Saturday 22 April 2023

এলবাৰ্টা ১০৫: আকাশত অঘটন (২)

এলবাৰ্টাৰ তৈলনগৰী ফৰ্ট মেকমাৰিত মোৰ দ্বিতীয় দিন। আমাৰ পৰিকল্পনা মতে বন্যজীৱ কেমেৰাৰ এই ফিল্ডৱৰ্কৰ শেষদিন। পুৱাতে হোটেলৰ পৰা চেক আউট কৰি ব্ৰেটৰ গাড়ীত সকলো বয়-বস্তু তুলি দিলোঁ। কাম শেষ কৰি বাহিৰে বাহিৰে আজি আমি এডমণ্টনলৈ উভতাৰ কথা। 

এয়াৰপৰ্ট গৈ পাই দেখোঁ, আমাৰ হেলিকপ্টাৰৰ পাইলট পিটাৰে কফিৰ মাগ হাতত লৈ ইফাল সিফাল কৰি আছে। কালিৰ দৰে একেই উৎসাহ, একেই কাহিনীৰ ৰহঘৰা তেওঁৰ। মোক দেখি সুধিলে,

'তেনে? কালি কেনেকুৱা লাগিল?'

হাঁহি মাৰি ক'লোঁ, 'বঢ়িয়া!' তেওঁ যেন তাতে সন্তুষ্ট নহ'ল। আকৌ সুধিলে,

'গা বেয়া লগা নাছিলতো? প্ৰায়বোৰ মানুহৰে হেলিকপ্টাৰত ম'শ্যন ছিকনেছ হয়। বমি ভাৱ-মূৰ ঘুৰোৱা আদি!'

তেওঁ কোৱাত মনত পৰিল কাৰণে টেবলেট এটা খাই ল'লোঁ। কামৰ সময়ত গা বেয়া কৰিলে অসুবিধাত পৰিম বুলিয়ে।

সহকৰ্মী এৰিন আৰু ক্ৰিষ্টিনে ইতিমধ্যে প্ৰয়োজনীয় কাগজ-পত্ৰ পূৰাই সাজু হৈছে। গতিকে আমি সকলো হেলিপেড পালোঁগৈ। হেলিকপ্টাৰত উঠাৰ পৰত পিটাৰে কালিৰ দৰেই বাধ্যতামূলক চেফটি গাইডলাইনখিনি এফালৰ পৰা কৈ গ'ল,

'হেলিকপ্টাৰৰ পিছফালেদি কেতিয়াও ওচৰ নাচাপিবা। টেইল ৰ'ট'ৰ (নেজৰ পাংখা)খনে আঘাত কৰি সাংঘাতিক বিপদ ঘটাব পাৰে।'

'বাস্কেট আৰু খিৰিকী সম্পূৰ্ণকৈ লক কৰিহে বাহিৰ-ভিতৰ হ'বা।'

ককপিটৰ সন্মুখত উজ্বল কমলা বৰণৰ চুইছটো দেখুৱাই মোৰ ফালে চাই ক'লে,

টেইল ৰ'ট'ৰক লৈ সাৱধানবাণী
'কেনেবাকৈ বিপদত পৰিলে সেই ই এল টি চুইছটো টিপিলেই সন্ধানকাৰী দলে তোমাক বিচাৰি উলিয়াব পাৰিব, মনত আছে নহয়?'

