Tuesday 10 August 2021

আকাশী নাৰীৰ কাহিনী (কানাডাৰ লোকগাঁথা)

এসময়ত আকাশত ওপঙি থকা এখন বিশ্ব (Skyworld)ত আকাশী মানুহবোৰে বাস কৰিছিল৷ এদিন তাৰে আকাশী নাৰী এগৰাকীয়ে ভোকত ৰ’ৱ নোৱাৰা হৈ খাদ্যৰ সন্ধানত ওলাই গ’ল৷ গৈ গৈ তেওঁ এজোপা বিশাল গছৰ ওচৰ পালেগৈ আৰু তাৰ শিপা বিচাৰি গছজোপাৰ চাৰিওফালে খান্দিবলৈ আৰম্ভ কৰিলে৷ এই গছজোপা এজোপা বিশেষ  জীৱন দায়িনী (Tree of Life) গছ আছিল৷ আকাশী নাৰীগৰাকীয়ে খান্দি থাকোঁতে দেখা পালে সেই জীৱন দায়িনী গছৰ তেওঁ খন্দা বিন্ধাটোৰ সিপাৰে এক বিশাল মুকলি ঠাই৷ দূৰ-দিগন্ত বিয়পি আন্ধাৰ-পোহৰৰ চিকমিকনি তাত৷ তেওঁ খান্দি থকাৰ সময়ত অৰণ্যৰ জীৱ-জন্তুবোৰে তেওঁক পিছে বাৰে বাৰে সেয়া বন্ধ কৰিবলৈ সকিয়নী দিলে৷ কাৰণ বেছিকৈ খান্দিলে সেই বিন্ধাৰে আকাশী নাৰীগৰাকী সৰি পৰাৰ সম্ভাৱনা! কিন্তু তেওঁ ভোকত ইতিমধ্যে বৰ অস্থিৰ হৈ পৰিছিল৷ সেইসময়ত আকাশী নাৰীগৰাকীয়ে গম পোৱা নাছিল যে তেওঁ যঁজা সন্তান দুটিৰে গৰ্ভৱতী হৈ আছে৷ গতিকে কাৰো সকিয়নী নামানি তেওঁ নিৰন্তৰ খান্দিয়ে থাকিল৷

সকলোৰে আশংকা সঁচা কৰিয়ে এইবাৰ সেই অঘটন ঘটিল৷ বিন্ধাৰ সিপাৰৰ মুকলি ঠাইৰ ছাঁ-পোহৰৰ খেলা দেখি আকাশী নাৰী গৰাকী বিভোৰ হৈ পৰিল৷ খন্দাৰ মাজতে এবাৰ বিন্ধাৰে হাউলি ভালকৈ চাব খোজোতেই তেওঁ হঠাৎ সেইফালেদি তললৈ সৰি পৰিল৷

Sky Woman (1936), by Seneca artist Ernest Smith

আকাশী নাৰীগৰাকী খৰগতিৰে তলৰ ভিন্ন পৃথিৱীখনলৈ আহিবলৈ ধৰিলে৷ সেইসময়ত তলৰ পৃথিৱী জুৰি আছিল এখন সুবিশাল মহাসাগৰ৷ সাগৰৰ জলচৰ জীৱ-জন্তুবোৰে ওপৰলৈ চাই সেইদিনা দেখা পালে আকাশৰ বিন্ধা এটাৰে কিবা এটা সৰি পৰিব ধৰিছে৷ সকলোৱে চাই থাকোঁতেই আকাশী নাৰীগৰাকী সৰি আহি পানীত পৰোঁ পৰোঁ হ’লহি৷ তেওঁ আহি পানীত পৰিলে এই পৃথিৱীৰ ভাৰসাম্যতা নষ্ট হ’ব বুলি ভয় কৰি জীৱ-জন্তুবোৰ বিতত হৈ জৰুৰী আলোচনাত বহিল৷ 
এই আচৰিত আকাশী নাৰীগৰাকী কোনে কেনেকৈ আকাশতে ধৰিবগৈ তাকে লৈ জীৱ-জন্তুবোৰৰ মাজত উত্তপ্ত আলোচনা হ’ল৷ আলোচনাৰ শেষত অৱশেষত এই দায়িত্ব দিয়া হ’ল ৰাজহাঁহৰ জাকটোক৷ 

