৱে ভিজা নহাকলৈ চিন্তিত হ’ল৷ মই স্বভাৱসিদ্ধভাৱে বেপৰোৱা ভাৱ এটা লৈ থকাৰ চেষ্টা কৰিলো৷ সময়মতে আহিলে ভাল, নাহিলেনো মই কি কৰিব পাৰোঁ- খুউব বেছি ছুটি লৈ ব্ৰিটিছ কলম্বিয়াৰে কোনোবা অপৰূপ পৰ্বত এটাত দুৰাতি কটাই আহিমগৈ মনৰ সান্তনাৰ বাবে!

বুধবাৰে অন্যদিনাতকৈ সোনকালেই সাৰ পালো৷ মাথোঁ এটা দিন বাকী৷ কিন্তু শেষমুহুৰ্ত্তত যোৱাটো নহ’বগৈ বুলি মই এতিয়াও জাম্বিয়ালৈ বুলি একো প্ৰস্তুতি আৰম্ভ কৰা নাই৷ ইতিমধ্যে জাম্বিয়াত অফিচৰ সময় পাৰ হৈছে৷ সাৰ পায়ে পোনেই লেপটপ খুলি মোৰ আবেদনৰ কিবা আপডেট আছে নেকি চালো৷ দেখা পালো, কেইঘন্টামানৰ আগতে পঠাই থৈছে ভিজাৰ বাবে অনুমোদন জনোৱা চিঠিখন! কি যে এক স্বস্তি! সিদিনাই লুছাকাৰ ভাৰতীয় হাই কমিছনাৰৰ পৰা ইমেইলো পালো৷ ক’লে, বৰ্তমান ভাৰতীয়ৰ বাবে তাৎক্ষণিক ভিজাৰ ব্যৱস্থা নাই৷ গতিকে তেওঁলোকে পৰামৰ্শ দিলে মোৰ ভিজা নহালৈকে ৰ’ৱলৈ৷ এনে তৎপৰতা দেখি ভাল লাগিল৷

এদিনৰ ভিতৰতে জাম্বিয়াৰ বাবে প্ৰয়োজনীয় ছিটা লোৱাৰ পৰা সকলো যা-যোগাৰ কৰিব লগাত পৰিলো৷ ক’ৰ’না ভাইৰাছৰ বাতৰিয়ে ইফালে গোটেইখন উখল-মাখল লগাই আছে৷ ভেনকুভাৰৰ জনসংখ্যাৰ এটা বৃহৎ অংশ চীনদেশীয়- তাতে এয়া চীনৰ নতুন বছৰৰ সময় বাবে বহুতো মানুহে শেহতীয়াকৈ চীনলৈ ভ্ৰমণো কৰিছে৷ গতিকে ক’ৰ’না ভাইৰাছৰ আতংক মহানগৰখনত বিয়পিবলৈ সময় নালাগিল৷ দোকানে-বজাৰে হেণ্ড চেনিটাজাৰ, মাস্ক আদিৰ ষ্টক শেষ হৈ পৰিছে৷ গোটেইখন ঘুৰ্মুটিয়াই ফুৰিও আমি কিনিব পৰা নাই৷ সিদিনাই টেৰীয়ে খৱৰ দিলে, ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি লণ্ডনত কেইবাখনো বিমান কোৱাৰেনটাইন কৰিছে৷ তাত আমি ছঘন্টা সময় কটাই দ্বিতীয়খন বিমানত উঠাৰ কথা৷

এলাইডাই নতুন খৱৰো আনিলে, ’ইংলেণ্ডত ডেনিছ ধুমুহা- ইতিমধ্যে কেইবাখনো বিমান বাতিলো হৈছে৷’

ভাৱিলো, ইমানবোৰৰ পিছত লণ্ডনত বন্দী হৈ নপৰিলেই হয়! ঠিক কৰিলো, ইয়াতে গুণা-গঁঠা কৰি থকাৰটো অৰ্থ নাই- যি হয় দেখা যাব আৰু৷ পিছে যোৱাৰ দিনা ৰাতিপুৱা আকৌ লেঠা৷ খৱৰ পালো, উভতনি যাত্ৰাৰ তিনিখনৰ এখন বিমান বাতিল হৈছে৷ মনত পৰিল, টেৰীয়ে কৈছিল চাউথ আফ্ৰিকান এয়াৰৱেইজে শেহতীয়াকৈ বহুতো বিমান বাতিল কৰিছে৷ সকলো কাম বাদ দি প্ৰায় তিনিঘন্টামান ফোনত কথা পতাৰ অন্তত অৱশেষত ব্ৰিটিছ এয়াৰৱেইজৰ অন্য এখন বিমানত উভতাৰ যাত্ৰা ঠিক কৰিলোঁ৷



আফ্ৰিকাত প্ৰথম খোজ

ভেনকুভাৰৰ পৰা টেৰী, এলাইডা আৰু মই দহঘন্টীয়া দীঘলীয়া যাত্ৰাৰ শেষত লণ্ডন পালোগৈ৷ তাতে আমাক লগ দিলে কেমব্ৰিজৰ জেমছে৷ জেমছ আমাৰ এই প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী৷ অতদিনে ইমেইলেৰে যোগাযোগ চলি আছিল যদিও এইবাৰহে মোৰ প্ৰথম দেখা হ’ল তেওঁৰ সৈতে৷ ৰঙীণ টাটুৱে ভৰাই ৰখা দুয়ো বাহু, অবিন্যস্ত কেঁকুৰা চুলি আৰু শান্ত-সৌম্য স্বভাৱৰ জেমছ দেখাতেই ব্যতিক্ৰমী ব্যক্তিত্বৰ৷ লগ পায়ে মোৰ মনত পৰিল টেৰীয়ে কোনোবা কথা প্ৰসংগত কোৱা কথাষাৰ,

’লগ পালে গম পাবা, জেমছ বৰ বেলেগ ধৰণৰ মানুহ!’

বিশ্বৰ বিভিন্ন ঠাইত টেৰীৰ কাম-কাজ চলি থাকে বাবে তেওঁ সকলো সময়তে ভ্ৰমণ কৰি থাকিব লগীয়া হয়৷ এই সুবাদতে প্ৰায়বোৰ বিমানবন্দৰতে লাউঞ্জত টেৰীৰ প্ৰৱেশ বিনামূলীয়া৷ টেৰী আৰু জেমছে তাতে গৈ জিৰালেগৈ৷ এলাইডা আৰু মই খাই বৈ আৰামী আসন দুখন বিচাৰি লৈ হিথৰ’ বিমানবন্দৰৰ ভিতৰৰ পৰা চাই থাকিলো ডেনিছ ধুমুহাই ধুৱাই পেলোৱা বতৰৰ ৰং-ৰূপ৷ ভাৱি থাকিলো, লণ্ডনৰ পৰা জোহানেছবাৰ্গলৈ আমাৰ পৰৱৰ্ত্তী বিমানখন সময়মতে উৰিব পাৰিলেই হয়৷

কোনোবা এটা সময়ত অলপ চিন্তিত ভাৱেৰে টেৰীয়ে আহি সুধিলেহি,

’মোৰ এতিয়াহে ঘপকৈ মনত পৰিল৷ জোহানেছবাৰ্গ হৈ তোমাক যাবলৈ দিব জানো?’

’কি! মই জনাত দীঘলীয়া লে’ অভাৰ হ’লেহে ট্ৰেনজিট ভিজা লাগে৷ জোহানেছবাৰ্গত মাথোঁ চাৰে তিনিঘন্টাহে ৰ’ম কাৰণে ট্ৰেনজিট ভিজাৰ কথাটো চিন্তাই নকৰিলো৷’ মই এইবাৰ সঁচাই চিন্তিত হ’লো৷

তিনিও অনলাইন খুঁচৰিবলৈ লাগিলো৷ গম পালো, জোহানেছবাৰ্গ হৈ জাম্বিয়াৰ বাহিৰে বাকী প্ৰায়বোৰ চুবুৰীয়া দেশলৈ যাবলৈকে ভাৰতীয়ই বেলেগকৈ ট্ৰেনজিট ভিজা উলিওৱাৰ দৰকাৰ! ভাৱ হ’ল, এইবাৰলৈ সমস্যা নাই অন্তত:! কিন্তু বোৰ্ডিঙৰ সময়ত মোক বেলেগ এটা বাটেৰে লৈ গৈ পুনৰ ভিজাৰ বাবে পৰীক্ষা কৰিলে৷

ইতিমধ্যে প্ৰতিটো চেক ইন বা চিকিউৰিটি চেকতে বাকী সকলোতকৈ মোৰ বেছি সময় লগাটোত অলপ অস্বস্তিত পৰিছোঁৱে৷ প্ৰতিবাৰেই মই মুখামুখি হৈছোঁ অতিৰিক্ত কিছু প্ৰশ্নৰ, কিছু পৰীক্ষাৰ৷ টেৰী, জেমছ, এলাইডাই প্ৰতিবাৰেই কিছ দূৰত বাট চাই থাকি শেষত ধেমালি কৰি মোক কৈছে, 
’যিয়ে হৈ নাযাওক আমি তোমাক এৰি নাযাওঁ, চিন্তা নকৰিবা৷’ 

অকলশৰে যাত্ৰা কৰিলে এই কথাটো বিশেষ অনুভৱ নকৰোঁ৷ কিন্তু এইবাৰ ব্ৰিটিছ আৰু কেনেডিয়ান পাছপৰ্টধাৰীৰ অবাধ অহা যোৱা আৰু কেৱল ভাৰতীয় পাছপৰ্ট বুলিয়ে হোৱা পৰীক্ষা-নিৰীক্ষাই আমনি দিলে৷

লণ্ডনৰ পৰা জোহানেছবাৰ্গলৈ পুনৰ এঘাৰঘন্টাৰ যাত্ৰা! বিমানেৰে ইমান দীঘলীয়াকৈ একেৰাহে যাত্ৰা কৰাৰ এয়াই প্ৰথম অভিজ্ঞতা৷ তাতে প্ৰথমবাৰৰ বাবে আফ্ৰিকা মহাদেশত ভৰি থোৱাৰ উত্তেজনা! গতিকে সকলো মিলি বিশেষ শুৱা নহ’লেই৷

জোহানেছবাৰ্গত ভৰি থৈয়ে এটা দীঘলীয়া উশাহ টানি ল’লো! জেমছে ক’লে,

’ইউ মেইড ইট! অৱশেষত আফ্ৰিকা পালাহি!’

বিশ্বাস কৰিবলৈকে টান লাগিল! কিমান সাধুকথা, কিমান কল্পনাৰ আঁৰৰ এই মহাদেশ! কেতিয়াওতো ভবা নাছিলো, জীৱনৰ এটা কেঁকুৰিত এনে এটা মুহুৰ্ত লুকাই আছে বুলি! কোনে জানে, আফ্ৰিকাত ভৰি দিয়াৰ এই প্ৰথম মুহুৰ্ত্তটোৱে আৰু কিমানবোৰ মুহুৰ্ত্তলৈ, অভিজ্ঞতালৈ বাট এৰি দিব! হয়তো এনেকৈয়ে জীৱনে গতি লয় নিৰন্তৰ এক নতুন সম্ভাৱনা কঢ়িয়াই, নতুন ৰং ছটিয়াই!


জোহানেছবাৰ্গ বিমানবন্দৰতে আমি আমেৰিকান ডলাৰ সলাই লৈ জাম্বিয়ান কোৱাচ্চা অলপ কিনি ল’লো৷ জাম্বিয়াৰ মূল চহৰকেইখনত আমেৰিকান ডলাৰ ব্যৱহাৰ কৰিব পাৰি কিন্তু ভিতৰুৱা ঠাইবোৰত জাম্বিয়ান কোৱাচ্চা নহ’লে অসুবিধা হ’ব পাৰে৷

এলাইডাই পূৰ্বতে নামিবিয়াত গৱেষণা কৰোঁতে জোহানেছবাৰ্গ হৈ বহুবাৰ অহা-যোৱা কৰিছে৷ গতিকে তাই মোক দেখুৱাই গ’ল বিমানবন্দৰৰ আকৰ্ষণীয় দোকান-পোহাৰবোৰ৷ মোৰ বাবে সকলো নতুন আৰু অচিনাকি- সেই নতুনত্বৰ ৰাগীত ডুব গৈ চাই ফুৰিলো মুখাৰ কাৰুকাৰ্য্য, অষ্ট্ৰিছ পখীৰ ৰং বিৰঙী কণীবোৰ, বাৰেৰহণীয়া আফ্ৰিকান সাজঁবোৰ৷ 

এখন নতুন মহাদেশত এই নতুন প্ৰকল্পত কাম আৰম্ভ কৰাৰ আবেগ-উত্তেজনাই মোক অভিভূত কৰি ৰাখিলে গোটেই সময়খিনি৷ এটা উচ্চাকাংক্ষী প্ৰকল্প আমাৰ- জাম্বিয়াৰ চৰকাৰ, স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠান, জনগোষ্ঠী সকলোৰে সৈতে মিলি দেশখনৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু স্থানীয় জনগোষ্ঠীৰ জীৱিকা আৰু সামগ্ৰিক কল্যাণ (well-being) সুনিশ্চিত কৰাৰ এক অভিলাষী প্ৰচেষ্টা৷ ইতিমধ্যে আমাৰ সহযোগী  জাম্বিয়ান গৱেষকসকলে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছেই- আমাৰ দলটোৰ বাবেহে এয়া প্ৰথম অভিজ্ঞতা৷ সেয়ে উৎসাহ-উৎকন্ঠাও অনেক৷ গতিকে জাম্বিয়াত অহা দুসপ্তাহ কেনেকৈ কি কি কাম আগবঢ়াব পাৰি আমাৰ চাৰিওৰে মাজত তাৰো আলোচনা চলি থাকিল৷

জাম্বিয়াৰ লিভিংষ্ট’নলৈ আমাৰ শেষৰখন বিমান উৰিবলৈ তেতিয়াও কেইবাঘন্টা বাকী৷

জোহানেছবাৰ্গ বিমানবন্দৰত

Monday, 20 January 2020

নাম যাৰ জীৱন

কেতিয়াবা একো একোটা কাহিনীয়ে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ মন আকাশত দোলা দি থাকে ৷ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ সৈতে দিনবোৰে বাগৰ সলায়, কিন্তু এই সকলো উখল-মাখলৰ আঁৰতো হৃদয়ৰ এক নিভৃত কোণত স্থিৰ হৈ ৰয় এখন জলমল প্ৰতিচ্ছৱি৷ ব্যস্ত জীৱনৰ কোলাহলে, সময়ৰ আচোঁৰে অকণো ম্লান কৰিব নোৱাৰে সেই কাহিনী৷ মোৰ বাবে এইটোও এনে এটা কাহিনী, এনে এখন নজহা-নপমা প্ৰতিচ্ছৱি!

