এক জুলাই, ২০২১। কানাডাৰ প্ৰতিষ্ঠা দিৱস৷ বন্ধবাৰ পাই ৰাতিপুৱাই আমি দুয়ো ওলাইছোঁ মাউন্ট ছিম’ৰলৈ বুলি৷ পুৱা যদিও মহানগৰৰ ব্যস্ততা আৰম্ভ হৈছেই৷ অৱশ্যে বন্ধবাৰত ভেনকুভাৰত ব্যস্ততা অন্যদিনতকৈ বাঢ়েহে৷ এই মহানগৰ ফিটনেছ আৰু ক্ৰীড়াপ্ৰেমীৰ মহানগৰ৷ বেছিভাগ মানুহেই সাগৰত চাৰ্ফিং, কায়াকিং, কেনুয়িঙৰ পৰা পৰ্বতত হাইকিং, স্কি, ৰ’ক ক্লাইম্বিং আদি বিভিন্ন চখৰ মোহতে আহি এই মহানগৰত থিতাপি লয়হি হেনো৷ গতিকে বন্ধদিনৰ পুৱা তেনে অভিযানকাৰীৰেই ইয়াৰ বাট-পথ মুখৰ হৈ উঠে। সকলোৱা গাড়ীতে স্কি, কায়াক, চাইকেল আদি বোজাই কৰি প্ৰকৃতিৰ বুকুলৈ ঢাপলি মেলে যেন। আজিও তাৰ ব্যতিক্ৰম নহ’ল৷
বহুদিনৰ মূৰত এনেকৈ এলাইডাৰ সৈতে একেলগে ফুৰিবলৈ ওলাইছোঁ৷ আজিৰ পৰা কানাডাৰ একেবাৰে পশ্চিম প্ৰান্তৰ এই ব্ৰিটিছ কলম্বিয়া প্ৰদেশত অতিমাৰীৰ পৰা পুনৰাম্ভণি (restart)ৰ তৃতীয়টো পৰ্য্যায় আৰম্ভ হৈছে৷ প্ৰতিষেধক লোৱাৰ হাৰ বাঢ়ি অহাৰ লগে লগে ইয়াত কোভিড-১৯ সংক্ৰমণৰ হাৰ কমিছে। গতিকে বহুতো বাধা-নিষেধো আঁতৰোৱা সম্ভৱ হৈ পৰিছে৷ আজিৰ পৰা নিজৰ পৰিয়ালৰ বাহিৰৰ মানুহৰ সৈতেও মুকলিকৈ মিলামিছা কৰাত কোনো বাধা নাই৷ অতদিনে মুখামুখি ভাৱ বিনিময়, ফুৰা-চকা সকলো বাদ দি এই নতুন পৃথিৱীত নিৰাপদে থকাৰ অহৰহ প্ৰচেষ্টাতে যেন লাগি আছিলো। সেয়ে আজি বন্ধুৰ সৈতে একেলগে গাড়ীত ফুৰিবলৈ যাব পৰাটোৱে ভীষণ সৌভাগ্য যেন ভাৱ হ'ল।
আধাঘন্টা নহওঁতেই আমাৰ উবাৰখন ভেনকুভাৰ বন্দৰৰ কাষৰ দলংখনৰ ওপৰেদি পাৰ হ’ল৷ এইখিনিৰ পৰাই উত্তৰ ভেনকুভাৰ আৰম্ভ হৈছে ৷ এই দিশত ভেনকুভাৰৰ আকাশ শুৱনি কৰি আছে তিনিটা সুউচ্চ পৰ্বতে- চাইপ্ৰেছ, গ্ৰাউজ আৰু চিম’ৰ পৰ্বত৷ এই পৰ্বতসমূহক কেন্দ্ৰ কৰি আছে নাতিশীতোষ্ণ বৰ্ষাৰণ্যৰে ভৰা তিনিখন অপূৰ্ব প্ৰভিঞ্চিয়েল পাৰ্ক৷
ভেনকুভাৰৰ পৰা মাউন্ট চিম’ৰলৈ যোৱা বাট |
