Tuesday, 14 July 2015

অসমৰ জৈৱবৈচিত্ৰ্য ২: সৰীসৃপ

অসমৰ ভৌগোলিক অৱস্থান আৰু বাসস্থানৰ ভিন্নতাৰ বাবে ইয়াৰ সৰীসৃপ প্ৰজাতিও বৈচিত্ৰ্যপূৰ্ণ ৷ নৈ-বিল, ঘাঁহনি, বনাঞ্চলকে ধৰি মানুহৰ বাসস্থানৰ আশে-পাশেও অনেক প্ৰকাৰৰ সৰীসৃপ প্ৰাণী দেখা পোৱা যায়৷ তথ্য অনুসৰি, অসমত এবিধ ঘঁৰিয়াল, ১৯ বিধ কাছৰ প্ৰজাতি , ৭৭ বিধ সাপ আৰু অনেক প্ৰকাৰৰ জেঠীজাতীয় সৰীসৃপ পোৱা যায়৷


ঐতিহাসিকভাৱে ঘঁৰিয়াল (Gharial gangeticus) অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈত আৰু ইয়াৰ প্ৰায়বোৰ উপনৈত পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ আই ইউ চি এনৰ ৰঙা তালিকাতো এই প্ৰাণীবিধক বিপদজনকভাৱে সংকটাপন্ন (critically endangered) বুলি চিহ্নিত কৰা হৈছে ৷ ২০১০ চনৰ এক গৱেষণাৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত ঠাইবিশেষে ঘঁৰিয়াল পোৱা যায়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য অঞ্চল হৈছে, লখিমপুৰৰ সোৱণশিৰি নৈ, বৰাক উপত্যকাৰ ধলেশ্বৰী নৈ, গোৱালপাৰাৰ উৰপড বিল (Urpod beel), লক্ষীপুৰৰ জিঞ্জিৰাম নৈ, বৰপেটাৰ বেঁকী নৈ ইত্যাদি৷ 

অসমৰ এবিধ বিলুপ্তপ্ৰায় কাছ বাঘিয়া কাছ(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
কাছৰ প্ৰজাতিও অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমিসমূহত উভৈনদী৷ তথ্য অনুসৰি ভাৰতত পোৱা ২৯ বিধ মিঠাপানীৰ কাছ (freshwater turtles and tortoises) ৰ ভিতৰত ২১ বিধ উত্তৰ-পূৰ্বাঞ্চলতে পোৱা যায় ৷ ইয়াৰে ভালেসংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু হিমালয়ৰ পাদদেশত বাস কৰে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদী অববাহিকাক কাছৰ সংৰক্ষণৰ দিশত বিশ্বৰ ভিতৰতে অতি গুৰুত্বপূৰ্ণ স্থান (world’s highest priority freshwater turtle conservation area) বুলি চিহ্নিত কৰা হৈছে ৷ অসমত দেখা পোৱা কাছৰ প্ৰজাতিৰ ভিতৰত উল্লেখযোগ্য হৈছে, চকৰি কাছ (Peacock Softshell Turtle Bor), বৰ কাছ (Black Softshell Turtle), লাউমূৰা কাছ (Indian Softshell Turtle), বাঘিয়া কাছ (Narrow headed Softshell Turtle), হালধীয়া ফুটুকী কাছ (Indian Flapshell Turtle), শালিকা দুৰা (Assam Roofed Turtle), ফুটুকী শালিকা দুৰা (Indian Roofed Turtle), মূগা দুৰা (Brown Roofed Turtle), নল দুৰা Spotted Pond Turtle), বৰ দুৰা(Crowned River Turtle), পাহাৰীয়া দুৰা বা শিল দুৰা Tricarinate Hill Turtle), জাপ দুৰা (Malayan Softshell Turtle), চেপেটা দুৰা (Indian Leaf Turtle), পাহাৰী জাপ দুৰা (Keeled Box Turtle) ইত্যাদি৷ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰকাৰৰ কাছৰ এক উল্লেখযোগ্য বাসস্থান৷ ইয়াত পোৱা পাহাৰী জাপ দুৰা  বাঘিয়া কাছ আদি আই ইউ চি এন তালিকাত সংকটাপন্ন হিচাপে চিহ্নিত কৰা হৈছে ৷ কিন্তু অসমৰ এই বিভিন্ন প্ৰকাৰৰ কাছবোৰ ব্ৰহ্মপুত্ৰত মাছ ধৰোঁতে একেলগে পাই বহুতে চোৰাংচিকাৰীৰ হাতত গতাই দিয়ে বুলি জনা যায় ৷ ফলস্বৰূপে এনে আপুৰুগীয়া কাছৰ প্ৰজাতিসমূহ বৰ্তমান সংকটৰ মুখামুখি হৈছে৷

অসমত পোৱা বিভিন্ন সাপৰ ভিতৰত ঢোঁৰা সাপ (checkered keelback), গুৱলা সাপ (Milk snake), শঁকা সাপ (Banded krait), চকৰিফেঁটী সাপ (Monocled cobra ), ৰাজফেঁটী সাপ (King Cobra), অজগৰ সাপ (Asiatic Python), সৰু-খন্তীয়া সাপ (Brahminy Blindsnake), কাৰ্শলা সাপ (Bronzeback Tree Snake), মচোৱা গোম সাপ (Oriental Ratsnake), বৰ-খন্তীয়া সাপ (Diard’s Blind Snake), শালিকা ঠোঁটিয়া সাপ (Short-nosed Vine Snake), বামুণী সাপ (Buff-Striped Keelback), ধুন্দুলী ফেঁটীসাপ (Copper-headed Trinket Snake), সুন্দৰী সাপ (Ornate Flying Snake), মেনী সাপ (Smooth Water Snake), মালীবৰ সাপ (Common Wolf Snake), বগাপতীয়া খুকুৰী সাপ (White-barred Kukri Snake), শামুক খোৱা সাপ (Assam Snail Eater), বাটৰাজ সাপ (Red-necked Keelback), লাওডোগা সাপ (White-lipped Pit Viper ), সৰু পৰ্বতীয়া ভাইপাৰ (Mountain Pit Viper), ডাঙৰ পৰ্বতীয়া ভাইপাৰ (Jerden's Pit Viper), হালধীয়া ভাইপাৰ (White-lipped Pit viper), শংখচূড় (Banded Krait), চকৰি ফেঁটি (Monocellate cobra) আদিয়ে প্ৰধান ৷ ইয়াৰে, সৰু-খন্তীয়া সাপ (Brahminy Blind Snake), বৰ-খন্তীয়া সাপ (Diard's Blind Snake), অজগৰ (Burmese Python), ঢোঁৰা (Checkered Keelback), মচোৱা গোম, কালডাৰাইছ (Indian Rat Snake), বামুনী সাপ, জুনিয়া (Striped Keelback), ধুন্দলী ফেঁটী, দুধৰাজ,বাতৰাজ, নিলাজীগোম (Copper-headed Trinket), কৰ্শলা,কাণশলকা, এছাৰি (Painted Bronzeback), খুকুৰি সাপ (White-barred Kukri Snake), মৰালি, মাল্লিবৰ (Common Wolf Snake), শামুক খোৱা সাপ (Assam Snail Eater) আদি বিষহীন সাপ৷ নকলি ভাইপাৰ (Common Mock Viper), লতাসাপ, বেজীমুখি, পাতসাপ, শালিকা ঠোঁটিয়া সাপ, গকুল মেকুৰী সাপ (Eastern Cat Snake), কলপতীয়া মেকুৰী সাপ (Green Cat Snake), সুন্দৰী সাপ, কালনাগিনী, উৰণীয়া সাপ (Ornate Flying Snake), গেমেটীয়া ঢোঁৰা (Common Water Snake), পাহাৰী বাটচুপা (Himalayan Keelback), বাটচুপা (Red-necked Keelback) আদি সামান্যভাৱে বিষাক্ত সাপ৷ সাপক কেন্দ্ৰ কৰি অসমীয়া সমাজত থকা অন্ধবিশ্বাসসমূহৰ বাবে বছৰি বহুসংখ্যক সাপ মানুহৰ আক্ৰমণৰ চিকাৰ হয় ৷ সাপৰ সংৰক্ষণৰ বাবে ৰাইজৰ মাজত এইসম্পৰ্কীয় শুদ্ধ তথ্যৰ প্ৰচাৰ আৰু সংৰক্ষণৰ গুৰুত্বৰ বাবে সচেতনতা অনাৰ প্ৰয়োজন৷

অসমত পোৱা এবিধ বিষহীন সাপ-শামুক খোৱা সাপ  (ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)

Monday, 29 June 2015

অসমৰ জৈৱবৈচিত্ৰ্য ১: চৰাই-চিৰিকটি

জৈব-বৈচিত্ৰত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ এক অপূৰ্ব বিচৰণভূমি| তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায় (Environmental Information System (ENVIS), Assam)| আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰায়েও স্থান পাইছে| এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুণ (White-rumped Vulture), ৰজা শগুণ (Red-headed Vulture), উলূম’ৰা (Bengal Florican) আদি উল্লেখযোগ্য|


অসমত দেখা পোৱা কেইবিধমান আপুৰুগীয়া চৰাই



দেওহাঁহ (White-winged Wood Duck): এই আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহবিধক অসমৰ জাতীয় চৰাই ৰূপে জনা যায়| এই হাঁহবিধৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়৷ ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে ৷ ইয়াৰে ৪৫০ টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে৷ ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়৷ অসমত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান৷ 
অসমৰ জাতীয় চৰাই দেওহাঁহ

 ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে৷ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ বৰ্তমান এই প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে৷


হাড়গিলা (Greater Adjutant): হাড়গিলা বগলী জাতীয় এবিধ বৃহৎ আকাৰৰ চৰাই৷ হাড়গিলাৰ মূৰটো নোমহীন আৰু ডিঙিত এটা বৈশিষ্ট্যপূৰ্ণ টোপোলা (neck pouch) থাকে ৷ ইহঁতে মিলিটেৰী আৰ্হিত দিয়া খোজৰ লগত সাদৃশ্য ৰাখি ইয়াৰ ইংৰাজী নামটো উদ্ভৱ হৈছে৷ হাড়গিলা এবিধ সৰ্বভক্ষী (omnivorous) চৰাইৰ প্ৰজাতি৷ ইহঁতক প্ৰায়ে জাৱৰৰ দ'মত দেখা যায়, ই তাৰ পৰা মানুহ বা অন্য জীৱ-জন্তুৰ মল খাই জীয়াই থাকে৷ জলাশয় সমূহ শুকাই যোৱাৰ ফলত বাহ সজাৰ আৰু চৰাৰ স্থানৰ অভাৱত তথা প্ৰদুষণ আদিৰ প্ৰভাৱত হাড়গিলাৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বাকী ৰৈছেগৈ| তাৰে এটা ভাৰতৰ অসমত আৰু আনটো কম্বোডিয়াত আছে৷ বৰ্তমান আই ইউ চি এন ৰঙা তালিকাত ইয়াক সংকটাপন্ন প্ৰজাতি ( Endangered) বুলি আখ্যা দিয়া হৈছে৷


বৰশৰালি (Fulvous Whistling Duck):বৰশৰালি এবিধ স্থানীয় হাঁহৰ প্ৰজাতি৷ ৷ বৰশৰালিৰ ঠোঁট দীঘল আৰু মুগা বৰণৰ, মূৰ দীঘল আৰু ডেউকা গাঢ় মুগা বৰণৰ হয়৷ ইয়াৰ নেজ আৰু ডেউকাৰ অংশবিশেষ ৰঙচুৱা (chestnut) আৰু নেজৰ ওপৰভাগত বগা আঁচ দেখা যায়৷ বৰশৰালিয়ে ঘাইকৈ ধাননি, জলচৰ উদ্ভিদেৰে পূৰ্ণ জলাশয় আদিত চৰে৷ ই ধাননি পথাৰত বাহ সাজে৷ বৰশৰালিয়ে নিশাৰ ভাগত ধান, গুটি বা অন্যান্য উদ্ভিদৰ সন্ধান কৰে আৰু বৃহৎ গোটত বাস কৰে৷ ই এবিধ হুলস্থুলীয়া হাঁহৰ প্ৰজাতি বুলি খ্যাত৷


ৰজা শগুণ (Red-headed Vulture): ই এটা মধ্যমীয়া আকাৰৰ শগুণৰ প্ৰজাতি৷ ৰজা শগুণ পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে৷ ফলস্বৰূপে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত৷ ২০০৭ চনত আই ইউ চি এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে৷ ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়৷ গৰুৰ বাবে ব্যৱহাৰ কৰা এই ঔষধবিধ গৰু মৰাৰ পিছতো মৰাশত থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিস্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে৷ ৰঙাশগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (vulture restaurant) আদিৰ ব্যৱস্থা কৰা হৈছে৷


এই আপুৰুগীয়া চৰাইসমূহৰ উপৰিও শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈ পৰিভ্ৰমী চৰাইৰো সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও 
অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ
 উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ

 সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican),বৰবালি বগুৱা (Wood Sandpiper) লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷ 

অসমত দেখা পোৱা অন্যান্য চৰাইৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ফেঁচা, ধনেশ, বাঢ়ৈটোকা, বতাহী, ভাটৌ, হাইঠা, শেন, সখিয়তী, বাৰীসুন্দৰী, চাতক, বালিমাহী, টুনি আদিয়ে প্ৰধান| বাৰেৰহণীয়া ৰং, সুললিত কন্ঠ আৰু মানুহৰ সৈতে অভিযোজিত হৈ বাস কৰিব পৰা বৈশিষ্ট্য সমূহৰ বাবে অসমৰ লোকসংস্কৃতিত চৰাই-চিৰিকটিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে| অসমীয়া লোকগীত, বিহুনাম, কবিতা, ফকৰা-যোজনা আদিত বহুলভাৱে চৰাইৰ উল্লেখ পোৱা যায়| অসমীয়া জন-জীৱনৰ প্ৰতিটো পুৱাই ঘৰচিৰিকা, কপৌ, শালিকাৰ কিচিৰ-মিচিৰ মাতে মুখৰিত কৰি তোলে| চৰাইৰ বিৰহী গীতে বিহুনাম আৰু গোৱালপৰীয়া লোকগীতত মানুহৰ হিয়াৰ কান্দোন হৈ স্থান পাইছে-

