Saturday 7 August 2021

কানাডাৰ ডায়েৰী (৩): ভেনকুভাৰ দ্বীপ

সাগৰৰ বুকুৱেদি

ভেনকুভাৰৰ বাটে-পথে শনিবাৰৰ পুৱাৰ সমাগম৷ অন্য ঠাইৰ দৰে সপ্তাহৰ অন্তত শনি বা দেওবাৰৰ দিনটো লাহে-ধীৰে যেন পাৰ নহয় ইয়াত৷ তাৰ বিপৰীতে প্ৰকৃতিৰ বুকুত কোনো অভিযানৰ হেঁপাহত চাইকেল, স্কি, ৰাফট আদি লৈ পুৱাতে ওলোৱা গাড়ীৰ ভিৰ লাগে৷ সেইদিনা আমিও সেই দলতে যোগ দিলো৷ য়ানেক আৰু মই ওলাই আহিলো মহানগৰীৰ পশ্চিমে থকা ছোৱাছেন (Tsawwassen) বন্দৰলৈ৷
 সেই বন্দৰৰ পৰা ভেনকুভাৰ দ্বীপলৈ জাহাজ ধৰিবলৈ৷

আজি প্ৰায় ডেৰবছৰৰ মূৰত এনেকৈ পুনৰ সাগৰৰ বুকুৱেদি ভ্ৰমণ কৰিবলৈ ওলাইছোঁ৷ অন্য বহু ঠাইৰ দৰে প্ৰয়োজনীয় যাতায়তৰ বাহিৰে সকলো ভ্ৰমণ বন্ধ হৈ আছিল কানাডাৰ এই ব্ৰিটিছ কলম্বিয়া প্ৰদেশতো৷ অতদিনৰ মূৰত সেই অৱকাশ, সেই স্বাধীনতা পোৱাৰ বাবেই যেন এক অনাবিল সুখেৰে-সকাহবোধেৰে হৃদয় উপচি পৰিল৷ হয়তো ক’ভিডৰ পূৰ্বৰ সেই স্বাভাৱিক পৃথিৱীৰ ক্ষণিক পৰশ পাই নতুন ঠাইৰ নতুন অভিজ্ঞতাৰ হেঁপাহৰ উজান উঠিল৷

ছোৱাছেনৰ পৰা ভেনকুভাৰ দ্বীপলৈ সাগৰীয় পথ

ছোৱাছেন বন্দৰৰ পৰা আঠ বজাৰ ফেৰী৷ নামতহে ফেৰী যদিও আকাৰ আৰু সা-সুবিধাৰে এইখন এক বিশালকায় জাহাজ৷ ফেৰীখন পাঁচখলপীয়া, তাৰে দুটাত শাৰী শাৰী গাড়ী আৰু বাকীবোৰত যাত্ৰীৰ বাবে ব্যৱস্থা৷ অন্য গাড়ী, আৰ ভি আৰু ট্ৰাকৰ সৈতে দীঘলীয়া শাৰীত গৈ এটা সময়ত আমাৰ গাড়ীও ফেৰীত উঠিলগৈ৷ এইমাহত আৰম্ভ হোৱা ব্ৰিটিছ কলম্বিয়াৰ পুনৰাম্ভণিৰ তৃতীয় পৰ্য্যায়ত মাস্কৰ বাধ্যবাধকতা উঠাই দিছে যদিও দেখা পালো প্ৰায়ভাগ মানুহেই ফেৰীৰ ভিতৰত মাস্ক পিন্ধিছে, ঘনে ঘনে হাতত লৈছে চেনিটাইজাৰ৷ সেই সচেতনতাই, নিজৰ লগতে অন্যৰ সুৰক্ষাৰ প্ৰতি দায়িত্বশীলতাই মনলৈ এক স্বস্তি আৰু কৃতজ্ঞতাৰ অনুভৱ আনি দিলে ৷

