Wednesday, 19 April 2023

এলবাৰ্টা ১০৪: আকাশত অঘটন

'হেই জলি, তুমি সাজুনে?'

হেডছেটৰ মাইক্ৰ'ফ'নত পিটাৰৰ মাতটো ভাঁহি আহিল। মনৰ আশংকা আৰু উত্তেজনাখিনি সামৰি মই উৎসাহেৰে কৈ উঠিলোঁ,

'হয়, মই সাজু!' 

এখন বগা এ-ষ্টাৰ হেলিকপ্টাৰৰ পাইলটৰ আসনত পিটাৰ। পিটাৰৰ কাষত মোৰ সহকৰ্মী ব্ৰেট। হেলিকপ্টাৰখন যথেষ্ট সৰু। পাইলটৰ পিছতে মাথোঁ চাৰিখন আসন। পিটাৰৰ ঠিক পিছফালে খিৰিকীৰ কাষত মই। মোৰ কাষত অন্য দুগৰাকী সহকৰ্মী এৰিন আৰু ক্ৰিষ্টিন। 

এলাবাৰ্টাৰ উত্তৰত থকা তৈলনগৰী ফৰ্ট মেকমাৰিত আজি মোৰ প্ৰথম দিন! শীতৰ প্ৰকোপ কমা নাই যদিও মুকলি নীলা আকাশ আৰু উজ্বল ৰ'দজাকে বসন্তৰ বতৰা আনি দিছে।আমাৰ মনবোৰো পোহৰাই তুলিছে।

'জলি, এইটো পাৰ্ট সকলোতকৈ বেছি এক্সাইটিং!' পিটাৰৰ মাতটো হেডছেটত ভাঁহি আহিল আকৌ। বুজিলোঁ সেয়া পিটাৰৰ মোক সহজ কৰাৰ চেষ্টা । কাৰণ ইতিমধ্যে তেওঁ গম পাইছে আমাৰ গোটটোত কেৱল মোৰহে হেলিকপ্টাৰত আজি প্ৰথম দিন। 

আকাশী পথেৰে

আমি সকলো এলবাৰ্টাৰ প্ৰাদেশিক চৰকাৰৰ বন্য জীৱবিজ্ঞানী। পদবীৰ ফালৰ পৰা ময়ে সকলোতকৈ জ্যেষ্ঠ যদিও আমাৰ দলত এনে কামৰ ক্ষেত্ৰত সকলোতকৈ অনভিজ্ঞও ময়ে। ব্ৰেট, এৰিনহঁতে ইয়াৰ আগতেও বহুবাৰ হেলিকপ্টাৰত অহা-যোৱা কৰি কাম কৰিছে। সিহঁতে প্ৰতি বছৰে হেলিকপ্টাৰৰ পৰা দুৰ্গম অৰণ্যৰ জীৱজন্তুৰ জৰীপো কৰিছে। সেয়ে হেলিকপ্টাৰত উঠাৰ আগে আগে ব্ৰেটক ক'লোঁ,

'তুমি বছৰ বছৰ ধৰি ফিল্ডৰ এই কামবোৰ কৰি আহিছা। গতিকে মই মাথোঁ তোমাৰ পৰামৰ্শমতে যি কৰিব লাগে কৰি যাম।'

লাহে লাহে হেলিকপ্টাৰখনৰ পাংখাৰ গতি বাঢ়িল। তীব্ৰ হৰ্ণ এটা দি লৈ হেলিকপ্টাৰখনে হেলিপেডৰ মাটি এৰিলে। ওপৰলৈ উঠাৰ লগে লগে মোৰ চকুত লাহে লাহে ধৰা দিলে ফৰ্ট মেকমাৰি নগৰীখন। আথাবাস্কা, ক্লিয়াৰৱাটাৰ, হেঙিংষ্ট'ন আৰু হৰ্ছ নদীৰ সংগমস্থলীত গঢ়ি উঠা নগৰীখন এতিয়াও বৰফৰ শুকুলা দলিচাই ঢাকি থৈছে। তাৰ মাজে মাজে শীতৰ সৈতে যুঁজি থিয় দি আছে লঠঙা গছবোৰ। তেনে এয়াই মোৰ নতুন কৰ্মক্ষেত্ৰ! চকুৰে মনালৈকে মই চৌদিশে চাই ৰ'লোঁ- যেন তেনেকৈয়ে এই বিশাল লেণ্ডস্কেপৰ সৈতে যিমান পাৰি চিনাকি হৈ লোৱাৰ চেষ্টা কৰিলোঁ।

আমাৰ হেলিকপ্টাৰখন ফৰ্ট মেকমাৰিৰ উত্তৰলৈ আগবাঢ়িল। কানাডাৰ প্ৰায়বোৰ নগৰী আৰু মানুহৰ বসতি দক্ষিণে কানাডা-আমেৰিকাৰ সীমাতহে থুপ খাই আছে। যিমানে উত্তৰলৈ যোৱা যায়, ঠাণ্ডাৰ প্ৰকোপ বাঢ়ে আৰু ঠাইবোৰো দুৰ্গম হৈ আহে। ইয়াৰ আগতে কেতিয়াও কানাডাৰ উত্তৰৰ এই ঠাইবোৰ নিজ চকুৰে চোৱাৰ অভিজ্ঞতা হোৱা নাই। কিন্তু জানো, উত্তৰৰ প্ৰকৃতি অনন্য। ব'ৰিয়েল অৰণ্য, তাৰ অপূৰ্ব জীৱ-জন্তু আৰু প্ৰাকৃতিক শোভাৰ কথা মনত পৰি মোৰ মন ৰোমাঞ্চিত হৈ উঠিল।

কিন্তু হেলিকপ্টাৰৰ গতিৰ লগে লগে নতুনকৈ উদ্ভাসিত হৈ উঠা ছৱিখনৰ বৈপৰীত্যই যেন মোক চমকাই তুলিলে। বৰফৰ দলিচা মুকলি কৰি লৈ আমাৰ তলত এয়া চোন প্ৰকৃতিৰ সলনি মানুহৰহে সাংঘাতিক কুচ কাৱাজ! চকুৰে মনালৈকে ভিন্ন ৰকমৰ ঔদ্যোগিক অবয়বে মূৰ দাঙি উঠিছে। সৰু-বৰ বাটবোৰত অতিকায় ট্ৰাকবোৰে অহা-যোৱা কৰি আছে। ঠায়ে ঠায়ে কাৰখানাৰ ধোঁৱাই নীলা আকাশৰ একাংশ ঢাকি পেলাব খুজিছে!

তেনে এয়াই অতদিনে শুনি অহা কানাডাৰ বিয়াগোম তেল উদ্যোগ! যি এলবাৰ্টাৰ অৰ্থনীতিৰ ৰূপ সলাই পেলাইছে। লগতে এই উদ্যোগে ব'ৰিয়েল অৰণ্যৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত বহু বিতৰ্কৰো সূত্ৰপাত কৰি আহিছে।

'সৌৱা কি?' আমাৰ হেলিকপ্টাৰৰ ঠিক বাওঁহাতে ধৰা দিয়া হ্ৰদৰ দৰে ঠাই এখনলৈ আঙুলীয়াই মই মাইক্ৰ'ফোনত সুধিলোঁ।

পত্নীয়ে ডিজাইন কৰা কেকৰ কাহিনী কৈ থকাৰ পৰা পিটাৰ থমকি ৰ'ল। তেওঁৰ লগতে ব্ৰেট আৰু এৰিনেও কৈ উঠিল,

' সেইবোৰেই টেইলিংছ!'

মোৰ মনটো কঁপি উঠিল। এয়াতো প্ৰাকৃতিক হ্ৰদ নহয়েই, বন্য জীৱ-জন্তুৰ কাৰণে ভয়ংকৰভাৱে বিপদজনক এক কৃত্ৰিম ঠাইহে। কাৰণ এই টেইলিংছ ফেচিলিটিবোৰতে তেলৰ নিষ্কাশনৰ সময়ত ওলোৱা বৰ্জিত পদাৰ্থবোৰ ৰখা হয়। তাৰ সংস্পৰ্শলৈ আহিল মানেই জীৱ-জন্তু, চৰাই-চিৰিকটিৰ মৃত্যু অনিবাৰ্য্য! সেইবোৰ ইমান বিশাল যে দেখাত প্ৰকাণ্ড হ্ৰদ একোটা যেন ভাৱ হয়।

পিটাৰ পুনৰ নিজৰ কাহিনীলৈ ঘুৰি গ'ল। ক'বলৈ ধৰিলে নিউজিলেণ্ডৰ পৰা আহি কেনেকৈ ইয়াত খোপনি পুতিলেহি। কেনেকৈ এই তৈল নগৰীত এটা সুখী আৰু আৰামী জীৱন গঢ়িলেহি।

আকাশৰ পৰা বিস্তৰ এলেকা জুৰি থকা বিয়াগোম তেলৰ উদ্যোগ চাই চাই মই যেন বহুপৰলৈ বিভোৰ হৈ পৰিলোঁ। এই উদ্যোগৰ প্ৰাচুৰ্য আৰু ক্ষমতাৰ প্ৰভাৱ বহু বেছি। কানাডাৰ অৰ্থনীতিক বহুদূৰ আগুৱাই নিছে যদিও এই উদ্যোগে অপৰূপ ব'ৰিয়েল অৰণ্যৰ বিস্তৰ ক্ষতিও কৰিছে। লগতে চাৰিওফালৰ পৰা  ঠেলি ঠুকি আনিছে কানাডাৰ ভূমিপুত্ৰ খিলঞ্জীয়া সকলৰ মাটি।

প্ৰাদেশিক চৰকাৰৰ জ্যেষ্ঠ বন্যজীৱবিজ্ঞানী হিচাপে যোগ দিয়াৰ সময়তে জানিছিলোঁ, এইখন এখন যুঁজ হ'ব। উন্নয়ন আৰু প্ৰকৃতি সংৰক্ষণৰ মাজত ভাৰসাম্য অনাৰ যুঁজ। এই বিশাল ঔদ্যোগিক কুচ-কাৱাজৰ  জীৱ-জন্তুৰ ওপৰত পৰিব পৰা বিৰূপ প্ৰভাৱ কমোৱাৰ যুঁজ। কিন্তু আজিহে যেন এই যুঁজখনৰ প্ৰত্যাহ্বান কেনে জটিল সেয়া সঁচা অৰ্থত উপলব্ধি কৰিলোঁ।

যোগ দিয়াৰ প্ৰথম সপ্তাহতে এখন মিটিঙত ইয়াৰে আটাইতকৈ প্ৰভাৱশালী তেল কোম্পানীটোৰ প্ৰতিনিধিগৰাকীয়ে মোক কৈছিল,

'আপুনি জইন কৰাৰ কথা ফৰ্ট মেকমাৰিৰ গোটেইবোৰ তেল কোম্পানীতে বনজুইৰ দৰে বিয়পি গৈছে!'

ভিতৰি অলপ চমকিলেও মই হাঁহি হাঁহিয়ে কৈছিলোঁ,

'হয় নেকি? সেয়া ভাল খৱৰ বুলিয়ে লৈছোঁ।'

আজিহে যেন তাৰ মৰ্মাৰ্থ আৰু মোৰ দায়িত্বৰ গুৰুত্ব বুজি পালোঁ। পাৰিমনে মই? পাৰিমনে এই প্ৰভাৱশালী অৰ্থনীতিৰ সন্মুখত প্ৰকৃতি সংৰক্ষণৰ চুক্তি এটা অহৰহ বজাই ৰাখিব?

'আমি নামিবৰ হৈছে।' ব্ৰেটৰ মাতে মোৰ তন্ময়তা ভাঙিলে। ইতিমধ্যে আমাৰ চাৰিওদিশে আৰণ্যক সেউজীয়াই ছাটি ধৰিছে। তেলৰ খনি পাৰ হৈ আমি ব'ৰিয়েল অৰণ্য পাইছোঁহি।

অপূৰ্ব ব'ৰিয়েল অৰণ্য


'জলি, তুমি মোৰ পিছে পিছে নামি যাবা। আমাক নমাই হেলিকপ্টাৰ নৰয়। লগে লগেই ক্ৰিষ্টিন আৰু এৰিনক লৈ আনটো পইণ্টলৈ যাবগৈ।' ব্ৰেটৰ কথাত হয়ভৰ দিলোঁ।

পিটাৰে কণ্ট্ৰ'ল ৰুমত জনালে, 'কেমেৰা ক্ৰু ৱানক ল'কেশ্যন ০০১ ত নমাবলৈ লৈছোঁ। এই ক্ৰুত আছে জলি আৰু ব্ৰেট।'

ডাঠ অৰণ্যৰ মাজত বৰফত গোট মাৰি ৰোৱা হ্ৰদৰ মুকলি ঠাই এটুকুৰাতে হেলিকপ্টাৰ নামিল। হেলিকপ্টাৰৰ পাংখা চলি থকা ভাগেই ব্ৰেটৰ পিছে পিছে মই নামি পৰিলোঁ। এআঁঠু বৰফত খুপি খুপি খোজ দি খুউব সাৱধানেৰে দুয়ো বেগবোৰ নমালোঁ।ব্ৰেটে ক'লে,

'মোৰ পিছে পিছে হাওলি আহা।'

যিমান পাৰি মূৰ তল কৰি হাওলি খোজ দিলোঁ। নহ'লে হেলিকপ্টাৰৰ পাংখাই আঘাত কৰাৰ ভয়। দুইমিটাৰ মান দূৰৈতে দুয়ো চকু মুদি জেকেটেৰে গা-মূৰ ঢাকি বৰফত পৰি ৰ'লোঁ। ব্ৰেটে চিঞৰি ক'লে,

'মই নোকোৱালৈকে একেবাৰে লৰচৰ নকৰিবা।'

আমাৰ চাৰিওফালে বৰফৰ ছিটিকনিৰে প্ৰচণ্ড ফোৱাৰা তুলি হেলিকপ্টাৰ আকৌ উৰিল। সেই ধুমুহা ক্ষান্ত হোৱাৰ পিছত ব্ৰেটে মোক হেঁচুকি ক'লে,

'এতিয়া নিৰাপদ আমি!'