"কপৌ কুৰুলিয়াই ৰাতি ঐ নুপুৱায়
ফেচাই কুৰুলিয়াই ডালত ৷" (বিহুনাম)

"বালু তিল তিল পংখী কান্দে
বালুতে পৰিয়া
মুঈ অভাগী নাৰী কান্দো
এ যৌৱন বান্ধিয়া||" ( গোৱালপৰীয়া লোকগীত)

“বৰ ঘৰৰ মুধতে কপৌ কুৰুলিয়ায়
সাইলাখ মদনৰ মাত
থেকেচি ভাঙি যাও যতৰ ঐ চেৰেকী
অগনি জ্বলালে গাত |” (বিহুনাম)

তেনেদৰে অসমত চৰাই-চিৰিকটিয়েই ঋতুৰ পৰিৱৰ্তনৰ প্ৰথম বাৰ্তাবাহক| উদাহৰণস্বৰূপে,

"চ’ততে মাতিলে চতীয়া চৰাই ঐ
বহাগত মাতিলে কুলি (বিহুনাম)"

চৰাইৰ ৰং-ৰূপৰ বৰ্ণনাও অসমীয়া বিয়ানাম, ধাইনাম, বাৰমাহী গীত আদিত বিৰাজমান| উদাহৰণস্বৰূপে, চৰাই হালধীয়া পাখী বিনন্দীয়া (বিহুনাম), হালধীয়া চৰায়ে বাওধান খায় (ধাইনাম), কাম চৰাইৰ ৰঙা ঠোট (বিয়ানাম), বগাকৈ বগলী উৰে জাকি মাৰি (বিহুনাম), চৰাইৰ চিকুণে তেলীয়া সাৰেঙে (বিয়ানাম), সোণাৰ বৰণ পাখীৰে তোৰ হেঙুল বৰণ আখি (গোৱালপৰীয়া লোকগীত) ইত্যাদি|

Sunday, 28 June 2015

ফিল্ড ডায়েৰী ২: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনৰ বিৰতিৰ পিছত ফিল্ড ডায়েৰীৰ দ্বিতীয় খণ্ডটো আগবঢ়াইছো। আগ্ৰহীসকলে প্ৰথম খণ্ডটোত চকু ফুৰাবলৈ তলৰ লিংকত চাব পাৰে-
ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

পৰিস্কাৰ পৰিচ্ছন্নতাৰ অপূৰ্ব নিদৰ্শন - মোৱালপেং

কাপীৰ ঘৰত এটা প্ৰশান্তিময় নিশা কটাই পিছদিনা পুৱাতে উঠিলো। গাওঁখন ইমূৰৰ পৰা সিমূৰলৈকে খোজকাঢ়ি চালোগৈ। প্ৰথমেই চকুত পৰিল, গাওঁখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা। মাথোঁ অলপ দূৰে দূৰেই ডাষ্ট-বিন।, প্ৰতিটো সৰু-বৰ বাটতে পৰিস্কাৰ ৰাজহুৱা প্ৰস্ৰাবগাৰ নিৰ্মাণ কৰা হৈছে। দেখিলো, প্ৰত্যেকেই পুৱা নিজৰ চোতাল সাৰি আহি সন্মুখৰ আলিবাটো বঢ়িয়াকৈ সাৰি পেলাইছে।পিছত কেইবাখন গাৱঁতে এই কথাটো মন কৰি তাৰে স্থানীয় শিক্ষয়িত্ৰী এগৰাকীক সুধিছিলো।

মোৱালপেঙৰ বাটৰ এফালে প্ৰসাৱগাৰ, আনফালে ডাষ্টবিন 
ক’লে, "এইবোৰ সকলো ইয়ং মিজো এছ’ছিয়েশ্যনৰ তদাৰকত হোৱা কাম। এই ডাষ্টবিনবোৰো তাৰে ল’ৰাই পতা। প্ৰতিবছৰে চৰকাৰে এই এছ’ছিয়েশ্যনৰ সহায়ত আটাইতকৈ পৰিস্কাৰ-পৰিছন্নকৈ ৰখা প্ৰথম তিনিখন গাঁৱক বঁটাও দিয়ে। ইয়াকে লৈ আমাৰ এই গাঁওকেইখনৰ তলে তলে খুউব প্ৰতিযোগিতাও চলে!"

ভাল লাগিল। পিছত বহুবাৰ দেখিলো, গাঁৱৰ পেন্দুকণা কেইটাইও মৰ্টনৰ বাকলি পেলাবলৈ ডাষ্টবিন বিচাৰি ফুৰে। সেয়ে বাটৰ আশে-পাশে বা অন্য কোনো ৰাজহুৱা স্থানত প'লিথিন বা জাবৰৰ দ’মো চকুত নপৰিল।

পৰিস্কাৰ-পৰিচ্ছন্ন মোৱালপেং

অকোৱা-পকোৱা পাহাৰীয়া বাটেৰে 
লিয়ানাই তেওঁৰ বাইকখন লৈ সাজু হৈছিলেই। ময়ো প্ৰয়োজনীয় বয়-বস্তুখিনি লৈ ওলাই আহিলো দিনটোৰ বাবে। আমাৰ উদেশ্য মোৱালপেঙৰ লগতে ওচৰৰ গাওঁকেইখনৰ ঝুমখেতিৰ ব্যৱস্থা, সময়ৰ সৈতে পৰিৱৰ্তন, খেতিৰ পদ্ধতি আদিৰ বুজ লোৱা। এই প্ৰাৰম্ভিক সমীক্ষাৰ তথ্যই মোৰ মূল গৱেষণাৰ পৰিকল্পনাত সহায় কৰিব
। হাতত সময় কম-সেয়ে বাইকেৰেই যিমানকেইখন গাওঁলৈ যাব পাৰি যোৱাৰ সিদ্ধান্ত হ’ল। লিয়ানাই ক’লে, আমাক লগ দিবলৈ তাৰে অন্য এজন বন সুৰক্ষা কৰ্মী আহিব। দুয়ো ওলাই আহি বাট চালো।

গাঁৱৰ বাটেৰে এফালৰ পৰা এখন বাইক অহা দেখা পালো। কাউবয় হেট, দীঘল কোটেৰে এইজনানো কোন ওলালোহি বুলি ভাবোঁতেই লিয়ানাই ক’লে,

: ইয়ে আমাৰ লগত যাব!

ত্ৰিশৰ অনুৰ্দ্ধৰ এজন ল’ৰা। হিন্দী একেবাৰে নাজানে, ইংৰাজীত দুই-এষাৰ ক’ব পাৰে। নামটো সুধিলো। ক’লে, ‘কিমতিয়াহ’-চমূকৈ কিমা। লিয়ানাই কোৱাত মই কিমাৰ বাইকত বহিলোগৈ
। কিমাই মোৰ নাম সুধিয়ে প্ৰশ্ন কৰিলে,

: ডু ইউ হে'ভ এ ফে’চবুক একাউন্ট?

মই মনতে ভাবিলো, কম নহয় এখেত! প্ৰথমেই সেইটো প্ৰশ্ন!

বাটত লিয়ানা আৰু কিমা
যি নহওক, ধূলিময় পাহাৰীয়া বাটেৰে আমি আগবাঢ়িলো। লিয়ানাই আমাক বাট দেখুৱাই নিলে। বাটৰ দুয়োপাৰে ঝুম খেতিৰ বাবে মোকলোৱা এঢলীয়া উদং পথাৰবোৰ, কাষতে আঁচ এডাল টানি দুভাগ কৰাৰ দৰে পুৰণা হাবিৰ সৰু-বৰ খণ্ডবোৰ। কিছুমান পাহাৰ দূৰৰ পৰা দেখিলে কোনোবাই সেউজীয়া এবখলা আঁতৰাই নিয়াৰ দৰে ঘন হাবিৰ মাজতে এডৰা উদং মাটি। বাটে বাটে ৰৈ ফটো ল’লো। লিয়ানাই কথাবোৰ ব্যাখ্যা কৰিলে। এই ঝুমখেতিবোৰ প্ৰতি এবছৰ বা দুবছৰৰ মূৰে মূৰে মিজো খেতিয়কে অন্য কাষৰীয়া ঠাইলৈ সলায়। এঠাইত কৰি উঠি তাত পুনৰ গছ-বন ডাঙৰ হৈ জংঘল হোৱালৈকে এৰি অন্য ঠাইত পুৰণা জংঘল কাটি খেতি কৰে। এই আৱৰ্তন (rotation)ৰ ফলতে এঢলীয়া পাহাৰীয়া মাটিৰ খেতিৰ পিছত হেৰোৱা উৰ্বৰতা কেইবাবছৰ ধৰি গঢ় লৈ উঠা গছ-গছনিয়ে উভতাই অনাত সহায় কৰে। লিয়ানাই ক’লে,

: ইয়াত আমি এডোখৰ মাটিত এবাৰ খেতি কৰি সাত বছৰলৈ এৰি যাওঁ। সাতবছৰত জংঘল ডাঙৰ হৈ মাটি ‘ভাল’ হৈ গ’লে আকৌ খেতি কৰোহি|

ঝুম খেতিৰ বাবে মোকলোৱা মাটি 
বহুতো তথ্যই কয়, জনসংখ্যা বৃদ্ধিৰ ফলত খেতিয়কৰ গাইগুটীয়া খেতিমাটিৰ পৰিমাণ কমিছে। সেয়ে আৱৰ্তনৰ চক্ৰও চুটি হৈছে। ফলত মটিৰ উৰ্বৰতাও সম্পূৰ্ণকৈ উভতি অহাৰ পূৰ্বেই মানুহে আকৌ খেতিৰ বাবে নতুনকৈ মোকলাবলৈ লৈছে। গতিকে সময়ৰ লগে লগে ফচল কমিছে, নতুন খেতিমাটিৰ বাবে হেঁচাও বাঢ়িছে। খেতিয়কে নতুনকৈ কাষৰে অৰণ্য মোকলাবলৈ লৈছে। বহুতে ঝুমখেতিৰ পৰা পৰিয়ালটো চলিব পৰাকৈও ফচল নাপাই অন্য বিকল্পলৈও মন মেলিছে| বাটত আমি ফলৰ বাগিচা, মাছ পোহা পুখুৰী আদিও দেখিবলৈ পালো। মোৰ উদ্দেশ্য আছিল, এনে দিশসমূহৰ বিষয়ে সাধ্যানুসৰি তথ্য গোটোৱা আৰু এই পৰিৱৰ্তনসমূহে জৈববৈচিত্ৰ্যত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া বুজিবলৈ চেষ্টা কৰা|

দুপৰীয়া আমি টইজ’ নামৰ গাওঁখন পালোগৈ। তাৰপৰা এটা বাট ট’ৱি ( Tawi) অভয়াৰণ্যলৈ যায়। অৱশ্যে মূল অৰণ্যলৈ খোঁজেৰে যোৱাৰ বাহিৰে অন্য গত্যন্তৰ নাই।


আমি তাৰপৰাও আগবাঢ়ি গৈ মেইটে নামৰ গাওঁখনতহে জিৰালোগৈ। ৰ’দজাক মূৰত লৈ আহি থাকি বিষ এটাই ধৰিছিলেগৈ। সেয়ে কিজানি তাত বন সুৰক্ষা কৰ্মী জোছেফৰ ঘৰত বহি সেৰসেৰীয়া একেবাৰে পাতল ফিকাঁ চাহ কাপ খায়ো আৰাম পালো। মন কৰিলো, পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰায়বোৰেই ইয়াত ধুমপান কৰে
। ঘনে ঘনে চিগাৰেট হোঁপা আৰু তাৰ মাজে মাজে চূণেৰে বোলাই তামোলখন মুখত ভৰোৱাৰ দৃশ্য সকলোতে সহজলভ্য।

মেইটেত লিয়ানাই বিভাগীয় জৰীপৰ বাবে গাৱঁৰ প্ৰত্যেকৰে বাঁৰীত বনৰীয়া গাহৰিয়ে এইমাহত কৰা ক্ষয়-ক্ষতিৰ খতিয়ান ল’লে। ময়ো লিয়ানাৰ সহায়ত মিজো খেতিয়কসকলৰ পৰা ঝুমখেতিৰ বিষয়ে তথ্য গোটালো। বেছিভাগেই হিন্দী বা ইংৰাজী একোৱে বুজি নাপায়। সেয়ে সকলোতে লিয়ানা মোৰ বাবে কণাৰ লাখুটি যেন হ’ল। এঘন্টামান জিৰাই আমি তাৰ পৰা উভতিলো।


উভতি টইজ’ পাওঁহি মানে ভীষণ ভোক লাগিল। তাতে বাটৰে এখন সৰু হোটেলত খাবলৈ বহিলো। চাহ আৰু লগতে অ’ৰিট’ আৰু চেঙা নামৰ দুবিধ মিঠাই; লগতে দহটামান সিদ্ধ কণী-তাকে বৰ তৃপ্তিৰে তিনিও খালো। লিয়ানাই যিমানহে অৰ্ডাৰ কৰিলে, আমি খাই শেষ কৰিব নোৱাৰিলো
। পিছত দেখিলো, দোকানীগৰাকীয়ে আমি নোখোৱাখিনি প্লেটৰ পৰা নি আকৌ ধুনীয়াকৈ খাপে খাপে নি সজাই থৈ দিলে!

টৱি অৰণ্যখন চাই যোৱাৰ মন আছিল মোৰ
। লিয়ানাক কোৱাত ক’লে,

:ঠিক আছে, বাটত কাষৰ পৰাই হাবিলৈ যাবলৈ লুংলুঙীয়া বাট এটাৰে পাহাৰলৈ উঠিব পাৰি
। সেইফালে অলপ বগাই চাই আহিব পাৰিব।

গ’লো; থিয় পাহাৰীয়া বাট। লিয়ানাই আগে আগে বাট দেখুৱাই গ’ল, মোক ক’লে,

: আপুনি মাজত আহক
। কিমা আপোনাৰ পিছে পিছে আহি থাকক।
 সুধিলো, “কিয়?”

লিয়ানাৰ উত্তৰ,
: কেনেবাকৈ আপুনি পিছল খাই বা হামথুৰি খাই পৰিলে একেবাৰে তল নাপাবগৈ, কিমাই সাউৎকৈ ধৰিব!