মনত পৰা বয়সৰ পৰা কাহিনীটো শুনি আহিছোঁ মা বা ঘৰৰ অন্য কাৰোৱাৰ মুখেৰে৷ শুনি শুনি মনতে গঢ় লৈ উঠিছে সেই প্ৰতিচ্ছৱি- বিহপুৰীয়াৰ এটা সৰু ভাড়াঘৰত এটা অস্বস্তিকৰ নিশা৷ ভাতসাঁজ খাই উঠাৰ পিছতে হঠাৎ মাৰ গা-মূৰ বেয়া লাগি আহিছে৷ চুবুৰীয়া এগৰাকীয়ে খৰধৰকৈ ডাক্তৰক মাতিবলৈ ওলাই গৈছে৷ শৰতৰ সেই নিয়ৰসিক্ত নিশাতো মাৰ কপালত বিৰিঙি উঠিছে বিন্দু বিন্দু ঘাম ৷ বিছনাৰ একাষে বহি লৈ বিচনীৰ বা দি দি চুবুৰীয়া দুগৰাকীমান মহিলাই গুণগুণকৈ কথা পাতিছে, ’সাতমাহ পাৰ হৈছেহে, ইমান সোনকালে হ’ব জানো!’

ডাক্তৰ সভাপণ্ডিত আহি পাইছে৷ লগে লগে সকলোৰে উদ্বিগ্ন খোঁজবোৰ দুকোঠলীয়া ঘৰটোত সিচঁৰতি হৈ পৰিছে ৷ সকলো উৎকৰ্ণ হৈ ৰৈছে বেৰৰ সিপাৰৰ পৰা নতুন আৰম্ভণিৰ বতৰা লৈ ভাঁহি অহা এটা ৰু ৰুৱনিৰ বাবে ৷ কিন্তু ঘড়ীৰ কাঁটাই ঘন্টাৰ বাগৰ সলাবলৈ নৌপাওঁতেই কান্দোনৰ সলনি ডাক্তৰৰহে মাত শুনা গৈছে৷ মানুহবোৰৰ মাজত গুণগুণনি উঠিছে; কি? কি হৈছে? কেঁচুৱাই কন্দা নাই কিয়? কোনোবা এগৰাকীয়ে মাৰ ক্লান্ত অথচ উৎকন্ঠিত মুখখনলৈ চাই কৈ উঠিছে,

’বাইদেউ, কেঁচুৱাই উশাহেই লোৱা নাই চোন!’ মাৰ হৃদয়খন ধক্ কৈ কোঁচ খাই গৈছে!

গোটখোৱা মানুহবোৰৰ মাজত উচপিচনি আৰম্ভ হোৱাৰ আগতেই ডাক্তৰ সভাপণ্ডিত ততাতৈয়াকৈ আগবাঢ়ি গৈছে সদ্যোজাতৰ কাষলৈ৷ কণমান মূৰটো এখন হাতেৰে আলফুলে অলপ ওপৰমুৱাকৈ ধৰি লৈ তেওঁ মুখেৰে ঠেলি পঠিয়াবলৈ চেষ্টা কৰিছে এছাটি প্ৰাণচাঞ্চল্য – মোৰ শৰীৰলৈ- মোৰ হৃদয়লৈ৷ কেইটামান উদ্বিগ্ন-কাতৰ মুহুৰ্ত্ত৷ এটা প্ৰথম উশাহৰ আশাত ৰৈ যোৱাৰ উপক্ৰম হৈছে কোঠাটোৰ বহুজনৰ উশাহ৷ আৰু এটা সময়ত মই স্বকীয়ভাৱে টানি লৈছোঁ এটি ক্ষীণ উশাহ- তাৰ পিছত আৰু এটা- তাৰ পিছত আৰু এটা! মই জী উঠিছোঁ৷ ওলাওঁ নোলাওঁকৈ ৰু ৰুৱাই অহা এটা দুৰ্বল কান্দোনে কোঠাটোৰ জড়তা আঁতৰাই পেলাইছে৷

সেই যে এটা কান্দোন ওলাল, তাৰ পিছত বহু দিনলৈ, বহু মাহলৈ মই হেনো কান্দিয়েই কটালো৷ অবিকশিত শৰীৰৰ সৰু- বৰ বহুতো যন্ত্ৰণা দেও দি পিছে এদিন মই ডাঙৰ হ’লো, ভালকৈ খোঁজ কাঢ়িবলৈ নিশিকাকৈয়ে দৌৰিবলৈ হেঁপাহ কৰা হ’লো, সকলো কামতে সময়ৰ টিকনিডাল হাকুটিয়াবলৈ অহৰহ লাগি থকা হ’লো- মাৰ ভাষাত ’জন্মৰ সময়ৰ খৰখেদাই মোক কেতিয়াও লগ এৰা নিদিলে’!

সেই কাহিনীৰ বাৰ বছৰ পিছত দেউতাৰ চাকৰিৰ ঘন বদলিৰ জহতে বহুকেইখন ঠাই ঘুৰি ফুৰি এটা সময়ত আমাৰ পৰিয়ালটো উত্তৰ লখিমপুৰ পালেহি৷ নতুন ঠাই, নতুন স্কুল- নতুনত্বৰ সেই ৰাগী মাৰ নাযাওঁতেই এদিন কোনোবাই মোক আঙুলীয়াই দেখুৱালে,

’সেইটো সভাপণ্ডিতৰ ঘৰ৷ তোৰ জন্মৰ সময়ত আহিছিল যে!’

মই চাই পঠিয়ালো৷ ধূলিময় বাটটোৰ কাষতে এখন সৰু লোহাৰ গেট৷ গেটৰ দুয়োফালে ওখ সেউজীয়া হেজৰ লানি ৷ সৰু চোতালখন পাৰ হৈয়ে এখন গ্ৰীলেৰে আৱৰা বাৰাণ্ডা- দুৱাৰমুখতে জিলিকি আছে এখন নামফলক- ’ডা° বি চি সভাপণ্ডিত’

এয়াই সেই সভাপণ্ডিত, যাৰ বাবে মই আজি খোঁজ দিছোঁ, খেলিছোঁ, হাহিছোঁ, কান্দিছোঁ! চমকি উঠিলো মই৷ ভীষণ ইচ্ছা হ’ল এবাৰ তেওঁক চোৱাৰ৷ এবাৰ সেই প্ৰতিচ্ছৱিক কল্পনাৰ পৃথিৱীৰ পৰা তুলি আনি বাস্তৱৰ পৰশ দিয়াৰ৷ লোহাৰ গেটখনৰ সুৰুঙাৰে যিমানদূৰ পাৰোঁ ভিতৰলৈ চাই চাই কল্পনা কৰিলো, কেনে হ’ব বাৰু মানুহজন! মোৰ মনত বছৰ বছৰ ধৰি গঢ় লৈ উঠা ব্যক্তিজনৰ সৈতে কিবা সাদৃশ্য বিচাৰি পামনে? তেওঁৰ সোঁৱৰণিৰ কোনোবা পৃষ্ঠাত অঁকা আছেনে শৰতৰ সেই নিশাটো? কোনো উত্তৰ নাছিল- কাৰণ বাস্তৱত উত্তৰ বিচৰাৰ সাহস নাছিল মোৰ! ভয় হৈছিল আশৈশৱ কঢ়িয়াই ফুৰা সেই প্ৰতিচ্ছৱি বাস্তৱৰ নিৰ্মম পৰশ পোৱা মাত্ৰেই কাঁচৰ দৰে ভাঙি চুৰমাৰ হৈ যাব বুলি!

কলেজত পঢ়া দিনবোৰত কেইবাবছৰ ধৰি প্ৰায় প্ৰতিদিনেই সেই ঘৰৰ সন্মুখেৰে অহা-যোৱা কৰিলো৷ প্ৰতিবাৰেই ভাৱোঁ, এবাৰ লগ কৰিলে কেনে হয়! কিন্তু পলকতে মনটো সংকুচিত হৈ উঠে৷ ভাৱোঁ, কি বুলি ক’ম তেওঁক? আপুনি সাক্ষ্য থকা বহুতো শিশুৰ জীৱনৰ সেই শাশ্বত মুহুৰ্ত্তবোৰৰ এটাত ময়ো অংশীদাৰ! ভাৱোঁ, মোৰ এই জীৱনৰ বাবে তেওঁক ধন্যবাদ জনোৱাটো জানো ধৃষ্টতাৰে নামান্তৰ নহ’ব! কিয়েইবা কৰিছোঁ মই আজিলৈকে- কোটি কোটি জনসংখ্যাৰ মাজত মই মাথোঁ এটা সংখ্যাই নহয়নে? এনে বহু অনুভৱে ওলোমা বাদুলি দি থিয় দি থাকিল সেই সৰু লোহাৰ গেটখন হৈ৷ পাৰ হোৱাৰ সাহস মই গোটাব নোৱাৰিলো- বহু দিনলৈ, বহু বছৰলৈ৷

সেই কাহিনীটো, সেই প্ৰতিচ্ছৱিখন মনত লৈয়ে আৰু দুটা দশক বাগৰি গ’ল৷ দুটা দশক! এই দীঘলীয়া বাট বুলি আহি বৰ্তমানত ভৰি থোৱালৈকে জীৱনৰ অভিজ্ঞতাই, সময়ৰ পৰিহাসে মোক শিকালে, জীৱনৰ মূল্য তথাকথিত সফলতা-বিফলতাৰ মাপকাঠিৰে বিচাৰ কৰা নাযায়৷ কৰা নাযায় সুখ-দুখ বা পোৱা-নোপোৱাৰ তুলাচালনীৰে৷ জীৱনৰ প্ৰথমটো উশাহ ল’বলৈ মোৰ কষ্ট হৈছিল- তাৰপিছত আজিলৈকে যে সহস্ৰটা উশাহ লৈছোঁ-এৰিছোঁ, মোটামুটি এটা সুস্বাস্থ্যৰ গৰাকী হৈছোঁ, অহৰহ চেষ্টা কৰিছোঁ প্ৰকৃত মানুহ হিচাপে জীৱনটো উদযাপন কৰিবলৈ- সেয়াই জানো জীৱনৰ সাৰ্থকতা প্ৰতিপন্ন নকৰে? বহুসময়ত বৈষয়িক পোৱা-নোপোৱাৰ হিচাপৰ ধূলি-মাকটিয়ে যেন ছাটি ধৰি ৰাখে এই চিৰন্তন সত্যৰ স্বচ্ছতা৷ পাহৰি যাওঁ সুখে-দুখে, আকালে-ভঁৰালে সংগ্ৰামৰ মাজেদিয়েতো জীৱন অনুপম!

এইবাৰ অসমলৈ যাওঁতে মই নিজেই উলিয়ালো,

’মা, এইবাৰ ওলাবাচোন৷ আমি সভাপণ্ডিতক লগ কৰিবলৈ যাম৷’

মা-দেউতা কিছু আচৰিত হ’ল৷ কিন্তু একো নকৈ মান্তি হৈ গ’ল৷

বৰ্ষাসিক্ত এটা আবেলিত সঁচাকৈয়ে ওলালোগৈ৷ মনত বহুতো উৎকন্ঠা- তেওঁ সঁচাই ইয়াতেই আছেনে! থাকিলেও মই ভৱাৰ দৰে তেওঁ যদি নহয়! কিন্তু পূৰ্বৰ দৰে এইবাৰ অনুভৱৰ জোৱাৰে মোক ভেঁটা দি ৰাখিব নোৱাৰিলে৷

মানসিকভাৱে প্ৰস্তুত হ’লো সেই প্ৰতিচ্ছৱিখনৰ বাস্তৱ ৰূপটোৰ মুখামুখি হ’বলৈ৷ আৰু সেই সাহসেই নিমিষতে মোক পাৰ কৰাই দিলে অতদিনে দুলৰ্ঙ্ঘ্য হৈ ৰৈ থকা লোহাৰ সৰু গেটখন, সেই গ্ৰীলখন৷ আগবাঢ়ি গৈ কলিংবেল টিপিলোগৈ৷ ক্ষন্তেক অপেক্ষা৷ কোনো নাই বুলি উভতিব খোঁজোতেই ওলাই আহিল এজন ব্যক্তি৷ বয়স হয়তো আশীৰ উৰ্দ্ধত৷ গাত পুহ মাহৰ জাৰৰ সৈতে যুঁজি থকা এখন এড়ীচাদৰ৷ দেখাতেই শ্ৰদ্ধা উপজিব খোঁজা এটা ব্যক্তিত্ব৷ তেৱেঁইযে সাক্ষাৎ ডাক্তৰ সভাপণ্ডিত সেয়া বুজাত মোৰ অকণো অসুবিধা নহ’ল৷ মোৰ কল্পনাৰ ছৱিখনৰ সৈতে কেনেবাকৈ বহুখিনি মিলি যোৱাত মনটো মুকলি হৈ পৰিল৷

সহজভাৱেই মোৰ চিনাকি দিলো৷ দেউতাই সেই কাহিনীৰ আকৌ এবাৰ বিৱৰণ দিলে৷ পূৰ্বতে প্ৰতিবাৰে শুনাতকৈ এইবাৰ কাহিনীটোৰ মাদকতা বহু বেছি যেন ভাৱ হ’ল৷ কাৰণ এইবাৰ যে স্বয়ং সভাপণ্ডিতৰ সৈতে একেলগে বিচৰাৰ চেষ্টা কৰিলো হেৰাই যোৱা সেই আঁত!

সকলো শুনি লৈ তেওঁ আন্তৰিকতাৰে কিন্তু সততাৰেই ক’লে,

’এতিয়া বয়স হৈছে যে, বহু কথা পাহৰিছোঁ৷ ইমান পুৰণি কথা তেনেকৈ মনত নায়েই৷ কিন্তু লগ কৰিবলৈ আহিলা যে তাতে খুউব ভাল পাইছোঁ৷’

তেওঁৰ ব্যক্তিত্বই ইতিমধ্যে মোক আশ্বস্ত কৰিছিল৷ তেওঁক যে এবাৰ লগ কৰিব পাৰিলো৷ ক’ব পাৰিলো, মোৰ জীৱনত তেওঁৰ ভূমিকা কি সেয়াই মোক সুখী কৰি তুলিবলৈ যথেষ্ট আছিল৷ কৃতজ্ঞতা জনোৱাৰ বাবে ভাষা বিচাৰি মই অস্থিৰ হোৱা নাছিলো৷ কাৰণ কোনো শব্দেৰে সেয়া প্ৰকাশ কৰাৰ প্ৰয়োজন নোহোৱা হৈছিল৷

সভাপণ্ডিতে মোৰ সকলো খৱৰ ল’লে৷ তেওঁৰ ব্যক্তিগত আৰু চাকৰি জীৱনৰ কিছু কথা ক’লে৷ লগতে ক’লে মাথোঁ কিছুদিনৰ আগতে অন্য এগৰাকীয়ে তেওঁক লগ কৰি এনেকুৱাই এখন প্ৰতিচ্ছৱি দাঙি ধৰাৰ কথা- ভিন্ন সময়, ভিন্ন পৰিস্থিতি; কিন্তু সেই একেই শ্বাশ্বত মুহুৰ্ত্ত এটা! ভাৱ হ’ল, নিজৰ অজানিতেই চাগৈ একোজন চিকিৎসক কিমানৰ জীৱনত এনেকৈ কিংবদন্তি হৈ পৰে, হৈ পৰে একো একোটা কাহিনীৰ কেন্দ্ৰবিন্দু ! সভাপণ্ডিতৰো চিকিৎসাসেৱাৰ জনপ্ৰিয়তাৰ কথা ইতিমধ্যেই শুনিছিলো অন্য বহুজনৰ পৰা৷ বয়সে ভেঁটা দিয়াৰ আগলৈকে তেওঁ হেনো মাথোঁ পঞ্চাছ টকাৰ মাননি লৈ ৰোগী চাইছিল ৷

ডাক্তৰ সভাপণ্ডিতৰ ঘৰৰ পৰা ওলাই অহাৰ পৰলৈ মোৰ সকলো আশংকা আঁতৰাই সেই প্ৰতিচ্ছৱিখন বাস্তৱৰ পৰশে ধুই নিকা কৰি তুলিছিল৷ সেই বিনম্ৰ আৰম্ভণিয়ে, অতবছৰে মোক খেদি ফুৰা তাৰ প্ৰচ্ছায়াই অৱশেষত মোৰ হৃদয়ত জিৰণি লৈছিল এটা দৃঢ় বিশ্বাস হৈ- নাম যাৰ জীৱন৷ 


বি: দ্ৰ: এই সময়খিনিত মোক লগ দিয়াৰ বাবে বন্ধু ৰশ্মি আৰু জেজিৰোণলৈ বিশেষ কৃতজ্ঞতা

Sunday, 12 January 2020

ইণ্ডোনেছিয়াত পাঁচবিধ নতুন চৰাইৰ আৱিষ্কাৰ

বিনন্দীয়া প্ৰকৃতিৰ বহুতো আশ্চৰ্য, অনন্য জীৱ-জন্তু এতিয়াও মানুহৰ বাবে অজানা-অদেখা হৈয়ে ৰৈছে৷ পিছে ইয়াৰ মাজতে কেতিয়াবা একো একোটা অভূতপূৰ্ব আৱিষ্কাৰে প্ৰকৃতিৰ এই ৰহস্যময় আৱৰণ ফালি হঠাতে মুকলি কৰি দিয়ে এখন নান্দনিক পৃথিৱী৷ এনে এটি আৱিষ্কাৰ হৈছে শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ ৱালেচিয়া অঞ্চলৰ তিনিটা দ্বীপত পোৱা পাঁচবিধ নতুন চৰাই৷
নেশ্যনেল ইউনিভাৰ্ছিটি অব ছিংগাপুৰ (NUS) আৰু ইণ্ডোনেছিয়ান ইনষ্টিটিউট অব চায়েন্স (LIPI) ৰ এই যুটীয়া গৱেষণাৰ দলটোক নেতৃত্ব দিছিল অধ্যাপক ফ্ৰেংক ৰেইনডট (Frank Rheindt)-এ৷
নতুনকৈ আৱিষ্কৃত টালিয়াবু গ্ৰাছহ’পাৰ ৱাৰ্বলাৰ (Taliabu grasshopper-warbler); 
ফটো: James Eaton/Birdtour Asia

ৱালেচিয়াৰ টালিয়াবু (Taliabu), ট’গিয়ান (Togian) আৰু পেলেং (Peleng) নামৰ তিনিটা দ্বীপৰ চাৰিওফালৰ সাগৰৰ গভীৰতা যথেষ্ট বেছি বুলি তথ্য পোৱাৰ বাবে অধ্যাপক ফ্ৰেংক ৰেইনডটে দ্বীপসমূহত নতুন প্ৰজাতি থকাৰ সম্ভাৱনা দেখা পাইছিল৷ সাগৰৰ গভীৰ পানীৰ বাবে এনে দ্বীপসমূহৰ জীৱ-জন্তুবোৰ কাষৰীয়া ঠাইৰ পৰা  বছৰ বছৰ ধৰি পৃথক হৈ ৰয় আৰু স্বকীয়ভাৱে ক্ৰমবিকাশ হ’বলৈ লয়৷ সেয়ে এনে ঠাইবোৰত অন্য ক’তো নোপোৱা একক জীৱ (endemic) পোৱাৰ সম্ভাৱনা অধিক হয়৷
দলটোৱে গৱেষণা কৰা ৱালেচিয়া দ্বীপপূঞ্জত সংগৃহীত নমুনাসমূহৰ ভিত্তিতে প্ৰসিদ্ধ জীৱবিজ্ঞানী ছাৰ আলফ্ৰেড ৱালেচে ডাৰউইনৰ সমান্তৰালভাৱে বিৱৰ্তন তত্ত্ব উদ্ভাৱন কৰিছিল৷ গৱেষকৰ দলটোৱে ৱালেচৰ লগতে অন্য সংগ্ৰাহকৰ ঐতিহাসিক সংগ্ৰহসমূহো অধ্যয়ন কৰি বাদ পৰা অঞ্চলসমূহত বিশদভাৱে গৱেষণা কৰে৷  
দলটোৱে সংগ্ৰহ কৰা নমুনাসমূহৰ শাৰীৰিক আৰু জিনগত অধ্যয়নৰ ভিত্তিৰ পাঁচবিধকৈ নতুন প্ৰজাতিৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ এই প্ৰজাতি কেইবিধ হৈছে-

  • Taliabu Grasshopper-Warbler
  • Taliabu Myzomela
  • Taliabu Leaf-Warbler
  • Peleng Fantail
  • Peleng Leaf-Warbler
তাৰোপৰি তিনিওটা দ্বীপত তেওঁলোকে মুঠ পাঁচবিধ নতুন উপপ্ৰজাতি যেনে, Taliabu Snowy-browed Flycatcher, Taliabu Island Thrush,  Sula Mountain Leaftoiler, Banggai Mountain Leaftoiler আৰু Togian Jungle-Flycatcher আৱিষ্কাৰ কৰে৷

উৎস: https://www.eurekalert.org/pub_releases/2020-01/nuos-tlb010920.php

গৱেষকৰ দলটোৰ দুগৰাকী সদস্যা Gwee Chyi Yin (বাওঁফালে) আৰু Wu Meng Yue (সোঁফালে) ৰ সৈতে অধ্যাপক ফ্ৰেংক ৰেইনডট (সোঁমাজত)  
 ফটো:National University of Singapore

Sunday, 30 June 2019

বিদ্যুৎস্পৃষ্ট হৈ অসমত হাতীৰ মৃত্যু

আমাৰ অসমত চহৰৰ ব্যতিব্যস্ত ৰাজপথেই হওক বা গাঁৱৰ`নিৰিবিলি আলি হওক, ধীৰ-স্থিৰ খোঁজেৰে আগবঢ়া গজৰাজক দেখিলে বহুলোকে দূৰৰ পৰাই সেৱা এটা জনায়৷ বহুতে আকৌ যাত্ৰা শুভ হোৱাৰ চানেকি পাই সুখী হৈ পৰে৷ কিন্তু বৰ্তমান অসমৰ বহুতো ঠাইত ইয়াৰ সম্পূৰ্ণ এখন বিপৰীত প্ৰতিচ্ছৱিহে ক্ৰমাৎ তীব্ৰ হৈ উঠিছে৷ মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল কমি অহাৰ বাবে খাদ্যৰ সন্ধানত জাকে জাকে হাতী মানুহৰ বসতিস্থললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে৷ হাতী-মানুহৰ এই সংঘাতক তীব্ৰতৰ কৰি তুলিছে হাতীৰ প্ৰবেশত বাধা দিয়া বৈদ্যুতিক বেঁৰা (electric fence)ক কিছুমান মানুহে ইচ্ছাকৃতভাৱে হাতী বধ কৰাৰ উপায় হিচপে লৈ৷ এই মৰণফাণ্ডৰ ভয়াবহ পৰিণতি শেহতীয়াকৈ প্ৰকাশ পাইছে ডব্লিউ ডব্লিউ এফৰ তেজপুৰস্থিত নৰ্থ বেংক লেণ্ডস্কেপ শাখাৰ এদল বিজ্ঞানীয়ে  কৰা গৱেষণাত ৷

চিত্ৰ: ৱিকিকমনছ

সাধাৰণতে বনৰীয়া হাতীৰ জাকক খেতি বা মানুহৰ বসতিস্থলৰ পৰা আঁতৰাই ৰাখিবলৈ দিয়া বৈদ্যুতিক বেঁৰাসমূহ নিৰাপদ৷ হাতীয়ে এই বেঁৰা স্পৰ্শ কৰিলে তেনেই সামান্য পৰিমাণৰ কষ্ট অনুভৱ কৰে৷ ইয়েই হাতীক আঁতৰাই ৰাখিবৰ বাবে যথেষ্ট৷ কিন্তু এই বেঁৰাবোৰতে বেআইনীভাৱে অতিমাত্ৰা ভল্টেজৰ এচি কাৰেন্ট সংযোগ কৰিলে বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু ঘটাব পাৰে৷ বহুতো লোকে ইনভাৰ্টাৰ, ঘৰৰ পোনপতীয়া বৈদ্যুতিক উৎস (direct power supply) নাইবা কেতিয়াবা বেআইনীভাৱে বৈদ্যুতিক খুঁটাৰ পৰাও বিদ্যুৎ আহৰণ কৰি এই বেঁৰাবোৰত ব্যৱহাৰ কৰে৷ এনে বেঁৰাবোৰে পলকতে হাতীৰ মৃত্যু ঘটাব পাৰে৷ দুখজনকভাৱে এনেদৰে ভাৰতত প্ৰতিবছৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ২৫% বনৰীয়া হাতী অসমৰ৷ 

অসম প্ৰায় ৫০০০ বনৰীয়া হাতীৰ বাসস্থান৷ ইয়াৰে শোণিতপুৰ হস্তী সংৰক্ষিত বনাঞ্চলত প্ৰায় ৫০০-৮০০ টা হাতীয়ে বাস কৰে বুলি জনা যায়৷ গৱেষণাটোত বিজ্ঞানীসকলে ২০০৩ চনৰ পৰা ২০১৬ চনলৈ বিগত তেৰবছৰত শোণিতপুৰ জিলাত হাতীৰ মৃত্যৰ সংখ্যা আৰু কাৰণসমূহ বিশ্লেষণ কৰে৷ তাৰোপৰি জিলাখনৰ বিভিন্ন ঠাইত বৈদ্যুতিক বেঁৰাৰ বৈশিষ্ট সম্পৰ্কে যেনে ব্যৱহৃত বিদ্যুতৰ উৎস (energizer and inverter বা DC), বেঁৰাসমূহ থকা ঠাই (পথাাৰ, মানুহৰ ঘৰৰ আশেপাশে, বনাঞ্চল, চাহবাগান), বেঁৰাৰ মালিকীস্বত্ব (ব্যক্তিগত নে সমূহীয়া) ইত্যাদি সম্পৰ্কেও তেওঁলোকে তথ্য আহৰণ কৰে৷ গৱেষণাৰ অন্তত দলটোৱে আৱিষ্কাৰ কৰিলে যে শোণিতপুৰ জিলাত অৱস্থিত মুঠ বৈদ্যুতিক বেঁৰা (৪৭ খন)ৰ ৫৭% ই হাতীৰ বাবে বিপদজনক (lethal) কাৰণ এইবোৰত ইনভাৰটাৰ আৰু পোনপটিয়া বিদ্যুৎ উৎসৰ ব্যৱহাৰ কৰা হৈছে৷ তাৰোপৰি এই বিপদজনক বেঁৰাৰ অধিকাংশই বনাঞ্চল অধ্যুষিত এলেকাত বেআইনীভাৱে সজা হৈছে৷ এনে বেঁৰাসমূহ বনৰীয়া জীৱ-জন্তুৰ বাবে বিপদজনক বুলি জানিও মানুহে সজাৰ কাৰণ কি? গৱেষণাটোত পোৱা তথ্যমতে ইয়াৰ মূল কাৰণ হৈছে এনে বিপদজনক বেঁৰা সাজিবলৈ আৰু মেৰামতি কৰিবলৈ খৰচ কম৷ 

আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত হাতী বৰ্তমান বিলুপ্তপ্ৰায় (Endangered)৷ বিদ্যুৎস্পৃষ্ট হৈ এই আপুৰুগীয়া প্ৰাণীবিধৰ মৃত্যু হোৱা ঘটনা বাঢ়ি অহাৰ গুৰিতে হ’ল হাতীয়ে বসবাস কৰা বনাঞ্চলৰ পৰিমাণ কমি অহাটো৷ উদাহৰণস্বৰূপে ১৯৬০ ৰ পৰা ২০০৫ চনৰ ভিতৰত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৭৮.৫ বৰ্গকিলোমিটাৰ অঞ্চলৰ অৰণ্য কাটি মুকলি কৰা হৈছে৷ তেনেদৰে যোৱাটো দশকত নদুৱাৰ, চাৰদুৱাৰ আৰু বালিপাৰাৰ ক্ৰমে ৯০%, ৬০% আৰু ৪০% বনাঞ্চল ধ্বংস হৈছে৷ গতিকে হস্তী-মানুহৰ সংঘাতৰ সমাধানো বেদখল আৰু বনাঞ্চল ধ্বংস ৰোধ কৰিব পাৰিলেহে সম্ভৱ হ’ব৷ ইয়াৰ বাবে বনবিভাগ, সামাজিক সংগঠন আৰু প্ৰশাসনে মিলি সমূহীয়াকৈ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰয়োজন৷

Friday, 24 May 2019

ফাৰমানাৰ ডায়েৰী (১)

অজান্তি মুলুকত 

এনিছকিলেন বাছ ষ্টেচন৷ উত্তৰ আায়াৰলেণ্ডৰ এখন সৰু চহৰৰ দুপৰীয়া৷ বাছৰ পৰা প্ৰকাণ্ড বেগটো কেকোঁজেকোঁকৈ নমাওতেই বাছ চালকজন আগবাঢ়ি আহিল৷ বেগটোৰ এমূৰে ধৰি দাঙিবলৈ লৈ তেওঁ অচিনাকি আইৰিছ সুৰটোৰে কৈ উঠিল,

“What do you have in there? Your entire life?''

মোৰ কৈ পেলাবলৈ মন গ’ল, 'ঠিকেই! মোৰ সমগ্ৰ জীৱনেই সোমাই আছে ইয়াত!'

সমানেই এবেগ বস্তু চেৰিটিত দান কৰি, অন্য বহুখিনি আকৌ বন্ধু বান্ধবৰ মাজত বিলাই দি মোৰ জীৱনৰ বাকী ৰৈ যোৱা সকলোখিনি ইয়াতেইতো আছে৷ ইংলেণ্ডৰ পৰিচিত জীৱনটো সামৰি আয়াৰলেণ্ডত এটা নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ এয়াই মোৰ সমল!

বাছ ষ্টেচনৰ পৰা ওলাই ব্যস্ত বাট, অলেখ অসংখ্য গাড়ীবোৰ দেখি অলপ থোঁতা-মোজা খালো যেন! কোনোদিনে নেদেখা নুশুনা এই ঠাইখনে হয়তো মোৰ কল্পনাত অন্য এটা ৰূপতহে ভাঁহি আছিল অতদিনে৷ ভাৱিছিলোঁ, আইৰিছ কান্ট্ৰিছাইড যেতিয়া কণমান এখন নগৰ হ’ব, য’ত মহানগৰৰ দৰে চঞ্চল সময়ে পাখি মেলি ঢাপলি নেমেলে, য'ত জীৱন মাথোঁ এছাটি জুৰ মলয়া, মহানগৰৰ বিৰতিহীন যান্ত্ৰিকতাৰ পৰা শত যোজন দূৰৈত মন গ'লেই ৰৈ যাব পৰা এটা আলিকেঁকুৰি! মোৰ সেই কল্পনাৰ নিৰিবিলি নগৰখনতকৈ এই ঠাই যথেষ্ট ডাঙৰ, যথেষ্ট ব্যস্ত৷ 

প্ৰথম দৃষ্টিত এনিছকিলেন

বাটৰ সিপাৰে চাই পিছে মনটো মুকলি হৈ পৰিল৷ নীলা স্বচ্ছ পানীৰে  এখন সুবিশাল নৈ! পাৰে পাৰে বহু নাও৷ কেইবাঠাইটো দেখিলো, বৰশী টোপাই গোঁজ মাৰি বহি আছে ভালেকেইজন মানুহ৷ অজানিতেই এটা হাঁহি ওলাই আহিল মোৰ৷ শ্বেফিল্ডৰ যোৱা চাৰিটা বছৰত যেন এনে এখন নৈৰেই প্ৰয়োজন অনুভৱ কৰি আছিলো৷ নৈৰ পাৰৰ মানুহৰ আজন্ম প্ৰেম নৈৰ সৈতে, সৰু-বৰ ঢৌৰ সৈতে, ঢৌত কঁঁপি গৈ থকা নাওবোৰৰ সৈতে৷ নৈৰ বুকুত যে যেতিয়াই মন যায় উজাৰি দিব পাৰি হৃদয়ৰ সকলো বোজা! এনে এখন নৈ ইমান কাষতে পাম বুলি জানি উচ্ছসিত হৈ পৰিলোঁ৷

নগৰৰ মাজেদি বৈ যোৱা আৰ্ণ নৈ


এয়াৰ বি এন বিৰ এটা ঘৰত দুদিনমান থাকি লৈ এই নতুন জীৱনৰ থানথিত লগোৱাৰ পৰিকল্পনা৷ গুগুল মেপত চাই দেখিলোঁ বাছ ষ্টেচনৰ পৰা খোঁজেৰে তালৈ মাথোঁ দহ মিনিটৰ বাট৷ ভাৱিলো টেক্সি নলওঁ আৰু৷ গধুৰ বেগটো টানি টানি ঘৰ ওলাওহি মানে আধাঘন্টাই লাগিল পিছে!
আৰ্ণ নৈৰ অন্য ৰূপ

বাটৰ কাষতে এটা দুমহলীয়া ঘৰ৷ এজাৰৰঙী মূল দুৱাৰখনত টুকুৰীওৱাৰ কেইমুহুৰ্ত্তমানৰ পিছতে ঘৰৰ দুৱাৰ খোল খালে৷ পয়ত্ৰিশৰ আশে পাশে থকা মিঠামুখীয়া এজন ডেকা ল’ৰা৷

'Hi, you must be Joli! I am John, your host."


জনে আগবঢ়াই নি এফালৰ পৰা পাকঘৰ, লিভিং ৰুম, মোৰ শোৱা কোঠা সকলো দেখাই বুজাই দিলে৷ যোৱা কেইবছৰমানৰ পৰা য'লৈকে যাওঁ হোটেলতকৈ এনেকৈ কাৰোৱাৰ আলহী হৈ ঘৰুৱাকৈ থাকিবলৈ বেছি পছন্দ কৰিবলৈ লৈছোঁ৷ এনেকৈ থাকিলেহে যেন এখন ঠাইৰ ৰূপ, ঠাইখনৰ মানুহৰ জীৱনৰ প্ৰকৃত সুবাস পোৱা যায়, এনে ভাৱ হ'বলৈ লৈছে৷ হোটেলৰ কোঠাবোৰ যিমানেই আৰামদায়ক নহওক এখন ঘৰৰ তুলনাত যেন তেনেই বৈশিষ্ট্যহীন!বিয়াগোম হোটেলৰ কোঠাই কোঠাই স্থানীয় ঠাই, সংস্কৃতিৰ যিমানেই ফটো ওলমাই নাৰাখক সেইবোৰে সদায়ে এখন বেঁৰা সাঁজি যেন আঁতৰাই থয় স্থানীয় জীৱনৰ নিভাঁজ ছৱিখন!

এটা ঠিকনাৰ সন্ধানত


জনৰ সৈতে কফি একাপ লৈ বহিলো৷ ঘৰ আৰু গাড়ীৰ সন্ধানত আছোঁ বুলি জানি তেওঁ ক'লে,

'ইয়াত কোনেও অনলাইন বিজ্ঞাপন নিদিয়ে৷ সেয়ে চাগৈ তুমি ইংলেণ্ডৰ দৰে ৱেবছাইটত খুঁচৰিয়ে ভাড়াঘৰ পোৱা নাই৷ তাতকৈ এটা কাম নকৰা কিয়? ইয়াৰ স্থানীয় বাতৰি-কাকতখনত বিচাৰি চোৱা৷ ঘৰৰ মালিকে দিয়া ভাড়াঘৰৰ বিজ্ঞাপন তাতে পাই যাবা৷ ইয়াত এতিয়াও কথাবোৰ 'অল্ড স্কুল'!'

ভাবিলো, সেয়াই ভাল উপায়৷ আবেলি ওলাই আহি দোকানৰ পৰা কিনি আনিলো 'দ্য ইমপাৰ্চিয়েল ৰিপৰ্টাৰ'- স্থানীয় বাতৰি কাকত৷ মূখ্য বাতৰিবোৰ বাদ দি চিধাই বিজ্ঞাপনৰ পৃষ্ঠাত চকু ফুৰালো৷ জনৰ কথাই সঁচা৷ কেইবাটাও ভাড়াঘৰৰ বিজ্ঞাপন! ইয়াত পৰিয়াল নাথাকিলে প্ৰায়বোৰ মানুহেই সচৰাচৰ অন্যৰ লগত মিলি একোটা ডাঙৰ ঘৰ ভাড়ালৈ লয়৷ ঘৰভাড়া, কাউন্সিল টেক্সৰ পৰা আৰম্ভ কৰি মাহেকীয়া বিললৈকে ভাগবতৰা হয় বাবে অকলে থকাতকৈ যথেষ্ট সস্তা হয়৷ কিন্তু মোৰ দৰে নিসংগতাপ্ৰিয় মানুহৰ বাবে দিনটোৰ শেষত কেৱল নিজা পৃথিৱীখনত বিলীন হ'ব পৰাৰ মূল্য হয়তো তাতকৈ বহু বেছি৷ সেয়ে  ভাৱি থৈছিলো, খৰচ অলপ বেছি হ'লেও অকলশৰেই থকাৰ ব্যৱস্থা কৰিম৷ 

কাকতখনত  তেনেধৰণৰ মাথোঁ এটা ঘৰৰ বিজ্ঞাপন দেখিলো৷ লগত এটা ফোন নম্বৰ৷ ৰিং হোৱাৰ ক্ষন্তেক পিছতে এগৰাকী মহিলাৰ মাত ভাঁহি আহিল,

'হেল্ল', জাৰ্লডাইন স্পিকিং৷'

'হেল্ল', মই আচলতে আজিৰ কাকতত ওলোৱা আপোনাৰ ঘৰৰ বিজ্ঞাপনটোৰ কথা সুধিবলৈ ফোন কৰিলো৷'

মোৰ কথা শেষ হ'বলৈকে নাপালে, তেওঁ খদমদমকৈ কৈ উঠিল,

'অ', তুমি ঘৰটো চাব বিচাৰা নেকি?'

'হয়, কিন্তু ভাড়া কিমান, কি কথা অলপ জানি ল'ব খুজিছোঁ৷'

তেওঁ একেই খৰখেদা ভাৱতে কৈ উঠিল,

'আমি এতিয়া ঘৰটোতে আছোঁ, তুমি চাব খোঁজা যদি এতিয়াই আহিব পাৰা!'

মই থতমত খালো৷ ঘড়ী চাই দেখো নিশা চাৰে সাত বাজিছে তেতিয়া৷

'এতিয়াই?'

'অ', তুমি এতিয়া ক'ৰ পৰা ফোন কৰিছা কোৱাচোন?'

ঠিকনাটো কোৱাৰ লগে লগে তেওঁ উৎসাহেৰে কৈ উঠিল৷ 

’এস, তুমি একেবাৰে ওচৰতে আছা৷ এতিয়াই আহা পাৰা যদি৷ আমি অলপ সময় ৰৈছোঁ বাৰু!’

দিনটোৰ দীঘলীয়া যাত্ৰাৰ শেষত নিশাৰ সাঁজ খাই বৈ তেতিয়া বিছনাত আৰামেৰে পৰিছিলোহে৷ কিন্তু যিমান পাৰি সোনকালে ঘৰ এটা যে মোক লাগেই! অগ্যতা খৰখেদাকৈ উমাল বিছনা এৰি ওলাই আহিলো৷ বাহিৰৰ কিনকিনীয়া বৰষুণক দেও দি খোঁজেৰে জাৰ্লডাইনে দিয়া বৰ্ণনা মতে ঘৰ ওলালোগৈ৷

দুৱাৰমুখতে জাৰ্লডাইনক পালো৷ তেজগোঁৰা মুখেৰে এগৰাকী মধ্যবয়সীয়া মহিলা৷ মোক আগবঢ়াই নি চিনাকি কৰি দিলে তেওঁৰ পাৰ্টনাৰ পেট্ৰিকৰ  সৈতে৷ এপাৰ্টমেন্টত সোমায়েই ভাল লাগি গ'ল-ঠিক মই বিচৰা ধৰণৰে যেন৷ দুটা মহলাৰ সকলো আধুনিক সা-সুবিধা থকা এটা আহল-বহল ঘৰ৷ জাৰ্লডাইন আৰু পেট্ৰিকে তলে-ওপৰে কোঠাবোৰ দেখুৱাই প্ৰতিটো সা-সুবিধাৰ কথা উপৰা-উপৰিকৈ ক'বলৈ লাগিল৷ 

সকলো চাই-চিতি বহা কোঠালৈ অহাৰ পিছত মই ক'লো,

'মোৰ এপাৰ্টমেন্টটো খুবেই পছন্দ হৈছে৷ খৰচ-পাতিবোৰ বা কেনে?'