মই মূৰ দুপিয়ালোঁ। এই ইমাৰজেঞ্চি ল'কেট'ৰ ট্ৰেন্সমিটাৰ ছুইছটো টিপিলে উদ্ধাৰকাৰী দলে সহজে দুৰ্ঘটনাত পতিত হোৱা ঠাই উলিয়াব পাৰে হেনো।

ব্ৰেটে কালিৰ দৰেই আকৌ দেখুৱালে আমাৰ ছেটেলাইট ফোনত কেনেকৈ এছ অ' এছ চুইছটো টিপিব লাগে।

সকলো সা-সৰঞ্জাম উঠাই ওলোৱাৰ পৰত পিটাৰে ক'লে,

'আজি একেবাৰে দূৰৈৰ ঠাইখনৰ পৰা কাম আৰম্ভ কৰিলে কেনে হয়? কাম সামৰি এখনকৈ এখনকৈ ওচৰৰ ঠাইবোৰলৈ আহি থাকিম।'

ব্ৰেটে হয়ভাৰ দিলে। মোৰ মনটো উজ্বলি উঠিল। মেপত চাই বুজিছিলোঁ যে একেবাৰে দূৰৈত থকা কেমেৰাটোৰ ঠাইখন উড বাফেল্ল' ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত। গতিকে সেই ৰাষ্ট্ৰীয় উদ্যানৰ শোভা দেখা পোৱাৰ আশাত উন্মুখ হৈ ৰ'লোঁ।

কালিৰ দৰেই ফৰ্ট মেকমাৰি নগৰ এৰি অহিয়ে তেলৰ খনিৰ এলেকাবোৰৰ ওপৰেৰে আমাৰ হেলিকপ্টাৰ উৰিল। তাৰ লগে লগে মেল খালে পিটাৰৰ কাহিনীৰ সফুঁৰাখন। পাইলট জীৱনৰ কত কি ৰোমাঞ্চকৰ কাহিনী তেওঁৰ!

প্ৰায় দেৰঘণ্টা উৰাৰ পিছত আমাৰ চকুৰ ধৰা দিলে বাৰ্চ মাউণ্টেইনৰ শিখৰ আৰু তাৰ চাৰিওদিশৰ ব'ৰিয়েল অৰণ্য। ক্ৰিষ্টিনে আঙুলীয়াই দেখুৱালে, 'সৌৱা চোৱা, বাইছনৰ জাক!'

তললৈ চাই দেখোঁ পাঁচটা মেঠোন বৰফত গোট মাৰি ৰোৱা হ্ৰদ এটাৰে শাৰী পাতি যাব ধৰিছে। হেলিকপ্টাৰৰ তীব্ৰ শব্দই সিহঁতক সচকিত কৰি তুলিছে। ক'লা নোমেৰে আৱৰা কি এক বিয়াগোম দেহ সিহঁতৰ! এনে এটা জন্তুৰ পৰা নিৰাপদ দুৰত্বত অৱস্থান কৰিব পাৰি স্বস্তি অনুভৱ কৰিলোঁ। 

মেঠোন দেখা পোৱা ব'ৰিয়েল অৰণ্যখন

'আজি তুমি আৰু এৰিন প্ৰথম ক্ৰু দেই।' মোলৈ চাই হেলিকপ্টাৰৰ হেডছেটতে ব্ৰেটে ক'লে। 'তোমালোকেতো একেলগে কাম কৰিয়ে থাকা। আজি ফিল্ডৰ কামো কৰি চোৱা।'

কথাটো হয়। মই এৰিনৰ ছুপাৰভাইজাৰ। গতিকে যোগ দিয়াৰ দিন ধৰি এৰিন আৰু মই প্ৰায় প্ৰতিদিনে একেলগে অনলাইন কাম কৰি আহিছোঁ। পিছে এনেকৈ মুখামুখিকৈহে কাম কৰাৰ সুযোগ পোৱা নাই।

প্ৰথম ঠাইখনত আমি দুয়ো আগৰদৰেই সাৱধানেৰে নামি গ'লোঁ। খুপি খুপি এআঁঠু বৰফৰ মাজেৰে আগবাঢ়ি গৈ কেমেৰা সলালোঁগৈ। এদিনৰ অভিজ্ঞতাৰেই আজি যেন মই যথেষ্ট সহজ। হেলিকপ্টাৰৰ যাত্ৰা, কেমেৰাৰ কাম- দুয়োটাতে।

পিছে দ্বিতীয়বাৰ পুনৰ নামিবৰ সময়ত পিটাৰে সুধিলে,

'তোমালোকে হেলিকপ্টাৰৰ সন্মুখৰ ফালে কিবা এটা শব্দ শুনিছা নেকি বাৰু?'