বন্যজীৱ কেমেৰা
বৰফবোৰ জাৰি-জোকাৰি চৌদিশে চকু ফুৰালোঁ। বৰফত গোট মাৰি ৰোৱা সেই হ্ৰদত এতিয়াও কিছুমান কেটটেইলৰ শুকান জোপোহা। ব্ৰেটে জিপিএছত কেমেৰাৰ স্থান চাই চাই হ্ৰদটোৰ কাষৰ অৰণ্যলৈ আগবাঢ়িল। ময়ো তাইৰ পিছে পিছে খোজ দিলোঁ। এআঁঠু বৰফত এয়া প্ৰথম হাইকিং মোৰ। জপং জপংকৈ বৰফত দ গাত কৰি ভৰি দুখন আগবঢ়াই নিয়া যথেষ্ট কষ্টসাধ্য। ব্ৰেটে ক'লে, আকাশী পথৰ বাহিৰে এই অৰণ্যত সোমোৱাৰ অন্য কোনো উপায় নাই। সেইবাবেই ইমান দুৰ্গম এই এলেকা।

'সৌটো আমাৰ কেমেৰা।' ব্ৰেটে আঙুলীয়াই দেখুৱালে।

এছপেন গছৰ গাত বান্ধি থোৱা বাকচৰ দৰে কেমেৰাটো মোৰো চকুত পৰিল। দুয়ো আগবাঢ়ি গৈ কামত লাগি পৰিলোঁ। এই অৰণ্যৰ জন্তুবোৰ বিশেষকৈ মেঠোন (বাইছন)ৰ পৰ্য্যবেক্ষণৰ বাবে এই কেমেৰাবোৰ সমগ্ৰ অৰণ্যখনৰ ঠায়ে ঠায়ে পাতি থোৱা আছে। বছৰেকত এবাৰ কেমেৰাবোৰ আমাৰ বিভাগে পৰীক্ষা কৰেহি।

ব্ৰেটে কেমেৰাটো খুলি লৈ নতুনকৈ বেটেৰী-কাৰ্ড আদি লগালে। দৰকাৰী তথ্য-পাতিবোৰ মই নোটবুকত টুকি গ'লোঁ। নতুনকৈ আকৌ এটা কেমেৰা লগাই এইবাৰ আমি দুয়ো কেমেৰাৰ সন্মুখেৰে অহা-যোৱা কৰি চালোঁ। চলন সংবেদনশীল কেমেৰাটোৱে আমাৰ চলন ধৰা পেলাই উপৰাউপৰিকৈ কেইবাখনো ফটো তুলিলে।

এআঁঠু বৰফেৰে হেলিকপ্টাৰলৈ বুলি


'ঠিকেই কাম কৰিছে! যোৱাবছৰ এই কেমেৰাটোত মেঠোন, হৰিণ আৰু বিভাৰ আদিৰ ভাল ফটো পাইছিলোঁ। এইবাৰো পালেই হ'ল।' ব্ৰেটৰ কথা শেষ হ'বলৈ নাপাওঁতেই আকাশত পিটাৰৰ হেলিকপ্টাৰখন ধৰা দিলেহি।

দুয়ো খদমদমকৈ বস্তুবোৰ সামৰিলোঁ। পিটাৰে আমাক উভতা দেখি মাটিৰ অলপ ওপৰতে হেলিকপ্টাৰ উৰাই ৰাখিলে। আগৰদৰেই আমি গৈ গা-মুৰ ঢাকি বৰফত লৰচৰ নকৰাকৈ পৰি দিলোঁগৈ। বৰফৰ ধুমুহা তুলি অমাৰ একেবাৰে কাষত হেলিকপ্টাৰ নামিল। খুউব সাৱধানেৰে খুপি খুপি আমি চলি থকা হেলিকপ্টাৰখনত সোমাই পৰিলোঁ।

সেই যে আৰম্ভ হ'ল তাৰপিছত আৰু দিনটোলৈ আমাৰ এখন্তেকো আহৰি নোলাল। দিনৰ দিনটো পিটাৰে আমাৰ দুয়োটা দলক ইখনৰ পৰা সিখন ঠাইলৈ অনা-নিয়া কৰি থাকিল। প্ৰতিখন ঠাইৰ কেমেৰাবোৰ পৰীক্ষা কৰি কৰি আমি কাম আগবঢ়ালোঁ। তাৰ মাজতে য'ত যেনেকৈ সুবিধা পালোঁ লগত নিয়া চাহ এঢোক খাই ল'লোঁ, চেণ্ডইছত একামোৰ মাৰি ল'লোঁ। 

আবেলিলৈ আমি দুয়োটা দল মিলি মুঠ ২৬ টা কেমেৰাৰ ১৭ টাৰে পৰীক্ষা কৰি সামৰিলোঁ। সিদ্ধান্ত হ'ল, বাকী ৰোৱা নটা কাইলৈ এবেলাতে হৈ যাব। গতিকে পাঁচমান বজালৈ আমাৰ দলটো উভতিল। উভতনিৰ বাটত পিটাৰে কৈ গ'ল কেইবছৰ মানৰ আগৰ ফৰ্ট মেকমাৰিৰ ভয়াবহ অগ্নিকাণ্ডৰ কথা। সেই জুয়ে হেনো নগৰখনৰ ৰূপেই সলাই পেলালে। ইয়াৰ জনজীৱনত আৰু কোম্পানীৰ কাম-কাজত তাৰ প্ৰভাৱ আজিও স্পষ্ট।

হোটেল পাই ব্ৰেট আৰু মই ঠিক কৰিলোঁ কাইলৈ পুৱাতে কাম সামৰি বাহিৰে বাহিৰেই আমি এডমণ্টনলৈ উভতিম। এৰিন আৰু ক্ৰিষ্টিনে ফৰ্ট মেকমাৰিৰ অফিচৰ পৰাই কাম কৰে বাবে সিহঁতৰ একো অসুবিধা নাই। আমাৰহে ইয়াৰ পৰা এডমণ্টনলৈ গাড়ীৰে পাঁচঘণ্টীয়া যাত্ৰা।

হেলিকপ্টাৰ নমাৰ পৰত বৰফৰ ফোৱাৰা


কথামতেই কাম। পিছদিনা পুৱাতে ব্ৰেট আৰু মই আমাৰ হোটেলৰ পৰা চেক আউট কৰি সকলো বয়-বস্তু লৈ ওলালোঁ।আগদিনাৰ দৰেই ফৰ্ট মেকমাৰিৰ এয়াৰপৰ্টত আমাৰ দলটো গোট খালে। কালিতকৈ মই যেন হেলিকপ্টাৰ যাত্ৰাত যথেষ্ট সহজ। কামো বেছি নাই বাবে মুকলি মুকলি ভাৱ। 

পিছে তেতিয়া আমি উপলব্ধি কৰা নাছিলোঁ, সেই দিনটোৱে আমাৰ বাবে কি সাঁচি থৈছে। ভৱা নাছিলোঁ, এই দিনটোৱে আকৌ এবাৰ সোঁৱৰাই যাব যোৱা এটা দশকৰ ফিল্ডৱৰ্কৰ অভিজ্ঞতাৰ এটা গুৰুত্বপূৰ্ণ শিকনি -ফিল্ডৱৰ্ক পৰিকল্পনা কৰা মতে প্ৰায়ে নহয়। এনেবোৰ ফিল্ডৱৰ্কত সদায়ে প্ৰয়োজন যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ শাৰীৰিক আৰু মানসিক শক্তি আৰু প্ৰস্তুতি।

আগলৈ..............

পূৰ্বৰ খণ্ডসমূহ:

এলবাৰ্টা ১০১

এলবাৰ্টা ১০২

এলবাৰ্টা ১০৩

Saturday, 1 April 2023

এলবাৰ্টা ১০৩

কানাডাৰ পশ্চিম প্ৰান্তৰ এডমণ্টন মহানগৰীত এতিয়া দিনে নিশাই বৰফ পৰিছে। প্ৰতিনিশাই বৰফে পুতি পেলাব খোজা বাট-পথবোৰ পুৱাতে মেচিনেৰে মুকলি কৰিছে। ৰাতিটোৰ ভিতৰতে বাটৰ কাষৰ গাড়ীবোৰত পৰা বৰফৰ ডাঠ প্ৰলেপটো ব্ৰাছেৰে ঠেলি ঠেলি আঁতৰাইছে। হাড় কপোঁৱা জাৰৰ সৈতে যুঁজিয়ে আৰম্ভ হৈছে প্ৰতিটো কৰ্মব্যস্ত দিন। 

এই ঠাইত এখন নতুন ঘৰ পতাৰ কেইবামাহো হ'ল যদিও মোৰ দেহ-মনত এতিয়াও এৰি অহা ভেনকুভাৰৰ সুবাস। শীতৰ সেমেকা দিনবোৰত যেন ভেনকুভাৰৰ মায়াই বেছিকৈহে আৱৰি ধৰিছে। যেন মই এতিয়াও বন্দী এৰি আহিও এৰিব নোখোজা সেই প্ৰিয় ঠাইৰ নষ্টালজিয়াত। তাৰ সেউজ বৰ্ষাৰণ্য, শাৰী শাৰী পৰ্বত, উচ্ছল সাগৰখনৰ অপৰূপ শোভাত। বিদায় দিব নোখোজা আপোন মানুহবোৰৰ সান্নিধ্যৰ মাদকতাত। 

এনেকৈ ধৰফৰাই থকা এটা দিনতে বন্ধু টিগানে ক'লে,

'আজি সন্ধিয়া ওলাবা। মোৰ বন্ধু তনয়াই নতুন চাকৰি পালে। চেলিব্ৰেট কৰিমগৈ।'

কথামতেই সন্ধিয়া তিনিও এটা পাবত লগ হ'লোঁ। তনয়াৰ সৈতে এয়া প্ৰথম দেখা। লনী দেহৰ এগৰাকী এথলীট চেহেৰাৰ শ্বেতাংগ মহিলা। গম পালোঁ তেওঁ মোৰ চুবুৰীয়া। 

নিশাৰ সাজৰ লগে লগে তনয়াই উৎসাহেৰে কৈ গ'ল নতুন চাকৰিৰ কথা। তেওঁ ছফটৱেৰ ইঞ্জিনিয়াৰ। এফালে পুৰণি কোম্পানী আৰু সহকৰ্মী এৰি যোৱাৰ দুখ, আনহাতে নতুন কোম্পানীৰ নতুন দায়িত্বৰ উত্তেজনা! স্বাভাৱিকতে তেওঁৰ মাতত মিশ্ৰিত আবেগ-উৎকণ্ঠা। তাৰ মাজতে তেওঁ মোৰ খৱৰ ল'লে,

'কেনে লাগিছে এডমণ্টন? ঠাণ্ডাত কষ্ট পাইছা নেকি?'

শীত-তাপ নিয়ন্ত্ৰিত পাবৰ পৰিৱেশটোত মই যেন কিছু আত্মমগ্ন হৈ আছিলো। কোমল লাইটৰ পোহৰ, সংগীতৰ মূৰ্ছনা, আমাৰ চাৰিওফালৰ টেবুলৰ পৰা ভাঁহি অহা কথা-বাৰ্তা আৰু হাঁহিৰ শব্দ- সকলোবোৰ মিলি যেন মোলৈ এটা সুখানুভূতি আনি দিছিল। সেই অনুভৱৰ আমেজ লৈ থকাৰ পৰাই মই সঁহাৰি দিলোঁ, 'ঠিকেই!'

যেন বহু অনুভৱৰ ঢৌৱে উখল-মাখল লগাই থকা উত্তাল সাগৰ এখন বুকুৰ মাজতে সামৰি থ'লো।

অন্তত: অলপ সময়ৰ বাবে ।

কিছু পিছতে ক্ৰিষ্টেন ওলালহি। গম পালোঁ, তেৱোঁ মোৰ চুবুৰীয়া, টিগান আৰু তনয়াৰ বন্ধু। ওখ-পাখ, কেকোৰা চুলি আৰু সকলো সময়তে মুখত লাগি ৰোৱা প্ৰাণখোলা হাঁহি। সেই প্ৰথম চিনাকিতে যেন সহজ হৈ পৰিলোঁ। 

লাহে লাহে আমাৰ আড্ডা জমিল। গম পালোঁ, মোৰ দৰেই দুয়ো বহু ঠাই ঘুৰি-পকি ভিন্ন সময়ত এডমণ্টনত নিজা এখন ঘৰ পাতিছেহি। এইবাৰ কথা প্ৰসংগত ক্ৰিষ্টেনে সুধিলে,

'কেনে লাগিছে এডমণ্টন?'

তেতিয়ালৈ মোৰ বিশ্বাস হৈছে, নতুন বন্ধু যদিও এওঁলোকৰ সৈতে মুকলিকৈ কথা পাতিব পৰা যায়। সুখ-দুখৰ দুই এটি অনুভৱ ভগাই ল'ব পৰা যায়।

সেইবাবেই নেকি এইবাৰ মই মুকলিকৈ কৈ পেলালোঁ, এতিয়াও এই ঠাইত সহজ হ'বলৈ বাকী, নিজাকৈ জীৱন এটা গঢ়িবলৈ বাকী।

'আস্‌, ইয়ালৈ আহি প্ৰথম বছৰটোত আমাৰো খুউব কষ্ট হৈছিল জানা? বিশেষকৈ শীতকালটো নাযায়-নুপুৱায় যেন লাগি গৈছিল।' তনয়াই ক'লে।

সিহঁত তিনিও কানাডাতে ডাঙৰ হোৱা। তেনে কেনেডিয়ানৰে যদি শীতৰ দিনবোৰ কষ্টকৰ হয়, তেনে মই কোন কুটা! মনটো কিছু পাতলিল।

'শীতৰ দিনবোৰ ভালদৰে কাটিবলৈ নিজেই উপায় উলিয়াই ল'ব লাগিব বুজিছা। আমি দৌৰিবলৈ যাওঁ, মাউণ্টেইন বাইকিং কৰোঁ, স্কি-স্কেটিং-স্ন টিউবিং কৰোঁ।' ক্ৰিষ্টেনে ক'লে।

'এই বৰফৰ মাজত?' মোৰ মাতত দোমোজাৰ ভাৱটো তেতিয়াও ওলমি থাকিল।

'অঁ, ইয়াত বছৰৰ ছমাহ বৰফ থাকে। ছমাহ শীত-তাপ নিয়ন্ত্ৰিত ঘৰত সোমাই থাকিবতো নোৱাৰি। ঠিক উইণ্টাৰ গিয়েৰ আৰু মন থাকিলে একোৱে অসম্ভৱ নহয়। সেইবাবেইতো ইয়াত ইমানবোৰ উইণ্টাৰ স্পৰ্টছ!' তনয়াই ক'লে।

'ওলাবা এদিন সন্ধিয়া! আমি একেলগে দৌৰিবলৈ যাম। কোনদিনা সবৰে সময় মিলিব বাৰু?' টিগান যেন হাতে-কামে লাগি পৰিলেই।

মোৰ দৰে নতুন অনভিজ্ঞ চুবুৰীয়াৰ বাবে ইয়াৰ শীতৰ দিনবোৰ উপভোগ্য কৰিবলৈ যেন তিনিও সংকল্পবদ্ধ হ'ল। পিছদিনাই দেখোঁ, আমাৰ এটা নতুন হুৱাটছএপ গ্ৰুপ সৃষ্টি হৈছে। দৌৰাৰ পৰিকল্পনা চলিছে। বাহিৰত বৰফৰ ডাঠ দলিচাখন দেখি মোৰ মনটো কোঁচ খালে যদিও প্ৰায় বাধ্য হৈয়ে যেন হয়ভৰ দিলো।

দুদিন পিছতে নিশা চাৰে আঠবজাত মিল নৈৰ পাৰত আমি চাৰিওগৰাকী গোট খালোঁ। পিন্ধনত কেইবাতৰপীয়া দৌৰাৰ সাজ। দৌৰৰ জোতাৰ তলত লগাই ল'লোঁ জোঙা মেটেলৰ স্পাইক। বৰফত পিছলি নপৰিবলৈ সেয়াই হেনো সকলোতকৈ কামত অহা উপায়। মূৰত একোটা হেডলেম্প। তাপমাত্ৰা তেতিয়ালৈ নামি গৈ -২১ ডিগ্ৰী চুইছেগৈ। 


মিল নদীৰ পাৰত হাবিতলীয়া বাট
'ব'লা তেন্তে!' কৈয়ে তনয়াই দৌৰ দিলে। আমিবোৰে তেওঁৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।  

মোৰ বাবে এয়া এক অবিশ্বাস্য পৰিৱেশ। দৌৰি ভাল পাওঁ যদিও কেতিয়াও এনেকৈ জীৱনতে দৌৰিবলৈ গৈ পোৱা নাই- ৰাতিৰ অন্ধকাৰত, হাড় কঁপোৱা জাৰত, বৰফে ঢাকি থোৱা ওখ-চাপৰ হাবিতলীয়া বাটত। হয়তো অভিযানপ্ৰিয় মনটোৱে এই নতুন অভিজ্ঞতাৰ চমকত ক্ষন্তেকলৈ সেই সকলোবোৰ পাহৰি থাকিল।

মিল নৈৰ দুয়োপাৰৰ অৰণ্যৰ একাঁ-বেকাঁ বাটেৰে দৌৰাৰ লগে লগে অনুভৱ কৰিলোঁ এই ট্ৰেইল ৰানিঙ মোৰ বাবে বহু দিশৰ পৰাই যেন এক প্ৰত্যাহ্বান!

