Tuesday, 31 October 2017

আংশিকভাৱে ধ্বংসপ্ৰাপ্ত বৰ্ষাৰণ্যৰ জৈব-বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা আৱিষ্কাৰ

শেহতীয়া এক গৱেষণাই দেখুৱাইছে যে কিছু পৰিমাণে গছ কাটি পেলোৱাৰ বাবে আংশিকভাৱে  ক্ষতিগ্ৰস্ত  হোৱা (logged) অৰণ্যও জৈব বৈচিত্ৰ্যৰ বাবে অন্য যিকোনো অটব্য বৰ্ষাৰণ্যৰ সমানেই গুৰুত্বপূৰ্ণ৷ ইংলেণ্ডৰ শ্বেফিল্ড আৰু য়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৱে দক্ষিণ-পূব এছিয়াৰ বৰ্ণিঅ’ দ্বীপৰ বৰ্ষাৰণ্যত  প্ৰাণীয়ে জলবায়ু পৰিৱৰ্ত্তনৰ লগত কেনেকৈ নিজকে খাপ খুৱায় আৰু ইহঁতে বাস কৰা অৰণ্যসমূহে কেনেদৰে এই অভিবৰ্ত্তনত সহায় কৰে সেই সম্পৰ্কে অধ্যয়ন কৰিছিল ৷ 
বৰ্ণিঅ’ দ্বীপৰ বৰ্ষাৰণ্য, ফটো-ৰেবেকা ছিনিঅ’ৰ (মূল গৱেষক)


মানুহৰ দৰেই প্ৰাণীয়েও পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ যত্ন কৰে৷ গৰম কোঠা এটাত সোমাই থাকিব লগা হ’লে আমি যেনেদৰে খোলা খিৰিকী এখনৰ কাষত থিয় দিওঁগৈ, ঠিক তেনেদৰেই কণমান ভেকুলী এটা বা পোক-পতংগ এবিধে গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা অনুভৱ কৰিলে নিজৰ চাৰিওদিশৰ অকণমানি পৃথিৱীখনতে শীতল ঠাই অলপ বিচাৰি আশ্ৰয় লয়গৈ৷ অৰণ্যৰ কোনো জুৰিৰ পাৰৰ সেমেকা জোপোহা, গছৰ খোৰোং, গছৰ সৰা পাতৰ দ’ম, পঁচা গছ আদিবোৰে এনে ক্ষুদ্ৰ-আশ্ৰয়স্থলী (cool refuge) ৰ কাম কৰে৷
বৰ্ষাৰণ্যৰ উষ্ণতা মাপক চিত্ৰ, ফটো-ৰেবেকা ছিনিঅ’ৰ

গৱেষকৰ দলটোৱে বৰ্ণিঅ’ দ্বীপত প্ৰায় এটা দশক পূৰ্বে কুন্দা কটা ব্যৱসায়ৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা এনে অৰণ্যত ক্ষুদ্ৰ উভচৰ আৰু সৰীসৃপ প্ৰাণীবোৰৰ বাবে আশ্ৰয়স্থলীসমূহ উপলভ্য হয় নে নহয় সেয়া পৰীক্ষা কৰে৷ লগতে অত্যাধুনিক প্ৰযুক্তিৰ উষ্ণতা নিৰূপক কেমেৰা (thermal camera)ৰে ক্ষতিগ্ৰস্ত অৰণ্যৰ ভিতৰৰ উষ্ণতাৰ সৈতে কোনো ধৰণৰ প্ৰতিকূল প্ৰভাৱ নপৰা কাষৰীয়া অটব্য অৰণ্যৰ উষ্ণতা তুলনা কৰি চায়৷ তেওঁলোকে আৱিস্কাৰ কৰে যে দুয়ো ক্ষেত্ৰতে আংশিকভাৱে ক্ষতিগ্ৰস্ত এখন অৰণ্যৰ কাষৰীয়া ঘন অৰণ্য এখনৰ সৈতে বিশেষ পাৰ্থক্য নাই৷ এনে অৰণ্যসমূহৰ বিভিন্ন ক্ষুদ্ৰ-আশ্ৰয়স্থলী (cool refuge) বোৰৰ উষ্ণতা কাষৰীয়া ঘন অৰণ্যৰ সৈতে একে৷

গছৰ কুন্দা কটা (logging)ৰ দ্বাৰা পৃথিৱীৰ প্ৰায় ২০% ক্ৰান্তীয় বৰ্ষাৰণ্য ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে৷ এনে আংশিকভাৱে ধ্বংসপ্ৰাপ্ত অৰণ্যসমূহত বহুতো বিৰল প্ৰজাতিৰ জীৱ-জন্তু বাস কৰি আহিছে৷ কিন্তু ইতিমধ্যেই ধ্বংসপ্ৰাপ্ত হোৱাৰ  বাবেই এনে অৰণ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া নহয়-ফলত কালক্ৰমত প্ৰায়ভাগেই কৃষিভূমিলৈ পৰিণত হয়৷ এই গৱেষণাই পৃথিৱীৰ বিভিন্ন অঞ্চলত বিয়পি থকা এনে বহুতো অৰণ্য পুণৰুদ্ধাৰ কৰিব পাৰিলে যে পুনৰ জৈব বৈচিত্ৰ্যৰ বাবে এক গুৰুত্বপূৰ্ণ আশ্ৰয়স্থলী হৈ পৰিব তাকে প্ৰমাণ কৰিছে৷

বৰ্ণিঅ’ৰ শিঙাল ভেকুলী (Bornean Horned Frog), ফটো-ৰেবেকা ছিনিঅ’ৰ

Thursday, 12 October 2017

পৰিপুষ্টিৰ সম্পুৰক (Nutritional supplement) বোৰ কিমানদূৰ ফলপ্ৰসূ?

শৰীৰৰ সামগ্ৰিক পুষ্টিৰ বাবে বহুসময়ত আমি কিছুমান পুষ্টি সম্পুৰক (Nutritional supplement) খাওঁ৷ এনে প্ৰায়বোৰ সম্পুৰকে শৰীৰক দৰকাৰী পুষ্টি যোগায় যদিও এইক্ষেত্ৰত সাবধানতা অৱলম্বন কৰাৰ প্ৰয়োজন৷ শেহতীয়াকৈ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষণাই দেখুৱাইছে যে ক্ৰীড়াবিদ সকলৰ মাজত জনপ্ৰিয়তা লাভ কৰা কিট’ন ছল্ট নামৰ সম্বিপুৰকবিধে শৰীৰৰ পুষ্টি সাধন কৰাৰ সলনি তীব্ৰ-প্ৰাবল্যৰ ব্যায়াম (High-intensity exercise) ৰ সময়ত বাধাহে জন্মাব পাৰে৷


আমাৰ দেহৰ মূল শক্তিৰ উৎস হ’ল খাদ্যৰ পৰা লাভ কৰা গ্লুক’জ৷ উপবাসে থাকিলে এই উৎস নোহোৱা হৈ পৰাৰ ফলত শৰীৰে তাৰ সলনি স্নেহ পদাৰ্থ (fat) ৰ পৰা শক্তি উৎপাদন কৰিবলৈ আৰম্ভ কৰে৷ স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়াত কিট’ন নামৰ কণাবোৰ উৎপন্ন হয়৷ কিট’ন ছল্ট সম্পুৰকে কৃত্ৰিমভাৱে তেজত কিট’নৰ পৰিমাণ বৃদ্ধি কৰি শৰীৰত এই একেধৰণৰ অৱস্থা সৃষ্টি কৰে৷ গৱেষণাটোত প্ৰকাশ পোৱা মতে, স্নেহ পদাৰ্থৰ পৰা শক্তি আহৰণ কৰাটো এটা জটিল প্ৰক্ৰিয়া ৷ গতিকে গ্লুক’জৰ পৰা সহজতে আৰু কম সময়তে যিকোনো কামত প্ৰয়োজন হোৱা শক্তি আহৰণ কৰাৰ দৰে ই খৰতকীয়া নহয়৷

তাতে তেজত কিট’নৰ পৰিমাণ বৃদ্ধি পালে গ্লাইক’জেন (সঞ্চিত গ্লু’কজ) ৰ ব্যৱহাৰত বাধা আহি পৰে৷ ফলত তীব্ৰ প্ৰাবল্যৰ যিকোনো ক্ৰীড়াৰ  সময়তো স্নেহ পদাৰ্থৰ বিপাক ঘটাই শক্তি আহৰণ কৰাৰ লেহেমীয়া প্ৰক্ৰিয়া চলি থাকে৷ ইয়াৰ ফলস্বৰূপে প্ৰয়োজনীয় তাৎক্ষণিক শক্তি নোপোৱাৰ বাবে ক্ৰীড়াবিদ সক্ষমতাও কমি যাব পাৰে৷

গৱেষণাটোত একেধৰণৰ শাৰীৰিক সক্ষমতা আৰু শৰীৰ-ভৰ অনুপাত  (body mass indice) বিশিষ্ট দহজন ব্যক্তিক পৰীক্ষাৰ বাবে বাচনি কৰা হয়৷ নিৰ্দিষ্ট সময় উপবাসে থাকিবলৈ দি তেওঁলোকক ভিন্নদিনত কিট’ন ছল্ট আৰু প্লেচিব’ (placebo, শৰীৰত কোনো প্ৰভাৱ নপৰা কেৱল পৰীক্ষাৰ বাবে দিয়া দ্ৰব্য) খাবলৈ দিয়া হয়৷ দুয়োটা দলৰ বাচনি যাদৃচ্ছিক প্ৰক্ৰিয়াৰে কৰা হয় যাতে পৰীক্ষাটোৰ ফলাফলত পক্ষপাতিত্ব নাথাকে আৰু অংশগ্ৰহণকাৰীসকলক কিটন ছল্ট বা প্লেচিব’ কোনবিধ খাবলৈ দিছে সেইসম্পৰ্কে জানিবলৈ দিয়া নহয় ৷ সকলোকে ইয়াৰ পিছত নিৰ্দিষ্ট সময়ৰ বাবে চাইক্লিং কৰিবলৈ দি শৰীৰ পৰীক্ষা কৰা হ’ল৷ এই পৰীক্ষাত ধৰা পৰিল যে কিট’ন ছল্ট খোৱাৰ দিনা অংশগ্ৰহণকাৰীৰ শক্তি প্লেচিব’ খোৱাৰ দিনাতকৈ প্ৰায় সাত শতাংশ কম আছিল৷

গতিকে শৰীৰ কৰ্মোদ্যম বৃদ্ধি কৰাৰ উদেশ্যেৰে বজাৰত উপলব্ধ কৰা এই ছাপ্লিমেন্ট সমূহে বিপৰীত প্ৰভাৱহে পেলোৱা বুলি গৱেষণাটোত প্ৰকাশ পাইছে৷ তাৰোপৰি শৰীৰত কিট’নৰ পৰিমাণ কৃত্ৰিমভাৱে বৃদ্ধি কৰাৰ অন্য প্ৰক্ৰিয়াৰ ওপৰত কেনে প্ৰভাৱ পৰে সেই সম্পৰ্কে বিজ্ঞানীসকল এতিয়াও অজ্ঞাত৷ গতিকে প্ৰকৃত বৈজ্ঞানিক ভিত্তিসমূহ পৰীক্ষা নকৰাকৈ ক্ৰীক্ষাবিদ সকলে যিকোনো সম্পুৰক ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা উচিত৷

Tuesday, 10 October 2017

জনসাধাৰণৰ সমুহীয়া তথ্যই পোহৰলৈ আনিলে আই ইউ চি এনৰ ৰঙা তালিকাৰ বিসংগতি

পৃথিৱীত চিনাক্ত হোৱা সকলো জীৱ-জন্তু, চৰাই চিৰিকটিৰে সাম্প্ৰতিক অৱস্থা মূল্যাংকণ কৰে আই ইউ চি এন (International Union for Conservation of Nature's (IUCN) নামৰ এটা আন্তৰ্জাতিক সংস্থাই৷ এই মূল্যাংকণত সংকটাপন্ন বুলি পোহৰলৈ অহা প্ৰজাতিসমূহ সংস্থাটোৱে বিভিন্ন শ্ৰেণীৰ তালিকাভুক্ত কৰে৷ তালিকাখনক কোৱা হয় আই ইউ চি এনৰ ৰঙা তালিকা (IUCN Red List)৷ প্ৰত্যেক প্ৰজাতিৰ বাবে এই শ্ৰেণীসমূহ থিৰ কৰা হয় বিভিন্ন মাপকৰ সহায়ত৷ এইবোৰৰ ভিতৰত প্ৰজাতিবিধৰ ভৌগোলিক বিস্তৃতি এক গুৰুত্বপূৰ্ণ মূল্যাংকণ মাপক৷

শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা মতে আই ইউ চি এনৰ পক্ষীকুলৰ সাম্প্ৰতিক ভৌগোলিক বিস্তৃতিৰ তথ্য সম্পূৰ্ণ সঠিক নহয়৷ বহুক্ষেত্ৰত প্ৰকৃত বিস্তৃতিতকৈ অধিক ঠাইক কোনো কোনো চৰাইৰ বসতিস্থল বুলি গণ্য কৰাৰ বাবে ৰঙা তালিকাৰ শ্ৰেণী নিৰূপণতো বিসংগতি ধৰা পৰিছে৷
আই ইউ চি এনৰ ৰঙা তালিকাৰ শ্ৰেণীৰ বিসংগতি:  অসুৰক্ষিত (VU-Vulnerable)-> বিলুপ্তপ্ৰায় (EN-Endangered) , নুন্যতম সংকটজনক (LC-Least concerned)-> সংকটাসন্ন (NT-Near-threatened)

গৱেষণাটোত চিটিজেন চায়েন্স নামৰ জনসাধাৰণৰ সমূহীয়া অৱদানেৰে গঢ়ি তোলা চৰাইৰ নিৰীক্ষণ সম্পৰ্কীয় তথ্যসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকলে এই তথ্য প্ৰকাশ কৰিছে৷ চিটিজেন চায়েন্স নামৰ এই বিনামূলীয়াকৈ উপলব্ধ ৱেবছাইটত বিশ্বৰ যিকোনো ব্যক্তিয়ে চৰাই নিৰীক্ষণৰ তথ্য ঠাই আৰু সময়ৰ সৈতে অন্তৰ্ভুক্ত কৰি অৱদান আগবাঢ়াব পাৰে৷ গতিকে এনে তথ্যই প্ৰতিবিধ চৰাইৰ প্ৰজাতিৰ বিস্তৃতি কিমানখিনি সেইবিষয়েও সঠিক বাতৰি দিব পাৰে৷