মই পিছৰ আসনত বহি থকাৰ পৰাই শুনাৰ চেষ্টা কৰিলোঁ। ক'তা, নাইতো! সন্মুখৰ আসনত এৰিন। তাই হয়ভৰ দিলে, শুনিছে তাই! কিবা এটা তীব্ৰ কম্পনৰ দৰে শব্দ!

কিছু চিন্তিত মুখেৰে পিটাৰে ক'লে,

'শব্দটোনো ক'ৰ পৰা আহিছে ভালকৈ চোৱাৰ দৰকাৰ। এটা কাম কৰোঁ, মই ব্ৰেট আৰু ক্ৰিষ্টিনক লৈ আহোঁ। তোমালোক ইয়াতে একেলগে ৰ'লে মই নিজেই অলপ চোৱা-চিতা কৰি চাম, কণ্ট্ৰ'ল ৰুমতো জনাম।'

কথামতেই কাম। এৰিন আৰু মই কেমেৰাৰ কাম-কাজখিনি সামৰোঁ মানে ব্ৰেট আৰু ক্ৰিষ্টিনো আহি পালে। বুজিলোঁ, আজি আৰু কামৰ আশা নাই। এতিয়া নিৰাপদে ঘৰলৈ উভতি যাব পৰাটোৱে মূল কথা। 

আকাশী পথেৰে কৰা এই কামবোৰ অত্যন্ত বিপদজনক বুলি আজি অতদিনে শুনি আহিছিলোঁ। গম পাইছিলোঁ, অন্য এঠাইত কাম কৰি থকা এগৰাকী জীৱবিজ্ঞানী আৰু পাইলট কেনেকৈ দুৰ্ঘটনাত পতিত হৈছিল। দুবছৰৰ আগতে হোৱা সেই ঘটনাৰ পিছত আজিও হেনো তেওঁ আৰোগ্য হোৱাৰ চেষ্টাতে আছে।

অৱশ্যে এই কামত ওলোৱাৰ পৰত ব্ৰেটে মোক কৈছিল, আমি যাবলগীয়া এ-ষ্টাৰ হেলিকপ্টাৰবোৰ যথেষ্ট শক্তিশালী আৰু নিৰাপদো। আগৰ দুটা দুৰ্ঘটনা জেটৰেঞ্জাৰ নামৰ অন্য এবিধ হেলিপকপ্টাৰতহে হৈছিল হেনো।

পুৱা চাৰে দহ বাজিছে মাত্ৰ। উজ্বল ৰ'দজাক আৰু চৌদিশৰ আৰণ্যক সেউজীয়াই আমাক যেন যথেষ্ট সাহস দিলে। ইতিমধ্যে পিটাৰে কণ্ট্ৰ'ল ৰুমত খৱৰ দিছে। মেকানিক আহি শব্দটোনো ক'ৰ পৰা আহিছে চাব পাৰিব নেকি সোধাসুধি কৰিছে। তেওঁলোকৰ কোম্পেনীত হেনো প্ৰতিমাহে এবাৰকৈ মেকানিকৰ সালসলনি হয়। খৱৰ আহিল, কালি মাত্ৰ আগৰ মেকানিকজন গ'লগৈ। নতুন গৰাকী কাইলৈহে অহাৰ কথা! 