এইবাৰ দুয়ো খৰচৰ বিৱৰণ দিবলৈ আৰম্ভ কৰিলে৷ সকলো মিলাই মাহে আমাৰ হিচাপত প্ৰায় পঞ্চাছ হাজাৰ টকা! তথাপিও সৰু ঠাই কাৰণেই কিজানি ইংলেণ্ডৰ বাকী চহৰতকৈ যথেষ্ট সস্তাই৷ খৰচক লৈ গুণাগথাঁ কৰি থকাৰ মাজতে পেট্ৰিকৰ মাতত মোৰ তন্ময়তা ভাঙিল৷ তেওঁ সুধিলে মোৰ বিষয়ে৷ মই ভাৰতীয় আৰু আয়াৰলেণ্ডত আজি মোৰ প্ৰথম নিশা বুলি শুনি দুয়ো আশ্চৰ্য্যত জাঁপ মাৰিহে উঠিল যেন!

দুয়োৰে প্ৰতিক্ৰিয়া দেখি মই হো-হোৱাই হাঁহি পেলালো৷

'What brings you here from so far away?' -পেট্ৰিকৰ প্ৰশ্ন

'My job! I start tomorrow morning.'

'Do you know anyone here?'

'Nope! Not a single person.'

দুয়োৰে যেন আশ্চৰ্য্য আৰু কৌতুহলৰ শেষেই নহ'ব৷ তেওঁলোকক বুজাব লগা হ'ল ইয়াত কেনেকৈ চাকৰি পালো৷ কিয় আৰু কেনেকৈ আহিলো -সকলোখিনি৷

পেট্ৰিকে শেষত ক'লে,

'সন্ধিয়া অন্য এজনেও ঘৰটো চাই গৈছে৷ আচলতে সেইকাৰণেই আমি ইয়ালৈ আহিছিলো৷ কিন্তু আমি তোমাকেই ঘৰটো দিম৷ চোৱা তোমাৰ অফিচো ঘৰৰ ইমান ওচৰত হ'ব!'

পেট্ৰিকে বেলকনিৰ পৰ্দা টানি আঙুলীয়াই দেখুৱালে৷ চাই পঠিয়ালো বাটৰ সিপাৰে মাথোঁ কেইখোঁজমান আঁতৰতে থকা বিশাল 'ৱাটাৰৱেইজ আয়াৰলেণ্ড' নামৰ অট্টালিকাটোলৈ৷ ঠিকেই, মোৰ জীৱনৰ প্ৰথম চাকৰি, প্ৰথম অফিচ!


এপাৰ্টমেন্টৰ বেলকনিৰে দেখা পোৱা দৃশ্য
কিছুসময়ৰ পিছত সেই ঘৰৰ পৰা ওলাওঁ মানে এবেলাৰ আগলৈকে অচিনাকি হৈ থকা এই অজান মুলুকত হঠাতে মোৰ এটা ঠিকনা হৈছে, এজন আইৰিছ গৃহস্থৰ আতিথ্যত প্ৰথম নিশাটো কটাবলৈ ওলাইছোঁ আৰু নিমিষতে আপোন হৈ পৰা এহাল মানুহৰ ইটো সিটো অভিভাৱকসূলভ দিহা-পৰামৰ্শৰ বান উঠিছে৷

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়, সৃষ্টি হয় নতুন বান্ধোনৰ আৰু ন ন ৰঙৰ পয়োভৰ ঘটে ভৱিষ্যতৰ উকা চিত্ৰপটত৷ ফাৰমানাৰ এই এনিছকিলেন নগৰে প্ৰথম নিশাতে সেই ৰাগীৰে আপ্লুত কৰি পেলালে মোক৷ এটা নতুন আৰম্ভণিৰ সপোনে আকুলতাৰে বাট চালে পুৱাৰ সুৰ্য্যোদয়লৈ৷

Tuesday, 21 May 2019

ভাৰতৰ বিভিন্ন ৰাজ্যত ফ্ল'ৰাইডেৰে দূষিত পানী

ভাৰতৰ ৮৫% লোকৰ খোৱা পানীৰ উৎস ভূগৰ্ভৰ পানী৷ গতিকে এই উৎসৰ পানী পৰিশুদ্ধ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ দিল্লী বিশ্ববিদ্যালয় আৰু মুম্বাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ইৰাণ আৰু চুইডেনৰ গৱেষকৰ দলৰ সৈতে কৰা এক সহযোগিতামূলক গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতৰ ভালেসংখ্যক ৰাজ্যৰ ভূগৰ্ভৰ পানী ফ্ল'ৰাইডেৰে দূষিত৷ তাৰোপৰি এই গৱেষণাত ধৰা পৰিছে যে এই পৰিমাণ ভাৰতৰ নগৰ অঞ্চলৰ তুলনাত গ্ৰামীণ অঞ্চলত  প্ৰায় দুগুণ বেছি৷ 

বিশ্ব স্বাস্থ্যসংস্থাৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুমোদিত ভূৰ্গভৰ পানীত ফ্ল'ৰাইডৰ সৰ্বোচ্চ সীমাৰেখা হ'ল প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম৷ গৱেষণাটোত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৬৩ টা গৱেষণাৰ পৰা লাভ কৰা মুঠ ৫৭ হাজাৰটা নমুনা বিশ্লেষণৰ অন্তত প্ৰকাশ পাইছে যে মধ্যপ্ৰদেশ, পাঞ্জাব, ছত্তিছগড়, ৰাজস্থান, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, উত্তৰ-প্ৰদেশ আৰু বিহাৰৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাৰ এই অনুমোদিত পৰ্য্যায়তকৈ অধিক৷ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ নিৰাপদ পৰ্য্যায়ত আছে যদিও বাকীকেইখন ৰাজ্যত কোনো তথ্য এতিয়াও পাবলৈ নাই৷

পানীত এই ফ্ল'ৰাইড আহে ফ্ল'ৰিন নামৰ প্ৰাকৃতিকভাৱে পোৱা এটা মৌলৰ পৰা৷ কম পৰিমাণৰ ফ্ল'ৰাইড মিহলি হৈ থাকিলে ই আমাৰ দাঁতৰ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে৷ কিন্তু ইয়াৰ পৰিমাণ বাঢ়ি গ'লে হাড়ৰ ফ্ল'ৰছিছ (skeletal fluorosis) নামৰ ৰোগ হয়৷ এই ৰোগত হাড়বোৰৰ স্থিতিস্থাপকতা (elasticity) কমি যোৱাৰ ফলত হাড় ভঙাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনেদৰে ফ্ল'ৰাইডৰ আধিক্যই হাইপাৰ থাইৰইডিজম, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু স্নায়ুৰ ৰোগৰো জন্ম দিব পাৰে৷ গতিকে ভাৰতৰ ফ্ল'ৰাইডেৰে দূষিত পানীয়ে জনসাধাৰণৰ স্বাস্থ্যত বহুতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পানীত ফ্লৰাইডৰ পৰিমাণৰ মানচিত্ৰ (চিত্ৰৰ উৎস: গৱেষণাপত্ৰ)
বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত সীমাৰেখা প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম

Wednesday, 8 May 2019

মানুহৰ বাবে সংকটৰ গৰাহত দহ লাখ প্ৰজাতি

শেহতীয়াকৈ মুক্তি পোৱা ৰাষ্ট্ৰসংঘ (Intergovernmental Science-Policy Platform on Biodiversity and Ecosystem Services (IPBES)ৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন ত প্ৰকাশ পাইছে যে মানৱ ইতিহাসত অভুতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে আৰু বিভিন্ন জীৱ বিলুপ্তিৰ পথত আগবাঢ়িছে৷৷ এই ধ্বংসাত্মক কাৰ্য্যসমূহ অনতিপলমে বাধা দিব নোৱাৰিলে মানৱ সমাজৰ ওপৰত ইয়াৰ অতি বিপদজনক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনখনে সকীয়াই দিছে৷

এই প্ৰতিবেদনখন বৰ্ত্তমানলৈকে জৈৱবৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ উপকাৰিতা (Ecosystem Services) সম্পৰ্কীয় বিশ্লেষণৰ কৰা আটাইতকৈ পুংখানুপুংখ অধ্যয়নৰ ফল৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণ আগবঢ়াইছে৷ ইয়াৰ লগতে প্ৰায় ১৫,০০০ বৈজ্ঞানিক প্ৰকাশন আৰু চৰকাৰী প্ৰতিবেদনৰ ৰিভিউ কৰাৰ লগতে প্ৰথমবাৰৰ বাে তেওঁলোকে স্থানীয় লোকৰ পৰম্পৰাগত জ্ঞানসমৃদ্ধ তথ্যও ব্যৱহাৰ কৰিছে৷ এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ এই হাৰ মানৱ ইতিহাসতে অভূতপূৰ্ব৷

’আমি বাস কৰা এই পৰিস্থিতিতন্ত্ৰৰ স্বাস্থ্যৰ ক্ষিপ্ৰ গতিত অৱনতি ঘটিছে আৰু আমি প্ৰায় জানি-শুনিয়ে আমাৰ অৰ্থনীতি, জীৱন-নিৰ্বাহৰ পথ, খাদ্যৰ নিশ্চয়তা, স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ মূল ভেঁটিকে উছন কৰিব খুঁজিছোঁ’- এই গৱেষণাৰ মূল সভাপতি ছাৰ ৰবাৰ্ট ৱাটছন (Sir Robert Watson) কয়৷

এই গৱেষণাই আৱিষ্কাৰ কৰা গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে- 
সংকটৰ গৰাহত পৰা বিভিন্ন জীৱৰ অনুপাত
  • সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল মানুহৰ কাৰ্য্যকলাপৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ গুৰুত্বপূৰ্ণভাৱে গড় হিচাপত স্থানীয় লোক (Indigenous Peoples and Local Communities)-এ পৰিচালনা কৰা ভুখণ্ডত এই ক্ষতিৰ হাৰ লক্ষণীয়ভাৱে কম৷
  • মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ ১৯০০ চনৰ পৰা বৰ্ত্তমানলৈকে প্ৰায়ভাগ স্থলচৰ প্ৰজাতিৰ আবাদী ২০% হ্ৰাস পাইছে৷ তাৰোপৰি ৪০% ৰ অধিক উভচৰ প্ৰাণী, ৩৩% প্ৰবাল আৰু সকলো সাগৰীয় প্ৰাণীৰ এক তৃতীয়াংশ ভাবুকিগ্ৰস্ত (threatened)৷ কীট-পতংগৰ ক্ষেত্ৰতো প্ৰায় ১০% ভাকুবিগ্ৰস্ত বুলি ধাৰণা কৰা হৈছে৷ ষোল্লশ শতিকাৰ পৰা বৰ্তমানলৈ কমেও ৬৮০ বিধ মেৰুদণ্ডী প্ৰাণী বিলুপ্ত হৈছে ৷
  • তেনেদৰে আমি খাদ্য আৰু কৃষিৰ বাবে ব্যৱহাৰ কৰা ৯% পোহনীয়া স্তন্যপায়ী জন্তুৰ প্ৰকাৰ (breed) ইতিমধ্যে বিলুপ্ত হৈছে আৰু ১০০০ টা এনে প্ৰকাৰ বৰ্তমান ভাবুকিগ্ৰস্ত৷
  • ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পালে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আধিকে ধৰি ঔদ্যোগিক অঞ্চলৰ অন্যান্য বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zones) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)
  • মানুহৰ কাৰ্য্য-কলাপৰ ফলত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় এক ডিগ্ৰী ইতিমধ্যে বৃদ্ধি পাইছে আৰু যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷
মানুহৰ জীৱন ধাৰণ (well-being) ৰ প্ৰতি সংকট অনা এই বিপদজনক প্ৰতিচ্ছৱিৰ মূলতে মানুহৰে ধ্বংসাত্মক কাৰ্য্য কলাপ বুলি প্ৰতিবেদনখনে সাব্যস্ত কৰিছে৷ গৱেষণালব্ধ তথ্যৰে প্ৰতিবেদনখনত ইয়াৰ মূল পাঁচটা কাৰণ দৰ্শোৱা হৈছে৷ গুৰুত্বৰ ক্ৰমাংকত এই কাৰণসমূহ হৈছে- ১) মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন ২) জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ৩) জলবায়ু পৰিৱৰ্ত্তন ৪) প্ৰদূষণ ৫) বহিৰাগত আগ্ৰাসী প্ৰজাতি (invasive alien species)৷ ইয়াৰ পৰোক্ষ কাৰণবোৰৰ ভিতৰত ক্ৰমবৰ্দ্ধমান জনসংখ্যাও অন্যতম৷

বৰ্তমানৰ গতিৰে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ আন্ত:ৰাষ্ট্ৰীয় লক্ষ্যমূহত উপনীত হোৱা সম্ভৱ নহয় বুলিও এই প্ৰতিবেদনে শংকা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে আগবঢ়োৱা প্ৰকৃত কাৰ্য্যপন্থা হ’ল অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক সম্পূৰ্ণ পৰিৱৰ্ত্তন (transformative change) অনা৷ ইয়াৰ বাবে পৰিৱেশ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, সমাজৰ বিভিন্ন পৰ্য্যায়ত পৰিৱেশৰ বাবে হানিকাৰক পদক্ষেপ ৰুধিবলৈ উপায় উদ্ভাৱন আৰু এইসম্পৰ্কীয় আইন প্ৰৱৰ্ত্তন আদিৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰোপৰি, এই পদক্ষেপসমূহৰ সঠিক কাৰ্য্যৰোপন আৰু মূল্যায়নৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত অধিক সহযোগিতাৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷

মালদ্বীপৰ ভাৰত মহাসাগৰত প্ৰবালৰ মাজত এটা সাগৰীয় কাছ
ফটো:Andrey Armyagov/Shutterstock.com 


Saturday, 4 May 2019

অসমৰ বনাঞ্চলত নতুন উদ্ভিদৰ আৱিষ্কাৰ

অসমৰ শোণিতপুৰ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত অসম, অৰুণাচল আৰু ৰাছিয়াৰ গৱেষকৰ দল এটাই যোৱা বছৰৰ মে’ মাহত এবিধ নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে৷ এই উদ্ভিদবিধক তেওঁলোকে Chlorophytum assamicum বুলি নামকৰণ কৰিছে৷ এইবিধ এবিধ দীৰ্ঘস্থায়ী (perennial), মাটিত হোৱা বনজাতীয় উদ্ভিদ ( terrestrial rosulate herb)৷ ইয়াৰ পাতবোৰ লাহী আৰু এজোপা বনত ৬-১২ খিলা পাত ওলায়৷ ফুলৰ পাহিবোৰ (দলমণ্ডল) বগা আৰু পুংস্তৱকৰ ৰং হালধীয়া৷ এই বনবিধত এপ্ৰিল-মে’ মাহত ফুল ফুলে আৰু মে’-জুন মাহত ফল ধৰে৷ উদ্ভিদবিধ Chlorophytum গণৰ অন্তৰ্ভুক্ত৷ সমগ্ৰ বিশ্বত এই Chlorophytum গণৰ প্ৰায় ২০০ বিধ প্ৰজাতি পোৱা যায়৷ ইয়াৰে ১৯ বিধ প্ৰজাতি ভাৰতত দেখা পোৱা যায়৷  বৰ্তমানলৈকে বিহালীৰ পৰ্ণপাতী বনাঞ্চলত এই প্ৰজাতিৰ মাথোঁ ৩০ জোপা বন পোৱা গৈছে৷

Chlorophytum assamicum. A. মূল বনবিধ. B. শিপাৰে সৈত বনবিধ C. শিপ D. ফুল E. এপাহ ফুলৰ অংশবোৰ. F. ফুলৰ পাহিবোৰ

Wednesday, 1 May 2019

মালয়েছিয়াত দুসপ্তাহ (দ্বিতীয় খণ্ড)

মালয়েছিয়াৰ কুচিং বিমানবন্দৰৰ পৰা ওলাই টেক্সি এখন ল’লো৷ বান্ধৱী চিণ্ডিয়ে আগতীয়াকৈ ঠিক কৰি থোৱা এপাৰ্টমেন্টৰ ঠিকনাটো দেখুৱালোঁ টেক্সিৰ ড্ৰাইভাৰজনক৷ আকাৰে ইংগিতে কথা পতিব লগাত পৰিলো, কাৰণ মালয় ভাষাৰ এটা শব্দও নাজানো!

টেক্সিত প্ৰায় আধাঘন্টাৰ বাট৷ ভৰ দুপৰীয়াৰ উজ্জল ৰ’দ৷ বাট-পথবোৰ আমাৰ বাংগালোৰৰ দৰে যেন৷ দুটা সাগৰীয় দ্বীপৰ একাংশকৈ লৈ মালয়েছিয়া দেশখন৷ বনিঅ’ দ্বীপৰ অংশটোত পশ্চিমে থকা চাৰাৱাক ৰাজ্যৰ ৰাজধানী এই কুচিং মহানগৰী৷ বৰ্ণিঅ’ দ্বীপৰ মালয়েছিয়ান অংশটোৰ মাজতে আকৌ আছে ক্ষুদ্ৰ ব্ৰুণেই দেশখন৷

জাভাৰ সাগৰেৰে পৃথক হৈ থকা মালয়েছিয়া উপদ্বীপ (বাওঁফালে) আৰু বৰ্ণিঅ’ দ্বীপ (সোঁফালে) ৰ অংশটোত কুচিং মহানগৰী (ৰঙা চিন)

মোৰ ভাৱৰ যতি পেলাই টেক্সিখন ৰ’লহি এটা বিশাল অট্টালিকাৰ সন্মুখত৷ এফালে সন্মুখত বিশাল আখৰেৰে লিখা আছে- কনছুলেট জেনেৰেল অব ব্ৰুণেই! অন্যকাষে হোটেল৷ হয়তো বিশাল অট্টালিকাটোৰে কিছু অংশ এপাৰ্টমেন্ট হিচাপেও ৰাখি ব্যৱসায় কৰিছে৷  ড্ৰাইভাৰ জনক বাইশ ৰিংগিট (আমাৰ হিচাপত প্ৰায় চাৰিশ টকা) দি বিদায় দিলো৷ মোক দেখিয়েই হাঁহিমুখেৰে এগৰাকী সুসজ্জিতা ছোৱালী আগবাঢ়ি আহিল,

’জলি?’
’য়েছ্, এণ্ড ইউ আৰ এঞ্জি?’
’য়েছ্ য়েছ্! মই তোমাৰ কাৰণেই বাট চাই আছিলো, চিণ্ডিয়ে খৱৰ দিছিল তুমিয়ে প্ৰথম পাবাহি বুলি৷”

এঞ্জিৰ লগতে সোমাই গৈ লিফটেৰে দহ নম্বৰ মহলা পালোগৈ৷ সঁচা অৰ্থতে বিশাল ঘৰটোৰ বাহিৰ-ভিতৰ৷ আহল-বহল কৰিডৰ এটাৰে লৈ গৈ তাই এটা এপাৰ্টমেন্টৰ দুৱাৰ খুলি দিলেগৈ৷ ভিতৰত সোমায়ে উল্লাসিত হৈ উঠিিলো৷ আটোমটোকাৰিকৈ থোৱা এটা আধুনিক এপাৰ্টমেন্ট৷ প্ৰতিটো কোঠাৰ লগতে পৃথক বেলকনি৷ এঞ্জিয়ে ঘৰৰ সকলো সা-সুবিধা দেখুৱাই মেলি গ’লগৈ৷

আমাৰ দলটোৰ বাকীবোৰ বেলেগে বেলেগে দিনটোৰ ভিতৰতে পোৱাহিৰ কথা৷ ট্ৰলীটো একাষে থৈয়ে মই বেলকনি লৈ গ’লো৷ বহা কোঠাৰ বেলকনিৰ তলতে চাৰাৱাক নৈখন!  দিনে-নিশাই এখন নৈৰ পাৰত থাকিম, সেয়া দেখিয়েই ভাল লাগি গ’ল৷ তাতে যাওঁ যাওঁ কৈও যাব নোখোঁজা শ্বেফিল্ডৰ ঠাণ্ডা ডাৱৰে আৱৰা  দিনবোৰৰ পৰা আহি হঠাতে ৰ’দাল কুচিংখন পাই সুখী হৈ পৰিলো!

বস্তু-বাহানি চিজিল কৰি আজৰি হওঁ মানে চিণ্ডি আৰু পেডী ওলালহি৷ দু্য়োৰে হাতত ফিল্ডৰ বেকপেক৷ বৰ্ণিঅ’ দ্বীপত আমাৰ লেবৰ বহুদিনীয়া গৱেষণা চলি আছে- তাৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে৷ চিণ্ডী আৰু পেডীয়ে তাতে চলি থকা ফিল্ডৱৰ্কৰ পৰা বিৰতি লৈ ওলাইছেহি৷ দুয়ো আহিয়ে অৰণ্যৰ ৰোমাঞ্চকৰ খা-খৱৰবোৰ দিবলৈ লাগিল৷ কনফাৰেঞ্চ শেষ হোৱাৰ পিছত তালৈ এপাক মৰাৰ পৰিকল্পনা বাবে উৎসাহেৰে সিহঁতৰ কাহিনী শুনিলো৷


কথাৰ মাজতে কেইবাবাৰো কলিংবেল বাজি উঠিল৷ এজন এজনকৈ আহি ওলালহি ইংলেণ্ডৰ ৰেবেকা, ছিংগাপুৰৰ ফিলিক্স আৰু বাংগালোৰৰ পৰা তাম্মা৷ তাম্মাৰ বাহিৰে বাকী গোটেইকেইজন মোৰ বৰ্তমানৰ লেবমেট৷ তাম্মাও একালৰ সহকৰ্মীৰ পৰা হৈ পৰা আপোন বান্ধৱী৷ আজি দুবছৰৰ মূৰত লগ পালো! নিমিষতে আমাৰ আড্ডা জমি উঠিল৷

Sunday, 28 April 2019

পৰিভ্ৰমী পখিলাই সলনি কৰিছে শীতকালৰ লক্ষ্যস্থান

শীতৰ আলহী পৰিভ্ৰমী চৰাইবোৰৰ বিষয়ে যথেষ্ট চৰ্চা হৈ থাকে ৷ চৰাই দৰেই বহুতো পাখিলাহী পখিলাইও শীতকালি পৰিভ্ৰমণ কৰে৷ চৰাইৰ দৰেই পখিলাৰ পৰিভ্ৰমণৰ কাৰণো কেইবাটাও হ’ব পাৰে৷ পখিলাবোৰ শীতল ৰক্তী (cold-blooded) বাবে বহু নাতিশীতোষ্ণ ঠাইৰ (temperate) শীতকালি পখিলাবোৰে গৰম ঠাইলৈ পৰিভ্ৰমণ কৰে৷ তাৰোপৰি শীতকালি খাদ্য অৰ্থাৎ ফুলৰ অভাৱ হ’লেও পখিলাই অন্য ঠাইত খাদ্যৰ সন্ধান কৰিবলৈ বাধ্য হয়৷  এনে এবিধ পৰিভ্ৰমী পখিলাৰ প্ৰজাতিৰ নাম হৈছে ম’নাৰ্ক পখিলা৷ 
ম’নাৰ্ক পখিলাবিধ
উজ্জল হালধীয়া বা কমলা ৰঙৰ পাখিত কলা আঁচবোৰেৰে ম’নাৰ্ক পখিলাবিধ আমাৰ অসমত পোৱা ষ্ট্ৰাইপড টাইগাৰ নামৰ পখিলাৰ সৈতে দেখাত বহুখিনি একে যদিও ম’নাৰ্ক পখিলা আমেৰিকাত হে পোৱা যায়৷ এই পখিলাবিধৰ আকৌ কিছুমানে বছৰজুৰি একেখন ঠাইতে থাকে, অন্য কিচুমানে শীতকালিৰ জাৰৰ পৰা অব্যাহতি পাবলৈ দক্ষিণৰ ফ্ল’ৰিডা আৰু মেক্সিকোলৈ বহু হাজাৰ কিলোমিটাৰ জুৰা পৰিভ্ৰমণ কৰো এই পৰিভ্ৰমী পখিলাবোৰৰ পিছৰ বংশটোহে উত্তৰৰলৈ অৱশেষত উভতি আহে৷ 

শেহতীয়াকৈ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ ড° হানা জেণ্ডেন (Dr. Hannah Vander Zanden) ৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে কৰা গৱেষণাত প্ৰকাশ কৰিছে যে ফ্ল’ৰিডালৈ অহা ৪৮% ম’নাৰ্ক পখিলা আমেৰিকাৰ পশ্চিম অঞ্চলৰ পৰা আহিছে৷ এইঠাইৰ পখিলাবোৰ পূৰ্বতে মেক্সিকোলৈ পৰিভ্ৰমণ কৰে বুলিহে জনা গৈছিল৷ 
বিজ্ঞানীসকলৰ গৱেষণাত ইতিমধ্যে ধৰা পৰিছিল যে শীতকালি মেক্সিকোলৈ দিনে দিনে কমসংখ্যাক পৰিভ্ৰমী পখিলা আহিবলৈ লৈছে৷ ইয়াৰ কাৰণ হিচাপে বহুতো ধাৰণা প্ৰস্তাৱ কৰা হৈছিল কিন্তু কোনোটোৰে প্ৰমাণ হোৱা নাছিল৷ গতিকে এই গৱেষণাই কিছুসংখ্যক পখিলাই দক্ষিণলৈ নগৈ প্ৰায় বিপৰীত দিশত ফ্ল’ৰিডালৈ পৰিভ্ৰমণৰ দিশ সলনি কৰাটো ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে বুলি তথ্য দিছে৷ এই পৰিভ্ৰমণৰ দিশ সলনি হোৱাৰ আঁৰত জলবায়ু পৰিৱৰ্ত্তনৰো ভূমিকা থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে৷

বিজ্ঞানীসকলে এই গৱেষণাত ফ্ল’ৰিডাৰ পখিলাবোৰ সংগ্ৰহ কৰি সিহঁতৰ কণমান দেহৰ কলাৰ পৰাই পখিলাবোৰৰ ক’ৰ পৰা আহিল তাৰ গম দিব পৰা এটা আইছ’টপ প্ৰযুক্তি ব্যৱাহাৰ কৰিছিল৷


ম’নাৰ্ক পখিলাৰ পৰিভ্ৰমণ

Saturday, 2 March 2019

হেলথ গাইড (গ্ৰন্থ সমালোচনা)

