Saturday, 22 November 2014

অৰণ্য পুৰাণ ২: মাজনিশাৰ আলহী

মোৰ সেইসময়ৰ কৰ্মস্থলী অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য ৷ আমি কাম কৰা সময়ছোৱাত অভয়াৰণ্যৰ ভিতৰত বম্পু নামৰ ঠাইখনত কেম্প কৰি থাকোঁ৷ বম্পু পাহাৰীয়া অৰণ্যৰ মাজতে অকণমান সমভূমি৷ আগতে তাতে অফিচ পাতি ঘৰ-দুৱাৰ সাজি গ্ৰেফৰ লোকে পথ নিৰ্মাণৰ কাম কৰিছিল৷ গ্ৰেফে পাহাৰ কাটি নিৰ্মাণ কৰা ঈগলনেষ্টৰ একমাত্ৰ মূল পথটো অৰুণাচলৰ টেঙাৰ পৰা বম্পু হৈ তেজপুৰৰ মিছামাৰী ওলাইছেগৈ৷ ঈগলনেষ্টক অভয়াৰণ্য স্বীকৃতি দিয়াৰ পিছত অফিচ ভাঙিল, লাম-লিকটু লৈ সকলো মানুহ উঠি গ’ল৷ পূৰ্বৰ চিন স্বৰূপে বম্পুত মাথোঁ পকীঘৰ এটা আৰু সৰু মন্দিৰ এটা ৰৈ গৈছিল৷ পিছে পৰিত্যক্ত ঘৰটোৰ পৰা টিনপাত, দুৱাৰ-খিৰিকীৰ কাঠকে ধৰি ব্যৱহাৰ কৰিব পৰা সকলো বস্তু মানুহে সামৰি-সুতৰি নিলে৷ বাকীৰোৱা ভাঙিব পৰা অংশখিনিও হাতীৰ জাকে প্ৰতিবাৰে আহি ভাঙি চুৰমাৰ কৰি যায়৷ সময়ৰ সোঁতত ঘৰৰ নামত কেৱল পকা বেৰকেইখনহে ৰ’লগৈ৷ আমি কামৰ সময়ত প্ৰতিবাৰে গৈ সেই ঘৰটোতে ওপৰত কাম চলাকৈ চালি এখন দি লৈ থাকিব পৰা কৰি লওঁ৷ সেইবাৰো সেই ঘৰটোতে থাকি ফিল্ডৰ কাম চলাই আছিলো৷

আমাৰ বহু ৰোমাঞ্চকৰ স্মৃতিৰ ইতিহাস লৈ বম্পুৰ ঘৰটো
ঘৰটোত মূলকোঠা দুটা৷ বাঁহৰ ধোঁৱাচাঙৰ তলতে তৈয়াৰ কৰি লোৱা চৌকাৰে এটা পাকঘৰ৷ পাকঘৰৰ একাষে ওখকৈ বাঁহৰ চাং এখন৷ তাতে ফিল্ড সহায়ক ল’ৰা চাৰিজন শোৱে৷ আনটো কোঠাত মজিয়াতে শুব পৰাকৈ চিমেন্টৰ প্ৰলেপটো বাকী আছেই বাবে মই তাতে শুইছিলো৷ সেইবাৰ পিছে আগতীয়াকৈয়ে খুউব বৰষুণ হোৱাত কোঠাটোৰ ওপৰতে ত্ৰিপালখনত ঠিক কৰিব নোৱাৰাকৈ ব্ৰহ্ম ফুঁটা কেইটামান হৈছিল৷ বৰষুণ দিলেই আমি য’ত যি পাওঁ, বাল্টি-চচপেন-বাতি আদি লৈ পানী সৰকা ঠাইৰ তলে তলে পাতি ফুৰিব লগা হয়৷ আকৌ বেছিকৈ পানী ৰৈ গৈ কেতিয়াবা ত্ৰিপাল এফালে হালি পৰে৷ বাঁহ এডাল লৈ সেইবোৰ খুঁচি খুঁচি পানী উলিয়াব লাগে৷ মুঠতে প্ৰতিজাক বৰষুণৰ পিছতেই আমাৰ উপৰুৱা কাম বাঢ়ে৷ পিছে যিমান চেষ্টা কৰিলেও, বৰষুণ দিলেই মোৰ কোঠাটো পানী পানী হৈ পৰে৷ উপায় নাপাই সেইবাৰ মই কোঠাৰ ভিতৰতে ড’ম টেন্ট এটাকে পাতি লৈছিলো৷ কোনোমতে দৰকাৰী বস্তুবোৰ নিতিতাকৈ ৰাখি নিজেও সোমাই থাকিব পৰাকৈ অকণমানি টেন্ট এটা ৷ 

শিল-বৰষুণে ধোৱাই নিয়া এটা দিনত

তেনেকুৱা দিন এটাৰ ঘটনা৷ সেইদিনা সন্ধিয়াতে ৰান্ধি খাই আমি সোনকালে শুবলৈ গ’লো৷ উদং খিৰিকী আৰু দুৱাৰকেইখনত মাৰি থোৱা বাঁহৰ বেঁৰাইদি চেঁচা বতাহজাক হো-হোৱাই সোমাই হাড়লৈকে কঁপাই দিয়েহি৷ গতিকে সন্ধিয়া হোৱাৰ লগে লগে চৌকাৰ জুইকুৰাৰ উম লৈ বহা বা শ্লিপিং বে'গৰ ভিতৰত সোমোৱাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই৷ তাতে পুৱা পোহৰ হওঁ-নহওঁতেই আমি ওলাই যাব লাগে কামলৈ৷ সেয়ে তাত নিশা সাতমান বজাতে আমাৰ শোৱাৰ অভ্যাস হৈ পৰে৷ সিদিনাও একো ব্যতিক্ৰম নাছিল৷


নিশা হঠাৎ মোৰ গভীৰ টোপনি ভাঙিল৷ শুনিলো, কোনোবা মানুহে ডাঙৰ ডাঙৰকৈ কথা পতা আৰু খোজৰ শব্দ! এই পাণ্ডৱবৰ্জিত ঠাইলৈ মাজনিশাখননো কোন আহিল বুলি উচপ খাই উঠিলো৷ তাতে খোজকাঢ়ি! বাহিৰৰ পৰাতো গাড়ী লৈ নাহিলে বম্পু ওলোৱাহি সম্ভৱ নহয়! একেবাৰে ওচৰত মানুহৰ বসতি বুলিলে অৰুণাচলৰ টেঙাৰ দিশে ৰামালিংগম গাঁৱলৈ ১৫-২০ কিমি পাহাৰ বগাই উঠিব লাগে, অসমৰ দিশে দৈমাৰাৰ বড়ো গাঁৱলৈ ২২-২৫ কিমি নামিব লাগিব৷ ৰাতিখন কোনো নৰমনিচে সেই সাহস নকৰে বুলি জানো৷ খোজৰ শব্দ ওচৰ চাপি অহাৰ লগে লগে মই উৎকন্ঠিত হৈ পৰিলো ৷ হিচাপ নিকাচ কৰি ভাবিলো, ঈগলনেষ্টৰ তলা-নলা জনা কোনোবা মানুহেই হ’ব লাগিব৷ অলপ সন্দেহ হ’ল পিছে৷ হে'ডলাইটটো লগাই ঘড়ী চাই দেখিলো, নিশা এক বাজিছে৷

ঘৰৰ বাৰান্দা খন পাৰ হৈয়ে দুখন দুৱাৰ, এখন মোৰ কোঠালৈ, আনখন পাকঘৰলৈ৷ দুয়োখনতে হেঁচা মাৰিয়ে খুলিব পৰা বাঁহৰ বেঁৰাৰ দুৱাৰ৷ ইতিমধ্যে কাষৰ কোঠাত ল’ৰাকেইজনো সাৰ পাইছিল, সিহঁতে ভুনভুনাই কথা পতা শুনা পালো৷ সেই কোঠাত পোহৰ দেখিয়ে হ’বলা মানুহকেইজন (কথা-বতৰাত বুজিছিলো কমেও চাৰি-পাঁচজন হ’ব লাগিব) সেইফালে সোমাল৷ নেপালীতে মাত লগালে,

“কোনোবা আছে নেকি ঔ!”

ল’ৰাকেইটা দুপদুপাই উঠি আহিল বিছনাৰ পৰা৷ মাত দিলে,

“অ, আমিহে আছোঁ৷ কোননো ?”

গ’লগলীয়া মাতটোৰে মানুহজনে ক’লে,

“মই নকথে দাজু! আমি গাৱঁৰ পৰা আহিছোঁ৷ হাবিৰ মাজতে বাটত গাড়ী বেয়া হ’ল ৷ একো কৰিব নোৱাৰা হ’লো৷” (নাম সলাই দিয়া হৈছে)

নামটো কাণত পৰাৰ লগে লগে মই বুজি পাই গ’লো প্ৰকৃততে কোন এওঁলোক! এই বিখ্যাত চিকাৰীজনক চিনি নোপোৱা লোক সেই অঞ্চলটোত নাই৷ স্থানীয় কিছুমান জনজাতিয়ে কৰি অহা পৰম্পৰাগত চিকাৰ অভিযান সমূহত এওঁৰ সমান নামী চিকাৰী হয়তো কমেই ওলাব৷ এওঁৰ নাম আৰু চিকাৰ কাহিনীবোৰ শুনিহে আছিলো, কল্পনাও কৰা নাছিলো এনেকুৱাও দিন (ৰাতি?) আহিব বুলি! খৰকৈ চিন্তা কৰিলো, কি কৰা যায়! মোৰ সহকৰ্মী উমেশ নথকাত অলপ অসহায়বোধ কৰিলো৷ বিশেষ কামত সি কিছুদিনৰ বাবে ফিল্ডৰ দায়িত্ব মোক অকলে দি অষ্ট্ৰেলিয়ালৈ গৈছিল৷ যাওঁতে সি কৈ গৈছিল, জৰুৰী কথাত ফিল্ডৰ সহায়ক ল’ৰা কেইজনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰু সিহঁতৰ উপদেশ মানি চলিবলৈ৷ কাৰণ স্থানীয় মানুহ হিচাপে অৰণ্যৰ মাজত যিকোনো পৰিস্থিতিকে চম্ভালি ল’ব পৰাকৈ সিহঁত অভিজ্ঞ৷ উমেশৰ সেই কথাষাৰকে মনত পেলাই ল’ৰাকেইজনে মোক নমতালৈকে নীৰৱে থকাৰ সিদ্ধান্ত ল’লো৷ পিছে চিন্তা হ’ল, সিহঁতৰ কথা ভাবি৷ সেই ঠাণ্ডাতো ঘামি-জামি কাণ উনাই সষ্টম হৈ ৰ’লো যিকোনো পৰিস্থিতিৰ বাবে৷ অন্য এজন মানুহে উথপথপ লগাই নিৰ্দেশ দিয়াৰ সুৰত ক’লে,

“বহুত জাৰ লাগিছে, ভোকো লাগিছে৷ জুইকুৰা ধৰচোন ঘপকৈ৷”

ধুপ ধাপ কৈ খৰি ফলাৰ শব্দ আহিল৷ দীনেশে মিহি মাতেৰে কোৱা শুনিলো,

“চাহ কৰোঁ নেকি?” মাতটো শুনিয়ে বুজিলো সিহঁতেও ভয় খাইছে৷ বেচেৰা ওঠৰ-বিশ বছৰীয়া ল’ৰাকেইটাইনো এনে পৰিস্থিতিত ভয় নাখাবনে!

“নাই নাই, কি চাহ কৰিবি আৰু৷ ভোকত পেটৰ বিষ উঠি গৈছে, আবেলিতে ওলাই অহা৷ ভাত-শাক কি আছে উলিয়া, সেয়াই খাওঁ!”

“ভাত অলপহে আছে, আমি খাই বৈ শুইছিলোৱে যে৷” দীনেশে বিনয়েৰে ক’লে৷

“ যি আছে তাকে দে আকৌ৷ আমি ভগাই খাম নহয়!”

চচপেনত পুৱাতে টিফিনত ভৰাই নিবলৈ হেঁপাহেৰে থোৱা ভাতকেইটা দীনেশে উলিয়াই দিলে হয়তো৷ মেগীৰ পেকেট দেখা পাই সেয়াও কৰাৰ হুকুম আহিল৷ খোৱা-বোৱা আৰু পূৰাদমে আড্ডা চলিল৷ লগতে ল’ৰাকেইজনক জেৰাৰ সুৰত উপৰা-উপৰি প্ৰশ্ন৷

“ইয়াত কি কৰ তহঁতে?”

“ৰিচাৰ্ছ”

“কোনে কৰে?”

“ছাৰ আৰু মেডামে৷”

“ক’ত আছে ছাৰ আৰু মেডাম?”

“ছাৰ অষ্ট্ৰেলিয়ালৈ গ’ল! মেডাম শুই আছে৷”

“ছাৰ-মেডামৰ নাম কি?”

উমেশৰ নামটো শুনি মানুহকেইজনে নিজৰ মাজতে কিবাকিবি পাতিলে৷ স্পষ্টকৈ শুনা নাপালো৷ তাৰপিছত আগতকৈ মাতটো কোমল কৰি সুধিলে,

“ডাক্তৰ উমেশ নেকি?”

বুজিলো, উমেশৰ কথা এওঁলোকেও জানে৷ গৱেষকৰ লগতে উমেশ চিকিৎসকো৷ এম বি বি এছ কৰি ওলাই কেৱল বন্যপ্ৰাণীৰ গৱেষণাত থকা আগ্ৰহৰ বাবে আকৌ এম এছ চি কৰিলে সি৷ তাৰপিছত পি এইচ ডিৰ গৱেষণা আৰম্ভ কৰিলেহি৷ কামৰ মাজে মাজে সি চিকিৎসাৰ সা-সুবিধা নথকা ওচৰৰ গাৱেঁ-ভূঞে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়৷ বিপদে আপদে গাঁৱৰ লোকৰ বাবে উমেশেই একমাত্ৰ ভৰসা৷ সেয়ে সেই অঞ্চলটোত উমেশ সকলোৰে প্ৰিয়পাত্ৰ৷ নকথে চিকাৰীয়েও হয়তো তাৰ বিষয়ে শুনিছে৷

এইবাৰ মানুহকেইজনৰ কথাৰ সুৰ বদলিল৷ কোমল মাতেৰে ক’লে,

“ হাবিৰ মাজত কষ্টেৰে থাকি মেলি কাম কৰিছ, ভালদৰে কৰিবি, বুজিছ! আমিতো নিজৰ ঠাই কাৰণেই মাজে মাজে আহি চাই যাওঁহি৷ দুই এটা জন্তু যি পাওঁ লৈ যাওঁহি৷ পুৰণা ৰীতি-নীতিৰ কথা এটাও আছেতো৷”

শুনি মই আচৰিত নহ’লো৷ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি পোৱাৰ আগতে ঈগলনেষ্ট সেই অঞ্চলৰ দুটা জনজাতি বুগুণ আৰু শ্বেৰডুকপেনসকলৰ অধিকাৰত আছিল৷ এটা অংশ বুগুণ সকলৰ আৰু আনটো শ্বেৰডুকপেনৰ৷ কাষৰীয়া গাঁৱত বসবাস কৰি অহা এই স্থানীয় লোকসকলে বছৰ বছৰ ধৰি এই অৰণ্য নিজৰ বুলি মানি আহিছে৷ গতিকে এতিয়াও পৰম্পৰাগত ৰীতি মনাৰ আচিলাতে হওক, অন্য কাৰণতে হওক মাহেকে পষেকে দল বান্ধি নিশা মানুহ কিছুমান আহে৷ পালে কিবা এটা চিকাৰ কৰে৷ নাপালে কেম্পৰ মানুহকে মনত পেলাই থৈ যায়, এয়া তেওঁলোকৰ অধিকাৰত থকা ঠাই৷ কেতিয়াবা কোনো উগ্ৰ দলে দাবি হুমকি দি কেম্পৰ বস্তুও উঠাই নিয়ে বুলি শুনিছোঁ৷ 

ল’ৰাকেইজনৰ ভিতৰত আটাইতকৈ সৰু আৰু চঞ্চল ভাৰতে মাত দিলে,

“কিবা পালে নে আজি?”

“এহ, কিনো পাম! আহিয়ে চাক্কুৰ ওচৰত গাড়ী বেয়া হ’ল৷ সন্ধিয়াখন ভালকৈ চাবলৈও নহ’ল৷ কাইলৈ মেকানিক মাতি পঠাইছোঁ৷ কাইলৈ ৰাতিপুৱাই ঠিক কৰি যামগৈ আৰু!”

