এসময়ত মানুহে বনৰীয়া সকলো জীৱ-জন্তুৰ সৈতে কথা-বতৰা পাতিব পাতিছিল৷ এনে সময়তে হাবিৰ এটা পুখুৰীৰ পাৰত এগৰাকী বুঢ়ী মানুহে অকলশৰে বাস কৰিছিল৷ প্ৰতি সন্ধিয়া তেওঁ পুখুৰীৰ পাৰলৈ আহি আকাশত জোনবাই উঠালৈ বাট চায়৷
ফটো: পিক্সেলছ |
সেই সময়ত আকাশৰ জোনবাইটো পৃথিৱীৰ বহু কাষত আছিল৷ গতিকে জোনবাইৰ পোহৰো এতিয়াতকৈ যথেষ্ট উজ্জ্বল যেন দেখা যায়৷ পূৰ্ণিমাৰ জোন ডাঠ হাবিখনৰ গছ-গছনিৰ ওপৰেদি আকাশলৈ উঠাৰ সময়ত বুঢ়ীগৰাকীয়ে প্ৰাণ ঢালি গাবলৈ ধৰে,
’জোন, জোন, পূৰ্ণিমাৰ জোন৷’
তেনেকৈয়ে আমাৱস্যাৰ নিশাও জোনবায়ে দেখা দিয়াৰ লগে লগে তেওঁ গায়,
’জোন, জোন, আউঁসীৰ জোন৷’
মুছ; ফটো: ৱিকিকমনছ |
’কি যে অপূৰ্ব কন্ঠ’- দীঘল শিঙীয়া মুছ নামৰ জন্তুবিধে ক’লে৷
’ঠিকেই, কিন্তু আমাক আৰু অলপ স্পন্দন (beat) ৰ দৰকাৰ৷’ হাঁহবোৰে মাত দিলে৷
’আৰু লগতে অলপ লয় থাকিলেও বৰ ভাল হ’ব৷’ বিভাৰ বোৰে সিহঁতৰ চেপেটা লপথপীয়া নেজবোৰ পানীত চপৰিয়াই চপৰিয়াই যোগ দিলে৷
’ডু-উপ, ডু-উপ, সমলয় (harmony)ৰ কথাও নাপাহৰিবা পিছে!’ লগে লগে ভেকুলী আৰু কাছবোৰেও কৈ উঠিল৷
এনেকৈয়ে এটা এটাকৈ সকলো জন্তুৱে বুঢ়ীগৰাকীৰ গীতত যোগ দিলে আৰু সমস্বৰে জোনবাইক উদেশ্যি গান গাবলৈ ধৰিলে৷
’জোন জোন, পূৰ্ণিমাৰ জোন’
এদিন সন্ধিয়া কায়’টিয়ে বুঢ়ীগৰাকী আৰু অন্য জন্তুবোৰৰ গীত শুনা পালে৷সিয়ান হাঁহিটোৰে কায়’টিয়ে সকলোকে সুধিলে,
’তোমালোক কি কৰিছানো?
’আমি সকলোৱে জোনবাইৰ বাবে গান গাইছোঁ৷’- বুঢ়ী মানুহগৰাকীয়ে উত্তৰ দিলে৷
বিভাৰ; ফটো: ৱিকিকমনছ |
ফণি এখনেৰে গোটেই গাৰ নোমবোৰ ফনিয়াই, জীভাখনেৰে দাঁত দুপাৰি পৰীক্ষা কৰি আৰু হাতোঁৰাৰে নাকটো মোহাৰি লৈ কায়’টিয়ে ক’লে,
’তেনে তোমালোকক মোৰ দৰে সুমধুৰ কন্ঠ এটাৰ দৰকাৰ৷’
’নাই নাই! তোমাৰ মাতটো বৰ কৰ্কশ৷’ সকলোৱে প্ৰায় আতংকত চিঞৰি উঠিল৷
বুঢ়ী মানুহগৰাকীয়েও হয়ভৰ দি ক’লে,
’তোমাৰ মাতটোৱে জোনবাইক আঁতৰলৈ খেদিহে পঠাব৷’
কায়’টিয়ে আহত অনুভৱ কৰি ক’লে,
’হুহ! জোনবাইৰ কাৰণে কোনেনো গান গাব খুজিছে!’
