'হেই জলি, তুমি সাজুনে?'
হেডছেটৰ মাইক্ৰ'ফ'নত পিটাৰৰ মাতটো ভাঁহি আহিল। মনৰ আশংকা আৰু উত্তেজনাখিনি সামৰি মই উৎসাহেৰে কৈ উঠিলোঁ,
'হয়, মই সাজু!'
এখন বগা এ-ষ্টাৰ হেলিকপ্টাৰৰ পাইলটৰ আসনত পিটাৰ। পিটাৰৰ কাষত মোৰ সহকৰ্মী ব্ৰেট। হেলিকপ্টাৰখন যথেষ্ট সৰু। পাইলটৰ পিছতে মাথোঁ চাৰিখন আসন। পিটাৰৰ ঠিক পিছফালে খিৰিকীৰ কাষত মই। মোৰ কাষত অন্য দুগৰাকী সহকৰ্মী এৰিন আৰু ক্ৰিষ্টিন।
এলাবাৰ্টাৰ উত্তৰত থকা তৈলনগৰী ফৰ্ট মেকমাৰিত আজি মোৰ প্ৰথম দিন! শীতৰ প্ৰকোপ কমা নাই যদিও মুকলি নীলা আকাশ আৰু উজ্বল ৰ'দজাকে বসন্তৰ বতৰা আনি দিছে।আমাৰ মনবোৰো পোহৰাই তুলিছে।
'জলি, এইটো পাৰ্ট সকলোতকৈ বেছি এক্সাইটিং!' পিটাৰৰ মাতটো হেডছেটত ভাঁহি আহিল আকৌ। বুজিলোঁ সেয়া পিটাৰৰ মোক সহজ কৰাৰ চেষ্টা । কাৰণ ইতিমধ্যে তেওঁ গম পাইছে আমাৰ গোটটোত কেৱল মোৰহে হেলিকপ্টাৰত আজি প্ৰথম দিন।
আকাশী পথেৰে |
আমি সকলো এলবাৰ্টাৰ প্ৰাদেশিক চৰকাৰৰ বন্য জীৱবিজ্ঞানী। পদবীৰ ফালৰ পৰা ময়ে সকলোতকৈ জ্যেষ্ঠ যদিও আমাৰ দলত এনে কামৰ ক্ষেত্ৰত সকলোতকৈ অনভিজ্ঞও ময়ে। ব্ৰেট, এৰিনহঁতে ইয়াৰ আগতেও বহুবাৰ হেলিকপ্টাৰত অহা-যোৱা কৰি কাম কৰিছে। সিহঁতে প্ৰতি বছৰে হেলিকপ্টাৰৰ পৰা দুৰ্গম অৰণ্যৰ জীৱজন্তুৰ জৰীপো কৰিছে। সেয়ে হেলিকপ্টাৰত উঠাৰ আগে আগে ব্ৰেটক ক'লোঁ,
'তুমি বছৰ বছৰ ধৰি ফিল্ডৰ এই কামবোৰ কৰি আহিছা। গতিকে মই মাথোঁ তোমাৰ পৰামৰ্শমতে যি কৰিব লাগে কৰি যাম।'
লাহে লাহে হেলিকপ্টাৰখনৰ পাংখাৰ গতি বাঢ়িল। তীব্ৰ হৰ্ণ এটা দি লৈ হেলিকপ্টাৰখনে হেলিপেডৰ মাটি এৰিলে। ওপৰলৈ উঠাৰ লগে লগে মোৰ চকুত লাহে লাহে ধৰা দিলে ফৰ্ট মেকমাৰি নগৰীখন। আথাবাস্কা, ক্লিয়াৰৱাটাৰ, হেঙিংষ্ট'ন আৰু হৰ্ছ নদীৰ সংগমস্থলীত গঢ়ি উঠা নগৰীখন এতিয়াও বৰফৰ শুকুলা দলিচাই ঢাকি থৈছে। তাৰ মাজে মাজে শীতৰ সৈতে যুঁজি থিয় দি আছে লঠঙা গছবোৰ। তেনে এয়াই মোৰ নতুন কৰ্মক্ষেত্ৰ! চকুৰে মনালৈকে মই চৌদিশে চাই ৰ'লোঁ- যেন তেনেকৈয়ে এই বিশাল লেণ্ডস্কেপৰ সৈতে যিমান পাৰি চিনাকি হৈ লোৱাৰ চেষ্টা কৰিলোঁ।
আমাৰ হেলিকপ্টাৰখন ফৰ্ট মেকমাৰিৰ উত্তৰলৈ আগবাঢ়িল। কানাডাৰ প্ৰায়বোৰ নগৰী আৰু মানুহৰ বসতি দক্ষিণে কানাডা-আমেৰিকাৰ সীমাতহে থুপ খাই আছে। যিমানে উত্তৰলৈ যোৱা যায়, ঠাণ্ডাৰ প্ৰকোপ বাঢ়ে আৰু ঠাইবোৰো দুৰ্গম হৈ আহে। ইয়াৰ আগতে কেতিয়াও কানাডাৰ উত্তৰৰ এই ঠাইবোৰ নিজ চকুৰে চোৱাৰ অভিজ্ঞতা হোৱা নাই। কিন্তু জানো, উত্তৰৰ প্ৰকৃতি অনন্য। ব'ৰিয়েল অৰণ্য, তাৰ অপূৰ্ব জীৱ-জন্তু আৰু প্ৰাকৃতিক শোভাৰ কথা মনত পৰি মোৰ মন ৰোমাঞ্চিত হৈ উঠিল।
কিন্তু হেলিকপ্টাৰৰ গতিৰ লগে লগে নতুনকৈ উদ্ভাসিত হৈ উঠা ছৱিখনৰ বৈপৰীত্যই যেন মোক চমকাই তুলিলে। বৰফৰ দলিচা মুকলি কৰি লৈ আমাৰ তলত এয়া চোন প্ৰকৃতিৰ সলনি মানুহৰহে সাংঘাতিক কুচ কাৱাজ! চকুৰে মনালৈকে ভিন্ন ৰকমৰ ঔদ্যোগিক অবয়বে মূৰ দাঙি উঠিছে। সৰু-বৰ বাটবোৰত অতিকায় ট্ৰাকবোৰে অহা-যোৱা কৰি আছে। ঠায়ে ঠায়ে কাৰখানাৰ ধোঁৱাই নীলা আকাশৰ একাংশ ঢাকি পেলাব খুজিছে!
তেনে এয়াই অতদিনে শুনি অহা কানাডাৰ বিয়াগোম তেল উদ্যোগ! যি এলবাৰ্টাৰ অৰ্থনীতিৰ ৰূপ সলাই পেলাইছে। লগতে এই উদ্যোগে ব'ৰিয়েল অৰণ্যৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত বহু বিতৰ্কৰো সূত্ৰপাত কৰি আহিছে।
'সৌৱা কি?' আমাৰ হেলিকপ্টাৰৰ ঠিক বাওঁহাতে ধৰা দিয়া হ্ৰদৰ দৰে ঠাই এখনলৈ আঙুলীয়াই মই মাইক্ৰ'ফোনত সুধিলোঁ।
পত্নীয়ে ডিজাইন কৰা কেকৰ কাহিনী কৈ থকাৰ পৰা পিটাৰ থমকি ৰ'ল। তেওঁৰ লগতে ব্ৰেট আৰু এৰিনেও কৈ উঠিল,
' সেইবোৰেই টেইলিংছ!'