আন এজনে মাত দিলে,

“তহঁত এই বাঁহৰ চাং খনতে শোৱ নেকি? আমাকো ৰাতিটো যেনতেন কটাবলৈ ঠাই অকণ উলিয়াই দেচোন৷ পোহৰ হ’লেই ওলাই যাম৷”

মানুহকেইজন শান্ত হোৱা দেখি ইতিমধ্যে মোৰ উদ্বিগ্নতা কমিছিল৷ মানুহবোৰে শুবলৈ যা-যোগাৰ কৰাৰ উমান পাইছিলো৷ তেতিয়ালৈ শেষ নিশা হৈছিল৷ ময়ো শুবলৈ বুলি শ্লিপিং বেগত সোমালো৷ পিছে চিকাৰীৰ নাকৰ প্ৰচণ্ড ঘোৰঘোৰণিত চিলমিল টোপনি আকৌ ভাঙিল ৷ পুৱতি নিশা কেতিয়া চকু মুদ খালে ক’ব নোৱাৰো৷ কোনোবা এটা সময়ত চিঞৰ বাখৰ শুনি সাৰ পালো৷

ল’ৰাকেইটাৰ উত্তেজিত মাত,

“মেডাম, উঠক উঠক৷ কালি ৰাতি কি হ’ল গম পায়নে?”

মই টেন্টৰ চেইনডাল খুলি মুখখন উলিয়াই দেখোঁ গোটেইকেইটা মোৰ টেন্টৰ সন্মুখত হাজিৰ! লাহেকৈ ক’লো,

“মই চব গম পাওঁ৷ মানুহকেইজন আহোঁতেই সাৰ পাইছিলো নহয়৷ তহঁতে নমতা কাৰণে ওলাই যাবলৈ বেয়া পালো৷”

কামিয়ে ক’লে,

“ভালেই কৰিলে দেই! আপোনাক আকৌ বেলেগ কোনোবা বুলিহে ভাবিলে৷” কথা শেষ হোৱাৰ লগে লগে গোটেইকেইটাৰ ঔফুলীয়া হাঁহি!

মই আচৰিত হৈ সুধিলো, “কিয়?”

কোনোমতে হাঁহি ৰখাই কামিয়ে ক’লে, 

“ইয়ে আপুনি নুশুনিলে হ’বলা? প্ৰথম আহিয়ে কোন ছাৰ-মেডাম, কোন উমেশকৈ সুধি আছিল যে, তেতিয়া ভাৰতে থতমত খাই আপুনিয়ে উমেশ ছাৰৰ মানুহজনী মানে নন্দিনী মেডাম বুলি কৈ দিলে!”

“মানে?” 

“মানে উমেশ ছাৰক নন্দিনী মেডামৰ সৈতে হেনো বহুদিনৰ আগতে নকথে দাজুৱে টেঙাত লগ পাইছিল৷ সুধিলে, কাষৰ ৰুমত সেয়া ছাৰৰ মেডামেই নেকি বুলি আৰু ভাৰতে হয়ভৰ দিলে৷”

একো ক’বলৈ নাপালোৱে; দেখিলো, ভাৰতে বিৰাট স্ফুৰ্টিৰে বি এছ এন এলৰ নেটৱৰ্ক পোৱা মন্দিৰৰ সন্মুখৰ একমাত্ৰ ঠাইটুকুৰালৈ বুলি দৌৰ দিছে৷ যাওঁতে কৈ গ’ল, “নন্দিনী মেডামক কওঁগৈ, আজিৰ পৰা ভাইৰাছ বুদ্ধা (উমেশৰ ল’ৰাহঁতে ৰখা নাম)ৰ আৰু এজনী গোট খালে বুলি!!”

--------------------------------------------------------------------------

বি:দ্ৰ:- এয়া আজিৰ পৰা দুবছৰৰ আগৰ ঘটনা৷ বুগুণ জনজাতিয়ে কিছুবছৰ ধৰি ইক’ট্যুৰিজিমৰ কামত সক্ৰিয়ভাৱে অংশ লৈ ঈগলনেষ্টৰ বন্যপ্ৰাণীৰ সংৰক্ষণৰ কাম কৰি আহিছে৷ শেহতীয়াকৈ শ্বেৰডুকপেন সকলেও এই কামত আগভাগ ল’বলৈ আৰম্ভ কৰিছে৷ বহু লোক/সংগঠনৰ অহৰহ প্ৰচেষ্টাৰ ফলস্বৰূপে দুয়োটা জনজাতিয়ে বৰ্তমান ঈগলনেষ্টৰ জৈব-বৈচিত্ৰ্যক লৈ সজাগ হৈছে, খুউব কৰ্মপটুটাৰে ইক’ট্যুৰিজিমৰ কামবোৰ আগবঢ়াই নিছে- এয়া নিশ্চয় ঈগলনেষ্টৰ বাবে খুবেই আশাব্যঞ্জ্যক৷

Friday, 14 November 2014

অৰণ্য পুৰাণ ১: থেংকছ গ’লাইত এদিন

ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত মোৰ গৱেষণাৰ কাম আৰম্ভ কৰাৰ সময়ৰ কথা৷ অৰুণাচল প্ৰদেশৰ এই অভয়াৰণ্যখন বহুতেই চৰাইৰ বাবে এক স্বৰ্গপুৰী বুলি গণ্য কৰে৷ প্ৰতিবছৰে বহু দেশী-বিদেশী পৰ্যটকে ইয়াত ভিৰ কৰেহি বিভিন্ন পৰিভ্ৰমী আৰু স্থানীয় চৰাই চাবলৈ৷ মোৰো গৱেষণা মূলত: চৰাইৰ ওপৰতে৷ কিন্তু আজৰি সময় পালে অন্য কামতো লাগি দিছিলো৷ সেইসময়ত আমি কেমেৰা ট্ৰেপিঙৰ প্ৰজেক্ট এটা হাতত লৈছিলো৷ মূল উদেশ্য আছিল অভয়াৰণ্যখনৰ স্তন্যপায়ী জন্তুৰ আবাদী সম্পৰ্কে তথ্য সংগ্ৰহ কৰা৷ আমাৰ কাম আছিল, অৰণ্যৰ ভিতৰত জীৱ-জন্তু নিয়মীয়াকৈ অহা-যোৱা কৰা বাটৰ কাষত বা অন্য সাম্ভাব্য ঠাইত বিশেষ কেমেৰা সংযুক্ত কৰি থৈ অহা৷ এনে কেমেৰাই সাধাৰণতে সন্মুখত হোৱা কোনো সঞ্চালন ধৰা পেলাই (motion detection) স্বয়ংক্ৰিয়ভাৱে যিকোনো সময়তে ফটো তুলিব পাৰে৷ গতিকে এই কেমেৰাই সন্মুখেৰে পাৰ হৈ যোৱা জন্তুৰ ফটো লয় আৰু আমি পিছত গৈ কেমেৰাবোৰ সংগ্ৰহ কৰি আনি ফটোবোৰ গবেষণাৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ৷ 



আমাৰ প্ৰথম কাম আছিল, গৱেষণাৰ ডিজাইন অনুসৰি মেপত আগতীয়াকৈ ঠিক কৰি লোৱা ঠাইবোৰ জি পি এছৰ সহায়ত বিচাৰি উলিয়াই কেমেৰা লগাই থৈ অহা৷ ঈগলনেষ্টৰ পাহাৰীয়া গভীৰ অৰণ্যৰ মাজত এনেকৈ নিৰ্দ্বাৰিত ঠাই বিচৰাটো কষ্টসাধ্য৷ তাতে মোৰ বাবে সেই অৰণ্য তেতিয়াও অচিনাকি৷ সেয়ে এজন স্থানীয় ল’ৰা ওলাল মোৰ স’তে গৈ সহায় কৰিবলৈ৷ কাষৰ গাঁৱৰ বিশ-বাইশ বছৰীয়া নেপালী ল’ৰা৷ নাম আংগু৷ কামটোৰ আৰম্ভণিৰ দিনা কেম্পৰ ওচৰৰে প্লট এটালৈকে যোৱাৰ সিদ্ধান্ত হ’ল৷ আংগু আৰু মই চাৰিটাকৈ কেমেৰা বেকপেকত ভৰাই ল’লো৷ জন্তুৱে ভাঙিব নোৱাৰাকৈ আৰু বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈ এই কেমেৰাবোৰ বিশেষ ভাৱে নিৰ্মাণ কৰা হয়৷ কেমেৰাটো বাকচৰ ভিতৰত ৰাখি কেৱল লেনছখনৰ বাবে সুৰুঙা এটা ৰখা হয়৷ গতিকে কেমেৰাবোৰ যথেষ্ট গধুৰ ৷ কিন্তু সেইবোৰ কঢ়িওৱাৰ অন্য উপায় নাই বাবে আমি তেনেকৈয়ে খোজ ল’লো প্লটলৈ বুলি৷ আংগু বিৰাট স্ফুৰ্টিবাজ ল’ৰা, বাটে বাটে সি ঈগলনেষ্টৰ অৰণ্যৰ কাহিনী ক’বলৈ লাগিল৷ আধাঘন্টামান খোজ কঢ়াৰ পিছতে আমি এটা কেঁকুৰি পালোগৈ৷ আংগুৱে ক’লে,



“বাইদেউ, এইখনেই ‘থেংকছ গ’লাই’৷ ইয়াৰ পৰাই আমি পাহাৰৰ ওপৰলৈ বগাব লাগিব৷ ’’

নামটো শুনি আচৰিত লাগিল৷ এইটো আকৌ কেনেকুৱা নাম! সুধিলো তাক৷ আংগুৱে ক’লে,

"গ’লাই মানে আমাৰ ভাষাত কেঁকুৰি৷ আচলতে এই কেঁকুৰিটোত আগতে ফৰেষ্ট ডিপাৰ্টমেন্টে ‘থেংকছ’ বুলি চাইনবৰ্ড এখন লগাইছিল৷ তাৰ পিছৰ পৰাই সকলোৱে ঠাইটুকুৰাকে থেংকছ গ’লাই বুলি ক’বলৈ ধৰিলে! ইয়াৰ পৰা অকণমান ওপৰলৈ হাবিৰ মাজলৈ সোমালেই আপুনি কেমেৰা লগাব বিচৰা ঠাইখন পাবগৈ৷ ”

দুয়ো হাবিতলীয়া বাটটোৰে ওপৰলৈ বগাবলৈ আৰম্ভ কৰিলো৷ আংগুৱে আগে আগে বাট দেখুৱাই গ’ল৷ মই ডিঙিত লগাই লোৱা জি পি এছতে বাটটোৰ মেপ এখনো তৈয়াৰ কৰি গ’লো৷ তেতিয়া ৰাতিপুৱা আঠমান বাজিছে৷ ওচৰৰে প্লট যেতিয়া দুপৰীয়াৰ ভাত খোৱাকৈ ঘুৰি আহিম বুলি আমি ৰাতিপুৱাই কিবা অলপ খায়ে ওলাইছিলো৷ ঘন অৰণ্য, ওপৰলৈ মূৰ কৰি চালে আকাশ দেখাৰ সুৰুঙা নথকাকৈ ডাল-পাতেৰে আবৰি বিশাল গছবোৰ, তলত আগনিশা সৰা বৰষুণে ভিজাই থোৱা সৰাপাতৰ দম! চাৰিওদিশে নানাটা চৰাই-চিৰিকটিৰ মাত৷ তাৰ মাজে মাজে হাতীৰ জাকৰ উমান পাবলৈও দুয়ো কাণ থিয় কৰি খুপি খুপি আগবাঢ়িলো৷ প্ৰথম ঠাইটুকুৰা বিচাৰি পাবলৈ বিশেষ অসুবিধা নহ’ল৷ কেমেৰাৰ কাম আগেয়ে নকৰা বাবে আংগুক খুঁটি নাটিবোৰ দেখুৱাই দিলো৷ দুয়ো মিলি মেকুৰীজাতীয় জন্তুৱে নিয়মীয়াকৈ অহা যোৱা কৰা বাট এটাৰ কাষতে প্ৰথম কেমেৰাটো লগাই পেলালো ৷ কাম কৰিছেনে নাই পৰীক্ষা কৰিবলৈ আংগুৱে কেমেৰাৰ সন্মুখেৰে খোজ দি চালে৷ মুহুৰ্ত্ততে মৰা ফ্লেছৰ পোহৰত আমি দুয়ো উচপ খাই উঠিলো৷ ক্লিকক! আংগুৰ বিৰাট স্ফুৰ্টি লাগি গ’ল৷

ঈগলনেষ্টৰ মূল বাট আৰ কাষৰীয়া অৰণ্য
“আৰে, এইটোৱে বঢ়িয়া কাম কৰেচোন৷ ময়েই যাত্ৰা কৰি দিলো দেই!” মই হাঁহিলো ৷ তাৰ উৎসাহ দুগুণে বাঢ়িল৷ দুয়ো জি পি এছৰ মেপ চাই দ্বিতীয় ঠাইটুকুৰা বিচৰাত লাগিলো৷ এইবাৰ আমি হাবিতলীয়া বাট এৰি খুবেই গভীৰ অৰণ্যলৈ সোমাই গ’লো৷ কিছুমান ঠাইত ঘন জোপোহাৰ মাজেৰে বাট উলিয়াই আগবাঢ়িব লগা হ’ল৷ জি পি এছত মেপ আছিল যদিও বতৰ ভাল নহ’লে বা বেছি ঘন অৰণ্য হ’লে ই ভালদৰে কাম নকৰে বাবে আংগুৱে ক’লে,

“ডাঙৰ গছৰ গাত দাৰে চিন এটা এটা ৰাখি যাওঁ৷ ঘুৰি আহোঁতে বাট বিচাৰি পাবলৈ সুবিধা হ’ব৷’’

কথা মতেই কাম৷ এইবাৰ জি পি এছেৰে বাট উলিয়াই লৈ মই আগবাঢ়িলো৷ সি চিন দি দি মোৰ পিছে পিছে আহি থাকিল৷ যিমানেই আগবাঢ়িলো, অৰণ্য ঘন হৈ গৈ থাকিল৷ এটা পাহাৰৰ নামনি পাৰ হৈ অন্য এটাত বগালোগৈ৷ কিছুমান ইমানেই থিয় গঁড়া যে আমি ঘুৰি পকিহে জি পি এছে দেখুওৱা বাট ওলাব লগা হ’ল৷ বুজিলো, ভবাৰ দৰে কামটো ইমান সহজ নহয় ৷ তেনেদৰেই কিছু যুঁজি মেলি ঠাই বিচাৰি উলিয়াই আৰু দুটা কেমেৰা লগালো৷ ইতিমধ্যে এক বাজি গৈছে৷ আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিছে৷ খাবলৈতো একো অনা নহ’লেই, দুয়োটাই পানীও অনাৰ কথা নাভাবিলো৷ কেমেৰাৰ বোজাটো কিছু কমিছিল যদিও ভাগৰো লাগি আহিছিল৷ পথালিকৈ পৰি থকা বিশালকায় মৰা গছ এডালৰ গাতে আউজি বহি পৰিলো৷ ভাবিলো, আজিলৈ সামৰো নেকি! ভবাতকৈ বহুত বেছি সময় লৈছে প্ৰতিটো কেমেৰা লগাওঁতে৷ জি পি এছৰ মেপখন চাই লৈ ভালকৈ চিন্তা কৰি চালো৷ পৰিকল্পনা অনুসৰিয়ে আমাৰ প্লটটো প্ৰায় বৰ্গাকাৰ, প্ৰতিটো চুকত একোটাকৈ কেমেৰা লগোৱাৰ কথা৷ আজি ওচৰা ওচৰিকৈ দুটা বৰ্গাকাৰ প্লটত কেমেৰা লগোৱাৰ কথা আছিল৷ দুটাত নহ’বই যেতিয়া এটা সম্পূৰ্ণ কৰাৰ কথা ভাবিব পাৰি৷ তাতে আমি তিনিটা চুকত লগালোৱে যেতিয়া চতুৰ্থটো প্ৰথমটোৰ পৰা বেছি দুৰত নহ’ব৷ গতিকে আকৌ অহা বাটেৰে উভতি যোৱাতকৈ চতুৰ্থ ঠাইখনৰ পৰা প্ৰথমটোলৈ চিধাই গুচি যাব পাৰিম৷ তাৰপৰা মূলবাট ওলাবলৈ অসুবিধা নহ’ব৷ মই চিন্তা ভাবনা কৰি থাকোতে আংগুৱে দাখন লৈ বাঁহ এডালৰ কুমলীয়া আগটো কাঁটি আনিলে৷ ক’লে,

“পিয়াহ লাগিছে বুলি কৈছিল নহয়, এয়া বাঁহৰ চুঙাৰ পানী খাওঁক৷ আপোনালোকৰ টাউনৰ ফিল্টাৰৰ পানীত কৈ বেছি পৰিস্কাৰ পানী!”