বৰফে ঢকা ওখ-চাপৰ বাটটো মাজে মাজে লুংলুঙীয়া হৈ পৰে, মাজে মাজে হৈ পৰে আহল-বহল একোটা বাট। ৰাতিৰ অন্ধকাৰত হেডলেম্পৰ পোহৰে উজলোৱা অংশটোলৈকেহে দেখিছোঁ। হাবিৰ মাজে মাজে দৌৰোতে কোনোবা কোণত ঘপকৈ ওলাই পৰিছে এজোপা লঠঙা গছ- নাইবা একোটা থিয় গড়া। সেইবোৰে বাৰে বাৰে মোক ঠটমট খোৱাইছে, সতৰ্ক কৰি তুলিছে। অকস্মাত হামথুৰি বা পিছল খাই পৰাৰ পৰা বাচিবলৈ দেহ-মনৰ সেই অহৰহ প্ৰচেষ্টাত মোৰ ফোঁপনি উঠিছে।

মোৰ আগে আগে দৌৰি থকা চুবুৰীয়া কেইগৰাকীক দেখি ভাৱ হৈছে, এয়া যেন এক দৈনন্দিন অৱসৰ বিনোদনহে। কথাৰ লাচতে ইমান অনায়াসে দৌৰিব ধৰিছে যেন এই বাট-পথ, এই অৰণ্য আৰু বৰফৰ দলিচা তেওঁলোকৰ বাবে চিৰপৰিচিত।

মাজতে এবাৰ দোমোজাত পৰি ৰৈ দিছোঁ। এইহেন থিয় বৰফৰ পাহাৰেৰে কেনেকৈ দৌৰি নামি গ'ল তেওঁলোক? তনয়াই মোক থমকি ৰোৱা দেখি সুধিছে,

'তুমি ঠিকে আছানে?'

'উম...কেনি পাৰ হওঁ ধৰিব পৰা নাই!'

লগে লগে তিনিও ক্ষন্তেক থমকি ৰৈছে। সোঁমাজৰ টান শিল যেন হৈ পৰা পিচল বৰফবোৰ এৰি কাষে কাষে কপাহ-কোমল বৰফত ভৰি দি নামিবলৈ সহায় কৰিছে।তিনিও  উপলব্ধি কৰিছে, বৰফৰ সৈতে এয়া মোৰ প্ৰথম চিনাকি। এই বৰফৰ দেশত শৈশৱৰে পৰা তেওঁলোকৰ শৰীৰে আৰু ভৰি দুখনে ক'ত খোজ দিব পাৰি, ক'ত নোৱাৰি সেয়া ভালদৰে বুজি লৈছে। যেন সেয়া স্বত:স্ফুৰ্তভাৱেই হৈ পৰিছে শৰীৰৰ বিকাশ প্ৰক্ৰিয়াৰ এক অংশ। সেই বছৰ বছৰ জুৰি প্ৰোথিত হোৱা শিক্ষা ল'বলৈ মোৰ এতিয়াও বহু বাকী।

দৌৰাৰ লগে লগে ক্ৰিষ্টেনে এইবাৰ মোক বৰফৰ ভিন ভিন প্ৰকাৰৰ বিষয়ে ক'বলৈ ধৰিছে। ক'বলৈ ধৰিছে, কোনবোৰ কপাহৰ দৰে কোমল বৰফ, কোনবোৰ শিলৰ দৰে টান আৰু পিছল হৈ পৰা জিলিকা বৰফ। চিনাকি হৈছোঁ আগতে কেতিয়াও নুশুনা ক'লা বৰফৰ সৈতে। পকী ৰাস্তাত ইমানেই পাতল পানীৰ চামনি গোট মাৰে যে গাড়ী চালকে কেতিয়াও সেই ক'লা বৰফ হেনো দেখা নাপায়। তাত গাড়ীৰ চকা উঠিল মানেই ব্ৰেক ফেইল! ভয়ানক দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা!

জোন আৰু ডাৱৰৰ খেলাত উদ্ভাসিত অৰণ্য

প্ৰথম অভিজ্ঞতাৰ চমক আৰু উৎকণ্ঠাখিনি পাৰ হোৱাৰ পিছত লাহে লাহে মই চৌপাশৰ সৈতে সহজ হৈ আহিলোঁ। তেতিয়াহে যেন চকুত পৰিল জোনৰ পোহৰত উদ্ভাসিত হৈ উঠা এছপেন গছৰ অৰণ্যখন। সেই ঠেঁটুৱৈ লগা জাৰৰ নিশা আমাৰ বাহিৰে অৰণ্যখনত কোনো জনপ্ৰাণী নাই। চৌদিশ ইমান নিজম-নিতাল! মাজে মাজে মাথোঁ শুনিছোঁ ফেঁচাৰ মিঠা মাত- কুক কুক কুক।

'সেয়া শ্ব হুৱেট ফেঁচাৰ মাত। লগৰী বিচাৰিয়ে মাতি আছে কিজানি।' টিগানে কৈছে।

এপলকৰ বাবে মই ৰৈ গৈছোঁ। হেঁপাহেৰে শুনিছোঁ সেই আকলুৱা মাত। বুকু ভৰাই সামৰি লৈছোঁ জোনাকে ধুৱাই নিয়া মিল নদীৰ দুয়োপাৰৰ শোভা। কি এক অপৰূপ অবিশ্বাস্য পৰিৱেশ সেয়া।

লাহে লাহে মোৰ গৰম উঠি আহিছে। ঠাণ্ডাৰ অবিৰাম অত্যাচাৰ নোহোৱা হৈছে। মোৰ দেহ-মন আৱৰি পেলাইছে এক সুখানুভূতিৰে। যেন দুটা মুহূৰ্তৰ বাবে হ'লেও মনৰ দেৱালবোৰ খহি পৰিছে। যেন এটা স্বস্তিয়ে বুকুত বাহ ল'বলৈ আৰম্ভ কৰিছে।

বৰফৰ দলিচাত আমাৰ খোঁজ

সেই যে আৰম্ভ হ'ল- তাৰপিছৰ পৰা প্ৰতি সপ্তাহে আমি দৌৰিবলৈ যাবলৈ ল'লোঁ। একেই সময়, একেই ঠাই। ঋণাত্মক চিনেৰে নামি গৈ থকা তাপমাত্ৰাই আমাক স্তব্ধ কৰিব নোৱাৰিলে। প্ৰতি সপ্তাহে তনয়াই মিল নৈৰ পাৰৰ ন ন বাটেৰে আমাক বাট দেখুৱাই লৈ গ'ল। এই কাঠনিৰ একা-বেঁকা সকলো বাট যেন তেওঁৰ মুখস্থ হৈ গৈছে। কেতিয়াবা হাবিৰ মাজত কায়'টি (শিয়ালৰ দৰে এবিধ জন্তু)ৰ ৰাউচি শুনিলে তেৱেঁ বাটৰ লাঠি এডাল তুলি লয়। গতি থমকি নৰয়।

কেইদিনমানৰ পিছত আমাৰ দলত যোগ দিলে এঞ্জেলাই। তাৰপিছত আহিল শ্যেলী আৰু ল'ৰেন। সকলো আমাৰে চুবুৰীয়া।  প্ৰত্যেকেই নিজা কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত মহিলা। কৰ্মব্যস্ত দিনৰ শেষত কণমানিহঁতক খুৱাই বুৱাই শুবলৈ দি নিশা তেওঁলোক ওলাই আহে। ইয়াত প্ৰায়বোৰ সাংসাৰিক কাম মানুহে নিজে চম্ভালে। ঘৰুৱা সহায় পোৱাতো বহুদিশৰ পৰাই টান কাম। গতিকে সেই সকলোবোৰ লেঠা সামৰিও সপ্তাহটোৰ এইখিনি সময় নিজৰ বাবে উলিয়াই ল'বলৈ বহুখিনি মিলাব লগা হয়। 

ক্ৰিষ্টেনে কয়হি,

'ল'ৰা-ছোৱালীহালক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই স্কুললৈ সাজু কৰাতো মোৰ পাৰ্টনাৰ ব্ৰেণ্ডনৰ দায়িত্ব। গতিকে ৰাতি দেৰি হ'লেও মোৰ চিন্তা নাই।'

শ্ৰদ্ধা উপজে মোৰ। গৌৰৱ হয় আমাৰ এই দৌৰৰ দলটো লৈ। কমদিনতে গোট খোৱা মোৰ এই নতুন বন্ধুবোৰক লৈ। যিমান ঠাণ্ডা পৰিলেও, দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰিলেও প্ৰতিসপ্তাহৰ এই সময়খিনিয়ে এক অপূৰ্ব সজীৱতা আনি দিবলৈ ল'লে। 

এনিশা পিছে অনিচ্ছাস্বত্বেও মোৰ দৌৰিবলৈ যোৱা নহ'ল। সেইদিনা এডমণ্টন এৰি কামৰ বাবে দুদিনৰ কাৰণে ভেনকুভাৰ পালোঁহি। 

কামৰ মাজতে সুৰুঙা উলিয়াই চি ৱালত খোজ কাঢ়ি সাগৰৰ সৰু-বৰ ঢৌবোৰ চালোঁ। ডাউনটাউনৰ বিয়াগোম অট্টালিকা আৰু ব্যতিব্যস্ত বাটবোৰৰ প্ৰাণচাঞ্চল্যখিনি আকৌ এবাৰ হৃদয়লৈ টানি নিলোঁ। পেচিফিক স্পিৰিট বৰ্ষাৰণ্যৰ সেউজীয়াৰ মাজত সোঁৱৰণিক বাট এৰি দিলোঁ। গছ ভৰি ভৰি ফুলা চেৰী ফুলবোৰ হেঁপাহেৰে আকৌ এবাৰ চুই চালোঁ। এৰি অহা প্ৰিয় মানুহবোৰৰ সান্নিধ্যত আকৌ এবাৰ জীপাল হৈ উঠিলোঁ। সকলোৰে লগত মিলি তাৰ নেৰানেপেৰা বৰষুণজাকক লৈ বিষাদগাৰো কৰিলোঁ।

মোৰ বাবে ইমানবোৰ সোঁৱৰণি, ইমানবোৰ সাধুকথাৰ থুনপাক লৈ ৰৈ আছিল ভেনকুভাৰ!

ভেনকুভাৰত চেৰী ফুল

উভতাৰ বাটত পিছে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলোঁ,  ভেনকুভাৰ চিৰদিন মোৰ বাবে হৈ ৰ'ৱ এখন আপোন ঠাই। কিন্তু এতিয়া ভেনকুভাৰত মোৰ জীৱনৰ সেই সময়ছোৱা অতীত হৈছে। এতিয়া এডমণ্টনত মোৰ এখন নিজা ঘৰ হৈছে, মনে বিচৰাৰ দৰে এটা জীৱনৰ আৰম্ভণি হৈছে। 

বহু পলমকৈ হ'লেও এইবাৰহে যেন মই সঁচা অৰ্থত ভেনকুভাৰক বিদায় দিলোঁ। ফ্লাইটত বহি প্ৰথমবাৰৰ বাবে হেঁপাহেৰে বাট চালোঁ- এডমণ্টন পোৱালৈ। ঘৰ সোমোৱালৈ।

Sunday, 26 March 2023

প্ৰজাপতি (চুটিগল্প)

অৱশেষত ঘৰখনে কেকোঁৰা চেপাদি প্ৰশান্তক চেপা মাৰি ধৰিলে৷ এইবাৰ ব'হাগতে বিয়াখন পাতিব লাগে৷ কেৰিয়াৰ হৈ থাকিব, কিন্তু বয়স ৰৈ নাথাকে। বিয়াৰ বয়স উকলি গ’লে মনে মিলা ছোৱালী পাবলৈকে টান হ’ব৷ 

মনে মিলা ছোৱালী! 

প্ৰশান্তৰ হাঁহি উঠে৷ মাক-খুড়ীয়েকহঁতে ছোৱালীৰ ৰূপ-গুণ, পৰিয়ালৰ আঁতি গুৰি সকলো প্ৰথমে চালি-জাৰি চাব। তাৰপিছত তালৈ বুলি আগবঢ়াই দিব কোনোবা বীণা, নমিতা বা পূৰৱীক। ক'ব, এইজনী ছোৱালীৰ লগতে তোৰ মন মিলিব বুলি ভাৱিছোঁ। 

ধেৎ! এনেকৈ জানো কাৰোৱাক আপোন কৰি ল'ব পাৰি? বত্ৰিছটা বসন্তই ৰুকি ৰুকি খন্দা হৃদয়ৰ নিভৃত গলিবোৰ এনেকৈয়ে জানো উদঙাই দিব পাৰি? কথাবোৰ ভাবিবলৈকে সি অসহজ পায়৷ 

আবেলি কলেজৰ পৰা আহি প্ৰশান্ত পোনেই খোৱা মেজত বহে। ইটো সিটো খোৱা বস্তু যতনাই দি মাক তাৰ সন্মুখৰ চকীখনতে বহি লয়। মাকে কিবাকৈ কথাৰ পাক নি প্ৰায়ে বিয়াৰ কথা পোৱাইগৈ। কেতিয়াবা ইখনৰ পিছত সিখন ফটো দেখুৱায়, ছোৱালীৰ ৰূপ-গুণৰ বিৱৰণ দিয়ে।সি 'ওঁ আঁ' কৈ কোনোমতে শুনি থাকি যিমান পাৰি খৰকৈ ভাতৰ গৰা মুখলৈ নিয়ে। খাই উঠি একমুহূৰ্তও পলম নকৰাকৈ কেনিবা আঁতৰ হয়।

মাকৰ মুখখন গোমোঠা হৈ আহে। তথাপি কয়, 'এবাৰ লগ কৰি চাচোন। ফটোৱে মানুহে কেনেকুৱা নিজেই ভালকৈ বুজি ল'ব পাৰিবি।' 

কেতিয়াবা সি মাকৰ মুখতে ধৰি কৈ পেলায়, কিয়,আগতেচোন মাকে ছোৱালীৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ সকীয়াইছিল! এতিয়াযে ইজনীৰ পিছত সিজনী ছোৱালীক লগ কৰিবলৈ ঠেলি হেচুঁকি আছে?

