Wednesday 9 June 2021

কানাডাৰ ডায়েৰী (১): কনাক নামৰ কাউৰীটো

প্ৰথমে খৱৰটো শুনিলো বান্ধৱী এলাইডাৰ মুখত৷ আমাৰ নিয়মীয়া সান্ধ্যভ্ৰমণৰ সময়ত৷ সেইদিনা পেচিফিক স্পিৰিট পাৰ্কৰ প্ৰৱেশপথত তাইলৈ ৰৈ ৰৈ ঘড়ীটোলৈ চাবলৈ আৰম্ভ কৰিছিলো মই৷ সচৰাচৰ আমি দুয়ো ঠিক সময়তে সেই ঠাইতে লগ হওঁহি৷ কেতিয়াবা কাচিৎ এগৰাকীৰ অলপ পলম হ’লেই অন্যগৰাকীৰ মন উচপিচাবলৈ ধৰে,

’সকলো ঠিকেই আছেতো!’

অতিমাৰীৰ সময়! মুহুৰ্ত্ততে জীৱনৰ ছন্দত আউল লাগি পৰাৰ সময় এয়া৷ সেয়ে নিজৰ অজানিতেই আমিবোৰ যেন চিৰন্তন উৎকন্ঠাৰ এক বৃত্তত সোমাই পৰিছোঁ৷ দিনে-নিশাই ঘুৰি পকি সেই একেই উৎকন্ঠা৷ সকলো ঠিকেই আছেতো!

কিছুসময়ৰ পিছতে অলপ বিতত ভাৱেৰে এলাইডা ওলালেহি৷ মই কিবা সুধিবলৈ পোৱাৰ আগতেই তাই কৈ উঠিল, 

’জানা, কাউৰীৰ আক্ৰমণৰ পৰা কোনোমতে বাচি আহিছোঁ আজি!’ 

মই হো-হোৱাই হাঁহি উঠিলো৷ অতিমাৰীৰ উৎকন্ঠাৰ পৰা কাউৰীৰ আতংক! তাকো ভেনকুভাৰ মহানগৰীত!

মোৰ হাঁহিলৈ পৰোৱাই নকৰি এলাইডাই বেছ গহীনভাৱেৰে ক’লে,
’I am not kidding!  ঘৰৰ পৰা ওলাই দুখোজমান দিছোঁহে, বাটৰ একাষৰ পৰা আহিল নহয় কাউৰী এটা! একেবাৰে মোৰ মূৰৰ ফালেই চো মাৰি উৰি আহিছিল৷ ঘপকৈ দুপ মাৰি হাউলী দিয়াতহে বাচিলো৷’ তাই যেন এতিয়াও কিছু হতভম্ভ, কিছু আতংকিত৷

’তাৰ পিছতো বেছ কিছুদূৰ কাউৰীটোৱে মোক অনুসৰণ কৰি আছিল বুজিছা৷’

’কাউৰীৰ এনে আক্ৰমণৰ কথা আগতে কেতিয়াও শুনা পোৱা নাই! সঁচাই তেনেকৈ মানুহক আক্ৰমণ কৰে?’ মোৰ মাতত কিছু আশ্চৰ্য্য, কিছু সহানুভূতি৷

’অঁ, তুমি নতুন কাৰণেহে গম পোৱা নাই চাগৈ৷ ইয়াত এয়া একো আচৰিত কথা নহয়! বিশেষকৈ গৰমকালি৷’ 

ঠিকেই, তেতিয়া মই ভেনকুভাৰলৈ অহা বেছি দিন হোৱাই নাই৷ এলাইডা কানাডাৰ নাগৰিক৷ যোৱা দুবছৰ ধৰি ভেনকুভাৰৰ নিবাসী তাই৷ 

ইতিমধ্যে আমি পেচিফিক অৰণ্যৰ হাবিতলীয়া বাট এটাত খোজ দিবলৈ আৰম্ভ কৰিলো৷ বাটৰ দুয়োফালে বিশালকায় ডগলাছ ফাৰ, চিডাৰ আৰু হেমলক গছৰ লানি৷ কানাডাৰ অপূৰ্ব বৰ্ষাৰণ্যৰ এটা অংশ৷ কথাৰ লগে লগে পিছে এলাইডাৰ সতৰ্ক দৃষ্টি দুয়োফালৰ সেই অৰণ্যত- যেন যিকোনো মুহুৰ্ত্ততে আকৌ কাউৰীৰ আক্ৰমণৰ সম্ভাৱনা!