তাৰ কাম দেখি মোৰ সঁচাই ভাল লাগি গ’ল৷ হেপাঁহেৰে খালো, পিয়াহত থকাৰ বাবেই নে কি নাজানো, সঁচাই বৰ সোৱাদ যেন লাগিল৷ আংগুৱে নিজেও খাই ল’লে৷ মোৰ প্লেনটো বুজাই ক’লো তাক৷ সি ক’লে,

“ঠিক আছে, তেনেকৈয়ে চেষ্টা কৰি চোৱা যাওঁক৷ সেইমতে নহ’লেগৈ দীঘলীয়া বাটেৰে উভতি যাব পৰাকৈয়ো মইতো গছত দাৰে চিন দি আহিছোৱে৷’

দুয়ো আগবাঢ়িলো৷ এইবাৰ এখন বেঁতনি পাৰ হ’ব লগাত পৰিলো৷ ইমানেই কাইঁটীয়া বেঁত যে বৰ সাবধানেৰে আশে পাশে গছৰ ডালত ধৰি মেলি খোজ দিলো৷ ভাব হ’ল, থিয় পাহাৰত বেঁতনিৰ মাজেৰে বাট উলিয়াই যোৱাৰ সমান কষ্ট নাই৷ গৈ থাকোঁতে ভাবিলো, যিয়ে নহওঁক এইবাটেৰে উভতাৰ নাম নলওঁ!

অৱশেষত চতুৰ্থ ঠাইখন পালোগৈ৷ বেলি লহিয়াবলৈ আৰম্ভ কৰা দেখি মোৰ চিন্তা বাঢ়িল৷ কিন্তু আংগুৰ আগত একো নকৈ যিমান পাৰোঁ খৰধৰকৈ কেমেৰা লগালো৷ এইবাৰ আংগুৱে আকৌ কেমেৰাৰ আগেৰে অহা যোৱা নকৰিলে৷ লেনছৰ আগত হাতখন ঘুৰাই-ফিৰাই চালে-ফ্লেছ আহিল-হৈ গ’ল৷ ঘন হাবিৰ মাজত আন্ধাৰ সোনকালে হৈ পৰে ৷ তাতে আকৌ শীতকালি৷ আংগুক ক’লো,

“আমাৰ হাতত বেছি সময় নাই৷ সোনকালে ঘুৰিম বুলিয়ে টৰ্চ অনাৰ কথাও নাভাবিলো৷ গতিকে আগত যেনেকুৱাই পাহাৰ বা হাবি হওক, আমি যিমান পাৰো চিধাই প্ৰথম কেমেৰাৰ ঠাইলৈকে যাবলৈ চাম৷”
কেমেৰাবোৰ পিঠিত 'বুকি' (কঢ়িয়াই) লৈ সেয়া আংগু
সি হয়ভৰ দিলে৷ দুয়ো যিমান পাৰোঁ খৰখেদাকৈ আগবাঢ়িলো৷ তথাপিও জোপোহা, বাঁহনি, থিয় গঁড়া সকলো মিলি আমাৰ যথেষ্ট সময় ল’লে৷ অৱশেষত গৈ এটা থিয় গঁড়াৰ মূৰ ওলালোগৈ৷ তললৈ চাই বুকু কঁপি গ’ল৷ জি পি এছৰ মতে আমি পোনে পোনে যাব লাগে৷ বুজিলো, এইবাৰ নিস্তাৰ নাই, বাট সলাবই লাগিব৷ ইফালে সময় কমি আহিছে৷ আংগুৱেও ক’লে,

“এই গঁড়াৰে কোনোপধ্যে নামিব নোৱাৰি৷ বহুত ৰিস্কি কাৰবাৰ৷”

ইফালে সিফালে চালো৷ এটা ঠেক বাট চকুত পৰিল৷ দুয়ো আকৌ আশাবাদী হৈ পৰিলো৷ বাট মানেই ক’ৰবাততো ওলাবগৈ! আৰু মূল বাটলৈ বেছি দুৰৈত নহয় যেতিয়া এইটো খৰিকটিয়াৰ বাটেই হ’ব লাগে৷ তেতিয়ালৈ কোনোমতে এই অৰণ্যৰ পৰা বাহিৰ ওলোৱাটোৱে আমাৰ প্ৰধান চিন্তা হৈ পৰিছিল৷

দুয়ো প্ৰায় দৌৰাৰ দৰে আগবাঢ়িলো৷ গৈ আছো, গৈ আছো, বাট শেষ নহয় হে নহয়৷ অন্য বাটৰ দৰে বহলো নাই হোৱা৷ মোৰ সন্দেহ হ’ল৷ হয়তো আংগুৰো কিজানি মনে মনে সন্দেহ হৈছিলেই৷ আমাৰ সন্দেহ সঁচা হ’ল৷ হঠাৎ এঠাইত গৈ হাবিৰ মাজতে বাটটো শেষ হৈ থাকিল৷ নাই মানে নায়েই! আগলৈ যোৱাৰ একো উপায়ে নাই৷ আংগুক সুধিলো,
“এইফালে কিবা গাওঁ আছে নেকি?” 
সি ক’লে, “ মোৰ মতেতো নাই৷ আমি থেংকছ গ’লাইৰে কেতিয়াবা খৰি লুৰিবলৈ সোমাওঁ ৷ কিন্তু এইফালে অহাতো মনত নপৰে৷”

আমি দুয়োটাই বুজিলো, এতিয়া আৰু ভবা চিন্তাৰ সময় নাই৷ তৎক্ষণাত সিদ্ধান্ত লৈ কাম কৰাৰ সময়৷ অলপ পিছতে গোটেইখন আন্ধাৰে আৱৰি ধৰিব৷ আমাৰ আৰু একো উপায় নাথাকিব৷ আংগুক ক’লো,

“আমাৰ শেষ উপায়, অহা বাটে ঘুৰি যোৱা৷ তাকো যিমান পাৰি খৰকৈ৷ অন্তত: গছত দি অহা চিনবোৰ চাই চাই মূল বাট ওলাবগৈ পাৰিম৷”

এখন্তেকো পলম নকৰি আমি খৰ খোজেৰে ঘুৰিলো৷ দুয়ো ইজোপাৰ পৰা সিজোপা চিন থকা গছ বিচাৰি বিচাৰি আগবাঢ়িলো৷ পিয়াৰ-ভোক-ভাগৰ সকলো পাহৰি কেৱল ভৰি চলালো৷ এই পালোহি, এই পালোহি বুলি নিজকে সান্তনা দি দি আমি হাবি ফালি বাট বুলিলো৷ কিন্তু লাহে লাহে চিকিমিকি হৈ আহিল৷ চিনবোৰ বিচাৰি উলিয়াওতে আমাৰ বেছি কষ্ট হ’বলৈ ধৰিলে৷ কম সময়ৰ ভিতৰতে আমি বুজি উঠিলো, এতিয়াও আধাতকৈ বেছি বাট বাকী আৰু যিমান চেষ্টা কৰিলেও আমি চকুৰে দূৰৰ গছত চিন মনা সম্ভৱ নহয়৷ আমি দুয়ো পাহাৰৰ এনে এঠাইত ৰৈ গ’লোহি, য’ৰ পৰা আগলৈ-পিছলৈ, তললৈ বা ওপৰলৈ আন্ধাৰত খোজ দিয়াটো সাংঘাটিক ভয়াবহ কথা! জোনৰ ক্ষীণ পোহৰে অৰণ্যখন খুবেই জয়াল কৰি তুলিলে৷ দূৰৰ পৰা ব্লাইথছ ট্ৰগ’পান চৰাইৰ কেঁচুৱাৰ কান্দোনৰ দৰে ‘ওৱাৱাৱা..ওৱাৱা..’ মাত ভাঁহি আহিল৷ ঈগলনেষ্টৰ কেম্পত প্ৰথম নিশা এই গভীৰ মাত শুনি হোৱাৰ দৰে আকৌ এবাৰ মনটো শিঁয়ৰি উঠিল৷ আংগুৰ মুখখন স্পষ্টকৈ নেদেখিলো, কিন্তু বুজিলো সি ভয় খাইছে৷ ধেমালিকৈ ক’লো,
"আংগু, একো উপায় নাপালে ইয়াতে কটাই দিম আৰু ৰাতিটো, নহয়?”
সি শংকিত মাতেৰে ক’লে,

“নাই নাই, হাতী আহিলে কি কৰিম! ওচৰত মানুহ থাকিব পাৰে৷ সুহুৰিয়াই চাওঁ!”

প্ৰথম দুবাৰ তাৰ সুহুৰিয়ে নোলাল৷ বেচেৰাৰ ভোকে-পিয়াহে অন্ঠ-কন্ঠ শুকাই পৰিছিল৷ ময়ো চেষ্টা কৰিলো৷

“টুউ..উউউউউ…টুউ..উউউউউট…”

অৰণ্য কঁপাই গ’ল আংগুৰ তৃতীয়টো সুহুৰিয়ে৷ সি আকৌ কেইবাবাৰো একেধৰণে সুহুৰিয়ালে৷ কিন্তু একো সঁহাৰি নাপালো৷ বহু দুৰলৈকে মানুহৰ চিন-চাব নাই৷ পানী আৰু টৰ্চ ননাৰ কাৰণে মোৰ নিজৰ ওপৰতে খং উঠিল৷ পানী বিচাৰিবলৈ বাঁহনিখনো বহু দূৰৈত এৰি আহিলো৷ আমি দুয়ো বহি পৰিলো, আৰু কিবা উপায় আছে নেকি চিন্তিবলৈ লাগিলো৷ ভাবিলো, কেম্পত থকা বাকী চাৰিজন ল’ৰাটো নিশ্চয় চিন্তাত পৰিছে! আমি এক-দুই মান বজাতে উভতিম বুলি কৈ আহিছিলো৷ কি বা ভাবিছে৷ সিহঁতে আমাক বিচাৰি আহিবনে! নে আমি নিজেই উভতিম বুলি বাট চাই ৰ’ব! চিন্তা-ভাবনা আৰু সহায়ৰ বাবে বাট চোৱাৰ বাহিৰে তেতিয়া আৰু আমাৰ কৰিব লগীয়া বিশেষ একো নাছিল৷

…..এটা এটা মুহুৰ্ত্ত এযুগ যেন ভাব হ’ল৷ আংগু নীৰৱ, কিন্তু মই ইতিমধ্যে মনতে ধৰি লৈছিলো যে ৰাতিটো তাতে কটাব লাগিব৷ মনে মনে গুণা-গঁঠা আৰম্ভ কৰিয়ে দিলো ক’ত আটাইতকৈ নিৰাপদে থাকিব পাৰিম! কেম্পৰ শ্লিপিং বেগটোলৈ মনত পৰিল, মনত পৰিল পোৰা গাহৰিৰে খোৱা ৰাতিৰ ভাত সাঁজলৈ৷ ভয়-শংকাবোৰ ডবাই মনটো জোৰকৈ বান্ধি ৰাখিলো৷ ……

কিমান সময় পাৰ হৈ গ’ল আমি ধৰিব নোৱাৰিলো৷ এটা সময়ত হঠাতে ক’ৰবাৰ পৰা সুহুৰি এটা শুনা যেন লাগিল! নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰিলো৷ দুয়ো সজাগ হৈ কাণ উনালো৷ আকৌ সেই একে সুহুৰি৷ আংগুৰ মাত ওলাল,

“ইহঁতৰ কোনোবা এটা হ’ব লাগিব৷ খেতিলৈ গ’লে আমি এনেকৈয়ে সুহুৰিয়াই দূৰৰ পৰা ইটোৱে সিটোক মাত দিওঁ!”

দুয়োৰে মনলৈ যেন সাহস ঘুৰি আহিল৷ তৃতীয়বাৰৰ সুহুৰিটো শেষ নহওঁতেই এইফালৰ পৰা আংগুৱে সুহুৰিয়াবলৈ লাগিল৷ লগে লগে সিফালৰ পৰা উত্তৰ আহিল৷ এইবাৰ আমি নিশ্চিত হ’লো, কেম্পৰ ল’ৰাকেইটাই আমাক বিচাৰি আহিছে৷ ভীষণ সকাহ পালো৷ আংগুৱে সকলো পাহৰি নেপালীতে সিহঁতক চিঞৰি মাতিলে,

“ক’ত আছ তহঁত? 
উত্তৰ আহিল, “মূলবাটত! তহঁত ক’ত?”
“আমি বাট বিচাৰি পোৱা নাই!!” 
মই আংগুক ক’লো, “পানী আৰু টৰ্চ আছে নেকি সোধচোন”
আংগুৱে দোহাৰিলে, উত্তৰ আহিল “নাই”

এইবাৰ মোৰ খঙেই উঠিল! আমাক এই ৰাতিখন বিচাৰি আহিছে আৰু পানীটো নাই নায়েই, টৰ্চো অনা নাই!!

আংগুৱেও অলপকৈ ডবিয়ালে৷ সিহঁতে আকৌ চিঞৰি খৱৰ ল’লে মই ঠিকে আছোঁ নে নাই!! এইবাৰ মোৰ হাঁহি উঠিল৷ পানীৰ কথা সোধা দেখি সিহঁতে হয়তো ভাবিছে মই ভোকে-ভয়ে মূৰ্ছাই গ’লো নেকি! 

ল’ৰাকেইজনৰ ভিতৰত ঈগলনেষ্টৰ তলা-নলা খুউব ভালকৈ জনা কামিয়েই আমাক আগবঢ়াই নিবলৈ আহিল৷ সুহুৰি মাৰি মাৰি আমাৰ গম লৈ সি ওচৰ চাপিল, দাৰে বাটো উলিয়াই আহিল৷ অৱশেষত তাৰ ম’বাইলৰ ক্ষীণ পোহৰটো আমাৰ চকুত পৰিল৷ কামিয়ে বিশেষ একো নক’লে৷ মাথোঁ মোক সতৰ্ক কৰি দিলে,

“মোৰ পিছে পিছে সাবধানে আহি থাকক৷ ৰাস্তা বৰ বিপদজনক৷”
কামি সন্মুখত, তাৰ পিছত আংগু, শেষত মই৷ দিনৰ দিনটো একেৰাহে হাবি ভাঙি পাহাৰ বগাই মই ক্লান্ত হৈ পৰিছিলো৷ একো নভবাকৈ মাথোঁ ভৰি দুখন অনুমানতে আগবঢ়াই নি থাকিলো৷ পুৱাৰ বেঁতনিখন আকৌ পাৰ হ’ব লগাত পৰিলো৷ কামিয়ে আগবাঢ়ি ম’বাইলৰ পোহৰ দেখুৱালে৷ আংগুৱে বেঁতৰ কাইঁটৰ কিমান যে খোঁচ খালে হিচাপ নাই৷ কিন্তু প্ৰতিবাৰেই খোঁচ খাই লৈ সি বেঁতবোৰ একাষৰীয়া কৰি ধৰি থাকি মোক কয়,

“এইফালে কাইঁট আছে দেই৷ এইখিনিত খোঁজ দি এনেকৈ আহক”

তাৰ প্ৰতি গভীৰ মমতা আৰু কৃতজ্ঞতাৰে মোৰ মন ভৰি উঠিল৷ এবাৰো খোঁচ নোখোৱাকৈ সেই ভয়ংকৰ বেঁতনি পাৰ হৈ আহিলো৷ হাবি ভাঙি আহি এটা সময়ত আমি তিনিওটা থেংকছ গ’লাই ওলালোহি৷ দীনেশ, গ’ৰে আৰু ভাৰত তাতে ৰৈ আছিল৷ সিহঁতে আমাক দেখি স্বস্তিৰ নিশ্বাস পেলালে৷ কথা কোৱাৰ শক্তি নাছিল আমাৰ৷ তেতিয়াও মূল বাটেদি কেম্পলৈ আধাঘন্টাৰ বাট৷ ভাৰতে সুধিলে, “খোজ কাঢ়িব পাৰিবনে? নে দাঙি নিব লাগিব আকৌ??”

মই বোলো, “ইমানখন পাহাৰ বগাই ওলাইছোহি! এতিয়া এই সমান মুকলি বাট কোন কূটা!!”

তথাপিও মনলৈ বহুত জোৰ আনিহে খোজ দিব লগাত পৰিলো৷ ভৰি দুটা যেন অচল হৈ যাব এনে লাগিল৷ আধামান বাট গৈয়ে বাটৰ কাষত সৰু নিজৰা এটা পালো৷ তাতে বাঁহ এফাল দি ধুনীয়াকৈ পানী অহাৰ ব্যৱস্থা কৰি থোৱা আছে৷ আংগু আৰু মই গৈ তাৰ তলতে মূৰ পাতি দিলোগৈ৷ হেঁপাহ পলুৱাই খাই ল’লো৷ এইবাৰহে আমাৰ দুয়োৰে দেহলৈ প্ৰাণ অহা যেন লাগিল৷ পানীৰ মূল্য কিমান সেই মুহৰ্ত্তত নতুনকৈ উপলব্ধি কৰিলো৷

কেম্পলৈ গৈয়ে ভাতৰ পাতত বহিলো৷ পোৰা গাহৰিৰ মাংস আৰু সিজোৱা ঢেঁকীয়াৰে ভাত৷ নিজকে ধন্য মানিলো, কেম্পত চৌকাৰ কাষত বহি ধোঁৱা ওলাই থকা ভাতসাঁজ পোৱাৰ বাবে৷ ইহঁতে এইবাৰ মুখ খুলিলে৷ মুখ খুলিলে মানে আৰু ৰক্ষা নাই৷ বাটৰ কাষৰ ইমান সহজ ঠাইখনলৈ গৈ ক’ৰবাৰ পাহাৰত হেৰাই যোৱাৰ বাবে আমাক অজস্ৰ ঠাট্টা-মস্কৰাৰে উপচাই দিলে৷ ভাৰতে আমাক লৈ গীতকে ৰচি পেলালে৷ আংগু আৰু মোৰ নতুন জোকোৱা নামো আনকি ঠিক হৈ গ’ল৷ সেইবোৰৰ মাজতে মই সুধিলো,

‘আমাৰটো বাৰু মানি ল’লো! আমাক বিচাৰি যাওঁতে সেই ৰাতিখন তহঁতে টৰ্চ এটাও লৈ যাব নালাগেনে?? তাকো গোটেই তিনিওটাই গৈছে হাৱাই চেণ্ডেল পিন্ধি!”

