Sunday, 5 March 2023

এলবাৰ্টা ১০১

এডমণ্টন। কানাডাৰ পশ্চিমমূৰৰ এলবাৰ্টা নামৰ প্ৰদেশখনৰ ৰাজধানী চহৰ। নতুনকৈ এই মহানগৰীত মোৰ এটা ঠিকনা হৈছে। চৰকাৰী চাকৰিয়াল হিচাপে এটা নতুন জীৱনৰ আৰম্ভণি হৈছে। ভেনকুভাৰৰ পূৰ্বৰ ঠিকনাটোৰ মায়া এতিয়াও যোৱা নাই। তাত এৰি অহা পৰিচিত জীৱনটোৰ সুগন্ধি তেতিয়াও মোৰ দেহ-মনৰ পৰা আঁতৰা নাই।

শৰতৰ আবেলি এটা। বন্ধু মেট আৰু টিগানৰ ঘৰত আড্ডা বহিছে। কথা প্ৰসংগত অন্য দিনাৰ দৰেই দুয়ো উনুকিয়ালে, শীত আহি আছে। সোনকালে সকলো গিয়েৰ কিনাৰ দৰকাৰ। অহাৰ দিনাৰে পৰা চিনাকি-অচিনাকিজনৰ পৰা এই কথাষাৰেই শুনি আহিছোঁ যেন, 'শীত আহি আছে!' 

সুধিলোঁ সেয়ে। কি কি উইণ্টাৰ গিয়েৰ লাগিব?

'এটা উমাল জেকেট লাগিব।' টিগানে তপৰাই কোৱাদি ক'লে।

'আছেতো!'

'আঠুলৈকে পৰা? -৫০ ডিগ্ৰীতো উম দিব পৰা?'

-৫০ ডিগ্ৰী!! মই মূৰ জোকাৰিলোঁ।  তাই কৈ গ'ল,

'বুটজোতাও লাগিব। একেই। -৫০ ডিগ্ৰীৰ কাৰণে বিশেষভাৱে নিৰ্মিত।'

মেটে যোগ দিলে, 'থাৰ্মেল ৱেৰ, ঊলৰ টুপী, মাফলাৰ, মোজা, গ্ল'ভছ, মিটেন...'

'মিটেন কিয়?'

দুয়ো হাঁহিলে। হয়তো মোৰ অনভিজ্ঞতা দেখি অকণমান পুতৌও উপজিল।

টিগানে সহানুভূতি সনা সুৰ এটাৰে ক'লে,' কেৱল হাত মোজাৰে ইয়াত ঠাণ্ডা নুগুচে। তাৰ ওপৰত আকৌ মিটেন পিন্ধিব লগা হয়। মিটেনত হাতৰ আঙুলীবোৰ একেলগে থাকে কাৰণে উমো বেছি।'

'গোটেইবোৰ ফ্লিচ লাইনড হ'ব লাগিব দেই। তাৰ পিছতো ঠাণ্ডা লাগি থাকিলে হেণ্ড আৰু ফুট ৱাৰ্মাৰো লাগিব।' মেটে তাৰ ভৰিৰ পায়জামা কোঁচাই তাৰ তলত পিন্ধি থকা ফ্লিচ লাইনড থাৰ্মেল পেণ্ট দেখুৱালে।

ভিতৰি মোৰ মনটো অলপ চমকি উঠিল। যোৱা দহ বছৰ মান ঠাণ্ডা দেশতে কটাইছোঁ। মেট আৰু টিগানৰ সৈতেই চাৰিটা বছৰ ইংলেণ্ডত আছিলোঁ। কেতিয়াও এনেদৰে শীতৰ বাবে যা-যোগাৰ কৰা মনত নপৰে। 

'ইংলেণ্ডৰ লগত ইয়াৰ শীতকাল নিমিলে দেই। ভেনকুভাৰ আৰু এডমণ্টনৰ বতৰৰো আকাশ-পাতাল পাৰ্থক্য।' টিগানে যেন মোৰ মনৰ ভাৱ বুজিয়ে ক'লে।

'সেইবোৰ ঠাইত বছৰত কেইটামান দিন মাথোঁ বৰফ পৰে। এডমণ্টনত পাঁচ-ছমাহলৈ বৰফৰ দলিচা নাঁতৰে।'

মোৰ শুকাই যোৱা মুখখন দেখিয়ে কিজানি মেটে ক'লে,

'লাহে লাহে ইয়াৰ বতৰতো অভ্যস্ত হৈ পৰিবা। বৰফ থকা দিনবোৰতো বাহিৰত বহুত খেল খেলিব পাৰি। আমি আছোঁ নহয়। এইবাৰ একেলগে স্ফূৰ্ত্তি কৰিম।'

আমাৰ কথাবোৰ শুনি থকা কণমানি তিলে মাত দিলে,

'আমি একেলগে স্কেটিং কৰিম, স্কি কৰিম। তুমি মোক শ্লেডিঙ কৰাবা। কিমান স্ফূৰ্ত্তি লাগিব!'

তিল মেট আৰু টিগানৰ ছোৱালী। আঠবছৰীয়া তিলৰ মই অহাক লৈ উত্তেজনাৰ শেষ নাই। তাইৰ উৎসাহত সঁহাৰি দি হাঁহি হাঁহি ক'লোঁ, 'অঁ অঁ, কৰিম। কিয় নকৰিম!'

সিদিনা পিছে ঘৰলৈ উভতাৰ পৰত ভাৱিলোঁ, এইটো যেন সঁচাই এক নতুন জীৱন, এটা নতুন লাইফ ষ্টাইল। পাৰিমনে? জীৱনৰ এই নতুন ধৰণটো আপোন কৰি ল'ব পাৰিমনে? একো উত্তৰ নাপালো। কিন্তু সেইদিনাৰ পৰা সঁচাই শীতৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ ।

ফটো: এলবাৰ্টা প্ৰাউড গোট

নৱেম্বৰ মাহৰ এটি সুকোমল পুৱা।

'তুমি ঠিকে আছানে? বৰফ দেখি চক খোৱা নাইতো?'

ৰাতিপুৱাই ফোনত তিলৰ উত্তেজনা ভৰা মাতটো ভাঁহি আহিল। কালি নিশা প্ৰথমবাৰৰ বাবে ইয়াত বৰফ পৰিল। শীতৰ আৰম্ভণি বুলি এডমণ্টনে যেন সকলোকে সোঁৱৰাই গ'ল।

খিৰিকীৰ পৰ্দা টানিয়ে দেখা পালোঁ, সকলো ফালে শুকুলা বৰফৰ দলিচা। লঠঙা গছৰ ডাল, বাট-পথ, আনকি মোৰ ঘৰৰ বাৰাণ্ডালৈকে বৰফ!

'স্ন' শ্ব'ভেলিং কেতিয়া কৰিব লাগে?'

মেট-টিগানলৈ মেচেজ কৰিলোঁ।

প্ৰত্যেকেই নিজৰ ঘৰৰ সন্মুখৰ পদপথটোৰ বৰফ আঁতৰাব লাগে। সেয়াই স্ন' শ্ব'ভেলিং। এয়া মিউনিচিপালিটিৰ নিয়ম।

'বৰফ পৰাৰ পিছত যিমান পাৰি সোনকালে কৰিলে ভাল। আঁতৰাবলৈ সহজ।' টিগানে ক'লে।

'আৰু একেৰাহে বৰফ পৰি থাকিলে?'

'তেতিয়া যিমান পাৰি ঘনাই কৰিব লাগে। কেতিয়াবা দিনটোতে কেইবাবাৰো কৰিব লগা হয়।'

'বৰফ পৰাৰ ৪৮ ঘণ্টাৰ ভিতৰতে স্ন' শ্বভেলিং নকৰিলে মিউনিচিপালিটিয়ে জৰিমণাও ভৰাব পাৰে। বাটেৰে খোজকাঢ়ি যোৱা মানুহৰ কষ্ট হয় যে।' মেটে যোগ দিলে।

ইউ টিউবতে স্ন' শ্ব'ভেলিঙৰ 'ক্ৰেছ ক'ৰ্ছ' এটা কৰি গায়ে-মূৰে উমাল কাপোৰ লৈ ওলাই গ'লো। শীতক লৈ তিলৰ উত্তেজনাখিনি মোলৈকো যেন বিয়পিল। 

বৰ উলাহেৰে বেলচা এখনেৰে ঘৰৰ সন্মুখৰ বাটটোৰ বৰফবোৰ ঠেলি নিলোঁ। মোৰ ঘৰৰ সীমাৰ পোনে পোনে পদপথৰ অংশটোৰ বৰফ আঁতৰাই মুকলি কৰি পেলালোঁ।

সেয়াই আৰম্ভণি। তাৰপিছত এই কামটো হৈ পৰিল মোৰ দৈনন্দিন জীৱনৰ এটা অংগ। আগৰ সেই শিহৰণ, সেই মাদকতাৰ সলনি স্ন' শ্ব'ভেলিং হৈ পৰিল এক ৰুটিন। এলবাৰ্টাৰ নতুন জীৱনৰ এক গতানুগতিকতা।



প্ৰথম দিনাৰ স্ন' শ্ব'ভেলিং

Sunday, 26 February 2023

সংযোগ (চুটিগল্প)

ৰেষ্টোৰাঁখনৰ ঠিক সন্মুখতে থিয় দি ফাৰহানাই ফোনটো উলিয়াই চালে—তিনি বাজিবলৈ এতিয়াও দহ মিনিট বাকী। বিনীতক ইয়াতে ঠিক তিনিবজাত লগ পোৱাৰ কথা। ক'ৰবালৈ যাবলৈ থাকিলে তাই প্ৰায়ে সময়তকৈ আগেয়ে সেই ঠাই ওলায়গৈ; আজিও তাৰ ব্যতিক্ৰম নহ'ল। তাইৰ দৰে সিও আগতীয়াকৈ আহি ৰৈ আছেহি নেকি বাৰু? কথাটো মনলৈ অহাৰ লগে লগে তাই সন্তৰ্পণে ইফালে-সিফালে চালে। 

চাৰিওদিশে মুম্বাইৰ আবেলিৰ চিৰাচৰিত ব্যস্ততা। সন্মুখৰ পথত অলেখ অসংখ্য গাড়ী-মটৰ, স্কুটাৰ-চাইকেল আৰু পদচাৰীৰ অন্তহীন সোঁত।বাটৰ সিপাৰে এজন বেপাৰীয়ে পাউ ভাজি কৰিছে। তাৱাৰ পাউৰুটীত বাটাৰৰ টুকুৰাবোৰ ফিচ্‌ ফিচ্‌ শব্দ কৰি গলিছে। প্ৰকাণ্ড কেৰাহীখনৰ আলু আৰু বিলাহীৰ ৰঙা মছলাত বুদ্বু‌দনি উঠিছে। কাষতে থিয় দি সেই পাউ ভাজিৰ সোৱাদ লোৱাত ব্যস্ত দুজনমান গ্ৰাহক— যেন ইমান ব্যতিব্যস্ততাৰ মাজতো এই মুহূৰ্তটো কেৱল তেওঁলোকৰে।

বিনীত যেন লগা কাকো চকুত নপৰিল। দেখিলেও জানো তাক চিনি পাব? তাই ফোনত বিনীতৰ ফটোখন আকৌ এবাৰ চালে। হাহোঁ নাহাহোঁকৈ থকা এখন মুখ— ডাঠ চেলাউৰিৰ তলত গম্ভীৰ দুচকু, কাণৰ তললৈকে পৰা কেকুৰা চুলি। বাম্ব'ল নামৰ ডেটিং এপটো খুলি আন ফটো দুখনতো চকু ফুৰালে। এেখনত সাগৰৰ ঢৌৰ সন্মুখত বিনীতৰ হাঁহিভৰা মুখ; আনখনত ঘৰুৱা পৰিৱেশৰ ক্ল'জ আপ। প্ৰতিখনতে যেন এক ভিন্ন ব্যক্তিত্ব, ভিন্ন আৱহাৱা।

অগ্যতা মেচেজ লিখিলে— তাই সোনকালেই আহি পাইছেহি বুলি। তাৰ পিছত নিজৰ অজানিতেই পুৰণি মেচেজবোৰ পঢ়ি চালে। মাথোঁ দুসপ্তাহৰ আগৰ অনলাইন চিনাকি। প্ৰথমে বিনীতেই দুই এটা কথা সুধিছিল। সৌজন্যসূচক কথা-বতৰাৰ পিছত সি কৈছিল—  অনলাইন কথা পতাৰ সলনি মুখামুখিকৈ লগ পাব খোজে। ডিজিটেল পৃথিৱীত আন্তৰিকতাৰ সুবাস বিচৰাত এতিয়াও অসহজ ফাৰহানা; তথাপিও কিবা এক টানত যেন মান্তি হৈছিল।

কিছুপৰলৈ একো উত্তৰ নাপাই তাই ৰেষ্টোৰাঁলৈ সোমাব খুজি আকৌ ৰৈ গ'ল। বিপৰীত দিশৰ পৰা খোজেৰে আহি থকা এজন যুৱকে তাইলৈ চাই হাত দাঙিছে। মুখৰ স্মিত হাঁহিটোতে ফাৰহানাই চিনিলে— সেয়া বিনীত! ফটোৰ দৰেই কিছু দীঘল কেকুৰা চুলি। মূৰৰ সোঁমাজত এটা পনিটেইল, দুয়োকাষৰ চুলি চুটিকৈ কটা। শুধ বগা টিচাৰ্টত নীলা এক অবোধ্য আঁক বাঁক,গাঢ় নীলা ডিছট্ৰেছ্ড‌ জিনছ—  এক নিজস্ব ষ্টাইল।

বিনীতে ইংৰাজীতে সম্ভাষণ জনাই ক'লে, অলপ দেৰি হৈ গ'ল নহয়? তাই যেন বেয়া নাপায়। সিহঁত যেন বহুদিনৰ চিনাকি তেনে এটা ভাৱেৰে সি ক'লে। ফাৰহানাই এক স্বস্তিৰ নিশ্বাস পেলালে। ভাৱ হ'ল, এই ল'ৰাজনৰ সৈতে মুকলিকৈ কথা পাতিব পাৰি; নিশ্চিন্তে একেলগে বহিব পাৰি। সেই স্বস্তিৰ উৎস কি, তাই নিজেও বুজিব নোৱাৰিলে। 

দুয়ো ৰেষ্টোৰাঁলৈ সোমাই যোৱাৰ পৰত বিনীতে মিঠা হাঁহি এটাৰে ক'লে, তাইক বৰ ধুনীয়া দেখাইছে! ফাৰহানাৰ দেহত এটা কুহুম বৰণীয়া ড্ৰেছ। তাৰ ওপৰত ডাঠ নীলা ডেনিমৰ জেকেটটো। প্ৰথম ডেট বুলিয়ে মুখত কিছু প্ৰসাধন। বিনীতৰ কথাষাৰে তাইৰ মুখখন ৰাঙলী কৰি পেলালে। মূৰৰ পৰা ভৰিৰ আঙুলীলৈকে যেন এটা মৃদু শিহৰণ বৈ গ’ল। হাঁহি এটাৰে তাই ক’লে, “থেংক ইউ।”

ৰেষ্টোৰাঁৰ এচুকৰ দুজনীয়া টেবুলখনত সিহঁত মুখামুখিকৈ বহিল। বিনীতে মেন্যুখন হাতত লৈ চকু ফুৰালে। সেই সুযোগতে ফাৰহানাই আঁৰ চকুৰে তালৈ দুবাৰমান চালে—যেন সেই মুখখনত আপোনত্বৰ কিবা এক চানেকিৰ সন্ধান কৰিলে। উদ্বেলিত মনত একেটাই প্ৰশ্ন। ভাৱিব পাৰিনে এনেকৈয়ে কাৰোৱাক জীৱনসংগী কৰাৰ কথা? এনেকৈয়ে দুটা সমান্তৰাল বাট মিলি যোৱাৰ কথা?

বিনীতে মূৰ তুলি চাওঁতে দুয়োৰে চকুৱে চকুৱে পৰিল। তাইৰ অপ্ৰস্তুত ভাৱটো লক্ষ্য নকৰা যেন দেখুৱাই সি সুধিলে, কি খাব খোজে? তাৰ পিছত নিজেই পৰামৰ্শ দিলে—ভিণ্ডালু খাই চাবলৈ। মুম্বাইৰ অন্য কোনো ঠাইতে ভিণ্ডালুৰ এনে সোৱাদ বিচাৰি পাবলৈকে টান।

সি ইয়ালৈ প্ৰায়ে আহে নেকি—  ফাৰহানাই সুধিলে। সশব্দে হাঁহি সি ক'লে, ঠিকেই ধৰিছে তাই। ভিণ্ডালুৰ টানতেই প্ৰায়ে সেই ৰেষ্টোৰাঁলৈ আহিছে। মাথোঁ নক'লে, এই ঠাই তাৰ আৰু প্ৰিয়দম্বাৰ প্ৰিয় ঠাই আছিল; এৰা-এৰি হোৱাৰ পিছত সি বহুদিনৰ মূৰত আজিহে তাত পুনৰ ভৰি থৈছেহি।

ফাৰহানায়ো নক'লে—  ইয়াৰ পৰা যে তাইৰ এপাৰ্টমেণ্টলৈ খোজেৰে মাথোঁ দহমিনিটৰ বাট।তাই বহুবাৰ ইয়াৰ খাদ্যৰ জুতি লৈছে। কিন্তু আগতে কেতিয়াও বিনীতৰ সৈতে দেখাদেখি হোৱা মনত নপৰে। কোনে জানে, বহুবাৰ হয়তো এই ৰেষ্টোৰাঁৰ আশেপাশে সিহঁত ইটোৱে সিটোৰ কাষেৰে পাৰ হৈ গৈছে। মহানগৰীৰ ভিৰত হয়তো অজানিতে ইটোৱে সিটোৰ কান্ধত খুন্দা এটা মাৰি গৈছে। তেনেকৈ লগ পায়ো নোপোৱা হৈ শেষত সিহঁত কিজানি মুখামুখি হৈছেগৈ ডিজিটেল পৃথিৱীখনত! 