হাঁহি উঠি গ’ল মোৰ
। ক’লো, তেনেকুৱা একো নহয়, মোৰ অভ্যাস আছে; এতিয়াও মই আৰামত গৈ আছোচোন!

সিহঁত পতিয়ন নগ’ল
। বনবিভাগৰ পৰা নিৰ্দেশ দিয়া হৈছে হেনো, কোনোকাৰণতে মই যাতে পৰা-ধৰা বা দুখ পোৱাৰ ‘ঘটনা’ নঘটে! উপায় নাপাই মানি ল’লো।

---------------ক্ৰমশ:

Thursday, 12 March 2015

ৱিকি-আসক্তি

অনলাইন বিশ্বকোষ অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ প্ৰায় দহবছৰলৈকে অন্য বহুতৰে দৰে ময়ো ইয়াৰ অস্তিত্বৰ একো উমঘামেই পোৱা নাছিলো। ইটো সিটো প্ৰয়োজনত ইংৰাজী ৱিকিপিডিয়াত খুঁচৰি চাইছিলো। অসমীয়া ভাষাটো যে এনে এখন ৱিকিপিডিয়া থাকিব পাৰে সেয়া মনলৈকে অহা নাছিল, ইয়াত লিখা বা জড়িত হোৱাৰ ইচ্ছা দূৰৰে কথা। ২০১১ চনৰ শেষৰফালে কোনোবা এটা দিনত বন্ধু এজনৰ মুখত অসমীয়া ৱিকিৰ বিষয়ে শুনিবলৈ পালো । সেইসময়ত ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য-পাতি প্ৰায় নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিত অসমীয়া ৱিকিৰ ভৱিষ্যত গুৰুত্বৰ বিষয়ে বন্ধুৱে আভাস এটা দিলে। গুগলত কিবা এটা অসমীয়াত বিচাৰিলে অসমীয়াতে সেইবিষয়ে তথ্য পাম, এই ভাৱটোৱে মন ৰোমাঞ্চিত কৰি তুলিলে! সিদিনাই ৱিকিত একাউন্ট এটা খুলিলো। ফে'চবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজতো সদস্যভুক্ত হ’লো। অসমীয়া টাইপিঙৰ সমস্যাবোৰো কেইবাজনো অভিজ্ঞ ৱিকিপিডিয়ানৰ সহায়ত নোহোৱা হ’ল।

ৱিকিত সোমায়েই মই প্ৰথম কৰা কামটো আছিল, মোৰ জন্ম জিলা লখিমপুৰৰ বিষয়ে তথ্য যোগ দিয়া।নিজৰ জিলাখনৰ উল্লেখযোগ্য ঠাই, ব্যক্তি, অনুষ্ঠান আদিৰ বিষয়ে যি পাৰো লিখিলো। সেইখিনি কৰি উঠি ৱিকিৰ সম্পাদনা কৰাৰ ক্ষেত্ৰত মনটো অলপ আত্মবিশ্বাসী হ’ল। এইবাৰ নতুন প্ৰবন্ধ সৃষ্টিত লাগিলো। বহুতৰে দৰে মোৰো ভাৱ হৈছিল, নতুনকৈ কিনো লিখিম! কিছু চিন্তা কৰি মোৰ প্ৰিয় বিষয় কিছুমান বাচি ল’লো – মই ইতিমধ্যে জনা বা জানিব খোঁজা বিষয়বোৰ।
ইয়াৰ ভিতৰত অন্যতম আছিল, অসমৰ বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটিৰ বিষয়ে প্ৰবন্ধ সৃষ্টি। এটা নতুন প্ৰবন্ধ লিখি সম্পূৰ্ণ কৰি এক সাংঘাটিক সন্তুষ্টি বা পৰিতৃপ্তি পোৱা হ’লো। ৱিকিত কিবা এটা কৰিলেই ভাব হয়, যেন অন্ততঃ এটা ভাল কাম কৰিলো! লাহে লাহে এনে দিন আহিলগৈ যে দিনটোৰ ভিতৰত ৱিকিত অলপকৈ হ’লেও কিবা এটা নিলিখিলে বা নকৰিলে কিবা এটা আধৰুৱা হৈ ৰৈ যোৱা যেন লগা হ’ল! হয়, মোক বহুতো ৱিকিপিডিয়ানৰ দৰে ৱিকিৰ আসক্তিয়ে পালে আৰু আজিও এই আসক্তি কেতিয়াও এৰাব নোৱাৰাকৈ গভীৰলৈকে শিপাই আছে। পিছে, কেৱল ৱিকিৰ পৰা পোৱা সন্তুষ্টি বা জ্ঞানেই নহয়, ইয়াৰ লগতে অন্য কেইবাটাও কথাই এই আসক্তি গভীৰ কৰাত সাৰ-পানী যোগাই আহিছে।

প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়।  উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে!

তাৰোপৰি দৈনন্দিন ব্যস্ততাৰ মাজত ৱিকিত মই নিজৰ সুবিধা অনুসৰি যিকোনো সময়ত বা যিকোনো প্ৰকাৰে অৱদান আগবঢ়াব পাৰোঁ। সময়ৰ কোনো বাধ্যবাধকতা নাই- কেতিয়াবা পাঁচ-দহমিনিট, কেতিয়াবা কেইবা ঘন্টালৈকে সুবিধা অনুসৰি কৰোঁ। সুবিধা মতে নতুন প্ৰবন্ধ লিখোঁ, নাইবা ৱিকিত ইতিমধ্যে থকা প্ৰবন্ধত দুই এটা তথ্য যোগ দিওঁ; সেয়াও নহ’লে, নিজে তোলা ফটো আপল’ড কৰোঁ নাইবা ৱিকিউৎসত কোনোবা কিতাপৰ টাইপিঙতে অকণমান লাগি দিওঁ।


তৃতীয় কাৰকটো হ'ল, অন্য ভাষাসমূ্হৰ তুলনাত অসমীয়া ভাষাৰ সীমিত ডিজিটেল তথ্যভাণ্ডাৰ। অসমীয়াৰ সচেতনতাৰ এক উল্লেখযোগ্য নিদৰ্শনৰূপে মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া আছিল ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷আজিৰ তাৰিখত পৰিসাংখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা তিনি কোটি আৰু মালায়ালম ৱিকিপিডিয়াৰ এক লাখ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল তিনিহাজাৰটা৷ এই পৰিসংখ্যাটোৱে  প্ৰতিযোগিতাৰ বা প্ৰত্যাহ্বানৰ ভাৱ এটা মোৰ মনলৈ আনি দিয়ে। বাংগালোৰত থকাৰ সময়ছোৱাত ৱিকিৰ প্ৰতি আগ্ৰহী সহকৰ্মী কেইজনমানৰ সৈতে সপ্তাহত এবাৰকৈ আমি একেলগ হৈছিলো। প্ৰত্যেকেই নিজৰ মাতৃভাষাৰ বা ইংৰাজী ৱিকিৰ কাম কৰোঁ। সেই সুযোগতে তামিল, ইংৰাজী আদি ৱিকিৰ কাম-কাজৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ ভাৱে দেখিছিলো। তাৰবাবেই কিজানি জ্ঞানৰ মুক্ত বিতৰণ আৰু প্ৰসাৰৰ দৌৰত আমাতকৈ বহুযোজন আগবাঢ়ি যোৱা এই ৱিকিসমূহৰ সমকক্ষ হোৱাৰ সংকল্প এটাই মনত ঠাই ল’লে।



এই আভিজ্ঞতাসমূহৰ বাহিৰেও ৱিকিৰ লগত জড়িত বহুতো প্ৰেৰণাদায়ক অভিজ্ঞতাইও মোক সদায়ে উৎসাহ যোগাই আহিছে। উদাহৰণস্বৰূপে, ২০১৩-ৰ শেষৰফালে বাংগালোৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ এখনৰ এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলো। বিষয় আছিল-স্থানীয় ভাষাত প্ৰকৃতি বা পৰিস্থিতিবিজ্ঞানৰ জ্ঞানৰ প্ৰসাৰৰ গুৰুত্ব আৰু বৰ্তমানলৈকে বিভিন্ন ভাষাত ইয়াৰ অগ্ৰগতিৰ বুজ লোৱা। তাতে কেইবাগৰাকী ব্যক্তিৰ তেলুগু, মাৰাঠী আদি ভাষাত প্ৰকৃতি সম্পৰ্কীয় লিখা-মেলাৰ কথা শুনিলো। ময়ো অন্যান্য মাধ্যমত চৰ্চাৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃতি সম্পৰ্কীয় তথ্য বিস্তাৰৰ বিষয়ে দুআষাৰ ক’লো।সকলোৱে কিছু আশ্চৰ্য্য প্ৰকাশ কৰিলে অসমীয়া ভাষাত এনে অগ্ৰগতিৰ সম্পৰ্কে জানি। বহুতে মন্তব্য কৰিলে, নিজৰ মাতৃভাষাত এনে ধৰণৰ প্ৰকল্প আৰম্ভ কৰিবলৈ উদ্যোগ ল’ব বুলি। আনৰ বাবে অসমীয়া ৱিকিৰ চানেকি দেখুৱাবলৈ পাই গৌৰৱত মোৰ বুকুখন ফুলি উঠিল!

অন্য এটা ভাল লগা অভিজ্ঞতা; সেইবছৰতে নতুনকৈ আৱিস্কৃত স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি অলিংগুইট'ৰ বিষয়ে বাতৰিত পোৱাৰ পিছদিনাই অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো৷নিশাৰ ভাগলৈ ৱিকিৰ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷ তেওঁ লিখিছিল, তেওঁ অসমীয়া ভাষা বুজি নাপায়। কিন্তু তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই বিষয়ে প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল- “I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success”. অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এক হতাশাজনক পৰিস্থিতিত তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰবাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্য পৃষ্ঠাটোত চকু ফুৰালো৷দেখিলো, তেওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ জ্যেষ্ঠ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷ বিশ্বৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷

এইসমূ্‌হৰ উপৰিও মোৰ ৱিকিৰ আসক্তি স্থায়ী কৰাৰ অন্যতম কাৰণ হ’ল অসমীয়া ৱিকিপিডিয়া সমাজখন। অসম আৰু বাহিৰৰো বহু ঠাইত কাম কৰি থকা বা পঢ়ি থকা এই সকল লোকে কোনো ব্যক্তিগত লাভ নিবিচৰাকৈ অসমীয়া ভাষাৰ কাৰণে যেনেকৈ কাম কৰি আছে সেয়া মোৰ কাৰণে এটা ডাঙৰ প্ৰেৰণা৷ দুই এজনৰ বাহিৰে আমি প্ৰায়ভাগেই মুখামুখিকৈ কেতিয়াও লগ পোৱা নাই । কিন্তু আজি ইমানবছৰ ধৰি আমি একেলগে ৱিকিৰ কাম কৰি আহিছোঁ। আমাৰ ভাষাৰ বা জাতিটোৰ কাৰণে কিবা কৰাৰ কথা প্ৰায় সকলোৱে কয়, কিন্তু আবেগ বাদ দি সঁচা অৰ্থত হাতে কামে লগা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। এইক্ষেত্ৰত মই সদায়ে অসমীয়া ৱিকিপিডিয়ান সকলক লৈ গৌৰৱ কৰোঁ৷ প্ৰতিদিনে অলপ অলপকৈ তথ্য যোগ দি আজি বছৰ বছৰ ধৰি এইখিনি মানুহে নিস্বাৰ্থভাৱে নিজৰ ভাষাৰ হকে কাম কৰি আহিছে।ৱিকিৰ জৰিয়তে এইখিনি মানুহক লগ পাই আৰু এই বৌদ্বিক আন্দোলনৰ অংশীদাৰ হ’ব পাৰি মই নিজকে বহুত ভাগ্যবান বুলি গণ্য কৰোঁ৷

শেষত কওঁ, বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন চাৰ্ছ ইঞ্জিনসমূ্হত অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এঢাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এইপ্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

বি:দ্ৰ: অসমীয়া ৱিকিৰ কেইটামান দৰকাৰী লিংক
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিত মই সৃষ্টি কৰা প্ৰৱন্ধসমূহ
অসমীয়া ৱিকিত প্ৰবন্ধ সৃষ্টিৰ সহায়
অসমীয়া ৱিকিউৎসত কেনেকৈ কি কৰিব

Sunday, 22 February 2015

ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনীয়া এটা হেঁপাহ আছিল, অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত কাম কৰাৰ। কিন্তু কামে প্ৰতিবাৰে অন্য ঠাইবোৰলৈ লৈ যায়-নিজৰ ঠাইখনলৈ নিমিলেহে নিমিলে। দীঘলীয়া চেষ্টা এটাৰ অন্তত অৱশেষত এই সুযোগ আহিল। এই আৰম্ভনি পৰ্বৰে ইটো সিটো কথা- সৰু বৰ ঘটনাৰে মোৰ ফিল্ড ডায়েৰী-



যাবলৈ ওলাই :


মিজোৰাম হাউচ, গুৱাহাটী৷ ইনাৰ লাইন পাৰ্মিটৰ প্ৰপত্ৰখন আধা পূৰায়ে কাউন্টাৰত থিয় দিলোগৈ।মিজো মহিলাগৰাকীয়ে প্ৰপত্ৰবোৰ জমা লৈ আছিল। সুধিলো,

: এক্সকি্উজ মি, এইযে ইয়াত স্পনছ’ৰৰ নাম আৰু ঠিকনা লিখিবলৈ দিছে কি লিখিম বাৰু?মই ধৰিব পৰা নাই!

তেওঁ উত্তৰ দিলে,

: ইয়ৰ লোকেল কন্টেক্ট ইন মিজোৰাম। 

মই তেতিয়াও সমানেই কনফি্উজড, ক’লো,

: বাট, আই ড’ন্ট হেভ ৱান!

মহিলাগৰাকীয়ে অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চালে, আকৌ যেন কথাটো নিশ্চিত কৰিবলৈকে সুধিলে,

:ই্উ ড’ন্ট ন’ এনিৱান ইন মিজোৰাম? এণ্ড ই্উ আৰ গয়িং টুম’ৰো?