ভেনকুভাৰ দ্বীপলৈ যোৱা ফেৰী

ফেৰীৰ ভিতৰতে থকা অত্যাধুনিক ৰেষ্টুৰাঁত আমি পুৱাৰ আহাৰ লৈ বহোঁগৈ মানে দীঘলীয়া উকি এটা মাৰি ফেৰীখনে যাত্ৰা আৰম্ভ কৰিলে৷ লগে লগে ৰেষ্টুৰাঁৰ খিৰিকীৰ সিপাৰে গতি ল’লে সাগৰৰ সৰু-বৰ ঢৌবোৰে৷ উজ্বল ৰ’দৰ পৰশত চিকমিকাই উঠিল সেই নীলিম সাগৰৰ পানী৷ সাগৰৰ সেই ৰূপ আওকান কৰি ফেৰীৰ ভিতৰৰ আৰামী চকীতে বহি ৰোৱাৰ সাধ্য নহ’ল আমাৰ৷ সেয়ে ওলাই আহিলো একেবাৰে ওপৰ খলপৰ মুকলি ছান ডেকলৈ৷ দুৱাৰখন খোলাৰ লগে লগেই এছাটি উচ্ছল বতাহে প্ৰায় ঠেলি নিয়াদি নিলে! ডেকত ৰ’দ আৰু বতাহৰ কি এক উত্তাল ৰূপ! যেন নীলিম প্ৰশান্ত মহাসাগৰৰ ঢৌবোৰৰ উদ্দাম গতিৰ সৈতে ছন্দ মিলোৱাৰ এক প্ৰতিযোগিতা!

সাগৰৰ সেই বিশাল নীলিমাৰ মাজত অ’ত ত’ত দেখা পালো দুই এখন পালতৰা নাও৷ মাজে মাজে কাষেৰে উৰা মাৰিলে সাগৰৰ বুকুত খাদ্যৰ সন্ধানত ব্যস্ত গাল চৰাই দুটামানে৷ প্ৰশান্ত মহাসাগৰৰ এই ষ্টেইট অব জৰ্জিয়া (Strait of Georgia) অংশটোলৈ খাদ্যৰ সন্ধানতে কেইবাটাও প্ৰজাতিৰ তিমি মাছৰো আগমন হয়৷ বিশেষকৈ গ্ৰীষ্মকালিৰ এনে দিনবোৰতে৷ গতিকে তিমিমাছ বা ছীল আদি সাগৰীয় জন্তু দেখা পাওঁৱে নেকি বুলি মোৰ বাইন’কুলাৰ সষ্টম হৈ ৰ’ল৷

ছান ডেকৰ পৰা নীলিম সাগৰৰ ৰূপ

সাগৰৰ ৰং-ৰূপ উপভোগ কৰি কেনেকৈ দুঘন্টা সময় পাৰ হৈ গ’ল যেন গমকে নাপালো৷ প্ৰায় দহমান বজাত আমাৰ ফেৰী ৰ’লগৈ ভেনকুভাৰ দ্বীপৰ পূবপ্ৰান্তৰ চহৰ নানাইম’ৰ ডিউক পইন্টত৷

আকাশ চুব খোজা এজোপা প্ৰাচীন গছ

ভেনকুভাৰ মহানগৰীৰ পশ্চিমে প্ৰশান্ত মহাসাগৰৰ বুকুত ভেনকুভাৰ দ্বীপ৷ এই দ্বীপৰ পশ্চিম সীমান্ত স্পৰ্শ কৰি আছে আমেৰিকা আৰু কানাডাৰ আন্ত:ৰাষ্ট্ৰীয় সীমা৷ ভেনকুভাৰ দ্বীপৰ ভিক্টোৰিয়া মহানগৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ ৰাজধানী৷ অপূৰ্ব বৰ্ষাৰণ্য আৰু ইতিহাস-সংস্কৃতিৰে সমৃদ্ধ এই দ্বীপ কানাডাৰ এই পাৰত পৰ্য্যটনৰ এক অন্যতম আকৰ্ষণ ৷

ভিক্টোৰিয়াৰ পিছতে ভেনকুভাৰ দ্বীপৰ দ্বিতীয় বৃহৎ মহানগৰী নানাইম’৷  সিদিনা নানাইম’ৰ বন্দৰৰ পৰা আমি পোনেই যাত্ৰা কৰিলো কেথিড্ৰেল গ্ৰুভ নামৰ এক অৰণ্য অভিমুখে৷ নানাইম’ৰ উত্তৰে প্ৰায় ষাঠি কিমি দূৰত্বত এই কেথিড্ৰেল গ্ৰুভ৷ সাগৰৰ পাৰৰ সুৰ-বৰ নগৰবোৰৰ কাষেৰে যোৱা আইলেণ্ড হাইৱেত অন্য গাড়ীৰ লগতে তীব্ৰ গতিৰে আমাৰ গাড়ী আগবাঢ়িল৷ বাটৰ দুয়োকাষৰ ৰূপ চাই চাই আত্মমগন হৈ গৈ পালোগৈ কেথিড্ৰেল গ্ৰুভ৷ 
কানাডাৰ আটাইতকৈ প্ৰাচীন আৰু সুউচ্চ অৰণ্য এই কেথিড্ৰেল গ্ৰুভ৷ আঠশ বছৰীয়া এক অপৰূপ নাতিশীতোষ্ণ বৰ্ষাৰণ্য৷ 