খাদ্য অহালৈ গতানুগতিক চিনাকি পৰ্ব চলিল। ফাৰহানা অসমৰ নহয় জানো—বিনীতে সুধিলে। তাৰ এজন বন্ধুৰ ঘৰ গুৱাহাটীত। বন্ধুৰ লগতে কেইবাৰমান অসমলৈ গৈছে। অঁ হয় নেকি! তাই পিছে শিৱসাগৰৰহে। মাথোঁ এবছৰ আগতেহে অসম এৰি আহি মুম্বাইত চাকৰি লৈছেহি। বিনীত মাৰাঠী ল'ৰা। বাংগালোৰত ডাঙৰ হৈছে।োবাংগালোৰ এৰি মুম্বাইলৈ অহা এয়া আঠবছৰেই হ'বৰ হ'ল! সি সযতনে মনতে সামৰি থ'লে, প্ৰথম দেখাতেই যে ফাৰহানাক তাৰ ভাল লাগি গৈছে। অনলাইন আৰু অফলাইন- দুয়োখন পৃথিৱীতে। কিন্তু অভিজ্ঞতাই শিকাইছে, এই প্ৰথম আবেগ কেতিয়াবা বৰ ক্ষণস্থায়ী - পলকতে বতাহত মিলি যাব পৰাকৈ এক ক্ষণিকৰ স্পৰ্শ যেন।

এনেতে ৱেইটাৰে ডহী পুৰীৰ প্লেটখন থৈ গ'ল। ঘুৰণীয়া পুৰীকেইটাৰ ভিতৰত আলু পিটিকা, তাৰ ওপৰত মিহিকৈ কুটা পিয়াজ, ধনীয়া, বিলাহী আৰু ভূজীয়া—একেবাৰে ওপৰত উপচি পৰা দৈ। কথাৰ মাজতে ফাৰহানাকো ল'বলৈ কৈ বিনীতে বৰ তৃপ্তিৰে এটা ডহী পুৰী মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলৰ চিকুণ দাঢ়িখিনিত অলপ দৈ লাগি গ’ল। ডহী পুৰী হাতত লৈও ফাৰহানাৰ চকু সেইখিনিতেই থমকি ৰ’ল। বহু চেষ্টা কৰিও দৃষ্টি আঁতৰাব নোৱাৰিলে। নিজকে মনতে কিছু ভৰ্ৎসনা কৰি তাই সংকোচেৰে কৈ পেলালে—

“বিনীত, তোমাৰ মুখত অলপ দৈ লাগি আছে।”

বিনীত ক্ষন্তেকৰ বাবে ৰ’ল, তাৰ পিছত অকণো বিব্ৰত নোহোৱাকৈ হাঁহিলে। নেপকিন এখন টানি লৈ মুখখন মোহৰিলে। তাৰপিছত সুধিলে, গ'লনে এতিয়া? হা অঁ,  আৰু অলপ ওপৰলৈ… অঁ, তাতে। তাৰ ওঁঠযুৰিলৈ তেনেকৈ চাই থাকি ফাৰহানাৰ মুখখন ৰঙা পৰিল।

'অঁ কি কৈ আছিলোঁ?' সি আকৌ কথাৰ আঁত ধৰিলে। 

খোৱা সামৰালৈকে সিহঁতৰ কথা-বতৰা চলিল। আগতেও ফাৰহানাই এনেদৰে অনলাইন পৰিচয়ৰ সূত্ৰ লৈ ভিন্নজনৰ সৈতে বহিছে— একেলগে খাইছে, কথা পাতিছে, কেতিয়াবা অস্বস্তিকৰ নীৰৱতাত উজুটিও খাইছে। আজিও তাৰ ব্যতিক্ৰম নহ'ল। 

কিন্তু প্লেটবোৰ লৈ ৱেইটাৰ আঁতৰি যোৱাৰ পিছত দুয়ো হাত টেবুলত থৈ তাইৰ ফালে কিছু হাউলি বিনীতে সুধিলে, 'ফাৰহানা, কথা এটা সোধোঁ।' 

ফাৰহানাই হাতৰ নেপকিনখন থৈ তালৈ চালে। কি সুধিব খুজিছে সি? তাইৰ অতীত সম্পৰ্ক? বিয়া? নে পৰিয়ালৰ কথা?  ইয়াৰ আগতেও তাই বহু প্ৰশ্নৰ মুখামুখি হৈছে। যেন তাই অভ্যস্ত হৈ পৰিছে।

'তুমি আচলতে কি বিচাৰা?' 

তাই থতমত খালে। মানে?

'জীৱনত কি বিচাৰা তুমি?' 

এইটো প্ৰশ্ন তাইক কোনেও সোধা নাই। সাধাৰণতে চখ, কাম বা পৰিয়াল-বন্ধু-বান্ধৱৰ কথা পাতে। কিন্তু সকলোৰে আঁৰত উখল মাখল লগাই থকা এই প্ৰশ্নটো সুধিবলৈ কাৰো যেন সাহস নহয়।  

তাই নীৰৱে থকা দেখি সি যেন সহজ কৰিবলৈকে ক'লে,

'ধৰা, অজিৰ পৰা দহবছৰৰ পিছত তুমি নিজৰ জীৱনটো কেনেকৈ কল্পনা কৰি ভাল পোৱা?'

'চাকৰিৰ ইণ্টাৰভিউত এনে প্ৰশ্নৰ উত্তৰ  দিছোঁ। কিন্তু নিজৰ জীৱনত কি বিচাৰোঁ সেয়া কেতিয়াও সুধি চোৱা নাই।কোনে জানে, তেতিয়ালৈ জীয়াই থাকিম বা নাথাকিম!' 

ফাৰহানাই হাঁহিলে। যেন হাঁহিৰ আঁৰত লুকুৱাব খুজিলে তাইৰ দেহ-মনলৈ অহা শিহৰণটো, হৃদয়লৈ মুকলি হ'ব খোজা বাটটো। 

কিন্তু বিনীতৰ দুচকুত তেতিয়াও প্ৰশ্নটো ওলমি থাকিল। অগ্যতা তাই ক'লে, যোৱা পঁচিছ বছৰে পৰিয়ালৰ মাজত একেখন ঠাইতে থাকি তাই এটা সপোন দেখিবলৈ আৰম্ভ কৰিছিল। সেই সীমিত পৰিধিৰ সিপাৰে থকা পৃথিৱীখন চোৱাৰ। তাই ফুৰিব বিচাৰে। নতুন ঠাইৰ নতুন অভিজ্ঞতাবোৰৰ কথা লিখিব বিচাৰে। তাইৰ বহুদিনীয়া সপোন, ট্ৰেভেল ৰাইটাৰ হোৱা!

বিনীতে একমনে শুনিলে। তাই কোৱা প্ৰতিটো শব্দ যেন সি বুকু পাতি ধৰিলে। তাৰ পিছত ক'লে, সিও ফুৰি ভাল পায়। সেই হেঁপাহতেই বাংগালোৰ এৰি আহিছিল। কিন্তু এতিয়া লাহে লাহে কোনোবা এঠাইত ঘৰ পতাৰ হেঁপাহটো বাঢ়ি আহিছে। নিজাকৈ এখন ঘৰ, ল'ৰা-ছোৱালীৰে সৈতে এখন সুখৰ সংসাৰৰ সপোন তাৰ। 

ফাৰহানা নীৰৱে ৰ'ৱ নোৱাৰিলে। নাই, তাই এতিয়াই ল'ৰা-ছোৱালীৰ কথা ভাৱিব নোৱাৰে। পৰিয়ালৰ আৱেষ্টনীৰ পৰা ওলাই নিজাকৈ জীৱনটো গঢ়িবলৈ লৈছেহে। ল'ৰা-ছোৱালীৰ কথা ভৱাৰ আগতে বহুত কৰিবলৈ আছে, বহুত চাবলৈ আছে, বহুত শিকিবলৈ আছে। সেই যাত্ৰাত তাই মাথোঁ এজন সংগী বিচাৰে। 

দুয়োৰে হাঁহিত কিছু মোলান পৰিল। যেন এটা নতুন বাট মুকলি হোৱাৰ আগতেই চাট্‌ কৈ জপনাখন বন্ধ হৈ পৰিল। তথাপি হয়তো সেই সম্ভাৱনাৰ বতাহছাটিয়ে সিহঁতক সহজে লগ এৰা দিব নুখুজিলে। সেয়ে কথা-বতৰা চলি থাকিল।

ইতিমধ্যে সিহঁতৰ চাৰিওফালৰ টেবুলবোৰত নতুন মুখ কিছুমানে ভিৰ কৰিলেহি। বিনীতে দীঘলকৈ এটা উশাহ টানি ফাৰহানাৰ চকুত চকু থৈ ক'লে, 'তেন্তে? ইয়াৰ পৰা ক'লৈ?' 


ফাৰহানাই এপলক সেই চকুযুৰিলৈ চালে। তাৰ মিচিকিয়া হাঁহিত মুদ খাই যাব খোজা চকুযুৰিত যেন এজাক ৰ'দৰ তিৰবিৰণি। সিহঁতে জানি গৈছে, সিহঁতৰ সপোনবোৰৰ ৰং ভিন্ন। সেই ৰঙেৰে যুগ্ম জীৱনৰ ৰামধেনু গঢ়াৰ কথা ভাৱিব নোৱাৰি। কিন্তু এই ল'ৰাজনক ভালকৈ জনাৰ হেঁপাহটোও যেন তীব্ৰ হৈ আহিছে!

তাই একো নোকোৱা দেখি বিনীতেই ক'লে, 'অলপ খোজ কাঢ়িবা? জুহু বীচ্চত?' তাই মূৰ দুপিয়ালে। দুয়ো কেফেৰ বাহিৰ হ'ল। 

আবেলিৰ ৰাঙলী বেলিয়ে মুম্বাইৰ আকাশত ফাকু খেলিছে তেতিয়া। সেয়া উপভোগ কৰিবলৈকে হয়তো সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ শাৰী শাৰীকৈ থকা ফাষ্ট ফুড ষ্টলবোৰত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ ইমান মানুহ, ইমান আড়ম্বৰ!

বালিত ভৰি থৈয়ে ফাৰহানাই চেন্দেলযোৰ খুলি ল'লে। বিনীতেও। দুয়োৰে ভৰিৰ পতাই বালি স্পৰ্শ কৰিলে। গালে-মুখে হাত বুলাই গ'ল সাগৰীয় চেঁচা বতাহজাকে। আস্‌ কি অপূৰ্ব সেই আমেজ!  কিছু বিভোৰ হোৱাদি হৈ দুয়ো মানুহৰ ভিৰ এৰি কিছু শান্ত তীৰ এটালৈ খোজ দিলে। খোজৰ লগে লগে অনুভৱৰ ঢৌবোৰে উঠা-নমা কৰিলেহি। তাৰ কিছুমানে শব্দৰ ৰূপ ল'লে। কিছুমানে নিশব্দে খলকনি তুলি তুলি ৰৈ গ'ল। দুয়োৰে মনত।

'মই বৰ কষ্টত উঠা, জানা ফাৰহানা। মদাহী দেউতা, সকলো কষ্ট-অত্যাচাৰ সহি নিমাতে ৰোৱা মা। প্ৰত্যেক ৰাতি দেউতাৰ ভয়ত তাপ মাৰি ৰোৱা দাদা আৰু মই সপোন দেখিবলৈ লৈছিলোঁ সেই অশান্তিৰ পৰা ওলোৱাৰ।নিজাকৈ এটা সুখী পৰিয়াল গঢ়াৰ। সেই সপোনটোৱেই আমাক কিজানি শক্তি দিছিল। সকলো কষ্ট সহিও পঢ়িবলৈ, নিজৰ ভৰিত থিয় দিবলৈ।'

কৈ কৈ বিনীত এচটা শিলত বহি পৰিল। আকাশৰ মুঠি মুঠি ৰং বোৰ যেন তাৰ মুখত পৰিলহি। নীৰৱে তাৰ কাষতে ফাৰহানা বহি পৰিল।

'দাদাৰ এতিয়াৰ সুখৰ সংসাৰখন দেখি বৰ ভাল লাগে। তেনেকুৱা সুখী পৰিয়াল এটাৰ কাৰণে মোৰ হেঁপাহটোও তীব্ৰ হৈ উঠে।' বিনীতে লাহেকৈ ক'লে।

সিহঁতৰ সন্মুখত জুহুৰ ৰাশি ৰাশি বালি। তাৰ সিপাৰে সৰু-বৰ ঢৌৱে কঁপাই থকা সাগৰৰ বুকু।ফাৰহানাৰ তাক বহু কথাই সুধিবৰ মন গ'ল। জানিবৰ মন গ'ল সেই নিদাৰুণ শৈশৱৰ কথা, সেই অন্ধকাৰত ৰ'দ এছাটি হৈ উজ্বলি উঠা সপোনটোৰ কথা।

কিন্তু তাই একো নুসুধিলে। মাথোঁ ক'লে, 'মই বিচাৰোঁ সুখে দুখে লগ দিব খোজা আপোন কাৰোবাক। যাৰ সমগ্ৰ পৃথিৱীৰ বিপৰীতে হ'লেও মোৰ কাষত থিয় দিয়াৰ সৎ সাহসখিনি আছে।' 

তাইৰ মাতটো কিছু কঁপিল— ঘাত-প্ৰতিঘাতৰ বুকু ফালি ওলোৱা এক আকলুৱা হেঁপাহ হৈ ওলাল সেই মাত। বিনীতে কিছু কৌতুহলেৰে তাইলৈ চালে, কিন্তু একো নুসুধিলে। সোধা হ'লেও জানো তাই ক'লেহেঁতেন চিৰজীৱন কাষত ৰোৱাৰ প্ৰতিশ্ৰুতি দিও কেনেকৈ তাইৰ জীৱনত নিৰুদ্দেশ হৈ গৈছে ভালপোৱা। কেনেকৈ  'ভালপোৱাতকৈ ধৰ্ম-জাত-পাত একোৱে ডাঙৰ নহয়' বুলি কোৱা একালৰ আপোনজনৰ মাজত কণমান সৎ সাহসৰ অভাৱ ঘটিছে। সমাজে না বোলাৰ লগে লগেই তেওঁ তাইৰ বাবে অচিনাকি হৈ গৈছে। তথাপি যেন তাই বিশ্বাস কৰিব খোজে, ভালপোৱা হেৰাই যোৱা নাই। ক'ৰবাত এতিয়াও ৰৈ আছে তাইৰ বাবে সেই সঁচা ভালপোৱা আৰু সেই ভালপোৱাক মৰ্য্যদা দিব পৰা সততা। লাগিলে সেয়া চিনাকি পৃথিৱীতে হওক বা অচিনাকি অনলাইন পৃথিৱীতে হওক। বন্ধু-বান্ধৱে ক'বৰ দৰে- হ'পলেছ ৰোমাণ্টিক তাই!

তাই উচপিচাই থিয় দিলে। তাকে দেখি বিনীতো উঠিল। 

'মোৰ যাবৰ হ'ল!' তাই ক'লে।

নিজকে ফাঁকি দিব নোৱাৰে তাই। সিহঁতৰ সপোনৰ স্বৰলিপিৰে এটা গান হ'ব নোৱাৰে। জানি-বুজিও কিছু ক্ষুব্ধ হ'ল যেন তাই। এই এটা কথা যদি আজি নাজানিলেহেঁতেন, কাৰ কি অপকাৰ হ'লহেঁতেন? তাই আকৌ এবাৰ লগ কৰিব পাৰিলেহেঁতেন বিনীতক। এতিয়াতো এটাই বাট সিহঁতৰ বাবে। অতীতত এনে কথা নাছিল। জীৱনত কি বিচাৰে, কি নিবিচাৰে সেয়া ভাৱি প্ৰেমত পৰাৰ অৱকাশ নাছিল। কিন্তু সেয়া নভৱাটোৱেই কিজানি ভুল হৈ গ'ল। সেইবাবেই একালৰ প্ৰিয় মানুহবোৰৰ সৈতে বাটবোৰ সলনি হৈ গ'ল। বহু জিলমিলীয়া সপোন কাঁচৰ ঘৰৰ দৰে তচ-নচ হৈ গ'ল।

সিহঁত নীৰৱে উভতিল। জুহুৰ বালিত তেতিয়া উদাসীন সন্ধিয়াৰ ৰেখা। মূৰৰ ওপৰেৰে উৰি গ'ল দুটামান পানীকাউৰী। মূলপথটো পাই দুয়ো ক্ষন্তেক ৰ'ল। ফাৰহানাই ক'লে, 'বিনীত, তোমাক লগ পাই, কথা পাতি বহুত ভাল লাগিল। কিন্তু তুমিতো বুজিছাই আমি একেলগে এটা সম্পৰ্কৰ কথা ভাৱিব নোৱাৰোঁ।'

বিনীতে শেঁতা হাঁহি এটাৰে ক'লে, জানে। তাইৰ লগত আবেলিতো কটায়ো তাৰ বৰ ভাল লাগিল।

ফাৰহানাই চাই থাকোঁতেই আন্ধাৰ- পোহৰৰ খেলাৰ মাজত মহানগৰীৰ ভিৰত বিনীত হেৰাই গ'ল। তাৰপিছতো কিছুপৰ তাই তাতে তভক মাৰি ৰ'ল। কিছুমান মানুহ কিয় প্ৰথম চিনাকিতে আপোন আপোন লাগি যায়? তাই জনা নাছিল। জনা নাছিল, কিছুমান উত্তৰ পোৱাৰ আগতেই যে জীৱন আগবাঢ়ি যায়।

সেই সাক্ষাতৰ ঠিক দহ বছৰৰ পিছত। ফাৰহানাই খৰধৰকৈ চ্যুটকেছত কাপোৰ জাপিছে। আন্দামান দ্বীপলৈ এসপ্তাহৰ ট্ৰিপ। তাইৰ মেনেজিং ডিৰেক্টৰে ইতিমধ্যে যাবলগীয়া ঠাইবোৰৰ এখন তালিকা ইমেইল কৰিছে। লগতে কৈছে, 'আমাৰ আলোচনীত সেই ঠাইৰ কেৱল ধুনীয়া ফটোৱে নহয়, তাৰ থলুৱা জীৱন, খাদ্য, কলা-সংস্কৃতি গোটেইবোৰ দেখুৱাব পাৰিব লাগিব। মনত ৰাখিবা ফাৰহানা।'

তাই উল্লাসিত হৈ উঠিছে। কিমান দিনৰ পৰা পুহি ৰখা এই হেঁপাহ! ক'ভিডৰ কবলত পৰি যোৱা দুটাবছৰে বন্দী হৈ ৰোৱাৰ পিছত এইটো প্ৰথম ট্ৰিপ!