মোৰ মনটো কঁপি উঠিল। এয়াতো প্ৰাকৃতিক হ্ৰদ নহয়েই, বন্য জীৱ-জন্তুৰ কাৰণে ভয়ংকৰভাৱে বিপদজনক এক কৃত্ৰিম ঠাইহে। কাৰণ এই টেইলিংছ ফেচিলিটিবোৰতে তেলৰ নিষ্কাশনৰ সময়ত ওলোৱা বৰ্জিত পদাৰ্থবোৰ ৰখা হয়। তাৰ সংস্পৰ্শলৈ আহিল মানেই জীৱ-জন্তু, চৰাই-চিৰিকটিৰ মৃত্যু অনিবাৰ্য্য! সেইবোৰ ইমান বিশাল যে দেখাত প্ৰকাণ্ড হ্ৰদ একোটা যেন ভাৱ হয়।
পিটাৰ পুনৰ নিজৰ কাহিনীলৈ ঘুৰি গ'ল। ক'বলৈ ধৰিলে নিউজিলেণ্ডৰ পৰা আহি কেনেকৈ ইয়াত খোপনি পুতিলেহি। কেনেকৈ এই তৈল নগৰীত এটা সুখী আৰু আৰামী জীৱন গঢ়িলেহি।
আকাশৰ পৰা বিস্তৰ এলেকা জুৰি থকা বিয়াগোম তেলৰ উদ্যোগ চাই চাই মই যেন বহুপৰলৈ বিভোৰ হৈ পৰিলোঁ। এই উদ্যোগৰ প্ৰাচুৰ্য আৰু ক্ষমতাৰ প্ৰভাৱ বহু বেছি। কানাডাৰ অৰ্থনীতিক বহুদূৰ আগুৱাই নিছে যদিও এই উদ্যোগে অপৰূপ ব'ৰিয়েল অৰণ্যৰ বিস্তৰ ক্ষতিও কৰিছে। লগতে চাৰিওফালৰ পৰা ঠেলি ঠুকি আনিছে কানাডাৰ ভূমিপুত্ৰ খিলঞ্জীয়া সকলৰ মাটি।
প্ৰাদেশিক চৰকাৰৰ জ্যেষ্ঠ বন্যজীৱবিজ্ঞানী হিচাপে যোগ দিয়াৰ সময়তে জানিছিলোঁ, এইখন এখন যুঁজ হ'ব। উন্নয়ন আৰু প্ৰকৃতি সংৰক্ষণৰ মাজত ভাৰসাম্য অনাৰ যুঁজ। এই বিশাল ঔদ্যোগিক কুচ-কাৱাজৰ জীৱ-জন্তুৰ ওপৰত পৰিব পৰা বিৰূপ প্ৰভাৱ কমোৱাৰ যুঁজ। কিন্তু আজিহে যেন এই যুঁজখনৰ প্ৰত্যাহ্বান কেনে জটিল সেয়া সঁচা অৰ্থত উপলব্ধি কৰিলোঁ।
যোগ দিয়াৰ প্ৰথম সপ্তাহতে এখন মিটিঙত ইয়াৰে আটাইতকৈ প্ৰভাৱশালী তেল কোম্পানীটোৰ প্ৰতিনিধিগৰাকীয়ে মোক কৈছিল,
'আপুনি জইন কৰাৰ কথা ফৰ্ট মেকমাৰিৰ গোটেইবোৰ তেল কোম্পানীতে বনজুইৰ দৰে বিয়পি গৈছে!'
ভিতৰি অলপ চমকিলেও মই হাঁহি হাঁহিয়ে কৈছিলোঁ,
'হয় নেকি? সেয়া ভাল খৱৰ বুলিয়ে লৈছোঁ।'
আজিহে যেন তাৰ মৰ্মাৰ্থ আৰু মোৰ দায়িত্বৰ গুৰুত্ব বুজি পালোঁ। পাৰিমনে মই? পাৰিমনে এই প্ৰভাৱশালী অৰ্থনীতিৰ সন্মুখত প্ৰকৃতি সংৰক্ষণৰ চুক্তি এটা অহৰহ বজাই ৰাখিব?