কথামতেই কাম৷ ৰাজহাঁহৰ জাকটো তৎক্ষণাত আকাশী নাৰীৰ কাষলৈ উৰা মাৰিলে৷ সিহঁতৰ পাখিবোৰ জোৰাই লৈ এখন সুকোমল দলিচাৰ সৃষ্টি কৰি আকাশতে সেই নাৰীক আশ্ৰয় দিলে৷ সেই দলিচাত উঠি লৈ আকাশী নাৰী এই পৃথিৱী পালেহি৷

কানাডা ৰাজহাঁহৰ জাক (ফটো: Ken Billington)


ৰাজহাঁহৰ জাকটোৱে আকাশী নাৰীগৰাকীক বেছিসময় দলিচাত ধৰি ৰখাটো সম্ভৱপৰ নাছিল৷ সেয়ে সকলো জীৱ-জন্তু মিলি ভৱিষ্যত কাৰ্য্যপন্থা থিৰ কৰিবলৈ আলোচনাত বহিল৷ দলিচাৰ পৰাই নাৰীগৰাকীয়ে দেখিলে চাৰিওফালে গোট খোৱা জলচৰ জন্তু আৰু চৰাই-চিৰিকটিবোৰ৷ সেইদলত আছিল লুন নামৰ হাঁহবিধ, উদ, বিভাৰ আদি জলচৰ জন্তু আৰু নানা প্ৰকাৰৰ মাছবোৰ৷ সেইদলৰ পৰাই ওলাই আহি এটা বৰকাছই আকাশী নাৰীক জিৰণি ল’বলৈ বুলি নিজৰ পিঠিখন পাতি দিলে৷ কৃতজ্ঞভাৱেৰে তেওঁ ৰাজহাঁহৰ দলিচা এৰি বৰকাছটোৰ পিঠিত বহিলহি৷ 

জন্তুবোৰে উপলব্ধি কৰিলে যে আকাশী নাৰীগৰাকী বাস কৰিবলৈ এডোখৰ ঠাইৰ প্ৰয়োজন৷ তেওঁ পানীত বাস কৰিব নোৱাৰে আৰু আকাশত উৰিবও নোৱাৰে৷ গতিকে সকলোৱে মিলি ঠিক কৰিলে, তেওঁৰ বাবে এডোখৰ মাটি বিচৰাৰ প্ৰয়োজন৷ জলচৰ জন্তুবোৰৰ কিছুমানে ক’লে, সেই সাগৰৰ গভীৰ তলিত মাটি পোৱা যাব৷ গতিকে সেই মাটি বিচাৰি যোৱাই উচিত কাম হ’ব৷

লুন চৰাই (ফটো: ৱিকিকমনছ)
প্ৰস্তাৱমতেই সকলোতকৈ প্ৰথমে সহায় কৰিবলৈ বুলি লুন হাঁহ (Loon) আগবাঢ়ি আহিল৷ চাৰিওদিশ ৰজনজনাই যোৱা দীঘলীয়া সুহুৰিটো মাৰি হাঁহবিধে মাটিৰ সন্ধানত ডুব দিলে৷ কিন্তু  সাগৰৰ গভীৰলৈ গৈ তলিখন উলিয়াব নোৱাৰি  ব্যৰ্থ হৈ কিছুপৰৰ পিছত খালীহাতেৰে উভতি আহিল৷ লুনৰ পিছত উদ, বিভাৰ, মাছ সকলোৱে এটা এটাকৈ সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ কিন্তু সকলোবোৰেই সাঁতোৰাত পাকৈত হোৱা স্বত্বেও গভীৰ সাগৰৰ তলিৰ পৰা মাটি আনিবলৈ কোনোৱে সক্ষম নহ’ল৷ বহুপৰ যুঁজি প্ৰত্যেকেই উশাহ ল’বলৈ কষ্ট পাই, সাগৰ তলিৰ অন্ধকাৰত আতংকিত হৈ ককবকাই উঠি আহিল৷ 

একেবাৰে শেষত বাকী ৰ’ল মাস্কৰেট (Muskrat) নামৰ এন্দুৰবিধ৷ সকলোৱে জানিছিল মাস্কৰেট জলচৰ হ’লেও গভীৰ পানীত সাঁতোৰাত বিশেষ পাকৈত নহয়৷ গতিকে সেই এন্দুৰবিধে আকাশী নাৰীৰ বাবে মাটি বিচাৰি যাব খোজাত বাকী জন্তুবোৰে বিশেষ আশা কৰিব নোৱাৰিলে৷ তথাপিও মাস্কৰেটে উৎসাহেৰে কণমানি ঠেং আৰু নেজডাল মাৰি মাৰি পানীত ডুব দিলে৷

