Saturday 1 April 2023

এলবাৰ্টা ১০৩

কানাডাৰ পশ্চিম প্ৰান্তৰ এডমণ্টন মহানগৰীত এতিয়া দিনে নিশাই বৰফ পৰিছে। প্ৰতিনিশাই বৰফে পুতি পেলাব খোজা বাট-পথবোৰ পুৱাতে মেচিনেৰে মুকলি কৰিছে। ৰাতিটোৰ ভিতৰতে বাটৰ কাষৰ গাড়ীবোৰত পৰা বৰফৰ ডাঠ প্ৰলেপটো ব্ৰাছেৰে ঠেলি ঠেলি আঁতৰাইছে। হাড় কপোঁৱা জাৰৰ সৈতে যুঁজিয়ে আৰম্ভ হৈছে প্ৰতিটো কৰ্মব্যস্ত দিন। 

এই ঠাইত এখন নতুন ঘৰ পতাৰ কেইবামাহো হ'ল যদিও মোৰ দেহ-মনত এতিয়াও এৰি অহা ভেনকুভাৰৰ সুবাস। শীতৰ সেমেকা দিনবোৰত যেন ভেনকুভাৰৰ মায়াই বেছিকৈহে আৱৰি ধৰিছে। যেন মই এতিয়াও বন্দী এৰি আহিও এৰিব নোখোজা সেই প্ৰিয় ঠাইৰ নষ্টালজিয়াত। তাৰ সেউজ বৰ্ষাৰণ্য, শাৰী শাৰী পৰ্বত, উচ্ছল সাগৰখনৰ অপৰূপ শোভাত। বিদায় দিব নোখোজা আপোন মানুহবোৰৰ সান্নিধ্যৰ মাদকতাত। 

এনেকৈ ধৰফৰাই থকা এটা দিনতে বন্ধু টিগানে ক'লে,

'আজি সন্ধিয়া ওলাবা। মোৰ বন্ধু তনয়াই নতুন চাকৰি পালে। চেলিব্ৰেট কৰিমগৈ।'

কথামতেই সন্ধিয়া তিনিও এটা পাবত লগ হ'লোঁ। তনয়াৰ সৈতে এয়া প্ৰথম দেখা। লনী দেহৰ এগৰাকী এথলীট চেহেৰাৰ শ্বেতাংগ মহিলা। গম পালোঁ তেওঁ মোৰ চুবুৰীয়া। 

নিশাৰ সাজৰ লগে লগে তনয়াই উৎসাহেৰে কৈ গ'ল নতুন চাকৰিৰ কথা। তেওঁ ছফটৱেৰ ইঞ্জিনিয়াৰ। এফালে পুৰণি কোম্পানী আৰু সহকৰ্মী এৰি যোৱাৰ দুখ, আনহাতে নতুন কোম্পানীৰ নতুন দায়িত্বৰ উত্তেজনা! স্বাভাৱিকতে তেওঁৰ মাতত মিশ্ৰিত আবেগ-উৎকণ্ঠা। তাৰ মাজতে তেওঁ মোৰ খৱৰ ল'লে,

'কেনে লাগিছে এডমণ্টন? ঠাণ্ডাত কষ্ট পাইছা নেকি?'

শীত-তাপ নিয়ন্ত্ৰিত পাবৰ পৰিৱেশটোত মই যেন কিছু আত্মমগ্ন হৈ আছিলো। কোমল লাইটৰ পোহৰ, সংগীতৰ মূৰ্ছনা, আমাৰ চাৰিওফালৰ টেবুলৰ পৰা ভাঁহি অহা কথা-বাৰ্তা আৰু হাঁহিৰ শব্দ- সকলোবোৰ মিলি যেন মোলৈ এটা সুখানুভূতি আনি দিছিল। সেই অনুভৱৰ আমেজ লৈ থকাৰ পৰাই মই সঁহাৰি দিলোঁ, 'ঠিকেই!'