'আমি নামিবৰ হৈছে।' ব্ৰেটৰ মাতে মোৰ তন্ময়তা ভাঙিলে। ইতিমধ্যে আমাৰ চাৰিওদিশে আৰণ্যক সেউজীয়াই ছাটি ধৰিছে। তেলৰ খনি পাৰ হৈ আমি ব'ৰিয়েল অৰণ্য পাইছোঁহি।
অপূৰ্ব ব'ৰিয়েল অৰণ্য |
'জলি, তুমি মোৰ পিছে পিছে নামি যাবা। আমাক নমাই হেলিকপ্টাৰ নৰয়। লগে লগেই ক্ৰিষ্টিন আৰু এৰিনক লৈ আনটো পইণ্টলৈ যাবগৈ।' ব্ৰেটৰ কথাত হয়ভৰ দিলোঁ।
পিটাৰে কণ্ট্ৰ'ল ৰুমত জনালে, 'কেমেৰা ক্ৰু ৱানক ল'কেশ্যন ০০১ ত নমাবলৈ লৈছোঁ। এই ক্ৰুত আছে জলি আৰু ব্ৰেট।'
ডাঠ অৰণ্যৰ মাজত বৰফত গোট মাৰি ৰোৱা হ্ৰদৰ মুকলি ঠাই এটুকুৰাতে হেলিকপ্টাৰ নামিল। হেলিকপ্টাৰৰ পাংখা চলি থকা ভাগেই ব্ৰেটৰ পিছে পিছে মই নামি পৰিলোঁ। এআঁঠু বৰফত খুপি খুপি খোজ দি খুউব সাৱধানেৰে দুয়ো বেগবোৰ নমালোঁ।ব্ৰেটে ক'লে,
'মোৰ পিছে পিছে হাওলি আহা।'
যিমান পাৰি মূৰ তল কৰি হাওলি খোজ দিলোঁ। নহ'লে হেলিকপ্টাৰৰ পাংখাই আঘাত কৰাৰ ভয়। দুইমিটাৰ মান দূৰৈতে দুয়ো চকু মুদি জেকেটেৰে গা-মূৰ ঢাকি বৰফত পৰি ৰ'লোঁ। ব্ৰেটে চিঞৰি ক'লে,
'মই নোকোৱালৈকে একেবাৰে লৰচৰ নকৰিবা।'
আমাৰ চাৰিওফালে বৰফৰ ছিটিকনিৰে প্ৰচণ্ড ফোৱাৰা তুলি হেলিকপ্টাৰ আকৌ উৰিল। সেই ধুমুহা ক্ষান্ত হোৱাৰ পিছত ব্ৰেটে মোক হেঁচুকি ক'লে,
'এতিয়া নিৰাপদ আমি!'
বন্যজীৱ কেমেৰা |
'সৌটো আমাৰ কেমেৰা।' ব্ৰেটে আঙুলীয়াই দেখুৱালে।
এছপেন গছৰ গাত বান্ধি থোৱা বাকচৰ দৰে কেমেৰাটো মোৰো চকুত পৰিল। দুয়ো আগবাঢ়ি গৈ কামত লাগি পৰিলোঁ। এই অৰণ্যৰ জন্তুবোৰ বিশেষকৈ মেঠোন (বাইছন)ৰ পৰ্য্যবেক্ষণৰ বাবে এই কেমেৰাবোৰ সমগ্ৰ অৰণ্যখনৰ ঠায়ে ঠায়ে পাতি থোৱা আছে। বছৰেকত এবাৰ কেমেৰাবোৰ আমাৰ বিভাগে পৰীক্ষা কৰেহি।
ব্ৰেটে কেমেৰাটো খুলি লৈ নতুনকৈ বেটেৰী-কাৰ্ড আদি লগালে। দৰকাৰী তথ্য-পাতিবোৰ মই নোটবুকত টুকি গ'লোঁ। নতুনকৈ আকৌ এটা কেমেৰা লগাই এইবাৰ আমি দুয়ো কেমেৰাৰ সন্মুখেৰে অহা-যোৱা কৰি চালোঁ। চলন সংবেদনশীল কেমেৰাটোৱে আমাৰ চলন ধৰা পেলাই উপৰাউপৰিকৈ কেইবাখনো ফটো তুলিলে।
এআঁঠু বৰফেৰে হেলিকপ্টাৰলৈ বুলি |
'ঠিকেই কাম কৰিছে! যোৱাবছৰ এই কেমেৰাটোত মেঠোন, হৰিণ আৰু বিভাৰ আদিৰ ভাল ফটো পাইছিলোঁ। এইবাৰো পালেই হ'ল।' ব্ৰেটৰ কথা শেষ হ'বলৈ নাপাওঁতেই আকাশত পিটাৰৰ হেলিকপ্টাৰখন ধৰা দিলেহি।