এই গৱেষণাই ভাৰতৰ কেৱল পশ্চিমঘাট অঞ্চল (Western Ghats) ত পোৱা (endemic) ১৮ বিধ চৰাইৰ প্ৰজাতিৰ ভিতৰত ১৭ বিধৰ ক্ষেত্ৰতে আই ইউ চি এনে প্ৰকৃত ভৌগোলিক বিস্তৃতিতকৈ অধিক বুলি নিৰূপণ কৰিছে বুলি দেখুৱাইছে৷ ইয়াৰ মূল কাৰণ হৈছে, ভৌগোলিক বিস্তৃতিৰ ভিতৰত কিছুক্ষেত্ৰত চৰাইৰ বসবাসৰ অযোগ্য ঠাইয়ো অন্তৰ্ভুক্ত কৰাটো৷ ফলত সঠিক ভৌগোলিক বিস্তৃতিলৈ লক্ষ্য কৰি ইয়াৰে দহবিধ প্ৰজাতিক আই ইউ চি এনৰ ৰঙা তালিকাত অধিক সংকটাপন্ন শ্ৰেণীত তালিকাভুক্ত কৰাত প্ৰয়োজনীয়তা আহি পৰিছে৷ বিশ্বৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ বাবে লোৱা পদক্ষেপসমূহত এই ৰঙা তালিকাৰ শ্ৰেণীসমূহৰ ভিত্তিতে বিপদাপন্ন প্ৰজাতিক অগ্ৰাধিকাৰ দিয়া হয়৷  সেয়ে প্ৰজাতিৰ সংকট অৱস্থাৰ সঠিক মূল্যায়ন নহ’লে বিপদাপন্ন প্ৰজাতি আমাৰ সকলোৰে অগোচৰে পৃথিৱীৰ পৰা বিলুপ্ত হোৱাৰ শংকা থাকে৷ গতিকে এই গৱেষণাই প্ৰজাতিৰ ভৱিষ্যত সঠিক মূল্যায়ন আৰু সংৰক্ষণত নতুন দিশৰ সূচনা কৰিছে৷ 

Monday, 9 October 2017

দাপোণত নিজৰ মুখ

স্ফটিকৰ দৰে তোৰ দেহত মোৰ প্ৰতিবিম্ব
নিজৰ দুচকুত চকু থৈ
মুখামুখি হওঁ নিজৰ সৈতে
উদঙাই দিওঁ মোৰ
ভাটিয়ালী সপোণ আৰু আশা
আৰু তাৰ আঁৰতে লুকাই থকা
এবুজ এসাগৰ বিষণ্ণতা
নিজৰ পৰা নিজলৈকে টানি লওঁ
অনুভৱৰ মৌন কোলাহল
তোৰ বুকুৱেদি পাৰ ভাঙি বৈ আহে
হাঁহি-কান্দোন আৰু খং-অভিমানৰ ঢল

তই মুকলি কৰা  বাটেৰে গৈ
নিজৰ মাজতে মগন হওঁ মই
চকুপানীবোৰ মোহাৰি লওঁ
অভিমান সামৰি থওঁ
হাঁহিবোৰ বিয়পাই দিওঁ
চিৰদিন কাষতে ৰোৱাৰ প্ৰতিশ্ৰুতি দিওঁ

বাৰে বাৰে প্ৰমাণ কৰোঁ
আমি যে নিজৰেই চিৰন্তন প্ৰেমিক

Tuesday, 3 October 2017

টোপনি আৰু স্মৃতিশক্তিৰ নিবিড় সম্পৰ্ক

আমাৰ মগজু আটাইতকৈ গুৰুত্বপুৰ্ণ অংগবোৰৰ অন্যতম৷ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত মগজুৱে নিজকে পৰিৱৰ্ত্তন কৰি পাৰিপাৰ্শ্বিকতাৰ সৈতে খাপ খুৱাই লয়৷ শেহতীয়াকৈ এটা নতুন গৱেষণাই প্ৰকাশ কৰিছে যে টোপনিয়ে আমাৰ মগজুৰ এই নমনীয়তা (plasticity), অৰ্থাৎ আমাৰ মগজুৰ ভিতৰত হোৱা পৰিৱৰ্তন আৰু পুণ:সংগঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বাৰ্লিনৰ খ্যাতনামা হামব’ল্ট আৰু চেৰিটি বিশ্ববিদ্যলয় (Humboldt and Charité Universities) ৰ গৱেষকসকলে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত মগজুৰ ডেনড্ৰাইট অংশৰ ক্ৰিয়াকলাপ নিৰীক্ষণ কৰি আহিছিল৷ এই ডেনড্ৰাইট অংশই নতুন তথ্যপাতি মগজুত ধৰি ৰাখে৷ তেওঁলোকে আৱিষ্কাৰ কৰে যে, টোপনিৰ সময়ত ডেনড্ৰাইট অধিক সক্ৰিয় হৈ উঠে৷ এই সক্ৰিয়তা মগজুৰ বিশেষ কিছুমান তৰংগৰ সৈতে জড়িত হৈ আছে বুলি তেওঁলোকে ধৰা পেলাইছে৷ স্পিণ্ডল নামৰ এই চুটি আৰু পুন:পৌনিক তৰংগবোৰ সৃষ্টি হোৱাৰ সময়তে মগজুৰ পুন:সংগঠন হয়৷ মগজুৰ এই বিশেষ তৰংগ স্পিণ্ডল সমূহ আকৌ আমাৰ স্মৃতি গঢ়া প্ৰক্ৰিয়াত অতি গুৰুত্বপূৰ্ণ৷ বিজ্ঞানীসকলৰ মতে,আমি টোপনি গৈ থকা অৱস্থাত এই স্পিণ্ডলসমূহ চলিবলৈ আৰম্ভ কৰে আৰু এই সময়ত ডেনড্ৰাইটৰ বিশেষ কিছুমান প্ৰক্ৰিয়া সক্ৰিয় হৈ উঠে যি স্মৃতিবোৰ অধিক শক্তিশালী কৰি তোলে৷

ভৱিষ্যতে শেহতীয়া প্ৰযুক্তিৰ সহায়ত একে কম্পনাংকৰ এনে স্পিণ্ডলসমুহ কৃত্ৰিমভাৱে সৃষ্টি কৰি ডেনড্ৰাইটক সক্ৰিয় কৰি তুলিব পাৰিলে স্মৃতিৰ সৈতে জড়িত নানা ৰোগ যেনে ডিমেনছিয়া আদিৰ উন্নত চিকিৎসা সম্ভৱ হৈ উঠিব৷

Tuesday, 26 September 2017

প্লাষ্টিক প্ৰদূষণৰ চিকাৰ হৈ পৰিছে মাছ

আমি সকলোৱে কম-বেছি পৰিমাণে পেলনীয়া প্লাষ্টিকে পৰিৱেশৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱবোৰৰ কথা জানো৷ বিশ্বত উৎপাদিত মুঠ প্লাষ্টিকৰ প্ৰায় দহ শতাংশই শেষত গৈ সাগৰৰ পানীত পৰেগৈ৷ গতিকে সাগৰীয় দূষিত পদাৰ্থত প্লাষ্টিকৰ পৰিমাণেই অধিক ৷ সূৰ্য্যৰ ৰশ্মি, ঢৌ, জলচৰ প্ৰাণীৰ প্ৰভাৱত এই প্লাষ্টিকবোৰ ভাঙি-চিঙি গৈ অৱশেষত ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা নেন’প্লাষ্টিকত পৰিণত হয়গৈ৷ পেলনীয়া প্লাষ্টিকৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ কেনে সেইসম্পৰ্কে ভালেমান গৱেষণা হৈছে যদিও নেন’প্লাষ্টিকৰ কণাসমূহৰ বিষয়ে আমাৰ জ্ঞান সীমিত৷ 
Credit: © Zacarias da Mata / Fotolia
শেহতীয়াকৈ ছুইডেনৰ লাণ্ড বিশ্ববিদ্যালয়ত বিজ্ঞানীসকলে কৰা এক গৱেষণাই  ধৰা পেলাইছে যে পেলনীয়া প্লাষ্টিকৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা নেন’প্লাষ্টিকে মাছৰ মগজুৰ ভয়ংকৰ ৰূপত ক্ষতি কৰিব পাৰে৷ এই কণাবোৰ প্ৰথমে পানীৰ শেলাইত বিয়পি থাকে৷ এই শেলাই খায় প্লেংকটন (Zooplankton) সমূহে ৷ অৱশেষত মাছে প্লেংকটন খালে নেন’প্লাষ্টিকৰ কণাসমূহ মাছৰ দেহত সোমাই পৰে৷ এইদৰে খাদ্যশৃংখলৰ যোগেদি পাৰ হৈ গৈ মাছৰ মগজুৰ কলাসমূহত এই কণাবোৰ জমা হৈ পৰে৷ এই কণাসমূহে মগজুৰ ক্ষতি কৰাৰ ফলত মাছৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয় বুলি গৱষণাটোত প্ৰকাশ পাইছে৷ মাছৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন নিৰ্ভৰ কৰে এই কণাবোৰৰ আকাৰৰ ওপৰত৷ উদাহৰণস্বৰূপে এক বিশেষ আকাৰৰ কণা জমা হ’লে মাছবোৰে খোৱা আৰু চলা-ফিৰা কমাই পেলায়৷ অৱশ্যে মাছৰ দেহৰ অন্য অংগতো এই কণাবোৰ জমা হৈ একেই খাদ্য শৃংখলৰ যোগেদি মানুহৰ দেহলৈকো বিয়পাৰ সম্ভাৱনা সম্পৰ্কে সঠিকভাৱ জানিবলৈ হ’লে অধিক গৱেষণাৰ প্ৰয়োজন৷

Thursday, 21 September 2017

কণমান ভেকুলীৰ বধিৰতা

ৰঙালাও বেং (Pumpkin toadlet) - নামৰ দৰেই দেখাতো মৰমলগা এই কণমান বেং বিধ পোৱা যায় ব্ৰাজিলৰ আটলান্টিক অৰণ্যত৷ বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ ভেকুলীবোৰৰ এবিধ এই বেং৷ শেহতীয়াকৈ ব্ৰাজিল, ডেনমাৰ্ক আৰু ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে যুটীয়া এক গৱেষণাত ধৰা পেলাইছে যে এই বেঙৰ দুটা প্ৰজাতি বধিৰ-ইহঁতে নিজে মতা মাতো শুনা নাপায়৷ 

আঙুলিৰ মূৰত এটা ৰঙালাও বেং (Brachycephalus pitanga) 
চিত্ৰ: Sandra Goutte
কেমব্ৰিজ বিশ্ববিদ্যালয়ত সম্পন্ন কৰা এলানি পৰীক্ষাত গৱেষকৰ দলটোৱে আৱিষ্কাৰ কৰে যে ৰঙালাও বেঙৰ কাণৰ উচ্চ-কম্পনাংকৰ শব্দ শুনাৰ অংশটো অৱশেষাংগ (vestigial organ) হিচাপেহে আছে৷

জীৱ-জন্তুৱে মানুহৰ দৰেই মাতেৰে ইটোৱে সিটোৰ সৈতে যোগাযোগ ৰাখে৷ ভেকুলীবোৰে নিজৰ এলেকা বা টেৰিট’ৰী ওচৰ চুবুৰীয়াক জনাবলৈ, লগৰীক আকৰ্ষণ কৰিবলৈ আৰু বিপদ সংকেত দিবলৈ টোৰটোৰায়৷ নিজৰ মাতকে শুনা নোপোৱা স্বত্বেও টোৰটোৰোৱা এই ৰঙালাও বেঙৰ দৰে পৰিঘটনা প্ৰাণীজগতত অতিকৈ বিৰল৷ কাৰণ বিৱৰ্তনে প্ৰকৃতিক প্ৰতিটো প্ৰক্ৰিয়াতে মিতব্যয়ী হ’বলৈ বাধ্য কৰে৷ গতিকে নিজৰ মাজতে যোগাযোগ ৰাখিবলৈ মাতৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যোৱাৰ পিছতো এই বেঙৰ মাত কিয় ৰৈ গ’ল?