চ্যুটকেছটো বহা কোঠালৈ টানি আনোঁতে তাই অফিচ কোঠাটোলৈ ভুমুকিয়াই চালে। লকডাউনৰ সময়ত অফিচ হৈ পৰা আলহী কোঠাটোত এতিয়া চকী-টেবুল এযোৰ আৰু কিতাপৰ দুটা আলমিৰা। তাৰ কাষতে ৰখা দুজনীয়া চোফাখনত বহি আছে বিনীত। 

বিনীতৰ মুখত বয়সৰ চাপ পৰিছে। পনিটেইল কৰিব পৰাকৈ চুলিও নাই, আগৰ সেই চখো হয়তো নাই। কিন্তু সেই একেই দুচকুৰ তিৰবিৰনি, সেই একেই যাদুকৰী হাঁহি। 

ফাৰহানাই চ্যুটকেচটো দুৱাৰ-মুখতে এৰি সোমাই গ'ল। গৈ তাৰ কাষতে চোফাখনতে বহি সুধিলে,

'তোমাৰ কাপোৰ-কানি সামৰিলা জানো? যোৱাৰ এঘণ্টা আগত কৰিবলৈ নথ'বা আকৌ!'

সি হাঁহিলে। ফাৰহানাই বুজিলে তাই সদায়ে সময়তকৈ বহু আগতেই সাজু হোৱাটোক লৈ সি হাঁহিছে। আন্দামানলৈ যাবলৈ এতিয়াও যে তিনিদিন বাকী!

তাই কৃত্ৰিম খঙেৰে তাৰ কান্ধত ভুকু এটা দিলে। সি হাঁহি হাঁহি ক'লে,

'এই চোৱা, আজি কি বিচাৰি পালোঁ!'

তাৰ কোচত এটা গধুৰ এলবাম। তাৰ প্ৰথম পৃষ্ঠাতে থকা ফটো এখন উলিয়াই তাইৰ ফালে আগবঢ়াই দি ক'লে,

'এইখনেই কিজানি আমি একেলগে তোলা প্ৰথম ফটো, নহয়নে?'

ফাৰহানাই ৰ' লাগি চালে ফটোখনলৈ। মেৰিন ড্ৰাইভত দুখন চাইকেলত ধৰি থিয় দিছে দুয়ো। পিছফালে উত্তাল সাগৰ। ফাৰহানাৰ ৰঙা চোৱেট চাৰ্টটো ফটোত জিলিকি উঠিছে। তাতোকৈ উজ্বল হৈ জিলিকিছে তাইৰ হাঁহি। তাইৰ কাষতে চাইকেলৰ হেণ্ডেলত ধৰি থকা বিনীতৰ চকুৱে মুখে ভাগৰৰ চিন। সিয়ে কৈছিল, 'তোমাৰ ভাল লগা কিবা এটা কৰোঁ ব'লা।'

কি যে এক অপৰূপ আমেজ সেই সোঁৱৰণিৰ, সেই সান্নিধ্যৰ, সেই আৰম্ভণিৰ! জুহু বীচ্চৰ প্ৰথম সন্ধিয়াটোৰ দুদিন পিছতে বিনীতৰ ফোন আহিছিল। সুধিছিল, আকৌ এবাৰ লগ কৰিব নেকি? সেই এটা ফোনকলেই যেন সিহঁতৰ জীৱনৰ পৰিক্ৰমা সলাই পেলালে। 

ফটোখন চাই বিনীতে আবেগেৰে ক'লে, 'এইবোৰ সংযোগ বুজিছা! আমি ক'ব নোৱাৰাকৈয়ে জীৱনৰ আলি-কেঁকুৰিত ৰৈ থাকে। প্ৰায়ে কথাবোৰ ভৱাৰ দৰে নহয়। কিন্তু এই নভৱা, আশা নকৰা সংযোগবোৰ ভৱাবোৰতকৈ বেছি ভাল হয়।' 

ফাৰহানাই তাৰ কান্ধত লাহেকৈ মূৰটো থ'লে।

'সঁচা! কোনে জানিছিল তুমি যে মোৰ সৈতে দিহিঙে-দিপাঙে ঘুৰিও এখন সংসাৰ কৰিবা!' ফাৰহানাই ক'লে।

'কোনে জানিছিল!' বিনীতে দোহাৰিলে। 

প্ৰায় অভ্যাসবশত: দুয়োৰে হাত দুখন ৰ'লগৈ ফাৰহানাৰ তলপেটটোত-একলা দুকলাকৈ বাঢ়ি অহা জীৱনটিৰ ওপৰত। 


Monday, 23 January 2023

প্ৰত্যাৱৰ্তন (১)

বাটৰ বিঘিনি

ডিচেম্বৰৰ এটি মাজনিশা। বেংগালুৰু এয়াৰপৰ্টৰ এটা দীঘলীয়া শাৰীত তাম্মা আৰু মই। টোপনিৰ জালে মোক বাৰে বাৰে আমনি কৰিছে। কিন্তু এই দুপৰ নিশাও তাম্মা চিৰাচৰিতভাৱেই প্ৰাণচঞ্চল। হাঁহি হাঁহি মোক তাইৰ ডিঙিত মেৰিয়াই লোৱা স্কাৰ্ফখন দেখুৱাইছে। তাৰ ৰংটো যে চুটি কেকোঁৰা চুলিৰ এজাৰবুলীয়া হাইলাইটৰ সৈতে নভৱাকৈ মিলি পৰিল তাকে কৈ তাই হোহোৱাই হাঁহিছে। 

'কি হ'ল? তোমাৰ মুখত হাঁহি নাই যে!' ইংৰাজীতে কৈ তাম্মাই মোৰ দুবাহুত ধৰি জোকাৰি দিলে। 

'আমি নাগালেণ্ডলৈ যাবলৈ ওলাইছোঁ জলি!' সোঁৱৰালে তাই।

সেই সোঁৱৰণিয়ে মোক পলকতে লৈ গ'ল দহবছৰ আগৰ এটা দিনলৈ। এই বেংগালুৰুৰে এক প্ৰসিদ্ধ গৱেষণাগাৰ। মোৰ বাবে অচিন চহৰ, নতুন গৱেষণা, অসহজ পৰিৱেশ। কোঠাৰ এটা চুকত মই কামত ব্যস্ত।তেনেতে দুৱাৰেৰে ধুমুহাৰ দৰে তাম্মা সোমাই আহিল। একেই চুটি কেকোঁৰা চুলি, দক্ষিণ ভাৰতীয় মুখখনত আজিৰ দৰেই এক উজ্বল হাঁহি। দেহত আঁঠুলৈকে পৰা এটা ফুটুকীয়া কুৰ্তাৰ সৈতে নীলা জিনছ। মোৰ সহকৰ্মী সুমিত্ৰাৰ ফালে নাচি নাচি অহাদি আহি তাই ক'লেহি,

'সুমিত্ৰা!! মোৰ ফিল্ডৱৰ্কৰ ফাণ্ডিং আহিল। এইমাহতে নাগালেণ্ডলৈ গৈ আছোঁ!' 

তাৰপিছত 'নাগালেণ্ডলৈ গৈ আছোঁ' টো দোহাৰি তাই দুপাকমান ঘুৰি ঘুৰি নাচি পেলালে।

সিদিনা সেই উলাহ-উত্তেজনাৰ মাজত মোক তাম্মাই দেখা পাইছিলনে নাই নাজানো। কিন্তু প্ৰথমবাৰৰ বাবে তাইক দেখি, সেই প্ৰাণচাঞ্চল্যৰ তীব্ৰতা দেখি মোৰ অন্তৰ্মুখী মনটোৱে কিছু ভয়েই খাই গৈছিল কিজানি!  এওঁনো কেনে মানুহ বুলি!

যোৱা এটা দশকৰ পৰিক্ৰমাত, সুখে-দুখে বহু মুহুৰ্ত একেলগে কটাই সেই প্ৰশ্নটোৰ উত্তৰ পাইছোঁ। এই দীৰ্ঘসময়ত বহু কথাই সলনি হ'ল। সলনি হ'ল আমাৰ জীৱনো। তাম্মা এতিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, মই সুদূৰ কানাডাত চৰকাৰী চাকৰিয়াল। কিন্তু আমি যেতিয়াই লগ হওঁ, সময়ৰ সেই পৰিক্ৰমা যেন থমকি ৰ'ৱ খোজে। ভাৱ হয়, একেই আছে সেই আন্তৰিক টান আৰু হাঁহিৰ খলকনি। একেই আছে 'নাগালেণ্ডলৈ গৈ আছোঁ' কথাষাৰে আনি দিয়া আবেগ-উত্তেজনাৰ জোৱাৰ।

'বেগৰ ওজনৰ কাৰণে চিন্তা কৰি আছা নেকি?' তাম্মাৰ মাতে মোৰ সম্বিত ভাঙিলে।

'তাকেহে, ইয়াত ফচি নগ'লেই হ'ল।' এয়াৰপৰ্টত মোক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলা চিন্তা এইটো।

'হেই, একো চিন্তা কৰিবলগীয়া নাই। কিবা কৰি দুইজনীৰ মাজত মিলাই ল'ম।' তাম্মাৰ সহজ সমিধান।

তাইৰ ট্ৰলীত থকা ফিল্ড বেগটো চালোঁ। মোৰ ছ্যুটকেছতকৈ যথেষ্ট সৰু। হয়তো তাতে মিলাব পৰা হ'ব।  প্ৰসংগ সলাবলৈকে মই ক'লোঁ,

'তোমাৰ জোতাযোৰ ভাল লাগিছে। মই কিন্তু হাইকিঙৰ কাৰণে বেলেগকৈ জোতা অনা নাই। ওজন বঢ়াৰ ভয়তে!' 

তাম্মাই সোঁভৰিটো দাঙি জোতাযোৰ মোক ওচৰৰ পৰা দেখুৱাই ক'লে,

'বিশ্বাস কৰিবানে, এইযোৰ মই আজি সন্ধিয়া কিনি আনিছোঁ। নাগালেণ্ডৰ কাৰণে পেকিং কৰি থাকোঁতে দেখা পালোঁ মোৰ ফিল্ডৰ জোতাযোৰৰ এপাটত গোটেই শ্বুলটো এৰাই আহিছে। কৰোঁ কি! উপায় নাপাই য'ৰ কাম ত'তে এৰি ওচৰৰে বাটাৰ দোকানখন পালোঁগৈ।  এইযোৰ চকুত পৰাত খৰধৰকৈ কিনি লৈ আনিলোঁ।'

তাম্মা কেনে মানুহ সেয়া নজনা কোনোবা চাগৈ আচৰিত হ'লহেঁতেন। মই নহ'লোঁ। জানোঁ, নাগালেণ্ডৰ ভিতৰুৱা ঠাইত পাহাৰে-কণ্ডৰে বগাই ফুৰিবলৈ এযোৰ ভৰসা কৰিব পৰা জোতা বৰ দৰকাৰী। কেতিয়াও পিন্ধি নোচোৱা নতুন জোতা এযোৰে ক'ত কেতিয়া কি বিপদত পেলাব একো ক'ব নোৱাৰি। কিন্তু সেইবোৰ নিয়মতো তাম্মাৰ অভিধানত নাই!

'এতিয়াৰ পৰা পিন্ধি আছোঁ যাতে নাগালেণ্ডত পাহাৰ বগোৱালৈ এইযোৰ মোৰ ভৰিত সহজ হৈ পৰে!' মোৰ মনৰ ভাৱ বুজিব পাৰিয়েই কিজানি তাই ক'লে।

'ব'ৰ্ডিং পাছ প্লিজ!' কাউণ্টাৰৰ পৰা এয়াৰ এছিয়াৰ কৰ্মী গৰাকীয়ে মাত দিলে। আমাৰ পাল এইবাৰ।  

নিয়মমাফিক কামখিনি কৰি অঁতাই মোৰ প্ৰকাণ্ড  ছ্যুটকেছটো তুলি দিলোঁ। আস্ ভয় কৰাৰ দৰেই হ'ল। স্কেলত জিলিকি উঠিল ৰঙা সংখ্যাকেইটা- বিছ কেজি!! 

'মই আচলতে কানাডাৰ পৰা আহি আছোঁ! ইণ্টাৰনেশ্যনেল ফ্লাইটৰ পৰা আকৌ ওজন মিলাব লগা হৈছে। বেয়া নাপাই যদি এইখিনি ৰেহাই দিব পাৰিবনে?' ক'ব নোৱাৰাকৈ মোৰ মুখেৰে কথাষাৰ লেনিয়াকৈ ওলাল।

'নাই, নোৱাৰিম। পোন্ধৰ কেজিৰহে অনুমতি আছে। ইমান বেছি ওজন কেনেকৈ মিলাম কওক। আপুনিয়ে মিলাব পাৰে যদি কৰি চাওক।'

উপায়ন্তৰ হৈ কাউণ্টাৰৰ একাষে গৈ প্ৰকাণ্ড ছ্যুটকেছটো মেলি ধৰিলোঁ। মানুহৰ দীঘল শাৰীটোৰ পৰা ছিটিকি পৰা দৃষ্টিবোৰ আওকাণ কৰি গধুৰ বস্তু কি আছে বিচাৰিবলৈ লাগিলোঁ।  

'মোৰ বাৰ কেজি হৈছে। কি পাৰা মোৰ বেগতে ভৰাই দিয়া।' তাম্মাই কাষ চাপি আহি হাউলি লৈ ক'লে।

তাম্মাৰ কথামতেই বাইন'কুলাৰ, নোটবুক, জোতা যি পাৰো হেঁচি হেঁচি তাইৰ বেগত ভৰালোঁ। নাগালেণ্ডৰ শীতৰ বাবে অনা ৰঙা জেকেটটো তাই নিজৰ গাতে সোমোৱাই ল'লে। তাইৰ জোখতকৈ সৰু জেকেটটো টানি টানি পিন্ধা দেখি হাঁহি উঠিল। দুটা জেকেট ময়ো পিন্ধি ল'লোঁ। এইবাৰ বাৰু কোনোমতে মিলিলগৈ। বস্তু দি লৈ ঘামি জামি দুয়ো চিকিউৰিটি চেক পাৰ হৈ আকৌ সেইবোৰ খুলি হাতত ল'লোঁ। 

পুৱতি নিশাৰ ফ্লাইট। সেয়ে ব'ৰ্ডিং কৰিয়ে টোপনিত ঢলি পৰিলোঁ। কিন্তু সাৰ পাই দেখোঁ আমি উৰিবলৈ লৈছোঁহে। তেতিয়াহে উপলব্ধি হ'ল ফ্লাইট এঘণ্টা পলম হৈছে। লগে লগে উৎকণ্ঠিত হৈ পৰিলোঁ। এয়াৰ এছিয়াৰ এই ফ্লাইট কলকাতাত নমাৰ পিছত আমি ডিমাপুৰলৈ ইণ্ডিগ'ৰ ফ্লাইট ধৰিব লাগে। মাজত আছিল মাথোঁ দুঘণ্টা। এতিয়া তাৰে এঘণ্টা ইয়াতে নষ্ট হ'ল মানে আমাৰ কলকাতা এয়াৰপৰ্টত দস্তুৰমত হাঁহাকাৰ অৱস্থা হ'বগৈ।

কথাটো টং কৰিয়ে মোৰ টোপনিৰ জাল কাটি গ'ল। সাধাৰণতে একেটা এয়াৰলাইনৰ মাজত এনেকৈ সময়ৰ খেলিমেলি হ'লে মিলাই দিয়ে। কিন্তু এয়াৰলাইন বেলেগ বেলেগ হ'লে সেই আশা কম। 

তাম্মা কিছু আঁতৰত বহি আছিল। কলকাতাৰ মাটিত নমাৰ লগে লগেই নেটৱৰ্ক পাই তাইলৈ কল কৰিলোঁ।

'তাম্মা, আমাৰ হাতত সময় একেবাৰে কম!'

'ময়ো তাকে চিন্তা কৰি আছিলোঁ। বেগবোৰ ল'বলৈকো সময় লাগিব। কি কৰা যায়?