বহুপৰলৈকে মাস্কৰেট উভতাৰ কোনো নাম-গোন্ধ পোৱা নগ’ল৷ তালৈ বাট চাই চাই জীৱ-জন্তুবোৰ ভাগৰি পৰিল৷ এটা সময়ত হঠাৎ পানীত বুদবুদনি উঠিল৷ সকলোৱে সেইফালে চকু দিলে৷ লাহে লাহে ওপঙি উঠিল মাস্কৰেটৰ প্ৰাণহীন শৰীৰটো৷ 

মাস্কৰেট (ফটো: ৱিকিকমনছ)

আকাশী নাৰীক সহায় কৰিবলৈ গৈ মাস্কৰেট আওমৰণে মৰিল বুলি সকলো জীৱ-জন্তু গভীৰ শোকত বুৰ গ’ল৷ কিন্তু তাৰ মাজতে কোনোবাই দেখা পালে, মাস্কৰেটৰ হাঁতোৰাৰ মুঠি তেতিয়াও টানকৈ মৰা৷ সেই মুঠি খোলাত তাত ওলাই পৰিল এচপৰা মাটি৷ 

বৰকাছই ক’লে, ’মাটিখিনি মোৰ পিঠিতে দিয়া৷ ময়ে সেয়া ৰাখিব পাৰিম৷’

কথামতেই আকাশী নাৰীগৰাকীয়ে হাওলি লৈ বৰকাছৰ পিঠিৰ খোলাটোত মাটি চপৰা লেপি দিলে৷ বিন্ধাটোৰে সৰি পৰাৰ সময়ত আকাশী নাৰী গৰাকীয়ে জীৱন দায়িনী গছজোপাত এখন হাতেৰে থাপ মাৰি ধৰাৰ চেষ্টা কৰিছিল৷ তাৰ ফলত তেওঁৰ হাতৰ মুঠিত ৰৈ গ’ল জীৱন দায়িনী গছজোপাৰ পাত আৰু গুটিৰে সৈতে এটা ডাল৷ তেওঁ সেইখিনিকে বৰকাছৰ পিঠিৰ মাটিত সিঁচি দিলে৷ 

জীৱ-জন্তুবোৰৰ নিস্বাৰ্থ সহায় আৰু কৰুণাত অভিভূত হৈ তেওঁ কৃতজ্ঞতাৰ গীত এটি গালে আৰু মাটিৰ ওপৰতে ঘুৰি ঘুৰি নাচিলে৷ তেওঁৰ সুললিত গীত আৰু ভৰিৰ পৰশত সেই মাটি ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে৷ আকাশী নাৰী আৰু জীৱ-জন্তুবোৰৰ সদিচ্ছা আৰু সহমৰ্মিতাৰ প্ৰভাৱতে সেই এচপৰা মাটিৰ পৰাই এটা সময়ত গৈ সমগ্ৰ পৃথিৱীখন সৃষ্টি হ’লগৈ৷ নিজে সিঁচা গছবোৰৰ আকাশী নাৰীগৰাকীয়ে প্ৰতিদিনে যত্ন ল’লে৷ তেওঁ সৰি পৰা বিন্ধাটোৰে সূৰ্য্যৰ পোহৰ পৰি গছবোৰ লহপহকৈ বাঢ়িবলৈ ধৰিলে আৰু এটা সময়ত তাৰ পৰাই ৰুক্ষ পৃথিৱীখন গছে-বনে  সেউজীয়া হৈ পৰিল৷ সময়ত আকাশী নাৰীৰ যঁজা সন্তান দুটিৰ জন্ম হ’ল আৰু তাৰ পৰাই এই পৃথিৱীত মানুহৰো বংশ আৰম্ভ হ’ল৷ 


‘Turtle Island’ by First Nations Cree artist Jasyn Lucas


এইবাবেই উত্তৰ আমেৰিকাক খিলঞ্জীয়া জাতিসমূহে এতিয়াও বৰকাছৰ দ্বীপ (Turtle Island) টো বুলি বিশ্বাস কৰে আৰু পূৰ্বৰ পাৰস্পৰিক সহমৰ্মিতা বজাই ৰাখি যুগ যুগ ধৰি ইয়াৰ প্ৰতিপালন কৰি আহিছে৷

(উৎস: Sky Woman creation story: Folklore among the Anishinaabe and Haudenosaunee First Nations in Canada and the United States)

2 comments:

  1. “আকাশী নাৰীৰ কাহিনী” পঢ়ি ভাল লাগিল৷

    ReplyDelete