মই থতমত খালো, কিন্তু কথাটো সঁচা, মূৰ দুপিয়ালো।

মোৰ মূৰৰ পৰা ভৰিলৈকে আকৌ এবাৰ চাই লৈ তেওঁ স্পনছ’ৰৰ নামৰ খালী ঠাইখিনিত খচখচকৈ লিখি দিলে ‘মিজোৰাম পয্যৰ্টন বিভাগ’৷ 

আই এল পি খন হাতত লৈ ভাবিলো, দিনতে আইজ’ল পামগৈ কাৰণে নিজেই সকলো ঠিক ঠাক কৰি ল’ম বুলিহে বিশেষ চিন্তা কৰা নাছিলো। মহিলাগৰাকীৰ চাৱনিটোৱে মোক ভবাই তুলিলে- কিছু সময়ৰ বাবেহে পিছে। তাৰ বনবিভাগৰ এজন বিষয়াক মই যে কাইলৈকে আইজ’ললৈ ওলাইছো সেয়া জনাই বস্তু সামৰিবলৈ লাগি গ’লো। I know, everything will get sorted out somehow!



দৰদী সহযাত্ৰী!


শিলচৰত ভাইটি বাবুৰ তাত এনিশা কটাই পিছদিনা পুৱাই আইজ’ললৈ ছুম’ত উঠিলো। অসম-মিজোৰাম সীমান্তত প্ৰতিখন গাড়ীতে তন্নতন্নকৈ মাদকদ্ৰব্যৰ বাবে বিচাৰ-খোচাৰ চলিল। শুনিলো, ক'ত কেনেকৈ সুৰুঙা উলিয়াই জনাজনে সকলোৰে চকুত ধূলি দি মদৰ বটল সীমান্ত পাৰ কৰায় আৰু ব্লেকত কিমান লাভত বিক্ৰী কৰিব পাৰে! সেইবোৰৰে আলেক-লেখ চাই থাকোতে সহযাত্ৰী এগৰাকীয়ে মাত লগালে। চল্লিশৰ উৰ্দ্ধৰ এগৰাকী ব্যক্তি।  গ’ম পালো, তেওঁ অসমীয়াই, মূল ঘৰ গুৱাহাটীৰ খানাপাৰাত। মিজোৰামত চাকৰি কৰাৰ আজি ছবছৰ হ’লহি। ইটো সিটোকৈ কথা ওলাল। তেওঁ মোৰো খবৰ ল’লে। সুধিলে, 



:আইজ’লত ক’ত থাকিবা? চিনাকি আছেনে?


মই বোলো, নাই, কৰিম আৰু কিবা এটা।

মানু্হ জন যেন চিন্তিত হৈ উঠিল। ক’লে,

:আজিটো দেওবাৰ। সকলো বন্ধ থাকিব। তুমি কেনেকৈ কি কৰিবা!

মোৰো আকৌ একেই নিৰুদ্ধেগ উত্তৰ, চাওঁচোন!

পিছত কেইবাবাৰো সেইটোকে সোধাত আমনি পাই ক’লো-

:অফিচৰ পৰাই কিবা ব্যবস্থা কৰিব। (মনতে ভাব, its none of your business!)

এইবাৰ কামোৰটো বেলেগকৈ আহিল,

:কোনে কৰিব, নাম কি! ক’ত কৰিব। হোটেলত নেকি?

মই তেওঁৰ ‘অনাহক’ প্ৰশ্নবোৰৰ পৰা সকাহ পাবলৈকে পিছৰখিনি বাট টোপনিৰ ভাও জুৰিলো। কিন্তু মানুহজন ক্ষান্ত নহ’ল। মোৰ পৰা সন্তোষজনক উত্তৰ নাপাই তেও নিজে অফিচত কাম কৰা স্থানীয় লোকক সুধি গ্যেষ্ট হাউচ ঠিক কৰাৰ বাবে ফোনাফোনি কৰা শুনিলো। ভাবিলো, হ’ল আৰু, কাৰ যে পাল্লাত পৰিলো!

ক’লাছিবত ছুম’ ৰখালে। তেওঁ মোক মাতি নিলে, ক’লে-

:দেওবাৰ যেতিয়া গৈয়ো খাবলৈ ৰেষ্টুৰেন্ট খোলা নাথাকিব। ইয়াতে দুয়ো দুপৰীয়াৰ ভাতসাঁজ খাই লওঁ আহা!

খালো। তেনেকুৱাতে বনবিভাগৰ বিষয়া জনে উপযাচিয়ে মোৰ থকাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব ল’লে। ফোন থোৱাৰ লগে লগে দৰদী সহযাত্ৰীয়ে খৱৰটো লৈ শান্তিৰ নিশ্বাস পেলালে!! 

আইজ’ল পাওঁতে চাৰি বাজিল। মোক ঠিকনাটো সুধিলে-নকৈ উপায় নাই। মোৰ হাজাৰ আপত্তিলৈ পৰোৱাই নকৰি তেওঁ নিজৰো বয়বস্তু লৈ তালৈকে মোৰ লগে লগে আহিল। জাৰক’টৰ হোটেলখনত মই ৰুম এটা লোৱাৰ পিছতহে তেওঁ যাবলৈ ওলাল। যাওঁতে ক’লে, তেওঁৰ পৰিয়াল এইবাৰ গুৱা্হাটীত আছেগৈ। নহ’লে মোক তেওঁলোকৰ ঘৰলৈকে নিলে হয়! 

মোৰ মনে মনে হাঁহি উঠিল! ভাব হ’ল, নিজৰ ঠাই্ হ’লে এইবোৰেই দিগদাৰি নেকি-হাজাৰ হ’লেও অসমীয়া বুলি এটা টান থাকে হবলা! অযাচিত সহায়, দৰদৰ মুখামুখি হ’ব লব লগা হয়- হয়তো ছোৱালী বুলিও। কৈ দিবলৈ মন যায়- I am perfectly capable of taking care of myself! কিন্তু আত্মসন্মানত আঘাত লগা যেন পালেও বহু সময়ত অচিনাকিজনৰ সঁচা আন্তৰিকতাক বিমুখ কৰিবলৈকো অপৰাধবোধ কৰোঁ। যা হওক, মোৰ যিকোনো দৰকাৰত ফোন কৰিবলৈ কৈ তেওঁ গ’লগৈ। ময়ো শান্তিৰ নিশ্বাস পেলাই ৰুমত সোমালোগৈ।



আইজলত আতিথ্য

পিছদিনা দিনটোৰ বেছিভাগ সময় বনবিভাগৰ কাৰ্য্যালয়তে কটালো। মোৰ গৱেষণাৰ বিষয়ে বিভিন্ন পৰ্য্যায়ৰ বিষয়া-কমচাৰীৰ সৈতে আলোচনা। সকলোৰে উৎসাহদায়ক সঁহাৰি পাই বৰ সন্তোষ পালো । সকলোতেকৈ ভাল লাগিল বনবিভাগৰ সৰ্বোচ্চ পদবীধাৰী ব্যক্তি গৰাকীক। অন্য কেইবাখনো ৰাজ্যত এনে উচ্চ পদস্থ বিষয়াক বৈজ্ঞানিক গৱেষণাৰ বিষয়ে আশ্বাস জন্মোৱাত যথেষ্ট প্ৰত্যহ্বানৰ মুখামুখি হৈ থৈছো। সন্দেহপূৰ্ণ মন এটা লৈ তেওঁৰ কায্যালয়ত সোমাই গ’লো। কিন্তু ক্ষন্তেকতে তেওঁৰ সৰলতাত মুগ্ধ হৈ গ’লো-গোটেই আবেলিটো তেওঁৰ সৈতে বিভিন্ন আলোচনা চলিল। তেওঁ একেষাৰে মোক ৰাজ্যখনৰ বিভিন্ন বনাঞ্চলত গৱেষণা কৰিবলৈ আদৰণি জনালে। মোৰ অনুৰোধত আইজ’লৰ সকলোতকৈ ওচৰত থকা সংৰক্ষিত বনাঞ্চল খনলৈ গৱষণাৰ সমল বিচাৰি এপাক মৰাৰো বন্দবস্ত কৰি দিলে।

এটা মুকলি মন লৈ তাৰ কাৰ্য্যালয়ৰ পৰা ওলাই আহিলো। কাইলৈ পুৱাই টৱি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ওলোৱাৰ কথা। মোৰ হাতত তেতিয়াও এঘন্টা আছে সন্ধিয়ালকৈ। আইজ’লত সকলো সন্ধিয়া ছয় বজাতে বন্ধ হয় বুলি শুনিছিলো। সেয়ে ভাবিলো, অলপ তহল দিওঁ। চহৰৰ ঠেক বাটবোৰেদি খোজ দিলোগৈ। জনবসতি অতি ঘন চহৰখনত। প্রতিটো সৰু-বৰ পাহাৰৰ তলে-ওপৰে থেপাথেপিকৈ অলেখ-অসংখ্য পকীঘৰ- প্ৰায়বোৰেই কেইবামহলীয়া। ঠেক ঘাইপথৰ কাষত পদপথ বুলিবলৈ দোকান-ঘৰৰ সন্মুখত দুই-তিনি লানি খটখটী; তলে-ওপৰেই খোজ দি যাব লাগে। সৰু চুটি চিটিবাছবোৰ দুটামান ঘাইপথত চলে। টেক্সিও সহজতে পোৱা যায়-কিন্তু ভাড়া যথেষ্ট বেছি বুলি গম পালো।
আইজ'ল চহৰৰ একাংশ


এগৰাকী প্ৰসিদ্ধ মিজো গায়কৰ সান্নিধ্যত

পিছদিনা পুৱাই বনবিভাগৰ কাৰ্য্যালয়লৈ ওলালো। তাৰ পৰাই টৱি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ওলোৱাৰ কথা। কাৰ্য্যালয়ত সোমায়ে ইফালে সিফালে চাই লগ পাব খোজা বিষয়াগৰাকীক বিচাৰিলো। অন্য এগৰাকী আগবাঢ়ি আহিল,

:আৰ ই্উ জলি ফ্ৰম আছাম?

:ইয়েছ!

:আই এম চি ভানছাংগা। আই এম ছাপ’জড টু এক’ম্পেনী ই্উ টু টৱি।

বনবিভাগৰ তৎপৰতা দেখি সঁচাই ভাল লাগিল। দুপৰীয়া চি ভানছাংগা আৰু ভানলালজোৱানা নামৰ আৰু এজন লোক ওলাল মোক টৱিৰ সমীপৰ এখন মিজো গাৱঁলৈকে আগবঢ়াই দিবলৈ। গাওঁখনৰ নাম ‘মোৱালপেং’। পিছত গম পালো, দুয়োজন ক্ৰমে ‘লেনচিম’ আৰু ‘মোৱালপেঙ’ ৰ বিট অফিচাৰ।

বাটত ৰৈ দুদিনৰ বাবে খোৱাৰ সামগ্ৰী সকলো কিনি ল’লো। ভানছাংগা কথকী মানুহ-সুন্দৰকৈ ইংৰাজী কয়। বাটে বাটে আমি কথাৰ মহলা মাৰি গ’লো। আনজন বিট অফিচাৰে কেৱল মিজোহে কয়। তেওঁ নীৰৱে শুনি গ’ল। মাজে মাজে ভানছাংগাক দুই এটা কয় আৰু মোৰ স’তে ইংগিততে পাতে।


বাটত
পাহাৰীয়া বাট ঠেক আৰু অকোৱা পকোৱা । ৮৪ কিমি বাট পাৰ কৰিবলৈ আমাৰ প্ৰায় চাৰিঘন্টাই লাগিল । চাৰি বজাত মোৱালপেং নামৰ ঠাইখনত গাড়ী ৰ’লগৈ। আমি যাম বুলি ইতিমধ্যে তাৰ বনকৰ্মীক খবৰ দিয়া হৈছিল । লগ পালো ‘লালহিংলিয়ানা’ নামৰ বনৰক্ষীজনক। ভানছাংগাই ক’লে, এৱেঁই এইকেইদিন মোক সহায় কৰিব। আমাক এৰি ভানাছাংগা আৰু ভানলালজোৱানা আকৌ আইজ’ললৈ উভতি গ’লগৈ। 

পিছত লালহিংলিয়ানাৰ মুখেৰে গম পালো, ভানছাংগা হেনো এজন প্ৰসিদ্ধ মিজো গায়ক। তেওঁৰ মিজো আধুনিক গানসমূহ খুবেই জনপ্ৰিয় মিজোৰামত। ভানছাংগাক পিছত ফোন কৰি তেওঁৰ গানৰ কথা সুধিলো। তেওঁ প্ৰতিশ্ৰুতি দিলে যে পিচৰবাৰ তেওঁৰ গান শুনাব মোক।


মোৱালপেঙত আপোণ ঘৰখন

মোৱালপেং, শাৰী শাৰী পাহাৰে আৱৰা এখন অকণমানি শান্ত মিজো গাৱঁত মই ৰৈ গ’লো এইমাত্ৰ চিনাকি হোৱা মোৰ সাৰথি লালহিংলিয়ানাৰ স’তে। লালহিংলিয়ানাক মোৰ সাৰথি কৰাৰ কাৰণ আছিল তেওঁ হিন্দী ক’ব পাৰে। মোক ওচৰ পাজৰৰ ঠাইবোৰ দেখুওৱাৰ লগতে দোভাষীৰ কামো কৰিব পাৰিব বুলিয়েই তেওঁক এই দায়িত্ব দিয়া হ’ল। 

পোনতে বনবিভাগৰ ইন্সপেকশ্যন বাংল’ত থকাৰ কথা আছিল। কিন্ত গাৱঁৰ পৰা অলপ আঁতৰত থকা প্ৰকাণ্ড বাংল’টোত মোক অকলশৰে থাকিবলৈ দিবলৈ তেওঁলোকে হেহোঁ-নেহোঁ কৰিলে। এটা দীঘলীয়া আলোচনা চলিল আটাইকেইজনৰ মাজত। তেওঁলোকৰ মিজো কথা-বাৰ্তা, মুখৰ অংগী-ভংগীত কিনো পাতিছে উমান পাবলৈ বৃথা চেষ্টা কৰি মই তধা লাগি চাই থাকোতে বাংল’ৰ মহিলা চকীদাৰ গৰাকীয়ে এখন হাতেৰে মোৰ হাতত ধৰিলেহি।কিবা এটা ইংগিতো দিলে। মই একো বুজিব নোৱাৰি লালহিংলিয়ানাৰ মুখলৈ চালো। সি ক’লে-