যেন বহু অনুভৱৰ ঢৌৱে উখল-মাখল লগাই থকা উত্তাল সাগৰ এখন বুকুৰ মাজতে সামৰি থ'লো।

অন্তত: অলপ সময়ৰ বাবে ।

কিছু পিছতে ক্ৰিষ্টেন ওলালহি। গম পালোঁ, তেৱোঁ মোৰ চুবুৰীয়া, টিগান আৰু তনয়াৰ বন্ধু। ওখ-পাখ, কেকোৰা চুলি আৰু সকলো সময়তে মুখত লাগি ৰোৱা প্ৰাণখোলা হাঁহি। সেই প্ৰথম চিনাকিতে যেন সহজ হৈ পৰিলোঁ। 

লাহে লাহে আমাৰ আড্ডা জমিল। গম পালোঁ, মোৰ দৰেই দুয়ো বহু ঠাই ঘুৰি-পকি ভিন্ন সময়ত এডমণ্টনত নিজা এখন ঘৰ পাতিছেহি। এইবাৰ কথা প্ৰসংগত ক্ৰিষ্টেনে সুধিলে,

'কেনে লাগিছে এডমণ্টন?'

তেতিয়ালৈ মোৰ বিশ্বাস হৈছে, নতুন বন্ধু যদিও এওঁলোকৰ সৈতে মুকলিকৈ কথা পাতিব পৰা যায়। সুখ-দুখৰ দুই এটি অনুভৱ ভগাই ল'ব পৰা যায়।

সেইবাবেই নেকি এইবাৰ মই মুকলিকৈ কৈ পেলালোঁ, এতিয়াও এই ঠাইত সহজ হ'বলৈ বাকী, নিজাকৈ জীৱন এটা গঢ়িবলৈ বাকী।

'আস্‌, ইয়ালৈ আহি প্ৰথম বছৰটোত আমাৰো খুউব কষ্ট হৈছিল জানা? বিশেষকৈ শীতকালটো নাযায়-নুপুৱায় যেন লাগি গৈছিল।' তনয়াই ক'লে।

সিহঁত তিনিও কানাডাতে ডাঙৰ হোৱা। তেনে কেনেডিয়ানৰে যদি শীতৰ দিনবোৰ কষ্টকৰ হয়, তেনে মই কোন কুটা! মনটো কিছু পাতলিল।

'শীতৰ দিনবোৰ ভালদৰে কাটিবলৈ নিজেই উপায় উলিয়াই ল'ব লাগিব বুজিছা। আমি দৌৰিবলৈ যাওঁ, মাউণ্টেইন বাইকিং কৰোঁ, স্কি-স্কেটিং-স্ন টিউবিং কৰোঁ।' ক্ৰিষ্টেনে ক'লে।

'এই বৰফৰ মাজত?' মোৰ মাতত দোমোজাৰ ভাৱটো তেতিয়াও ওলমি থাকিল।

'অঁ, ইয়াত বছৰৰ ছমাহ বৰফ থাকে। ছমাহ শীত-তাপ নিয়ন্ত্ৰিত ঘৰত সোমাই থাকিবতো নোৱাৰি। ঠিক উইণ্টাৰ গিয়েৰ আৰু মন থাকিলে একোৱে অসম্ভৱ নহয়। সেইবাবেইতো ইয়াত ইমানবোৰ উইণ্টাৰ স্পৰ্টছ!' তনয়াই ক'লে।

'ওলাবা এদিন সন্ধিয়া! আমি একেলগে দৌৰিবলৈ যাম। কোনদিনা সবৰে সময় মিলিব বাৰু?' টিগান যেন হাতে-কামে লাগি পৰিলেই।

মোৰ দৰে নতুন অনভিজ্ঞ চুবুৰীয়াৰ বাবে ইয়াৰ শীতৰ দিনবোৰ উপভোগ্য কৰিবলৈ যেন তিনিও সংকল্পবদ্ধ হ'ল। পিছদিনাই দেখোঁ, আমাৰ এটা নতুন হুৱাটছএপ গ্ৰুপ সৃষ্টি হৈছে। দৌৰাৰ পৰিকল্পনা চলিছে। বাহিৰত বৰফৰ ডাঠ দলিচাখন দেখি মোৰ মনটো কোঁচ খালে যদিও প্ৰায় বাধ্য হৈয়ে যেন হয়ভৰ দিলো।

দুদিন পিছতে নিশা চাৰে আঠবজাত মিল নৈৰ পাৰত আমি চাৰিওগৰাকী গোট খালোঁ। পিন্ধনত কেইবাতৰপীয়া দৌৰাৰ সাজ। দৌৰৰ জোতাৰ তলত লগাই ল'লোঁ জোঙা মেটেলৰ স্পাইক। বৰফত পিছলি নপৰিবলৈ সেয়াই হেনো সকলোতকৈ কামত অহা উপায়। মূৰত একোটা হেডলেম্প। তাপমাত্ৰা তেতিয়ালৈ নামি গৈ -২১ ডিগ্ৰী চুইছেগৈ। 