ঘাইপথৰ দুয়োকাষ জুৰি বিস্তৃত হৈ থকা অৰণ্যখনৰ শোভা উপভোগ কৰিবলৈ কেইবাটাও হাবিতলীয়া বাট৷ তেনে এটা বাটেৰে আমি আগবাঢ়ি গ’লো৷ বাটৰ চাৰিওকাষে থিয় দি আছে ডগলাছ ফাৰ, হেমলক , গ্ৰেণ্ড ফাৰ আৰু ৰেড চিডাৰৰ বিশাল গছবোৰ৷ সুউচ্চ গছবোৰৰ ছাঁত অৰণ্যৰ তলিখন সেউজ কৰি তুলিছে ঢেকীয়াজাতীয়  চৰ্ড জোপোহাবোৰে৷ গছবোৰৰ ডালে- ডালে এক ডাঠ সেউজীয়া প্ৰলেপ ভিন্ন প্ৰজাতিৰ মছৰ৷

কেথিড্ৰেল গ্ৰুভৰ অৰণ্য
ভাৱ হ'ল, দুপৰৰ সুৰুযো যেন বিনম্ৰ হৈ পৰিছে সেই অৰণ্যৰ মাজত৷ সেউজীয়াৰ আচ্ছাদনৰ মাজেৰে মাথোঁ কোনোমতে সৰকি আহি মাটি চুইছেহি ৰ’দৰ একোটা ক্ষীণ ছাটিয়ে৷ তাৰ পোহৰত ধৰা দিছে সেউজীয়াৰ ভিন্ন তৰপবোৰে৷ ভৰ দুপৰৰ সেই সময়খিনিতো খাদ্যৰ সন্ধানৰ ব্যস্ত হৈ পৰিছে কেইটামান এমেৰিকান ৰ’বিন চৰাই আৰু কেৰ্কেটুৱাবোৰ৷ 


কিছুদূৰ গৈয়ে থিয় দিলোগৈ এই অৰণ্যৰ প্ৰধান আকৰ্ষণ এজোপা বিশেষ ডগলাছ ফাৰ গছৰ কাষত৷ দকৈ খাঁজ কটা ৰুক্ষ বাকলি এই ডগলাছ ফাৰৰ৷ চকুৰে কোনোমতেহে মনিব পৰা উচ্চতাৰ আকাশ ছানিব খোঁজা ডালবোৰত লিহিৰি পাতবোৰ৷ ডগলাছ ফাৰ সৰল গছৰ পৰিয়ালৰে এজোপা গছ৷ এই গছৰ নাম আহিছে ডেভিড ডগলাছ নামৰ এগৰাকী স্কটিছ উদ্ভিদবিদৰ পৰা৷ ইয়াৰ গাৰ পৰাই চৰাই-চিৰিকটিয়ে পোক খায়, হৰিণ, বিভাৰ আদিয়ে পাত খায়, ভালুকে ডগলাছ ফাৰৰ বাকলি বখলিয়াই ভিতৰৰ ৰস খায়৷
কানাডাৰ ভিতৰতে সৰ্ববৃহৎ আৰু প্ৰাচীন গছবোৰৰ অন্যতম এই ডগলাছ ফাৰজোপা৷ ইয়াৰ উচ্চতা হেনো পিছাৰ হেলনীয়া স্তম্ভতকৈও বেছি৷ আঠশ বছৰীয়া সেই প্ৰাচীন গছৰ বিশালতাৰ সন্মুখত ৰৈ যেন এক অপাৰ বিনম্ৰতাই মোক দেহ-মন স্পৰ্শ কৰি গ’ল৷ ভাৱ হ’ল, আকাশ চুব খোজা সেই গছে কত ইতিহাস হয়তো সামৰি থিয় দি ৰৈছে সেই ঠাইত৷ কত পৰিৱৰ্ত্তনৰ ধুমুহা বৈ গৈছে সেই গছৰ চাৰিওকাষে! ইউৰোপীয়ান মূলৰ অধিবাসীয়ে কানাডাত থিতাপি লোৱাৰ পূৰ্বৰ বহু প্ৰাচীন সভ্যতাৰ সাক্ষী এই গছজোপা৷ এই গছজোপা হয়তো প্ৰস্ফুটিত হৈছিল, লহপহকৈ বাঢ়িছিল বহু হাজাৰ বছৰৰ আগৰ পৰা এই ভূমিত বসবাস কৰি অহা ক’ম’কছ (K’ómoks), চেহাহ (Tseshaht) আৰু টেমেক্স (Te’mexw) নামৰ খিলঞ্জীয়া জাতি (First Nations) ৰ প্ৰতিপালনত৷ খিলঞ্জীয়া লোকে এই গছৰ কাঠ ব্যৱহাৰ কৰিছিল পৰম্পৰাগত ঘৰৰ মজিয়া আৰু মাছ ধৰাৰ সঁজুলিৰ বাবে৷ কানাডাৰ এই খিলঞ্জীয়া জাতি সমূহৰ নিজস্ব ভূমি আৰু পৰিচয় ৰক্ষাৰ নিৰৱছিন্ন সংগ্ৰামৰো সাক্ষী কিজানি এই প্ৰাচীন গছজোপা৷ 