: আপুনি বাংল’ৰ চকীদাৰ এই কাপী (আইতা)ৰ ঘৰতে থাকিব পাৰিব। 

কাপী আগবাঢ়িলেই, মই হয়ভৰ দি পিছে পিছে খোঁজ দিলো। এটা থিয় খটখটিয়েদি গৈ কাপীৰ গৰ ওলালোগৈ। দুকোঠলীয়া বাটামী ঘৰ, কাঠৰ মজিয়া। প্ৰকাণ্ড বহা কোঠাৰে এচুকত পাকঘৰ আৰু জুহাল। কাপীয়ে ঘৰটো সঁচাই বৰ আটোমটোকাৰীকৈ ৰাখিছে –সোমায়েই মোৰ মনটো ভাল লাগি গ’ল। গম পালো, কাপী তাত অকলশৰে থাকে। কাপীয়ে ক’লে, নিশা তেওঁ কাষৰে জীয়েকৰ ঘৰত থাকিবগৈ। জীয়েকৰ গা বেয়া বাবে পেন্দুকণা নাতি-নাতিনী কেইটাক চোৱা-চিতা কৰিব লাগে হেনো। মোক আৰু লালহিংলিয়ানা সেইটো নিজৰ ঘৰ বুলি ধৰি লৈ নিজৰ খুচীমতে থাকিবলৈ ক’লে। 

ইয়াত গাঁৱৰ মানু্হ সন্ধিয়া ছয় বজাতে নিশাৰ সাঁজ খায়। কাপীক বিদায় দি আমি দুয়ো ৰন্ধাৰ যা-যোগাৰ আৰম্ভ কৰি দিলো। লালহিংলিয়ানা মূৰ্গীৰ মাংস ৰান্ধিলে –তেওঁৰ ভাষাত ক’বলে গ’লে ফৌজী ষ্টাইলত। মই বাকীবোৰ যোগাৰ কৰিলো।


ভাতৰ টেবুলত
এঘন্টামানৰ ভিতৰতে সকলো ৰান্ধি-বাঢ়ি লিয়ানাই খোৱাৰ টেবুল সঁজাবলৈ লাগি গ’ল। খাবলৈ বহি দেখোঁ, ভাতৰ থালিত সৰু সৰু হেতা একোখন, টেবুলৰ মাজত ভাত-মাংস-ডাইলৰ বাচন। প্ৰথমতে ভাবিলো, ইয়াত চামুচৰ সলনি এইখনেৰেই খাই হ’বলা! পিছত দেখিলো, ফৌজীৰ কাহিনী কৈ কৈ লিয়ানাই হাতেৰেই ভাত খাইছে, কিন্তু ভাত-মাংস যি লাগে থালৰ সেই হেতাখনেৰেই বাচনৰ পৰা লৈ আছে! মনত পৰিল, ক’ৰবাত পঢ়িছিলো, মিজোসকলে লগতে বহি খোৱাকেইজনৰ মাজত এনেকৈয়ে সকলো খাদ্য মিহলাই খায়। 


কথাৰ মহলা মাৰি শুৱাকোঠালৈ গৈ কাপীয়ে ধুনীয়াকৈ সঁজাই যোৱা বিছনাকনত আৰামকৈ বহিলোগৈ। মূৰ শিতানত থকা খিৰিকীখন খুলি চাই পঠিয়ালো দূৰ-দিগন্তলৈ। নিৰ্মল চেঁচা বতাহ এজাকে মোক কঁপাই গ’লহি। সন্মুখৰ প্ৰকাণ্ড গীৰ্জাটোৰ পৰা যীশুৰ বন্দনা কিছুমান ভাঁহি আহিল। তাৰ সিপাৰলৈ শাৰী শাৰী পাহাৰৰ ঘন অৰণ্য আৰু বেছি জয়াল যেন দেখা দিলে। গাৱঁৰ দুই-এটা ঘৰৰ পৰাহে পো্হৰৰ ছিটিকণি পৰা দেখা পালো। নিৰ্মল চেঁচা বতাহ এজাকে মোক কঁপাই গ’লহি। সন্মুখৰ প্ৰকাণ্ড গীৰ্জাটোৰ পৰা যীশুৰ বন্দনা কিছুমান ভাঁহি আহিল। তাৰ সিপাৰলৈ শাৰী শাৰী পাহাৰৰ ঘন অৰণ্য আৰু বেছি জয়াল যেন দেখা দিলে। গাৱঁৰ দুই-এটা ঘৰৰ পৰাহে পো্হৰৰ ছিটিকণি পৰা দেখা পালো। গুৱাহাটীৰ ধূলি-হুলস্থুল-বিশৃংশলতাৰ মাজৰ পৰা আহি গাওঁখনৰ নীৰৱ-নিতাল নিশাটোৱে মনটো শাঁত পেলাই দিলে। নিজম নিশাটো, টোপনিৰ কোলাত ধলি পৰা মিজো গাওঁখন, দূৰণিৰ অন্ধকাৰে আৱৰি ৰহস্যময় কৰি তোলা অৰণ্যখন-সকলো যেন এটা বাংময় কবিতা হৈ মোৰ দুচকুৰ আগত দুলি থাকিলহি।
সিটো কোঠাৰ পৰা অহা লিয়ানাৰ মাতে মোৰ সম্বিত ঘুৰাই আনিলে,
: আজি আৰামেৰে শুই লওক দেই। কাইলৈ বহুত ঘুৰিব লাগিবতো।
ইমান প্ৰশান্তিময় ৰাতিটোত ভালকৈ টোপনি নামাৰিমনে! কাইলৈ পুৱাতে উঠি আকৌ নতুন ঠাইলৈ যোৱাৰ কথা গৱেষণাৰ সমল বিচাৰি! নতুন অভিজ্ঞতাৰ সোৱাদ বিচাৰি…



ক্ৰমশ:

Tuesday, 13 January 2015

সচৰাচৰ দেখা শালিকা চৰাইবোৰ

শালিকা বুলিলেই আমাৰ মনলৈ আহে পুৱা-গধূলি ঘৰৰ আশে পাশে দেখা পোৱা ঘৰ-শালিকাৰ ছবিখন, নহয় জানো? আমাৰ অসমত পিছে ইয়াৰ বাহিৰেও অন্য কেইবাবিধো শালিকা প্ৰজাতি পোৱা যায়৷ এই শালিকাজাতীয় চৰাইবোৰৰ শাৰীৰিক বৈশিষ্ট্য হ’ল ইহঁতৰ নোদোকা দেহ আৰু চুটি জোঙা নেজ ৷ ইহঁতে সাধাৰণতে জাক-পাতি থাকে আৰু স্বভাৱত হুলস্থুলীয়া৷

শালিকা দক্ষিণ-পূব এছিয়াৰ স্থানীয় চৰাই৷ বৰ্তমান ইহঁতক বিশেষকৈ আমাৰ ঘৰ-শালিকাবিধ উত্তৰ আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়াত নতুনকৈ সংস্থাপন কৰা হৈছে৷ অসমীয়াত এক লোকপ্ৰবাদ আছে, বুঢ়া শালিকাই মাত নলয়৷ সঁচা অৰ্থতে, শালিকাই বিভিন্ন ধৰণৰ মাতৰ সুবহু অনুকৰণ কৰিব পাৰে৷ শালিকাজাতীয় চৰাইবোৰৰ ভিতৰত Common Hill Mynah- ই মাত অনুকৰণ কৰাত আটাইতকৈ পাৰ্গত আৰু সেয়ে ইহঁত Talking Mynah বুলিও জনাজাত৷ এই গুণৰ বাবেই এই শালিকাবিধক বহুতে পোহনীয়া কৰি ৰাখে৷ দৰাচলতে, থাইলেণ্ড, লাওছ আদি কেইখনমান দেশত পোহনীয়া চৰাইৰ বজাৰৰ চাহিদা পূৰাবলৈকে হাজাৰ হাজাৰ Hill Mynah সংগ্ৰহ কৰাৰ ফলত ইয়াৰ জনসংখ্যা বৰ্তমান কমিব ধৰিছে৷ আমাৰ চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰত আকৌ স্থানীয় লোকে বাঁহৰ খোৰোঙত ঘাঁহ-বন দি বাহ সাজি ইহঁতক কণী পাৰিবলৈ দিয়ে আৰু পোৱালি বয়সতে পোহনীয়া কৰে৷ ফলত প্ৰজননক্ষম চৰাই হালৰ কোনো ক্ষতি নহয় আৰু ঠাইখনত খেতি-পথাৰ, ফল-মূলৰ অনিষ্ট কৰিব নোৱাৰাকৈ ইহঁতৰ জনসংখ্যাও অতিপাত বৃদ্ধি নাপায়৷ জনামতে, বৰ্তমান ই (Common Hill Myna farming) এক কূটীৰ শিল্পৰ ৰূপেই পাইছেগৈ৷

অসমত দেখা পোৱা অন্য এবিধ শালিকা হৈছে গাং- শালিকা (Bank Myna)৷ ই দেখাত ঘৰ শালিকাৰ দৰে একেধৰণৰ যদিও ইয়াৰ গাৰ ৰং মুগা (grey) আৰু ঠোঁট ৰঙচুৱা বা কমলা হয় (চিত্ৰ)৷ তেনেদৰে, চুটীয়া-শালিকা (Jungle Myna) হাবিৰ ওচৰে পাজৰে থকা মুকলি অঞ্চল বা খেতি পথাৰৰ ফালে দেখা যায় ৷ ইহঁতৰ গা আৰু চকু ঘৰ-শালিকাতকৈ শেঁতাবৰণৰ আৰু ঠোঁটৰ গুৰিত মুকুটৰ দৰে এটা অংশ (crest) থাকে৷ 




অসমত দেখা পোৱা অন্যান্য শালিকাৰ প্ৰজাতিসমূহ হৈছে-

  • Asian Pied Starling: দেহৰ ধৰণ ঘৰ শালিকাৰ দৰে, কিন্তু ক’লা-বগা৷ 
  • কাঠ-শালিকা (Grey-headed Starling /Chestnut tailed starling): দেহৰ ওপৰভাগ মুগাবৰণীয়া, পেটতো ৰঙচুৱা
  • Spot-winged Starling: পৰিভ্ৰমী ৷ ই উত্তৰ-পূৰ্বাঞ্চলত শীতকাল কটায়হি৷
  • White-vented Myna: ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰেহে হয়তো সচৰাচৰ দেখা পোৱা যায়৷
মানুহৰ আশে পাশে বসবাস কৰাত অভ্যস্ত চৰাইবোৰৰ ভিতৰত শালিকা অন্যতম৷ এই চৰাইবিধৰ সৈতে মানুহৰ সম্পৰ্কও নিবিড়৷ এযোৰা শালিকা দেখিলে শুভ বুলি অসমত জনবিশ্বাস আছে৷ আমোদজনক কথাটো হ’ল, অন্য প্ৰায়বোৰ চৰাইৰ দৰে শালিকাই কেৱল প্ৰজননৰ সময়তহে সংগী বিচাৰি লৈ যোৰ নাপাতে৷ তাৰ পৰিৱৰ্ত্তে প্ৰায়বোৰ শালিকাই দীৰ্ঘদিনলৈ বা আজীৱন যোৰ পাতে বুলি জনা যায়৷ গতিকে এনে জনবিশ্বাসে নিশ্চয় প্ৰকৃতিৰ সূক্ষ্ম পৰ্যবেক্ষণৰ পৰা উপলব্ধ জ্ঞানকে সূচায়৷

Tuesday, 23 December 2014

অৰণ্য পুৰাণ ৪: ৰাংকুকুৰৰ সৈতে এখন্তেক

ঈগলনেষ্টত মোৰ দ্বিতীয় দিন আছিল সেয়া৷ আগদিনা ফুটগধূলি বম্পুৰ বেছকেম্প পাইছিলোহি৷ ঈগলনেষ্টৰ দৰে প্ৰকৃতিৰ ৰম্যভূমি এখনলৈ কাম কৰিবলৈ অহাৰ উত্তেজনা শাম কটাই নাই৷ পুৱাতে সহকৰ্মী উমেশৰ সৈতে আমাৰ কামৰ আলোচনা, আহিলা-পাতিৰ যা-যোগাৰ চলিল৷ তৃতীয় দিনাৰ পৰাহে কাম ভালকৈ আৰম্ভ হোৱাৰ কথা৷ ভাবিলো, আবেলি অকণমান পাক এটাই মাৰি আহোঁ৷ উমেশ কেম্পতে কিবা কামত লাগি আছিল৷ তাক মাত লগাই বাইন’কুলাৰ আৰু কেমেৰাটো লৈ কেম্পৰ পৰা ওলাই আহিলো৷ কেম্পৰ সমভূমিখিনি এৰি পাহাৰীয়া বাটেৰে চৰাই নিৰীক্ষণ কৰি কৰি খোঁজ দিলো৷ বাটৰ একাষে থিয় পাহাৰ, সিটো কাষে খাৱৈ৷ আগতে নেদেখা চৰাইবোৰ চাই চিনাক্ত কৰি যথেষ্ট দূৰ আগবাঢ়ি গ’লো৷ হয়তো কেম্পৰ পৰা এক-ডেৰ কিলোমিটাৰ মান৷ এটা কেঁকুৰিত নতুন চৰাই এটা ফিল্ডৰ গাইড বুকত ভালকৈ পৰীক্ষা কৰি চাওঁ বুলি বাটৰ কাষতে গছৰ মুঢ়া এটাত বহি পৰিলো৷ 



মোৰ সন্মুখত বাটটো পাৰ কৰিয়ে ওখ পাহাৰটো৷ মই বহা দিশে তললৈ ঘন অৰণ্য৷ একমনে গাইডবুকত চৰাইটোৰ বৰ্ণনা চাই চিনাক্ত কৰাৰ চেষ্টা কৰি আছিলো৷ এনেতে মোৰ সন্মুখৰ পাহাৰৰ ফালৰ পৰা কিবা এটা শব্দ শুনিলোঁ৷ কোনোবা যেন খৰকৈ পাহাৰৰ হাবি ভাঙি নামি আহিছে! মই উৎসুক হৈ শব্দটো অহাৰ দিশে চকু দিলোঁ৷ ভাব হ’ল, কোনোবা গাৱঁৰ লোকেই চমু বাটেদি কেম্পলৈ আহিছে চাগৈ৷ কিন্তু দুটা মুহূৰ্ত্তৰ পিছতে মোক চক খুৱাই দি হাবিৰ পৰা ওলাই আহিল ৰাংকুকুৰ এটা!