ৰঙালাও বেং ৰঙালাওটোৰ দৰেই উজ্বল কমলা ৰঙৰ আৰু দিনৰ সময়ছোৱাত সক্ৰিয়৷ গতিকে গৱেষক দলটোৰ ধাৰণা যে, এই বেঙৰ ক্ষেত্ৰত দৃষ্টিয়ে শব্দৰ দ্বাৰা সম্ভৱ নোহোৱা যোগাযোগ বৰ্তাই ৰাখিব পাৰিছে৷ তাৰোপৰি মাত মতাৰ সময়ত ডিঙিৰ চালনায়ো চাক্ষুষ যোগাযোগত সহায় কৰিব পাৰে৷ ৰঙালাও বেঙৰ এই অকাৰ্য্যক্ষম শব্দৰ যোগাযোগ ব্যৱস্থা প্ৰাণীজগততে এক অদ্বিতীয় উদাহৰণ৷ এই বেঙৰ ভৱিষ্যত অধ্যয়নে প্ৰাণীজগতৰ যোগাযোগ ব্যৱস্থাত বিৱৰ্তনৰ প্ৰভাৱৰ এনে ৰহস্যসমূহৰ আঁত ভাঙিবলৈ সহায় কৰিব৷

Tuesday, 19 September 2017

দেহত ইনছুলিনৰ তাৰতম্য ৰোধাৰ নতুন উপায় আৱিষ্কাৰ

আমি প্ৰায় সকলোৱে জানো যে বহুমূত্ৰ ৰোগ হ’লে দেহত ইনছুলিন নামৰ হৰ্মন বিধৰ পৰিমাণ কমি যায়৷ অগ্ন্যাশয় (Pancreas)-এ ক্ষৰণ কৰা এই ইনছুলিনে আমাৰ দেহত শৰ্কৰাৰ বিপাক ঘটাই শক্তিৰ যোগান ধৰে৷ বহুমূত্ৰৰ সম্পূৰ্ণ বিপৰীত প্ৰক্ৰিয়াত সৃষ্টি হোৱা ৰোগবিধ হ’ল ’ক’নজেনিটেল হাইপাৰ-ইনছুলিজম’-অৰ্থাৎ এই ৰোগত দেহত ইনছুলিন অত্যাধিক পৰিমাণে ক্ষৰণ হয়৷ ফলত এই হৰ্মনে খৰতকীয়াকৈ বিপাক ঘটাই দেহৰ শৰ্কৰাৰ পৰিমাণো কমায় পেলায় ৷ এই ৰোগত দেহত পৰ্য্যাপ্ত শক্তিৰ অভাৱৰ বাবে মগজু অচল হৈ মানুহৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে৷ বহুমূত্ৰৰ দৰে বিস্তৰ ভাৱে দেখা নিদিলেও বহুক্ষেত্ৰত এই ৰোগ চিনাক্ত নোহোৱাকৈ ৰৈ যায় বুলি বিজ্ঞানীসকলে সন্দেহ কৰে৷

ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে শেহতীয়াকৈ এই ৰোগৰ জিনগত উৎস আৱিষ্কাৰ কৰিছে৷ তেওঁলোকৰ গৱেষণাই দেখুৱাইছে যে আমাৰ দেহৰ 
’গ্লুড ১’ নামৰ এবিধ বিশেষ জিনৰ উৎপৰিৱৰ্তন (mutation) ঘটি  হাইপাৰ-ইনছুলিজম সৃষ্টি কৰে৷  এই জিনে জি ডি এইচ নামৰ প্ৰ’টিনৰ সহায়ত অগ্ন্যাশয়ৰ পৰা ইনছুলিনৰ ক্ষৰণ নিয়ন্ত্ৰণ কৰে৷ জি ডি এইচ প্ৰ’টিন মুকলি হৈ থাকিলে এবিধ বিশেষ গ্ৰাহক অণুৰ সৈতে সংযোজিত হয়৷ এই সংযোজন প্ৰক্ৰিয়াই অগ্ন্যাশয়লৈ ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷ সাধাৰণ অৱস্থাত দেহত শৰ্কৰাৰ পৰিমাণ এক নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে এই প্ৰ’টিনবিধে অণুবিধৰ সংযোজন বন্ধ কৰি দিয়ে-ফলত ইনছুলিনৰ ক্ষৰণতো বাধা পৰে৷ কিন্তু ’গ্লুড ১’ জিনৰ উৎপৰিৱৰ্তন ঘটিলে জি ডি এইচ প্ৰ’টিনে একেৰাহে গ্ৰাহক অণুৰ সৈতে সংযোজিত হৈ ৰয়৷ ফলত প্ৰ’টিনৰ নিৰ্দেশত অগ্ন্যাশয়েও অনিয়ন্ত্ৰিতভাৱে ইনছুলিন ক্ষৰণ কৰি থাকে৷ এই উৎপৰিৱৰ্তিত জিন থকা ৰোগীৰ দেহত জি ডি এইচ প্ৰ’টিনে যকৃতত এম’নিয়াৰ পৰিমাণো অধিক কৰি তোলে বুলি গৱেষণাটোৱে প্ৰকাশ কৰিছে৷  
হাইপাৰ-ইনছুলিজমৰ সৈতে জড়িত জি ডি এইচ প্ৰটিনবিধ৷  সাধাৰণ অৱস্থাত বাওঁফালে থকাৰ দৰে প্ৰ’টিনবোৰ মুকলি হৈ থাকি অণুবিধেৰে সংযোজিত হয়৷ এই প্ৰক্ৰিয়াই ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷  ইনছুলিনৰ পৰিমাণ অধিক হৈ পৰিলে প্ৰ’টিনবোৰে গ্ৰাহক অণুৰ সৈতে সংযোজন বন্ধ কৰি দিয়ে৷ এই ৰোগৰ ক্ষেত্ৰত জিনীয় উৎপৰিৱৰ্তনৰ ফলত এই সংযোজন প্ৰক্ৰিয়া অনিয়ন্ত্ৰিত হৈ পৰে৷ (চিত্ৰ: Pierre Maechler / UNIGE)

বৰ্তমানে এই ৰোগৰ চিকিৎসাত 
দেহৰ পৰা অগ্ন্যাশয় সম্পূৰ্ণকৈ আঁতৰাই পেলোৱা হয়৷ এই প্ৰক্ৰিয়াৰ পৰা অন্যন্য জটিলতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ তাৰোপৰি অগ্ন্যাশয় অবিহনে ৰোগী কৃত্ৰিমভাৱে বহুমূত্ৰ ৰোগত ভূগিব পাৰে৷ এই গৱেষণাই দেখুৱাইছে যে জি ডি এইচ প্ৰ’টিনত গ্ৰাহক অণুবিধৰ সলনি কৃত্ৰিম দ্ৰৱ্যৰ সংজোজন ঘটিবলৈ দিলে প্ৰ’টিন বিধে অগ্ন্যাশয়লৈ পঠোৱা সংকেত বন্ধ হ’ব পাৰে৷ ফলত অত্যাধিক ইনছুলিন ক্ষৰণো ৰোধ কৰিব পৰা যাব৷ গতিকে এই নতুন গৱেষণাই ’হাইপাৰ-ইনছুলিজম’ ৰোগৰ উন্নত চিকিৎসাৰ দিশ মুকলি কৰিছে৷

Sunday, 23 July 2017

এজাক ৰ’দৰ সন্ধানত (৮ শেষ খণ্ড): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

অচিন আপোন মানুহ


পৰ্ট’ত মাথোঁ দুটা দিন আছিল আমাৰ৷ সময়ৰ টিকনিত ধৰি এই অতীব সুন্দৰ চহৰখন ভালদৰে চাই লোৱাৰ হেপাঁহতে আমি তিনিও গোটেইখন পিটপিটাই ফুৰিলো৷ এনেকুৱা কোনো এবাৰতে পৰ্ট’ৰ মেট্ৰ’ৰে ঘুৰি ফুৰোতে ভিৰৰ বাবে প্ৰজ্ঞা আমাৰ কাষৰ ডবাটোত উঠিল৷ মই আৰু বীৰ অন্য এটা ডবাত মুখামুখিকৈ বহি পৰিলো৷ মোৰ কাষতে এগৰাকী বয়সস্থ পটুৰ্গীজ মহিলা৷

ষ্টেচন ৰামাল'ডে৷ কেইজনমান মানুহ নামি গ’ল৷ আমাৰ তেতিয়াও বহুদূৰ যাবলৈ বাকী৷ এজন মানুহ সোমাই আহি বীৰৰ কাষৰ খালী চিটটোতে বহি পৰিল৷ মেট্ৰ’ চলিবলৈ আৰম্ভ কৰাৰ লগে লগে মানুহজনে বীৰলৈ চাই ইংৰাজীতে ক’বলৈ লাগিল,

’মই বৰ দুখীয়া৷ অলপ সহায় কৰিব পাৰিব নেকি?’

বীৰে কিছু দ্বিধাৰে মোলৈ চাই পঠিয়ালে৷ মানুহজনৰ সাজ-পোছাকত ক’তো দাৰিদ্ৰ্যৰ চিন নাই৷ তাৰ দৃষ্টি অনুসৰণ কৰি এইবাৰ মানুহজনে মোলৈ চাই একেখিনি কথাকে দোহাৰিলে৷ তেনেতে মন কৰিলোঁ, মোৰ কাষত বহি যোৱা মানুহগৰাকী হঠাত খচমচাই উঠিল৷ তেওঁলৈ চাই দেখোঁ, তেওঁ চকুৰে ইংগিত দিছে মানা কৰাৰ দৰে৷ মই নুবুজাৰ দৰে ৰৈ থকাত মানুহগৰাকীয়ে এইবাৰ ভৰিৰে মোৰ ভৰিত হেঁচুকি দিয়াৰ দৰেও কৰিলে৷ এইবাৰ মই মানুহজনলৈ চাই কৈ উঠিলো,

’ ন’, উই ক্যান্ট হেল্প ইউ! ছ’ৰী!’

মানুহজন নীৰৱ হৈ ৰ’ল৷ ক্ষন্তেক পিছতে উঠি কাষৰ ডবাটোলৈ খোঁজ দিলে৷ মোৰ কাষত বহি যোৱা সহযাত্ৰী গৰাকীয়ে এইবাৰ আমাক দুয়োকে আকাৰে ইংগিতে কথা ক’বলৈ লাগিল৷ আমি ইয়াকে বুজিব পাৰিলোঁ যে, এনেকৈ সহায় বা টকা বিচাৰি ফুৰা মানুহবোৰৰ আসৈ দিব নালাগে৷ পৰ্য্যটক দেখিলে এনেয়ে সুবিধা ল’ব খোঁজে৷ মানুহগৰাকীৰ আন্তৰিকতাখিনি দেখি সঁচাই ভাল লাগিল৷ আমি দুয়ো একেলগে কৈ উঠিলো,

’অ’ব্ৰিগেড’-অ’ব্ৰিগেড’!’ (ধন্যবাদ)

ষ্টেচনত নমাৰ পিছত প্ৰজ্ঞাক কাহিনীটো কোৱাত তাই হাঁহি হাঁহি কৈ উঠিল,

’ হেহ, সেই একেজন মানুহে মোকো টকা খুঁজিছিলহি নহয়! মই কি ক’লো জান? ক’লো, মই এটকাও উপাৰ্জন নথকা ষ্টুডেন্টহে-আচলতে আপুনিহে মোক সহায় কৰিব লাগে!

মানুহজনে মোৰ ফালে পেন্দোৱাকৈ চাই একো নোকোৱাকৈ গুচি গ’ল!’

ফাড’ৰ ৰাগীত এটা সন্ধিয়া

পৰ্ট’ৰ ফাড’ সংগীতৰ কথা অহাৰ দিনাৰে পৰা শুনি আছিলো৷ এদিন সন্ধ্যা প্ৰজ্ঞাৰ সৈতে ওলালো, ফাড’ৰ আমেজ লওঁগৈ বুলি৷ চহৰৰ মাজমজিয়াতে পতা এটা সংগীতানুষ্ঠান৷ সৰু মঞ্চ এখনৰ সন্মুখত কেইশাৰীমান চকী৷ গম পালো, এই অনুষ্ঠান প্ৰত্যেক সন্ধিয়াই আয়োজন কৰে আৰু দেশী বিদেশী পৰ্য্যটকৰ মাজত যথেষ্ট জনপ্ৰিয়৷ 

পৰ্টুগজ গীটাৰ ফাড’ৰ অপৰিহাৰ্য্য অংগ
ফাড’ এক প্ৰসিদ্ধ ৰ্পটুগীজ সংগীত৷ এই গীতসমূহ আমাৰ দেহবিচাৰৰ গীতৰ দৰে নীতিশিক্ষামূলক অথবা দাৰ্শনিক৷ মানৱ জীৱনৰ মায়া-মোহৰ ভংগুৰতা  সোঁৱৰাই দিয়ে হেনো এই গীতবোৰে৷ এজনে ক’লে, পৰ্টুগীজ একো বুজি নোপোৱা লোকেও ফাড’ শুনিলে চকুপানীক বাধা দি ৰাখিব নোৱাৰা হয়-এনে এক কাৰুণ্যৰ তীব্ৰতাৰে ভৰি থাকে ফাড’৷

আমি বহাৰ কিছুপৰৰ পিছতেই এগৰাকী গায়িকা মঞ্চলৈ উঠি আহিল৷ লগত  অন্য দুগৰাকী পটুৰ্গী গীটাৰবাদক৷ পটুৰ্গীজ গীটাৰ নহ’লে হেনো ফাড’ পৰিবেশন অসম্ভৱ৷ গায়িকাগৰাকীয়ে এটাৰ পিছত আনটোকৈ গীত গাই গ’ল-সুন্দৰ কন্ঠ আৰু পৰিবেশনেৰে ৷ প্ৰায়ভাগেই কৰুণ বা উদাস সুৰৰ৷ দুই- এটাহে কিছু আনন্দপূৰ্ণ৷ এটা শব্দও বুজি নাপালোঁ যদিও গীতৰ সাৰ্বজনীন ভাষা আৰু সুৰে আমাক চুই গ’ল৷

পৰ্ট ৱাইনৰ সোৱাদ


পৰ্ট’ৰ অলিয়ে গলিয়ে ইমানবোৰ উল্লেখযোগ্য ঠাই চালো যদিও যিটো আকৰ্ষণৰ বাবে পৰ্ট’ আটাইতকৈ বিখ্যাত সেয়া চাবলৈ এতিয়াও বাকী আছিল৷ এই বিশ্ববিখ্যাত পৰ্টুগীজ সম্পদবিধ হ’ল পৰ্ট ৱাইন৷ এই মদৰ বিশ্বৰ সকলো দেশতে আদৰ আছে৷ 


পৰ্ট লুইজ দলংখন পাৰ হৈয়ে ডউৰ’ নদীৰ পাৰত গয়া চহৰত বহুতো বিশ্ববিখ্যাত চেলাৰ (cellar) আছে ৷ সেই চেলাৰবোৰত গাইডেড ট্যুৰ ল’লে এই মদৰ ইতিহাস, প্ৰস্তুতিৰ পৰা আদি  সকলোখিনিৰ আকৰ্ষণীয় উপস্থাপন পোৱা যায়৷ পৰ্ট’ত আমাৰ সময় কমি আহিছিল৷ তথাপি এই আকৰ্ষণ উলাই কৰা আমাৰ তিনিওৰে বাবে অসম্ভৱ যেন ভাৱ হ’ল৷ অৱশেষত সিদ্ধান্ত হ’ল, লিভাৰপুললৈ উভতাৰ ফ্লাইট আছে আবেলি তিনিবজাত৷ পুৱাতে এপাৰ্টমেন্টৰ পৰা সকলো সামৰি ওলাই গ’লে সময় মিলাবগে পাৰিম কিজানি৷ ডউৰ’ নদীত নৌকাযাত্ৰা কৰি গয়াৰ পৰ্ট ৱাইন চেলাৰত ভুমুকি এটা মাৰি এয়াৰপৰ্টলৈ মেট্ৰ’ ধৰিমগৈ৷