’জোনবাই আমাৰ বন্ধু৷ ৰাতি আমাক পোহৰ দিবলৈকে জোনবাইজনীয়ে গোটেই পৃথিৱীৰ চাৰিওফালে ঘুৰে৷’
’ৰাতিনো কাক পোহৰৰ দৰকাৰ পৰিছে? মূৰ্খ জোনবাইৰ উজ্জ্বল পোহৰৰ কাৰণেই ৰাতি মই ভালকৈ টোপনি যাব নোৱাৰোঁ৷ তোমালোকে মোক কাকুতি কৰিলেও জোনবাইৰ কাৰণে মই গান নাগাওঁ৷’
কায়’টিয়ে অহংকাৰ আৰু অভিমানেৰে ক’লে৷
কায়’টিৰ গান; ফটো: ৱিকিকমনছ |
দুৰ্ভাগ্যক্ৰমে জোনবাইয়ে কায়’টিৰ সকলো কথাই শুনিবলৈ পালে৷ যিমানেই শুনিলে সিমানে জোনবাইৰ খং বাঢ়ি গ’ল৷
’ঠিক আছে৷ কায়’টিয়ে আন্ধাৰনো কিমান ভাল পায় চোৱা যাৱক তেনে৷’
এইবুলি কৈয়ে জোনবায়ে খঙে-দুখে নিজৰ সকলো বয়-বস্তু মোনা এটাত লৈ আকাশৰ পৰা সৰি পৰিল আৰু পুখুৰীটোত ডুব দিলে৷
জোনবাইয়ে পুখুৰীৰ তলিলৈ গতি কৰাৰ পৰত চাৰিওদিশ জোনৰ পোহৰে উজ্জ্বলাই তুলিলে৷
’উৱা, হঠাৎ ইমান পোহৰ কিয়?’ কায়’টি আচৰিত হ’ল৷
কিন্তু ক্ষন্তেক পিছতে গোটেই হাবিখন আন্ধাৰত ডুব গ’ল৷
’উৱা, হঠাৎ ইমান আন্ধাৰ কিয়?’ কায়’টি এইবাৰ হতভম্ব হ’ল৷
কায়’টি আৰু বুঢ়ী মানুহগৰাকীৰ তৰ্কাতৰ্কি শেষ হোৱাৰ পিছতে সকলোৱে লক্ষ্য কৰিলে যে আকাশত জোনবাই নাই!