ৰাংকুকুৰ (ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
বাটৰ এইপাৰে মই আৰু মোৰ মুখে মুখে মাথোঁ ছয়-সাতফুট আঁতৰত বাটৰ সিপাৰে ৰাংকুকুৰটো৷ মই নিজ চকুৰে ৰাংকুকুৰ জীৱনত আগতে কেতিয়াও দেখা নাই৷ কিন্তু এপলকৰ বাবে ৰঙচুৱা জন্তুটো, তাৰ নোমাল শকত ক’লা-চানেকীয়া নেজডাল দেখি ৰাংকুকুৰৰ ছবিখনেই মোৰ মনলৈ ভাঁহি আহিল৷ দুই ছেকেন্ডৰ পিছতে একেই শব্দ শুনা পালো৷ একেটা বাটেৰে খৰমৰকৈ পিছে পিছে আহি ওলালহি দ্বিতীয়টো ৰাংকুকুৰ৷ ৰাংকুকুৰ দুটাইও হয়তো মোৰ দৰেই থতমত খালে হঠাত সন্মুখত নৰমনিচ দেখা পাই! দুয়ো ক’লা-মুগা চকু দুটাৰে ট টকৈ মোৰ চকুলৈ চাই ৰ’ল৷ মই আক্ষৰিক অৰ্থতে ‘ফ্ৰীজ’ হৈ গ’লো৷ এনে পৰিস্থিতিত কি কৰা উচিত-অনুচিত একো ভাবেই নাহিল মনলৈ৷ দুটা পলক মাত্ৰ৷ মোতকৈ আগতেই দুয়োটা ৰাংকুকুৰেই সম্বিত ঘুৰাই পাই ভিৰাই লৰ মাৰিলে খাৱৈৰ ফালে ৷ দুয়ো যেন একছেকণ্ডতে মোৰ সন্মুখৰ পৰা অদৃশ্য হৈ গ’ল! কিছুপৰৰ পিছতহে মই লৰচৰ কৰিলো-ওচৰতে কেমেৰাটো দেখিহে খেয়াল হ’ল, ফটো এখনকে লোৱাৰ চেষ্টা কৰিব পাৰিলোহেঁতেন৷ পিছে মই অলপো লৰচৰ কৰা হ’লেই সিহঁতে যে পলালেহেঁতেন সেয়া খাটাং৷ 

ৰাংকুকুৰক ইংৰাজীত 'Asiatic Wild dog' বা 'Dhole' বুলি কোৱা হয়৷ আই ইউ চি এনৰ ৰেড ডাটা বুকত এই জন্তুবিধক সংকটগ্ৰস্ত (endangered) বুলি আখ্যা দিয়া হৈছে৷ এই জন্তুবিধ উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ উপৰিও এছিয়া মহাদেশৰ বাংলাদেশ, ভূটান, ম্যানমাৰ, থাইলেণ্ড আদি দেশত পোৱা যায়৷ ইহঁতৰ সংখ্যা দিনকদিনে কমি আহিছে আৰু আমাৰ অৰণ্যসমূহত ইয়াৰ খাদ্য অৰ্থাৎ বনৰীয়া গাহৰি, হৰিণা আদিৰ হ্ৰাস পোৱাটোৱে ইয়াৰ প্ৰধান কাৰণ বুলি জনা গৈছে৷ এনে এবিধ জন্তুৰ সৈতে দুটা বিৰল মুহূৰ্ত্ত এনেকৈ পাই মোৰ আনন্দৰ সীমা নোহোৱা হৈ গ’ল৷ দৌৰাৰ দৰে উভটি গৈ যেতিয়া কেম্পত সকলোকে ক’লোগৈ, মানুহবোৰ প্ৰায় আচৰিতেই হ’ল৷ ক’লে, ৰাংকুকুৰ ঈগলনেষ্টত আছে বুলি জানে যদিও কোনেও নিজ চকুৰে দেখা পোৱাৰ ৰেকৰ্ড নাই৷ আনকি যোৱা দুটাবছৰে তাত গৱেষণা কৰি থকা উমেশৰো কেতিয়াও ৰাংকুকুৰৰ সৈতে দেখা-সাক্ষাৎ হোৱা নাই হেনো৷ সৌভাগ্যক্ৰমে সেইবছৰেই কেইমাহ মানৰ পিছত কেমেৰা ট্ৰেপিঙত ৰাংকুকুৰৰ ফটো আহিল! গৈ পোৱাৰ দ্বিতীয় দিনাই এই বিৰল মুখামুখিয়ে ঈগলনেষ্টত মোৰ এক বৈচিত্ৰ্যময় জীৱনৰ পাতনি মেলিলে৷

এছিয়া মহাদেশত ৰাংকুকুৰ বিস্তৃতি (ইন্টাৰনেটৰ পৰা সংগৃহীত)

Sunday, 21 December 2014

অৰণ্য পুৰাণ ৩: যাত্ৰাৰ বাৰ্তা

শাৰী-শাৰী পাহাৰৰ মাজত টেঙা ভেলী


অৰুণাচলৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যত গৱেষণাৰ কাম কৰি থকা সময়ৰে ঘটনা৷ টেঙা টাউনৰ পৰা প্ৰায় পোন্ধৰ কিমি দুৰত ঈগলনেষ্টৰ ভিতৰৰ বম্পু নামৰ ঠাইখনতে আমি কেম্প সাঁজি আছিলো৷ অৰণ্যৰ মাজত বিদ্যুতৰ কোনো ব্যৱস্থা নাই৷ ম’বাইলৰ নেটৱৰ্কো পোৱা টান৷ কেম্পৰ সন্মুখত থকা সৰু পৰিত্যক্ত মন্দিৰটোৰ ওচৰে পাজৰে বতৰ ভাল থাকিলে বি এছ এন এলৰ নেটৱৰ্ক কেতিয়াবা পোৱা যায়৷ বাহিৰৰ পৃথিৱীৰ লগত অন্য কোনো যোগাযোগৰ অৱকাশ নাথাকে৷ অন্য বা-বাতৰিও আমি বাহিৰৰ পৰা কোনোবা কেম্পলৈ আহিলেহে পাওঁ৷ মই পিছে সকলো সময়তে ‘কানেক্টেড’ হৈ থকাৰ বিড়ম্বনাটোৰ পৰা মুকলি হৈ থাকিবলৈ পালেই ভীষণ সুখী হৈ পৰোঁ৷ সেয়ে প্ৰতিবাৰে ঈগলনেষ্টলৈ সোমালেই ফোন, মেইল, মেচেজ- সকলোৰে পৰা মুক্তি পাই কোলাহলবিহীন এক মানসিক জগতত ভৰি থোৱা যেন লাগি পৰে৷ এই অনুভৱে মনলৈ যে কিমান প্ৰশান্তি আনি দিব পাৰে, সেয়া কেৱল পোৱাজনেহে হয়তো সঁচা অৰ্থত উপলব্ধি কৰিব পাৰিব৷

বম্পুৰ পৰা টেঙালৈ যোৱাৰ বাটত

যি কি নহওক, এনে দিনবোৰত আমাৰ বাবে সকলো বাহিৰা লেনদেনৰ মাধ্যম সাধাৰণতে এজনেই-নিমা ছেৰিং৷ নিমা টেঙাৰ ওচৰৰে ৰামালিংগম গাঁৱৰ এগৰাকী মনপা লোক৷ লগতে ঈগলনেষ্টৰ ইক’টুৰিজিমৰ কামখিনিও তেৱেঁই চোৱা-চিতা কৰে৷ ট্যুৰিষ্ট চিজনত তেওঁ অভ্যাগতৰ অৰণ্যৰ ভিতৰত থকা-খোৱাৰ সকলো বন্দবস্ত কৰে৷ বাকী সময়ত আমাৰ দৰে অ’ত ত’ত কেম্প কৰি থকা গৱেষকবোৰৰ বাবে নিমাই সকলো আশা-ভৰসাৰ থল৷ মাহেকে-পষেকে আমাৰ দীঘলীয়া বজাৰৰ লিষ্ট লৈ গৈ টেঙাৰ পৰা সকলো ৰেচন-পাতি কিনি আনি নিমাই কেম্পত দি যায়৷ বাকী যিকোনো সৰু-ডাঙৰ প্ৰয়োজনতো আমি সম্পূৰ্ণৰূপে তেওঁৰ ওপৰতে নিৰ্ভৰশীল৷


এনে এটা দিনতে এবাৰ মই কাম এৰি দুদিনৰ বাবে ঘৰলৈ যাব লগাত পৰিলো, হঠাতে এটা ইন্টাৰভিউৰ খবৰ পাই৷ ইন্টাৰভিউ স্কাইপ’ত হোৱাৰ কথা৷ পিছে টেঙাত থকা একমাত্ৰ ইন্টাৰনেট কেফেৰ ওপৰত ভৰসা কৰিলে পিছত কাৰেন্ট বা নেটৱৰ্ক নাথাকিলে বিপদত হে পৰাৰ সম্ভাৱনা বেছি দেখিলো৷ সেয়ে তেজপুৰৰ ঘৰলৈকে যোৱাৰ সিদ্ধান্ত ল’লো৷ বম্পু হৈ ৰামালিংগমলৈ যোৱা এজনৰ হতুৱাই নিমালৈ খবৰ দিয়ালো, ইন্টাৰভিউৰ এদিনৰ আগতে মই বম্পুৰ পৰা ওলোৱাৰ ব্যৱস্থা কৰিবলৈ৷ কথা মতেই কাম৷ বম্পুৰ পৰা তিনিঘন্টাৰ পাহাৰীয়া বাট পাৰ কৰি মোক টেঙালৈকে আগবঢ়াই থৈ আহিবলৈ নিমাই গাত ল’লে৷ 

পুৱাতে সাজু হৈ নিমালৈ বাট চাই ৰ’লো ৷ এটা সময়ত তেওঁ সেই অঞ্চলত বিখ্যাত মেক্স (পিক আপ ভান)খন লৈ ওলালেহি৷ আমাৰ লগতে বিজু নামৰ ফিল্ডৰ সহায়ক ল’ৰাজনো ওলাল৷ তাৰ ঘৰ টেঙাৰ কাষৰে বুশ্বুৰি বস্তিত৷ গতিকে এই সুযোগতে ঘৰত দেখা এটা দি আহিব হেনো৷ 

বম্পুৰ পৰা ওলাওঁ মানে আঠ বাজিলেই৷ গাড়ীত উঠিয়েই নিমাক ক’লো,
“এঘাৰ বজাত ছুম’ পোৱা যাবনে যেনেতেনে? মই আজিয়ে ঘৰ পাবগৈ লাগে নহয়!”

নিমা বিৰাট স্ফুৰ্টিবাজ মানুহ৷ এনেকুৱা সৰু-সুৰা কথা লৈ পৰোৱাই নকৰে৷ ক’লে,

“মিলাব লাগিব আৰু কিবা এটা কৰি৷ বেছিভাগ ছুম’তো ৰাতিপুৱাই ওলাই যায় তেজপুৰলৈ৷ ব’মডিলাৰ পৰা অহা কোনোবা এখনত ছিট এটা বিচাৰিব লাগিব তেনে!”

সাধাৰণতে মই টেঙা বা ৰামালিংগমত নিশাটো কটাই তেজপুৰলৈ ৰাতিপুৱা ছয় বজাৰে ছুম’ ধৰো৷ নহ’লে আকৌ এঘাৰ বজাতহে ব’মডিলাৰ পৰা ছুম’বোৰ আহে ৷ পিছে সেইবোৰত খালী ছিট পোৱা মহা মস্কিল৷ তাতো নহ’লে শেষ উপায় থাকিব দুপৰীয়া ওলোৱা একমাত্ৰ চৰকাৰী বাছখন৷ 

হাবিৰ মাজৰ উখোৰা-মোখোৰা পাহাৰীয়া বাটেদি গাড়ীয়ে লাহে ধীৰে গতি ল’লে৷ লামা কেম্প নামৰ শেষ কেম্পটো এৰি আহি ৰামালিংগমৰ মাজেদি গাড়ী পাৰ হৈ আহিল৷ মোৰ পলম হোৱা যেন দেখি আনদিনাৰ দৰে নিমাই তেওঁৰ ঘৰত চাহ খাবলৈকো গাড়ী নৰখালে৷ টেঙালেজ্জ পাৰ হৈ অকোৱা পকোৱা বাটেৰে পাহাৰটোৰে গাড়ীখন নামি আহিব ধৰিলে৷ এপাকত যেতিয়া তলৰ টেঙাভেলীখন চকুত পৰিল, বিজুৱে মোক দেখুৱালে,

“চাওক চাওক, সেইখন তেজপুৰলৈ যোৱা চৰকাৰী বাছখন গৈ আছে!”

দেখিলো! বাছখন গৈ থকা পাহাৰৰ বাটটো আৰু আমাৰ পাহাৰৰ মাজতে তললৈ টেঙা টাউনখন ৷ বাছ ইমানদূৰ পালেগৈ যেতিয়া কি হ’ব আৰু, ছুম’তে যামগৈ-এনে ভাবত আমি গৈ থাকিলো৷ টেঙা পায়ে নিমাই জৰুৰী কামত ‘ৰূপা’লৈ পোনালে৷ মই বিশমিনিটমানৰ পিছতে ছুম’ কাউন্টাৰ পালোগৈ৷ তাত বুকিঙৰ দায়িত্বত থকা ৰাজকুমাৰে মোক দেখিয়েই ওলাই আহি ক’লেহি,

“আপোনাক ইমানকৈ ফোন কৰি আছোঁ৷ নেটৱৰ্কেই নাপায় নহয় সেইফালে৷ নিমাদাজুৱে মোক কৈ থৈছিল, আপোনাৰ কাৰণে ছিট এটা ৰাখিবলৈ৷ কিন্তু আজি ব’মডিলাৰ পৰা দুখন হে ছুম’ আহিছে-চব বুকিং হৈ আছে৷ আপুনি ‘দিংখৌ’তে ৰৈ দিয়ক ৰাতিটো৷ কাইলৈ ৰাতিপুৱাই লৈ আহিম তাৰ পৰা৷”

প্ৰতিবাৰৰ দৰেই ৰাজকুমাৰে মোৰ অহা-যোৱাৰ বন্দবস্ত কৰি পেলোৱা দেখি হাঁহি লৈ ক’লো,

“নাই, কাইলৈ মোৰ জৰুৰী কাম আছে, আজি যাবই লাগে৷ কি কৰিব পাৰি কওক৷ বাছখনো আধাঘন্টামান আগতে পাৰ হৈ যোৱা দেখিলোঁ!”