কথামতেই কাম৷  ডউৰ’ নৈত নাঁৱেৰে পুৱাৰ ৰ’দ আৰু দুইপাৰৰ সৌন্দৰ্য্য  ৰ আমেজকণ ল’লোগৈ৷ সিদিনা আটাইতকৈ সোনকালে মুকলি থকা চেলাৰ আছিল কেলেম(Calem)৷ তালৈকে গ’লো৷ গম পালো, ট্যুৰ প্ৰায় এঘন্টীয়া৷ ইংৰাজীকে ধৰি প্ৰায় পাঁচ-ছয়টা ভাষাত এই ট্যুৰ ল’ব পাৰি৷ এজন উজ্বল মুখৰ ডেকা ল’ৰা আগবাঢ়ি আহি আমাৰ সৰু দলটোক ভিতৰলৈ মাতি নিলেহি৷ ল’ৰাজনৰ নাম-জোৱাও (Joao)৷

প্ৰথমেই জোৱাওৱে আমাক সৰু ৱাইন সংগ্ৰহালয় এটালৈ লৈ গ’ল৷ এই চেলাৰৰ ইতিহাস আৰু তাত তৈয়াৰ কৰা পৰ্ট ৱাইনৰ বিষয়ে তেওঁ বৰ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিলে৷ গম পালো, কেৱল ডউৰ’ উপত্যকাত কৰা আঙুৰৰ পৰাহে পৰ্ট ৱাইন তৈয়াৰ হয়৷ পৃ্থিৱীৰ অন্য যিকোনো ঠাইতে সেই একেবিধ প্ৰক্ৰিয়াৰে কৰা ৱাইনে কেতিয়াও একে সোৱাদ আৰু নাম পাব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল, এই উপত্যকাৰ জলবায়ু আঙুৰ উৎপাদনৰ বাবে আটাইকৈ উপযোগী৷  

কেলেম চেলাৰৰ ভিতৰত পৰ্ট ৱাইন ৰখা বেৰেলবোৰ
পৰ্ট ৱাইনৰ বিশেষত্ব হ’ল, প্ৰাকৃতিক আঙুৰৰ স্পিৰিট এবিধ যোগ দি এই মদৰ কিন্বন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয়-ফলত এটা মিঠা সোৱাদ ৰৈ যায়৷ এইবাবেই পৰ্ট ৱাইনৰ এলকহলৰ পৰিমাণো অন্য মদতকৈ বেছি হেনো৷  এই মদ চেলাৰবোৰত শাৰী শাৰী বেৰেলত ৰাখি পুৰণি হ’বলৈ দিয়া হয়৷ প্ৰথমবাৰৰ কাৰণে জানিলো, পৰ্ট ৱাইনো চাৰিবিধ- ৰঙা আঙুৰৰ পৰা কৰা ৰুবী আৰু ৰ’জে পৰ্ট, বগা আঙুৰৰ হুৱাইট পৰ্ট; ট’নি পৰ্ট ৰঙা আঙুৰৰ পৰাই বনোৱা হয় কিন্তু, অ’ক কাঠৰ বেৰেলত ৰাখি পুৰণি হ’বলৈ দিয়াৰ বাবে কাঠৰ সৈতে জাৰণ হৈ এবিধ বিশেষ সোৱাদ সৃষ্টি হয়৷ প্ৰত্যেকবিধৰ খোৱাৰ সময়ো ভিন্ন-হুৱাইট ৱাইন খোৱা হয় মূল আহাৰৰ আগত আৰু ৰুবী আৰু ট’নি পৰ্ট খোৱা হয় আহাৰৰ পিছত ডিজাৰ্ট ৱাইন হিচাপে৷ 

সংগ্ৰহালয়ৰ শেষত আমি থিয় দিলোগৈ শাৰী শাৰী প্ৰকাণ্ড বেৰেলৰ মাজত৷ জোৱাওয়ে বেৰেলবোৰৰ দৈৰ্ঘ্য-প্ৰস্থ-ওজন সকলো ভাঙি পাতি বুজাই অৱশষত ক’লে,
’ইমানসময়ে পৰ্ট ৱাইনৰ ইমানবোৰ কথা শুনি শুনি আপোনালোকৰ কিজানি ইয়াৰ সোৱাদো ল’বলৈ খুউব মন গৈছে, নহয় জানো? আমি তাৰো ব্যৱস্থা কৰি থৈছোঁ৷’

আমাৰ মুখবোৰ উজ্বলি উঠিল৷ জোৱাওৰ পিছে পিছে গৈ আমি এটা হলঘৰ ওলালোগৈ৷ তাত আমাৰ প্ৰত্যেকৰে বাবে তিনিওবিধ ৱাইন সাজু কৰি ৰখা আছিল! আমাৰ উৎসাহী মুখবোৰ দেখি জোৱাওৱে ক’লে,

’আৰামকৈ বহি লৈ লাহে ধীৰে এই উৎকৃষ্ট ৱাইনৰ সোৱাদ লওক৷ মই আপোনালোকক আৰু আমনি নকৰোঁ৷’

জোৱাওক বিদায় দি আমি একোটাকৈ ফুলাম হাঁহি মুখত লৈ প্ৰথমটো গিলাচত চুমুক দিলো৷ আস-কি সোৱাদ! এনেতে মোৰ কেনেকৈ জানো হাতত ঘড়ীটোত চকু পৰিল! লগে লগে জাপ মাৰি উঠিলো৷ এক বাজি পাঁচ মিনিট! মেট্ৰ’ৰে আধাঘন্টা গৈ তিনিবজাৰ ফ্লাইট ধৰাৰ কথা! 

ট’নি, ৰুবী আৰু ৰ’জে ৱাইনৰ সোৱাদ লৈ
প্ৰজ্ঞা আৰু বীৰক সময় দেখুওৱাত সিহঁতো অস্থিৰ হৈ উঠিল৷ কি কৰা যায়! দস্তুৰমত দৌৰাৰ কথা- কিন্তু এই তিনিটা গিলাচ কেনেকৈ এৰি যাওঁ! ভাবিবলৈ সময় নহ’ল৷ আমাৰ সন্মুখত বহি ধীৰে-সুস্থিৰে পৰ্ট ৱাইনৰ সোৱাদ লৈ থকা দলৰ বাকীবোৰৰ আশ্চৰ্য্যান্বিত মুখবোৰ আওকাণ কৰি আমি তিনিও একেশোহাই প্ৰতিবিধ ৱাইন ডিঙিত ঢালি লৈ বাহিৰলৈ দৌৰ দিলো! তাৰপৰা ওলাই নৈৰ পাৰৰ পৰা দলঙলৈকে শাৰী শাৰী চিৰি বগাই কেনেকৈ ট্ৰিনিডাড মেট্ৰ’ ষ্টেচচন পালোহি ক’ব নোৱাৰোঁ৷ কিন্তু লিভাৰপুললৈ অহা ফ্লাইটখন আমি ঠিকেই ধৰিলোঁ!
হেপেঁহুৱা ৰ’দজাক হৃদয়ৰ ভিতৰে-বাহিৰে লৈ ঘৰমুৱা হ’লো

Tuesday, 18 July 2017

এজাক ৰ’দৰ সন্ধানত (৭): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

লিভেৰিয়া লেল্ল’ৰ হেৰী প’টাৰ

ইউজিনিৰ সৈতে পৰ্ট’ নগৰীৰ অলিয়ে-গলিয়ে খোঁজ কাঢ়ি ফুৰোঁতে তেওঁ লিভেৰিয়া লেল্ল’ নামৰ বিশ্ববিখ্যাত কিতাপৰ দোকানখনৰ ইতিহাস কৈছিল৷ যেতিয়া আমি তাৰ সন্মুখত থিয় দিলোগৈ, সেইসময়ত দোকানখনৰ আইনাত ওলমি আছিল 'closed' ফলক৷ সেয়ে পিছদিনা পুনৰ তালৈকে ঘুৰি অহাৰ আশা লৈ আমি খোঁজ আগবঢ়ালো৷





সিদিনাই আবেলি আমি তাৰ পালোগৈ৷ বাহিৰৰ পৰাই দেখাত আকৰ্ষণীয়  এখন দোকান৷ পূৰ্বতে বিনামূলীয়াকৈ সোমাব পৰা এই দোকানখনত শেহতীয়াকৈ টিকেট কটাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ভাবি আচৰিত লাগিল, কিতাপৰ দোকানত সোমাবলৈকো টিকেট কাটিব লাগে! পিছে টিকেটৰ দিঘলীয়া শাৰীত চকু দিয়ে বুজিব পাৰিলোঁ এই দোকানখন কিমান জনপ্ৰিয়! কাৰণ? এই অদ্ভুত জনপ্ৰিয়তাৰ কাৰণ হ’ল এই দোকানৰ সৈতে হেৰি পটাৰৰ সংযোগ৷ জে কে ৰাউলিঙে হেনো এই দোকানতে হেৰি পটাৰ সৃষ্টিৰ অনুপ্ৰেৰণা পাইছিল৷ সেইবাবেই হেৰি পটাৰৰ প্ৰকৃত এই জন্মস্থান চাবলৈ গুণগ্ৰাহীৰ ভিৰ লাগে ইয়াত৷

কোৱা হয়, বিশ্বৰ আটাইতকৈ সুন্দৰ লাইব্ৰেৰী আৰু কিতাপৰ দোকানবোৰৰ ভিতৰত এখন এই লিভৰেৰিয়া লেল্ল’(Livraria Lello) ৷ দোকানখনত দুটা মহলা৷ ভিতৰৰ স্থাপত্য নিঅ’ গ’থিক আৰ্হিৰ৷ ইউজিনিয়ে কৈছিল, ১৯০৬ চনত এই দোকানখনৰ প্ৰতিষ্ঠা হৈছিল ৷ দোকানখনত সোমায়েই প্ৰথম চকুত পৰিল এক আকৰ্ষণীয় খটখটী৷ দুফালৰ পৰা আৰম্ভ হৈ ইউটোৰ দৰে লগ হৈ আকৌ ওপৰলৈ ফণা মেলি গৈছে৷ দেখাতেই হেৰী পটাৰৰ হগৱাৰ্টছৰ খটখটীলৈ মনত পৰে৷ সেয়ে বহুতে কয়, জে কে ৰাউলিঙৰ হেৰি পটাৰৰ খটখটীৰ আৰ্হি এই দোকানৰ পৰাই লৈছিল বুলি৷ ঘৰটোৰ আইনাৰ মুধচখনত লেল’ৰ মূলমন্ত্ৰটো খোদিত কৰা আছে- “vecus in labore” অৰ্থাৎ 'dignity in work'


লেল্ল’ৰ হেৰি পটাৰ আৰ্হিৰ চিৰিত ফটো উঠাৰ লোভ সামৰিব নোৱাৰিলো



ইউজিনিয়ে কোৱা মতে, জে কে ৰাউলিঙৰ বিয়া হৈছিল এগৰাকী পৰ্টুগীজ লোকৰ সৈতে৷ মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বাবেই তিনিটা অশান্তিজৰ্জৰ বছৰ পাৰ কৰিয়ে তেওঁৰ বিচ্ছেদ ঘটিল৷ নব্বৈৰ দশকত পৰ্ট’ত কটোৱা দহটা বছৰত তেওঁ এগৰাকী ইংৰাজী শিক্ষক হিচাপে কাম কৰিছিল৷ সেইসময়ত তেওঁ প্ৰায়ে হেনো লেল্ল’ৰ ওপৰৰ মহলাত কফি একাপ লৈ বহিছিলহি৷ সেইসময়তে হেনো তেওঁ হেৰি পটাৰৰ সৃষ্টিত হাত দিছিল৷ লেল্ল’ৰ  খটখটী, লাইব্ৰেৰী আদিৰ উপৰি হগৱাৰ্টছৰ ইউনিফৰ্মৰ সৈতেও পৰ্ট’ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ বহু সাদৃশ্য দেখে বহু গুণগ্ৰাহীয়ে৷ 



ষ্টেচনত বন্দী পৰ্ট’ৰ নীলিম ইতিহাস

পৰ্ট’ৰ চাও বেন্ট’ ৰে’লৱে ষ্টেচন (Estação de São Bento) টোও বিশ্বৰ আটাইতকৈ ধুনীয়া ষ্টেচনবোৰৰ ভিতৰত এটা হেনো৷ এই সৰু নগৰীখন বিশ্বৰ  সুন্দৰতম ঠাইবোৰৰ সংগমস্থলীহে যেন৷ ষ্টেচনটো এবাৰ চাই অহাৰ হেঁপাহ সামৰিব নোৱাৰিলো৷

১৯১৬ চনত মুকলি কৰা চাও বেন্ট’ এটা ঐতিহাসিক ষ্টেচন৷ ভিতৰ সোমায়েই ভাব হ’ল যেন ষ্টেচন নহয় কোনোবা চিত্ৰৰ সংগ্ৰহালয়তহে সোমাইছোঁ৷ বিশাল বেৰবোৰত তলৰ পৰা ওপৰলৈকে বিভিন্ন ছবি৷ ভালকৈ মন কৰিলো, ছবিবোৰ আচলতে অসংখ্য নীলা টাইলছ লগ কৰিহে নিৰ্মাণ কৰিছে৷ একেবাৰতে অঁকা নহয়৷ এই নীলা বৈশিষ্ট্যপূৰ্ণ টাইলছ সমূহক যাক আজুলেজ’(azulejo) বুলি কোৱা হয়৷ পৰ্টুগালৰ ইতিহাসৰ বিভিন্ন মুহূৰ্ত্ত বন্দী কৰি ৰাখিছে এই নীলা টাইলত খোদিত প্ৰতিচ্ছবিসমূহে৷ এই টাইলসমূহত আঁকিছিল জৰ্জ ক’লাক’ (Jorge Colaço) নামৰ এগৰাকী আজুলেজ’ শিল্পীয়ে৷ ষ্টেচনটোৰ এই বিভিন্ন প্ৰতিচ্ছবিসমূহত মুঠতে হেনো বিছহাজাৰমান টাইল আছে৷




ফ্ৰানচেচিনহা-A heart attack waiting to happen

দুপৰীয়াৰ বিৰতিত ইউজিনিয়ে ক’লে,
’তোমালোক সকলোৱে যেনেকৈ হ’লেও ফ্ৰানচেচিনহা খাই যাবা পৰ্ট’ এৰাৰ আগতে৷ ইয়ালৈ আহি ফ্ৰানচেচিনহা নোখোৱাকৈ গ’লে এই যাত্ৰা আধৰুৱা হৈ ৰ’ৱ৷’