ব্ৰেটৰ চিন্তিত মুখখন দেখি পিটাৰে ক'লে,

'চিন্তা নকৰিবা। তোমালোকে ইয়াত ৰাতিটো কটাবলগীয়া নহয়। আমাৰ হাতত এতিয়াও দিনৰ দিনটো আছে। মেকানিক নাপালেও কিবা এটা ব্যৱস্থা কৰিম।' 

ভিতৰি চিন্তা-আশংকা লৈয়ো আমি সকলো যেন বাহিৰত শান্ত হৈ থাকিলোঁ। এই ঠাণ্ডাত বৰফৰ মাজত অৰণ্যত ৰাতি কটোৱাতো বহুত কষ্টকৰ। লগতে শীতৰ প্ৰকোপ কমি আহিছে যেতিয়া শীতনিদ্ৰাৰ পৰা সাৰ পোৱা ভোকাতুৰ  ভালুকৰ আশংকাতো আছেই।

মোৰ বেকপেকত থকা চাৰভাইভেল কিটত কি কি আছে মনত পেলাই চালোঁ। সেই চাৰভাইভেল কিটটো কামৰ সময়ত সকলো সময়তে আমাৰ লগত লৈ থকাতো চৰকাৰে বাধ্যতামূলক কৰিছে। বিপদত পৰিলে অন্তত: এটা দিন দুৰ্গম ঠাইত কটাব পৰাকৈ সেই কিটত সকলোবোৰ প্ৰয়োজনীয় বস্তুৱে মজুত আছে। সেই কথাটোৱে যথেষ্ট মনোবল দিলে। 

ব্ৰেটে ক'লে, 'এটা কাম কৰা যাওক, এতিয়া দিনৰ পোহৰ থাকোঁতেই হাবিত ঠাই এটুকুৰা বাচি লৈ জুই একুৰা ধৰোঁ আহা। খৰি-লুৰিও গোটাই লওঁ।'

আমি হয়ভৰ দিলোঁ। বেলি ডুবাৰ পৰত সেয়া কৰিবলৈ ৰৈ থাকিলে নিমিষতে আন্ধাৰ নামিব, ঠাণ্ডাৰ প্ৰকোপ বাঢ়িব। আমি চাৰিও সেয়ে কেমেৰাৰ ওচৰলৈ যোৱা বাটেৰেই হাবিলৈ বুলি বৰফত খোজ দিলোঁ।

বৰফৰ মাজত একুৰা জুই

পিটাৰ বৰফত গোট মৰা হ্ৰদটোত লেণ্ড কৰা হেলিকপ্টাৰতে ৰ'ল। বাৰে বাৰে হেলিকপ্টাৰখন উৰুৱাই আকৌ নমাই তেওঁ অকলশৰে পৰীক্ষা-নীৰিক্ষা কৰি থাকিল। গম পালোঁ, বেছি সময় এই ঠাণ্ডাত হেলিকপ্টাৰ ৰখাই থ'লেও যান্ত্ৰিক বিজুতি ঘটাৰ সম্ভাৱনা। গতিকে পিটাৰে হেলিকপ্টাৰ এৰিব নোৱাৰে।

অগ্যতা আমি চাৰিও কেমেৰা লগোৱা ঠাইৰ ঠিক সোঁফালে অলপ আগলৈ গৈ এটুকুৰা ঠাই বাছিলোঁ। এৰিনে বৰফ আঁতৰোৱা বেলচা (চ'ভেল) এখন আনি লগে লগেই কামত লাগি পৰিল। বেলচাৰে চপৰা-চপৰে বৰফবোৰ খান্দিবলৈ লাগিল। হাবিত জুই ধৰিবলৈ আগতে মই কেতিয়াও এনেকৈ বৰফ আঁতৰাব লগা হোৱা নাই। তাকে শুনি এৰিনে ক'লে,

'আস্‌, মই এলবাৰ্টাতে ডাঙৰ হৈছোঁ। সেয়ে সৰুৰে পৰা এয়া কৰাৰ অভ্যাস আছে।'