’দেহা থাকিলেহে বেহা ’-আমি সকলোৱে শুনি অহা এষাৰ কথা৷ সুখী জীৱনৰ বাবে সুস্থ শৰীৰ আৰু সুস্থ মন সঁচা অৰ্থতে অপৰিহাৰ্য্য৷ এই সুস্বাস্থ্য লাভৰ উপায় সম্পৰ্কে আকৌ নানা মুনিৰ নানা মত৷ ইয়াৰ মূল কাৰণ হ’ল, আমাৰ শৰীৰ এক জটিল যন্ত্ৰ৷ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ পৰিচালিত হয় নানা ক্ৰিয়া- প্ৰতিক্ৰিয়াৰ জড়িয়তে যিবোৰত মানুহৰ বংশগতি, লিংগ, বয়স আদি বিভিন্ন কাৰকে প্ৰভাৱ পেলায়৷ সেইবাবেই স্বাস্থ্যসম্পৰ্কীয় কোনো কথাৰে সাধাৰণীকৰণ কৰা টান৷ গতিকে আমাৰ দৰে সাধাৰণ ৰাইজে স্বাস্থ্যৰ বাবে কি ভাল বা কি বেয়া এই লৈ প্ৰায়ে দোমোজাত পৰোঁ৷ এনে অৱস্থাত এগৰাকী চিকিৎসকৰ কলমত এই সম্পৰ্কীয় সকলো কথাৰ ব্যাখ্যা আৰু দিহা পৰামৰ্শ সন্নিবিষ্ট হাতপুথি এখনৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য্য৷ এই প্ৰয়োজনকে বহুলাংশে পূৰ কৰিছে শেহতীয়াকৈ সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰা ডা: গীতাৰ্থ বৰদলৈৰ ’হে’লথ্ গাইড’ নামৰ গ্ৰন্থখনে ৷

'হে’লথ্ গাইড’ গ্ৰন্থখন ৰাইজৰ মনত সততে উদয় হ’ব পৰা স্বাস্থ্যসম্পৰ্কীয় নানা কৌতুহলৰ পৰা সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় জীৱনশৈলীৰ দিশসমূহ সামৰি ৰচনা কৰা এখন পূৰ্ণাংগ গাইড৷ গ্ৰন্থখনৰ অধ্যায়সমূহে মূলত: স্বাস্থ্য সম্পৰ্কীয় চাৰিটা দিশ সামৰি লৈছে৷ প্ৰথম অংশত সুস্বাস্থ্যৰ বাবে অতীব প্ৰয়োজনীয় সুষম আহাৰ, পানী, টোপনি, ব্যায়াম, পৰিস্কাৰ-পৰিচ্ছন্নতা আদিৰ বিষয়ে পৃথক অধ্যায়ত আলোচনা কৰা হৈছে৷ দ্বিতীয় অংশ জীৱনৰ ভিন্ন সময়ৰ যেনে বয়:সন্ধি, গৰ্ভধাৰণ, বাৰ্ধক্য আৰু ৰজোনিবৃত্তিৰ স্বাস্থ্য সম্পৰ্কে আৰু তৃতীয় অংশ চকু, দাঁত, নাক, কাণ, ছাল আদি শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ যতন সম্পৰ্কে আলোচিত অধ্যায়৷ গ্ৰন্থখনত প্ৰতিকাৰতকৈ প্ৰতিৰোধেই শ্ৰেয় (Prevention is better than cure) মূলমন্ত্ৰক সৰোগত কৰা হৈছে যদিও শেষৰ অংশত লেখকে বৰ্ত্তমান যুগত সততে দেখা দিয়া জ্বৰ, পানীলগাৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, ডায়েবিটিছ আদি ৰোগৰো পৃথককৈ আলোচনা কৰিছে৷ তাৰোপৰি গ্ৰন্থখনৰ অন্তিম তিনিটা অধ্যায়ে সামৰি লৈছে প্ৰাথমিক চিকিৎসা, সততে উদয় হোৱা কিছুমান প্ৰশ্ন আৰু চিনাকি শাক-পাচলিৰ উপকাৰিতাৰ বিষয়ে৷ সুন্দৰ বেটুপাত আৰু সজ্জাৰে গ্ৰন্থখনে সহজে পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈও সক্ষম হব৷ 

ইন্টাৰনেটৰ সহজলভ্য তথ্যৰ যুগতো এনে এখন গ্ৰন্থৰ গুৰুত্ব ইয়াতেই যে ইন্টাৰনেটৰ বিভিন্ন উৎসৰ স্বাস্থ্য সম্পৰ্কীয় কথাবোৰ প্ৰায়ে পৰস্পৰ বিৰোধী- যিমানে খুঁচৰিব সিমানে আউল লগাৰ দৰেহে ভাৱ হয়৷ দ্বিতীয়তে অসমীয়া সমাজৰ দৈনন্দিন জীৱনশৈলী আৰু খাদ্য বিচাৰৰ সৈতে খাপ খুৱাকৈ অনলাইন কোনো বিশ্বাসযোগ্য তথ্য বা দিহা-পৰামৰ্শ পোৱা টান৷ মোৰ দৃষ্টিত গ্ৰন্থখনৰ আটাইতকৈ উল্লেখনীয় দিশটো হ'ল লেখকে চিকিৎসাবিজ্ঞানৰ দৃষ্টিৰে সুস্বাস্থ্যৰ বিধিসমূহ সকলোৱে বুজিব পৰাকৈ সহজ-সৰল ভাষাৰে ব্যাখ্যা কৰিছে৷ কেৱল চিকিৎসকৰ নিয়মমাফিক দিহা পৰামৰ্শতে আবদ্ধ নাথাকি লেখকে মানুহৰ শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়াৰ আঁৰৰ গৱেষণালব্ধ তথ্যৰো উল্লেখ কৰিছে কিন্তু একেসময়তে বৈজ্ঞানিক বিশ্লেষণৰ আওতাত পৰি পঢ়ুৱৈয়ে যাতে উজুটি নাখায় তাৰ বাবেও তেওঁ সচেষ্ট হৈছে৷



ব্যৱহাৰিক উপযোগীতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখনৰ অধ্যায়বোৰ এনেদৰে পৰিকল্পনা কৰা হৈছে যাতে পঢ়ুৱৈয়ে থাওকতে নিজৰ বাবে দৰকাৰী বা প্ৰাসংগিক বিষয়টো বিচাৰি উলিয়াবলৈ সহজ হয়৷ অৱশ্যে স্বাস্থ্য আৰু ফিটনেছৰ যিকোনো কথা জানিবলৈ বিচৰা মোৰ দৰে কৌতুহলী পঢ়ুৱৈ হ’লে এফালৰ পৰা গোটেইবোৰ অধ্যায়ো পঢ়িবলৈ আমনি নাপাব৷ স্বাস্থ্য আৰু ৰোগৰ বিষয়ে এহালিচা, জীৱনৰ ধৰণ-কৰণ আৰু খোজ কঢ়াৰ বিষয়ে সাৱলীল ভাষাৰে লিখা তথ্যসমৃদ্ধ অধ্যায়কেইটা পঢ়ি সঁচাকৈয়ে সুখী হ’লো৷ তাৰোপৰি মোৰ দৃষ্টি আকৰ্ষণ কৰিলে ঔষধৰ অধ্যায়টোৱে৷ অধ্যায়টোত ঔষধ কিনাৰ সময়ত জানিবলগীয়া অথচ বিচাৰ কৰি চাবলৈ প্ৰায়ে আহৰি নথকা বহুতো নতুন কথাৰ সম্ভেদ পালো ৷ উদাহৰণস্বৰূপে, বিশ্বজুৰি বিক্ৰী হোৱা ভুৱা ঔষধৰ ৭৫% ভাৰতৰ পৰা যোৱা আৰু ভাৰততে প্ৰচলিত ঔষধৰো ২৫% ভুৱা বুলি জনাৰ পিছত যিকোনো লোকেই হয়তো প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ঔষধ কিনাৰ আগতে এখন্তেক ৰৈ ভাবি চাবলৈ বাধ্য হ’ব ৷ তেনেদৰেই জৰুৰীকালীন সময়ত কিংকৰ্তব্যবিমুঢ় অৱস্থাত নপৰিবলৈ প্ৰাথমিক চিকিৎসা (First Aid) ৰ বিষয়ে নুন্যতম জ্ঞানখিনি আমাৰ সকলোৰে থকাটো দৰকাৰী৷ কিন্তু এইবিষয়ে প্ৰায়ভাগ শিক্ষানুষ্ঠান বা কৰ্মস্থানত নিয়মীয়া প্ৰশিক্ষণ দিয়াৰ নজিৰ নাই৷ গ্ৰন্থখনৰ এই অধ্যায়টোত লেখকে আকস্মিক দুৰ্ঘটনা, মূৰ্ছা যোৱা, গাঁঠিলগা, মাছৰ কাঁইট লগা, কুকুৰে কামোৰা আদিত কি কৰা উচিত সেইবিষয়ে বিশদ বিৱৰণ দিছে৷ অন্য এটা উল্লেখযোগ্য অধ্যায় হৈছে ’বয়:সন্ধি কালৰ স্বাস্থ্য’, য’ত বয়:সন্ধিৰ সময়ত কিশোৰ-কিশোৰীৰ শাৰীৰিক আৰু মানসিক সুস্থ বিকাশ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় দিশসমূহ আলোচনা কৰা হৈছে৷ এই অধ্যায়কেইটাৰ তথ্যখিনি যিকোনো লোকেই জানিবলগীয়া আৰু জীৱনৰ বাটত সদায়ে মনত ৰাখিবলগীয়া কথা বুলি নিশ্চিতি দি ক’ব পৰা যায়৷

মোৰ দৃষ্টিত ’হে’লথ্ গাইড’ৰ এটা প্ৰশংসনীয় দিশ হ’ল আমাৰ সমাজত প্ৰচলিত হৈ অহা স্বাস্থ্যসংক্ৰান্তীয় কিছুমান অন্ধবিশ্বাস বা ভুল ধাৰণা আঁতৰ কৰিবলৈ লেখকে কৰা আন্তৰিক প্ৰচেষ্টা৷ গ্ৰন্থখনৰ বিভিন্ন অধ্যায়ত তেওঁ চন্দ্ৰগ্ৰহণ বা সূৰ্য্যগ্ৰহণৰ সময়ত আহাৰ গ্ৰহণ কৰা ভালনে, উত্তৰ দিশে মূৰ থৈ শোৱা বেয়া নেকি বা মহিলাৰ ঋতুস্ৰাৱৰ সময়ত ’দূষিত’ বুলি গণ্য কৰা আদি নানা লোকবিশ্বাসৰ ভিত্তি বিজ্ঞানৰ দৃষ্টিৰে বিশ্লেষণ কৰি দেখুৱাইছে৷ তেনেদৰে আকৌ, আমাৰ দৈনন্দিন জীৱনৰ নিত্যনৈমিত্তিক কিছুমান কাম যেনে হাত ধোৱা, খোজ কঢ়া বা ভালকৈ শুৱাৰো যে স্বাস্থ্যসন্মত নিয়ম বা পদ্ধতি আছে তাৰো বিৱৰণ দিয়া হৈছে৷ ইয়াৰ লগতে গ্ৰন্থখনত সন্নিবিষ্ট কৰা ’আমাৰ শৰীৰ এক আচৰিত যন্ত্ৰ’ নামৰ টোকাবোৰতমানৱদেহৰ বিষয়ে কৌতুহলোদ্দীপক কিছুমান তথ্যৰ উল্লেখ আছে যিবোৰে আমাক নিজৰ শৰীৰটোৰ বিষয়ে অধিক জানিবলৈ উৎসাহ যোগাব৷ উদাহৰণস্বৰূপে, ৰামায়ণৰ কুম্ভকৰ্ণৰ অস্বাভাৱিক টোপনি আৰু ভোক প্ৰকৃততে যে ক্লেইন লেভিন নামৰ এটা প্ৰকৃত ৰোগৰ লক্ষণ হ’ব পাৰে সেয়া জানি আমোদ পালো৷

সামগ্ৰিকভাৱে ’হে’লথ্ গাইড’ত মোৰ ভাল লগা দিশটো হ’ল অন্য কিছুমান স্বাস্থ্যসম্পৰ্কীয় গ্ৰন্থৰ দৰে সুস্বাস্থ্যৰ বাবে মানি চলিবলগীয়া বিশেষ খাদ্যপ্ৰণালী (ডায়েট) বা ব্যায়ামৰ নীতি-নিয়মেই এই গ্ৰন্থখনৰ সৰ্বস্ব নহয়৷ অথবা ’ত্ৰিছ দিনত সুস্বাস্থ্য লাভ’ৰ দৰে স্বাস্থ্যৰক্ষাৰ সহজ পথ দেখুওৱা বা বিয়াগোম প্ৰতিশ্ৰুতিও দিয়া নাই৷ তাৰ পৰিৱৰ্ত্তে স্বাস্থ্য ভালে ৰাখিবলৈ আমি চকু দিবলগীয়া দিশবোৰৰ ’কিয় আৰু কেনেকৈ’ তাৰ প্ৰকৃত সম্ভেদ দিয়াৰ চেষ্টা কৰিছে লেখকে৷ গ্ৰন্থখনত উল্লেখ কৰা বিধিবোৰ যিকোনো লোকৰ জীৱনৰ সৈতে সুবিধা মতে খাপ খুৱাই ল’বপৰাকৈ নমনীয়ও৷ দৈনন্দিন জীৱনৰ সৰু-সুৰা ক্ষেত্ৰতে অলপ সালসলনি কৰি যিকোনো মানুহেই এটা সুস্থ জীৱন কটাব পাৰে৷ ইয়াৰ বাবে মাথোঁ লাগে অলপ স্বাস্থ্য সচেতনতা আৰু সুস্থ জীৱনশৈলী ধৰি ৰখাৰ কিছু উদ্যম-এই ধাৰণাকে গ্ৰন্থখনে প্ৰতিপন্ন কৰে৷