তাৰপিছত প্ৰায় আধাঘন্টামান ইউজিনিয়ে ফ্ৰানচেচিনহাৰ ইমানেই গুণ বখানিলে যে আমিবোৰ একপ্ৰকাৰ কৌতুহলীয়ে হৈ উঠিলো৷ তেওঁ দেখুৱাই দিয়া এখন ৰেষ্টোৰাঁলৈ ঢ়াপলি মেলিলো কিনো এইবিধ খাই চাওঁ বুলি! ইউজিনিয়ে কোৱা মতে, পটুৰ্গীজসকলে খুবেই সাবধানে ফ্ৰানচেচিনহা খাব খোঁজা ভাল ৰেষ্টোৰাঁ বিচাৰি উলিয়ায় হেনো৷ কাৰণ, ফ্ৰানচেচিনহাৰ মূল ৰেচিপিটো সকলোৱে জানে যদিও প্ৰত্যেক ৰেষ্টোৰাঁৰে চ’চৰ ৰেচিপি ভিন্ন ৷ স্থানীয় পৰ্টুগীজসকলে বিশ্বাস কৰে যে এই চ’চবিধৰ সোৱাদৰ ওপৰতে ফ্ৰানচেচিনহাৰ সোৱাদো বহু পৰিমাণে নিৰ্ভৰ কৰে৷ সেয়ে ৰেষ্টোৰাঁবোৰে নিজৰ ৰেচিপি গোপনীয় কৰি ৰাখে৷

গৈ অৰ্ডাৰ দিওঁতে ক’লে, প্ৰকৃততে ফ্ৰানচেচিনহা আমিষ৷ পিছে নিৰামিষ মানুহৰ কাৰণে তৈয়াৰ কৰোঁতে ৰেচিপি অলপ সলাই  ফ্ৰানচেচিনহাক নিৰামিষ ৰূপ এটা দিয়ে৷

আচলতে, ফ্ৰানচেচিনহা এবিধ পটুৰ্গীজ চেন্দুইছ৷ ইউজিনিয়ে বিৱৰণ কৰা মতে ব্ৰেডৰ মাজত হেম , চ’চেজ আৰু অন্য পোৰা মাংস দি চীজ দি ফ্ৰানচেচিনহা তৈয়াৰ কৰা হয়৷ সাধাৰণতে এই খাদ্যবিধ বিলাহী আৰু বিয়েৰ চ’চৰ লগতে ফ্ৰেন্স ফ্ৰাইৰ সৈতে পৰিবেশন কৰে৷ আমাৰ সন্মুখতো তেনেদৰেই এক লোভনীয় ৰূপত ফ্ৰানচেচিনহাৰ প্লেট সজাই দিলেহি৷

মুখত দিয়ে গ’ম পালো, কিয় কোনোবা পৰ্য্যটকে এইবিধক 'a heart attack waiting to happen' বুলি বৰ্ণনা কৰিছিল!  চীজ আৰু চ’চৰ সোৱাদৰ সৈতে কাঠৰ অভেনত সিজোৱা চেন্দুইছৰ কি এক অপূৰ্ব সোৱাদ!

ইতিহাস অনুসৰি পঞ্চাছ আৰু ষাঠিৰ দশকত পৰ্টুগালত একনায়কত্ববাদৰ উত্থানে বহুতো নাগৰিকক চুবুৰীয়া দেশত ভগনিয়া হিচাপে আশ্ৰয় ল’বলৈ বাধ্য কৰিছিল৷ সত্তৰৰ দশকত ইয়াৰে সৰহভাগ ভগনিয়াই ফ্ৰান্সত আশ্ৰয় লৈ আছিল৷ এনে এজন ভগনিয়া লোকেই পৰ্টুগাললৈ উভতি আহি ফৰাচী ছেন্দুইছৰ এই পৰ্টুগীজ ৰূপ দিলে বুলি মানুহে কয়৷

যি নহওক, পৰ্টুগালৰ গৌৰৱ এই চেন্দুইছবিধৰ সোৱাদ লোৱাৰ হেপাঁহটো পূৰালো৷

এখন নদী আৰু দুখন মহানগৰী

ইউজিনিৰ সৈতে আমাৰ ৱাকিং ট্যুৰৰ সামৰণি পৰিল পৰ্ট’ৰ দক্ষিণ সীমাত, ডউৰ’ নদীৰ পাৰত ৷  পাৰৰ পৰা নৈসৰ্গিক সৌন্দৰ্য্য সঁচাই বৰ মনোমোহা৷

 তাৰপৰা ইউজিনিয়ে আঙুলীয়াই দেখুৱালে,

”সৌৱা এই নদীৰ সিপাৰে সেইখন বেলেগ এখন মহানগৰ-নাম গয়া 
(Vila Nova de Gaia) ৷”

আমি গয়া মহানগৰীৰ বিষয়ে ইটো সিটো সুধিলো৷ সেইবোৰৰ উত্তৰ দি ইউজিনিয়ে কৈ উঠিল,

”জানানে, চুবুৰীয়াৰ লগত অন্য বহুতৰ থকাৰ দৰে আমাৰো এই গয়াৰ স’তে অলপ প্ৰতিদ্বন্দীৰ ভাব আছে৷ তাতে প’ট’ৰ দৰে গয়া এতিয়াও পৰ্য্যটনৰ আকৰ্ষণ হৈ পৰা নাই বাবে আমি ধেমালিতে গয়াক হাহোঁ!”

আমি ভালকৈ জানিব খোঁজাত ইউজিনিয়ে এনে প্ৰতিযোগিতামূলক ভাবৰ বহুতো উদাহৰণ দি মেলি অৱশেষত এটা কৌতুকেৰে সামৰিলে! প’ট’ৰ মানুহে হেনো কয়,

”The only good thing that people at Gaya can do is to look at Porto"


সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল! ইউজিনিৰ এই চহৰ পৰ্ট’ সঁচাই অনুপম!

Thursday, 8 June 2017

অনলাইন

এইযে দুআষাৰ পাতিলো
স্কাইপৰ পৰ্দাত চকুত চকু থৈ
দুয়ো একেলগে হাঁহিলো
সেইকণ অনলাইন নিবিড়তাই
নিমিষতে যেন এৰি গ’ল
সহস্ৰ অনুভৱৰ বুলনি
আৰু হৃদয়ত  ৰচি গ’ল
এটি সুৰীয়া গীত

সাত সাগৰ তেৰ নদী পাৰ হৈ
তোমাৰ কাষত থিয় দিবগৈ নোৱাৰোঁ
নোৱাৰোঁ এই স্ক্ৰীণৰ পৰিধি ভাঙি
তোমাৰ স’তে একেলগে টানি ল’বলৈ
একেজাক সুগন্ধি বতাহ
অথবা হাতত হাত থৈ ক’ব নোৱাৰোঁ
আহাচোন, দুয়ো মিলি মচি দিওঁ
একাকি সময়ৰ এই ব্যৱধান
মৌনতাই সামৰি থোঁৱা
এই দূৰ-দিগন্তৰ হুমুনিয়াহ

তথাপিও নানা ঢৌ উঠে আৰু নামে
আমাৰ হৃদয়ত, একেলগে
দুয়ো বাট এৰি দিওঁ
স্কাইপ, জিমেইল আৰু হুৱাটছএপ
সকলো উবুৰিয়াই বৈ আহে
ভালপোৱাৰ বোৱঁতী নৈখন 
আমি মাথোঁ আমাৰ হৈ ৰওঁ 
আৰু আমাৰ পৃথিৱী সেউজীয়া
অনলাইন৷

Monday, 15 May 2017

অবোধ্য

তুমি এতিয়াও চিনা নাই
শব্দৰ পৰিধিত সোমাব নোখোঁজা
মোৰ অসহজ অনুভৱবোৰ
শান্ত দুচকুৰ আঁৰত লুকাই থকা
সৰু-বৰ ঢৌৰে উত্তাল সাগৰখন
উচ্ছল হাঁহিৰে সামৰি থোৱা
অবুজ অসহায় কান্দোনবোৰ

তুমি দেখা নাই এতিয়াও
মোৰ বুকুত কি অস্থিৰতাই বাঁহ সাজিছেহি
কিহৰ কোবাল ধুমুহাই
তচনচ কৰি যাব খুঁজি̀̀̀ছে প্ৰাণচাকি
কি এক মায়াই শুহি নিছেহি
জীয়াই থকাৰ আকুলতা

তুমি মাথোঁ দেখি আছা
মোৰ এক কৃত্ৰিম প্ৰতিচ্ছবি
যি জীৱনৰ কাৰুণ্যক চিনা নাই
যাৰ বাবে ভৱিষ্যত এক অধীৰ অপেক্ষা
দিবাস্বপ্নৰ সাতোৰঙী ৰহঘৰা
আকাংক্ষাৰ সহস্ৰ জোৱাৰে
যাৰ দুচকুত তিৰবিৰ কৰে

মোৰ ছাঁ দেখি ভুল নুবুজিবা
তাৰ আঁৰতে মই যে এক নিস্ব: নিকিন সত্য


১৩/০১/২০১৭

Saturday, 6 May 2017

দিদি

তাইৰ আচল নামটো আজিলৈকে নাজানিলো৷ কোনে জানো দিদি বুলি মাতিবলৈ লৈছিল! মনত পৰাৰে পৰা সকলোৱে তাইক দিদি বুলিয়ে মতা শুনিছোঁ৷ ওচৰৰ কেইবাঘৰৰ কাম সামৰি এদিন প্ৰথমবাৰৰ বাবে তাই আমাৰ ঘৰলৈ আহিছিল৷ চুটি-চাপৰ মানুহজনীক ৰং উৰা শাৰীখনে গিলি পেলোৱাৰ দৰে লাগিছিল৷  মাই উলিয়াই লোৱা ঘৰ মচা বাল্টি আৰু কাপোৰখন লৈ  কৈছিল,
’মই মচি দিম দিয়ক৷’
মাই না কৰা নাছিল৷ অচিনাকি চহৰত নতুনকৈ পতা ঘৰখনত মাক সহায়ৰ প্ৰয়োজন হৈছিল ৷ দিদিয়ে সেই শীৰ্ণ দেহাটোৰেই কুঁৱাৰ ৰচী বাৰে বাৰে তল-ওপৰ কৰিছিল, বাল্টিয়ে বাল্টিয়ে ভিতৰলৈ পানী কঢ়িয়াইছিল, কোঠাবোৰ সাৰি-মচি আনিছিল, কুঁৱাৰ পাৰৰ পকাখনত আছাৰি আছাৰি কাপোৰ ধুইছিল৷ আমাৰ স্কুলৰ ইউনিফৰ্মবোৰ চিকচিকিয়া কৰি পেলাইছিল তাই৷

কামৰ শেষত চাহকাপ ভালকৈ খাই লৈ দিদিয়ে তামোল কাটিছিল৷ কাষতে চকী এখন লৈ মাও বহি লৈ তাই সজাই দিয়া তামোলখনলৈ বাট চাইছিল৷ তামোলৰ লগতে দুয়োৰে কথাৰো পাগ উঠিছিল৷ নতুন চহৰত মাৰ লগতে আমাৰ সকলোৰে সুখ-দুখৰ ভাগী হৈ পৰিছিল দিদি৷ ওলাই যোৱাৰ পৰত পুৰণা কাপোৰৰ টোপোলা এটা উলিয়াই দি মাই সুধিছিল,
’কিমান দিম দিদি?’
দিদিয়ে লাজ কৰিছিল৷ কামৰ-ঘন্টাৰ একোৰে ঠিক দাম নাছিল নেকি তাইৰ! মাথোঁ কৈছিল,
’যি দিয়ে দিয়ক৷’
মাই বেছিকৈ জোৰ কৰিলে তাই একেষাৰ কথাকে দোহাৰি থাকিছিল, মাথোঁ প্ৰতিবাৰতে অস্বস্তিখিনি বাঢ়ি গৈছিল তাইৰ৷ অৱশেষত মাই নিজৰ হিচাপমতে গুঁজি দিয়া টকাকেইটা এবাৰো হিচাপ নকৰাকৈ তাই ঘৰমুৱা হৈছিল৷

কিমান দিন চলিছিল এই প্ৰক্ৰিয়া! এবছৰ-দুবছৰৰ মূৰে মূৰে আমি ইটোৰ পিছত সিটোকৈ ভাড়াঘৰ সলনি কৰিছিলোঁ৷ কোনোবাই খৱৰ-ঠিকনা দিছিল নে নাই নাজানো-প্ৰতিটো ঘৰতে দুদিনমানৰ পিছত দিদি ওলাইছিলগৈ ৷আহিয়ে আমাক কয়হি, 
’কি কাপোৰ আছে দিয়া ধুই দিওঁ৷’ 
তেতিয়ালৈ কেৱল ডাঙৰ বিছনা চাদৰ আদিহে মাই উলিয়াই দিবলৈ ল’লে৷ বাকীবোৰ চোন আমি নিজেই ধুব পাৰোঁ৷  কেতিয়াবা একো নাথাকিলেও তাই বহে৷ তামোলৰ বঁটাটো বিচাৰি আনি কাটিবলৈ লাগে৷ চিৰাচৰিতভাৱে মাও বহেহি৷ পুৰণা কাপোৰৰ মোনাটো ডাঙৰ হৈ গৈ থাকে৷ সেইবোৰ একেলগ কৰি দিদিয়ে জাৰৰ দিনৰ বাবে কেথাঁ চিলাই কৰে৷ মাই ভাল শাৰী কেতিয়াবা কিনি আনি দিলেও সেই একেই ৰং উৰা শাৰীখন পিন্ধিয়ে তাই আহে৷ নতুন শাৰীবোৰ কিয় নিপিন্ধে বুলি সুধিলে কয়, সেইখনেৰে জীয়েককহে ভাল দেখিব কাৰণে তাইকেই দিলে  বুলি৷

এদিন মাই মন কৰিলে, চাহৰ লগত দিয়া সকলোবোৰ খাদ্য দিদিয়ে নাখাই নিজৰ মোনাটোত ভৰাই লৈছে৷ কিয় খোৱা নাই সোধাত হেহোঁ নেহোঁকৈ ক’লে,
’ সেই কেকটুকুৰা নাতিনীয়ে খাই বৰ ভাল পাব কিজানি! সেয়ে.....’
মাই দিদিক সেয়া খাবলৈ কৈ নাতিনীৰ কাৰণে বেলেগকৈ টিফিন এটাত ভৰাই দিলে৷ তেতিয়াৰ পৰা মাই দিদিলৈ বিশেষ কিবা কৰিলে নাতিনীলৈ বেলেগকৈ ৰাখিবলৈ ল’লে৷
দিদি

