Tuesday 17 August 2021

কানাডাৰ ডায়েৰী (৪): ভেনকুভাৰ দ্বীপ

নানাইম’ৰ ৰং-ৰূপ

ভেনকুভাৰ দ্বীপৰ নানাইম’ চহৰত সেইদিনা আমাৰ দ্বিতীয় দিন৷ সেইদিনা পুৱাতে নানাইম’ৰ খাদ্যৰ সোৱাদ লওঁ বুলিয়ে ডাউনটাউনলৈ ওলাই আহিলো৷ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ পুৰণি নগৰবোৰৰ ভিতৰত এখন এই নানাইম’৷ এসময়ত কানাডাৰ ভিতৰতে সৰ্ববৃহৎ কয়লাৰ খনি ইয়াতে আছিল হেনো ৷

ডাউনটাউনত কেফে বহুত যদিও প্ৰায় সকলোতে মানুহৰ দীঘলীয়া লানি৷ কেইবাখনো কেফে চাই চাই গৈ অৱশেষত য়ানেক আৰু মই সোমালোগৈ ভল্ট কেফেত৷ সোমায়েই অনুভৱ কৰিলো এই কেফেৰ আৱহাৱা অন্য ঠাইতকৈ যথেষ্ট ভিন্ন৷ সাজ-সজ্জা আৰু পৰিৱেশ সকলো বৰ কলাত্মক আৰু ব্যতিক্ৰমী৷ কেফেৰ আচবাব, বাচন-বৰ্তন সকলোতে ভিন্টেজ ষ্টাইল স্পষ্ট৷ চকুত পৰিল একোণত পুৰণি ট্ৰাংক এটাকে খোৱামেজৰ ৰূপ দিছে৷ তাৰ লগতে নানা প্ৰাচীন বাদ্যযন্ত্ৰ, দেৱালৰ ভিন্টেজ চিত্ৰ আৰু সাজ-সজ্জা সকলো মিলি ভল্ট কেফেক এটা অপূৰ্ব ব্যক্তিত্ব প্ৰদান কৰিছে৷ কেৱল চাহ বা কফি একাপ খোৱাই নহয়, সেই কেফেত বহি পৰিৱেশটো উপভোগ কৰিবলৈকো যেন মানুহৰ ইচ্ছা জাগিব৷ 

একোণত কিতাপৰ ভিন্টেজ আলমিৰা এটা দেখি চকু ফুৰালোগৈ৷ ইউৰোপৰ ইম্প্ৰেছনিষ্ট কলাৰ এখন বিশাল সংগ্ৰহপুথিৰ পাত লুটিয়াই থাকোঁতেই কফি আৰু পুৱাৰ আহাৰ দিলেহি ৱেইটাৰ গৰাকীয়ে৷

ভল্ট কেফেৰ ভিতৰছোৱা

তাতে জুতি ল’লো নানাইম’ বাৰৰো৷ নানাইম’ বাৰৰ সুখ্যাতি সমগ্ৰ কানাডাতে৷ এই মিঠাইবিধত সাধাৰণতে তিনিটা তৰপ থাকে- প্ৰথমে ৰুকা নাৰিকল, ৱালনাট, কক’ পাউডাৰ আৰ গ্ৰাহাম ক্ৰেকাৰৰ টুকুৰাৰ এটা মিশ্ৰণ, তাৰ ওপৰত কাষ্টাৰ্ড বাটাৰক্ৰীম আৰু একেবাৰে ওপৰত ডাৰ্ক চকলেট৷ ভেনকুভাৰত দুবাৰমান এই বাৰৰ সোৱাদ লৈছোঁ, পিছে নানাইম’ত নানাইম’ বাৰৰ সোৱাদেই বেলেগ!

গৈ থৈ ভল্ট কেফেত সেইদিনা ব্ৰেকফাষ্টৰ সলনি ব্ৰাঞ্চ কৰি দুপৰীয়াহে ওলালো!