এইবাৰ মাউন্ট চিম’ৰ পাৰ্কৱে’ৰ একা-বেঁকা পথটোৰে আমাৰ গাড়ী চলিবলৈ আৰম্ভ কৰিলে৷ পাহাৰীয়া বাটটোত হঠাতে ঘন হৈ আহিল কুঁৱলীৰ আচ্ছাদন৷
'ইমান কুঁৱলী হঠাতে!' মই ক'লো৷
'ভালেই দিয়া৷ আজি অন্তত: যোৱা কেইদিনৰ দৰে গৰম নাপাওঁ৷' এলাইডাৰ মাতত সকাহৰ ভাৱ৷
যোৱা বেছ কিছুদিন সমগ্ৰ ব্ৰিটিছ কলম্বিয়াতে অভাৱনীয়কৈ গৰম পৰিছে৷ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি তাপমাত্ৰাই কোনো কোনো ঠাইত পঞ্চাছ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিবৰ উপক্ৰম হৈছে৷ জলবায়ু পৰিৱৰ্ত্তনে ক্ৰমশ: জটিল কৰি অনা এখন পৃথিৱীৰ নিদৰ্শন ৰূপে৷
আমি যিমানে ওপৰলৈ উঠিলো, চাৰিওদিশৰ কুঁৱলীৰ মাত্ৰা বাঢ়িল৷ আঠমান বজাত গাড়ীখন মূল প্ৰৱেশদ্বাৰত ৰয়গৈ মানে কেইফুটমান আঁতৰতো একোকে নমনা এক পৰিৱেশ! মাউণ্ট ছিম’ৰৰ শীতল বতাহ আৰু কুঁৱলীৰ আৱৰণে আমাৰ দেহ-মন জুৰাই পেলালে৷
এই প্ৰৱেশস্থানৰ পৰাই মাউন্ট ছিম’ৰৰ বিভিন্ন শিখৰলৈ কেইবাটাও ট্ৰেকিং পথ আছে৷ সিদিনা আমি বাট বুলিলো ওচৰৰে মিষ্টেৰী লেকলৈ৷ আৰম্ভণিৰ পৰা ১৫০ মিটাৰ উচ্চতালৈ আৰোহণ কৰিব লাগে যদিও মাথোঁ ডেৰ কিলোমিটাৰৰহে বাট৷ ভেনকুভাৰৰ ভাষাত সহজ হাইক এইটো৷ কিন্তু গোটেই পথটোৱে থিয় পাহাৰীয়া। লগতে গছৰ শিপা আৰু সৰু-বৰ শিলেৰে ভৰা বাট৷ পৰ্বতাৰোহণৰ অভিজ্ঞতা নথকা মানুহৰ বাবে যথেষ্ট কষ্টসাধ্য পথ৷
চিম’ৰৰ বৰফাবৃত বাট |
আমাৰ দুয়োকাষে সুউচ্চ হেমলক, চিডাৰ আৰু পাইনৰ গছবোৰ৷ সেই গছৰ ছাঁত ঘৰ পাতিছে ঢেকীয়াজাতীয় চৰ্ড ফাৰ্ন (Sword fern) আৰু চালাল (Salal) ৰ জোপোহাই৷ এনেসময়তে হঠাত কুঁৱলীৰ মাজেৰে আমাৰ চকুৰ সন্মুখত ধৰা দিলেহি এটা ছুটি গ্ৰাউজে৷ আমাৰ বনৰীয়া কুকুৰা জাতীয় এটা চৰাই৷ দুয়ো থমকি ৰ’লো৷ চৰাইটোৱে আমালৈ সিমান মনকাণ নিদি মুকলিলৈ আহি বাটৰ কাষৰে চালাল নামৰ জোপোহাবিধৰ পাত খাবলৈ লাগিল৷ হয়তো প্ৰায়ে পদচাৰীৰ মুখামুখি হৈ হৈ এই বন্য চৰায়ো সহজ হৈ পৰিছে মানুহৰ উপস্থিতিত৷