সিহঁতে যি উত্তৰ দিলে শুনি আমি কিনো ক’ম ভাবি নাপালো৷ আগৰ খং উটি গৈ হাঁহিহে উঠিল খুউব৷ সিহঁতে হেনো কেম্পত বিশেষ কাম নথকাত আবেলিতে ওলাই আহিছিল৷ বাটত ক’ৰবাত লুকাই থাকি আমি ঘুৰি যাওঁতে ভয় খুৱাব বুলি হেনো পাঙি আছিল৷ তেনেকৈয়ে বহু সময় ৰৈ থাকি আমি উভতি নোযোৱাত সিহঁতে সন্দেহ কৰিলে, একে উদেশ্যেৰে আমিহে ওলোটাই ক’ৰবাত লুকাই আছোঁ বুলি ৷ সেয়ে চাৰিওটাই ওখ গছ এজোপাত উঠি আমাক ধৰা পেলাবলৈ ছেগ চাই আছিল!! শেষত একো সাৰ-সুৰ নাপাইহে সুহুৰিয়াছিল হেনো!

ধেৎ, এনেকুৱাওনো হ’ব লাগেনে, ভাবিলো! অহাৰ দিনাৰে পৰা এই সহজ সৰল ল'ৰাকেইটাৰ স'তে কৰি অহা ইটো সিটো ধেমালিবোৰ মনত পৰিল৷ ভাব হ'ল, আচলতে সেইবোৰলৈ চাই সিহঁতে তেনেকৈ ভবাটোত আচৰিত হ'ব লগা একো নাই কিজানি! নিমাতে ৰোৱাৰ বাহিৰে মোৰ অন্য উপায় নাছিল৷

কিন্তু সেই এটা দিনে আমাক যেন বহুত কথাই নতুনকৈ শিকাই গ'ল৷ তাৰ পিছৰে পৰা য’লৈকে যাওঁ, আংগু আৰু মোৰ পিঠিৰ বেগ গধুৰ কৰা হ‘ল প্ৰয়োজনীয় খাদ্য-সম্ভাৰ আৰু পানীৰ বটলে৷ হেডলাইট এটাই মোৰ বেগত স্থায়ীভাৱে ঠাই পালে৷ সিদিনা একো নক’লেও মোৰ বিকট সুহুৰিয়ে বহুদিনলৈ কামিহঁতক হাঁহিৰ খোৰাক যোগাই থাকিল৷ শেষত মোৰ প্ৰতি দয়া ওপজিয়ে হ’বলা ভাৰতে মোক বাঁহৰ আগেৰে অকণমানি সুহুৰি এটা তৈয়াৰ কৰি দিলে৷ আজিও সেইটো মই সযতনে নিজৰ লগত লৈ ফুৰোঁ৷ অৰণ্যত কাম কৰোঁতে ল’বলগীয়া সাবধানতাবোৰৰ বাহিৰেও সেই দিনটোৱে আৰু কিছুমান কথা উপলব্ধি কৰাই দিলে ৷ আমাক যেন আৰু বেছি কাষ চপাই নিলে প্ৰকৃতিৰ বুকুলৈ, এনে ভাব হ’ল৷ এই পাহাৰীয়া মানুহখিনিৰ নিঁভাজ আন্তৰিকতায়ো চুই গ'ল মোক৷ বিশেষকৈ আংগু মোৰ মৰমৰ বন্ধু হৈ ৰ’ল চিৰদিনৰ বাবে৷ পিছে তেতিয়াও মই জনা নাছিলো, এয়া যে মাথোঁ আৰম্ভণিহে ৷ ঈগলনেষ্টে মোৰ কল্পনাৰো অগোচৰ বহু ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সম্ভাৰ লৈ ৰৈ আছিল সঠিক সময়লৈ :)

Monday, 27 October 2014

একাত্ম

আধা দশকৰ নিৰ্বাক অনুভৱে সিদিনা
উখল মাখল কৰি তুলিছিল হৃদয়ৰ চোতাল
ফুটো নোফুটোকৈ শব্দৰ ৰূপ লৈছিল
এজাক বৰষুণ সৰিছিল, ধাৰাসাৰ
এটা মুহুৰ্ত সোণালী ফ্ৰেমত বন্দী হৈছিল
আৰু আমি একেলগে খোজ দিছিলো
এক সেউজীয়া বাটেৰে
শৰতৰ শুকুলা ডাৱৰে দি গৈছিল
জীৱনৰ এক নতুন ঠিকনা
সময়ৰ আঁচোৰক দেও দি যোৱা
এক মায়াময় আত্মীয়তা
যি উপচাই ৰাখিছে মোৰ ইকুল-সিকুল
প্ৰতি পল, প্ৰতি দিন
চিৰদিন


ৰচনা: ২৫ অক্টোবৰ, ২০১৪

Tuesday, 26 August 2014

বিচিত্ৰ প্ৰকৃতি-১: বিষাক্ত চৰাই পিট’হুই


১৯৯০ চনৰ কোনো এটা সুন্দৰ পুৱা৷ কেলিফৰ্ণিয়া একাডেমী অব চায়েন্সৰ ছাত্ৰ জেক ডাম্ব’কাৰ (Jack Dumbacher) নিউ গিনি দ্বীপৰ গভীৰ অৰণ্যত কামত ব্যস্ত আছিল৷ তেওঁ চৰাইৰ প্ৰজননৰ সময়ত কৰা আচৰণৰ বিষয়ে গৱেষণা কৰি আছিল৷ তেওঁ অন্য সহকৰ্মীসকলৰ সৈতে চৰাইৰ বাবে বিশেষভাৱে নিৰ্মিত এবিধ জালে (mist-net) ৰে চৰাইবোৰ ধৰি পৰীক্ষা কৰি পুনৰ মুক্তি দিয়ে৷ সেইদিনা ওচৰা ওচৰিকৈ পাতি থোৱা ৪০ খন মান জালত লগা চৰাইবোৰ এফালৰ পৰা পৰীক্ষা কৰি আগবাঢ়ি গৈ থাকোতে তেওঁ এবিধ নতুন প্ৰজাতিৰ কেইবাটাও চৰাই দেখা পালে৷ এই চৰাইবিধৰ নাম হ’ল হুডেড পিট’হুই৷ চৰাইবোৰ জালৰ পৰা এৰুওৱাৰ সময়ত তেওঁৰ হাতত ঠোঁটৰ দুটামান আচোঁৰ পৰিল৷ কিন্তু জেকে কথাটোত বিশেষ গুৰুত্ব নিদিলে ৷ দুখ পোৱা আঙুলিটো কিছু সময়ৰ বাবে মুখত চুপি লৈ তেওঁ কামত মগ্ন হ’ল৷
জেক ডাম্ব’কাৰ
কিন্তু আচৰিতভাৱে কিছুসময়ৰ পিছতে তেওঁৰ মূখৰ ভিতৰখন জ্বলা যেন ভাব হ’ল, জিভা আৰু ওঁঠ নিসাৰ যেন অনুভৱ হ’ল৷ কেইবাঘন্টালৈকে এই লক্ষণবোৰ থকাত তেওঁলোকে অনুমান কৰিলে এই চৰাইবিধ হয়তো অন্য চৰাইবোৰৰ দৰে একে নহয়৷ সেয়ে সেইদিনা তেওঁলোকে তাৰ স্থানীয় লোকসকলৰ সৈতে আলচ কৰাৰ সিদ্ধান্ত ল’লে৷ সোধাত গম পোৱা গ’ল যে, সেই দ্বীপত বাস কৰা স্থানীয় লোকসকলে এই চৰাইবিধৰ বিষৰ কথা জানে আৰু সকলোৱে ইয়াক জঞ্জালময় (rubbish) চৰাই বুলি গণ্য কৰে ৷ পৰাপক্ষত সকলোৱে এই চৰাইবোৰৰ পৰা সাধাৰণতে ইয়াৰ পৰা আঁতৰি থাকে৷ জেক আৰু তেওঁৰ দলে লগে লগে এই চৰাইবিধৰ বিষয়ে অধিক জানিবলৈ গৱেষণা আৰম্ভ কৰিলে৷ বৈজ্ঞানিক অধ্যয়নৰ পৰা গম পোৱা গ’ল যে এই চৰাইবিধৰ ডেউকা আৰু মাংসপেশীৰ কলাত হ’ম’বেট্ৰেক’টক্সিন (homobatrachotoxin) নামৰ এবিধ ষ্টেৰ’য়ডেল এলকলইড নিউৰ’টক্সিন (steroidal alkaloid) থাকে৷ এই বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ অধিক মাত্ৰাই মানু্হৰ শৰীৰ অসাৰ কৰিব পাৰে আৰু আনকি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুও ঘটাব পাৰে৷


হুডেড পিট’হুই (Hooded Pitohui)
এনেদৰেই জেকে বিশ্বৰ প্ৰথম বিষাক্ত চৰাইবিধৰ বিষয়ে বৈজ্ঞানিকভাৱে তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ এই চৰাইটোৰ দেহটো মজলীয়া আকাৰৰ (প্ৰায় শালিকাৰ সমান)৷ ইয়াৰ পেট অংশ উজ্বল কমলাবৰণৰ আৰু মূৰটো ক’লা৷ পিট’হুই অৰিয়’লিডি (Oriolidae) পৰিয়ালৰ চৰাই য’ত আমাৰ অসমত পোৱা সখিয়তী চৰায়ো অন্তৰ্ভুক্ত হৈছে৷ নিউ গিনিত এই চৰাইবিধ বহুলভাৱে বিস্তৃত ৷ জেক ডাম্ব’কাৰে পিট’হুই গণ (genus) ৰ তিনিবিধ প্ৰজাতিৰ দেহত এই বিষাক্ত পদাৰ্থবিধ আৱিস্কাৰ কৰে৷ এই চৰাইকেইবিধ হ’ল- হুডেড পিট’হুই (Hooded Pitohui, Pitohui dichrous), ভেৰিয়েব’ল পিট’হুই (Variable Pitohuis, P. kirhocephalus), আৰু (Rusty Pitohuis, P. ferrugineus) ৷ ইয়াৰ পিছত শেহতীয়াকৈ তেওঁলোকে ২০০২ চনত নিউ গিনিৰ অৰণ্যত দ্বিতীয়বিধ বিষাক্ত চৰাইৰ , blue-capped ifrita (Ifrita kowaldi) সন্ধান পাইছে৷ 


এই বিষাক্ত চৰাই কেইবিধৰ দেহত থকা বিষৰ প্ৰকৃত কাৰ্য্য এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই৷ কিন্তু অনুমান কৰা হৈছে যে পৰজীৱী বা চিকাৰী জীৱৰ পৰা ৰক্ষা পোৱাৰ বাবে (chemical defense) ইয়াৰ ব্যৱহাৰ হয় ৷ তাৰোপৰি এই বিষাক্ত পদাৰ্থবিধ পিট’হুই চৰাইৰ দেহত নিজে উৎপন্ন নহয় বুলি ধাৰণা কৰা হৈছে৷ হয়তো চৰাইটোৱে খাদ্যৰ পৰা এই বিষ আহৰণ কৰে৷


উৎস:
•JP Dumbacher, BM Beehler, TF Spande, HM Garraffo. 1992. Homobatrachotoxin in the genus Pitohui: chemical defense in birds?Science.
•JP Dumbacher, TF Spande, JW Daly. 2000. Batrachotoxin alkaloids from passerine birds: a second toxic bird genus (Ifrita kowaldi) from New Guinea, Proceedings of the National Academy of Sciences

Sunday, 10 August 2014

কেৰিয়াৰৰূপে বন্যজীৱ বিজ্ঞান (Wildlife Science)

কলেজীয়া জীৱনৰ শেষৰ দিনকেইটাত আমাৰ প্ৰায়বোৰৰে মনবোৰ ভৱিষ্যত কেৰিয়াৰৰ প্ৰশ্নৰে উদ্বিগ্ন হৈ পৰে৷  বহুতেই চাকৰিৰ বাবে আবেদন কৰে, অন্যই চাকৰিমুখী কাৰিকৰী শিক্ষাৰ বাবে মন মেলে৷ সচৰাচৰ বাচি লোৱা এইসমূহ কেৰিয়াৰৰ তুলনাত আমাৰ বহুতৰে দৃষ্টিগোচৰ নোহোৱাকৈ ৰৈ যোৱা আকৰ্ষণীয় কেৰিয়াৰসমূহৰ ভিতৰত এটা হ’ল বন্যজীৱবিজ্ঞান (Wildlife Science)|  এই বিজ্ঞানে বন্যজীৱ (উদ্ভিদ আৰু প্ৰাণী)ৰ বাসস্থান (habitat), আচৰণ (behavior), শ্ৰেণীবিভাজন (taxonomy) আৰু সংৰক্ষণ (conservation) আদি সকলো বিষয় সামৰি লয়৷ নিতৌ গৱেষণালব্ধ নতুন নতুন তথ্য সংযোগেৰে বন্যজীৱবিজ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷  প্ৰকৃতিৰ অনুপম বৈচিত্ৰ্যৰ মাজত থাকি ভালপোৱা, ইয়াৰ গছ-লতা, জীৱ-জন্তুৰ বিষয়ে জানিবলৈ আৰু এইবোৰৰ সংৰক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে এই বিষয়টো অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিব পাৰে৷  

বন্যজীৱবিজ্ঞান অধ্যয়নৰ বাবে অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত ভালেসংখ্যক শিক্ষানুষ্ঠানত সুবিধা আছে৷ ইয়াৰে ভিতৰত প্ৰখ্যাত শিক্ষানুষ্ঠান সমূহ হৈছে-
স্নাতকোত্তৰ পৰ্য্যয়ত-
• ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc, বাংগালোৰ)
• ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (NCBS, বাংগালোৰ)
• ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠান (WII, ডেৰাডুন)
• ছেলিম আলী চেন্টাৰ ফৰ অৰ্নিথ’লজি এণ্ড নেচাৰেল হিষ্টৰি (SACON, কইম্বটোৰ) 
• এমিটি ইন্সিটিউট অব ৱাইল্ডলাইফ চায়েন্স (Amity Institute Of Wildlife Sciences, নয়ডা)
• এ ভি চি মহাবিদ্যালয় (AVC College, তামিলনাডু)
• নৰ্থ উৰিষ্যা ইউনিভাৰ্ছিটি (North Orissa University, উৰিষ্যা)
• গুৱাহাটী বিশ্ববিদ্যালয় (অসম)

বন্যজীৱ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নিজৰ আগ্ৰহ অনুযায়ী বিভিন্ন ক্ষেত্ৰত নিয়োজিত হ’ব পৰা যায়৷ উচ্চ শিক্ষা তথা গৱেষণাৰ বাবে আগ্ৰহীসকলে ভাৰতৰ বিভিন্ন অঞ্চলত চলি থকা গৱেষণা প্ৰকল্পত যোগদান কৰিব পাৰে৷ অথবা নিজাকৈ গৱেষণা আৰম্ভ কৰিব পাৰে৷ এনে স্বাধীন গৱেষণাৰ বাবে ভাৰতত চৰকাৰী তথা বেচৰকাৰী আৰু আন্ত:ৰাষ্ট্ৰীয় সংগঠনৰ পৰা আৰ্থিক সাহায্য পোৱা যায়৷ গৱেষণাৰ বাবে ভাৰতৰ উচ্চ শিক্ষা প্ৰতিয্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল- ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc), ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (NCBS), ভাৰতীয় বন্যজীৱ প্ৰতিষ্ঠান (WII) আদি৷ তাৰোপৰি ভাৰতত ভালেসংখ্যক স্বেছ্ছাসেৱী সংগঠনেও বন্যজীৱ সম্পৰ্কে উৎকৃষ্ট গৱেষণা চলাই আহিছে আৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে৷ এনে অগ্ৰণী সংগঠনসমূহৰ ভিতৰত নেচাৰ কনজাৰভেশ্যন ফাউণ্ডেশ্যন  (NCF, বাংগালোৰ), অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্ছ ইন ইক’লজি এণ্ড এনভাইৰনমেন্ট (ATREE,বাংগালোৰ), ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ (WWF),  ৱাইল্ডলাইফ ট্ৰাষ্ট ফৰ ইণ্ডিয়া (WTI), আৰণ্যক (অসম) ইত্যাদিয়ে উল্লেখযোগ্য৷