সি মাকক সঁচাই অভিযোগ কৰে নে নিজৰ অপৰাধবোধৰ ভাৰখন কমোৱাৰ চেষ্টা কৰে নিজেই ধৰিব নোৱাৰে। মাক-দেউতাকৰ যে তাৰ বিয়াখনক লৈ ইমান হেঁপাহ। কিন্তু তাৰচোন অকণোৱে ইচ্ছা নাযায় সেই ফটোৰ গৰাকীক লগ পাবলৈ।কৌতুহল নহয় সেই অচিনাকি নাৰীৰ বিষয়ে জানিবলৈ। 

কেতিয়াবা সি নিজকে প্ৰবোধ দিয়ে। সৰুৰে পৰা মাকহঁতে ছোৱালীৰ পৰা আঁতৰত থাকিবলৈ কত যে বাধা-নিষেধ জাৰি কৰিছিল! সেইবোৰেই হয়তো বৰ দকৈ শিপালে। সেই জহতে কিজানি তাৰ ৰোমাণ্টিক আবেগ-অনুভূতিবোৰ সাৰ-পানী নাপাই অকালতে লেৰেলি গ'ল।

মাকে পিছে সেই অভিযোগ মুঠেই গ্ৰাহ্য নকৰে। কয়, তাৰ ভালৰ কাৰণেই সেয়া কৰিছিল। তেতিয়া পঢ়া-শুনা নকৰি ছোৱালীৰ লগত প্ৰেম কৰি ফুৰা হ'লে তাৰ জানো কিবা উন্নতি হ'লহেঁতেন? কৈয়ে তেওঁ উচাট মাৰি কোঠাৰ পৰা ওলাই যায়।

আস্‌, কি লেঠা! 

সিদিনা সন্ধিয়াৰ আড্ডাত প্ৰশান্তৰ অভিযোগৰ সীমা নাথাকিল। চিত্ৰলেখা উদ্যানৰ ওখ চাপৰ বাটটোত তাৰ সৈতে খোজ দি ধ্ৰুৱই সেয়া নিৰৱে শুনি গ'ল। 

শৰতৰ ফৰকাল বতৰ যদিও অলপীয়াকৈ ঠাণ্ডা পৰিছে। ধ্ৰুৱই তাৰ ক'লা ফ' লেডাৰ জেকেটটোৰ চেইনডাল ওপৰলৈকে মাৰি ল'লে। জিনছ পেণ্টটো পিন্ধি আহি ভাল কৰিলে, ভাবিলে সি। প্ৰশান্তৰ দেহত পাতল নীলা চাৰ্ট আৰু ক'লা ফৰমেল ট্ৰাউজাৰ। নৈপৰীয়া বতাহজাকে তাৰ ফিৰফিৰিয়া চুলিখিনি খেলিমেলি কৰি দিছেহি। ধ্ৰুৱই সেইফালে কেইবাবাৰো চাইছে। তাৰ বেছব'ল কেপটো খুলি প্ৰশান্তক দি দিব নেকি সেয়াও ভাৱিছে। পিছে প্ৰশান্তৰ সেইবোৰলৈ সিমান ধ্যান নাই। সি মাথোঁ অনৰ্গল কথা কৈ গৈছে।

'ক'চোন ধ্ৰুৱ! সৰুৰে পৰা আমি লোকৰ চকুত ভাল ল'ৰা হৈ থাকিবলৈকে লাগি থকা নাছিলোঁনে? ছোৱালী চোৱা বা ছোৱালীৰ লগত কথা পতা মানেই নষ্ট হৈ যাম বুলি সাংঘাতিক ভয় নাছিলনে?' 

ধ্ৰুৱই মূৰ দুপিয়ালে। মনত আছে তাৰ। সকলো মনত আছে। সেই যে স্কুলত অঘাইতং ৰাণাহঁতে ছোৱালীৰ নাম ল’লেই দুয়ো নুশুনাৰ ভাও জুৰি আড্ডাৰ পৰা থিতাতে আঁতৰ হৈছিল৷ গাঁৱৰ ল'ৰাবোৰে নাচনীৰ সৈতে ৰাতি বিহু কৰোঁতে সিহঁতে মূৰ গুঁজি আছিল উচ্চগণিতৰ পাঠত। 

ধ্ৰুৱই হাঁহি হাঁহি ক'লে, 'মনত আছেনে কলেজত যে  সদায় ক্লাছৰ শেষত তোৰ বাবে নয়নমণি ৰৈ থাকিছিল? আৰু তাইৰ লগত একেলগে ঘৰলৈ যাব লাগিব বুলি ভয়তে তইযে দৌৰাদৌৰিকৈ ক্লাছৰ পিছদুৱাৰেদি বাহিৰ হৈছিলি?'

এইবাৰ প্ৰশান্তয়ো হাঁহি পেলালে। পঢ়া-শুনাই, স্বভাৱে চৰিত্ৰই সুখ্যাতিৰ মুকুট পিন্ধি সি কলেজত ভৰি থৈছিল৷ লগৰ ছোৱালীবোৰ ক্ষন্তেকতে যেন তাৰ গুণমুগ্ধ হৈ পৰিছিল৷ তাৰ চাৰিওকাষে জুমাজুমি কৰি সিহঁতে হাঁহো হাঁহো কৰিছিল৷ 

পিছে তেতিয়া প্ৰশান্তৰ এটাই লক্ষ্য। মাক-দেউতাক আৰু পৰিয়ালৰ আশাবোৰ পূৰাই ভাল ৰিজাল্ট কৰা। যৌৱনৰ আমনিক চল দিয়াৰ তেতিয়া কোনো অৱকাশেই নাছিল। 

কিছুদুৰ গৈয়ে বিশাল পুখুৰীটোৰ সন্মুখৰ বেঞ্চ এখনত প্ৰশান্ত হঠাৎ বহি পৰিল। তাৰ যেন বৰ ভাগৰ লাগিছে। চছমাযোৰ খুলি লৈ সি সন্মুখৰ জিলমিলীয়া পানীখিনিলৈ চাই ৰ'ল। তাৰ লগতে ধ্ৰুৱও থমকি ৰ'ল। বেঞ্চখন পৰিস্কাৰ হয় নে নহয় এবাৰ চালে। অগ্যতা পকেটৰ পৰা ৰুমালখন উলিয়াই বেঞ্চত পাৰি লৈ সি প্ৰশান্তৰ কাষতে  বহি পৰিল। 

'সেই নয়নমণি এতিয়া ঘোৰ সংসাৰী বুজিছ। এহাল ল'ৰাছোৱালীৰ মাক।' প্ৰশান্তই ক'লে।

'তই কেনেকৈ জানিলি?' কথাষাৰ সুধিলে যদিও ধ্ৰুৱই নিজেই তাৰ উত্তৰো পালে। 

তথাপি প্ৰশান্তই ক'লে,
'ফে'চবুকৰ মহিমাত লগৰ কোনে নিজাকৈ ঘৰ সাজিলে, ক'ত চাকৰি পালে, কেইটা ল'ৰা-ছোৱালীৰ মাক-দেউতাক হ'ল সব গম পাই থাকোঁ।ভাল ল'ৰা বোলাই থাকি আমি দুটাহে এতিয়াও ডঙুৱা হৈ আছোঁ বুজিছ।'

'মোকো তোৰ লগতে কিয় যুটি লৈছ?'  ধ্ৰুৱই যেন প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। সি যে ঘৰত কেতিয়াবাই জনাই দিছে, বিয়া-বাৰু পাতি সংসাৰী হোৱাৰ একো সপোন নাই তাৰ।

'তোৰেই ভাল দে। ঘৰৰ পৰা একো হেঁচা নাই। নিজাকৈ আৰামত বেচ্চেলৰ জীৱন কটাইছ।' 

'চাকৰিটোৰ জহতহে ইয়াত ঘৰ ল'ব পাৰিলোঁ বুজিছ। নহ'লে মা-দেউতাই কৈয়ে থাকে 'আমাৰ লগতে গুৱাহাটীৰ ঘৰত থাকহি' বুলি।' গুৱাহাটীৰ ঘৰখন এৰি অহা সময়ৰ মাক-দেউতাকৰ অভিমানী মুখ দুখন ধ্ৰুৱৰ চকুত ভাঁহি উঠিল। 

নাই, সেই দোষী ভাৱটোক লাই দিব নোৱাৰি। দেউতাকৰ চাকৰিৰ ট্ৰেন্সফাৰ বুলি এমাহৰ ভিতৰতে সিহঁতৰ পৰিয়ালটো তেজপুৰ এৰি গুচি গৈছিল। নতুনকৈ গুৱাহাটীত ঘৰ পাতিছিলগৈ। সেই সময়ত তাৰোতো বুকুখন বিষাই উঠিছিল! মাক-দেউতাকে জানো তাৰ উমান পাইছিল!

'প'ষ্ট অফিচৰ চাকৰিটোয়ে তোক তেজপুৰলৈ ঘুৰাই আনিলে বুলিহে। নহ'লে মোৰ স্কুল-কলেজৰ লগ বুলিবলৈ ইয়াত এতিয়া কোনোৱে নাই। গোটেইবোৰ দিহিঙে দিপাঙে গ'লগৈ।মইহে এটাই ল'ৰা বুলি কেতিয়াও ঘৰ এৰিব নোৱাৰিলোঁ। এতিয়া দিনে ৰাতিয়ে মা-দেউতাৰ পৰা কথা শুনি থাকিব লাগে। কলেজৰ চাকৰিটো স্থায়ী নোহোৱাক লৈ। বিয়াখন নপতাক লৈ।'  

প্ৰশান্তই এটা দীঘল হুমুনিয়াহ কাঢ়িলে। তাৰ গালে-মুখে একধৰণৰ স্থিৰতা নামি আহিল। ধ্ৰুৱই সেয় লক্ষ্য কৰি ক'লে, হ'ব; সময়ত সকলো হৈ যাব। এতিয়াওতো ক'বলৈ কলেজৰ প্ৰফেছাৰেই প্ৰশান্ত। সিহঁত পঢ়া কলেজখনতে এতিয়া সি নিজে পঢ়ায়, সেয়াও জানো কম গৌৰৱৰ কথা! কিমানে সেয়া কৰিব পাৰিছে?'

প্ৰশান্তৰ মনটো শৰতৰ আকাশখনৰ দৰে কিছু মুকলি হৈ পৰিল। এইকাৰণেইতো ধ্ৰুৱ তাৰ ইমান আপোন। মুহূৰ্ততে যেন সি তাক বুজিব পাৰে, ক'লা ডাৱৰ ফালি তাৰ মনটো উজ্বলাই তুলিব পাৰে। 

ইতিমধ্যে চিত্ৰলেখা উদ্যানৰ সিপাৰে ৰান্ধনি বেলিটো ডুবিব ধৰিছে। পুখুৰীৰ পানীত ঢৌ তুলি থকা নাওবোৰ লাহে লাহে পাৰত ৰ'লহি। উদ্যানৰ সেউজীয়াৰ মাজত থোপাথোপে আন্ধাৰৰ কণাবোৰ সোমাই পৰিলহি। 

প্ৰশান্তই ধ্ৰুৱৰ কান্ধত বাওঁহাতখন লাহেকৈ থৈ ক'লে, উভতাৰ সময় হ'ল। 

ধ্ৰুৱৰ ইচ্ছা হ'ল এনেকৈয়ে কিছুপৰ ৰৈ যোৱাৰ। ঠিক এনেদৰেই বহি থাকি নীৰৱে চিত্ৰলেখা উদ্যানত আন্ধাৰৰ খেলা চোৱাৰ। কিন্তু একো নকৈ সিও প্ৰশান্তৰ লগতে বহাৰ পৰা উঠিল।সন্ধিয়াৰ ট্ৰেফিকৰ যান্ত্ৰিক কোলাহলৰ মাজেৰে দুয়ো দুফালে বাট বুলিলে। ঘৰলৈ বুলি। 

পিছদিনা সন্ধিয়া ডাকঘৰৰ পৰা আহি ধ্ৰুৱই দেখে, তাৰ ভাড়াঘৰৰ দুৱাৰ খোলা! বহা-কোঠাৰ মুগাৰঙী চোফাখনত প্ৰশান্ত থম্থ‌ম্‌কৈ বহি আছে।

'কেতিয়া আহিলি? মোৰ ঘৰত এনেকৈ সময়ে অসময়ে শিবিৰ পাতিবলৈ তোক ঘৰৰ চাবি দিয়া নাছিলোঁ নহয়!' জোতাযোৰ খুলি ধ্ৰুৱই বাৰাণ্ডাৰ পৰাই কৃত্ৰিম খঙেৰে ক'লে।

প্ৰশান্তই যেন সেয়া নুশুনিলেই। সি ক'লে, এইবাৰ কথা বিষম। ঘৰত নতুন নাটক আৰম্ভ হৈছে! ধ্ৰুৱ নহ'লে সি অকলে বলে নোৱাৰিব।

ধ্ৰুৱই এটা অবুজ চাৱনিৰে  তালৈ চালে। ইতিমধ্যে প্ৰশান্ত পাকঘৰ পালেগৈ। যাওঁতে কৈ গ'ল, আজি ধ্ৰুৱক সি তাৰ স্পেচিয়েল চাহ কৰি খুৱাব। লগত খাবলৈ গৰম গৰম পকৰিও আনিছে। 

ধ্ৰুৱই বুজিলে অন্যদিনাৰ দৰে ক'ৰবালৈ ওলাই যোৱাৰ মুড নাই প্ৰশান্তৰ। আজি তাৰ ভাড়াঘৰতে সন্ধিয়াৰ আড্ডাৰ আয়োজন। অগ্যতা সি মুখ হাত ধুলেগৈ। অফিচৰ কাপোৰ সাঁজ সলাই বহা কোঠাত সোমায় মানে কাঁচৰ ঘুৰণীয়া টেবুলখনত চাহ-পকৰি সাজু। 

সৰু বহা কোঠাটোৰ প্ৰায়খিনি ঠাই চোফা আৰু কাঁচৰ টেবুলখনেই আগুৰি আছে। এচুকত এটা ওখ কিতাপৰ আলমাৰি। তাতে সৰুৰ পৰা ডাঙৰ আকাৰলৈ কিতাপবোৰ থিয়কৈ সজাই থোৱা আছে। বিপৰীত মূৰত ফ্ৰেডী মাৰ্কিউৰিৰ এখন বিশাল ফটো।

গুৱাহাটী এৰি আহি ধ্ৰুৱই এই ভাড়াঘৰ লোৱা দুবছৰ হ'ল। কিন্তু সেই ফটোখনৰ বাহিৰে গোটেইবোৰ ৱাল উকা। সেই ফটোখনো প্ৰশান্তইহে আনি অঁৰি দিছিল। ধ্ৰুৱৰ জন্মদিনৰ উপহাৰ হিচাপে। কৈছিল, 'একো নাথাকিলেও তোৰ প্ৰিয় মানুহজনৰ ফটোখন থকাটো দৰকাৰী।'

পকৰিত কামোৰ মাৰি লৈ ধ্ৰুৱই সুধিলে, এইবাৰ কিহৰ নাটক চলিছে?