ৰাজকুমাৰে মোৰ কথা শুনিয়েই খৰখেদা লগাই দিলে,

“এস, বাছখন ধৰিব লাগিব তেন্তে৷ অন্য কিবা পাবলৈ টান আছে আজি৷ কালি অসম বন্ধ আছিলতো, আজি সেইকাৰণে চবতে ভিৰ হৈছে৷ আপুনি এটা কাম কৰক, ইয়াৰ পৰা অলপ আগত নাগমন্দিৰত বাছখন ৰখায় সাধাৰণতে চাহ খাবলৈ৷ মই ড্ৰাইভাৰক ফোন কৰি খবৰ কৰোঁ, আছে নে গ’ল৷ আপুনি গাড়ী এখন লৈ খৰকৈ যাওক৷”

ততাতৈয়াকৈ মই ভান এখন ভাড়া কৰিলো৷ ইতিমধ্যে ৰাজকুমাৰে গম ল’লে, বাছ তাতে ৰৈ আছে৷ 

কিন্তু যিকোনো মুহুৰ্তত নাগমন্দিৰ এৰিব পাৰে৷ ভানত উঠিয়ে ক’লো,

“যিমান পাৰি সোনকালে ব’লা৷ বাছ ধৰিবগৈ লাগে৷”

ড্ৰাইভাৰ ওঠৰ-বিশ বছৰীয়া ল’ৰা এটা৷ একা-বেঁকা বাটেৰে ভান উৰিবলৈ লাগিল! আধাঘন্টাৰ পাহাৰীয়া বাট সি পোন্ধৰমিনিটত পোৱাই দিলেগৈ৷ বাছ দেখি মই স্বস্তিৰ নিশ্বাস পেলালো, ড্ৰাইভাৰৰ মুখত বিজয়ৰ হাঁহি ওলাল৷ বাছখনত লাম-লিকটু, খাং, বজাৰৰ সৰু-বৰ টোপোলাৰে মানুহ থেপা খাই আছিল৷ ড্ৰাইভাৰ মোৰ স’তে বাছলৈ আহি কোনোবা এজনক কৈ কেবিনত বহিবলৈ ঠাই উলিয়াই দিলেহি৷ সময়ত পোৱাই দিয়াৰ বাবদ দুগুণ ভাড়া লৈ সি সন্তোষৰ হাঁহি মাৰি গ’লগৈ৷ বাছৰ মানুহ তেতিয়াও চাহ খাই অহাই নাই৷ চাওঁতে চাওঁতে আধাঘন্টা পাৰ হ’ল৷ বাছ এৰাৰ নাম-গোন্ধই নাই৷ ভাবিলো, এই বাছখনৰ এনেয়ে ইমান বদনাম হোৱা নাই৷ সময়মতে কেতিয়াও নচলে৷ হাঁহিও উঠিল, এইখন বাছ ধৰিবলৈকে দুগুণ ভাড়া দি ভান উৰুৱাই আহিলোনে! সম্পূৰ্ণ এঘন্টা পোন্ধৰ মিনিট যোৱাৰ পিছত বাছ এৰিলে৷ 

কেবিনত যেনেতেনে কুঁচিমুঁচি বহি থাকি ভাবিলো, হওক তেও, অন্তত: আজিয়ে ঘৰ পামগৈ৷ পিছে ভবা কথা সিদ্ধি নহ’বলৈ সিফালে বাটত কণা বিধিয়ে অৱস্থান গ্ৰহণ কৰিলেই বুলি ভাবকে অহা নাই! অলপমান আগবঢ়াৰ পিছতে বাটৰ গতি লেহেমীয়া হ’বলৈ ধৰিলে৷ তথাপিও হেহোঁ-নেহোঁকৈ গৈ থাকিল৷ খন্তেক পিছতে জোকাৰণি এটা খাই বাছ হঠাতে ৰৈ গ’ল৷ মানুহবোৰৰ মাজত ভোৰভোৰণি উঠিল৷ ড্ৰাইভাৰক হিন্দীতে সুধিলো,

“কি হ’লহে? বাছৰ কিবা বেমাৰ লাগিল নেকি?”

তেওঁ বোলে, “জানো! চাব লাগিব৷”

ড্ৰাইভাৰ সাউতকৈ নামি গ’ল৷ বাছৰ চকা, ইঞ্জিণ ঘুৰি ঘুৰি পৰীক্ষা কৰিবলৈ লাগিল৷ মাজতে দেখিলো, মালবাহী ট্ৰাক এখন ৰখাই ডিজেল ল’লে৷ টেঙাৰ একমাত্ৰ তেল-ডিপোটো বন্ধ হোৱাৰ পৰা পেট্ৰল-ডিজেলৰ বেচা-কিনা এনেকৈয়ে ব্লেকত চলিবলৈ লৈছে৷ আধাঘন্টা মান যুঁজাৰ পিছত অৱশেষত বাছ ষ্টাৰ্ট হ’ল৷ তেতিয়ালৈ দুই বাজিলেই৷ ছুম’ত টেঙাৰ পৰা তেজপুৰ পাবলৈ মাথোঁ পাঁচঘন্টা লাগে৷ বাছে সাধাৰণতে ছয়-সাতঘন্টা লয় বুলি জানো, পিছে এইখনে যে কেতিয়া পোৱাবগৈ সন্দেহেই হ’ল৷

আকৌ অলপ যোৱাৰ পিছতে আকৌ একেই বেমাৰ৷ থমকি গৈ গৈ এঠাইত বাছ ৰৈ গ’ল৷ আকৌ ড্ৰাইভাৰ নামি গৈ হেলনীয়া বাটটোতে কোনোমতে বাছত ঠেকা-ঠেকুলি দি ইঞ্জিন পৰীক্ষা কৰিবলৈ লাগিল৷ বাছৰ মানুহবোৰে কি কৰোঁ নকৰোঁকৈ নামি আহিল৷ পাহাৰীয়া একা-বেঁকা বাটৰে কেকুঁৰি এটাত আমিবোৰ ৰৈ আছিলো৷ এফালে থিয় সেউজ পাহাৰ, বিপৰীতে দ খাৱৈ-দুৰলৈ আকৌ শাৰী শাৰী ডাৱৰে ঢকা সেউজ-নীলা পাহাৰ৷ বাটৰ কাষতে অকণমানি হোটেলএখন৷ হোটেল মানে কি আৰু, বাহঁৰ চাং ঘৰ এটাত তিনিযোৰ চকী-টেবুল৷ পুৱাই খাই অহা, ভোক লাগিছিলেই৷ তাতে বিস্কুটৰ পেকেট কেইটামান কিনি ল’লো৷ ইফালে সিফালে চাই আমিবোৰে বাট চাই ৰ’লো, বাছ ঠিক হ’লেই যামগৈ বুলি৷ পিছে দেৰঘন্টামান পাৰ হোৱাৰ পিছতো যেতিয়া বাছৰ ড্ৰাইভাৰৰ মুখমণ্ডলৰ সেই একেই ৰেহৰূপ দেখা পালো, আমি সকলোবোৰ উৎকন্ঠিত হৈ উঠিলো৷ দেখিলো, দুই একে বাছত যোৱাৰ আশা বাদ দি বাটেৰে অহা যোৱা কৰা গাড়ীলৈ হাত দাঙিছে৷ পিছে ইয়াত এনেয়ে গাড়ীৰ সংখ্যা সেৰেঙা৷ যিকেইখন আহিছে, প্ৰায়বোৰতে ঠাই নাই৷ হোটেলৰ অৰুণাচলী মানুহগৰাকীয়ে আগবাঢ়ি আহি বাট চাই ৰোৱা সকলোকে ক’লেহি,

“ইয়াত সন্ধিয়া কৰিলে দিগদাৰি হ’ব! বহুত ঠাণ্ডা পৰে৷ ওচৰে পাজৰে অন্য থকা ঠাইয়ো নাই৷ যি যেনেকৈ পাৰে বাটৰ গাড়ী ধৰি গৈ থাকক দেই৷”

কথা শুনি মানুহবোৰৰ মাজতো খদমদম লাগিল৷ কিছুমানে তললৈ মানে অসমলৈ যোৱা গাড়ী ৰখাবলৈ চেষ্টা কৰিলে৷ দুই একে অসমৰ পৰা উভতি অহা ছুম’ৰ ওপৰতে বহি টেঙালৈকে উভতি যাবলৈ আৰম্ভ কৰিলে৷ মই অলপ বিমূঢ় হৈ পৰিলো৷ আজিয়ে যোৱাটো যে জৰুৰী! হিচাপ কৰি চালো, ইয়াৰ পৰা ভালুকপুঙলৈ মোটামুটি তিনিঘন্টাৰ বাট৷ তাৰপৰা আকৌ তেজপুৰলৈ দুঘন্টা৷ গাড়ী পাই গ’লেও ৰাতি যে হ’ব খাটাং৷ ভাবিলো, যি পাওঁ টুকুৰা-টুকুৰিকৈয়ে যাওঁগৈ৷ লগত কোনোবা থাকিলে যিমানে পলম নহওক গাড়ী ভাড়া কৰিও গুচি যাব পাৰিম৷ 

বাটৰ কাষত ৰৈ গাড়ীলৈ হাত দাঙি থকা মানুহবোৰৰ লগ হ’লো৷ এখনমান ৰাখিলেই গাড়ীত উঠিবলৈ মানুহবোৰৰ মাজত দৌৰাদৌৰি লাগিবলৈ ল’লে৷ বেছিভাগ অৰুণাচলী মানুহেই খৰখেদাকৈ নিজৰ ভাষাতে কিবাকিবি কৈ উঠি ল’লে৷ মই বিবুদ্ধি হ’লো! এনেতে দেখিলো, টেঙাৰ পৰা অহা এখন ট্ৰাক ৰৈছে৷ দুজনী জনজাতীয় ছোৱালীয়ে ট্ৰাক ড্ৰাইভাৰৰ লগত কথা পতিছে৷ খন্তেক পিছতে দুয়ো উঠি ল’লে ড্ৰাইভাৰৰ স’তে৷ আমি দহ-বাৰজন মান যাত্ৰীয়েও গৈ আমাকো নিবলৈ অনুৰোধ কৰিলো৷ অলপ হেহোঁ-নেহোঁ কৰি শেষত ড্ৰাইভাৰে ক’লে,

“ট্ৰাক ভালুকপুঙলৈকেহে যাব৷ সন্মুখত ঠাই নাই ৷ পিছফালে মাল লো’ড কৰা আছে৷ তাতে যদি যাব খোজে উঠিব পাৰে৷ কিন্তু মাল নষ্ট হ’ব নালাগিব৷”

আমি একেষাৰতে মান্তি হৈ গ’লো৷ পিছে ট্ৰাকৰ পিছফালে লৰা-ঢপৰাকৈ উঠি লৈহে দেখিলোঁ, গোটেইখন কাৰ্টুনেৰে ভৰা৷ ড্ৰাইভাৰৰ সহযোগী ল’ৰাজনে আহি সকীয়াই দিলেহি,

“চব কাৰ্টুনতে বন্ধাকবি-বিলাহী আৰু মটৰ আছে৷ হেঁচা পৰিলেই নষ্ট হৈ যাব কিন্তু! সাবধানে থিয় হ’বলৈ ঠাই উলিয়াই লওক৷ কাৰ্টুনৰ ওপৰত ভুলতো যাতে কোনো নবহে!”

আমি মানুহ আছিলোঁ মুঠতে দহ-বাৰজনমান৷ তাৰে দুগৰাকী মহিলাৰ পিঠিত কাপোৰেৰে মেৰিয়াই লোৱা কেঁচুৱাও৷ উপায় নাপাই আমি আটাইবোৰে য’ত যিকণ ঠাই পালো, ভৰি থৈ আউজি ৰ’লো৷ ট্ৰাকে গতি ল’বলৈ আৰম্ভ কৰিলে৷ মই চুক এটাতে আউঁজি কেকুঁৰি বোৰত হামথুৰি নপৰাকৈ থাকিবলৈ চেষ্টা কৰিলো৷ ইমানেই কাৰ্টুন যে মোৰ এটা ভৰি এঠাইত, গাটো হলাই আনটো ভৰি দুটা কাৰ্টুনৰ মাজৰ অকণমান ফাঁকত ৰাখি ভীষণ অসুবিধাজনক ভাৱে থিয় দি ৰ’ৱ লগাত পৰিলো৷ চিকিমিকি হোৱাৰ লগতে হিমচেঁচা বতাহজাকৰ কোব খোৱাৰ পৰা বাচিবলৈ জেকেটৰ টুপীৰে যিমান পাৰোঁ মুখ ঢাকি ল’লো৷ বাকীকেইগৰাকী যাত্ৰীৰো অৱস্থা তথৈবচ৷ ট্ৰাকে ইউ টাৰ্ণ ল’লেই হালি নপৰিবলৈ আমিবোৰে সৰ্বশক্তিৰে লোহাৰ ৰ’ডডালতে খামুচি ধৰোঁ৷ চেচাৰ পৰা ভালুকপুঙলৈ পোৱা প্ৰতিটো কেকুঁৰিয়ে আমাৰ বাবে এটা প্ৰত্যাহ্বান হৈ থিয় দিলে যেন! যিটো বাটত আৰামেৰে বহি যাওঁতেও ছুম’ত আগছিট ল’বলৈ হেতা-ওপৰা কৰোঁ, সেই একেটা বাটতে এনেকৈ হালি-জালি উলমি যাওঁতে উপলব্ধি হ’ল সেই সুবিধাখিনিৰ মূল্য কিমান! সহযাত্ৰী কেইগৰাকীৰ সৈতে দুই-আষাৰ পাতি গম পালো, মই ভবাৰ দৰে তেওঁলোক পৰস্পৰৰ অচিনাকি নহয়৷ মোৰ বাহিৰে আটাইকেউজন একেলগে আহিছে৷ বিশ্বনাথ চাৰিআলিৰ চাহ-বাগান এখনৰ বনুৱা৷ তেওঁলোকৰো সিদিনাই গৈ পোৱাটো জৰুৰী৷ কিন্তু লগতে শুনিলো, ভালুকপুঙৰ অসম-অৰুণাচল চেক-গেট হেনো নিশা আঠ বজাতে বন্ধ কৰে৷ তাৰপিছত আৰু ইপাৰ-সিপাৰ হোৱা সম্ভৱ নহয়৷ এইবাৰ মোৰ সঁচাই চিন্তা লাগিল৷ ভাবিলো, কথমপি তাৰ আগতেই পাই গ’লেই হয়৷ ট্ৰাক যিমানেই তললৈ নামি গৈ থাকিল, মোৰ ঘড়ী চোৱাও ঘন হৈ গৈ থাকিল৷ মাজতে কেঁচুৱা লৈ অহা মাক এগৰাকীৰ মূৰ ঘুৰোৱাত আমি সকলোৱে মিলি ট্ৰাকৰ মূৰলৈ কাৰ্টুন চপাই-কোঁচাই বহাৰ ব্যৱস্থা কৰি দিলো৷ মাজে মাজে পিছফালে আহি কাৰ্টুনবোৰ পৰীক্ষা কৰি থকা ড্ৰাইভাৰৰ সহযোগী ল’ৰাজনে আপত্তি কৰিছিল, কিন্তু সকলোৰে অনুৰোধত তাৰো মন কুমলিল যেনিবা৷