মিল নদীৰ পাৰত হাবিতলীয়া বাট
'ব'লা তেন্তে!' কৈয়ে তনয়াই দৌৰ দিলে। আমিবোৰে তেওঁৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।  

মোৰ বাবে এয়া এক অবিশ্বাস্য পৰিৱেশ। দৌৰি ভাল পাওঁ যদিও কেতিয়াও এনেকৈ জীৱনতে দৌৰিবলৈ গৈ পোৱা নাই- ৰাতিৰ অন্ধকাৰত, হাড় কঁপোৱা জাৰত, বৰফে ঢাকি থোৱা ওখ-চাপৰ হাবিতলীয়া বাটত। হয়তো অভিযানপ্ৰিয় মনটোৱে এই নতুন অভিজ্ঞতাৰ চমকত ক্ষন্তেকলৈ সেই সকলোবোৰ পাহৰি থাকিল।

মিল নৈৰ দুয়োপাৰৰ অৰণ্যৰ একাঁ-বেকাঁ বাটেৰে দৌৰাৰ লগে লগে অনুভৱ কৰিলোঁ এই ট্ৰেইল ৰানিঙ মোৰ বাবে বহু দিশৰ পৰাই যেন এক প্ৰত্যাহ্বান!

বৰফে ঢকা ওখ-চাপৰ বাটটো মাজে মাজে লুংলুঙীয়া হৈ পৰে, মাজে মাজে হৈ পৰে আহল-বহল একোটা বাট। ৰাতিৰ অন্ধকাৰত হেডলেম্পৰ পোহৰে উজলোৱা অংশটোলৈকেহে দেখিছোঁ। হাবিৰ মাজে মাজে দৌৰোতে কোনোবা কোণত ঘপকৈ ওলাই পৰিছে এজোপা লঠঙা গছ- নাইবা একোটা থিয় গড়া। সেইবোৰে বাৰে বাৰে মোক ঠটমট খোৱাইছে, সতৰ্ক কৰি তুলিছে। অকস্মাত হামথুৰি বা পিছল খাই পৰাৰ পৰা বাচিবলৈ দেহ-মনৰ সেই অহৰহ প্ৰচেষ্টাত মোৰ ফোঁপনি উঠিছে।

মোৰ আগে আগে দৌৰি থকা চুবুৰীয়া কেইগৰাকীক দেখি ভাৱ হৈছে, এয়া যেন এক দৈনন্দিন অৱসৰ বিনোদনহে। কথাৰ লাচতে ইমান অনায়াসে দৌৰিব ধৰিছে যেন এই বাট-পথ, এই অৰণ্য আৰু বৰফৰ দলিচা তেওঁলোকৰ বাবে চিৰপৰিচিত।

মাজতে এবাৰ দোমোজাত পৰি ৰৈ দিছোঁ। এইহেন থিয় বৰফৰ পাহাৰেৰে কেনেকৈ দৌৰি নামি গ'ল তেওঁলোক? তনয়াই মোক থমকি ৰোৱা দেখি সুধিছে,

'তুমি ঠিকে আছানে?'

'উম...কেনি পাৰ হওঁ ধৰিব পৰা নাই!'

লগে লগে তিনিও ক্ষন্তেক থমকি ৰৈছে। সোঁমাজৰ টান শিল যেন হৈ পৰা পিচল বৰফবোৰ এৰি কাষে কাষে কপাহ-কোমল বৰফত ভৰি দি নামিবলৈ সহায় কৰিছে।তিনিও  উপলব্ধি কৰিছে, বৰফৰ সৈতে এয়া মোৰ প্ৰথম চিনাকি। এই বৰফৰ দেশত শৈশৱৰে পৰা তেওঁলোকৰ শৰীৰে আৰু ভৰি দুখনে ক'ত খোজ দিব পাৰি, ক'ত নোৱাৰি সেয়া ভালদৰে বুজি লৈছে। যেন সেয়া স্বত:স্ফুৰ্তভাৱেই হৈ পৰিছে শৰীৰৰ বিকাশ প্ৰক্ৰিয়াৰ এক অংশ। সেই বছৰ বছৰ জুৰি প্ৰোথিত হোৱা শিক্ষা ল'বলৈ মোৰ এতিয়াও বহু বাকী।