মাজে মাজে দিদিয়ে নাতিনীয়েককো লৈ অহা হ’ল ৷ প্ৰথম দুদিনমান আইতাকৰ শাৰীৰ আচলৰ আঁৰত লুকাই পৰা নাতিনীজনী লাহে লাহে আমাৰ স’তে সহজ হ’ল৷ দিদি আমাৰ ঘৰলৈ আহিবলৈ ওলালে তায়ো আহিবলৈ আব্দাৰ কৰিবলৈ ল’লে৷ দিদিক ক’লো,

’এইক পঢ়াব দেই দিদি৷ যেনেতেন হ’লেও স্কুললৈ পঠাব৷’

সময়ত সঁচাই নাতিনীক স্কুলত নাম লগাই দিলে৷  চৰাইয়ে কূটা কঢ়িওৱা দি দিদিয়ে অ’ৰ ত’ৰ পৰা তাইৰ স্কুলৰ ইউনিফৰ্ম-কিতাপ পত্ৰৰ খৰচ গোটালে৷

এটা সময়ত মাটি কিনি আমাৰ নতুন ঘৰ সঁজালো৷ আমি কলেজলৈ যাবলৈ ল’লো৷ দিদিৰ বাবে আমাৰ ঘৰত কাম কমি আহিল৷ পানীৰ মটৰৰ শব্দই কুঁৱাৰ সৰু বাল্টিটোৰ ’খেটেলেং খেটেলেং’ শব্দটো পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে৷ দিদি আহি কাপোৰ ধুবলৈ বিচাৰিলে মাই ৱাশ্বিং মেশ্বিনটোলৈ দেখুৱাই ’তাতে ধুব পাৰিম দে’ বুলি ক’বলৈ ল’লে৷  তাই আহি ঘৰত কোনোবাই কিবা কামত লাগি থকা দেখিলে কাঢ়ি লৈ নিজে কৰিবলৈ বিচৰা হ’ল৷ যেন বছৰ বছৰ জোৰা এটা প্ৰক্ৰিয়া ইমান সহজে শেষ হ’বলৈ নিদিওঁ বুলিয়ে তাই বদ্ধপৰিকৰ হ’ল৷

দিদিৰ জীৱনতো পৰিৱৰ্তনৰ বতাহে চুই গ’ল৷  পুতেক চামচুলে এখন শাক-পাচলিৰ দোকান আৰম্ভ কৰি দিদিক দোকান চোৱাৰ দায়িত্ব দিলে৷ চামচুলে  পুৱাতে বাছত গৈ লালুকৰ পৰা শাক-পাচলি আনেগৈ আৰু দিদিয়ে দোকানত বহে৷ দোকান আৰম্ভ কৰাৰ পিছৰে পৰা ঘৰে ঘৰে কাম কৰিবলৈ দিদিৰ প্ৰয়োজন আৰু আহৰি নোহোৱা হ’ল৷ তাই তথাপিও মাহেকে-পষেকে আমাৰ ঘৰলৈ আহি থাকিল৷ মাই ’চাহ একাপ খাই যা’ বুলিলে ’এস নাখাওঁ- যাওঁ; কাম আছে’ বুলি জোৰ দি কৈ তাই খিটখিটাই হাঁহে আৰু মূঢ়াটো আনি লৈ বহে৷ কেতিয়াবা আমাৰ প্ৰত্যেকৰে কোঠালৈ গৈ কোনে কি কৰিছে খা-খৱৰ লয়৷ 

মূল বাটৰ কাষৰ বজাৰত দিদিৰ দোকান৷ আমি সেইফালেদি পাৰ হৈ গ’লে নাইবা কিবা কিনো বুলি ল’লে কেনেবাকৈ দিদিৰ চকুত পৰিলে আৰু ৰক্ষা নাই৷ সৰু দোকানখনত বিভিন্ন শাক-পাচলিৰ মাজত বহি থকাৰ পৰাই দিদিজনীয়ে চিঞঁৰ মাৰি মাতে৷ তাইৰ দোকানত থকা শাক-পাচলি নিজৰ ইচ্ছামতে যি পাৰে এফালৰ পৰা বেগত ভৰাই দি পঠায়৷ দাম সুধিলে তাইৰ সদায়ে সেই একেজাতীয় উত্তৰ-
’কিবা এটা দিলেই হ’ব’
আমি অনুমান কৰি কিবা এটাই দি আহোঁ৷

এটা সময়ত আমিবোৰে কলেজো সামৰি ভিন্ন দিশত ঘৰৰ পৰা ওলাই গ’লো ৷ ঘৰলৈ আহিলে গম লৈ লৈ দিদিও আহে৷ আমি খাই ভাল পোৱা বতৰৰ কিবা এটা ফল লৈ আহে ৷ এনে অহা-যোৱা বোৰতে কোনোবা এবাৰ দিদি আহি ক’লে,
’অলপ টকাৰ দৰকাৰ হৈছে৷’
গম পালো, দিদিৰ গেষ্ট্ৰিক আলচাৰ হৈছে৷ দৈন্যতাৰ স’তে অবিৰাম যুঁজি থকা দিদিৰ এই জীৱনত সেয়া হয়তো একো আশ্চৰ্য্য নহয়৷ যি পাৰোঁ দি ক’লো,
’এইবাৰ ৰোজা ৰাখিব নালাগে দেই দিদি৷ এইটো শৰীৰে আৰু লঘোণৰ বোজা ল’ব নোৱাৰে৷’

সেই যে আৰম্ভ হ’ল, দিদিৰ বেমাৰে এৰাৰ নাম নল’লে আৰু লগ পালেই টকা অলপ খোঁজাটো দিদিৰ অভ্যাসৰ দৰে হৈ পৰিল৷ লাহে লাহে দিদিৰ দোকানৰ আলুবোৰ পোকে ধৰিল, শাকবোৰ লেৰেলিল৷ কাষৰ দোকানৰ সতেজ শাক-পাচলিৰ লগত ফেৰ মাৰিব নোৱাৰা হৈ আহিল৷ সেই জৰাজীৰ্ণ শাক-পাচলিখিনি লৈ গ্ৰাহকৰ আশাত বোন্দাপৰ দি থকা দিদিৰ পৰা আমি এনেয়ে দুই এটা কিনিব লগাত পৰিলোঁ৷

হ’লেও দিদি আহি থাকিল৷ সেই একে প্ৰথম দেখা ক্ষীণকায় মানুহজনী৷ দোকানৰ সন্মুখেৰে গাড়ী চলাই যোৱাৰ পৰত মাক ’বাইই.....বাইই’ বুলি চিঞঁৰ মৰাৰ কাৰণে পিছত মাৰ কৃত্ৰিম খং দেখি খিটখিটাই হঁহা দিদিজনী৷

এইবাৰ হেনো  দীঘলীয়াকৈ দুদিনমান দিদিৰ দেখা-শুনা নাছিল৷ কিনো হ’ল বুলি মাই মাত লগাবলৈ দিদিৰ ঘৰ গৈ পাই দেখে, দিদি বিছনাত৷ অস্থি চৰ্মসাৰ শৰীৰটো বিছনাৰ লগত মিলি আছে যেন৷ মাই টকা অলপ দি ভালকৈ ডাক্তৰক দেখুৱাবলৈ কৈ আহিল৷

আৰু আজি খৱৰ আহিল,
’দিদি ঢুকাল!’

জীৱনৰ স’তে যুঁজি যুঁজি দিদি হেৰাই গ’ল৷ শেষ মুহুৰ্তত আপোন মানুহবোৰ পালেনে বাৰু দিদিয়ে- নাতিনীয়েক আছিলনে বাৰু কাষত! দিদিৰ কবৰটোত দিবলৈ ওলালনে বাৰু ফুল কেইপাহমান!আত্মীয়তাৰ এক নতুন স্বৰূপ আমাক সকলোকে শিকাই যোৱা দিদিৰ শেষৰ দিনকেইটা অলপ সহজ হ’লনে তাৰো উমান নাপালো আমি৷ 

দুটোপাল চকুলোকে আপোনাৰ নামত দিলো দিদি-সোঁৱৰণীৰ বাহিৰে দুটা দশকজোৰা এই সম্পৰ্কত দিবলৈ মোৰ যে একোৱে নাই!

Sunday, 16 April 2017

এজাক ৰ’দৰ সন্ধানত (৬): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ


ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

ইউজিনিৰ চহৰত এদিন

পৰ্ট’ত আমাৰ সময় কম আছিল৷ মহানগৰখন সৰু যদিও আমাৰ তাত চাবলগীয়া ঠাইৰ তালিকা দীঘল৷ সেয়ে তিনিও আলোচনা কৰি ঠিক কৰিলোঁ, ৱাকিং ট্যুৰ এটা কৰা যাওক৷ ট্যুৰত এদিনতে মূল আকৰ্ষণবোৰ চাব পাৰিম আৰু স্থানীয় পৰ্টুগীজ গাইডৰ পৰা বহু কথা জনাও হ’ব৷ তাৰোপৰি তাৰে কোনো ঠাইলৈ আকৌ ইচ্ছা কৰিলে পিছত গৈ মনৰ জোখাৰে সময়ো কটাব পৰা হ’ব৷ 



কথামতে কাম৷ পৰ্ট’ৰ বিনামূলীয়া ৱাকিং ট্যুৰসমূহৰ বিষয়ে অনলাইন খুঁচৰি চালো৷ চকুত পৰিল, এটা বিশেষ ট্যুৰৰ ৰিভিউ খুউব ভাল৷ পূৰ্বতে এই ট্যুৰ কৰা প্ৰায়ভাগ লোকেই গাইড ইউজিনিৰ প্ৰশংসাত পঞ্চমুখ৷ ট্যুৰটো ইমানেই জনপ্ৰিয় যে বিনামূলীয়া হ’লেও আগদিনাই বুকিং কৰিলেহে পোৱা যায়৷ আমি দস্তুৰমত উৎসাহী হৈ উঠিলো৷ ঠিক হ’ল, ইউজিনিৰ এই ট্যুৰেই কৰা যাওক৷ আগনিশাই মেইল কৰি বুক কৰিলো৷ নিশা যা- যোগাৰ, ৰন্ধা-বঢ়াৰ মাজতে বীৰে আহি ক’লেহি, 



”ইউজিনি ধুনীয়া নাম, নহয়?” 

প্ৰজ্ঞাই ৰস পালে তাৰ কথাত৷ জোকাবলৈকে কৈ উঠিল, 

”এস! তোৰ মনে খাইছে নেকি বাৰু?” 
”নাই , কথাটোহে কৈছোঁ!” 
ময়ো প্ৰজ্ঞাৰ সুৰতে সুৰ মিলাই ক’লো, 



”বীৰ, এনেকৈ কাম নচলিব দেই৷ ইউজিনিক দেখুৱাবলৈ পৰ্টুগীজত দুই-এষাৰ সলসলীয়াকৈ ক’ব পাৰিবতো লাগিব৷ নহ’লে তোলৈ ঘুৰিও নাচাব৷” 



নিশা খাই বৈ শুবলৈ যোৱাৰ পৰত দেখা পালো, বীৰে সঁচাই অনলাইন পঢ়ি পঢ়ি আওৰাই আছে, 



”এক্সিউজ মি, কম লিচেন্সা৷ ছ’ৰি-ডিস্কুলপা৷ তুমি বৰ ধুনীয়া-ভ’চিএ টাও প্ৰিয়’টি............” 


পিছদিনা পুৱা সাত বজাতে আমাক নিৰ্দেশনাত কোৱাৰ দৰে পৰ্ট’ বিশ্ববিদ্যালয়ৰ সন্মুখত লায়’ন স্কুৱাৰত আমি থিয় দিলোগৈ৷ কিছুপৰৰ পিছতেই আমাক হাঁহিৰ খোৰাক যোগাই কিন্তু বীৰৰ সকলো কৌতুহল আৰু উৎসাহ নিৰ্বাপিত কৰি ইউজিনি আমাৰ কাষ চাপি আহিল৷ চুটি চুলি আৰু উজ্জল মুখেৰে এগৰাকী পঞ্চাছোৰ্ধৰ মহিলা! 