বেছ কিছুসময় সেই গ্ৰাউজৰ ৰং-ৰূপ উপভোগ কৰি এইবাৰ আমি শিলাময় বাটেৰে খোজ দিলো৷ অৰণ্যৰ একাষৰ পৰা ভাঁহি আহিল পেচিফিক ৰেন নামৰ চৰাইটোৰ সুললিত গীত৷ আমাৰ ঘৰচিৰিকাটোৰ সমান এক কণমান চৰাই এই পেচিফিক ৰেন।
'চৰাইটোৰ যেন বহুত কথা ক’বলৈ আছে, সেয়ে উশাহ নসলোৱাকৈ বৰ খৰকৈ সকলোবোৰ কৈ পেলাইছে-তেনে লাগিলে শুনিলে, নহয়নে?' এলাইডাই ক’লে৷
ঠিকেই, এই বৰ্ষাৰণ্যত আটাইতকৈ দীঘলীয়া এই পেচিফিক ৰেনৰ গান৷ একেসময়তে অৰণ্যৰ লানি লানি গছৰ ডাল-পাত ভেদি ভাঁহি আহিল ছোৱেইনছ’ন থ্ৰাছ নামৰ অন্য এক চৰাইৰ গান- 'ক ক ক-তাকেইতো-তাকেইতো (মোৰ কাণত ধৰা দিয়া ভাষাৰে)'৷ শৰীৰেদি এক শিহৰণ বৈ গ’ল! কি এক সতেজতা, কি এক মাদকতা এই মুখৰ অৰণ্যৰ৷
চিম’ৰৰ পৰ্ণপাতী অৰণ্য |
প্ৰায় এঘন্টাৰ ট্ৰেকিঙতে আমি মিষ্টেৰী লেক গৈ পালোগৈ ৷ কুঁৱলীৰ বগা চাদৰে তেতিয়াও হ্ৰদৰ বেছিভাগ আৱৰি ৰাখিছে৷ ভেনকুভাৰৰ উত্তৰ পাৰৰ আটাইতকৈ মনোমোহা হ্ৰদবোৰৰ এটা এই মিষ্টেৰী লেক৷ ফটফটীয়া পৰিস্কাৰ পানী, চাৰিওদিশৰ সেউজীয়া আৰু শিলৰ গড়াৰে আৱৰা এটা অপূৰ্ব পৰ্বতীয়া হ্ৰদ৷ এটা সময়ত কুঁৱলীৰ আচ্ছাদন আঁতৰি আমাৰ চকুত ধৰা দিলে এই অপূৰ্ব সুন্দৰ হ্ৰদটোৱে৷
হ্ৰদৰ একাষৰ প্ৰকাণ্ড শিল এছটাতে আমি দুয়ো বহি পৰিলো৷ বহুপৰ নীৰৱে চাই ৰ’লো হ্ৰদৰ পানীৰ মাজত ওপঙি ৰোৱা বৰফৰ সৰু-বৰ টুকুৰা আৰু পাৰৰ সেউজীয়া। গালে-মুখে অনুভৱ কৰিলো কুঁৱলীৰ কণ কণ কণাবোৰৰ শীতল স্পৰ্শ। কাণপাতি শুনিলো অৰণ্য মুখৰ কৰা সংগীতৰ সুৰ৷ যেন এই বিনন্দীয়া প্ৰকৃতিয়ে একেসময়তে দেহৰ সকলো ইন্দ্ৰিয়ৰ বাবে এক অনাবিল প্ৰশান্তিৰ ঢল বোৱাই আনিলে ৷
'সঁচাকৈ?' ক’লো যদিও মই পিছে বিশেষ আচৰিত নহ’লো৷ শীতকালি কনাডাত এইটো খুবেই জনপ্ৰিয় খেল! বিশেষকৈ নতুন বছৰৰ আৰম্ভণিতে অলেখ-অসংখ্য মানুহে গৈ জোবোৰা মাৰেগৈ হিমচেঁচা পানীত৷ এলাইডাও এই দলৰে এগৰাকী প্ৰকৃত কেনেডিয়ান!