'এটা কাম কৰোঁ। যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলোৱাৰ চেষ্টা কৰিব লাগিব। ইজনীয়ে সিজনীক লগ পাবলৈ ৰোৱাৰ দৰকাৰ নাই। এয়াৰপৰ্টত তুমি লাগেজ বেল্টত ৰ'ৱা। মই গৈ পায়ে ইণ্ডিগ' এয়াৰলাইনৰ মানুহ বিচাৰিম। বুজাই ক'লে কিবা উপায় ওলায়েবা।'

কথা মতেই কাম। ফ্লাইটৰ দুৱাৰ খোলাৰ লগে লগেই দুয়ো দুফালে দুৱাৰলৈ দৌৰ দিলোঁ। বাছ পাই মই আগতীয়াকৈ এয়াৰপৰ্ট পালোহি। কেবিনত নিয়া ছ্যুটকেছৰ চকা ঘুৰাই ইণ্ডিগ'ৰ মানুহ বিচাৰি দৌৰ দিলো। ইতিমধ্যে ন বাজি গৈছে। 

ইণ্ডিগ'ৰ কাউণ্টাৰ এটা দেখি হুৰামূৰাকৈ সুধিলোগৈ। দুগৰাকী মহিলা কৰ্মী। দুয়োৰে চকু সন্মুখৰ স্ক্ৰীণত আবদ্ধ। 

'আমাৰ ফ্লাইট দেৰিকৈ পালেহি। এতিয়া এঘণ্টা পিছতে দহবজাত ইণ্ডিগ'ৰ ফ্লাইট আছে, কি কৰোঁ বাৰু?'

এগৰাকীয়ে মোৰ ব'ৰ্ডিং পাছখন লৈ চকু ফুৰালে। তেওঁৰ গোল মুখ বা কাজল সনা টনা টনা দুচকুত কোনো অভিব্যক্তি ফুটি নুঠিল। যেন এয়াৰপৰ্টৰ এই লৰা-ঢপৰা, অস্থিৰতাই চুব নোৱাৰা এক অৱস্থানত তেওঁ এক নিৰ্লিপ্ত সত্তা।

'আপোনাৰ লাগেজ কিমান আছে?'

'আৰু এটা বেগ আছে। বেল্টত অহাই নাই। মোৰ বন্ধু এগৰাকী আছে। তাইৰো বেগ পোৱাই নাই।' 

'আপোনালোকৰ চেক-ইন, চিকিউৰিটি চেকৰ কাৰণে সময় নোলাব। ফ্লাইটৰ ব'ৰ্ডিং গেইট পচিছ মিনিট আগতেই বন্ধ হৈ যাব। বেগ পালেই লৈ ইয়ালৈ আহক। আমি কিবা কৰিব পাৰোঁ নেকি চাওঁ। যিমান পাৰি সোনকালে আহক মাত্ৰ।' নিৰুদ্বেগ মাতেৰেই তেওঁ ক'লে।

এইবাৰ মই লাগেজ বেল্টলৈ দৌৰিলোঁ। বেগবোৰ আহিবলৈ আৰম্ভ কৰিছে। তাম্মাই ট্ৰলী দুখন সাজু কৰি লৈ খাপ পিটি ৰৈ আছে। দাঁত-ওঁঠ কামুৰি ময়ো তাইৰ লগ হ'লোঁ। দুয়োৰে এটা চকু বেল্টৰ হৰেক ৰকমৰ বেগবোৰৰ ওপৰত আৰু আনটো বেল্টৰ কাষৰ ৱালত থকা প্ৰকাণ্ড ঘড়ীটোৰ ওপৰত।

ন বিছ, ন পঁচিছ, ন ত্ৰিছ। আমাৰ সন্মুখেৰে বেগবোৰ আহি আছে। বহুজনে ট্ৰলীত বেগ উঠাইছে। উবাৰ মাতিছে। লাহে লাহে মানুহবোৰ ঘৰমুৱা হৈছে। আমাৰ বেগ দুটাৰ দেখাদেখি নাই। মোৰ উশাহবোৰ ঘন হৈছে। সেই ঠাণ্ডাতো সমগ্ৰ দেহ ঘামি উঠিব খুজিছে।

'আমি ফ্লাইটখন নাপামগৈ আৰু! কলকাতাত যদি হোটেলত ৰাতিটো কটাই দিওঁ এয়াৰ এছিয়াকে সেইটো খৰচ দিবলৈ ধৰিম- কাইলৈ ৰাতিপুৱা ডিমাপুৰলৈ ফ্লাইট....'

'তাম্মা! সেইবোৰ নহয়।'মোৰ মাতটো অলপ ডাঙৰকৈ ওলাল। 

'এতিয়াও পাই যাব পাৰোঁ। কেনেকৈ পাম সেয়া ভাবিব লাগে। নাপালে কি হ'ব ভাবি কিয় সময় নষ্ট কৰিছা?'

'নহয় মানে সেইটো ভাৱি থ'লে টেনছন কমি থাকে। বেক আপ প্লেন এটা লাগেতো।' তাম্মাৰ মাতত বুজনিৰ সুৰ।

'নালাগে।' মোৰ অধৈৰ্য্য মাত। 'যেনেকৈ হ'লেও আজিয়ে আমি নাগালেণ্ড পামগৈ!' 

নিজৰ মাতৰ দৃঢ়তাত মই নিজেই অলপ আচৰিত হ'লোঁ। আজি যে তিনিবছৰৰ মূৰত আপোন ঠাইখনলৈ উভতিছোঁ। আৰু যেন এটা দিনো পলম হোৱাতো মই মনেৰে মানি ল'ব পৰা নাই!

'সেয়া সেয়া, সেইটো তোমাৰ বেগ!!' মোৰ প্ৰায় চিঞৰ এটাই ওলাল। 

তাম্মাই লগে লগে ট্ৰলীৰ চকা ঘুৰাই দৌৰ দিলে। তাইক আঙুলীয়াই দেখুৱালোঁ,  

'সৌৱা বাওঁফালৰ চুকটো ঘুৰিলেই ইণ্ডিগ'ৰ কাউণ্টাৰটো আছে। গৈ কোৱাগৈ বেগ পালোঁ বুলি। ময়ো গৈ আছোঁ।'

তাম্মা যোৱাৰ কিছু পিছতে ভাগ্যে মোৰ বেগো আহিল। লগে লগে মোৰো দৌৰ। ইতিমধ্যে চাৰে ন বাজি গৈছে। আজি ডিমাপুৰ গৈ পোৱাৰ আশাটো ক্ষীণ হৈ আহি আছে।

কাউণ্টাৰত সেই একেই গোল মুখ, টনা টনা চকু। তাম্মাৰ কাষতে বেগেৰে সৈতে আৰু এজন যুৱক। তেওঁৰ খৰ খৰ কথাকেইষাৰত গম পালোঁ তেওঁৰো আমাৰ দৰেই দশা।

আমাৰ ৰূপ দেখি সেই নিৰ্লিপ্ত সত্তায়েই উপায় দিলে,

'আপোনালোকৰ ফ্লাইটৰ ব'ৰ্ডিং আৰম্ভ হ'লেই। গতিকে এতিয়া চেক ইন কৰিলে নাপায়গৈ। বেগেৰে সৈতে চিকিউৰিটি চেকলৈ যাওক।আমি পঠাইছোঁ বুলি ক'ব। আমিও জনাই দিম।'

কথাষাৰ শেষ হ'বলৈ নাপালেই মই ভিৰাই দৌৰ দিলোঁ। মোৰ পিছে পিছে তাম্মা আৰু সেই ল'ৰাজন। আমাৰ প্ৰত্যেকৰে হাতত প্ৰকাণ্ড বেগৰ ট্ৰলী। আমাৰ ৰূপ দেখিয়ে কিজানি কলকাতা এয়াৰপৰ্টৰ ভিৰৰ মাজতো বাট ওলাল। চিকিউৰিটি চেকৰ দীঘলীয়া শাৰীতো মানুহবোৰ একাষৰীয়া হৈ দিলে। 'থেংক ইউ' কৈ কৈ মই আমাৰ উধাতু খোৱা দলটো আগবঢ়াই নিলোঁ। 

চিকিউৰিটি চেকত আমাৰ বয়-বস্তু দেখি পুলিচ কেইজন অলপ বিবুধি হ'ল। প্ৰকাণ্ড বেগ কেইটা স্কেন কৰাই ইটো সিটো উলিয়াবলৈ ক'লে। তেতিয়ালৈ আমাৰ অস্থিৰ ৰূপ। অচিনাকি যাত্ৰী কোনোবাই ট্ৰেবোৰ আনি দিলে, কোনোবাই স্কেনলৈ আগবঢ়াই দিলে, তাম্মা আৰু মোৰ স্কেনত উলিওৱা বস্তু কাৰ কি বেগত সোমাল একো হিচাপ নাথাকিল। তেনেকৈয়ে গৈ অৱশেষত গেইট পালোঁগৈ। 

গৈ দেখোঁ গোটেইখন নিমাও মাও! 

ফ্লাইট গ'লেই নেকি!! ইফালে সিফালে চাওঁতে এজন যুৱক আগবাঢ়ি আহিল। ইণ্ডিগ'ৰ ক্ৰু।

'অহ্‌, আপোনালোকক ফাইনেল কলত কিমানবাৰ মাতিলো!'  আমাৰ ট্ৰলীবোৰলৈ চাই তেওঁ ক'লে,

'এই গোটেইবোৰ বেগ আপোনালোকৰ লগত যাব?' 

আমি ফোঁপাই জোপাই মাথোঁ মূৰ দুপিয়ালো।

গেইটৰ দুৱাৰ খুলি দি অন্য এজন যুৱকে হাঁহি হাঁহি ইংৰাজীতে ক'লে 'ইমান কম বস্তু আনিলে যে!'

আমি হাঁহি পেলালোঁ। স্বস্তি আৰু সন্তুষ্টিৰ হাঁহি। 

ফ্লাইটত বহি প্ৰথমে এগিলাচ পানী খুজিলোঁ। দীঘলকৈ এটা উশাহ এৰিলোঁ। উস্‌ কেনে টনাটনিকৈ পালোঁহি!

কাষতে বহা তাম্মালৈ চকু গ'ল। তিনিটা দীঘলীয়া বছৰৰ শেষততেনে সঁচাই আমি নাগালেণ্ডলৈ ওলাইছোঁ! নাগালেণ্ড- যাৰ আত্মীয়তাৰ শিপাই সাত সাগৰ তেৰ নদীৰ সিপাৰেও মোক আঁটি আঁটি বান্ধি ৰাখে, যাৰ অবাৰ্চীন ৰং-ৰূপ আৰু স্মৃতিয়ে মোক অহৰহ হাত বাউলি দি থাকে সেই সপোনপুৰীলৈ উভতিছোঁ! তাকো তাম্মাৰ সৈতে একেলগে! আমাৰ বন্ধুত্ব আৰু নাগালেণ্ডৰ মায়া যেন একেডাল সূতাৰে বন্ধা। 

তাইক দুবাহুত ধৰি জোকাৰি দি মই এইবাৰ উলাহেৰে ক'লোঁ,

'তাম্মা, আমি সঁচাই নাগালেণ্ডলৈ গৈ আছোঁ!'

পলকতে এক অবুজ আবেগৰ জোৱাৰে আমাক দুয়োকে বুৰাই পেলালে। এটা দশকৰ আগৰ সেই দিনটোৰ দৰেই।

ফ্লাইটৰ পৰা দেখা পোৱা নাগালেণ্ডৰ ৰূপ

আগলৈ.....

Saturday, 11 June 2022

চপেনৰ কলিজাটো

সিদিনা ৰাতিপুৱাৰ পৰাই প'লেণ্ডৰ ৰাজধানী ৱাৰশ্ব’ৰ আকাশ গোমা। তাতে ডিচেম্বৰৰ ঠেঁটুৱৈ-ধৰা জাৰ। তৰপে তৰপে উমাল কাপোৰ পিন্ধিহে ঘৰৰ বাহিৰ হোৱাৰ সাহস কৰিলোঁ৷ ৱাৰশ্ব’ বা প’লিছ ভাষাত ৱাৰশ্বাৱা মহানগৰীত এয়া মোৰ প্ৰথম সপ্তাহ। জেটলেগ আৰু শীতৰ প্ৰকোপৰ সৈতে এতিয়াও অভ্যস্ত হোৱাই নাই। তথাপি নতুন দেশখন ভালকৈ চোৱাৰ আৰু ইয়াৰ জীৱনৰ ৰং-ৰূপ উপভোগ কৰাৰ হেঁপাহতে ওলাই আহিবলৈ বাধ্য হ'লোঁ যেন!

মোৰ বাবে বাট চাই থকা শীত-তাপ নিয়ন্ত্ৰিত উবাৰখনত বহি লৈ স্বস্তিৰ নিশ্বাস পেলালোঁ।

’জিন ড’ব্ৰে (শুভ দিন৷)’- উবাৰৰ চালকজনে মাত দিলে। মাস্কৰ মাজেৰে দেখা পোৱা তেওঁৰ মুখৰ অবয়বটো আৰু কথাৰ সুৰটোত ৰাছিয়াৰ মানুহ যেন ভাৱ হ'ল।

উমাল টুপী, স্কাৰ্ফ আৰু হাতৰ ডাঠ মোজাযোৰ খুলি খুলি ময়ো সম্ভাষণ জনালোঁ, 'জিন ড'ব্ৰে!'

যোৱা কেইদিনত ইয়াত ইংৰাজী কোৱা মানুহ কমেই পাইছোঁ। গতিকে বাটে-ঘাটে দুই এষাৰ প'লিছ কথা-বতৰা নাজানিলেই নহয়। সেয়ে এইকেইদিনতে ময়ো কাম চলাকৈ যি পাৰোঁ প'লিছ কোৱাৰ অভ্যাস কৰিছোঁ।

মই আলহী হৈ থকা প'লিছ বন্ধু য়ানেকৰ ঘৰৰ পৰা মূল চিটি চেণ্টাৰলৈ গাড়ীৰে প্ৰায় আধাঘন্টাৰ বাট৷ সমগ্ৰ বাটছোৱা উবাৰৰ খিৰিকীৰে চাই গ'লো ৱাৰশ্ব' মহানগৰীৰ মাদকতাময় ৰূপ ৷ চাৰিওদিশে বৰদিনৰ উৎসৱমুখৰ পৰিৱেশ। মূলত: কেথ'লিক ধৰ্মী এই দেশত বৰদিনৰ আয়োজন বৰ আড়ম্বৰপূৰ্ণ। দোকান-পোহাৰ আৰু বাটে-পথে ৰং-বিৰঙী লাইট আৰু সাজ-সজ্জা। 

অ'ল্ড টাউন স্কুৱাৰত ৰাজকীয় প্ৰসাদ আৰু ছিগমাণ্ডৰ স্তম্ভ

অ’ল্ড টাউন স্কুৱাৰত উবাৰখনৰ পৰা নমাৰ লগে লগেই শীমশীতল বতাহ এজাকে মোক চুই গ’লহি৷ এই অ’ল্ড টাউন ৱাৰশ্ব'ৰ আটাইতকৈ প্ৰাচীন অংশ৷ অ'ল্ড টাউনৰ ঠিক সোঁমাজতে আহল বহল মুকলি স্কুৱাৰ। তাৰ একাষে আটকধুনীয়া কাৰুকাৰ্য্যৰ ৰাজকীয় প্ৰসাদ৷ বিপৰীতে সৰু-বৰ দোকান, ৰেষ্টোৰাঁ, গিৰ্জাঘৰ আৰু সংগ্ৰহালয় ইত্যাদি। 

ৰাজকীয় প্ৰসাদৰ সন্মুখতে সুউচ্চ ছিগমাণ্ডৰ স্তম্ভ। ৱাৰশ্ব'ত ভৰি দিয়াৰ দিনাই সেয়া দেখুৱাই বন্ধু য়ানেকে কৈছিল, প’লেণ্ডৰ তৃতীয়জন ৰজা এই ছিগমাণ্ড (Sigismund III Vasa)-এ পোন্ধৰ শতিকাত প’লেণ্ডৰ ৰাজধানী ক্ৰাক’ভ (Kraków) ৰ পৰা ৱাৰশ্ব'লৈ আনিছিল৷ তাৰে স্মৃতিত স্থাপিত এই স্তম্ভ৷

আজি সেই স্তম্ভৰ তলতে দেখা পালোঁ কমলাৰঙী ছাতি এটা মেলি লৈ থিয় দি আছে এজন যুৱক। আগবাঢ়ি গৈ সুধিলোঁ,

’আপুনিয়ে ৱাকিং ট্যুৰৰ গাইড নেকি?’