সম্প্ৰতি বন্যজীৱবিজ্ঞান বহুতৰ বাবে এক আকৰ্ষণীয় কেৰিয়াৰ হৈ উঠিছে৷ এই ক্ষেত্ৰখনত অৰণ্যৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, গছ-লতা,পশু-পক্ষীৰ বিষয়ে নিত্য নতুন তথ্য জনাৰ তথা আৱিস্কাৰৰ সম্ভাৱনাৰ লগতে জৈৱ-বৈচিত্ৰৰ সংৰক্ষণৰ বাবে হাতে কামে লগাৰ সুযোগ পোৱা যায়৷ তাৰোপৰি কোনো কোনোৰ দৰে এই ক্ষেত্ৰখন কেৱল পুৰুষৰ বাবেহে অনকূল বুলি কৰা ধাৰণাও তেনেই অমূলক৷ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওঁ যে, নাৰী-পুৰুষে সমানেই এই ক্ষেত্ৰখনত দক্ষতা দেখুৱাই আহিছে ৷ 

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ বৰ্তমান সময়ত এক বহুল চৰ্চিত বিষয়৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে বাঢ়ি অহা প্ৰয়োজনসমূহ পূৰ কৰিবলৈ হোৱা অভূতপূৰ্ব উদ্যোগিক বিকাশৰ ফলত বহুতো জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ প্ৰাকৃতিক অৰণ্যভূমিৰ ধব্ংস হৈছে৷ লগে লগে এই পৃথিৱীৰ পৰা প্ৰায় সকলোৰে অগোচৰে মেলানি মাগিছে অলেখ-অসংখ্য বন্য জীৱ-জন্তুৱে ৷ সমগ্ৰ বিশ্বত মাথোঁ কেইটামান অঞ্চলতহে এতিয়াও মানুহৰ ধ্বংসাত্মক কাৰ্য্যকলাপৰ ফলত হোৱা সংকট স্বত্বেও বৈচিত্ৰ্যময় প্ৰাকৃতিক অৰণ্যসমূহ বৰ্তি আছে৷ জৈৱ-বৈচিত্ৰ্যৰ হটস্পট বুলি আখ্যা দিয়া এনে অঞ্চলসমূহৰ ভিতৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলো অন্যতম৷ কিন্তু, দুখৰ বিষয় এয়ে যে আমাৰ এই দুলৰ্ভ প্ৰাকৃতিক সম্পদৰ বিষয়ে গৱেষণা কৰা বা ইয়াৰ অপূৰ্ব জৈৱ-বৈচিত্ৰ্যৰ  সংৰক্ষণৰ ক্ষেত্ৰত হাতে-কামে লগা অসমীয়া লোকৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম৷ সেয়ে, এইক্ষেত্ৰত আগ্ৰহী আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ নিৰ্বাচনৰ সময়ত বন্যজীৱবিজ্ঞানৰ বিষয়েও বিবেচনা কৰি চাব পাৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত ই এক নতুন দিগন্তৰ উন্মোচন কৰিবলৈ সক্ষম হ'ব৷

Saturday, 15 March 2014

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক

ৱিকিপিডিয়া “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এক মুক্ত অনলাইন বিশ্বকোষ৷ পৃথিৱীৰ যিকোনো ঠাইৰ আগ্ৰহী লোকে নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত জ্ঞান সংগ্ৰহ কৰি ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াব পাৰে৷ ২০১১ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ইংৰাজী ৱিকিপিডিয়া আৰম্ভ কৰাৰ পৰা বিশ্বত মুক্ত জ্ঞানৰ ব্যৱহাৰ আৰু বিতৰণৰ ক্ষেত্ৰত এক আন্দোলনৰ সূচনা হৈছে৷ এই প্ৰকল্পৰ অধীনত সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ২৮৭ টা ভাষাৰ ৱিকিপিডিয়া আৰম্ভ হৈছে৷ বৰ্তমান ইয়াৰ জৰিয়তেই যিকোনো বিষয়ৰ জ্ঞান বিনামূল্যে বিশ্বৰ সকলো লোকৰ বাবে নিজ ভাষাতো উপলব্ধ হৈ উঠিছে৷  


মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷ পৰিসাখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৪৪ লাখ আৰু মালায়ালম ৱিকিপিডিয়াৰ ৩৪ হাজাৰ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল আঢ়ৈহাজাৰটা৷ এই ৱিকিপিডিয়াত পঞ্জীভূত সদস্য ৮,৪০৭ গৰাকী যদিও নিয়মীয়াকৈ অৱদান আগবঢ়োৱা সক্ৰিয় সদস্য সংখ্যা তেনেই কম৷ 


ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়া ৰ তত্বাৱধানত অসমীয়া ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প ৱিকিউৎস আৰম্ভ কৰা হৈছে৷ এই ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত মুক্ত প্ৰকাশনসমূহ ডিজিটেল ৰূপত সংগ্ৰহ কৰি ৰখা হয়৷ শেহতীয়াকৈ কেইগৰাকীমান অসমীয়া স্বেছ্ছাসেৱকৰ আশাসুধীয়া আৰু নিৰলস প্ৰচেষ্টাত ইয়াত লেখাৰ সংখ্যা এহাজাৰ হৈছেগৈ৷ শংকৰ-মাধৱৰ প্ৰায়ভাগ বৰগীত তথা ৰচনাকে ধৰি ভালেসংখ্যক প্ৰসিদ্ধ লেখকৰ সাহিত্য কৰ্মসমূহ এই ৱিকিউৎসত উপলব্ধ কৰা হৈছে ৷

বহুলোকে ভৱাৰ দৰে অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাটো মুঠেই টান কাম নহয়৷ ইয়াত নিজৰ অৰ্হতা বা আগ্ৰহ অনুসাৰে বিষয়বস্তু বাচি লৈ যিকোনো লোকে ইতিমধ্যে থকা প্ৰবন্ধৰ যথাযথ সম্পাদনা কৰিব পাৰে নাইবা প্ৰয়োজনীয় বুলি ভবা বিষয়ৰ ওপৰত নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে৷ তাৰোপৰি, ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ দীঘলীয়া সময়ৰো প্ৰয়োজন নাই৷ নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসাৰে সময় উলিয়াই সম্পাদনা কৰিব পৰা যায়৷ সম্পাদনাত অসুবিধাৰ মুখামুখি হোৱা নতুন সদস্যসকলক অভিজ্ঞ ৱিকিপিডিয়ানসকলে বন্ধুত্বপূৰ্ণভাৱে সহায় কৰে৷ এই সদস্যসকলৰ মাজত ৱিকিপিডিয়া সম্পৰ্কীয় আলোচনা তথা যোগাযোগৰ বাবে ফে’চবুকত Assamese Wikipedia Community নামৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া- Assamese Wikipedia নামৰ এখন পৃষ্ঠাও আছে৷ 

বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ছাৰ্ছ ইঞ্জিনসমূ্হত বাংলাৰ পৰিৱৰ্ত্তে অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এধাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এই প্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

Monday, 6 January 2014

মহেশ্বৰ বসুমতাৰী: চোৰাংচিকাৰীৰ পৰা প্ৰকৃতিবিদলৈ পৰ্যবসিত হোৱাৰ এক অনুপম কাহিনী



বড়োলেণ্ডৰ এই যুৱকজনে জীৱনৰ এছোৱা বহু ঘাত-প্ৰতিঘাতেৰে কটায়ো দৃঢ় মনোবলৰ বাবেই অৱশেষত জীৱন যুঁজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল৷ জন্মৰে পৰা সংঘাতপূৰ্ণ অঞ্চলটোত বসবাস কৰা বসুমতাৰীয়ে শিক্ষা আধাতে সামৰি উনৈশ বছৰ বয়সতে বিয়া কৰায়৷ কিন্তু উপাৰ্জনৰ কোনো পথ বিচাৰি নাপাই অৱশেষত চোৰাংচিকাৰীক মানাহৰ অৰণ্যত বাট দেখুৱাই লৈ যোৱাৰ কাম কৰিবলৈ লয়৷ কিন্তু তেওঁৰ এই কামৰ কথা জানিব পাৰি পত্নীয়ে দুটি সন্তানৰ সৈতে তেওঁক পৰিত্যাগ কৰে৷ নিজৰ ভুল বুজিব পাৰি মহেশ্বৰ বসুমতাৰীয়ে ২০০৫ চনত আাত্মসমৰ্পন কৰে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জৈববৈচিত্ৰ্য সংৰক্ষণত অংশগ্ৰহণ কৰিবলৈ লয়৷ 

ইয়াৰ পিছত তেওঁ আৰু পুনৰ উভতি চাবলগীয়া হোৱা নাই৷ এটাৰ পিছত আনটোকৈ ইতিবাচক সংযোগবোৰে আহি তেওঁক লগ দিলেহি ৷ ৱাইল্ডলাইফ ট্ৰাষ্ট অব ইণ্ডিয়া(WTI) ৰ ‘Centre for Wildlife Rehabilitation and Conservation (CWRC)’ ত যোগ দি মাউৰা গোধাফুটুকী বাঘৰ সংস্থাপনত তেওঁ অৱদান আগবঢ়ায়৷ এই অৱদানৰ বাবে National Geographic ৰ ‘The Return of the Clouded Leopards’ নামৰ তথ্যচিত্ৰখনতো মহেশ্বৰ বসুমতাৰীৰ কাহীনী প্ৰচাৰিত হয়৷ তাৰোপৰি তেওঁ অসমৰ বনবিভাগৰ হৈ স্থানীয় চোৰাংচিকাৰী সকলক অস্ত্ৰ পৰিত্যাগ কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰত্যয় জন্মাবলৈও চেষ্টা কৰি আহিছে৷ শেহতীয়াকৈ Sanctuary Asia নামৰ প্ৰখ্যাত বন্যপ্ৰাণী সম্পৰ্কীয় আলোচনীখনৰ Earth Hero সকলৰ মাজত স্থান পাইছে এই যুৱকজনে৷ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে Sanctuary Asia ই ২০১৩ বৰ্ষৰ Wildlife Service বঁটা আগবঢ়ায় মহেশ্বৰ বসুমতাৰীলৈ ৷ যোৱা আঠটা বছৰে বন্যপ্ৰাণী সুৰক্ষা আৰু যত্নৰ হকে কাম কৰি অহা এই প্ৰকৃতিবিদ গৰাকী নিসন্দেহে অসমৰ গৌৰৱ আৰু অন্য সকলোলোৰে বাবে এক অপূৰ্ব নিদৰ্শন৷

Wednesday, 25 December 2013

বনভোজৰ বতৰত

ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ এই বতৰত আমাৰ মাজত বনভোজ বা পিকনিক খোৱাৰ জোৱাৰ উঠে৷ আমি সকলোৱে কৰ্মস্থানৰ সহকৰ্মী, পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে লগ হৈ ব্যস্ত একঘেয়ামী জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ কোনো ঠাইত এটা দিন স্ফুৰ্ত্তিৰে, মনৰ হেঁপাহেৰ উপভোগ কৰিব খোজোঁ৷ সাধাৰণতে এনে বনভোজৰ ঠাই বা ‘পিকনিক স্পট’বোৰ কোনো নৈ বা পাহাৰীয়া জান-জুৰিৰ আশে পাশে হয়৷ ডিচেম্বৰৰ শেষৰফালে আৰম্ভ হৈ জানুৱাৰীৰ প্ৰায় সমগ্ৰ মাহটো এই ঠাইবোৰ বনভোজৰ দলেৰে উপচি থাকে৷ 

নিত্যনৈমিত্তিক কৰ্মব্যস্ততা নাইবা একঘেয়ামী জীৱনৰ গতানুগতিকতাৰ পৰা মুক্ত হৈ সকলোৱে মিলি এদিনৰ বাবে প্ৰকৃতিৰ কোলাত এসাঁজ খোৱাটো নিশ্চয় খুবেই আনন্দদায়ক৷ কিন্তু আনন্দৰ উচ্ছাসত আমি বহুতেই হয়তো জ্ঞাতে বা অজ্ঞাতে এই বিশেষ দিনত কিছুমান দিশত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিওঁ ৷ বনভোজৰ আনন্দ উচ্ছাসৰ মাজেৰে নতুন বছৰটোক আদৰণি জনোৱাৰ পিছত এই দিনটো আমাৰ বাবে এক সোঁৱৰণি হৈ পৰে, কিন্তু আমাৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক এই কামবোৰৰ ফল বহুদিনলৈ,কেতিয়াবা আনকি বহু বছৰ ধৰি ৰৈ যায়৷ 

উদাহৰণস্বৰূপে, বনভোজৰ সময়ত খোৱা-বস্তু ৰন্ধা বঢ়া কৰোঁতে আমি বহুতেই পেলনীয়া সামগ্ৰী যেনে শাক-পাচলিৰ বাকলি, প্লাষ্টিকৰ বেগ, বটল আদি সেই ঠাইতে পেলাই থৈ আহোঁ৷ এনেদৰে সিঁচৰিত কৰি এৰি অহা জাবৰ-জোথৰবোৰে ঠাইখনৰ সৌন্দৰ্য্য শেষ কৰি পেলায়৷ পিছত অহা অন্য এটা দলে সেই বিশেষ ঠাইখিনি লেতেৰা দেখি ওচৰৰে অন্য এক ঠাইত বনভোজ পাতে৷ এই দলটোও অন্য নিৰানব্বৈ শতাংশ বনভোজৰ দলৰ দৰে দায়িত্বহীন হ’লে সেই ঠাইখনো পুনৰ লেতেৰা হৈ পৰে৷ এনেদৰে যিবোৰ প্ৰকৃতিক স্থানৰ নৈসৰ্গিক শোভাৰ বাবে আমি বনভোজ খাবলৈ যাওঁ, এৰি অহাৰ পৰত সেই ঠাইবোৰ আনৰ বাবে বৰ্জনীয় হৈ পৰেগৈ৷ 

লায়াছান এলবেট্ৰছৰ পেটত প্লাষ্টিক
এতিয়া আহো, আমি সেই ঠাইবোৰৰ জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত কৰা ক্ষতিলৈ৷ আমি এৰি অহা সেই জাবৰ-জোথৰবোৰে জীৱ-জন্তুৰ অকল্পনীয় ক্ষতি সাধন কৰিব পাৰে৷ প্লাষ্টিকৰ যিকোনো অংশ মাছ, চৰাই আদিয়ে খাদ্য বুলি ভুল কৰি ভক্ষণ কৰাৰ ফলত ডিঙিত লাগি ধৰি মৃত্যু হয়৷ তেনেদৰে ভঙা কাঁচে বহু জীৱ-জন্তুৰ দেহত আঘাত সানে৷ জেঠীৰ দৰে প্ৰাণীয়ে বটল আদিৰ ভিতৰত থকা অৱশিষ্টখিনি খাবলৈ চেষ্টা কৰি বটলৰ মুখত লাগি ধৰি আঘাতপ্ৰাপ্ত হয় বা কেতিয়াবা ভিতৰৰ পৰা ওলাব নোৱাৰি লঘোণত মৃত্যুমুখত পৰে৷ প্ৰতিবছৰে এনে বহুতো প্ৰাণীৰ জাবৰ-জোথৰৰ বাবে মৃত্যু হয়, কিন্তু কাৰো ওচৰত ইয়াৰ সঠিক হিচাপ নাই৷ প্ৰশান্ত সাগৰৰ এটা দ্বীপত কৰা এটা গৱেষণাত গম পোৱা গৈছিল যে লায়াছান এলবেট্ৰছ (Laysan Albatross) নামৰ সাগৰীয় চৰাইবিধৰ পেট প্লাষ্টিকেৰে পূৰ্ণ হৈ থকাৰ ফলত বদহজমৰ বাবে ইয়াৰ মৃত্যূ হয়৷ তাৰোপৰি এই চৰাইটোৱে পোৱালিবোৰকো প্লাষ্টিক খুৱাই থকাৰ ফলত সকলোবোৰৰে পাখি গজাৰ পূৰ্বেই মৃত্যু হৈছিল৷ গতিকে ইয়াৰ পৰাই আমি এইবোৰৰ ভয়াবহতা অনুমান কৰিব পাৰোঁ৷ 