’সকলো তোমাৰ ভুল৷ জোনাবাইয়ে নিশ্চয়কৈ তোমাৰ কথাবোৰ শুনা পালে৷’ বুঢ়ী মানুহগৰাকীয়ে কায়’টিক ক্ষোভেৰে কৈ উঠিল৷
কায়’টিয়ে বেপৰোৱা ভাৱে ক’লে,
’ভালেই হ’ল, এতিয়া অন্তত: মই ৰাতি ভালদৰে টোপনি যাব পাৰিম৷’
কায়’টি চকুৰ আঁতৰ হোৱাৰ লগে লগে বুঢ়ীগৰাকীয়ে হাবিৰ সকলো জন্তুকে একেলগে গোট খুৱালে৷
’আমি জোনবাইক বিচাৰি উলিয়াই আকাশলৈ উভতি যাবলৈ অনুৰোধ কৰিব লাগিব৷ নহ’লে এই পৃথিৱীৰ অৱস্থা শোচনীয় হৈ পৰিব৷’
’কিন্তু জোনবাইনো গ’ল ক’লৈ?’ মুছে ক’লে৷
’নাজানো, কিন্তু আমি যিমান পাৰোঁ সোনকালে জোনবাইক বিচৰাৰ দৰকাৰ৷’ বুঢ়ীগৰাকীয়ে ক’লে৷
গতিকে সকলো জীৱ জন্তুৱে তেওঁৰ সৈতে লগ লাগি জোনবাইৰ সন্ধান কৰিবলৈ লাগিল৷
সেইসময়ত কায়’টিয়ে পিছে চেষ্টা কৰি আছিল ঘৰলৈ উভতাৰ বাট উলিয়াবলৈ৷
আন্ধাৰত কেনিও ভালকৈ নেদেখি ঘৰলৈ বুলি ওলাই কায়’টিয়ে প্ৰথমেই এজোপা গছৰ গাতহে খুন্দা মাৰিলেগৈ৷
’হেই, অলপ চাই চিতি যাব নোৱাৰানে?’ গছজোপাই চিৎকাৰ কৰি উঠিল৷
’দোষ নধৰিবাচোন৷ আন্ধাৰত একো দেখা নাপাইহে খুন্দাটো মাৰিলো৷’ কায়’টিয়ে দোষী দোষীভাৱেৰে ক’লে৷
’আন্ধাৰ নহ’বনো কিয়! কোনোবা জধামূৰ্খই হেনো অপমান কৰি জোনবাইৰ খং তুলিলে৷’ গছজোপাই বিৰক্তিৰে ক’লে৷
’মইতো ঠিকেই দেখা পাইছোঁ৷’ কপট গৌৰৱেৰে কৈয়ে কায়’টিয়ে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিলে কিন্তু অলপ দূৰ গৈ আকৌ এটা প্ৰকাণ্ড শিলত হামথুৰি খাই পৰিলেগৈ৷
’অহ, সেইটোৱে নিশ্চয় বিষ তুলিলে!’ শিলটোৱে ক’লে৷
’উফ্, মই ঘৰলৈ উভতাৰ বাট বিচাৰি ফুৰিছোঁ৷’
’জোনৰ পোহৰ অলপ থকা হ’লেহে দেখা পালাহেঁতেনে৷’
’নাই, মোক জোনবাইৰ দৰকাৰ নাই৷’
এইবাৰ কায়’টিয়ে অন্ধৰ দৰে খেপিয়াই খেপিয়াই আগবঢ়াৰ চেষ্টা কৰিলে৷ কেইবাবাৰো গছ আৰু শিলবোৰত খুন্দা-খুন্দুলি খাই, পিছল শেলুৱৈ আৰু গছৰ শিপাত উজট খাই মেলি এটা সময়ত সি ঠিক কৰিলে,
’আজিৰ ৰাতিটোৰ কাৰণে ইয়াতে শুৱাৰ ব্যৱস্থা কৰাই ভাল হ’ব কিজানি! ঘৰলৈ কাইলৈ ৰাতিপুৱাই যামগৈ৷’
এইবুলি সিদ্ধান্ত লৈ সি চাৰিওফালে খেপিয়াই চালে৷ এঠাইত সমান ঠাই এটুকুৰা অনুভৱ কৰি হাত মেলি চালে- খুউব কোমল আৰু উমাল কিবা এটা যেন৷
’অঁ, এইটোচোন বঢ়িয়াকৈ গাৰু কৰিব পাৰিম’ এইবুলি সি সেইটো মেৰিয়াই লৈ মূৰ শিতানত থৈ বাগৰ দিলে৷ টোপনি যাবলৈ ধৰোঁতেই কায়’টিৰ মূৰৰ তলৰ গাৰুটো লৰচৰ কৰিবলৈ ধৰিলে৷
’কিহে, বন্ধ কৰা সেইবোৰ৷ মই টোপনি যোৱাৰ চেষ্টা কৰিছোঁ৷’ বিৰক্তিৰে কৈ উঠিল সি৷
’ময়ো শুৱাৰেই চেষ্টা কৰি আছোঁ’- গাৰুটোৱে ঘপকৈ মাত দিলে৷
কায়’টি চক খাই উঠিল৷ আন্ধাৰত সি একো দেখা নাপালে৷ কিন্তু নোমটেঙৰ কায়’টিয়ে তৎক্ষণাৎ বুজি পালে যে সি এটা ভুল কৰি পেলাইছে৷ ইফালে সিফালে শুঙি চাই সি কোনোমতে ক’লে,
’তুমি জাবৰৰ কোমল মোনা এটা হ’লেই হয়!’