’হয়, মোৰ নাম মেক্স৷ আপোনালোকক আজি ময়ে ৱাৰশ্ব' দেখুৱাম৷’

মেক্সৰ বয়স মাথোঁঁ বিছ-বাইছ বছৰহে হ'ব যেন লাগিল৷ ইমান কমবয়সতে নিজৰ ঠাইখনক লৈ তেওঁৰ আগ্ৰহ দেখি মোৰ ভাল লাগিল৷ ক্ষন্তেক পিছতে আমাৰ কাষ চাপি আহিল এহাল গ্ৰীক দম্পতী৷ মোৰ দৰেই প'লেণ্ডৰ অতীত আৰু বৰ্তমানৰ বুজ লোৱাৰ হেঁপাহত আহিছে তেওঁলোক। দুয়ো চল্লিশৰ অনুৰ্দ্ধৰ। গম পালোঁ, কৰ্মসূত্ৰে যুৱকজন লণ্ডনত, যুৱতীগৰাকী এথেন্সত থাকে৷ গতিকে বৰদিনৰ বন্ধত দুয়ো প’লেণ্ডত লগ হৈছেহি ৷

মেক্সে আমাৰ চিনাকি লয় মানে হুৰহুৰাই বৰফ পৰিবলৈ আৰম্ভ কৰিলে৷ বাট-পথ আৰু দাঁতিকাষৰীয়া ঘৰ, গছ-বন সকলো নিমিষতে ছানি পেলালে বৰফৰ শুভ্ৰ দলিচাই৷ উমাল কাপোৰৰ তৰপৰ পৰা কোনোমতে দুচকু মুকলি কৰি লৈ আমি মেক্সৰ সৈতে খোজ আগবঢ়ালোঁ।তাৰ লগে লগে মেক্সে আমাক অ’ল্ড টাউনৰ ইতিহাসৰ আভাস দিলে। 

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ নাজী বাহিনীয়ে এই মহানগৰৰ প্ৰায় ৮৫% ধ্বংস কৰি পেলাইছিল। মাটিৰ সৈতে মিলি গৈছিল প্ৰায় সকলোবোৰ ঘৰ-দুৱাৰ অৰু ঐতিহাসিক কীৰ্তিচিহ্ন। বহু প'লিছ নাগৰিক বন্দী হৈ পৰিছিল শ্ৰমিক শিবিৰ বা নাজী কন্‌চেণ্ট্ৰেশ্যন কেম্পত৷ মানৱতাৰ এক কৰুণ ইতিহাস সেয়া৷ ৱাৰশ্ব'ৰ অলিয়ে গলিয়ে মেক্সে আমাক সেই ইতিহাসৰে চানেকি দেখুৱাই গ’ল৷

কিন্তু নাজী বাহিনীয়ে নিশ্চিহ্ন কৰি পেলাব খোজা ৱাৰশ্ব' যেন শ্মশানৰ পৰাই পুনৰ জী উঠিল। বিশ্বযুদ্ধৰ শেষত মহানগৰখনৰ ঘৰ-বাট-দলং-গীৰ্জা সকলোৰে এক অভূতপূৰ্ব পুনৰ্নিমাণ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ বহুবছৰ জোৰা কষ্ট আৰু পৰিশ্ৰমেৰে এই অ’ল্ড টাউন পুনৰ আগৰদৰেই হুবহু নিৰ্মাণ কৰি উলিওৱা হ'ল৷

’প্ৰতিটো বাটৰ দুয়োকাষে, ঘৰবোৰৰ ভিতৰে-বাহিৰে সম্পূৰ্ণ একেদৰেই নিখুঁতভাৱে পুনৰ্নিমাণ কৰিবলৈ যুদ্ধত বিধ্বস্ত দেশখনে পুঁজি ক’ৰ পৰা গোটালে?’ মোৰ কৌতুহল হ’ল৷

’আপোনালোকে হয়তো বিশ্বাস নকৰিব! ইয়াৰ সকলো পুঁজি আহিছিল জনসাধাৰণৰ বৰঙণিৰ পৰা৷ সমগ্ৰ প’লেণ্ডৰ পৰা আহি এই প্ৰকল্পবোৰত কাম কৰিবলৈ স্বেচ্ছাসেৱী গোট খাইছিলহি৷’

মেক্সৰ উত্তৰ শুনি আচৰিত হ'লোঁ। লগতে প'লিছসকলৰ অদমনীয় সত্বাৰ প্ৰতি শ্ৰদ্ধাত মোৰ মূৰ দোঁ খালে। ৰাইজে নখ জোকাৰিলে সঁচাই নৈ বয়! তাৰেই এক অপূৰ্ব নিদৰ্শন হৈ থিয় দি আছে যেন এই মহানগৰ।

সিদিনা অবিৰাম সৰি থকা বৰফৰ মাজতে থিয় দি মেক্সে 
ইটোৰ পিছত সিটোকৈ প'লিছ জাতীয়তাবাদৰ বহু কাহিনী কৈ গ'ল। প’লেণ্ডৰ সৰ্বশ্ৰেষ্ঠ কবি ৰূপে জনাজাত আদাম মিটছ্কে‌ভিট্ছ‌ৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰৈ শুনিলোঁ কেনেকৈ সেই কবিয়ে প’লিছ সত্ত্বা জীয়াই ৰখাৰ বাবে কলমেৰে যুঁজিছিল৷ ক’পাৰনিকাছ চায়েন্স চেন্টাৰত মেক্সে এই দেশৰে সন্তান নিক’লাছ ক’পাৰনিকাছৰ অৱদানৰ কথা ক'লে। ৱাৰশ্ব’ বিশ্ববিদ্যালয় দেখুৱাই ক'লে মেৰী কুৰীৰ অধ্যাৱসায়ৰ কাহিনী৷ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে এটা সময়ত ফ্ৰান্সলৈ প্ৰব্ৰজন কৰিলেও মেৰী কুৰী অন্তৰেৰে চিৰদিন প’লিছ হৈয়ে ৰ’ল৷ তেওঁ আৱিষ্কাৰ কৰা প্ৰথমটো ৰাসায়নিক মৌলৰ সেয়ে নাম দিলে ’প’ল’নিয়াম' ৷ এই আৱিষ্কাৰেই তেওঁলৈ দ্বিতীয়টো ন’বেল বঁটা আনিছিল৷

এটা সময়ত আমাক কিছু সকাহ দি বৰফ পৰা বন্ধ হ’ল৷ ডাৱৰ ফালি লাহেকৈ এচেৰেঙা ৰ’দো ওলাল৷ আমি তিনিও মেক্সৰ সৈতে খোজ দি য’তেই সুৰুঙা পালোঁ তাতে ৰ’দৰ উত্তাপত হাত-ভৰিবোৰ সজীৱ কৰাৰ চেষ্টা কৰিলোঁ৷

ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ বিপৰীতে এটা বিশাল গিৰ্জাঘৰ৷ তাৰ সন্মুখত ৰৈ মেক্সে ক’লে,

’এই হ’লী ক্ৰছ গিৰ্জা এটা সময়ত প’লেণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গিৰ্জা আছিল৷ এতিয়া পিছে ইয়ালৈ অন্য এটা আকৰ্ষণতহে পৰ্য্যটকৰ সোঁত বয়৷ কাৰণ এই গিৰ্জাতে বিশ্ববিখ্যাত সুৰকাৰ চপেনৰ কলিজাটো আছে!’

সেই কথা শুনি মোৰ দেহ-মন ৰোমাঞ্চিত হৈ উঠিল। তেন্তে এয়াই সেই ঠাই! য়ানেকৰ মুখত শুনা সেই কিংবদন্তীৰ উৎস!

ৱাৰশ্ব'ৰ হ’লী ক্ৰছ গিৰ্জা (ফটো: ৱিকি কমনছ)

ফ্ৰেডেৰিক চপেনৰ সংগীতৰ খ্যাতি সমগ্ৰ বিশ্বতে অতুলনীয়৷ ডেকা বয়সতে প’লেণ্ডত থিতাপি লোৱা ফৰাচী দেউতাক আৰু প’লিছ মাকৰ সন্তান চপেন এই মহানগৰতে ডাঙৰ হৈছিল৷ শৈশৱতে তেওঁ পৰিয়ালৰ সৈতে বহু দেওবাৰৰ দিন হেনো এই গিৰ্জাতে কটাইছিলহি৷ পিছে প’লিছ-প্ৰুছিয়ান যুদ্ধৰ সময়ত বিছ বছৰ বয়সতে চপেনে চিৰদিনৰ বাবে প’লেণ্ড এৰি যাবলৈ বাধ্য হ’ল৷ জীৱনৰ বাকী সময়ছোৱা তেওঁ ফ্ৰান্সত সংগীত সাধনা কৰি কটালে৷ চিৰৰুগীয়া চপেন মাথোঁ উনচল্লিছ বছৰ বয়সতে শয্যাশায়ী হ'ল। মৃত্যুৰ সময়ত ভনীয়েকক মাতি আনি ক’লে, তেওঁৰ শেষইচ্ছা তেওঁৰ কলিজাটো যাতে ৱাৰশ্ব'ৰ এই হ’লী ক্ৰছ গীৰ্জাত থোৱা হয়!

সেয়া ১৮৫০ চনৰ কথা। প'লেণ্ড তেতিয়া ৰাছিয়ান সাম্ৰাজ্যৰ অধীনত। তাৰ মাজেৰেই বহু বাধা বিঘিনি অতিক্ৰম কৰি ভনীয়েকে চিচাৰ বটলৰ ভিতৰত ব্ৰেণ্ডিত ডুবাই চপেনৰ কলিজাটো প’লেণ্ড পোৱালেহি৷ স্বাধীনতাৰ বাবে হাঁহাকাৰ কৰি উঠা প’লেণ্ডত ইতিমধ্যে চপেন এক ৰাষ্ট্ৰীয় নায়ক হৈ পৰিছে৷ পিছে ভনীয়েকক আচৰিত কৰি সেই অমূল্য উপহাৰ গ্ৰহণ কৰিবলৈ গিৰ্জাৰ কৰ্তৃপক্ষ অমান্তি হ’ল৷ কাৰণ হ’ল, মৃত্যুৰ আগতে প্ৰগতিবাদী লেখিকা এগৰাকীৰ সৈতে চপেনৰ ৰোমান্টিক সম্পৰ্ক! ভনীয়েকৰ কাতৰ অনুৰোধ এৰাব নোৱাৰি অৱশেষত গিৰ্জাই কলিজাটো চমজি ল’লে। কিন্তু বহুবছৰ ধৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সেই সুৰকাৰৰ কলিজাটো জাবৰৰ দ’মৰ সৈতে গিৰ্জাৰ কোনোবা চুকত অৱহেলিত হৈ পৰি ৰ’ল৷

১৯৪৫ চনৰ ৱাৰশ্ব’ বিদ্ৰোহ (Warsaw uprising)-ৰ সময়ত পুনৰ এবাৰ প’লেণ্ডত দেশপ্ৰেম উঠলি উঠিল৷ অতীতত হেৰাই যাব খোজা ৰাষ্ট্ৰীয় নায়কসকলৰ সন্ধান চলিল। সেই দিনবোৰতে এগৰাকী সাংবাদিকে কেনেবাকৈ জাবৰৰ দ’মৰ মাজত পৰি ৰোৱা চপেনৰ কলিজাটো বিচাৰি পালেগৈ৷ এইবাৰ পিছে মহা আড়ম্বৰেৰে গিৰ্জাত সেই উপহাৰ স্থাপিত হ’ল ৷

চপেনৰ সেই অপূৰ্ব কাহিনীৰেই সিদিনা মেক্সে আমাৰ ৱাকিং ট্যুৰ সামৰিলে। পিছে ভাগ্যৰ বিড়ম্বনাত তাৰ লগতে ময়ো প'লেণ্ড চোৱাৰ হেঁপাহ সামৰিব লগাত পৰিলোঁ। ক'ভিডত জুৰুলা হৈ দুটা সপ্তাহ ৱাৰশ্ব'ত গৃহবন্দী হৈ ৰ'লোঁ। অচিন দেশত অচিন পৰিস্থিতিত পাৰ কৰিবলৈ বাধ্য হ'লোঁ এছোৱা স্থবিৰ নিৰুপায় সময়।

গৈ থৈ কোৱাৰেনটিনৰ পৰা ওলাই প'লেণ্ড এৰাৰ আগতে মোৰ হাতত বাকী থাকিল এটা মাত্ৰ দিন। এই একমাত্ৰ দিনটোত কি কৰা যায়। য়ানেকে সোধাত বিশেষ নভৱাকৈয়ে ক'লোঁ,

'চপেনৰ জন্মস্থান চাবগৈ পাৰি, নহয়নে?'

সিদিনা য়ানেকে পিয়ান'ত বজোৱা চপেনৰ সুৰটো যেন 
তেতিয়াও মোৰ মনত ৰি ৰি কৈ বাজি আছিল। লগতে অহা যোৱা কৰি আছিল চপেনৰ কলিজাৰ কাহিনীটো।

কথামতেই কাম। পিছদিনাই আমি ৱাৰশ্ব'ৰ পৰা প্ৰায় পঞ্চাছ কি:মি: দূৰৈৰ চপেনৰ জন্মস্থান অভিমুখে ৰাওনা হ'লোঁ। মহানগৰী এৰি আমাৰ গাড়ী যিমানেই আগবাঢ়িল পকী বাটবোৰ ঠেক হৈ আহিল আৰু লাহে লাহে ধৰা দিলেহি 
প'লেণ্ডৰ এক নিৰিবিলি গ্ৰাম্য ৰূপে। মহানগৰীৰ ব্যস্ততা আৰু শাৰী শাৰী অট্টালিকাৰ ঠাই ল'লেহি দূৰ দিগন্তলৈকে বিয়পি থকা মুকলি পথাৰে। তাৰ মাজে মাজে সৰু সৰু পকী ঘৰ আৰু লঠঙা গছেৰে একো একোখন সৰু গাওঁ। 

চপেনৰ শৈশৱৰ ঘৰত এটি কোঠা

প্ৰায় এঘণ্টামানৰ পিছতে জেলাজ'ৱা ৱ'লা (Żelazowa Wola) নামৰ কণমানি গাওঁখনত আমাৰ গাড়ী ৰ'লগৈ। চাৰিওদিশে নিমাত-নিতাল এক মন জুৰোৱা পৰিৱেশ। বিশাল গেইটখনেৰে সোমাই প্ৰথমে আমি আধুনিক আৰ্হিৰ মিউজিয়ামটোলৈ আগবাঢ়ি গ'লো। তাত টিকেট লৈ বিশাল এক উদ্যান বা মেন'ৰ (manor) ৰ মাজত থকা এটি প'লিছ আৰ্হিৰ সৰু বগা ৰঙী ঘৰত আমি ভৰি দিলোঁগৈ। ১৮১০ চনত এই ঘৰতে চপেনৰ জন্ম হৈছিল। তেওঁৰ মাক হেনো এই উদ্যানৰ মূল অধিবাসী স্কাৰবেক (Skarbek) পৰিয়ালৰ পৰিচায়িকা আছিল। সেই সূত্ৰেই তেওঁলোকৰ মূল ঘৰৰ কাষতে এই ঘৰটোত চপেনৰ পৰিয়ালটো বাস কৰিছিল।

ঘৰটোৰ ভিতৰত বহা কোঠা, সংগীত কোঠা, পাকঘৰ আদিকৈ উনৈশ শতিকাৰ আচবাব আৰু সা-সামগ্ৰীৰে সুসজ্জিত কেইবাটাও কোঠা।বহা কোঠাত এযোৰ কাঠৰ চকী মেজ, কাঠৰ খাঁজ কটা এটা আলমিৰা, একাষে জুহাল। পাকঘৰতো সেই দশকৰ আৰ্হিৰে এখন ঘূৰণীয়া খোৱা মেজ। তাতে সজাই থোৱা আছে চীনামাটিৰ কাপ-প্লেট আৰু চাহৰ টিপয়। চপেনৰ জন্ম হোৱা বুলি ঠাৱৰ কৰা কোঠাটো আয়তাকাৰ। একাষে বিশাল খিৰিকীৰ কাষত এখন পিয়ানো আৰু অন্য মূৰত চপেনৰ প্ৰতিমূৰ্তি। অৱশ্যে চপেনৰ পৰিয়ালটো থকাৰ সময়ত এই ঘৰৰ ৰূপ এনে নাছিল। এতিয়াৰ এই ঘৰ নানা ঐতিহাসিক তথ্যৰ ভিত্তিত পুনৰ্নিমাণ কৰাহে।

তাৰ পৰা ওলাই এইবাৰ আমি ঘৰৰ চৌহদত থকা বাগিচাখনত খোজ দিলোঁগৈ। বিশাল বাগিচাখনত চিনাকি-অচিনাকি বিভিন্ন ফুল। এফালে লঠঙা গছেৰে এখন অৰণ্যৰ মাজত এটি বৰফাবৃত জুৰি। তাৰ ওপৰত কাঠৰ এখন কণমানি দলং। স্পিকাৰত ভাঁহি অহা চপেনৰ মনোমোহা সংগীতৰ সুৰে মুখৰিত কৰি তুলিলে সেই বাগিচাৰ আকাশ-বতাহ। তাকে শুনি শুনি মোৰ দুচকুত জিলিকি উঠিল বহু দশক পূৰ্বে এই বাগিচাৰে কোনোবা গছৰ তলত বহি সংগীত সাধনাত তন্ময় হৈ ৰোৱা কৈশোৰ চপেনৰ ৰূপ।

বাগিচাৰ পৰা দেখা পোৱা চপেনৰ ঘৰটো

এই আপোন ঘৰ আৰু মাতৃভূমিৰ পৰা নিৰ্বাসনেই চপেনৰ দেহ-মন ভাঙি পেলাইছিল নেকি বাৰু? বহুদিনলৈকে অন্তত: প'লিছসকলে তেনেকৈয়ে ধাৰণা কৰি আহিছিল। শেহতীয়াকৈ সেই ধাৰণাৰ সত্যাসত্য বিচাৰ কৰিবলৈএদল বিজ্ঞানী আগবাঢ়ি আহিল। তেওঁলোকে হ'লী ক্ৰছ গিৰ্জাত থকা চপেনৰ কলিজাটোৰ বৈজ্ঞানিক পৰীক্ষা কৰি তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ভাৱনৰ প্ৰস্তাৱ দিলে। সেই বাতৰিয়ে পুনৰ বিশ্বত এবাৰ উখল-মাখল লগাই গ'ল।

অৱশেষত গিৰ্জাৰ কৰ্তৃপক্ষৰ অনুমতিক্ৰমে ২০১৪ চনৰ ১৪ এপ্ৰিলত কাঠৰ বাকচ খুলি সন্তৰ্পনে উলিয়াই অনা হ'ল সেই চিচাৰ বটল।দলটোৱে দেখা পালে এটা শতিকাৰ পিছতো সেই বটলৰ ভিতৰত থকা কগনেক (cognac) নামৰ মুগাৰঙী জুলীয়া দ্ৰব্যবিধ শুকাই যোৱা নাই। তাত ওপঙি আছে লোপথুপীয়া আৰু ফুলি উঠা চপেনৰ কলিজাটো! সেই কলিজাৰ কলাসমূহত থকা অস্বাভাৱিক দাগবোৰ চাক্ষুষভাৱেই কিন্তু তন্নতন্নকৈ পৰীক্ষা কৰি তেওঁলোকে ৰায় দিলে, চপেন ক্ৰ'নিক টিউবাৰকুল'ছিছৰ জটিলতাত ভুগিছিল। দলটোৱে সেই কলিজাটো উলিয়াই নানি পুনৰ একেটা বটলতে সাঁফৰ মাৰি উভতাই দিলে। এইবাৰহে যেন সকলোৰে কৌতুহল নিৰ্বাপিত কৰি চপেনৰ কলিজাটোৱে জিৰোৱাৰ অৱকাশ পালে!