মোৰ কৌতুহল বাঢ়িল৷ এলাইডাই ক’লে, বসন্ত নমাৰ লগে লগে এপ্ৰিল মাহৰ পৰা জুলাইলৈ ইয়াত কাউৰীৰ প্ৰজননৰ বতৰ৷ গতিকে সেই সময়ছোাৱত বাহ সজাত ব্যস্ত হৈ পৰে সিহঁত৷ তাৰ লগে লগে কাউৰীবোৰ ব্যতিব্যস্ত হৈ পৰে এই জনঅৰণ্যত নিজৰ আটোমটোকাৰী বাহটোৰ প্ৰতিৰক্ষাৰ বাবে ৷ গতিকে এই সময়ত কাউৰীৰ আক্ৰমণ এক সচৰাচৰ পৰিঘটনা৷ আনকি এনে আক্ৰমণৰ ভুক্তভোগীসকলৰে এজনে এই ঘটনাবোৰ অনুসৰণ কৰিবলৈ আৰু অন্য হাজাৰজনক সতৰ্ক কৰি দিবলৈকে আৰম্ভ কৰিলে এটা অনলাইন মেপিং চিষ্টেম৷ নাম ক্ৰ’ট্ৰেক্স (Crowtrax)৷ 

সিদিনাই ক্ৰ’ট্ৰেক্সৰ বিষয়ে খুঁচৰিলো৷ ভেনকুভাৰৰ মেপখনত একোটা কাউৰীৰ চিনে দাঙি ধৰিলে বিভিন্ন ঠাইত হোৱা কাউৰীৰ আক্ৰমণৰ বিৱৰণ৷ ২০১৬ চনত প্ৰথম আৰম্ভ কৰাৰ সময়ত ইয়াত মুঠতে ৮০০ টা ঘটনাৰ তথ্য জমা হৈছিল৷ তাৰ পিছৰ পৰা প্ৰতিবছৰে ছাইটটোত এনে মানুহ-কাউৰীৰ সংঘাতৰ ঘটনা প্ৰায় ১৫০০ টাকৈ ৰিপৰ্ট হৈ আহিছে৷ বিশেষকৈ মূল চিটিচেন্টাৰ অৰ্থাৎ ডাউনটাউন অঞ্চলটোতে এনে সংঘাতৰ ঘটনা সৰ্বাধিক৷ কাৰণ স্পষ্ট৷ এই অঞ্চলটোতে সৰ্বাধিক ৰেষ্টোঁৰা আছে য’লৈ খাদ্যৰ সন্ধানত ব্যস্ত কাউৰীবোৰ আকৰ্ষত হয় আৰু ইয়াতে জনবসতিও সৰ্বাধিক৷

ক্ৰ’ট্ৰেক্সত কাউৰী আৰু মানুহৰ সংঘাতৰ ঘটনা


ঘটনাৰ বিৱৰণবোৰৰ কিছুমান আমোদজনক, কিছুমান কিছু উদ্বেগজনক! ’এহাল কাউৰীৰ প্ৰতাপত আমি গোটেই দিনটো ঘৰৰ বাহিৰ হ’ব নোৱাৰিলো’, ’চো মাৰি আহি মোৰ পিঠিত ঠোঁটেৰে আঁচুৰি গ’ল’, ’বেছ কিছুদূৰ মোক খেদা মাৰি আহিছিল’, ’কাকো একো আমনি নকৰাকৈ থাৰ্ল’ পথেৰে খোজকাঢ়ি গৈ আছিলো৷ অকস্মাৎ এটা কাউৰী উৰি আহি ডুব মৰাদি পৰিলহি৷ তাৰ ঠেং দুখনে মোৰ চুলি চুই গ’ল৷ ঘটনাৰ আৎ নাপাওঁতেই তাৰ লগতে আৰু তিনিটা কাউৰীয়ে যোগ দিলে আৰু মোক ডেভি পথলৈকে খেদি আহিল!’ অলেখ-অসংখ্য ঘটনা- বিভিন্ন বিৱৰণ!

মন কৰিলো, তথ্য জমা কৰাৰ প্ৰপত্ৰখনত সন্নিবিষ্ট কৰা হৈছে এটা প্ৰশ্ন, ’Was it Canuck the Crow? আপুনি যদি কনাক নামৰ কাউৰীটো দেখে তেন্তে সেইবিষয়েও জনাওক!’

কোন এই কনাক নামৰ কাউৰী? অলপ খুঁচৰোতেই ওলাই পৰিল কনাক নামৰ কাউৰীটোৰ অলেখ-অসংখ্য অভিযানৰ কাহিনী! ইমানেই খ্যাতি (কুখ্যাতি?) যে এক অনলাইন নিৰ্বাচনত প্ৰায় তিনিলাখ ভোট লাভ কৰি ভেনকুভাৰৰ এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছিল এই কনাক নামৰ কাউৰীটো!