নানাইম’ বাৰ (ফটোৰ উৎস)

কাৱিচ্চান নৈৰ পাৰত এনিশা

ভল্ট কেফেৰ পৰা  পোনেই আমাৰ গাড়ী চলিল কাৱিচ্চান কেম্পগ্ৰাউণ্ডলৈ৷ নানাইম’ৰ পৰা ৬৫ কিমি দূৰৈৰ এই কাৱিচ্চান নদীৰ পাৰতে অৰণ্যত টেন্ট তৰি সেই নিশাটো কটোৱাৰ পৰিকল্পনা৷ 

নানাইম’ৰ পৰা কাৱিচ্চানলৈ যোৱাৰ দুটা বাট -প্ৰথমটো সাগৰৰ কাষেৰে ট্ৰেন্স কানাডা হাইৱে হৈ আৰু আনটো নানাইম’ নদীৰ পাৰে পাৰে এটা পথেৰে৷ হাইৱেতকৈ নানাইম’ নদীৰ পাৰেৰে যাবলৈ বেছি আকৰ্ষণীয় হ’ব বুলি গুগুল মেপৰ পৰামৰ্শ আওকাণ কৰি আমি সেইবাটেৰেই আগবাঢ়িলো৷ পিছে দুয়োকাষৰ অৰণ্যৰ শোভা চাই চাই নিজান বাটটোৰে আধাঘন্টা মান যোৱাৰ পিছতে হঠাৎ আমাৰ গাড়ী ৰৈ গ’ল৷

’আগলৈ ৰাস্তা বেয়া চোন!’- য়ানেকে অলপ থতমত খাই ক’লে৷ ভেনকুভাৰ দ্বীপত এইষাৰ কথা মুখত ওলোৱাটোৱে যেন নোহোৱা-নোপজা কথা!

দেখা পালো, সেইখিনিতে পকী ৰাস্তা হঠাৎ নোহোৱা হৈ আৰম্ভ হৈছে গ্ৰেভেল দিয়া ঠেক বাট৷ তেতিয়াহে আমি উপলব্ধি কৰিলো, গুগল মেপে কিয় বাৰে বাৰে আনটো বাটেৰে যোৱাৰ পৰামৰ্শ দিছিল! অগ্যতা বাধ্য হৈ পুনৰ নানাইম’লৈ উভতিলো৷ তাতে কিছুপৰ জিৰাই-শঁতাই এইবাৰ আমি বাট বুলিলো কৰিলোঁ ট্ৰেন্স কানাডা হাইৱে’ৰে৷

প্ৰায় ডেৰঘন্টামানৰ মূৰত আবেলি ওলালোগৈ কাৱিচ্চান কেম্পগ্ৰাউণ্ড৷ প্ৰাদেশিক চৰকাৰে সমগ্ৰ কানাডাৰে বনাঞ্চলবোৰত ব্যৱস্থা কৰি দিয়া অলেখ-অসংখ্য কেম্পৰ এটা এই কাৱিচ্চান ষ্ট’লজ পুল কেম্পগ্ৰাউণ্ড৷ গ্ৰীষ্মকালি মহানগৰৰ কংক্ৰিটৰ অৰণ্যৰ পৰা আঁতৰি আহি প্ৰকৃতিৰ সেউজীয়াৰ মাজত আশ্ৰয় ল’ব খোজা লোকেৰে এই কেম্পিঙৰ ঠাইবোৰ গিজগিজাই থাকে৷ ইয়াত কেম্পিং ইমানেই জনপ্ৰিয় যে বছৰৰ আৰম্ভণিতে সকলো ঠাই সমগ্ৰ বছৰটোৰ বাবে অনলাইন বন্দবস্ত হৈ যায়৷ গতিকে যথেষ্ট চেষ্টাৰেহে কাৱিচ্চানৰ কেম্পগ্ৰাউণ্ডত সেই নিশাটোৰ বাবে ঠাই পালো৷ 