’নাই, ভাৱি লৈ আকৌ কোৱাচোন মই কি?
’মুছৰ কোমল বিষ্ঠা?’
’নহয়’
’স্কাংক?’
’ঠিক ধৰিছা!’ কৈয়ে স্কাংকটোৱে কায়’টিৰ গোটেই শৰীৰত অতিপাত দুৰ্গন্ধময় জুলীয়া মাস্ক (musk) এখিনি ছটিয়াই দিলে৷ চিকাৰী বা যিকোনো সংকটৰ পৰা ৰক্ষা পাবলৈকে স্কাংকৰ দেহত এই অস্ত্ৰবিধ মজুত থাকেই৷ সেইখিনি পোনে পোনে কায়’টিৰ মুখত লগাত তাৰ গোটেই শৰীৰ জ্বলি যোৱা যেন লাগিল, উৎকট দুৰ্গন্ধই পৰিপাটি নোমবোৰ ঢাকি পেলালে৷
দুৰ্গন্ধময় মাস্ক ছটিউৱাৰ আগমুহৰ্ত্তত স্কাংক ফটো: ৱিকিকমনছ |
দৌৰি দৌৰি কায়’টি একেবাৰে থিয় গঁৰা এটাৰ দাঁতি পালেগৈ৷ সেইখিনি পায়ো নিজকে ৰখাব নোৱাৰি পোনে পোনে সি গৰাটোৰ পৰা সৰি একেটা পুখুৰীতে পৰিলগৈ৷
ইফালে বুঢ়ী মানুহগৰাকী আৰু গোটেই জীৱ-জন্তুবোৰ মিলি জোনাবাইৰ সন্ধান কৰি আছিল৷ কিন্তু বহু বিচাৰি খুঁচৰিও তেওঁলোকে ক’তো জোনবাইক দেখা নাপালে৷
’সেই বুঢ়া ফোঁপোলা গছজোপাত বিচাৰি চালানে? বুঢ়ী মানুহগৰাকীয়ে সুধিলে৷
’আমি তাত চালো৷’ কেৰ্কেটুৱাবোৰে উত্তৰ দিলে৷
’গুহাটোত পিছে?
’তাতো বিচাৰি চালো আমি৷’ ভালুককেইটাই কৈ উঠিল৷
’তেনে জোনবাই কিজানি সৌ জলপ্ৰপাতটোৰ আঁৰত লুকাই আছে৷’ বুঢ়ী মানুহগৰাকীয়ে চিন্তিত মনেৰে ক’লে৷
’নাই, জোনবাই তাতো নাই৷’ হৰিণকেইটাই ক’লে৷
হতাশ হৈ বুঢ়ী মানুহগৰাকী এচটা শিলত বহি পৰিল আৰু মূৰে কপালে হাত দি কৈ উঠিল,
’ক’লৈ গ’ল বাৰু আমাৰ মৰমৰ জোনবাই জনী!’