প্ৰশান্তই বেকপেকৰ পৰা লেপটপটো উলিয়ালে। এইবাৰ হেনো মাকৰ ভাবুকি —মেট্ৰিম'নিয়েল চাইটত তাৰ প্ৰফাইল খুলিব লাগে। সি নুখুলিলে তেওঁ নিজে প্ৰশান্তৰ নামত খুলিব হেনো!

ধ্ৰুৱই চৰ্চ‌ৰনি খালে। গৰম চাহে তাৰ আগজীভাখন পুৰি গ'ল। চাহৰ কাপটো প্ৰশান্তই থাপ মাৰি ধৰাতহে লেপটপটো গৰম চাহৰ পৰা বাচিল।

'কথাটো শুনি মোৰো একেই অৱস্থা হৈছিল বুজিছ। মাহীৰ ছোৱালী ৰিমলীৰ বুদ্ধি এইবোৰ। তাইৰ লগৰ কাৰোৱাৰ এনেকৈয়ে ভাল দৰা ওলাইছিল হেনো।' প্ৰশান্তই লেপটপটো লৈ গৈ কিছু আঁতৰত বহি লৈ ক'লে।

'কৰ আকৌ তেন্তে। মই কি কৰিব লাগে?' 

'তই কি কৰিব লাগে মানে? তোৰ দৰে মোক কোনে ভালকৈ জানে ক'চোন। মাৰ পৰা তত নাপাই প্ৰফাইল খুলিবলৈকে ওলাইছিলোঁ। কিন্তু খোলাৰ আগতেই যিমানবোৰহে প্ৰশ্ন সুধিলে মোৰ মূৰ ঘুৰাই গ'ল।'

কৈ কৈ প্ৰশান্তই লেপটপৰ স্ক্ৰীণত সেই পৃষ্ঠাটো উলিয়ালে।  ধ্ৰুৱই যেন উপায়ন্তৰ হৈহে চালে। 

সৌ সিদিনা ধ্ৰুৱই ব্ৰহ্মপুত্ৰৰ পাৰত তুলি দিয়া ফটোখন প্ৰশান্তই প্ৰফাইলত দিছে। ৰাঙলী আকাশ আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ পিঠিত লৈ সি হাঁহি আছে। হাঁহিৰ লগে লগে তাৰ দুচকুত তিৰবিৰণি উঠিছে। কিন্তু প্ৰফাইল ফটোখনৰ পিছতে অহা শাৰী শাৰী প্ৰশ্নৰ উত্তৰ এতিয়াও উকা। 

'দেখাত সাধাৰণ যেন লগা প্ৰশ্ন। কিন্তু উত্তৰ বিচাৰি মোৰ নাজল-নাথল অৱস্থা হৈ গৈছে বুজিছ! মোৰ কি ভাল লাগে? কেনেকুৱা জীৱনসংগী বিচাৰোঁ?' প্ৰশান্তই ধ্ৰুৱৰ পৰাহে উত্তৰ বিচাৰিলে যেন।

'কিয় অতদিনে ঘৰৰ পৰা ছোৱালী বিচাৰি আছে। তোক জানো এইবোৰ সোধা নাই?'

'নাই সোধা। কইনাৰ কাৰণে ঘৰৰ যিখনহে দীঘলীয়া লিষ্ট। তাৰ ওপৰত মোৰ ইচ্ছা-অনিচ্ছা নৰয়, তই জানই দেখোন!'

অলপ ৰৈ সি ক'লে, 'এইবাৰ ৰিমলীয়েহে সুধিছিল মোকনো কেনেকুৱা ছোৱালী লাগে বুলি।'

'কি ক'লি?' ধ্ৰুৱই উৎসুকতাৰে সুধিলে।

'ক'লোঁ, মোক ভালকৈ বুজি পোৱা মানুহ এই পৃথিৱীত এটাই। গতিকে ধ্ৰুৱৰ দৰে যদি কোনোবা ছোৱালী পাৱ ক'বি।' 

'তোৰ মূৰটো।' ধ্ৰুৱ উঠি গ'ল পাকঘৰলৈ।

'ইমান খং খাইছ কিয়! সঁচা কথাইতো কৈছোঁ।' 

পাকঘৰত বাচন ধুৱাৰ শব্দ হ'ল। প্ৰশান্তই লেপটপত জুপি থাকিল। প্ৰফাইলৰ অলেখ অসংখ্য প্ৰশ্ন লৈ সি যেন বৰ বিমোৰত পৰিল।  

'চা ধ্ৰুৱ। তই নক'লে কোনে ক'ব? প্ৰথম প্ৰশ্নটোৱে হ'ল তোমাৰ বন্ধুৱে তোমাৰ কথা কেনেকৈ ক'ব।' সি অলপ ডাঙৰ মাতেৰে ক'লে।

নাই, ধ্ৰুৱ নীৰৱ। পাকঘৰৰ ঠুং ঠাং শব্দও বন্ধ হৈছে।

প্ৰশান্ত উঠি গ'ল।পাকঘৰটো সৰু যদিও ধ্ৰুৱই বৰ আটোম-টোকাৰিকৈ ৰাখিছে।ইতিমধ্যে সি চাহৰ চচপেন, কাপ-প্লেট সকলো ধুই অঁটাইছে। প্ৰশান্তই চাহ কৰোঁতে ইফাল-সিফাল কৰা বটলকেইটাও সামৰি থৈছে। তাৰপিছত গেছ টেবুলতে আলু তিনিটা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছে। 

প্ৰশান্তলৈ মূৰ তুলি চাই সি ক'লে, 'চা, আজি বৰ ভাগৰি আহিছোঁ। এইবোৰ ভাৱিলেও মগজুৰ পৰা একো নোলায়। শনিবাৰে একেলগে বহি চাম দে।' তাৰ মাত যেন কিছু অস্থিৰ।

'আৰে ভাই, তাকেতো ক'ব পাৰ। ব'ল উঠ, আমাৰ ঘৰত ভাত খাবিগৈ। তই থাকিলে মায়েও বিয়াৰ কথা লৈ কামোৰ নিদিব।' কৈয়ে প্ৰশান্তই তাৰ হাতৰ পৰা কটাৰীখন কাঢ়ি নিলে। আধা কটা আলুকেইটা ফ্ৰীজত সোমালগৈ।

উপায়ন্তৰ হৈ ধ্ৰুৱ ওলাল। কিন্তু প্ৰশান্তই গাড়ী উলিয়াবলৈ লওঁতে সি ক'লে,
'আজি গাড়ীখন মোৰ গেৰেজতে ভৰাই থ। মোৰ বাইকত যাওঁ ব'ল। উভতিবলৈ এনেও মোক বাইকখন লাগিব।'

কথামতেই কাম। সন্ধিয়া লাগি ভাগিছে ইতিমধ্যে। লাইটৰ পোহৰত জিলিকি উঠা দোকান-পোহাৰবোৰ পিছ পেলাই সিহঁতৰ বাইক আগবাঢ়িল। 

পৰুৱা চাৰিআলিৰ পৰা সোঁফালে কমাৰচুবুৰীলৈ নুঘুৰি ধ্ৰুৱৰ বাইক পোনে পোনে আগবাঢ়িল।

তাৰ কান্ধত হেঁচুকি হেলমেটৰ মাজেৰেই প্ৰশান্তই মাত দিলে,
'আমাৰ ঘৰলৈ যোৱাৰ বাট পাহৰিলি নেকি?'

'এনেয়ে অকণমান ফুৰি আহোঁ ব'ল।' ধ্ৰুৱই ক'লে।

এইবাৰ পিছফালৰ পৰা ধ্ৰুৱৰ পিঠিত লাহেকৈ খুন্দা এটা মাৰি প্ৰশান্তই ক'লে, 'এই অলপ আগতে ভাগৰত লেবেজান হৈ আছিলি দেখোন? তোৰ মুডৰ একো পাৰেই নোপোৱা হৈছোঁ দেই।' 

ধ্ৰুৱই একো নক'লে। মিচিকিয়াই হাঁহিলে মাথোঁ। নৈপৰীয়া চেঁচা বতাহজাকে যেন সিহঁতক জোকাই গ'ল। পোন্ধৰমিনিট মানতে দুয়ো কলীয়াভোমোৰা দলঙৰ কাষ পালেগৈ। দলঙত নুঠি বাওঁহাতৰ বাট এটাৰে জোকাৰণি তুলি তুলি বাইকখন আগবাঢ়ি গ'ল।  

পূৰ্ণিমাৰ জোনটো ওপৰলৈ উঠিছে তেতিয়া। সিহঁতৰ দুয়োকাষে জোনাকত উজ্বলি উঠিছে ভোমোৰাগুড়িৰ সেউজীয়া। তাৰ লগে লগে যেন প্ৰশান্তৰ স্মৃতিপটৰ ধূলিবোৰ জাৰি-জোকাৰি মুকলি হৈ পৰিল। 

সিদিনা সন্ধিয়াও অন্যদিনাৰ দৰে ধ্ৰুৱ আহিছিল। সেইদিনা তাৰ ড্ৰাইভিং লাইচেন্স আহি পাইছিল। সেয়ে দেউতাকে প্ৰথমবাৰৰ বাবে তেওঁৰ মপেটখন চলাবলৈ দিছিল।চাইকেলৰ সলনি পুৰণি মপেটখনকে বীৰৰ দৰে চলাই সি পোনেই প্ৰশান্তৰ ঘৰ পাইছিলহি। 

'ব'ল ফুৰিবলৈ যাওঁ।'  থুঁতৰিত ওলাও নোলাওকৈ দেখা দিয়া দাঢ়ি কেইডালত হাত ফুৰাই ধ্ৰুৱই গৌৰৱেৰে কৈছিল।

পৰম উলাহেৰে প্ৰশান্ত মপেটত বহিছিল। মপেটৰ গতিয়ে আনি দিয়া স্বাধীনতাৰ উত্তেজনাই মায়াময় কৰি পেলাইছিল কৈশোৰ-যৌৱনৰ সেই সন্ধিক্ষণ। আজিৰ দৰেই সিদিনাও নৈপৰীয়া চেঁচা বতাহজাকে সিহঁতক জোকাইছিল। এই লুংলুঙীয়া বাটত পুৰণি মপেটখনে কেঁকাইছিল। পিছৰ চিটত বহা প্ৰশান্তই ধ্ৰুৱক সকীয়াইছিল,

'ঐ লাহে লাহে! খুড়াৰ আওপুৰণি মপেটে ইমান টানিব নোৱাৰে।' 

কি এক অপৰূপ নিষ্পাপ সময় আছিল সেয়া!

এটা ডাঙৰ শিলৰ কাষত বাইকখন ৰ'ল। নামিয়ে প্ৰশান্তই নীৰৱে আগবাঢ়ি গৈ সেই শিলছটাত হাত দি চালে। সেই একেই চেঁচা আৰু খহটা, কিন্তু বৰ আপোন স্পৰ্শ! আস্‌! কিমান সোঁৱৰণি লৈ ৰৈ আছে এই শিল, এই মাটি, এই অৰণ্য! 

'ইমান আপোন এই ঠাইডোখৰ। ভাল আজি তোৰ মনত পৰিল দেই!' সি ধ্ৰুৱলৈ চাই ক'লে।

ধ্ৰুৱই হাঁহিলে মাথোঁ। নক'লে কেৱল আজি নহয়, এই ঠাই আৰু ইয়াত ৰৈ যোৱা সোঁৱৰণিবোৰে  অবিৰাম ঢৌ তুলি থাকে তাৰ ভিতৰে-বাহিৰে। 
সেই প্ৰথম দিনটোৰ পিছৰে পৰা এই ঠাই আৰু এই শিলছটা হৈ পৰিছিল সিহঁতৰ এক বিলাস। হৈ পৰিছিল দিনে-নিশাই পঢ়াত মূৰ গুঁজি থকা দুটি কিশোৰৰ বাবে এটা মুকলিমুৰীয়া হেঁপাহ।মপেটখন পালেই দুয়ো এই ঠাইলৈ প্ৰায়ে অহা হৈছিল। এই শিলছটাতে পৰি লৈ দুয়ো বহুদিন বাট এৰি দিছিল আকাশৰ নীলাক, চৌদিশৰ সেউজীয়াক, নীৰৱতাৰ ভাষাক। কাকো ক'ব নোৱাৰা বহু কথা পাতিছিল, সপোনৰ ৰামধেনু গঢ়িছিল- দুয়ো একেলগে। 

শিলছটাত পিঠি দি প্ৰশান্ত শুই পৰিল। তাহানিৰ দৰেই আকাশলৈ চাই পঠিয়ালে। ধ্ৰুৱও তাৰ কাষতে ওপৰমুৱাকৈ বাগৰ দিলে। কিছুসময় দুয়ো নীৰৱ।

'কিমানদিন যে এনেকৈ আকাশ চোৱা নাই!' প্ৰশান্তৰ এটা হুমুনিয়াহ ওলাল।

ধ্ৰুৱই উত্তৰ নিদিলে। সি জানে। জানে ঠিক কেতিয়াৰ পৰা প্ৰশান্তৰ জীৱনত এনে মুহূৰ্তৰ বাবে আহৰি নোহোৱা হ'ল। ঠিক কেতিয়াৰ পৰা সি কেৱল দৌৰিবলৈ ল'লে। সকলো যেন ধ্ৰুৱৰ মানসপটত জীয়া ছৱি হৈ ৰৈ আছে। প্ৰশান্তই নজনাকৈয়ে সি বুকুত পুহি ৰাখিছে হেৰুওৱাৰ সেই অস্ফুট বেদনা।

যিদিনা প্ৰশান্তই মেট্ৰিক পৰীক্ষাত স্কুল আৰু ক'মাৰচুবুৰীৰ নাম উজ্বলাইছিল, যিদিনা মাক-দেউতাকহঁতৰ বুকু গৌৰৱেৰে উপচি পৰিছিল, ঠিক সেইদিনাই যেন কোনোবাই বহুতো আশা আৰু সপোনৰ বোজা তাৰ পিঠিত জাপি দিলেহি। ঠিক সেইদিনাৰ পৰা পৰিয়ালৰ কোনেও কেতিয়াও ঢুকি পাব নোৱাৰা সকলো সপোনৰ গধুৰ ভাৰখন সি কঢ়িয়াবলৈ ল'লে। জোৰদাৰ লাগি পৰিল সকলোৰে আশা আৰু সপোন পুৰোৱাত-মাক-দেউতাকৰ, ছাৰ-বাইদেউৰ, গোটেই সমাজখনৰ। ঠিক তেতিয়াৰ পৰা প্ৰশান্তৰ দৌৰ আৰম্ভ হ'ল। সেই দৌৰত সি যেন নিজকে ক'ৰবাত এৰি থৈ আহিল। এৰি থৈ আহিল তাৰ উদ্দাম হেঁপাহবোৰ, অকপট সপোনৰ ৰংবোৰ। বহুদিন হ'ল সি একেদৰেই দৌৰি থকা। বহুদিন হ'ল সি নিজকে বিচাৰি নোচোৱা।

'হেই চা চা, সৌটো পপীয়া তৰা।' প্ৰশান্তৰ চিঞৰত ধ্ৰুৱৰ তন্ময়তা ভাগিল।'ক ক! কি বিচাৰ তই? যি বিচাৰ তাকেই পাবি।' 

'ধুৰ! কলেজৰ প্ৰফেছাৰ হৈ এইবোৰ বিশ্বাস কৰ।' ধ্ৰুৱই চল দিয়াৰ সুৰত হাঁহি হাঁহি ক'লে। প্ৰশান্তৰ শিশুসুলভ উচ্চলতাখিনিয়ে তাকো সুখী কৰি তুলিলে।

'আস্‌! ইয়াত বিশ্বাস-অবিশ্বাসৰ কথা কি আছে। ভাল লগা কাম এটা আৰু।মই কৰিলোঁ, তয়ো কৰ।' প্ৰশান্তৰ একপ্ৰকাৰ আদেশ।

'ঠিক আছে,কৰিলোঁ।'

'কি কৰিলি?'