কনাকৰ বৰ্ণাধ্য জীৱনৰ আৰম্ভণি পিছে কৰুণ৷ তেনেই পোৱালী অৱস্থাতে অজ্ঞাত কাৰণবশত: এদিন নিজৰ বাহৰ পৰা সৰি পৰিল কনাক৷ ভেনকুভাৰৰ দৰদী যুৱক এজনে তাক উদ্ধাৰ কৰি নিজ হাতে তুলি-তালি ডাঙৰ কৰিলে৷ সম্পূৰ্ণকৈ উৰিব পৰা আৰু আত্মনিৰ্ভৰ হোৱাৰ পিছত তেওঁ কনাকক মুকলি কৰি দিলে স্বাধীন জীৱন এটাৰ সপোন দি৷ চিন ৰাখিবলৈকে কনাকৰ বাওঁঠেঙত পিন্ধাই দিলে এটা ৰঙা আঙঠি৷ 

কনাক নামৰ কাউৰীটো (ফটো: ফে’চবুকৰ ’Canuck and I’ গোট)

স্বাধীন জীৱন কটাবলৈ আৰম্ভ কৰাৰ পৰাই কনাক ব্যস্ত হৈ পৰিল ইটোৰ পিছত সিটোকৈ দু:সাহসিক অভিযানত ৷ তাৰ যেন কৌতুহলৰ সীমা নাই মানুহকৈ লৈ৷ হয়তো মানুহৰ হাতত লালিত পালিত হোৱাৰ বাবেই সি মানুহৰ প্ৰতি কোনো ভয়-সংকোচ কৰিবলৈ নিশিকিলেই৷ কেতিয়াবা সি মানুহৰ মুখৰ পৰাই চিগাৰেট বা হাতৰ পৰা ছাবিকোঁচা লৈ উৰা মাৰে৷ কাৰোৱাৰ গাড়ীৰ দুৱাৰ বা খিৰিকীৰ আইনা খোলা থাকিলে কনাক সোমাই আহি আনকি গাড়ীৰ ভিতৰ পাইহি৷ কেতিয়াবা কনাকক দেখা যায় অন্য কাউৰীৰ সৈতে মিলি শেন চৰাইৰ সৈতে আকাশী যুদ্ধ কৰা, কেতিয়াবা দেখা যায় ভেনকুভাৰৰ স্কাই ট্ৰেইন (মেট্ৰ’)-ৰে যাত্ৰা কৰা৷ আনকি তিনিবছৰমান আগতে কনাকে কেইবাবাৰো ডাকোৱালক আক্ৰমণ কৰাৰ বাবে ভেনকুভাৰৰ পূবৰ কিছুমান অঞ্চললৈ চৰকাৰী ডাকসেৱা দুমাহলৈ বন্ধ কৰিব লগা হৈছিল ৷

সেইবোৰ অত:পালিতে ক্ষান্ত নাথাকি কনাক নামৰ কাউৰীটো জড়িত হৈ পৰিল অপৰাধৰ পৃথিৱীতো! এবাৰ ভেনকুভাৰৰ মাজ-মজিয়াতে এজন অপৰাধীৰ সৈতে পুলিচৰ মুখামুখি হ’ল আৰু অপৰাধীজনে তৎক্ষণাৎ
 ছুৰী এখন লৈ পুলিচৰ সৈতে যুঁজাৰ চেষ্টা কৰিলে৷ গুলী কৰিহে পুলিচে সেই অপৰাধীক ধৰিবলৈ সক্ষম হ’ল৷ কিন্তু তাৰ মাজতে ক’ৰবাৰ পৰা ওলালহি কনাক নামৰ কাউৰীটো৷ কোনেও তলকিবলৈ নাপাওঁতেই অপৰাধীৰ সেই ছুৰীখন ঠোঁটত লৈ  সি উৰা মাৰিলে৷ পুলিচ এজনে তাৰ পিছে পিছে খেদা মাৰি যোৱাতহে অৱশেষত কনাকে অনিচ্ছাস্বত্বেও (!) সেই ছুৰী ঠোঁটৰ পৰা মুকলি কৰি দিলে৷  এই চুৃৰী চোৰৰ ঘটনাটোৱে কনাকক সমগ্ৰ ভেনকুভাৰতে খ্যতনামা কৰি তুলিলে৷