ইফালে কায়’টিয়ে চকু মেলি দেখা পালে, সি একেবাৰে পুখুৰীত তলিত পৰি আছে৷
’আহাহা, এইটো বৰ লাজলগা কথা হ’ল৷’ সি নিজকে নিজে ক’লে৷
এনেতে তাৰ চকুত পৰিল, পুখুৰীৰ চেঁচা আৰু অন্ধকাৰ তলিৰ পৰিৱৰ্তে চাৰিওদিশ দেখোন উজ্জ্বল আৰু অপূৰ্ব সুন্দৰ! কিনো বুলি চাবলৈকে কায়’টিয়ে পুখুৰীটোৰ তলিতে ইফালে সিফালে খোজ দিবলৈ ধৰিলে৷
কিছুদূৰ গৈয়ে সি দেখা পালে, তলিৰ বালিতে কাপোৰ এখন পাৰি লৈ ঘূৰণীয়া ৰংবিৰঙী ছাতি এটাৰ তলত জোনবায়ে সুৰুয মাছ (Sunfish)ৰ সৈতে ডবা খেলি আছে৷
’তুমি? ইয়াত!’ কায়’টিয়ে চিঞৰি উঠিল৷
’আঁতৰ হোৱা৷ মই খেলখন জিকিবৰ হৈছেই৷’ জোনবায়ে বিৰক্তিৰে কৈ উঠিল৷
’চেকমে’ট!’ মাছটোৱে মাত দিলে আৰু তেওঁৰ ঘোঁৰাটোৰে জোনবাইৰ ৰজাটো উঠাই পেলালে৷ কিন্তু সি হঠাতে নাক-মুখ বিকটাই কৈ উঠিল,
’আস, কিহৰ উৎকট গোন্ধ সেয়া!’
’নাই, একোতো নাই৷’ কায়’টিয়ে একো নজনাৰ ভাও ধৰিলে৷
’আকৌ খেলা আৰম্ভ কৰোঁ আহা৷’ কৈ লৈয়ে জোনবায়েও নাকত সোপা দিলে৷
’ইমান বেয়া গোন্ধ ক’ৰ পৰা আহিছে!!’
একো নজানাৰ ভাও ধৰিয়েই কায়’টিয়ে ক’লে,
’জোনবাই, তুমি আকাশলৈ যাব লাগিব৷’
’মই ইয়াতে সুখেৰে আছোঁ’, জোনবায়ে অভিমানেৰে ক’লে৷
’কিন্তু তোমাক যে আকাশত বৰ দৰকাৰ হৈছে৷’ কায়’টিয়ে নেৰানেপেৰাকৈ ধৰিলে৷
কথা সলাবলৈকে জোনবায়ে ক’লে,
’তুমি যে পানীৰ তলত আছাহি, গম পাইছানে?
এইবাৰ কায়’টি সঁচাকৈয়ে চিন্তিত হ’ল৷ উশাহ সলাবলৈকে সি পুখুৰীৰ ওপৰলৈ উঠি আহিবলৈ বাধ্য হ’ল৷ ওপৰলৈ উঠি আহি সি পুখুৰীৰ পাৰতে দেখা পালে, বুঢ়ীগৰাকী আৰু অন্য জীৱ-জন্তুবোৰে মন মাৰি বহি আছে৷
’আকৌ তুমি কিয় আহিছা ইয়ালৈ?’ বুঢ়ীগৰাকীয়ে খঙেৰেই সুধিলে৷
’ৰ’ৱাচোন ৰ’ৱা, শান্ত হোৱা! মই জোনবাইক বিচাৰি পালো৷ তেওঁ পুখুৰীৰ একেবাৰে তলিত আছেগৈ৷’
কায়’টিৰ কথা শুনি বুঢ়ী মানহগৰাকী আৰু জন্তুবোৰে পানীত জোবোৰা মাৰি তলিলৈ চাই পঠিয়ালে৷ সঁচাকৈ, একেবাৰে তলিত জোনবায়ে আনন্দমনেৰে মাছৰ সৈতে ডবা খেলি আছে৷
’কি যে লেঠা লগালা তুমি! এতিয়া জোনবাইক আকাশলৈ কেনেকৈ অনা যায়৷’ বুঢ়ীগৰাকীয়ে কায়’টিক উদেশ্যি ক’লে৷