'তই কি কৰিলি?'

'মোৰ বিয়াখন যাতে এইবাৰ ব'হাগতে হৈ যায়।'

'সেইটো কাৰ ইচ্ছা? তোৰ নিজৰ নে খুড়া-খুড়ীৰ?'

'হুঁ, নাজানো। তই কি কৰিলি?' 

'কৰিলোঁ আৰু কিবা এটা!'

'হাইট। কি কৰিলি ক। মোৰতো চোন ঘপকৈ ক'লোঁ।'

'কৈ দিলে ইচ্ছা পূৰ নহয় হেনো, নাজান নেকি?'

'তেনে মোক সুধিছিলি কিয়?'

একো নকৈ ধ্ৰুৱ উঠিল। বাইকখন ষ্টাৰ্ট কৰিবলৈ লৈ ক'লে,
'ব'ল উঠ, খুড়ীয়ে সিফালে ভাত বাঢ়ি বাট চাই থাকিব।'

সিদিনা আৰু প্ৰশান্তৰ অনলাইন প্ৰফাইল খোলা নহ'ল। পিছে কথাবোৰ বৰ খৰকৈ আগবাঢ়িল। সি দৰ্শকৰ শাৰীত বহি থাকোঁতেই যেন তাৰ জীৱনৰ দৃশ্যপট লিখা হৈ গৈ থাকিল। এটা সপ্তাহৰ ভিতৰতে সি গৈ দুঠাইত ছোৱালী চালেগৈ। মাক আৰু মাহীয়েকে মিলি বিচাৰি উলিওৱা ছোৱালী। 

দুয়োবাৰেই সি ধ্ৰুৱক মাতিলে,
'লগতে ব'লচোন। তই থাকিলে মোৰ সাহস এটা থাকে। তোৰ বাহিৰে মোৰ অৱস্থাটো অন্য কোনেও নুবুজে, জানই চোন।'

প্ৰথমবাৰ ধ্ৰুৱৰ অফিচত লেঠা ওলাল। পিছৰবাৰ সি ক'লে, তাৰ গা বেয়া। সেয়ে ছোৱালীৰ ঘৰৰ পৰা উভতি সেইদিনা প্ৰশান্ত পোনেই ধ্ৰুৱৰ ঘৰ ওলালগৈ।

দ্বিতীয় মহলাৰ এপাৰ্টমেণ্টটোলৈ উঠি যাওঁতে সি খটখটীৰ পৰাই দেখিলে, ধ্ৰুৱৰ দুৱাৰত তলা। আধাবাটতে থমকি ৰৈ সি লৰালৰিকৈ ফোন লগালে।

'ইমানকৈ ফোন কৰিছোঁ, কিয় উঠোৱা নাই? ক'ত তই?

'হস্পিতেলত!' প্ৰশান্তৰ বুকুখন যেন চিৰিংকৈ গ'ল। কি হৈছে ধ্ৰুৱৰ? কি হৈছে? 

'নাই,নাই। একো চিন্তা কৰিবলগা নাই। যোৱা  দুদিনমান ধৰি পেটৰ বিষ উঠি আছিল। তাকে দেখুৱাবলৈ আহোঁতে  ধৰা পৰিল মোৰ এপেণ্ডিক্স বাৰ্ষ্ট হৈছে। গতিকে লগে লগে অপাৰেশ্যনৰ কাৰণে আহিব লগাত পৰিলোঁ।'

একেকোবেই প্ৰশান্তৰ গাড়ী হস্পিতেল পালেগৈ। বাটত হঠাতে তাৰ খেয়াল হ'ল, বহুদিন সি ধ্ৰুৱৰ খৱৰ লোৱা নাই। নিজৰ সমস্যাবোৰত এনেকৈ ডুবি আছে যে ধ্ৰুৱনো কেনে আছে তাকে সুধিবলৈ সি পাহৰি পেলাইছে। অপৰাধবোধৰ ভাৱ এটাই তাক গিলিবলৈ আৰম্ভ কৰিলে। কেতিয়াৰ পৰা সি ইমান স্বাৰ্থপৰ হ'ল?

হস্পিতেলৰ ৱাৰ্ডত শুই থকা ধ্ৰুৱলৈ চাই তাৰ বুকুখন মোচৰ খাই উঠা যেন লাগিল। পেটৰ বিষত ধ্ৰুৱই ওঁঠজুৰি চেপা মাৰি আছে। তথাপি যেন প্ৰশান্তক ভৰসা দিবলৈকে সি হাঁহিবলৈ চেষ্টা কৰিছে। প্ৰশান্তই কিবা কোৱাৰ আগতেই তৎপৰতাৰে কৈ উঠিছে,

'হেই একো ডাঙৰ কথা নহয়। অপাৰেশ্যন হ'লেই ঠিক হৈ যাব। এৰাতি থাকিব লাগিব আৰু।'

© Pam Blackstone

প্ৰশান্তই সকলো বুজি পাইছে। খং-দুখ আৰু অপৰাধবোধ মিলি তাৰ দুচকু সেমেকি উঠিব খুজিছে। কিয়? কিয় ধ্ৰুৱই এনেকুৱা কৰে? সকলো সময়তে সি প্ৰশান্তৰ খৱৰ ৰাখে, যত্ন লয়; কিন্তু নিজৰ সকলো লুকুৱাই থয়! কেনেকৈ বুজাব সি ধ্ৰুৱক- সিওতো তাৰ বাবে কিবা কৰিব খোজে, তাৰ যত্ন ল'ব খোজে! ভগ্ন কণ্ঠেৰে সি ক'লে,

'তই ক'বতো পাৰ মোক। কিবা লাগিলে সহায় কৰি দিবলৈ মই নাই নেকি?'

'এতিয়াহে লাগিব। অথ'নি ফোনত ক'বলৈ লওঁতেই তই ফোন কাটি দিলি!' ধ্ৰুৱই পাতলীয়া সুৰেৰে ক'লে।

'কি  লাগে ক'চোন।' ধ্ৰুৱই বিচাৰিলে যেন আকাশৰ তৰাটোও আনি দিব এনে এক ভাৱেৰে প্ৰশান্তই কথাষাৰ ক'লে।

'আহোঁতে হস্পিতেলত ভৰ্তি হ'ব লাগিব বুলি ভৱাই নাছিলোঁ যে, একোৱে লগত লৈ অনা নহ'ল। ঘৰৰ পৰা বিছনা চাদৰ, পাতল নীলা কম্বলখন, টাৱেল আৰু ঘৰত পিন্ধা কাপোৰ এযোৰ লৈ আনিব পাৰিবি? অঁ মোৰ টুথব্ৰাছ ডালো।'

প্ৰশান্তৰ এইবাৰহে হাঁহি ওলাল। ধ্ৰুৱইযে হস্পিতেলৰ বিছনাত অস্বস্তি পাইছে সি বুজিলে। 

'ঠিক আছে। এই যাম আৰু এই আহিম। অপাৰেশ্যন সন্ধিয়া সাত বজাতহে আছে ন? বহুত সময় আছে।'

পুনৰ আহি প্ৰশান্ত ধ্ৰুৱৰ এপাৰ্টমেণ্ট পালেহি। এইবাৰ খটখটী পাৰ হৈ আহি সি তলাটো খুলিলে। কেইমিনিটমানৰ ভিতৰতে বেগ এটা বিচাৰি ধ্ৰুৱই কোৱা বস্তুকেইপদ ভৰালে। ওলাই আহিব খোজোঁতেই তাৰ হঠাৎ চকুত পৰিল, ধ্ৰুৱৰ বিছনাখন এতিয়াও পৰা নাই। আঁঠুৱা মেল খায়ে আছে। কম্বল আৰু বিছনা ছাদৰ কোঁচমোঁচ খাই বিছনাৰ একোণত পৰি আছে। 

ৰাতিপুৱা ইমান পেটৰ বিষ উঠিলনে তাৰ? নহ'লে সদায় ধ্ৰুৱই শুই উঠিয়ে নিজৰ বিছনা পাৰে। তাৰ সেয়া সৰুকালৰে অভ্যাস। হস্পিতেলৰ পৰা ঘুৰি আহি নিজৰ বিছনাখন পৰিপাটীকৈ পালে সি বৰ ভাল পাব, প্ৰশান্তই ভাৱিলে।

হস্পিতেললৈ সাজু কৰা বেগটো মজিয়াতে থৈ প্ৰশান্তই ধ্ৰুৱৰ আঁঠুৱাখন খুলিলে। ঘৰত তাৰ নিজৰ বিছনা পৰাৰ অভ্যাস নাই। সেয়ে আঁঠুৱাখন কোনোমতে সামৰি জাপি-কুঁচি থ'বলৈ  তাৰ কিছু সময় লাগিল। তাৰপিছত সি কম্বলখন টান মাৰি জাপিলে। বিছনা চাদৰ খনো টানিটুনি ঠিক কৰিলে।মূৰ শিতানত গাৰুটো চিজিলকৈ থ'বলৈ লওঁতে তাৰ চকুত পৰিল, গাৰুৰ তলত এইখনচোন এখন নোটবুক। হাতত লৈ উপলব্ধি হ'ল- নহয়, ডাঠ নীলাৰঙৰ বকলাৰে সেইখন এখন ডায়েৰীহে।

ধ্ৰুৱই আকৌ কেতিয়াৰ পৰা ডায়েৰী লিখিবলৈ ল'লে! প্ৰশান্ত আচৰিত হ'ল। লগতে কৌতুহলীও। কিন্তু ধ্ৰুৱৰ ব্যক্তিগত ডায়েৰী বুলিয়ে খুলি চাবলৈ তাৰ সংকোচ হ'ল। বিছনাৰ কাষৰ সৰু টেবুলখনত ডায়েৰীখন থ'বলৈ লওঁতেই হঠাতে মজিয়াত থোৱা বেগটোত প্ৰশান্ত উজুটি খাই পৰিল। হামথুৰি খাই পৰাৰ পৰা কোনোমতে বাচিল যদিও তাৰ হাতৰ পৰা ডায়েৰীখন উফৰি গৈ মজিয়াত পৰিলগৈ।

'আয়ৌ!' সি মজিয়াতে বহি লৈ ভৰিৰ বুঢ়া আঙুলীটোত দুখ পালে নেকি চালে।

তেনেতে তাৰ চকুত পৰিল, ডায়েৰীৰ মাজৰ পৰা ওলাই মজিয়াত সিঁচৰতি হৈ পৰিছে কেইবাখনো ফটো! সেইফালে চাই তাৰ চকু থৰ হৈ গ'ল। প্ৰতিখন ফটোতে সি আৰু ধ্ৰুৱ। সৌৱা ৰঙা মপেটত বহি সি আৰু ধ্ৰুৱ, ব্ৰহ্মপুত্ৰৰ বালিত থিয় দি সি আৰু ধ্ৰুৱ, স্কুলৰ খেলপথাৰত ঘৰ্মাক্ত মুখেৰে সি আৰু ধ্ৰুৱ!!