প’লিছ আৰু ফৰাচীসকলে এতিয়াও হেনো চপেনক লৈ টনা-আঁজুৰা কৰিব খোজে৷ সিদিনা ওন্দোলা আকাশখন মূৰত লৈ শান্ত-সমাহিত সেই জেলাজ'ৱা ৱ'লা গাওঁ এৰাৰ পৰত সেই বিষয়ে পিছে আমাৰ কাৰো দ্বিমত নাথাকিল৷ চপেনৰ হৃদয়খন আক্ষৰিক অৰ্থতে চিৰদিন প’লেণ্ডৰ হৈ ৰ’ৱ। কথাতেই কয়- Home is where your heart is!

Saturday, 21 May 2022

চৰাই চিনাৰ কিটিপ (১)

'বগলী এ বগা ফোঁট দি যা দি যা'

আকাশেদি উৰি যোৱা বগলীজাকলৈ চাই আপুনি বাৰু কেতিয়াবা বগা ফোঁট বিচাৰি পাইছেনে? চৰাইৰ কিচিৰ মিচিৰ মাতে কোনোবা চিকুণ পুৱা আপোনাক জগাই দিছেহিনে? নাইবা নীলিম আকাশত ভ্ৰমি ফুৰা চৰাই এটিলৈ চাই কল্পনা কৰিছেনে, এদিন আপুনিও উৰিব পৰা হ'লে? এনে বিভিন্ন ধৰণে ৰঙীন আৰু বৈচিত্ৰ্যময় চৰাইবোৰ আমাৰ দৈনন্দিন জীৱনৰ অংগ, কবি-সাহিত্যিকৰ সৃষ্টিৰ উৎস আৰু মনোৰম  প্ৰকৃতিৰ ধ্বজাবাহক। সেইবাবেই চৰাই পৰ্যবেক্ষণ দেশে-বিদেশে বৰ্তমান এক জনপ্ৰিয় চখ বা হবী হৈ পৰিছে। এই চখ পূৰাবলৈ কোনো বয়স, সময় বা অৰ্হতাৰ সীমা নাই। প্ৰয়োজন নাই কোনো বিশেষ সঁজুলিৰ বা অন্য খৰচৰো। এই চখ গঢ়িবৰ বাবে প্ৰয়োজন মাথোঁ প্ৰকৃতিৰ অপূৰ্ব ৰূপ উপভোগ কৰাৰ বাবে কিছু সময় আৰু আগ্ৰহ। আহকচোন চাওঁ কেনেকৈ? 

প্ৰথমেই আপোনাৰ প্ৰশ্ন হ'ব পাৰে, চৰাই ক'ত চাব? সহজ উত্তৰটো হ'ল,  আপুনি য’তেই নাথাকক, য'লৈকে নাযাওক প্ৰায় সকলো ঠাইতে অলপ মন কৰিলেই চৰাই চাব পাৰে। আপোনাৰ ঘৰৰ চোতালতে হয়তো প্ৰতিদিনে কাউৰী, শালিকা, ঘৰচিৰিকা, বুলবুলি আদি বহুকেইবিধ চিনাকি চৰায়ে দেখা দিয়েহি। এদিন পুৱাতে কিছুপৰ তাতে বহি লৈ মন কৰকচোন, কিমানবিধ বেলেগ বেলেগ চৰাই দেখা পাইছে?   

ঘৰচিৰিকা চৰায়ে পানীত ওমলিছে (উৎস)

আমি যেনেকৈ আলহীক ঘৰলৈ আদৰি নিওঁ, চাহ-পানী যাচোঁ, তেনেকৈ বহু চৰাইকো আপুনি নিজৰ ঘৰলৈ আদৰিব পাৰে।  অলপ কষ্ট কৰিয়ে আপোনাৰ বাৰীখন চৰাইৰ বাবে আকৰ্ষণীয় কৰি তুলিব পাৰে। চোতালৰ অলপ মুকলি ঠাইত বহলকৈ মুখৰ পাত্ৰ এটাত পানী অলপ ৰাখি চাওকচোন। ঘৰচিৰিকা আৰু বুলবুলিৰ দৰে কিছুমান চৰায়ে গৰমকালি তেনে পাত্ৰত গা ধুই, পানী খাই খেলা কৰিবলৈ ভাল পায়। তেনেদৰে বাৰীত ফুল, জোপোহা বা গছ ৰুই চৰাইৰ খোৱা বস্তু বিচাৰিবলৈ আৰু বাহ সাজিবলৈ সুবিধা কৰি দিব পাৰে। 

 ওলমাই ৰাখিব পৰা চৰাইৰ খাদ্যভঁৰাল (উৎস)

মানুহৰ ঘৰে-বাৰীয়ে দেখা পোৱা চৰাইৰ বাহিৰেও অন্য বহু চৰাই আছে যিবোৰ কেৱল বিশেষ পৰিৱেশতহে দেখা যায়। এই চৰাইবোৰে কিছুমান নিৰ্দিষ্ট বাসস্থান বা চৰণীয়া ঠাই পছন্দ কৰে। উদাহৰণস্বৰূপে, আপুনি নৈ, পুখুৰী বা জলাশয়ৰ ওচৰত বহু ধৰণৰ হাঁহ, মাছোৰোকা বা বগলী আদি চৰাই দেখা পাব। তেনেদৰে হাবি বা অৰণ্যৰ ওচৰে পাঁজৰে দেখা পাব ৰূপহী বা বাৰীসুন্দৰী আদি চৰাইবোৰ।গতিকে যেতিয়াই আপুনি ভিন্ন পৰিৱেশত চৰাই চাবলৈ আৰম্ভ কৰিব, সিহঁতৰ ৰং-ৰূপৰ অপাৰ বৈচিত্ৰ্যও লাহে লাহে আপোনাৰ চকুত ধৰা দিবহি। 

চৰাই কেনেকৈ বিচাৰি উলিয়াব? তাৰ মূল উপায় দুটা- দেখি আৰু শুনি। বেছিভাগ ডাঙৰ বা মজলীয়া জোখৰ চৰাই হয়তো পোনেই আপোনাৰ চকুত পৰিব। নৈপৰীয়া কোনোবা ঠাইত ক'লা পাখি দুখন মেলি ৰ'দ লৈ থকা পানীকাউৰীটো বা দ'লনিত গোঁজ মাৰি ৰোৱা পানী বগলীটো আপোনাৰ দুচকুত হয়তো সহজেই ধৰা দিবহি। অৱশ্যে দূৰৈৰ চৰাই চাবলৈ বাইন'কুলাৰ 
এটা থাকিলে বেছি সুবিধা। পিছে বহুতো চৰাই আকৌ দেখা পোৱাৰ আগতেই হয়তো আপুনি সিহঁতৰ মাত শুনিব। বিশেষকৈ কিছুমান কণমানি আৰু লাজকুৰীয়া চৰাই চিনাৰ মূল উপায় হ'ল সিহঁতৰ সুকীয়া মাতবোৰ চিনা। বাৰীৰ জোপোহাৰ মাজৰ পৰা অহৰহ মাতি থকা টিপচী চৰাইটো দেখা পোৱাৰ আগতেই আপুনি এনেকৈ চিনিব পাৰিব।

টিপচী চৰাইটি দেখিছে নে শুনিছে? (উৎস)

দেখি বা শুনি আপুনি চৰাই এটা বাৰু ঠিকেই বিচাৰি পালে। পিছে চৰাইটোৰ নামটো জনাৰ উপায় কি? তাৰবাবে সহজ উপায় হ'ল পক্ষী নিৰীক্ষণৰ হাতপুথিবোৰ। এনে কিছুমান জনপ্ৰিয় হাতপুথি হ’ল সৌম্যদ্বীপ দত্তৰ 'অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি', ৰিচাৰ্ড গ্ৰিমেট, কেৰ'ল ইনস্কিপ আৰু টিম ইনস্কিপৰ ‘বাৰ্ডছ অৱ দ্য ইণ্ডিয়ান চাবকন্টিনেণ্ট’, চেলিম আলীৰ ‘দ্য বুক অৱ ইণ্ডিয়ান বাৰ্ডছ’ আদি। তাৰ লগতে বৰ্তমান স্মাৰ্টফোনত ইনষ্টল কৰিব পৰা ভালেসংখ্যক এপ যেনে ইবাৰ্ড (ebird), আই নেচাৰেলিষ্ট (iNaturalist) আদিত এনে চৰাইৰ ফটো, নাম আৰু মাতৰো সন্ধান কৰিব পাৰি।

চৰাই চিনাৰ সহায়ক হাতপুথি

চৰাই চোৱা আৰু চিনাৰ বাবে অন্য কিছুমান দৰকাৰী কিটিপ হ'ল-
  • পুৱা আৰু বিয়লি বেলা চৰাই চোৱাৰ বাবে অতি উত্তম সময়। এইখিনি সময়তে বেছিভাগ চৰাই আটাইতকৈ সক্ৰিয় হৈ থাকে। গতিকে সিহঁতক বিচাৰি উলিয়াবলৈ সহজ হয়।
  • চৰাই চাবলৈ ওলাই গ’লে সৰু বহী এখন আৰু কলম এটাও লৈ যাবলৈ চেষ্টা কৰক। অচিনাকি চৰাই এটা দেখা পালে ইয়াৰ আকাৰ, আকৃতি বা ৰঙৰ বিষয়ে মন কৰি লিখি ৰাখিবলৈ চেষ্টা কৰক। যদি আপুনি অঁকি ভাল পায়, তেন্তে চৰাইটোৰ এখন মোটামুটি ছৱিও আঁকি পেলাব পাৰে। পিছত সেয়া হাতপুথিৰ ছৱিৰ লগত মিলাই চিনিবলৈ সহজ হয়।
  • কিছুমান চৰাই দেখা পোৱা ঠাই আৰু আচৰণৰ পৰাও চিনিবলৈ সহজ হয়। উদাহৰণস্বৰূপে, বালিমাহী চৰাইবোৰে নেজডাল অনবৰতে লৰাই থাকে। তেনেকৈ নাচনী চৰায়ে আকৌ প্ৰায়ে নেজডাল জাপানী বিচনীখনৰ দৰে মেলি ধৰে। গতিকে এনে আচৰণবোৰৰ পৰা চৰাইবিধৰ নাম উলিয়াবলৈ সুবিধা হয়।  
  • চৰাই চোৱাৰ বাবে স্থানীয় গোট থাকিলে তাতো যোগ দিয়ক। যদি আপোনাৰ অঞ্চলত এনে কোনো গোট নাই, তেন্তে আপুনি নিজেই আগ্ৰহী লোকৰ এনে এটা দল গঠন কৰক।একেলগে চৰাই চাবলৈ যাওক বা আপুনি দেখা পোৱা নতুন চৰাইবোৰৰ বিষয়ে কথা পাতক। দেখিব, কম দিনৰ ভিতৰতে চৰাই চিনাৰ চখ যথেষ্ট উপভোগ্য হৈ পৰিছে।  
  • চৰাইৰ ৰং, আকৃতি আৰু আকাৰৰ ক্ষেত্ৰত পাৰ্থক্য থাকিলেও সিহঁতৰ শৰীৰৰ মৌলিক অংশবোৰ একে। শৰীৰৰ এই অংশৰ নামবোৰ জানিলেও চৰাইবিধ চিনাত যথেষ্ট সহায় হয়। পৰৱৰ্ত্তী খণ্ডত এইবিষয়ে অধিক জানিবলৈ পাব। 

Saturday, 14 May 2022

হেঁপাহৰ এদিন

এক মে', ২০২২। ভেনকুভাৰ মহানগৰীৰ কুইন এলিজাবেথ পাৰ্ক সিদিনা লোকে লোকাৰণ্য। পুৱা ছয় বাজিছেহে। যোৱাকেইদিনৰ দৰে বৰষুণ নাই যদিও ডাৱৰে ওন্দোলাই ৰখা আকাশ। ইয়াত বহুতে ধেমালিতে কোৱাৰ দৰে ভেনকুভাৰ নহৈ বেছ কিছুদিন ধৰি 'ৰেইনকুভাৰ' হৈ আছে!  বান্ধৱী দেবীক উদেশ্যি কিছু আশংকাৰে মই ক'লোঁ,

'বৰষুণ দিলে বৰ দিগদাৰি হ'ব, নহয়?'

'চিন্তা নকৰিবা। আগজাননী মতে অলপ পিছত ৰ'দহে ওলাব লাগে।' তাই মোক ভৰসা দি কথাষাৰ ক'লে যদিও কথাৰ মাজতে নিজৰ জেকেটটো ডিঙিলৈকে টান মাৰি ল'লে।

অলপ লৰি চৰি থাকিলে ঠাণ্ডাৰ প্ৰকোপ কমিব বুলিয়ে মানুহৰ ভিৰ ফালি আগবাঢ়ি গ'লোঁ। দুয়ো পাৰ্কৰ কাষেৰে যোৱা অণ্টাৰিঅ' পথত ভৰি দিলোঁগৈ। সেই পথছোৱাত সকলো গাড়ী-মটৰৰ চলাচল বন্ধ কৰি থোৱা হৈছে। তাৰ সলনি ইমূৰৰ পৰা সিমূৰলৈ ব্যায়াম-জগিং আদিত ব্যস্ত হৈ থকা অলেখ-অসংখ্য মানুহ। আমি দুজনীয়েও তাতে যোগ দিলোঁগৈ।

এই ঠাইৰ পৰাই আজি ভেনকুভাৰ মাৰাথনৰ আৰম্ভণি হোৱাৰ কথা। দিনটোৰ বিভিন্ন সময়ত আৰম্ভ হ'ব পূৰ্ণাংগ মাৰাথন (৪২ কিমি), অৰ্ধ মাৰাথন (২১.১ কিমি) আৰু আঠ আৰু দহ কিমি দূৰত্বৰ দৌৰ। সকলো মিলি আজি ভেনকুভাৰৰ ৰাজপথত ওঠৰ হাজাৰ মানুহে একেলগে দৌৰিব।  

ক'ভিডৰ বাবে যোৱা দুটা বছৰ অনলাইন অনুষ্ঠিত হোৱাৰ পিছত এয়া ভেনকুভাৰ মাৰাথনৰ পঞ্চাছবছৰীয়া বৰ্ষপূৰ্তি। গতিকে এইবাৰ মানুহৰ উৎসাহ-উদ্দীপনা স্বাভাৱিকতে বেছি । চাৰিওফালে কিশোৰৰ পৰা বয়োজ্যেষ্ঠলৈকে ভিন্ন বয়সৰ, ভিন্ন গঢ়ৰ মানুহ। বেছিভাগৰ দেহত দৌৰাৰ পোছাক যদিও কিছুমানে ৰং- বিৰঙী সাজ-পোছাক আৰু টুপী আদিও পিন্ধি আহিছে। পথৰ একাষে পাতি লোৱা অস্থায়ী মঞ্চৰ পৰা আয়োজকৰ অহৰহ ঘোষণা আৰু সংগীত ভাঁহি আহিছে। তাৰ লগে লগে মানুহবোৰৰ হৰ্ষধ্বনি। দুই এজনে তাল মিলাই নাচিছেও। যেন মাৰাথন নহয় আজি এক উৎসৱহে চলিছে। দৌৰৰ উৎসৱ! 