এইবাৰ সকলোৱে পুখুৰীৰ পাৰতে বহি লৈ গুণা গঁথা কৰিবলৈ লাগিল৷ কিছুপৰৰ পিছত বুঢ়ীগৰাকীয়ে মাত লগালে,
’এটা উপায় পাইছোঁ৷ প্ৰথমে আমি এখন ভুৰ সাঁজিব লাগিব৷’
কথামতেই কাম৷ পিছদিনা পুৱাতে দিনৰ পোহৰত সকলোৱে মিলি এখন ভুৰ সাঁজি উলিয়ালে৷ বেলি ডুবাৰ আগে আগে সকলোৱে সেই ভুৰখনত উঠিল আৰু পুখুৰীৰ তলি পালেগৈ৷
জোনবায়ে বাহৰ পাতি থকা ঠাইতে ৰৈ এইবাৰ বুঢ়ীগৰাকীয়ে ক’লে,
’এতিয়া তোমালোক সকলোৱে গীত জুৰিবলৈ আৰম্ভ কৰা৷ সকলোৱে মানে কায়’টিক বাদ দিহে পিছে৷’
’সেয়া কেনে নিৰ্দয় কথা!জোনবাইকতো ময়ে বিচাৰি উলিয়ালো!’ কায়টিয়ে আপত্তি কৰি উঠিল৷
এইবাৰ বুঢ়ীগৰাকীয়ে একপ্ৰকাৰ আদেশৰ সুৰেৰে ক’লে,
’ইয়াতে চুপচাপ বহি থাকা৷’
কৈয়ে তেওঁ গীত জুৰিলে আৰু লগে লগে বাকী জন্তুবোৰেও এটা এটাকৈ ভাগ ল’বলৈ আৰম্ভ কৰিলে৷
’জোন জোন, সোনকালে উভতি ব’লাচোন৷’
সকলোৱে বহুপৰ ধৰি গান গাই থাকিল৷ পিছে জোনবায়ে লৰচৰ কৰাৰ নামেই নল’লে৷
’এনেকৈ কাম নিসিজিব৷’ বুঢ়ীগৰাকীয়ে চিন্তিত সুৰেৰে ক’লে৷ এখন্তেক ভাৱি তেওঁ গোটেইবোৰ জন্তুক গান গোৱা বন্ধ কৰি কাণত ঠিলা লগাবলৈ ক’লে৷ সকলোৱে তেওঁৰ কথা মতেই কৰাৰ পিছত তেওঁ কায়’টিলৈ চাই হাঁহি এটা মাৰি ক’লে,
’মই তোমাৰ কন্ঠক লৈ মিছাতে সন্দেহ কৰিছিলো৷ তোমাৰ গান অপূৰ্ব! মই ভাৱো, তুমি যদি অকলে এটা গীত জুৰা জোনবাই নিশ্চয় আকাশলৈ উঠি যাব৷’
’অকলেই?’ গৰ্বত কায়’টিৰ বুকুখন ফুলি উঠিল৷ কোনোমতেহে নিজকে চম্ভালি সি শান্তভাৱেৰে সুধিলে৷
বুঢ়ীগৰাকীৰ দুচকু কৌতুকেৰে ভৰি পৰিল৷
’অঁ, অকলেই৷ কিন্তু তুমি যিমান পাৰি ডাঙৰ মাতেৰে গাব পাৰিব লাগিব৷’
’ঠিক আছে, মই যিমান পাৰি ডাঙৰ মাতেৰেই সুন্দৰ গীত এটা গাম৷’ উত্তেজনাত কায়’টিৰ গা সাতখন আঠখন যেন হ’ল৷
ফণিখন উলিয়াই সি গোটেই গাৰ নোমবোৰ পৰিপাটীকৈ ফনিয়াই ল’লে, জীভাৰে দাঁতদুপাৰি তিয়ালে আৰু হাতোৰাৰে নাকটো মোহাৰি থিয় হৈ ল’লে৷ এইবাৰ কায়’টিয়ে ভীষণ কৰ্কশ মাতেৰে গাবলৈ ধিলে,
’ইউউউউউউ-এউউউউউউ-ৱাৱাৱাৱাৱা-ইউউউউউউ!’