সত্ত্বজান বিলত শৰালি হাঁহৰ জাক
বনভোজৰ দলে প্ৰাকৃতিক পৰিৱেশত কৰা দায়িত্বজ্ঞানহীন আনন্দৰ ফল আনে কেনেদৰে ভোগ কৰিবলগীয়া হৈছে তাৰ এটা উদাহৰণ বালিৰাম গগৈ৷ উত্তৰ লখিমপুৰত প্ৰস্তাবিত পক্ষী উদ্যান সত্ত্বজান নামৰ বিলখনৰ পাৰতে এই গৰাকী প্ৰকৃতিকৰ্মী বালিৰাম গগৈৰ ঘৰ৷ আমি যি সময়ত নতুন বছৰক আদৰাৰ আনন্দত উটি ভাঁহি যাওঁ সেইসময়ত এই বয়োজ্যেষ্ঠ নীৰৱ কৰ্মী গৰাকীৰ বাবে দিনবোৰ দূৰ্বিসহ হৈ উঠে বনভোজৰ দলবোৰৰ বাবে৷ নতুন বছৰৰ প্ৰথমকেইদিন তেওঁৰ দিনৰ সৰহভাগ সময় পাৰ হয় বিলৰ পাৰত বনভোজৰ দলে সিঁচৰিত কৰি যোৱা জাবৰ-জোথৰ আঁতৰাই চাফা কৰা কামত৷ তাৰোপৰি জলচৰ চৰাইৰে ভৰি থকা এই বিলৰ পানী আৰু আশে পাশে ঠাইবোৰ লেতেৰা নকৰিবলৈ তেওঁৰ বুজনিক অপমানেৰে উত্তৰ দিয়া বনভোজৰ দলৰ সৈতে নিত্যনৈমিত্তিক বাদানুবাদ আছেই৷ 

আকৌ, বনভোজৰ ঠাইৰ আশে পাশে থকা শিল বা মনোমোহা গছবোৰৰ গাত নিজৰ প্ৰেমৰ কথা খোদিত কৰি অমৰ হ’ব খোজা সকলে প্ৰকৃততে নিজৰ স্থুল মানসিকতাৰহে পৰিচয় দিয়ে ৷ তাৰোপৰি এনে বনভোজৰ দলসমূহত মদ খাই কৰা উদ্ভণ্ডালি বা গাড়ীৰ দুৰ্ঘটনাৰ কথা নক’লোৱেবা৷ মদ খোৱা-নোখোৱা সেইটো প্ৰত্যেকৰে ব্যক্তিগত সিদ্ধান্ত আৰু তাত আমাৰো ক’বলগীয়া একো নাই৷ কিন্তু তাৰ লগত জড়িত এনে নেতিবাচক ঘটনাবোৰ নিসন্দেহে নিন্দনীয়৷ আহকচোন, এইবাৰ বনভোজত আমি দায়িত্বশীলভাবে আনন্দ কৰোঁ আৰু নতুন বছৰটোত এনে কামবোৰ এৰাই চলো৷ বেয়া কাম এটা পৰিত্যাগ কৰাটোও ভাল কামৰে আৰম্ভণি নহয়জানো?

Tuesday, 24 December 2013

চকলেট_গীটাৰ_ম’ম’জ: পঢ়ুৱৈৰ দৃষ্টিৰে

সংগীতৰ জগতত প্ৰতিষ্ঠা লাভৰ বাবে সংগ্ৰাম কৰি থকা এজন অসমীয়া যুৱক, জোছেফ৷ কেইবাগৰাকী প্ৰেয়সীৰে সৈতে তিক্ততাপূৰ্ণ আৰু বিফল সম্পৰ্কৰ অন্তত জোছেফে গল্প-উপন্যাসত থকাৰ দৰে অদৃষ্টই নিৰ্ধাৰণ কৰি থোৱা জীৱনৰ প্ৰকৃত সংগী (soulmate) গৰাকীৰ সন্ধানত নামে৷ বোলছবিৰ নায়কৰ ক্ষেত্ৰত হোৱাৰ দৰে আঠবছৰৰ আগতে গুৱাহাটীৰ কোনো এটা বাছ আস্থানত বাটৰ সিপাৰৰ পৰা তেওঁলৈ চাই এগৰাকী যুৱতীয়ে মিচিকিয়াই হঁহাৰ মুহুৰ্তটোৱে সেই অদৃষ্টৰ ইংগিত বুলি তেওঁ ধৰি লয়৷ উদ্ভট যেন লাগিলেও তেওঁৰ প্ৰিয় বন্ধু উৎপলেও জোছেফৰ এই সন্ধানত সহায় কৰে৷ কিন্তু সমস্যা হ’ল, সেই বিশেষগৰাকীৰ কোনো তথ্যই জোছেফৰ হাতত নাই৷ নাম-ঠিকনাতো দূৰৰে কথা তেওঁৰ চেহেৰাটোৱে জোছেফৰ সঠিককৈ মনত নাই৷ কেৱল মনত আছে-সেইদিনা তেওঁ এটা ছাই-বৰণীয়া স্কাৰ্ট পৰিধান কৰি আছিল৷ তথাপিও হতাশ নহৈ দুয়ো বন্ধুৱে কেৱল এই কথাটোকে ভেঁটি হিচাপে লৈ ইন্টাৰনেট আৰু বন্ধুবান্ধৱৰ সহায়েৰে সন্ধানত নামি পৰে৷ এনে এক অহেতুক আৰু ৰোমান্তিক বিলাসপূৰ্ণ সন্ধানেৰে আৰম্ভ হৈ দুয়ো বন্ধুৰ ঘটনাবহুল জীৱন পৰিক্ৰমা কিদৰে আগবাঢ়ে তাৰে কাহিনী কেনী দেউৰী বসুমতাৰীৰ চকলেট_গীটাৰ_ম’ম’জ’ (Chocolate Guitar Momos) নামৰ উপন্যাসখন৷

কিতাপখনৰ বেটুপাত
২০১৩ চনত মুক্তি পোৱা ‘লোকেল কুংফু’ নামৰ প্ৰথম অসমীয়া এক্স’ন-কমেডী চলচ্চিত্ৰখনৰ পৰিচালনাৰে জনপ্ৰিয় হৈ পৰা কেনী দেউৰী বসুমতাৰীয়ে লেখক ৰূপে আত্মপ্ৰকাশ কৰে ২০১১ চনত প্ৰকাশ পোৱা চকলেট_গীটাৰ_ম’ম’জ’ নামৰ এই ইংৰাজী উপন্যাসখনেৰে৷ আধুনিক পৃথিৱীৰ যুৱ প্ৰজন্মৰ মনস্তত্বৰ এক হাস্য-মধুৰ প্ৰতিফলন এই উপন্যাস৷ মূলত: গুৱাহাটী মহানগৰীক পটভূমি হিচাপে লৈ ৰচিত উপন্যাসখনত নগৰীয়া জীৱন সুন্দৰভাৱে ৰূপায়িত হৈছে৷ এগৰাকী অভিলাসী আৰু ৰোমান্তিক যুৱকৰ প্ৰেমৰ কাহিনীৰে আগবঢ়া বিষয়বস্তুত বিশেষ নতুনত্ব নাই যদিও কাহিনীৰ উপস্থাপন খুবেই আকৰ্ষণীয়৷ কাহিনীৰ আদিৰে পৰা শেষলৈকে চৰিত্ৰসমূহৰ ৰসাল (witty) কথোপকথন, কামৰ ধৰণে পাঠকক যথেষ্ট আমোদ দিব৷ উপন্যাসৰ সামৰণিয়ে এক অপ্ৰত্যাশিত গতি লৈ পাঠকক কিছু চাচপেঞ্চত ৰাখিবলৈও সক্ষম হৈছে৷ 

কিতাপখনৰ আকৰ্ষণীয় নাম আৰু বেটুপাতৰ দৰেই কাহিনীৰ উপস্থাপনৰ ধৰণো ব্যতিক্ৰমী আৰু উপভোগ্য৷ মুঠতে ২২ টা খণ্ডত বিভক্ত উপন্যাসখনৰ পঞ্চম খণ্ডটোত (A Year Goes by) কেৱল এটা বাক্য ‘A Year went by’ৰে লেখকে কৌতুকপূৰ্ণভাৱে সামৰি থৈছে৷ হাস্যৰসেৰে পৰিপূৰ্ণ ঘটনাসমূহ আৰু কাহিনীৰ ক্ষিপ্ৰ গতিৰ বাবে আমনি নিদিয়াকৈ একেবহাতে পঢ়ি শেষ কৰিব পৰাকৈ উপন্যাসখনে যিকোনো স্তৰৰ পাঠকৰ মনোযোগ আকৃষ্ট কৰিবলৈ সক্ষম হ’ব৷ উপন্যাসখনৰ শেষৰ কিছু অংশত অত্যাধিক নাটকীয়তাই উজুটি খুৱায় যদিও সামগ্ৰিকভাৱে নৱ-প্ৰজন্মৰ বাবে উপন্যাসখন যথেষ্ট উপভোগ্য হ’ব বুলি আশা কৰিব পাৰি৷ উপন্যাসৰ কাহিনীত অদৃষ্টই ঠিক কৰি থোৱা সেই বিশেষগৰাকীৰ সন্ধানৰ বাবে নায়কে সৃষ্টি কৰা গানটোৰ স’তে কাহিনীৰো কিছু আভাস পাবৰ বাবে লেখকৰ ভিডিঅ’ টোও ইয়াত চাব পাৰে৷ প্ৰথমখন উপন্যাসতে নিসন্দেহে কেনী দেউৰী বসুমতাৰীয়ে তেওঁৰ সাহিত্য প্ৰতিভাৰ পৰিচয় দিছে৷ অনাগত দিনত তেওঁৰ পৰা যুৱপ্ৰজন্মৰ উপযোগী এনে অধিক অৱদান আশা কৰিলো৷


নাম: চকলেট_গীটাৰ_ম’ম’জ (Chocolate_Guitar_Momos)
লেখক: 
কেনী দেউৰী বসুমতাৰী
ভাষা: ইংৰাজী
প্ৰকাশক: ৱেষ্টলেণ্ড লিমিটেড ( Tranquebar Press, Westland Limited) (৩০ জানুৱাৰী, ২০১১)
মূল্য: দুশ টকা
পৃষ্ঠা সংখ্যা: ২৪৮ পৃষ্ঠা




(কিতাপখন অনলাইন বিক্ৰেতা snapdeal.com, amazon.in infibeam.com আৰুcrossword.in তো উপলব্ধ)

Wednesday, 23 October 2013

চিনাকি প্ৰকৃতিৰ অচিনাকি বতৰা

প্ৰকৃতিৰ বিচিত্ৰ জগতখনৰ এক অপৰিহাৰ্য অংগ হ’ল আমাৰ চৌপাশে থকা ৰং-বিৰঙী চৰাইবোৰ ৷ এই বিনন্দীয়া চৰাইবোৰৰ বিষয়ে অধিক জানিবলৈ আমাৰ সকলোৰে কম-বেছি পৰিমাণে কৌতুহল হয়৷ পুৱাতে কিচিৰ-মিচিৰ মাতেৰে ঘৰৰ চৌপাশ সৰব কৰি তোলা এনে কিছুমান চৰাই যেনে ঘৰচিৰিকা, শালিকা, টুনি; কাষৰে পুখুৰীটোলৈ খাদ্যৰ সন্ধানত ওলাই অহা বগলী, ডাউক বা পানীকাউৰী; অথবা বাঁৰীৰ জোপোহাৰ মাজে মাজে মাত দি উৰি ফুৰা টিপচী, ভদৰকলি আদি চৰাইবোৰ অলপ মন কৰিলেই আমি সিহঁতৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰোঁ৷ উদাহৰণস্বৰূপে, কিছুদিনৰ নিয়মীয়া পৰ্য্যবেক্ষণেৰেই আমি কোনবিধ চৰায়ে কি আহাৰ খায়, কেতিয়া বাহ সাঁজে বা কিমান পোৱালি জন্ম দিয়ে আদিবোৰৰ এটা সম্যক ধাৰণা পাব পাৰোঁ ৷ কিন্তু ইয়াৰ বাহিৰেও আমাৰ তেনেই চিনাকি এই চৰাইবোৰৰ সমাজত আমাৰ চকুৰ অলক্ষিতে অনেকবিধ আমোদজনক পৰিঘটনা ঘটি আছে যিবোৰৰ সম্ভেদ আমাক বৈজ্ঞানিক গৱেষণাই আমাক দিছে ৷ আহকচোন, আমি সচৰাচৰ দেখা পোৱা চিনাকি-অচিনাকি এনে চৰাই দুবিধমানৰ নিজা পৃথিৱীখনৰ কথা কিছু গম লওঁ-​ 


পাকৈত মাছুৱৈৰ পৰিয়াল পৰিকল্পনা:

পখৰা মাছোৰোকাই মাছ ধৰিবৰ বাবে পানীলৈ চো
মাৰি নামি যোৱা অৱস্থাত (ফটো- Dan Logen)
পুখুৰী বা নৈৰ আশে পাশে গছৰ ডালত বা কোনো খুঁটাত ৰৈ পানীলৈ একান্তমনে চাই থাকি মাছৰ বাবে জোপ লৈ থকা মাছোৰোকা চৰাইবিধ আমি সকলোৱে হয়তো মন কৰিছোঁ৷ মাছোৰোকা প্ৰকৃততে উজ্বল বৰণৰ সৰু বা মধ্যমীয়া আকাৰৰ এবিধ চৰাইৰ গোষ্ঠী৷ বৃহৎ মূৰ, দীঘলীয়া আৰু জোঙা আকৃতিৰ ঠোঁট আৰু ছুটি নেজ এই গোষ্ঠীৰ সকলোবোৰ মাছোৰোকা প্ৰজাতিৰে মূল বৈশিষ্ট্য ৷ সমগ্ৰ বিশ্বত এই গোষ্ঠীৰ মুঠ ৯৩ টা প্ৰজাতি পোৱা যায়৷ ইয়াৰে ১৩ বিধ প্ৰজাতি ভাৰতবৰ্ষত দেখা পোৱা যায়৷ ইয়াৰে আকৌ দহ বিধমান মাছোৰোকাৰ প্ৰজাতি অসমত দেখা পোৱা যায়৷ যেনে- বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) , ৰাড্ডী মাছোৰোকা (Ruddy Kingfisher), বগা বুকুৱা মাছৰোকা (White throated Kingfisher), ঝুটিয়া মাছৰোকা (Himalayan Pied Kingfisher), পখৰা মাছৰোকা (Lesser Pied Kingfisher), নীলা মাছোৰোকা (Common Kingfisher) ইত্যাদি৷ এই প্ৰজাতিসমূহৰ ভিতৰত পখৰা মাছোৰোকা (Lesser Pied Kingfisher) হৈছে এবিধ পাকৈত মাছুৱৈ চৰাই৷ আমাৰ বিল, পুখুৰী বা নৈসমূহৰ আশে পাশে এই চৰাইবিধক প্ৰায়ে মাছৰ সন্ধানত পানীলৈ একমনে লক্ষ্য কৰি থকা দেখা যায়৷ চিকাৰ দেখিলেই ই পানীত থকা মাছটোৰ ঠিক ওপৰত পাখি মাৰি উৰি থাকি (hover) লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহুৰ্ত্ততে চো মাৰি পানীলৈ ৰকেটৰ দৰে নামি গৈ মাছটো ঠোঁটেৰে ধৰি তুলি আনে৷

এই পাকৈত মাছুৱৈবিধে ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে আৰু পোৱালি জগায়৷ পখৰা মাছোৰোকাই সাধাৰণতে পুখুৰী বা নৈৰ পাৰৰ থিয় পাৰত গাঁত খান্দি বাহ সাঁজে৷ ই এবাৰত ৩-৬ টাকৈ কণী পাৰে৷ পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত এই চৰাইবিধে আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছোৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও অন্য ওচৰ সম্পৰ্কীয় চৰায়ে থাকি পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এই প্ৰাণীবোৰক সহায়কাৰী (helper) বুলি আখ্যা দিয়া হয়৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা প্ৰজননৰ ধাৰণাটোক জীৱবিজ্ঞানৰ ভাষাৰে সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ পূৰ্বতে বিজ্ঞানী সকলে প্ৰায় বিৰল বুলি গণ্য কৰা এই আচৰণ চৰাই চিৰিকটিৰ লগতে শেহতীয়াকৈ বহুতো জীৱ-জন্তুয়েও দেখুৱায় বুলি প্ৰমাণিত হৈছে৷ বৰ্ত্তমানলৈকে গৱেষণাত পোৱা তথ্য অনুসৰি বিশ্বৰ সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ প্ৰজাতিত আৰু কেইবিধমান স্তন্যপায়ী প্ৰাণী তথা মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ বুলি জীৱবিজ্ঞানীসকলে ধাৰণা কৰিছে৷

চৰাইৰ সমাজত স্বয়ম্বৰ প্ৰথা:

মতা ময়ুৰে মাইকীজনীৰ সন্মুখত পেখম ধৰাৰ দৃশ্য
ময়ুৰে পেখম ধৰাৰ কথা আমি সকলোৱে জানো৷ কিন্তু ইয়াৰ আঁৰৰ ৰহস্যটো কি? অন্য কোনো চৰায়ে এনেকৈ পেখম ধৰেনে? আহকচোন, এইবিষয়ে কিছু গম লওঁ৷ অলপ মন কৰিলেই দেখা যায় যে কেৱল মতা ময়ুৰেহে পেখম ধৰে৷ প্ৰকৃততে ময়ুৰ চৰাইৰ এই পেখম ধৰা আচৰণটোৰ মূল উদেশ্য মাইকী ময়ুৰজনীক আকৃষ্ট কৰি নিজৰ বংশবৃদ্ধি কৰাহে৷ মাইকী আৰু মতা ময়ুৰ চৰাইৰ মাজত পাৰ্থক্য চিনাৰ আটাইতকৈ সহজ উপায়টো হৈছে ইয়াৰ ডিঙি অংশৰ বৰণ- মতা ময়ুৰৰ ডিঙি অংশ ডাঠ নীলা ৰঙৰ হোৱাৰ বিপৰীতে মাইকীজনীৰ সেউজীয়া হয়৷ মাইকী ময়ুৰজনীক আকৃষ্ট কৰিবলৈ মতা ময়ুৰবোৰৰ মাজত এক স্বয়ম্বৰ হোৱা দেখা যায়৷ এই প্ৰথাটোক জীৱবিজ্ঞানৰ ভাষাত লেকিং (lekking) বোলা হয়৷ ময়ুৰৰ দৰে অন্য চৰাই, স্তন্যপায়ী জন্তু আৰু সৰীসৃপ কিছুমানেও এনে স্বয়ম্বৰ পতাৰ কথা জনা যায়৷ বিশেষকৈ ‘Pheasants’ গোত্ৰৰ প্ৰায়ভাগ চৰাইৰ ক্ষেত্ৰতে এনে ব্যৱস্থাৰে সংগী নিৰ্বাচন হয়৷ এইক্ষেত্ৰত মতা জন্তু বা চৰাই কিছুমানে এখন বিশেষ ঠাই বাচি লৈ তাত একগোট হয়৷ ইহঁতে বিভিন্ন উপায়েৰে মাইকীজনীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে; কিছুমানে সুমধুৰ গীত জুৰে, কিছুমানে ময়ুৰৰ দৰে পেখম ধৰি প্ৰদৰ্শন কৰে আৰু অন্য কিছুমানে বিশেষ ৰাসায়নিক পদাৰ্থ কিছুমান ক্ষৰণ কৰে ৷ ময়ুৰ চৰাইৰ ক্ষেত্ৰত মতা ময়ুৰে এক নিৰপেক্ষ স্থানত গোট হৈ প্ৰথমে মাইকী ময়ুৰক মাত দি সেই ঠাইলৈ নিমন্ত্ৰণ কৰে৷ মাইকী ময়ুৰজনী আহি পোৱাৰ পিছত ইহঁতে মাত মতা বন্ধ কৰে আৰু পেখম ধৰি নিজৰ দেহৰ সৌষ্ঠব প্ৰদৰ্শন কৰে৷ এনে প্ৰদৰ্শনক ইংৰাজীত ‘courtship display’ বুলি কোৱা হয়৷ মাইকী ময়ুৰবোৰে এনে প্ৰদৰ্শনৰ ভিত্তিতে আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীক নিজৰ সংগী হিচাপে নিৰ্বাচন কৰে৷ গতিকে আটাইতকৈ সুন্দৰ মতা ময়ুৰটোৱে সকলোতকৈ বেছিকৈ সংগী লাভ কৰে যাৰ ফলত ইয়াৰ উত্তৰাধিকাৰীও অধিক হয়৷ এনে স্বয়ম্বৰ প্ৰথা ময়ুৰ চৰাইৰ বাহিৰেও অন্য বহুতো চৰাই আৰু কিছুসংখ্যক জন্তুৰ ক্ষেত্ৰত দেখা পোৱা যায়৷

ময়ুৰৰ লগতে অন্য কিছুমান চৰাই তথা জীৱজন্তুৱে এনেদৰে স্বয়ম্বৰ প্ৰথাৰে নিজৰ সংগী বাচি লোৱাৰ মূলতে উৎকৃষ্ট জিন বহনকাৰী সদস্যৰ সংখ্যা বৃদ্ধি কৰাৰ উদেশ্য নিহিত হৈ আছে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷

যুঁজাৰু ফেঁচু:

যুঁজাৰু ফেঁচু চৰাই (ফটো- Ram Thakur)
ফেঁচু (Black Drongo,বৈজ্ঞানিক নাম-Dicrurus macrocercus) 'Dicruridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ সমগ্ৰ দেহটো ক'লা বৰণৰ আৰু নেজডাল দকৈ দুভাগ কৈ খাঁজকটা (forked) হয়৷ মতা আৰু মাইকী ফেঁচু দেখাত প্ৰায় একে৷ অৱশ্যে পূণৰ্বয়স্ক নোহোৱা ( Juvenile) ফেঁচুৰ বৰণ সাধাৰণতে মুগা বৰণীয়া হোৱা দেখা যায়৷ সমগ্ৰ ভাৰততে ই এবিধ স্থানীয় চৰাই৷ ফেঁচু চৰায়ে সাধাৰণতে মুকলি ঠাইত চৰে আৰু ই নগৰীয়া পৰিবেশত বসবাস কৰাতো খুবেই অভ্যস্ত৷ এই চৰাইবিধে প্ৰধানকৈ পোক-পতংগ খাই জীয়াই থাকে বাবে খেতি-পথাৰৰ আশে পাশে পৰ্য্যাপ্ত পৰিমাণে ফেঁচু চৰাই দেখা পোৱা যায়৷

এই ফেঁচু চৰাইবিধ আকৌ ইয়াৰ অতিমাত্ৰা আক্ৰমণাত্মক আচৰণৰ বাবে চৰাইৰ সমাজত প্ৰখ্যাত৷ কাউৰী, ঈগলকে ধৰি নিজৰ বাহ থকা এলেকা (টেৰিটৰী)ৰ ভিতৰত সোমোৱা অন্য যিকোনো সৰু-বৰ চৰাইকে ই দলবদ্ধভাৱে আক্ৰমণ কৰি (mob) খেদি পঠিয়ায়৷ সেইবাবে অন্য সৰু আৰু শান্তিপ্ৰিয় চৰাই যেনে কপৌ, বুলবুলি, সখিয়তী আদিয়ে ফেঁচুৰ বাহৰ আশে পাশে বাহ সাঁজে যাতে ফেঁচুৰ দ্বাৰা পৰোক্ষভাৱে ডাঙৰ চিকাৰী চৰাইবোৰৰ পৰা প্ৰতিৰক্ষা পায়৷ নিজৰ সুৰক্ষাকো আওকাণ কৰি এনেকৈ বিপদজনকভাৱে ডাঙৰ বা মাংসাহাৰী চৰাইক আক্ৰমণ কৰাৰ কাৰণ বহুদিন ধৰি বিজ্ঞানীসকলৰ বাবে ৰহস্য হৈয়ে আছিল৷ কিয়নো ফেঁচুৰ দৰে চৰায়ে অন্য মাংসাহাৰী চৰাইক খেদোতে নিজে আঘাতপ্ৰাপ্ত হোৱাৰ ঘটনাও নঘটা নহয়৷ এই প্ৰশ্নৰ উত্তৰ পাবলৈ বিজ্ঞানীসকলে এনে আক্ৰমণাত্মক আচৰণ দেখুউৱা চৰাইৰ বাহৰ আশে পাশে চিকাৰী(predator) চৰাইৰ পুতলা ৰাখি বা তেনে চৰাইৰ মাতৰ ৰেকৰ্ডিং বজাই আক্ৰমণকাৰী চৰাইবিধৰ প্ৰতিক্ৰিয়া লক্ষ্য কৰে৷ ইন্দোনেছিয়াৰ জাভাৰ বৰ্ষাৰণ্যত ফেঁচুৰ ওপৰত কৰা এনে এলানি পৰীক্ষাত পোৱা গৈছে যে ফেঁচুৱে পোৱালি জগোৱাৰ সময়ত অধিক আক্ৰমণাত্মক হৈ উঠে৷ গতিকে এনে আক্ৰমণাত্মক আচৰণ বিশেষকৈ প্ৰজননৰ সময়ত বাহ আৰু পোৱালিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে উদ্ভৱ বুলি ধাৰণা কৰা হয়৷

আমাৰ তেনেই চিনাকি চৰাইবোৰৰ সমাজত এনে বহুতো অচিনাকি আৰু আমোদজনক পৰিঘটনা দেখা পোৱা যায়৷ এই তথ্যসমূহে প্ৰকৃতিৰ ৰহস্যময় জগতখনৰ সম্পৰ্কে কিছু কৌতুহল নিবাৰণ কৰিছে যদিও হাজাৰটা নতুন দিশত অধিক প্ৰশ্নৰো অৱতাৰণা কৰিছে৷

চৰাইৰ পৰিভ্ৰমণ:প্ৰকৃতিৰ এক আশ্চৰ্য্যকৰ পৰিঘটনা

চৰাইৰ পৰিভ্ৰমণ বুলিলেই চৌদিশে কলৰোল তুলি আকশেদি জাকপাতি উৰি যোৱা চৰাইবোৰৰ কথাই আমাৰ মনলৈ আহে৷ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্য্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ ইয়াৰ ভিতৰত আটাইতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰা চৰাইবিধ হ’ল আৰ্কটিক টাৰ্ন (Arctic Tern) নামৰ গঙাচিলনীজাতীয় চৰাইবিধ৷ এই চৰাইবিধে সুমেৰু (Arctic)ৰ পৰা কুমেৰু (Antarctic) লৈ প্ৰতিটো শীততে পৰিভ্ৰমণ কৰে আৰু গ্ৰীষ্মকালত উভতি আহে৷ এই অহা-যোৱাৰ দূৰত্ব প্ৰায় ৪০,৩০০ কিলোমিটাৰ৷ অন্য এটা আমোদজনক কথা হ’ল, প্ৰায়ভাগ চৰায়ে এঠাইৰ পৰা আন ঠাইলৈ উৰিয়ে পৰিভ্ৰমণ কৰে যদিও অন্য কিছু চৰায়ে সাঁতুৰি বা খোঁজেৰেও পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ উদাহৰণস্বৰূপে, পেংগুইণে যথেষ্ট দূৰত্ব সাঁতুৰি অতিক্ৰম কৰিব পাৰে৷ ঠিক তেনেকৈ উত্তৰ আমেৰিকাৰ ব্লু গ্ৰাউজ (Blue Grouse, বৈজ্ঞানিক নাম-Dendragapus obscurus) নামৰ কুকুৰাজাতীয় চৰাইবিধে খোঁজেৰে পৰিভ্ৰমণ কৰে৷ এই চৰাইবিধে সাধাৰণতে ৰকি পৰ্বতমালাত পৰ্ণপাতী অৰণ্যত বাস কৰা দেখা যায়৷ শীতকাল নমাৰ লগে লগে ইহঁতে সাগৰপৃষ্ঠৰ পৰা অধিক উচ্চতাৰ পৰ্বতসমূহত থকা সৰল গছৰ বনাঞ্চললৈ পৰিভ্ৰমণ কৰে৷ এই পৰিভ্ৰমণৰ দূৰত্ব কেৱল ৩০০ মিটাৰ হোৱাৰ হেতুকে এই চৰাইবিধে বিশ্বৰ আটাইতকৈ চমু পথৰ পৰিভ্ৰমী চৰাই হিচাপেও গীনিজ বুকত স্থান পাইছে৷ 

অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ
 আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ 
শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈও পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ কোনো কোনোৰ মতে মাউন্ট এভাৰেষ্টতো এই হাঁহবিধক দেখা পোৱাৰ নজিৰ আছে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican),বৰবালি বগুৱা (Wood Sandpiper) লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷



ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণী সংগ্ৰহালয়ত
থকা কাঁড়বিদ্ধ হুৱাইট ষ্টৰ্ক চৰাইটো
উনৈশ শতিকাৰ আগলৈকে শীতকালি যথেষ্ট সংখ্যক চৰাই ইউৰোপৰ পৰা অন্তৰ্ধান হৈ যোৱাটো পক্ষী নিৰীক্ষক সকলৰ বাবে এটা ৰহস্য হৈয়ে আছিল৷ অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে বহুজনে বহু ধাৰণা কৰিছিল৷ আনকি আজিৰ পৰা ৩০০০ বছৰ পূৰ্বেই এৰিষ্টটলে মত প্ৰকাশ কৰিছিল যে এই চৰাইবোৰে সাগৰৰ অতল বুকুত হয়তো শীতনিদ্ৰা (hibernation)ৰ বাবে গুচি যায়৷ অন্য কিছু বিশেষজ্ঞই আনকি চৰাইবোৰে চন্দ্ৰলৈ গৈ শীতকালটো অতিবাহিত কৰা বুলিও কল্পনা কৰিছিল৷ পোনপ্ৰথমবাৰৰ বাবে ১৮২২ চনৰ মে মাহৰ ২১ তাৰিখে আচম্বিতে এই প্ৰশ্নৰ উত্তৰ পোৱা গ’ল৷ এই দিনটোতে জাৰ্মানীত এটা কনুৱাজাতীয় হুৱাইট ষ্টৰ্ক (White Stork) চৰাই পোৱা গ’ল যাৰ ডিঙিত এপাত ৮০ ছে:মি দীঘল আফ্ৰিকান কাঁড়ে বিন্ধি থৈছিল৷ গম পোৱা গ’ল যে, এই চৰাইটোৱে আফ্ৰিকাত শীতকালিটো কটাই এই অৱস্থাতে পৰিভ্ৰমণ কৰি ইউৰোপৰ জাৰ্মানী পাইছিলহি৷ এই বিশেষ কাঁড়পাত বৰ্তমান ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণী সংগ্ৰহালয় (Zoological Collection of the University of Rostock) ত সংৰক্ষণ কৰি ৰখা হৈছে৷ চৰায়ে এখন ঠাইৰ পৰা অন্য ঠাইলৈ ঋতু অনুযায়ী কৰা পৰিভ্ৰমণৰ প্ৰথমটো প্ৰমাণ হিচাপে এই ঘটনা খুবেই জনপ্ৰিয় হৈ পৰিল৷ অৱশ্যে এয়া কেৱল এক আৰম্ভণিহে আছিল৷ ইয়াৰ পিছতো এনে ২৫ টামান কাঁড়বিদ্ধ চৰায়ে পৰিভ্ৰমণ কৰাৰ তথ্য পোৱা গৈছে৷ এনেদৰে কাঁড়েৰে আঘাতপ্ৰাপ্ত হৈ পৰিভ্ৰমণ কৰি অহা এই কনুৱাজাতীয় চৰাইবোৰক ইংৰাজীত ‘Arrow-Stork’ বা জাৰ্মান ভাষাত ‘Pfeilstorch’ বুলি আখ্যা দিয়া হয়৷ 


এই আৰম্ভণিৰ পিছত যোৱা দুটা দশকত চৰাইৰ পৰিভ্ৰমণ সম্পৰ্কে আমাৰ বৈজ্ঞানিক তথ্যৰ সমল যথেষ্ট বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চৰাইৰ ঠেঙত আঙঠি পিন্ধাই (bird ringing) ছেটেলাইটৰ সহায়ত টে্ৰকিং (satellite and radio tracking), জিয়’ল’কেশ্যন (Geolocation) আৰু অন্যান্য উন্নত প্ৰযুক্তিৰ সহায়ত চৰাইৰ পৰিভ্ৰমণনৰ বহুতো বিতং তথ্য পোৱা গৈছে৷ চৰাইৰ পৰিভ্ৰমণ অধ্যয়নৰ বাবে ছেটেলাইট টে্ৰকিং প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ হয় নব্বৈৰ দশকতে ৷ এই প্ৰযুক্তিৰ দ্বাৰা চৰাইৰ দেহত ছেটেলাইট ট্ৰেন্সমিটাৰ (Platform transmitter terminal বা PTT) স্থাপন কৰি বিভিন্ন সময়ত ইয়াৰ পৰিভ্ৰমণৰ গতিপথ সম্পৰ্কে তথ্য লাভ কৰিব পৰা যায়৷ বৰ্তমান পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ গতিপথ নিৰ্ধাৰণ, ঋতু অনুযায়ী ইয়াৰ পৰিবৰ্ত্তনৰ ধৰণ, আৰু জিৰণি লোৱা ঠাইসমূহৰ গুৰুত্ব সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে এই প্ৰযুক্তিৰ ব্যৱহাৰ খুবেই জনপ্ৰিয় হৈ উঠিছে৷ কিন্তু এনেধৰণৰ ছেটেলাইট ট্ৰেন্সমিটাৰ সৰঞ্জামসমূহৰ অধিক ওজনৰ বাবে এই প্ৰযুক্তি কেৱল ডাঙৰ আকাৰৰ চৰাই যেনে বগলী, হাঁহ আদিৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰা সম্ভৱপৰ হৈছে৷ তাৰোপৰি এনে ট্ৰেন্সমিটাৰসমূহৰ বেটাৰীৰ আয়ুস কম হোৱাৰ বাবেও কিছু সীমাবদ্ধতা আহি পৰে৷ শেহতীয়াকৈ সৌৰশক্তিৰে পৰিচালিত বেটাৰীৰ প্ৰয়োগে ইয়াৰ আয়ুস ২-৩ বছৰ পৰ্যন্ত বৃদ্ধি কৰিছে ৷ বৰ্তমানৰ তথ্য অনুসৰি আটাইতকৈ সৰু সৌৰশক্তিৰে পৰিচালিত পিটিটি ট্ৰেন্সমিটাৰৰ ওজন প্ৰায় ৫ গ্ৰাম যিটো এটা ১৫০-২০০ গ্ৰাম ওজনৰ চৰাই যেনে গংগাচিলনী (River Tern), লৰীয়তী (Marsh Sand-Piper) আদিৰ বাবে উপযুক্ত৷ 