মোৰ পিছে এই মাৰাথনক লৈ যিমান উত্তেজনা, তাৰ সমানে উৎকণ্ঠাও হৈ থাকিল। সঁচাই পাৰিমনে? জীৱনৰ প্ৰথমটো মাৰাথন! ইয়াৰ আগতে কেতিয়াও কোনো দৌৰ প্ৰতিযোগিতাত অংশ লোৱাৰ কথা মনত নপৰে। দৌৰিবলৈ লোৱাইনো কিমান দিন হৈছে! মনত আছে, প্ৰথম কানাডাত ভৰি দি পিছদিনাই এই কুইন এলিজাবেথ পাৰ্কলৈকে আহিছিলোঁ। শৰতৰ মিঠা বতাহজাক গালে-মুখে লৈ এই পাৰ্কৰে ইমূৰৰ পৰা সিমূৰলৈ দৌৰিছিলোঁ। সেই সময়ত কল্পনাও কৰা নাছিলোঁ আঢ়ৈ বছৰৰ পিছত ইয়াৰ পৰাই এদিন জীৱনৰ প্ৰথমটো মাৰাথন দৌৰিম। 

'পাৰিবা, কিয় নোৱাৰিবা? ইমানদিনৰ ট্ৰেইনিঙে কামত নিদিবনে! মাত্ৰ মনত ৰাখিবা, প্ৰথমে লাহে লাহে আৰম্ভ কৰাৰ দৰকাৰ।' মোৰ লগতে সোঁ ভৰিখন আগলৈ দি ব্যায়াম কৰি কৰি দেবীয়ে মোক আশ্বস্ত কৰাৰ চেষ্টা কৰিলে।

দেবী আমেৰিকাৰ। ইয়াৰ আগতে তাই ছান ফ্ৰান্সিছক',  মিচিগান আদি আমেৰিকাৰ বিভিন্ন মহানগৰীত কেইবাবাৰো মাৰাথনত ভাগ লৈছে। গতিকে তাইৰ পৰামৰ্শ মনত ৰখাৰ চেষ্টা কৰিলোঁ। এনেতে আমাক সকলোকে নিজৰ নিজৰ ক'ৰেল বা দলত থিয় দি সাজু হ'বলৈ আহ্বান জনালে। লগে লগে দেবী আৰু মই শাৰী পাতিলোঁগৈ নীলৰঙী ক'ৰেলত।

কুইন এলিজাবেথ পাৰ্কত মাৰাথনৰ আৰম্ভণি

প্ৰায় আঠহাজাৰ মানুহে একেলগে এই অৰ্ধ মাৰাথন দৌৰিব। গতিকে আমাৰ সাম্ভাব্য গতিৰ ভিত্তিত বিভিন্ন গোটত ভাগ কৰি দিয়া হৈছে। একেবাৰে সন্মুখত ক'লা ৰঙী ক'ৰেলত আগশাৰীৰ দৌৰবিদসকল। হয়তো বেছিভাগেই অন্য দেশৰ। বিশ্ব ৰেকৰ্ড গঢ়াৰ আশাত অহা খেলুৱৈ।

প্ৰথম শাৰীৰ পৰা কেইবাফুট পিছত একাদিক্ৰমে মুগা আৰু নীলা ক'ৰেল। দেবীৰ সৈতে তাতে থিয় দি মানুহৰ আলেখ লেখ চাই ৰ'লোঁ। মাজে মাজে ইটো সিটো ব্যায়াম কৰিলোঁ। কিন্তু এই আৰম্ভ হ'ব, এই আৰম্ভ হ'ব বুলি অহৰহ ঘোষণা কৰি থাকিলেও আৰম্ভণিৰ নিৰ্ধাৰিত সময় পাৰ হৈ গৈ থাকিল।

এটা সময়ত ঘোষকে কৈফিয়ৎ দিবলৈ বাধ্য হ'ল,

'আপোনালোকৰ নিৰাপত্তা আমাৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ। আমি জানিব পাৰিছোঁ যে মাৰাথনৰ পথত পুলিচে কিছু অনুসন্ধান চলাব লগাত পৰিছে। ভেনকুভাৰ পুলিচে সেউজ সংকেত দিয়াৰ লগে লগেই এই মাৰাথন আৰম্ভ হ'ব।'

আমি উচপিচাই উঠিলোঁ। ক'ত কি হৈছে? পিছদিনাৰ বাতৰি চাইহে গম পালোঁ যে মাৰাথনৰ পথৰ একাষত কিবা এক সন্দেহজনক বস্তু পাই স্বেচ্ছাসেৱী লোকে পুলিচক খৱৰ দিলে। সেয়া পৰীক্ষা কৰি আঁতৰোৱাৰ বাবেই আৰম্ভণিৰ সময়ত সেই বিলম্ব। 

'এয়া আপোনালোকৰ বাবে সোণালী সুযোগ আপোনাৰ আশে পাশে থিয় দি থকা প্ৰতিযোগীৰ জীৱন কাহিনী শুনাৰ।' ঘোষণাটো শুনি দেবী আৰু মই দুয়ো দুয়োলৈ চাই হাঁহি পেলালোঁ।

নাই, ইমান উত্তেজনাৰ মাজত জীৱন-বৃত্ত শুনাৰ কাৰো ধৈৰ্য নাই। তেনেতে অচিনাকি মহিলা এগৰাকীয়ে সুধিলেহি,

'সেই যে চাইন লৈ থিয় দি আছে মানুহবোৰ, তাৰ অৰ্থটো কি জানে নেকি?'

তেওঁৰ দৃষ্টি অনুসৰণ কৰি দেখিলোঁ, ২:০০, ২:১৫, ২:৩০ আদি সময় লিখা একো একোখন প'ষ্টাৰ হাতত লৈ আমাৰ আগে পিছে কেইবাগৰাকী খেলুৱৈ।

'তেওঁলোক পেচাৰ (pacer)। তেওঁলোকৰ গতিত গ'লে আপুনি সেই সময়ৰ ভিতৰতে মাৰাথন সম্পূৰ্ণ কৰিবগৈ পাৰিব।' দেবীয়ে তপৰাই উত্তৰ দিলে।

'অঁ হয় নেকি! জনোৱাৰ বাবে বহুত ধন্যবাদ। মোৰ এয়া প্ৰথম মাৰাথন। গতিকে কথাবোৰ নতুনকৈ শিকিছোঁ।'

'মোৰো এয়া প্ৰথম! আপুনি ২১.১ কিমি দৌৰিবলৈ সাজুনে?' মই যেন তেওঁক নুসুধি নোৱাৰিলোঁ।

'উম..' মানুহ গৰাকীয়ে ওঁঠ কামুৰি কেইটামান মুহূৰ্ত ভাৱিলে। তাৰপিছত ক'লে,

'সাজু বুলি ঠিক ক'ব নোৱাৰোঁ। এতিয়াও ভাৱ হৈ আছে আৰু অলপ ট্ৰেইনিং কৰিব পৰা হ'লে ভাল আছিল।'

'আমাৰো একেই অৱস্থা!' দেবী আৰু মই একেলগে কৈ উঠিলোঁ।

কথাষাৰে মোক অলপ সকাহ দিলে। অনুভৱ কৰিলোঁ, আমাৰ দৰেই বহুতৰে হয়তো একেই উদ্বিগ্নতা, একেই আশংকা।

মাৰাথনৰ আৰম্ভণি (উৎস: BMO Vancouver Marathon)

প্ৰায় এঘণ্টাৰ অপেক্ষাৰ অন্তত এক সুৱদী কণ্ঠত ভাঁহি অহা কানাডাৰ ৰাষ্ট্ৰীয় সংগীত 'অঁ কানাডা'ই যেন মানুহবোৰক সাৰ পোৱাই দিলে। গীত শেষ হোৱাৰ পিছতেই সুহুৰি আৰু নানা হৰ্ষধ্বনিৰ মাজেৰে দৌৰ আৰম্ভ কৰিলে ক'লাৰঙী ক'ৰেলৰ প্ৰতিযোগীসকলে। তাৰ পিছতে আগবাঢ়িল মুগাৰঙী ক'ৰেল। তেওঁলোক যোৱাৰ পাঁচমিনিটৰ পিছতে আমি থিয় দিলোঁগৈ আৰম্ভণিৰ সীমাত। বিভিন্ন দলৰ আৰম্ভণিৰ সময় অগা পিছা যদিও মাৰাথনৰ শেষত আমি নিজৰ চোলাত আঁৰি লোৱা বিবত থকা নম্বৰ আৰু ট্ৰেকিং চিপৰ ভিত্তিতহে প্ৰত্যেকৰে সঠিক সময় নিৰ্ধাৰণ কৰিব।

আয়োজকৰ লগতে আমি সকলোৱে অতীব উত্তেজনাৰে গন্তি কৰিলোঁ,

'দহ, ন, আঠ, সাত, ছয়, পাঁচ, চাৰি, তিনি, দুই, এক!!!'

লগে লগে দৌৰ আৰম্ভ। কুইন এলিজবেথ পাৰ্কৰ পৰা ওলায়ে আমি কেম্বি পথেৰে  ডাউনটাউন অভিমুখে দৌৰিলোঁ। কথা আৰু হাঁহিৰ মাজেৰে কেইবাটাও দল মোৰ কাষেৰে পাৰ হৈ গ'ল। দেবীক ক'লোঁ,

'তোমাৰ দুঘণ্টাৰ ভিতৰতে শেষ কৰাৰ লক্ষ্য যেতিয়া তুমি আগবাঢ়া। মই লাহে লাহে গৈ থাকিম।'

হয়ভৰ দি তাই আগবাঢ়িল। চাই থাকোঁতেই তাই হেৰাই গ'ল সন্মুখৰ বহুতো প্ৰতিযোগীৰ মাজত।

মোৰ লক্ষ্য হ'ল আঢ়ৈৰ পৰা তিনিঘণ্টাৰ ভিতৰত ২১.১ কিমি সম্পূৰ্ণ কৰা। পিছে দুই কিলোমিটাৰমান পাৰ হৈছোঁহে, ভৰি দুখনত বিষ এটা উজাই আহিল। লাহে লাহে তীব্ৰতা বাঢ়ি অসহনীয় যেন হৈ পৰিল। দুয়োখন ভৰি যেন শিলৰ দৰে জঠৰ হৈ গৈছে।দৌৰা দূৰৈৰ কথা, খোজেই যেন আগনাবাঢ়িব এনে ভাৱ হ'ল। মুহূৰ্ততে নানা আশংকাই মোক কাবু কৰি পেলাব খুজিলে। ভালকৈ 'ৱাৰ্ম আপ' নকৰিলে কেতিয়াবা এনে হয় কিন্তু দুয়োখন ভৰিতে এনে তীব্ৰ বিষ আগতে কেতিয়াও হোৱা নাই। 

ডাউনটাউন পোৱাৰ আগতেই বুৰাদ সুঁতি (Burrad inlet) ৰ ওপৰত কেম্বি দলং। সেইখিনি পাওঁগৈ মানে উপায়ন্তৰ হৈ দৌৰাৰ সলনি বাটৰ একাষেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলোঁ। এক কিংকৰ্তব্যবিমূঢ় অৱস্থা। বেছিকৈ হেঁচা দি দৌৰাৰ চেষ্টা কৰিলে ভৰিত আঘাত পোৱাৰ আশংকা। আনহাতে ইমান যা-যোগাৰৰ পিছত মাৰাথনৰ আৰম্ভণিতেই ৰৈ যোৱাৰ হতাশা।

অৰ্ধ মাৰাথনৰ গতিপথ (উৎস: BMO Vancouver Marathon)

ইতিমধ্যে মোৰ কাষেৰে আগবাঢ়ি গৈছে ইজনৰ পিছত সিজন প্ৰতিযোগী। দীঘলকৈ এটা উশাহ টানি ল'লোঁ। নিজকে সোঁৱৰালোঁ, কিয় দৌৰিছোঁ আজি? এই মাৰাথন জানো মোৰ বাবে মাথোঁ এক প্ৰতিযোগিতা?

মাথোঁ পাঁচবছৰ আগেয়ে প্ৰথম দৌৰিবলৈ আৰম্ভ কৰিছোঁ। ইংলেণ্ডত গৱেষণা কৰি থাকোঁতে কামৰ তীব্ৰ হেঁচাই দিনবোৰ পিষ্ট কৰি পেলোৱাৰ সময়ত এদিন প্ৰথমবাৰৰ বাবে দৌৰিবলৈ ওলাই গৈছিলোঁ। দৌৰৰ ছন্দোবদ্ধ গতিৰ লগে লগে সিদিনা যেন মন-মগজুৰ আহ-পাহ বোৰলৈকো সতেজ বতাহ এছাটি সোমাই আহিল। ক্লান্ত দেহ-মন পলকতে সজীৱ হৈ পৰিল। তাৰবাবেই পিছত বাৰে বাৰে দৌৰিবলৈ ওলাই গৈছিলোঁ। 

সেই যে আৰম্ভ হ'ল, তাৰ পিছত দৌৰ হৈ পৰিল মোৰ বাবে সচেতনতা (mindfulness)-ৰ এক অপৰিহাৰ্য্য মাধ্যম। কানাডাত থিতাপি লোৱাৰ পিছত ক'ভিড মহামাৰীয়ে পুনৰ সোঁৱৰাই দিলে এই সাধাৰণ কামটোৰ অসাধাৰণ থেৰাপিউটিক তাৎপৰ্য্যৰ কথা। যোৱা দুটাবছৰে ভেনকুভাৰৰ অপূৰ্ব বৰ্ষাৰণ্যৰ বহু অলিয়ে গলিয়ে আৰু সাগৰৰ পাৰে পাৰে দৌৰিলোঁ। ৰ'দ-বৰষুণ নেওচি প্ৰায় প্ৰতিদিনে। দৌৰৰ লগে লগে মোৰ বাবে যেন এক নতুন ৰূপত প্ৰতিভাত হৈ পৰিল বৰ্তমানৰ পৃথিৱীখন। ব্যতিব্যস্ত জীৱনৰ দৈনন্দিন গতানুগতিকতাৰ পৰা মূৰ তুলি প্ৰকৃতিৰ সৈতে ক্ষন্তেক একাত্ম হোৱাৰ সুযোগ পালোঁ। যিমানে দৌৰিলোঁ, সিমানে উপলব্ধি কৰিলোঁ ক'ভিডৰ পূৰ্বৰ সাধাৰণ নিৰাপদ জীৱনটোও কেনে অসাধাৰণ আশীৰ্বাদস্বৰূপ এই নতুন পৃথিৱীত। দৌৰে যেন মোক নতুনকৈ শিকালে জীৱনৰ প্ৰতিটো দিন উদযাপন কৰাৰ আদিপাঠ৷ 

সেইবাবেইতো আজি দৌৰিছোঁ। যোৱা তিনিমাহে আজিৰ দিনটোৰ বাবেই জোৰদাৰ প্ৰশিক্ষণ চলাইছোঁ।  আজিৰ এই মাৰাথনত ভাগ লৈছোঁ কানাডাৰ মানসিক স্বাস্থ্য সন্থা (Canadian Mental Health Association)-ৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ। ক'ভিডে আচোঁৰ মাৰি যোৱা বা জীৱন তছ নছ কৰি যোৱা বহুজনৰ মানসিক স্বাস্থ্য পুনৰুদ্ধাৰত কিঞ্চিৎ এক সহায় হ'ব -সেই আশাত।

মাৰাথনৰ এটা মুহূৰ্ত

সেইবাবেই এই মাৰাথন মোৰ একান্তই নিজা এক পৰিক্ৰমা। অন্য কাৰো সৈতে এয়াতো মোৰ প্ৰতিযোগিতা নহয়। প্ৰতিযোগিতা যদি হ'বই লাগে তেনে সেয়াও কেৱল মোৰ নিজৰ সৈতে। সেই উপলব্ধিয়ে মনলৈ কিছু সাহস আনি দিলে। বাটৰ একাষে মোৰ খোজবোৰ ৰৈ গ'লহি। দূৰৈতে দেখিলোঁ তিনি কিমি লিখা এখন ফলক। পুনৰ দুবাৰমান দীঘলকৈ উশাহ টানি এটা এটাকৈ দুয়োটা ভৰিৰ কিছু ব্যায়াম কৰিলোঁ।যথেষ্ট আৰাম পালোঁ। 

এইবাৰ একেবাৰে লাহে লাহে দৌৰা আৰম্ভ কৰিলোঁ। আগৰদৰে ভৰিৰ তীব্ৰ বিষটো উজাই নাহিল। কি এক সকাহ!

ক্ৰমান্বয়ে মোৰ গতি খৰ হ'বলৈ আৰম্ভ কৰিলে। ভৰিৰ বিষ কমাত চাৰিওফালৰ পৰিৱেশটোও উপভোগ কৰাৰ অৱকাশ পালোঁ যেন। বাটৰ দুয়োকাষে বহু দৰ্শক। চিনকি-অচিনাকি সকলো প্ৰতিযোগীকে মাত লগাই উৎসাহ যোগাইছে। বহুতৰ হাতত আমোদজনক চাইন। 'গ', ৰেণ্ডম ষ্ট্ৰেঞ্জাৰ, গ'', 'হুয়েৰ ইজ এভৰিৱান গ'য়িং?', 'ৱৰ্ষ্ট পেৰেড এভাৰ'! এজনে আকৌ অভিনেতা ৰায়ান গছলিঙৰ ফটোৰে সৈতে তুলি ধৰিলে, 'হেই গাৰ্ল, ইউ লুক গুড!' বাটে বাটে সেইবোৰ পঢ়ি গৈ থাকি বৰ আমোদ পালোঁ। দৌৰাৰ বাটতে স্বেচ্ছাসেৱীসকলে দিয়া পানী খালোঁ, এনাৰ্জি বাৰ একোটাও থাপ মাৰি নিয়াদি লৈ পুনৰ দৌৰিলোঁ। 

দহ কিমি পাৰ হওঁ মানে দেহ-মন সেই ছন্দোৱদ্ধ গতিত সোমাই পৰিল। অভিজ্ঞতাই শিকাইছে সেই গতিত অভ্যস্ত হৈ পৰাৰ পিছত বহু দূৰত্ব অনায়াসে গৈ থাকিব পাৰি। গতিকে দুগুণ উৎসাহেৰে সাগৰৰ পাৰে পাৰে বীচ্চ এভিনিউ হৈ দৌৰিলোঁ। আমাৰ সন্মুখত ষ্টেনলী পাৰ্কৰ সেউজীয়া। তাৰ সিপাৰে চিম'ৰ, গ্ৰাউজ আৰু চাইপ্ৰেছ পৰ্বতৰ বৰফে ঢকা শৃংগ। ভেনকুভাৰৰ সেই তেনেই চিনাকি কিন্তু এক অপৰূপ দৃশ্য। 

হঠাৎ চকুত পৰিল সৌৱাচোন কিছু দূৰৈত ২:৩০ ৰ পেচাৰজন! তেন্তে এতিয়াও মোৰ লক্ষ্য হেৰুৱা নাই। কথাটো উপলব্ধি কৰি নতুনকৈ অনুপ্ৰেৰণা পোৱা যেন লাগিল। বাকীবোৰ মানুহক পিছ পেলাই বাটত সুৰুঙা উলিয়াই খৰকৈ আগবঢ়াৰ চেষ্টা কৰিলোঁ। সাগৰৰ ঢৌৰ গৰ্জন এৰি ষ্টেনলী পাৰ্কৰ সেউজীয়াৰ বুকুত সোমাওগৈ মানে মই পেচাৰজনৰ কাষ পালোঁগৈ। এইবাৰ তেওঁৰ লগে লগে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

লাহে লাহে পেচাৰজনৰ আগে পিছে আমাৰ এটা দল বান্ধিলে। তেওঁ ঘড়ীত সময় মিলাই খৰকৈ দৌৰিলে আমিও খৰকৈ যাওঁ। তেওঁৰ গতি লেহেমীয়া হ'লে সেই সুযোগতে আমি উশাহটো ঘূৰাই এনাৰ্জি বাৰ এটাত মুখ দিওঁ। বুজিলোঁ, সকলোৰে মোৰ দৰেই একেটাই উদেশ্য। তেওঁৰ সমানে সমানে দৌৰি আঢ়ৈ ঘণ্টাৰ ভিতৰত মাৰাথন সম্পূৰ্ণ কৰা। 

বাটৰ বহু দৰ্শকে আমাক ২:৩০ ৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰিলে। কেইবাঠাইতো আমি পিছ পেলাই যোৱা প্ৰতিযোগীয়ে চাইনৰ সেই সময় চাই ফোঁপাই জোঁপাই কৈ উঠিল,

'অহ ন'!!!'