কাণত ঠিলা দি থকা ভাগেই বুঢ়ী মানুহগৰাকী আৰু বাকী জন্তুবোৰে মুখ বিকটাই উঠিল৷
কায়’টিয়ে কেনিও নোচোৱাকৈ আপোন মনেৰে গায়ে থাকিল,
’ইউউউউউউ-এউউউউউউ-ৱাৱাৱাৱাৱা-ইউউউউউউ!’
সেইসময়ত জোনবায়ে সুৰুয মাছটোৰ লগত ডবাখেলত মগ্ন হৈ আছিল৷ এনেতে কাণ উনাই তেওঁ কৈ উঠিল,
’সেয়া কিহৰ হুলস্থুল?’
’মোৰ কাণ নাথাকি ভালেই হৈছে- একো হুলস্থুলে মোক আমনি কৰিব নোৱাৰে৷’ - সুৰুয মাছে ক’লে৷
কায়’টিৰ গান অবিৰাম ভাঁহি আহি থাকিল আৰু ক্ৰমে গানৰ শব্দ ডাঙৰ হৈ গৈ থাকিল৷ কাণত ঠিলা দিও জোনবায়ে শান্তিৰে বহি থাকিব নোৱাৰা হ’ল৷
’কোনে এনে বিকট হুলস্থুল খন কৰিছে?’
কৈয়ে জোনবায়ে তেওঁৰ সকলো বয় বস্তু মোনাখনত ভৰাই কিনো হৈছে চাবলৈকে উঠি আহিল৷ তাকে দেখি বুঢ়ীগৰাকীয়ে কায়’টিক ক’লে,
’আৰু ডাঙৰকৈ গোৱা৷’
কায়’টিয়েও এটা দীঘল উশাহ টানি লৈ আগতকৈও ডাঙৰ মাতেৰে গীত আৰম্ভ কৰিলে৷
’আআআআআআওওওওওওও, আআআআআআওওওওওওও’
’আস!’ জোনবাই খুউব অতীষ্ঠ হৈ পৰিল৷ ৰ’ৱ নোৱাৰি তেওঁ আকাশলৈ জাঁপ দিলে৷
’আআআআওওওওও, ইউউউউউউ৷’
কায়’টিয়ে গান গায়ে থাকিল৷
জোনবায়ে সেই বিকট শব্দৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈকৈ আকাশলৈ খৰগতিৰে ঢাপলি মেলিলে৷
’হ’ব, যথেষ্ট হৈছে৷’ বুঢ়ী মানুহগৰাকীয়ে কায়’টিৰ গান বন্ধ কৰাৰ চেষ্টা কৰিলে৷ কিন্তু সি তেওঁৰ কথা শুনাই নাপালে৷ সি গান গায়ে থাকিল আৰু জোনবাইজনীও দূৰলৈ গৈয়ে থাকিল৷
ঘটনা দেখি বুঢ়ীগৰাকীয়ে তৎক্ষণাৎ বুজি পালে যে তেওঁ কায়’টিৰ গান বন্ধ কৰিব নোৱাৰিলে জোনবাই আঁতৰি গৈ আকাশত নেদেখা হৈ পৰিব৷ গতিকে উপস্থিত বুদ্ধিৰে তেওঁ কায়’টিৰ জীভাখন থাপ মাৰি ধৰিলে আৰু মুখৰ চাৰিওফালে মেৰিয়াই পেলালে৷
কিন্তু কায়’টিৰ জীভাখন দীঘল আৰু পিছল৷ গতিকে বুঢ়ীগৰাকীয়ে গোটেই জীভাখন মেৰিয়াই অঁতাই মানে জোনবাই ইতিমধ্যে যথেষ্ট দূৰলৈ গ’লেই৷ লগতে জোনৰ পোহৰৰ উজ্জ্বলতাও বহুখিনি কমি গ’ল৷
’অহ, ভবাৰ দৰে বুদ্ধিটোৱে কাম নিদিলে!’ বুঢ়ীগৰাকীয়ে নিজকে নিজে ক’লে৷
’ পিছে উপায়টো নাই, এনেকৈয়ে কাম চলাব লাগিব৷’
’কায়’টিৰ গান বন্ধ কৰিবলৈ যিকোনো উপায়ে চলিব৷’ জন্তুবোৰে সমস্বৰে কৈ উঠিল৷
কিন্তু তেনেতে দেখা গ’ল, জোনবায়ে আকাশৰ পৰা পুখুৰীটোলৈ ভুমুকিয়াই চাইছে!