দৌৰাৰ লগে লগে ক্ৰিষ্টেনে এইবাৰ মোক বৰফৰ ভিন ভিন প্ৰকাৰৰ বিষয়ে ক'বলৈ ধৰিছে। ক'বলৈ ধৰিছে, কোনবোৰ কপাহৰ দৰে কোমল বৰফ, কোনবোৰ শিলৰ দৰে টান আৰু পিছল হৈ পৰা জিলিকা বৰফ। চিনাকি হৈছোঁ আগতে কেতিয়াও নুশুনা ক'লা বৰফৰ সৈতে। পকী ৰাস্তাত ইমানেই পাতল পানীৰ চামনি গোট মাৰে যে গাড়ী চালকে কেতিয়াও সেই ক'লা বৰফ হেনো দেখা নাপায়। তাত গাড়ীৰ চকা উঠিল মানেই ব্ৰেক ফেইল! ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা!

জোন আৰু ডাৱৰৰ খেলাত উদ্ভাসিত অৰণ্য

প্ৰথম অভিজ্ঞতাৰ চমক আৰু উৎকণ্ঠাখিনি পাৰ হোৱাৰ পিছত লাহে লাহে মই চৌপাশৰ সৈতে সহজ হৈ আহিলোঁ। তেতিয়াহে যেন চকুত পৰিল জোনৰ পোহৰত উদ্ভাসিত হৈ উঠা এছপেন গছৰ অৰণ্যখন। সেই ঠেঁটুৱৈ লগা জাৰৰ নিশা আমাৰ বাহিৰে অৰণ্যখনত কোনো জনপ্ৰাণী নাই। চৌদিশ ইমান নিজম-নিতাল! মাজে মাজে মাথোঁ শুনিছোঁ ফেঁচাৰ মিঠা মাত- কুক কুক কুক।

'সেয়া শ্ব হুৱেট ফেঁচাৰ মাত। লগৰী বিচাৰিয়ে মাতি আছে কিজানি।' টিগানে কৈছে।

এপলকৰ বাবে মই ৰৈ গৈছোঁ। হেঁপাহেৰে শুনিছোঁ সেই আকলুৱা মাত। বুকু ভৰাই সামৰি লৈছোঁ জোনাকে ধুৱাই নিয়া মিল নদীৰ দুয়োপাৰৰ শোভা। কি এক অপৰূপ অবিশ্বাস্য পৰিৱেশ সেয়া।

লাহে লাহে মোৰ গৰম উঠি আহিছে। ঠাণ্ডাৰ অবিৰাম অত্যাচাৰ নোহোৱা হৈছে। মোৰ দেহ-মন আৱৰি পেলাইছে এক সুখানুভূতিৰে। যেন দুটা মুহূৰ্তৰ বাবে হ'লেও মনৰ দেৱালবোৰ খহি পৰিছে। যেন এটা স্বস্তিয়ে বুকুত বাহ ল'বলৈ আৰম্ভ কৰিছে।

বৰফৰ দলিচাত আমাৰ খোঁজ

সেই যে আৰম্ভ হ'ল- তাৰপিছৰ পৰা প্ৰতি সপ্তাহে আমি দৌৰিবলৈ যাবলৈ ল'লোঁ। একেই সময়, একেই ঠাই। ঋণাত্মক চিনেৰে নামি গৈ থকা তাপমাত্ৰাই আমাক স্তব্ধ কৰিব নোৱাৰিলে। প্ৰতি সপ্তাহে তনয়াই মিল নৈৰ পাৰৰ ন ন বাটেৰে আমাক বাট দেখুৱাই লৈ গ'ল। এই কাঠনিৰ একা-বেঁকা সকলো বাট যেন তেওঁৰ মুখস্থ হৈ গৈছে। কেতিয়াবা হাবিৰ মাজত কায়'টি (শিয়ালৰ দৰে এবিধ জন্তু)ৰ ৰাউচি শুনিলে তেৱেঁ বাটৰ লাঠি এডাল তুলি লয়। গতি থমকি নৰয়।