 প্ৰাচীন ডগলাছ ফাৰ গছজোপা


’এইটো ডগলাছ ফাৰৰে গুটি নেকি?’ য়ানেকৰ মাতত মোৰ তন্ময়তা ভাঙিল৷ তাৰ হাতত সৰল গছৰ গুটিৰ দৰে যেন লগা এটা গুটি৷ মটিয়া বৰণৰ গুটিটোৰ প্ৰতিটো খাঁজৰ ওপৰত একোটা মিহি দীঘলীয়াকৈ ওলাই থকা অংশ৷ গুটিটোৰ সেই ৰূপ দেখিয়ে চিনি পালো এয়া ডগলাছ ফাৰৰে গুটি৷ লগে লগে মনত পৰিল ক’ৰবাত শুনা এটা কাহিনী- গুটিৰ এই বিশেষ ৰূপটোৰ ভিত্তিতেই কানাডাৰ খিলঞ্জীয়া লোকসকলৰ  মাজত প্ৰচলিত এক লোককথা৷

লোককথা অনুসৰি, এবাৰ অৰণ্যখন এক ভয়ানক বনজুইয়ে ছাটি ধৰিলে৷ লগে লগে অৰণ্যৰ সকলো জীৱ-জন্তুৱে সেই বনজুইৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায় বিচাৰিব ধৰিলে৷ চৰাইবোৰ বনজুইৰ পৰা যিমান পাৰে দূৰলৈ উৰি গুচি গ’ল৷ হৰিণৰ দৰে খৰকৈ দৌৰ দিব পৰা সকলো জন্তুৱে প্ৰাণটাকি দৌৰিবলৈ ধৰিলে৷ কিন্তু কণমান ঠেং দুখনেৰে জুইৰ খেদাত দৌৰিব নোৱাৰি অৰণ্যৰ নিগনিবোৰ বিতত হৈ পৰিল৷ সিহঁতে গৈ মেপল, হেমলক আৰু চিডাৰ গছৰ সহায় বিচাৰিলে৷ কিন্তু কোনো এজোপা গছেই নিগনিবোৰক সহায় কৰিবলৈ বাট উলিয়াব নোৱাৰিলে৷ অৱশেষত নিগনিবোৰে গৈ ডগলাছ ফাৰক কাবৌ কৰিলেগৈ কোনোৰকমে সিহঁতক বনজুইৰ পৰা ৰক্ষা কৰিবলৈ৷ ডগলাছ ফাৰে কিছু ভাৱি এটা উপায় দিলে৷ ইয়াৰ গা-গছডাল জুইত সহজে নজ্বলে৷ গতিকে তৎক্ষণাৎ নিগনিবোৰে যদি বগাই গৈ ফাৰৰ গুটিবোৰৰ আঁৰত লুকাই পৰে, বনজুইয়ে সিহঁতৰ একো অপকাৰ সাধিব নোৱাৰে৷ কথামতেই কাম৷ ডগলাছ ফাৰৰ গুটিৰ ভিতৰত লুকাইহে সেইবাৰলৈ নিগনিবোৰ বনজুইৰ পৰা ৰক্ষা পৰিল৷ সেইবাবেই আজিও ডগলাছ ফাৰৰ গুটিৰ খাঁজে খাঁজে দেখা পোৱা যায় নিগনিৰ কণমান ঠেং দুখন আৰু নেজডাল৷