এই পৰিভ্ৰমী চৰাইসমূহৰ বাট বিচাৰি পোৱাৰ ক্ষমতা (homing instinct) অতুলনীয় আৰু বহুদিন ধৰি ই বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ বিষয় হৈ আহিছে ৷ এইগুণৰ বাবেই পৰিভ্ৰমী চৰাইবোৰে বছৰ বছৰ ধৰি শ শ মাইল অতিক্ৰম কৰি একে অঞ্চললৈকে উভতি আহিব পাৰে ৷ উল্লেখযোগ্য যে পৰিভ্ৰমী চৰাইক পৰিভ্ৰমণৰ কালত কৃত্ৰিমভাৱে আবদ্ধ কৰি ৰাখিলে ইহঁতে কিছুমান অসহজ আচৰণ কৰে৷ এই সময়ত চৰাইক সঁজাত ভৰাই ৰাখিলেও ইহঁতে পৰিভ্ৰমণৰ গতিৰ দিশত উৰি মুকলি হৈ যাবলৈ চেষ্টা কৰে৷ এই অৱস্থাটোক প্ৰব্ৰজনীয় অস্থিৰতা (Migratory restlessness) বা ‘জুগুনৰুৱ’ (Zugunruhe) বুলি কোৱা হয়৷ জাৰ্মান ভাষাত ইয়াৰ অৰ্থ হ’ল; Zug-পৰিভ্ৰমণ, Unruhe-অস্থিৰতা ৷ পূৰ্ণবয়স্ক চৰাইৰ এনে ক্ষমতাৰ জোখ পোৱাৰ উদেশ্যেৰে মেংক্স শ্বিয়েৰৱাটাৰ (Manx Shearwater) নামৰ এবিধ সাগৰীয় চৰাইৰ প্ৰজাতিক ইহঁতৰ প্ৰজননস্থলী গ্ৰেটব্ৰিটেইনৰ কাষত থকা সৰু সৰু দ্বীপসমহূৰ পৰা বিমানেৰে আঁতৰাই লৈ যোৱা হৈছিল৷ ইয়াৰে এজাক চৰাই বষ্টনত আৰু আনজাকক ইটালীৰ ভেনিচত এৰি দিয়া হ’ল৷ কিন্তু অৱশেষত দেখা গ’ল যে দুয়োজাক চৰায়েই এই দুখন ঠাইৰ পৰা প্ৰতিদিনে ২৫০ মাইল দূৰত্ব অতিক্ৰম কৰি ১৪ দিনৰ ভিতৰতে নিজৰ মূল বাসস্থান পাইছিলগৈ৷

ইয়াৰ পৰৱৰ্ত্তী কালত বহুতো পৰীক্ষা নিৰীক্ষাই প্ৰমাণ কৰিছে যে অনেক পৰিভ্ৰমী চৰায়ে সৌৰকম্পাছৰ সহায়ত পৰিভ্ৰমণৰ বাট উলিয়ায়৷ ১৯৫১ চনত গুস্তভ ক্ৰেমাৰ (Gustav Kramer) নামৰ জাৰ্মান প্ৰাণীবিজ্ঞানীজনে এই সৌৰ কম্পাছৰ আৱিস্কাৰ কৰে৷ তেওঁ ইউৰোপীয় শালিকাৰ প্ৰজাতি (European Starling) কিছুমানক বিশেষ সঁজা (orientation cage) ত বন্দী কৰি আইনাৰ সহায়ত সূৰ্য্যৰ আপেক্ষিক স্থানৰ সালসলনি কৰি পৰীক্ষা কৰে৷ এই পৰীক্ষাত দেখা গ’ল যে চৰাইবোৰে সূৰ্য্যৰ এই কৃত্ৰিম স্থানৰ সৈতে সমন্ধ ৰাখি নিজৰ প্ৰব্ৰজনীয় অস্থিৰতাৰ প্ৰকৃতি সলনি কৰিছিল৷ শেহতীয়া গৱেষণাই প্ৰমাণ কৰিছে যে চৰাইৰ এই সৌৰ কম্পাছৰ ব্যৱহাৰ ইয়াৰ দিন আৰু ৰাতিৰ তাৰতম্য (circadian rhythm)ৰ ওপৰত নিৰ্ভৰ কৰে৷ 

সাধাৰণতে কিছুমান মাংসাহাৰী চৰাই, বতাহী, চাতক আৰু জলচৰ চৰাইবোৰে দিনৰ ভাগত পৰিভ্ৰমণ কৰে৷ আনহাতে পেচ্ছেৰিফৰমিছ (Passeriformes) বৰ্গৰ অন্তৰ্ভুক্ত গানগোৱা চৰাই (Songbirds) যেনে বগা বালিমাহী, দহিকতৰা (Magpie Robin) আদিয়ে চিকাৰী চৰাই আৰু দিনৰ বেলিৰ উত্তাপৰ পৰা ৰক্ষা পাবলৈ নিশাৰ ভাগত পৰিভ্ৰমণ কৰে৷ নিশাৰ ভাগত পৰিভ্ৰমণ কৰা এই চৰাইবোৰৰ ক্ষেত্ৰত ৰাতিৰ আকাশৰ তৰাবোৰে কম্পাছৰ কাম কৰে বুলি অনুমান কৰা হয়৷ বিজ্ঞানীসকলে নিয়ন্ত্ৰিত পৰিবেশত চৰাইক কৃত্ৰিমভাৱে তৈয়াৰী তাৰকাগৃহত এৰি দি এই ধাৰণাৰ সত্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে৷ 

তাৰোপৰি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ ব্যৱহাৰ কৰিও চৰায়ে পৰিভ্ৰমণৰ বাবে বাট বিচাৰি উলিয়ায় বুলি প্ৰমাণ পোৱা গৈছে৷ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰখনৰ বিষুৱ ৰেখাৰ পৰা যিমানে দূৰত্ব বাঢ়ে সিমানেই অধিক শক্তিশালী হৈ উঠে৷ দুয়োটা মেৰুৰ অঞ্চলত ই আটাইতকৈ শক্তিশালী৷ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে, চৰায়ে দুখন ঠাইৰ মাজৰ চুম্বকীয় ক্ষেত্ৰৰ শক্তিৰ নগণ্য পৰিবৰ্ত্তন সমূহো ধৰিব পাৰে আৰু ইয়াৰ সহায়তে গতিপথ নিৰ্ণয় কৰে৷ জাৰ্মান বিজ্ঞানীৰে এটা দলে ষাঠিৰ দশকত ইউৰোপীয়ান ৰবিন চৰাইক সঁজাত বন্দী কৰি সূৰ্য্য বা তৰাৰ পোহৰৰ উমান নোপোৱাকৈ ৰাখি চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱ পৰীক্ষা কৰিছিল৷ পৰিভ্ৰমণৰ সময়ত এই চৰাইবোৰে সৌৰ বা নিশাৰ কম্পাছৰ সহায় নোলোৱাকৈয়ে পৰিভ্ৰমণৰ সঠিক দিশ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল৷ তাৰোপৰি হেমহল্টজ কইল (Helmholtz coil) নামৰ সঁজুলিৰ সহায়ত চুম্বকীয় ক্ষেত্ৰখনৰ দিশৰ পৰিৱৰ্ত্তন কৰাত ইয়াৰ লগে লগে চৰাইসমূহৰ উৰাৰ দিশৰো পৰিৱৰ্ত্তন ঘটা দেখা গৈছে৷ এই পৰীক্ষাসমূহে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই চৰাইৰ পৰিভ্ৰমণত দিকনিৰ্দেশনা দিয়ে বুলি স্পষ্ট ইংগিত দিয়ে৷ এই দিকনিৰ্দেশক কম্পাছসমূহৰ উপৰিও বহুতো চৰায়ে পৰ্বতমালা, নৈ, হ্ৰদৰ চিন ৰাখি বাট বুলে বুলিও ধাৰণা কৰা হয়৷ 

এই পৰীক্ষাসমূহে চৰাইৰ পৰিভ্ৰমণৰ দিকনিৰ্দেশকবোৰৰ বিষয়ে সম্ভেদ দিলেও পৰিভ্ৰমী চৰাইৰ বাট বিচাৰি উলিয়াব পৰাৰ সহজাত প্ৰবৃত্তিৰ বহু গুৰুত্বপূৰ্ণ দিশ এতিয়াও পোহৰলৈ আহিবলৈ বাকী৷ এটা উল্লেখযোগ্য পৰীক্ষাত জাৰ্মান বিজ্ঞানী হেনছ ৱালৰাফ (Hans Wallraff)এ পাৰ চৰাইৰ এটা জাকক বাহিৰৰ পৰা গতিপথ সম্পৰ্কীয় কোনো তথ্য নোপোৱাকৈ বন্ধ চিলিণ্ডাৰত কৃত্ৰিম অক্সিজেন প্ৰদান কৰি দূৰৰ অঞ্চল এটালৈ কঢ়িয়াই নিছিল৷ এই চিলিণ্ডাৰৰ ভিতৰত যাদৃচ্ছিকভাৱে(randomly) আন্ধাৰ-পোহৰ কৰি থাকি দিন-ৰাতিৰ তাৰতম্য নোহোৱা কৰা হৈছিল৷ আনকি চৰাইক বাট বিচৰাত সহায় কৰা চুম্বকীয় ক্ষেত্ৰখনৰ প্ৰভাৱো চিলিণ্ডাৰৰ ভিতৰত নোহোৱা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ এই সকলোবোৰ প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন কৰি অৱশেষত পাৰ চৰাইবোৰ অচিনাকি আৰু দূৰৰ ঠাই এখনত মুকলি কৰি দিয়া হ’ল৷ কিন্তু দেখা গ’ল যে প্ৰায়বিলাক চৰায়ে সুকলমে নিজৰ পুৰণা বাসস্থানলৈ উভতি আহিবলৈ সক্ষম হ’ল৷ গতিকে এই পৰীক্ষাটোৱে প্ৰমাণ কৰিলে যে, বাহ্যিক কম্পাছৰ উপৰিও চৰাইৰ নিজৰ অন্তৱৰ্ত্তী কম্পাছ বা মেপ থাকিব লাগিব৷ কিয়নো বাহ্যিক কম্পাছে দিশ নিৰ্দেশনা দিলেও চৰায়ে কোনটো দিশত ইয়াৰ পুৰণি বাসস্থান আছে সেইবিষয়ে ধাৰণা কৰিব নোৱাৰিব৷ এইদৰে কেতিয়াও নোযোৱা অচিনাকি ঠাই এখনৰ পৰা চৰায়ে কেনেকৈ নিজৰ পুৰণা বাসস্থানৰ দিশ বিচাৰি উলিয়ায় সেয়া এতিয়াও ৰহস্য হৈয়ে আছে৷ এইক্ষেত্ৰত চৰাইৰ ঘাণেন্দ্ৰিয়ই কিছু পৰিমাণে সহায় কৰে বুলি ধাৰণা কৰা হয়৷

পিতা-পুত্ৰৰ মিলন ঘটোৱা ডৰিয়ান ষ্টাৰলিং চৰাইবিধ 
পৰিভ্ৰমী চৰায়ে মানুহৰ জীৱনতো সংযোগ ঘটোৱাৰ দৰে আমোদজনক ঘটনাও নঘটা নহয়৷ ১৯৫০ ৰ দশকত উত্তৰ কোৰিয়াত অং হোং (Wong Hong) নামৰ পক্ষীবিদ গৰাকীয়ে তেওঁৰ নুমলীয়া পুত্ৰ প্যোং হোঙৰ সৈতে নিয়মীয়াকৈ চৰাই নিৰীক্ষণ কৰিছিল৷ কিন্তু সেইসময়তে হোৱা কোৰিয়াৰ যুদ্ধত এই পৰিয়ালটো ছেদেলি ভেদেলি হৈ পৰে৷ ফলত মাক-দেউতাক উত্তৰ কোৰিয়াতে ৰৈ যায় আৰু প্যোং হোঙৰ সৈতে বাকী কেইজন ককাই-ভাই দক্ষিণ কোৰিয়াত থাকিব লগা হয়৷ যুদ্ধকালীন পৰিস্থিতিত তেওঁলোকৰ মাজত যোগাযোগ বিছিন্ন হৈ পৰে৷ কালক্ৰমত প্যোং হোং দক্ষিণ কোৰিয়াৰে ক্যোংহী বিশ্ববিদ্যালয় (Kyunghee University)ৰ অধ্যাপক হয়গৈ৷ ১৯৬৪ চনৰ মে মাহত জাপানৰ য়ামাছিনা ইন্সিটিউট অব অৰ্নিথ’লজি (Yamashina Institute for Ornithology)লৈ এগৰাকী পক্ষীবিদৰ পৰা এখন চিঠি আহিল৷ চিঠিখনৰ বক্তব্য আছিল যে তেওঁ উত্তৰ কোৰিয়াত ঠেঙত জাপানীজ আঙঠি (ring) পিন্ধোৱা ডৰিয়ান ষ্টাৰলিং ( Daurian Starling) নামৰ এটা শালিকাজাতীয় চৰাই পাইছে ৷ চিঠিৰ প্ৰেৰকে এই চৰাইটোৰ পৰিভ্ৰমণনৰ উৎসস্থানৰ বিষয়ে অধিক তথ্য জানিব খুজিছিল৷ অনুসন্ধানত গম পোৱা গ’ল যে এই চৰাইটোৰ ঠেঙত প্ৰকৃততে আঙঠি পিন্ধোৱা হৈছিল দক্ষিণ কোৰিয়াত ৷ পিন্ধাইছিল চিঠিৰ প্ৰেৰক অৰ্থাৎ অং হোঙৰ পুত্ৰ প্যোং হোঙেহে৷ বহু বছৰৰ বিৰতিৰ মূৰত পিতা- পুত্ৰৰ মিলন এনেদৰে সম্ভৱ কৰি তুলিলে এই পৰিভ্ৰমী চৰাই বিধে৷ 

পৰিভ্ৰমণ চৰাইবোৰৰ বাবে এটা প্ৰত্যাহ্বানমূলক অভিযান কিয়নো পৰিভ্ৰমণৰ সময়ত ইহঁতে বহুতো সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ উদাহৰণস্বৰূপে বনাঞ্চল ধ্বংস, চিকাৰ, প্ৰদুষণ, আকাশীযানৰ সৈতে সংঘৰ্ষৰ ফলত এনে বহুতো পৰিভ্ৰমী চৰাইৰ পথচ্যুতি ঘটি মৃত্যুৰ মুখতো পৰিব পাৰে৷ বনাঞ্চল ধ্বংসৰ ফলত চৰাইবোৰৰ প্ৰজনন কৰা অঞ্চল, খাদ্য আদিৰ অভাৱ হয়৷ তেনেদৰে চিকাৰ আৰু প্ৰদুষণে চৰাইৰ প্ৰজনন ক্ষমতা আৰু আয়ুস কমাই আনে৷ তাৰোপৰি পৰিভ্ৰমী চৰায়ে পক্ষীজ্বৰৰ দৰে কিছুমান সোঁচৰা ৰোগো এখন ঠাইৰ পৰা ইখনলৈ বিয়পাব পাৰে৷ এইবোৰ কাৰণতে চৰাইৰ পৰিভ্ৰমণৰ গতিপথ, মাজপথত জিৰণি লোৱা ঠাই (Stopover site), লক্ষ্যস্থান, সময় আদিৰ অধ্যয়ন যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ যি কি নহওক এনে বহু কাৰণত চৰাইৰ পৰিভ্ৰমণৰ মনোমোহা দিশবোৰে চিৰদিন মানুহৰ মন শিহৰিত কৰি ৰাখিছে আৰু আগলৈও ৰাখিব৷ আহক আমি সকলোৱে শ শ মাইল অতিক্ৰমি আমাৰ অঞ্চলসমূহলৈ অহা এই ৰং-বিৰঙী অতিথিক বনাঞ্চল ধবংস, প্ৰদুষণ আদি সংকটৰ পৰা নিৰাময়ৰ উপায় উলিয়াই সাদৰেৰে অভ্যৰ্থনা জনাও৷