মই লাহেকৈ হাউলি লৈ হাতেৰে পানী স্পৰ্শ কৰিলো৷ ইমানেই হিমচেঁচা যে আঙুলীকেইটা তৎক্ষণাৎ বিষাই উঠিল৷ মনত পৰিল, বহুবছৰৰ আগেয়ে দাৰ্জিলিঙত এবাৰ চেঁচা পানীৰে গা ধুই আহি বহুপৰলৈ প্ৰচণ্ড বিষত কোঙা হৈ থকাৰ কথা৷ ডুব এটা মাৰি চাবলৈ ময়ো সাজু হৈ গৈছিলো যদিও এতিয়া দ্বিতীয়বাৰ নভৱাকৈয়ে কৈ পেলালো,
’মোৰ দ্বাৰা নহ’ব দেই! এইটো প্ৰত্যাহ্বান অহাবছৰলৈ থ’লো!’
হ্ৰদৰ হিমচেঁচা পানীত ডুব দিয়াৰ মানসিক প্ৰস্তুতি এলাইডাৰ |
মোৰ কথা শুনি এলাইডাই হাঁহিলে৷ ইফাল সিফাল কৰি তাই পানীত নামিবলৈ ভাল ঠাই এডোখৰ বাচি উলিয়ালে আৰু বিশেষ হেহোঁ-নেহোঁ নকৰাকৈয়ে জাপ মাৰিলে সেই হ্ৰদৰ বুকুলৈ৷
ক্ষন্তেক সাঁতুৰিয়ে পিছে তাই তাই সেহাঁই সেহাই ক’লে,
'ব...হু...ত চেঁ...চা৷'
তেতিয়া মই তাইৰ এই দু:সাহসিক খেলখন কেমেৰাত ধৰি ৰখাত ব্যস্ত৷ কিন্তু শিলছটাত উঠিয়ে তাই কঁপি কঁপি কলে,
'আই নিড হেল্প!' মোক সহায় লাগে।
অলপ আতংকিত হৈ পৰিলো৷ এনে পৰিৱেশত জাৰ লাগি হাইপ'থাৰ্মিয়া হৈ পৰাৰ ভয়। লৰালৰিকৈ দুখনকৈ ব্লেংকেটেৰে তাইক মেৰিয়াই দিলোগৈ৷ ফ্লাস্কৰ পৰা ধোঁৱা ওলাই থকা চাহত সোহা মাৰি মাৰি তাই বহি পৰিল৷ মোৰ আশংকাৰ অন্ত পেলাই পিছে দহমিনিটমানৰ ভিতৰতে তাই স্বাভাৱিক হৈ পৰিল৷ কেৱল স্বাভাৱিকেই নহয়, উৎফুল্লিত হৈ পৰিল তাই! যেন মিষ্টেৰী লেকৰ হিমচেঁচা স্পৰ্শই তাইৰ মাজলৈ এক নতুন প্ৰাণচাঞ্চল্য আনি দিলে৷
'ব...হু...ত চেঁ...চা৷'
তেতিয়া মই তাইৰ এই দু:সাহসিক খেলখন কেমেৰাত ধৰি ৰখাত ব্যস্ত৷ কিন্তু শিলছটাত উঠিয়ে তাই কঁপি কঁপি কলে,
'আই নিড হেল্প!' মোক সহায় লাগে।
অলপ আতংকিত হৈ পৰিলো৷ এনে পৰিৱেশত জাৰ লাগি হাইপ'থাৰ্মিয়া হৈ পৰাৰ ভয়। লৰালৰিকৈ দুখনকৈ ব্লেংকেটেৰে তাইক মেৰিয়াই দিলোগৈ৷ ফ্লাস্কৰ পৰা ধোঁৱা ওলাই থকা চাহত সোহা মাৰি মাৰি তাই বহি পৰিল৷ মোৰ আশংকাৰ অন্ত পেলাই পিছে দহমিনিটমানৰ ভিতৰতে তাই স্বাভাৱিক হৈ পৰিল৷ কেৱল স্বাভাৱিকেই নহয়, উৎফুল্লিত হৈ পৰিল তাই! যেন মিষ্টেৰী লেকৰ হিমচেঁচা স্পৰ্শই তাইৰ মাজলৈ এক নতুন প্ৰাণচাঞ্চল্য আনি দিলে৷
'জানানে, আজি কিমানদিনৰ মূৰত এনেকৈ ভেনকুভাৰৰ পৰা ওলাই আহিছোঁ, মোৰ মনত নাই!'