এইবাৰ প্ৰশান্তই সকলো বাধাৰ দেওনা পাৰ হৈ গৈ পৰম কৌতুহলেৰে ডায়েৰীখন তুলি ল'লে। সি যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। ধ্ৰুৱৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ একেই আৰম্ভণি—একেই সম্বোধন। “মৰমৰ প্ৰশান্ত”

দিনৰ পিছত দিন। 
মাহৰ পিছত মাহ। 

শেষ পৃষ্ঠাত অসংলগ্ন আঁকবাঁক। তাৰ তলত মাত্ৰ তিনিটা শব্দ—

“মোৰ প্ৰিয় মানুহ”

প্ৰশান্তৰ যেন উশাহটো আধাতে ৰৈ গ'ল। ডায়েৰীখন মেল খাই পৰি ৰ'ল। ঘৰৰ ভিতৰখন অস্বাভাৱিকভাৱে নীৰৱ। বাহিৰত ক’ৰবাত কুকুৰ এটাই ভুকিলে।

এইবাৰ ব'হাগতো প্ৰশান্তৰ বিয়াখন নহ'ল।

Monday, 20 March 2023

অসমৰ মাছৰোকা চৰাইবোৰ

অসমৰ খাল, বিল বা নৈৰ আশে পাশে গছৰ ডালত বা জেওৰা খুঁটিত বহি পানীলৈ একান্তমনে চাই জোপ লৈ থকা মাছৰোকা চৰাইটোলৈ কেতিয়াবা মন কৰিছেনে?  চিকাৰ চকুত পৰিলে ই পানীৰ ঠিক ওপৰতে উৰি থাকি  লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহূৰ্ততে ৰকেটৰ দৰে ছোঁ মাৰি পানীলৈ  নামি যায়। মাছৰোকাৰ এই বিশেষ উৰণ (hovering) অসমৰ বহু জলাশয়ত চিনাকি দৃশ্য। কিন্তু আপুনি জানেনে, ভাৰতত থকা ১৩ বিধ মাছৰোকাৰ ভিতৰত দহটা প্ৰজাতি আমাৰ অসমতে দেখা পোৱা যায়? আহকচোন, এই ৰং বিৰঙী চৰাইবিধৰ বৈচিত্ৰ্যময় জগতখনত এভুমুকি মাৰি চাওঁ। 

মাছৰোকা চৰাই কেনেকৈ চিনিব? আটাইতকৈ সহজ উপায় হৈছে, চৰাইটোৰ ৰঙকে ধৰি অন্য শাৰীৰিক বৈশিষ্ট্যবোৰ মন কৰা।প্ৰায়বোৰ মাছৰোকাৰ দেহত উজ্জ্বল সেউজীয়া, নীলা আৰু কমলা ৰঙৰ সমাহাৰ দেখা পাব। মাছৰোকা চৰাইৰ মূৰটো ডাঙৰ।নেজ প্ৰায়ে চুটি।ঠোঁটটো ডেগাৰৰ দৰে দীঘল আৰু জোঙা। ইয়াৰ ঠোঁটটো চিকাৰৰ বাবে বিশেষভাৱে নিৰ্মিত। ঠোঁটটোৰ আকাৰ বায়ুগতিবিদ্যাৰ ফালৰ পৰা এনে এৰ'ডাইনেমিক যে ই জোপ লৈ থকা ঠাইৰ পৰা চিকাৰৰ ফালে তীব্ৰ গতিৰে যাব পাৰে। ডুব দিয়াৰ সময়তো এই আকাৰে পানীৰ ছিটিকনি কমোৱাত সহায় কৰে। এইবাবেই মাছৰোকাৰ ঠোঁটৰ আৰ্হি জাপানৰ বুলেট ট্ৰেইনতো অনুকৰণ কৰিছে। 

বগা-কণীয়া মাছৰোকা (Credit-Nejib Ahmed)

চিকাৰ কৰিবৰ বাবে মাছৰোকাৰ দুচকুৰ বিশেষভাৱে অভিযোজন হৈছে। ইহঁতৰ দৃষ্টিত দূৰবীক্ষণ ক্ষমতা আছে। ইয়াৰ উপৰিও চকুত নিচিটেটিং মেমব্ৰেন (nictitating membrane) নামৰ এবিধ পতা থাকে যি পানীৰ তলত আমি পিন্ধা চছমাৰ দৰে কাম কৰি দুচকুক সুৰক্ষা দিয়ে। 

মেৰু অঞ্চল আৰু কিছুমান শুকান মৰুভূমিৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ ঠাইতে মাছৰোকা চৰাই আছে। সমগ্ৰ বিশ্বত মুঠ ৯৩ টা ৰং-বিৰঙী মাছোৰোকাৰ প্ৰজাতি পোৱা যায়৷ অসমত পোৱা প্ৰজাতি কেইটাৰ আকাৰ, দেহৰ বৰণ আৰু সিহঁতৰ বাসস্থান লক্ষ্য কৰিলে সহজে চিনিব পাৰি। সাধাৰণতে নৈ, বিল-পুখুৰীৰ পাৰৰ কোনো গছৰ ডালত দেখা পোৱা সৰু নীল-সেউজীয়া মাছোৰোকাবিধৰ নাম নীলা মাছৰোকা (Common Kingfisher)। সততে দেখিবলৈ পোৱা অন্য এবিধ ডাঙৰ আকাৰৰ মাছৰোকা হ'ল বগা-বুকুৱা মাছৰোকা (White-throated Kingfisher)। নামটোৰ দৰেই ইহঁতৰ মূগা দেহত বুকুৰ বগা দাগটো জিলিকি থাকে।বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) আকৌ তাতোকৈ ডাঙৰ।  ইয়াৰ উজ্জ্বল ৰঙা ঠোঁট আৰু মূগাবৰণীয়া মূৰটো সহজে চকুত পৰে। এই চৰাইটো সাধাৰণতে নদী বা ডাঙৰ পুখুৰীৰ পাৰত দেখা পোৱা  যায়।  

বগা-বুকুৱা মাছৰোকা (Credit- Ali Arsh)

নীল-সেউজীয়া ৰঙৰ সলনি কেৱল ক'লা আৰু বগা ৰঙ থকা মাছৰোকাবিধ হ'ল পখৰা মাছৰোকা (Pied Kingfisher)। ইয়াৰ মূৰত অকণমানকৈ মুকুট বা চূড়া এটি থাকে। ইয়াৰ দৰে দেখিবলৈ সাইলাখ একে অন্য এবিধ মাছৰোকা হ'ল ক্ৰেষ্টেড মাছৰোকা (Crested Kingfisher)। এইবিধ চৰাই পখৰা মাছৰোকাতকৈ আকাৰত কিছু ডাঙৰ। এই দুয়োবিধ মাছৰোকাই সাধাৰণতে খৰস্ৰোতা জুৰি বা নৈৰ পাৰত বাস কৰে।  অসমত দেখা পোৱা অন্য প্ৰজাতিবোৰ হ'ল ব্লাইথ মাছৰোকা (Blyth's Kingfisher), বগা-কণীয়া মাছৰোকা (Blue-eared Kingfisher), বাওনা মাছৰোকা (Black-backed Dwarf Kingfisher),  ক'লা-টুপীৰ মাছৰোকা (Black-capped Kingfisher) আৰু ৰঙচুৱা মাছৰোকা (Ruddy Kingfisher)। ইহঁতৰ প্ৰায়বোৰকে মূলত: ডাঙৰ গছ থকা হাবিতলীয়া জান-জুৰিৰ কাষত বা অৰণ্যত দেখিবলৈ পোৱা যায়। 

মাছৰোকাই পিছে মাছৰ বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। জলাশয়ৰ কাষত পোৱা জিঞাঁ, পোক-পৰুৱা, গুবৰুৱা, কেঁকোৰা, বেং, মকৰা আদি ইহঁতৰ প্ৰিয় খাদ্য। মাছৰোকা প্ৰায়ে অকলশৰে থাকে। ইহঁতে নিজৰ থকা ঠাইখন অন্য চৰাইৰ পৰা জোৰদাৰ ৰক্ষা কৰি চলে।বসন্তৰ এনে দিনবোৰত পিছে মাছৰোকাই সংগীৰ সন্ধান কৰে। মতা মাছৰোকাই প্ৰায়ে ঠোঁটত মাছ লৈ মাইকী চৰাইজনীৰ কাষ চাপে। যোৰ পাতিলে দুয়ো মিলি জলাশয়ৰ কাষৰ বালিয়া মাটিত বা গছৰ খোৰোঙত বাহ পাতে। মাইকী মাছৰোকাই বাহত ৩-৬ টা শুভ্ৰ কণী পাৰে আৰু দুয়ো পাল পাতি কণীবোৰ  উমনী দিয়ে। পোৱালীবোৰ তিনি-চাৰি মাহ ধৰি খুৱাই দুয়ো মিলি ডাঙৰ কৰে। 

পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত পখৰা মাছৰোকাই  আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও ওচৰ সম্পৰ্কীয় চৰায়ে পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা পৰিঘটনাটোক সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ গৱেষণাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ চৰাইৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ।

মাছৰোকাৰ এই বৈচিত্ৰ্যময় জীৱনৰ বিভিন্ন দিশকলৈ বৈজ্ঞানিক গৱেষণা চলি আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অসমৰ থলুৱা মাছৰোকা চৰাইবোৰ পৰ্য্যবেক্ষণ কৰি আমি প্ৰকৃতিৰ এই বিনন্দীয়া জগতখন সুবাস ল'ব পাৰোঁ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এখোঁজ আগবঢ়াব পাৰোঁ।

পখৰা মাছৰোকা (Credit- Saumitra Newalkar)



Sunday, 19 March 2023

এলবাৰ্টা ১০২

নৱেম্বৰ, ২০২২

ইতিমধ্যে কানাডাৰ এই এডমণ্টন মহানগৰ বৰফে ঢাকি পেলাইছে। যিফালেই চকু দিওঁ মাথোঁ বৰফৰ শুকুলা দলিচা। অন্য ঠাইৰ দৰে শীতে যেন লাহে লাহে মহানগৰখন গিলিব খোজা নাই। তাতনো কিহৰ মজা! তাৰ সলনি এনিশাতে তাপমাত্ৰা -২০ ডিগ্ৰীলৈ নামিছে। 'ঠাণ্ডা আহি আছে' বুলি কৈ কৈ সাজু হৈ থকা মানুহবোৰো চক খাই উঠিছে।আকৌ পিছদিনাই -৫ ডিগ্ৰী। যেন বতৰটোৱে আমাক জোকাইছে। তাপমাত্ৰাৰ সঘনাই উঠা-নমা কৰি ৰং চাইছে!

অৱশ্যে সেই যে শূন্যৰ তললৈ নামিল তাৰ পৰা পিছে তাপমাত্ৰা আৰু ওপৰলৈ নুঠিল। এবাৰ যি বৰফ পৰিল, সেই বৰফেও গলাৰ নাম নল'লে। তাৰ ওপৰতে পুনৰ বৰফ পৰিল। চৌপাশৰ শুকুলা দলিচাখন ক্ৰমান্বয়ে ডাঠ হৈ গৈ থাকিল।

চুটি হৈ অহা দিনবোৰত দিনৰ পোহৰ দেখা পোৱাই টান হৈ আহিল। মোৰ নতুন অফিচত পুৱা আঠ বাজি পোন্ধৰ মিনিটতে কাম আৰম্ভ হয়। গতিকে আন্ধাৰতে ঘৰৰ পৰা ওলাই বাছ ধৰোঁগৈ। কেতিয়াবা বাহিৰত ধাৰাসাৰ বৰফৰ বৰষুণ দেখি থমকি ৰওঁ। ভাৱোঁ, আজি এই পৰিৱেশত মানুহ কেনেকৈ বাহিৰ ওলাব? গাড়ী-মটৰ কেনেকৈ চলিব?  অফিচ কেনেকৈ হ'ব?

তৰপে তৰপে উমাল কাপোৰৰ মাজত সোমাই বাছত দুলি দুলি গৈ থকা মানুহবোৰে মোৰ আশংকা নোহোৱা কৰি দিয়ে। অহৰহ বাট ভেটি ধৰা বৰফবোৰ স্ন' থ্ৰ'ৱাৰ মেচিনে ঠেলি লৈ যায়। ৰাতিটোৰ ভিতৰতে পোত যাব খোজা গাড়ীৰ খিৰিকী-হুডৰ পৰা বৰফৰ লেপ আঁতৰাই মানুহবোৰ দিহাদিহি ওলায়।

বাচ্‌ আৰম্ভ হৈ যায় এটা নতুন দিনৰ। প্ৰতিকুল বতৰৰ বাবেতো জীৱন ৰৈ নাথাকে। এই ঠাই, ইয়াৰ মানুহৰ বাবে এয়া যেন কেৱল এক প্ৰাত্যহিকতা।  প্ৰত্যেকৰে ধমনীয়ে ধমনীয়ে যেন প্ৰৱাহিত হৈ আছে ঠেঁটুৱৈ লগা জাৰৰ সৈতে সহাৱস্থান কৰাৰ মনোবল আৰু সাহস। তাকে ভৰসা কৰি এডমণ্টনত আৰম্ভ হ'ল মোৰ প্ৰথমটো কেনেডিয়ান শীতৰ ঋতু।


বৰফৰ দলিচাখন


ডিচেম্বৰ, ২০২২

বিশাল অফিচ বিল্ডিংটোৰ এচুকত মই। আজি শুক্ৰবাৰ বুলি যথেষ্ট সকাহ অনুভৱ কৰিছোঁ। সপ্তাহৰ অন্তত যে শনি-দেও দুদিনৰ বিৰতি! 

মাইক্ৰ'ছফট টিমছত আজি দীঘলীয়া অনলাইন মিটিং।কেইখনমান চিনাকি মুখ, বহুতো অচিনাকি নাম আৰু মুখ। সামৰণিত সকলোৱে সপ্তাহৰ শেষ বাবে শুভেচ্ছা জনাইছে। লগতে কৈছে, 'ষ্টে ৱাৰ্ম'! 

হয়তো এই মুলুকত এই পৰিৱেশত সেইটোৱে আটাইতকৈ দৰকাৰী শুভেচ্ছা। এই হাড় কঁপোৱা জাৰত নিজকে উমাল কৰি ৰাখিব পৰাটোৱে ডাঙৰ সফলতা!

মিটিঙৰ শেষত কম্পিউটাৰ বন্ধ কৰি এটা এটাকৈ কাপোৰবোৰ পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। শীত-তাপ নিয়ন্ত্ৰিত অফিচৰ ভিতৰত উমাল কাপোৰ-কানিৰ প্ৰয়োজন নাই। গতিকে অফিচৰ বাহিৰ ওলোৱাৰ পৰতহে সকলোবোৰ গৰম কাপোৰ গাত লওঁ।

'হেভ এ গুড ৱিকেণ্ড।'

মোৰ কাষেৰে পাৰ হৈ যাওঁতে কেথিয়ে ক'লে। কৈয়ে পিছে তেওঁ খন্তেকৰ বাবে ৰৈ গ'ল।

কেথি- আচল নাম কেথেৰিন। মোৰ মেনেজাৰ।  দীঘল লনী দেহৰ এগৰাকী মধ্যবয়সীয়া শ্বেতাংগ মহিলা। কথা-বতৰা আৰু ব্যৱহাৰত সকলো সময়তে পেছাদাৰী সুৰ এটা স্পষ্ট। 

'থেংকছ্‌। আপোনাৰো ৱিকেণ্ড ভালেৰে যাওক।' মই মূৰ তুলি হাঁহি এটাৰে ক'লোঁ।

কেথিয়ে হাঁহিলে। বৰ আমোদেৰে মোলৈ চাই ক'লে,

'তোমাৰ কাপোৰৰ তৰপবোৰ দেখিহে ৰৈ গ'লোঁ। উইণ্টাৰ গিয়েৰ ঠিকেই কিনিছা তুমি।'

মই এই অফিচত জইন কৰাৰে পৰা আৰু এলবাৰ্টাত নতুন বুলি জানিবৰ পৰা সকলোৱে মাজে-মধ্যে মোৰ খৱৰ লোৱা হৈছে। ঠাণ্ডা সহিব পাৰিছোঁনে নাই, উমাল কাপোৰ-কানি-জোতা গোটাই লৈছোঁনে নাই আদিৰ খৱৰ। কেথিও এই সহানুভূতিশীল সহকৰ্মীসকলৰ মাজৰ এগৰাকী। হয়তো মেনেজাৰ বাবে মোৰ প্ৰতি তেওঁৰ এক দায়িত্ববোধো আছে। 

বিৰতিৰ দিন দুটা কেনেকৈ কটাম তাকে লৈ আমি ইটো সিটো পাতিলোঁ। সপ্তাহৰ অন্ত মানেই ইয়াত যেন এক বিশেষ আয়োজন। সপ্তাহৰ পাঁচটা দিন কৰ্মব্যস্ত হৈ থকা মানুহবোৰে শনি-দেওত জিৰণি লয়, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটায়, ফুৰিবলৈ যায়। যেন প্ৰতিটো সপ্তাহৰ অন্তত জীৱন উদযাপন কৰাৰ মহৌষধ হৈ পৰে এই দুটা দিন। 

'কাইলৈ তাপমাত্ৰা এক ডিগ্ৰীলৈকে উঠাৰ কথা। ৰ'দো আছে। গতিকে স্কি কৰিবলৈ যাম বুলি ভাৱিছোঁ। ইমান ভাল বতৰৰ দিন এটা অথলে যাবলৈ দিব নোৱাৰি।' কেথিয়ে ক'লে।

তেওঁ যোৱালৈকে চাই চাই মই থমকি ৰ'লোঁ। 

এক ডিগ্ৰী! ভাল বতৰ! 