সেই লোককথাই আমাক যেন পুনৰ সোঁৱৰাই দিলে প্ৰাচীন অধিবাসীসকলৰ প্ৰকৃতিৰ সৈতে অপূৰ্ব সংযোগৰ কথা৷ গম পালো, প্ৰায় এশবছৰমান আগৰ পৰা নতুন অধিবাসীয়ে গঠন কৰা লগিং কোম্পানীয়ে এই অৰণ্যৰ কুণ্ডা কাটিবলৈ আৰম্ভ কৰিছিল৷ জনসাধাৰণৰ বিপুল হেঁচাৰ মুখামুখি হৈহে অৱশেষত ১৯৪৪ চনত এই অংশটোৰ প্ৰতিৰক্ষাৰ পদক্ষেপ লয় আৰু মেকমিলান প্ৰাদেশিক উদ্যানৰ অংশ ৰূপে স্বীকৃতি দিয়ে৷

এইবাৰ আমি খোঁজ দিলো ঘাইপথৰ ইটো পাৰে থকা অৰণ্যৰ অংশটোত৷ দেখা পালো, ইফালে সিফালে পৰি ৰোৱা বহুতো সৰু-বৰ গছ৷ তিনিশ বছৰৰ পূৰ্বে অহা ধুমুহা আৰু জুইত কৰ্ফাল খাই পৰা গছবোৰে যেন এতিয়াও ধৰি ৰাখিছে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে সেই যুঁজৰ প্ৰতিচ্ছৱি৷ সেই শেষ হ’ব ধৰা জীৱনৰ ওপৰতে ভৰষা কৰি পচিব ধৰা কুণ্ডাবোৰৰ ওপৰত মূৰ দাঙি উঠিছে হেমলকৰ গছবোৰ৷ ইয়াৰ বনাঞ্চলত হেমলক গছৰ এনে সুবিধাবাদী ৰূপ তেনেই পৰিচিত৷ প্ৰকৃতিৰ প্ৰত্যেক প্ৰজাতিৰ জীয়াই থকাৰ ভিন্ন সংগ্ৰাম, ভিন্ন কৌশল! 


কেথিড্ৰেল গ্ৰভৰ এটা বাটত


ধুমুহাত কৰ্ফাল খাই পৰা এজোপা বিশাল গছৰ শিপা


ইংলিছমেন নদীৰ জলপ্ৰপাত

সিদিনাই নানাইম’লৈ উভতনি যাত্ৰাত চালোগৈ ইংলিছমেন নদীৰ জলপ্ৰপাত৷ 
ইংলিছমেন নামৰ নদীয়ে সৃষ্টি কৰা এই জলপ্ৰপাত ইংলিছমেন ৰিভাৰ প্ৰাদেশিক উদ্যানৰ ভিতৰত পৰে৷ ৷ শুনামতে এই নদীতে হেনো বহুবছৰ পূৰ্বে খিলঞ্জীয়া লোকসকলে শ্বেতাংগ লোক এজনৰ মৃতদেহ পাইছিল৷ তাৰপৰাই নদীখন আৰু জলপ্ৰপাতটোৰ নামো ’ইংলিছমেন’ হৈ পৰিল৷


ইংলিছমেন নদীৰ জলপ্ৰপাত


নদীৰ পানীয়ে সেইখিনিতে এক গভীৰ গিৰিখাত (canyon) সৃষ্টি কৰিছে৷ তাৰ পৰাই অৰণ্যৰ মাজেৰে বহুতো হাবিতলীয়া বাট৷ তাত ট্ৰেকিং আৰু মাউন্টেইন বাইকিঙৰ সুবিধা কৰি দিছে প্ৰাদেশিক উদ্যানৰ কৰ্তৃপক্ষই৷ তেনে এটা বাটেৰেই আমিও কিছুদূৰ খোজ দিলো৷ বাটৰ চাৰিওদিশে একেই সুউচ্চ ডগলাছ ফাৰ, চিডাৰ, হেমলক আৰু মেপলৰ বৰ্ষাৰণ্য৷ আমি দুয়ো থৰ লাগি চালো আকাশৰ সলনি অৰণ্যৰ পাতৰ সেই সেউজীয়া আচ্ছাদন, বৰ হেঁপাহেৰে উশাহত টানি ল’লো নিৰ্মল বতাহজাক, সেই অৰণ্যৰ সজীৱতা৷ প্ৰকৃতিৰ অপূৰ্ব ৰং-ৰূপেৰে দেহ-মন ওপচাই লৈ নানাইম’লৈ বুলি গাড়ী এৰি দিলো৷

অৰণ্যৰ বাটেৰে মই


ক্ৰমশ:

No comments:

Post a Comment