অৱশেষত টিপি পালোহি৷ তেতিয়া সন্ধ্যা লাগি ভাঙিছে৷ বাটে-পথে যানবাহন প্ৰায় শূন্য৷ তাৰপৰা ভালুকপুঙলৈ মাত্ৰ পাঁচ কিলোমিটাৰ৷ স্বস্তিৰ নিশ্বাস পেলাই ভাবিলো, ৰক্ষা তেও, সময়তে পালোহি৷ পিছে ট্ৰাকখন গৈ তাৰে এটা ঘৰৰ সন্মুখত ৰৈ গ’ল৷ কি হ’ল সুধিবলৈ লওঁতেই দেখিলোঁ, ঘৰৰ পৰা এগৰাকী জনজাতীয় মহিলা ওলাই আহিছে৷ সহযোগী ল’ৰাজনে সাউতকৈ আহি বন্ধাকবিৰ দুটা কাৰ্টুন উঠাই নিলেহি৷ মহিলাগৰাকী আৰু তাৰ মাজত দাম-দৰ চলিল, বন্ধাকবিৰ পৰীক্ষা-নিৰীক্ষা চলিল৷ আমিবোৰে চুপ মাৰি ট্ৰাক চলালৈ বাট চাই ৰ’লো৷ এনেদৰে আৰু দুঠাইত বন্ধাকবি-বিলাহী বেচি ট্ৰাক ভালুকপুঙত সোমাওতে আঠ বাজি গ’ল৷ ভালুকপুঙৰ ডাঙৰ গুডাম এটাৰ সন্মুখত ট্ৰাক ৰয়গৈ মানে গম পালো, মোৰ সৈতে যোৱা দলটোৱে নিশাটোৰ বাবে তাতে ৰৈ দিয়াৰ সিদ্ধান্ত লৈছে৷ মই গাড়ী ভাড়া কৰি তেওঁলোককো লৈ যোৱাৰ কথা কোৱাত ক’লে,

“নাই নাই, আজি ‘ল’ডাৰ’ (অমংগল) লাগি গ’ল আৰু৷ মাকে-কেচুঁৱাই বহুত কষ্ট খালে৷ আজি আৰু যোৱা নাযায়!”

মুহুৰ্ততে তেওঁলোকে থকা ঠাই বিচাৰি ক’ৰবালৈ ঢাপলি মেলিলে৷ মই তাতে কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ গ’লো৷ লটি-ঘটি খাই আহিলোৱে যেতিয়া শেষ চেষ্টা এটা কৰি চাবৰ ইচ্ছা গ’ল৷ ভালুকপুঙত কোনো মানুহ, ঠাই তেনেকৈ চিনা-জনাও নাই৷ জনপ্ৰাণীহীন ঠাইখনত ইফালে সিফালে চাই দেখিলো, ট্ৰাকৰ সেই ল’ৰাজনে বস্তু সামৰি-সুঁতৰি যাবলৈ ওলাইছে৷ তাক সুধিলো, টেক্সি ষ্টেণ্ড কোনফালে৷ সি দেখুৱাই দিয়াৰ দিশত গৈ ট্ৰেক্সি ষ্টেণ্ড পালোগৈ৷ কিন্তু তাতো কোনো নাই৷ হয়তো নিশা গাড়ী ভাড়া নাযায়েই ইয়াত! মনটো যেন জেদী হৈ গ’ল৷ আজিয়েই যোৱাৰ কিবা উপায় পাঁৱেই নেকি বুলি চেক-গেটৰ ফালে খোঁজ ল’লো৷ গৈ দেখোঁ, গেট বন্ধ৷ কিন্তু দুই-এখন গাড়ী আৰ্মীৰ নিৰ্দেশত পাৰ হৈ গৈ আছে৷ গৈ চেক-গেটৰ আৰ্মীজনকে ধৰিলোগৈ গাড়ী বন্দবস্ত কৰাত সহায়ৰ বাবে৷ মোৰ সকলো কথা শুনি তেওঁ বুজনিৰ সুৰত ক’লে,

“মই কৈ দিলে কোনোবা গাড়ী ভাড়া কৰি যাব পাৰিবা কিজানি৷ কিন্তু এই ৰাতিখন ভালুকপুং-তেজপুৰ বাটটো অকণো নিৰাপদ নহয়! মোৰ কথা মানা, যদি অত্যন্ত জৰুৰী নহয়, আজি ইয়াতে ৰৈ দিয়া-কাইলৈ ৰাতিপুৱাই যাবাগৈ৷”

স্বয়ং তেৱেঁই তেনেকৈ সন্দেহ দেখুওৱাত মোৰ সকলো আশাত চেঁচাপানী পৰিল৷ নব্বৈ কিলোমিটাৰ বাট পাৰ কৰিবলৈ বাৰঘন্টা আৰু মই এতিয়াও ভালুকপুঙতে! ভাবিলো সঁচাই ‘ল’ডাৰ’ লাগি গ’ল নেকি আজি! সেমেকা মন এটা লৈ কাষৰে হোটেল এখনত ৰুম এটা ল’লোগৈ৷ ঘৰলৈ খবৰ দিলো, আজি নাপামগৈ৷ 

পিছদিনা ধলপুৱাতে ভালুকপুঙৰ পৰা প্ৰথম বাছখন ধৰিলো৷ তাতে মোৰ আগনিশাৰ সহযাত্ৰী কেইজনকো লগ পালো৷ ইন্টাৰভিউৰ দুঘন্টা আগত ঘৰ পাই গ’লোগৈ অৱশেষত আৰু ইন্টাৰভিউ ভালকৈ পাৰ হৈ গ’ল! শেষ ভালেই সকলো ভাল :)

Thursday, 11 December 2014

অন্ধবিশ্বাসৰ বলি ফেঁচা


ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিঁয়ৰি উঠে৷ সচৰাচৰ দেখা পোৱা চৰাই-চিৰিকটিবোৰৰ ভিতৰত লোকবিশ্বাসত ফেঁচাৰ আসনখন যেন কিছু বেলেগ- কিছু ৰহস্যময় আৰু শিহৰণকাৰী! ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ তেনেদৰে ফেঁচাৰ উৰুলি শুনি কাৰোবাৰ বিয়াৰ লগন পৰিছে বুলিও বহুতে ভাবে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷ অৱশ্যে, ভাৰতত হিন্দুৰ দেৱী লক্ষ্মীৰ বাহন হিচাপে শুকুলা ফেঁচাক জ্ঞান আৰু ঐশ্বৰ্য্যৰ প্ৰতীক বুলি মনা হয়৷ এই ফেঁচাবিধ ‘Barn owl’ বুলি ভবা হয়৷ 



প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ তাৰোপৰি গভীৰ নিশা ভাঁহি অহা ফেঁচাৰ বিশেষ মাতেও এক শিহৰণ জগায় তোলাতো স্বাভাবিক৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ এনে গছ সাধাৰণতে শ্মশানৰ ওচৰে পাজৰেও থাকে৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷ 

এন্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে ফেঁচা দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বত কমেও ১৫০ বিধ ফেঁচাৰ প্ৰজাতি আছে৷ ইহঁতৰ মাইকী চৰাইজনী মতাটোতকৈ সাধাৰণতে আকাৰত কিছু ডাঙৰ হয়৷ ফেঁচা প্ৰধানত: এবিধ নিশাচৰ চৰাই৷ ইয়াৰ শাৰিৰীক গঠনো অন্য চৰাইতকৈ যথেষ্ট বেলেগ৷ মুখখন ঘুৰণীয়া চেপেটা, বৃহৎ দুচকু আৰু ঠেং কেইখন নোমাল ৷ ফেঁচাৰ চকু দুটা ‘স্ক্লেৰ’টিক ৰিং’ নামৰ এক হাড়েৰে আবৰি থাকে বাবে ই কেৱল পোনে পোনেহে চাব পাৰে৷ কাষৰীয়াকৈ চাব লগা হ’লে সেয়ে ই মূৰটো ঘুৰাই চাব লাগে৷ তাৰ বাবে ইয়াৰ ডিঙি বিশেষভাবে অভিযোজিত, ফলত ই মূৰটো ২৭০ ডিগ্ৰীলৈকে ঘুৰাব পাৰে৷ তেনেদৰে নিশা চিকাৰ কৰিবৰ বাবেও ইয়াৰ শ্ৰবণ শক্তি অতি শক্তিশালী৷ এই অভিযোজনৰ বাবে ফেঁচাৰ কাণদুখন কেতিয়াবা অলপ তল-ওপৰকৈ থাকে৷ ফেঁচাই জীৱন্ত প্ৰাণী যেনে পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি সৰু স্তন্যপায়ী প্ৰাণীও চিকাৰ কৰি খায়৷ 

বহুতে ভাবে, ফেঁচাৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ প্ৰায়বোৰ চৰাইৰে মাতৰ উদেশ্য হ’ল, নিজৰ মাজত যোগাযোগ কৰা৷ মতাই মাইকী চৰাইক মুহিবলৈ সুললিত কন্ঠেৰে গান (bird song) গায়, এটা মতা চৰায়ে অন্য এটাক নিজৰ বাসস্থান বা টেৰিটৰীৰ ভিতৰত নোসোমাবলৈ সকীয়ায় দিওঁতে এবিধ বিশেষ মাত (territorial call) উলিয়ায়৷ তেনেকৈ শত্ৰুৰ আগমণৰ ইংগিত দিবলৈও চৰায়ে এবিধ বিশেষ মাত (alarm call) মাতে৷ ফেঁচাৰ ক্ষেত্ৰতো একে কথাই খাঁটে৷ 


অসমত বিশ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ অতীজৰে পৰা অসমকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই চৰাইবিধক মৃত্যুৰ সংবাদ বাহক বুলি গণ্য কৰি ‘Devil Bird’ নামেৰে জনা যায়৷ কিন্তু, ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ভাৰতত ঠাই বিশেষে প্ৰজনন কাল ভিন্ন যদিও অসমৰ ফালে ই ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ দেহৰ আকাৰ বৃহৎ আৰু সেই অনুপাতে কেৰ্কেটুৱা, বনকুকুৰা, ময়ুৰৰ পৰা পোৱালি সুগৰি পহুও ইহঁতে চিকাৰ কৰিব পাৰে৷ তেনেদৰে উৰুলিৰ দৰে গান গোৱা ফেঁচাবিধ হ’ল, Asian-barred Owlet৷ ইয়াৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ইহঁত নিশাচৰ নহয়, দিনৰ ভাগতহে বিশেষকৈ সক্ৰিয় হৈ থাকে৷ ইয়াৰ মাতো কেইবাবিধো বুলি জনা যায়৷



মৃত্যুৰ আগজাননী দিয়া বুলি অপবাদ পোৱা এই ফেঁচাৰ বৰ্তমান নিজৰ জীৱনৰে শংকা আহি পৰিছে মানু্হৰ এই অন্ধবিশ্বাসবোৰৰ ফলস্বৰূপে৷ TRAFFIC নামৰ বন্যপ্ৰাণীৰ বেহা নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ঠাইত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰা ফেঁচাৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ দীপাৱলীৰ দিনা হিন্দু পৰম্পৰা মানি বহুতে ফেঁচা বলি দিয়ে৷ ফেঁচাৰ দেহৰ বিভিন্ন অংশ চোৰাং ভাৱে মিছা ঔষধি মূল্যৰ বাবে বিক্ৰী হয়৷ তেনেদৰে ৰাইজক আভুঁৱা ভৰা তান্ত্ৰিক-বাবা জাতীয় লোকেও ফেঁচাৰ পাখি, চকু, কণী আৰু অন্যান্য অংগ প্ৰত্যংগ ব্যৱহাৰ কৰে৷ 


এই নিমাখিত চৰাইবিধে মানুহৰ অপকাৰ সধা দূৰৰে কথা, বৰং ই মানুহৰ বসতিস্থলৰ পোক-পতংগ, নিগনি আদি চিকাৰ কৰি প্ৰাকৃতিকভাৱে মহামাৰী নিয়ন্ত্ৰণৰ কামহে কৰে ৷ সেয়ে ই খাদ্যজালৰ সমতা ৰক্ষা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ খেতি-প্ৰধান অঞ্চল এটাত ফেঁচাই উৎপাদন বৃদ্ধিতো বহুলাংশে সহায় কৰিব পাৰে৷ পুৰণি কালত বতাহ-বৰষুণলৈকো ভয় কৰা মানুহৰ সমাজ এখনত অজ্ঞানতাৰ আন্ধাৰত জন্ম হোৱা এইবোৰ অন্ধবিশ্বাসৰ পৰা আধুনিক সমাজ মুক্ত নোহোৱাতো অতি পৰিতাপৰ কথা৷ ৰাইজ সচেতন নহ’লে সংকটৰ গৰাহত পৰা অন্য বহুতো আপুৰুগীয়া জীৱ-জন্তু, চৰাই চিৰিকটিৰ দৰে এই চৰাইবিধো অদুৰ ভৱিষ্যতে এদিন হেৰাই যাব৷