কেম্পগ্ৰাউণ্ডত অৰণ্যৰ মাজে মাজে একোটা দলৰ বাবে নিৰ্ধাৰিত কণমান একোডোখৰ মুকলি ঠাই৷ তাৰ ঠেক বাটটোৰে লাহে লাহে গাড়ী আগবঢ়াই নি আমি চাই গ’লো ইতিমধ্যে থিতাপি লোৱা অলেখ-অসংখ্য দলৰ শাৰী শাৰী কেম্পবোৰ৷ কাৰোবাৰ অত্যাধুনিক সুবিধাযুক্ত কাৰাভান, কাৰোবাৰ শোৱা-খোৱাৰ পৃথকে পৃথকে সুসজ্জিত টেন্ট, কাৰোবাৰ গছত ওলোমাই লোৱা হেম’কৰ জোলনা৷ যেন অস্থায়ীকৈ হ’লেও নিজাকৈ সকলো সা-সুবিধা কৰি লৈ সকলোৱে অৰণ্যৰ মাজৰ জীৱনকে আকোঁৱালি লৈছেহি! 

’ওঠৰ নম্বৰ ছাইট! এয়াই আমাৰ ঠাই তেনে!’ য়ানেকক দেখুৱালো৷ বাটৰ কাষতে সেই ছাইটৰ সন্মুখত কণমানি এটা কাঠৰ খুঁটাত ঠাইৰ নম্বৰ আৰু তাতে গোঁজ মাৰি থোৱা এটুকুৰা কাগজত আমাৰ নাম৷ 

লাহে লাহে য়ানেকে গাড়ীখন নি তাতে ৰখালেগৈ৷ এনেকৈ কেম্পৰ ঠাইলৈকে গাড়ী নি আৰামেৰে টেন্ট তৰি থকাটো আমি ৰস কৰি কেম্পিং নহৈ ’গ্লেম্পিং’ (glamour camping)হে কৰা বুলি কওঁ৷ হয়তো যিকোনো ফিটনেছৰ লোকৰ বাবে প্ৰকৃতিৰ মাজত সময় কটোৱাৰ সুবিধা কৰি দিয়াৰ বাবেই কানাডাৰ বহু ঠাইত এই ব্যৱস্থা৷ অৱশ্যে বহু প্ৰাদেশিক উদ্যানত দীঘলীয়া ট্ৰেকিং কৰি গৈ দুৰণিবটীয়া ঠাইতো কেম্প কৰাৰ ব্যৱস্থা আছে৷ তেনে কেম্পিঙক ইয়াত কোৱা হয় বেক কান্ট্ৰি কেম্পিং৷ তাৰ পৰিকল্পনা পিছলৈ থৈ সদ্যহতে ফ্ৰন্ট কান্ট্ৰি কেম্পিং বা গ্লেম্পিঙৰ বিলাসিতাকে আমি আকোঁৱালি ল’লো৷

আমাৰ বাবে নিৰ্ধাৰিত ঠাইত কাঠৰ পিকনিক টেবুল আৰু জুহাল৷ অৱশ্যে ব্ৰিটিছ কলম্বিয়াৰ বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা বনজুইৰ বাবে বৰ্তমান সকলো কেম্পৰ জুহালত জুই ধৰাটো নিষিদ্ধ৷ ইতিমধ্যে বেলি পৰিবৰ হৈছে৷ সেয়ে লৰালৰিকৈ টেন্ট তৰি লৈ তাত নিশাটো কটাবৰ বাবে সকলো যা-যোগাৰ কৰি ল’লো৷ 