পঢ়ুৱৈ হিচাপে ’হেলথ্ গাইড’ত মোৰ কিছু অসন্তুষ্টিও ৰৈ নোযোৱা নহয়৷ উদাহৰণস্বৰূপে, গ্ৰন্থখনত মানসিক স্বাস্থ্য সম্পৰ্কে এটা পৃথক অধ্যায়ত আলোচনা কৰি লেখকে সাধাৰণ বিধিসমূহৰ উল্লেখ কৰিছে যদিও এই বিষয়ে অধিক তথ্য আৰু আলোচনাৰ থল থাকিল যেন ভাৱ হ’ল৷ সুস্বাস্থ্যৰ বাবে শৰীৰ আৰু মনৰ সুস্থতাৰ গুৰুত্ব সমানেই হ’লেও আমাৰ সমাজত এতিয়াও মানসিক স্বাস্থ্য সম্পৰ্কে প্ৰয়োজনীয় সচেতনতা অহা নাই ৷ বিশেষকৈ বিষণ্ণতা (depression), উদ্বিগ্নতা (anxiety) আদি বৰ্তমান সমাজত প্ৰায় সকলোৰে জীৱনৰ বিভিন্ন স্তৰত দেখা দিয়া সাধাৰণ ৰোগ যেন হৈ পৰিছে, কিন্তু এই ৰোগবোৰৰ প্ৰাবল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰাময়ৰ উপায়ো বেলগ বেলেগ হ’ব পাৰে৷ গতিকে এইসম্পৰ্কে মুকলিকৈআৰু অধিক চৰ্চাৰ প্ৰয়োজন৷ তেনেদৰে গ্ৰন্থখনত চিনাকি শাক-পাচলিৰ উপকাৰিতা সমূহত কোনবিধ শাক বা পাচলি কি ৰোগৰ বাবে উপকাৰী তাৰ এখন চমূ তালিকা দিয়া হৈছে৷ কিন্তু গ্ৰন্থখনৰ বাকী অধ্যায়বোৰত বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ দৰে কোনবিধ শাক বা পাচলিয়ে শৰীৰৰ ব্যাধিত কেনেদৰে উপকাৰ কৰে তাৰ চমু ব্যাখ্যা থকা হ’লে সুখী হ’লোঁহেতেন৷ অৱশ্যে এইটো মোৰ ব্যক্তিগত মতহে৷ অন্য পঢ়ুৱৈয়ে সিমানখিনি তথ্য বা বিশ্লেষণ নিবিচাৰিবও পাৰে৷

স্বাস্থ্যৰক্ষাক মূল বিষয়বস্তু হিচাপে লৈ অসমীয়া ভাষাত দুই এখন গ্ৰন্থ প্ৰকাশ পাইছে যদিও মোৰ ধাৰণাত আধুনিক চিকিৎসাবিজ্ঞানৰ দিশৰ পৰা সকলো খুঁটি নাটি মাৰি এজন চিকিৎসকৰ কলমত প্ৰকাশ পোৱা এইখনেই প্ৰথম আৰু একমাত্ৰ হে’লথ্ গাইড৷ গতিকে গ্ৰন্থখন অসমীয়া সাহিত্যৰ এই দিশত বাটকটীয়া বুলি বিবেচনা কৰিব পাৰি৷ স্বাস্থ্য সম্পৰ্কে সকলোবোৰ কথা সামৰি এখন পূৰ্ণাংগ গাইড ৰচনা কৰাতো ভুৰুকাৰ হাতী ভৰোৱাৰ দৰে কথা৷ তথাপিও মই ভাৱো, লেখকে সুস্বাস্থ্য বৰ্ত্তাই ৰখাৰ বাবে দৰকাৰী সকলো বিধি সৰ্বসাধাৰণ ৰাইজে বুজাকৈ প্ৰাঞ্জল ভাষাৰে ফঁহিয়াই দেখুওৱাত সক্ষম হৈছে৷ গতিকে মোৰ দৃষ্টিত ডা: গীতাৰ্থ বৰদলৈৰ ’হে’লথ্ গাইড’ স্বাস্থ্য সচেতন প্ৰত্যেক অসমীয়াই নিৰ্ভৰ কৰিব পৰা আৰু প্ৰতিঘৰতে হাততে পোৱাকৈ ৰাখিবলগীয়া এখন গ্ৰন্থ৷



Wednesday, 2 January 2019

মালয়েছিয়াত দুসপ্তাহ (প্ৰথম খণ্ড)

যাত্ৰাৰ বাৰ্তা

শ্বেফিল্ড বিশ্ববিদ্যালয়, ইংলেণ্ড৷ চতুৰ্থ মহলাৰ এটা অফিচ৷ কীবৰ্ডৰ খট খট শব্দৰ সন্মিলিত সুৰে কোঠাটোৰ নীৰৱতাখিনি আঁতৰোৱাৰ চেষ্টাত অহৰহ লাগি পৰিছে৷  অৱশ্যে বেছি সময় তাৰ বাবে অপেক্ষা লগা নহ’ল!

’We are going to Kuching this July!' 

অফিচলৈ সোমায়ে কাকো বিশেষভাৱে উদেশ্য নকৰাকৈ ডেভে ঘোষণা কৰিলেহি৷ কম্পিউটাৰৰ স্ক্ৰীণৰ পৰা দৃষ্টি আতঁৰাই কেইবাযোৰা চকুৱে প্ৰশ্নবোধক চিন এটা লৈ ডেভলৈ চাই পঠিয়ালে৷ অৱশ্যে কোনো বিশেষ আচৰিত নহ’ল৷ ডেভ এনেকুৱাই! 

ডেভ মানে ডেভিদ আমাৰ গৱেষণাৰ গাইড৷ এনেকৈয়ে মাজে সময়ে আমি সকলোৱে কাম কৰা কোঠাটোলৈ আহি ডেভে একো একোটা ঘোষণা কৰেহি, কৌতুক কৰে নাইবা একো কথা নাথাকিলে আমাৰ ’ফুড টেবুল’ (যিখন সকলোৱে অনা হৰেক ৰকমৰ খাদ্যৰে প্ৰায়ে উপচি থাকে)-ৰ বস্তুবোৰকে চাই নতুন দুই এটাৰ সোৱাদ লৈ যায়হি৷ বিশেষ প্ৰয়োজন নাথাকিলে ডেভে এনে সময়ত কামৰ কথা সাধাৰণতে নুলিয়ায়৷

আমি কোনেও একো মাত নমতা দেখি ডেভে নিজেই ভেদ ভাঙিলে-

’কুচিঙত এখন কনফেৰেঞ্চ আছে৷ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত৷’
’অ ইয়েছ৷ এ টি বি চি!’ বন্ধু ফিলিক্সে মাত দিলে৷

ডেভে উৎসাহহে পাই গ’ল যেন৷ ক’লে-
’আমাৰ লেবৰ পৰা এখন চিম্প’জিয়া কৰা যাওক৷’

বাচ্, লগে লগেই ঠিক হৈ গ’ল৷ সকলোৱে আগ্ৰহেৰে চিম্প’জিয়াৰ আয়োজনত লাগি পৰিলো৷ চিম্প’জিয়াত আমাৰ গৱেষণাৰ থীম অনুসৰি এটা বিষয় লৈ সেইবিষয়ত জড়িত অন্য বিজ্ঞানীসকলক বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিলো৷ আমাৰ লগ দিলে একেধৰণৰ গৱেষণা কৰি থকা চিংগাপুৰৰ নেশ্যনেল ইউনিভাৰ্ছিটিৰ এটা দলে৷  বিষয় ঠিক হ’ল- পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য বিপন্ন নকৰাকৈ বিশ্বৰ আঠ বিলিয়ন লোকৰ বাবে কেনেকৈ খাদ্যৰ যোগান ধৰিব পাৰি? 

আমাৰ বৃহৎ লেবটোৰ পৰা ক্ৰান্তীয় অঞ্চলৰ জৈৱবৈচিত্ৰ্যৰ ওপৰত গৱেষণা কৰি থকা  মুঠতে পাঁচজন ওলালো কুচিঙলৈ বুলি- চিণ্ডি, পেট্ৰিক (পেডী), ফিলিক্স, ৰেবেকা আৰু মই৷ সাংগঠনিক কামত সদায়ে আগৰণুৱা চিণ্ডিয়ে দুমাহ পূৰ্বেই এয়াৰ বি এন বিত বিচাৰি-খুঁচৰি আমি সকলো একেলগে থাকিব পৰাকৈ এটা এপাৰ্টমেন্ট বুক কৰিলে৷ 

যোৱাৰ পৰত পিছে সকলো কামৰ বাবে বেলেগ বেলেগ ঠাইত থকাৰ বাবে ভাগে ভাগে যাব লগীয়াত পৰিলো৷  মই অকলশৰেই ওলালো লণ্ডনৰ পৰা৷ মালয়েছিয়ান এয়াৰলাইনছত কুৱালালমপুৰলৈ প্ৰায় বাৰঘন্টীয়া যাত্ৰা৷ কুৱালালামপুৰত এঘন্টাৰ বিৰতিৰ পিছত অন্য এখন ঘৰুৱা বিমানেৰে কুচিঙলৈ ডেৰঘন্টাৰ বাট৷ কুৱালালামপুৰত এঘন্টাৰ ভিতৰতে ইমিগ্ৰেশ্যনৰ কাম শেষ কৰি দ্বিতীয়খন বিমান সময়মতে ধৰিবলৈ যে টনাটনি হ’ব, সেইটো পিছতহে উপলব্ধি কৰিলো৷ দুয়োখন বিমান মালয়েছিয়ান এয়াৰলাইনছ বাবে যেনিবা অলপ সকাহ পালো৷ 

দুখন চিনেমা, কেইঘন্টামানৰ টোপনি আৰু কনফাৰেঞ্চত দিবলগীয়া মোৰ বক্তৃতাৰ ওপৰত কাম কৰাৰ বৃথা চেষ্টাৰ শেষত  কুৱালালামপুৰত অৱতৰণ কৰাৰ সময়ত দেখোঁ মই যাবলগীয়া বিমানখন উৰা মাৰিবলৈ মাথোঁ পোন্ধৰ মিনিট বাকী!

দৌৰাদৌৰিকৈ ওলায়ে দেখোঁ এয়াৰলাইনৰ ষ্টাফ ৰৈ আছে৷ হাতত প্লেকাৰ্ড৷ লিখা আছে,  'Passengers to Kuching, this way'

মোৰ চকুৰ দৃষ্টি অনুসৰণ কৰি ল’ৰাজনে সুধিলে, ’Connecting flight to Kuching?'
খৰধৰকৈ ক’লো, ’হয় হয়, আছে জানো এতিয়াও?’

’হয়, আপোনালোকৰ কাৰণেই ৰৈ আছে৷ বাওঁহাতে পোনে পোনে গৈ থাকক আৰু অলপ আগৰ পৰা ডমেষ্টিক টাৰমিনেললৈ ট্ৰেইনত যাব পাৰিব৷’

মোৰ আশে পাশে থকা কেইবাগৰাকী যাত্ৰীৰো মোৰ দৰেই থৰকাছুটি হেৰাল৷ অগাপিছাকৈ আমি সকলোৱে দৌৰিলো ৷ ট্ৰেইনত পাঁচমিনিটৰ বাট৷ তেতিয়ালৈ বিমানৰ নিৰ্দ্বাৰিত সময় পাৰ হৈছে৷

বিমানৰ পৰা দেখা পোৱা দক্ষিণ চীন সাগৰৰ একাংশ
কুৱালালমপুৰ এয়াৰপৰ্টটো ইমান বিশাল বুলি উপলব্ধিয়ে কৰা নাছিলো৷ টাৰ্মিনেল সলাবলৈকে আমি ট্ৰেইনেৰে যাবলগীয়াত পৰিলো৷ গৈ দেখোঁ তাৰ ইমিগ্ৰেশ্যনতো মানুহৰ দীঘলীয়া শাৰী৷ উপায়বিহীন হৈ শান্তভাৱেই থিয় দি ৰ’লো৷ শাৰীত মোৰ সন্মুখৰ আটাইকেইজন যাত্ৰীৰো গন্তব্যস্থান কুচিং ৷ ৰক্ষা যে ভিজাৰ প্ৰয়োজন নহ’ল এইবাৰ৷ মালয়েছিয়াৰ চৰকাৰে ভাৰতীয় সকলক কেইবছৰমান ধৰি ই-এন্ট্ৰিৰ সুবিধা দিছে৷ ই-এন্ট্ৰি কৰিলে নিজৰ ফটো আৰু অন্য তথ্য-পাতিবোৰ দি মাথোঁ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে৷ ৰেজিষ্ট্ৰেশ্যনৰ তথ্যখিনিৰ পৰীক্ষা একেবাৰে ইমিগ্ৰেশ্যনতহে হয়৷ অৱশ্যে এই সুবিধা ল’লে খুউব বেছি পোন্ধৰ দিনহে থাকিব পাৰি৷

ইমিগ্ৰেশ্যনৰ কামখিনি সামৰি এইবাৰ  নিৰ্দিষ্ট গেটখন বিচাৰি দৌৰাদৌৰি আৰম্ভ হ’ল৷ পাঁচ-ছয়জনীয়া আমাৰ দলটোৱে অগা পিছাকৈ দৌৰিবলৈ আৰম্ভ কৰিলে৷ ফাইনেল কলত বাৰে বাৰে শুনিবলৈ পালো মোৰ নামটো৷  মোৰ দৌৰৰ গতি বাঢ়িল৷  কোনোমতে শেষমুহুৰ্ত্তত গৈ পাইহে স্বস্তিৰ নিশ্বাস পেলালো৷

এঘন্টাৰ ভিতৰতে আমাৰ বিমান গৈ কুচিং এয়াৰপৰ্টত নামিলগৈ৷ কুচিঙত দিনৰ দহ বাজিছে তেতিয়া৷ বিমানৰ পৰা ওলায়ে মোৰ চকু ছাট মাৰি ধৰিলে  উজ্জল ৰ’দজাকে! কিমানদিন যে হৈ গ’ল এনে ৰ’দ নেদেখাৰ৷ ব্ৰিটিছ আকাশত বছৰৰ বেছিভাগ দিনেই ওন্দোলা ডাৱৰৰহে লুকাভাকু৷  মালয়েছিয়াত অনাগত ৰ’দোজ্জল দুসপ্তাহৰ কথা ভৱিয়ে উচ্ছসিত হৈ উঠিলো৷ 

 চাৰাৱাক নদীৰ পাৰত ৰৌদ্ৰোজ্জল  কুচিং মহানগৰী