বৰফ নখন্দাকৈ জুই ধৰিবলৈ গ'লে পোনেই জুইৰ উত্তাপে বৰফ গলাব আৰু জুইকুৰা নুমুৱাই পেলাব, ব্ৰেটে মোক বুজালে।

ব্ৰেট, ক্ৰিষ্টিন আৰু মই ওচৰে পাজৰে বৰফৰ পৰা ওলাই থকা শুকান শেলুৱৈ, ডাল আৰু মৰা গছ আদি গোটাই আনিলোঁ। এৰিনে খন্দা প্ৰকাণ্ড গাতটোতে দপ্দ‌প্কৈ‌ জুইকুৰা জ্বলি উঠিল।

'আস্‌, এতিয়া ইয়াতে ৰাতি হ'লেও চিন্তা নাই!' ক্ৰিষ্টিনে বৰফৰ দ'ম এটাতে বহাৰ বাবে খাঁজ এটা কৰি লৈ কৈ উঠিল। 

পিছে প্ৰায় লগে লগেই তাইৰ মনত পৰিল, 'নাই নাই, ইয়াত ৰাতি কৰিব নোৱাৰি দেই। মোৰ ল'ৰা-ছোৱালীহাল ডে' কেয়াৰত আছে। সন্ধিয়া ছয় বজাৰ আগতেই ঘুৰি যাম বুলি কৈ আহিছোঁ।'

মোৰো তেতিয়াহে খেয়াল হ'ল, আজি আমি ঘৰলৈ উভতি যোৱাৰ কথা আছিল। ভালকৈ ৰাতিৰ সাজ খাই মোৰ নিজৰ আৰামী বিছনাখনত টোপনি যোৱাৰ কথা আছিল!

'কেথিয়ে মোলৈ মেচেজ দিছে!' ব্ৰেটৰ মাতত মোৰ তন্ময়তা ভাঙিল। এই দুৰ্গম অৰণ্যত কোনো ফোনৰ নেটৱৰ্ক নাই। তেওঁৰ ছেটেলাইট ফোনতহে আমাৰ মেনেজাৰ কেথিৰ মেচেজ আহিছে।

'কেথি আৰু প্ৰাদেশিক ৰেডিঅ' কন্ত্ৰল চেণ্টাৰ দুয়োটাই আজি আমাক ছেটেলাইটত ট্ৰেক কৰি আছে। আমি প্ৰতিখন ঠাইতে আধাঘণ্টাতকৈ বেছি থকাৰ প্লেন নাছিল। এতিয়া এঘণ্টাৰ ওপৰ একেঠাইতে থকা কাৰণে তেওঁলৈ ৱাৰ্ণিং এলাৰ্ম গৈছে হেনো।' ব্ৰেটে ক'লে।

বুজিলোঁ কেথিৰ চিন্তা হৈছে। ব্ৰেটে তেওঁলৈ উত্তৰ লিখাত লাগিল।ব্ৰেটে এই কামৰ নেতৃত্ব দিছে। গতিকে কোনে কি কৰা উচিত, কন্ত্ৰল ৰুমত কি সহায় বিচৰা উচিত সেই সকলোবোৰ চম্ভালি ল'লে। ক্ৰিষ্টিনে চকলেটৰ পেকেট উলিয়ালে। জুইৰ চাৰিওফালে বহি লৈ আমি গল্প কৰাত লাগিলোঁ। ভাল লাগিল, এনে পৰিস্থিতিতো এগৰাকীও বিতত নোহোৱা দেখি। 

'মোলৈ খৱৰ আহিছে!' পিটাৰে হেলিকপ্টাৰৰ দুৱাৰ খুলি আমাক চিঞৰি মাতিলে।

গম পালোঁ, সহায় পোৱা গৈছে। ওচৰতে অন্য গৱেষণাৰ কামত লাগি থকা দল এটাৰ হেলিকপ্টাৰ এখনক এইফালে ৰিডিৰেক্ট কৰা হৈছে। পিছে তাত কেৱল দুজন আৰোহীৰ কাৰণেহে ঠাই আছে। সেয়ে আমাক এই দুৰ্গম এলেকাৰ পৰা উভতাই নিবলৈ এয়াৰপৰ্টৰ পৰা তৃতীয় এখন হেলিকপ্টাৰো পঠাইছে। ক্ষন্তেক ৰৈ পিটাৰে ক'লে,