কাৱিচ্চান নদীৰ পাৰত কেম্পিং
কেম্পগ্ৰাউণ্ডৰ কাষেৰে কাৱিচ্চান নদীলৈ এটা সৰু হাবিতলীয়া বাট গৈছে৷ সেইবাটেৰেই আমি দুয়ো খোজ দিলো অৰণ্যখন আৰু কাৱিচ্চান নদীখন চাওঁগৈ বুলি৷ বাটৰ দুয়োকাষে ডগলাছ ফাৰ আৰু ৱেষ্টাৰ্ন হেমল’কৰ ঘন অৰণ্য৷ চকুৰে মনালৈকে সেই অৰণ্যত  ঢেঁকীয়াজাতীয় চ’ৰ্ড ফাৰ্ণৰ দলিচা৷ তাৰ মাজে মাজে থকা চা’মন বেৰী আৰু ব্লেকবেৰীৰ জোপোহাবোৰত ভৰি ভৰি বেৰী লাগিছে৷ এনেয়ে বনৰ জন্তু-চৰাই চিৰিকটিৰ খাদ্য বুলি বেৰী ছিঙি খাবলৈ মোৰ সত নাযায়৷ কিন্তু দিনটোৰ ভাগৰ আৰু গৰমৰ অজুহাততে দুয়ো হাতমেলি দুটামান বেৰী ছিঙি আনিলো৷

’কেনে সতেজ আৰু সোৱাদ! বজাৰত কিনা বেৰীৰ সৈতে তুলনাই নহয়৷’- য়ানেকে ক’লে৷

মই একো নকৈ হাঁহিলো মাথোঁ৷ লগতে সষ্টম হ’লো জোপোহাৰ আশে পাশে বেৰী খোৱাত মগ্ন হৈ থকা ভালুকৰ মুখামুখি হ’ব লগা হয় বুলি৷ ভালুকক আমাৰ উপস্থিতিৰ আগতীয়া জাননী দিবলৈকে পিঠিৰ বেকপেকত ওলোমাই ল’লো ভালুকৰ টিলিঙা (Bear bell) এটা৷ এই ঠাইত গ্ৰীষ্মকালি ক’লা ভালুক সক্ৰিয় হৈ থাকে৷ গতিকে কেম্পগ্ৰাউণ্ডত ভালুকক আকৰ্ষণ নকৰিবলৈ সকলো খাদ্য-বস্তু, জাবৰ-জোথৰ ভাগে ভাগে বন্ধ কৰি থোৱাৰো দিহা কৰা হৈছে৷ 

হাবিতলীয়া বাটটো মুকলি হৈ ওলালগৈ ঘাঁহনি এখনত৷ তাৰ কাষেৰেই পাৰ হৈ গৈছে খৰস্ৰোতা কাৱিচ্চান নদী৷ সৰু যদিও প্ৰাণচঞ্চল৷ কাৱিচ্চান নদীৰ সেই অপূৰ্ব ৰূপে মন মুহি নিলে৷ বহুদিন উপবাসে থকা মানুহৰ দৰে প্ৰাণখুলি টানি নিলো সেই ৰূপ, সেই গতি আৰু সেই পানীৰ খলখলনি৷ নদীপৰীয়া মানুহৰ যে নদীৰ সৈতে এক চিৰদিনীয়া আপোনত্ব! 

কাৱিচ্চান নদীৰ একাংশ

বিশালকায় কাৱিচ্চান হ্ৰদৰ পূবৰ পৰা ওলাইছে কাৱিচ্চান নদী৷ এই কাৱিচ্চান নদীৰ পাৰৰ খিলঞ্জীয়া সাগৰীয় চালিছ (Coast Salish) লোকসকলৰ ভাষাত কাৱিচ্চান শব্দৰ অৰ্থ ’সুৰুযে উমাল কৰা ভূমি’ (land warmed by the sun)৷  কাৱিচ্চান নদীত পোৱা ক’হ’, চিনুক আদি চা’মন মাছ আৰু ট্ৰাউট মাছৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই উপত্যকাৰ ভালুক আৰু খিলঞ্জীয়া জাতিৰ জীৱনবোৰ ঠন ধৰি উঠিছিল৷ কাৱিচ্চান নদীৰ পাৰত ক্ষন্তেক ৰৈ পুনৰ যেন সুঁৱৰিলো, গছ-লতা, জীৱ-জন্তু আৰু মানুহ আদি প্ৰকৃতিৰ বিভিন্ন অংগৰ সেই চিৰন্তন আন্ত:সংযোগ৷ পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু ভাৰসাম্য ৰক্ষাৰে আদিম কালৰে পৰা বোৱতী নদীৰ দৰেই বৈ অহা সেই জীৱনবোধ৷ কিমান শ্বাস্বত, কিমান অপৰূপ!