জানো মই! লগতে জানো, অতিমাৰীয়ে কাঢ়ি নিয়া আপোনজনৰ শেষকৃত্যতো ভাগ ল’বলৈ যাব নোৱাৰিলে তাই৷ কত সৰু-বৰ ধুমুহা পাৰ কৰি আমি যে অতদিনে নিজকে আৰু আপোনজনক নিৰাপদে ৰখাৰ এক প্ৰত্যাহ্বানতে মূৰ গুঁজি আছিলো! ইয়াৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰে ভাৰতৰ দিহিঙে দিপাঙে থকা আপোনজনে সেই প্ৰত্যাহ্বানেৰে প্ৰতিদিনে যুঁজিছে৷ ডেল্টা ভেৰিয়েন্টৰ আশংকাত এতিয়াও বন্ধ কৰি থোৱা আছে ভাৰত আৰু কানাডাৰ মাজৰ বিমান পৰিৱহণ৷
তথাপি- তথাপি এই দিনটোৱে, এই অৰণ্যৰ মাদকতাই যেন এটা নতুন আশাৰ বতৰা আনি দিলে৷ বহুদূৰৈত যেন দেখা পালো অন্ধকাৰ সুৰংগৰ শেষত এক ক্ষীণ পোহৰ, আঁউসীৰ শেষত জোনাক অহাৰ বতৰা৷ এদিন এই সংকটৰ কলীয়া ডাৱৰজাক সঁচাকৈয়ে আঁতৰি যাব৷ কোভিডৰ পূৰ্বৰ সাধাৰণ নিৰাপদ জীৱন এটাও যে কেনে অসাধাৰণ আশীৰ্ব্বাদস্বৰূপ তাৰ নতুন উপলব্ধিয়ে আমাক শিকাই যাব জীৱনৰ প্ৰতিটো দিন উদযাপন কৰাৰ আদিপাঠ৷
এইবাবেইতো জীৱন চৰৈৱতী নৈ! সকলো ধুমুহা পাৰ কৰিও চিৰদিন বৈ যায় একা-বেকাঁ পথেৰে৷ এইবাবেইতো হাজাৰ বিপৰ্য্যয়ৰ মাজতো হেৰাই যাবলৈ দিব নোৱাৰোঁ আশাৰ সোপান৷ আজিও সেই আশাক, সেই সেউজীয়া সপোনক সাৰথি কৰিয়ে এবুকু প্ৰাণচাঞ্চল্য লৈ আমি দুয়ো খোজ দিলো উভতনিৰ বাটত৷
পঢ়ি গৈ থাকোঁতে এক হিম শিতল অনুভূতিয়ে মানসিক জগতখনক ছানি ধৰিছিল।
ReplyDeleteসুন্দৰ লেখনি।
🙏🏼
ReplyDeleteঅতি কাব্যিক বৰ্ণনা, পঢ়ি মুগ্ধ হ'লো। পঢ়ি থাকোতে ভাবিছোঁ, এয়া আপুনি কলমৰে লিখা নাই,ৰঙেৰে তুলিকাত আঁকবাক কৰিছে, আমি চাই গৈছো হ্ৰদলৈ যোৱা পথৰ কাষৰ ছবিবোৰ, আৰু কুঁৱলীয়ে ঢাকি ৰখা হ্ৰদৰ ছবি।
ReplyDeleteইমান মনোগ্ৰাহী লেখা এটা পঢ়িবলৈ পায় ধন্য হ'লো।
উৎসাহ যোগোৱাৰ বাবে অশেষ ধন্যবাদ!
Delete