পুলিচকো বিব্ৰত কৰা কনাক (ফটো: ফে’চবুকৰ ’Canuck and I’ গোট)


ফে’চবুকত কনাকৰ নামত আৰম্ভ হ’ল এটা অনুৰাগীৰ পৃষ্ঠা৷  এক লাখৰ অধিক অনুৰাগীয়ে কনাকৰ এনে দু:সাহসিক অভিযানবোৰৰ ফটো আৰু তথ্যৰে এই পৃষ্ঠা ভৰাই পেলালেহি৷ কনাকৰ বাবে বহুতো লোক অতীষ্ঠ বা আতংকিত হোৱাৰ বিপৰীতে কাউৰীটোৰ সাহস আৰু বুদ্ধিমত্তাই অনুৰাগীৰ সংখ্যা দিনক দিনে বঢ়াই আনিলে৷ কিছুমানে তাৰ বাবে পাছচোতালত খাদ্য উলিয়াই দিবলৈ ল’লে, কিছুমানে কনাকক সচৰাচৰ দেখা পোৱা ঠাইবোৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লে তাৰ সান্নিধ্যৰ বাবে৷ কনাক যেন হৈ পৰিল কউৰী আৰু মানৱ সমাজৰ মাজত এক যোগসূত্ৰ! 

কনাকৰ মানুহে ব্যৱহাৰ কৰা বিভিন্ন বস্তুৰ প্ৰতি অদম্য কৌতুহল আৰু কৌশল পিছে কাউৰীৰ সমাজত ব্যতিক্ৰম নহয়৷ শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে প্ৰাইমেট বা বান্দৰজাতীয় প্ৰাণীৰ পিছতেই কাউৰীয়ে প্ৰাণীজগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন৷ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা-সমাধান কৰা আৰু সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ গতিকে মানুহৰ সংস্পৰ্শত ডাঙৰ হৈ কনাকৰ এনে গুণসমূহ বিকাশৰো হয়তো সুবিধা হ’ল৷

প্ৰখৰ বুদ্ধিমত্তা আৰু কৌতুহল-অত:পালিৰে সমগ্ৰ মহানগৰখনকে মোহাবিষ্ট কৰি ৰখা কনাক হঠাৎ এদিন নিৰুদ্দেশ হৈ পৰিল৷ সিদিনা আছিল ২০১৯ চনৰ ৩০ আগষ্ট৷ তাৰ পিছৰ পৰা কনাকক কোনেও ক’তো দেখা পোৱা নাই৷ কনাক নামৰ কাউৰীটো সন্ধানহীন হৈ পৰাৰ বাতৰি সংবাদ মাধ্যমত জোৰদাৰ প্ৰচাৰ হ’ল৷ কনাকৰ যিকোনো খৱৰ আৰু ভালে কুশলে উভতাই অনাৰ বাবে দহহাজাৰ ডলাৰ (আমাৰ হিচাপত প্ৰায় ছয় লাখ টকা) ৰ পুৰস্কাৰো ঘোষণা কৰা হ’ল৷ কনাকৰ শুংসুত্ৰ লৈ নানা গুজব ওলাল৷ বহুতৰ ধাৰণা কনাকৰ বয়স চাৰি বছৰ৷ প্ৰায় দুবছৰ বয়সৰ পৰা প্ৰায়বোৰ চৰাইৰ স্বাভাৱিক মৃত্যুৰ সম্ভাৱনা বাঢ়ি যায়৷ গতিকে কিছুমানৰ ধাৰণা, হয়তো কনাকে স্বাভাৱিক মৃত্যুকে আকোৱালি ল’লে৷ কিন্তু কিছুমানে অপহৰণ বা অন্য ষড়যন্ত্ৰৰো উমান পালে৷  আনকি এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ প্ৰশ্নোত্তৰ কালত এগৰাকী সাংবাদিকে ভেনকুভাৰৰ মেয়ৰক প্ৰশ্ন কৰিলে,

’কনাক নামৰ কাউৰীটোৰ কিবা খৱৰ?’