'এয়াৰপৰ্টৰ পৰা আহিবলগীয়া হেলিকপ্টাৰখন এ-ষ্টাৰ নহয় পিছে, জেটৰেঞ্জাৰ হে!'

মই লগে লগে ব্ৰেটৰ মুখলৈ চালোঁ। মোৰ চকুৰ চাৱনিতে হয়তো তাই বুজিলে। জেটৰেঞ্জাৰ এ-ষ্টাৰৰ দৰে শক্তিশালী নহয়। কিন্তু এতিয়া যে উপায় নাই। এৰিনে আমাৰ মনোভাৱ বুজিয়ে যেন উপযাচি ক'লে,

'মই জেটৰেঞ্জাৰত আগতেও গৈছোঁ। এতিয়াও যোৱাত মোৰ একো অসুবিধা নাই।'

ব্ৰেট্ৰে এপলক ভাৱি ক'লে, 'প্ৰথমখনত জলি আৰু ক্ৰিষ্টিন যাব। এৰিন আৰু মই পিছৰখনলৈ ৰ'ম।'

বুজিলোঁ, ক্ৰিষ্টিনৰ কণমানি সন্তানকেইটিৰ কথা মনত ৰাখিয়ে ব্ৰেটে এই সিদ্ধান্ত লৈছে। দুয়ো নিজতকৈও আমাৰ নিৰাপত্তাক গুৰুত্ব দিয়া যেন ভাৱ হ'ল। কৃতজ্ঞ ভাৱ এটাৰে কিন্তু কিছু অপৰাধবোধো লৈ মই সন্মত হ'ব লগাত পৰিলোঁ।

তেতিয়ালৈ বেলি মূৰৰ ওপৰত উঠিছে। আকাশৰ নীলাৰ সৈতে শুকুলা ডাৱৰ টোপোলাই খেলা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় তিনিঘণ্টামান তাতে বাট চোৱাৰ পিছত এখন হালধীয়া হেলিকপ্টাৰে আকাশত ধৰা দিলেহি। ক্ৰিষ্টিন আৰু মই সকলোকে ধন্যবাদ জনাই তাতে উঠি পৰিলোঁ।

অৱশেষত আহি পোৱা উদ্ধাৰকাৰী হেলিকপ্টাৰ

নতুন পাইলট স্কটে ক'লে,

'আজিযে এনেকৈ তোমালোকক উদ্ধাৰ কৰিব লাগিব ভৱাই নাছিলোঁ।'

ক্ৰিষ্টিন  আৰু মই মাথোঁ হাঁহিলোঁ। নভৱা কথাবোৰেই যেন এনে ফিল্ডৱৰ্কৰ নৈমিত্তিক পৰিক্ৰমা!

পিছত গম পালোঁ, কিছু পিছতে পিটাৰে অকলশৰে এ-ষ্টাৰ হেলিকপ্টাৰ চলাই আহিল। তেওঁ হেনো যিমান পাৰি আথাবাস্কা নদীৰ ওপৰে ওপৰে উৰিল যাতে হঠাতে বিজুতি ঘটিলে তাতে লেণ্ড কৰিব পাৰে। এৰিন আৰু ব্ৰেটে জেটৰেঞ্জাৰ হেলিকপ্টাৰখনত উঠি গোটেই বাট পিটাৰক অনুসৰণ কৰি আহিল। 

এইবাৰ আৰু পিটাৰে মোক নুসুধিলে, 'আজি কেনে লাগিল' বুলি! 