কাৱিচ্চান নদীৰ একাষে  দেখা পালো এটা স্মৃতিস্তম্ভ৷ কাষৰে ফলকখনত চকু ফুৰাই আচৰিত হৈ পৰিলো৷ সেই স্মৃতিস্তম্ভ হেনো ক’হিমাৰ ৱাৰ মেম’ৰিয়েলৰ এটা সৰু প্ৰতিৰূপৰূপে সজা! বাৰ্মা ষ্টাৰ মেম’ৰিয়েল কেইৰন (The Burma Star Memorial Cairn)-এ দ্বিতীয় মহাযুদ্ধৰ সময়ত পূব এছিয়াত জাপানী সৈন্যৰ হাতত পতিত হোৱা সৈন্যসকলৰ সোঁৱৰণত ক’হিমা ৱাৰ মেম’ৰিয়েলৰ এই প্ৰতিৰূপ গঢ়িছিল৷ প্ৰথমে গৱেষণাৰ বাবে আৰু তাৰ পিছত তাত আপোন হৈ পৰা বহুজনৰ বাবে নাগালেণ্ডৰ সৈতে এটা ঘনিষ্ঠ সম্পৰ্ক মোৰ৷ ক’হিমাৰ সেই মাজ মজিয়াত অৱস্থিত ৱাৰ মেম’ৰিয়েলৰ এটি চিন পৃথিৱীৰ এই প্ৰান্তত পাই সুখী হৈ পৰিলো৷


কাৱিচ্চান নদীৰ পাৰত ক’হিমাৰ স্মৃতি



কাৱিচ্চান নদীৰ পাৰত থকা ক’হিমা ৱাৰ মেম’ৰিয়েলৰ প্ৰতিৰূপ


ইতিমধ্যে সন্ধিয়া লাগিছিল৷ দিনটোৰ অৱসাদে আমাক আগুৰি ধৰিবলৈও আৰম্ভ কৰিছিল৷ সিদিনা আৰু কেম্পত ৰন্ধাৰ ইচ্ছা নহ’ল৷ গ্লেম্পিঙৰ অন্য এটা সুবিধা হ’ল, প্ৰায়বোৰ কেম্পগ্ৰাউণ্ডৰ ওচৰতে পোৱা যায় সৰু একোখন টাউন৷ যেন আধুনিক পৃথিৱীৰ পৰা বহু আঁতৰত হৈও সেই পৃথিৱীৰ সকলো সুবিধা ল’ব পৰাৰ বিলাসিতা! সেইনিশা তাৰেই সুবিধা লৈ আমি ওলাই গ’লো কাৱিচ্চানৰ কেম্পৰ ওচৰতে থকা লেক কাৱিচ্চান টাউনলৈ৷ তাতে নিশাৰ সাজ খাই আহি  পুনৰ সোমাই পৰিলোহি প্ৰকৃতিৰ মাজত৷ সকলোৰে পৰা বিছিন্ন হৈ কেৱল সেউজীয়াৰ মাজত, চৰাইৰ কাকলি, চিকাডাৰ মাতৰ মাজত এনিশা কটোৱাৰ হেঁপাহত৷

ভেনকুভাৰ দ্বীপ ভ্ৰমণৰ পথ (পশ্চিমৰ শুভ্ৰ ৰেখাডাল কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সীমা)



No comments:

Post a Comment