মেয়ৰৰ সহানুভুতিপূৰ্ণ উত্তৰ, 

’কনাকৰ চিন্তাত বিতত হৈ থকা অনুৰাগীসকললৈ আমাৰ সহানুভূতি জনাইছোঁ৷ কনাকৰ সন্ধান উলিয়াবলৈ যিকোনোধৰণে সহায় কৰিবলৈ আমি সাজু৷ আশা কৰোঁ, কনাকে মাথোঁ এটা বিৰতি লৈছে আৰু অতি সোনকালেই আমাৰ মাজলৈ উভতি আহিব৷’

তাৰপিছৰে পৰা কনাকৰ প্ৰতীক্ষাত ৰৈছে ভেনকুভাৰবাসী৷ বহুতো অনুৰাগীয়ে সংগ দিছেগৈ কনাকৰ প্ৰেয়সী কেছিয়াৰ (Cassiar)ক৷ তাইৰ আচৰণতো মানুহে দেখা পালে কনাক হেৰাই যোৱাৰ দুখ! দুদিনমানলৈ কনাকক বিচাৰি তাই হেনো ৰমলিয়াই থাকিল৷ কাউৰীয়ে আজীৱন প্ৰেমাস্পদৰ প্ৰতি বিশ্বস্ত (loyal) হৈ থাকে৷ কিন্তু জীৱন থমকি নৰয়৷ অনুৰাগীৰ আশা, কেছিয়াৰেও জীৱনৰ অৱধাৰিত গতিত বাট ল’ব৷ অন্য এক সংগীৰ সৈতে আপোনত্বৰ বান্ধোন গঢ়িব আৰু এদিন পোৱালিও জগাব৷

পেচিফিক স্পিৰিট পাৰ্ক
অতিমাৰীয়ে প্ৰায় স্তব্ধ কৰি পেলাব খোঁজা আমাৰ জীৱনতো সময়ে পাত লুটিয়ালে৷ এইবছৰ পুনৰ বাটৰ দুয়োকাষে ভৰি ভৰি ফুলা গুলাপী চেৰী ফুলে  ভেনকুভাৰলৈ গ্ৰীষ্মক বাট এৰি দিলেহি৷ এলাইডা আৰু মোৰ নিয়মীয়া সান্ধ্যভ্ৰমণ একেদৰেই থাকিল৷ একেদৰেই থাকিল সেই সহমৰ্মিতা আৰু বন্ধুত্ব৷ লগতে একেদৰেই থাকিল কাউৰীৰ আক্ৰমণৰ পৰা বাচিবলৈ তাইৰ সকলো সতৰ্কতা৷

পেচিফিক স্পিৰিট অৰণ্যৰ বাট এটাতে খোজ দিয়াৰ পৰত এদিন তাইক সুধিলো,
’কাউৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কিবা টিপছ?

মই ধেমালি কৰিবলৈহে সুধিছোঁ নেকি এবাৰ পৰীক্ষা কৰি লৈ তাই উত্তৰ দিলে,

’ঘৰৰ পৰা টুপী পিন্ধি ওলাবা, সদায় ছাতি এটা লগত ৰাখিবা৷ কাউৰীয়ে খেদা মাৰিলে দৌৰি পলোৱাৰ সলনি সিহঁতৰ চকুলৈ থৰ লাগি চাই ভয় খুৱাবা৷’

ক্ষন্তেক ৰৈ এটা খোলা হাঁহিৰে তাই পুনৰ ক’লে,

’কাউৰীবোৰ মোৰ সঁচাই ভাল লাগে৷ মাত্ৰ সিহঁতৰ পৰা বাচিবলৈ সদায় ক্ৰ’টেক্স চাইহে ঘৰৰ বাহিৰ ওলাওঁ!’

আগৰদৰে এইবাৰ পিছে মোৰ ৰগৰ কৰাৰ ইচ্ছা নহ’ল৷ মাথোঁ নীৰৱে মোৰ সমগ্ৰ চেতনাক বাট এৰি দিলো অৰণ্যৰ দুয়োপাৰৰ সেউজীয়া আৰু চৰাইৰ কিচিৰ-মিচিৰ মাতেৰে দেহ-মন জুৰাই পেলাবলৈ; বাট এৰি দিলো এই মহানগৰৰ বন্যজীৱৰ সৈতে সহনশীলতা আৰু সহাৱস্থানৰ এই অনন্য ৰূপটো আপোন কৰি ল’বলৈ৷

ভেনকুভাৰত বসন্ত


4 comments:

  1. কনাক-কেছিয়াৰৰ কাহিনীৰ বৰ্ণনা সাবলিল ভাৱে উপস্থাপন কৰা বাবে একে বৈঠকতে পঢ়ি পেলাবলৈ বাধ্য হলো। চৰাই-চিৰিকতিৰ প্ৰতি থকা মানুহৰ আন্তৰিকতা আৰু সহানুভূতি ইয়াত সুন্দৰকৈ পৰিস্ফুত হৈছে।

    ReplyDelete
  2. বা, ভাল পালো পঢ়ি।

    ReplyDelete