দুয়ো খদমদমকৈ বস্তুবোৰ সামৰিলোঁ। পিটাৰে আমাক উভতা দেখি মাটিৰ অলপ ওপৰতে হেলিকপ্টাৰ উৰাই ৰাখিলে। আগৰদৰেই আমি গৈ গা-মুৰ ঢাকি বৰফত লৰচৰ নকৰাকৈ পৰি দিলোঁগৈ। বৰফৰ ধুমুহা তুলি অমাৰ একেবাৰে কাষত হেলিকপ্টাৰ নামিল। খুউব সাৱধানেৰে খুপি খুপি আমি চলি থকা হেলিকপ্টাৰখনত সোমাই পৰিলোঁ।
সেই যে আৰম্ভ হ'ল তাৰপিছত আৰু দিনটোলৈ আমাৰ এখন্তেকো আহৰি নোলাল। দিনৰ দিনটো পিটাৰে আমাৰ দুয়োটা দলক ইখনৰ পৰা সিখন ঠাইলৈ অনা-নিয়া কৰি থাকিল। প্ৰতিখন ঠাইৰ কেমেৰাবোৰ পৰীক্ষা কৰি কৰি আমি কাম আগবঢ়ালোঁ। তাৰ মাজতে য'ত যেনেকৈ সুবিধা পালোঁ লগত নিয়া চাহ এঢোক খাই ল'লোঁ, চেণ্ডইছত একামোৰ মাৰি ল'লোঁ।
আবেলিলৈ আমি দুয়োটা দল মিলি মুঠ ২৬ টা কেমেৰাৰ ১৭ টাৰে পৰীক্ষা কৰি সামৰিলোঁ। সিদ্ধান্ত হ'ল, বাকী ৰোৱা নটা কাইলৈ এবেলাতে হৈ যাব। গতিকে পাঁচমান বজালৈ আমাৰ দলটো উভতিল। উভতনিৰ বাটত পিটাৰে কৈ গ'ল কেইবছৰ মানৰ আগৰ ফৰ্ট মেকমাৰিৰ ভয়াবহ অগ্নিকাণ্ডৰ কথা। সেই জুয়ে হেনো নগৰখনৰ ৰূপেই সলাই পেলালে। ইয়াৰ জনজীৱনত আৰু কোম্পানীৰ কাম-কাজত তাৰ প্ৰভাৱ আজিও স্পষ্ট।
হোটেল পাই ব্ৰেট আৰু মই ঠিক কৰিলোঁ কাইলৈ পুৱাতে কাম সামৰি বাহিৰে বাহিৰেই আমি এডমণ্টনলৈ উভতিম। এৰিন আৰু ক্ৰিষ্টিনে ফৰ্ট মেকমাৰিৰ অফিচৰ পৰাই কাম কৰে বাবে সিহঁতৰ একো অসুবিধা নাই। আমাৰহে ইয়াৰ পৰা এডমণ্টনলৈ গাড়ীৰে পাঁচঘণ্টীয়া যাত্ৰা।
হেলিকপ্টাৰ নমাৰ পৰত বৰফৰ ফোৱাৰা |
কথামতেই কাম। পিছদিনা পুৱাতে ব্ৰেট আৰু মই আমাৰ হোটেলৰ পৰা চেক আউট কৰি সকলো বয়-বস্তু লৈ ওলালোঁ।আগদিনাৰ দৰেই ফৰ্ট মেকমাৰিৰ এয়াৰপৰ্টত আমাৰ দলটো গোট খালে। কালিতকৈ মই যেন হেলিকপ্টাৰ যাত্ৰাত যথেষ্ট সহজ। কামো বেছি নাই বাবে মুকলি মুকলি ভাৱ।
পিছে তেতিয়া আমি উপলব্ধি কৰা নাছিলোঁ, সেই দিনটোৱে আমাৰ বাবে কি সাঁচি থৈছে। ভৱা নাছিলোঁ, এই দিনটোৱে আকৌ এবাৰ সোঁৱৰাই যাব যোৱা এটা দশকৰ ফিল্ডৱৰ্কৰ অভিজ্ঞতাৰ এটা গুৰুত্বপূৰ্ণ শিকনি -ফিল্ডৱৰ্ক পৰিকল্পনা কৰা মতে প্ৰায়ে নহয়। এনেবোৰ ফিল্ডৱৰ্কত সদায়ে প্ৰয়োজন যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ শাৰীৰিক আৰু মানসিক শক্তি আৰু প্ৰস্তুতি।
আগলৈ..............
পূৰ্বৰ খণ্ডসমূহ:
অতি দুৰ্গম কৰ্মস্থলী। সাহসীকতা আৰু বুদ্ধিমত্তাৰে আগ বাঢ়িব লগা হয়। গল্প উপন্যাসৰ কাহিনীতকৈও ৰোমাঞ্চকৰ হৈছে এই সত্য বিৱৰণবোৰ।
ReplyDelete