’অঁ চোৱা চোৱা, জোনবায়ে আকৌ আকাশৰ পৰা এইফালে নামি আহিব খুজিছে৷’ জন্তুবোৰে চিঞৰি উঠিল৷
বুঢ়ীগৰাকীয়ে মূৰ তুলি চালে৷ সঁচাকৈ জোনবায়ে আকৌ আকাশৰ পৰা পুখুৰীটোলৈ বুলি ঢাপলি মেলিছে৷ এইবাৰ তেওঁ কায়’টিৰ জীভাখন মুকলি কৰি দিলে আৰু ক’লে,
’গোৱা গোৱা, গান এটা গোৱা৷’
’তুমি মোৰ জীভাখন উলিয়াই আকৌ পকাই নেপেলোৱাটো? কায়’টিয়ে সন্দেহেৰে সুধিলে৷
’নকৰোঁ, তুমি গাবলৈ আৰম্ভ কৰা৷ জোনবাই আহি পায়হিয়ে আৰু!’
গতিকে কায়’টিয়ে পুনৰ গাবলৈ আৰম্ভ কৰিলে৷
’ইউউউউউউউউউ, আউউউউউউউউউ’
কায়’টিৰ গান শুনামাত্ৰেই জোনবায়ে আকৌ আকাশলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলে৷
’এয়া যে বৰ লেঠা লাগিল! বুঢ়ীগৰাকীয়ে ক’লে৷
’মোৰ এটা বুদ্ধি আছে৷’ কায়’টিয়ে নাকটো মোহাৰি কৈ উঠিল৷
’মই জোনবাইক প্ৰতিনিশা চামহি৷ এই পুখুৰীটোলৈ নামি আহিব খুজিলেই গান জুৰি জোনবাইক উভতাই পঠাম৷’
’নাই নাই৷’ জন্তুবোৰে ক’লে৷
’নাই নাই নাই৷’ বুঢ়ীগৰাকীয়ে ক’লে৷
কিন্তু জোনবাইক আকাশত ধৰি ৰখাৰ এইটোৱে একমাত্ৰ উপায় আছিল৷
গতিকে তেতিয়াৰে পৰা প্ৰতি সন্ধিয়া বুঢ়ীগৰাকীয়ে পুখুৰীটোলৈ গৈ জোনবাই আকাশলৈ উঠালৈ বাট চায়গৈ৷ আৰু কায়টিয়ে ওচৰৰ পাহাৰ এটাতে বহি নিজৰ নোমবোৰ পৰিপাটিকৈ ফনিয়াই, জীভাৰে দাঁত দুপাৰী তিয়াই আৰু হাতোৰাৰে নাকটো মোহাৰি লৈ গীত জুৰে,
’আআআআওওওওওওও, আওওওওওও৷’
উৎস: Coyote Tales- Thomas King
(কানাডাৰ খিলঞ্জীয়া সাধু)
কানাডাৰ লোককথা নেকি?ভাল লাগিল পঢ়ি।
ReplyDelete🙏
Delete