কেইদিনমানৰ পিছত আমাৰ দলত যোগ দিলে এঞ্জেলাই। তাৰপিছত আহিল শ্যেলী আৰু ল'ৰেন। সকলো আমাৰে চুবুৰীয়া।  প্ৰত্যেকেই নিজা কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত মহিলা। কৰ্মব্যস্ত দিনৰ শেষত কণমানিহঁতক খুৱাই বুৱাই শুবলৈ দি নিশা তেওঁলোক ওলাই আহে। ইয়াত প্ৰায়বোৰ সাংসাৰিক কাম মানুহে নিজে চম্ভালে। ঘৰুৱা সহায় পোৱাতো বহুদিশৰ পৰাই টান কাম। গতিকে সেই সকলোবোৰ লেঠা সামৰিও সপ্তাহটোৰ এইখিনি সময় নিজৰ বাবে উলিয়াই ল'বলৈ বহুখিনি মিলাব লগা হয়। 

ক্ৰিষ্টেনে কয়হি,

'ল'ৰা-ছোৱালীহালক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই স্কুললৈ সাজু কৰাতো মোৰ পাৰ্টনাৰ ব্ৰেণ্ডনৰ দায়িত্ব। গতিকে ৰাতি দেৰি হ'লেও মোৰ চিন্তা নাই।'

শ্ৰদ্ধা উপজে মোৰ। গৌৰৱ হয় আমাৰ এই দৌৰৰ দলটো লৈ। কমদিনতে গোট খোৱা মোৰ এই নতুন বন্ধুবোৰক লৈ। যিমান ঠাণ্ডা পৰিলেও, দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰিলেও প্ৰতিসপ্তাহৰ এই সময়খিনিয়ে এক অপূৰ্ব সজীৱতা আনি দিবলৈ ল'লে। 

এনিশা পিছে অনিচ্ছাস্বত্বেও মোৰ দৌৰিবলৈ যোৱা নহ'ল। সেইদিনা এডমণ্টন এৰি কামৰ বাবে দুদিনৰ কাৰণে ভেনকুভাৰ পালোঁহি। 

কামৰ মাজতে সুৰুঙা উলিয়াই চি ৱালত খোজ কাঢ়ি সাগৰৰ সৰু-বৰ ঢৌবোৰ চালোঁ। ডাউনটাউনৰ বিয়াগোম অট্টালিকা আৰু ব্যতিব্যস্ত বাটবোৰৰ প্ৰাণচাঞ্চল্যখিনি আকৌ এবাৰ হৃদয়লৈ টানি নিলোঁ। পেচিফিক স্পিৰিট বৰ্ষাৰণ্যৰ সেউজীয়াৰ মাজত সোঁৱৰণিক বাট এৰি দিলোঁ। গছ ভৰি ভৰি ফুলা চেৰী ফুলবোৰ হেঁপাহেৰে আকৌ এবাৰ চুই চালোঁ। এৰি অহা প্ৰিয় মানুহবোৰৰ সান্নিধ্যত আকৌ এবাৰ জীপাল হৈ উঠিলোঁ। সকলোৰে লগত মিলি তাৰ নেৰানেপেৰা বৰষুণজাকক লৈ বিষাদগাৰো কৰিলোঁ।

মোৰ বাবে ইমানবোৰ সোঁৱৰণি, ইমানবোৰ সাধুকথাৰ থুনপাক লৈ ৰৈ আছিল ভেনকুভাৰ!

ভেনকুভাৰত চেৰী ফুল

উভতাৰ বাটত পিছে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলোঁ,  ভেনকুভাৰ চিৰদিন মোৰ বাবে হৈ ৰ'ৱ এখন আপোন ঠাই। কিন্তু এতিয়া ভেনকুভাৰত মোৰ জীৱনৰ সেই সময়ছোৱা অতীত হৈছে। এতিয়া এডমণ্টনত মোৰ এখন নিজা ঘৰ হৈছে, মনে বিচৰাৰ দৰে এটা জীৱনৰ আৰম্ভণি হৈছে। 

বহু পলমকৈ হ'লেও এইবাৰহে যেন মই সঁচা অৰ্থত ভেনকুভাৰক বিদায় দিলোঁ। ফ্লাইটত বহি প্ৰথমবাৰৰ বাবে হেঁপাহেৰে বাট চালোঁ- এডমণ্টন পোৱালৈ। ঘৰ সোমোৱালৈ।

No comments:

Post a Comment