তেতিয়ালৈ সেই ঠাইত বিভিন্ন দেশৰ অন্য কেইবাজনো পৰ্য্যটক গোট খাইছিল৷ ইউজিনিয়ে আমাৰ সকলোৰে পৰিচয় ল’লে৷ তেওঁ নিজৰ বিষয়েও সংক্ষেপে ক’লে৷ আগতে ইতিহাসৰ শিক্ষক আছিল তেওঁ৷ বৰ্তমান অৱসৰ লৈ নিজৰ এই মহানগৰৰ অলিয়ে গলিয়ে পৰ্য্যটকক লৈ ফুৰি পৰ্ট’ৰ ইতিহাস সোৱঁৰাতে তেওঁ ব্যস্ত৷ এবাৰ চিনাকিতে দলৰ সকলোৰে নাম আৰু ঠিকনা ইউজিনিয়ে অকণো খেলিমেলি নকৰাকৈ মনত ৰখা দেখি আমি আচৰিতেই হ’লো৷ মানুহৰ নাম মনত ৰাখিব পৰাটো পাৰদৰ্শী যোগাযোগকাৰীৰ চিন হেনো৷ বুজিলো, কিয় এই পদযাত্ৰাৰ বিষয়ে সকলোৱে কিয় ইমান প্ৰশংসা কৰিছিল৷ মোৰ চিন্তাত যতি পেলাই ইউজিনিয়ে তেওঁৰ সৰু স্পিকাৰটোত কৈ উঠিল, 

”ৱেলকাম ট্যু মাই চিটি৷ প্ৰথমে তোমালোকক চমুকৈ পৰ্ট’ৰ ইতিহাসৰ এটা আভাস দিম৷ খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত পৰ্টৰ ডউৰ’ নদীৰ পাৰত পোনপ্ৰথমে মানুহে বসতি স্থাপন কৰিছিল৷ ঠাইখনৰ নাম আছিল পৰ্টুকালে (Portucale)৷ এই নামৰ পৰাই চহৰখনৰ নাম পৰ্ট’ আৰু এই দেশৰ নাম পৰ্টুগাল হয়গৈ৷ আমাৰ ইতিহাসৰ এজন গুৰুত্বপূৰ্ণ পথপপদৰ্শক হ’ল প্ৰিন্স হেনৰি (Prince Henry the Navigator)৷ তেওঁৰ এই পৰ্ট’ চহৰতে জন্ম হয়৷ তেওঁৰ মাক লেংকেষ্টাৰৰ ৰাণী ফিলিপা আৰি পৰ্টুগালৰ ৰজা প্ৰথম জাও (Joao I) ৰ বিয়াও এই চহৰতে হৈছিল৷ এই বিয়াৰ ফলতে পৰ্টুগাল আৰু ইংলেণ্ডৰ মাজৰ খুউব ভাল সম্পৰ্ক এটা গঢ়ি উঠে৷ এই ৰাজকোঁৱৰ হেনৰীয়ে পৰ্টুগালক ইউৰোপৰ সাগৰীয় অভিযান তথা বাণিজ্যৰ কেন্দ্ৰবিন্দু কৰি তোলাত বিশেষ ভূমিকা লৈছিল৷ ১৫ শৰ পৰা ১৭ শতিকালৈ এই সময়ছোৱাত তেওঁৰ তত্ত্বাবধানত অৰ্থনৈতিক ক্ষেত্ৰত মোৰ এই চহৰখন দোপত দোপে আগুৱাই গৈছিল৷” 

মন কৰিলো, ইউজিনিয়ে পৰ্ট’ক প্ৰায় সকলো সময়তে ’মাই চিটি’ বুলিয়ে দোহাৰে আৰু শব্দ দুটাত বিশেষভাৱে জোৰ দিয়ে৷ 

”আমি আজি কেইঘন্টামান মোৰ এই চহৰৰ অলিয়ে গলিয়ে খোঁজ কাঢ়ি ইতিহাস খুঁচৰিম৷ তোমালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মই খুবেই ভাল পাম৷ আশাকৰোঁ তোমালোকেও এই সময়খিনি উপভোগ কৰিবা৷” 

ইউজিনিৰ স’তে আমাৰ বাৰজনীয়া দলটোৱে খোঁজ দিবলৈ আৰম্ভ কৰিলে৷ দুখোঁজমান দিয়ে দোকান পোহাৰেৰে এটা ব্যস্ত এলেকাত সোমাই পৰিলো৷ ভিতৰলৈ নগৈ ইউজিনি বাটতে থমকি ৰ’ল৷ সন্মুখত দেখা পালো, ৰেষ্টুৰাঁ-দোকান বজাৰৰ লানিৰে এটা বৃহৎ ঘৰ৷ মুধচত সেউজীয়া ঘাঁহ, ঘাঁহৰ মাজে মাজে শাৰী শাৰীকৈ গছ৷ ইউজিনিয়ে ক’লে, 

Jardim das Oliveiras ৰ মুধচত অলিভ গছ 

”মুধচত এইবোৰ কি গছ ক’ব পাৰানে?” 


”অলিভ”-দলৰ কানাডাৰ পৰ্য্যটকজনে মাত দিলে৷ 


”ঠিকেই৷ এই ঠাইখনৰ নাম Jardim das Oliveiras৷ মোৰ চহৰৰ সৰ্ববৃহৎ সেউজ মুধচ (green roof)৷ মুধচৰ ওপৰত পঞ্চাছৰো অধিক অলিভ গছ আছে আৰু তলত বিভিন্ন দোকান-পোহাৰ আৰু ৰেষ্টুৰাঁ৷ এই ঠাইখন কেইবছৰমানৰ আগতেহে বনোৱা হৈছে অৱশ্যে৷



পৰ্ট’ৰ ঠেক ওখ-চাপৰ শিলৰ বাটবোৰেৰে ইউজিনিয়ে আমাক আগুৱাই লৈ গ’ল৷ ইউজিনিয়ে চিৰপৰিচিত এগৰাকীৰ দৰেই আমাক সকলোকে নামেৰে সম্বোধন কৰি ইটো সিটো দেখুৱাই আহিছে৷ নিজৰ চহৰখনৰ ঐতিহ্য সম্পৰ্কে বহিৰাগত এটা দলৰ আগত এখন ছবি আঁকিবলৈ পাই যেন ইউজিনিৰ গৌৰৱ আৰু উৎসাহৰ অন্ত নাই৷ সেয়া লুকুওৱাৰো চেষ্টা কৰা নাই তেওঁ৷



আমাৰ পদযাত্ৰা আৰম্ভ কৰাৰ পৰত কিনকিনিয়া বৰষুণ এজাক আছিল যদিও তেতিয়ালৈ বতৰ দাঙিলে৷ ইউজিনিক অনুসৰণ কৰি আহি আমি থিয় দিলোহি এটা প্ৰকাণ্ড গীৰ্জাৰ সন্মুখত৷ পটুৰ্গীজ নাম- ’Torre dos Clérigos’৷ গীৰ্জাটোৰ পশ্চিম দিশত গ্ৰেণাইটৰ এটা স্তম্ভ৷ তাৰ শীৰ্ষত এটা ঘুৰণীয়া ঘড়ী৷ এই ক্লেৰিগ’ছৰ গীৰ্জাটো পৰ্ট’ৰ এটা উল্লেখযোগ্য আকৰ্ষণ৷ ইউজিনিয়ে ক’লে,


”ওঠৰশ শাতিকাত ইটালীৰ এগৰাকী স্থাপত্যবিদ নিকলাও নাচনি (Nicolau Nasoni) য়ে এই গীৰ্জাৰ আৰ্হি তৈয়াৰ কৰিছিল৷ তোমালোকে আজি আমাৰ ট্যুৰতে দেখিবা, পৰ্ট’ৰ চুকে কোণে তেওঁ নিৰ্মাণ কৰা ভালেসংখ্যক ঘৰত তেওঁৰ চহী খোদিত আছে৷”

গ্ৰেণাইটৰ ওখ স্তম্ভটোলৈ আঙুলীয়াই আমাৰ দলৰ কেকোঁৰা চুলিৰ শ্বেতাংগ ছোৱালীজনীয়ে সুধিলে,

”সেই স্তম্ভটোৰ ওপৰলৈ যাব পাৰিনে?”

ইউজিনিয়ে যেন সেই প্ৰশ্নটোলৈকে বাট চাই আছিল৷ মিচিকিয়া হাঁহি এটাৰে তেওঁ ক’লে,

”হয় হয়-দুই ভৰি ভালকৈয়ে কামত লাগিব পৰাকৈ ওপৰলৈকে খটখটী আছে৷ ১৯১৭ চনত পোণপ্ৰথমে দুগৰাকী স্পেনিচ লোকে বাহিৰৰ পৰা এই স্তম্ভৰ শীৰ্ষলৈকে আৰোহণ কৰিছিল৷ এতিয়াহে পৰ্য্যটকৰ বাবে স্তম্ভৰ ভিতৰেদি একেবাৰে শীৰ্ষলৈ খটখটীৰ ব্যৱস্থা কৰিছে৷”

দিনটোৰ পিছৰ পৰিকল্পনাবোৰৰ কথা মনত পেলাই আমি সেই চিন্তা বাদ দিলো৷ এইবাৰ ’Rua dos Clérigos’ গলিয়েদি আমৰ দলটো ঘুৰিল৷ সেইবাটেৰে পাঁচমিনিটমান খোঁজ কাঢ়ি গৈ বাওঁহাতে ঘুৰিয়ে আমি মুখামুখি হ’লো, এক আহল-বহল কাৰুকাৰ্য্যৰে ভৰা বাটৰ৷ এয়াই পৰ্ট’ মহানগৰীৰ কেন্দ্ৰবিন্দু বিখ্যাত ’Praça da Liberdade’ বা লিবাৰ্টি স্কোৱাৰ৷ বাটৰ সিমুৰত এটা বিশালকায় অট্টালিকা- ’Monumento a Garrett’| পৰ্টুগালত ৰোমান্টিক আন্দোলনৰ উন্মেষ ঘটোৱা বিখ্যাত কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ এলমেইডা গেৰেট (Almeida Garrett) ৰ সোঁৱৰণত এই নাম দিয়া হৈছে, ইউজিনিয়ে জনালে৷ 
স্কোৱাৰৰ মাজভাগত ৰজা চতুৰ্থ পিটাৰৰ এটা বৃহৎ প্ৰতিমূৰ্ত্তি৷ এটা ঘোঁৰাৰ ওপৰত বহি এখন হাতেৰে সংবিধানখন লৈ থকা অৱস্থাত৷ এই প্ৰতিমূৰ্ত্তি ফৰাচী স্থাপত্যপিদ এনাট’লে কালমেলছ (Anatole Calmels) এ নিৰ্মাণ কৰাৰ পিছত ১৮৬৬ চনত স্থাপন কৰিছিল৷এটা ঘোঁৰাৰ ওপৰত উঠি আছে যুদ্ধংদেহি মনোভাৱেৰে৷ এখন হাতত এখন সংবিধান৷ লিবাৰেল যুদ্ধৰ সময়ত তেওঁ সংবিধান প্ৰদত্ত অধিকাৰ সমূহৰ প্ৰতিৰক্ষাৰ বাবে যুঁজ দিছিল৷ সেই বাবেই এই সংবিধান!

স্কোৱাৰৰ দক্ষিণদিশত কাৰ্দ’ছাছ মহল (Palácio das Cardosas) আটাইতকৈ প্ৰাচীন ঘৰ৷ ১৭৭৮ চনত ছেইন্ট এলিজিয়াছৰ নিৰ্দেশমতে এই মহলটো নিৰ্মাণ কৰা হৈছিল৷ লিবাৰ্টি স্কোৱাৰৰ কেইবাটাও বৃহদাকাৰ অট্টালিকা বেংক, হোটেল আদিয়ে অধিকাৰ কৰি আছে৷

স্কোৱাৰৰ প্ৰতিমূৰ্ত্তিবোৰৰ আগত আমাৰ ফটো তোলা কাৰবাৰ শেষ হোৱাৰ পিছত আমি সেইবাটেৰেই পোনে পোনে আগবাঢ়িলো৷ পাঁচমিনিটৰ পিছতে আমাৰ দলটো থিয় দিলেহি এখন মেকড’নাল্ডৰ সন্মুখত৷ ইউজিনিয়ে মাইক্ৰফোনটো ওচৰলৈ আনি কৈ উঠিল,

”তোমালোকে চাগৈ ভাবিছা, পৰ্ট’ মহানগৰ দেখুৱাবলৈ আনি মই মেকড’নাল্ডৰ সন্মুখহে পোৱালোহি বুলি! কিন্তু নহয়৷ এইখন মেকড’নাল্ড অন্যবোৰৰ দৰে সাধাৰণ এখন মেকড’নাল্ড নহয়! এইখন বিশ্বৰ ভিতৰতে সবাতোকৈ ধুনীয়া মেকড’নাল্ড বুলি মানুহে কয়৷ কিন্তু এই ঠাইখনৰ এক ইতিহাস আছে৷ সন্মুখৰ এই ঈগলটো মন কৰাচোন৷” আমাৰ চকুত পৰিল, সোণালী আখৰেৰে লিখা মেকড’নাল্ডৰ নাম- তাৰ ঠিক ওপৰতে পাখি মেলি ৰৈ থকা ঈগল চৰাই এটাৰ প্ৰতিমূৰ্ত্তি ৷ দেখাতেই প্ৰাচীনতাৰ উমান পোৱা যায়৷

ইউজিনিয়ে ক’লে,
”তোমালোকে সকলো মেকড’নাল্ডখনৰ ভিতৰলৈ গৈ এবাৰ ভালকৈ চাই আহাগৈ- ইয়াৰ মুধচ আৰু চাৰিবেৰৰ কাৰুকাৰ্য্য আদি সকলোখিনি৷ চাই আহি এই ঠাইৰ ইতিহাসৰ বিষয়ে তোমালোকে কি অনুমান কৰা শুনোচোন৷”

আমি সকলো উৎসুকতাৰে ভিতৰলৈ সোমাই গ’লো৷ ইউজিনি বাহিৰতে থিয় দি ৰ’ল৷ তেওঁ হয়তো প্ৰতিদিনৰ ট্যুৰত ইয়ালৈ কিমানবাৰ আহিছে তাৰ লেখ-জোখ নাই৷ মেকড’নাল্ডৰ কৰ্মকতাসকলে হয়তো এনেকৈ দলে দলে পৰ্য্যটকৰ আমনি পোৱাত অভ্যস্ত৷ সেয়ে একোকে খাবলৈ অৰ্ডাৰ নকৰি গোটেইখন পিটপিটাই ফুৰা স্বত্বেও আমাক কোনেও বিৰক্তিভাৱ নেদেখুৱালে৷

ভিতৰৰ কাৰুকাৰ্য্যবোৰ সঁচাই চকুতলগা৷ স্ফটিকৰ আইনাত কফিৰ প্ৰস্তুতিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ ৰঙীণ ছবি, বেৰত বিভিন্ন নৃত্যৰ মুদ্ৰাৰ খোদাই কৰা সোণালী প্ৰতিমূৰ্ত্তি, মনোমোহা চেণ্ডেলিয়াৰ৷ আমি ওলাই আহি ইউজিনিৰ লগ লোৱাৰ পিছত তেওঁ ক’লে, এইখন প্ৰকৃততে ১৯৪০ চনৰ এখন ঐতিহাসিক কেফে যাৰ নাম আছিল ইম্পেৰিয়েল কেফে৷ কেইবামহলীয়া এই কেফেত এটা ডাঙৰ হলঘৰৰ সৈতে পৃথক বিলিয়াৰ্ডছৰ কোঠা, বেলকনি, লাউঞ্জ আদি আছিল৷ মেকড’নাল্ডে অধিগ্ৰহণ কৰাৰ পিছতো অৱশ্যে ঐতিহাসিক কেফেখনৰ সৌন্দয্য হানি নোহোৱাকৈ প্ৰাচীন আৰু আধুনিক কাৰুকাৰ্য্যৰ এক সমতা ৰাখিছে৷ 

Saturday, 25 March 2017

এজাক ৰ’দৰ সন্ধানত (৫): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন


বাৰ্চিলোনাৰ পৰা প’ৰ্ট’লৈ দুঘন্টাৰ ফ্লাইট৷ পুৱাতে ফ্লাইট আছিল৷ যোৱাৰ আগনিশা৷ আমি তিনিও বাৰ্চিলোনাৰ এপাৰ্টমেন্টত বস্তু সামৰা আৰু পিছদিনাৰ যাত্ৰাৰ যা-যোগাৰত ব্যস্ত৷ মই প’ৰ্ট’ত বুক কৰি থোৱা এপাৰ্টমেন্টৰ গৰাকীলৈ মেইল কৰিবলৈ বহিলো৷ এপাৰ্টমেন্টটো পৰ্ট’ৰ চিটি চেন্টাৰতে আছে৷ গৰাকীক জনালো যে আমি পিছদিনা পুৱাতে পামগৈ৷ তেনেকুৱাতে বীৰে আহি মাত দিলেহি,



”এপাৰ্টমেন্টৰ ঠিকনাটো আকৌ এবাৰ গুগুল মেপত চাই লওঁ দেচোন৷”



লেপটপটো আগবঢ়াই দিলো৷

সি ঠিকনাটো দি ষ্ট্ৰীট ভিউ উলিয়ালে৷ ক’লো,

”কাইলৈ গৈ এনেও দেখিমেই৷ এতিয়া ঠিকনাটো এবাৰ ভালকৈ চাই লৈ বস্তু সামৰাৰ কামত লাগচোন৷”

বীৰে এবাৰ মোৰ ফালে চাই ক’লে,

”নাই নাই, মই মাথোঁ আশে-পাশে ঠাইখন যাতে খেলিমেলি ধৰণৰ নহয় থাকে চাই ল’ব খুজিছোঁ৷!”