এনে দিনবোৰতে যেন ৰাতিৰ ভাতসাজ খাবলৈ পাই, বিছনাত দীঘল দিব পাৰি নিজকে বৰ ভাগ্যশালী যেন অনুভৱ কৰোঁ! এনেকৈ হঠাতে সকলোবোৰ হেৰুৱাই পেলোৱাৰ আশংকা আহি পৰিলেহে যেন উপলব্ধি হয়, দৈনন্দিন জীৱনৰ নিত্যনৈমিত্তিক সময়বোৰ কেনে অসাধাৰণ- কেনে মূল্যৱান!

উভতি আহি ব্ৰেটে সেই ঘটনাৰ চৰকাৰীভাৱে ৰিপৰ্ট দিলে। সকলোৱে একমুখে পিটাৰৰ সিদ্ধান্তৰ শলাগ ল'লে। এনে পৰিৱেশত দু:সাহসিকতা যে বহু সময়ত জীৱন-মৰণৰ প্ৰশ্ন হৈ পৰে তাকে সুঁৱৰিলে।

তাৰ এসপ্তাহ পিছতে মই হেলিকপ্টাৰত ফিল্ডৱৰ্কৰ কাৰিকৰী প্ৰশিক্ষণ ল'লোঁগৈ। তাত ছুইমিং পুলৰ পানীৰ তলতে হেলিকপ্টাৰৰ মডেল এটা থৈ আমাক বাৰে বাৰে অভ্যাস কৰালে দুৰ্ঘটনাত পতিত হ'লে হেলিকপ্টাৰৰ পৰা নিজকে মুক্ত কৰোৱাৰ। লগতে তেনে প্ৰতিকূল পৰিৱেশত নিজকে বচাই ৰখাৰ উপায়বোৰৰো প্ৰশিক্ষণ দিলে। 

একে সময়তে এৰিন আৰু ক্ৰিষ্টিন পুনৰ পিটাৰৰ সৈতে হেলিকপ্টাৰত উৰিলগৈ। এইবাৰ সিহঁতৰ কাম ছেটেলাইটেৰে অনুসৰণ কৰি থকা কিন্তু কেনেবাকৈ মৃত্যু হোৱা জন্তু কেইটামানৰ শুংসূত্ৰ উলিওৱা। উভতি আহি তাই মোক উৎসাহেৰে ৰিপৰ্ট দিলেহি, কেনেকৈ হাবিৰ মাজত সেই মৰাশ এটা ক'লা ভালুকে ৰখি আছিল। কেনেকৈ তাৰ পৰা ছেম্প'ল লোৱাৰ পৰত পিটাৰে হেলিকপ্টাৰ উৰুৱাই ভয় খুৱাই ভালুক খেদিছিল!

সকলো শুনি মই মাথোঁ ক'লোঁ, 'এৰিন, সেয়া সাংঘাতিক ৰোমাঞ্চকৰ। মাত্ৰ এই কামবোৰ কৰোঁতে মনত ৰাখিবা, কোনো কামৰ কাৰণেই যেন আমি জীৱনৰ বাজী নলগাওঁ! প্ৰথমে নিজৰ নিৰাপত্তা-তাৰপিছতহে কাম!'

তাইক কোৱাৰ লগে লগে সেই কথা যেন মই নিজকো সোঁৱৰালোঁ- আকৌ এবাৰ!

পূৰ্বৰ খণ্ডসমূহ:

2 comments:

  1. বৰ দুঃসাহসিক কৰ্মজীৱন তোৰ।

    ReplyDelete
  2. এনে বিৰল অভিজ্ঞতাবোৰৰ ৰোমাঞ্চকৰ ব্যাখ্যাই আমাৰ অসমীয়া ভাষা-সাহিত্যৰ ভাণ্ডাৰ টনকিয়াল কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব।

    ReplyDelete