'আহি থাকক! আহি থাকক! আপোনাক পাঁচমিনিটমানৰ পিছতে লগ পাম দেই। ইউ গট দিছ্‌।' পেচাৰৰ সান্ত্বনাবাণী।

মাজতে পুলিচৰ দুখন বাইকে বাট উলিয়াই আগবঢ়াই  নিলে এগৰাকী দৌৰবিদ (elite runner)-ক। বুজিলোঁ ইতিমধ্যে পূৰ্ণাংগ মাৰাথন আৰম্ভ হৈছে আৰু তেওঁ দৌৰিছে ৰেকৰ্ড ভংগ কৰিবলৈ।

সামৰণিৰ হাঁহি

বতৰ ডাৱৰীয়াই হৈ থাকিল। কিন্তু মোৰ ঠাণ্ডা, আশংকা বা বিষ সকলো কেতিয়াবাই আঁতৰিছে। তাৰ সলনি অন্য দিনাৰ দৰেই দেহ-মন উপচাই পেলাইছে এক প্ৰশান্তিময় অনুভৱে, এক নতুন উদ্যমে। ষ্টেনলী পাৰ্কৰ পৰা ওলালেই সাগৰৰ পাৰৰ 'চি ৱাল'ৰ কিছু বাট। সেই বাটেদিয়ে ঘুৰি আমি ডাউনটাউনৰ সামৰণিৰ সীমা স্পৰ্শ কৰিমগৈ। গতিকে শৰীৰৰ সকলো শক্তিৰে দৌৰি থাকিলোঁ। ইতিমধ্যে প্ৰায়বোৰ প্ৰতিযোগীৰ গতি লেহেমীয়া হৈছে। বহুতে কোনোমতে টানি আঁজুৰি নিয়াদি আগবঢ়াই নিছে ক্লান্ত ভৰিদুখন। সেই সকলোকে অনায়াসে পিছ পেলাই একমনে মাথোঁ দৌৰি থাকিলোঁ।

'চি ৱাল' পাৰ হৈয়ে প্ৰথমে চকুত পৰিল বাটৰ দুয়োকাষে অলেখ-অসংখ্য মানুহ। গান-বাজনা আৰু হৰ্ষধ্বনিৰ মাজত কি এক হৈ চৈ! যোৱা দুবছৰত ভেনকুভাৰত কেতিয়াও এনেকৈ মানুহ দেখা নাই, দেখা নাই এনে উৎসৱমুখৰ পৰিৱেশ। ক'ব নোৱাৰাকৈয়ে মোৰ হাঁহি ওলাল।

কেইমিনিটমানৰ পিছতে কেইবাগৰাকী প্ৰতিযোগীৰ সৈতে একেলগে ভৰি দিলোঁগৈ সামৰণিৰ সীমাত। স্বেচ্ছাসেৱী এগৰাকীয়ে আগবাঢ়ি আহি মোৰ ডিঙিত পিন্ধাই দিলেহি এটা ৰূপোৱালী মেডেল।

জীৱনৰ প্ৰথমটো মেডেল। প্ৰথমটো মাৰাথন। সময় চালোঁ,  ২ ঘণ্টা ৩০ মিনিট ০৯ ছেকেণ্ড!! কি এক অপূৰ্ব অনুভৱ! প্ৰাপ্তি আৰু সন্তুষ্টিৰ মন জুৰোৱা আবেগ!

ইতিমধ্যে মাৰাথন সামৰি মোৰ বাবে বাট চাই থকা দেবী হাঁহি হাঁহি আগবাঢ়ি আহিল। কাষ চাপি আহি মোলৈ হাতখন তুলি ধৰিলেহি। এটা হাই ফাইভৰ বাবে!

Thursday, 12 May 2022

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ

১৯৯৫ চন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ মেক্সিক' চহৰ। তাৰে স্থানীয় বিশ্ববিদ্যালয়খনত  অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত অংশ ল'বলৈ আহিছিল লুইছা মাফি (Luisa Maffi) নামৰ ইটালিয়ান বিজ্ঞানীগৰাকী। মাফিয়ে তাৰ মাথোঁ এবছৰৰ পূৰ্বে ভাষা আৰু নৃতত্ববিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তাৰ উপৰিও সেইসময়ত তেওঁ পৰিৱেশ  আৰু জীৱবিজ্ঞানৰ প্ৰতি অত্যন্ত আগ্ৰহী।

ড° লুইছা মাফিয়ে অংশ লোৱা আলোচনাচক্ৰ (Symposium on Language Loss and Public Policy)ৰ বিষয় আছিল হেৰাই যাব খোজা খিলঞ্জীয়া ভাষাবোৰ। তাত উপস্থিত থকা বহুতো ভাষাবিজ্ঞানীয়ে থলুৱা ভাষাৰ সংকটৰ বিষয়ে আলোচনা কৰিলে। তেনেদৰে নৃতত্ববিজ্ঞানীসকলে আশংকা প্ৰকাশ কৰিলে খিলঞ্জীয়া কৃষ্টি-সংস্কৃতি বিপন্ন হোৱাক লৈ। পৰিৱেশ আৰু জৈৱবৈচিত্ৰ্য ধ্বংসৰ বিষয়টোও ইতিমধ্যে এক জলন্ত সমস্যা হৈ পৰিছে। এইসম্পৰ্কীয় আলোচনাবোৰ শুনি ড° মাফি চিন্তাত ডুব গ'ল। তেওঁ অনুভৱ কৰিলে যেন এই সকলোবোৰৰ মাজৰ এক সহজাত আন্ত:সম্পৰ্কৰ কথা এতিয়াও আলোচনাৰ পৰা বাদ পৰি ৰৈছে। 

ড° মাফিৰ এই ধাৰণাকে যেন সত্য বুলি প্ৰতিপন্ন কৰিলে সেই আলোচনাচক্ৰৰ এগৰাকী বক্তাই।  ডেভিদ হাৰ্মন (David Harmon) নামৰ এই জীৱবিজ্ঞানী গৰাকীয়ে তেওঁৰ নিজা গৱেষণাৰ উল্লেখ কৰি ক'লে যে পৃথিৱীৰ জৈৱবৈচিত্ৰ্য আৰু ভাষাৰ বিচিত্ৰতাৰ মাজৰ সম্পৰ্কৰ বিষয়ে পূৰ্ণাংগ গৱেষণা আৰু বিশ্লেষণৰ থল আছে।

সেই মুহূৰ্তটোৱে হৈ পৰিল ড° মাফিৰ পৰৱৰ্তী জীৱনৰ বাবে এক নতুন পথ নিৰ্দেশনা। বক্তৃতা শেষ হোৱাৰ লগে লগে তেওঁ এক মুহুৰ্তও বিলম্ব নকৰাকৈ হাৰ্মনক লগ ধৰিলেগৈ। নিজৰ চিনাকি দিয়ে তেওঁ উত্তেজিতভাৱে ক'লে,

'আপোনাৰ লগত মোৰ ভালকৈ কথা পতাৰ দৰকাৰ!' 

তেওঁলোকৰ আলোচনাৰ বিষয়টোৱে অন্য কেইবাগৰাকী বিজ্ঞানীৰো দৃষ্টি আকৰ্ষণ কৰিলে। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ চাৰিওফালে বিজ্ঞানীৰ এটা সৰু জুম বান্ধিল। ৰাতিৰ সাঁজ খোৱালৈকে তেওঁলোক গভীৰ আলোচনাত মগ্ন হৈ পৰিল। আনকি খোৱামেজত কোনো কোনোজনে খোৱাৰ মাজে মাজে নেপকিনতে লিখিবলৈ আৰম্ভ কৰিলে। সেইনিশা বিজ্ঞানীৰ দলটো একমত হ'ল যে ভাষা, সংস্কৃতি আৰু পৰিৱেশ তিনিওটাই ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে সম্বন্ধ থকা বিষয়। গতিকে পৃথক বিষয় হিচাপে অধ্যয়ন কৰাৰ সলনি এই তিনিওটাৰে সামগ্ৰিকভাৱে গৱেষণাৰ প্ৰয়োজন। 

সেই আলোচনাৰ পৰাই জন্ম হ'ল এক নতুন ধাৰণাৰ- জৈৱসাংস্কৃতিক বৈচিত্ৰ্য (biocultural diversity)। প্ৰকৃততে ভাষা, সংস্কৃতিৰ বৈচিত্ৰ্য আৰু জৈৱবৈচিত্ৰ্য সকলোবোৰ এই পৃথিৱীত জীৱনৰ বৈচিত্ৰ্য (Diversity of life) ৰে একো একোটা ৰূপ। আদিম কালৰে পৰা পৃথিৱীৰ ভিন্ন পৰিৱেশত বাস কৰা মানুহৰ ভাষা আৰু সংস্কৃতিৰ একেলগে বিৱৰ্তন হৈছে। সময়ৰ লগে লগে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে মানুহ আৰু মানুহৰ ভাষা আৰু সংস্কৃতিয়েও একেলগে খাপ খুৱাই লৈছে। খিলঞ্জীয়া জাতিসমূহৰ পৰম্পৰাগত জ্ঞান (Traditional Ecological knowledge) হ'ল পৰিৱেশৰ সৈতে মানুহৰ এনে অভিযোজনৰ এক উদাহৰণ। 

জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ ধাৰণা জন্ম হোৱাৰ পৰা যোৱা পঁচিছটা বছৰত এই ক্ষেত্ৰখন গৱেষণালব্ধ তথ্যই যথেষ্ট সমৃদ্ধ কৰিছে। শেহতীয়া গৱেষণাই দেখুৱাইছে যে পৃথিৱীত জৈৱবৈচিত্ৰ্য আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হোৱা অঞ্চলবোৰত থলুৱা ভাষা আৰু সংস্কৃতিও বিপদাপন্ন (চিত্ৰ ১)। উত্তৰ-পূব ভাৰতো ইয়াৰে এক জলন্ত উদাহৰণ।ইয়াৰ কাৰণ হ'ল জৈৱবৈচিত্ৰ্যৰ ক্ষেত্ৰত পৃথিৱীৰ সকলোতকৈ চহকী গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত মানুহৰ জনবসতিও অধিক। কাৰণ এই অঞ্চলসমূহত পৰ্য্যাপ্ত প্ৰাকৃতিক সম্পদৰ বাবে কম পৰিসৰতে বহুতো মানুহে থুপ পাতি বাস কৰিবলৈ সক্ষম হৈছিল। এনে গোটসমূহত ভিন্ন ভাষা আৰু সংস্কৃতিৰো বিকাশ সম্ভৱপৰ হ'ল। উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া অঞ্চলসমূহত দেখা পোৱা জনজাতীয় ভাষা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য এনে এক প্ৰক্ৰিয়াৰে নামান্তৰ। 

চিত্ৰ ১: পৃথিৱীত উদ্ভিদৰ বৈচিত্ৰ্য আৰু বিভিন্ন ভাষাৰ বৈচিত্ৰ্যৰ এক মানচিত্ৰ (উৎস: Stepp et al. 2004)

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য বৰ্তমান ঘোৰ সংকটত। এহাতে মানৱ ইতিহাসত অভূতপূৰ্ব এক দ্ৰুত হাৰত প্ৰকৃতিৰ ধ্বংস হৈছে যাৰ পৰিণতিত আজি  প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ আনহাতে বিভিন্ন প্ৰান্তত খিলঞ্জীয়া ভাষা, কৃষ্টি-সংস্কৃতিও হেৰাই যোৱাৰ উপক্ৰম হৈছে। উদাহৰণস্বৰূপে, বিশ্বত মাতৃভাষা ক'ব পৰা লোকৰ সংখ্যাৰ ভিত্তিত কৰা এক বিশ্লেষণত ধৰা পৰিছে যে ১৯৭০ চনৰ পৰা বিশ্বৰ ভাষাৰ বৈচিত্ৰ্যতা ২০% হ্ৰাস পাইছে। তাৰ লগে লগে হেৰাই গৈছে খিলঞ্জীয়া ভাষাত সঞ্চিত হৈ থকা প্ৰকৃতি আৰু সংস্কৃতি সম্পৰ্কীয় মূল্যৱান পৰম্পৰাগত জ্ঞানৰ ভাণ্ডাৰ। বিপদাপন্ন হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ সহজাত সম্পৰ্কও। গতিকে জীৱনৰ এই সামগ্ৰিক বৈচিত্ৰ্যতা ৰক্ষা কৰিবলৈ হ'লে জৈৱবৈচিত্ৰ্যৰ লগতে থলুৱা ভাষা-সংস্কৃতিকো বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজন।


চিত্ৰ ২: নাগালেণ্ডৰ জুম খেতি আৰু খেতিয়ক

জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে বিভিন্ন কাৰ্য্যসূচী লোৱা হৈছে। এইক্ষেত্ৰত আগভাগ লৈছে অষ্ট্ৰেলিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশে। বিশেষকৈ আমেৰিকাৰ হাৱাই দ্বীপত জৈৱসাংস্কৃতিক বৈচিত্ৰ্যৰ পুনৰুদ্ধাৰ (Biocultural Restoration)ৰ বাবে খিলঞ্জীয়া জাতিসমূহে অহোপুৰুষাৰ্থ কৰি আহিছে। তেওঁলোকে ঠাই, জীৱ-জন্তুৰ থলুৱা নামৰ উদ্ধাৰৰ পৰা খিলঞ্জীয়া উপায়েৰে পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা লৈছে। এই উপায়সমূহে মানুহৰ দৈনন্দিন জীৱনৰ লগতে প্ৰকৃতিকো সমৃদ্ধ কৰাৰ প্ৰমাণ শেহতীয়া গৱেষণাই দিছে। উদাহৰণস্বৰূপে, তাৰ খিলঞ্জীয়া জাতিসমূহৰ বাবে সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ জীৱ-জন্তুৰ সংৰক্ষণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাতো সহায় কৰিছে। তেনেদৰে লুইছা মাফিয়ে জন্ম দিয়া 'টেৰালিংগুৱা' নামৰ প্ৰতিষ্ঠানটোৱেও বিশ্বৰ বিভিন্ন কোণৰ বিজ্ঞানী আৰু খিলঞ্জীয়া জাতি-জনজাতিৰ নেতৃত্বত জৈৱসাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টা চলাই আহিছে। 

উত্তৰ-পূব ভাৰত ভাষা, সংস্কৃতি আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতুলনীয়। এই অঞ্চলটো পূব হিমালয় আৰু ইণ্ডো-বাৰ্মা দুয়োটা  জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান (biodiversity hotspot) ৰ অন্তৰ্ভুক্ত। তেনেদৰে দুশৰো অধিক খিলঞ্জীয়া জাতি-জনজাতিয়ে আদিম কালৰে পৰা এই অঞ্চলত বাস কৰি আহিছে। একেসময়তে বিভিন্ন কাৰকৰ প্ৰভাৱত উত্তৰ-পূবৰ জৈৱবৈচিত্ৰ্য আৰু ভাষা-সংস্কৃতি বৰ্তমান সংকটৰ মুখামুখি হৈছে। এই পৰিপ্ৰেক্ষিতত বিশ্বৰ অন্য প্ৰান্তৰ দেশসমূহে লোৱা জৈৱসাংস্কৃতিক পুনৰুদ্ধাৰৰ পদক্ষেপসমূহ উত্তৰ-পূব ভাৰতৰ বাবেও খুবেই প্ৰাসংগিক হৈ পৰিছে। উত্তৰ-পূবৰ প্ৰকৃতি আৰু ভাষা-সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবেও বৰ্তমান প্ৰয়োজন হৈছে অন্য এগৰাকী লুইছা মাফিৰ।

তথ্যউৎস:

  • https://terralingua.org/
  • Maffi, L., & Woodley, E. (2012). Biocultural diversity conservation: a global sourcebook. Routledge.
  • Maffi, L. (2005). Linguistic, cultural, and biological diversity. Annu. Rev. Anthropol., 34, 599-617.
  • Gorenflo, L. J., Romaine, S., Mittermeier, R. A., & Walker-Painemilla, K. (2012). Co-occurrence of linguistic and biological diversity in biodiversity hotspots and high biodiversity wilderness areas. Proceedings of the National Academy of Sciences, 109(21), 8032-8037.
  • Henson, L., Balkenhol, N., Gustas, R., Adams, M., Walkus, J., Housty, W., ... & Darimont, C. (2021). Convergent geographic patterns between grizzly bear population genetic structure and Indigenous language groups in coastal British Columbia, Canada. Ecology and Society, 26(3).
  • Winter, K., Ticktin, T., & Quazi, S. (2020). Biocultural restoration in Hawaiʻi also achieves core conservation goals. Ecology and Society, 25(1).