যেন মনৰ তুলাচালনীত বহু কথাই খেলিমেলি হৈ পৰিছে। যেন বেজুখীয়া হৈ গৈছে মোৰ অতদিনৰ মাপকাঠিবোৰ। 

নিজকে প্ৰবোধ দিলোঁ, এয়া মাথোঁ নতুন জীৱনৰ এক পৰিৱৰ্ত্তিত দিশ। অন্য সকলোবোৰৰ দৰে এদিন হয়তো মোৰ বাবেও এয়া হৈ পৰিব দৈনন্দিন জীৱন। পৰিৱৰ্ত্তন যে জীৱনৰ এক অংগ!

বৰফ আৰু আন্ধাৰ নেওচি প্ৰতি পুৱা জিলিকি উঠে অফিচৰ কোঠাবোৰ

জানুৱাৰী, ২০২৩

ডাক্তৰৰ ক্লিনিক। ভিতৰ সোমালোঁ যদিও মোৰ গাত তেতিয়াও আঁঠুলৈকে পৰা উমাল কোট।  মূৰত শকত ঊলৰ টুপী, মাফলাৰ। ভৰিত উমাল দুযোৰকৈ মোজা আৰু নোমাল বুটজোতা। হাতত গ্ল'ভছৰ ওপৰতো আকৌ মিটেন। সকলো -৫০ ডিগ্ৰীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা। এই হাড় কঁপোৱা শীতৰ বতৰত মোৰ ইউনিফৰ্মৰ দৰে হৈ পৰা সাজবিধ। 

ডাক্তৰ টাৰিকে খুঁটি-নাতি মাৰি মোৰ আৰু পৰিয়ালৰ ৰোগৰ ইতিহাস টাইপ কৰি গৈছে। মনত পেলাই পেলাই ককা-আইতালৈকে সকলোৰে ৰোগৰ খতিয়ান দিয়াৰ চেষ্টা কৰিছোঁ।

তেওঁৰ মনোযোগ আৰু নম্ৰ কথা-বতৰাই মোক যথেষ্ট আশ্বস্ত কৰিছে। লগতে মোৰ ফেমিলি ডাক্তৰ হ'বলৈ মান্তি হোৱা বাবেও তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছোঁ। সমগ্ৰ কানাডাতে নতুন ৰোগীৰ দায়িত্ব চমজি ল'বলৈ ডাক্তৰৰ নাটনি এতিয়া। আজি কেইবামাহ বিচাৰি বিচাৰি কোনোমতে এই এগৰাকী ফেমিলি ডাক্তৰ পাইছোঁ। তাতে সকাহবোধ। কিন্তু এতিয়াও এইগৰাকী ডাক্তৰৰ বিষয়ে বিশেষ একোৱে নাজানোঁ। 

সকলো সামৰি উঠিবৰ পৰত তেওঁ হঠাতে সুধিলে,

'আজি গৰম পৰিছে নেকি বাৰু?'

'নাইতো, কিয় সুধিলে?'

'মোৰ আগৰ কেইবাজনো ৰোগীয়ে জেকেট- টুপী একো নলগোৱাকৈ অহা দেখিলোঁ। আজি কামৰ ব্যস্ততাত বাহিৰ ওলাবলৈকে সুযোগ পোৱা নাই। সেয়ে ভাৱিলোঁ বতৰৰ আজি ৰূপেই বেলেগ বা। তোমাক দেখিহে খেলিমেলি লাগি গ'ল!'

মোৰ সাঁথৰ ভাঙিল। আচৰিত নহ'লোঁ। বিশেষ নভৱাকৈয়ে ক'লোঁ,

'অঁ, সেইটো কথা। তেওঁলোক সকলো এলবাৰ্টান। মই নহয়!' 

'ময়ো নহয়!' তেওঁ হোহোৱাই হাঁহি উঠিল।

গম পালোঁ ডাক্তৰ টাৰিক মূলত মধ্যপূব দেশীয়। মোৰ দৰে একে সময়তে আহি এলবাৰ্টাত নতুনকৈ থিতাপি লৈছেহি। আহিয়ে ঠাণ্ডাৰ প্ৰতাপত মোৰ দৰেই তেৱোঁ হাবু ডুবু খাইছে।

ক্ষন্তেকতে যেন আমাৰ মাজত এক সৌহাৰ্দ্য গঢ়ি উঠিল। একো নোকোৱাকৈয়ে দুয়ো বুজি পালোঁ এই ঠাইৰ শীতৰ দিনবোৰত নতুন আবাসীৰ সংগ্ৰাম। বুজি পালোঁ বতৰক লৈ, সেই বতৰৰ প্ৰতি স্থানীয়সকলৰ প্ৰতিক্ৰিয়া দেখি হোৱা খেলিমেলিবোৰ। 

'আকৌ লগ পাম তেনে। গুড লাক!' তেওঁ হাঁহি হাঁহিয়ে ক'লে।

'আপোনালৈকো!' হাঁহিমুখেৰে মই বাহিৰ ওলালোঁ।

এলবাৰ্টাত মোৰ নতুন ইউনিফৰ্ম

ফেব্ৰুৱাৰী, ২০২৩

'আজি মোৰ লগত ওলাবানে?' তিলে ইংৰাজীতে সুধিলে। মোৰ চুবুৰীতে বন্ধু মেট- টিগান আৰু সিহঁতৰ ছবছৰীয়া ছোৱালী তিলৰ ঘৰ।

'ক'লৈ?'

'শ্লেডিং কৰিবলৈ?'

অলপ ভাৱিব লগাত পাৰিলোঁ। প্ৰায়ে শনি বা দেওবাৰে তিলে মোক লগ ধৰে। কেতিয়াবা সিহঁতৰ ঘৰলৈ গৈ তাইক সাধু শুনাবলৈ নাইবা তাইৰ সৈতে ঘৰৰ কাষৰ অৰণ্যখনত খেলিবলৈ। 

কিন্তু শ্লেডিং মোৰ বাবে নতুন খেলা! বৰফৰ খেলাত যে মই তেনেই অনভ্যস্ত! তিলৰ উৎসাহ দেখি না কৰিবলৈ বেয়া পাইহে ক'লোঁ,

'ঠিক আছে যাম। মই পিছে কেতিয়াও শ্লেডিং কৰি পোৱা নাই।'

তিলে কিৰিলি পাৰি উঠিল,
'মই শিকাই দিম তোমাক। এক্কেবাৰে সহজ।'

কথামতেই সিদিনা আবেলি আমি মিল নদীৰ পাৰলৈ ওলালোঁ। টিগান আৰু মই পদপথেৰে খোজ দিলোঁ। তিলে বাটৰ কাষৰ বৰফৰ দ'মবোৰেৰে এবাৰ বাগৰি এবাৰ জপিয়াই খেলা কৰি কৰি আমাৰ পিছে পিছে আহিল। তাইৰ লগত নীলা প্লাষ্টিকৰ শ্লেডখন। তাকে দেখি মোৰ সৰুতে টনা তামোলৰ ঢকুৱাখনলৈ মনত পৰিল। যেন একেই খেল, একেই শৈশৱৰ নিৰ্মল আনন্দ। মাথোঁ ভিন্ন যুগ আৰু ভিন্ন পৰিৱেশ!

'এইখনত বহি আমি পাহাৰৰ পৰা কিমান খৰকৈ নামিম চাবা।' তিলে আহল-বহল হাঁহি এটাৰে ক'লে। 

তাইৰ উমাল কাপোৰৰ ওপৰত পেণ্ট আৰু জেকেট একেলগ কৰি বনোৱা এযোৰ এজাৰৰঙী স্ন'চ্যুট। মূৰত উমাল ৰঙা টুপী। মিটেন আৰু বুটছেৰে গোটেইজনী বৰফৰ খেলাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত।

আমাৰ চুবুৰীৰ পৰা দুই মিনিটৰ বাটতে মিল নৈ আৰু দুয়োকাষৰ অৰণ্য। গৈ দেখোঁ লঠঙা এছপেন গছৰ কাঠনি আৰু শুভ্ৰ বৰফৰ দলিচাত শুই থকা নদীৰ দুয়োপাৰ আজি মুখৰিত হৈ পৰিছে। গোটেই চুবুৰীৰে মানুহবোৰ যেন ওলাই আহিছে। দেওবাৰৰ আবেলিৰ ৰ'দজাক গাত লৈ কণমাণিহঁতে ইফালে সিফালে লৰি ঢাপৰি ফুৰিছে। কোনোবাই বৰফৰ সৰু সৰু দ'মবোৰৰ ওপৰত বহি চুঁচৰি দিছে, কোনোবাই গছ এডালতে ওলমিছে, কোনোবাই আকৌ বৰফৰ ঘৰ সাজিছে। মোৰ ভিতৰি অলপ ঈৰ্ষা হ'ল সিহঁতলৈ- এই বয়সত কেনে এক অপূৰ্ব খেলাৰ ঠাই পাইছে সিহঁতে!


তিলৰ খেলাৰ অপূৰ্ব ঠাই

টিগান আৰু তিলক কেইবাজনেও মাত লগালেহি। 

'আজিৰ এই ৰ'দাল আবেলিটো যেন আশীৰ্বাদ হৈ আহিছে!' এজনে বৰ গদ্‌গদ্‌ ভাৱ এটাৰে উচ্চাৰিলে। কৈয়ে তেওঁ বৰফৰ ওপৰেদিয়ে ষ্ট্ৰলাৰৰ মজবুত চকা টানি টানি শিশুটিক আগবঢ়াই নিলে।

'নৈৰ সিটো মূৰত এডোখৰ ঠাই স্কেটিঙৰ কাৰণে আজি বঢ়িয়া হৈ উঠিছে। আমি তালৈকে ওলাইছোঁ।' দুজনী কণমানি ছোৱালীৰ সৈতে খদমদমকৈ পাৰ হৈ যোৱা মাকগৰাকীয়ে ক'লে।

টিগানে সকলোৰে লগত মোকো চিনাকি কৰি দিলে। এনে সুযোগবোৰ তাই যেন কেতিয়াও নেৰে। মই ইয়ালৈ অহাৰে পৰা এই চুবুৰীৰ প্ৰতিঘৰ মানুহৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ দায়িত্ব তাই নিজেই লৈ লৈছে।

'তোমালোক ইমান পুৰণি বন্ধু!' চিনাকি হৈ এজনে ক'লে।

'হয়, হয়। জন্মৰ পিছত তিলক প্ৰথম কোঁচত লোৱা মানুহবোৰৰ ভিতৰত জলিও আছিল!' টিগানৰ কথাত গৌৰৱৰ সুৰ।

সেইজনী তিলৰ সৈতে শৈশৱৰ এই সময়ছোৱা যে আকৌ একেলগে কটাবলৈ পাইছোঁ এই উপলব্ধিটোৱে মোৰ মনটো জুৰাই পেলালে। এই দিনবোৰেইতো এদিন তাইৰ বাবে সোণালী স্মৃতি হৈ পৰিব। গোটেই জীৱন বুকুত লালন কৰিব তাই এইবোৰ মুহূৰ্তৰ সোঁৱৰণি! কিমান মূল্যৱান, কিমান হেপেঁহুৱা এই সময়!

'এইখিনিতে শ্লেডিং ভাল হ'ব।' তিলৰ উত্তেজিত চিঞৰত মোৰ তন্ময়তা ভঙিল।

মূলবাটৰ কাষতে এঢলীয়া এটা লুংলুঙীয়া বাট থিয়কৈ নামি গৈ নৈৰ পাৰ পাইছেগৈ। তললৈ ডিঙি মেলি চাই সন্দেহেৰে ক'লোঁ,

'সঁচাই ইমান ওপৰৰ পৰা নামিব পাৰিম জানো?' 

'পাৰিবা, আহা।' তিলে মোক হাতত ধৰি টানিলে। 'মই তোমাক দেখুৱাই দিম নহয়।'

তিলৰ সৈতে শ্লেডিং
টিগানলৈ চালোঁ। এই কণমানিজনীক থিয় গঁৰাটোৰে তেনেকৈ নামিবলৈ দিব জানো বুলি ভাৱি।

'পাৰিবা, পাৰিবা।' তায়ো তিলৰ লগতে সুৰ মিলাই ক'লে।
'এইখন নৈৰ দুয়োপাৰে হাবিয়ে-বননিয়ে খেলিয়ে তিল ডাঙৰ হৈছে। সেই গঁৰাটোত তাই বহুতবাৰ শ্লেডিং কৰিছে।'

'মোৰ গোটেই জীৱনটো ইয়াতে পাৰ কৰিছোঁ জানা।' তিলে আমাৰ কথা শুনি গম্ভীৰভাৱে ক'লে। 

হাঁহি পেলালোঁ মই। এই ছবছৰীয়া কণমাণিজনীয়ে তাইৰ গোটেই জীৱনৰ কথা কয়!

তিলে ক'লে, 'তোমাৰ ভয় লাগিলে মোক ধৰি ল'বা। মাজতে যে দেখিছা সৌখিনিত বাটটোৱে ভাঁজ লৈছে তাতে এনেকৈ গাটো বেঁকা কৰি শ্লেডখন পোনাব লাগিব।'

তিলে শ্লেডৰ গতি সলাবলৈ কেনেকৈ বেঁকাকৈ হাওলিব লাগিব দেখুৱালে। 

'ঠিক আছে। বুজিলোঁ বাৰু।' মই হয়ভৰ দিলোঁ। 

অগ্যতা তিলৰ পিছফালে শ্লেডখনত বহি ল'লোঁ।

'তেনে ৰেডি?' তাই সুধিলে।

'ৰেডি!'

এইবাৰ গাৰ বলেৰে দুয়ো শ্লেডখন আগবঢ়াই নিলোঁ। 

গঁৰাটোৰ মুখ পাই মই এৰি দিলোঁ নিজকে। হুৰহুৰাই বৰফ ঠেলি শ্লেডখন উৰন্ত গতিৰে নামি গ'ল। হুইইইইইইট!

তিল আৰু মোৰ চিঞৰ-হাঁহি-খিকিন্দালিবোৰ এক হৈ গৈ মিল নৈৰ দুয়োপাৰে ঠেকা খালেগৈ।