মোৰ খোঁকোজা লাগি গ’ল৷ কি কয় সি! মোৰ মুখৰ বিব্ৰত দৃষ্টি দেখি সি ক’লে,

”তই এতিয়াও গম নাপাৱ!”

শোৱাকোঠাৰ পৰা প্ৰজ্ঞা ওলাই আহিল৷ হয়তো আমাৰ কথা-বতৰা শুনিয়ে৷ আহি তাই মোৰ সন্মুখৰ চকীখন টানি বহি ল’লে,

”আচলতে এইটো কথা কোৱাই হোৱা নাছিল তোক৷ অহাৰ দুদিনমান আগতে মোৰ পৰ্টুগীজ বন্ধু ৰুইৰ লগত কথা পাতিছিলো৷ তেতিয়াহে গম পালো, আমি প’ৰ্ট’ত বুক কৰা এপাৰ্টমেন্টটো থকা ঠাইখন হেনো পাঁচবছৰমান আগলৈকে ৰেড লাইট এৰিয়া আছিল!”

মই কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো যেন৷ মোৰ কি প্ৰতিক্ৰিয়া হ’ব যেন ঠিৰাং কৰিবই নোৱাৰিলো৷ এতিয়াও তেনে ঠাই হৈ থকা হ’লে দস্তুৰমত আপত্তি কৰিলোঁহেতেন৷ কিন্তু সেয়া যদি সঁচাই অতীত তেনে সংকোচৰ থল নেদেখিলো৷ যি হ’ব দেখা যাব বুলিয়ে ধৰি ল’লো৷ 

পৰ্ট’ এয়াৰপৰ্টৰ পৰা আমি থাকিবলগীয়া ঠাইখনলৈ প্ৰায় চল্লিশমিনিটমানৰ মেট্ৰ’ৰ যাত্ৰা৷ এটা ৰ’দোজ্জল দিন৷ মেট্ৰ’ মাটিৰ তলৰ সুৰংগৰে নগৈ বেছিভাগ দুৰত্ব ওপৰেৰে গ’ল বাবে দু্য়োকাষৰ ঠাইখন চাই যাবলৈ সুবিধা হ’ল৷ বাটৰ দুয়োকাষেৰে পাৰ হৈ গ’ল শাৰী শাৰী পৰম্পৰাগত ৰঙা টাইলেৰে সজোৱা ঘৰবোৰ ৷ বাৰ্চিলোনাৰ দৰে পৰ্য্যটকৰ ভিৰ চকুত নপৰিল৷ মেট্ৰ’ৰ বাহিৰে-ভিতৰে সুগঢ়ী পৰ্টুগীজসকলেই গিজগিজাই আছিল৷ অৱশেষত নামিলোগৈ ট্ৰিনিডাড নামৰ মেট্ৰ’ ষ্টেচনটোত৷ নামিয়েই প্ৰজ্ঞাই ক’লে,

”পৰ্ট’ আমাৰ ভাল লাগিব, এইকণ বাট আহিয়ে গম পাই গ’লো!”

মই সন্মত নোহোৱাকৈ নোৱাৰিলো৷ প্ৰথম দেখাতেই ভাল লাগি যোৱা সৰু আটোমটোকাৰী এখন চহৰ! এপাৰ্টমেন্টৰ এজেন্ট গৰাকীয়ে মেট্ৰ’ষ্টেচনৰ পৰা এপাৰ্টমেন্ট উলিয়াবলৈ সকলো পথ নিৰ্দেশনা সুন্দৰকৈ মেইলকত দি থৈছিল৷ গতিকে অকণো অসুবিধা নোহোৱাকৈ খোঁজেৰেই গৈ ওলালোগৈ৷ ঘৰতকৈ বেছিকৈ আমাৰ মনত দোলা দি আছিল এই এলেকাৰ শুনি অহা ইতিহাসে৷ পিছে এলেকাটোৰ চাৰিওকাষে চকু ফুৰাই একো আপত্তিজনক নেদেখিলো! বৰং আচৰিতহে হ’লো, চিটি চেন্টাৰৰ ইমান কাষতে ৰেড লাইট এৰিয়া কেনেকৈ চলি আছিল সেয়া ভাবি৷ 

ঘৰটোৰ নাম-”অ’ পৰ্ট’ নাও”৷ মূল পথৰ লগতে লাগি থকা তিনি মহলাৰ এটা ঘৰ৷ এজেন্টজনে আমালৈকে বাট চাই আছিল৷ একেবাৰে ওপৰৰ মহলালৈ লৈ গৈ ক’লে, 

’দ্য এনটায়াৰ ফ্ল’ৰ ইজ ইয়ৰছ!’

সোমায়েই মন জুৰাই গ’ল৷ সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধা থকা আটোমটোকাৰি এটা এপাৰ্টমেন্ট৷ এজেন্ট গৰাকীয়ে নেদেখাকৈ আমি তিনিও ইটোৱে সিটোৰ সৈতে দৃষ্টি বিনিময় কৰিলোঁ৷ চকুৰ ভাব,

”ইমান কম দামতে এনে সুবিধাজনক ধুনীয়া এপাৰ্টমেন্ট!”

অ’ পৰ্ট’ নাউৰ একাংশ
আমাক সকলো চমজাই, দৰকাৰী কথাখিনি বুজাই এজেন্টজন গ’লগৈ৷ তেওঁ যোৱাৰ পিছত ধুৰি পকি এপাৰ্টমেন্টটো চালো৷ শোৱাকোঠা আৰু পাকঘৰ দুয়োটাতে আহল-বহল বেলকনি৷ দুয়োটা দিশতে বেলকনিৰ পৰা সন্মুখৰ মূল পথ দেখা পোৱা যায়৷ মোৰ উজ্বলি উঠা মুখখন দেখিয়ে হ’বলা প্ৰজ্ঞাই জোকাবলৈকে মাত দিলে,

”এটা সময়ত চাগৈ কিমান ব্যস্ত আছিল এই এপাৰ্টমেন্ট! এইটোৱে কিমান ৰঙীণ সময়ৰ সাক্ষী হৈ ৰৈছে কোনে জানে, নহয়?”

হাঁহি উঠি গ’ল আমাৰ৷ বীৰে যোগ দিলে,

” ইমানকৈ বেলকনি কিয় বুজিছই নহয়?”

মই বোলো,

”ঠিকেই, মেৰিলিন মনৰোৰ ”উ-হো” মুহূৰ্ত্তবোৰৰ কাৰণেই নহয়?”

(এই ’উ-হো’ মুহূৰ্ত্তৰ কথা মনত নপৰিলে পূৰ্বৰ বাৰ্চিলোনাৰ খণ্ডত চকু ফৰাই চাওক-লা ৰাম্বালাত এটি সন্ধিয়াৰ চমক)

তিনিও হো-হোৱাই হাঁহি উঠিলো৷ এই কথাটোৱে ঘুৰি পকি আহি আহি অ’পৰ্ট’ত থকা গোটেই সময়খিনি আমাৰ আড্ডা ৰসাল কৰি দিলেহি৷

ট্ৰিপেৰ’ৰ দেশত প্ৰথম দিন :

পৰ্ট’ত প্ৰথম দিনাই স্থানীয় খাদ্যৰ জুতি লোৱাৰ ইচ্ছা হ’ল৷ এপাৰ্টমেন্টৰ এজেন্ট গৰাকীকে বীৰে সুধিলে ওচৰত এনে খাদ্য পোৱা ৰেষ্টোৰাঁৰ ঠিকনা৷ তেওঁৰ পৰামৰ্শ মতে আমি ওলাই গ’লো৷ 'Restaurante Abadia do Porto'

এখন সৰু ৰেষ্টোৰাঁ প্ৰায় সকলোবোৰ অভ্যগতই পৰ্টুগীজ লোক৷ বুজিলো, স্থানীয় লোকসকলৰ মাজত জনপ্ৰিয় এই ৰেষ্টোৰাঁ৷ বয়সস্থ ৱেইটাৰ এগৰাকীয়ে আথেবেথে আমাক এচুকত বহিবলৈ দিলে৷ 

খাদ্যৰ মেন্যুখন হাতত লৈ আমি ইটোৱে সিটোৰ মুখলৈ চোৱাচোৱিহে কৰিবলৈ বাধ্য হ’লো৷ খাদ্যৰ তালিকাৰ এটা নামো পৰিচিত নহয়৷ পৰ্টুগীজ খাদ্যৰ বিষয়ে আমাৰ তৰাং জ্ঞানৰ বুজ পায়ে হবলা ৱেইটাৰ গৰাকী আগবাঢ়ি আহিল৷ মানুহজন তেজগোৰাঁ মুখ-জোঙা নাকেৰে প্ৰথম দেখাতে পৰ্টুগীজ বুলি ধৰিব পাৰি৷ সুন্দৰ ইংৰাজীৰে তেওঁ ক’লে,

”মই কিবা সহায় কৰিব পাৰোঁনে?”

”আমি স্থানীয় পৰ্টুগীজ খাদ্য খাব খুজিছোঁ৷ কোনবিধ ভাল হ’ব বাৰু?”-মই মাত দিলো৷

মিঠা হাঁহি এটাৰে মেন্যুখন মোৰ হাতৰ পৰা লৈ তেওঁ ক’লে,

”আমিষ নে নিৰামিষ খোৱাৰ ইচ্ছা?”

”আমিষ”

”তেনে মোৰ পৰামৰ্শ হ’ব তুমি ’ট্ৰাইপ’ৰ সোৱাদ লৈ চোৱা৷ এইবিধ খুবেই জনপ্ৰিয় পৰ্টুগীজ খাদ্য৷”

তেনেদৰে তেওঁ বীৰ আৰু প্ৰজ্ঞাকো নিৰামিষ আহাৰৰ পৰামৰ্শ দিলে৷ আমি বিনাপ্ৰশ্নৰে তেওঁৰ উপদেশ মানি ল’লো৷ অৰ্ডাৰ কৰা মতে খাদ্য আহিল৷ মোৰ ’ট্ৰাইপ’ আহিল মজলীয়া আকাৰৰ বাতি এটাত৷ কুকুৰাৰ মাংস আৰু কিবা বীন এবিধৰ জোল৷ বৰ হেপাঁহেৰে মুখত দিলো৷ পিছে সেই হেপাঁহ বেছিপৰ নাথাকিল৷ অতি সোনকালেই বুজি পালো, কুকুৰাৰ মাংসবোৰ সকলো নাড়ী-ভুৰুহে৷ চোবাবলৈকে বৰ কষ্ট পালো৷ কিছুপৰ যত্ন কৰিয়ে বাদ দিবলৈ বাধ্য হ’লো৷ নষ্ট কৰিবলৈ বেয়া পাই গোটেইখিনি ট্ৰাইপ এপাৰ্টমেন্টলৈ কঢ়িয়ালো৷ পৰ্ট’ত থকা গোটেইকেইটা দিন যুঁজিহে যুঁজিহে এবাতি ট্ৰাইপ শেষ কৰিব পাৰিলো৷

সেই বিখ্যাত ট্ৰাইপ বাতি 

পিছতহে গম পালো, এই খাদ্যৰ আঁৰৰ প্ৰকৃত ইতিহাস ৷ কিংবদন্তী মতে ১৪১৫ চনত উত্তৰ আফ্ৰিকাত সাগৰৰ পাৰত কা চেওটা (Ceuta) নগৰী জয় কৰিবলৈ অভিযানত ওলোৱা বিশাল পৰ্টুগীজ সৈন্যবাহিনীৰ বাবে সমগ্ৰ পৰ্ট’ নগৰবাসীয়ে সকলো মাংস দান কৰিলে৷ ফলত নগৰবাসীৰ বাবে মাথোঁ ৰৈ গ’ল পেটত নাড়ী-ভুৰুবোৰ৷ অভাৱেই আৱিষ্কাৰৰ মূল, এই আপ্তবাক্যষাৰিকে সৰোগত কৰি নগৰবাসীৰে নাড়ী-ভুৰুৰেই সৃষ্টি কৰিলে ’ট্ৰাইপ’ৰ ৰন্ধন প্ৰকৰণ৷ চেওটাৰ বিজয়ে পৰ্টুগীজসকললৈ কঢ়িয়াই আনিলে আফ্ৰিকাত উপনিবেশ স্থাপনৰ সোণালী সুযোগ৷ সেই তাহানিৰে পৰা প’ৰ্ট’বাসীৰ বাবে ’ট্ৰাইপ’ এক দেশপ্ৰেম আৰু গৌৰৱৰ ইতিহাসেৰে মহিমামণ্ডিত সুস্বাদু খাদ্য হৈ পৰিল৷ এই ট্ৰাইপ’ৰ বাবেই পৰ্ট’বাসীৰ অন্য এক নাম হ’লগৈ-ট্ৰিপেৰ’৷